মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা

বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান সময়ত শিশু সাহিত্যৰ প্ৰয়োজনীয়তা আছে নে? প্ৰশ্নটো বৰ জটিল। কাৰণ বৰ্তমান আভিজাত্যৰ পিছে পিছে দৌৰি থকা এচাম মধ্যবৃত্ত লোকে তেওঁলোকৰ শিশু সকলোকো দৌৰাইছে প্ৰতিযোগিতাৰ পিছে পিছে। প্ৰতিযোগিতা সকলোতে আছে আৰু থাকিবও লাগে।

সেইবুলি কণ কণ শিশুহঁতৰ মনৰ বিৰুদ্ধে গৈ অভিভাৱক সকলে ডাঙৰ ভুল কৰিছে। সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত লিখিছে-‘শিশুৰ মন কল্পনাপ্ৰৱণ’। এখন নিজৰ মানস ৰাজ্যত সিহঁতে বিচৰণ কৰে।

তাত কালৰ প্ৰভাৱ নাই, সম্ভৱ-অসম্ভৱৰ সীমাৰেখা নাই, ল’ৰা বুঢ়াৰ প্ৰভেদ নাই, গছেও কথা কয়, পুতলাই অভিমান কৰি অসহযোগ কৰে।

‘গতিকে শিশুৰ এনে এখন মানসিক জগতৰ মাজলৈ প্ৰৱেশ কৰি সাহিত্য ৰচনা কৰা সিমান সম্ভৱো নহয়। তথাপি অসমৰ শিশু সাহিত্যিক সকলৰ যি অৱদান তাক আমি নতশিৰে স্বীকাৰ কৰিবই লাগিব।

আমি কিমানজনে শিশু সাহিত্যৰ অধ্যয়ণ কৰিছোঁ সেয়া এতিয়া আঙুলিৰ মূৰত গণিব পৰা অৱস্থা। অপ্ৰিয় হ’লেও সত্য যে বৰ্তমান আমি শিশুক এখন কিতাপৰ সলনি এখন খেলৰ চিডি কিনি দিয়াত হে বেছি গুৰুত্ব দিছোঁ।

সাধু কথা কোৱা বা পঢ়ি শুনোৱাৰ সলনি টিভিত কাৰ্টুন চাবলৈ দিছোঁ। কাৰ্টুনো চাব লাগিব কিন্তু তাৰে কিছু সময় আমি সিহঁতক সাধু কিতাপ পঢ়িবলৈ বা মহৎলোকৰ জীৱনী বা ভ্ৰমণ কাহিনী পঢ়িবলৈও দিব লাগিব।

প্ৰাচীন ভাৰতৰ সাধুকথাবোৰ গোটেই বিশ্বতে পৰিচিত বুলিব পাৰি। উদাহৰণ স্বৰূপে জাতকমালা, পঞ্চতন্ত্ৰৰ সাধু, কথা সৰিৎ সাগৰ আদি। অসমৰ দুজনা মহাপুৰুষেও শিশু সাহিত্য ৰচনাত গুৰুত্ব দিছিল। শ্ৰীমন্ত শঙ্কৰদেৱৰ ‘শিশু-লীলা, মাধৱদেৱৰ শিশু কৃষ্ণক কেন্দ্ৰ কৰি লিখা নাটক আৰু গীত সমূহ তাৰ উদাহৰণ।

বিংশ শতিকাৰ মাজভাগত শিশু-পাঠকৰ বাবে চিন্তা কৰি কেইবাখনো শিশু-গ্ৰন্থ লিখি উলিয়াইছিল গোলাঘাটৰ স্বৰ্গীয় পূৰ্ণচন্দ্ৰ গোস্বামী দেৱে।

আমি প্ৰায় সকলোৱে বেজবৰুৱাৰ শিশু-সাহিত্য, ভবেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য, নবকান্ত বৰুৱাৰ শিশু সাহিত্যকে ধৰি ভালেকেইজন লেখকৰ কথা জানিলেও পূৰ্ণচন্দ্ৰ গোস্বামীৰ শিশু-সাহিত্যৰ কথা কমেইহে জানোঁ।

