মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / বৈজ্ঞানিক দৃষ্টিভঙ্গীত গায়ত্ৰী মন্ত্ৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈজ্ঞানিক দৃষ্টিভঙ্গীত গায়ত্ৰী মন্ত্ৰ

বৈজ্ঞানিক দৃষ্টিভঙ্গীত গায়ত্ৰী মন্ত্ৰ

ওম ভূঃ ভূৱ্স্ব:

তত্‍ সবিতু বৰেন্যং

ভৰ্গো দেৱ্স্য ধীমহি

ধিয়ো যো নঃ প্ৰচোদয়াত্‍ ওম ||

শুণিলেই পৱিত্ৰ পৱিত্ৰ ভাৱ অহা, মন প্ৰাণ শীতল কৰি পেলোৱা এই মন্ত্ৰ ফাঁকি বিভিন্ন সুৰ আৰু ৰূপত গোটেই ভাৰতবৰ্ষত প্ৰচলিত| কম বয়্সত লগুন ললে ল’ৰা সংস্কাৰ সম্পন্ন হ্য় বুলি থকা ধাৰণা এটাৰ কাৰণে মোকো তেৰ বছৰ বয়্সত লগুন দিছিল| দুদিন পিছ্ত খৰমৰ পৰা নমাৰ ( সেই দুদিন খৰম পিন্ধি থাকিব লাগে !) দিনা পুৰুহিতক মূখষ্ঠ দিব লাগিব বুলি কোৱাত দোমোজাত পৰিছিলো- জ্যামিতিৰ উপপাদ্যৰ ওপৰত চৈধ্যতা ওমেৰে এই মন্ত্ৰফাঁকি ভুতৰ ওপৰত দানৱ পৰাদি পৰিছিলহি| পিছে দাদা এজনে আগে-পিছে দুটা ওম ৰাখি বাকীকেইটাক বৰ্খাস্ত কৰি মোক সুবিধা কৰি দিছিল|

ব্ৰাহ্মন পৰিয়ালত জম্ন হোৱা বাবে, কান্ধত লগুন লোৱাৰ পিছত ৰাতিপুৱাই গা-পা ধুই ( ১৬ বছৰত মাত্ৰ দুদিন গা- ধোৱা নাই !) গোসাঁইঘৰত সোমাই গায়্ত্ৰী মন্ত্ৰফাঁকি আওৰাই দিনটোৰ বাবে সাজু হৈছিলো | মাজে মাজে প্ৰশ্ন কৰিছিলো- কিয় কৰিব লাগে ? কৈশোৰ মনত মায়ে কোৱা সাধুকথা এটাই বৰকৈ প্ৰভাৱ পেলাইছিল -"এবাৰ ব্ৰাহ্মনসকলে সাৱিত্ৰী দেৱী (ব্ৰহ্মাৰ স্ত্ৰী) য্জ্ঞলৈ আহোতে দেৰি হোৱাত গৰু চৰাই থকা ছোৱালী (=গায়্ত্ৰী) এজনীক শুদ্ধ কৰাই য্জ্ঞ সম্পাদন কৰিছিল| সাৱিত্ৰী দেৱী আহি খংত জ্বলিব্ৰাহ্মনসকলক চিৰকাল দুখীয়া হৈ থাকিব বুলি অভিশাপ দিছিল| আৰু তাৰ প্ৰতিকাৰ স্বৰুপে গায়্ত্ৰী দেৱীয়ে এই মন্ত্ৰফাঁকি দিনে তিনিবাৰকৈ জঁপ কৰিলে শাপমুক্ত হব বুলি আশ্বাস দিছিল"| বহুদিনলৈ সেইটো ভয়তে (দুখীয়া নহও ম‍ই !) তিনিবাৰ নোৱাৰিলেও এৱাৰ জঁপ কৰিছিলো| লাহে লাহে পঢ়ি-শুনি নিজৰ প্ৰশ্ন নিজে উত্তৰ দিব পৰা হোৱাত ইয়াৰ তাত্‍পৰ্য্য বেলেগ ধৰণে দি মনতে সান্তনা লবলৈ ললো| ম‍ই প্ৰায়ে মন কৰিছিলো যে গা-পা ধুই মন্ত্ৰফাঁকি গাই ওলাই আহিলে মনটো প্ৰফুল্ল-প্ৰফুল্ল লাগে, লগতে আত্মবিশ্বাস বাঢ়ে! মোৰ অনুসন্ধিত্‍ মনে তলৰ অৰ্থখিনি ক’ৰবাত পাই সয্তনে লিখি থৈছিলো|

