মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / বিজ্ঞানৰ ইতিহাস: প্ৰাক-ঐতিহাসিক যুগত বিজ্ঞানৰ বিকাশ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানৰ ইতিহাস: প্ৰাক-ঐতিহাসিক যুগত বিজ্ঞানৰ বিকাশ

প্ৰাক-ঐতিহাসিক বিজ্ঞান বুলি কওঁতে প্ৰথম দৃষ্টিত দুটা পৰস্পৰবিৰোধী শব্দৰ সমষ্টি আমাৰ চকুত পৰে, কাৰণ আচৰণগত আৰু শাৰীৰিকভাৱে মানৱ প্রজাতিয়ে

বিৱৰণ

প্ৰাক-ঐতিহাসিক বিজ্ঞান বুলি কওঁতে প্ৰথম দৃষ্টিত দুটা পৰস্পৰবিৰোধী শব্দৰ সমষ্টি আমাৰ চকুত পৰে, কাৰণ আচৰণগত আৰু শাৰীৰিকভাৱে মানৱ প্রজাতিয়ে আধুনিক মানৱৰ ৰূপ পোৱাৰপৰা বুৰঞ্জীৰ লিপিবদ্ধকৰণ আৰম্ভ হোৱাৰ সময়লৈকে এই বিস্তৃত যুগটোকে প্ৰাক-ঐতিহাসিক যুগ বুলি কোৱা হয় অথবা আমাৰ সাধাৰণ জ্ঞান অনুযায়ী সেই সময়ৰ কথা বুজো, যি সময়ত মানৱ জাতি অজ্ঞানতা আৰু আদিমতাৰ আন্ধাৰত বুৰ গৈ আছিল আৰু মানৱীয় বুদ্ধিমত্তাৰ স্তৰ তেনেই নিম্ন আছিল৷ আনহাতেদি, বিজ্ঞানৰ বিকাশ বুলি ক'লে সভ্য মানৱৰদ্বাৰা প্ৰাকৃতিক পৰিঘটনাৰ বৈজ্ঞানিক বিশ্লেষণ আৰু তাৰ আলমত হোৱা নিত্য-নতুন আৱিষ্কাৰৰ কথা মনলৈ আহে৷ কিন্তু অলপ গভীৰভাৱে বিশ্লেষণ কৰিলে এটা সত্য  পোহৰলৈ আহে যে কোনো এক নিৰ্দিষ্ট সময়ৰপৰা সভ্যতা আৰু বিজ্ঞানৰ বিকাশ আৰম্ভ হোৱা নাছিল৷ অর্থাৎ ইতিহাসে ঢুকি পোৱা সময়ৰ বহু আগৰেপৰাই মানুহ সভ্য আৰু জ্ঞানমুখী হ'বলৈ আৰম্ভ কৰিছিল৷ ইয়াৰ সমান্তৰালভাৱেই বিজ্ঞানৰ বিকাশমুখী যাত্ৰাও আৰম্ভ হৈছিল৷ গতিকে প্ৰাক-ঐতিহাসিক বিজ্ঞানৰ বিকাশ বুলি ক'লে প্ৰাক-মানৱৰ সময়ৰপৰা ইতিহাসে ঢুকি পোৱা সময়লৈকে বিজ্ঞানৰ যি বিকাশ ‌হৈছিল তাকেই বুজোৱা হয়৷ এই বিষয়ত এটা পৰিষ্কাৰ ধাৰণা পাবৰ বাবে আমি নিজকে সুধিব লাগিব, বিজ্ঞান মানেনো কি? আমাৰ চৌপাশে বিজ্ঞান শব্দটো যিধৰণে ব্যৱহাৰ হোৱা দেখা যায় তাৰপৰা বিজ্ঞানৰ প্ৰকৃত সংজ্ঞা বিচাৰি পোৱা নাযায়৷ তথাপিতো উত্তৰটো ইমান কঠিনো নহয়৷ বিজ্ঞান বুলি ক'লে সৰ্বপ্ৰথমে আমি পৰ্যবেক্ষণৰপৰা সংগ্ৰহ কৰা জ্ঞানৰ কথা বুজো৷ দ্বিতীয়তে, সেই জ্ঞানৰ শ্ৰেণী বিভাজন কৰাৰ লগতে সাধাৰণ আৰু মূল নীতিৰ শৃংখলাবদ্ধ বিকাশ হোৱাটোকে সূচায়৷ হার্বাৰ্ট স্পেনচাৰৰ মতে বিজ্ঞান হ'ল সংঘবদ্ধ জ্ঞান৷

এই কথা স্পষ্ট যে আদিম সময়ৰপৰাই মানুহে প্ৰকৃতিক ওচৰৰপৰা পৰ্যবেক্ষণ কৰি আহিছে৷ কিন্তু এই কথা আমি নিশ্চিতকৈ কৈ দিব নোৱাৰো যে প্ৰতিজন পৰ্যবেক্ষকেই তেওঁ আহৰণ কৰা জ্ঞানসমূহ শ্ৰেণী বিভাজন কৰিব পাৰিছিল অথবা জ্ঞানসমূহ শংখলাবদ্ধভাৱে সংগ্ৰহ কৰিব পাৰিছিল৷ কিন্তু অলপ ৰেখাপাত কৰিলেই পৰ্যবেক্ষণ আৰু জ্ঞানৰ শ্ৰেণী বিভাজন অথবা সংঘবদ্ধতাৰ মাজৰ ওচৰৰ সৰ্ম্পক এটা চকুত পৰে৷ আনহাতেদি, চৌপাশৰ অচিনাকি পৰিঘটনাসমূহ আগ্ৰহেৰে পৰ্যবেক্ষণ কৰাৰ একক সত্তাৰ গুণ বা মানসিকতাতকৈ তেনেধৰণৰ পৰ্যবেক্ষণৰপৰা আহৰণ কৰা উপলব্ধিসমূহ বেছিকৈ প্রভাৱশালী হয়৷ উদাহৰণস্বৰূপে, এটা পহুৱে এখন হাবিৰ মাজেৰে পাৰ হৈ যাওঁতে যদি হঠাতে এটা গোন্ধ পায় তেতিয়া তাৰ মনত এটা ধাৰাবাহিক ধাৰণাৰ উদ্ৰেক হয়৷ আৰু যদিহে সেই পহুটো কম বয়সীয়া হয়, তেন্তে তাৰ অভিজ্ঞতাৰপৰা এই কথা কোনোপধ্যেই আৱিষ্কাৰ কৰিব হয়তো নোৱাৰিব পাৰে যে সেই গোন্ধটো এটা বাঘৰ হয়৷ আৰু বাঘ এটা ভয়ানক জন্তু। তেতিয়া পহুটো আঁতৰি নগৈ একে ঠাইতে ৰৈ থাকিব আৰু তাৰ ফলত হয়তো সি বাঘৰ আক্রমণৰ বলি হ’ব।যদি কেনেবাকৈ সেই পহুটো বাঘৰ আক্রমণৰপৰা বাচি আহিব পাৰে তেতিয়া হয়তো সি সেই ঘটনাটোৰপৰা পিছৰ পর্যায়ত এটা অভিজ্ঞতাকৃত আত্মৰক্ষাৰ জ্ঞান আহৰণ কৰে যে তাৰ জীৱনৰ পৰৱৰ্তী পর্যায়ত তেনে একেই গোন্ধ এটা পালে অনুভৱ কৰিব পাৰিৱ যে সেই গোন্ধটো এটা ভয়ানক জন্তুৰ, গতিকে তাৰপৰা আঁতৰি যোৱাই উচিত হ'ব৷ অতীতত লাভ কৰা অভিজ্ঞতাৰপৰাই পহুৱে পৰ্যবেক্ষণমূলক সেই জ্ঞান আহৰণ কৰে যে পিছৰ পর্যায়ত কেৱল গোন্ধ পালেই বিপদজনক জন্তুৰপৰা আঁতৰি থকাৰ সিদ্ধান্ত ল'ব পাৰে৷ আৰু সেয়াই সেই বিশেষ প্ৰজাতিটোৰ বাবে সেই বিশেষ পৰিঘটনা পৰ্যবেক্ষণৰপৰা আহৰণ কৰা নীতি, তাকে সেই পৰ্যায়ৰ বৈজ্ঞানিক বিকাশ বুলিব পাৰি৷ পহুটোৱে বিজ্ঞানৰ জ্ঞান সংঘবদ্ধ কৰিব নোৱাৰে, কিন্তু অভিজ্ঞতাৰপৰা আহৰণ কৰা জ্ঞানৰ ব্যৱহাৰ কৰিব পাৰে, সেই বিজ্ঞান আৰু বৰ্তমানৰ আমাৰ দৃষ্টিত বিজ্ঞানৰ মাজত বহুত দূৰত্ব থাকিব পাৰে, অথবা পহুটোৱে বিকাশ কৰা বিজ্ঞানসুলভ মূলনীতি আৰু নিউটনৰ দৰে বিজ্ঞানীৰ পৰীক্ষালদ্ধ মূলনীতি মানগত ভিত্তিত বেলেগ স্তৰৰ হ'ব পাৰে। কিন্তু পহুটোৰ প্ৰজাতিৰ বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত সেয়াই বৈজ্ঞানিক আহৰণ, যদিও মানৱীয় দৰ্শন, বুদ্ধিমত্তাতকৈ নিম্নখাপৰ অথচ সেয়াও নিভাঁজ বিজ্ঞানকৃত জ্ঞানৰ ফলেই হয়৷ আনহাতে, এই কথা কোনেও নুই নকৰে যে যিবিলাক প্ৰাণীয়ে নিজৰ চৌপাশৰপৰা বিজ্ঞানৰ জ্ঞান আহৰণ কৰি নিজকে পৰিৱৰ্তিত সময় আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত খাপ খুৱাব নোৱাৰে সেইবোৰ জীৱই শীঘ্ৰেই তাৰ ফল ভুগিবলগা হয়৷

ইতিহাসে ঢুকি পোৱা সেই সময়খিনিৰ আগৰপৰাই নিয়মীয়াকৈ মানৱ জাতিয়ে বিকাশৰ এটা গতিপথ নিৰ্ণয় কৰি লৈছিল, সামাজিক জীৱন গ্ৰহণ কৰাৰ পিছৰেপৰাই মানুহে এক সভ্য আৰু শৃংখলিত জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰতিটো উপাদান আহৰণ কৰিছিল৷ আমি জানো যে প্ৰস্তৰ যুগতেই মানুহে বনৰীয়া প্ৰাণী ঘৰচীয়া কৰি ব্যৱহাৰ কৰিব পাৰিছিল আনকি ভূমি ব্যৱহাৰ কৰি কৃষিকৰ্মৰ পাতনি মেলিছিল৷ পৰৱৰ্তী সময়ত সন্দেহাতীত শ্ৰম, ত্যাগ আৰ যন্ত্ৰণা পাৰ কৰি মানুহে ধাতুৰ আহৰণ তথা ব্যৱহাৰ, ব্ৰঞ্জৰপৰা সামগ্ৰী নিৰ্মাণ অথবা লোৰ ব্যৱহাৰ কৰাৰ জ্ঞান আহৰণ কৰিছিল৷ অতুলনীয় কৌশলগত জ্ঞানৰ গৰাকী হৈ সেই যুগতেই মানুহ ভাল কাৰিকৰ হ'ব পাৰিছিল৷

নিজতকৈ বহুগুণে আকাৰত ডাঙৰ প্ৰাণীক বধিব পৰা নিখুঁত কাঁড়, অথবা আদিম মানৱে প্ৰকৃত ব্যৱহাৰিক বিজ্ঞানৰ উন্নত মূলনীতি নজনাকৈ, নুবুজাকৈ নিৰ্মাণ কৰা কুঠাৰ অথবা ব্ৰঞ্জৰ কটাৰী নিশ্চয়কৈ সেই কৌশলপূৰ্ণ কাৰিকৰী জ্ঞানৰ বাহক৷ বিজ্ঞানৰ জটিল মূলনীতি সর্ন্দভত অবোধ হৈ ৰ'লেও তেওঁলোকে সেই সম্পদবোৰৰ ব্যৱহাৰিক মূল সন্দৰ্ভত নিজৰ পৰ্যবেক্ষণৰপৰা ক্ৰমান্বয়ে যি জ্ঞান আহৰণ কৰিছিল সেই বিষয়ে বিশ্লেষণ কৰাটো বিজ্ঞানৰ বিকাশৰ প্ৰকৃত গতিপথ অধ্যয়নৰ বাবে অতি প্ৰয়োজনীয়৷

এই কথা গ্ৰহণ কৰা আৰু বুজি পোৱাটো প্ৰয়োজনীয় যে আদিম মানৱে আহৰণ কৰা সেই জ্ঞান অথবা কলাসমূহ সন্দৰ্ভত আমি এটা যৌক্তিক অনুমানহে কৰিব পাৰো৷ আমি সেই বিকাশৰ এটা প্ৰকৃত লেখ অংকন কৰিব নোৱাৰো, অথবা নিশ্চয়কৈ ক'ব নোৱাৰো যে সেই সময়খিনিৰ সন্ধানসমূহ অথবা আৱিষ্কাৰসমূহ কোনে, কেতিয়া কেনেকৈ কৰিছিল৷ তাৰেই কিছু অংশ মানুহে পিছৰ আদিম সময়ৰ আগৰ অ-মানৱীয় অৱস্থাৰ পৰা বংশগতি সূত্ৰে (উল্লেখ্য যে এটা প্রজন্মৰপৰা সেইখিনি গুণহে পিছৰ প্ৰজন্মলৈ যায় যিখিনি গুণ বা লক্ষণ জিনত সঞ্চিত হৈ থাকে, জীৱন কালত আহৰণ কৰা অভিজ্ঞতালব্ধ জ্ঞান বা আচৰণ বংশগতি সূত্রে প্রৱাহিত নহয়) পোৱা আৰু বাকীখিনি নিজেও তুলনামূলকভাৱে এক উন্নত অৱস্থা পোৱাৰ পিছত আহৰণ কৰে৷ কিন্তু ওপৰত উল্লেখ কৰা সেই বিজ্ঞানৰ আদিম মূলনীতিসমূহ নিশ্চয়কৈ মানৱ জাতিয়ে ইজিপ্ট সভ্যতা অথবা বেবিলনৰ সভ্যতাৰ আগতেই আহৰণ কৰা জ্ঞানৰ অংশ৷ ইতিহাসে ঢুকি পোৱা সময়ৰ আগলৈকে মানৱজাতিয়ে কিদৰে প্ৰাকৃতিক পৰিঘটনা অথবা প্ৰকৃতি দৰ্শনৰপৰা বৈজ্ঞানিক চিন্তাপুষ্ট জ্ঞান আহৰণ কৰি জ্ঞানৰ বিকাশ ঘটাইছিল|

কেইটামান আনুমানিক দৃশ্যপট:

১. আদিম মানৱে হয়তো অনুমান কৰিছিল যে পৃথিৱীখন চেপেটা আৰু অসীমলৈ ইয়াৰ পৰিধি বিস্তৃত অর্থাৎ পৃথিৱীৰ কোনো সীমা নাই, আৰু ইয়াৰপৰাই তেওঁলোকে সেই স্তৰৰ অসীমতাৰ ধাৰণা আহৰণ কৰিছিল৷ কিন্তু সেই অসীমতাৰ ধাৰণা আৰু বৰ্তমানৰ আধুনিক গণিতৰ অসীমতাৰ ধাৰণাৰ মাজত প্ৰভেদ আছে৷ সদায় দেখি থকা চেপেটা আৰু বহলকৈ অসীমলৈ বিস্তৃত ভূমি, সাগৰ অথবা মূৰৰ ওপৰৰ আকাশখনৰপৰাই তেওঁলোকে এই ধাৰণা গ্ৰহণ কৰিছিল৷ আনহাতে,বতৰৰ প্ৰতিকূলতা বা অন্য কাৰকৰ বাবে বহু দূৰ ভ্ৰমি উভতি অহা পৰিব্ৰাজক বা ইপাৰ নেদেখা সাগৰৰ বা মৰুভূমিৰ বিস্তৃতিৰপৰাই চেপেটা পৃথিৱীৰ ধাৰণা কৰিছিল৷ এইটো সত্য যে সেই ধাৰণাসমূহৰ কোনো প্ৰকৃত প্ৰমাণ নাই,কিন্তু সত্যতাৰ বাবে আমি ইতিহাসে ঢ়ুকি পোৱাৰ পিছৰ সময়ছোৱাত আজি কিছুদিনৰ আগলৈকে মানুহে ধাৰণা কৰি অহা চেপেটা পৃথিৱীৰ ধাৰণাৰপৰাই পাম৷

২. আদিম মানৱে নিশ্চয়কৈ পৰ্যবেক্ষণ কৰিছিল যে সূৰ্যৰপৰা আমি তাপ আৰু পোহৰ পাওঁ, আৰু চন্দ্ৰৰপৰা পোহৰ পাওঁ, কিন্তু তাপ নাঁপাও৷ আনকি তেওঁলোকে ঋতুৰ বিৱৰ্তনৰ লগত সূৰ্যৰ গতিবিধিৰ সৰ্ম্পক নিশ্চয়কৈ লক্ষ্য কৰিছিল৷ অৱশ্যে তেওঁলোকে গ্ৰীষ্মপ্ৰধান অঞ্চলৰপৰা উপ-গ্ৰীষ্মপ্ৰধান অঞ্চল বা অন্য ভিন্ন অঞ্চলৰ উষ্ণতালৈ প্ৰব্ৰজন নকৰালৈকে সেই পৰ্যবেক্ষণ কৰিব পৰা নাছিল৷ তাৰ পিছতো সূৰ্যৰ অৱস্থান পৰিৱৰ্তনৰ লগত ঋতুৰ পৰিৱৰ্তনৰ সৰ্ম্পক ঠাৱৰ কৰিবলৈ এটা দীঘলীয়া সময় মানৱজাতিয়ে লৈছিল৷

