মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / ভাৰত আৰু বিশ্ব শান্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰত আৰু বিশ্ব শান্তি

ভাৰত আৰু বিশ্ব শান্তি

বিশ্ব শান্তিৰ ধাৰণা

বিশ্ব শান্তিৰ ধাৰণাটো প্ৰকৃততে কেতিয়া উদ্ভৱ হৈছে তাক একেষাৰতে কোৱা টান। পোন্ধৰ শতিকামানৰ আগলৈকে পৃথিৱীৰ বিভিন্ন দেশ বা মহাদেশ সম্পৰ্কে মানুহৰ ধাৰণা তেনেই সীমিত আছিল। কলম্বাচৰ আমেৰিকা আৱিষ্কাৰ, ভাস্ক’-ডা-গামাৰ ভাৰত আগমন আদিৰ দৰে ঘটনাসমূহে বিশ্ববাসীক পৃথিৱী সম্পৰ্কে নানা ধৰণৰ ভৌগোলিক তথ্যৰ সন্ধান দিয়ে। এনে ধৰণৰ তথ্যৰ সহায়তে পৰৱৰ্তী সময়ত ইউৰোপৰ সাম্ৰাজ্যবাদী জাতিসমূহে এছিয়া, আফ্ৰিকা আদি মহাদেশত ঔপনিৱেশিকতাবাদৰ পাতনি মেলে। ঔপনিৱেশিকতাবাদৰ ফলতেই সাম্ৰাজ্যবাদী শক্তিসমূহৰ মাজত সৃষ্টি হয় ক্ষমতাৰ প্ৰতিদ্বন্দ্বিতা। এই প্ৰতিদ্বন্দ্বিতাই পৃথিৱীৰ বিভিন্ন দেশৰ সামাজিক, সাংস্কৃতিক আৰু আৰ্থিক দিশত প্ৰভাৱ পেলালেও বিশ্ব শান্তি সম্পৰ্কে মানুহৰ মাজত চিন্তাৰ উদ্ৰেক কৰিব পৰা নাছিল। সেইবাবে বিশ্ব শান্তিৰ ধাৰণাটো আপেক্ষিকভাৱে নতুন। মানুহ শান্তিপ্ৰিয় জীৱ। বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুসকলে শান্তিৰ জৰিয়তে মানৱ-কল্যাণ সৃষ্টি কৰিব পৰা যায় বুলি মতামত আগবঢ়াইছে। ৰামায়ণ, মহাভাৰত আদি মহাকাব্যসমূহত ঋষি-মুনিসকলে শান্তিৰ বাণী প্ৰচাৰৰ দ্বাৰা মানুহক প্ৰকৃত পথৰ সন্ধান দিছে। এইবোৰৰ উপৰিও বিভিন্ন দেশৰ ধৰ্মীয় নেতা আৰু সমাজ সংস্কাৰকসকলে হিংসা বৰ্জিত সমাজ গঠনৰ বাবে শান্তিৰ অনবদ্য ভূমিকাৰ কথা অতীতৰেপৰা প্ৰচাৰ কৰি আহিছে। বিশ্ব শান্তিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ভাৰত এখন অগ্ৰণী দেশ। এই দেশ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলাম, শিখ আদি বিভিন্ন ধৰ্মৰ লোকৰ বাসস্থান। এই সকলোবোৰ ধৰ্মৰ মতবাদতে নিহিত হৈ আছে- শান্তি আৰু মানৱ কল্যাণ লাভৰ বহুতো সজ উপদেশ। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়েও অহিংসাৰে ভৰা শান্তিৰ ৰামৰাজ্য এখনৰ সপোন দেখিছিল। শান্তিৰ বাবে জীৱন উচৰ্গা কৰি অৱহেলিত আৰু দুৰ্গতসকলৰ হিতৰ বাবে কাম কৰা মাদাৰ টেৰেছাই শান্তিৰ ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰপৰা বহু বছৰ আগতে ভগৱান বুদ্ধই এই ভাৰততে দিব্যজ্ঞান লাভ কৰি শান্তিৰ বাণী প্ৰচাৰ কৰি মানৱ জাতিক মুক্তিৰ সন্ধান দিছিল। ভাৰতৰ সংবিধানত থকা নিৰ্দেশাত্মক নীতিসমূহত আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, আন্তৰ্জাতিক বিবাদ আদি মধ্যস্থতাৰ জৰিয়তে নিষ্পত্তি কৰা আদি কেতবোৰ ব্যৱস্থাৰ উল্লেখ আছে। আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতে অতীতৰে পৰা ন্যায়সংগত আৰু সন্মাজনক সম্পৰ্ক ৰক্ষা কৰি আহিছে। তদুপৰি আন্তৰ্জাতিক নীতি আৰু সন্ধি আদিৰ প্ৰতিও এই দেশে সদায় শ্ৰদ্ধা আৰু সন্মান জনাই আহিছে। প্ৰথম বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত- বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু ৰক্ষাৰ বাবে পৃথিৱীত ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি উঠে। তাৰ ভিতৰত জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘৰ নাম উল্লেখযোগ্য। এইবিলাকৰ উপৰি জাতিসমূহৰ সংঘ, গোষ্ঠীনিৰপেক্ষ আন্দোলন, দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংস্থা আদি অনুষ্ঠানসমূহে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত বিশেষ অৰিহণা যোগাইছে। ভাৰত এই আটাইবোৰ অনুষ্ঠানৰে সদস্য। এই অনুষ্ঠানসমূহে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত মিলা-প্ৰীতি আৰু শান্তিপূৰ্ণ সহ-অৱস্থানৰদ্বাৰা পৃথিৱীত বিশ্ব শান্তিৰ পথ প্ৰশষ্ট কৰিছে।

বিশ্ব শান্তিৰ প্ৰয়োজনীয়তা

পৃথিৱীখন সম্প্ৰতি এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উন্নতিৰ ফলতেই এনে সম্ভৱ হৈছে। বিজ্ঞানৰ আৱিষ্কাৰে এহাতে মানুহক যেনেকৈ সুখ-স্বাচ্ছন্দেৰে ভৰা জীৱন-যাপন কৰিবলৈ সুবিধা প্ৰদান কৰিছে- তেনেকৈ ই যুদ্ধ-বিগ্ৰহ, সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আদি কাৰ্য সংঘটিত কৰাৰ ক্ষেত্ৰতো বহু পৰিমাণে বৰঙণি যোগাইছে। ইয়াৰ ফলত উন্নয়নৰ গতি বাধাগ্ৰস্ত হৈছে। আজি সমগ্ৰ পৃথিৱীত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদ মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে। ইয়াক নিৰ্মূল কৰাৰ বাবে হিংসা আৰু সন্ত্ৰাস বৰ্জিত এখন সুস্থ সবল সমাজৰ অতি প্ৰয়োজন। বিশ্বৰ সমগ্ৰ মানৱ জাতি ঐক্যবদ্ধভাৱে পাৰস্পৰিক সহযোগিতা আৰু নিৰ্ভৰশীলতাৰ জৰিয়তে এনে সমাজ গঢ়াৰ বাবে সংকল্পবদ্ধ হোৱা উচিত। কোনো দেশৰ সাৰ্বভৌমত্ব যাতে ভাবুকিৰ সন্মুখীন নহয় তাৰ প্ৰতিও ৰাষ্ট্ৰৰ মুৰব্বী তথা ৰাষ্ট্ৰনায়কসকল সজাগ হোৱাৰ প্ৰয়োজন। ইয়াৰ বাবে বিশ্ব শান্তিৰ ধাৰণা অতি আৱশ্যকীয় আৰু প্ৰাসংগিক।

