মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / বিদ্যালয়ৰ শিশুৰ দুপৰীয়াৰ আহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিদ্যালয়ৰ শিশুৰ দুপৰীয়াৰ আহাৰ

 

বিদ্যালয়লৈ যোৱা শিশুসকল সাধাৰণতে ছয় বছৰৰ পৰা বাৰ বছৰৰ বয়সৰ।তেৰ বছৰ বয়সৰ পিছত শিশু কৈশোৰ বয়সত সোমায়।এই বয়সত শিশুৰ শাৰীৰিক সক্ষমতা বৃদ্ধি পায় আৰু শিশু বেছি কৌশলী হৈ উঠে।এই বয়সতে শিশুৰ বুদ্ধি হয় আৰু সেই কাৰণেই সিহঁতক সকলোবিধ পুষ্টি উপাদানৰ প্ৰয়োজন হয়।এই কালছোৱাত শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে সুষমতাপুৰ্ণ আহাৰৰ প্ৰয়োজন হয়।

ছয় বছৰ বয়সৰ পৰা শিশুৰ বিদ্যালয় জীৱন আৰম্ভ হৈ কৈশোৰ কাল শেষ হোৱা পৰ্যন্ত বিদ্যালয়ৰ সময় তালিকা মতে চলিব লগা হয়।শিশুৰ দৈহিক বৃদ্ধি আৰু মানসিক বিকাশৰ কাৰণে দিনটোৰ নিৰ্দিষ্ট সময়ত যেনে-ৰাতিপুৱা,দুপৰীয়া,আবেলি,গধুলি সু-সমতাপন্ন আহাৰৰ প্ৰয়োজন হয়।কিন্তু প্ৰায়ভাগ শিশু দুপৰীয়া আহাৰৰ সময়ত বিদ্যালয়ত থাকে।সেই কাৰণেই স্কুলীয়া ল’ৰা-ছোৱালীৰ কাৰণে পেকেট লাঞ্চ বা দুপৰীয়াৰ আহাৰৰ প্ৰয়োজন হয়।কিশোৰৰ কাৰণেও পেকেট লাঞ্চ বা দুপৰীয়াৰ আহাৰৰ প্ৰয়োজন হয়।কাৰণ এই বয়সত কিশোৰ ক্ষিপ্ৰ গতিত বাঢ়িবলৈ লয়।গতিকে পুষ্টি উপাদানত প্ৰয়োজনীয়তাও বৃদ্ধি পায়।সাধাৰণতে স্কুলীয়া ল’ৰা-ছোৱালীয়ে স্কুললৈ যোৱাৰ সময়ত খাবলৈ মন নকৰে।দুপৰীয়া সিহঁতৰ ক্ষুধা তীব্ৰ গতিত হয়।সেই কাৰণে বয়:সন্ধি কালছোৱাত পেকেট লাঞ্চৰ প্ৰয়োজন হয়।

স্কুলীয়া ল’ৰা-ছোৱালীৰ কাৰণে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰোতে কেইটামান বিশেষ কথাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় কথা।যেনে-

 

১/ল’ৰা-ছোৱালীয়ে সহজে খাব পৰাকৈ এনে আহাৰ তৈয়াৰ কৰিব লাগে।জুলীয়া বা বেছি তেল দিয়া বস্তু দিব নালাগে।কাৰণ এনে আহাৰ টিফিন বাকচৰ পৰা ওলাই শিশুৰ কিতাপ-বহী নষ্ট কৰিব পাৰে।খোৱা বস্তুখিনি যিমান সম্ভৱ শুকানে দিয়াৰ চেষ্টা  কৰিব লাগে।

২/স্কুলত খাবলৈ দিয়া আহাৰ ঘৰত খোৱা ধৰণে হাত-পাত ধুবলৈ নাপাবও পাৰে।খাবলৈ দিয়া বস্তুখিনি শুকান কৰি হাত ব্যৱহাৰ নকৰাকৈ চামুচেৰে খাব পৰাকৈ দিব লাগে।

৩/স্কুলত খাবলৈ দিয়া বস্তুখিনি যাতে ৰুচিদায়ক আৰু আকৰ্ষণীয় হয় তালৈ লক্ষ্য কৰা দৰকাৰ।গৰমে গৰমে খাবলৈ যিমান সোৱাদ লাগে,ঠাণ্ডা হ’লে খাই ভাল নালাগে।আকৰ্ষণীয় হ’লে শিশুৰ খাবলৈ মন যাব।

৪/সদায় একেবাৰে বস্তু শিশুৱে হয়তো খাই ভাল নাপাবও পাৰে।সেই কাৰণে সলাই সলাই শিশুক পেকেট লাঞ্চ দিয়া আৱশ্যক।কেতিয়াবা ফল-মুল,বিস্কুট,কল,আপেল,বুট,সুমথিৰা,মধুৰিআম,মৌচম্বী,নাৰিকল আদি বস্তু পেকেট লাঞ্চত দিব পাৰি।এইবোৰ ল’ৰা-ছোৱালীৰ পেকেট লাঞ্চৰ উপাদেয় উপকৰণ।