আদিম মানৱে সূৰ্যৰ গতিবিধিৰ লগত ঋতুৰ পৰিৱৰ্তনৰ যি সম্পৰ্ক তাৰ প্ৰকৃত বৈজ্ঞানিক কাৰণ বর্তমানৰ বিজ্ঞানৰ দৰে নিশ্চয়কৈ বিশ্লেষণ কৰিব নোৱাৰিছিল৷ তথাপিতো তেওঁলোকৰ জীৱন ধাৰণ পক্ৰিয়াটোক গ্ৰীষ্ম অথবা শীতকালৰ লগত খাপ খুৱাই চলাই নিব পাৰিছিল৷ এই কথা সত্য যে আকাশত সূৰ্য, চন্দ্ৰ অথবা তৰাবিলাকৰ গতি লক্ষ্য কৰি সেই মহাজাগতিক বস্তুবোৰৰ সন্দৰ্ভে একো একোটা ধাৰণাৰ সৃষ্টি আটাইতকৈ প্ৰাচীন বৈজ্ঞানিক পৰ্যবেক্ষণ আছিল৷ উল্লেখযোগ্য যে যিহেতু সেই পৰ্যবেক্ষণসমূহ কেৱল চাক্ষুষ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছিল, সেয়ে আকাশত দেখা দিয়া প্ৰতিটো বস্তুৱেই স্থিৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি ধাৰণা কৰা হৈছিল৷ সেই আদিম বুদ্ধিমত্তাই কিদৰে সূৰ্যই পূবৰপৰা পশ্চিমলৈ গতি কৰি থাকোতে দিন আৰু পৃথিৱীৰ তলেদি পশ্চিমৰপৰা পূবলৈ গতি কৰোঁতে ৰাতি হয় বুলি কৰা ধাৰণাটো বর্তমান সময়ত এক  হাস্যকৰ বিষয় হ'ব পাৰে৷ কিন্তু সেই সময়ৰ মানৱজাতিৰ বুদ্ধিমত্তা অনুযায়ী সেয়াই যে বৈজ্ঞানিক চিন্তা-চর্চাৰ যাত্ৰাৰ আৰম্ভণি হৈছিল তাক আমি অগ্ৰাহ্য কৰিব নোৱাৰো৷ চন্দ্ৰৰ দ্বৈত গতিৰ বিষয়ে অধ্যয়ন কৰোতে বর্তমান এই কথা অনুধাৱন কৰাটো উদ্ভট যেন লাগিব পাৰে যে বুৰঞ্জীয়ে ঢুকি পোৱাৰ বহু আগতেই মানৱে বেলেগ বেলেগ নিশাৰ আকাশত চন্দ্ৰৰ বেলেগ বেলেগ আকৃতি দেখি ইয়াৰ দ্বৈত গতি সম্বন্ধে ধাৰণা কৰিব পাৰিছিল৷ আনহাতে,অন্য তৰাবোৰৰ ক্ষেত্ৰতো একে কথাই খাটে আৰু নিশ্চয়কৈ ভ্ৰাম্যমাণ তৰাবিলাকৰ গতিবিধি অথবা তৰাবিলাকৰ পৰস্পৰ নিৰ্ভৰশীল স্থিতি আৰু বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ অৱস্থিতি (অৱশ্যেই মহাজাগতিক শ্ৰেণী বিভাজন অবিহনে) সেই যুগৰ মানুহৰ দৃষ্টিৰ  অগোচৰে থকা নাছিল৷

নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰি ওপৰত উল্লেখ কৰি অহা প্ৰাক-ঐতিহাসিক সময়ত মানুহে প্ৰাকৃতিক পৰিঘটনাসমূহৰ ওপৰত কৰা পৰ্যবেক্ষণসমূহক আনুমানিক বুলি অভিহিত কৰি সেইসমূহ কোনোপধ্যেই বৈজ্ঞানিক পৰ্যবেক্ষণ নহয় বুলি দাঠি ক'ব পাৰি৷ কিন্তু তাৰপৰাই যে বিজ্ঞানৰ বিকাশ আৰম্ভ হৈছিল সেই কথাও আমি নস্যাৎ কৰিব নোৱাৰো৷

৩. আদিম মানৱে সভ্য হোৱাৰ বহু আগতেই মাটি আৰু পানীৰ প্ৰভেদ বুজি পাইছিল৷ গতিকে তেনে পৰ্যায়ত আহৰণ কৰা জ্ঞানৰ তুলনাত উন্নত মানৰ কিছুমান বৈজ্ঞানিক চিন্তা-চৰ্চা প্ৰাক-ঐতিহাসিক সময়ত আৰম্ভ হৈছিল৷ তেনে এটা পৰ্যবেক্ষণ হ'ল যে সকলো বস্তুৱেই ওপৰৰপৰা এৰি দিলে পোনপটীয়াকৈ তললৈ গতি কৰে আৰু মাটিত পৰে৷ আৰু এই পৰিঘটনাটোৱে নিশ্চয়কৈ আদিম মানৱক আকৰ্ষণ কৰিছিল৷

ইতিহাসে ঢুকি পোৱা সময়ৰ আগতেই মানুহে মাধ্যাকৰ্ষণিক শক্তিৰ বিষয়ে ধাৰণা কৰিছিল বুলি ক'লে উদ্ভট যেন লাগে, কিন্তু মাধ্যাকৰ্ষণিক শক্তিৰ নীতি-নিয়ম অথবা ভূ-কেন্দ্ৰমুখী আকৰ্ষণৰ প্ৰকৃত বৈজ্ঞানিক কাৰণ বিশ্লেষণ কৰিব নোৱাৰিলেও এই কথা নিশ্চয়কৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল যে বিপৰীত দিশত বল প্ৰয়োগ কৰি অথবা ঢোকা দি নৰখা প্ৰতিটো বস্তুৱেই ভূমিৰ দিশে গতি কৰে৷ কাৰণ, নিশ্চয়কৈ আপেলটো তললৈ সৰি পৰা দেখিহে নিউটনে ভূ-কেন্দ্ৰমুখী গতিৰ অৱস্থিতিৰ কথা আৱিষ্কাৰ কৰাটো গ্ৰহণযোগ্য নহয়, অৰ্থাৎ মানৱজাতিয়ে তাতকৈ বহু যুগ আগতেই এই সত্যটো আৱিষ্কাৰ কৰিছিল আৰু নিউটনে তাৰ বৈজ্ঞানিক মূলনীতি প্ৰতিষ্ঠা কৰিছিল, আনহাতেদি অঘৰী মানৱে ধৰাৰ বিভিন্ন পৃষ্ঠত পানীৰ একেই ধৰণ দেখি যিদৰে এই ধাৰণা কৰিব পাৰিছিল যে সকলো স্থানতেই পানীৰ পৃষ্ঠ স্থিৰ অৱস্থাত একেদৰেই থাকে, তেনেদৰে ভূ-কেন্দ্ৰমুখী সেই বলৰ অৱস্থিতি সকলোতেই (যিহেতু সেই সময়ৰ মানুহে পৃথিৱীৰ পৰিধি অসীম বুলি ভাবিছিল) আছে বুলি নিশ্চয়কৈ ধাৰণা কৰিছিল৷ এই বলৰ আধুনিক বিজ্ঞানমতে গাণিতিক বিশ্লেষণ কৰিব নোৱাৰিলেও বিভিন্ন প্ৰভাৱে ক্ৰিয়া কৰা মাধ্যাকৰ্ষণৰ প্ৰভাৱক নিশ্চয়কৈ আনুমানিক ভিত্তিত ঠাৱৰ কৰিব পাৰিছিল৷ তাৰ প্ৰমাণস্বৰূপে তেওঁলোকে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিওৱা ধনুৰ কাঁড়, শিল বা ব্ৰঞ্জৰ যাঠি আদিৰ গঠন আৰু কি কৌশলেৰে, কিমান বল প্ৰয়োগ কৰি আৰু কিমান ঊৰ্ধ্বমুখীকৈ মাৰিলে বা দলিয়ালে এটা নিৰ্দিষ্ট দূৰত্বত ভূমিৰ ওপৰত থকা লক্ষ্যবস্তু এটাক হানিব বা খুঁচিব সেই অনুমান কৰিব পাৰিছিল৷ তেনেদৰেই তেওঁলোকে হয়তো  মাধ্যাকৰ্ষণিক  বল সন্দৰ্ভে কৰা ধ্যান-ধাৰণাৰ বিকাশ ঘটাইছিল৷

প্ৰাকৃতিক বিজ্ঞানৰ অন্য ধ্ৰুৱক সত্যসমূহো মানৱজাতিয়ে সভ্য হোৱাৰ আৰম্ভণিৰেপৰাই নিশ্চয় লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল৷ উদাহৰণস্বৰূপে,কঠিন বস্তুৰ জড়তা, জুলীয়া বস্তুৰ প্ৰবাহিতা ধৰ্ম অথবা উষ্ণতাৰ পৰিৱতৰ্নৰ ফলত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ইত্যাদি তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল৷ ইতিহাসে ঢুকি পোৱা বহু সময়ৰ আগতেই কিদৰে ধাতু গলাব লাগে, পানী গৰম কৰিব পাৰি, দাহ্য-অদাহ্য পদাৰ্থ আদি সন্দৰ্ভত জ্ঞান আহৰণ কৰিব পাৰিছিল৷ গতিকে আমি বিনাদ্বিধাই ক'ব পাৰো যে তাৰো বহু আগতেই মানুহেই জুইৰ আৱিষ্কাৰ কৰিছিল, তাৰ সমসাময়িকভাৱে নিশ্চয় ঘৰ্ষণ বল সন্দৰ্ভতো জ্ঞাত হৈছিল৷ তেওঁলোকে স্বাভাৱিকতেই লক্ষ্য কৰিছিল যে দুটা বিশেষ বস্তু ঘঁহালে জুই সৃষ্টি হ'ব পৰাকৈ তাপ উৎপন্ন হয়৷

৪. বৰ্তমান আধুনিক বিজ্ঞানৰ যিখন ক্ষেত্ৰক আমি জীৱবিজ্ঞান বুলি কওঁ সেই ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন উপাদানসমূহ আদিম মানৱে বহল পৰিসৰত আৰু ওচৰৰপৰা পৰ্যবেক্ষণ কৰাত সুবিধা পাইছিল৷ উদাহৰণস্বৰূপে,জীৱ আৰু জড়ৰ মৌলিক পাৰ্থক্য সন্দৰ্ভে উদ্ভৱ হোৱা মৌলিক ধৰ্মসমূহ৷ তেওঁলোকে নিশ্চয়কৈ এটা শিল আৰু এটা চৰাইৰ মাজৰ মৌলিক পাৰ্থক্যসমূহ লক্ষ্য কৰিছিল৷ আৰু এইদৰেই পৰ্যবেক্ষণ কৰি চৌপাশৰ বস্তুবোৰক দুটা বহল শ্ৰেণীত বিভক্ত কৰিছিল, চেতন আৰু অচেতন৷ তেওঁলোকে নিশ্চয় লক্ষ্য কৰিছিল যে শিল এটাৰ ওচৰ চাপি গ'লে বা চুবলৈ গ'লে সি আঁতৰি নাযায়, একে ঠাইতে পৰি থাকে, কিন্তু অন্যহাতেদি চৰাই এটাৰ ওচৰ চাপি গ'লে সি ৰৈ নাথাকি উৰা মাৰে৷ এই পৰ্যবেক্ষণৰপৰাই তেওঁলোকে নিশ্চয় চেতনাবোধৰ ধাৰণা গ্ৰহণ কৰিছিল৷ আদিম মানৱে চৌপাশৰ বস্তুবোৰ এইদৰে শ্ৰেণী বিভাজন কৰোতে আৰু এটা কথা লক্ষ্য কৰিছিল নিশ্চয় যে কিছুমান বস্তুৱে নিজেই লৰ-চৰ কৰিব পাৰে আৰু অন্য কিছুমান বস্তুৱে নোৱাৰে।কিন্তু এইদৰে শ্ৰেণী বিভাজন কৰোতে তেওঁলোকে কৰা দুটা প্ৰধান ভুল হ'ল যে তেওঁলোকে সূৰ্য, চন্দ্ৰ, বতাহ, বিজুলী, বৰষুণ আদিকো চেতন অথবা জীৱ বুলিয়েই গণ্য কৰিছিল,কিন্তু উদ্ভিদক অচেতন বা জড় বুলি গণ্য কৰিছিল৷ কাৰণ, তেওঁলোকে গ্ৰহ-নক্ষত্ৰবোৰে গতি কৰা দেখিছিল,কিন্তু গছ এজোপা একে ঠাইতে ৰৈ থকা কথাটো লক্ষ্য কৰিছিল৷ তাৰ প্ৰমাণ  আজি আধুনিক পৃথিৱীতো বহু লোকে সূৰ্য, চন্দ্ৰ, বৰষুণ আদিক দেৱতা বুলি গণ্য কৰি পূজা কৰাৰ পৰম্পৰা বিচাৰি পোৱা যায়৷

জীৱ আৰু জড়ৰ মৌলিক পাৰ্থক্যসমূহ চিনাক্ত কৰাৰ পাছতে আদিম মানৱে জীৱসমূহৰ মাজত শ্ৰেণী বিভাজন কৰাটো আৰম্ভ কৰিছিল৷ যেনে, পানীত থকা জীৱ, আকাশত উৰিব পৰা জীৱ অথবা মাটিত থকা জীৱ ইত্যাদি ভাগত ভাগ কৰিছিল৷ খাদ্যাভ্যাস, দৈহিক গঠন আদিৰ ওপৰত নিৰ্ভৰ কৰিও জীৱসমূহক তেওঁলোকে সৰু সৰু গোটত ভাগ কৰিছিল৷ ইয়াৰ সমান্তৰালকৈ আদিম গোটসমূহে নিজৰ নিজৰ ভাষা অনুযায়ী জীৱসমূহৰ নামকৰণ কৰিছিল৷

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনতো সেই প্ৰাক-ঐতিহাসিক যুগত চিন্তা-চৰ্চা,আৰু জ্ঞানৰ বিকাশ হৈছিল৷ আমি জানো যে ইতৰ প্ৰাণীসমূহেও নিজস্ব ভোজন-যোগ্য খাদ্য চিনাক্ত কৰিব পাৰে৷ বিভিন্ন প্ৰাণীৰ ওপৰত চলোৱা এক গৱেষণাৰপৰা ইতৰ প্ৰাণীসমূহে নিজৰ সাধাৰণ খাদ্যবোৰৰ উপৰিও কেতিয়াবা হঠাতে অন্য ঔষধি গুণসম্পন্ন খাদ্য চিনাক্ত কৰি গ্ৰহণ কৰাৰ গুণ যে বংশগতিৰ সূত্ৰে আহে সেই কথা জানিব পৰা গৈছে৷ মেকুৰীৰ ‘কেটমিন্ট' নামৰ ফুলবিধৰ প্ৰতি থকা আসক্তিয়ে এই কথাকেই প্ৰমাণিত কৰে৷ এই কথা নিশ্চিত যে এই গুণসমূহ জীৱসমূহে বংশগতি সূত্ৰে লাভ কৰে৷ আটাইতকৈ আদিম মানৱসমূহেও প্ৰজাতিগতভাৱে বিশেষ কিছুমান বনৌষধৰ বিষয়ে বংশগতি সূত্ৰে জ্ঞান বহন কৰিছিল৷ বিশেষকৈ বিষাক্ত খাদ্য গ্ৰহণ কৰাৰপৰা নিজকে বাৰণ কৰিব পৰাকৈ বিষাক্ত খাদ্য চিনাক্ত কৰিব পৰা জ্ঞানো তেওঁলোকে বহন কৰিছিল৷ তাৰ ফলতেই নিচেই কমসংখ্যক ফল-মূল বা শস্যহে পৃথিৱীত আছে যাক খাদ্য বা অখাদ্য হিচাপে চিনাক্ত কৰিব নোৱাৰে৷ এই চিনাক্তকৰণ প্ৰক্ৰিয়া এদিনতে হঠাতে আৰম্ভ হোৱা নাছিল, নিশ্চয়কৈ প্ৰাক-ঐতিহাসিক সময়ৰপৰাই ইয়াৰ বিকাশ হৈছিল৷

খাদ্য চিনাক্তকৰণ প্ৰক্ৰিয়াৰ লগতেই বিশেষ কিছুমান ৰোগৰ প্ৰতিকাৰক হিচাপে কিছুমান উদ্ভিদৰ ব্যৱহাৰযোগ্যতা তেওঁলোকে লক্ষ্য কৰিছিল৷ আমি জানো যে বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰপৰা আনকি আজিৰ তাৰিখতো বহু মানুহে ৰোগ নিবাৰণৰ বাবে পোনপটীয়াকৈ বনৌষধ ব্যৱহাৰ কৰি আহিছে৷ এই ক্ষেত্ৰত সৰহভাগ বনৌষধৰ আৱিষ্কাৰ বা চিনাক্তকৰণ বহু দীঘলীয়া সময়ৰ মূৰে মূৰে ঘটনাক্ৰমে অথবা কাকতালীয়ভাৱে হৈছিল বুলি অনুমান কৰা হয়৷ কিন্তু বিভিন্ন ৰোগৰ প্ৰতিকাৰক বিচৰাতো আজিৰ দৰে বিজ্ঞানসুলভ মানসিকতাৰে তেতিয়া হয়তো হোৱা নাছিল, প্ৰাকৃতিক ৰোগ বা প্ৰাকৃতিক মৃত্যু বুলি ক'লে যি ধাৰণা আমাৰ মনলৈ আহে আদিম মানৱে সেয়া নিশ্চয়কৈ উপলব্ধি কৰিব পৰা নাছিল৷ যিকোনো বয়সতে বা যিকোনো কাৰণবশতঃ হোৱা মৃত্যুক তেওঁলোকে অলৌকিকতাৰ দৃষ্টিকোণৰপৰাহে বিচাৰ কৰিছিল আৰু মানুহে যে মৰণশীল সেই সত্যও তেওঁলোকে প্ৰাকৃতিকভাৱে নিশ্চয়কৈ গ্ৰহণ কৰা নাছিল৷ উদাহৰণস্বৰূপে,কোনো এজন মানুহ গছৰ ওপৰৰপৰা পৰি ডিঙি ভাগি মৃত্যু  হোৱা ঘটনাটোক প্ৰাকৃতিক বুলি গণ্য নকৰি কোনোবা দেৱতাৰ অভিশাপ অথবা শক্ৰৰদ্বাৰা কৰা যাদুমন্ত্ৰৰ ফল বুলিহে বিবেচনা কৰিছিল৷ আদিম সমাজৰ সেই চিন্তা-ধাৰণাসমূহ আজিৰ যুগতো বিভিন্ন অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ৰূপত বৰ্তি আছে৷

৫. বর্তমান সময়ত মানৱজাতিয়ে নিজকে যিসমূহ জ্ঞানৰ অধিকাৰী বুলি গৌৰৱ কৰে, যেনে - বিজ্ঞান, গণিত, ৰাজনৈতিক, অৰ্থনৈতিক বিজ্ঞান ইত্যাদিৰ বিকাশৰ আৰম্ভণিও প্ৰাক-ঐতিহাসিক যুগতেই আৰম্ভ হৈছিল৷ ভোক, নিৰাপত্তা, প্ৰেম, ঘৃণা আদি মৌলিক আবেগসমূহে আদিম মানৱক নিশ্চয়কৈ আত্মপৰ্যবেক্ষণৰ সমতলত থিয় কৰাইছিল৷ ইয়াৰ প্ৰভাৱতেই তেওঁলোকৰ বুদ্ধিমত্তাৰো বিকাশ হৈছিল৷ যেনে,অতি কমেও চাৰি বা পাঁচলৈকে গণনা কৰাৰ জ্ঞান তেওঁলোকে আহৰণ কৰিছিল৷ তাৰ লগে লগেই আৰু এঢাপ আগুৱাই হাতৰ আঙুলি, ভৰিৰ আঙুলিৰ সংখ্যা হিচাপ কৰিবলৈ শিকিছিল৷ অৰ্থাৎ অতি কমেও পাঁচ, দহ আৰু বিশলৈকে গণনা কৰিব পাৰিছিল৷ সেইদৰেই আদিম মানৱে সংখ্যাতত্ত্বৰ জ্ঞান আহৰণ  কৰিছিল৷