তুমি আমাক উত্‍পন্ন কৰিছা, পালন কৰি আছা তুমিয়েই,

তোমাৰ পৰায়ে প্ৰাণ পাও আমি, দুখীয়াৰ কষ্ট তুমি নোহোৱা কৰা,

তোমাৰ মহান বল আছে, সকলো স্থানতে তুমি বিয়পি আছা,

সৃষ্টিৰ সকলো বস্তুতে তুমি বিদ্যমান, তোমাৰ ধ্যান কৰো,

তোমাৰ দয়া বিচাৰো আমি, আমাৰ বুদ্ধিক সত্‍ পথেৰে নিওঁক|

গায়ত্ৰীদেৱী নে ভগৱানক উদ্দেশ্য কৰি লিখিছিল ম‍ই গম পোৱা নাছিলো| বহুদিনলৈকে ইয়াকে মনত ৰাখি নিত্ত-নৈমিত্তিক কাৰ্য্য কৰি গৈছিলো|

বিজ্ঞানৰ ছাত্ৰ, তাতে অনবৰতে বৈজ্ঞানিক গৱেষণাগাৰত নতুন আৱিস্কাৰৰ সন্ধানত থকা মনটোৱে শেহতীয়াকৈ  গায়্ত্ৰী মন্ত্ৰফাঁকিৰ বৈজ্ঞানিক দৃষ্টিভঙ্গী বিছাৰি উলিয়াবলৈ সক্ষম হ’ল |
ইয়াৰ বৈজ্ঞানিক মুল্যাংকন তলত দিয়া ধৰণে কৰা হৈছে-

ক) ওম ভূঃ ভূৱ্স্ব:

ভূঃ অৰ্থাত্‍ পৃথিৱী, ভূৱঃ অৰ্থাত্‍ গ্ৰহ, স্বঃ অৰ্থাত্‍ তাৰকামন্ডল |
আধুনিক জ্যোতিবিজ্ঞানৰ মতে আমাৰ তাৰকাপুন্জত (Galaxy, Akash-Ganga, Milky Way) ১০০,০০০ মিলিয়ন তাৰকা আছে, প্ৰত্যেক তাৰকাতে আমাৰ সূৰ্য্যৰ নিচিনাকৈ নিজৰ নিজৰ কক্ষপথ্ত গ্ৰহ-উপগ্ৰহ আছে| আকৌ প্ৰতিটো গ্ৰহ‍ই অক্ষত ঘূৰে| আমাৰ সূৰ্য্যক নিজৰ পৰিয়ালৰ সৈতে তাৰকাপুন্জক কেন্দ্ৰ কৰি এপাক ঘূৰিবলৈ ২২.৫ কোটি বছৰ লাগে| সূৰ্য্যৰ নিচিনাকৈ প্ৰ্তিটো তাৰকামন্ডল প্ৰতি চেকেন্ডত ২০,০০০ মাইল বেগেৰে গতি কৰি আছে|

আমি দেখি অহা ইলেক্ট্ৰিক পাংখা এখন এক মিনিটত ৯০০ পাক ঘূৰে আৰু এটা হো-হোৱনিৰ শব্দ হয় | এতিয়া কল্পনা কৰক -প্ৰতি চেকেন্ডত ২০,০০০ মাইল বেগেৰে গতি কৰি থকা তাৰকামন্ডলে কিমান প্ৰাৱল্যৰ শব্দ সৃষ্টি কৰিব পাৰে!

গায়ত্ৰী মন্ত্ৰৰ এই খন্ডটিয়ে পৃথিৱীৰ সৈতে তাৰকামন্ডলে বেগেৰে গতি কৰি থ্কাৰ ফলত উত্‍পন্ন হোৱা শব্দr কথা প্ৰকাশ কৰে আৰু ইয়াৰ বহিঃপ্ৰকাশ হ’ল "ওম"| ইয়াক ঋষি বিশ্বামিত্ৰ‍ই ধ্যান কৰি থাকোতে অনুভৱ কৰিছিল | পিছলৈ ইয়াক ভগৱানৰ এটা ৰূপ বুলি আখ্যা দিছিল কাৰণ ই তিনিওটা কালতে বিদ্যমান | সেইকাৰেণ ইয়াক আকাৰবিহীন ভগৱানৰ প্ৰথম যুগান্তকাৰী ধাৰণা বুলি গন্য কৰা হয় | গীতাত কোৱা হৈছে " Omiti ekaksharam brahma" অৰ্থাত্‍ ভগৱানৰ আন এটা নাম "ওম" | পিছলৈ লক্ষ্য কৰা হ’ল যে অসীম ভৰৰ তাৰকামন্ডলে ২০,০০০ মাইল/চেকেন্ড বেগেৰে গতি কৰি থকাৰ ফলত সৃষ্টি হোৱা গতিশক্তি (1/2mv2, m=ভৰ, v= বেগ) cosmos এ বহন কৰা শক্তিৰ সমান হয়|