গোস্বামীদেৱে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে।

তেখেতৰ মৃত্যুৰ পিছত সেই চৈধ্যখন গ্ৰন্থৰ একত্ৰ সংকলন প্ৰকাশ হৈছে ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘শিশু-লেখা মালঞ্চ‘ নামেৰে। শিশু সাহিত্যৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আছে নে নাই এই গ্ৰন্থখন পঢ়িলে আপোনালোকে নিশ্চয় গম পাব।

‘শিশু-লেখা মালঞ্চ‘ত আছে ভিন্নধৰ্মী সাধুকথা, কেইজনমান লোকৰ জীৱনী, নীতি শিক্ষা ইত্যাদি। ইয়াত সন্নিবিষ্ট কৰা শিশু-পুথি কেইখন হৈছে-

১) জিলিংখাপৰ সাধু

২) আজিৰ দিনৰ সাধু

৩) পাহাৰী সাধু

৪) সুৱদি সাধু

৫) এচকুৱা ভাটৌৰ সাধু

৬) নতুন সাধু

৭) উৰণীয়া সৈনিকৰ জুৰণীয়া উপাখ্যান

৮) আজিৰ দিন উপাখ্যান

৯) ফুল কোঁৱৰৰ উপাখ্যান

১০) তাহানিখনৰ কথা

১১) এই সকল কোন বাৰু?

১২) জনা গাভৰুৰ গীত

১৩) তাই মাই আৰু

১৪) সামাজিক আচৰণ।

‘জিলিংখাপৰ সাধু‘ খনত পাঁচটা সাধু আছে। জিলিংখাপৰ সাধু, ধনশিৰিৰ সাধু, বুঢ়া-বুঢ়ীৰ সাধু, থৈয়া-নথৈয়া ৰণৰ সাধু আৰু যেনে কুকৰ তেনে টাঙোনৰ সাধু। ‘জিলিংখাপ‘ এটা খঁৰা শিয়ালৰ নাম।

চিপচিপীয়া বৰষুণৰ বতৰত এঘৰৰ চুৱা-পাতনিত কিবা খোৱা বস্তু পোৱাৰ আশাত জোপলৈ থাকোতেই ঘৰৰ ভিতৰত কেঁচুৱাৰ কান্দোন শুনি তাক কেনেকৈ লগত লৈ গৈ লাটুমকোঁৱৰ নাম দি শিয়াল-শিয়ালীয়ে লগত ৰাখি ডাঙৰ-দীঘল কৰি কেনেকৈ ৰজাৰ জীয়েকক লাটুমকোঁৱৰলৈ বিয়া কৰাই শিয়ালৰ বুদ্ধিৰে ৰজাৰ ৰাজ্য লাভ কৰিলে তাৰ বৰ্ণনা পোৱা যায়।

‘ধনশিৰি’ সাধুটোত ধনশিৰি নদীখনে দৈয়াঙৰ সৈতে বিয়া হৈ গোলাঘাট নগৰৰ মাজেদি যে বৈ গৈছে তাৰে ভৌগোলিক পাঠ শিশু সকলক সাধুকথাৰ ছলেৰে দিছে।

‘এচকুৱা ভাটৌৰ সাধু’ পুথিখনতো ছটা সাধু আছে। তাৰ ভিতৰত ‘ভীমৰ ভাও দিমেই’ সাধুটোৱে শিশুৰ মনোজগতৰ এখন চিনাকি ছবি ডাঙি ধৰিছে।

অসমীয়া সমাজৰ ভাওনাৰ যি সংস্কৃতি সেইয়া প্ৰতিফলিত কৰাৰ লগতে এখন ভাওনা অনুষ্ঠিত কৰিবলৈ যাওঁতে কেনে ধৰণৰ সমস্যাত পৰিব লগা হয় তাৰ সুন্দৰ বৰ্ণনা দিছে।