ৰাজনৈতিক ধাৰণা বিকাশৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে আটাইতকৈ আদিম মানৱৰ মাজতো মালিকীস্বত্ব অথবা ব্যক্তিগত সম্পত্তি আৰু সম্পদৰ ওপৰত থকা অধিকাৰবোধৰ চেতনা আছিল৷ অঘৰী মানৱে খাদ্য অথবা চিকাৰৰ সন্ধানত এঠাইৰপৰা আন ঠাইলৈ গৈছিল আৰু এইদৰেই তেওঁলোকে হয়তো গোট পাতি বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, আৰু তেওঁলোকে বসতি স্থাপন কৰা সেই বিশেষ অঞ্চলটোৰ জল, স্থল, অৰণ্য, পশু আদিক নিজৰ ব্যক্তিগত সম্পত্তি বুলি গণ্য কৰিছিল৷ তেনেস্থলতেই  ঠিক একেদৰে অন্য স্থানত বসতি স্থাপন কৰা অন্য এটা মানৱ গোটক তেওঁলোকৰপৰা জাতিগতভাৱে ভিন্ন  অথবা বহিঃসমাজৰ লোক বুলি গণ্য কৰিছিল৷ তাৰ ফলতেই প্ৰাথমিক স্তৰত মানৱৰ মাজৰ শ্ৰেণীবিভাজন আৰম্ভ হৈছিল৷ এইদৰে ভিন্ন স্থানত ভিন্ন সমলক কেন্দ্ৰ কৰি বসতি স্থাপন কৰা মানৱ গোটসমূহৰ স্বকীয় জীৱনশৈলী অথবা উন্নত ভাষাত ক’বলৈ গ'লে,নিজস্ব সামাজিক সংস্কৃতিৰ বিকাশ হৈছিল৷ সেইদৰেই সেই মানৱ গোটসমূহে ভিন ভিন জাতিৰ ৰূপ লৈছিল৷ কেতিয়াবা হয়তো এটা মানৱ গোটে অন্য এটি মানৱ গোটৰ দখলত থকা অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল।তাৰ ফলস্বৰূপে নিশ্চয়কৈ দুয়োটা গোটৰ মাজত সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই অৰণ্যখন আগৰেপৰা দখল কৰি থকা মানৱ গোটটোৱে নিজৰ বিচৰণভূমিক অথবা নিজৰ সম্পত্তিক বহিঃজাতিৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবৰ বাবে নিজৰ মাজতে একগোট হৈছিল৷ সেইদৰেই হয়তো তেওঁলোকৰ মাজত আদিম জাতীয় চেতনাবোধৰ অংকুৰণ হৈছিল৷ কিন্তু এইদৰে আৰম্ভ হোৱা ঐক্যও মাজে-সময়ে বিঘ্নিত হৈছিল৷ একো একোটা মানৱ গোটত যিমানেই সদস্য সংখ্যা বাঢ়ি যাবলৈ ল'লে সিমানেই অন্তৰ্কন্দল আৰু আভ্যন্তৰীণ সংঘাত বাঢ়ি যাবলৈ ল'লে৷

এনেদৰে গোট বান্ধি থকা মানৱ সমষ্টিৰ মাজত দেখা দিয়া অন্তৰ্কন্দলৰ এটা ঘাই কাৰণ হ'ল ক্ষমতাৰ লোভ৷ এই গোটসমূহক একোজন দলপতিয়ে নেতৃত্ব দিয়ে আৰু তেওঁৰ অধীনতেই বাকীসকল সদস্যই নিৰ্ধাৰিত নিয়ম-নীতি অনুসৰি জীৱন নিৰ্বাহ কৰে৷ কেতিয়াবা সেই নিয়ম-নীতি অনুসৰণ কৰাক লৈ অথবা ভংগ কৰাক লৈ পাৰস্পৰিক সংঘাতৰ সৃষ্টি হয়৷ য'ত নিত্য-নতুন কূটনৈতিক কৌশল আৰু প্ৰাথমিক পৰ্যায়ৰ ৰাজনৈতিক বিজ্ঞানৰ  ভেটি এটা গঢ় লৈ উঠে৷

ওপৰৰ আলোচনাখিনিত প্ৰাক-ঐতিহাসিক যুগত কিদৰে বিজ্ঞানৰ বিকাশৰ সূত্ৰপাত হৈছিল তাৰেই সম্যক বিশ্লেষণ আগবঢ়োৱা হ'ল৷ কিন্তু মৌলিক বিজ্ঞানৰ বিকাশৰ আলমত কিদৰে আদি মানৱে সেই স্তৰৰ প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটাইছিল সেয়া বিশ্লেষণ নকৰিলে এই আলোচনাটো আধৰুৱা হৈ ৰ’ব৷ কেইবাটাও বিশেষ কাৰকৰ ধাৰাবাহিক আৰু পাৰস্পৰিক সংযোগপ্ৰদত্ত প্ৰভাৱৰ ফলতেই প্ৰাক-ঐতিহাসিক প্ৰযুক্তিবিদ্যাৰ বিকাশ সম্ভৱ হৈছিল৷ তেনে এটা কাৰক হ'ল - হ'মছেপিয়েনছৰ উন্নতভাৱে বিকশিত মগজুপ্ৰভূত ‘‘আচৰণগত আধুনিকতা'' (BEHAVIORAL MODERNITY),যাৰ বাবেই মানৱৰদ্বাৰা তুলনাত্মক বিচাৰ কৰাৰ ক্ষমতা, ভাষাৰ সৃষ্টি আৰু ব্যৱহাৰ, আত্মদৰ্শন আৰু সমস্যা সমাধান কৰাৰ গুণ বিকশিত হৈছিল৷ কৃষিকৰ্মৰ বিকাশৰ লগে লগেই ঘৰচীয়া প্ৰাণী, কৃষিৰ বাবে ব্যৱহৃত মাটি আৰু বিভিন্নধৰণৰ বিচিত্ৰ উন্নত মানৰ সা-সঁজুলিৰ সৈতে মানুহে অঘৰী জীৱন ত্যাগ কৰি ঘৰ পাতি বাস কৰিবলৈ শিকিছিল৷ তাৰ লগে লগেই প্ৰাক-ঐতিহাসিক যুগৰ বিভিন্ন পৰ্যায়ত কলা, স্থাপত্য, শিল্প, সংগীত আৰু ধৰ্মৰ উদ্ভৱ হৈছিল৷ প্ৰাক-ঐতিহাসিক সময়ৰ কেইটামান বিশেষ যুগত মানুহে কিদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটাইছিল তাৰেই এক চমু অৱলোকন তলত আগবঢ়োৱা হৈছে৷

প্ৰস্তৰ যুগ (STONE AGE):

প্ৰস্তৰ যুগ বুলি ক'লে প্ৰাক-ঐতিহাসিক যুগৰ সেই সময়ৰ কথা বুজোৱা হয় যেতিয়া মানুহে বহল পৰিসৰত শিলৰ ব্যৱহাৰ কৰিছিল৷ বিশেষকৈ জোঙা মুখ আৰু ধাৰ থকা কাষৰ সা-সঁজুলি, অস্ত্ৰ-শস্ত্ৰ অথবা মসৃণ তলসমৃদ্ধ সমতল থকা সা-সঁজুলিৰ বিকাশ হৈছিল৷ আনুমানিকভাৱে ২.৫ মিলিয়ন বছৰ আগতে এই যুগ আৰম্ভ হৈছিল আৰু বিশেষকৈ মানৱ প্রজাতিয়ে আদি- হমিনিডছৰ (Hominids)পৰা প্লেইষ্ট'ছিন (PLEISTOCENE) যুগৰ শেষৰ ফাললৈ হ'মছেপিয়েনছ ৰূপ পোৱালৈকে এই যুগ বৰ্তি আছিল৷ আনুমানিকভাৱে প্ৰায় ছহেজাৰৰপৰা প্ৰায় চাৰি হেজাৰ খ্ৰীষ্টপূৰ্বৰ ভিতৰত প্রাচীন প্রাচ্যত সুমেৰীয় সভ্যতাৰ উত্থানৰ লগে লগে প্ৰস্তৰ যুগৰ অন্ত পৰিছিল, কাৰণ সেই সময়খিনিয়েই ধাতুৰ (ব্রঞ্জ) ব্যৱহাৰ আৰম্ভ হৈছিল৷ প্ৰস্তৰ যুগত মানুহৰ জীৱনশৈলী সাধাৰণতে চিকাৰকেন্দ্ৰিক আছিল৷ কিন্তু তুষাৰ যুগৰ সময়ত কিছুমান বৃহৎ জন্তু,যেনে, মামু'থ আৰু বাইচন আদি জন্তুৰ প্ৰায় বিলুপ্তি ঘটিছিল৷ ফলত মানুহে বেছি দূৰলৈ চিকাৰ বিচাৰি যোৱাৰ পৰিবৰ্তে  স্থানীয়ভাৱে উপলব্ধ খাদ্যসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন নতুন উদ্ভিদ বা সৰু সৰু প্ৰাণী খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই মানৱজাতিয়ে বনৰীয়া শস্য আৰু প্ৰাণী ঘৰচীয়া কৰা আৰম্ভ কৰিছিল আৰু স্থায়ী বাসস্থান অথবা ঘৰ পাতি বাস কৰাৰ অভ্যাস গঢ় লৈ উঠিছিল৷ সেই সময়খিনিৰ কোনো লিখিত প্ৰমাণ পোৱা নাযায়,কিন্তু কিছুমান প্ৰাচীন সা-সঁজুলি, অংকিত চিত্ৰ বা অন্য প্ৰাক-ঐতিহাসিক কলা, যেনে, ‘ভেনাছ অব উইলেনড'ৰ্ফ' (VENUS OF WILLENDORF),জীৱাশ্ম, মানৱ দেহৰ থাকি যোৱা বিভিন্ন অপচনীয় অংশ, যেনে - হাড় আদিৰ ওপৰত কৰা পৰীক্ষা আৰু ‘মামি'ৰ ওপৰত কৰা অধ্যয়নৰপৰা কিছু তথ্য পোৱা যায়৷ যদিও সেই সময়খিনিৰ নিখুঁত আৰু স্পষ্ট প্ৰমাণ নাই তথাপিতো বিজ্ঞানী আৰু বুৰঞ্জীবিদসকলে কৰা তুলনাত্মক অধ্যয়নৰপৰা সেই যুগৰ মানুহৰ জীৱন প্ৰণালী আৰু জীৱনশৈলীত প্ৰযুক্তিবিদ্যাৰ গুৰুত্ব সম্বন্ধে এক ধাৰণা কৰিব পাৰি৷

প্রস্তৰ যুগক মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে :

১/ পেলিঅ’লিথিক যুগ (Paleolithic),

২/ মেছ’লিথিক যুগ (Mesolithic),

৩/নিঅ’লিথিক যুগ (Neolithic) ,

৪/ কৃষি যুগ (Agriculture) ।

পেলিঅ’লিথিক যুগক সাধাৰণতে তিনিটা উপভাগত ভাগ কৰা হৈছে-

(ক) নিম্ন পেলিঅ' লিথিক যুগ (LOWER PALEOLITHIC AGE)

(খ) মধ্য পেলিঅ'লিথিক যুগ (MIDDLE PALEOLITHIC AGE)আৰু

(গ) উচ্চ পেলিঅ'লিথিক বিপ্লৱ (UPPER PALEOLITHIC REVOLUTION)।

১/ পেলিঅ’লিথিক যুগ (Paleolithic) :

(ক) নিম্ন পেলিঅ'লিথিক যুগ (LOWER PALEOLITHIC AGE):

 

 

 

 

চিত্র : ‘অল্ডোৱান'

 

 

 

 

চিত্র: ‘একিউলিয়ান’

নিম্ন পেলিঅ'লিথিক যুগ প্ৰাচীন প্ৰস্তৰ যুগৰ এক উপ-শ্ৰেণীবিভাগ৷ এই যুগ আৰম্ভ হৈছিল প্ৰায় ২.৫ মিলিয়ন বছৰ আগত, যেতিয়া হমিনিডসকলে (প্ৰাক মানৱ)শিলৰ সঁজুলি ব্যৱহাৰ কৰাৰ তথ্য বৰ্তমান উপলব্ধ আছে৷ সেই  যুগত মানুহে (হমিনিদ)শিলৰদ্বাৰা নিৰ্মিত হাতকুঠাৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল আৰু সেই মানুহখিনিৰ বুদ্ধিমত্তাৰ স্তৰ বৰ্তমান যুগৰ তিনিৰপৰা পাঁচ বছৰ বয়সৰ শিশুৰ সমান বুলি ক’ব পাৰি৷ তাৰ পিছতেই শিল কাটি নিৰ্মাণ কৰি উলিওৱা ‘অল্ডোৱান' নামৰ হাতেৰে ব্যৱহাৰ কৰিব পৰা সজুঁলি তেওঁলোকে নিৰ্মাণ কৰিব পাৰিছিল৷ আজিৰপৰা প্ৰায়  ২.৫ৰপৰা ১.৭ মিলিয়ন বছৰ আগত পূব আৰু দক্ষিণ আফ্ৰিকাত বাস কৰা হম' এৰগাষ্টাৰ  (HOMO ERGASTER)সকলে তুলনামূলকভাৱে তেওঁলোকৰ আগৰ প্ৰাক-মানৱতকৈ উন্নত মানৰ আৰু বিচিত্ৰধৰণৰ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল৷ হম' এৰগাছষ্টাৰৰ পূৰ্বসূৰি হম'হেবিলিছ (HOMO HABILIS) (আজিৰপৰা ২.৪ৰপৰা ১.৫ মিলিয়ন বছৰ আগত)সকলে ‘একিউলিয়ান' নামৰ কুঠাৰ নিৰ্মাণ কৰি উলিয়াইছিল৷

আজিৰপৰা ১.৫ মিলিয়ন বছৰৰ আগত এছিয়া আৰু ইউৰোপৰ বিভিন্ন অংশত ‘হম' এৰেক্টাছ'সকলে নিয়ন্ত্ৰিত জুই ব্যৱহাৰ কৰিছিল বুলি ধাৰণা হয়৷ আনহাতে, ইজৰাইলৰ উত্তৰ অংশতো প্ৰায় ৬,৯০,০০০ৰপৰা ৭,৯০,০০০ বছৰ আগতে মানুহে জুই ব্যৱহাৰ কৰাৰ অনুমান কৰা হৈছে৷ আনুমানিকভাৱে ৫ লাখ বছৰ আগতে ‘হম' হেইডেলবাৰজেনছিছ' (HOMO HEIDELBERGENSIS)সকলে পোন প্ৰথমবাৰৰ বাবে মৃতদেহ জ্বলোৱা প্ৰথা আৰম্ভ কৰিছিল বুলি ধাৰণা কৰা হয়৷

(খ) মধ্য পেলিঅ'লিথিক যুগ (MIDDLE PALEOLITHIC AGE)

 

 

 

চিত্ৰ: ‘মৌষ্টেৰিয়ান'

মধ্য পেলিঅ'লিথিক যুগ প্ৰায় ৩ লাখৰপৰা ২৮ হাজাৰ বছৰ আগতে ইউৰোপ আৰু প্ৰাচ্যত বৰ্তি আছিল৷ সেই সময়খিনিতেই নিয়েনডাৰথেলছ (NEANDERTHALS) প্ৰাক-মানৱসকলে তাত বিচৰণ কৰিছিল৷ এওঁলোকে মৌষ্টেৰিয়ান নামৰ পথালি শিলৰপৰা কাটি উলিওৱা প্ৰায় ত্ৰিভুজাকৃতিৰ শিলৰ সঁজুলি নিৰ্মাণ কৰিছিল৷ তাৰ উপৰিও আকাৰত সৰু কটাৰী বা খন্তিৰ দৰে সঁজুলিও শিলৰপৰা নিৰ্মাণ কৰি উলিয়াইছিল৷ এই প্ৰাক-মানৱ গোটে কাৰোবাৰ মৃত্যু হ'লে তেওঁ ব্যৱহাৰ কৰা শিলৰ সঁজুলিসমূহো তেওঁৰ লগতে সমাধিস্থ কৰিছিল৷

(গ) উচ্চ পেলিঅ'লিথিক বিপ্লৱ (UPPER PALEOLITHIC REVOLUTION):

 

 

 

চিত্র: ‘ঔৰেগনেছিয়াম'

‘আচৰণগত আধুনিকতা’ৰ প্ৰভাৱত হমিনিডসকলক অতিক্ৰমি হম’ছেপিয়েনছৰ যি বুদ্ধিমত্তাৰ বিকাশ হৈছিল তাৰ প্ৰভাৱতেই আজিৰপৰা প্ৰায় ৬০,০০০ৰপৰা ৩০,০০০বছৰ আগত উচ্চ পেলিঅ'লিথিক বিপ্লৱৰ সূচনা হৈছিল৷ তাৰ সমসাময়িকভাৱে মানুহে ‘ঔৰেগনেছিয়াম' নামৰ সা-সঁজুলি, শিলৰপৰা নিৰ্মিত তৰোৱালসদৃশ অস্ত্ৰ আৰু হাড়ৰপৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ তাৰ লগে লগে মানুহে বস্ত্ৰৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ কৰিছিল৷ আজিৰপৰা প্ৰায় ৪০,০০০ বছৰ আগতে মানুহে চিলোৱা বেজিৰ ব্যৱহাৰ কৰিছিল বুলি ধাৰণা হয়৷ জৰ্জিয়াৰ এটা প্ৰাক-ঐতিহাসিক গুহাত ৩৬,০০০ হাজাৰ বছৰ আগতে ব্যৱহাৰ কৰা বস্ত্ৰ নিৰ্মাণ সঁজুলি উদ্ধাৰ কৰা হৈছে৷ অনুমান কৰা হয় যে আজিৰপৰা প্ৰায় ৯০,০০০ বছৰ আগতে মানুহে নিজৰ দেহ ঢাকিবলৈ আৰম্ভ কৰিছিল৷

উচ্চ পেলিঅ'লিথিক বিপ্লৱৰ সময়ত অকল প্ৰযুক্তিগতভাৱেই নহয় সাংস্কৃতিকভাৱেও যথেষ্ট বিকাশ হৈছিল৷ যেনে,গুহাৰ অংকিত চিত্ৰ, সংকেত চিহ্ন, হাড় আৰু শিলৰপৰা বনোৱা অলংকাৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল৷ এই সময়খিনিত বিকাশ হোৱা প্ৰায়বিলাক কলাৰেই মূল বিষয়বস্তু আছিল সেই যুগত অতিকৈ চিকাৰ কৰা প্ৰাণীসমূহ৷ উত্তৰ স্পেইনৰ অন্টামিৰা গুহাৰ চিত্ৰশিল্প আৰু ক'ৱা উপত্যকাৰ পেলিঅ'লিথিক কলা আদি তেনে সাংস্কৃতিক বিকাশৰ উদাহৰণ৷ এই সময়খিনিতে বাঁহীসদৃশ বাদ্যযন্ত্ৰৰো নিৰ্মাণ হৈছিল৷