আজিকালি বহুতো স্কুলত ল’ৰা-ছোৱালীক দুপৰীয়াৰ আহাৰৰ যোগান ধৰে।সেই আহাৰ সুষমতাপুৰ্ণ আহাৰ হয় নে নহয় তালৈ লক্ষ্য কৰাটো নিতান্ত প্ৰয়োজন।কাৰণ ল’ৰা-ছোৱালীৰ আহাৰৰ প্ৰয়োজনীয়তাৰ এক-তৃতীয়াংশ দুপৰীয়াৰ আহাৰে পুৰণ কৰে।গতিকে স্কুলত দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰোতে এনে আহাৰ যাতে সুষম আহাৰ ()হয় তালৈ অধিক গুৰুত্ব দিব লাগে।সুষম আহাৰেহে শিশুক নিৰোগী আৰু স্বাস্থ্যৱান কৰি তুলিব।

থোৰতে জানি থোৱা ভাল:

 

আপোনাৰ বা আপোনাৰ শিশুটিৰ যদি বেছিকৈ পেটচলা (ডায়েৰীয়া)বা বমি হয়,পানী খোৱাটো বন্ধ নকৰিব।যথেষ্ট পৰিমাণে পানী খাওক।পানীয়েহে আমাৰ প্ৰাণ।দেখা যায় বহুতো পিতৃ-মাতৃয়ে তেওঁৰ শিশুটিৰ ডায়েৰীয়া বা বেছিকৈ পেট চলিলে বা বমি হ’লে পানী খোৱাটো বন্ধ কৰি দিয়ে।ডাঙৰেও বেছিকৈ পেট চলাৰ ভয়ত পানী নাখায়।এইটো ভুল ধাৰণা।বেছিকৈ পায়খানা বা বমি হ’লে আমাৰ শৰীৰৰ পৰা যথেষ্ট পানী ওলাই যায়।তাৰ ক্ষতিপুৰণ কৰিবৰ কাৰণে নিৰ্মল পৰিষ্কাৰ পানী যথেষ্ট খাব লাগে।শৰীৰৰ পৰা বিভিন্ন কাৰণত পানী ওলাই গ’লে পানী উতলাই ঠাণ্ডা কৰি চেনি,নেমুৰ ৰস আৰু নিমখৰ লগত খালে শৰীৰৰ ক্ষয় পুৰণ হ’ব আৰু দুৰ্বলতাও ভাগিব।বহুতৰ ক্ষেত্ৰত দেখা যায় যে শৰীৰৰ ওজন বঢ়াৰ ভয়ত পানী বৰ কমকৈ খায়।এইটো নকৰিব।ইয়াৰ ফলত শৰীৰত বিৰুপ প্ৰতিক্ৰিয়াৰেহে সৃষ্টি হ’ব পাৰে।পানীয়ে ওজন নবঢ়ায়।কাৰণ পানীত কোনো কেলৰি নাই।

আপুনি বৰ বেছিকৈ শকত হোৱাৰ ভয়ত ভাতৰ পৰিৱৰ্তে ৰুটী বা চাপাটি খায় নেকি?কাৰণ ভাততকৈ ৰুটী কম কেলৰিযুক্ত বুলি ভাবি আজিকালি বহুতো পুৰুষ-মহিলাই শকত হোৱাৰ ভয়ত শৰীৰৰ ওজন কমাবৰ কাৰণে ভাতৰ পৰিৱৰ্তে ৰুটী বা চাপাটি খায়।আচলতে ভাত বা ৰুটীত সম-পৰিমাণৰ কেলৰিয়েই থাকে।প্ৰিয় আহাৰসাঁজ বাদ দি কেলৰি কমোৱাৰ কোনো প্ৰয়োজন নাই।আকৌ বহুতৰ ক্ষেত্ৰত দেখা যায় ভাত বা ৰুটী কমকৈ খায় বেছিকৈ শকত হোৱাৰ ভয়ত।আচলতে ভাত বা ৰুটীৰ পৰা শৰীৰে উচ্চমানৰ কেলৰি গ্ৰহণ নকৰে।ভাত বা ৰুটীৰ লগত খোৱা অন্যান্য খাদ্য,যেনে-ঘিউ,মাখন, পনীৰ,বেছি তেলত ভজা খাদ্য,চেনি,জাম,চাটনি আদিৰ পৰাহে।গতিকে শৰীৰৰ পৰিমিত ওজন আৰু নিয়মীয়া শকত হ’বলৈ বিচাৰিলে প্ৰয়োজনীয় পৰিমাণৰ ভাত বা ৰুটী গ্ৰহণ কৰি বেছি কেলৰিযুক্ত এনেবোৰ খাদ্য কমাই খাওক।শৰীৰৰ বাবে প্ৰয়োজনীয় আহাৰ গ্ৰহণ নকৰিলে স্বাস্থ্য হানি হ’ব পাৰে।

আপুনি বনস্পতি তেলত কম কেলৰি আৰু কলেষ্টেৰল নাথাকে বুলি ভাবে নেকি যে এই তেল ৰোগী-নিৰোগী সকলোৰে কাৰণে উপযোগী?আচলতে সেইটো নহয়।ঘিউ,বনস্পতি আদি সকলো তেলতেই সম-পৰিমাণৰ কেলৰিয়েই থাকে।মাত্ৰ শৰীৰত কেলৰি কমাবৰ কাৰণে বেছি তেলযুক্ত আহাৰ খাব নালাগে।

লেখিকা:ৰেণু বৰা (জি এনআৰচি স্বাস্থ্য)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top