অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ আৱেগিক উত্তেজনাৰ কাৰণঃ

শিশুৰ আৱেগিক উত্তেজনাৰ কাৰণৰ বিষয়ে লিখা হৈছে

 

এটি শিশুৰ আৱেগিক জীৱন বহুতো দিশৰ পৰা নানাভাৱে প্ৰভাৱিত হ’ব পাৰে। এনেবোৰ দিশৰ দৈহিক, মানসিক আৰু পৰিৱেশজনিত কাৰণ স্বৰূপে তিনিটা বহল ভাগত বিভক্ত কৰিব পাৰি। এই তিনিওটাৰ ভিতৰত পৰিৱেশজনিত কাৰণবোৰেই শিশুৰ আৱেগৰ ওপৰত অধিক শক্তিশালী আৰু স্থায়ী প্ৰভাৱ পেলায়।

পূৰ্বেই উল্লেখ কৰা হৈছে যে আৱেগৰ লগত দেহৰ নিকট সম্বন্ধ। দেহ-ৰাসায়নিক পৰিৱৰ্তনৰ যোগেদি আৱেগে আত্মপ্ৰকাশ কৰে। সেইবাবে দেহৰ সুস্থ অৱস্থাই ৰং-ধেমালি, আনন্দ-উৎসাহ আদি সুখদায়ক আৰু সংগতি সাধনকাৰী অনুভূতিসমূহ প্ৰকাশত সহায় কৰে। অসুস্থ বা ৰুগ্ন দেহৰ শিশুৱে উদ্যমহীন, বিষণ্ণ আৰু কান্দোনৰ মাজেদিয়ে অধিক সময় অতিবাহিত কৰিব লগা হয়। ইয়াৰ উপৰি শিশুৰ অত্যধিক শক্তি প্ৰয়োগ দেহ-মনত ক্লান্তি নমাই আনে। ফলত শক্তি পুনৰুদ্ধাৰৰ বাবে আহাৰ আৰু বিশ্ৰামৰ প্ৰয়োজন হয়। এই দুয়োটা দৈহিক প্ৰয়োজনৰ পৰা বঞ্চিত হ’লে অথবা সি যথোচিত পৰিমাণৰ হৈ নুঠিলে শিশুৱে ক্ৰোধ আৰু অসন্তুষ্টিৰ ভাব প্ৰকাশ কৰে।

শিশুৰ বৌদ্ধিক মানৰ ওপৰতো তাৰ আৱেগিক প্ৰতিক্ৰিয়া, আৱেগিক পৈণতা লাভৰ ক্ষমতা আৰু তাৰ গতি বিশেষভাৱে নিৰ্ভৰ কৰে। প্ৰখৰ আৰু চোকা বুদ্ধিৰ শিশুৱে নিজ পৰিৱেশৰ লগত সহজেই পৰিচিত হৈ উঠি সন্তোষজনকভাৱে সম্বন্ধ স্থাপন কৰিব পাৰে। নিজৰ প্ৰাপ্ত জ্ঞান-অভিজ্ঞতাৰে নতুন পৰিস্থিতিৰ প্ৰতি অধিক উপযুক্তভাৱে সি আৱেগিক সঁহাৰি জনাব পাৰে। কিন্তু আপেক্ষিকভাৱে নিম্ন বৌদ্ধিক মানবিশিষ্ট শিশুৰ বাবে ই সম্ভৱ হৈ নুঠে। তাৰ সীমিত বৌদ্ধিক ক্ষমতাৰে পৰিৱেশৰ বিবিধ পৰিস্থিতিৰ সম্যক জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিব নোৱাৰাকৈ থাকিব লাগে। ফলত তাৰ আচৰণত আৱেগিক অপৈণতা আৰু নিম্নমান বিশিষ্টতা পৰিলক্ষিত হয়।

পৰিৱেশে সামূহিকভাৱে শিশুৰ আৱেগিক প্ৰকাশভংগীৰ ওপৰত প্ৰভাৱ পেলায়। শিশুৰ লগত সম্বন্ধ থকা পৰিৱেশৰ বিভিন্ন দিশ এই ক্ষেত্ৰত জড়িত কৰিব পৰা যায়। ঘৰুৱা পৰিৱেশত শিশুৱে লাভ কৰা প্ৰকাশৰ স্বাধীনতা, নিয়ম-শৃংখলতা আৰু অনুশাসন ব্যৱস্থা আদি অধিক কটকটীয়া হ’লে শিশুৰ খং আৰু অসন্তুষ্টিৰ মাত্ৰা বৃদ্ধি পাই উঠে। সেইদৰে পিতৃ-মাতৃৰ অৱহেলা কৰা অথবা অত্যধিক আদৰ-যত্ন আৰু তৎপৰতা দেখুওৱা শিশুৱে উপযুক্ত বয়সত আৱেগিক পৈণতা লাভ কৰাত ব্যৰ্থ হয়। মাক-দেউতাকে শিশুৰ প্ৰতি লোৱা ধাৰণা আৰু মনোভাৱ আদিয়ে এই ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলায়। তেওঁলোকে শিশুৰ ব্যক্তিত্বৰ প্ৰতি আস্থা আৰু নিস্থাৰ ভাব নাৰাখিলে, তাৰ বিভিন্ন কাৰ্য সম্বন্ধে আনৰ উপস্থিতিত অসুস্থ সমালোচনা কৰিলে অথবা দীৰ্ঘদিনৰ বাবে তেওঁলোকৰ মৰম-চেনেহৰ আনুভূতিক সম্বন্ধৰ পৰা আঁতৰত থাকিব লগা হ’লে শিশুৰ আৱেগিক জীৱনৰ যথেষ্ট ক্ষতিসাধন হয়। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ মানদণ্ডইও নানাভাৱে শিশুৰ আৱেগিক জীৱন প্ৰভাৱিত কৰি তোলে। ইয়াৰ উপৰি খেলা-ধূলাৰ লগ-সংগ আৰু সমনীয়া সকলৰ সুস্থ-অসুস্থ আৱেগিক প্ৰভাৱো এটি শিশুৰ ওপৰত পৰিব পাৰে। মুঠতে ক’ব পাৰি যে শিশুৰ গৃহ আৰু সমূহ সামাজিক পৰিৱেশেই তাৰ আৱেগিক জীৱনৰ গাঁথনি প্ৰস্তুত কৰি তোলে।

শিশুৰ আৱেগিক বিকাশঃ

 

শিশু-জীৱনত আৱেগৰ প্ৰভাৱ আৰু ইয়াৰ ব্যাপকতালৈ লক্ষ্য ৰাখি মনোবিশ্লেষণকাৰীসকলে জন্মপূৰ্ব বা গৰ্ভকালীন অৱস্থাৰ পৰাই আৱেগৰ বিকাশ আৰম্ভ হোৱা বুলি মত প্ৰকাশ কৰে। ফ্ৰয়েদৰ মতে গৰ্ভকালীন অৱস্থাত পৰিপুষ্ট ভ্ৰূণৰ পৰ্যায়ত শিশুৱে নিজৰ দৈহিক সুখ-দুখক কেন্দ্ৰ কৰি আৱেগ অনুভৱ কৰে। দৈহিক সুখ-দুখৰ এক সংবেদন অনুভূতি সামান্যভাৱে হ’লেও জন্মপূৰ্ব অৱস্থাত শিশুৱে পাব পৰাটো একো অসম্ভৱ কথা নহয়। কাৰণ এই সময়তেই মাতৃগৰ্ভত ভ্ৰূণৰ আকৃতি ক্ৰমে বৰ্ধিত হৈ শৰীৰৰ বিভিন্ন পেশী-সংগঠন, অংগ-সঞ্চালন আৰু কিছু পৰিমাণে ইন্দ্ৰিয়ৰ যোগে সংবেদন অনুভূতি লাভৰ ক্ষমতা আয়ত্ব কৰাটো সম্ভৱ হৈ উঠে। দেহৰ আৱশ্যকীয় পৰিপুষ্টি আৰু জ্ঞানেন্দ্ৰিয়সমূহৰ সংবেদনশীলতাৰ হেতুকেই শিশুৱে ভূমিষ্ঠ হৈ কান্দোনৰ যোগেদি পৃথিৱীৰ নতুন পৰিৱেশত সৰ্বপ্ৰথম দেহ-মানসিক প্ৰতিক্ৰিয়া তথা উত্তেজনা প্ৰকাশ কৰিব পাৰে।

নৱজাত শিশুৰ মৌলিক আৱেগ সম্বন্ধে অধ্যয়ন কৰা মনোবিদ ৱাটচনৰ নাম এইখিনিতে উল্লেখযোগ্য। তেওঁৰ মতে শিশুৰ মৌলিক আৱেগ হৈছে তিনিটা, যেনে- ভয়, ক্ৰোধ আৰু ভালপোৱা। ডাঙৰ শব্দ শুনিলে আৰু স্থানচ্যুত হ’লে ভয়, দৈহিক বাধাৰ সন্মুখীন হ’লে ক্ৰোধ আৰু দেহত আলফুলকৈ হাত বুলাই দিলে ভালপোৱা আৱেগ শিশুৱে অনুভৱ কৰে বুলি তেওঁ মত দিয়ে। শিশুৰ পৰৱৰ্তী আৱেগসমূহ এই মূল আৱেগ তিনিটাৰ পৰাই উদ্ভৱ হয় বুলি কোৱা হয়।

অৱশ্যে বৰ্তমান শিশুৰ আৱেগ সম্বন্ধে কিবা নিৰ্ভৰযোগ্য গৱেষণাৰ পৰিপ্ৰেক্ষিতত ৱাটচনৰ এই মত মনোবিদসকলৰ বাবে বিশেষ গ্ৰহণযোগ্য নহয়। শিশুৰ আৱেগিক প্ৰতিক্ৰিয়াক বয়সস্থসকলৰ আৱেগিক অভিজ্ঞতাৰে বিবেচনা কৰা হৈছে বুলি তেওঁক সমালোচনা কৰা হয়। উল্লেখযোগ্য যে শিশুৰ আৱেগিক অভিজ্ঞতা আৰু ইয়াৰ প্ৰকাশ অতি আদিম, মৌলিক আৰু অস্পষ্ট ধৰণৰ হয়। তাক বয়সস্থসকলৰ অভিজ্ঞতাৰ মাপকাঠিৰে বিচাৰ কৰিব নোৱাৰি। এজন লোকৰ আৱেগ হৈছে তেওঁৰ দেহ-মানসিক পৰিৱৰ্তনত সামূহিকভাৱে লাভ কৰা অনুভূতি আৰু উত্তেজনাৰ বহিঃপ্ৰকাশ। ই কিছু পৰিমাণে জ্ঞান-অভিজ্ঞতা, ঐচ্ছিক ক্ৰিয়া আৰু আত্ম-সচেতনতা আদিৰ দ্বাৰাও নিয়ন্ত্ৰিত। আনহাতে শিশুৰ আৱেগ মৌলিক আৰু অস্পষ্ট বিধৰ হোৱাৰ বাবে তাৰ অভিজ্ঞতাক কোনো নিৰ্দিষ্ট আৱেগেৰে চিনাক্তকৰণ কৰিব নোৱাৰি। ই স্বাভাৱিকতেই নিয়ন্ত্ৰণহীন আৰু শিক্ষাবিহীন এক দৈহিক উত্তেজনামূলক প্ৰতিক্ৰিয়া য’ত ভয়, ক্ৰোধ বা ভালপোৱা অনুভূতিৰ তেনে কোনো স্পষ্টতা নাথাকে।

চাৰমেন নামৰ এজন বিশেষজ্ঞই তেওঁৰ অধ্যয়নৰ যোগে পোৱা শিশুৰ মূল আৱেগিক অৱস্থাৰ কথা এই প্ৰসংগত উল্লেখযোগ্য। তেওঁ অধ্যয়নৰ যোগে এই কথা প্ৰতিপন্ন কৰে যে চালুকীয়া শিশুৰ আৱেগিক অৱস্থাক কোনো নিশ্চিত আৱেগেৰে নামাকৰণ কৰিব নোৱাৰি। নৱজাত শিশুৰ আৱেগিক অভিজ্ঞতা তেওঁৰ মতে সুখদায়ক আৰু দুখদায়ক সৰল দৈহিক অনুভূতিৰ বাহিৰে আন একো নহয়। সুখদায়ক অভিজ্ঞতাৰ প্ৰতি সি ইতিবাচক আৰু দুখদায়ক অভিজ্ঞতাৰ প্ৰতি নেতিবাচক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। নৱজাত শিশুৰ আৱেগিক অভিজ্ঞতা সম্বন্ধে চাৰমেনৰ এই মত আমাৰ বাবে সাধাৰণভাৱে গ্ৰহণযোগ্য।

শিশুৰ আৱেগিক বিকাশ সম্বন্ধে অধ্যয়ন কৰা ব্ৰিজেচ নামৰ এগৰাকী মহিলা বিশেষজ্ঞৰ মতামত বৰ্তমান অধিক জনপ্ৰিয়। তেওঁৰ দৃষ্টিভংগী চাৰমেনৰ দৃষ্টিভংগীৰ লগতো যথেষ্ট মিল আছে। তেওঁৰ মতে নৱজাত শিশুৱে আৱেগৰ এক অস্পষ্ট আৰু অবিভাজ্য দৈহিক আৰু অস্ত্ৰীয় উত্তেজনাহে মাথোন অনুভৱ কৰে। প্ৰথম তিনিমাহৰ ভিতৰত এই উত্তেজনা দুটা ভাগত বিভক্ত হৈ দুখ আৰু আনন্দত পৰিণত হয়। দুখৰ প্ৰতিক্ৰিয়া দেহীয় উত্তেজনা, ক্ৰন্দন আৰু উশাহ-নিশাহৰ বাধাগ্ৰস্ততাৰ যোগেদি প্ৰকাশ কৰে। সেইদৰে আনন্দৰ প্ৰতিক্ৰিয়া শিশুৱে প্ৰকাশ কৰে বিশ্ৰাম, হাঁহি আৰু মুখৰ অস্পষ্ট শব্দ উচ্চাৰণৰ যোগেদি।

ব্ৰিজেচে শিশুৰ বয়স বৃদ্ধিৰ লগে লগে আৱেগিক বিকাশৰ এক নিৰ্ভৰযোগ্য ৰেখা চিত্ৰীয় উপস্থাপন প্ৰদান কৰে। এই উপস্থাপনৰ পৰা সাধাৰণভাৱে এই কথা লক্ষ্য কৰিব পাৰি যে সুখদায়ক আৱেগবোৰৰ তুলনাত দুখদায়ক আৱেগবোৰ শিশুৱে কিছু আগেয়ে অনুভৱ কৰিব পাৰে। নৱজাত শিশুৱে প্ৰথম তিনিমাহৰ ভিতৰত তাৰ তৎকালীন দৈহিক পৰিৱেশৰ লগত সি সমাযোজন স্থাপন কৰে। ইয়াৰ ফলত খোৱা, পিন্ধা, থকা আদি বিভিন্ন সুখ-দুখৰ পৰিস্থিতিত নিজ হাঁহি-কান্দোনৰ যোগেদি পৃথক অনুভূতি প্ৰকাশ কৰিব পৰা হয়। ছমাহৰ ভিতৰত দুখৰ অনুভূতি পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি ভয়, বিৰক্তি আৰু ক্ৰোধৰ মাজেদি পৃথকভাৱে অভিব্যক্ত হয়। অপৰিচিত লোকৰ প্ৰতি ভয় কৰা, খাবলৈ ইচ্ছা নকৰা বস্তু জোৰ কৰিলে বিৰক্তি অনুভৱ কৰা আৰু দৈহিকভাৱে বাধাদান কৰিলে ক্ৰোধভাৱ অনুভৱ কৰা দেখা যায়। সুখদায়ক আনন্দৰ অনুভূতি এবছৰৰ ভিতৰত পৰিস্থিতিৰ প্ৰয়োজন মতে মৰম আৰু উল্লাসৰ অভিব্যক্তি লাভ কৰে। পৰিয়ালৰ লোকে শিশুৰ প্ৰতি দেখুওৱা মৰম-চেনেহৰ প্ৰতি সি এই সময়তেই ফুটাই তুলিব পৰা হয়। প্ৰায় ডেৰ বছৰ বয়সৰ ভিতৰত এই মৰম বয়সস্থ লোকৰ প্ৰতি আৰু নিজতকৈ কম বয়সৰ শিশুৰ প্ৰতি সি পৃথকভাৱে প্ৰদৰ্শন কৰিব পৰা হয়। এই সময়খিনিৰ ভিতৰতেই দুখদায়ক আৱেগৰ ভিতৰত শিশুৰ মনত ঈৰ্ষাভাৱে ঠাই লয়। মন কৰিবলগীয়া যে শিশুৰ খোৱা-পিন্ধা আৰু আদৰ-যত্নৰ বিভিন্ন পৰিস্থিতিত সি তাৰ মনৰ ঈৰ্ষাভাৱ প্ৰকাশ কৰিব পাৰে। প্ৰায় দুবছৰ বয়সৰ ভিতৰত শিশুৱে প্ৰয়োজনীয় পৰিস্থিতিত উলাহৰ ভাব প্ৰকাশ কৰিব পৰা হয়।

বৃজেচে পাঁচ বছৰ বয়সলৈকে শিশুৰ এই আৱেগিক বিকাশৰ বৰ্ণনা দাঙি ধৰে। পাঁচ বছৰৰ ভিতৰত ভয়ৰ পৰা লজ্জা আৰু উদ্বেগ, ক্ৰোধৰ পৰা হিংসা আৰু হতাশা ভাৱৰ সৃষ্টি হয়। সেইদৰে আনন্দৰ পৰা আশাৰ উদ্ভৱ হয়। উল্লেখযোগ্য যে শিশুৰ লজ্জাভাৱ আনবোৰ প্ৰধান আৱেগৰ অনুভূতিতকৈ আপেক্ষিকভাৱে পলমকৈ উপলব্ধ হয়। সেইদৰে আশা-নিৰাশাৰ মানসিক অভিজ্ঞতাও সি পলমকৈ লাভ কৰে। সেয়েহে দেখা যায় যে প্ৰাথমিক স্কুললৈ যাব পৰা হোৱাৰ অৱস্থাত শিশুৰ প্ৰায়বোৰ মুখ্য আৱেগৰ অনুভূতি আৰু প্ৰকাশ লাভ হৈ উঠে। প্ৰাথমিক স্কুলৰ বহল পৰিৱেশে শিশুৰ এই আৱেগসমূহ প্ৰয়োজনীয় অভিব্যক্তি আৰু তাৰ নিয়ন্ত্ৰণৰ প্ৰচুৰ সুবিধা দান কৰে।

