মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য

পাতি পইছা, অনা, নয়া পইছা, আজিৰ আৰু তাহানিৰ বস্তুৰ মূল্য

কেইদিনমানৰ আগতে লগৰ কেইজনমানৰ সৈতে এনেয়ে কথা পাতি থাকোতে, তাহানিৰ লগত আজিৰ বয়-বস্তুৰ তুলনামুলক মূল্য সম্পর্কেও কিছু কথা ওলাইছিল । আমাৰ মাজৰ এজনে তাহানিৰ দুটামান বস্তুৰ মূল্য সম্পর্কে কওতে ১৮-২০ বছৰীয়া ল’ৰা দুজনমানেও কান পাতি শুনি আছিল । বিশ্বাস-অবিশ্বাসৰ দোমোজাত সিহতঁৰ চকুকেইটা ডাঙৰ ডাঙৰ হৈ গৈছিল । আমাৰো কিছুমানৰ জানিবলৈ মন যায় আগৰ দিনতবয়-বস্তুৰ মূল্যনো কেনেধৰণৰ আছিল । আমাৰ মাজতো বোধকৰো বহুতৰে পকেটত ৫ পইছাঅথবা ১০ পইছাতকৈ তলৰ মুদ্রা লৈ দোকানত লুজন, মর্টন, চানাচুৰ কিনাৰ অভিজ্ঞতা নাই । এতিয়া কিজানি ১০ পইছা বা তাতোকৈ তলৰ মূদ্রাবোৰ চাবলৈকো কোনোবা সংগ্রহালয়লৈহে যাব লাগিব নেকি । আমি ৫ পইছাতে মর্টন কিনিছিলো, গোল গোল সৰু-সৰু মৰ্টন ১০ পইছাৰে কেইবাটাও কিনি কেইবাজনেও ভাগ কৰি খাইছিলো । মই অৱশ্যে যোৱা শতিকাৰ অষ্টম দশকৰ কথাহে কৈছো। পইছা পইছা কৰি যে আছো, লাহে লাহে পইছা শব্দটোৰো ব্যৱহাৰ বোধকৰো উঠিয়েই যাব নেকি!

 

১৯৫৭ চনৰ এপ্রিল মাহৰপ্রথম দিনটোতে আমাৰ দেশত আজি ব্যৱহাৰ হোৱা দশমিক পদ্ধতিৰ মুদ্রা সমূহৰ প্রচলন হৈছিল । আৰম্ভনিতে ইয়াক ‘নয়া পইছা’ বুলিহে কোৱা হৈছিল । ইয়াৰো আগতে আকৌ ’অনা’ৰ হে প্রচলন আছিল । ‘অনা’, ‘ডাবল অনা’ (মানে দুই অনা), ‘সিকি’ (মানে চাৰি অনা), ‘আধলি’ (দুটা সিকি মিলি এটা আধলি) আৰু ‘টকা’ । এইবোৰৰ বেছিখিনিয়ে তাম আৰু পিতলৰে গঢ়িছিল বুলি কোৱা শুনিছো । মাত্র টকাটোহে একেবাৰে খাটি ৰূপৰ দ্বাৰা নির্মিত আছিল । অৱেশ্যে ‘সিকি’টোত আৰু ‘আধলি’টোত কিছু পৰিমানৰ ৰূপ মিহলি হৈ থকা কথাটো ডাঙৰ সকলৰ মুখত শুনিছিলো । ‘অনা’ৰপ্রচলনৰ পূর্বতে ‘পাতি’ পইছা, ‘ডাবল’ পইছাৰেহে ক্রয় বিক্রয় কৰা হৈছিল ।এইবোৰো বিশুদ্ধ তামেৰে নির্মিত আছিল । ৰজা দিনীয়া ‘পাইন’, ‘পোনেকীয়া’ বোৰটো আছিলেই । সেইবোৰ উঠি গৈহে ‘অনা’ প্রচলিত হৈছিল । এক ‘অনা’ টোক ৬ ৰতিৰ সমান ওজনৰ বাবে ‘অনা’ক ‘ছৰতীয়া’ বুলিও কোনো কোনোৱে কৈছিল ।