জাতিসংঘৰ গঠন

কুৰি শতিকাৰ আৰম্ভণিতে ১৯১৪ চনৰ পৰা ১৯১৮ চন পৰ্যন্ত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হয়। এই যুদ্ধ প্ৰলয়ংকৰী আছিল আৰু পৃথিৱীৰ প্ৰায় সকলো উন্নত দেশেই ক্ষতিগ্ৰস্ত হৈছিল। সেইবাবে ফ্ৰান্সৰ ৰাজধানী পেৰিচ নগৰত ১৯১৯ চনৰ আৰম্ভণিতে বহা ‘পেৰিচ শান্তি সন্মিলন’ত যোগ দিয়া বিশ্বৰ নেতৃবৰ্গই পৃথিৱীলৈ যাতে পুনৰ এনে ভয়াবহ যুদ্ধ নাহে তাৰ বাবে চিন্তা-চৰ্চা কৰি ‘জাতিসংঘ’ নামৰ এটা আন্তৰ্জাতিক সংস্থাৰ জন্ম দিয়ে। এই শান্তি আলোচনাৰ ফলস্বৰূপে কেইবাটাও সন্ধি স্বাক্ষৰিত হয় আৰু তাৰ ভিতৰত উল্লেখযোগ্য সন্ধি আছিল ‘ভাৰ্চাই সন্ধি’। এই সন্ধিপত্ৰতে জাতিসংঘৰ চুক্তিপত্ৰ সন্নিৱিষ্ট কৰা হয়। তদানুসাৰে ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ স্থাপন কৰা হয়। এই সংস্থাৰ মূল উদ্দেশ্য আছিল-

(১) বিধি আৰু ন্যায়ৰ মাজেদি আন্তৰ্জাতিক আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা,

(২) যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে প্ৰচেষ্টা চলোৱা আৰু আলাপ-আলোচনাৰ মাধমেৰে বিবাদ নিষ্পত্তি কৰা আৰু

(৩) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত সম্পৰ্ক ৰক্ষা কৰা, আদি।

জাতিসংঘৰ চাৰিটা প্ৰধান অংগ আছিল। সেইসমূহ হ’ল-

(ক) সভা,

(খ) পৰিষদ,

(গ) আন্তৰ্জাতিক ন্যায়ৰ স্থায়ী ন্যায়ালয় আৰু

(ঘ) সচিবালয়।

জাতিসংঘই আন্তৰ্জাতিক শান্তি-সম্প্ৰীতিৰ বাবে কাম আৰম্ভ কৰিছিল। কিন্তু চুক্তিপত্ৰখনত ভালেমান আঁসোৱাহ থকা বাবে বিশেষ ফলৱতী নহ’ল। ১৯৩৯ চনৰ ১ ছেপ্তেম্বৰ তাৰিখে দ্বিতীয়খন বিশ্বযুদ্ধ আৰম্ভ হয় আৰু লগে লগে জাতিসংঘৰ মৃত্যু হয়। দ্বিতীয় বিশ্বযুদ্ধ ১৯৪৫ চন পৰ্যন্ত চলে। এই যুদ্ধত পৃথিৱীৰ প্ৰায় সকলো ৰাষ্ট্ৰই যোগদান কৰে। ইতিমধ্যে বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত পৃথিৱী বহু আগবাঢ়ি যোৱাত প্ৰথম মহাযুদ্ধতকৈ এইখন বেছি প্ৰলয়ংকৰী আৰু সংহাৰকাৰী হয়। আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানত আণৱিক বোমা পেলাই ধ্বংসৰ বিভীষিকা প্ৰবলতৰ কৰে। যুদ্ধখন চলি থাকোতেই কেইখনমান দেশৰ নেতৃবৃন্দই যুদ্ধৰ সামৰণি পেলোৱা আৰু ভৱিষ্যতৰ বাবে যুদ্ধৰ সম্ভাৱনা নাইকিয়া কৰাৰ চিন্তা-চৰ্চা চলাইছিল। ১৯৪১ চনৰ জুন মাহত ইংলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই ‘লণ্ডন ঘোষণা’ নামৰ এক ঘোষণা পত্ৰত চহী কৰে। এই ঘোষণা পত্ৰত বিশ্বত স্থায়ী শান্তি আৰু অৰ্থনৈতিক তথা সামাজিক নিৰাপত্তাৰ কথা কোৱা হৈছে। সেই একে বছৰৰ আগষ্ট মাহত ‘আটলাণ্টিক চনদ’ নামৰ এখন ঘোষণা পত্ৰত সেই সময়ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ব্ৰিটিছ প্ৰধান মন্ত্ৰী চাৰ্চিলে চহী কৰে। এই চুক্তিপত্ৰখন আটলাণ্টিক মহাসাগৰৰ ওপৰত ‘প্ৰিন্স অৱ ৱেলছ’ নামৰ জাহাজখনত চহী কৰা হৈছিল। এই আটলাণ্টিক চনদখনে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত নতুনকৈ এটা আন্তৰ্জাতিক অনুষ্ঠান খোলাৰ বাট সুগম কৰি তোলে।

ৰাষ্ট্ৰসংঘ

১৯৪৩ চনৰ নবেম্বৰ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন আৰু ইংলেণ্ডৰ বিদেশ মন্ত্ৰীসকলৰ এখন সভা মস্কো নগৰত বহে। এই সভাত এখন আন্তৰ্জাতিক অনুষ্ঠান গঠনৰ বিষয়ে আলোচনা কৰা হয়। ইয়াক ‘মস্কো ঘোষণা’ নামে জনা যায়। তাৰ পিছত চাৰ্চিল, ৰুজভেল্ট আৰু ষ্টেলিন তেহৰাণ চহৰত মিলিত হয় আৰু আন্তৰ্জাতিক সংস্থা এটা গঠনৰ অনুকূলে মত প্ৰকাশ কৰে। এই প্ৰস্তাৱক কাৰ্যকৰী ৰূপ দিবৰ বাবে হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডাম্বাৰটন ওৱেক্‌ছ নামৰ ঘৰটিত ইংলেণ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰ, চীন আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতিনিধিসকল মিলিত হয়। এই আলোচনা ১৯৪৪ চনৰ ২১ আগষ্টত অনুষ্ঠিত হয়। ইয়াতে এক নতুন বিশ্ব-সংস্থা গঠনৰ প্ৰস্তাৱ লোৱা হয়। পিছত ১৯৪৫ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে বিশ্বৰ ৫১ খন দেশৰ ২৬০ গৰাকী প্ৰতিনিধি ছানফ্ৰান্সিছক’ নগৰত মিলিত হয়। এই প্ৰতিনিধিসকলে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ‘ৰাষ্ট্ৰসংঘৰ চনদ’ গ্ৰহণ কৰাৰে পৰাই ৰাষ্ট্ৰসংঘৰ জন্ম হয়। তেতিয়াৰে পৰাই ২৪ অক্টোবৰৰ দিনটো ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ চনদখনত এটি প্ৰস্তাৱনা সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰি এই চনদত মুঠ ১১১টা অনুচ্ছেদ আছে।

ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য আৰু নীতিসমূহ

ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদতে এই সংস্থাৰ মূল লক্ষ্যৰ কথা কোৱা হৈছে। সেই অনুসাৰে ইয়াৰ মূল লক্ষ্যসমূহ-

(১) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা,

(২) পৃথিৱীৰ জাতিসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ উন্নয়ন সাধন কৰা,

(৩) বিশ্বৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় সমস্যাসমূহ সমাধান কৰাত আন্তৰ্জাতিক সহযোগ লাভ কৰা, আৰু

(৪) ওপৰোক্ত লক্ষ্যসমূহত উপনীত হ’বৰ বাবে এক সমন্বয়ৰক্ষী কেন্দ্ৰ হিচাপে কাম কৰা।

এই লক্ষ্যসমূহৰ উপৰিও চনদখনত কেইটামান উল্লেখযোগ্য নীতি সন্নিৱিষ্ট কৰা হৈছে আৰু কোৱা হৈছে যে সকলো ৰাষ্ট্ৰই এই নীতিসমূহ মানি চলিব লাগিব। এই নীতিসমূহ এনেধৰণৰ-

(ক) সকলো সদস্য ৰাষ্ট্ৰকে সমান ব্যৱহাৰ কৰিব লাগিব।

(খ) সকলো সদস্য ৰাষ্ট্ৰই চনদত অন্তৰ্ভুক্ত কৰা কৰ্তব্য আৰু দায়িত্ব সম্পাদন কৰিব লাগিব।

(গ) সকলো সদস্য ৰাষ্ট্ৰই আন্তৰ্জাতিক শান্তি, নিৰাপত্তা আৰু ন্যায়ক ব্যাঘাত নকৰাকৈ নিজৰ ভিতৰত বিবাদ শান্তিপূৰ্ণভাৱে সমাধা কৰি ল’ব লাগিব।

(ঘ) সদস্য ৰাষ্ট্ৰই আন কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে শক্তি প্ৰয়োগ বা শক্তি প্ৰয়োগৰ ভাবুকি দিব নোৱাৰিব আৰু আনৰ ভৌগোলিক অখণ্ডতা আৰু স্বাধীনতা বিপদাপন্ন কৰিব নোৱাৰিব।

(ঙ) ৰাষ্ট্ৰসংঘই চনদ অনুসাৰে হাতত লোৱা কাৰ্যপন্থা সকলো সদস্য ৰাষ্ট্ৰই মানি ল’ব লাগিব। এই সংঘই কোনো ৰাষ্ট্ৰৰ বিপক্ষে কোনো কাৰ্যপন্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰই সেই ৰাষ্ট্ৰৰ অনুকূলে কোনো সাহায্য দিব নোৱাৰিব।

(চ) ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য নোহোৱা ৰাষ্ট্ৰকো বিশ্ব শান্তি আৰু নিৰাপত্তাৰ হকে কাম কৰাবলৈ চেষ্টা কৰিব আৰু

(ছ) ৰাষ্ট্ৰসংঘই কোনো ৰাষ্ট্ৰৰ ভিতৰুৱা কাম-কাজত হস্তক্ষেপ নকৰিব আৰু সেই দেশৰ ভিতৰুৱা সমস্যা সমাধানৰ বাবে আগবাঢ়ি নাহিব।

ৰাষ্ট্ৰসংঘৰ সভ্যপদ

ছানফ্ৰান্সিছক’ চহৰত হোৱা অধিৱেশনত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা সকলো দেশ আৰু তাৰ পিছত যিবোৰ দেশে চনদ মানি লৈ তাত চহী কৰিছে সেই সকলো দেশেই এই সংঘৰ সদস্য। চনদত কোৱা হৈছে যে স্বাধীন আৰু শান্তিপ্ৰিয় সকলো দেশেই ইয়াৰ সদস্য হ’ব পাৰিব। নতুন সদস্য হ’বলৈ ইচ্ছুক দেশে ৰাষ্ট্ৰ সংঘলৈ আৱেদন জনাব লাগে। এনে আৱেদন প্ৰথমে নিৰাপত্তা পৰিধিত চালিজাৰি চোৱা হয়। যদি নিৰাপত্তা পৰিষদে অনুমোদন জনায় তেতিয়া আৱেদনখন সাধাৰণ পৰিষদলৈ পঠোৱা হয় আৰু সাধাৰণ পৰিষদত অনুমোদন পালে দেশখনক সদস্যভুক্ত কৰা হয়। যদি কোনো সদস্য-ৰাষ্ট্ৰই চনদৰ নীতি উলংঘা কৰে নাইবা চনদ বহিৰ্ভুত কাম কৰে তেন্তে সেই সদস্যক ৰাষ্ট্ৰ সংঘৰ পদৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা আছে। এনে কৰিবলৈ প্ৰথমে নিৰাপত্তা পৰিষদে সেই দেশখনৰ বিপক্ষে প্ৰস্তাৱ ল’ব লাগে আৰু সেই প্ৰস্তাৱ সাধাৰণ পৰিষদত অনুমোদিত হ’লে দেশখনে সদস্য পদ হেৰুৱায়।

ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহ

ৰাষ্ট্ৰসংঘৰ ছয়টা প্ৰধান অংগ আছে-

(১) সাধাৰণ পৰিষদ,

(২) নিৰাপত্তা পৰিষদ,

(৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ,

(৪) ন্যাসৰক্ষী পৰিষদ,

(৫) আন্তৰ্জাতিক ন্যায়ালয়,

(৬) সচিবালয়।

সাধাৰণ পৰিষদ

ৰাষ্ট্ৰসংঘৰ সমূহ সদস্যৰে এই পৰিষদ গঠিত হয়। প্ৰতি সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ সদস্য এই পৰিষদলৈ পঠাব পাৰে যদিও একোখন ৰাষ্ট্ৰৰ মাথোন এটাকৈ ভোট থাকে। ভোটৰ এনে ব্যৱস্থা এই কাৰণেই কৰা হৈছে যাতে সদস্য ৰাষ্ট্ৰবোৰ সৰু বৰ হ’লেও সকলোৰে মান্যতা সমান থাকে। সাধাৰণ পৰিষদৰ অধিবেশন প্ৰতি বছৰত এবাৰ অনুষ্ঠিত হয়।

