মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শংকৰদেৱৰ ৰচনাত পৰিৱেশৰ চিন্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শংকৰদেৱৰ ৰচনাত পৰিৱেশৰ চিন্তা

শংকৰদেৱৰ ৰচনাত পৰিৱেশৰ চিন্তা

আজিৰ নতুন প্ৰজন্মৰ বাবে এটা অগতানুগতিক লেখা৷ তথাপি নিৰ্দিষ্ট কৰি দিয়া বিষয়ৰ ওপৰত লিখিবলৈ মোৰ নিজস্ব ধাৰণা জ্ঞানৰ সীমাবদ্ধতাৰে অনুভৱৰ সীমনাৰে লিখিবৰ বাবে প্ৰযত্ন কৰা হৈছে৷

যুগটো বিজ্ঞান প্ৰযুক্তিৰ যুগ৷ চৌপাশে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ অৱক্ষয়তাৰ কোলাহল৷ কিন্তু পৰিৱেশ অৱক্ষয়তাৰ মূল কাৰণ কি আচলতে? বিশ্বৰ প্ৰত্যেক বস্তুকে “ভোগ্য পদাৰ্থ বুলি ভাবি অবাধিত ৰূপে ভোগ কৰি যোৱাৰ প্ৰবৃত্তিয়েই মূল কাৰণ৷ খ্ৰীষ্টিয় পঞ্চদশ শতিকাত অসমত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ধৰ্মৰ নামত বেমেজালি ঘটা এখন সমাজত এক বৈজ্ঞানিক সমাজবাদ প্ৰতিস্থা কৰি বৈজ্ঞানিক ধাৰণাৰে এখন সংস্কাৰমূখী সমাজ গঢ়াৰ লক্ষ্যৰে ৩৪ টা জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ অসম ৰাজ্যত সকলোৰে মাজত ঐক্য সম্প্ৰীতিৰ এনাজৰীডাল কটকটিয়া কৰি প্ৰচাৰ কৰি গল এক শৰণ হৰি নাম ধৰ্ম৷
যি সময়ত শঙ্কৰদেৱে অসমত জন্ম গ্ৰহণ কৰিছিল, সেই সময় আছিল এক বিভিষীকাময়৷ অতি কদৰ্য্যময় পৰিৱেশলৈ ৰূপান্তৰ হৈছিল৷ বলি বিধানৰ প্ৰৱর্ত্তনৰে এক শ্ৰেণী পুৰুহিত জাতিয় লোকৰ হাতত ধৰ্মৰ নামত পশু পক্ষী বলি দিয়াতো একেবাৰে সহজ কথা হৈ পৰিছিল৷ আনকি মানুহ পৰ্যন্ত দেৱ দেৱীৰ আগত বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ তেনে এটি সময়ত এক নতুন জাগৰণৰ সৃষ্টি কৰি সৰ্বভাৰতীয় নৱ বৈষ্ণৱ আন্দোলনৰ এটি ধাৰা অসমলৈ কঢ়িয়াই আনি অসমত প্ৰচাৰ কৰিবলৈ কৰা প্ৰচেষ্টাত অতি সাৱধানে তেওঁ সাহিত্য, সংস্কৃতি, গীত, পদ, নাটক আদি সকলোৰে সহায় লৈছিল৷ প্ৰাণী হিংসাৰ বিষয়টো সকলোতকৈ আগস্থান দি তেৰাৰ বিভিন্ন ৰচনাত পৰিৱেশক বিনষ্ট নকৰা, প্ৰকৃতিৰ সুন্দৰতা খিনি উপভোগ কৰাৰ আনন্দ খিনিৰ কথা, প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত উমলি জামলি থকা প্ৰাণী সমূহক হিংসা নকৰাৰ কথাটো উল্লেখ কৰি গৈছে৷

হৰিচন্দ্ৰ উপাখ্যানেৰে কলম ধৰি প্ৰথম বাৰৰ বাবে হৰিচন্দ্ৰ ৰজাৰ মুখত সংলাপ দিছিল তেওঁ..
“জগতৰ পূন্য মানে জানা নিষ্ঠ কৰি, প্ৰাণী উপকাৰৰ অল্পকো নুহি সৰি
হেন জানি প্ৰাণীক অভয় দিয়া দান, বোলা হৰি হৰি পাইবা বৈকুণ্ঠত থান৷৷”
অৰ্থাৎ প্ৰাণী উপকাৰ বা প্ৰাণীক হিংসা নকৰাতোক সকলো পূণ্যত কৈ আগস্থান দিছিল৷ শংকৰদেৱৰ মানৱতাই মানুহক চেৰাই গৈ ইতৰ প্ৰাণীক চুইছিল গৈ৷ উদাত্ত কণ্ঠৰে তেওঁ ঘোষণা দিছিল .. “কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম.. জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷৷”

ভাগৱত শাস্ত্ৰ অনুবাদ কৰি প্ৰথম স্কন্ধতে মহাজ্ঞানী বেদজ্ঞ পণ্ডিত ব্যাস মুনিক তেওঁ দ্ব্যৰ্থহীন ভাষাত কৈছে .. যে তুমিবেদৰ তত্ব মৰ্ম একো নুবুজিলা .. মিছা লোভ দেখুৱাই মানুহক হিংসা ধৰ্মত লিপ্ত কৰাইলা.. পূজা পাতলৰ নামত লোক সকলৰ দ্বাৰা দেৱ দেৱীৰ আগত বলি বিধানৰ নামত অলেখ অসংখ্য জীৱৰ প্ৰাণ নাশৰ র্দোঘোৰ বিৰোধিতা কৰিছিল৷ বৰ্ত্তমান চৰকাৰী আইন কানুনৰ দ্বাৰা জীৱ জগতৰ যি সংৰক্ষনৰ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা হাতত লৈছে এই সকলো খিনি শঙ্কৰী সাহিত্যৰ পাতে পাতে পোৱা যায়৷

চৰিত পুথিত পোৱা যায় যে এবাৰ শিষ্য সকলৰ সৈতে গুৰুজন হাবিৰ মাজে মাজে গৈ থাকোতে এটা হৰিণ ব্যাধৰ জালত বন্দী হৈ থকা দেখা পাই হৰিণটোক মুকলি কৰি দিয়াৰ লগতে ব্যাধ জনৰ বাবেও আধলি এটা ৰাখি আহিছিল৷

শঙ্কৰদেৱৰ আন এখন ৰচনা “ নিমি নৱ সিদ্ব সংবাদত” ভগৱন্ত প্ৰাপ্তিৰ সুগম উপায়ৰ বিষয়ে কবলৈ গৈ লিখিছে “ বৃক্ষ পশু পক্ষীকো অৰ্চিবে যথোচিত” আনকি প্ৰাণীক হিংসা কৰি কৰা ভগৱন্ত উপাসনা সকলো মিছা বুলি উল্লেখ কৰি গৈছে৷

এনেদৰে যদি চোৱা যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমগ্ৰ ৰচনাৱলীত অহিংসা এটা মূল বিষয় হিচাপে স্হান পাইছিল৷ তেওঁৰ আকাশলঙ্ঘী আদৰ্শই এক নতুন বিজ্ঞানসন্মত সমাজৰ পোষকতা কৰিছিল৷

অঞ্জন সাধনীদাৰ

2.89705882353
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top