অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুলৰ টাব

ফুলৰ টাব

এদিন ৰাতিপুৱা, দীপুৱে টোপনিৰ পৰা উঠি আহি মাকক বিচাৰি বিচাৰি বাগিছাখনৰ ফালে খোজ ল’লে। ৰং-বিৰঙৰ ফুলেৰে ভৰা সুন্দৰ বাগিছা। টাবত সজাই ৰখা বিভিন্ন ৰকমৰ ফুল, সেউজীয়া ঘাঁহ-বনবোৰ দেখি সি বৰ ভাল পায়।

দীপুৰ মাকে বাগিছাখনৰ খুব যত্ন লয় আৰু সেইবাবেই প্ৰতিজোপা ফুল লহপহকৈ বাঢ়িছে। সিদিনাও এজোপা নতুন ফুলৰ পুলি টাবত ৰুই দি বাগিছাৰ অলাগতিয়াল ঘাঁহ-বনবোৰ চিকুনাই আছিল।

‘কিন্তু মাৰ ওপৰত মোৰ খং উঠে। এপাহ ফুলো ছিঙিবলৈ অনুমতি নিদিয়ে। যেতিয়াই মাক সোধো যে এপাহ ফুল ছিঙোনে! তেতিয়াই তেওঁ টপক্‌কৈ কৈ উঠে- নিছিঙিবা। ফুলৰো জীৱন আছে। ফুল ফুলি থাকিলে দেখি ভাল লাগে.....’ ইত্যাদি ইত্যাদি। এইবুলি দীপুৱে কথাষাৰ মনতে ভাবিলে। মাকে টাবত ফুল ৰুই থকা দেখা পাই সিও আগ্ৰহেৰে ক’লে-মা, ময়ো এডাল ফুলৰ গছ ৰুই দিও দিয়ানা।

নিশ্চয় দিম। কিন্তু আগেয়ে তুমি মুখ-হাত ধোৱাগৈ। কামত ব্যস্ত থাকিয়ে মাকে দীপুক আদেশ কৰিলে।

নহ’ব। এতিয়াই ৰুবলৈ দিব লাগিব। মোকো ভাল টাব এটা দিয়াচোন।

কিন্তু এতিয়া যে টাব এটাও খালি হৈ থকা নাই। ঠিক আছে, আজি সন্ধিয়া তুমি মোৰ লগত বজাৰলৈ ওলাবা আৰু নিজৰ পছন্দমতে টাব লৈ আহিবা। হ’বনে! মাকে সুধিলে।

কথাষাৰ শুনি দীপুৱে ভালেই পালে। ক’লে-হ’ব মা, মই নিজে পছন্দ কৰি টাব আনি ফুল ৰুই থ’ম। এইবুলি কৈ সি হাত মুখ ধুবলৈ গ’ল।

সন্ধিয়াপৰত দীপুৱে মাকৰ লগত টাব কিনিবলৈ গ’ল। দূৰৈৰপৰাই টাববোৰ দেখি সি মাকৰ হাতৰ মুঠিৰ পৰা নিজৰ হাতখন এৰুৱাই দোকানৰ  পিনে খোজ ল’লে আৰু চাৰিওফালে ঘূৰি ঘূৰি চাই নিজৰ পছন্দৰ টাব বিচাৰিব ধৰিলে। তেনেতে তাৰ চকুত পৰিল ঘূৰি থকা এবিধ বস্তুৰ ওপৰত।

দীপুৱে মাকৰ ওচৰ চাপি আহি লাহেকৈ সুধিলে-সেইটো কি বস্তু মা, চোৱাচোন নিজে নিজে ঘূৰি আছে!

দোকানীজনে ক’লে-এইটো চাক (মাটিৰ বাচন গঢ়োৱা কুমাৰৰ চাক)। ইয়াতেই মাটি তুলি দি আমি টাব তৈয়াৰ কৰো।

কিন্তু কেনেকৈ? দীপুৱে আচৰিত হৈ সুধিলে।

দোকানীজনে তেতিয়া ওচৰতে পৰি থকা মাটি অলপমান চাকত তুলি দিলে আৰু হাতেৰে তেওঁ আকাৰ এটি দি টাব তৈয়াৰ কৰি দেখুৱালে।

বা:! ইমান সোনকালে টাব তৈয়াৰ কৰিব পাৰি। দীপুৱে উৎসাহিত হৈ হাত চাপৰি বজাব ধৰিলে।

আচৰিত দেই। টাব তৈয়াৰ কৰোতে ইমান কম সময়ৰ প্ৰয়োজন। দীপুৰ মাকে হায়ৰাণ হৈ কথাষাৰ ক’লে।

নহয় বাইদেউ, টাব এটা তৈয়াৰ কৰোতে সময় লাগে। প্ৰথমে, ইয়াত ব্যৱহাৰ কৰা মাটিখিনি পৰীক্ষা কৰি চালনিৰে চালি, পানী মিহলাই ৰাখিব লাগে। পিছত সেইবোৰ ভৰিৰে গছকি-গছকি মলা হয়। এই কামখিনি কৰোতে বহুখিনি সময়ৰ প্ৰয়োজন হয়।