সাধাৰণ পৰিষদৰ কাৰ্য আৰু ক্ষমতা

সাধাৰণ পৰিষদৰ ভালেমান কাৰ্য আৰু ক্ষমতা আছে। ৰাষ্ট্ৰসংঘৰ চনদত সকলো বিষয়ৰ ওপৰত ই আলোচনা কৰিব আৰু নিৰাপত্তা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰে। তদুপৰি ই কোনো বিষয়ত নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, কিন্তু কেনে ব্যৱস্থা ল’ব লাগিব সেই বিষয়ে কোনো উপদেশ দিব নোৱাৰে। পৃথিৱীৰ বিভিন্ন দেশৰ মাজত বন্ধুত্ব বিঘ্নিত হ’ব পৰা কাৰ্যত ৰাষ্ট্ৰসংঘই নিজৰ উপদেশ জনাব পাৰে। তদুপৰি আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা খৰ্ব কৰিব পৰা যিকোনো বিষয় ই নিৰাপত্তা পৰিষদৰ লগত আলোচনা কৰিব পাৰে। সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে কিছু নীতি নিৰ্ধাৰণ কৰিব পাৰে। তদুপৰি সদস্য ৰাষ্ট্ৰৰ মাজত সহযোগিতা বৃদ্ধি, অস্ত্ৰ-শস্ত্ৰ সংকোচন আদিৰ বাবেও ই নীতি নিৰ্ধাৰণ কৰিব পাৰে। ই সদস্য ৰাষ্ট্ৰসমূহক মানৱ অধিকাৰৰ বিষয়েও নিৰ্দেশ দিব পাৰে। এই পৰিষদে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যাসমূহৰ সমাধানৰ বাবে গঠনমূলক ভূমিকা ল’ব পাৰে। প্ৰয়োজনবোধে এই পৰিষদে বিষয়বোৰ আলোচনা কৰি নিৰাপত্তা পৰিষদক জনাব পাৰে। সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ বাজেট গ্ৰহণ কৰিব লাগে। ইয়াৰ বাজেট সাধাৰণ পৰিষদে গ্ৰহণ নকৰিলে কাৰ্যকৰী নহয়। সাধাৰণ পৰিষদে নিৰাপত্তা পৰিষদৰ লগলাগি সচিব প্ৰধান আৰু আন্তৰ্জাতিক ন্যায়ালয়ৰ বিচাৰকসকলক নিৰ্বাচন কৰে। তদুপৰি এই সাধাৰণ পৰিষদে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ তথা ন্যাসৰক্ষী পৰিষদৰ সদস্যসকলক নিজাববীয়াকৈ নিৰ্বাচন কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ সংশোধন ক্ষমতা সাধাৰণ পৰিষদৰ হাতত ন্যস্ত আছে। এই চনদ সংশোধন কৰিবৰ বাবে দুই-তৃতীয়াংশ ভোটত গৃহীত হোৱাৰ উপৰিও নিৰাপত্তা পৰিষদৰ সকলো সদস্যই অনুমোদন জনাব লাগে।

নিৰাপত্তা পৰিষদ

নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা স্বৰূপ। এই পৰিষদ স্থায়ী আৰু অস্থায়ী দুবিধ সদস্যৰে গঠিত। স্থায়ী সদস্য পাঁচখন ৰাষ্ট্ৰ- চীন, ফ্ৰান্স, ৰুছিয়া, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ। স্থায়ী সদস্যসকলৰ উপৰিও আন দহখন ৰাষ্ট্ৰক দুবছৰৰ বাবে অস্থায়ী সদস্য হিচাপে নিৰ্বাচন কৰা হয়। দুবছৰ পাৰ হ’লে অস্থায়ী সদস্যসকল পুনৰবাৰ নিৰ্বাচিত হ’ব নোৱাৰে। সদস্য ৰাষ্ট্ৰসমূহে প্ৰত্যেকে কেৱল এজন সদস্যহে নিৰাপত্তা পৰিষদলৈ পঠাব পাৰে। এখন সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে। নিৰাপত্তা পৰিষদৰ একোটা সিদ্ধান্তৰ বাবে সকলো স্থায়ী সদস্যৰ সন্মতিৰ প্ৰয়োজন। এই স্থায়ী সদস্য ৰাষ্ট্ৰৰ এখনৰ অমত হ’লেও বাকী সকলোৱে লোৱা সিদ্ধান্ত বাতিল হ’ব। স্থায়ী সদস্যৰ এই ক্ষমতাক ভেট’ বুলি কোৱা হয়।

নিৰাপত্তা পৰিষদৰ কাৰ্য আৰু ক্ষমতা

নিৰাপত্তা পৰিষদৰ ভালেমান কাৰ্য আৰু ক্ষমতা আছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাম হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখা। সাধাৰণ পৰিষদ বা সচিব প্ৰধানে পৃথিৱীত শান্তি আৰু নিৰাপত্তাত ব্যাঘাত জন্মাব পৰা যিকোনো ঘটনা বা বিবাদৰ প্ৰতি নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। আনহাতে কোনো দেশে যদি অন্য ৰাষ্ট্ৰৰ লগত বিবাদত সোমাই পৰে তেনে দেশেও নিৰাপত্তা পৰিষদৰ কাষ চাপিব পাৰে। এনে ক্ষেত্ৰত নিৰাপত্তা পৰিষদে বিষাদগ্ৰস্ত ৰাষ্ট্ৰবোৰক বিবাদৰ নিষ্পত্তি কৰিবৰ বাবে আলাপ-আলোচনা অথবা কোনো অন্য দেশৰ মধ্যস্থতাৰ সহায় ল’বলৈ উপদেশ দিব পাৰে। যদি এনে বিবাদ কোনো আইন সম্পৰ্কীয় হয় তেতিয়া বিবাদগ্ৰস্ত ৰাষ্ট্ৰকেইখনক আন্তৰ্জাতিক ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিব পাৰে। যদি কোনো বিবাদগ্ৰস্ত ৰাষ্ট্ৰই বিবাদ শান্তিপূৰ্ণ পদ্ধতিৰে নিষ্পত্তি কৰিবলৈ নিবিচাৰে আৰু সেই বিবাদৰপৰা পৃথিৱীৰ শান্তি ব্যাহত হ’ব পাৰে বুলি নিৰাপত্তা পৰিষদে উপলব্ধি কৰে তেন্তে পৰিষদে দুই ধৰণে কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰে।

প্ৰথম, পৰিষদে ৰাষ্ট্ৰসংঘৰ সকলো সদস্যকে সেই বিবাদমান ৰাষ্ট্ৰকেইখনৰ লগত থকা অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো সম্পৰ্ক ছেদ কৰিবলৈ ক’ব পাৰে। যদি তেনে কৰাৰ পিছতো সেই ৰাষ্ট্ৰ কেইখনে শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰিবলৈ নিবিচাৰে তেতিয়া নিৰাপত্তা পৰিষদৰ দ্বিতীয় পন্থাটো হ’ব সামৰিক ব্যৱস্থা গ্ৰহণ কৰা। এই দ্বিতীয় পন্থা অনুযায়ী আন আন সদস্য ৰাষ্ট্ৰই সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ দি পৰিষদক সাহায্য কৰিব লাগে। নিৰাপত্তা পৰিষদৰ অন্যান্য কামৰ ভিতৰত আছে সচিব প্ৰধান আৰু আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিযুক্তি। অৱশ্যে এনে নিযুক্তিত সাধাৰণ পৰিষদে অনুমোদন জনাব লাগে। তদুপৰি ৰাষ্ট্ৰসংঘৰ নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু প্ৰয়োজনবোধে সদস্যৰ অপসাৰণ এই দুয়ো ক্ষেত্ৰতে নিৰাপত্তা পৰিষদৰ অনুমোদন লাগে। গতিকে দেখা হ’ল যে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ বৰ ক্ষমতাশালী অংগ।

