অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়

পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়

জানুৱাৰী মাহ অহাৰ লগে লগে পৰীক্ষাৰ বতাহ চুচুক চামাককৈ ববলৈ ধৰে। জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহত অৱতীৰ্ণ হ’বলগীয়া ল’ৰা ছোৱালী হঁতৰ গাত পৰীক্ষাৰ ভূতে লম্ভিবলৈ আৰম্ভ কৰে। খাৱন শোৱন বাদ দি পঢ়া টেবুলত বহি থকাৰ দিনবোৰ ওচৰ চাপি আহে।

শিক্ষাৰ মূল্যায়নৰ এক মূল পদ্ধতি হ’ল পৰীক্ষা ব্যৱস্থা। এই ব্যৱস্থাৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে পাঠ্যক্ৰমৰ যোগেদি কিমান বিদ্যা আয়ত্ব কৰিব পাৰিলে তাৰেই জোখ মাখ কৰা হয়। আমাৰ প্ৰচলিত পৰীক্ষা পদ্ধতিত অৱশ্যে জ্ঞান অৰ্জনতকৈ মুখস্থ কৰি শিক্ষকে দেখুৱাই দিয়া ধৰণে উত্তৰ লিখাৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিয়া হয় বুলি অভিযোগ আছে। ছাত্ৰ ছাত্ৰীক মৌলিক ভাৱে চিন্তা কৰি সৃষ্টিশীল ভাৱে প্ৰশ্নৰ উত্তৰ কৰিবলৈ সাধাৰণতে শিকোৱা নহয়। সেয়েহে আমাৰ প্ৰচলিত শিক্ষা পদ্ধতিত পৰীক্ষা পাছ কৰাটো বহু সময়ত তথ্য আৰু শিক্ষকে যতনাই দিয়া পাঠ মুখস্থ কৰাৰ ওপৰতে নিৰ্ভৰ কৰে বুলি সাধাৰণতে বিশ্বাস কৰা হয়।

আমাৰ প্ৰচলিত শিক্ষা পদ্ধতিত পৰীক্ষাৰ নম্বৰ ছাত্ৰ এজনৰ জ্ঞানৰ প্ৰকৃত পৰিচায়ক নহয় যদিও পৰীক্ষাত ভাল নম্বৰ পোৱাটো আৱশ্যকীয়, কাৰণ ভৱিষ্যতৰ শিক্ষাৰ বাবে আগৰটো পৰীক্ষাত পোৱা নম্বৰ যোগ্যতাৰ মাপকাঠী হৈ পৰে। এজন ছাত্ৰৰ জ্ঞানৰ পৰিধি যিমানে নহওক কিয়, পৰীক্ষাৰ উত্তৰ বহীত তেওঁ লিখা প্ৰশ্নৰ উত্তৰে পৰীক্ষকক সন্তুষ্ট কৰিব পাৰিব লাগিব। পৰীক্ষাৰ দিনা তিনি ঘণ্টাৰ ভিতৰত তেওঁ এনে এখন উত্তৰ বহী লিখি উলিয়াব লাগিব যিখনৰ মূল্যায়নে পৰীক্ষকৰ চকুত ভাল নম্বৰ পোৱাৰ যোগ্য বুলি বিবেচিত হ’ব।

যিকোনো কামত সাফল্য লাভ কৰিবলৈ হ’লে, কঠোৰ শ্ৰম কৰাটো অনিবাৰ্য। কঠোৰ মানসিক শ্ৰম কৰিবলৈ প্ৰস্তুত থকাটো পৰীক্ষাত ভাল ফল লাভ কৰাৰ পূৰ্বচৰ্ত বুলি ক’ব পাৰি। কিন্তু এই শ্ৰম হ’ব লাগিব গঠন মূলক, নিৰ্দিষ্ট প্ৰণালীবদ্ধ। অন্যথা শ্ৰম অথলে যাবও পাৰে। পঢ়া মেজত ঘণ্টাৰ পিছত ঘণ্টা বহি কষ্ট কৰাৰ পিছতো কিছুমানে ভাল ফল দেখুৱাব নোৱাৰে। ইয়াৰ কাৰণ হ’ল শ্ৰমক সুপৰিকল্পিত ভাৱে আৰু সময়ৰ উচিত ব্যৱহাৰ হোৱাকৈ প্ৰয়োগ কৰাত অসমৰ্থতা। যিকোনো কামত সাফল্য লাভ কৰিবলৈ উপযোগী পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন। পঢ়া শুনাৰ ক্ষেত্ৰটো এয়া প্ৰযোজ্য।

পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়। সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী। শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত। আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়। পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মুৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়। মানসিক ভাৱে নিজকে সষ্টম কৰিবলৈ কিছু সময় যোগাভ্যাস বা ধ্যান কৰাটো অতি জৰুৰী। কিছু সময় প্ৰাৰ্থনা বা পূজা কৰিলেও মানসিক শক্তি পোৱা যায়। আনকি নিৰ্জনতাৰ মাজত কিছু সময় মৌন হৈ, একো চিন্তা নকৰাকৈ কিছু সময় কটালেও ভাগৰুৱা মন সজীৱ হৈ উঠিব পাৰে। মগজু সঠিক ভাৱে কাৰ্যক্ষম কৰি ৰখাত ধ্যান বা মেডিটেচনে বিশেষ ভাৱে সহায় কৰে।

পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে প্ৰতিটো বিষয়ৰ পাঠ্যপুথি খৰচি মাৰি অধ্যয়ন কৰাটো একান্ত বাঞ্ছনীয়। পঢ়ি যাওঁতে মূল মনত ৰাখিব লগীয়া কথাবোৰ কাঠ পেঞ্চিলেৰে বা হাই লাইটাৰেৰে দাগ দি গ’লে পিছত পুনৰবাৰ পঢ়োতে বহুত সুবিধা হয়। প্ৰতিটো পাঠ পঢ়াৰ পিছত পাঠটোৰ মূল কথাবোৰৰ এটা টোকা নিজেই প্ৰস্তুত কৰি লিখি উলিয়াব লাগে। এই টোকাটোৱেই পিছলৈ পাঠটোৰ মূল কথাবোৰ সোৱঁৰাই দিয়াত সহায়ক হয়। প্ৰতিটো পাঠৰে মূল বস্তু হৃদয়ংগম কৰি সেই বিষয়ে মৌলিক ভাৱে চিন্তা চৰ্চা কৰিলে পাঠৰ মূল কথাবোৰ সোনকালে আয়ত্ব কৰিব পাৰি। বিজ্ঞান বা গণিতৰ দৰে বিষয়ত পাঠত থকা কথাবোৰ প্ৰয়োগিক ভাৱে শিকিবলৈ যত্নপৰ হ’ব লাগে। ছপা আখৰতকৈ শব্দ বা ছবিত দেখা কথা মানুহৰ বেছিকৈ মনত থাকে। সেয়েহে পাঠ্যপুথিৰ পাঠৰ পৰা শিকা বিষয়ৰ সংগতি থকা কথা অন্য উত্সৰ পৰা শিকিবলৈ যত্নপৰ হ’ব লাগে। একেটা বিষয়ৰ ওপৰত আন লিখকৰ কিতাপ বা ৰেফাৰেন্স বুক পঢ়িবলৈ যত্নপৰ হোৱা উচিত। এনেবোৰ কামত সম্ভৱ হ’লে বিদ্যালয়ৰ পুথিভঁৰালৰ সহায় ল’ব লাগে। বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ হোৱা আৰু মূল পাঠৰ লগত সংগতি থকা বিষয় সমূহ সংগ্ৰহ কৰি ৰখাৰ অভ্যাস কৰি ৰাখিব লাগে। ৰেডিঅ’ বা টেলিভিচন যোগে মূল পাঠৰ সহায় হোৱা তথ্য সংগ্ৰহ কৰিবলৈ সদায় সতৰ্ক হৈ থাকিব লাগে।