১৯৬০ চনৰঅক্ট’বৰ মাহৰ পৰা ‘নয়া পইছা’ শব্দটো উঠাই দি তাৰ ঠাইত অকল ‘পইছা’ বুলিকোৱাৰ আৰম্ভনি হৈছিল । ১৯৫৭ আৰু ১৯৬০ চনৰ মাজত সেই তিনিবছৰ আকৌ পুৰণি মুদ্রা মানে ‘অনা’ৰ প্রচলন থাকি গৈছিল । তাৰ পিছতেই ‘অনা’ৰ প্রচলন একেবাৰে বন্ধ হৈ পৰিল । সেই তেতিয়াই পুৰণি মুদ্রাবোৰ উঠি গৈ আমাৰ আজিৰ পইছা প্রচলিতহৈ আছে । তাকো এতিয়া আমি সৰুতে দেখা আৰু ব্যৱহাৰ কৰা ১ পইছা, ২ পইছা, ৩পইছা, ৫ পইছা, ১০ পইছা, ২০ পইছা, ২৫ পইছা উঠিয়েই গল । এতিয়া থকাৰ ভিতৰত ৫০পইছাটোহে ৰল, এটকীয়া মূদ্রাটো আকৌ আমি এটকা বুলিহে কওঁ । আজিৰ এটকাটোৰো যিহে আকাৰ আৰু ওজন ! ১৫ – ২০ বছৰ আগৰ এটকীয়া মুদ্রা কেইটামান আছে এতিয়াও মোৰ লগত, ১০ টা মান একেলগ কৰি যদি দলিয়াই পঠিয়াই দিয়া হয়, গাত লাগিলে চাল-বাকলি যে যাব সি ধুৰূপ । হয়তো কেঁচা আমো ফর্মুতিয়াব পৰা হ’ব । এতিয়াৰ বোৰ হাতত ললে কাগজৰ টুকুৰাই লৈছো নে অইন কিবাহে লৈছো চকু মেলি চালেহে ধৰিব পাৰি। আকৌ এটকীয়া দুটকীয়া মূদ্রাবোৰো একাকাৰ হৈ যায়, একে যেন দেখি । নতুন দুটকীয়া মূদ্রাবোৰৰটো যিটোহে অবস্থা ক্ষয় গৈ গৈ আগে পিছে একো মণিব নোৱাৰাকৈ সমান হৈ পৰাৰহে যেন দিন গণি আছে । নতুন পাঁচ টকীয়া মূদ্রা বোৰৰো সেই একে অৱস্থা ।

আমাৰ ল’ৰা ছোৱালী বোৰক এইবোৰ কলে হৈছে আৰু‌, অ’ দেউতাই সাজি সাজি ভাল গল্প ক’ব পাৰে দেই । ১ পইছা, ২ পইছাও থাকেনে বাৰু, কি যে বলকি থাকে আৰু অবেশ্যে আমাৰো এটা সময়ত তেনে এটা অৱস্থাই হৈছিল, যেতিয়া সোণৰূপৰ মোহৰৰ কথা শুনিছিলো । ৰূপৰ মোহৰ দেখাৰ সোভাগ্য এবাৰ সৰুতে এঘৰত হৈছিল। দুটামান ৰূপৰ মোহৰ আমাৰো আছিল বোলে, ভালদৰে মূল্য নজনাৰ ফলত আইতাই অইনক দি দিছিল ।

আগতে বয়-বস্তুৰ দাম ইমান কম আছিল… আজিকালি জুই ছাইদাম হ’ল । আগতে বয়-বস্তও উভৈনদী আছিল, আজিকালি আছে জানো সেই দিন । ডাঙৰসকলে লগ হলেই এইবোৰ কথাই মাজে মাজে আলোচনাত ঠাই পায় । সচাকৈয়ে তেনে দিনবোৰ যদি আজিও থাকিলহেতেন । আমাৰ দেউতাহঁতে যে মাহত ৪০০-৫০০ টকাৰে আমাক পঢ়াই-শুনাইও গোটেই পৰিয়ালটোক সুন্দৰ ভাবে চলাই লৈ গৈছিল, ভাবিবলৈকে দেখোন আচৰিত লাগে । উৎসব পার্বণ বোৰটো আছিলেই । প্রকৃততে মূদ্রামূল্য হ্রাসকৰনে ইয়াৰ কাৰন । মুদ্রামূল্য দিনক দিনে হ্রাস হৈয়েই আছে । এতিয়া আমাৰ ক্রয় ক্ষমতাও যথেষ্ট বাঢ়িছে । কিন্তু দুখীয়া মানুহ বোৰৰ অৱস্থা এতিয়াও সেই একেইহৈ আছে ।