খ) তত্‍ সবিতু বৰেন্যং

তত্‍ অৰ্থাত্‍ সেই (ভগৱান), সবিতু অৰ্থাত্‍ সূৰ্য্য, বৰেন্যম অৰ্থাত্‍ পূজনীয়|

এবাৰ যদি ব্যক্তি এজনৰ প্ৰকৃতি (ধাৰণা) আমাৰ জ্ঞাত হয়, আমি তেওঁক নিদিষ্ট স্থান দিব পাৰো | সেয়েহে ঋষি বিশ্বামিত্ৰ‍ই আকাৰহীন ভগৱানৰ উপাধি অৰ্থাত্‍ নামাকৰণ কৰি আমাক ধাৰণা কৰিবলৈ সুবিধা কৰি দিছিল | তেওঁ কৈছিল যে নজনা বস্তু বা আকাৰহীন ভগৱানক (formless GOD !) কিছুমান জনা বস্তুৰ আকাৰেৰে (নামেৰে)  ধাৰণ কৰিলে তেওঁক গভীৰ ভাৱে পাৱলৈ সুবিধা হ্য়, বিশ্বামিত্ৰ‍ই দিয়া ভগৱানৰ নাম দুটা হ’ল - "ওম" আৰু "সূৰ্য্য"(পোহৰৰ উত্‍স) | এজন গাণিতিক বিজ্ঞানীয়ে x2 +y2=4 সমীকৰণটোৰ সমাধান কৰিবলৈ যিকোনো এটাৰ মান ধৰি লব লগা হয় | এজন ইন্জিনিয়াৰে নদীৰ বহলতা পাৰত থিয় হৈ থাকি ত্ৰিভুজ এটা ধৰি লৈ নিৰ্ণয় কৰিব পাৰে | ঠিক তেনেকৈ "ওম" আৰু "সূৰ্য্য" ক ভগৱান বুলি ধৰি ললে তেওঁক উপলব্ধি কৰিবলৈ উজু হয় |
বিশ্বামিত্ৰ‍ই দিয়া বৈজ্ঞানিক অৰ্থ মন্ত্ৰৰ বাকী থকা অংশৰ পৰা উলিয়াব পাৰি |

গ) ভৰ্গো দেৱেস্য ধীমহি

ভৰ্গো অৰ্থাত্‍ পোহৰ, দেৱেসু অৰ্থাত্‍ দেৱত্ব, ধীমহি অৰ্থাত্‍ ধ্যান |
সেই মহামুনিয়ে আমাক পোহৰক ধ্যান (সূৰ্য্য প্ৰণাম) কৰি আকাৰহীন ভগৱানক পাবলৈ উপদেশ দি গৈছে |
আকৌ তেওঁ "ওম" শব্দৰ জপ কৰিবলৈ কৈছে| মানুহৰ মন অবিৰত আৰু বিচলিত কাৰণে ব্ৰহ্মাৰ আকাৰ ধাৰণা কৰি মনটোক সন্তুলন কৰিবলৈ পিছৰ অংশ খিনিত কৈছে|

ঘ) ধীয়ো য়ো নঃ প্ৰচোদয়াত্‍

ধীয়ো অৰ্থাত্‍ বুদ্ধি, য়ো অৰ্থাত্‍ যি, নঃ অৰ্থাত্‍ আমি, প্ৰচোদয়াত্‍ অৰ্থাত্‍ শুদ্ধ পথেৰে|
অ’ ভগৱান, আমাৰ বিচাৰ-বুদ্ধিক শুদ্ধ পথেৰে লৈ নিওঁক|

শেষত গায়ত্ৰী মন্ত্ৰৰ অৰ্থ হৈছে

পৃথিৱী (ভূঃ), গ্ৰহ (ভূৱঃ), তাৰকামন্ডল (স্বঃ) প্ৰচন্ড বেগেৰে গতি কৰি থকাৰ ফলত "ওম" (ভগৱান) শব্দৰ উত্‍পত্তি হয়| সেই ভগৱান (তত্‍ ), যিয়ে নিজকে সূৰ্য্যৰ পোহৰেৰে (সবিতু) দেখা দিয়ে, তেওঁক আমি মুৰ দোৱোৱা উচিত| লগতে "ওম" উচ্ছাৰণ কৰিব লাগে | তেওঁ (য়ো) আমাৰ (নঃ) বিচাৰ-বুদ্ধি, বিবেচনাক শুদ্ধ পথেৰে (প্ৰচোদয়াত্‍ ‍) চালিত কৰক|
"ওম" শব্দৰ মাহাত্ম উপলদ্ধি হোৱাৰ পিছ্ত বেলেগ ধৰ্মৰ লোকে অলপ সলনি কৰি "আমিন" বা "আমেন" বুলি কবলৈ ললে|

চৈতন্য ভৰদ্বাজ

3.15517241379
কুশল প্ৰীতম Jun 03, 2019 11:02 PM

সচাকৈ বহুত জ্ঞান লাভ কৰিলো | ||ওম||

কমল কান্তি চক্ৰৱৰ্তী Mar 27, 2018 02:57 PM

মননশীল ব্যাখ্যা । পিছে মূল মন্ত্ৰত দেৱস্য,যো আৰু ব্যাখ্যাত পোৱা দেৱেস্য, দেৱেসু,য়ো একে হয়নে ? বিনম্ৰতাৰে সুধিলোঁ ।

ৰাজেন্দ্ৰ Feb 22, 2018 11:29 AM

মন্ত্ৰ শব্দৰ অৰ্থ বুজাই দিব নেকি ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top