চৰাইয়ে মানুহক হিংসা নকৰে কিন্তু মানুহে চৰাইক হিংসা কৰে – এচকুৱা ভাটৌৰ সাধুৰ মাজেৰে এই ধৰণৰ হিংসা পৰিহাৰ কৰিবলৈ বাৰ্তা জনাইছে। একগোট হৈ থাকিলে কোনো বিপদত নপৰে, সাধুটোৱে সেই কথাকেই কৈছে।

এতিয়া পৰিবেশ অধ্যয়ন, পৰিবেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ প্ৰতি মমতা আদি বিষয় সমূহে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু ইয়াক আনুষ্ঠানিক অধ্যয়নৰো বিষয় কৰি তোলা হৈছে।

কিন্তু আচৰিত কথা এয়ে যে পূৰ্ণাচন্দ্ৰ গোস্বামীয়ে অৰ্দ্ধ শতিকাৰ আগতেই এনে দায়িত্ববোধৰ সজাগতা বৃদ্ধিৰ বাবে সাধুৰ জৰিয়তে প্ৰচেষ্টা চলাইছিল।

বিশেষকৈ শিশুৰ মনত প্ৰকৃতি প্ৰেম আৰু পৰিবেশ জ্ঞান জগাই তুলিবলৈ সাধুবোৰ উপযোগী আছিল।

আন এখন সাধু কিতাপ ‘নতুন সাধু’ত থকা ‘বোন্দা আৰু ভটুৱা’ এক মনোৰম সাধু। বেঙা-বেঙীয়ে কেনেকৈ ৰজাঘৰীয়া বিষয়বাব লৈছিল, নদীৰ ঢৌ গণনা কৰাৰ অজুহাতত কেনেকৈ সাউদৰ পৰা ধন লৈছিল সেই বৰ্ণনাৰে ঠগ-প্ৰৱঞ্চকৰ দ্বাৰা সমাজ এখনৰ অপকাৰিতাৰ বিষয়ে কৈছে।

‘হামদৈ কুঁৱৰী’ নামৰ আন এটা সাধুত গোলাঘাটৰ দৈয়াঙ নদীৰ এটি এৰাসূঁতিৰ সৃষ্ট বিল আৰু তাৰ প্ৰাকৃতিক শোভাৰ বৃতান্তই শিশু পাঠকক প্ৰত্যয় জন্মায়। ‘ভেকুলী আৰু বিয়া’ হৈছে লোক সংস্কৃতিমূলক সাধু।

‘ফুলকোৱঁৰৰ উপাখ্যান’ খনি এখন অপূৰ্ব সংগ্ৰহ সংকলন। ইয়াত পদ্যৰ লগে লগে গদ্যৰ ব্যৱহাৰ কৰি শিশুৰ মনত পঢ়াৰ প্ৰতি ধাউতি বঢ়াই তুলিব পৰাকৈ লিখা হৈছে। ‘তাহানিখনৰ কথা’ কিতাপখনি হৈছে নিচুকনি আৰু ওমলা গীতৰ।

শালিকি এ ৰতৌ টৌ, হয় কলি, জাক লৌ লৌ আদিয়ে অসমীয়া ভাষাৰ মৌখিক সাহিত্যৰ বিশাল ভাণ্ডাৰৰ উমান দিছে যিবোৰ পঢ়ি শিশু আপ্লুত হয়।

‘চুটি সাধু’খিনিয়ে লৌকিক-অলৌকিক তথা বিজ্ঞানসন্মত একোটা বতৰা কঢ়িয়াই আনিছে। তাত থকা সাঁথৰখিনিয়ে শিশুৰ বৌদ্ধিক বিকাশত সহায় কৰিছে।