কেইটামান বিশেষ আৱেগৰ ভূমিকাঃ

 

ভয়ঃ

শিশুৱে প্ৰদৰ্শন কৰা আৱেগিক আচৰণৰ এটি পৰিচিত অভিব্যক্তি হৈছে ভয়। বয়সস্থসকলে শিশুৰ এই ভয়াতুৰ স্বভাৱৰ সুযোগ লৈ তাৰ পৰা বহুতো সুবিধা আদায় কৰাও দেখা যায়। আমনি কৰি থকা শিশুক শুৱাবৰ বাবে মাকে সততে ভয়ৰ প্ৰয়োগ কৰে। মনোবিজ্ঞানৰ ফালৰ পৰাও শিশুৰ ভয় এটি আকৰ্ষণীয় অধ্যয়নৰ বিষয়। কোনো অস্বাভাৱিক অথবা দুখদায়ক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰখা বা আত্মৰক্ষা কৰা প্ৰবৃত্তিৰেই ই হৈছে এক আৱেগিক প্ৰকাশ। এনে কাৰ্যত ব্যক্তিৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰো পৰিৱৰ্তন ঘটে। পেশী, গ্ৰন্থি আৰু পাকস্থলীৰ ক্ৰিয়া ইয়াৰ ফলত অস্বাভাৱিক হৈ পৰে। ভয়ত মুখ শুকাই যোৱা, ঘাম ওলোৱা, ভোক-পিয়াহ হেৰাই যোৱা অথবা অজ্ঞাতেই মূত্ৰস্খলন হোৱা আদি আচৰণ দেহ-ৰাসায়নিক পৰিৱৰ্তনৰেই বহিঃপ্ৰকাশ বুলিব পাৰি। মনোবিদ ৱাটচনে শিশুৰ ভয় সহজাত প্ৰাথমিক আৱেগিক স্বৰূপে ঠাৱৰ কৰিছে। অৱশ্যে বয়স আৰু অভিজ্ঞতা বৃদ্ধিৰ লগে লগে শিশুৰ এই প্ৰাথমিক ভয় ক্ৰমে জটিলতাৰ মানসিক ৰূপ ধাৰণ কৰে। সেয়েহে চালুকীয়া অৱস্থাত পৰিৱেশৰ পৰিস্থিতিয়ে সৃষ্টি কৰা শিশুৰ ভয় পাছলৈ ক্ৰমে কাল্পনিক ভয়তো পৰিণত হয়।

প্ৰাথমিক আৱেগ স্বৰূপে প্ৰকাশ লাভ হোৱা শিশুৰ ভয় শিক্ষাবিহীন বুলি কোৱা হয়। এই ভয় কোনো শিক্ষা অভিজ্ঞতাই প্ৰভাৱিত কৰি তোলাৰ আগেয়ে লাভ কৰা এক স্বাভাৱিক প্ৰকাশ, যি পৰিৱেশৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। নৱজাত শিশুৱে ডাঙৰ শব্দ শুনিলে, হঠাৎ স্থানচ্যুত হ’লে অথবা আশ্ৰয় অৱস্থা হেৰুৱালে ভয় খাই উঠে। ইয়াৰ উপৰি কোনো বস্তু হঠাৎ দ্ৰুতভাৱে গতি কৰা দেখিলেও শিশুৱে ভয় পায়। মনোবিদ ফ্ৰয়েদে মত প্ৰকাশ কৰে যে অন্ধকাৰ, অকলশৰীয়া হোৱা আৰু অচিনাকি লোকৰ উপস্থিতি আদিৰ ফলত শিশুৱে ভয় পাই উঠাটো মূলতঃ শিশুৱে বিচৰা জনক হেৰুওৱাৰ ফলত উদ্ভৱ হোৱা অনুভূতিৰেই প্ৰকাশ। অৱশ্যে অন্ধকাৰ আৰু অচিনাকি লোকৰ প্ৰতি প্ৰদৰ্শিত হোৱা ভয় শিশুৰ কিছু পৰিমাণে শিক্ষালব্ধ বুলিব পাৰি। প্ৰায় ছমাহৰ পৰা এবছৰ বয়সৰ ভিতৰতহে সচৰাচৰ এনেবোৰ বিষয়ৰ প্ৰতি শিশুৰ মনত ভয়ৰ সঞ্চাৰ হয়। সেইদৰে জন্তুৰ প্ৰতি ভয়ও আপেক্ষিকভাৱে পলমকৈ কিছু অভিজ্ঞতাৰ দ্বাৰা উপলব্ধি হয়। অকলশৰীয়া অৱস্থাত শিশুৱে প্ৰদৰ্শন কৰা ভয়ও এবিধ প্ৰাথমিক অথবা জন্মলব্ধভাৱে প্ৰদৰ্শিত হোৱা আৱেগ বুলিব নোৱাৰি। এই ক্ষেত্ৰত অনুসন্ধানকাৰীসকলে লক্ষ্য কৰিছে যে এবছৰ বয়সলৈকে শিশুৱে অকলশৰীয়াকৈ এৰি যোৱা অৱস্থাত ভয় নকৰাকৈয়ে থাকে। এনে ভয় প্ৰায় এবছৰ বয়স পাৰ হোৱাৰ পিছৰ পৰা দুবছৰত সোমোৱা লৈকেহে পৰিলক্ষিত হয়। সেয়েহে ক’ব পাৰি যে জন্মৰ পিছৰে পৰা শিশুৱে ক্ৰমান্বয়ে পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা লাভ কৰি উঠা অভিজ্ঞতাৰ লগে লগে ভয় কৰিবলৈ শিকে।

শিশুৰ ভয়ৰ কাৰণঃ

জন্মৰ প্ৰাথমিক অৱস্থাত শিশুৰ ভয় আৰু ইয়াৰ প্ৰকৃত কাৰণ জানি উঠাটো সহজ নহয়। অৱশ্যে বিকাশৰ পৰৱৰ্তী কালত ইয়াক ক্ৰমে অধ্যয়ন কৰা সহজ হৈ উঠে। উল্লেখযোগ্য যে শিশুৰ ভয় কিছু পৰিমাণে বয়সস্থসকলৰ কৃত্ৰিম অথবা স্বাভাৱিক ভয় অনুকৰণৰ ফল। বিভিন্ন পৰিস্থিতিত অভিভাৱকসকলে প্ৰকৃত কাৰণত অথবা কৃত্ৰিমভাৱেও ভয় প্ৰদৰ্শন কৰে। ৰেল-মটৰৰ ভয়ত বাটলৈ ওলোৱাত বাধা দিয়া অথবা বলিয়া, মেকুৰী আদি অহাৰ ভয় দেখুৱাই শুই থাকিবলৈ কোৱা কাৰ্য এনেবিধ ভয়ৰ দৃষ্টান্ত। এই ক্ষেত্ৰত শিশুৱে ব্যক্তিগতভাৱে পৰিস্থিতিৰ পৰা আৱেগ অনুভৱ কৰাৰ পৰিৱৰ্তে বয়সস্থসকলৰ দ্বাৰা প্ৰদৰ্শিত আৱেগৰ অনুভূতিকেই নীৰৱে অনুকৰণ কৰে।

কল্পনাপ্ৰিয় শিশুৱে বহু সময়ত অপ্ৰয়োজনীয় আৰু অবাস্তৱ কল্পনাৰ যোগেদিও ভয়ৰ উত্তেজনা অনুভৱ কৰে। ভূত-প্ৰেত, দৈত্য, পৰী আদি অমানৱীয় বৰ্ণনা শুনিলে অথবা কোনো চিত্ৰ আদি দেখিলে শিশুৰ মনত কাল্পনিক ভয়ৰ সঞ্চাৰ হয়। সীমিত বাস্তৱ অভিজ্ঞতাৰ শিশুৱে এনেবোৰ গল্পক বাস্তৱ দৃষ্টিৰে চাব নাজানি কল্পনাৰ বিকৃত ৰূপ দিয়ে আৰু ফলত অনাৱশ্যকীয়ভাৱে ভয়ৰ উত্তেজনা অনুভৱ কৰে। বিশিষ্ট শিক্ষাবিদ মণ্টেচৰীয়ে সেয়েহে শিশুক গল্প কোৱা কাৰ্য আৱেগিক দিশৰ পৰা ক্ষতিকাৰক বুলি মত দিয়ে।

গৃহ আৰু স্কুলৰ শিক্ষা পৰিৱেশতো মাক-দেউতাক আৰু শিক্ষকৰ লগত অসুস্থ সম্বন্ধ গঢ়ি উঠাৰ ফলত শিশুৰ মনত ভয়ৰ সঞ্চাৰ হয়। এনে ভয় বহু পৰিমাণে সি ব্যক্তিগতভাৱে অনুভৱ কৰিবলৈ বিচৰা নিৰাপত্তা আৰু আত্মপ্ৰকাশৰ বাবে প্ৰয়োজনীয় স্বাধীনতাৰ অভাৱৰ হেতুকে উপলব্ধ হৈ উঠিব পাৰে। কঠোৰ শাসন বা বন্ধনৰ মাজত থকা শিশুৱে ঘৰুৱা পৰিৱেশৰ পৰা ওলাই আহি স্কুলৰ নতুন পৰিৱেশত প্ৰৱেশ কৰাৰ বেলিকা এনে ভয়ৰ ভাব অনুভৱ কৰে। গৃহ আৰু শিক্ষা পৰিৱেশত শাস্তি প্ৰদান অথবা শাস্তিৰ ভাবুকি দিয়া কাৰ্যই শিশুক ভীতিগ্ৰস্ত কৰি তোলে। বিশেষকৈ শিক্ষা পৰিৱেশত পাঠ আহৰণৰ বেলিকা কঠিনতা অনুভৱ কৰি আত্মসন্মান লঘু হোৱাৰ ভয় কৰে। এনে অৱস্থাত শিক্ষকৰ শাস্তিৰ ভাবুকিয়ে অৱস্থাৰ অধিক ক্ষতিসাধন কৰে। কোনো কোনো সময়ত আত্মৰক্ষাৰ বাবে মিছা কথা কোৱা বা ফাকি দিয়াৰ বাবেও তাৰ মানসিক প্ৰস্তুতি আনি দিয়ে। এনেদৰে ফাকি দিয়া কাৰ্যত কৃতকাৰ্যতা লাভ কৰিলে তাক পৰৱৰ্তী পৰিস্থিতিতো প্ৰয়োগৰ যোগেদি ক্ৰমে শিশুৰ অভ্যাসত পৰিণত হয়গৈ। শিশুমনৰ ভয়ৰ এনেবোৰ আচৰণ অভিজ্ঞ শিক্ষকৰ বাবে পৰিচিত।

শিশুৰ শাৰীৰিক অসুস্থতা, দুৰ্বলতা অথবা ব্যক্তিগতভাৱে থকা দৈহিক অক্ষমতা আদিও ভয়ৰ কাৰণ হৈ উঠিব পাৰে। সঘনে অসুস্থ আৰু ৰোগগ্ৰস্ত শিশুৱে স্বাভাৱিক বিকাশ আৰু আত্মপ্ৰকাশৰ সুবিধা লাভ কৰিব নোৱাৰে। দেহ-মানসিকভাৱে এনে শিশু বহু ক্ষেত্ৰত বাধাপ্ৰাপ্ত হ’ব লগা হোৱাৰ ফলত নতুন পৰিস্থিতিৰ সাহসেৰে সন্মুখীন হোৱাটো সম্ভৱ হৈ নুঠে। ইয়াৰ উপৰি কলা, অন্ধ আদি দৈহিকভাৱে অক্ষম শিশুৰ ভয় স্বাভাৱিক শিশুতকৈ অধিক হোৱা দেখা যায়। চকু, কাণ আদি জ্ঞানেন্দ্ৰিয়বোৰে বহিঃজগতৰ প্ৰত্যক্ষ জ্ঞান নিশ্চিতভাৱে দিব নোৱাৰা হেতুকে এনে শিশু পৰিস্থিতিৰ প্ৰতি ভীত-সন্ত্ৰস্ত হৈ উঠাটো স্বাভাৱিক।

ভয়ৰ কাৰণ সম্বন্ধে আলোচনা কালত এই কথা উল্লেখযোগ্য যে শৈশৱ কালত নহ’লেও কৈশোৰত ভৰি দিয়াৰ লগে লগে ব্যক্তিৰ দেহ-ৰাসায়নিক পৰিৱৰ্তনৰ আকস্মিক অভিজ্ঞতাই যৌন-বিষয়ক নানাবিধ ভয়ৰ সঞ্চাৰ কৰে। দৈহিক গঠনৰ ক্ষিপ্ৰ পৰিৱৰ্তন, দেহ-ৰাসায়নিক প্ৰতিক্ৰিয়াৰ অপৰিচিত অভিজ্ঞতা বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা আদি আৱেগিক উত্তেজনাই কিশোৰ-কিশোৰীসকলক পীড়িত কৰে। বিশেষকৈ শুক্ৰ-স্খলন আৰু ঋতুস্ৰাৱ হোৱাৰ ফলত দেহ হানি, মান হানি আদি হোৱাৰ কিছু কাল্পনিক ভয়ো এই সময়ত পৰিলক্ষিত হয়।

শিশুক কিদৰে সহায় কৰিব পাৰিঃ

ভয়ৰ সুস্থ আৰু অসুস্থ দুয়োটা প্ৰভাৱেই শিশুৰ ওপৰত পৰে। নিজ অজ্ঞতাৰ ফলত সৃষ্টি কৰিব পৰা কেতবোৰ ভয়াবহ আৰু বিপদজনক পৰিস্থিতিৰ হাত সাৰিবলৈ শিশুক কিছু ভয়ৰ অভিজ্ঞতা দিব লাগে। জুই, পানী আদিৰ সম্ভাৱ্য বিপদৰ প্ৰতি শিশুৱে ভয় কৰা আৰু সেই অনুক্ৰমে পৰিস্থিতিৰ প্ৰতি সজাগ হোৱা উচিত। যেনেদৰে যান-বাহন চলাচল কৰা আলিবাটলৈ অকলে যাবলৈ ভয় কৰা, মিছা কথা আৰু অন্যায় কাৰ্যৰ শাস্তি আৰু পাপলৈ ভয় কৰা আদি অভিজ্ঞতা শিশুৰ দেহ-মনৰ সুস্থ বিকাশৰ বাবে প্ৰয়োজন। ভয়ৰ যোগেদি শিশুৱে জীৱনৰ কেতবোৰ লাগতিয়াল অভ্যাস গঠন কৰিব পাৰে। এনেবোৰ প্ৰয়োজনীয় কথাৰ প্ৰতি অভিভাৱকসকলে শিশুক যথোচিত ভয়ৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰে। আনহাতে অপ্ৰয়োজনীয় বিষয়ত অত্যধিক ভয় আৰু সংকোচবোধ শিশু বিকাশত অন্তৰায় স্বৰূপে থিয় দি মানসিক জটিলতাৰ সৃষ্টি কৰিব পাৰে। অহেতুক আৰু অত্যধিক ভয়ে শিশুৰ ব্যক্তি-স্বাধীনতা খৰ্ব কৰি আত্মপ্ৰকাশত বাধাৰ সৃষ্টি কৰে। সেইবাবে ভয়ৰ অসুস্থ প্ৰভাৱৰ প্ৰতি আমি সতৰ্ক হোৱা উচিত।

প্ৰাথমিক আৱেগ অভিজ্ঞতাস্বৰূপে শিশুৰ ভয় নিৰ্মূল কৰাটো সম্ভৱপৰ নহয় আৰু ইয়াৰ প্ৰয়োজনো নাই। নিচেই চালুকীয়া অৱস্থাত পৰিস্থিতিৰ আকস্মিক পৰিৱৰ্তনেই শিশুৰ ভয়ৰ প্ৰধান কাৰণ স্বৰূপে লক্ষ্য কৰা হয়। সেইবাবে এই সময়ত পৰিস্থিতিৰ আকস্মিক আৰু দ্ৰুত পৰিৱৰ্তনে যাতে শিশুক অনাৱশ্যকভাৱে ভয়ৰ উত্তেজনা আনি দিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হোৱা উচিত। এই কথালৈ লক্ষ্য ৰাখি চালুকীয়া শিশুক যথাসম্ভৱ নিয়ন্ত্ৰিত পৰিৱেশৰ মাজত ৰাখিবলৈ চেষ্টা কৰিব লাগে। মনোবিদসকলে মত প্ৰকাশ কৰে যে প্ৰথম বছৰৰ দ্বিতীয়াৰ্ধলৈকে অচিনাকি ব্যক্তিৰ উপস্থিতি আৰু সান্নিধ্যৰ পৰা শিশুক অসামাজিকভাৱে হ’লেও আঁতৰত ৰখাটো বেয়া নহয়।

আগেয়ে উল্লেখ কৰা হৈছে যে শিশুৰ ভয়ৰ কেতবোৰ কাৰণ হৈছে তাৰ সীমিত অভিজ্ঞতা আৰু অলীক কল্পনাৰ প্ৰভাৱ। এনে কাল্পনিক ভয়ৰ দ্বাৰা যাতে সি অযথা প্ৰভাৱিত হ’ব লগা নহয় তাৰ বাবে শিশুক প্ৰত্যক্ষ জ্ঞান-অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। শিক্ষাৰ পূৰ্ব-প্ৰাথমিক স্তৰত সংবেদন অনুশীলনৰ শিক্ষাদানৰ প্ৰয়োজনীয়তা এইখিনিতেই উল্লেখ কৰিব পাৰি। অনুকৰণশীল শিশুৱে আনৰ অনুভূতি অনুকৰণৰ যোগেদিও ভয় কৰিবলৈ শিকে। সেইবাবে এনে অনুকৰণ যাতে প্ৰতাৰণামূলক নহৈ যুক্তিসাপেক্ষ হয় তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত।