২/ মেছ'লিথিক যুগ (MESOLITHIC REVOLUTION): মেছ'লিথিক যুগ হ'ল পেলিঅ'লিথিক যুগ আৰু নিঅ'লিথিক যুগৰ মাজৰ সময়খিনি৷ এই সময়খিনি আৰম্ভ হৈছিল প্ৰায় ১১,৬৬০ বি:পি:(Before Presentত হ'লকেন গ্ৰীষ্মযুগৰ সৈতে যেতিয়া চিকাৰি গোটকেন্দ্ৰিক মানৱ জীৱন বৰ্তি আছিল আৰু এই যুগ শেষ হৈছিল নিঅ'লেথিক যুগত কৃষিকৰ্মৰ পাতনি মেলাৰ লগে লগে৷ অৱশ্যে বেলেগ বেলেগ ভৌগোলিক অৱস্থানত এই সময়সীমা বেলেগ বেলেগ হৈছিল৷ মেছ'লিথিক যুগতেই ‘‘মাইক্ৰলিট'' শিলৰপৰা নিৰ্মিত সূহ্ম আকৃতিৰ সঁজুলি আৰু জোং বা যাঠিৰ ব্যাপক ব্যৱহাৰ হৈছিল৷ উল্লেখযোগ্য যে মেছ'লেথিক যুগত সংঘটিত হোৱা এক চিকাৰকেন্দ্ৰিক যুদ্ধৰ প্ৰমাণ পোৱা গৈছে য'ত ব্যৱহাৰ কৰা জোং, যাঠি বা কাঁড়ৰ দৰে জোঙা দীঘলীয়া অস্ত্ৰৰ অৱশেষ আৱিষ্কাৰ কৰা হৈছে৷

৩/ নিঅ'লিথিক বিপ্লৱ (NEOLITHIC REVOLUTION): নিঅ'লিথিক বিপ্লৱেই হ'ল প্ৰথম কৃষি বিপ্লৱ৷ এই সময়খিনিতেই মানুহে অঘৰী জীৱন ত্যাগ কৰি স্থায়ী বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল।প্ৰায় ৮,০০০ৰপৰা ৫,০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত বিশ্বৰ ছ-টা বেলেগ বেলেগ স্থানত এই বিপ্লৱৰ সূচনা হৈছিল৷ যেনে - দক্ষিণ-পশ্চিম আৰু দক্ষিণ এছিয়া, উত্তৰ আৰু কেন্দ্ৰীয় আফ্ৰিকা আৰু কেন্দ্ৰীয় আমেৰিকাত এই বিপ্লৱৰ সূচনা হোৱাৰ প্ৰমাণ পোৱা গৈছে৷ এই যুগতেই প্ৰথমবাৰৰ বাবে নাঙল, মাটি খন্দা সঁজুলি আৰু কোৰৰ ব্যৱহাৰ আৰম্ভ হৈছিল৷ গৰু, ছাগলী আদি জন্তুক ঘৰচীয়া কৰি কৃষিকৰ্মত ব্যৱহাৰ কৰা হৈছিল৷ এই যুগৰ অন্য এক বিশেষত্ব হ'ল মাটিৰপৰা নিৰ্মাণ কৰা সা-সঁজুলি আৰু বৰ্তন৷ নিঅ'লিথিক যুগৰ শেষৰ ফালে ঘূৰাব পৰা চকা ব্যৱহাৰ কৰি মাটিৰ বাচন নিৰ্মাণ কৰা হৈছিল৷ নিঅ’লিথিক স্থাপত্য শিল্পৰ মূল বিশেষত্ব আছিল গৃহ নিৰ্মাণ আৰু বোকাৰপৰা নিৰ্মিত ইটা আৰু মাটি, গোবৰ, খেৰ আদিৰ মিশ্ৰণত তৈয়াৰ কৰা সামগ্ৰীৰে নিৰ্মাণ কৰা গাঁওসমূহ৷ আনকি সেই সময়খিনিতে ভঁৰাল ঘৰ আৰু মূৰ্তি নিৰ্মাণৰ কামো আৰম্ভ হৈছিল৷ প্ৰায় ৯,০০০ খ্ৰীষ্টপূৰ্বত মধ্য প্ৰাচ্যত তামৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ প্ৰায় ৮,০০০ খ্ৰীষ্টপূৰ্বত সুমেৰত সংখ্যাৰ ব্যৱহাৰ কৰি তথ্য লিপিবদ্ধ কৰা অৰ্থাৎ সূক্ষ্ম গণনাৰ বিকাশ হৈছিল বুলি ধাৰণা কৰা হয়৷

৪/কৃষি যুগ ((Agriculture) : অৰণ্য-বাগিছাকৰণৰ যোগেদি কৃষি যুগৰ পাতনি হৈছিল বুলি ধাৰণা কৰা হয়।গর্ডন চ্চাইল্ডৰ মতে প্রায় ১০,০০০ খ্রী.পূ.ত বনৰীয়া প্রাণী ঘৰচীয়া কৰি স্থায়ী ভূমিত কৃষিকৰ্মৰ সূচনাৰ যোগেদি এক কৃষি বিপ্লৱৰ আৰম্ভ হৈছিল।প্রায় ৯,৫০০ খ্রী.পূ.ত সুমেৰত, প্রায় ৭,০০০ খ্রী.পূ.ত ভাৰত আৰু পেৰুত, ৬,০০০খ্রী.পূ.ত ইজিপ্টত আৰু ৫,০০০খ্রী.পূ.ত চীনত এই কৃষি বিপ্লৱৰ সূচনা হৈছিল।উল্লেখ্য যে প্রায় ৫,০০০খ্রী.পূ.ত সূমেৰত কৃষিকর্মত জলসিঞ্চন ব্যৱস্থাৰ আৰু শ্রমিক দলৰ নিয়োগ আৰম্ভ হৈছিল।অৱশ্যে তেতিয়াও প্রায়বিলাক সা-সঁজুলি শিলেৰেই নির্মিত আছিল। প্রায় ৩,৩০০ খ্রী.পূ.ত ইউৰ’ছিয়াত তাম,ব্রঞ্জ আদি ধাতুৰপৰা নির্মিত কৃষি সঁজুলিৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ব্রঞ্জৰ ব্যৱহাৰ হোৱাৰ পিছতেই পূব মধ্যসাগৰীয় অঞ্চলসমূহত, মধ্য প্রাচ্যত আৰু চীনত লোৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

৫) ব্ৰঞ্জ যুগ (BRONZE AGE):লিঅ'লিথিক বিপ্লৱৰ পাছতেই ব্ৰঞ্জ যুগৰ সূত্ৰপাত হৈছিল৷ এই যুগতেই মানুহে তামৰ পৰিশোধন কৰিবলৈ শিকিছিল আৰু টিন আৰু তাম মিহলি কৰি ব্ৰঞ্জ ধাতুৰ সৃষ্টি কৰিছিল৷ তাৰ লগে লগেই কৃষিকৰ্ম আৰু বিভিন্ন দৈনন্দিন কামত শিলৰ সঁজুলিৰ পৰিৱৰ্তে ব্ৰঞ্জৰদ্বাৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ হ'বলৈ ল'লে৷ তথাপিও টিনৰ দৰে ধাতু সকলোতে সহজতে উপলব্ধ নাছিল বাবে তেতিয়াও যথেষ্টসংখ্যক শিলৰ সঁজুলি ব্যৱহাৰ হৈ আছিল৷

৬) লৌহ যুগ (IRON AGE): যেতিয়াৰপৰা মানুহে লো-তীখা শোধন কৰি, উত্তপ্ত কৰি আৰু সাঁচত ঢালি প্ৰয়োজনীয় সা-সঁজুলি নিৰ্মাণ কৰিবলৈ শিকিলে, তেতিয়াৰপৰাই লৌহ যুগৰ আৰম্ভণি হয়৷ যিহেতু লোৰপৰা নিৰ্মিত সঁজুলিসমূহ পাতল, শক্তিশালী আৰু সহজতে নিৰ্মাণ কৰিব পৰাবিধৰ হয় সেয়েহে ব্ৰঞ্জৰ সঁজুলিৰ সলনি মানুহে লোৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷ লৌহ যুগৰ আৰম্ভণিৰ লগে লগে কলা, ধৰ্ম আৰু কৃষি কৰ্মৰ প্ৰভূত বিকাশৰ সূত্ৰপাত হয়৷ লৌহ যুগকেই প্ৰাক-ঐতিহাসিক যুগৰ শেষ সময় বুলি গণ্য কৰা হয়৷ কাৰণ ইয়াৰ পিছতেই লিখিত ভাষাৰ বিকাশ হৈছিল আৰু বুৰঞ্জী লিপিবদ্ধকৰণ আৰম্ভ হৈছিল৷ প্ৰায় ৬,০০০ খ্ৰীষ্টপূৰ্বত মধ্যপ্ৰাচ্যত ব্ৰঞ্জৰ সঁজুলিৰ পৰিবৰ্তে লোৰ সঁজুলিৰ  ব্যৱহাৰ আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়৷ চীনত প্ৰায় ৫,০০০ খ্ৰীষ্টপূৰ্বত লোৰ পৰিশোধনৰ তথ্য পোৱা গৈছে৷ কিন্তু ঐতিহাসিক যুগ আৰম্ভ নোহোৱালৈকে এছিয়াত লোৰ ব্যৱহাৰৰ কোনো প্ৰমাণ হোৱা নাই। আনহাতে,১১০০ খ্ৰীষ্টপূৰ্বত ইউৰোপত প্ৰথমবাৰৰ বাবে লোৰ ব্যৱহাৰ আৰম্ভ হৈছিল৷ উল্লেখযোগ্য যে লৌহ যুগেই ইউৰোপৰ প্ৰাক-ঐতিহাসিক যুগৰ শেষ সময় আছিল আৰু তাৰ পিছতেই মধ্য যুগৰ আৰম্ভণি হয়৷

এই লেখাৰ আৰম্ভণিতেই এই কথা উল্লেখ কৰা হৈছে যে প্ৰাক-ঐতিহাসিক যুগ বুলি ক'লে সেই সময়খিনিৰ কথা কোৱা হয়, যিখিনি সময়ক ইতিহাসে ঢুকি নাপায়৷ গতিকে সেই সময়খিনিত হোৱা মানৱ প্ৰজাতিকেন্দ্ৰিক বিকাশ সন্দৰ্ভত ইতিমধ্যে উদ্ধাৰ হোৱা কিছুসংখ্যক প্ৰত্নতাত্ত্বিক সমলৰ ওপৰত কৰা গৱেষণা আৰু ঘাইকৈ অনুমান আৰু ধাৰণাভিত্তিক পৰ্যালোচনাৰপৰাহে জ্ঞান আহৰণ কৰিব পাৰি৷ কিন্তু বৰ্তমান মানৱে যি উন্নত অৱস্থিতি লাভ কৰিছে ইয়াৰ আৰম্ভণি যে প্ৰাক-ঐতিহাসিক সময়ত বিকাশ হোৱা জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলতহে সম্ভৱ হৈছে সেই কথা কোনেও নুই কৰিব নোৱাৰে৷

প্ৰাচীন সভ্যতাত বিজ্ঞানৰ বিকাশ বুলি কওঁতে কিছু থমকি ৰ’বলগা হয়, কাৰণ বিশুদ্ধ বিজ্ঞান বুলি ক’লে যি বুজোৱা হয় প্ৰাচীন সভ্যতাসমূহত অংকুৰিত হোৱা সেই স্তৰৰ বিজ্ঞানৰ ভিত্তি সেয়া নহয়। তাৰ পৰিবৰ্তে ইয়াক প্ৰাক-বিজ্ঞান বুলিবহে পাৰি, ইংৰাজীত ইয়াক কোৱা হয় প্ৰ'ট'-ছায়েন্স (PROTOSCIENCE) । কাৰণ বৰ্তমান  যেনেকুৱাধৰণৰ পদ্ধতিগত পৰ্যবেক্ষণ, বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণক বিজ্ঞান বুলি স্বীকৃতি দিয়া হয় তেনেকুৱা কোনোধৰণৰ পদ্ধতিগত যুক্তিযুক্ততা সেই প্ৰাচীন বিজ্ঞানে অনুসৰণ কৰা নাছিল। আহৰণ কৰা জ্ঞান বা তথ্য লিপিবদ্ধ কৰিবলৈ লোৱাৰ আগলৈকে পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰপৰা আহৰণ কৰা জ্ঞান মৌখিকভাৱে এটা প্ৰজন্মৰপৰা পৰবৰ্তী প্ৰজন্মলৈ বাগৰি গৈছিল। মানৱীয় সভ্যতাক এক নতুন দিশেৰে দ্ৰুতভাৱে বিকাশমুখী কৰিব পৰা বৈজ্ঞানিক চিন্তা-চৰ্চাৰ প্ৰথম ভেটি স্থাপন হৈছিল মেছোপটেমিয়া, ইজিপ্ট আৰু চীনত। কৃষি অৰ্থনীতিৰ আৰম্ভণিৰ লগে লগে উন্নত প্ৰযুক্তিগত সঁজুলিৰ বিকাশ আৰু আৱিষ্কাৰ প্ৰয়োজনীয় হৈ পৰিছিল। ফলশ্ৰুতিত ঠাই পাইছিল নিত্য-নতুন পৰ্যবেক্ষণ আৰু সিদ্ধান্তই। লিপিৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ পিছৰেপৰা আহৰণ কৰা জ্ঞান পিছৰ প্ৰজন্মৰ বাবে জমা কৰি যোৱাটো সম্ভৱ হৈছিল, আৰু ইতিমধ্যেই কৌশলগতভাৱে আৰু কাৰিকৰীভাৱে কৃষিকৰ্মৰো যথেষ্ট বিকাশ হোবাৰ পিছত মানুহে কেৱল খাদ্যৰ সন্ধান আৰু বৰ্তি থকাৰ যুঁজৰপৰা কিছু আহৰি পাবলৈ ল'লে, তাৰ ফলত জ্ঞানৰ বিকাশৰ বাবে জ্ঞানৰ সন্ধানত ব্যস্ত আৰু ব্ৰতী হ’ব পৰা হ’ল।

মেছোপটেমিয়াত জ্ঞানৰ বিকাশ

খ্ৰীষ্টপূৰ্ব ৫,০০০ৰপৰা ৩,৫০০ৰ ভিতৰত টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ উপত্যকাত মেছোপটেমিয়া সভ্যতা- সংস্কৃতিৰ বিকাশ হৈছিল। সেই সভ্যতা- সংস্কৃতিৰ গুৰি ধৰিছিল সুমেৰীয়সকলে, তেওঁলোকক শাসন কৰিছিল আক্কাডিয়ান (Akkadians) সকলে, আক্কাডিয়ানসকলক সাধাৰণতে বেবিলনীয় বুলিহে জনা যায়। সুমেৰীয়সকলেই পোনপ্ৰথমবাৰৰ বাবে লিখন কৌশল আৰু গাণিতিক চিহ্নৰ উদ্ভাৱন কৰিছিল। ডেনাইছ স্কেমাণ্ড বেচ্ছৰট (Denise Schmandt-Besserat) নামৰ ফৰাচী-আমেৰিকান ভূতত্ত্ববিদগৰাকীৰ How Writing Came About (প্ৰকাশক University of Texas Press 1996) আৰু

The History of Counting (প্ৰকাশক Morrow Jr. 1999) নামৰ গ্ৰন্থদুখনত সুমেৰীয় সভ্যতাত লিখন শৈলীৰ আৰু গাণিতিক চিহ্নৰ ব্যৱহাৰ সন্দৰ্ভত বিস্তৃত টোকা দাঙি ধৰিছে। তেওঁ উল্লেখ কৰিছে যে সুমেৰীয়সকলে তেওঁলোকে নিৰ্মাণ কৰা মাটিৰ পাত্ৰৰ সংখ্যা গণনা কৰি টুকি ৰাখিবলৈ সাংখ্যিকীয় পৰিভাষাৰ ব্যৱহাৰ কৰিছিল।

বেবিলনীয় গণিতৰ বিকাশ (Babylonian mathematics) :