অৰ্থনৈতিক আৰু সামাজিক পৰিষদ

বিশ্বৰ বিভিন্ন অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন কৰা হৈছে। ই ৰাষ্ট্ৰসংঘৰ তৃতীয় প্ৰধান অংগ। আৰম্ভণিতে ইয়াৰ সদস্য সংখ্যা আছিল ১৮ কিন্তু ১৯৬৫ চনত ইয়াৰ সংশোধন কৰি ২৭ লৈ সদস্য বৃদ্ধি কৰা হয়। যদিও এই পৰিষদৰ কোনো স্থায়ী সদস্যৰ ব্যৱস্থা নাই, নিৰাপত্তা পৰিষদৰ সকলো সদস্য ইয়াৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহে। এই সদস্যসকলৰ এক তৃতীয়াংশই প্ৰতিবছৰে অৱসৰ ল’ব লাগে আৰু সেয়েহে প্ৰতিবছৰে ইয়াৰ এক-তৃতীয়াংশ সদস্যক নিৰ্বাচন কৰা হয়।

অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্য আৰু ক্ষমতাৱলী

এই পৰিষদক ভালেমান অৰ্থনৈতিক আৰু সামাজিক কাম দিয়া হৈছে। তাৰ ভিতৰত তলত দিয়া কেইটা প্ৰধান-

(১) সকলো অৰ্থনৈতিক, সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় আন্তৰ্জাতিক সমস্যা সমাধান কৰা,

(২) সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত আন্তৰ্জাতিক সহযোগিতাৰ বাবে কাম কৰা,

(৩) সকলোৰে বাবে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ উন্নয়ন সাধন কৰা,

(৪) জীৱন ধাৰণৰ মান উন্নতকৰণ, নিবনুৱা সমস্যা সমাধানকৰণ আৰু সামাজিক তথা অৰ্থনৈতিক উন্নতি সাধন আৰু

(৫) বিভিন্ন অঞ্চলৰ মানৱ জাতিৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্য আন্তৰ্জাতিক আয়োগ গঠন কৰা।

অৰ্থনৈতিক আৰু সামাজিক পৰিষদে ইয়াৰ সকলো কাম-কাজ সাধাৰণ পৰিষদৰ অনুমোদন ক্ৰমেহে সম্পাদন কৰে।

ন্যাসৰক্ষী পৰিষদ

এই পৰিষদে আন্তৰ্জাতিক ন্যাসৰক্ষী ব্যৱস্থাৰ তদাৰক কৰে। ইয়ো ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। প্ৰথম বিশ্বযুদ্ধৰ পিছত জাৰ্মানী আৰু সেই দেশৰ ফলীয়া হৈ যুদ্ধত অৱতীৰ্ণ হোৱা দেশবিলাকৰ যিবোৰ তলতীয়া দেশ আছিল সেই দেশসমূহক ‘মেনডেট’ নাম দি যুদ্ধ জয়ী দেশসমূহৰ হাতত শাসন ভাৰ দিছিল। দ্বিতীয় মহাযুদ্ধৰ অৱসান হোৱাৰ পিছত সেই ‘মেনডেট’ ৰাজ্যবোৰ ন্যাসৰক্ষী পৰিষদলৈ হস্তান্তৰ কৰা হয়। এই ৰাজ্যবোৰৰ উপৰিও ৰাষ্ট্ৰসংঘই আৰু কিছুমান অনুন্নত দেশৰ শাসনভাৰ এই পৰিষদলৈ হস্তান্তৰ কৰে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু যিবোৰ ৰাষ্ট্ৰক ন্যাসৰ অন্তৰ্ভুক্ত ৰাজ্যবোৰ শাসন কৰিবলৈ দিয়া হৈছে সেই সকলৰে এই পৰিষদ গঠন কৰা হয়। তাৰ উপৰি কেইখনমান ৰাষ্ট্ৰক সাধাৰণ পৰিষদে ইয়াৰ সদস্য হিচাপে বাছি দিয়ে। প্ৰতি সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে আৰু প্ৰতি বছৰে এই পৰিষদৰ অন্তত: দুবাৰকৈ বৈঠক বহিব লাগে। এই পৰিষদে প্ৰয়োজনবোধ কৰিলে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সাহায্য ল’ব পাৰে। সাধাৰণতে সাধাৰণ পৰিষদৰ অনুমোদনক্ৰমে এই পৰিষদে কাৰ্য চলায় যদিও নিৰাপত্তা পৰিষদৰো কোনো কোনো বিষয়ত পৰামৰ্শ তথা অনুমোদন ল’ব লাগে।

ন্যাসৰক্ষী পৰিষদৰ কাৰ্য আৰু ক্ষমতা

ন্যাসৰক্ষী পৰিষদৰ ভালেমান কাৰ্য আৰু ক্ষমতা আছে। তাৰ ভিতৰত প্ৰধান হ’ল-

(১) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা অব্যাহত ৰখা,

(২) পিছপৰা জাতিসমূহৰ উন্নয়ন,

(৩) মানৱ অধিকাৰৰ প্ৰতি মনোযোগ আকৰ্ষণ,

(৪) ৰাষ্ট্ৰসংঘৰ সৰু-বৰ সকলো সদস্যৰ প্ৰতি সম ব্যৱহাৰ আৰু সম ন্যায় নিশ্চিতকৰণ আৰু

(৫) ন্যাস অঞ্চলৰ দায়িত্বত থকা দেশসমূহৰ শাসনৰ অগ্ৰগতি সম্পৰ্কে দিয়া প্ৰতিবেদন গ্ৰহণ কৰা আৰু বিবেচনা কৰা।

আন্তৰ্জাতিক ন্যায়ালয়

আন্তৰ্জাতিক ন্যায়ালয় হৈছে ৰাষ্ট্ৰসংঘৰ ন্যায় বিচাৰৰ অনুষ্ঠান। এই ন্যায়ালয়ৰ প্ৰধান কাম হ’ল- আন্তৰ্জাতিক আইন আৰু ন্যায়ৰ মাজেদি আন্তৰ্জাতিক বিবাদ নিষ্পত্তি কৰা। এই ন্যায়ালয়ত ১৫ জন ন্যায়াধীশ আছে। এই ন্যায়াধীশসকলক সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে নিৰ্বাচন কৰে। এখন দেশৰপৰা কেৱল এজনহে মাত্ৰ ন্যায়াধীশ নিৰ্বাচন কৰিব পাৰে। ন্যায়াধীশসকলক ন বছৰৰ কাৰণে নিৰ্বাচন কৰা হয়। তেওঁলোকে নিজৰ ভিতৰৰপৰা এজন অধ্যক্ষ বাছি লয়। এই অধ্যক্ষজনৰ কাৰ্যকাল তিনি বছৰ। এই ন্যায়ালয় প্ৰতিষ্ঠা কৰাৰ সময়ত নিয়ম কৰা হৈছিল যে, এক তৃতীয়াংশ ন্যায়াধীশে তিনি বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰিব। গতিকে প্ৰতি তিনি বছৰৰ মূৰত নতুনকৈ নিৰ্বাচন কৰি এক তৃতীয়াংশ ন্যায়াধীশ মকৰল কৰা হয়।

আন্তৰ্জাতিক ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্য

(১) আন্তৰ্জাতিক ন্যায়ালয়ে ইয়াৰ সদস্য ৰাষ্ট্ৰবিলাকৰ কোনো বিবাদ থাকিলে তাৰ বিচাৰ কৰে। জাতীয় ন্যায়ালয়সমূহৰ নিচিনাকৈ ব্যক্তিৰ বা ব্যক্তিসমূহৰ বিচাৰ নকৰে।

(২) বিবাদমান ৰাষ্ট্ৰই অন্য ৰাষ্ট্ৰৰ লগত থকা বিবাদ বিচাৰৰ বাবে এই ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। কিন্তু ন্যায়ালয়ে সংশ্লিষ্ট ৰাষ্ট্ৰপতিৰ সন্মতি নথকাকৈ বিচাৰ কৰিব নোৱাৰে।