নতুন পৰিৱেশ আৰু পৰিস্থিতিৰ উপযুক্তভাৱে সন্মুখীন হ’বলৈ প্ৰয়োজনীয় সাহস আৰু আত্ম-প্ৰত্যয়ৰ ভাব শিশুমনত জগাই তোলাটোও অতি আৱশ্যকীয় কথা। ভয়াতুৰ শিশুৱে নতুন পৰিস্থিতিৰ পৰা শুদ্ধ জ্ঞান আৰু অভিজ্ঞতা পাব নোৱাৰে। এনে শিশু ভ্ৰান্ত-প্ৰত্যক্ষৰ দ্বাৰা পৰিচালিত হৈ পৰিস্থিতিৰ লগত সম্বন্ধ স্থাপন আৰু পৰিৱেশৰ লগত সুস্থ সমাযোজন সাধন কৰাৰ অপাৰগ হয়। ফলত নতুন পৰিস্থিতি মাত্ৰেই ভয়ৰ কাৰণ হৈ উঠে। সেইবাবে এনে অৱস্থা যাতে হ’ব নোৱাৰে তাৰ বাবে শিশুক সৰুৰে পৰা মুক্ত পৰিৱেশ আৰু মুক্ত গতিৰ কিছু ব্যক্তি-স্বাধীনতা দিব লাগে। শিশুক অত্যধিক আবদাৰ, আদৰ-যত্ন, হকা-বাধা অথবা কটকটীয়া অনুশাসনৰ মাজত ৰাখি বিকাশৰ বাবে প্ৰয়োজনীয় ব্যক্তি-স্বাধীনতা খৰ্ব কৰা অনুচিত। আত্মপ্ৰকাশৰ সুবিধা নোপোৱা শিশুৰ মানসিক আৰু আনুভূতিক জীৱন পৰনিৰ্ভৰশীল আৰু ভীত-সন্ত্ৰস্ত নহৈ নোৱাৰে। সেইবাবে খেলা-ধূলাৰ এক মুক্ত আৰু মধুৰ গৃহ পৰিৱেশহে ইয়াৰ এক সহজ প্ৰতিকাৰ বুলিব পাৰি।

ক্ৰোধঃ

নিচেই কেঁচুৱা অৱস্থাৰ পৰাই সচৰাচৰ প্ৰদৰ্শন কৰা শিশুৰ এটি আৱেগিক অভিব্যক্তি হৈছে ক্ৰোধ। ই এবিধ অসুস্থ অনুভূতি আৰু আচৰণ যাৰ দ্বাৰা অভিব্যক্তি প্ৰতিকূল পৰিস্থিতিত নিজ মনৰ অসন্তুষ্টি আৰু কষ্টভাব বাহ্যিকভাৱে প্ৰকাশ কৰে। কোনো বস্তু, ব্যক্তি অথবা পৰিস্থিতি এনে ৰুষ্টতা ভাব প্ৰকাশৰ মূল কাৰণ স্বৰূপে নিহিত থাকে। শিশুৰ কোনো আশা, লক্ষ্য বা আঁচনি আদিৰ স্বাভাৱিক পূৰণত বাধাৰ সৃষ্টি হ’লে অথবা আশাভংগ হ’লে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ক্ৰোধৰ আৱেগিক উত্তেজনা জাগি উঠে। ইয়াৰ ফলত সাধাৰণভাৱে অসন্তুষ্টি প্ৰকাশৰ পৰা আৰম্ভ কৰি উগ্ৰ ধ্বংসাত্মক আৰু অসামাজিক আচৰণলৈকে ক্ৰোধৰ আত্মপ্ৰকাশ হোৱাটো সম্ভৱপৰ। ইয়াৰ আনুষংগিক অভিব্যক্তি স্বৰূপে দেহ-ৰাসায়নিক ক্ৰিয়াৰো পৰিৱৰ্তন হয়। খঙত ঘামি-জামি উঠা, মুখ শুকাই যোৱা আদি এনে পৰিৱৰ্তনৰেই প্ৰকাশ। দৈহিক পৰিৱৰ্তনৰ ভিতৰত দ্ৰুত ৰক্ত-সঞ্চালন, নাড়ী-স্পন্দন, মুখ-মণ্ডলৰ বিকৃতি, অস্বাভাৱিক অংগ-সঞ্চালন আৰু কথনভংগীৰ পৰিৱৰ্তন হোৱাটো লক্ষ্য কৰিব পাৰি। এনেবোৰ দেহ-মানসিক পৰিৱৰ্তনৰ যোগেদিয়ে ক্ৰোধৰ প্ৰকাশ লাভ হয়।

ক্ৰোধৰ কাৰণঃ

শিশুৰ নিচেই চালুকীয়া অৱস্থাত তাৰ দৈহিক প্ৰয়োজনবোৰ পূৰণৰ বেলিকাই সাধাৰণতে ক্ৰোধৰ উৎপত্তি হয়। বিচৰা বস্তুটো হাতেৰে ধৰিব নোৱাৰিলে, মুখত ভৰাবলৈ নাপালে অথবা সীমিত দৈহিক শক্তিৰে তাক টানি আনিব নোৱাৰিলে সি কান্দোনৰ যোগেদি নিজৰ ৰুষ্টতা আৰু অসন্তুষ্টিৰ ভাব প্ৰকাশ কৰে। নানাবিধ খেলাৰ পুতলা হাতৰ পৰা এৰুৱাই নিলে অথবা তাৰ ইন্দ্ৰিয় অনুভূতিৰ আনন্দৰ পৰা শিশুক বঞ্চিত কৰিলে তাৰ খং উঠে। সেই গাৰ কাপোৰ খহি গৈ ঠাণ্ডা লাগিলে অথবা শৌচ-প্ৰস্ৰাৱ আদিৰে নষ্ট কৰিলে উদ্ভৱ হোৱা দৈহিক অস্বস্তি আৰু খং কান্দোনৰ যোগেদি সি প্ৰকাশ কৰে। ইয়াৰ উপৰি চোলা-কাপোৰ পিন্ধোৱা আৰু সলোৱা, গা ধোৱা, তেল-পাউদাৰ আদি ঘঁহা, আহাৰ খুওৱা আদি দৈনন্দিন ক্ৰিয়া পৰিস্থিতিত উদ্ধৱ হোৱা দৈহিক অশান্তি আৰু অস্বস্তিকৰ অৱস্থাই শিশুৰ খং তোলে। এনেবোৰ বাধাগ্ৰস্ত দৈহিক পৰিস্থিতিত সৃষ্টি হোৱা ক্ৰোধভাৱ শিশুৱে এই সময়ত অকৃত্ৰিমভাৱেই প্ৰকাশ কৰে।

বয়স বৃদ্ধিৰ লগে লগে শিশুৰ ক্ৰোধৰ মাত্ৰা আৰু প্ৰকাশভংগী সলনি হ’বলৈ ধৰে। গুদনাফ্ নামৰ এজন বিশেষজ্ঞই এই সম্বন্ধে কৰা অধ্যয়নৰ পৰা লক্ষ্য কৰে যে প্ৰায় ডেৰ বছৰ বয়সতেই শিশুৰ ক্ৰোধ উদ্ভৱ হোৱা পৰিস্থিতিৰ মাত্ৰা সৰ্বাধিক হয়গৈ। দুবছৰ বয়সৰ পৰা অৱশ্যে এনে পৰিস্থিতিৰ মাত্ৰা ক্ৰমে নিম্নগামী হ’বলৈ ধৰে। ইয়াৰ কাৰণ স্বৰূপে ক’ব পাৰি যে চালুকীয়া অৱস্থাত দৈহিক প্ৰয়োজনীয়তাৰ প্ৰভাৱ, ইন্দ্ৰিয়ানুভূতিৰ চঞ্চলতা, জ্ঞান-অভিজ্ঞতাৰ সীমাবদ্ধতা আৰু পৰিস্থিতিৰ নতুনতাৰ হেতুকে শিশুৱে প্ৰায়ে দৈহিক সমাযোজন স্থাপনত অসমৰ্থ হয়। ইয়াৰ ফলত দেহ-মনৰ অস্বস্তি ক্ৰোধৰ যোগেদি অভিব্যক্ত হোৱাটো স্বাভাৱিক শিশুৰ ক্ৰোধ আৰু তাৰ প্ৰকাশভংগী স্বৰূপে ক্ৰন্দন সেয়েহে এই সময়ত তাৰ পৰিস্থিতিৰ অনুকূলে দৈহিক সমাযোজন ব্যৰ্থতাৰেই পৰিচায়ক। এনে ব্যৰ্থতাই শিশুৰ দৈহিক অসুস্থতাৰো সৃষ্টি কৰিব পাৰে আৰু এনে অসুস্থতা তাৰ ক্ৰোধৰ কাৰণ স্বৰূপেও দেখা দিব পাৰে।

দুবছৰ বয়সৰ পিছৰে পৰা শিশুৱে সামাজিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন ব্যক্তি-বিশেষৰ সান্নিধ্যলৈ আহে আৰু সেইবাবে এই সময়ত তাৰ ক্ৰোধ সমাজৰ কোনো ব্যক্তি-বিশেষৰ প্ৰতি প্ৰদৰ্শিত হ’বলৈ ধৰে। ঘৰুৱা পৰিৱেশত পৰিয়ালৰ বিভিন্নজনৰ লগত নানা কাৰণত তাৰ মতবিৰোধ হয়। তেওঁলোকৰ হকা-বধা, বংগ্যাত্মক মন্তব্য, তুচ্চ-তাচ্চিল্যৰ মনোভাৱ, মৰম-চেনেহৰ কৃপণালি অথবা কোনো আনন্দ, উৎসৱ তথা মনোৰঞ্জনৰ সুযোগৰ পৰা বঞ্চিত কৰা কাৰ্যই শিশুক কষ্ট আৰু অসন্তুষ্ট কৰি তোলে। ইয়াৰ উপৰি সমনীয়াৰ লগত খেলা-ধূলা কৰা অৱস্থাত নিজ স্বাৰ্থ ব্যাহত কৰিব পৰা পৰিস্থিতিয়ে শিশুক উত্তেজিত কৰি তুলিব পাৰে। এইখিনিতে উল্লেখযোগ্য যে ঘৰুৱা অৱস্থাৰ সামাজিক আৰু অৰ্থনৈতিক মানদণ্ডৰ ওপৰতো শিশুৰ ক্ৰোধ কিছু পৰিমাণে নিৰ্ভৰশীল। সামাজিক নিম্নমান আৰু অৰ্থনৈতিক অনাটনত ভোগা এটি পৰিয়ালৰ শিশুৱে তাৰ দেহ-মানসিক প্ৰয়োজনবোৰ পূৰণত পদে পদে বাধা আৰু ব্যৰ্থতা অনুভৱ কৰিব লাগে। আনহাতে সামাজিক আৰু অৰ্থনৈতিকভাৱে উন্নত পৰিয়ালৰ শিশুৱে তেনে প্ৰয়োজনবোৰ অবাধে পূৰণ কৰাৰ উপৰিও মৰম-চেনেহৰ মধুৰ গৃহ পৰিৱেশে তাৰ আনুভূতিক জীৱন সুস্থ আৰু সবল কৰি তুলিব পাৰে।

প্ৰাথমিক স্কুলত প্ৰৱেশ কৰাৰ পূৰ্বে শিশু-প্ৰবৃত্তিত আত্মসচেতনতাৰ ভাব ভালদৰে ফুটি উঠে। ঘৰৰ বাহিৰে-ভিতৰে খেলা-ধূলাৰ বিভিন্ন পৰিস্থিতিত তাৰ ব্যক্তি-স্বাৰ্থ, আত্মসন্মান আৰু স্বাধীনতা আদিত ব্যাহত হোৱাটো সহ্য নকৰে। লগৰ সমনীয়া অথবা নিজৰ ভাই-ভনীৰ মাজতো এনেবোৰ কাৰণত নানাবিধ হাই-কাজিয়াৰ সূত্ৰপাত হয়। মন কৰিবলগীয়া যে এই সময়তেই ক্ৰোধৰ যোগেদি সংশ্লিষ্ট ব্যক্তি বা বস্তুৰ ওপৰত প্ৰতিশোধ লোৱাৰ মনোভাৱ শিশু-প্ৰবৃত্তিত জাগি উঠে। অৱশ্যে প্ৰাথমিক স্কুলৰ পৰ্যায়ত শিশুৱে নিজৰ ক্ৰোধ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে। এই পৰ্যায়ৰ শিক্ষাৰ নিয়ম-শৃংখলা, অনুশাসন ব্যৱস্থা আদিৰ নিয়ন্ত্ৰিত পৰিৱেশে শিশুৰ ক্ৰিয়া-আচৰণ যথেষ্ট সংযত আৰু যুক্তিসংগত কৰি তোলে। সেইবাবে প্ৰাথমিক আৰু পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ দুটি শিশুৰ মাজত ক্ৰোধৰ পৰিস্থিতি আৰু তাৰ অভিব্যক্তিৰ যথেষ্ট পাৰ্থক্য থাকে।

ক্ৰোধৰ প্ৰকাশভংগীঃ

শিশুৱে অনুভৱ কৰা ক্ৰোধৰ বাহ্যিক প্ৰকাশভংগী নানা ধৰণৰ হয়। চালুকীয়া অৱস্থাত ক্ৰোধ প্ৰকাশৰ এটি সহজ আৰু সাধাৰণ উপায় হৈছে ক্ৰন্দন। অৱশ্যে নৱজাত শিশুৰ যিকোনো ধৰণৰ কান্দোনৰেই ক্ৰোধ একমাত্ৰ কাৰণ হ’ব নোৱাৰে। শিশুৰ এই সময়ৰ কান্দোন সাধাৰণভাৱে সংবেদন অনুভূতিৰ এক অস্পষ্ট দৈহিক প্ৰতিক্ৰিয়াও হ’ব পাৰে। প্ৰায় এবছৰ বয়সলৈকে শিশুৰ ক্ৰন্দনৰ এনে অস্পষ্টতা থকাটো মনোবিদসকলে লক্ষ্য কৰিছে। অৱশ্যে অভিজ্ঞ মাতৃয়ে এই সময়ছোৱাৰ ভিতৰত কান্দোনৰ ধৰণ আৰু ইয়াৰ তীব্ৰতালৈ চাই শিশুৱে অনুভৱ কৰিব পৰা অস্বস্তি বা ক্ৰোধ ভাব আৰু তাৰ সংশ্লিষ্ট কাৰণ অনুমান কৰিব পাৰে। এবছৰ বয়সৰ পিছৰ পৰা তাৰ ক্ৰোধ কোনো ব্যক্তি বা বিষয়ৰ ওপৰত নিৱদ্ধ হোৱা বাবে কান্দোনৰ কাৰণসমূহ অধিক স্পষ্ট হৈ আহিবলৈ ধৰে। এই সময়ত ক্ৰোধৰ কাৰণ ৰূপে ঠিয় দিয়া ব্যক্তি বা বস্তুক কৃত্ৰিমভাৱে হ’লেও আঘাত হানিলে অথবা প্ৰতিশোধ লোৱা দেখুৱালে শিশুৰ ক্ৰোধ উপশম হ’ব পাৰে।

এইখিনিতে লক্ষ্য কৰিব পাৰি যে শিশুৰ খং আৰু উগ্ৰভাৱৰ কাৰণ অভিভাৱকসকলে জানি উটাৰ লগে লগে তাৰ প্ৰকাশভংগীও কৃত্ৰিম আৰু জটিলতৰ হৈ উঠিব পাৰে। অভিজ্ঞতাৰ যোগেদি শিশুৱে ক্ৰমে জানি উঠে যে ব্যক্তি বা বিষয়ৰ প্ৰতি মুক্তভাৱে প্ৰদৰ্শন কৰা তাৰ উগ্ৰ আচৰণৰ পৰিণাম কোনো সময়ত অশুভ আৰু নিজৰ বাবেও ক্ষতিকাৰক হৈ উঠিব পাৰে। সেইবাবে অভিভাৱকৰ শাস্তি অথবা আন তেনে ধৰণৰ অশুভ পৰিণতিৰ ভয়ত শিশুৰ ক্ৰোধৰ প্ৰকাশ পৰোক্ষবিধৰ হৈ বিভিন্ন ক্ৰিয়া-আচৰণৰ মাজেদি পৰিস্ফূত হয়।

শিশুৱে প্ৰকাশ কৰা ক্ৰোধৰ এবিধ পৰিচিত লক্ষণ হৈছে প্ৰত্যক্ষ আক্ৰমণ। হাতেৰে মৰা, ভৰিৰে গুৰিওৱা, মুখেৰে কামোৰা, বস্তু দলিওৱা, ভাঙি পেলোৱা আদি আচৰণ এনে প্ৰত্যক্ষ আক্ৰমণৰ অন্তৰ্ভুক্ত। ইয়াৰ দ্বাৰা শিশুৱে ক্ৰোধৰ কাৰণ স্বৰূপ হোৱা ব্যক্তি বা বস্তুৰ ওপৰত প্ৰতিশোধ লৈ ক্ৰোধৰ উত্তেজনা উপশম কৰিব পাৰে। আন এবিধ সচৰাচৰ প্ৰদৰ্শন কৰা ক্ৰোধৰ আচৰণ হৈছে আত্ম-পীড়ন। খঙৰ মুহূৰ্তত মাটিত বাগৰি পৰা, বেৰত বা মজিয়াত কপাল খুন্দিওৱা আদি আচৰণৰ যোগেদি সি নিজৰ ওপৰতেই পীড়ন কৰি প্ৰতিশোধ লোৱাৰ মনোভাৱ পোষণ কৰে। এনে আচৰণৰ এক পৰোক্ষ উদ্দেশ্য হৈছে আনৰ মনোযোগ আৰু সহানুভূতি লাভ কৰাটো। মৌখিকভাৱে শব্দ উচ্চাৰণেৰে ক্ৰোধৰ অনুভূতি ব্যক্ত কৰাটো হৈছে আন এবিধ উপায়। অৱশ্যে নিজ মনৰ তীব্ৰ অনুভূতি কথাৰে ব্যক্ত কৰিবলৈ ভাষাজ্ঞান প্ৰয়োজন হয়। কিন্তু তথাপিও শিশুৰ ক্ষেত্ৰত দেখা যায় যে তাৰ ভাষা বিকাশৰ পূৰ্বেই সি নিচেই কম বয়সৰ পৰাই চিঞৰ, গুজৰণি, অস্পষ্ট শব্দ আৰু মাত আদিৰে ক্ৰোধ প্ৰকাশ কৰিবলৈ সক্ষম হয়। ভাষা বিকাশ হৈ উঠাৰ লগে লগে বয়সস্থসকলে ক্ৰোধ প্ৰকাশৰ বাবে প্ৰয়োগ কৰা শব্দসমূহ সি অনুকৰণ কৰি উঠে। আনৰ লগত মাৰ-পিট কৰা, কাজিয়া কৰা আদি অনিয়ন্ত্ৰিত দৈহিক ক্ৰিয়া-কলাপৰ যোগেদিও উগ্ৰ আৰু উত্তেজিত স্বভাৱৰ শিশুৱে ক্ৰোধ কৰে। নিজ ক্ৰোধৰ দৈহিক প্ৰকাশৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ নথকা বাবে এনে শিশু পৰৱৰ্তী কালত প্ৰচলিত নীতি-নিয়মৰ উগ্ৰ বিৰোধী হৈ উঠি সমাজবিৰোধী আৰু অপৰাধপ্ৰৱণ শিশুত পৰিণত হ’বগৈ পাৰে।