‘এই সকল বাৰু কোন?’ কিতাপখনিত আঠগৰাকী মহান অসমীয়াৰ চমু জীৱনী আছে।

*শ্ৰীমন্ত শঙ্কৰদেৱ,

*শ্ৰী শ্ৰী মাধৱদেৱ,

*মহাৰাজ নৰনাৰায়ণ,

*লাচিত বৰফুকন,

*হেমচন্দ্ৰ বৰুৱা,

*গোপীনাথ বৰদলৈ,

*নবীন চন্দ্ৰ বৰদলৈ আৰু

*তৰুণৰাম ফুকন দেৱৰ চুটি জীৱনী শিশুসকলে পঢ়িব পৰাকৈ সুন্দৰকৈ বৰ্ণনা কৰিছে।

‘তাই-মাইি’ পুথিখনত খুহুতীয়া কথাৰে, হাঁহিৰ মাধ্যমেৰে শিশু-সকলক নীতি-কথা শিকাব খুজিছে।

‘সামাজিক আচৰণ’ নামৰ পুথিখনত শিশুসকলে সৰুতেই যাতে সামাজিক পৰিবেশৰ লগত চিনাকি হৈ নীতিশিক্ষা গ্ৰহণ কৰিব পাৰে, সমাজৰ আচৰণ বিধি কিছু কিছুকৈ আয়ত্ব কৰিব পাৰে সেই যত্ন কৰা হৈছে।

শিশু-সাহিত্যিক সকলে শিশুৰ মনৰ গভীৰলৈ প্ৰৱেশ কৰে। তেওঁলোকে শিশুমনবোৰ আগতে নিজে পঢ়ি তাৰ পিছত সিহঁতৰ মনৰ লগত মিল হোৱাকৈ সাহিত্যৰ সৃষ্টি কৰে।

ইয়াত মাথো এজন শিশু সাহিত্যিকৰ ৰচনাৰ কথা আলোচনা কৰা হৈছে আৰু দেখা গৈছে যে প্ৰতিটো সাধু কথাই একো একোটা নতুন জ্ঞান দিবলৈ সক্ষম হয়। শিশুৱে যেতিয়া অঙ্ক কৰিবলৈ টান পাব তাক জোৰ কৰি কৰাব কেতিয়াও নোৱাৰে।

কিন্তু কিছু সময় শিশুটোৰ লগত সাধুকথাৰ মহলা মাৰি যেতিয়া আকৌ তাল অঙ্কটো কৰিবলৈ দিব সি যত্ন কৰিব কাৰণ সি শিকি উঠিব যত্ন কৰিলেহে ৰত্ন পায় কথাষাৰ।

ইয়াত অভিভাৱকৰ দায়িত্ব অপৰিসীম। শিশু সকল সাহিত্যৰ পৰা আঁতৰি অহাত শিশু কেতিয়াও দায়ী নহয় তাৰ বাবে দায়ী আমি অভিভাৱক আৰু বৰ্তমানৰ আধুনিক জীৱন পৰিক্ৰমা য‘ত আছে মাথো যান্ত্ৰিকতা।

আমি যদি এই যান্ত্ৰিকতাৰে ভৰা জীৱনত কিছুপল শিশুসকলৰ সৈতে মত-বিনিময় কৰি অতিবাহিত কৰোঁ তেন্তে নিসন্দেহে শিশুৱে অভিভাৱকৰ মতৰ বিৰুদ্ধে গৈ ভিডিঅ‘ গেম অথবা কাৰ্টুনৰ ৰাজ্যৰ পৰা কিছুসময় আঁতৰি সাধুকথা বা অন্য কিতাপ পঢ়িবলৈ আগ্ৰহী হ‘ব।

শিশুসকল নীতি-শিক্ষাৰ পৰা যিমানে আঁতৰি আহিছে সিমানে সমাজখন বিশৃংখল হৈ গৈ আছে। ই অপ্ৰিয় সত্য। এখন সুস্থ্ সবল সমাজ গঢ়িবলৈ আজিৰ শিশুৱে সাহিত্যৰ চৰ্চা তথা অধ্যয়ন কৰা অতি প্ৰয়োজন।

লেখক: অঞ্জনা তামুলী


3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top