(৩) এই ন্যায়ালয়ে আন্তৰ্জাতিক আইন, সন্ধি আদিৰ ব্যাখ্যা আগবঢ়াব পাৰে।

(৪) সাধাৰণ পৰিষদে প্ৰয়োজন অনুসৰি এই ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ অন্যান্য অংগসমূহেও প্ৰয়োজনীয় পৰামৰ্শ বিচাৰিব পাৰে।

হলেণ্ডৰ দ্য হেগ নামৰ নগৰত আন্তৰ্জাতিক ন্যায়ালয়ৰ সদৰ অৱস্থিত।

সচিবালয়

সচিবালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ইয়াৰ সদৰ কাৰ্যালয় অৱস্থিত। ই ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ব্যৱস্থাৰ তদাৰক কৰে। অন্যান্য অংগসমূহৰ কাম-কাজতো সচিবালয়ে সহযোগিতা আগবঢ়ায়। সচিবালয়ত এজন সচিব প্ৰধান আৰু ইয়াৰ নিম্নস্থ আঠোটা বিভাগৰ বাবে একোজনকৈ সহকাৰী সচিব আৰু অন্যান্য কৰ্ম-কৰ্তাসকল থাকে। সচিব প্ৰধান জনক নিৰাপত্তা পৰিষদৰ মনোনয়নমতে সাধাৰণ পৰিষদে নিয়োগ কৰে। সচিব প্ৰধানজনৰ কাৰ্যকালৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ চনদত কোনো উল্লেখ নাই। সচিব প্ৰধানক সহায় কৰিবলৈ ২৪ জন উচ্চ পৰ্যায়ৰ বিষয়া আছে।

সচিব প্ৰধানৰ কাৰ্য আৰু ক্ষমতা

সচিব প্ৰধান সচিবালয়ৰ প্ৰধান প্ৰশাসনীয় বিষয়া। তেওঁক ভালেমান ক্ষমতা দিয়া হৈছে। সেইবিলাকৰ ভিতৰত প্ৰধান ক্ষমতাকেইটা হ’ল-

(১) সচিব প্ৰধান ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ বৈঠকবিলাকত উপস্থিত থাকিব লাগে আৰু এই বৈঠকবিলাকত তেওঁৰ ওপৰত ন্যস্ত কৰা কামসমূহ সম্পাদন কৰিব লাগে।

(২) তেওঁ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ ভিতৰত সমন্বয় ৰক্ষা কৰিব লাগে। তদুপৰি ৰাষ্ট্ৰসংঘৰ যিবোৰ বিশেষ ধৰণৰ এজেন্সি আছে সেইবোৰৰ কাৰ্যও নিৰীক্ষণ কৰিব লাগে।

(৩) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট সচিব প্ৰধানৰ তদাৰকত প্ৰস্তুত কৰা হয়।

(৪) তেওঁ ৰাষ্ট্ৰসংঘৰ অধিৱেশনবোৰ অনুষ্ঠিত হোৱাৰ স্থান, সময় আদি নিৰ্ণয় কৰিব লাগে। আনকি এনে অধিৱেশনত কি কি বিষয় আলোচনা কৰা হ’ব তাৰো নিৰ্ণয় কৰিব লাগে।

(৫) তেওঁ ৰাষ্ট্ৰসংঘ তথা অংগসমূহৰ বছৰেকীয়া প্ৰতিবেদন প্ৰস্তুত কৰি সাধাৰণ পৰিষদৰ সাধাৰণ সভাত উত্থাপন কৰিব লাগে।

(৬) তেওঁ সহ সচিব আৰু অন্যান্য বিষয়াবৰ্গক নিয়োগ কৰিব লাগে।

(৭) তেওঁ আন্ত:ৰাষ্ট্ৰীয় চুক্তিসমূহৰ এজন তত্ত্বাৱধায়ক হিচাপে কাম কৰিব লাগে।

ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ

ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাকৰ উপৰি ভালেকেইটা এজেন্সি বা অভিকৰণ আছে যাৰ সহায়ত বিভিন্ন ক্ষেত্ৰত কাম-কাজ চলোৱা হয়। এনে বিশেষ এজেন্সিৰ ভিতৰত প্ৰধান কেইটা হ’ল-

(১) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠান

ইয়াৰ মুখ্য কাৰ্যালয় পেৰিছ চহৰত। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ ইয়াৰ সদস্য। তাৰ উপৰি বাহিৰৰপৰাও ইয়াৰ সদস্য হ’ব পাৰে। ইয়াৰ কাৰ্যৰ ভিতৰত আছে আন্তৰ্জাতিক ক্ষেত্ৰত থকা শিক্ষা, বিজ্ঞান অথবা সাংস্কৃতিক সমস্যাৰ সমাধান উলিওৱা।

(২) ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশুৰ বাবে থকা জৰুৰী নিধি

এই নিধি প্ৰথমে যুদ্ধ বিধ্বস্ত দেশসমূহৰ ল’ৰা-ছোৱালীৰ সাহায্যৰ বাবে গঠিত কৰা হৈছিল। পিছলৈ শিশুৰ উন্নয়নৰ বাবে ই ব্যৱহৃত হৈ আহিছে। ইয়াৰ মুখ্য কাৰ্যালয় নিউইয়ৰ্কত।

(৩) বিশ্ব স্বাস্থ্য সংস্থা

ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই ইয়াৰ সদস্য। সেই সদস্য সকলৰ ভিতৰৰপৰা ১৮ জন সদস্যৰে এই প্ৰশাসনিক পৰিষদ গঠিত হয়। ইয়াৰ মূল উদ্দেশ্য পৃথিৱীৰপৰা ৰোগ নিৰ্মূল কৰা আৰু জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধন কৰা।

(৪) আন্তৰ্জাতিক শ্ৰম পৰিষদ

এই সংস্থা জাতিসংঘৰ দিনতে প্ৰতিষ্ঠিত। পিছত ৰাষ্ট্ৰসংঘয়ো এই অনুষ্ঠান অন্তৰ্ভুক্ত কৰে। এই সংস্থাৰ মূল উদ্দেশ্য হ’ল শ্ৰমিকসকলৰ স্বাৰ্থ ৰক্ষা কৰা। ইয়াৰ সদৰ কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত।

(৫) খাদ্য আৰু কৃষি পৰিষদ

ইয়াৰ প্ৰশাসনৰ বাবে সাধাৰণ পৰিষদে ২৪ জন সদস্য বাচি দিয়ে। ইয়াৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। ইয়াৰ মূল উদ্দেশ্য হ’ল জীৱিকা নিৰ্বাহৰ উন্নয়ন, খাদ্য আদিৰ উন্নয়ন ইত্যাদি।

(৬) আন্তৰ্জাতিক মুদ্ৰা নিধি

ইয়াৰ মুখ্য উদ্দেশ্য বিশ্বৰ বিভিন্ন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। এই নিধিলৈ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই অৰ্থ দান কৰি পুঁজি টনকিয়াল কৰিব লাগে।