প্ৰয়োজনীয় ভূমিকা গ্ৰহণঃ

সুস্থ আৰু সংগতিপূৰ্ণ সামাজিক বিকাশৰ বাবে ক্ৰোধৰ অনুভূতি সমূলি অস্বীকাৰ কৰিব নোৱাৰি। প্ৰয়োজনীয় পৰিস্থিতিত যুক্তিসংগতভাৱে ক্ৰোধ আৰু অসন্তুষ্টিৰ ভাব প্ৰকাশ কৰাটো সুস্থ আৰু স্বাভাৱিক ব্যক্তিত্বৰেই পৰিচায়ক। শিশু-শিক্ষাৰ উদ্দেশ্যও হৈছে তাৰ প্ৰাথমিক আৱেগ-অনুভূতিসমূহৰ সামাজিক দিশত গঠনাত্মক ৰূপ দিয়াটোহে, তাক নিৰ্মূল কৰাটো নহয়। শিশুৰ ভয়, ক্ৰোধ আদি সুখদায়ক অনুভূতিবোৰ যাতে পৰিস্থিতি সাপেক্ষভাৱে সংযত, যুক্তিসংগত আৰু শালীনতা ৰক্ষা কৰা বিধৰ হয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। অনাৱশ্যক, অনিয়মিত আৰু অনিষ্টকাৰীভাৱে যাতে এই সুখদায়ক অনুভূতিবোৰে শিশুৰ ভাব আৰু আচৰণ অধিক প্ৰভাৱিত কৰি তুলিব নোৱাৰে তাৰ বাবে পৰিৱেশ আৰু পৰিস্থিতিৰ আৱশ্যকীয় পৰিৱৰ্তন সাধনৰো প্ৰয়োজন।

এইক্ষেত্ৰত ক্ৰোধৰ উত্তেজনা সৃষ্টি কৰা কথা আৰু কামৰ সঘনে পুনৰাবৃত্তি নকৰি তাক শিশুমনৰ পৰা সযতনে পাহৰাই ৰাখিবলৈহে চেষ্টা কৰা উচিত। বয়সস্থসকলে শিশুৰ ক্ৰোধক লৈ আমোদ কৰিবৰ বাবে চলোৱা প্ৰচেষ্টা, তেওঁলোকৰ ব্যংগাত্মক মন্তব্য আৰু কঠোৰ সমালোচনা আদি এইক্ষেত্ৰত বিশেষ ক্ষতিকাৰক। শিশুৰ খঙত অতীষ্ঠ হৈ পৰি প্ৰতিশোধৰ মনোভাৱেৰে দৈহিক শাস্তি বিধান কৰা কাৰ্য সাময়িকভাৱে ফলদায়ক যেন দেখিলেও সি শিশুৰ মানসিক জীৱনত সুদূৰপ্ৰসাৰী এক অসুস্থ প্ৰভাৱ পেলাব পাৰে। সঘনে লোৱা এনে ব্যৱস্থাই মাক-দেউতাকৰ লগত থকা শিশুৰ আৱেগিক বুজা-পৰা সম্বন্ধৰ বিশেষ ক্ষতিসাধন কৰে।

অভিভাৱকসকলৰ মাৰ্জিত ৰুচি, সংযত আৰু নিয়ন্ত্ৰিত আৱেগিক আচৰণ তথা শিশুৰ আৱেগিক প্ৰয়োজনৰ প্ৰতি সহানুভূতিশীল মনোভাৱ সেয়েহে অতীব প্ৰয়োজন। ক্ৰোধৰ পৰিস্থিতিত তেওঁলোকে শিশুৰ প্ৰতি কোনো পক্ষপাতিতা গ্ৰহণ নকৰি তাক স্বাভাৱিক অৱস্থালৈ আনিবৰ বাবেহে ভূমিকা গ্ৰহণ কৰা উচিত। এইক্ষেত্ৰত তেওঁলোকে শিশু আৰু পৰিস্থিতি দুয়োটা দিশৰে নিৰপেক্ষভাৱে বিচাৰ কৰি চাব লাগে। ক্ৰোধৰ উত্তেজনাত বিৰক্ত হৈ শাস্তি প্ৰদান কৰা কাৰ্য যেনে অনিষ্টকৰ, পক্ষপাতমূলক মনোভাৱেৰে শিশুৰ ক্ৰোধক প্ৰশ্ৰয় বা সমৰ্থন দিয়াটোও তেনেদৰেই অনিষ্টকৰ।

শিশুৰ ভগ্নস্বাস্থ্য, শাৰীৰিক দুৰ্বলতা, আকৰ্ষণীয় আৰু কঠোৰ নিয়ম-শৃংখলাৰ গৃহ-পৰিৱেশ আদিয়েও ক্ৰোধৰ মাত্ৰাধিক্য ঘটাব পাৰে। এনেবোৰ বিষয়ৰ প্ৰতি দৃষ্টি ৰখাটো অভিভাৱকসকলৰ কৰ্তব্য। ইয়াৰ উপৰি শিশুৰ ক্ৰোধ বহু পৰিমাণে মাক-দেউতাক, শিক্ষক আৰু অন্যান্য নিকটৱৰ্তী লোকক কৰা আৱেগিক অনুকৰণৰ ফল। তেওঁলোকৰ পৰা সুস্থ আৰু সংযত আৱেগিক আচৰণৰ অনুকৰণ কৰিবলৈ নাপালে শিশুৰ আচৰণত তাক আশা কৰিব নোৱাৰি। শিশুৰ পৰিৱেশ আৰু পৰিস্থিতি যথাসাধ্য নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাটোৱেই ইয়াৰ আৱশ্যকীয় প্ৰতিকাৰ বুলিব পাৰি।

ভালপোৱাঃ

শিশুমনত উদয় হোৱা মৰম বা ভালপোৱা ভাব এটি সুখদায়ক আৱেগিক অনুভূতি। মনোবিদ ৱাটচনে শিশুৰ এই আৱেগ মৌলিক বুলি বৰ্ণনা কৰিছে যদিও ইয়াৰ মৌলিকতা বিজ্ঞানসন্মতভাৱে ঠাৱৰ কৰাটো সম্ভৱ নহয়। এই সম্বন্ধে বিশেষজ্ঞসকলৰ অভিজ্ঞতাও সীমাবদ্ধ হৈ আছে। শিশুৰ ভালপোৱা ভাবৰ উৎস আনন্দ অনুভূতি হলেও সামাজিক পৰিৱেশেহে তাক সক্ৰিয় কৰি তোলে। সেইবাবে ক’ব পাৰি যে ভালপোৱা এবিধ সুখদায়ক সামাজিক অনুভূতি। অৱশ্যে মনোবিদ ফ্ৰয়েদে শিশুৰ এই আৱেগৰ ওপৰত অধিক দৈহিক গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে মৰম বা ভালপোৱা জীৱৰ যৌন অনুভূতিৰেই এক অভিজ্ঞতা মাথোন। দৈহিক বিকাশৰ বিভিন্ন স্তৰত ভিন ভিন ৰূপে এই যৌন অনুভূতিয়ে আত্মপ্ৰকাশ কৰে। যৌন অভিজ্ঞতাৰ প্ৰাথমিক পৰ্যায়ত লাভ কৰা শিশুৰ এই আৱেগ তেওঁ আত্ম-কাম বুলি বৰ্ণনা কৰিছে। এনে ভালপোৱা নিজ দেহৰ সুখ আৰু আনন্দ অনুভূতিক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠে বুলি তেওঁ মত প্ৰকাশ কৰে।

শিশুৰ ভালপোৱাৰ কেতবোৰ বৈশিষ্ট্যঃ

ভালপোৱা সম্বন্ধে ফ্ৰয়েদৰ দৃষ্টিভংগী বিতৰ্কমূলক হ’লেও শিশুৰ চালুকীয়া অৱস্থাত দৈহিক সুখ-সম্ভোগ আৰু ইন্দ্ৰিয়ানুভূতিয়ে দিয়া সুখদায়ক উত্তেজনাৰ প্ৰাধান্য নুই কৰিব নোৱাৰি। শিশুক আৰাম লগাকৈ তাৰ দেহ জোকাৰি, মোহাৰি বা চেলেকি দিলে সি আনন্দ পায়। সেইদৰে কোচত আলফুলকৈ ল’লে, মাতৃস্তন দিলে অথবা দুগ্ধদানী  মুখত লগাই দিলে সি দৈহিক সুখ-আনন্দ অনুভৱ কৰে। কোমল, মিহি, উজ্জ্বল আৰু মিঠা বস্তু হাতেৰে ধৰিবলৈ পালে অথবা টানি নি মুখত দিবলৈ আৰু কামুৰিবলৈ পালে শিশুৱে দৈহিক সুখ আৰু আনন্দ পায়। আন একো নাপালে নিজৰ হাতৰ আঙুলি মুখত দি আৰু কোনো কোনো সময়ত দেহৰ যৌনাংগ হাতেৰে স্পৰ্শ কৰিও তেনে সুখদায়ক ইন্দ্ৰিয়ানুভূতি সি লাভ কৰে। নিজ দেহক কেন্দ্ৰ কৰি চালুকীয়া অৱস্থাত শিশুৱে পাবলৈ বিচৰা সুখ-আনন্দৰ অনুভূতি সেয়েহে তাৰ মৰম বা ভালপোৱাৰ প্ৰাথমিক পৰ্যায় বুলি ধৰিব পাৰি। এবছৰ বয়সৰ পিছৰ পৰা সামাজিক সংস্পৰ্শ ক্ৰমে লাভ কৰি উঠাৰ লগে লগেহে শিশুৰ এনে দেহ-ভিত্তিক ভালপোৱা সমাজমুখী হ’বলৈ ধৰে।

শিশুৰ মানসিক অভিজ্ঞতা আৰু তাৰ বিকাশ অত্যন্ত সীমাবদ্ধ হৈ থকা বাবে সি তাৰ ভালপোৱা প্ৰাপ্তবয়স্ক লোকৰ দৰে অনুভৱ আৰু প্ৰকাশ কৰিব নোৱাৰে। নিজৰ দৈহিক প্ৰয়োজনৰ প্ৰবৃত্যাত্মক প্ৰেৰণাই শিশুৰ মন আৰু আচৰণ অত্যন্ত আত্মকেন্দ্ৰিক কৰি ৰাখে। সেয়েহে আনৰ বাবে ভাবিব আৰু সহানুভূতি দেখুৱাব নোৱাৰে। এই সময়ত প্ৰতিখন ধুনীয়া ছবিয়েই সি আৰু প্ৰতিটো আকৰ্ষণীয় বস্তু বা খোৱা বস্তুৱেই তাৰ। নিজৰ প্ৰতিচ্ছবি দাপোণত দেখিলে আপোন ৰূপত মুগ্ধ হৈ উঠে, বাৰে বাৰে চায়ো সন্তুষ্ট হ’ব নোৱাৰে। দেহ-মানসিক বিকাশৰ লগে লগে সি ক্ৰমে সামাজিক পৰিৱেশৰ সংস্পৰ্শ লাভ কৰিলেহে আনৰ প্ৰতি ভাবিবলৈ, সহানুভূতি দেখুৱাবলৈ অথবা ভাল পাবলৈ শিকে। এনে অৱস্থাতহে শিশুৰ পৰিয়ালৰ লোকৰ বিভিন্ন সুখ-দুখৰ পৰিস্থিতিত অংশগ্ৰহণ কৰি নিজ মনৰ ভালপোৱা অনুভূতি প্ৰকাশ কৰিবলৈ ধৰে। মন কৰিবলগীয়া যে প্ৰায় দুবছৰ বয়সত শিশুৱে ভাষাজ্ঞান কিছু আয়ত্ব কৰি মুখেৰে ভাল পাওঁ বুলি উচ্চাৰণ কৰিব পাৰিলেও ভালপোৱাৰ প্ৰকৃত অৰ্থ সি উপলব্ধি কৰিব নোৱাৰে। নিজৰ পৰিৱেশ আৰু অভিজ্ঞতাৰ পৰিসৰ ক্ৰমে বৃদ্ধি হৈ অহাৰ লগে লগে ভালপোৱাৰ অনুভূতি আৰু তাৰ অৰ্থ স্পষ্ট হৈ আহিবলৈ ধৰে।

শিশুৰ ভালপোৱাৰ এটি বিশেষত্ব হৈছে গৃহ পৰিৱেশত সান্নিধ্য লাভ কৰা নানাবিধ পোহনীয়া জন্তু, খেলা-ধূলাৰ পুতলা আদিৰ প্ৰতি অধিক আকৰ্ষণ দেখুৱাটো। পোহনীয়া কুকুৰ, মেকুৰী, ছাগলী পোৱালী, চৰাই আদি জন্তুৰ লগত শিশুৱে অতি সহজে মিলিব আৰু আপোন কৰি ল’ব পাৰে। ই এক লক্ষণীয় শিশুসুলভ বৈশিষ্ট্য। শিশুৰ এনে জীৱপ্ৰীতি ভাৱলৈ লক্ষ্য ৰাখি মনোবিদসকলে শিশু পাঠ্যপুথি যুগুত কৰাত অধিক আগ্ৰহী হোৱা দেখা যায়। সাধাৰণভাৱে শিশুৰ পোচাক-পৰিচ্ছদ, ব্যৱহাৰ্য সামগ্ৰী আদি প্ৰস্তুতকৰণৰ বেলিকাও এই জীৱ-প্ৰীতি ভাৱৰ প্ৰতি লক্ষ্য ৰখা হয়। খেলা-ধূলাৰ নানাবিধ পুতলাৰ প্ৰতি দেখুওৱা শিশুৰ অকপট মৰম-ভালপোৱা আদিৰ প্ৰকাশতো মনোবৈজ্ঞানিক অধ্যয়নৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত আছে।

শিশুৰ ভালপোৱা সম্বন্ধে কৰা আলোচনা প্ৰসংগক বহলভাৱে দুটা ভাগ কৰিব পাৰি, যেনে- (১) শিশুৱে আনৰ প্ৰতি দেখুওৱা ভালপোৱাৰ আৱেগিক প্ৰকাশ আৰু (২) শিশুৰ জীৱনত আনৰ মৰম আৰু ভালপোৱাৰ প্ৰয়োজন। ইয়াৰ প্ৰথমটো দিশৰ প্ৰতি ওপৰত আলোচনা কৰা হৈছে। আৱশ্যকীয় মনোবৈজ্ঞানিক তথ্য আৰু চৰ্চাৰ অভাৱত এই দিশৰ আলোচনাৰ পৰিসৰ যথেষ্ট সীমাবদ্ধ হৈ আছে। দ্বিতীয়টো দিশৰ প্ৰতিহে মনোবিজ্ঞানী আৰু শিক্ষাবিদসকল অধিক আগ্ৰহী হোৱাটো লক্ষ্য কৰা যায়।

শিশুৰ বাবে মৰমৰ প্ৰয়োজনীয়তাঃ

শিশু স্বাভাৱিকতেই মৰম আকলুৱা। আনক নিজৰ মৰম-ভালপোৱা দিয়াতকৈ আনৰ পৰা তাক হেঁপাহ পলুৱাই পাবলৈহে সি বিচাৰে। আনৰ মৰম-চেনেহে শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰ পূৰণ কৰাৰ উপৰিও পৰিৱেশত এক সুস্থ সমাযোজন আৰু বিকাশৰ বাবে অনুকূল অৱস্থাৰ সৃষ্টি কৰে। এনে অৱস্থাই শিশুৰ ওপৰত সামূহিকভাৱে এক শক্তিশালী প্ৰভাৱ পেলাব পাৰে। সেয়েহে কেৱল মাক-দেউতাকৰ ব্যক্তিগত মৰম-চেনেহৰ কথাকে মাত্ৰ নধৰি শিশুৰ সমগ্ৰ পৰিৱেশটোৰ সকলো ব্যক্তি আৰু বিষয়কেই বিবেচনাৰ অন্তৰ্ভুক্ত কৰা উচিত। ব্যক্তিগত মৰম-চেনেহতকৈও শিশুৰ বাবে এটি মৰম-মধুৰ সহানুভূতিশীল পৰিৱেশৰহে অধিক প্ৰয়োজন। অৱশ্যে এই পৰিৱেশৰ মুখ্য প্ৰভাৱশালী ব্যক্তি হৈছে মাক-দেউতাক। শিশুৰ সুখে-দুখে, অভাৱে-অভিযোগে সততেই সহায় আৰু আদৰ-যত্ন কৰা মাকৰ মৰম যে সবাতোকৈ মূল্যৱান তাক ব্যাখ্যাৰ প্ৰয়োজন নাই। মাতৃহাৰা আৰু পিতৃহাৰা শিশুৰ বিকাশৰ সমস্যাই ইয়াৰ প্ৰয়োজনীয়তা ভালদৰে উপলব্ধি কৰাত আমাক সহায় কৰে।

মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা শিশুৰ জীৱনত মৰমৰ ভূমিকা সম্বন্ধে এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন। মানুহৰ দৈহিক বিকাশৰ বাবে ভিটামিন বা খাদ্যপ্ৰাণৰ প্ৰয়োজন হোৱাৰ দৰেই শিশুৰ মানসিক বিকাশৰ বাবে মৰমৰো প্ৰয়োজন হয়। খাদ্যপ্ৰাণে মাত্ৰ দেহৰ উৎকৰ্ষহে সাধন কৰে, কিন্তু মৰম-চেনেহে শিশুৰ দেহ আৰু মন উভয়ৰ ওপৰতেই সুস্থ-সবল প্ৰভাৱ পেলায়। মৰমৰ সকলোতকৈ মূল্যৱান প্ৰভাৱ এয়ে যে ই শিশুৰ ব্যক্তিত্ব আকৰ্ষণীয় আৰু প্ৰভাৱশালী কৰি তোলে। মাক-দেউতাকৰ মৰমৰ আশ্বাস আৰু স্বীকৃতিয়ে শিশুক দিয়ে সাহস, নিৰাপত্তা, আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰ ভাব। নিজৰ অপৈণত ক্ৰিয়া আৰু আচৰণ আদিত মাক-দেউতাকৰ মৰমৰ অনুমোদন লাভ কৰা শিশুৱে নিজ ব্যক্তিত্বৰ প্ৰতি আশা আৰু আত্মপ্ৰত্যয়ৰ সুদৃঢ় মানসিক ভেটি স্থাপন কৰিব পাৰে। সাহস আৰু আত্মবিশ্বাসৰ মানসিক অৱস্থাই শিশুক আনি দিয়ে মুক্ত গতিৰ প্ৰৱণতা। তাৰ অংগ-সঞ্চালন, দেহ-সঞ্চালন তথা নানাবিধ দৈহিক চাল-চলন আৰু আচৰণ আদিত সি অনুভৱ কৰে আত্মপ্ৰকাশ আৰু বিকাশৰ এক স্বতঃস্ফূৰ্ততা। সকলো ব্যক্তি, বস্তু আৰু বিষয়ৰ প্ৰতিয়ে নিৰ্ভয় নিসংকোচভাৱে সান্নিধ্য তথা সন্মুখীন হোৱা আৰু তাৰ লগত ঘনিষ্ঠতা লাভ কৰা সহজ হৈ উঠে। যিকোনো কাম আত্মবিশ্বাসেৰে হাতত ল’বলৈ আৰু মুক্ত গতিৰে পৰিচালনা কৰিবলৈ মানসিক প্ৰস্তুতি লাভ কৰা বাবে নিজৰ অন্তৰ্নিহিত সৃষ্টি প্ৰতিভাৰ উপযুক্ত শিক্ষা আৰু বিকাশৰো সুযোগ পায়। এনে শিশুৱে বহু সময়ত পৰিৱেশৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ক্ষমতাও লাভ কৰে। ফলত পৰাজয় আৰু অকৃতকাৰ্যতাৰ পৰিস্থিতিও সহজভাৱে ল’ব পাৰে আৰু প্ৰকৃত অভিজ্ঞতা লাভৰ বাবে আস্থা আৰু নিষ্ঠাৰে নিজ প্ৰচেষ্টা চলাব পাৰে। অৱশ্যে এইক্ষেত্ৰত শিশুৰ জন্মগত বৌদ্ধিক ক্ষমতাৰো যে এক বিশেষ ভূমিকা আছে তাক নুই কৰিব নোৱাৰি। তথাপিও মৰম-চেনেহৰ আৱেগিক পৰিৱেশে নানাবিধ প্ৰতিকূল অৱস্থাকো সহজভাৱে গ্ৰহণ কৰি সহজাত বৌদ্ধিক ক্ষমতাৰ সম্ভাৱনীয়তাখিনি বিকশাই তোলাত এক বহিঃশক্তি স্বৰূপে কাম কৰে।

মনোবিদসকলে অনুসন্ধানৰ যোগেদি জানিব পাৰিছে যে মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সৰুৰে পৰা শিশু নিকেটনত ডাঙৰ-দীঘল হোৱা শিশু গৃহ পৰিৱেশত মৰমৰ মাজত গঢ়ি উঠা শিশুতকৈ আৱেগিকভাৱে অনুন্নত হৈ ৰয়। তেনে শিশুৱে আনৰ লগত মিলা-মিচা আৰু বন্ধুত্ব স্থাপন কৰাৰ বেলিকা স্বাভাৱিক শিশুতকৈ অধিক অস্বস্তি আৰু সংকোচবোধ কৰে। মাতৃ স্নেহৰ পৰা বঞ্চিত হোৱা শিশুৱে ভাষা বিকাশৰ বেলিকাও অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। ইয়াৰ উপৰিও এনে শিশুৱে ক্ৰমে ডাঙৰ হৈ অহাৰ লগে লগে নিজকে পৰিত্যক্ত আৰু আনৰ অপ্ৰত্যাশিত বুলি ভাবিবলৈ আৰম্ভ কৰে। অনাদৰ, মৰমহীনতা আৰু পৰিৱেশৰ নিষ্ঠৰতাই এনে শিশুৰ অন্তৰ নিৰস, ব্যৰ্থতাময়, বিদ্ৰোহী আৰু প্ৰতিশোধ পৰায়ণ কৰিও তোলে। ফলত ক্ৰমে অপৰাধ প্ৰৱণতাৰ ভাব প্ৰৱল হৈ উঠি সময়ত সকলো অনুশাসনৰেই প্ৰতিবাদ কৰি উঠে। শিশুৰ মনোভাৱ হয় ধ্বংসমুখী আৰু আচৰণ হয় অসামাজিক। ঘৰুৱা পৰিৱেশৰ মৰমহীনতা সেয়েহে অপৰাধ প্ৰৱণতাৰ এক প্ৰধান কাৰণ।

অৱশ্যে সকলো শিশুৱেই মৰমহীনতাৰ বাবে অপৰাধপ্ৰৱণ শিশুত পৰিণত নহয় যদিও সাধাৰণভাৱে এনে অৱস্থাই ব্যক্তিৰ আৱেগিক জীৱন দুৰ্বল আৰু পংগু কৰি পেলায়। মৰমৰ পৰা বঞ্চিত শিশু সাধাৰণতে শংকিত, কুন্ঠিত, বন্ধমনা আৰু অসামাজিক প্ৰকৃতিৰ হৈ উঠে। এওঁলোকৰ ভাৱ-চিন্তা আৰু ক্ৰিয়া-আচৰণ আদিত অন্তৰ্মুখিতা পৰিলক্ষিত হয়। এনে শিশুৱে বহু সময়ত নানাবিধ অপসমাযোজন আৰু মানসিক ৰোগ ভোগ কৰে।

মৰমৰ অসুস্থ প্ৰভাৱঃ

মৰম-আদৰ-যত্নৰ অভাৱত যিদৰে শিশুৰ অনিষ্ট হয়, ইয়াৰ মাত্ৰাধিক্য আৰু অনুচিত প্ৰয়োগে তেনেদৰেই তাৰ ক্ষতিসাধনো কৰে। অতিমাত্ৰাই লালন-পালন লাভ কৰা শিশুৱে আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ আৰু মুক্ত গতিৰ প্ৰৱণতা হেৰুৱায়। কাৰণ এনে শিশুৱে মাক-দেউতাক আৰু আন আন লোকৰ পৰা সকলো সময়তেই আৰু সকলো কথাতে হাক-বচন আৰু নিষেধাজ্ঞা আদি মানি চলিব লাগে। যিকোনো পৰিস্থিতিতে তেওঁলোকে তাৰ ওচৰত থকাটো আৰু সহায়ক হোৱাটো সি বিচাৰে। ফলত প্ৰয়োজনীয় সাহস, স্বাধীনতা আৰু আত্ম-প্ৰত্যয় মনোভাৱৰ অভাৱ হৈ দুৰ্বল ব্যক্তিত পৰিণত হয়। পৰিয়ালৰ অত্যধিক আদৰ-যত্ন লাভ কৰা সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ নুমলীয়া শিশুটিৰ ব্যক্তিগত এই কথা লক্ষ্য কৰিব পাৰি। পৈণত বয়সৰ এনে শিশুৰ আচৰণত আৱেগিক অপৈণতা আৰু নিম্নমান বিশিষ্টতা পৰিলক্ষিত হয়, সি তাৰ সুস্থ সামাজিক সমাযোজনত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

ঈৰ্ষাঃ

শিশুৰ লগত ঘনিষ্ঠ সম্বন্ধ থকা ব্যক্তি মাত্ৰেই তাৰ ঈৰ্ষাত্মক আচৰণৰ বিষয়ে পৰিচিত। ই এবিধ দুখদায়ক আৱেগৰ অনুভূতি যি সচৰাচৰ ক্ৰোধ আৰু বেজাৰৰ যোগেদি অভিব্যক্ত হয়। অৱশ্যে কোন শিশুৱে কেনে পৰিস্থিতিত তাৰ এই ঈৰ্ষা ভাব ক্ৰোধ বা বেজাৰৰ যোগেদি প্ৰকাশ কৰে তাক সঠিককৈ কোৱা টান। কাৰণ ঈৰ্ষাৰ এই আৱেগিক অভিব্যক্তি বহু সময়ত শিশুৰ অস্পষ্ট আৰু অন্তৰ্নিহিত ভাব-অনুভূতিৰ দ্বাৰা পৰিচালিত হয়। শিশুৰ কোনো বাস্তৱিক, কাল্পনিক অথবা কোনো সম্ভাৱ্য সুখ-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ আশংকাই হৈছে এই ঈৰ্ষাত্মক অনুভূতিৰ মূল কাৰণ। এনে অনুভূতি শিশুৰ জন্মগত প্ৰাথমিক অভিজ্ঞতা বুলি ক’ব নোৱাৰি। কাৰণ পৰিৱেশৰ পৰিস্থিতিয়েহে ঘাইকৈ শিশুক ঈৰ্ষা-পৰায়ণ হ’বলৈ শিকায়। শিশুৰ আৱেগিক বিকাশ সম্বন্ধে কৰা মনোবিদ বৃজেচৰ অধ্যয়নতো লক্ষ্য কৰিব পাৰি যে প্ৰায় দুবছৰ বয়সৰ ভিতৰতহে এই ঈৰ্ষাভাৱ তাৰ মনত জাগি উঠে। অন্যান্য আৱেগৰ তুলনাত ঈৰ্ষাভাৱ শিশুৰ মনত পলমকৈ উদয় হোৱাটো মন কৰিবলগীয়া।

শিশুৰ ঈৰ্ষাত্মক আচৰণৰ বৈশিষ্ট্যঃ

ঈৰ্ষাৰ দ্বাৰা প্ৰভাৱিত শিশুৰ আচৰণৰ এক আমোদজনক বিশেষত্ব আছে। ঈৰ্ষান্বিত শিশুৰ আচৰণ কোনো কোনো সময়ত নিজ বয়সৰ তুলনাত নিম্ন পৰ্যায়ৰ হৈ উঠিবও পাৰে। উদাহৰণস্বৰূপে নিজে খোৱ-বস্তু হাতত লৈ খাব পৰা বা কাপোৰ-কানি আদি পিন্ধিব পৰা হ’লেও আনে আবদাৰ কৰি খুৱাই বা পিন্ধাই দিয়াটো সি বিচাৰে। সেইদৰে নিজে খাজকাঢ়ি যাব পৰা হ’লেও আনৰ কোচত সি উঠিবলৈ বিচাৰে। এনে অস্বাভাৱিক আৰু কেঁচুৱাৰ দৰে কৰা আচৰণ প্ৰদৰ্শনৰ যোগেদি সি মাক-দেউতাক আৰু অন্যান্য জনৰ মনোযোগ আকৰ্ষণ আৰু মৰম-চেনেহ পোৱাৰ চেষ্টা কৰে। এনে অপ্ৰকট অভিপ্ৰায়ৰ ফলস্বৰূপে কোনো কোনো শিশুৱে অপ্ৰয়োজনীয় আৰু অহেতুক ভয় কৰাও দেখা যায়। এনে অভিপ্ৰেত মনোভাৱে সেয়েহে বহু সময়ত শিশুৰ ভয়, ক্ৰন্দন, ঠেহ-পেচ আদি বৃদ্ধি কৰি বয়সস্থসকলক বিৰক্ত কৰি তোলে। এনে ধৰণৰ আচৰণ সঘনে প্ৰকাশৰ দ্বাৰা অভ্যস্ত হৈ পৰা শিশুৰ ব্যক্তিত্ব স্বাভাৱিক হৈ উঠিব নোৱাৰে। উল্লেখযোগ্য যে অত্যধিক ঈৰ্ষান্বিত হৈ পৰা শিশু কিছু পৰিমাণে অসুখী আৰু মানসিক অশান্তি ভোগ কৰিব লগাও হয়। ইয়াৰ ফলত তাৰ কেতবোৰ অসুস্থ প্ৰবৃত্তি আৰু আচৰণ গঢ় লৈ উঠে। ইপ্সিতজনৰ মৰম-আদৰ আৰু স্বীকৃতি আদায় কৰিবৰ বাবে মিছা কথা কোৱা, আনৰ লগত প্ৰতিদ্বন্দিতা কৰা অথবা দৈহিকভাৱে আক্ৰমণ কৰাৰ মনোবৃত্তিও এনে শিশুৰ মনত জাগি উঠে। সময়ে সময়ে নিজ অনুভূতি আৰু আচৰণৰো ক্ষিপ্ৰ পৰিৱৰ্তন হয়। সেইবাবে একেজন লোককেই সি কোনো সময়ত ব্যৰ্থ হৈ পৰি দৈহিকভাৱে আঘাত কৰা আৰু আন কোনো কোনো সময়ত অনুগ্ৰহ বিচাৰি সন্তোষজনক ব্যৱহাৰ কৰা এনে শিশুৰ আচৰণত দেখা পোৱা যায়। ঈৰ্ষান্বিত শিশুৰ এনে অস্থিৰ মন আৰু আচৰণৰ প্ৰভাৱ তাৰ পৰৱৰ্তী জীৱনৰ বিভিন্ন পৰিস্থিতিতো পৰিব পাৰে। আনৰ সুখ-আনন্দ সহ্য কৰিব নোৱাৰা হৈ এনে লোকে নিজৰ জীৱন অথবা অসুখী কৰি তোলা আমি সমাজত দেখিবলৈ পাওঁ।

শিশুৰ ঈৰ্ষাৰ কাৰণঃ

শিশু ঈৰ্ষা-পৰায়ণ হৈ উঠাৰ মনোবৈজ্ঞানিক কাৰণবোৰ এইখিনিতেই বিশ্লেষণ কৰি চোৱাটো প্ৰয়োজন। আগেয়ে উল্লেখ কৰা হৈছে যে শিশু ঈৰ্ষান্বিত হোৱাৰ বাবে তাৰ পৰিৱেশ আৰু পৰিস্থিতিয়েই ঘাইকৈ দায়ী। এই কথা আৰু স্পষ্ট কৰিবলৈ গৈ ক’ব পাৰি যে গৃহ পৰিৱেশত শিশুৱে দৈনন্দিন কথা-বতৰা আৰু কাম-কাজ আদিত মাকৰ পৰা পোৱা অনাদৰ আৰু একাধিক শিশুৰ মাজত কৰা বৈষম্যমূলক আচৰণেই বিশেষভাৱে জগৰীয়া। এনে অনাদৰ হয়তো মাকৰ চকুত নপৰিব পাৰে অথবা সচেতনভাৱে তেনে বৈষম্যমূলক আচৰণ মাকৰ দ্বাৰা নহ’বও পাৰে।

এই কথা লক্ষ্য কৰা হয় যে ডাঙৰ পৰিয়ালৰ শিশুতকৈ সৰু পৰিয়ালৰ শিশুৰ মাজত ঈৰ্ষাৰ ভাব অধিক প্ৰৱল হয়। কাৰণ সৰু পৰিয়ালত প্ৰতিটো শিশুকেই মাক-দেউতাকে অধিক মৰম কৰা বাবে সিহঁতৰ মাজত অৰিয়া-অৰি ভাব অধিক পৰিলক্ষিত হয়। আনহাতে ডাঙৰ পৰিয়ালৰ কোনো এটা শিশুৱেই মাক-দেউতাকৰ অধিক মনোযোগ আৰু মৰম-আদৰ লাভ কৰি উঠিব নোৱাৰে। সেইবাবে অধিক মৰম-চেনেহো শিশুৰ ঈৰ্ষাৰ কাৰণ হৈ উঠিব পাৰে। মাকে দ্বিতীয়টি শিশু গৰ্ভধাৰণ কৰাৰ পিছৰে পৰা প্ৰথম শিশুটিৰ প্ৰতি তেওঁ ল’ব লগা আদৰ-যত্নৰ সামান্যভাৱে হ’লেও হীন-দেৰি হোৱাটো স্বাভাৱিক। গৰ্ভৱতী অৱস্থাত প্ৰথম শিশুক মাতৃস্তন দিবলৈ নিবিচৰা, আমনি কৰাৰ অজুহাতত আনে আঁতৰাই নিয়া আদি আচৰণে মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ আশংকা এটি অনুভূতিশীল শিশুৰ মনত জগাই তোলাটো স্বাভাৱিক। দ্বিতীয় সন্তানৰ প্ৰসৱৰ আগে-পিছে যথেষ্ট সময়লৈকে প্ৰথম সন্তানে মাকৰ মৰমৰ পৰা বঞ্চিত হয়। সেইবাবে দ্বিতীয়টি সন্তানেই প্ৰথম সন্তানৰ মনত ঈৰ্ষাৰ বিষয় হৈ উঠে। ইয়াৰ বাবেই সি পূৰ্বে পাই অহা কোনো কোনো সুখ-সুবিধা হেৰুৱাব লগা হয়। সেই হেতুকে মাক-দেউতাকে প্ৰথম সন্তানক দ্বিতীয় সন্তানৰ সমানেই মৰম-চেনেহৰ আশ্বাস দিলেও তাত সি প্ৰত্যয় আৰু আত্ম-তুষ্টি লাভ কৰিব নোৱাৰে।