মূল্য বাৰু যিয়েই হওঁক, কিমান নির্ভেজাল ভাৱে বস্তুবোৰ আমাৰ পেটত পৰে ? ইয়াত অৱেশ্যে এইবোৰ আলোচনা নকৰো, বস্তুৰ মূল্য সম্পর্কে তুলনামুলক কিছু তথ্যহে দিব বিছাৰিছো । আগৰ দিনত আকৌ অনা, সেৰ এইবোৰৰেহে কিনা বেচা কৰা হৈছিল । গতিকে আজিৰ দিনৰ লগত বুজাত সুবিধা হোৱাকৈ তাৰো এটা আভাস লৈ থও ।

এক সেৰ আজিৰ আমাৰ এক কিলোগ্রামতকৈ প্রায় ৭০ গ্রাম মান কম হ’ব ।
৪০ সেৰ হৈছে এক মোনৰ সমান ।
আকৌ ১ মোন হৈছে ৩৭.৩২ কিলোগ্রামৰ সমান ।
৬৪ পইছাই ১৬ অনা (চাৰি পইছাই এক অনা)।
তাৰ মানে এক অনা হৈছে এটকাৰ চৌষষ্টি ভাগৰ এভাগ পৰিমাণৰ এটা তামৰ মোহৰ ।আৰু আজিৰ হিচাপত যদিও প্রচলন নাই ১৬ অনাত ১০০ পইছা মানে এটকা।

যোৱা শতিকাৰ আৰম্ভনিতে মানে প্রথম দশকতে কিছু বস্তুৰ দাম আছিল এনে ধৰনৰ (সংগ্রহিত তথ্য):
(দেবেশ্বৰ শৰ্মাৰ গ্রন্থ ‘হেৰাই যোৱা দিনবোৰ’ৰ আঁত ধৰি)
লাহী চাউল ২০ সেৰ = এটকা
জুই শলা ২ বাকচত = এপইছা
নিমখ ২ সেৰ = পাঁচ পইছা

সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকাৰ মতে দ্বিতীয় আৰু তৃতীয় দশকত কিছু বস্তুৰ মূল্য আছিল তলত দিয়াৰ মতেঃ
চাউল এক মোনত = তিনি টকা
ডাঙৰ ৰৌ গোটে = দুই বা তিনি টকা
সৰু মাছ এপাছিত = এটকা
গাখীৰ চাৰি সেৰত = এটকা
পঠা একোটাত = এটকা
কণী পাঁচ টাত = এক অনা
জুইশলা দুবাকচত = তিনি পইছা

চতুৰ্থ দশকৰ বস্তুৰ দামৰ আভাসঃ
চাউল এক মোন = ১০-১৫ টকা
দাইল এক সেৰ = ৪-৮ অনা
মিঠতেল এক সেৰ = ১২ অনা
কেৰাছিন তেল এক সেৰ = ৮ অনা
পঠা/খাহীৰ মাংস এক সেৰ = ৬-৮ অনা
পাৰ এযোৰ = ৩-৪ অনা

চতুৰ্থ দশকৰ আৰম্ভনিতে দ্বিতীয় মহাযুদ্ধ চলিছিল । যুদ্ধই বয়-বস্তুৰ মূল্যৰ ওপৰত কেনেদৰে প্রভাৱ পেলাই এই তথ্যটোৱেই কৈ দিয়ে যে বৰপেটাত যুদ্ধৰ আগতে গাখীৰৰ মূল্য আছিল এটকাত ৩২ সেৰ, যুদ্ধৰ শেষ হোৱাৰ পিছত গাখীৰৰ মূল্য বাঢ়িগৈ এটকাত ১০ সেৰকৈহে পোৱা গৈছিল ।

১৯৭০ চনত কিছু বস্তুৰ মূল্য আছিল এনেধৰনৰঃ
লাহী চাউল এক কেঃজিঃ = ১ টকা ৫০ পইছা
মচুৰ দাইল এক কেঃজিঃ = ১ টকা ৩৫ পইছা
ৰহৰ দাইল এক কেঃজিঃ = ১ টকা ৫০ পইছা
নিমখ এক কেঃজিঃ = ১৫ পইছা
চেনী এক কেঃজিঃ = ১ টকা ১০ পইছা
মাংস এক কেঃজিঃ = ৯ টকা
চাহপাত এক কেঃজিঃ = ৬ টকা
জুইশলা এক বাকচ = ১০ পইছা
মিঠাতেল এক লিটাৰ = ৬ টকা ২৫ পইছা