মানৱ অধিকাৰ

মানুহ সভ্য জাতি হিচাপে জীয়াই থাকিবৰ বাবে কিছুমান কামত স্বাধীনতা থকাৰ নিতান্ত প্ৰয়োজন। সেইবাবে আধুনিক সংবিধানবিলাকত অত্যাৱশ্যকীয় কাৰ্যত নাগৰিক সকলক বহুতো কামত স্বাধীনতা দিয়াৰ ব্যৱস্থা ৰখা হৈছে। ভাৰততো ছয়বিধ বিশেষ অধিকাৰক মৌলিক অধিকাৰ নাম দি সংবিধানৰ অন্তৰ্ভুক্ত কৰা হৈছে। সেইদৰে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনাতো বিশ্বৰ সকলো প্ৰান্তৰৰ জনসাধাৰণৰ মানৱ অধিকাৰ ৰক্ষাৰ বাবে প্ৰচেষ্টা চলোৱাৰ কথা উল্লেখ আছে। তদুপৰি ৰাষ্ট্ৰসংঘৰ তৰফৰপৰা ১৯৪৬ চনত এটি মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। এই আয়োগক তলত দিয়া বিষয়সমূহ অধ্যয়ন কৰি তাৰ ওপৰত এখন বিধেয়ক ৰচনা কৰিবলৈ দায়িত্ব দিয়া হয়। ইয়াৰ বিষয়সমূহ হ’ল-

(ক) সামাজিক অধিকাৰ,

(খ) সমাজত মহিলাৰ স্থান,

(গ) সংখ্যালঘূৰ নিৰাপত্তা আৰু

(ঘ) জাতি, ধৰ্ম, ভাষা আদিৰ পাৰ্থক্যৰ বাবে মানুহৰ মাজত থকা বিভেদ আদি।

এই আয়োগে প্ৰস্তুত কৰা বিধেয়কৰ ওপৰত ভিত্তি কৰি ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ‘মানৱ অধিকাৰৰ আন্তৰ্জাতিক ঘোষণা পত্ৰ’ গ্ৰহণ কৰা হয়। সেই কাৰণে এই দিনটো মানৱ অধিকাৰ দিৱস হিচাপে সমগ্ৰ বিশ্বত পালন কৰা হয়। তাৰ পিছত ১৯৬৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে আৰু দুখন চুক্তি-পত্ৰ গ্ৰহণ কৰা হয়। সেই চুক্তি-পত্ৰ দুখন হ’ল-

(ক) সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তি-পত্ৰ আৰু

(খ) অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তৰ্জাতিক চুক্তি-পত্ৰ।

মানৱ অধিকাৰৰ আন্তৰ্জাতিক ঘোষণা পত্ৰত বিশ্বৰ সকলো প্ৰান্তৰ মানুহৰ বাবে ভালেমান অতি প্ৰয়োজনীয় অধিকাৰ সন্নিৱিষ্ট কৰি গোটেই মানৱ জাতিৰ উন্নতি সাধন কৰিবলৈ বিচৰা হৈছে। তাৰ ভিতৰত প্ৰধানকেইটামান হ’ল-

(১) সকলো মানুহে মুক্ত অৱস্থাত জন্ম গ্ৰহণ কৰে। গতিকে সকলোৰে সমান অধিকাৰ থাকিব লাগে।

(২) সকলো মানুহৰে জ্ঞান আৰু স্মৃতি শক্তি থাকে। সেইবাবে সকলোকে সম ব্যৱহাৰ কৰিব লাগে।

(৩) সকলো মানুহে নিজৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ প্ৰয়োজনীয় অধিকাৰ ভোগ কৰিবলৈ পাব লাগে।

(৪) জীৱনৰ অতি প্ৰয়োজনীয় অধিকাৰসমূহ হ’ল-

(ক) জীয়াই থকাৰ অধিকাৰ,

(খ) স্বাধীনতাৰ অধিকাৰ আৰু

(গ) জীৱনৰ নিৰাপত্তাৰ অধিকাৰ আদি।

নাগৰিকসকলে এই অধিকাৰসমূহ পাব লাগে।

(৫) কোনো লোকে আন লোকক দাস হিচাপে ব্যৱহাৰ কৰিব নালাগে। দাস ব্যৱসায় বন্ধ হোৱা বাঞ্ছনীয়।

(৬) সকলোকে আইনে সুৰক্ষা তথা নিৰাপত্তা দিব লাগে। সকলো মানুহে নিজ নিজ দেশৰ প্ৰচলিত আইনৰ দ্বাৰা সুৰক্ষা আৰু নিৰাপত্তা পাব লাগে।

এই অধিকাৰসমূহৰ উপৰিও ব্যক্তিগত অধিকাৰ, সম্পত্তিৰ স্বাধীনতা, জ্ঞান-বিশ্বাসৰ স্বাধীনতা, চৰকাৰৰ কাম-কাজত অংশ গ্ৰহণ কৰাৰ স্বাধীনতা, জীৱন ধাৰণৰ পৰ্যাপ্ত সুবিধা পোৱা আদি সকলো ধৰণৰ প্ৰয়োজনীয় স্বাধীনতা আৰু অধিকাৰ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। মানৱ অধিকাৰ ঘোষণা আৰু তাৰ কাৰ্যকৰীকৰণৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতৰ সংবিধানত ভালেমান অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি অৰ্থনৈতিক কাৰণত যিবোৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে বৰ্তমান নাগৰিকক দিব পৰা হোৱা নাই সেইবোৰ ৰাষ্ট্ৰৰ নিৰ্দেশক নীতি অধ্যায়ত অন্তৰ্ভুক্ত কৰি ৰখা হৈছে আৰু ৰাজ্যসমূহ তথা কেন্দ্ৰীয় চৰকাৰক সময়মতে সেইবোৰ প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৃথিৱীৰ সকলোবিলাক দেশৰ নাগৰিকসকলে বিভিন্ন কাৰণত প্ৰয়োজনীয় মানৱ অধিকাৰসমূহ সমানে ভোগ কৰিবলৈ নাপায়। ইয়াৰ বহুতো কাৰণ আছে, তাৰ ভিতৰত অৰ্থনৈতিক কাৰণেই প্ৰধান। এসময়ত আফ্ৰিকা মহাদেশৰ বহুসংখ্যক মানুহক যুক্তৰাষ্ট্ৰ, কানাডা আদিত দাস হিচাপে ব্যৱহাৰ কৰিবলৈ লৈ যোৱা হৈছিল। তদুপৰি এনে কিছুমান দেশ বৰ্তমানো আছে যিবোৰত অৰ্থনৈতিক বৈষম্য বৰ বেছি। তেনে দেশত তুলনামূলকভাৱে দুখীয়া ৰাইজে বেছি অধিকাৰ ভোগ কৰিবলৈ সুবিধা নাপায়। তদুপৰি বিভিন্ন প্ৰকাৰৰ চৰকাৰৰ অধীনত ব্যক্তিগত অধিকাৰ ভোগ কৰাৰ চৰ্ত বেলেগ বেলেগ হয়। আজি-কালি যদিও পুৰণিকালৰ নিচিনা সাম্ৰাজ্যবাদ নাই, তথাপি উন্নত দেশৰ কবলত অনুন্নত দেশ কিছুমানে অৰ্থনৈতিক পৰাধীনতাৰ সন্মুখীন হ’ব লগাত পৰিছে। ফলত সেইবোৰ দেশত বিশেষকৈ তৃতীয় বিশ্বৰ দেশ বুলি খ্যাত দেশসমূহৰ জনগণ বিভিন্ন ধৰণে শোষিত হৈ আছে। তৃতীয় বিশ্ব বুলিলে দক্ষিণ আমেৰিকা, এছিয়া আৰু আফ্ৰিকা মহাদেশৰ অনুন্নত দেশবিলাক পৰে। এনে দেশসমূহৰ নাগৰিকসকলে সভ্য জীৱন যাপন কৰিবলৈ যিখিনি সা-সুবিধাৰ প্ৰয়োজন সেই সুবিধাখিনি বা অধিকাৰবিলাক ভোগ কৰিবলৈ নাপায়। ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ ঘোষণাই এনে ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মনত আশাৰ সৃষ্টি কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ বিশেষকৈ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বাবে অন্তৰ্ভুক্ত কৰা অনুচ্ছেদত মানৱ অধিকাৰ আৰু সেই অধিকাৰ ৰক্ষা কৰাৰ বিষয়ে উল্লেখ আছে। তদুপৰি মানৱ অধিকাৰ ঘোষণা-পত্ৰত সেই বিষয়সমূহ পুনৰ সন্নিৱিষ্ট কৰা হৈছে। বৰ্তমান কালত পৃথিৱীৰ প্ৰায় সকলো দেশতে মানৱ অধিকাৰৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে। ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সংৰক্ষণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিলেও ইয়াৰ সংৰক্ষণৰ মূল দায়িত্ব সদস্য ৰাষ্ট্ৰবিলাকৰহে। তদুপৰি কেৱল চৰকাৰৰ হাতত মানৱ অধিকাৰৰ কাৰ্যকৰীকৰণ সম্পূৰ্ণৰূপে এৰি দিলে বিশেষ সুফলদায়ক নহ’বও পাৰে। তাৰ বাবে ব্যক্তি তথা তেওঁলোকৰ বিভিন্ন সংস্থাসমূহ আগবাঢ়ি অহা প্ৰয়োজন। সম্প্ৰতি মানৱ অধিকাৰ ৰক্ষাৰ বাবে বিভিন্ন দেশত স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ভালেমান সংস্থা গঢ়ি উঠিছে। কিছুমান অৰাজনৈতিক সংস্থা এই ক্ষেত্ৰত বিশেষ কৃতকাৰ্য হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু মানৱ অধিকাৰ ন্যায়ালয় আদি স্থাপন কৰিবৰ বাবে ১৯৯৩ চনৰ ৮ জানুৱাৰীত মানৱ অধিকাৰ সংৰক্ষণ আইনখনত সন্মতি প্ৰদান কৰে। ১৯৯৩ চনৰ আইনখনৰ ভিত্তিতে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু মানৱ অধিকাৰ ন্যায়ালয় আদি স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত তলত দিয়া সদস্যসকল থাকিব-