বেবিলনীয় গণিত বুলি ক’লে আদিম সুমেৰীয়সকলৰ সময়ৰপৰা ৫৩৯ খ্ৰীষ্টপূৰ্বত বেবিলনৰ পতন হোৱাৰ সময়লৈকে মেছোপটেমিয়াৰ লোকসকলে গণিতৰ যি বিকাশ আৰু চৰ্চা কৰিছিল তাকে বুজোৱা হয়। প্ৰায় ৩,৫০০ খ্ৰীষ্টপূৰ্বত সুমেৰত (বৰ্তমানৰ ইৰাক) বসতি আৰম্ভ কৰাৰে পৰা মেছোপটেমিয়ানসকলে পৰ্যবেক্ষণকৃত তথ্যসমূহ সাংখ্যিকীয়প্ৰকাশেৰে লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল। মেছোপটেমিয়াত সেই সময়ছোৱাত গণিতৰ যি চিন্তা-চৰ্চা আৰম্ভ হৈছিল সেয়াই পিছৰ পৰ্যায়ত গণিতৰ অভূতপূৰ্ব বিকাশত যথেষ্ট অৰিহণা যোগাইছিল। মেছোপটেমিয়াত হোৱা গণিতৰ বিকাশৰ এক উৎকৃষ্ট নিদৰ্শন হল প্লিম্পটন-৩২২ (Plimpton 322) নামৰ বেবিলনীয় মাটিৰ ফলিখন। কিউনেইফৰ্ম (Cuneiform) লিপিত লিখা এই ফলিখনত ৪টা পৰ্যায় আৰু ১৫টা ক্ৰমৰ তালিকা আছে, প্ৰায় খ্ৰীষ্টপূৰ্ব ১৮০০ত এই ফলিখন লিপিবদ্ধ কৰা হৈছিল বুলি অনুমান কৰা হয়। উল্লেখযোগ্য যে বৰ্তমান আমি যিটো গাণিতিক উপস্থাপনক "পাইথাগোৰাছ-তৃতীয়ক" বুলি  জানো তাৰ বিষয়ে উক্ত ফলিখনত উল্লেখ আছে। এইটো অদ্যপি এক বিতৰ্কৰ বিষয় যে পাইথাগোৰাছ নামৰ প্ৰাচীন গ্ৰীক গণিতজ্ঞজনে আৱিষ্কাৰ কৰা সমকোণী ত্ৰিভুজৰ বাহুকেইটাৰ মাজৰ সম্পৰ্ক পাইথাগোৰাছৰ সময়তকৈ প্ৰায় সহস্ৰাধিক বছৰ আগতেই প্লিম্পটন-৩২২ নামৰ ফলিখনত উল্লেখ আছে আৰু ই এই কথা সূচায় যে পাইথাগোৰাছৰ আগতেই এই উপপাদ্যৰ আৱিষ্কাৰ হৈছিল। অৱশ্যে মেছোপটেমিয়ানসকলৰ উপৰিও প্ৰাচীন ভাৰত আৰু চীনতো  কেইবাজনো গণিতজ্ঞই স্বতন্ত্ৰভাৱে এই উপপাদ্যৰ আৱিষ্কাৰ আৰু ব্যৱহাৰিক প্ৰয়োগ কৰিছিল বুলি প্ৰমাণ পোৱা গৈছে। ১৮৫০ চনৰপৰা উদ্ধাৰ হোৱা ৪০০মান মাটিৰ ফলিৰপৰা বেবিলনীয় গণিতৰ বিষয়ে এক বিস্তৃত ধাৰণা পোৱা গৈছে। কিউনেইফৰ্ম লিপিত লিখা এই ফলিসমূহত কেঁচা অৱস্থাত লিপিবদ্ধ কৰি সূৰ্যৰ তাপত অথবা জুইশালৰ ওপৰত শুকুৱাই ইয়াৰ লিপিসমূহৰ স্থায়িত্ব নিশ্চিত কৰা হৈছিল। ইতিমধ্যে উদ্ধাৰ হোৱা প্ৰায়ভাগ ফলিয়েই খ্ৰীষ্টপূৰ্ব ১৮০০ৰপৰা খ্ৰীষ্টপূৰ্ব ১৬০০ৰ ভিতৰত লিপিবদ্ধ কৰা হৈছিল। এই ফলিসমূহত পাইথাগোৰাছৰ তৃতীয়কৰ উপৰিও ভগ্নাংশ, বীজগণিত, দ্বিঘাত সমীকৰণ, আৰু ত্ৰিঘাত সমীকৰণৰ ওপৰত স্পষ্ট উল্লেখ আছে।YBC-৭২৮৯ নামৰ বেবিলনীয় ফলিখনত √২ৰ মান দশমিকৰ সাতটা স্থানলৈকে শুদ্ধভাৱে উল্লেখ আছে। বেবিলনীয় গণিতৰ ভেটি হল ৬০-ভূমিৰ (SEXAGESIMAL) সংখ্যা ব্যৱস্থা, ইয়াৰপৰাই ১ মিনিটত ৬০ ছেকেণ্ড, ১ ঘন্টাত ৬০ মিনিট আৰু বৃত্তৰ কেন্দ্ৰৰ ৩৬০০ কোণৰ ধাৰণা উদ্ভাৱন হৈছিল। বেবিলনীয়সকলে গণিতৰ বিকাশ কৰিবলৈ মূলতঃ দুটা কাৰণতে সক্ষম হৈছিল, এটা হ'ল তেওঁলোকৰ ৬০-ভূমিৰ (SEXAGESIMAL) সংখ্যা ব্যৱস্থা যথেষ্ট সুবিধাজনক আছিল। কাৰণ ৬০ হল এক অতি-যৌগিক সংখ্যা যাৰ উৎপাদক হল ১,২,৩,৪,৫,৬,১০, ১২,১৫,২০,৩০,৬০ , তাৰ ভিতৰত প্ৰায়কেইটাই নিজে একো একোটা যৌগিক সংখ্যা। ইয়াৰ ফলত ভগ্নাংশৰ গণনা কৰাটো যথেষ্ট সহজ হৈ পৰে। দ্বিতীয় কাৰণটো হল বেবিলনীয়সকলৰ সত্য স্থানীয় মান ব্যৱস্থা আছিল, য’ত বেছি স্থানীয় মানৰ অংকবোৰ বাঁওফালে লিখা হয়, যিদৰে ১০-ভেটিত লিখা হয় (উদাহৰণস্বৰূপে  ২৩৪ =২×১০০ + ৩×১০ + ৪×১)।  বেবিলনীয়সকলে পাটীগণিতৰ ক্ষেত্ৰত পূৰ্বতে গণনা কৰি থোৱা তালিকা ব্যৱহাৰ কৰিছিল। ১৮৫৪ চনত ইউফ্ৰেটিছ নদীৰ পাৰৰ চেনকেৰাহত উদ্ধাৰ হোৱা দুখন ফলিত ৫৯লৈকে সংখ্যাবোৰৰ বৰ্গ আৰু ৩২লৈকে ঘনফল উল্লেখ আছে। এই ফলিদুখন প্ৰায় খ্ৰীষ্টপূৰ্ব ২০০০ৰ বুলি অনুমান কৰা হৈছে।বেবিলনীয়সকলে সংখ্যাৰ বৰ্গৰ তালিকাখন তৈয়াৰ কৰিবলৈ (a+b)2=a2+b2+2abআৰু  (a+b)2=(a-b)2+4ab সূত্ৰ দুটা ব্যৱহাৰ কৰিছিল।

বেবিলনীয় জ্যামিতিৰ বিকাশ (Babylonian Geometry) :

বেবিলনীয়সকলে আয়তন আৰু কালি জোখাৰ সাধাৰণ নিয়মসমূহ জানিছিল। তেওঁলোকে বৃত্তৰ পৰিধিক ইয়াৰ ব্যাসৰ তিনিগুণ হিচাপে আৰু ইয়াৰ কালিক পৰিধিৰ বৰ্গৰ /১২ অংশ হিচাপে মাপ লৈছিল,যদি “ π”ৰ মান ৩ বুলি ধৰা হয় তেন্তে বৃত্তৰ পৰিমিতি বিষয়ত তেওঁলোকৰ এই মাপ শুদ্ধ আছিল। চুঙাৰ আয়তন জুখিবলৈ ভূমি আৰু উচ্চতাৰ পূৰণফল লৈছিল যদিও শংকু অথবা বৰ্গাকাৰ পিৰামিডৰ জোখ লওঁতে ভুল কৰিছিল। বেবিলনীয়সকলে “ π” ৰ মান ৩ বুলি ধৰাৰ বাবে তেওঁলোকৰ স্থাপত্য নিৰ্মাণকাৰ্যত সুবিধা হৈছিল , এই বিষয়ে হিব্ৰু বাইবেলৰ " ছলমনৰ মন্দিৰ"ত উদ্ধৃতি দিয়া আছে। বেবিলনীয়সকল কিন্তু “ π” ৰ মানটোক এক আনুমানিক মান বুলি জ্ঞাত আছিল। ১৯৩৬ চনত চুচাত উদ্ধাৰ হোৱা এখন প্ৰাচীন বেবিলনীয় ফলিত “ π” ৰ মান ২৫/৮= ৩.১২৫ বুলি উল্লেখ আছে, এই মান “ π” ৰ প্ৰকৃত মানতকৈ ০. % তলত। বেবিলনীয়সকলে সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাতৰ বিষয়ে জানিছিল কিন্তু কোনৰ সম্পৰ্ক সন্দৰ্ভত অজ্ঞাত আছিল। বেবিলনীয় জ্যোৰ্তিবিদসকলে গ্ৰহৰ গতি, তৰাৰৰ উঠন আৰু পতন, সূৰ্য্যগ্ৰহণ , চন্দ্ৰগ্ৰহণ আদি বিষয়ত বিস্তৃত তথ্য সংগ্ৰহ কৰিছিল। ১৯৫০ চনত অট্ট' নিউগব্যুৰে (Otto Neugebauer) আৱিষ্কাৰ কৰা মহাজাগতিক অৱস্থান নিৰ্ণয় কৰোঁতে ব্যৱহাৰ হোৱা ফুৰিয়াৰ বিশ্লেষণৰ এটা ৰূপ ব্যৱহাৰ কৰিব জানিছিল।

বেবিলনীয় জ্যোতিৰ্বিজ্ঞান (Babylonian astronomy):

বেবিলনীয় সভ্যতাৰ পুনঃ আৱিষ্কাৰে এই কথা পোহৰলৈ আনে যে গ্ৰীক গণিত, জ্যোতিৰ্বিজ্ঞানৰ প্ৰায় অংশই বেবিলনৰপৰা ধাৰে লোৱা।  বিখ্যাত গণিতজ্ঞ তথা প্ৰকৃত বিজ্ঞানৰ বুৰঞ্জীবিদ এছগাৰ এবে (Asger Aaboe)ৰ মতে পশ্চিমীয়া জ্যোতিৰ্বিজ্ঞানৰ মূল ভেটি মেছোপটেমিয়াত বিকাশ হোৱা জ্যোতিৰ্বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। বেবিলনীয় জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে পৰোক্ষভাৱেহে  ধাৰণা কৰিব পাৰি, এই ক্ষেত্ৰত এক অতি নিৰ্ভৰযোগ্য সমল হ’ল বেবিলনীয় তৰা তালিকা, অনুমান কৰা হয় যে প্ৰায় খ্ৰীষ্টপূৰ্ব ১২০০মানত এই তালিকাখন প্ৰস্তুত কৰা হৈছিল। সুমেৰীয়সকলে বিকাশ ঘটোৱা জ্যোতিৰ্বজ্ঞানে  পিছৰ পৰ্যায়ত বেবিলনীয় জ্যোতিৰ্বিজ্ঞানৰ ওপৰত এক বিস্তৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।  খ্ৰীষ্টপূৰ্ব প্ৰায় ৮ম আৰু ৭ম শতিকাৰ ভিতৰত বেবিলনীয়সকলে জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনত এক নতুন পৰ্যবেক্ষণমূলক পদ্ধতিৰ বিকাশ ঘটাইছিল, যাৰ ফলত মহাকাশ সন্দৰ্ভত এক দৰ্শনৰ প্ৰতিষ্ঠা  কৰিছিল আৰু ইয়াক বিজ্ঞানৰ দৰ্শনৰ ক্ষেত্ৰখনত এক বৃহৎ অৱদান বুলি গণ্য কৰা হয় , আনকি বহু বুৰঞ্জীবিদৰ মতে এয়াই আছিল জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনত প্ৰথম প্ৰকৃত বৈজ্ঞানিক জাগৰণ। বেবিলনীয় বিজ্ঞানৰ আটাইতকৈ ডাঙৰ অৱদান হল জ্যোতিৰ্বিজ্ঞানত গণিতৰ প্ৰয়োগ। ইয়াৰ ফলত মহাকাশৰ পৰিঘটনাসমূহ সূক্ষ্ম আৰু ধাৰাবাহিকভাৱে পৰ্যবেক্ষণ কৰি সেইবোৰৰ গাণিতিক উপস্থাপন সম্ভৱপৰ কৰি তুলিছিল। বেবিলনীয় জ্যোতিৰ্বিজ্ঞানক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়, এটা হ’ল প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞান আৰু আনটো হ’ল নব্য বেবিলনীয় জ্যোতিৰ্বিজ্ঞান।

প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞান : প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞান বুলিলে খ্ৰীষ্টপূৰ্ব  ১৮৩০ৰপৰা খ্ৰীষ্টপূৰ্ব ৬২৬লৈকে , অৰ্থাৎ প্ৰথম বেবিলনীয় ৰাজবংশৰ শাসন  প্ৰতিষ্ঠা হোৱাৰপৰা নব্য বেবিলনীয় সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হোৱালৈকে এই সময়ছোৱাত জ্যোতিৰ্বিজ্ঞানৰ যি চিন্তা-চৰ্চা আৰু বিকাশ হৈছিল তাকেই বুজোৱা হয়। বেবিলনীয় জ্যোতিৰ্বিদসকলে পোনপ্ৰথমতে আৱিষ্কাৰ কৰিছিল যে মহাজাগতিক বস্তুবোৰে পৰ্যাবৃত্তি মানি চলে। প্ৰাচীন বেবিলনীয় কিছুমান ফলিত একো একোটা সৌৰবৰ্ষত প্ৰতিদিনে পৃথিৱীত সূৰ্যৰ পোহৰপৰা সময়ৰ দৈৰ্ঘ্যৰ তালিকা লিপিবদ্ধ কৰা হৈছিল। তাৰেই কেইবাখনো ফলি ইতিমধ্যে উদ্ধাৰ হৈছে। প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞানীসকলে শতিকাজুৰি কৰা পৰ্যবেক্ষণৰ তথ্যসমূহ "এন্যুমা আনু এনলিল" (Enuma Anu Enlil)  নামৰ ফলিখনত লিপিবদ্ধ আছে। উক্ত ফলিখনৰ ৬৩ নং তালিকাত ২১ বছৰজোৰা সময়ত শুক্ৰগ্ৰহৰ গতিবিধিৰ কথা উল্লেখ আছে। আনকি তালিকাখনত প্ৰথম আৰু শেষবাৰৰ বাবে শুক্ৰগ্ৰহ দেখা পোৱাৰ সময়ৰ উল্লেখ আছে।

নব্য বেবিলনীয় জ্যোতিৰ্বিজ্ঞান:

নব্য বেবিলনীয় জ্যোতিৰ্বিজ্ঞান হ’ল মেছোপটেমিয়ান বুৰঞ্জীৰ খ্ৰীষ্টপূৰ্ব ৬২৬ৰপৰা খ্ৰীষ্টপূৰ্ব ৫৩৯লৈকে বৰ্তি থকা নব্য বেবিলনীয় সাম্ৰাজ্যৰ সময়ছোৱা, খ্ৰীষ্টপূৰ্ব ৫৩৯ৰপৰা ৩৩০ খ্ৰীষ্টপূৰ্বলৈকে বৰ্তি থকা একামেনিড সাম্ৰাজ্যৰ সময়ছোৱা (Achaemenid Empire),  খ্ৰীষ্টপূৰ্ব ৩১২ৰপৰা খ্ৰীষ্টপূৰ্ব ৬৩লৈকে বৰ্তি থকা ছেলিউচিড সাম্ৰাজ্যৰ (Seleucid Empire)  সময়ছোৱা ,খ্ৰীষ্টপূৰ্ব ২৪৭ৰপৰা ২২৪ খ্ৰীষ্টাব্দ  লৈকে বৰ্তি থকা পাৰ্থিয়া সাম্ৰাজ্যৰ (Parthia Empire)  সময়ছোৱাত হোৱা জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ কথাকেই বুজোৱা হয়। নব্য বেবিলনীয় সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰা নাব'নাচ্চাৰ (Nabonassar)ৰ শাসনকালত লিপিবদ্ধ হোৱা আৰু বৰ্তমান ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষণ কৰি থোৱা বেবিলনীয় জ্যোতিৰ্বিজ্ঞান দিনলিপিসমূহত (Babylonian astronomical diaries) ১৮ বছৰৰ মূৰে মূৰে সংঘটিত হোৱা চন্দ্ৰগ্ৰহণৰ কথা উল্লেখ আছে, পিছৰ সময়ত টলেমিয়ে নিজৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰত এই তথ্যসমূহ ব্যৱহাৰ কৰিছিল। ছেলিউচিড সাম্ৰাজ্যৰ (Seleucid Empire) সময়ছোৱাত বেবিলনীয় জ্যোতিৰ্বিজ্ঞানে এক বিশেষ মাত্ৰা লাভ কৰিছিল, কাৰণ এই সময়তেই জ্যোতিৰ্বিদসকলে গ্ৰহৰ গতিৰ ওপৰত পূৰ্বানুমান কৰোতে "লক্ষ্য-বৰ্ষ নথি" (Goal-year Texts) ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।"লক্ষ্য-বৰ্ষ নথি" হ’ল ইতিমধ্যে দৃশ্যমান গ্ৰহসমূহৰ গতিবিধিৰ ওপৰত পৰ্যবেক্ষণ কৰি সংগ্ৰহ কৰি থোৱা তথ্যৰ একক সংকলন। "লক্ষ্য-বৰ্ষ নথি" ব্যৱহাৰ কৰা আৰম্ভ কৰাৰ কিছু সময় পিছতেই বেবিলনীয় জ্যোৰ্তিবিদসকলে পুৰণি তথ্যৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰাকৈ গ্ৰহৰ অৱস্থান আৰু গতি নিৰ্ধাৰণ কৰিব পৰা গাণিতিক আৰ্হি তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

বেবিলনীয় সভ্যতাত চিকিৎসা বিজ্ঞানৰ বিকাশ :

চিকিৎসাবিজ্ঞানৰ প্ৰাচীন পুথিসমূহৰ ভিতৰত প্ৰথম বেবিলনীয় সাম্ৰাজ্যৰ সময়ত এছগাৰ-কিন- অপলি (Esagil-kin-apli)য়ে লিখা  Diagnostic Handbookখন এখন অন্যতম প্ৰাচীনতম পুথি বুলি গণ্য কৰা হয়। বেবিলনীয়সকলেই পোনপ্ৰথমতে ৰোগৰ নিদান , লক্ষণ পৰ্যবেক্ষণ কৰি ৰোগ চিনাক্তকৰণ , ৰোগীৰ শাৰীৰিক পৰীক্ষা কৰা আৰু প্ৰেছ্ক্ৰিপছন্ লিখা ব্যৱস্থা আৰম্ভ কৰিছিল, তাৰোপৰি  Diagnostic Handbookখনেই পোনপ্ৰথমবাৰৰ বাবে  ৰোগীৰ চিকিৎসা ব্যৱস্থাত থেৰাপি পদ্ধতি, ৰোগ-হেতু বিজ্ঞান আৰু অনুভৱবাদ আদিৰ অন্তৰ্ভুক্তিৰ পৰামৰ্শ দিয়ে। এই পুথিখনত বহুতো ৰোগৰ লক্ষণ, কাৰণ/কাৰক আৰু সেইসমূহৰ বিধানৰ বিষয়ে  উল্লেখ কৰা আছে। সেই সময়ৰ বেবিলনীয় চিকিৎসা বিশেষজ্ঞসকলে বেণ্ডেজ, পিল আৰু ক্ৰিমৰদ্বাৰা ৰোগৰ চিকিৎসা কৰিছিল। এই পিল, ক্ৰিম আদি প্ৰাকৃতিকভাৱে উপলব্ধ সমলৰপৰা তৈয়াৰ কৰা হৈছিল, অৱশ্যে যদিহে এই চিকিৎসা বিধানৰ যোগেদি কোনো ৰোগীৰ ৰোগ ভাল নহৈছিল তেন্তে পৰম্পৰাগতভাৱে প্ৰচলিত তান্ত্ৰিক বিধানৰ যোগেদি ৰোগীৰ নিদান কৰা হৈছিল।

প্ৰাচীন সভ্যতাসমূহত বিজ্ঞানৰ বিভিন্ন শাখাসমূহত যি বিকাশ হৈছিল তাৰ ফলশ্ৰুতিতেই বৰ্তমান এই আধুনিক যুগত বিজ্ঞানে সফলতা আৰু বিকাশৰ চৰম সীমাত অৱতীৰ্ণ হ’ব পাৰিছে।

 

প্ৰাচীন ইজিপ্টত বিজ্ঞানৰ বিকাশ:

এইটো সত্য যে আজিৰ দিনত আমি বিজ্ঞানক যিদৰে সংজ্ঞাবদ্ধ কৰো তাৰ লগত আজিৰপৰা হাজাৰ হাজাৰ বছৰ আগতে প্ৰাথমিক সভ্যতাসমূহত বিকাশ হোৱা বিজ্ঞানৰ স্বৰূপক একে শাৰীতে ৰাখিব নোৱাৰো, কিন্তু এই কথাও কোনো কোনোপধ্যেই নুই কৰিব নোৱাৰো যে সেই প্ৰাচীন সভ্যতাসমূহত বিজ্ঞানৰ যি তাৎপৰ্যপূৰ্ণ বিকাশ হৈছিল তাৰ ফলতেই বিজ্ঞানে এক খৰতকীয়া আৰু ঊৰ্ধ্বগামী গতি লাভ কৰে। যোৱা সংখ্যাত প্ৰাচীন মধ্যপ্ৰাচ্যত হোৱা বিজ্ঞানৰ বিকাশ ব্যাখ্যা কৰোঁতে প্ৰাচীন বেবিলনত বিজ্ঞানৰ যি বিকাশ হৈছিল তাৰ ওপৰত আলোকপাত কৰা হৈছিল, এই সংখ্যাত প্ৰাচীন ইজিপ্টত হোৱা বিজ্ঞানৰ বিকাশৰ ওপৰত এক চমু আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

সহস্ৰাব্দৰপৰা মানৱজাতিৰ প্ৰগতি আৰু সামাজিক উত্তৰণৰ ক্ষেত্ৰত ইজিপ্টে গুৰুত্বপূৰ্ণ আৰু অনন্য অৱদান আগ বঢ়াই আহিছে। অন্য এক প্ৰাচীন সভ্যতা হিচাপে ইজিপ্ট বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত সময়তকৈ যথেষ্ট আগবঢ়া আৰু অন্য সভ্যতাৰ তুলনাত নেতৃস্থানীয় আছিল বুলি ক’লে অতিৰিক্তকৈ কোৱা নহ’ব, কাৰণ আধুনিক বিজ্ঞানৰ বহু শাখা যেনে জ্যোতিঃপদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, চিকিৎসাবিজ্ঞান আদিৰ মূল ভেটিৰ নিৰ্মাণ সেই প্ৰাচীন ইজিপ্টতেই হৈছিল বুলিব পাৰি, প্ৰকৌশল বিদ্যাৰ যি চমকপ্ৰদ বিকাশ হৈছিল তাৰ প্ৰমাণ আমি পিৰামিড আৰু কনাৰ্কৰ অতুলনীয় স্থাপত্যৰপৰা পাওঁ।

ৰাজবংশীয় শাসনাধীন ইজিপ্টত হোৱা বিজ্ঞানৰ বিকাশ :

ৰাজবংশীয় শাসনকালত জ্যোতিৰ্বিজ্ঞান, অংকশাস্ত্ৰ, চিকিৎসাবিজ্ঞান আদি ক্ষেত্ৰত প্ৰাচীন ইজিপ্টত বহুল মাত্ৰাত চৰ্চা আৰু বিকাশ হৈছিল বুলি পিছৰ সময়ত উদ্ধাৰ হোৱা বিভিন্ন সমলৰপৰা জানিব পাৰি। প্ৰাচীন ইজিপ্টবাসীসকলে বহু সৰল যন্ত্ৰ আৰু হেলনীয়া তলৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। আনহাতে, বছৰি নীল নদীৰ বানৰ কবলত পৰা মাটি-বাৰীৰ নক্সা আৰু অধিকাৰ স্বত্ব সংৰক্ষণ কৰিবৰ বাবে জ্যামিতিৰ ব্যৱহাৰ আৰু বিকাশ তাৎপৰ্যপূৰ্ণ হৈ পৰিছিল সেই সময়খিনিত। প্ৰাচীন ইজিপ্ট পশ্চিমৰ মানুহৰ বাবে সেই সময়তেই ‘এলকেমি’ৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল।

কাগজ আৰু লিখন : ‘পেপাৰ’ শব্দটোৰ মূল হ'ল গ্ৰীক শব্দ ‘পেপিৰাছ’ (papyrus), গ্ৰীকসকলে ‘ইজিপ্টৰ লিখন সঁজুলি’ বুলি বুজাবলৈ ‘পেপিৰাছ’ শব্দটো ব্যৱহাৰ কৰিছিল। ‘পেপিৰাছ’ নামৰ এবিধ উদ্ভিদৰপৰা এই সঁজুলি তৈয়াৰ কৰা হৈছিল । খ্ৰীষ্টপূৰ্ব প্ৰায় ৩০০০ মানৰপৰা ‘পেপিৰাছ’ তৈয়াৰ কৰা হৈছিল বুলি ধাৰণা কৰা হয়, উল্লেখ্য যে সেই ‘পেপিৰাছ’ গ্ৰীচ আৰু ৰোমলৈ ৰপ্তানি কৰা হৈছিল। কিন্তু ‘আলেকজেণ্ড্ৰিয়া পুথিভঁৰাল’ প্ৰতিষ্ঠা হোৱাৰ পিছত বাহিৰলৈ ‘পেপিৰাছ’ ৰপ্তানি কৰিব নোৱৰা হৈছিল, লিখা-মেলা বাঢ়ি যোৱা বাবে কাগজৰ নাটনি হৈছিল। প্ৰাচীন ইজিপ্টত ‘ইজিপ্টীয় হেইৰ'গ্লিফছ’ (Egyptian hieroglyphs) নামৰ এক ফ'নেটিক লিখন ব্যৱহাৰ কৰা হৈছিল, ইয়াৰ আধাৰতেই নতুন বৰ্ণৰ উদ্ভৱ হৈছিল, প্ৰাচীন ইজিপ্টীয়সকলে প্ৰথম দশমিক ব্যৱস্থাসমূহৰ অন্যতম এক দশমিক ব্যৱস্থা আৱিষ্কাৰ কৰিছিল।

(পেপিৰাছৰ ওপৰত লিখা আৰু অংকন কৰা প্ৰাচীন ইজিপ্টীয় কিতাপ বুক অব দা ডে'ডৰ এক অংশ)

স্থাপত্যকলাৰ ক্ষেত্ৰত হোৱা বিকাশ :

প্ৰাচীন ইজিপ্টৰ স্থাপত্য কলাৰ নিদৰ্শন দাঙি ধৰিব পৰা প্ৰায়বিলাক মন্দিৰ ইতিমধ্যেই ধ্বংস হৈ গৈছে, কিন্তু অদ্যপি থাকি যোৱা কিছুমান মন্দিৰ অথবা অট্টালিকাৰ ধ্বংসাৱশেষৰপৰা আৰু অন্য সমলৰপৰা এইটো কথা জানিব পৰা গৈছে যে প্ৰাচীন ইজিপ্টীয় বহু অট্টালিকা বা ভৱন মানুহৰদ্বাৰা নিৰ্মিত যিকোনো স্থাপত্যৰ তুলনাত যথেষ্ট বৃহৎ আছিল। তেনে এক নিদৰ্শন হ’ল খ্ৰীষ্টপূৰ্ব প্ৰায় ১৫০৮ৰপৰা ১৪৭৮ৰ ভিতৰত হেটশ্বেপছুট নামৰ ফাৰাওগৰাকীয়ে নিৰ্মাণ কৰোৱা এক বৃহৎ স্থাপত্য প্ৰকল্প, য’ত ফাৰাওগৰাকীয়ে নিজৰেই কেইবাটিও মূৰ্তি নিৰ্মাণ কৰোৱাইছিল। অন্য এক প্ৰাচীন ইজিপ্টীয় বৃহৎ স্থাপত্যকলাৰ নিদৰ্শন হ’ল টুটানকামুন নামৰ ফাৰাওগৰাকীৰ শিল কাটি নিৰ্মাণ কৰা সমাধিক্ষেত্ৰ। হেলিনীয় ইজিপ্টত লাইট-হাউছ প্ৰযুক্তিৰ বিকাশ হৈছিল, তাৰ এক নিদৰ্শন হ’ল ‘আলেকজেণ্ড্ৰিয়াৰ লাইট-হাউছ’, আলেকজেণ্ড্ৰিয়া সেই সময়ত এক ব্যস্ত আৰু গুৰুত্বপূৰ্ণ বন্দৰ আছিল, ইজিপ্টত নিৰ্মাণ হোৱা বস্তু-বাহানিৰ ৰপ্তানি অথবা অন্য দেশৰপৰা ইজিপ্টলৈ আমদানি এই বন্দৰৰ যোগেদিয়েই হৈছিল। জাহাজলৈ বস্তু উঠাবলৈ অথবা জাহাজৰপৰা বস্তু নমাবলৈ সেই সময়তেই এক বৃহৎ-দৈত্যকায় কেন্টিলিভাৰ ব্যৱহাৰ কৰা হৈছিল। ‘আলেকজেণ্ড্ৰিয়াৰ লাইট-হাউছ’ৰ নিৰ্মাণকাৰ্য খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই (খ্ৰীষ্টপূৰ্ব ২৮৫ৰপৰা ২৪৭ৰ ভিতৰত) সম্পন্ন হৈছিল, আলেকজেণ্ড্ৰিয়াৰ ফাৰ'চ নামৰ দ্বীপত ইয়াক নিৰ্মাণ কৰা হৈছিল। ‘নিডুছৰ ছষ্ট্ৰেটাছ’(Sostratus of Cnidus) নামৰ এজন গ্ৰীক স্থাপত্যবিদ আৰু অভিযন্তাই এই লাইট-হাউছটো নিৰ্মাণ কৰিছিল।

(ফাৰাও দ্বীপত থকা ‘লাইট-হাউছ অব আলেকজেণ্ড্ৰিয়া’)

বিশ্বৰ অন্য সকলো প্ৰাচীন সভ্যতাৰ ভিতৰত নীল উপত্যকাৰ সভ্যতা মিনাৰ অথবা অন্য স্থাপত্যকলাৰ নিৰ্মাণৰ ক্ষেত্ৰত অনন্য বুলি বিবেচিত হয়। ‘গিজাৰ পিৰামিড’ অথবা ‘মহান স্ফিংক্স’ ইয়াৰ এক অনন্য নিদৰ্শন। বিশ্বৰ সকলো পিৰামিডৰ ভিতৰত ইজিপ্টৰ পিৰামিডেই সবাতোকৈ জনাজাত, এই বৃহৎ গঠনসমূহ ইটা আৰু শিলেৰে নিৰ্মাণ কৰা হৈছিল, ইয়াৰে কেইটামান পিৰামিডক মানৱনিৰ্মিত যিকোনো গঠনৰ ভিতৰত আটাইতকৈ বৃহৎ বুলি গণ্য কৰা হয়। উল্লেখনীয় যে এই পিৰামিডসমূহ প্ৰাচীন ইজিপ্টৰ ৰজা অৰ্থাৎ ফাৰাওসমূহৰ সমাধিক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰা হৈছিল। গিজাৰ পিৰামিডৰ ভূমিক্ষেত্ৰৰ কালি হ'ল প্ৰায় ৫৩,০০০ বৰ্গ মিটাৰ। ইজিপ্টৰ তৃতীয় বৃহৎ পিৰামিড বুলি বিবেচনা কৰা ‘ৰঙা পিৰামিড’ খ্ৰীষ্টপূৰ্ব প্ৰায় ২৬ শতিকাতেই নিৰ্মাণ কৰা হৈছিল, ইয়াৰ প্ৰায় সমসাময়িকভাৱে নিৰ্মাণ কৰা ‘মেনকাউৰ'ৰ পিৰামিড’ চূণশিল আৰু গ্ৰেনাইড খণ্ডৰে নিৰ্মাণ কৰা হৈছিল। আনহাতে, গিজাৰ পিৰামিডৰ নিৰ্মাণত ‘ৰঙা অস্ৱৱান গ্ৰেনাইড’ ব্যৱহাৰ কৰা হৈছিল।

(গিজাৰ মালভূমি, পিছফালে খাফ'ৰ পিৰামিড)

‘এমেনেমহাট-৩য়’ৰ শাসনকালত নিৰ্মাণ কৰা ‘কৃষ্ণ- পিৰামিড’ৰ গঠনত ‘পিৰামিডিয়ন’ বা ‘কেপষ্ট'ন’ নামৰ মসৃণ কৰা গ্ৰেনাইড লগোৱা হৈছিল। প্ৰাচীন ইজিপ্টীয়সকলেই বিশ্বত প্ৰথমবাৰৰ বাবে শিলেৰে মিনাৰ নিৰ্মাণ কৰিছিল, ইয়াৰ এক উপযুক্ত নিদৰ্শন হ'ল বৰ্তমান কাইৰোৰপৰা প্ৰায় ৩০ কি.মি. আঁতৰত অৱস্থিত ‘চাক্কাৰা’ নামৰ মৃতকৰ শেষকৃত্য সমাপন কৰা ক্ষেত্ৰৰ মিনাৰৰ গঠন, উল্লেখনীয় যে এই ক্ষেত্ৰখনৰ পৃষ্ঠকালি হ'ল ৭ কি.মি. ১.৫ কি.মি.। সেই প্ৰাচীন ইজিপ্টত পিৰামিড বা অন্য বৃহৎ নিৰ্মাণসমূহত ব্যৱহাৰ কৰিবলৈ কিদৰে কঠিন গ্ৰেনাইড কাটিছিল অথবা ইমান গধুৰ আৰু বৃহৎ শিলবোৰ নিৰ্মাণস্থলীলৈ নিয়া হৈছিল তাৰ সন্তোষজনক ব্যাখ্যা আজিলৈকে পোৱা হোৱা নাই।

‘অবেলিস্কছ’ বা ‘টেখেনু’ আৰু বৃহৎ পিলাৰ (স্তম্ভ)ৰ নিৰ্মাণ :

‘অবেলিস্কছ’সমূহ প্ৰাচীন ইজিপ্টীয় স্থাপত্যকলাৰ এক গুৰুত্বপূৰ্ণ অংশ, সাধাৰণতে এই ‘অবেলিস্কছ’সমূহ গুৰুত্বপূৰ্ণ অট্টালিকা বা মন্দিৰৰ প্ৰৱেশদ্বাৰত স্থাপন কৰা হৈছিল, ‘অবেলিস্কছ’ হ'ল এক প্ৰকাৰৰ ওখ, ওপৰটো জোঙা, চাৰিখনকৈ পৃষ্ঠ থকা এক স্তম্ভৰ দৰে গঠন, ইয়াৰ মূধচভাগ পিৰামিডৰ দৰে নিৰ্মাণ কৰা হয়। ‘অবেলিস্কছ’ শব্দটো ইজিপ্টীয় ভাষাৰ শব্দ নহয়, ই গ্ৰীক ভাষাৰ শব্দ, ইজিপ্টীয় ভাষাত ইয়াক ‘টেখেনু’ বুলি কোৱা হৈছিল। হিৰ'ডটাছৰ দৰে যিসকল পৰিভ্ৰমণকাৰীয়ে এই স্থাপত্য দেখিছিল তেওঁলোকে ‘অবেলিস্কছ’ শব্দটো ব্যৱহাৰ কৰিছিল। উল্লেখনীয় যে সেই প্ৰাচীন ‘অবেলিস্কছ’সমূহ প্ৰায়েই ‘ম'ন'লিথিক’ আছিল, অৰ্থাৎ মাত্ৰ এটা শিলৰপৰাই নিৰ্মাণ কৰা হৈছিল।

জলসিঞ্চন আৰু কৃষি ব্যৱস্থা :

খৰাং বতৰত অথবা শুকান অঞ্চলত কৃষিকৰ্মত কৃত্ৰিমভাৱে জলযোগান সম্ভৱ কৰিবৰ বাবে প্ৰাচীন ইজিপ্টতৰ বহু কৃষি খণ্ডত জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগ কৰা হৈছিল, সেয়েহে প্ৰাচীন ইজিপ্টত এক ‘হাইড্ৰ’লিক সভ্যতা’ (Hydraulic Civilization)ৰ বিকাশ হৈছিল বুলিও ক’ব পাৰি। প্ৰায় ১৮০০ খ্ৰীষ্টপূৰ্বত, দ্বাদশ ৰাজবংশৰ ফাৰাও এমেনেমহাট-তৃতীয়ৰ শাসনকালত ‘ফায়া'ম’ নামৰ প্ৰাকৃতিক হ্ৰদ এটাক পানী জমা ৰাখিবলৈ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে, সেই জমা কৰা পানী খৰাং পৰিস্থিতিত কৃষিক্ষেত্ৰলৈ যোগান ধৰা হৈছিল।

(প্ৰাচীন ইজিপ্টত নিৰ্মাণ কৰা এক কৃত্ৰিম জলসিঞ্চনৰ খাল)

ইজিপ্টৰ কৃষিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত নীল নদীৰ ভূমিকা অপৰিসীম, নীল নদীয়ে প্ৰতি বছৰে প্লাৱিত কৰা ভূমি যথেষ্ট খাৰুৱা আছিল আৰু ইয়াৰ ফলস্বৰূপে বিস্তৰ ৰূপত শস্য উৎপাদন সম্ভৱ হৈছিল, ইতিমধ্যেই এই কথা প্ৰমাণিত হৈছে যে সেই প্ৰাচীন ইজিপ্টতেই বিশ্বত প্ৰথমবাৰৰ বাবে বিস্তৃত ৰূপত খেতি কৰা হৈছিল; অৱশ্যে কৃষিকৰ্মত ইজিপ্টবাসীয়ে যি অভূতপূৰ্ব বিকাশ ঘটাইছিল তাত বহু পৰিমাণে তেওঁলোকে উদ্ভাৱন জলসিঞ্চন ব্যৱস্থাৰ অৰিহণাও যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। প্ৰাচীন ইজিপ্টত যথেষ্ট পৰিমাণে ঘেঁহু, বাৰ্লি আদি খাদ্য শস্যৰ উপৰিও শণ, পেপিৰাছ আদি ঔদ্যোগিক শস্যৰ উৎপাদন কৰা হৈছিল। নীল নদীয়ে প্ৰত্যেক বছৰে একে সময়তেই বানপানীৰ সৃষ্টি কৰিছিল আৰু তাৰ পানীৰে ইয়াৰ উপত্যকা অঞ্চল বুৰাই পেলাইছিল, প্ৰত্যেক বছৰে আগষ্ট-ছেপ্টেম্বৰ মাহত বানপানীয়ে বুৰাই পেলায় আৰু অক্টোবৰ মাহত সেই পানী ওলাই যায়, কিন্তু সেই বানপানীয়ে খেতিপথাৰত যথেষ্ট পৰিমাণে হিউমাছ এৰি থৈ যায়, যাৰ ফলত পথাৰসমূহ খাৰুৱা হৈ পৰে। ইজিপ্টবাসী কেৱল প্ৰাকৃতিক বানপানী অথবা অন্য প্ৰাকৃতিক উৎসৰ ওপৰতে নিৰ্ভৰশীল নহৈ কৃত্ৰিমভাৱে জলসিঞ্চন বা জলযোগান ব্যৱস্থাৰ বিকাশ ঘটাইছিল, তেওঁলোকে কৃত্ৰিম নলা খান্দি বানপানীৰ সময়ত অতিৰিক্ত পানীভাগ ভিতৰৰ নগৰসমূহলৈ আৰু বাগিছাসমূহলৈ বোৱাই নিছিল। উল্লেখনীয় যে এনে জলসিঞ্চন ব্যৱস্থা সমূহ কিন্তু কোনো ৰাজকীয় পৃষ্ঠপোষকতাত সম্ভৱ হোৱা নাছিল, খেতিয়কসকলে ব্যক্তিগতভাৱে অথবা সমবায় ভিত্তিত এই খালসমূহ খান্দিছিল।

