মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশু-অধ্যয়নঃ পৰিসৰ আৰু পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু-অধ্যয়নঃ পৰিসৰ আৰু পদ্ধতি

শিশু অধ্যয়ন মানৱ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞানৰ বিকাশৰেই পৰিচায়ক বুলিব পাৰি। মানুহৰ ক্ৰমবিকাশৰ লগে লগে দেখা দিয়া কেতবোৰ উন্নত সামাজিক আৰু বৌদ্ধিক প্ৰয়োজনৰ পৰিণতি স্বৰূপেই বৰ্তমানৰ শিশু অধ্যয়নৰ প্ৰয়োজন অনুভৱ কৰি উঠা হৈছে।

 

 

শিশু অধ্যয়ন মানৱ সভ্যতা-সংস্কৃতি আৰু জ্ঞান-বিজ্ঞানৰ বিকাশৰেই পৰিচায়ক বুলিব পাৰি। মানুহৰ ক্ৰমবিকাশৰ লগে লগে দেখা দিয়া কেতবোৰ উন্নত সামাজিক আৰু বৌদ্ধিক প্ৰয়োজনৰ পৰিণতি স্বৰূপেই বৰ্তমানৰ শিশু অধ্যয়নৰ প্ৰয়োজন অনুভৱ কৰি উঠা হৈছে। এখন বিকাশশীল সমাজে সুন্দৰ ভৱিষ্যতৰ বাবে তেওঁলোকৰ বংশধৰসকলৰ উন্নত জীৱনৰ পৰিকল্পনা কৰিব লাগে। ই হৈছে এখন সমাজৰ গুৰুত্বপূৰ্ণ উত্তৰ-দায়িত্ব। শিশু অধ্যয়ন আৰু এই সম্বন্ধীয় ক্ৰিয়া-কলাপক আমি তেনে ৰূপত বিবেচনা কৰা উচিত। উল্লেখযোগ্য যে কেৱল যন্ত্ৰ বিষয়ক আৰু কাৰিকৰী বিজ্ঞান বিষয়ক অধ্যয়ন আৰু বিকাশ সাধনেই এখন দেশ বা সমাজৰ সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰিব নোৱাৰে। মানৱ সম্পদ দেশৰ আন সকলো সম্পদৰেই উৰ্ধত বিবেচিত হোৱা উচিত। এনে সম্পদৰ অধ্যয়ন আৰু বিকাশ সাধনৰ প্ৰচেষ্টাই সেয়েহে প্ৰাধান্য লাভ কৰা উচিত। এই দৃষ্টিকোণৰ বিবেচনাৰে শিশু অধ্যয়নৰ প্ৰয়োজনীয়তা অতি তাৎপৰ্য্যপূৰ্ণ বুলিব পাৰি। বৰ্তমানৰ বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানে সেয়েহে এই দিশৰ প্ৰতিও মনোনিবেশ কৰি উঠিছে আৰু ইয়াৰ ফলত শিশু-মনোবিজ্ঞান এক আকৰ্ষণীয় আৰু অতি প্ৰয়োজনীয় বিষয়ত পৰিণত হৈ উঠিছে।

শিশু-অধ্যয়নৰ চমু ইতিহাসঃ

 

শিশু অধ্যয়নৰ প্ৰয়োজনীয়তা সম্বন্ধীয় চিন্তা-চৰ্চা চিন্তাবিদসকলৰ মনত বহু পুৰণি কালৰে পৰা পৰিলক্ষিত হয়। সময় অতিবাহিত হোৱাৰ লগে লগে ইয়াৰ অধ্যয়ন প্ৰক্ৰিয়া অধিক উন্নত আৰু বিজ্ঞান-ভিত্তিক হৈ উঠিবলৈ ধৰে। অধ্যয়নৰ এই গতিধাৰাক বৰ্ণনা কৰিবৰ বাবে ইয়াৰ কেইবাটাও দিশত আৰু পৰ্যায়ত বিবেচনা কৰিব পাৰি। এই সম্বন্ধে তলত বৰ্ণনা কৰা দিশসমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পৰা যায়।

দাৰ্শনিক দিশঃ শিশু-অধ্যয়নৰ দিশত দাৰ্শনিক সকলৰ দৃষ্টি প্ৰথমেই আকৰ্ষিত হয়। খৃষ্ট জন্মৰ ৪০০ বছৰৰ পূৰ্বে দাৰ্শনিক প্লেটোৱে মত প্ৰকাশ কৰে যে প্ৰতিটো শিশুৰেই যোগ্যতা বা ক্ষমতাৰ ক্ষেত্ৰত ব্যক্তি-পাৰ্থক্যৰ প্ৰশ্ন আমি বিবেচনা কৰিব লাগে। যি শিশু যেনে যোগ্যতা বা ক্ষমতাৰ অধিকাৰী তাক তেনে শিক্ষা দিব লাগে। শিশু-অস্তিত্ব আৰু শিক্ষা সম্বন্ধে সৰ্বপ্ৰথমেই অনুভৱ কৰা এই দাৰ্শনিক জনক সেয়েহে শিশু আৰু শিক্ষা বিষয়ৰ পিতৃ-দেৱতা স্বৰূপে বা ‘গড ফাদাৰ’ স্বৰূপে বৰ্ণনা কৰা হয়। ইয়াৰ কেইবা শতিকাৰ পিছত ১৭ শতিকাৰ আৰম্ভণিতে দাৰ্শনিক জন্ এমচ কমেনিয়াচে শিশুৰ ব্যক্তি-পাৰ্থক্য অধ্যয়নৰ প্ৰয়োজনীয়তা সম্বন্ধে তেওঁৰ লিখিত গ্ৰন্থ স্কুল অব্ ইনফেন্সী, ১৬২৮ চনত প্ৰকাশ কৰে। এই শতিকাৰেই দ্বিতীয়াৰ্ধত দাৰ্শনিক জন লকেও শিশু অধ্যয়নৰ দিশত তেওঁৰ নিজস্ব চিন্তা আৰু মৌলিক বিচাৰ-বিবেচনা ‘থটছ্’ আৰু ‘কন্ডাক্ট অব্ দ্যা আণ্ডাৰষ্টেণ্ডিং’ নামৰ গ্ৰন্থত প্ৰকাশ কৰে। ১৮ শতিকাৰ মাজভাগত দাৰ্শনিক ৰুচোৱে তেওঁৰ ‘Emile’ নামৰ শিশু-শিক্ষা সম্বন্ধীয় মৌলিক গ্ৰন্থ ১৭৬২ চনত প্ৰকাশ কৰে। ইয়াৰ যোগেদি শিশু-অধ্যয়নৰ প্ৰতি তেওঁ সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ শিশুৰ নিজ প্ৰকৃতি অধ্যয়নৰ প্ৰতি আৰু শিশু বিকাশৰ বাবে প্ৰকৃতিৰ মুক্ত প্ৰভাৱৰ প্ৰয়োজনীয়তাৰ প্ৰতি এক বিদ্ৰোহী মনোভাৱেৰে নিজৰ দৃষ্টিভংগী দাঙি ধৰে। এনে দৃষ্টিভংগী শিশু-শিক্ষা আৰু অধ্যয়নৰ দিশত সুদূৰপ্ৰসাৰী বিধৰ হৈ উঠে। ১৮ শতিকাৰ দ্বিতীয়াৰ্ধত ৰুচোৰ শিষ্য পেষ্টালজীয়ে তেওঁৰ তিনি বছৰ ছমাহ বয়সৰ পুত্ৰৰ আচৰণ সম্বন্ধে বিজ্ঞানসন্মত নিৰীক্ষণ কৰি শিশু অধ্যয়নৰ দিশত এক নতুন অভিলেখ স্থাপন কৰে। ১৯ শতিকাৰ প্ৰথমাৰ্ধত আদৰ্শবাদী দাৰ্শনিক ফ্লোৱেলে তেওঁৰ ‘এডুকেশ্যন অব্ মেন্’ নামৰ মৌলিক গ্ৰন্থ ১৮২৬ চনত ৰচনা কৰে আৰু কিণ্ডাৰ গাৰ্টেন শিশু-শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা গঢ় দি তোলে। ফ্লোৱেলৰ আৰ্হিতেই অন্য এক পৃথক দৰ্শনৰ ভিত্তিত ২০ শতিকাৰ প্ৰথমাৰ্ধত মেৰিয়া মণ্টেচৰীয়ে মণ্টেচৰী পদ্ধতি গঢ় দি তোলে আৰু শিশু-শিক্ষা অধ্যয়নৰ বিজ্ঞানভিত্তিক দিশৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশতকৈও ইন্দ্ৰিয় অনুভূতি বিকাশৰ প্ৰতিহে গুৰুত্ব প্ৰদান কৰে। শিশু অধ্যয়ন আৰু শিক্ষাৰ দিশত কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত আমেৰিকাৰ দাৰ্শনিক জন ডিউইয়ে প্ৰয়োগবাদ দৰ্শনৰ শক্তিশালী প্ৰভাৱ পেলায়। শিশু বিকাশৰ বাবে তেওঁ প্ৰদান কৰা ক্ৰিয়াভিত্তিক শিক্ষানীতি আৰু পদ্ধতি বৰ্তমান অধিক জনপ্ৰিয় হৈ উঠাটো লক্ষ্য কৰিব পাৰি।

জৈৱিক দিশঃ শিশু অধ্যয়নৰ দিশত জীৱবিজ্ঞানী সকলৰ বৰঙণিও কম নহয়। ১৯ শতিকাৰ বিখ্যাত জীৱবিজ্ঞানী ছাৰ্লচ ডাৰউইনে ১৮৭৭ চনত তেওঁৰ ‘A Biological Sketch of an Infant’ নামৰ গ্ৰন্থ ৰচনা কৰি শিশু বিকাশৰ ক্ষেত্ৰত থকা জৈৱিক দিশটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ প্ৰাকৃতিক নিৰ্বাচন তত্ত্ব (থিয়’ৰী অব্ নেচাৰেল ছিলেকচন) আৰু ক্ৰমবিৱৰ্তনবাদ তত্ত্ব (থিয়’ৰী অব্ ইভোলিউশ্যন) এই প্ৰসংগত উল্লেখযোগ্য। অষ্ট্ৰীয়াৰ জীৱবিজ্ঞানী গ্ৰেগৰ মেণ্ডেলৰ জীন সম্বন্ধীয় অধ্যয়ন, ইংৰাজ জীৱবিজ্ঞানী ফ্ৰেনচিচ গেলটন, কাৰ্ল পীয়েৰচন আৰু পাৰ্চি নান আদি সকলেও শিশুৰ জৈৱিক অস্তিত্ব আৰু তাৰ অধ্যয়নৰ দিশত নিজ নিজ বৰঙণি আগবঢ়ায়। আমেৰিকাৰ মনোবিজ্ঞানী ৱাটচন আৰু ৰাচিয়াৰ মনোবিজ্ঞানী পেভলভেও তেওঁলোকৰ জন্তুসমূহৰ লগত কৰা নিৰীক্ষণ কাৰ্যৰ যোগে শিশু-শিক্ষণ আৰু বিকাশ সম্বন্ধে বিজ্ঞানভিত্তিকভাৱে জৈৱিক দৃষ্টিকোণৰ ব্যাখ্যা কৰে।

মনোবৈজ্ঞানিক পৰিমাপণৰ দিশঃ দাৰ্শনিক পৰ্যায়ৰ পৰা ক্ৰমে শিশু অধ্যয়নৰ নীতি আৰু পদ্ধতি অধিক বাস্তৱ আৰু বিজ্ঞানভিত্তিক হৈ আহিবলৈ ধৰে। এই দিশত আমেৰিকাৰ মনোবিজ্ঞানীসকলে বিশেষ অৰিহণা যোগায়। বিখ্যাত মনোবিজ্ঞানী ষ্টেইনলি হলে ১৮৮৩ চনত ‘কণ্টেণ্টছ্ অব্ চিল্ড্ৰেনছ্ মাইণ্ড অন্ এণ্টাৰিং স্কুল’ নামৰ গ্ৰন্থ আৰু ১৯০৪ চনত ‘Adolescene’ নামৰ গ্ৰন্থৰ যোগেদি শিশু অধ্যয়নৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ অনুগামী স্বৰূপে গেচেল, গডাৰ্ড, কুলমেন, টাৰমেন আদিয়ে শিশুৰ মনোবৈজ্ঞানিক পৰীক্ষা আৰু পৰিমাপণৰ দিশত নিজ নিজ বৰঙণি যোগায়। ফ্ৰাণ্সৰ মনোবিজ্ঞানী আলফ্ৰেড বিনেই ১৯০৫ চনত শিশুৰ বুদ্ধিৰ পৰিমাপণৰ নিৰ্ভৰযোগ্য মাপকাঠি প্ৰস্তুত কৰি তোলে। টাৰমেনে ১৯১৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এই মাপকাঠিৰ পুনৰীক্ষণ কৰি উন্নত পৰিমাপণৰ ব্যৱস্থা গঢ় দি তোলে। ইয়াৰ ফলত শিশুৰ মানসিক শক্তিসমূহৰ পৰীক্ষা-নিৰীক্ষা আৰু মন সমীক্ষণৰ এক ব্যাপক আন্দোলন সমগ্ৰ পৃথিৱীতে গঢ় লৈ উঠে।

মনোবিশ্লেষণৰ দিশঃ কুৰি শতিকাৰ দ্বিতীয় দশকৰ ভিতৰতেই ভিয়েনাৰ স্নায়ু বিশেষজ্ঞ আৰু চিকিৎসক চিগমাণ্ড ফ্ৰয়েডৰ নেতৃত্বত গঢ় লৈ উঠা মনোবিশ্লেষণ চিন্তাধাৰাই শিক্ষা-মনস্তত্ত্বৰ দিশত এক নতুন বৰঙণি যোগায়। মানসিক অস্বাভাৱিকতা, মানসিক ৰোগ আদিৰ চিকিৎসা কৰাৰ অভিজ্ঞতাৰে মনোবিশ্লেষণকাৰী সকলে মত প্ৰকাশ কৰে যে শিশু সকলেও যৌন জীৱন অনুভৱ কৰে। শৈশৱৰ প্ৰয়োজন পূৰণৰ ব্যৰ্থতাই তেওঁলোকৰ মনত অৱদমনৰ অসুস্থ প্ৰভাৱৰ সৃষ্টি কৰে। প্ৰাপ্তবয়স্ক কালৰ মানসিক ৰোগৰ এক প্ৰধান কাৰণ হৈছে শৈশৱৰ অৱদমনৰ অসুস্থ প্ৰভাৱ। শৈশৱ কালক অৱদমনমুক্ত কৰি ৰখাৰ ওপৰত ফ্ৰয়েডে বিশেষ গুৰুত্ব আৰোপ কৰে। মনোবিশ্লেষণকাৰী সকলৰ শিশু সম্বন্ধীয় দৃষ্টিকোণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মানসিক স্বাস্থ্য-বিজ্ঞানীসকলেও শিশুৰ দেহ-মানসিক স্বাস্থ্যৰক্ষাৰ দিশত এক নতুন অধ্যয়নৰ পৰিসৰ ৰচনা কৰে।

সমাজবিজ্ঞানৰ দিশঃ শিশু অধ্যয়ন আৰু শিশু-বিকাশৰ লগত সমাজ বিজ্ঞানৰ বৰঙণিও জড়িত হৈ আছে। সমাজৰ সাংস্কৃতিক পৰিৱেশ আৰু নৃতাত্বিক অৱস্থাৰ লগত শিশু বিকাশৰ দিশ বিবেচনা কৰাটো প্ৰয়োজন। এই ক্ষেত্ৰত শিশুৰ ওপৰত পৰা পৰিয়ালৰ প্ৰভাৱ, ওচৰ-চুবুৰীয়াৰ প্ৰভাৱ, স্কুলৰ শিক্ষা, পৰিৱেশৰ প্ৰভাৱ আৰু বৃহত্তৰ সমাজৰ ভাষিক, ধৰ্মীয়, সাংস্কৃতিক আৰু সাম্প্ৰদায়িক প্ৰভাৱ সমূহৰ বিশ্লেষণ সমাজ বিজ্ঞানীসকলে আকৰ্ষণীয়ভাৱে দাঙি ধৰে। ফলত শিশু-বিকাশ অধ্যয়নৰ এক বহল পৰিসৰ ৰচিত হয়।

শিশু মনোবিজ্ঞানৰ বিষয়বস্তুঃ

 

শিশু মনোবিজ্ঞান হৈছে সাধাৰণ মনোবিজ্ঞানৰ এটা শাখা, যি শিশু-আচৰণ আৰু বিকাশৰ বিশ্লেষণাত্মক অধ্যয়ন কৰে। শিশু বুলিলে আমি ব্যক্তি-জীৱনৰ কোন সময়ছোৱাক বুজো, সি আমাৰ মনত স্পষ্ট হোৱা উচিত। শিশু মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা কোৱা হয় যে মাতৃগৰ্ভত সন্তানৰ স্থিতি লাভ হোৱাৰে পৰা আৰম্ভ কৰি কৈশোৰ কালৰ আৰম্ভণিলৈকে দেহ-মানসিক বিকাশৰ এই সময়ছোৱাৰ অৱস্থাকেই শিশু বুলি গণ্য কৰা হয়। সেইবাবে শিশু অধ্যয়নত গৰ্ভকালীন পৰ্যায়, শৈশৱকাল আৰু বাল্যকালৰ শেষলৈকে সাধাৰণভাৱে শিশু বুলি বিবেচনা কৰা হয়। কৈশোৰ কালৰ অধ্যয়নৰ বাবে কৈশোৰ মনোবিজ্ঞান নামৰ আন এক পৃথক অধ্যয়নৰ বিষয় গঢ় দি তোলা হৈছে। কৈশোৰ কালৰ অধ্যয়ন সেয়েহে শিশু মনোবিজ্ঞানত অন্তৰ্ভুক্ত নহয়। বিকাশৰ তিনিটা পৰ্যায় যেনে-

  • জন্মৰ আগমুহূৰ্তলৈকে গৰ্ভকালীন পৰ্যায়,
  • জন্মৰ পৰা পাঁচ বছৰ বয়সলৈকে আৰু
  • ছয় বছৰৰ পৰা বাৰ বছৰলৈ শিশু-মনোবিজ্ঞানে অন্তৰ্ভুক্ত কৰে।

এই তিনিওটা পৰ্যায়ৰ আকৌ বিভিন্ন দিশত শিশু বিকাশ সংঘটিত হয়। এইসমূহ হৈছে- দৈহিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আৰু ব্যক্তিত্ব বিকাশ। শিশু মনোবিজ্ঞানে এনেবোৰ ভিন ভিন বিকাশৰ আলোচনা সামৰি লয়। উল্লেখযোগ্য যে এনে অধ্যয়নে শিশু আচৰণ বা শিশু বিকাশৰ এক আদৰ্শ প্ৰতিমান বা ‘norm’ স্বৰূপে জানি উঠাত আমাক সহায় কৰে। এই আদৰ্শ প্ৰতিমানৰ ধাৰণাৰে প্ৰতিটো শিশুৰ নিজস্ব বিকাশৰ শক্তি ক্ষমতা আৰু সম্ভাৱনীয়তা কঢ়িয়াই আনে। এই সহজাত সম্ভাৱনীয়তা সমূহ তাৰ পৰিৱেশে অনুকূল-প্ৰতিকূল প্ৰভাৱৰ যোগেদি বাস্তৱ ৰূপ দান কৰে। শিশু-মনোবিজ্ঞানে এই বংশগতি আৰু তাৰ পৰিৱেশৰ সমগ্ৰ অভাৱৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে বিজ্ঞানভিত্তিক আৰু বিশ্লেষণাত্মক অধ্যয়ন কৰিব লাগে।

শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানঃ

 

সাধাৰণ মনোবিজ্ঞান বৰ্তমান বিভিন্ন প্ৰায়োগিক শাখাত বিভক্ত হৈছে। শিশু-মনোবিজ্ঞান আৰু শিক্ষা-মনোবিজ্ঞান হৈছে ইয়াৰ দুটা শাখা যি বৰ্তমান অধিক জনপ্ৰিয়তা লাভ কৰি উঠিছে। মনোবিজ্ঞানৰ এই দুয়োটা প্ৰায়োগিক শাখাৰ মাজত বিষয়বস্তুৰ তেনে কোনো মৌলিক পাৰ্থক্য নাই। এই দুয়োটা শাখাই শিশুৰ সুস্থ দেহ-মানসিক বিকাশৰ প্ৰতি মনোনিৱেশ কৰে। শিশুৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশ অধ্যয়ন কৰাটো দুয়োটা বিষয়ৰেই অন্তৰ্ভুক্ত উপাদান। দুয়োটাই শিশু শিক্ষা আৰু বিকাশৰ লগত জড়িত থকা বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে। সেয়েহে ক’ব পাৰি যে এই দুয়োটা বিষয়ৰেই মৌলিক লক্ষ্য-উদ্দেশ্য হৈছে শিশু ব্যক্তিত্ব সুস্থ ৰূপত গঢ়ি তোলা।

অৱশ্যে দুয়োটা বিষয়ৰ ক্ৰিয়া পৰিসৰ আৰু পদ্ধতিৰ মাজত কেতবোৰ দৰ্শনীয় আৰু বিবেচনাযোগ্য পাৰ্থক্য থকাটো আমাৰ মন কৰিবলগীয়া। ইয়াৰ কেতবোৰ দিশ তলত উল্লেখ কৰা হৈছে।

  • শিক্ষা-মনোবিজ্ঞানক সচৰাচৰ আমি শিক্ষাৰ মনোবিজ্ঞান বুলি বৰ্ণনা কৰিব পাৰো। মানুহৰ এই শিক্ষা কাৰ্য্য জীৱনৰ শৈশৱ, বাল্য, কৈশোৰ আৰু প্ৰাপ্তবয়স্ক কাল পৰ্যন্ত আগুৰি থাকে। আনহাতে শিশু-মনোবিজ্ঞান কেৱল মাথোন শিশুৰ শিক্ষণ সম্বন্ধীয় বিজ্ঞান নহয়। ইয়াত আমাৰ অধ্যয়নৰ সময়সীমা বিশেষভাৱে নিৰ্ধাৰিত। শিশু-মনোবিজ্ঞানে শৈশৱ আৰু বাল্যকালৰ বিষয়েহে অধ্যয়ন কৰে। কৈশোৰ আৰু প্ৰাপ্তবয়স্ককাল ইয়াৰ বিবেচনাযোগ্য নহয়। সেয়েহে ক’ব পাৰি যে শিশু-মনোবিজ্ঞানতকৈ শিক্ষা-মনোবিজ্ঞানৰ অধ্যয়নৰ কাল আৰু ইয়াৰ পৰিসৰ অধিক বহল।
  • শিক্ষা-মনোবিজ্ঞানৰ অধ্যয়ন ছাত্ৰ-ছাত্ৰীৰ স্কুল আৰু শিক্ষা পৰিৱেশৰ মাজতেই সাধাৰণভাৱে সীমিত থাকে। শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ বেলিকা উদ্ভৱ হোৱা সমস্যাসমূহৰ বিজ্ঞানভিত্তিক অধ্যয়ন শিক্ষা-মনোবিজ্ঞানৰ উদ্দেশ্য। এই প্ৰসংগত ছাত্ৰৰ আগ্ৰহ, অভিৰুচি আৰু প্ৰয়োজনীয় মানসিক প্ৰস্তুতি লাভৰ বিষয়ে শিক্ষা-মনোবিজ্ঞানে মনোনিৱেশ কৰে। আনহাতে শিশু-মনোবিজ্ঞানে শিশুৰ দেহ-মানসিক বিকাশ সম্বন্ধীয় বৈশিষ্ট্যসমূহ বিশেষভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰে। ব্যক্তিৰ জীৱনৰ শৈশৱ আৰু বাল্যকালৰ প্ৰভাৱশালী সময়ছোৱাৰ বিভিন্ন দিশৰ অধ্যয়নৰ মাজত ই আৱদ্ধ থাকে।
  • শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত অধিক উপযুক্ত আৰু ফলপ্ৰসূ হৈ উঠা শিক্ষা-পদ্ধতিসমূহৰ গুণাগুণ বিচাৰ কৰে। ইয়াৰ বাবে শিক্ষাৰ্থীৰ অৰ্হতা, যোগ্যতা, কৰ্মক্ষমতা, আগ্ৰহ-অভিৰুচি আৰু অভিৰোচন প্ৰক্ৰিয়া আদিৰ বিষয়ে শিক্ষা-মনোবিজ্ঞানে দৃষ্টি নিক্ষেপ কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ যোগেদি ব্যক্তিৰ অন্তৰ্নিহিত গুণসমূহৰ যথোচিত বিকাশ সাধন কৰা। আনহাতে শিশু-মনোবিজ্ঞানত শিশুৰ শিক্ষণ সম্বন্ধীয় সমস্যাৰ অধ্যয়ন কৰাটো ইয়াৰ উদ্দেশ্য নহয়। শিশুৰ ক্ৰমাগত দেহ-মানসিক বিকাশত পৰিব পৰা বংশগতি আৰু পৰিৱেশৰ ব্যাপক প্ৰভাৱসমূহৰ স্বৰূপ সাধাৰণভাৱে ইয়াত বিবেচনা কৰা হয়। ইয়াৰ অসুস্থ প্ৰভাৱসমূহ গুচাই সুস্থ প্ৰভাৱৰ যোগে শিশুৰ দেহ-মানসিক বিকাশ স্বাভাৱিক কৰি তোলাটোহে ইয়াৰ মূল বিবেচ্য বিষয়।

ওপৰত শিক্ষা-মনোবিজ্ঞান আৰু শিশু-মনোবিজ্ঞান এই দুয়োটা বিষয়ৰ কেতবোৰ নিজ নিজ স্বকীয় বৈশিষ্ট্যৰ সংক্ষেপে উল্লেখ কৰা হৈছে। অৱশ্যে এনে আলোচনাৰ পৰা এই দুয়োটা বিষয়ৰ মাজত সম্বন্ধহীন বুলি আৰু দুয়োটা পৃথক বিষয় স্বৰূপে আমি গণ্য কৰা অনুচিত। শিক্ষা-মনোবিজ্ঞানে ইয়াৰ প্ৰয়োজনীয় অধ্যয়নৰ বাবে আৰু আৱশ্যকীয় জ্ঞান-অভিজ্ঞতা আহৰণ কৰিবৰ বাবে শিশু-মনোবিজ্ঞানৰ ওপৰত একান্ত নিৰ্ভৰ কৰিব লাগে। শিশু বিকাশৰ গতি আৰু ইয়াৰ প্ৰকৃতি জানি উঠিব নোৱাৰিলে শিক্ষা-মনোবিজ্ঞানে শিশুৰ শিক্ষা আঁচনি প্ৰস্তুত কৰিব নোৱাৰে। সেয়েহে এজন শিক্ষকে তেওঁৰ নিজ কৰ্তব্য পালনৰ বাবে শিশুৰ দেহ-মানসিক বিকাশৰ স্বৰূপ অধ্যয়ন কৰিব লাগে। আনহাতেদি ক’ব পাৰি যে শিশু-মনোবিজ্ঞানেও ইয়াৰ অধ্যয়ন আৰু বিকাশ সাধনৰ বাবে শিক্ষা-মনোবিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। শিক্ষা-মনোবিজ্ঞানে শিশুৰ শিক্ষণ সম্বন্ধীয় মানসিক দিশৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আৰু তাত্বিক বিশ্লেষণ প্ৰদান কৰে। ইয়াৰ ফলত শিশু-মনোবিজ্ঞানৰ অধ্যয়ন অধিক জনপ্ৰিয় হৈ উঠিছে। সেয়েহে এই দুয়োটা বিষয় প্ৰকৃতপক্ষে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল বিধৰ। এটাক বাদ দি আনটো বিষয়ৰ অধ্যয়ন সম্পূৰ্ণ হৈ উঠিব নোৱাৰে।

শিশু-মনোবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

 

মনোবিজ্ঞানৰ এক প্ৰায়োগিক আৰু বিশ্লেষণাত্মক অধ্যয়নৰ শাখা স্বৰূপে শিশু-মনোবিজ্ঞানে বৰ্তমান সকলো সচেতন লোকৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। শিশুৰ জন্মপূৰ্ব অৱস্থাৰ পৰা জন্মোত্তৰ কালৰ ১২ বছৰ বয়সলৈকে বিকাশৰ বিভিন্ন দিশৰ অধ্যয়ন কৰে। এজন ব্যক্তিৰ বিকাশ কালৰ এই সময়ছোৱাৰ গুৰুত্ব আন সকলো স্তৰতকৈ স্বাভাৱিকতেই অধিক হয়। বৰ্তমান বিভিন্ন দৃষ্টিকোণৰ বিবেচনাৰে শিশু-মনোবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা সেয়েহে অনুভৱ কৰিব পাৰি। এই প্ৰসংগত নিম্নলিখিত দিশসমূহৰ বিবেচনাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

  • শিশু-মনোবিজ্ঞানৰ অধ্যয়নে আমাক নিজ বিকাশৰ স্বাভাৱিকতা বা অস্বাভাৱিকতা সম্বন্ধে প্ৰয়োজনীয় ধাৰণা দিব পাৰে। শিশুৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক দিশৰ বিকাশসমূহ স্বাভাৱিক হৈছে নে নাই তাক ইয়াৰ যোগেদি সহজে নিৰীক্ষণ কৰিব পাৰি। এই সম্বন্ধে সৃষ্টি হোৱা সমস্যা আৰু তাৰ সমাধান সম্বন্ধেও শিশু-মনোবিজ্ঞানত অধ্যয়ন কৰিব পাৰি।
  • প্ৰতিটো শিশুৱেই কেতবোৰ বিকাশযোগ্য ক্ষমতাৰে জন্মগ্ৰহণ কৰে। এইসমূহক সঠিকভাৱে চিনাক্তকৰণ কৰা আৰু তাৰ স্বাভাৱিক বিকাশৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন। এনে কৰিবৰ বাবে শিশু-মনোবিজ্ঞানৰ অধ্যয়ন হৈছে অপৰিহাৰ্য্য। শিশুৰ অন্তৰ্নিহিত গুণসমূহৰ সঠিকভাৱে চিনাক্তকৰণ কৰিব পাৰিলেহে তাৰ প্ৰয়োজনীয় শিক্ষা আৰু বিকাশ সম্ভৱ হৈ উঠিব পাৰে।
  • ৰুচো, প্লেটো, ফ্লোৱেল আদি মহান দাৰ্শনিকসকলে শৈশৱ কালৰ বিকাশৰ গুৰুত্বৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰি গৈছে। এই সময়তেই ব্যক্তিৰ মৌলিক শক্তি ক্ষমতাসমূহৰ গঠনাত্মক বিকাশ সম্ভৱ হৈ উঠে। ব্যক্তিৰ পৰৱৰ্তীকালৰ সকলোবোৰ দিশৰ বিকাশ শৈশৱ কালৰ বিকাশৰ ওপৰতেই বিশেষ নিৰ্ভৰশীল। এই সময়ছোৱাত কৰা অৱহেলাই ব্যক্তি জীৱনৰ অপূৰণীয় ক্ষতিসাধন কৰিব পাৰে। এনে কথাই শিশু-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাৰ প্ৰতি স্বাভাৱিকতেই আমাৰ দৃষ্টি আকৰ্ষণ কৰে।
  • ফ্ৰয়েদ প্ৰমুখ্যে মনোবিজ্ঞানীসকলে এই কথা আঙুলিয়াই দিয়ে যে প্ৰাপ্তবয়স্ক কালৰ বিভিন্ন মানসিক ৰোগ আৰু অস্বাভাৱিকতা আদি সৃষ্টিৰ প্ৰধান কাৰণ হৈছে শৈশৱ কালত হোৱা অৱদমনৰ অসুস্থ প্ৰভাৱ। প্ৰাপ্তবয়স্ক কালৰ মানসিক ৰোগৰ স্বৰূপ জানি উঠিবৰ বাবে বিশেষজ্ঞসকলে শৈশৱ আৰু বাল্যকালৰ স্বৰূপ অধ্যয়ন কৰিব লাগে। সেয়েহে শিশু কালছোৱা অৱদমনমুক্ত কৰি সুস্থ ব্যক্তিত্ব গঢ় দি তোলাৰ বাবে শিশু-মনোবিজ্ঞানৰ অধ্যয়ন অপৰিহাৰ্য্য।
  • বৰ্তমান শিশু-শিক্ষকসকলৰ বাবে শিশু-মনোবিজ্ঞানৰ অধ্যয়ন এক অপৰিহাৰ্য্য বিষয়। শিশু মনৰ গভীৰ উপলব্ধি নাথাকিলে শিক্ষকৰ শিক্ষা কেতিয়াও শিশুকেন্দ্ৰিক আৰু শিশুৰ প্ৰয়োজনমুখী হৈ উঠিব নোৱাৰে। শিশুৰ যোগ্যতা, ক্ষমতা, আগ্ৰহ-অভিৰুচি, বুদ্ধিবৃত্তি, আচৰণ আদিৰ স্বৰপ জানি উঠিবৰ বাবে শিক্ষকে শিশু-মনোবিজ্ঞানৰ সহায় ল’ব লাগে।
  • ইয়াৰ উপৰি মাতৃসকলে নিজ সন্তানক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় শিক্ষা বিকাশৰ প্ৰস্তুতি দান কৰাটো বৰ্তমান গুৰুত্বপূৰ্ণ কৰ্তব্য স্বৰূপে বিবেচিত হৈছে। এটা সময়ত ভবা হৈছিল যে সন্তান জন্ম দিলে সি মাটিয়ে-বালিয়ে চুচৰি-বাগৰি ডাঙৰ-দীঘল হ’ব। তেনে ধাৰণা বৰ্তমান আওপুৰণি হৈছে। উপযুক্ত মাতৃ হ’বৰ বাবে মাতৃ-শিল্প বা শিশু-শিল্পৰ লগত তেওঁৰ ভাল পৰিচয় থাকিব লাগে। মাতৃত্বৰ দায়িত্ব কেৱল সন্তান জন্ম দিয়াতেই শেষ নহয়, তাৰ লালন-পালনৰ দায়িত্ব গ্ৰহণ কৰাতহে তেওঁৰ প্ৰকৃত ভূমিকা অনুভৱ কৰি উঠিব পাৰি। এনেবোৰ দিশৰ বিবেচনাই শিশু-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা স্বাভাৱিকতেই আমাৰ মনত অধিক স্পষ্ট কৰি তুলিছে।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.82926829268
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top