(১) উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশ ইয়াৰ অধ্যক্ষ হ’ব।

(২) উচ্চতম ন্যায়ালয়ৰ আন এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব।

(৩) এজন যিকোনো উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব।

(৪) উপৰোক্ত ব্যক্তিসকলৰ উপৰিও দুজন মানৱ অধিকাৰৰ বিষয়ে অভিজ্ঞতা থকা লোকক ইয়াৰ সদস্যৰূপে নিৰ্বাচিত কৰিব।

এইসকলৰ উপৰিও সংখ্যালঘূৰ জাতীয় আয়োগ, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতীয় আয়োগ, জাতীয় মহিলা আয়োগৰ অধ্যক্ষসকলো এই আয়োগৰ সদস্য হ’ব। কিন্তু এই আয়োগৰ অধ্যক্ষসকলে মানৱ অধিকাৰ ভংগৰ বাবে দিয়া গোচৰৰ শুনানি ল’ব নোৱাৰিব।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্য আৰু ক্ষমতা

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক ভালেমান কাৰ্য সম্পাদন কৰাৰ ক্ষমতা দিয়া হৈছে। তাৰ ভিতৰত প্ৰধান কাৰ্যকেইটা হ’ল-

(১) যদি কোনো ব্যক্তিয়ে

(ক)মানৱ অধিকাৰ লংঘন কৰে নাইবা লংঘন কৰিবলৈ উচটনি দিয়ে নাইবা

(খ)কোনো চৰকাৰী বিষয়াই এনে অধিকাৰ লংঘনক বাধা দিবলৈ অৱজ্ঞা কৰে তেন্তে তাৰ বলি হোৱা লোকে নাইবা তেওঁৰ হৈ অন্যলোকে আবেদন কৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে তাৰ বিচাৰ কৰিব।

(২) কোনো ন্যায়ালয়ত মানৱ অধিকাৰ লংঘনৰ বিপক্ষে কোনো গোচৰ চলি থাকিলে সেই ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আয়োগে হস্তক্ষেপ কৰিব পাৰে।

(৩) সংবিধানে দিয়া মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণ পৰ্যালোচনা কৰি প্ৰয়োজন হ’লে তাৰ বাবে পৰামৰ্শ দিব পাৰে।

(৪) ৰাজ্যিক চৰকাৰৰ তত্ত্বাৱধানত থকা কাৰাগাৰ পৰিদৰ্শন কৰি বন্দীসকলৰ অৱস্থাৰ বুজ ল’ব পাৰে। প্ৰয়োজন সাপেক্ষে তাৰ কিবা পৰিৱৰ্তন কৰিবলগীয়া থাকিলে সেই বিষয়ে পৰামৰ্শ দিব পাৰে।

(৫) সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰয়োগ কৰা কাৰ্য ব্যৱস্থাৰো পৰ্যালোচনা কৰিব পাৰে।

(৬) মানৱ অধিকাৰৰ ক্ষেত্ৰত কৰা কোনো আন্তৰ্জাতিক সন্ধি আদিৰো পৰ্যালোচনা কৰিব পাৰে।

(৭) কোনো বেচৰকাৰী সংস্থাই মানৱ অধিকাৰ ৰক্ষাৰ বাবে কাম কৰিলে তাক উৎসাহ প্ৰদান কৰিব পাৰে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অনুৰূপে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজ নিজ ৰাজ্যত কাম কৰিব লাগে। ৰাষ্ট্ৰসংঘই প্ৰত্যক্ষভাৱে সদস্য ৰাষ্ট্ৰসমূহৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কোনো ৰাষ্ট্ৰত নাগৰিকসকলে নিজৰ অধিকাৰসমূহ ৰক্ষা কৰিবৰ বাবে যিদৰে নিজে সজাগ হৈ কাৰ্যপন্থা হাতত ল’ব লাগে- তেনেকৈ নিজ দেশৰ নাগৰিকসকলৰ মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসমূহ নিজে সচেতন হ’ব লাগে। ডাঙৰ আৰু শক্তিশালী ৰাষ্ট্ৰই মানৱ অধিকাৰ লংঘনৰ দৰে ঘটনা সংঘটিত কৰিলে ৰাষ্ট্ৰসংঘই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা নাযায়। তথাপি এইটো ঠিক যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ ঘোষণা আৰু ৰাষ্ট্ৰসমূহৰ নিজ নিজ কাৰ্য ব্যৱস্থাৰ ফলত মানৱ অধিকাৰ লংঘনৰ ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। সেইবাবে ইয়াৰ নৈতিক মূল্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

উৎস: সমাজ বিজ্ঞান।

2.825
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top