আজি ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বৰ জ্ঞানৰ সাগৰ মানুহৰ হাতৰ মুঠিলৈ আহিছে। ইণ্টাৰনেটত প্ৰতিটো বিষয়ৰ ওপৰত তৈয়াৰ কৰা দৃশ্য শ্ৰব্য অনেক সমল পোৱা যায়। Youtube নামৰ জনপ্ৰিয় ভিডিঅ’ ৱেবচাইটটোত স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালৰ ছাত্ৰ পৰ্যায়লৈ শিকিব পৰা বিভিন্ন বিষয়ৰ শিক্ষা লোৱাৰ ব্যৱস্থা আছে। সেইদৰে আন বহুতো ৱেব চাইটত পাঠৰ লগত সংগতি থকা তথ্য পোৱা যায়। যিহেতু ইণ্টাৰনেটৰ জ্ঞানৰ ভাণ্ডাৰৰ তলি পোৱাটো সহজ নহয়, নিজৰ প্ৰয়োজন অনুসৰি পাঠ এটা আয়ত্ব কৰিবলৈ যিমানখিনি সমলৰ প্ৰয়োজন, সিমানখিনিহে অতিৰিক্ত জ্ঞান ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা উচিত।

পাঠ্যপুথি নপঢ়াকৈ কেৱল নোট জাতীয় পুথিৰ সহায়ত কোনো এটা বিষয়ৰ ওপৰত সম্যক জ্ঞান অৰ্জন কৰা সম্ভৱ নহয়। বজাৰত সহজলভ্য এই পুথিবোৰ পঢ়ি পৰীক্ষা পাছ কৰাৰ চমু বাট বিচৰাটো আচলতে মূৰ্খামি। কথাতে কোৱা হয় যে সাফল্যৰ কোনো চমু বাট নাথাকে। কেৱল এনে নোটপুথি পঢ়ি পৰীক্ষা দিবলৈ গ’লে বহুত সময়ত পানীত হাঁহ নচৰা অৱস্থা হয়। পাঠ্যপুথি ভালদৰে আয়ত্ব নকৰাকৈ কেৱল নোটপুথি পঢ়া ছাত্ৰ এজনে আওপকীয়াকৈ সোধা প্ৰশ্ন এটাৰ জনা উত্তৰ এটাকে লিখিব নোৱাৰে। সেয়েহে পৰা পক্ষত নোট পুথি সমূহৰ ওপৰত নিৰ্ভৰশীল নোহোৱাই ভাল। এনেবোৰ পুথি উত্তৰ লিখাৰ চানেকি সংগ্ৰহৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি।

পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণাৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ। প্ৰশ্নৰ ধৰণ চালি জাৰি চাই নিজৰ বাবে কেনে ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন সেয়া নিজেই বিচাৰি উলিয়াব লাগে। যদি কোনো এটা বিষয়ৰ প্ৰশ্নত সচৰাচৰ গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দিয়া হয়, সেই বিষয়টোত গাণিতিক সমস্যাৰ সমাধান আয়ত্ব কৰাত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। সেইদৰে কোনো কোনো বিষয়ত তত্বমূলক প্ৰশ্নত বেছি গুৰুত্ব দিয়া হয়। আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহৰ প্ৰশ্ন সোধাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ প্ৰস্তুতিৰ কাৰ্যপ্ৰণালী ঠিৰাং কৰি লোৱা উচিত। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে টেষ্ট পেপাৰ আৰু আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সম্বলিত কিতাপবোৰ অতি সহায়ক হয়। পুৰণি প্ৰশ্ন কাকত ব্যৱহাৰ কৰোঁতে পৰীক্ষাত বহাৰ দৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ যত্ন কৰা উচিত।