১৯৮১ চনত সেই একেখিনি বস্তুৰ মূল্য আছিল এনেধৰনৰ, এইখিনিতে এটা মন কৰিবলগীয়া কথা যে দশকটোত আগৰ দশকটোতকৈ বস্তু সমূহৰ মূল্য প্রায় দুই-তিনিগুন বাঢ়ি গৈছিল । যেনেঃ
লাহী চাউল এক কেঃজিঃ = তিনি টকা
মচুৰ দাইল এক কেঃজিঃ = ৫ টকা ৫০ পইছা
ৰহৰ দাইল এক কেঃজিঃ = ৫ টকা ৮০ পইছা
নিমখ এক কেঃজিঃ = ১ টকা
চেনী এক কেঃজিঃ = ৬ টকা
মাংস এক কেঃজিঃ = ১৬ টকা
চাহপাত এক কেঃজিঃ = ২০ টকা
জুইশলা এক বাকচ = ২৫ পইছা
মিঠাতেল এক লিটাৰ = ১৫ টকা

২০১২ চনৰ গুৱাহাটীত আগষ্ট মাহৰ বস্তুৰ মুল্যঃ
আইজুং চাউল এক কেঃজিঃ = ২৫-২৭ টকা
জহা চাউল এক কেঃজিঃ = ৪৮-৫০ টকা
মচুৰ দাইল এক কেঃজিঃ = ৭২ টকা
ৰহৰ দাইল এক কেঃজিঃ = ৭৮ টকা
মুগ দাইলএক কেঃজিঃ = ৭৮ টকা
নিমখ এক কেঃজিঃ(পেকেট) = ১৬ টকা
চেনী এক কেঃজিঃ = ৪৪ টকা
মাংস (পঠা/খাহী) = ২৮০ টকা
চাহপাত এক কেঃজিঃ(খোলা)= ১৮০ টকা
জুইশলা এক বাকচ = ২ টকা
মিঠাতেল এক লিটাৰ = ১১০ টকা
আটা এক কেঃজিঃ (পেকেট) = ৩০ টকা

১৯৮৫ চনত গুৱাহাটীৰ ‘অপচৰা’ চিনেমা হলত এটা টিকটৰ সৰ্বোচ্চ মূল্য আছিল ৩টকা ৬০ পইছা । ভাল ‘ফাটাফাটি চিনেমা’ এখনত ‘ব্লেক’ চলিছিল ৫ টকাত ।
২০১২ চনত মানে আজিৰ দিনটোত ‘অপচৰা’ চিনেমা হলত এটা টিকটৰ সৰ্বোচ্চ মূল্য১৫০ টকা । নতুনকৈ হোৱা ‘মাল্টিপ্লেক্স” বোৰৰ টিকটৰ নিৰীখৰ কথা নকলোৱেই যেনিবা ।

১৯৮১ চনৰ গুৱাহাটীৰ এখন ‘ৰেষ্টুৰেন্ট’/ ‘হোটেল’ত এসাজভাত খোৱাৰ নিৰীখ আছিল এনেধৰনৰ (উদাহৰন লৈছো ‘হোটেল টুৰিষ্ট’, পল্টন বজাৰ, গুৱাহাটী)
নিৰামিষ ভাত জনে প্রতি = তিনি টকা
মাছ ভাত জনে প্রতি = চাৰি টকা ৫০ পইছা
পঠাৰ মাংস ভাত জনে প্রতি = পাঁচ টকা

২০১২ চনৰ আজিৰ দিনটোত গুৱাহাটীৰ পল্টনবজাৰৰ ‘মোটামোটি চলি যায়’ ধৰনৰ ‘ৰেষ্টুৰেন্ট’ এখনত এজন মানুহৰ ভাত খোৱাৰ নিৰীখ এনেধৰনৰঃ
নিৰামিষ ভাত জনে প্রতি = ৩৫-৪০ টকা
মাছ ভাত জনে প্রতি = ৫০-৬০ টকা
পঠাৰ মাংস ভাত জনে প্রতি = ৭০-৮০ টকা

বিঃদ্রঃ ওপৰত দিয়া তথ্যসমূহ সংগ্ৰহিত । লগতে নিজৰ কিছু স্মৃতি আৰু দুইএখন পূৰণি আলোচনীৰ পৰাও সহায় লোৱা হৈছে । কিছু তথ্যৰ হয়তো সামান্য ইফাল-সিফাল হ’ব পাৰে ।

লিখক: দিগন্ত যাদৱ শৰ্মা।

3.06818181818
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top