প্ৰাচীন ইজিপ্টত কৃষি ব্যৱস্থা :

সাধাৰণতে শস্য আৰু বীজ ৰোপণ কৰিবলৈ মাটি চহাওঁতে মাটিখিনি নাঙলেৰে দ-কৈ খানিবলগীয়া হয়, যাতে মাটিৰ পোষক দ্ৰব্যসমূহ ভালদৰে ওপৰ-তল হয়। কিন্তু প্ৰাচীন ইজিপ্টত নীল নদীয়ে প্ৰতি বছৰে অনা বানপানীয়ে খেতিৰ মাটিৰ ওপৰত পৰ্যাপ্ত পৰিমাণে হিউমাছ এৰি থৈ যায় বাবে মাটি চহাওঁতে বেছি দ-লৈ খান্দিব লগীয়া নহয়। সেয়ে হাল বোৱাটো সহজ হৈ পৰিছিল, ইয়াৰ বাবে সেই সময়ত তাত উপলব্ধ যিকোনো হাল টানিব পৰা পশুৰ শিঙত নাঙলৰ যুৱলি বান্ধি দিয়া যাতে হাল টানি নিব পাৰে। বহু ক্ষেত্ৰত হাল টানিব পৰা পশুৰ অভাৱৰ পৰিপ্ৰেক্ষিতত খন্টিৰ সহায়ত মাটি ঢিলা কৰা হৈছিল, এই খন্টিবোৰৰ হাতল যথেষ্ট চুটি আছিল। প্ৰাচীন ইজিপ্টীয় কৃষকসকলে আজিও বহুত কৃষিপ্ৰধান অঞ্চলত কৃষকে হাতেৰে ছটিয়াই বীজ সিঁচাৰ দৰে সিঁচিছিল। এনে কৰোঁতে কৃষকজনে এহাতে এটা পাচি বা খৰাহিত বীজসমূহ লয় আৰু আনখন হাতেৰে সিঁচি যায়, কেতিয়াবা আকৌ কোনো কোনো কৃষকে ডিঙিৰপৰা দুফালে দুটা বীজ থকা পাচি বা খৰাহি ওলোমাই লয় আৰু দুয়োখন হাতেৰে সিঁচি যায়। বীজ সিঁচি যোৱাৰ লগে লগে মাটিখিনিৰ ওপৰত পাতলকৈ আকৌ নাঙলেৰে চহাই দিয়া হয়।

প্ৰত্যেক বছৰে প্ৰাচীন ইজিপ্টত বীজ ৰোপণ কৰিব লগীয়া কৃষিভূমিৰ কালি নিৰ্ণয় কৰে সেই বছৰ নীল নদীৰ বানে হিউমাছ এৰি থৈ যোৱা মাটি-কালিৰ ওপৰত। অৰ্থাৎ, প্ৰত্যেক বছৰে নীল নদীৰ বানপানীয়ে যিমান কৃষিভূমি বুৰাই থৈ যায় সিমান অঞ্চলতহে খেতি কৰা হৈছিল। গড় হিচাপত এই মাটি-কালিৰ পৰিমাণ বাৰ্ষিকভাৱে ২০,০০০ৰপৰা ৩৪,০০০ বৰ্গ কিলোমিটাৰ জোৰা হয়। প্ৰাক সেউজ বিপ্লৱৰ সময়খিনিত প্ৰাচীন ইজিপ্টত বছৰে প্ৰতি হেক্টৰ মাটিত প্ৰায় ৭৫০ কিলোগ্ৰামকৈ শস্য বীজ উৎপাদন হৈছিল। সেই হিচাপত আনুমানিকভাৱে প্ৰতি বছৰে উৎপাদিত হোৱা মুঠ বীজৰ পৰিমাণ প্ৰায় ১৫ৰপৰা ২৫ লাখ টনৰ ভিতৰত হ’ব, কিন্তু বিভিন্ন কাৰণবশতঃ প্ৰায়েই বহুতসংখ্যক বীজ নষ্ট হৈছিল, অৱশ্যে প্ৰতি বছৰে ৰাজহুৱা ভঁৰালত জমা থ’ব পৰাকৈ আৰু অন্য দেশলৈ ৰপ্তানি কৰিব পৰাকৈ যথেষ্ট পৰিমাণে বীজ উৎপাদন হৈছিল।

আখেটাটেন'ৰ এটা বীজৰ ৰাজহুৱা ভঁৰাল।

কাচ-কৰ্ম

কাচ তৈয়াৰ কৰা আৰু কাচৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰাচীন ইজিপ্টীয় প্ৰযুক্তি তুলনামূলকভাৱে যথেষ্ট আগবঢ়া আছিল। ধাৰণা কৰা হয় যে খ্ৰীষ্টপূৰ্ব ১৫০০ মানত (কিছু কিছু বিশেষজ্ঞৰ মতে আজিৰপৰা প্ৰায় ৩৫০০ বছৰ আগত) ইজিপ্টতেই কাচৰ মণি আৰু জপমালা তৈয়াৰ কৰাৰ শিল্প আৰম্ভ হৈছিল, এই মণি আৰু জপমালাসমূহ বিভিন্ন ৰঙৰ আছিল। গলিত কাচ এডাল ধাতুৰ মাৰিৰ ওপৰত পকাই এই মালাসমূহ বনোৱা হৈছিল, এই মালাবোৰক বিনিময় ব্যৱসায়ৰ অতি দামী সামগ্ৰী হিচাপে গণ্য কৰা হৈছিল, বিশেষকৈ নীলা মণিৰ মালাবোৰৰ যথেষ্ট সমাদৰ আছিল কাৰণ এইবোৰৰ যাদুকৰী শক্তি আছিল বুলি প্ৰাচীন ইজিপ্টীয়সকলে বিশ্বাস কৰিছিল।

ডেনমাৰ্কত এটা ৩৪০০ বছৰ পুৰণি কবৰ খান্দোতে উদ্ধাৰ হোৱা দুটা প্ৰাচীন ইজিপ্তত তৈয়াৰ কৰা নীলা কাচৰ মণি, গৱেষকৰ মতে এই মণি সমূহ সম্ভৱতঃ ইউৰোপীয় বাণিজ্যিক পথেৰে ইজিপ্তৰ পৰা ডেনমাৰ্কলৈ অনা হৈছিল।

কিছুদিন আগতে ইজিপ্টৰ কোৱান্টিৰ নামৰ গাঁওখনত কাচ শিল্পত ব্যৱহৃত হোৱা কিছুমান সামগ্ৰী উদ্ধাৰ হৈছে, তাৰ ভিতৰত কাচৰ অংশ ধৰি ৰাখিবলৈ তৈয়াৰ কৰা মাটিৰ পাত্ৰ আৰু অন্যান্য কাচ ধৰি ৰখা সামগ্ৰী আছে। এই উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ ওপৰত কৰা ৰাসায়নিক গৱেষণাৰপৰা সেই যুগত কিদৰে কাচ আৰু কাচৰ সামগ্ৰী তৈয়াৰ কৰা হৈছিল তাৰ কিছু আভাস পোৱা গৈছে। গৱেষকসকলৰ মতে প্ৰাচীন ইজিপ্টীয় কাচ শিল্পীসকলে প্ৰথমে খৰি জ্বলাই পোৱা ছাই আৰু কোৱাৰ্টজৰ গুটি গুৰি কৰি মিহলি কৰিছিল আৰু এই মিশ্ৰণটো মাটিৰ সৰু জাৰত লৈ নিম্ন উষ্ণতাত গৰম কৰিছিল যাতে মিশ্ৰণটোৰ সৰহভাগ অংশ কাচৰ বড়িলৈ ৰূপান্তৰ হয়। ইয়াৰ পিছতে এই বড়িবোৰ ভাঙি গুড়ি কৰা হয় যাতে বড়িবোৰ পাউডাৰলৈ পৰিণত হয়, পৰৱৰ্তী পৰ্যায়ত এই পাউডাৰ পৰিষ্কাৰ কৰি ধাতৱ মিশ্ৰিত ৰাসায়নিক পদাৰ্থৰ সহায়ত ৰঙা বা নীলা ৰঙৰ পাউডাৰলৈ ৰঙীন কৰা হয়। ইয়াৰ পিছৰ প্ৰক্ৰিয়াত কাচকৰ্মীসকলে এই শোধিত পাউডাৰবোৰ মাটিৰ চুপিৰ সহায়ত চেৰামিক পাত্ৰত ভৰাই দিয়ে আৰু উচ্চ উষ্ণতালৈ গৰম হ’বলৈ দিয়ে। এনেদৰে কিছু সময় গৰম কৰাৰ পিছত এই পাউডাৰ গৰম কৰা পাত্ৰবোৰ ঠাণ্ডা হ’বলৈ দিয়ে, ঠাণ্ডা হোৱাৰ পিছত এই মাটিৰ পাত্ৰবোৰ ভাঙি তাৰ ভিতৰৰপৰা ইতিমধ্যে কঠিন ডিক্সলৈ ৰূপান্তৰ হোৱা কাচসমূহ সংগ্ৰহ কৰে।

 

শোধিত কাচৰ গুড়ি গৰম কৰা চেৰামিক পাত্ৰ।

 

শোধিত কাচৰ গুড়ি চেৰামিক পাত্ৰত ভৰাবলৈ ব্যৱহাৰ কৰা মাটিৰ চুপিৰ এক অংশ।

আন কিছু গৱেষকৰ মতে, প্ৰাচীন ইজিপ্টীয়সকলে "মূল-গঠন" আৰু "অপকেন্দ্ৰিক" পদ্ধতিৰ সহায়ত কাচৰ সৰু জাৰ, বটল ইত্যাদি নিৰ্মাণ কৰিছিল। এই পদ্ধতিত কাচৰ সূতা কিছুমান এদাল লোত বান্ধি ৰখা বালিৰ মোনা এটাৰ চাৰিওকাষে মেৰিয়াই দিয়া হয় আৰু এই মোনাটো ধাৰাবাহিকভাৱে পুনঃ পুনঃ তেতিয়ালৈকে গৰম কৰা যেতিয়ালৈকে কাচৰ সূতাবোৰ গলি একেলগ হৈ নাযায়। যেতিয়ালৈকে কাচৰ সূতাবোৰ গলাই বিচৰাধৰণৰ আকৃতি আৰু গঠন পোৱা নাযায় তেতিয়ালৈকে বালিৰ মোনাটো ঘূৰাই থকা হয়। যেতিয়া ৰডটুকুৰা ঠাণ্ডা হৈ পৰে তেতিয়া বালিৰ মোনাটো ফুটাই দিয়া হয় আৰু তাৰপৰা ওলাই অহা বালিখিনি পুনৰ ব্যৱহাৰ কৰা হয়।

প্ৰাচীন ইজিপ্টীয় জ্যোতিৰ্বিজ্ঞানৰ বিকাশ :

আগতে উল্লেখ কৰি অহা হৈছে যে প্ৰাচীন ইজিপ্টৰ সকলোধৰণৰ কৃষিকৰ্ম নীল নদীয়ে প্ৰতি বছৰে সৃষ্টি কৰা বানপানীয়ে নিয়ন্ত্ৰণ কৰিছিল। আনকি এই বানপানীয়েই যে ইজিপ্টীয় সভ্যতাৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলাইছিল সেই কথা সৰহসংখ্যক ইতিহাসবিদেই স্বীকাৰ কৰে। গতিকে স্বাভাৱিকতেই প্ৰাচীন ইজিপ্টীয় জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰতো নীল নদীৰ বানপানীয়েই মূল চালিকাশক্তিৰ ভূমিকা পালন কৰিছিল, কিয়নো আকাশলৈ চাই বতৰৰ নিখুঁত আগজাননী দিয়াটো কৃষিকৰ্মৰ বাবে অতি গুৰুত্ত্বপূৰ্ণ আছিল। প্ৰাচীন ইজিপ্টীয় বিজ্ঞানৰ বিকাশৰ ধাৰা লক্ষ্য কৰি এই কথা অনস্বীকাৰ্য যে ইজিপ্টীয়সকল পৰ্যবেক্ষণ আৰু ব্যৱহাৰিক তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰাচীন বেবিলনীয়সকলৰ তুলনাত যথেষ্ট বাস্তৱিক দৰ্শনসম্পন্ন আছিল আৰু ইয়াৰ প্ৰতিফলন ঘটিছিল প্ৰাচীন ইজিপ্টীয় জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰখনত। খ্ৰীষ্টপূৰ্ব ৩০০০ মানত নিম্ন আৰু উচ্চ ইজিপ্ট একত্ৰ হোৱাৰ আগতেই আকাশৰ পৰ্যবেক্ষণৰ ভিত্তিতেই মূল ইজিপ্টীয় ধৰ্মৰ বিকাশ হৈছিল, তাৰ ফলশ্ৰুতিতেই এই ধৰ্মৰ প্ৰায়সংখ্যক দেৱ-দেৱীয়েই আকাশী বস্তুৰ নামসম্পন্ন ব্যক্তিত্বৰ আছিল। নিম্ন ইজিপ্টৰ পুৰোহিতসকলে সূৰ্য উদয়ৰ সময়ত সূৰ্যৰ অৱস্থান নিৰ্ণয়ৰ বাবে বোকা-ইটাৰ একোখন ভুৱা প্ৰাচীৰ নিৰ্মাণ কৰোৱাইছিল আৰু এটা উলম্ব দোলকৰ সহায়ত উত্তৰা আৰু দক্ষিণা অয়নান্ত নিৰ্ধাৰণ কৰিছিল আৰু ইয়াৰ সহায়ত তেওঁলোকে সূৰ্যকেন্দ্ৰিক বাৰ্ষিক পঞ্জিকা তৈয়াৰ কৰিছিল। এই ব্যৱহাৰিক পৰ্যবেক্ষণৰপৰাই তেওঁলোকে প্ৰথম জানিব পাৰিছিল যে "সূৰ্য-ফলি"খন (তেতিয়া ধাৰণা কৰা মতে), যাক "ৰা" বোলা হৈছিল তাৰ শীতকালীন জন্মস্থানৰপৰা পুনৰ সেই অৱস্থানলৈ উভতি আহিবলৈ ৩৬৫ দিন লাগে। একে সময়তে উচ্চ ইজিপ্টত চন্দ্ৰৰ গতিবিধি আৰু "ছিৰিয়াছ" নামৰ তৰাৰ বাৰ্ষিকভাৱে ৭০ দিনৰ অন্তৰ্ধানৰ মূৰকত পুনঃ পুনঃ দেখা দিয়া পৰিঘটনা লক্ষ্য কৰি চান্দ্ৰ-পঞ্জিকা তৈয়াৰ কৰা হৈছিল। কিন্তু উচ্চ আৰু নিম্ন ইজিপ্ট একত্ৰ হোৱাৰ পিছত দুখন ভিন্ন কেলেণ্ডাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছিল, সেয়ে দুয়োখন কেলেণ্ডাৰ একেলগ কৰি এখন পূৰ্ণাংগ বাৰ্ষিক কেলেণ্ডাৰ তৈয়াৰ কৰা হৈছিল। এই কেলেণ্ডাৰখনত বছৰটোক ৩০ দিনীয়া ১২টা মাহত, ৪ মহীয়া তিনিটা ঋতুত আৰু অতিৰিক্ত ৫টা দিনত ভাগ কৰা হৈছিল, এইদৰে সেই কেলেণ্ডাৰত এটা বছৰ ঠিকেই ৩৬৫ দিনীয়া হৈছিল, কিন্তু বাকী এক-চতুৰ্থাংশ দিনৰ উল্লেখ নাছিল। এই কেলেণ্ডাৰ মতে দিন আৰু ৰাতিবোৰক মুঠতে ২৪টা এককত ভাগ কৰা হৈছিল আৰু প্ৰতিটো একক একোগৰাকী দেৱীৰ নামেৰে ৰখা হৈছিল। চেটি-I'ৰ কেন'টাফত উদ্ধাৰ হোৱা এটা সূৰ্য-ঘড়ীত পোৱা নিৰ্দেশনা মতে এটা বিশেষ দিনৰ ঘন্টাক ১০টা এককত, ৰাতিটোক ১২ ঘন্টাত আৰু সূৰ্যোদয় আৰু সূৰ্যাস্তৰ বাবে এক ঘন্টাকৈ ভাগ কৰা হৈছিল। অৱশ্যে চেটি-I'ৰ সাধাৰণ দিনবোৰত ৰাতি আৰু দিনক ১২ ঘন্টাকৈ ভাগ কৰা হৈছিল, অৱশ্যে বছৰৰ ভিন্ন সময়ত এই ঘন্টাৰ বিভাজন সলনি হৈ থাকে।

এই কথা প্ৰায়েই উত্থাপিত হয় যে প্ৰাচীন ইজিপ্টীয় ভৱন, প্ৰাসাদ আৰু অন্য স্থাপত্য কলাসমূহ তৰাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। উদাহৰণস্বৰূপে কাৰ্ডিনেল বিন্দুৰ শাৰীত পৰাকৈ পিৰামিড নিৰ্মাণ কৰা হৈছিল, অন্য বহুতো মন্দিৰ মধ্য-শীতকালীন সূৰুযৰ উঠন অক্ষৰ শাৰীত পৰাকৈ নিৰ্মাণ কৰা হৈছিল, ইজিপ্টীয় কৃষকসকলৰ বাবে ইয়াৰ তাৎপৰ্য আছিল যে তেওঁলোকে বসন্ত কালত শস্য ৰোপণ আৰম্ভ কৰা উচিত। গিজাৰ পিৰামিডো যথেষ্ট পৰিমাণে জ্যোতিৰ্বিজ্ঞানৰ তাৎপৰ্যৰে ভৰি আছে, যদিও এই পিৰামিডৰ গাঁথনিক ভিত্তি ধৰ্মীয় বিশ্বাস, তথাপিও ইয়াৰ অন্তৰালত প্ৰভূত পৰিমাণে জ্যোতিৰ্বিজ্ঞানৰ ধাৰণা লুকাই আছে। আনহাতে, পিৰামিডৰ ভিতৰত "ছিৰিয়াছ" আৰু "অৰিয়ন"ৰ অৱস্থানৰ দিশত দক্ষিণমুৱাকৈ বায়ু-খাদ নিৰ্মাণ কৰা হৈছিল, সেই একেদৰে পৰিধ্ৰুৱীয় তৰাৰ অৱস্থানৰ দিশত উত্তৰমুৱাকৈও বায়ু-খাদ নিৰ্মাণ কৰা হৈছিল। এনে কিছুমান পিৰামিডকেন্দ্ৰিক মতবাদ আছে যে পিৰামিডসমূহ অৰিয়নৰ পোহৰ প্ৰতিফলন কৰাকৈ আৰু গিজাৰ তিনিটা পিৰামিড অৰিয়নৰ বেল্টক প্ৰতিনিধিত্ব কৰাকৈ নিৰ্মাণ কৰা হৈছিল।