পৰীক্ষাৰ্থী এজনৰ সাধাৰণতে শুনা এটা অভিযোগ হ’ল পঢ়া কথাবোৰ পৰীক্ষা গৃহলৈ গৈ পাহৰি যায় আৰু মনোমত ধৰণে উত্তৰ লিখিব নোৱাৰে। এটা কথা সত্য যে সকলো মানুহৰে স্মৃতিশক্তি সমান নহয়। কিন্তু নিজৰ প্ৰচেষ্টাৰে স্মৃতিশক্তিৰ উত্তৰণ ঘটাব পৰা যায়। আচলতে প্ৰতিজন মানুহৰে মনত ৰখাৰ পদ্ধতি বেলেগ বেলেগ। কিছুমানে ছপা আখৰ পঢ়িয়েই মনত ৰাখিব পাৰে, কিন্তু আন কিছুমানে চকুৰে দেখা দৃশ্যহে মনত ৰাখিব পাৰে। কিছুমানে মানুহৰ নাম মনত ৰাখিব পাৰে আৰু আন কিছুমানে সংখ্যা মনত ৰখাতহে পাৰ্গত। সেয়েহে কেনে ধৰণৰ কথা মনত ৰখাত সুবিধা হয়, সেই কথা ছাত্ৰ এজনে নিজেই বিচাৰি উলিয়াব লাগে আৰু মনত ৰাখিববগীয়া কথাবোৰ তেনে ঠাঁচলৈ আনিবলৈ চেষ্টা কৰিব লাগে। দৃশ্য মনত ৰখাত পাৰ্গত ছাত্ৰ এজনে হয়তো মনত ৰাখিব লগীয়া কথাবোৰ চাৰ্ট পেপাৰত ধুনীয়াকৈ সজাই লিখি চকুৰ আগত আঁৰি থ’ব পাৰে। সেইদৰে সংখ্যা মনত ৰখাত পাৰ্গত জনে মূল কথাবোৰ বিভিন্ন সংখ্যাৰে সাংকেতিক ভাৱে মনত ৰাখিব পাৰে। এইবোৰ উপায় অৱলম্বন কৰি কিছু পৰিমাণে স্মৰণ শক্তি বৃদ্ধি কৰিব পৰা যায় যদিও একেটা কথাকে বাৰে বাৰে পঢ়াটোৱেই হ’ল  মনত ৰখাৰ  আটাইতকৈ নিৰ্ভৰযোগ্য উপায়। কথাতে কয় বোলে ঘঁহি থাকিলে শিলো ক্ষয় হয়। বাৰে বাৰে চেষ্টা কৰিলে একোটা কথা আমাৰ স্মৃতিত স্থায়ী ভাৱে সঞ্চিত হয় আৰু মনত ৰাখিবলৈ সুবিধা হয়। সেয়েহে একোটা পাঠ নিৰ্দিষ্ট সময়ৰ মুৰত পুনৰ অধ্যয়ন কৰাটো প্ৰয়োজনীয়। পুনৰ পুনৰ অধ্যয়ন আৰু পাঠৰ বিষয়ৰ ওপৰত মৌলিক চিন্তা চৰ্চাৰ যোগেদিহে একোটা বিষয় মগজুত স্থায়ী ভাৱে বাস লয়। একেটা পাঠ বা বিষয়ক সম্পূৰ্ণকৈ মনত ৰাখিব নোৱাৰালৈকে বাৰে বাৰে পঢ়াৰ প্ৰয়োজনীয়তাৰ বাবেই পৰীক্ষাৰ সময়ত কঠোৰ শ্ৰম কৰিবলগীয়া হয়। সকলো সফল ব্যক্তিয়েই এনে শ্ৰমৰ মাজেদিহে সাফল্য অৰ্জন কৰিব পাৰিছে। পৰীক্ষাৰ ঠিক আগ মূহুৰ্তত কোনো নতুন কথা পঢ়িব নালাগে। বৰং আগতে পঢ়াখিনিকে পুনৰ অধ্যয়ন আৰু পুনৰ অনুশীলন কৰাটো দৰকাৰ।

পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল এখন চাফ চিকুণ, চাই ভাল লগা উত্তৰ বহী পৰীক্ষকৰ হাতত জমা দিয়াটো। হাতৰ আখৰ ভাল হ’লে বহীখন দেখিবলৈ ভাল হয়। হাতৰ আখৰ শুৱনি নহ’লেও পৰিপাটীকৈ লিখা, প্ৰতিটো শাৰীৰ মাজত আৰু প্ৰতিটো উত্তৰৰ মাজত ব্যৱধান ৰাখি উত্তৰ কৰা, নম্বৰ দিবলৈ ঠাই এৰি ৰখা বহী এখনে পৰীক্ষকৰ মন আকৰ্ষিত কৰে। বহুতো পৰীক্ষকে বহীখনৰ প্ৰথম দৰ্শনতে পৰীক্ষাৰ্থী জনৰ বিষয়ে এটা ধাৰণা কৰি লয়। বহীখনত উত্তৰ কেইটা লিখা পদ্ধতিতো শুৱনি হ’লে, পৰীক্ষকে পঢ়ি চাবলৈ সুবিধা কৰি দি উত্তৰ লিখিলে প্ৰশ্নৰ উত্তৰ কি লিখিছে নপঢ়াকৈয়ে পৰীক্ষক জনে পৰীক্ষাৰ্থী জনৰ বিষয়ে এটা ভাল ধাৰণা কৰি লয়।পৰীক্ষক এজনে সাধাৰণতে এটা উত্তৰত একোটা নিৰ্দিষ্ট বাক্য বা শব্দৰ সন্ধান কৰে। চতুৰ পৰীক্ষাৰ্থী এজনে পৰীক্ষকৰ সহায় হোৱাকৈ সেই নিৰ্দিষ্ট বাক্য বা শব্দৰ তলত আঁচ টানি দিয়ে। বহু সময়ত পৰীক্ষক এজনে সময়ৰ চাপত প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণকৈ পঢ়ি নাচায়। সেয়েহে পৰিপাটীকৈ লিখা, নিৰ্দিষ্ট শব্দ বা বাক্য পৰীক্ষকৰ চকুত পেলোৱা উত্তৰ বহীৰে সঠিক উত্তৰ নিলিখাকৈও ছাত্ৰ এজনে পৰীক্ষকৰ হাতৰ পৰা কিছু নম্বৰ আজুৰি আনিব পাৰে।

পৰীক্ষাৰ সময় খিনি সঠিক ভাৱে ব্যৱহাৰ কৰাৰ ওপৰতো কৃতকাৰ্যতা নিৰ্ভৰ কৰে। প্ৰশ্ন কাকতখন হাতলৈ অহাৰ পিছত সম্পূৰ্ণ প্ৰশ্ন কাকতখন এবাৰ আৰম্ভণিৰ পৰা শেষলৈ চকু ফুৰাই ল’ব লাগে। প্ৰশ্নত থকা নিৰ্দেশনাবোৰ ভালদৰে পঢ়ি ল’ব লাগে যাতে প্ৰয়োজন নথকা প্ৰশ্নৰ উত্তৰ কৰা নহয়। প্ৰশ্নবোৰ উত্তৰ কৰাৰ ক্ৰম এটা পৰিকল্পনা কৰি ল’ব লাগে যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত আটাইকেইটা লাগতিয়াল প্ৰশ্নৰ উত্তৰ কৰিব পাৰি। হাতঘড়ী ব্যৱহাৰ কৰি প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিবলৈ যত্নপৰ হোৱা উচিত। নিৰ্দিষ্ট সময়ত শেষ নহ’লে উত্তৰ লিখিবলৈ ঠাই এৰি পিছৰ প্ৰশ্নটোলৈ যাব লাগে যাতে পিছত সময় পালে আধৰুৱা উত্তৰ সম্পূৰ্ণ কৰিব পৰা যায়। মুঠতে নিৰ্দিষ্ট সময়ৰ ভিতৰত যিমান পৰি বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰিব লাগে যাতে পৰীক্ষকে নম্বৰ দিবলৈ অধিক ঠাই পায়।