ইয়াৰ উপৰিও দুয়োটা শিশুৰ মাজত দৈহিক গঠন, গাৰ বৰণ আদি এটাতকৈ আনটোৰ অধিক আকৰ্ষণীয় হ’লে অথবা বেমাৰ-আজাৰ আদিৰ পৰা অধিক মুক্ত আৰু তজবজীয়া অৱস্থাৰ হ’লে দুয়োটা শিশুৰ প্ৰতি মাক-দেউতাক আৰু ঘৰৰ অন্যান্য লোকৰ মৰম-চেনেহৰ কিছু তাৰতম্য নোহোৱাকৈ থাকিব নোৱাৰে। সেইবাবে ক’ব পাৰি যে শিশুৰ গৃহ পৰিৱেশ আৰু তাৰ কেতবোৰ অপৰিহাৰ্য পৰিস্থিতিয়েই বিশেষকৈ শিশুৰ মনত ঈৰ্ষাভাৱৰ সঞ্চাৰ কৰে। মনোবিদ বল্ডউইন আৰু চিৱলে শিশুৰ ঈৰ্ষা সম্বন্ধে কৰা অধ্যয়নত এই বিষয়ে বহুতো নতুন কথাৰ সম্ভেদ পোৱা যায়।

প্ৰতিকাৰৰ ব্যৱস্থাঃ

এই অসুস্থ ঈৰ্ষা অনুভূতি শিশুমনৰ পৰা গুচোৱাটো সহজ সহজ নহয়। ই কিছু পৰিমাণে প্ৰবৃত্যাত্মক। অৱশ্যে গৃহ পৰিৱেশত শিশুৰ এই অসুস্থ ভাব মনত সৃষ্টি কৰিব পৰা পৰিস্থিতি যথাসম্ভৱ এৰাই চলিবলৈ চেষ্টা কৰিব পাৰি। ইয়াৰ বাবে শিশুৰ মনত ঈৰ্ষাভাৱ জগাই তুলিব পৰা ঘৰুৱা পৰিস্থিতিসমূহৰ প্ৰতি মাক-দেউতাক সততেই সজাগ হ’ব লাগে। এইক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সম্বন্ধে ক’ব পাৰি যে প্ৰতিদিনেই তেওঁলোকে প্ৰতিটো শিশুৰ লগত ব্যক্তিগতভাৱে কিছু সময় কটোৱা উচিত। তেওঁলোকে শিশুৰ সূক্ষ্ম অনুভূতিবোৰৰ বুজ ল’বলৈ আৰু তাৰ ভাগ ল’বলৈ চেষ্টা কৰা উচিত, তেহেলৈ এইবোৰ তেওঁলোকৰ বিবেচনাৰে যিমানেই অবাস্তৱ আৰু অযুক্তিকৰ নহওক কিয়। ইয়াৰ দ্বাৰা মাক-দেউতাকৰ মৰম-চেনেহ আৰু আদৰ-যত্নৰ ক্ষেত্ৰত থকা নিৰপেক্ষতা আৰু ব্যক্তিগতভাৱে থকা সহানুভূতিৰ আশ্বাস শিশুক নিশ্চিতভাৱে দিয়াব পাৰি। ঘৰুৱা নিয়ম-শৃংখলা ৰক্ষা আৰু অনুশাসনৰ বেলিকাও তেওঁলোক সাৱধান হোৱা উচিত। প্ৰতিটো শিশুৰ প্ৰতি সুবিচাৰ আৰু একে অনুশাসনৰ ব্যৱহাৰ কৰা উচিত। প্ৰতিটো শিশুৰ প্ৰতি সুবিচাৰ আৰু একে অনুশাসনৰ ব্যৱহাৰ কৰা উচিত যাতে তাত কোনো পক্ষপাতিতাৰ ভাব তাৰ চকুত নপৰে। শিশুৰ ক্ৰিয়া-আচৰণ আদিতো তেওঁলোকে সততে নিষেধাজ্ঞা বা হাক-বচন দিয়াৰ অভ্যাস কমোৱা উচিত। গৃহ অনুশাসন কাৰ্যকৰীকৰণৰ বেলিকা যাতে শিশুৰ মুক্ত গতি আৰু আশা-আকাংক্ষাবোৰ অকাৰণত ক্ষুণ্ণ নহয় তালৈ সূক্ষ্ম দৃষ্টি ৰাখিব পাৰিব লাগে। শিশুৰ অক্ষমতা বা অকৃতকাৰ্যতাক লৈ কৌতুক কৰা, সমালোচনা কৰা অথবা নিৰুৎসাহজনক মন্তব্য আদি দিয়া কাৰ্য পৰিহাৰ কৰিব লাগে। দুয়োটা শিশুৰে ক্ষমতা অক্ষমতা আদি লৈ তুলনামূলকভাৱে আলোচনা কৰা আৰু এটাক আনটোতকৈ উৎকৃষ্ট প্ৰমাণৰ চেষ্টা কৰা কাৰ্য বিশেষ ক্ষতিকাৰক। এইক্ষেত্ৰত মন কৰিবলগীয়া যে দুয়োটা শিশুৰ মাজত হোৱা হাই-কাজিয়াৰ বিবাদ নিষ্পত্তি কৰণৰ বেলিকাও সিহঁতৰ অনুপস্থিতিতহে তাক সম্পন্ন কৰা উচিত। ইয়াৰ উপৰিও মাক-দেউতাকে শিশুক মৰমত দিয়া বিবিধ বস্তুৰ বেলিকাও বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। কাপোৰ-কানি, পোচাক-পৰিচ্ছদ, খেলা-ধূলাৰ বিবিধ সা-সামগ্ৰী আৰু খোৱা বস্তু আদি প্ৰদান কৰোতে সি একেই গুণমান আৰু পৰিমাণবিশিষ্ট হোৱাটোলৈ লক্ষ্য ৰাখিব লাগে। তেনে বস্তু পোৱাৰ পিছত শিশু ব্যক্তিগতভাৱে সন্তুষ্ট হ’ব পাৰিছেনে নাই তাৰ প্ৰতিও চকু ৰাখিব লাগে। উল্লেখযোগ্য যে শিশুৰ দৈনন্দিন জীৱনত হোৱা প্ৰতিটো সৰু-সুৰা ঘটনা আৰু বিষয়েই তাৰ আৱেগিক জীৱনৰ বাবে তাৎপৰ্যপূৰ্ণ হৈ উঠিব পাৰে।

শিশুৰ আৱেগিক প্ৰয়োজনঃ

 

প্ৰতিজন লোকেই নিজ আৱেগিক আচৰণ নিজস্বভাৱে প্ৰদৰ্শন কৰাৰ মূলতেই আছে জন্মগতভাৱে লাভ কৰা কেতবোৰ জৈৱিক প্ৰয়োজন। এনে প্ৰয়োজনৰ তাড়নাই ব্যক্তিবিশেষক পৰিস্থিতি অনুযায়ী ক্ৰিয়া-আচৰণ প্ৰদৰ্শনৰ প্ৰেৰণা যোগায়। মনোবিদ ফ্ৰয়েদেও এনেবোৰ প্ৰয়োজনৰ দ্বাৰা আমাৰ আচৰণসমূহ প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত হোৱা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই জৈৱিক আৰু আৱেগিক প্ৰয়োজনসমূহৰ স্বৰূপ জানি উঠাটো আৰু ইয়াৰ অনুকূলে শিশু গৃহ আৰু শিক্ষা পৰিৱেশ গঢ় দি তোলাটো অতি প্ৰয়োজনীয় কথা। মানৱ শিশুৰ এনে জৈৱিক প্ৰয়োজনবোৰ নানা ধৰণৰ হ’লেও আমাৰ আলোচনাৰ সুবিধাৰ বাবে ইয়াক দৈহিক, মানসিক, সামাজিক আৰু ব্যক্তিগত স্বৰূপে চাৰিটা ভাগ কৰি ল’ব পাৰি।

উল্লেখিত এই চাৰিটা দিশৰ ভিতৰত শিশু তথা যিকোনো লোকৰ বাবেই দৈহিক প্ৰয়োজনৰ গুৰুত্বই হৈছে সৰ্বাধিক। বায়ু, পানী, আহাৰ আদি আমাৰ উশাহ-নিশাহৰ বাবে আৰু ক্ষুধা, তৃষ্ণা আদি নিবাৰণ কৰাৰ বাবে ইমানেই অপৰিহাৰ্য যে এইবোৰৰ অভাৱত জীৱৰ প্ৰাণ ৰক্ষা কৰাই অসম্ভৱ হৈ উঠে। ইয়াৰ উপৰিও আশ্ৰয়স্থল, বিশ্ৰাম, দেহৰ শীত-তাপ নিয়ন্ত্ৰণৰ বাবে পোচাক-পৰিচ্ছদ আদি হৈছে কেতবোৰ আৱশ্যকীয় দৈহিক প্ৰয়োজন। জৈৱিক লালসা পূৰণৰ বাবে যৌন প্ৰয়োজনো কম গুৰুত্বপূৰ্ণ নহয়। অৱশ্যে আমাৰ দৈহিক বিকাশৰ বিভিন্ন স্তৰত এইবিধ প্ৰয়োজনে পৃথকভাৱে ধৰা দিয়ে। এটি শিশুৰ যৌন প্ৰয়োজনৰ লগত প্ৰাপ্তবয়স্ক এজন লোকৰ তুলনা কৰিব পৰা নাযায়। তথাপিও বিকাশৰ বিভিন্ন স্তৰত আত্মপ্ৰকাশ কৰা যৌন প্ৰয়োজন ব্যক্তিৰ জীৱনত কিদৰে পূৰণ হৈছে সি তেওঁৰ আৱেগিক বিকাশৰ বেলিকা বিশেষভাৱে লক্ষণীয়। শিশুৰ দৈহিক প্ৰয়োজনৰ আন এটা দিশ হৈছে অংগ তথা পেশী সঞ্চালন অথবা সহজ অৰ্থত ক্ৰীড়া বা খেলাৰ প্ৰয়োজন। শিশুৰ বাবে খেলা-ধূলাৰ এই দৈহিক প্ৰয়োজন অনস্বীকাৰ্য। খেলাৰ যোগেদিয়ে শিশুৱে পেশী সঞ্চালন ক্ষমতা লাভ কৰি দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজ সমাধান কৰাৰ শাৰীৰিক যোগ্যতা আহৰণ কৰে। প্ৰাণ ৰক্ষাৰ বাবে প্ৰয়োজন হোৱা আহাৰ, বায়ু, পানীৰ পৰা আৰম্ভ কৰি খেলা-ধূলালৈকে শিশুৰ এই দৈহিক প্ৰয়োজনসমূহ যথোচিতভাৱে তাৰ পৰিৱেশে পূৰণ কৰিব পাৰিলেহে সুস্থ আৰু বলিষ্ঠ আৱেগিক জীৱন আশা কৰিব পাৰি। ইয়াৰ অভাৱ হ’লে অথবা শিশুৰ পৰিৱেশ এনেবোৰ দৈহিক প্ৰয়োজন পূৰণৰ প্ৰতিকূলমুখী হৈ উঠিলে সি তাৰ মানসিক আৰু আৱেগিক জীৱন ৰোগগ্ৰস্ত কৰি তুলিব পাৰে।

মানসিক প্ৰয়োজনৰ দিশৰ পৰা শিশুৰ বৌদ্ধিক বিকাশৰ প্ৰয়োজন বিশেষভাৱে লক্ষণীয়। এইবিধ প্ৰয়োজনৰ অভাৱত শিশুৰ প্ৰবৃত্তি সাধাৰণতে কৌতূহল পৰায়ণ হৈ উঠে। এটা সময়ত কৌতূহলী মনে আৱেগৰ উত্তেজনা অনুভৱ কৰি হকে-বিহকে নানাবিধ প্ৰশ্নৰ অৱতাৰণা কৰে। নিচেই সামান্য পৰিমাণৰ হ’লেও তাৰ বুদ্ধি-বৃত্তি, জ্ঞান-ধাৰণা আদি প্ৰয়োগ কৰি দেখুৱাবৰ বাবে শিশু এই সময়ত চঞ্চল হৈ উঠে। ভাষা-জ্ঞানৰ সীমিত অভিজ্ঞতা আৰু হাত-ভৰি পেশী সঞ্চালনৰ ক্ষমতা আহৰণ কৰা হেতুকে শিশুৱে এই সময়ত নিজৰ বৌদ্ধিক প্ৰয়োজন পূৰণৰ বাবে অবাঞ্চনীয় কথা আৰু কাম কৰি দেখুৱাৰ প্ৰৱণতাও পৰিলক্ষিত হয়।

জন্মৰ পিছৰ নিচেই চালুকীয়া অৱস্থাত শিশুৰ প্ৰয়োজন দৈহিক সুখ-সম্ভোগৰ মাজতেই বিশেষভাৱে আৱদ্ধ হৈ থাকিলেও ক্ৰমবিকাশৰ লগে লগে তাৰ দৈহিক প্ৰয়োজন সমাজমুখী হ’বলৈ ধৰে। মাক-দেউতাকে তাৰ সকলো দৈহিক সুখ-সম্ভোগৰ যোগান ধৰি ঘনিষ্ঠতা লাভ কৰাৰ ফলত তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ উঠাটো স্বাভাৱিক। ক্ৰমান্বয়ে এনে আকৰ্ষণ, আদান-প্ৰদান তথা বুজা-পৰাৰ সম্বন্ধ পৰিয়ালৰ অন্যান্য লোকৰ প্ৰতিও গঢ় লৈ উঠে। ফলত আনৰ মৰম-আদৰ, ভালপোৱা আদিৰ সামাজিক প্ৰয়োজন শিশুৱে অনুভৱ কৰিবলৈ ধৰে। এনে আৱেগিক অভিজ্ঞতাই তাক কৰি তোলে সংগপ্ৰিয় আৰু বন্ধু-ভাৱাপন্ন। আনৰ লগত উমলিবলৈ, কাম কৰিবলৈ, খেলিবলৈ আৰু ফুৰিবলৈ সি লগ বিচাৰে। অৱশ্যে এই সময়ত সি লগ বিচাৰিবলৈ যাওঁতে নিজৰ সমনীয়া আৰু বয়সীয়া লোকৰ মাজত পাৰ্থক্য বিবেচনা নকৰে। সামাজিক দিশত এনে আৱেগিক প্ৰস্তুতিয়ে শিশুক অনুকৰণশীল আৰু সহযোগিতাপূৰ্ণ মনোভাৱৰ হ’বলৈ শিকায়। আনহাতে পৰিয়ালৰ মাজত মৰম-চেনেহৰ অভাৱ হ’লে সি নিজকে অপ্ৰত্যাশিত আৰু অৱহেলিত বুলি ভাবিবলৈ ধৰে।

শিশুৰ কেতবোৰ ব্যক্তিগত মানসিক প্ৰয়োজন আছে, যি ব্যক্তিত্ব বিকাশৰ বাবে সামাজিক প্ৰয়োজনবোৰতকৈও অধিক গুৰুত্বপূৰ্ণ। ব্যক্তি-স্বাধীনতা, আত্ম-সন্মান, আত্ম-মৰ্যাদা, স্বীকৃতি, প্ৰশংসা, দায়িত্ব আৰু নিৰাপত্তা আদি বিষয়ৰ প্ৰয়োজন অনুভৱ কৰে। ইয়াৰ পূৰণৰ ওপৰতেই তাৰ সুস্থ-সবল মানসিক জীৱন আৰু ব্যক্তিত্ব নিৰ্ভৰ কৰে। বয়সস্থসকলৰ চকুত শিশু বহু ক্ষেত্ৰত অনুপযুক্ত বুলি বিবেচিত হ’লেও সি তাৰ নিজৰ বিচাৰ-বিবেচনাৰে কেতিয়াও নিজক হেয়জ্ঞান কৰিবলৈ নিবিচাৰে। বৰং তাৰ প্ৰাপ্য মান-সন্মান, স্বাধীনতা, স্বীকৃতি আদিৰ প্ৰতি সি সদায় সচেতন আৰু অভিলাসী হয়। ঘৰুৱা আৰু শিক্ষা পৰিৱেশৰ মাজত সি বিচাৰে দায়িত্বশীল ব্যক্তিত্বৰ আশ্বাস, ক্ৰিয়া সম্পাদনৰ বাবে ব্যক্তি-স্বাধীনতা আৰু কৃতকাৰ্যতাৰ বাবে আনৰ স্বীকৃতি আৰু প্ৰশংসা। এনেবোৰ আত্ম-প্ৰয়োজনৰ পূৰণে শিশুৰ মনত আত্ম-প্ৰত্যয় আৰু আত্মবিশ্বাসৰ ভাব সুদৃঢ় কৰে। ইয়াৰ অন্যথাই শিশুক ভীৰু, নিৰাশাবাদী, নিৰুৎসাহী আৰু হীনাত্মিকা মনোভাৱৰ কৰি তোলে। নিজ মনৰ দৃঢ়তা আৰু আত্ম-বিলোপনৰ অসুস্থ মনোভাৱ আৰু তাৰ আনুষংগিক আচৰণ। এনেবোৰ পৰিণতি যথাসম্ভৱ এৰাই চলি শিশুৰ ব্যক্তিগত আৱেগিক জীৱনৰ প্ৰয়োজনবোৰ সুস্থ আৰু গঠণাত্মকভাৱে পূৰণ কৰিব পৰাকৈ আধুনিক শিশু-শিক্ষা গঢ় দি তোলাৰ চেষ্টা কৰা হৈছে।

শিশুৰ আৱেগিক অস্বাভাৱিকতাঃ

শিশুৱে জন্মৰ পিছৰে পৰা তাৰ দেহ-মানসিক প্ৰয়োজনবোৰ পূৰণৰ বাবে পৰিৱেশৰ লগত বিৰামহীনভাৱে যুঁজ দিব লগা হয়। ইয়াৰ পৰিণাম স্বৰূপে সুস্থ বা অসুস্থভাৱে নিজকে বাস্তৱ পৰিস্থিতিৰ লগত সংস্থাপন, সংগতি সাধন অথবা সমাযোজন কৰি ল’ব লাগে। অৱশ্যে এনে কাৰ্যত সম্পূৰ্ণ সুস্থতা আৰু সুখদায়ক অৱস্থা এটা লাভ কৰাটো সকলোৰে কাম্য হ’লেও ব্যক্তিৰ জীৱনত সি শতকৰা এশ ভাগেই লাভ হোৱাটো কেতিয়াও সম্ভৱ হৈ নুঠেগৈ। জীৱনৰ খলা-বমাবোৰে এহাতে আমাৰ আশা-আদৰ্শ প্ৰয়োজনবোৰ আৰু আনহাতে বাস্তৱৰ প্ৰাপ্তি তথা উপলব্ধিবোৰৰ মাজত ব্যৱধানৰ মাত্ৰা টানে। সেইবাবে কম-বেছি পৰিমাণে সকলো লোকেই মোহভংগ হৈ হতাশা, নিৰাশা, ব্যৰ্থতা, সংঘাত আৰু সংঘৰ্ষৰ সন্মুখীন হ’ব লাগে। দেখাত অতি গুৰুত্বপূৰ্ণ যেন লাগিলেও প্ৰকৃতপক্ষে প্ৰতিজন লোকৰ দৈনন্দিন জীৱনত ঘটা ই এক সাধাৰণ ঘটনা। ইয়াৰ মাজেদিয়ে আমি সচেতন বা অচেতনভাৱে নিজক পৰিস্থিতিৰ লগত সমাযোজন কৰি আহিছো। এই সমাযোজন প্ৰক্ৰিয়াকেই সমাজৰ লোকৰ বিবেচনাৰে স্বাভাৱিক তথা অস্বাভাৱিক বুলি কোৱা হয়।

কোনো আৱেগিক পৰিস্থিতিত ব্যক্তিয়ে কৰা প্ৰতিক্ৰিয়া বা আচৰণ অপ্ৰত্যাশিত হ’লে অথবা প্ৰকাশ লাভৰ ব্যতিক্ৰম হোৱা দেখিলে তাক আৱেগিক অস্বাভাৱিকতা বুলি কোৱা হয়। অৱশ্যে এনে অস্বাভাৱিকতাৰ স্বৰূপ নিশ্চয়কৈ জানিবৰ বাবে বিজ্ঞানসন্মত পদ্ধতিৰে তেনে কোনো সুস্পষ্ট নিয়ম বা সূত্ৰ পাব পৰা নাযায়। এই কাৰ্য বহু পৰিমাণে তুলনামূলক অধ্যয়নৰ পৰাহে স্থিৰ কৰিব পাৰি। ঘৰুৱা পৰিৱেশ, শিক্ষা পৰিৱেশ, খেলা-ধূলা আৰু অন্যান্য সামাজিক পৰিৱেশৰ ভিন ভিন পৰিস্থিতিত শিশুৱে নিজকে সংস্থাপন আৰু সমাযোজন স্থাপন কৰাৰ বেলিকা যি অনিয়ম, ব্যতিক্ৰম অথবা অস্বাভাৱিক আচৰণ আমাৰ চকুত পৰে তাৰ পৰাই এই বিষয়ে অধ্যয়ন কৰিব পৰা যায়।

এনে অধ্যয়নৰ ক্ষেত্ৰত মনোবিজ্ঞানীসকলে শিশুৰ আৱেগিক অস্বাভাৱিকতাৰ কেতবোৰ দৰ্শনীয় বিশেষত্ব বা লক্ষণ আমাৰ আগত দাঙি ধৰিছে। মনোবিদ ডিংকমেয়াৰৰ মতে, অসুস্থভাৱে আৱেগিক সমাযোজন কৰা শিশুৰ কেতবোৰ সাধাৰণ লক্ষণ হৈছে এনে ধৰণৰ-

(১) শিক্ষা আহৰণত বাধাৰ সন্মুখীন।

(২) শব্দ উচ্চাৰণৰ সমস্যা।

(৩) অত্যধিক দিবাস্বপ্ন।

(৪) অত্যধিক অনুভূতি-পৰায়ণতা।

(৫) বয়সস্থসকলৰ ওপৰত অতিশয় নিৰ্ভৰশীলতা।

(৬) শ্ৰেণীৰ সমূহীয়া প্ৰয়োজনৰ পূৰণৰ সংকোচবোধ।

(৭) অত্যন্ত মেজাজ।

(৮) অতি আক্ৰমণাত্মক আচৰণ।

(৯) অত্যধিক অভদ্ৰতা।

(১০) পেশী-স্পন্দন।

(১১) ক্ৰন্দন আৰু

(১২) দল প্ৰত্যাহাৰ।

সাধাৰণ লোকেও এনেবোৰ লক্ষণযুক্ত শিশুৰ আৱেগিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ স্বৰূপ বুজি উঠাটো বিশেষ টান নহয়।

আৱেগিক অস্বাভাৱিকতাৰ বিভিন্ন প্ৰকাৰঃ

শিশুৱে আৱেগিক অস্বাভাৱিকতাত ভোগাৰ ফলস্বৰূপে প্ৰদৰ্শিত হোৱা লক্ষণসমূহ নিৰীক্ষণ কৰিলে তাৰ কেবাটাও বিভাগ আমাৰ চকুত পৰে। এইসমূহ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) মনো-স্নায়ৱিক আচৰণঃ

এইবিধ আচৰণ মূলতেই শিশুৰ মাক-দেউতাকৰ লগত গঢ়ি উঠা অসুস্থ সম্বন্ধৰ পৰা সৃষ্টি হয়। শিশুৰ প্ৰয়োজনৰ পূৰণত ব্যৰ্থ হোৱা অসুস্থ গৃহ পৰিৱেশেই শিশুৰ আচৰণত এইবিধ অস্বাভাৱিকতাৰ জন্ম দিয়ে। ইয়াৰ পৰিণতি স্বৰূপে যুক্তিহীন অথবা অহেতুক ভয় শিশুৱে কোনো বস্তু, ব্যক্তি, ক্ৰিয়া অথবা পৰিস্থিতিৰ প্ৰতি প্ৰদৰ্শন কৰিব পাৰে। তাৰ মানসিক নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰ অৱস্থাই হয়তো কোনো ওখ ঠাইৰ পৰা পৰাৰ ভয়ত পৰিণত হ’বগৈ পাৰে। শিশুৰ অচেতন মনৰ অপূৰণ ইচ্ছাই সৃষ্টি কৰা পীড়ণৰ পৰা নিজক ৰক্ষা কৰাৰো ই প্ৰচেষ্টা বুলিব পাৰি। অস্বাভাৱিক পাহৰণি হৈছে এবিধ মানসিক বিকৃতি যাৰ দ্বাৰা ব্যক্তিৰ নিজৰ সম্বন্ধে সচেতনতাৰ ভাব অৱদমন কৰি মনৰ পৰা পাহৰাই ৰখাৰ চেষ্টা চলোৱা হয়। অহেতুক চিন্তা হৈছে এবিধ অস্বাভাৱিক লক্ষণ যাৰ দ্বাৰা কোনো কথা বা বিষয়ক সচেতন মনত অনাৱশ্যকভাৱে প্ৰাধান্য দিয়া হয়। ইয়াৰ ফলত ব্যক্তিমনৰ চিন্তা অনাৱশ্যকভাৱে পীড়িত হয়। অহেতুকভাৱে কোনো কথা বা কামৰ প্ৰয়োজনীয়তা অধিকভাৱে অনুভৱ কৰাটো আন এবিধ অস্বাভাৱিক লক্ষণ। একেখিনি বস্তুকে বাৰে বাৰে হিচাপ কৰা, সঘনে হাত-ভৰি ধুই থকা অথবা সাজ-পাৰ পিন্ধা আৰু খোলা আদি কাৰ্য এনেবিধ অস্বাভাৱিকতাৰ ভিতৰত ধৰিব পাৰি। ভগ্নোদ্যম হৈছে এবিধ লক্ষণ যি হীনাত্মিকা মনোভাৱ আৰু আনৰ প্ৰতি থকা ভয়ৰ পৰা উদ্ভৱ হয়। এনে শিশুৱে কোনো কথাতে বিশেষ মনোযোগ দিব নোৱাৰে আৰু তাৰ দৈহিক অংগ-সঞ্চালন ৰীতিও অধিক মন্থৰ হয়। উদ্বেগ আন এবিধ অস্বাভাৱিক অনুভূতি বা উৎকণ্ঠা যাৰ বাস্তৱ ক্ষেত্ৰত কোনো বিশেষ কাৰণ বা হেতু নাথাকে। এনেলোকে ভৱিষ্যতৰ অনিশ্চয়তা অথবা অতীতৰ ভুলক লৈ অনাৱশ্যক উৎকণ্ঠা প্ৰকাশ কৰে। পৰিৱেশৰ পৰিস্থিতিয়ে কোনো ভীতি প্ৰদৰ্শন কৰাৰ সম্ভাৱনাক অচেতন মনত ঠাই দিয়াৰ ফলতেই ব্যক্তিৰ এনে প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। ইয়াৰ উপৰিও অত্যধিক ক্ৰোধৰ উত্তেজনা অনুভৱ কৰা, অত্যধিক ভাগৰ লগা, অনিশ্চিতভাৱে মূৰ কামোৰা অথবা অকাৰণতেই শৰীৰৰ কোনো অংশৰ বিষ উঠা, পেট বিষোৱা, খোৱাবস্তু হজম নোহোৱা আদি নানাবিধ মানসিক আৰু স্নায়ৱিক অস্বাভাৱিকতাৰ লক্ষণ মনোবিদসকলে ঠাৱৰ কৰিছে।

(২) মনো-সঞ্চালনমূলক আচৰণঃ

অস্বাভাৱিকতাৰ আন এবিধ লক্ষণ ব্যক্তিৰ অভ্যাসত পৰিণত হোৱা অসুস্থ দৈহিক আচৰণ-সম্বন্ধীয়। তাৰ ভিতৰত পেশী স্পন্দন, আঙুলি চোপা, নখ কামোৰা, ওঁঠ চেলেকা, মিছা কথা কোৱা, চুৰ কৰা, কৰ্তব্যৰ পৰা পলায়ন কৰা আদি আচৰণ উল্লেখযোগ্য। মনোবিদসকলৰ মতে, পেশী স্পন্দনৰ যোগেদি মনৰ অৱদমিত উত্তেজনা পৰোক্ষভাৱে উপশম কৰাত ই সহায় কৰে। আঙুলি চোপা, নখ কামোৰা আদি কাৰ্য বিবিধ আৱেগিক সমস্যাৰ দ্বাৰা পীড়িত মনৰ পৰিচায়ক, যি ব্যক্তিমনৰ আৱেগৰ উপশম কৰাত সহায় কৰে। মিছা কথা কোৱা, চুৰ কৰা আৰু কৰ্তব্যৰ পৰা পলায়ন কৰা কাৰ্যৰ যোগেদি ব্যক্তিয়ে নিজ মনৰ বিদ্ৰোহ, শত্ৰুতা ভাব আৰু অসহযোগিতাৰ মনোভাৱ আদি নিজৰ অজ্ঞাতেই প্ৰকাশ কৰে। কোনো কোনো ক্ষেত্ৰত অসুস্থ ফল লাভৰ পৰা নিজকে সাময়িকভাৱে ৰক্ষা কৰাৰ অভিপ্ৰায়েও এনেবোৰ আচৰণ প্ৰদৰ্শনৰ প্ৰতি উদ্যত কৰে।

(৩) মনো-সামাজিক আচৰণঃ

অসুস্থ আৱেগিকতাৰ কেতবোৰ লক্ষণ ব্যক্তিৰ অসামাজিক আচৰণ আৰু মনোভাৱ সম্বন্ধীয়। এনে লোকে সমাজৰ লগত নিজকে সুস্থভাৱে সমাযোজন কৰাত অপাৰগ হয়। ফলত নিজ আচৰণৰ বিসংগতি বিভিন্ন পৰিস্থিতিত প্ৰকাশ পায়। সমাজ বা দল ভাল নোপোৱা, সমাজত থাকিও অকলশৰীয়া অনুভৱ কৰা, আনৰ লগত সহজে বন্ধুত্ব স্থাপন কৰিব নোৱাৰা, আনৰ প্ৰতিক্ৰিয়া বা মন্তব্য সহজভাৱে ল’ব নোৱাৰা, উপস্থিত সুযোগৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰা, অত্যধিক ভয়, লাজ আৰু সংকোচবোধ কৰা আদি লক্ষণৰ দ্বাৰা এনে ব্যক্তিয়ে অসামাজিকতা আৰু সমাজৰ অনুপযুক্ততাকেই প্ৰতিপন্ন কৰে। এনেবোৰ লক্ষণ প্ৰাপ্তবয়স্ক কালত সমাজৰ সান্নিধ্য লাভৰ ফলস্বৰূপেহে অধিক স্পষ্ট হৈ উঠে যদিও শৈশৱ কালতেই শিশু-ব্যক্তিত্ব আৰু আচৰণ ই প্ৰভাৱিত কৰিব পাৰে।

(৪) শিক্ষণৰ বাধাগ্ৰস্ততাঃ

আৱেগিক অস্বাভাৱিকতাত ভোগা শিশুৰ আন এবিধ সচৰাচৰ দেখা পোৱা লক্ষণ হৈছে শিক্ষা আহৰণত বাধাগ্ৰস্ততা। শিক্ষা আহৰণত বাধাপ্ৰাপ্ত হোৱা লক্ষণবোৰৰ ভিতৰত কিতাপৰ পাঠ ঘেঁহাই পঢ়া, শব্দ-যোটনি কৰিব নোৱাৰা, বুজিব নোৱাৰাকৈ হাতৰ আখৰ লিখা আৰু অংক কৰিবলৈ টান পোৱা স্বভাৱসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি। শিশুৱে অসুস্থ গৃহ পৰিৱেশত গঢ়ি তোলা অসুস্থ আৱেগিক প্ৰতিক্ৰিয়া স্কুলৰ পাঠদান কালত নিজৰ অজ্ঞাতেই প্ৰতিফলিত হয়। শব্দ উচ্চাৰণ আৰু পাঠদানৰ বেলিকা অসিবিধাৰ সন্মুখীন হোৱা ল’ৰাৰ সংখ্যা ছোৱালীতকৈ যথেষ্ট অধিক হয়। হাতৰ আখৰৰ বেলিকা আখৰৰ অস্বাভাৱিকতা আৰু কেতিয়াবা ওলোটাকৈও আখৰ লিখা স্বভাৱ মন কৰিবলগীয়া। লিখনিৰ এনেবোৰ অস্বাভাৱিকতাৰ কাৰণস্বৰূপে ক’ব পাৰি যে মনৰ কেতবোৰ আৱেগিক উত্তেজনা অজানিতভাৱেই ব্যক্তিৰ গতি-সঞ্চালন ক্ৰিয়াৰ দ্বাৰা পৰিচালিত হোৱা লিখনিত প্ৰকাশ পোৱাটো সম্ভৱপৰ। অংক কৰাৰ বেলিকাও দেখা যায় যে অস্থিৰতাত ভোগা শিশুৱে অংকৰ সমস্যা সমাধানত স্থিৰ মনোযোগ দিব আৰু শুদ্ধ চিন্তা কৰিব নোৱাৰে। এনে অৱস্থাত শিক্ষকৰ আচৰণ যদি আৱেগিক উত্তেজনাপূৰ্ণ আৰু ভীতি-প্ৰদৰ্শনমূলক হয় তেন্তে অৱস্থাৰ অধিক অৱনতি ঘটে। অংকৰ জটিল সমস্যা আৰু শিক্ষকৰ অসুস্থ আচৰণে এনে শিশুক অধিক উত্তেজিত আৰু ভীতি-সন্ত্ৰস্ত কৰি তোলে।

(৫) কথনৰ বাধাগ্ৰস্ততাঃ

কথা কোৱাৰ বেলিকা বাধাগ্ৰস্ত হোৱা শিশুৰ আৱেগিক অস্বাভাৱিকতাৰ আন এবিধ পৰিচিত লক্ষণ। কথা কোৱাটো হৈছে ব্যক্তিমনৰ ভাব-অনুভূতি মৌখিকভাৱে প্ৰকাশৰ মাধ্যম। সেইবাবে মনৰ আৱেগিক উত্তেজনা প্ৰকাশভংগীৰ ধৰণ আৰু প্ৰয়োগৰ যোগেদি ব্যক্ত হোৱাটো স্বাভাৱিক। এই কথা কোৱাৰ বাধাগ্ৰস্ততাৰ বেলিকাও আকৌ বিভিন্ন লক্ষণ দেখা পোৱা যায়। তাৰ ভিতৰত কথা কওঁতে কেতবোৰ বিশেষ শব্দ মুখত লাগি ধৰা আৰু কেতিয়াবা তাৰ উচ্চাৰণ কৰিব নোৱাৰা হৈ উত্তেজিত হৈ উঠা অৱস্থা মন কৰিবলগীয়া। এনেবোৰ বাক-অক্ষমতাৰ কাৰণ বহুতো নিৰ্ণয় কৰা হৈছে। তাৰ ভিতৰত আৱেগিক দিশত মাক-দেউতাকৰ লগত গঢ়ি উঠা শিশুৰ অসুস্থ সম্বন্ধ, ক্ৰোধ আৰু আক্ৰমণাত্মক মনোভাৱ প্ৰকাশৰ বাধাগ্ৰস্ততা আদি বিশেষভাৱে উল্লেখ কৰিব পাৰি।

(৬) নিদ্ৰাৰ বাধাগ্ৰস্ততাঃ

আৱেগিক অসুস্থতাত ভোগা শিশুৰ শেষ লক্ষণ হৈছে নিদ্ৰাকালৰ অশান্তি অনুভৱ কৰাটো। এনেবিধ অশান্তি পৰিয়ালৰ সকলো লোকৰেই কম-বেছি পৰিমাণে পৰিচিত। শিশুৱে নিদ্ৰিত অৱস্থাত সৰুপানী চোৱা, ভয়ংকৰ সপোন দেখা, সপোনত উচুপি, চিঞৰি কান্দি অথবা ঘামি-জামি সাৰ পাই উঠা, সপোনতে বিছনাৰ পৰা উঠি খোজ কঢ়া আদি অস্বাভাৱিক ক্ৰিয়া এই নিদ্ৰাকালৰ অশান্তিৰ অন্তৰ্ভুক্ত কৰিব পাৰি। নিদ্ৰিত অৱস্থাত সৰুপানী চোৱা কাৰ্য শিশুৰ যথেষ্ট বয়সলৈকে পৰিলক্ষিত হয়। এনে অস্বাভাৱিক ক্ৰিয়াৰ ক্ষেত্ৰত ছোৱালীতকৈ ল’ৰাৰ সংখ্যা অধিক। এই আচৰণৰ কিছু দেহ-ৰাসায়নিক প্ৰয়োজনীয়তা থাকিলেও প্ৰধানকৈ ই আৱেগিক কাৰণজনিত বুলিহে মনোবিদসকলে মত প্ৰকাশ কৰে। অত্যধিক আৱেগিক উত্তেজনাৰ উপশম অথবা অসুস্থভাৱে যৌন তৃপ্তি লাভৰ বাবে শিশুৱে অচেতন অৱস্থাত টোপনিত এনে অসুস্থ আচৰণ কৰে। সপোনৰ বিষয়ে মনোবিশ্লেষণকাৰীসকলে বিস্তৃত আৱেগিক কাৰণ ব্যাখ্যা কৰিছে। এনেবোৰ ব্যাখ্যাৰ ভিতৰত ব্যক্তিৰ আৱেগিক জীৱনৰ অপূৰণ হৈ ৰোৱা দেহ-মানসিক প্ৰয়োজনসমূহৰ ভূমিকাই অধিক বুলি ক’ব পাৰি। অৱশ্যে সপোনত বিছনাৰ পৰা উঠি খোজ কঢ়া কাৰ্য কৈশোৰ অৱস্থাতহে সাধাৰণতে পৰিলক্ষিত হয়। সপোনৰ উপাদানক কাৰ্যকৰী ৰূপ দিয়াৰেই ই এক অজ্ঞান প্ৰচেষ্টা বুলি কোৱা হয়।

ওপৰত উল্লেখ কৰা আৱেগৰ এই অস্বাভাৱিক প্ৰতিক্ৰিয়াসমূহৰ চমু অধ্যয়নৰ পৰা সহজে অনুমান কৰিব পাৰি শিশুৰ আৱেগিক জীৱন কেনে ঠুনুকা, প্ৰভাৱশালী আৰু ব্যাপকতাপূৰ্ণ। ইয়াৰ বাবে মাক-দেউতাকৰ মৰম-চেনেহৰ বান্ধোনত ডাঙৰ-দীঘল হোৱা শিশুৰ গৃহ পৰিৱেশেই যে বিশেষভাৱে দায়ী তাক পুনৰ দোহাৰিবৰ প্ৰয়োজন নাই। এই কথাৰ গভীৰ উপলব্ধিৰে তেওঁলোকে গৃহ পৰিৱেশ যথাসম্ভৱ শিশুৰ আৱেগিক প্ৰয়োজনৰ পূৰণৰ অনুকূলে গঢ় দি তোলাই হৈছে ইয়াৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা।

শিশুৰ আৱেগিক বিকাশৰ প্ৰতি ল’ব লগা সাৱধানতাঃ

শিশুৰ আৱেগিক জীৱন যেনে বৈচিত্ৰ্যপূৰ্ণ তাৰ পৰৱৰ্তী জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱো তেনেই গুৰুত্বপূৰ্ণ। ব্যক্তিত্বৰ ওপৰত পৰা আৱেগৰ এই ব্যাপকতাৰ প্ৰভাৱ মাথো উপলব্ধিহে কৰিব পাৰি, ইয়াৰ স্পষ্ট ব্যাখ্যা আৰু বিশ্লেষণ কৰাটো সহজ কথা নহয়। এনে উপলব্ধিৰ বাবেও শিশুৰ লগত নিকট সম্বন্ধ স্থাপনৰ যোগে বাস্তৱ অভিজ্ঞতা লাভ কৰাটো আৰু সূক্ষ্ম দৃষ্টিৰে শিশুসুলভ অনুভূতিবোৰ বিশ্লেষণ কৰিব পৰা ক্ষমতাৰ প্ৰয়োজন। অৱশ্যে এইক্ষেত্ৰত সকলো পিতৃ-মাতৃৰেই এনে যোগ্যতা থকাটো আশা কৰিব নোৱাৰি। আনকি এনে যোগ্যতাসম্পন্ন লোকেও ব্যক্তিগতভাৱে নিজ আৱেগ-অনুভূতিৰ বশৱৰ্তী হোৱা বাবে শিশুৰ লগত হোৱা আৱেগিক পৰিস্থিতিসমূহত স্থিৰ ভাৱে তাৰ বিচাৰ-বিবেচনা কৰাটো কঠিন হৈ পৰে। অৱশ্যে আৱেগৰ ক্ষেত্ৰত শিশুৰ প্ৰতি ল’ব লগা সাৱধানতাৰ প্ৰয়োজনীয় জ্ঞান আৰু অভিজ্ঞতাই এই বিষয়ত তেওঁলোকক কিছু পৰিমাণে হ’লেও প্ৰভাৱিত নকৰাকৈ নাথাকে। শিশুমনৰ আৱেগ সম্বন্ধে থকা সূক্ষ্ম দৃষ্টিয়ে আৱেগমুক্ত অৱস্থাত তেওঁলোকক গোটেই বিষয়টো সামগ্ৰিকভাৱে অন্তৰ্দৰ্শন কৰাত আৰু এই সম্বন্ধীয় সমস্যাৰ আঁট বিচাৰি চোৱাত বিশেষ সহায়ক হ’ব পাৰে। শিশুৰ আৱেগৰ সমস্যা আৰু জটিলতা সৃষ্টি কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ কথা ভবাতকৈ তেনে সমস্যা যাতে সৃষ্টি হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰাটোহে নিশ্চয় প্ৰশংসনীয়। এই দিশত কেইটামান বিশেষ প্ৰয়োজনীয় কথা তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) শিশুৰ আৱেগিক বিকাশ এটা একান্ত ব্যক্তিগত বিষয়। কোনো এক শিশুৰ আৱেগিক অৱস্থা, বিভিন্ন পৰিস্থিতিত সি কৰিব পৰা সম্ভাৱ্য প্ৰতিক্ৰিয়া আদিৰ এক স্বকীয় বৈশিষ্ট্য আছে। এনে প্ৰতিক্ৰিয়া ঘাইকৈ নিৰ্ভৰ কৰে তাৰ অতীত অভিজ্ঞতাৰ মাত্ৰা, বৰ্তমানৰ দেহ-মানসিক অৱস্থা আৰু ব্যক্তিগতভাৱে পৰিস্থিতি সাপেক্ষে আৱেগিক নিৰাপত্তাৰ ভাব অনুভৱ কৰাৰ ওপৰত। সেইবাবে প্ৰতিটো শিশুৰ আৱেগিক আচৰণ অথবা আৱেগৰ প্ৰকাশ উল্লেখিত বিষয়সমূহৰ স্বকীয় প্ৰভাৱৰ দৃষ্টিকোণৰ পৰাহে বিচাৰ-বিবেচনা কৰা উচিত। আৱেগৰ কোনো সাধাৰণ মানদণ্ড বা আদৰ্শৰ যোগেদি তাক বিচাৰ কৰিব নোৱাৰি।

(২) আৱেগৰ ওপৰত পৰিৱেশৰ এক স্পষ্ট প্ৰভাৱ পৰে। প্ৰতিক্ৰিয়াশীল জীৱ মাত্ৰেই তাৰ আৱেগ-অনুভূতি আদি পৰিৱেশ সুস্থ-অসুস্থ প্ৰভাৱৰ দ্বাৰা পৰিচালিত, নিয়ন্ত্ৰিত আৰু সমাযোজিত হয়। সেই হেতুকে শিশুৰ সুস্থ আৱেগিক বিকাশৰ বাবে সুস্থ আৰু অনুকূল গৃহ পৰিৱেশৰ প্ৰতি সততে লক্ষ্য ৰখাটো বিশেষ প্ৰয়োজন। কোনো কাৰণতেই যাতে দীৰ্ঘদিনৰ বাবে অসুস্থ আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নহয় তাৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগে। গৃহ পৰিৱেশত শিশুৰ অৱস্থা সুখদায়ক আৰু সন্তোষজনক কৰিব পৰাটো মাক-দেউতাকৰ বিশেষ বিচাৰ্য্য বিষয়।

(৩) শিশুৰ দেহ-মানসিক প্ৰয়োজনসমূহৰ স্বাভাৱিক পূৰণৰ ওপৰতেই তাৰ সুস্থ আৱেগিক জীৱন ঘাইকৈ নিৰ্ভৰ কৰে। দেহ-মনৰ নিকট সম্বন্ধ আছে আৰু আৱেগৰ ওপৰত ইয়াৰ যুটীয়া প্ৰভাৱ পৰে। শিশুৰ লালন-পালনৰ বেলিকা সেইবাবে মাক-দেউতাক আৰু শিশু যতনকাৰীসকলে তাৰ দেহ-মনৰ বিভিন্ন প্ৰয়োজনসমূহ সংযত আৰু যথোচিতভাৱে পূৰণ কৰি সুস্থ আৱেগিক বিকাশত সহায় কৰিব লাগে। মন কৰিবলগীয়া যে দেহ-মানসিক প্ৰয়োজন পূৰণৰ ব্যৰ্থতাই এই সম্বন্ধীয় সকলো সমস্যাৰ সৃষ্টি কৰি ব্যক্তিত্বৰ বিসংগতি আনি দিয়ে।

(৪) মানসিক প্ৰয়োজনসমূহৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে শিশুৰ আৱেগিক নিৰাপত্তা আৰু আত্ম-প্ৰকাশৰ স্বাধীনতা। পৰিয়ালৰ মাজত এনে নিৰাপত্তা আৰু স্বাধীনতা অনুভৱ কৰিব নোৱাৰা শিশুৰ আৱেগিক জীৱন ভীৰু আৰু হীনাত্মিকতাত পৰিণত হয়। সেই হেতুকে গৃহ পৰিৱেশত শিশুৱে আৱেগিক নিৰাপত্তা আৰু আত্ম-প্ৰকাশৰ স্বাধীনতা অনুভৱ কৰিব পৰালৈ বিশেষ লক্ষ্য ৰাখিব লাগে। ইয়াৰ বাবে পৰিয়ালৰ লোকৰ মাজত মৰম-চেনেহ আৰু আন্তৰিক বুজা-পৰাৰ এক প্ৰীতিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব লাগে।

(৫) গৃহ আৰু শিক্ষা পৰিৱেশৰ নিয়ম-শৃংখলা ৰক্ষা আৰু অনুশাসন ব্যৱস্থাৰ মানদণ্ডৰ ওপৰতো শিশুৰ আৱেগিক বিকাশ নিৰ্ভৰশীল। দৃঢ় কটকটীয়া অনুশাসনে যিদৰে শিশুৰ আৱেগিক নিৰাপত্তা আৰু মুক্ত গতিৰ স্বাধীনতা খৰ্ব কৰে, সেইদৰে ইয়াৰ অত্যধিক শিথিলতায়ো আৱেগৰ স্বাভাৱিক বিকাশত অন্তৰায়ৰ সৃষ্টি কৰে।  সেয়েহে অনুশাসন ব্যৱস্থাৰ মান এক সুস্থ, স্বাভাৱিক আৰু গ্ৰহণযোগ্য অৱস্থাৰ কৰি তুলিব লাগে। পৰিয়ালৰ সামাজিক স্থান আৰু মান ৰক্ষা আদিৰ ওপৰতো ই বহু পৰিমাণে নিৰ্ভৰ কৰে।

(৬) শিশুৰ দৈহিক আৰু মানসিক প্ৰয়োজনসমূহ সহজে আৰু সুস্থভাৱে পূৰণৰ একমাত্ৰ উপযুক্ত পথ হৈছে ক্ৰীড়া বা খেলা। শিশুৰ বাবে খেলাৰ ভূমিকা আৱেগিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ। খেলাৰ যোগেদি কৰা অংগ-সঞ্চালন ক্ৰিয়াই শিশুৰ আৱেগিক উত্তেজনা সুস্থ আৰু সুখদায়কভাৱে উপশম কৰাত সহায় কৰে। খেলাৰ মূল সূত্ৰ জীৱৰ সুখানুসন্ধান নীতিৰ ওপৰত প্ৰতিষ্ঠিত। খেলাৰ যোগেদি পোৱা সুখ-আনন্দ হৈছে মৌলিক, অকৃত্ৰিম আৰু গঠণাত্মক। সেয়েহে ইয়াৰ প্ৰভাৱ হয় সুদূৰপ্ৰসাৰী।

(৭) ঘৰুৱা পৰিৱেশৰ ভিন ভিন পৰিস্থিতিত শিশু-মনত উদ্ভৱ হোৱা ভয়, ক্ৰোধ, ঈৰ্ষা, ভালপোৱা আদি অনুভূতিসমূহৰ যাতে স্বাভাৱিক প্ৰকাশ আৰু বিকাশ সাধন হয় তাৰ প্ৰতিও চকু ৰাখিব লাগে। সুস্থ আৰু এক স্বাভাৱিক গৃহ পৰিৱেশেহে শিশু-মনৰ এনেবোৰ আৱেগৰ সুস্থ বিকাশ কৰি শিশু-ব্যক্তিত্ব সুন্দৰ আৰু সামাজিক কৰি তুলিব পাৰে। এই সম্বন্ধে প্ৰয়োজনীয় ভূমিকাৰ বিষয়ে ইতিপূৰ্বে আলোচনা কৰা হৈছে।

(৮) শিশুৰ আৱেগিক বিকাশৰ লগত ভাষা বিকাশৰ নিকট সম্বন্ধ আছে। ভাষা হৈছে মনৰ ভাব-অনুভূতি প্ৰকাশৰ মাধ্যম। সেইবাবে শিশু-মনৰ ভাব-অনুভূতি তাৰ কথিত আৰু লিখিত ভাষাৰ মাজেদি সহজ-সৰলভাৱে প্ৰকাশ হোৱাত সহায় কৰা প্ৰয়োজন। ইয়াৰ বাবে শিশু পাঠ্যপুথি ৰচনাকাৰীসকলৰ এক দায়িত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ উপৰিও শিশু-মনৰ আৱেগ সুস্থ আৰু গঠনাত্মভাৱে বিকশাই তোলাত চিত্ৰাংকণ বিদ্যাৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত আছে। শিশুৰ বাবে ৰচনা কৰা ব্যংগ-চিত্ৰৰ কাহিনী এই প্ৰসংগত উল্লেখযোগ্য।

(৯) ছন্দ, সুৰ, তাল আৰু লয় সচৰাচৰ শিশু-প্ৰকৃতিত পৰিলক্ষিত হয়। এই সমূহক শিশু-মনৰ আৱেগ প্ৰকাশৰ আৰু বিকাশৰ মাধ্যম স্বৰূপে উপযুক্তভাৱে প্ৰয়োগ কৰা উচিত। ছন্দহীন আৰু সুৰহীন কথাও শিশুৱে নিজস্বভাৱে ছন্দ আৰু সুৰ প্ৰয়োগ কৰি তাক প্ৰকাশ কৰে। সেইবাবে শিশুৰ অসংযত আৰু অনিয়ন্ত্ৰিত আৱেগসমূহ সুস্থ, সংযত, সাংস্কৃতিক আৰু সুৰুচিপূৰ্ণভাৱে প্ৰকাশ কৰিবলৈ নৃত্য-গীত, সমবেত সংগীত, যন্ত্ৰ-সংগীত, আবৃত্তি, নাটক আদিৰ সহায় লোৱা উচিত।

(১০) অৱশেষত এই কথা বিশেষভাৱে উল্লেখযোগ্য যে শিশুৰ আৱেগ-অনুভূতিবোৰ অৱদমনমুক্ত কৰি ৰখালৈ বিশেষ লক্ষ্য ৰাখিব লাগে। আৱেগৰ প্ৰকাশ বাধাপ্ৰাপ্ত হৈ অচেতন মনত অৱদমিত হ’ব লগা হোৱাটো বিশেষ ক্ষতিকাৰক। সকলোবোৰ মানসিক আৰু আচৰণজনিত অস্বাভাৱিকতাৰ ই এক প্ৰধান কাৰণ বুলিব পাৰি। সেই হেতুকে শিশুৰ সমগ্ৰ শিক্ষা-ব্যৱস্থা অৱদমনমুক্ত কৰি তোলালৈ সংশ্লিষ্ট সকলো লোকে বিশেষ চকু ৰাখিব লাগে। ওপৰত উল্লেখ কৰা নৃত্য-গীত আৰু কলাত্মক বিষয়সমূহ ইয়াৰ বাবে সাৰ্থকভাৱে প্ৰয়োগ কৰিব পাৰি।

আৱেগে শিশু বিকাশৰ বাবে শক্তিৰ এক ইন্ধন স্বৰূপে কাম কৰে। ইয়াক উপযুক্তভাৱে প্ৰয়োগ কৰাটো আমাৰ কৰ্তব্য। আৱেগৰ উপযুক্ত প্ৰয়োগে শিশু-ব্যক্তিত্ব সুস্থ, সুন্দৰ আৰু শক্তিশালী কৰি তোলে। এনে কৰাত ব্যৰ্থ হ’লে ব্যক্তিত্বৰ বিসংগতিয়ে দেখা দিয়ে। উল্লেখযোগ্য যে আৱেগৰ এই ইন্ধন অথবা অন্তশ্চালন (ড্ৰাইভ) পৰিচালনাকাৰী শক্তি হৈছে পৰিৱেশ, আৰু এই পৰিৱেশ আমাৰ কম-বেছি পৰিমাণে নিয়ন্ত্ৰণাধীন। শিশুৰ আৱেগ পৰিচালনাকাৰী পৰিৱেশক আমি প্ৰয়োজন মতে বিকাশৰ অনুকূলে সংশোধন, পৰিৱৰ্তন আৰু উন্নয়ন কৰি ল’ব পাৰো। সেইবাবে শিশুৰ গৃহ আৰু শিক্ষা পৰিৱেশ প্ৰয়োজন অনুসাৰে নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰি আৱেগক শিশু বিকাশৰ এক অৱলম্বন স্বৰূপে প্ৰয়োগ কৰা উচিত।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.85365853659
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top