 

পিৰামিদৰ এটা বায়ুখাদৰ দৃশ্য

একেদৰে ৰজাৰ উপত্যকাত ৰেমেচেচ-২'য়ে আবু চিম্বেলৰ বৃহৎ মন্দিৰ এনেদৰে নিৰ্মাণ কৰোৱাইছিল যে কেৱল ২০ অক্টোবৰ আৰু ২০ ফ্ৰেব্ৰুৱাৰিতহে সূৰ্যৰ পোহৰ ইয়াৰ অন্তৰ্ভাগলৈ সোমাব পাৰে ।

 

আবু চিম্বেলৰ বৃহৎ মন্দিৰ

ইজিপ্টৰ ষষ্ঠ ৰাজবংশীয় শাসনকালৰ সময়ত ছয় জন ৰজাই "ৰা"ৰ সন্মানাৰ্থে কেইবাটাও সূৰ্য মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। শেহতীয়াকৈ খন্দনৰপৰা উদ্ধাৰ হোৱা আবু গুৰাবত নুচেৰে আৰু আবুচিৰত উচেৰকেফে নিৰ্মাণ কৰা মন্দিৰৰ অংশৰপৰা এই কথা জানিব পাৰি যে সেই ভৱনসমূহৰ মূধচ তৰা নিৰীক্ষণ কৰিবলৈ আৰু ৰাতিৰ মুঠ ঘন্টাৰ সংখ্যা হিচাপ কৰাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছিল।

আবু গুৰাবত ৰজা নুচেৰে নিৰ্মাণ কৰোৱা সূৰ্য মন্দিৰৰ উদ্ধাৰ হোৱা কিছু অংশ।

এনে বহুতো প্ৰাচীন ইজিপ্টীয় স্থাপত্য আৰু অন্যধৰণৰ নিদৰ্শন উদ্ধাৰ হৈছে, যিবিলাকৰপৰা এই কথা স্পষ্ট হয় যে প্ৰাচীন ইজিপ্টত বহুল মাত্ৰাত জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা হৈছিল। যদিও এই চৰ্চা আৰু পৰ্যবেক্ষণসমূহৰ মূল হোতা ধৰ্ম আছিল, তথাপি আমি এই কথা স্বীকাৰ কৰিব লাগিবই যে আধুনিক জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ মূল ভেটি এই প্ৰাচীন সভ্যতাসমূহতেই ঠন ধৰি উঠিছিল।

প্ৰাচীন ইজিপ্টত চিকিৎসাবিদ্যা আৰু ঔষধবিদ্যাৰ বিকাশ :

প্ৰাচীন ইজিপ্টৰ ঔষধৰ বিভিন্নতা আৰু প্ৰয়োগ, লগতে চিকিৎসাবিদ্যাৰ বিকাশ তুলনামূলকভাৱে সেই সময়ৰ হিচাপত যথেষ্ট আগবঢ়া আছিল। ইজিপ্টীয় সভ্যতাৰ আৰম্ভণিৰপৰা প্ৰায় ৫২৫ B.C.ত হোৱা পাৰ্ছিয়ান আক্ৰমণৰ সময়লৈকে ইজিপ্টীয় চিকিৎসাবিদ্যাৰ স্বৰূপ প্ৰায় একেই আছিল, কিন্তু সেই সময়ৰ তুলনাত বহু পৰিমাণে আগবঢ়া আৰু উচ্চ মানৰ আছিল। ইয়াৰ ভিতৰত সৰল অস্ত্ৰোপচাৰ, হাড় জোৰা লগোৱা বা সঠিক স্থানলৈ অনা, দাঁতৰ বিভিন্ন ৰোগৰ চিকিৎসা আদি আছিল। তাৰ উপৰিও প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদসকলে "PHARMACOPOEIA"ৰ (বিভিন্ন ঔষধৰ নাম, প্ৰয়োগ, তাৰ ব্যৱহাৰৰ ফল, গঠনৰ উপাদান আদি উল্লিখিত এক প্ৰকাৰৰ লিখিত প্ৰকাশ) বিকাশ সাধন কৰিছিল।

প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশৰ বিষয়ে আমি সেই সময়ত ইজিপ্ট ভ্ৰমণ কৰিবলৈ যোৱা বিভিন্ন ভ্ৰমণকাৰীৰ লেখা আৰু টোকাৰপৰা সবিশেষ ধাৰণা ল'ব পাৰো। গ্ৰীক ইতিহাসবিদ হেৰ'ডটাছে ৪৪০ B.C.ত ইজিপ্ট ভ্ৰমণ কৰিছিল আৰু তেওঁ নিজৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰপৰা ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশৰ বিষয়ে বিস্তৃত ৰূপত লিখি থৈ গৈছে। প্লিনি দি এলদাৰ-য়েও বুৰঞ্জীমূলক পুনৰীক্ষণত ইজিপ্টীয় ঔষধ আৰু চিকিৎসাবিদ্যাৰ ওপৰত যথেষ্ট প্ৰশংসামূলক ব্যাখ্যা দাঙি ধৰিছে।

১৮২২ চনত "ৰ'জেট্টা ষ্ট'ন"ৰ অনুবাদ হোৱাৰ পিছত চিকিৎসাবিদ্যাৰ লগত জড়িত প্ৰাচীন ইজিপ্টীয় "HIEROGLYPHIC" (প্ৰাচীন ইজিপ্টত শিলালিপি বা পেপিৰাছত আখৰৰ সলনি চিত্ৰৰে বৰ্ণনা কৰা অংকিত ৰূপ) শিলালিপি আৰু পেপিৰাছত লিপিবদ্ধ কৰা ব্যাখ্যাসমূহো অনুবাদ কৰিবলৈ সহজ হৈ পৰিল। ১৯ শতিকাৰ সময়ছোৱাত ইজিপ্টীয় ইতিহাসৰ অধ্যয়নৰ যি উৎসাহ বৃদ্ধি হৈছিল তাৰ ফলতে প্ৰাচীন ইজিপ্টীয় সভ্যতাত হোৱা চিকিৎসাবিদ্যাৰ অভাবনীয় বিকাশৰ প্ৰমাণ দাঙি ধৰা বিভিন্ন লিখিত টোকা উদ্ধাৰ হৈছিল, যেনে - এবাৰছ পেপিৰাছ, দি এল্ডৱিন পেপিৰাছ, দ্য হাৰ্ষ্ট পেপিৰাছ, দ্য লণ্ডন মেডিকেল পেপিৰাছ আৰু প্ৰায় খ্ৰীষ্টপূৰ্ব ২৯০০ মানৰে বহু পেপিৰাছ ইয়াৰ প্ৰমাণ সাক্ষ্য।

(ইতিমধ্যে উদ্ধাৰ হোৱা চিকিৎসাবিদ্যা বিষয়ক দুখন পেপিৰাছ)

দি এল্ডৱিন পেপিৰাছ হ'ল এখন অস্ত্ৰোপচাৰ আৰু দৈহিক গঠনৰ (ANATOMICAL) পৰ্যবেক্ষণৰ পাঠ্যপুথিৰ দৰে, ইয়াত ৰোগীৰ "পৰীক্ষা", "ৰোগ নিৰ্ধাৰণ", "পৰিচৰ্যা" আৰু "ৰোগীৰ অৱস্থাৰ পৰিৱৰ্তনৰ পৰ্যবেক্ষণ" আদিৰ বিষয়ে ইয়াত বিস্তৃত বৰ্ণনা আছে। এইখন সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১৬০০ মানত লিখা হৈছিল। কিন্তু ইয়াত প্ৰায় খ্ৰীষ্টপূৰ্ব ৩০০০ মানৰপৰা সংগ্ৰহ কৰা চিকিৎসাবিদ্যাৰ বিভিন্ন তথ্যৰ ব্যাখ্যাও আছে। সেয়ে এই পুথিখনক শিকন সমল হিচাপে চিকিৎসাবিদ্যাৰ শিক্ষাত ব্যৱহাৰ কৰা হৈছিল। ইয়াত বিভিন্ন জন্তুৰ দেহ, শাক-পাচলি বা ফল-মূলৰপৰা তৈয়াৰ কৰা মলমৰ ব্যৱহাৰৰ বিষয়ে বহুল মাত্ৰাত উল্লেখ আছে। এতিয়ালৈকে আৱিষ্কাৰ হোৱা তথ্য মতে প্ৰায় খ্ৰীষ্টপূৰ্ব ২৭৫০ মানত ইজিপ্টত প্ৰথমটো অস্ত্ৰোপচাৰ কৰা হৈছিল।

এবাৰছ পেপিৰাছ প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫৫০ মানত লিপিবদ্ধ কৰা হৈছিল, ইয়াত প্ৰায় ৮৭৭খন প্ৰেষ্ক্ৰিপশ্যন উল্লেখ আছে, তাৰোপৰি ইয়াত "টিউমাৰ" সন্দৰ্ভতো বিস্তৃত বৰ্ণনা আছে। "কাহুন স্ত্ৰীৰোগ বিষয়ক পেপিৰাছ"ত মহিলাৰ গৰ্ভধাৰণমূলক সমস্যা, যৌন ৰোগ, গৰ্ভপাত আদি সন্দৰ্ভত উল্লেখ আছে। ইয়াত ৩৪টা ৰোগ নিৰ্ণয় কৰা কেছৰ, পৰিচৰ্যা কৰাৰ কৌশল সন্দৰ্ভত উল্লেখ আছে। প্ৰায় খ্ৰীষ্টপূৰ্ব ১৮০০ মানত লিখা এইখনেই এতিয়ালৈকে অক্ষুণ্ণ হৈ থকা একমাত্ৰ চিকিৎসাবিদ্যা বিষয়ক নথি।

অন্য নথিবোৰ যেনে হাৰ্ষ্ট পেপিৰাছ (খ্ৰীষ্টপূৰ্ব ১৪৫০) আৰু বাৰ্লিন পেপিৰাছ (খ্ৰীষ্টপূৰ্ব ১২০০) আদিত প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিষয়ে যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ তথ্য আছে, ইয়াৰপৰাই আমি প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশৰ বিষয়ে এক বহুল মাত্ৰাত ধাৰণা কৰিব পাৰো।

(চিকিৎসাবিদ্যা আৰু ঔষধৰ বিষয়ে উল্লেখ থকা এখন শিলালিপি)

বিভিন্ন কবৰ, পিৰামিড বা মামি ৰখা স্থানবোৰত অংকিত বিভিন্ন চিত্ৰকলা আৰু তাৰ লগত উল্লেখ থকা টোকাবোৰৰ অনুবাদৰপৰা প্ৰাচীন ইজিপ্টীয় ঔষধৰ স্বৰূপ আৰু চিকিৎসাবিদ্যাৰ প্ৰয়োগ সন্দৰ্ভত ধাৰণা কৰিব পাৰি। আধুনিক চিকিৎসাবিদ্যাৰ প্ৰযুক্তি-কৌশল ব্যৱহাৰ কৰি প্ৰাচীন ইজিপ্টীয় ঔষধৰ বিষয়ে ধাৰণা কৰিব পৰা গৈছে। এক্স-ৰে' আৰু CAT স্কেন প্ৰয়োগ কৰি মামিবোৰৰ দেহৰ হাড় আৰু অন্য অংগৰ ওপৰত গৱেষণা কৰি প্ৰায় ৪০০০ বছৰৰ আগতে ইজিপ্টত কিদৰে স্বাস্থ্য ব্যৱস্থাপনা কৰা হৈছিল তাৰ বিষয়ে জানিব পাৰি। অৰ্থাৎ প্ৰাচীন ইজিপ্টীয় লোকসকলৰ স্বাস্থ্য সম্পৰ্কত এক ধাৰণা ল'ব পৰা গৈছে। এনে গৱেষণা কৰোঁতে ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰ, মাছ স্পেক্ট্ৰ'মিট্ৰি আৰু অন্য বিভিন্নধৰণৰ ফৰেনছিক কৌশল প্ৰয়োগ কৰা হয়।

গতিকে ওপৰৰ ব্যাখ্যাৰপৰা এটা ধাৰণা কৰিব পৰা গৈছে যে প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদ্যাৰ বিকাশ সঁচাকৈয়ে এক উন্নত মানৰ আছিল আৰু ইয়াৰ বিকাশ সেই সময়ৰ তুলনাত যথেষ্ট আগবঢ়া আছিল, সেয়ে সেই সময়ত ওচৰৰ অন্য দেশত বা ৰাজ্যত কোনো ৰজা বা অভিজাত লোকৰ বেমাৰ হ'লে ইজিপ্টৰ ফাৰাওক তেওঁলোকে অনুৰোধ কৰিছিল যাতে ইজিপ্টৰপৰা এজন চিকিৎসা বিশাৰদ প্ৰেৰণ কৰে তেওঁলোকৰ আপোনজনক চিকিৎসা কৰিবলৈ। প্ৰাচীন ইজিপ্টীয় চিকিৎসাবিদসকলৰ মানৱ দেহৰ আভ্যন্তৰীণ গঠন সন্দৰ্ভত বিস্তৃত জ্ঞান আছিল, সেয়ে তেওঁলোকে মামিফিকেশ্যন কৰ্মত কিদৰে নাকৰ লঘু হাড় ভাঙি তাৰ মাজেৰে হুক পাৰ কৰাব লাগে, মূৰৰ খোলাটো বিকৃত নোহোৱাকৈ খুলি কিদৰে মগজুটো উলিয়াই নিব লাগে সেই বিষয়ত তেওঁলোক বিশাৰদ আছিল।

ইজিপ্টীয় চিকিৎসাবিদসকল মানৱ দেহৰ "পালছ" সন্দৰ্ভত জ্ঞাত আছিল, আনকি তেওঁলোকে জানিছিল যে "পালছ" আৰু হৃদযন্ত্ৰৰ মাজত কিবা প্ৰকাৰে সম্পৰ্ক আছে। যদিও তেওঁলোকে দেহত ৰক্ত সঞ্চালন বিষয়ত সিৰা, ধমনী, টেণ্ডন আৰু স্নায়ু বিষয়ত জ্ঞাত নাছিল, তথাপিও তেওঁলোকে অলপ-অচৰপ "কাৰ্ডিয়াক ব্যৱস্থা"ৰ বিষয়ে জানিছিল। তেওঁলোকে নিজস্বভাৱে "চ্ছেনেল থিয়ৰি" উদ্ভাৱন কৰিছিল, মানৱ দেহত ৰক্ত, বায়ু আৰু খাদ্যৰ পৰিবহণ কাৰ্য ব্যাখ্যা কৰোঁতে "নীল নদী"ৰ গতিৰ লগত তুলনা কৰিছিল এনেদৰে – যদিহে নীল নদীৰ গতিপথ বন্ধ হৈ যায় তেন্তে শস্য পথাৰলৈ পানী নাযাব, তেতিয়া শস্যৰ অৱস্থা নিশকতীয়া হৈ পৰিব, ঠিক তেনেকৈ মানৱ দেহতো যদি প্ৰয়োজনীয় উপাদানবোৰ নিৰ্ধাৰিত চ্ছেনেলবোৰেদি নাযায় মানুহৰ স্বাস্থ্যও নিশকতীয়া হ'ব।

চকাৰ ব্যৱহাৰ আৰু বিকাশ :

ইতিমধ্যে আৱিষ্কাৰ হোৱা বিভিন্নধৰণৰ প্ৰমাণ আৰু টোকাৰপৰা এই কথা জানিব পৰা গৈছে যে প্ৰাচীন ইজিপ্টীয় "কুমাৰ"সকলে মাটিৰ পাত্ৰ তৈয়াৰ কৰোঁতে চকাৰ ব্যৱহাৰ কৰিছিল। এনে চকাৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ প্ৰায় ৪ৰ্থ ৰাজশাসনৰ সময়ৰপৰা পোৱা গৈছে। অৱশ্যে ৰথ বা জন্তুৱে টানি নিয়া গাড়ীৰ চকাৰ ব্যৱহাৰ ২য় মধ্যযুগৰ সময়ত হাইকছ'য়ে আক্ৰমণ কৰাৰ পিছৰেপৰা কৰাৰ প্ৰমাণ পোৱা গৈছে। নব্য ৰাজত্বৰ সময়ত কিন্তু ৰথ ইজিপ্টীয় সেনাৰ বাবে শিৰোমণিস্বৰূপ আছিল।

অন্যান্য ক্ষেত্ৰত হোৱা বিকাশ :

প্ৰাচীন ইজিপ্টীয়সকল বিভিন্নধৰণৰ কাঠৰ সামগ্ৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দক্ষ আছিল। প্ৰাচীন ইজিপ্টত বহুত উন্নত মানৰ কাৰুকাৰ্যখচিত টুল, বিছনা আৰু টেবুল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। হেটেফেৰছ-১, ফেবছ আৰু তাৰখান'ৰ কবৰত তেনেধৰণৰ বিভিন্ন কাঠৰ সামগ্ৰী উদ্ধাৰ হৈছে।

অন্যধৰণৰ প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত অদ্যপি প্ৰমাণিত নোহোৱা বহুতো ধাৰণা বিশেষজ্ঞসকলে আলোচনা কৰিছে, যেনে, ইলেক্ট্ৰিচিটিৰ বিষয়ে প্ৰাচীন ইজিপ্টীয়সকলৰ জ্ঞান সন্দৰ্ভত। কোনো কোনোৱে দাবী কৰে যে বিজুলী, বজ্ৰপাত, বিদ্যুত সঞ্চাৰ কৰিব পৰা মাছ আদি পৰ্যবেক্ষণ কৰি প্ৰাচীন ইজিপ্টীয়সকলে বিদ্যুত সন্দৰ্ভত বিস্তৃত ধাৰণা ল'ব পাৰিছিল । আনকি কোনো কোনো ইতিহাসবিদে আৰু দুখোপ আগুৱাই এই পৰ্যন্ত দাবী কৰিছে যে প্ৰাচীন ইজিপ্টত বিজুলীচাকিৰ ব্যৱহাৰো কৰা হৈছিল, অৱশ্যে এতিয়ালৈকে উদ্ধাৰ হোৱা নথি-পত্ৰ, স্থাপত্য প্ৰমাণ বা আন কোনো সাক্ষ্যই ইয়াক সঁচা বুলি প্ৰমাণ নকৰে।

যি কি নহওক, এইটো আমি নুই কৰিব নোৱাৰো যে প্ৰাচীন ইজিপ্টত সেই সময়ৰ অনুপাতে অভাবনীয় আৰু অবিশ্বাস্য ৰূপত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ হৈছিল যাৰ বাবে মানৱীয় সভ্যতাৰ গতি ত্বৰান্বিত হোৱাত সহায়ক হৈছিল।

লেখক:- আৰহান ইনামূল

উৎস:- মুক্তচিন্তা

3.08571428571
বিতুপন নেওগ Feb 24, 2019 11:15 PM

ভাল লাগিল পঢ়ি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top