পৰীক্ষাৰ উত্তৰ লিখোঁতে উত্তৰবোৰ যথাযথ আৰু ছুটি হোৱাটো বাঞ্চনীয়। সঠিক উত্তৰ নজনাকৈ এসোপামান বাবেৰিবাং লিখি থৈ আহি নম্বৰ পোৱাৰ আশা কৰিব নালাগে। তেনে কৰিলে পৰীক্ষা গৃহত সময়ৰ অপচয় হয় আৰু পৰীক্ষক জন বিতুষ্ট হয়। সেয়েহে ভালদৰে জনা প্ৰশ্নৰ উত্তৰ সমূহ আগতীয়াকৈ কৰিব লাগে যাতে ভালদৰে নজনা প্ৰশ্নবোৰ চিন্তা কৰি উত্তৰ কৰিবলৈ পিছত সময় পোৱা যায়। প্ৰশ্নৰ উত্তৰ কৰোঁতে প্ৰয়োজন সাপেক্ষে যথোপযুক্ত চিত্ৰ প্ৰয়োগ কৰিব লাগে আৰু চিত্ৰ সমুহৰ সঠিক নামাকৰণ কৰিব লাগে। উদাহৰণ স্বৰূপে ভূগোলৰ প্ৰশ্নৰ উত্তৰ কৰোঁতে প্ৰয়োজন সাপেক্ষে মানচিত্ৰ আঁকি উত্তৰ কৰিব লাগে। সেইদৰে বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ কৰোঁতে ছবি আঁকি বুজাই দিবলৈ চেষ্টা কৰিব লাগে। তেনে কৰিলে আন ছাত্ৰৰ তুলনাত অধিক নম্বৰ পোৱাত সহায়ক হয়।

এখন প্ৰশ্ন কাকতৰ উত্তৰ কৰা হোৱাৰ পিছত যিখিনি সময় পোৱা যায়, সেইখিনি সময়ত প্ৰশ্নৰ উত্তৰবোৰ আকৌ এবাৰ চকু ফুৰাই চাব লাগে। সদায় অন্তত: দহ মিনিট সময় পুনৰীক্ষণৰ বাবে থবলৈ পৰিকল্পনা কৰিব লাগে। তেনে কৰিলে ল’ৰা ল’ৰিৰ কোবত ৰৈ যোৱা আসোঁৱাহ, আধৰুৱাকৈ এৰি অহা উত্তৰ, বানানৰ ভুল আদি চকুত পৰে। সম্ভৱ হ’লে সেইবোৰ ততাতৈয়াকৈ শুধৰাবৰ চেষ্টা কৰিব লাগে। খৰকৈ লিখাৰ বাবে কেতিয়াবা প্ৰশ্নবোৰৰ ক্ৰমাংক সঠিক ভাৱে দিয়া নহয়। বহীখন পৰীক্ষকৰ হাতত জমা দিয়াৰ আগতে সঠিক ক্ৰমাংক মতে উত্তৰ হৈছেনে নাই সেয়া সুনিশ্চিত কৰা দৰকাৰ। খৰখেদাকৈ উত্তৰ কৰাৰ বাবে ৰৈ যোৱা এনে বিসংগতি সমূহৰ বাবে বহুতো ছাত্ৰই আপুৰুগীয়া নম্বৰ হেৰুৱাব লগীয়া হয়।

শেষত পৰীক্ষাৰ প্ৰতি ভয় নকৰি এক ইতিবাচক মনোভাৱ লৈ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিব লাগে। পৰীক্ষা ছাত্ৰ এজনে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ এক সুৱৰ্ণ সুযোগ বুলি গণ্য কৰা উচিত। পৰীক্ষাৰ ফলাফলক লৈ উদ্বিগ্ন নহৈ নিজৰ কৰ্তব্য সুচাৰু ৰূপে পালন কৰাত মনিনিৱেশ কৰাটোহে অধিক প্ৰয়োজনীয়। পৰীক্ষাত ভাল ফলাফল নিৰ্ভৰ কৰে পৰীক্ষাৰ বাবে নিজকে ভালদৰে সাজু কৰাৰ ওপৰতহে। ছাত্ৰ এজনে নিজকে ভালদৰে সাজু কৰিব পাৰিলে পৰীক্ষা গৃহত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাত কোনো সমস্যা হ’ব নালাগে।

দিপাংকৰ বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate