অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু-মনোবিজ্ঞানৰ পৰিসৰ

শিশু-মনোবিজ্ঞানৰ পৰিসৰ বিষয়ে লিখা হৈছে

শিশু-মনোবিজ্ঞানৰ পৰিসৰ কি

 

প্ৰতিটো বিষয় অধ্যয়নৰ পূৰ্বে তাৰ ক্ৰিয়া পৰিসৰ বা অধ্যয়নৰ পৰিসৰ সম্বন্ধে সুস্পষ্ট হোৱাটো প্ৰয়োজন। ইয়াৰ যোগেদিহে কোনো এটা বিষয়ৰ অধ্যয়ন আমাৰ বাবে উদ্দেশ্যপ্ৰণোদিত আৰু ফলপ্ৰসূ কৰি তুলিব পৰা যায়। সেইবাবে শিশু অধ্যয়নৰ পৰিসৰ অথবা ইয়াৰ অন্তৰ্ভূক্ত হোৱা আলোচ্য দিশসমূহৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন। এই প্ৰসংগত নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য।

  • শিশু বিকাশৰ পৰ্য্যায়ঃ শিশু-মনোবিজ্ঞানক শিশুৰ বিকাশ সম্বন্ধীয় বিজ্ঞান স্বৰূপেও বৰ্ণনা কৰিব পাৰি। সেইবাবে শিশুৰ বিকাশৰ বিভিন্ন স্তৰ আৰু অৱস্থাৰ এক বিশ্লেষণমূলক অধ্যয়ন ইয়াৰ অন্তৰ্ভূক্ত। মানৱ শিশুৱে মাতৃ গৰ্ভতেই দৈহিক বিকাশৰ পাতনি মেলে। সেয়েহে এই গৰ্ভকালীন অৱস্থাৰ বিকাশৰ স্বৰূপ অধ্যয়ন শিশু-মনোবিজ্ঞানৰ এক আকৰ্ষণীয় দিশ। এই সময়ছোৱাৰ বিকাশৰ দুটা প্ৰধান দিশ হৈছে ভ্ৰূণৰ স্নায়ৱিক গঠন আৰু দেহ সঞ্চালন ক্ষমতাৰ বিকাশ। জন্মোত্তৰ কালৰ বিকাশকো সেইদৰে কেইবাটাও ভাগত বিভক্ত কৰা হয়। এই বিভাগসমূহৰ আকৌ নিজস্ব বৈশিষ্ট্য আৰু গতি পদ্ধতি আছে, যি মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা তাৎপৰ্য্যপূৰ্ণ। এই বৈশিষ্ট্যসমূহক আকৌ দৈহিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি বিভিন্ন দিশৰ অধ্যয়ন কৰিব পৰা যায়। এইসমূহ অধ্যয়নে শিশু-মনোবিজ্ঞানৰ পৰিসৰ ৰচনা কৰিছে।
  • পৰিৱেশীয় প্ৰভাৱঃ শিশু মূলতেই হৈছে পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়াশীল জীৱ। সেয়েহে শিশু প্ৰতিক্ৰিয়া বা আচৰণ তাৰ পৰিৱেশৰ পৰিস্থিতিৰ ওপৰত বিশেষ নিৰ্ভৰশীল। শিশু-মনোবিজ্ঞানে শিশু বিকাশ কালত পৰিৱেশে পেলোৱা এই প্ৰভাৱৰ স্বৰূপ অধ্যয়ন কৰিব লাগে। কেৱল সেয়ে নহয়, শিশু-পৰিৱেশ তাৰ সুস্থ বিকাশৰ বাবে নতুন ৰূপত গঢ় দি তোলা বা আদৰ্শ পৰিৱেশ ৰচনা কৰা আৰু অসুস্থ পৰিৱেশ নিয়ন্ত্ৰণ কৰি শিশুক সুস্থ ৰূপত পৰিচালিত কৰা কাৰ্য্য শিশু-মনোবিজ্ঞানৰ অন্তৰ্ভূক্ত। মন কৰিবলগীয়া যে শিশুৰ বংশগতি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। কিন্তু আনহাতে শিশু-পৰিৱেশ আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন। বিশেষকৈ শিশুৰ গৃহ পৰিৱেশ আৰু স্কুলৰ শিক্ষা-পৰিৱেশ শিক্ষক-অভিভাৱকসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকে। এই নিয়ন্ত্ৰণৰ আদৰ্শ আৰু বিজ্ঞানসন্মত প্ৰক্ৰিয়া অধ্যয়নেই হৈছে শিশু-মনোবিজ্ঞান।
  • ব্যক্তি-পাৰস্পৰিকতাঃ গৃহ, শিক্ষা আৰু খেলা-ধূলাৰ বিবিধ সামাজিক পৰিৱেশত শিশুৱে ভিন ভিন ব্যক্তি বিশেষৰ সংস্পৰ্শ লাভ কৰে। ইয়াৰ ফলত নিজ অভিজ্ঞতা আৰু আচৰণ এক বিশিষ্ট ৰূপত গঢ় দি তোলে। ইয়াৰ যোগেদি বন্ধুত্ব, ভ্ৰাতৃত্ব, নেতৃত্ব, সহযোগিতা, প্ৰতিযোগিতা, সহৃদয়তা আদি বিভিন্ন সামাজিক পাৰস্পৰিকতা লাভ কৰি উঠে আৰু সামাজিক সংযোজন স্থাপন কৰে। এনে ব্যক্তি-পাৰস্পৰিকতাৰ যোগেদি সামাজিক জীৱনত লাভ কৰি উঠা সামাজিক পৈণতাৰ স্বৰূপ অধ্যয়ন কৰাটো শিশু-মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত। উল্লেখযোগ্য যে সমাজৰ বিভিন্ন ব্যক্তিৰ লগত কৰা এনে পাৰস্পৰিকতাৰ সুস্থ আৰু অসুস্থ প্ৰভাৱে শিশু বিকাশৰ গতি নিৰ্ধাৰণ কৰে।
  • মানসিক বিকাশ প্ৰক্ৰিয়াঃ শিশুৰ মন আৰু তাৰ মানসিক বিকাশৰ এক স্বকীয় বৈশিষ্ট্য আছে। সেইবাবে এটা শিশুক তাৰ প্ৰকৃত ৰূপত জানিবলৈ আৰু তাৰ মন বুজিবলৈ হলে শিশু মনৰ অভিজ্ঞতাৰে চাব পাৰিব লাগে। প্ৰাপ্তবয়স্ক লোকৰ মনৰ অনুভূতি আৰু অভিজ্ঞতাৰে শিশু মনৰ অভিজ্ঞতা চাব আৰু বিশ্লেষণ কৰিব নোৱাৰি। শিশু-মনোবিজ্ঞান হৈছে এক বিষয় যাৰ যোগেদি শিশু মনৰ অভিজ্ঞতাক তাৰ স্বৰূপাৰ্থত অধ্যয়নৰ চেষ্টা কৰা হয়। শিশু মনৰ জ্ঞান-ধাৰণা, বুদ্ধি-বৃত্তি, স্মৃতি-কল্পনা, শিক্ষণ ক্ষমতা, সমস্যা সমাধান ক্ষমতা আদিৰ বাস্তৱ আৰু নিৰ্ভৰযোগ্য অধ্যয়ন শিশু মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভূক্ত। এনেবোৰ মানসিক শক্তি উপাদানেৰে গঠিত শিশু মন সেয়েহে বয়সস্থ সকলৰ বাবে এক আকৰ্ষণীয় অধ্যয়নৰ বিষয়।
  • আৱেগিক বিকাশ প্ৰক্ৰিয়াঃ শিশুৰ আৱেগিক জীৱন অতি ঠুনুকা আৰু সংবেদনশীল। ইয়াৰ নিজস্ব এক ৰং আৰু ৰূপ আছে যি শিশু অধ্যয়নৰ এক আদৰ্শনীয় দিশ ৰচনা কৰি তুলিছে। বিভিন্ন পৰিস্থিতিৰ প্ৰতি অনুভৱ কৰা সুখ-দুখৰ আৱেগৰ অভিজ্ঞতাই শিশুৰ ব্যক্তিত্ব সুস্থ-অসুস্থ ৰূপত গঢ় দি তোলে। শিশু-মনৰ আৱেগৰ এই বিকাশ প্ৰক্ৰিয়াৰ লগত সেয়েহে আমাৰ পৰিচয় থকাটো প্ৰয়োজন। আৱেগৰ সুস্থ বিকাশেই শিশুৰ মানসিক স্বাস্থ্যৰ সুদৃঢ় ভেটি স্থাপন কৰে। শিশু জীৱনৰ গুৰুত্বপূৰ্ণ আৱেগ-অনুভূতি সমূহৰ অধ্যয়নে শিশু-মনোবিজ্ঞানৰ এক সম্ভাৱনীয়তাপূৰ্ণ অধ্যয়নৰ দিশ সৃষ্টি কৰিছে।
  • সামাজিকৰণ প্ৰক্ৰিয়াঃ শিশু সচৰাচৰ দৈহিক প্ৰয়োজনমুখী আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ হয়। এনে স্বভাৱৰ সংশোধন কৰি তাক সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ অনুৱৰ্তী কৰি তোলাটো হৈছে শিশু অধ্যয়নৰ মুখ্য উদ্দেশ্য। শিশুৰ সামাজিক বিকাশতো নিজস্ব ৰূপ আৰু গতি-প্ৰকৃতি আছে। সেই অনুক্ৰমেহে সি সামাজিক বিকাশ লাভ কৰি উঠিব পাৰে- বয়সস্থসকলে আশা কৰা মতে নহয়। প্ৰাপ্তবয়স্ক লোকৰ উন্নত সমাজখনত থকা সাংস্কৃতিক আৰু সুৰুচিপূৰ্ণ ক্ৰিয়া-আচৰণ আত্মকেন্দ্ৰিক শিশুৰ বাবে অপৰিচিত। ইয়াৰ লগত শিশুৰ পৰিচয় কৰাই দিয়া আৰু সমাজৰ আদৰ্শভিত্তিক তথা প্ৰত্যাশিত ৰূপত শিশু-আচৰণ গঢ় দি তোলা কাৰ্য্য স্বাভাৱিকতেই অতি দায়িত্বপূৰ্ণ। শিশুৰ সামাজিকৰণ সম্বন্ধীয় এইসমূহ বিবেচনা শিশু-মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভূক্ত বিষয়।
  • ব্যক্তি-পাৰ্থক্যৰ দিশঃ শিশু-মনোবিজ্ঞানত প্ৰতিটো শিশুকেই এক স্বকীয় অস্তিত্ব আৰু বৈশিষ্ট্যৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি অথবা ব্যক্তিসত্ত্বা স্বৰূপে বিবেচিত কৰিব লাগে। সকলো শিশুৰেই দেহ-মানসিক বিকাশ সাধিত হয়। কিন্তু সেইবুলি এনে বিকাশ একেটা নীতি বা সূত্ৰৰ দ্বাৰা সমৰূপত ব্যাখ্যা আৰু বিশ্লেষণ কৰিব নোৱাৰি। সেইহেতুকে শিশুৰ প্ৰতিক্ৰিয়া আৰু আচৰণ আদিও পৃথক বিধৰ হৈ উঠে। এনে কাৰণতে প্ৰতিটো শিশুকেই জৈৱিক অস্তিত্বৰ একক স্বৰূপে বিবেচনা কৰি তাৰ স্বকীয় বৈশিষ্ট্যসমূহ বিকাশৰ গতি পৃথকভাৱে অধ্যয়ন কৰিব লাগে। শিশু বিকাশৰ প্ৰতি মান (norm)-ৰ লগত প্ৰতিটো শিশুৰ ব্যক্তিগত পাৰ্থক্যৰ ৰিজনি আৰু তুলনামূলকভাৱে কৰা অধ্যয়নেহে শিশু বিকাশৰ প্ৰয়োজনীয় ধাৰণা আমাক দিব পাৰে।
  • মানসিক স্বাস্থ্য ৰক্ষাৰ দিশঃ পৰিৱেশৰ অনুকূল প্ৰতিকূল প্ৰভাৱৰ ওপৰত শিশুৰ দেহ-মানসিক বিকাশ আৰু মানসিক স্বাস্থ্য ঘাইকৈ নিৰ্ভৰ কৰে। পৰিৱেশৰ অসুস্থতাই শিশুৰ মন আৰু আচৰণ অসুস্থ আৰু ৰোগগ্ৰস্ত কৰি তোলে। অসামাজিকতা, অত্যধিক অন্তৰ্মুখিতা, অপৰাধ প্ৰৱণতা, অতিমাত্ৰা খং, আক্ৰমণাত্মক আৰু ধ্বংসাত্মক মনোভাৱ, পঠন আৰু কথন অক্ষমতা, অতিমাত্ৰা আত্মকেন্দ্ৰিকতা, সন্দেহ পৰায়ণতা, ভিৰুতা আদি বিবিধ সমস্যাজড়িত আচৰণে শিশুৰ ব্যক্তিত্ব অস্বাভাৱিক আৰু অপ-সমাযোজিত কৰি তোলে। এইসমূহৰ স্বৰূপ অধ্যয়ন, তাৰ প্ৰতিকাৰ, কাৰণ আৰু শিশুৰ মানসিক স্বাস্থ্য পুনৰুদ্ধাৰকৰণ সম্বন্ধীয় অধ্যয়ন শিশু-মনোবিজ্ঞানৰ অপৰিহাৰ্য্য বিষয়। শিশুৰ সুস্থ ব্যক্তিত্ব গঠনত দেখা দিয়া এনেবোৰ সমস্যাৰ বিবেচনা শিশু অধ্যয়নৰ অন্তৰ্ভূক্ত কৰা হয়।

শিশু-মনোবিজ্ঞানৰ পদ্ধতিঃ

 

শিশু-মনোবিজ্ঞান হৈছে এক তথ্যভিত্তিক বিজ্ঞান। বিভিন্ন উপায়ে সংগ্ৰহ কৰা শিশু-মন, আচৰণ আৰু তাৰ বিকাশ সম্বন্ধীয় তথ্য-পাতিৰ ওপৰত এই বিষয়ৰ জ্ঞান নিৰ্ভৰ কৰে। সেইবাবে শিশু-মনোবিজ্ঞানৰ তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ আমাৰ বিবেচনাযোগ্য। অৱশ্যে শিশু সম্বন্ধে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰধান অসুবিধা এয়ে যে শিশুৱে নিজ অনুভূতি আৰু অভিজ্ঞতাসমূহ স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰে। চালুকীয়া শিশুৰ ভাব-ভাষা প্ৰয়োগৰ অনভিজ্ঞতা, লিখন আৰু কথন অক্ষমতা আদিৰ হেতুকে তাৰ অনুভৱ আৰু অভিজ্ঞতা অব্যক্ত হৈ ৰয়। নিজ মনৰ চিন্তা-অনুভূতি আদিও এই সময়ত অপৈণত আৰু অস্পষ্ট অৱস্থাত থাকে। সেই হেতুকে শিশুৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত কেতবোৰ সীমাবদ্ধতা অনুভৱ কৰিবলগা হয়। আনহাতে এই কথাও ক’ব পাৰি যে শিশু সম্বন্ধে সমাজৰ সকলো লোকেই সাধাৰণভাৱে আগ্ৰহী। বিশেষকৈ মাক-দেউতাকে নিজ সন্তানৰ ক্ৰিয়া-কলাপ, ভাব-ভংগী আৰু আচৰণ আদি সম্বন্ধে সজাগ দৃষ্টি ৰাখে। সেইবাবে নিজ সন্তানৰ বিষয়ে শিশু কালছোৱাৰ বহু কথাই তেওঁলোকে ক’ব পাৰে। অৱশ্যে এই ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰিব লাগে এইবাবেই যে বহু সময়ত মাক-দেউতাকে নিজ সন্তানৰ বিষয়ে অত্যুৎসাহী হৈ কেতবোৰ অশুদ্ধ আৰু অতিৰঞ্জিত তথ্য প্ৰদান কৰিব পাৰে। মাক-দেউতাকৰ উপৰিও পৰিয়ালৰ অন্যান্য ব্যক্তি, শিক্ষক, ওচৰ-চুবুৰীয়া আৰু শিশুৰ ধাত্ৰীসকলৰ পৰাও আৱশ্যকীয় তথ্য সংগ্ৰহ কৰিব পৰা যায়। ইয়াৰ বাবে শিশু-মনোবিজ্ঞানত প্ৰশিক্ষণপ্ৰাপ্ত নিৰীক্ষকৰো প্ৰয়োগ কৰা হয়।

এই প্ৰসংগত উল্লেখযোগ্য যে মনোবিজ্ঞানত জনপ্ৰিয়ভাৱে প্ৰয়োগ কৰা অন্তঃপ্ৰেক্ষণ পদ্ধতি (ইণ্ট্ৰোস্পেক্টিভ মেথ’ড) শিশু-মনোবিজ্ঞানৰ তথ্য সংগ্ৰহৰ বেলিকা প্ৰয়োগ কৰিব পৰা নাযায়। কাৰণ শিশু মনৰ অনুভৱ আৰু অভিজ্ঞতা প্ৰাপ্তবয়স্ক এজন লোকৰ মনৰ অনুভূতিৰে জানিব পৰা নাযায়। শিশু-মনৰ অভিজ্ঞতা জানি উঠিবৰ বাবে শিশুৰ দৰেই এটা মনৰ প্ৰয়োজন, যাক প্ৰাপ্তবয়স্ক লোকৰ মনত পাব নোৱাৰি। সেইবাবে শিশু-মন আৰু আচৰণ সম্বন্ধে তথ্য সংগ্ৰহ কৰিবৰ বাবে শিশুৰ বাহ্যিক আচৰণ প্ৰত্যক্ষভাৱে নিৰীক্ষণ-পৰীক্ষণৰ পদ্ধতি গ্ৰহণ কৰা হয়। তলত শিশু-মন অধ্যয়নৰ বাবে সচৰাচৰ প্ৰয়োগ কৰা কেতবোৰ পদ্ধতিৰ বৰ্ণনা কৰা হৈছে।

  • পৰ্য্যবেক্ষণ আৰু প্ৰত্যক্ষ নিৰীক্ষণ পদ্ধতিঃ শিশু আচৰণ নিৰীক্ষণ কৰাটো হৈছে শিশু অধ্যয়নৰ বাবে প্ৰয়োগ কৰা এক জনপ্ৰিয় পদ্ধতি। শিশুক মুক্ত পৰিৱেশত এৰি দি তাৰ স্বাভাৱিক-অস্বাভাৱিক প্ৰতিক্ৰিয়া আৰু আচৰণসমূহ ইয়াত এক পৰিকল্পিত পদ্ধতিৰে নিৰীক্ষণ কৰা হয়। ইয়াৰ বাবে কম সংখ্যক শিশু বাচি লোৱা হয় আৰু আচৰণৰ কেতবোৰ সীমিত দিশ নিৰীক্ষণৰ বাবে স্থিৰ কৰি লোৱা হয়। নিৰীক্ষণকাৰীয়ে শিশুৰ কেনেবিধ আচৰণ নিৰীক্ষণ কৰিব তাক তেওঁৰ মনত স্পষ্টভাৱে স্থিৰ কৰি ল’ব লাগে। উল্লেখযোগ্য যে শিশুৰ কোনো এক বিশেষ আচৰণ নিৰীক্ষণ কৰিবৰ বাবে নিৰীক্ষণকাৰীয়ে প্ৰয়োজনীয় পৰিস্থিতিৰ বাবে অপেক্ষা কৰিব লাগে। উদাহৰণস্বৰূপে শিশুৰ খঙৰ পৰিস্থিতিত প্ৰদৰ্শন কৰিব পৰা আচৰণ সম্বন্ধে অধ্যয়ন কৰিবৰ বাবে তাৰ খঙৰ মুহূৰ্তলৈ অপেক্ষা কৰিব লাগে। এনেবিধ নিৰীক্ষণৰ বাবে নিৰীক্ষণকাৰী প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো প্ৰয়োজন। মনোবিজ্ঞানৰ নিৰীক্ষণাগাৰত শিশুক মুক্ত পৰিৱেশত ৰাখি এনে নিৰীক্ষণৰো বৰ্তমান ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি শিশুৰ লগত ঘনিষ্ঠ সম্বন্ধ থকা মাক-দেউতাক আৰু অন্যান্য ব্যক্তিয়েও শিশু-আচৰণ দীৰ্ঘদিনৰ বাবে নিৰীক্ষণ কৰি মূল্যৱান তথ্য প্ৰদান কৰিব পাৰে। স্কুলৰ শ্ৰেণীকক্ষৰ শিক্ষা পৰিৱেশত শিক্ষা পৰিদৰ্শকসকলে ছাত্ৰ-ছাত্ৰীৰ আচৰণ প্ৰত্যক্ষ নিৰীক্ষণ কৰিও প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰে। উল্লেখযোগ্য যে এই নিৰীক্ষণ পদ্ধতিৰ যোগে শিশুক ব্যক্তিগতভাৱে অথবা দলগতভাৱে আৰু এক বিশেষ পৰিস্থিতিত অথবা দীৰ্ঘদিন ধৰি শিশু বিকাশৰ স্বাভাৱিক পৰিস্থিতিত আচৰণৰ অধ্যয়ন কৰিব পৰা যায়। আচৰণ অধ্যয়নৰ পৰিস্থিতিও নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত দুয়োবিধৰেই হ’ব পাৰে।
  • জীৱনী অধ্যয়নমূলক পদ্ধতিঃ শিশুৰ ক্ৰমাগতভাৱে হোৱা দেহ-মানসিক বিকাশ সম্বন্ধে জীৱনীমূলকভাৱে এই পদ্ধতিত কেতবোৰ মূল্যৱান তথ্য দীৰ্ঘদিন ধৰি সংগ্ৰহ কৰা হয়। ইয়াৰ যোগেদি শিশুৰ দৈনন্দিন জীৱনৰ ক্ৰিয়া আচৰণৰ স্বৰূপ লিপিবদ্ধ কৰি ৰখা হয়। এইক্ষেত্ৰত মাক-দেউতাক অথবা শিশুৰ লগত ঘনিষ্ঠ সম্বন্ধ ৰক্ষাকাৰী ব্যক্তিয়ে এনে কাৰ্য্য সম্পাদন কৰিব লাগে। অৱশ্যে এইক্ষেত্ৰত নিৰীক্ষণকাৰীৰ শিশু-মনস্তত্ব সম্বন্ধে স্পষ্ট ধাৰণা থকাটো আশা কৰা হয়। তেওঁৰ নিৰীক্ষণ কাৰ্য্য নিৰপেক্ষ আৰু সংযত হোৱাটোলৈও লক্ষ্য ৰাখিব লাগে। নিৰীক্ষণকাৰীয়ে শিশু বিকাশৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ থাকি তাৰ দেহ-মানসিক পৰিৱৰ্তনৰ তাৎপৰ্য্যপূৰ্ণ ঘটনাসমূহ ডায়েৰী আকাৰে লিপিবদ্ধ কৰি ৰাখিব পাৰে। সচৰাচৰ অভিজ্ঞ মাতৃসকলে শিশুৰ ডায়েৰী (বেবী ডায়েৰী) লিখি ৰখা ব্যৱস্থাৰ কথা ইয়াত উল্লেখ কৰিব পাৰি। ইয়াৰ যোগেদি শিশুৱে কোন দিনা আৰু কিমান বয়সত নিজে নিজে বহিব পৰা হ’ল, থিয় হ’ব আৰু কোজ কাঢ়িব পৰা হ’ল, কোন দিনা প্ৰথম মাত ফুটিলে, দাঁত গজিলে আদি বিকাশৰ মূল্যৱান তথ্য লিপিবদ্ধ কৰি ৰাখিব পাৰে। এনেদৰে সংগ্ৰহ কৰা তথ্যৰ আদৰ্শ প্ৰতিমানমূলক মানদণ্ড শিশু অধ্যয়নৰ বাবে তাৎপৰ্য্যপূৰ্ণ হৈ উঠিব পাৰে।
  • ঘটনা বিৱৰণ বা নৈদানিক পদ্ধতিঃ এই পদ্ধতি পূৰ্বে অস্বাভাৱিক শিশুৰ আচৰণ সম্বন্ধে কাৰণ নিৰ্ণয় কৰিবৰ বাবে মনোবৈজ্ঞানিক নিদানৰ বিশেষজ্ঞসকলে প্ৰয়োগ কৰিছিল। বৰ্তমান ইয়াক শিশুৱে নিজ পৰিৱেশত সমাযোজন স্থাপন কৰাৰ বেলিকা পাব পৰা অসুবিধা আৰু অসুস্থ প্ৰভাৱ আদিৰ সম্বন্ধে জানিবৰ বাবে প্ৰয়োগ কৰা হয়। এই পদ্ধতিৰ যোগে কোনো শিশুৰ অসুস্থ আচৰণৰ লগত জড়িত থকা সকলোবোৰ ঘটনা, পৰিস্থিতি আৰু বা-বাতৰি আদিৰ বিৱৰণ সংগ্ৰহ কৰা হয়, যি শিশু-মনৰ অসুস্থতাৰ কাৰণ সম্বন্ধে প্ৰয়োজনীয় ইংগিত দিব পাৰে। এই সংগৃহীত বিৱৰণসমূহৰ প্ৰণালীবদ্ধভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণে বিশেষজ্ঞসকলক মূল্যৱান তথ্য প্ৰদান কৰিব পাৰে। শিশুৰ এই তথ্য সংগ্ৰহৰ বাবে শিশুৰ উপৰিও মাক-দেউতাক, বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়া, শিক্ষক, ধাত্ৰী আদি বিভিন্ন ব্যক্তিৰ লগত সাক্ষাৎ কৰা হয়। তেওঁলোকৰ বিৱৰণে শিশু মনৰ অস্বাভাৱিকতাৰ সম্বন্ধে প্ৰয়োজনীয় আলোকপাত কৰিব পাৰে।
  • অভীক্ষণ পদ্ধতিঃ বৰ্তমান মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে আৰু ইয়াত শিশুৰ দেহ-মানসিক শক্তি-ক্ষমতাসমূহৰ স্বৰূপ অধ্যয়নৰ বাবে সুপৰিকল্পিতভাৱে অভীক্ষা প্ৰস্তুত কৰি তোলা হৈছে। মনোবৈজ্ঞানিক অভীক্ষা পদ্ধতিৰ বিশেষত্ব এয়ে যে ইয়াত অভীক্ষণকাৰী (এক্সপেৰিমেণ্টাৰ) আৰু অভীক্ষাৰ্থী (টেষ্টী) দুয়োৱে পৰীক্ষাগাৰৰ নিয়ন্ত্ৰিত পৰিৱেশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে। পৰীক্ষাগাৰৰ পৰিৱেশ অভীক্ষণকাৰীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হোৱা হেতুকে ইয়াৰ প্ৰাপ্ত ফলাফল অধিক নিৰ্ভৰযোগ্য হোৱাৰ আশা কৰা হয়। পৰীক্ষণ কাৰ্য্য সম্পাদনৰ বাবে বিবিধ সা-সঁজুলি আৰু পৰীক্ষণৰ যন্ত্ৰপাতি প্ৰয়োগ কৰা হয়। ইয়াৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ অভীক্ষণকাৰীৰো প্ৰয়োজন হয়। পৰীক্ষাগাৰৰ নিয়ন্ত্ৰিত আৰু সুপৰিকল্পিত পৰিৱেশত শিশুৰ স্মৃতি, মনোযোগ, কল্পনা, শিক্ষণ আৰু সমস্যা সমাধান ক্ষমতা আদি বিবিধ মানসিক অৱস্থাৰ অভীক্ষা সম্পাদন কৰা হয়। শিশু সম্বন্ধে গৱেষণা কাৰ্য্যৰ বহুতো মূল্যৱান তথ্য সংগ্ৰহৰ বাবে এই অভীক্ষণ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অৱশ্যে এই পদ্ধতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰিও কোৱা হয় যে পৰীক্ষাগাৰৰ অপৰিচিত আৰু নিয়ন্ত্ৰিত পৰিৱেশত শিশুৱে অস্বস্তি অনুভৱ কৰিব লগা হোৱা বাবে প্ৰাপ্ত তথ্যপাতি যথাৰ্থ বিধৰ হৈ উঠিব নোৱাৰে।
  • প্ৰশ্নাৱলী পদ্ধতিঃশিশুকে আদি কৰি প্ৰয়োজন অনুসৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিভিন্ন পৰিস্থিতিৰ প্ৰতি তেওঁলোকৰ মনোভাৱ, দৃষ্টিভংগী আৰু ব্যক্তিত্বৰ বিভিন্ন সংলক্ষণবোৰৰ বুজ ল’বৰ বাবে প্ৰশ্নাৱলী পদ্ধতি প্ৰয়োগ কৰা হয়। ইয়াৰ বাবে অধ্যয়নৰ লগত সংশ্লিষ্ট বিষয়ৰ কেতবোৰ তাৎপৰ্য্যপূৰ্ণ প্ৰশ্ন এখন পুস্তিকাত প্ৰস্তুত কৰি তোলা হয়। এই প্ৰশ্নবোৰ হয় নহয় বা শুদ্ধ অশুদ্ধ স্বৰূপে ব্যক্তিয়ে নিজ বিবেচনামতে প্ৰশ্নাৱলীখনতে উত্তৰ দান কৰিব পাৰে। ইয়াৰ যোগেদি শিশু মনৰ অনুভৱ, মনোভাৱ আৰু দৃষ্টিভংগীসমূহ অধিক নিবিড়ভাৱে জানি উঠিব পৰা যায়। এনে প্ৰশ্নাৱলী শিশুৰ লগত সংশ্লিষ্ট ব্যক্তিৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ বাবেও প্ৰদান কৰিব পৰা যায়। প্ৰশ্নাৱলীৰ উত্তৰ স্বৰূপে পোৱা তথ্যসমূহৰ বিশ্লেষণে অধ্যয়নকাৰীক তেওঁৰ প্ৰয়োজন মতে সহায় কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত মন কৰিবলগীয়া যে ভাষা জ্ঞান আহৰণ কৰিব নোৱাৰা চালুকীয়া শিশুৰ বাবে এই পদ্ধতি কাৰ্য্যকৰী নহয়। ইয়াৰ উপৰি প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ সহজ-সৰল হৈ নুঠিলে আৰু উত্তৰ দানকাৰীক ই অধিক আত্মসচেতন কৰি তুলিবলৈ যথাৰ্থ উত্তৰ পাব পৰা নাযায়। সেইবাবে এই পদ্ধতিৰ সাৰ্থকতা নিৰ্ভৰ কৰে প্ৰশ্ন উপস্থাপনৰ মনোবৈজ্ঞানিক কৌশলৰ ওপৰত।