ককা, তুমি এই টাববোৰ ৰ’দত শুকুওৱা নেকি? এইবুলি দোকানীজনে হাতত লৈ থকা টাবটোলৈ আঙুলিয়াই দেখুৱাই দীপুৱে প্ৰশ্ন কৰিলে।

অ’ প্ৰথমে ৰ’দত শুকুৱাই লৈ পিছত ভাতীত পুৰি লওঁ। এনে কৰিলে টাববোৰ মজবুত হয়। ইচ্ছা কৰিলে ৰঙো দিব পৰা যায়।– দোকানীজনে ক’লে।

টাববোৰ কেৱল মাটিৰে কিয় তৈয়াৰ কৰা হয়? দীপুৱে প্ৰশ্ন কৰিলে।

দোকানীজনে ক’লে- কেৱল মাটিৰে নহয়, আজিকালি প্লাষ্টিক আৰু চিমেন্টৰো টাব তৈয়াৰ কৰা হয়। কিন্তু মাটিৰ টাবেই সকলোতকৈ ভাল; কিয়নো মাটিত সৰু সৰু ছিদ্ৰ থাকে। ইয়াৰ দ্বাৰা বিশুদ্ধ বতাহ চলাচল কৰিব পাৰে, যি কাৰণত টাবৰ মাটি-পানী ভাগ সোনকালে ঠাণ্ডা হয় আৰু গছ পুলিটো সজীৱ হৈ থাকে।

ঠিক তেনেতে সুন্দৰ টাব এটাৰ ওপৰত দীপুৰ চকু পৰিল। সি ক’লে-মা, ফুল ৰুবলৈ মোক এই টাবটোৱেই লাগিব।

দীপুৰ কথামতে দোকানীজনে সেই নিৰ্দিষ্ট টাবটো উলিয়াই আনিলে। সঁচাকৈয়ে সুন্দৰ টাব। টাবটোৰ ওপৰৰ অংশত ধুনীয়া অলংকৰণ কৰা আছে।

কিন্তু-এই টাবটোতো বিন্ধা আছে। মই নলওঁ দেই। টাবটো চাই-চিতি দীপুৱে কৈ উঠিল।

তাৰ কথা শুনি মাকৰ লগতে দোকানীজনেও হাঁহিব ধৰিলে।

মাকে বুজালে-প্ৰত্যেকটো টাবতে বিন্ধা থাকে দীপু। এই বিন্ধাটো ৰখা হয় টাবৰ অদৰকাৰী পানীভাগ বাহিৰ ওলাই যোৱাৰ কাৰণে, যাতে গছডাল নপচে।

কিন্তু এই মাটিৰ টাববোৰ দেখোন কিছুদিন ব্যৱহাৰ কৰাৰ পাছতে নষ্ট হৈ যায়। এইবুলি দোকানীজনক উদ্দেশ্যি দীপুৰ মাকে অভিযোগ কৰিলে।

দোকানীজনে তেতিয়া ক’লে- টাববোৰ নষ্ট হ’ব ধৰিলে আপুনি ঘঁহি ঘঁহি চাফ কৰিব পাৰে। তাৰ পিছত ব্ৰাছ বা কাপোৰেৰে যিকোনো এটি ৰং দি ল’ব পাৰে। দেখিব, টাববোৰ নতুন যেন লগা হ’ব। এই ধৰণে অলপমান যতন কৰিলে একোটা টাব বহু বছৰলৈ ৰাখিব পৰা যায়।

হয় নেকি! এয়া আপুনি বৰ ভাল কথা কৈছে। মই আকৌ নষ্ট হৈ যায় আগেয়ে বহুবাৰ টাব সলাইছিলো।

মা, এতিয়া যাওঁ ব’লা। দীপুৱে টাব লৈ ঘৰলৈ যাবলৈ তৎ নাইকিয়া হ’ল।

অ’ ব’লা। দোকানীজনৰ প্ৰাপ্য পইচাকিটা দি তেওঁলোকে ঘৰমুৱা হ’ল।

দীপুৱে নিজৰ টাবটোত ৰঙা গোলাপৰ ডাল এটা ৰুই দি নিয়মীয়াকৈ সাৰ-পানী দি থাকিল। কেইদিনমানৰ ভিতৰতে গছজোপা ফুলেৰে জকমকীয়া হৈ পৰিল। সুন্দৰ টাবটোৰে সৈতে ফুলেৰে ভৰি পৰা গোলাপজোপা দেখি সকলোৰে ভাল লাগিল। দীপুও আনন্দিত হ’ল।

এদিনাখন দীপুৰ ভনীয়েক নীলাই ক’লে- ককাইদেউ, মই এপাহ ফুল ছিঙি আনোনে?

নিছিঙিবা। দীপুৱে পুনৰ ক’লে-ফুল ছিঙা উচিত নহয়। ফুলৰো জীৱন আছে। চোৱাচোন, বতাহত হালি-জালি থকা ফুলেৰে ভৰা গছজোপা দেখি কিমান ভাল লাগিছে! এইবুলি দীপু আৰু মাকে খিল্‌খিলাই হাঁহিব ধৰিলে।

লেখিকা: ৰীণা দেৱী।

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top