  • তুলনামূলক পদ্ধতিঃশিশু সম্বন্ধীয় তথ্য সংগ্ৰহৰ বাবে বিশেষজ্ঞসকলে জন্তুসমূহৰ আচৰণৰ লগত তুলনামূলক অধ্যয়নৰ পদ্ধতিও গ্ৰহণ কৰে। উল্লেখযোগ্য যে মানৱ-শিশুৰ আচৰণ আৰু জন্তুৰ আচৰণবোৰৰ মৌলিক ভিত্তি হৈছে প্ৰবৃত্তি বা সহজাত প্ৰৱণতাসমূহ। মানৱ-শিশুৰ আচৰণো ইয়াৰ প্ৰাথমিক পৰ্য্যায়ত জৈৱিক প্ৰবৃত্তি বা প্ৰৱণতাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত আৰু পৰিচালিত হয়। সেইবাবে জীৱ-জন্তুৰ লগত কৰা পৰীক্ষা-নিৰীক্ষা কাৰ্য্যৰ পৰা প্ৰাণী মনোবিজ্ঞানীসকলে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে আৰু এই তথ্যসমূহ মানৱ-শিশুৰ আচৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য স্বৰূপে মত প্ৰকাশ কৰে। মনোবিদ থৰ্নডাইক, পেভলভ্, ৱাটচন, কোহলাৰ আদিয়ে জন্তুৰ লগত কৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ ফলাফলৰ লগত মানৱ শিশুৰ সেই সেই দিশৰ আচৰণৰ সামঞ্জস্য দেখা পায়। ইয়াৰ ফলত শিশু মনোবিজ্ঞানৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত এক তুলনামূলক পদ্ধতি গঢ় লৈ উঠে।
  • মন-সমীক্ষণ পদ্ধতিঃ শিশুৰ মানসিক শক্তি পৰিমাপন কৰিবৰ বাবে মন সমীক্ষণৰ বিভিন্ন পৰীক্ষামালা প্ৰয়োগ কৰা হয়। কুৰি শতিকাৰ আৰম্ভণিতেই প্ৰথম দশকত ফ্ৰান্সৰ বিখ্যাত মন-সমীক্ষণকাৰী আলফ্ৰেড বিনেই বুদ্ধি পৰিমাপনৰ পৰীক্ষামালা প্ৰস্তুত কৰি তোলে। বৰ্তমান এই বুদ্ধি পৰিমাপনৰ সংশোধিত পৰীক্ষামালা প্ৰয়োগ কৰি শিশুৰ মানসিক শক্তি-ক্ষমতা বা বুদ্ধ্যংকৰ (আই.কিউ.) মূল্যৱান তথ্য সংগ্ৰহ কৰা হয়। বুদ্ধি পৰিমাপনৰ এই পৰীক্ষামালা আৰ্হিত বৰ্তমান শিশুৰ আন আন মানসিক যোগ্যতা আৰু অভিক্ষমতা আদি পৰিমাপনৰ পৰীক্ষা ব্যৱস্থাও গঢ় দি তোলা হৈছে।
  • মন-বিশ্লেষণ পদ্ধতিঃ বৰ্তমান শিশুৰ অচেতন মনৰ দ্বাৰা প্ৰভাৱিত ক্ৰিয়া আচৰণৰ বুজ ল’বলৈ বিশেষজ্ঞসকলে এই পদ্ধতিৰ প্ৰয়োগ কৰে। মনোবিশ্লেষণকাৰীসকলে এই কথা অনুভৱ কৰে যে প্ৰাপ্তবয়স্ক কালত দেখা দিয়া মানসিক ৰোগ আৰু অস্বাভাৱিকতাৰ এটা প্ৰধান কাৰণ হৈছে শৈশৱ কালৰ অসুস্থ পৰিৱেশত শিশু মনত সৃষ্টি হোৱা অৱদমনৰ প্ৰভাৱ। শিশুৰ অচেতন মনৰ স্বৰূপ জানি উঠিবৰ বাবে আৰু এই অৱদমনৰ অসুস্থ প্ৰভাৱৰ প্ৰয়োজনীয় প্ৰতিকাৰ কৰিবৰ বাবে মনোবিশ্লেষণ পদ্ধতিৰ প্ৰয়োগ কৰা হয়। ইয়াৰ যোগেদি শিশুৰ স্বপ্নসমূহৰ বিশ্লেষণ আৰু ব্যাখ্যা প্ৰদান কৰা, শিশুৰ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা ভুল-ভ্ৰান্তি আৰু অস্বাভাৱিকতা আদিৰ স্বৰূপ অধ্যয়ন আৰু নিৰীক্ষণ কৰা হয়। অৱদমনৰ অসুস্থ প্ৰভাৱে সৃষ্টি কৰা শিশুৰ মানসিক ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ কৰণৰ বাবে মনোবিশ্লেষণৰ এই পদ্ধতি মনোৰোগ বিশেষজ্ঞসকলে নিদানত (ক্লিনিক) প্ৰয়োগ কৰে। ইয়াৰ যোগেদি শিশু মনস্তত্বৰ কেতবোৰ মূল্যৱান তথ্য সংগ্ৰহ কৰা হয়।
  • প্ৰক্ষিপ্ত পদ্ধতিঃ ই হৈছে শিশু মনৰ তথ্য সংগ্ৰহৰ আপেক্ষিকভাৱে এক জটিল পদ্ধতি। প্ৰক্ষিপ্তকৰণ হৈছে ব্যক্তিৰ এক মানসিক ব্যৱস্থা যাৰ যোগেদি অচেতন মনৰ অৱদমিত হৈ ৰোৱা দুখ আৰু বেদনাদায়ক অভিজ্ঞতাসমূহ নিজৰ অজ্ঞাতেই অভিব্যক্ত কৰা হয়। প্ৰক্ষিপ্ত অভীক্ষাৰ দ্বাৰা এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰা হয় যাৰ যোগেদি ব্যক্তিয়ে নিজৰ অজ্ঞাতে মনৰ অপূৰণীয় আশা-আকাংক্ষা আৰু কামনা-বাসনা আদি এক স্বতঃস্ফূৰ্ত ৰূপত ব্যক্ত কৰি তোলে। ইয়াৰ বাবে প্ৰয়োগ কৰা পৰীক্ষাৰ উপাদানসমূহ হৈছে চিয়াঁহীৰ দাগ, অংকিত চিত্ৰ আৰু ব্যংগ চিত্ৰ আদিৰ ব্যাখ্যা কৰা, চিত্ৰ অঁকা, চিত্ৰ সজোৱা, চিত্ৰ নিৰ্বাচন কৰা, উদ্দীপক শব্দৰ প্ৰতিক্ৰিয়া শব্দ কোৱা, অসম্পূৰ্ণ বাক্য সম্পূৰ্ণ কৰা, খেলাৰ সা-সঁজুলি প্ৰদানেৰে এক মুক্ত পৰিৱেশ প্ৰদান কৰা আদি বিবিধ প্ৰক্ষিপ্তকৰণৰ পৰিস্থিতি। এইসমূহ উপকৰণ প্ৰয়োগৰ যোগেদি অচেতন মনৰ গোপন কক্ষৰ অৱদমিত উপাদানসমূহৰ বুজ ল’ব পৰা যায়। ইয়াৰ প্ৰাপ্ত তথ্যসমূহৰ যথোচিত ব্যাখ্যা প্ৰদানৰ বাবেও বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত বিশেষজ্ঞৰ প্ৰয়োজন। শিশুৰ মানসিক অস্বাভাৱিকতাৰ স্বৰূপ অধ্যয়ন আৰু ৰোগ নিৰ্ণয় কৰণৰ বাবে এই প্ৰক্ষিপ্ত পদ্ধতিসমূহৰ যোগেদি পোৱা তথ্যসমূহ বিশেষ সহায়ক হৈ উঠিব পাৰে।
  • পৰিসংখ্যা পদ্ধতিঃবৰ্তমান মনোবিজ্ঞানৰ তথ্য বিশ্লেষণত পৰিসংখ্যাৰ প্ৰয়োগ কৰি উঠাৰ লগে লগে ই এক স্পষ্ট পদ্ধতি স্বৰূপে গঢ় লৈ উঠিছে। পৰিসংখ্যাৰ পদ্ধতি প্ৰয়োগ কৰি বিবিধ পৰিমাপনৰ পৰা পোৱা তথ্যসমূহৰ প্ৰণালীবদ্ধ উপস্থাপন, সংক্ষেপকৰণ আৰু প্ৰয়োজনীয় নিৰীক্ষণ কৰিব পৰা যায়। ইয়াৰ যোগেদি প্ৰাপ্ত ফলাফলৰ গঢ় বা কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাণ নিৰ্ণয় কৰিব পৰা যায়। ইয়াৰ উপৰি প্ৰাপ্ত ৰাশিসমূহৰ বিচ্যুতি, পৰিমাপন, সহ-সম্বন্ধ গুণাংক নিৰ্ণয় কৰণ, শতাংশ নিৰ্ণয় কৰণ, ৰেখা চৈত্ৰিক উপস্থাপন আদি বিবিধ পদ্ধতিৰে প্ৰাপ্ত ৰাশিসমূহ আমাৰ বাবে অধিক অৰ্থপূৰ্ণ কৰি তুলিব পাৰি। এই পদ্ধতি প্ৰয়োগে বৰ্তমান শিক্ষা আৰু শিশু-মনোবিজ্ঞানক অধিক বিজ্ঞানভিত্তিক কৰি তুলিছে আৰু এই সম্বন্ধীয় উচ্চ পৰ্যায়ৰ অধ্যয়ন আৰু বিশ্লেষণ সম্ভৱ কৰি তুলিছে।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top