অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ নৈতিকতাৰ বিকাশঃ

শিশুৰ নৈতিকতাৰ বিকাশৰ বিষয়ে লিখা হৈছে

 

 

শিশুৰ সামাজিক বিকাশৰ লগত তাৰ নৈতিক দিশ, অনুশাসনৰ দিশ, চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশৰ দিশ নিবিড়ভাৱে জড়িত। আমাৰ আলোচনাৰ সুবিধাৰ বাবে বিকাশৰ এইবোৰ দিশ পৃথক পৃথকভাৱে লোৱা হৈছে যদিও প্ৰকৃতপক্ষে এইসমূহক সামগ্ৰিকভাৱেহে তাৰ স্বৰূপ নিৰীক্ষণ আৰু অধ্যয়ন কৰা উচিত। প্ৰতিখন সমাজৰে একো একোটা স্বকীয় সাংস্কৃতিক, ধৰ্মীয় আৰু নৈতিক জীৱনৰ প্ৰভাৱ থাকে আৰু এই প্ৰভাৱৰ নিজ নিজ বৈশিষ্ট্যৰে শিশুৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঢ় লৈ উঠে। সামাজিক পৰিৱেশ হৈছে শিশুৰ ব্যক্তিত্ব গঠনকাৰী এক বিশেষ শক্তিস্বৰূপ। শিশুক সামাজিকৰণ কৰা বুলিলে সমাজৰ পৰিৱেশ, ইয়াৰ নীতি-নিয়ম আৰু সমাজৰ লোকৰ বাবে গ্ৰহণযোগ্য জীৱন-যাপনৰ প্ৰতি অনুকূল কৰি তোলাটোকে বুজায়। এই দিশত শিশুৱে নিজক খাপ খুৱাই ল’বৰ বাবে প্ৰচলিত সমাজৰ সাংস্কৃতিক, ধৰ্মীয় আৰু নৈতিক মানদণ্ডসমূহ আয়ত্ব কৰা, সামাজিক জীৱনৰ অনুশাসন মানি চলা, এইসমূহৰ যোগেদি নিজৰ মনোভাৱ আৰু মনোবৃত্তি আদি গঢ় দি তোলা আৰু তাৰ মাজেদি এক মূল্যবোধ ভাব মনত গ্ৰহণ কৰা আদি কাৰ্য শিশু বিকাশৰ দৃষ্টিকোণৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ। ইয়েই শিশু ব্যক্তিত্ব গঠন আৰু তাৰ পৰৱৰ্তী বিকাশ সুনিশ্চিত কৰি তোলে। এই অধ্যায়ত এই প্ৰসংগৰ লগত জড়িত বিভিন্ন দিশৰ প্ৰয়োজনীয় দৃষ্টিপাত কৰিবলৈ চেষ্টা কৰা হৈছে।

নৈতিকতা বুলিলে কি বুজোঃ

 

শিশুৱে নিজ সত্বা বা অস্তিত্ব গঢ়ি তুলি ব্যক্তিত্বৰ স্বকীয় ৰূপ ধাৰণ কৰা এই ব্যাপক ক্ৰিয়া প্ৰসংগত বিভিন্ন দিশৰ বিবেচনা কৰিব লগা হয়। ইয়াৰ ভিতৰত নৈতিকতাৰ দিশ বিশেষ বিবেচনাযোগ্য। ‘নৈতিকতা’ শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘Moral’ লেটিন শব্দ ‘Mores’ৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘লোকনীতি’ বা ‘লোকাচাৰ’। প্ৰতিখন সমাজৰে কেতবোৰ সামাজিকভাৱে গ্ৰহণযোগ্য নীতি-নিয়ম, আস্থা, নিষ্ঠা আৰু বিশ্বাস আদি আছে। ইয়াক পালন কৰি চলাটো অথবা সেইসমূহ অনুগামী হৈ সমাজৰ প্ৰতিজন লোকে নিজ নিজ আচৰণসমূহ বাহ্যিকভাৱে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। ইয়াকে সাধাৰণ অৰ্থত নৈতিকতা বুলি ক’ব পাৰি। এই গ্ৰহণযোগ্য নীতি-নিয়ম আৰু আদৰ্শৰ দ্বাৰা ৰচিত পথ ভংগ কৰি চলাকেই অনৈতিকতা, নীতি-বিৰোধিতা বা অধৰ্মতা বুলি কোৱা হয়।

উল্লেখযোগ্য যে এই নৈতিকতাৰ অনুভূতি আৰু ইয়াৰ অনুগামী হোৱা কাৰ্য ব্যক্তিৰ এক ইচ্ছাকৃত আৰু অন্তৰ্নিহিতভাৱে গঢ়ি উঠা অৱস্থা মাথোন। এই অনুভূতি আমাৰ ক্ৰিয়া-আচৰণবোৰৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত, সুন্দৰ-অসুন্দৰ আৰু ন্যায়-অন্যায়ৰ সূক্ষ্ম বিবেচনাৰ দ্বাৰা পুষ্ট। এই শিশুৱে তাৰ বিকাশ কালত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু তাৰ যোগেদি গঢ় দি তোলা মানসিকতাৰ ভিতৰত এই শুদ্ধ আৰু উচিত-অনুচিতৰ অভিজ্ঞতাও তাৰ বিবিধ ক্ৰিয়া-আচৰণৰ যোগেদি আয়ত্ব কৰি উঠিব লাগে। এনে অভিজ্ঞতাই তাক অসুস্থ আৰু অন্যায়ৰ পথ ত্যাগ কৰি সুস্থ, সুন্দৰ, উচিত, আৰু সমাজৰ গ্ৰহণযোগ্য পথ অৱলম্বন কৰাত সহায় কৰে।

নৈতিকতা বুলিলে সেয়েহে ইয়াৰ দুটা দিশ আমাৰ চকুত স্পষ্ট হৈ পৰে। ইয়াৰ এটা দিশ হৈছে বাহ্যিক আৰু আনটো আন্তৰিক। বাহ্যিক দিশটোৱে সমাজৰ প্ৰচলিত নীতি-নিয়মৰ অনুগামী কৰি আচৰণক গঢ় দি তোলাটো বুজায়। আন্তৰিক অথবা আভ্যন্তৰীণ দিশটোৰ যোগে ক্ৰিয়া-আচৰণৰ উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আৰু ন্যায়-অন্যায়ৰ বিচাৰ কৰিব পৰা ব্যক্তিমনৰ সূক্ষ্ম অনুভূতিটোক বুজোৱা হয়।

শিশু-মনৰ নৈতিকতাঃ

 

শিশুমনৰ নৈতিকতাৰ অনুভূতি আৰু ইয়াৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া এক আকৰ্ষণীয় অধ্যয়নৰ বিষয়। কোনো কোনোৱে ভাবে যে নৱজাত শিশু স্বাভাৱিকতেই সুন্দৰ, পৱিত্ৰ আৰু নৈতিকতাপূৰ্ণ। সমাজৰ অসুস্থ আৰু কলুষিত প্ৰভাৱেহে তাক ক্ৰমে অনৈতিক কৰি তোলে। কোনো কোনোৰ মতে শিশুৱে নিজ বিবেক-শক্তিৰ দ্বাৰা পৰিচালিত হৈ সৰুৰে পৰা ন্যায়-অন্যায়ৰ বিচাৰ ক্ষমতা লাভ কৰিব পাৰে। আকৌ কোনোৱে বিশ্বাস কৰে যে জন্মগতভাৱে শিশু অনৈতিক আৰু কলুষতাপূৰ্ণ। কঠোৰ অনুশাসন আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ যোগেদিহে তাক নৈতিকতাৰ পথলৈ আনিব পাৰি। বিভিন্ন জনৰ মনত শিশুৰ নৈতিকতা সম্বন্ধে এনে ভিন্ন মত থাকিলেও বাস্তৱ ক্ষেত্ৰত ক’ব পাৰি যে চালুকীয়া শিশু প্ৰকৃততে নৈতিক অথবা অনৈতিক কোনো অৱস্থাতে নাথাকে। নৱজাত শিশু নৈতিক অনুভূতিশূণ্য। শিশুমনত নৈতিকতাৰ ভাব নথকা এনে অৱস্থাক অনৈতিক অথবা নীতিহীন বুলিহে বৰ্ণনা কৰিব পাৰি। নৈতিকতাৰ প্ৰকৃত বিচাৰ-বিবেচনাৰ বাবে কিছু বৌদ্ধিক ক্ষমতাৰ প্ৰয়োজন হয় যাক চালুকীয়া শিশুৰ পৰা আশা কৰিব নোৱাৰি।

শিশুৰ মনত নৈতিকতাৰ বিকাশঃ

 

প্ৰাৰম্ভিক কালত শিশুৰ আচৰণ কোনো নৈতিক চেতনাৰ মানদণ্ডৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি। জৈৱিকভাৱে শিশু হৈছে এক প্ৰতিক্ৰিয়াশীল জীৱ। সেইবাবে পৰিৱেশৰ পৰিস্থিতি অনুযায়ী সি কেৱল দৈহিক প্ৰতিক্ৰিয়াহে মাথোন প্ৰদৰ্শন কৰে। এনে প্ৰতিক্ৰিয়াৰ পৰা শিশুৱে দৈহিকভাৱে পোৱা সুখদায়ক আৰু দুখদায়ক পৰিণতি স্বৰূপে সি তাৰ মনত নিজ আচৰণৰ শুদ্ধ-অশুদ্ধ বা ভাল-বেয়াৰ এক চেতনা লাভ কৰে। আচৰণৰ যোগেদি পোৱা সুখ-দুখৰ এনে মৌলিক অভিজ্ঞতাকেই শিশুমনত নৈতিক চেতনাৰ ভিত্তি স্বৰূপ বুলিব পাৰি। মন কৰিবলগীয়া যে তাৰ ক্ৰিয়া-আচৰণে আনৰ দেহ-মনৰ সুখ-দুখৰ কেনে প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে তাক বিচাৰ বা অনুভৱ কৰিব পৰা ক্ষমতা শিশুৰ নাথাকে। তাৰ মনত এই সময়ত কোনো দোষণীয়তাৰ ভাব বা চেতনাও সমূলি নাথাকে। আনক মৰাটো বা আনৰ বস্তু ভাঙি-চিঙি নষ্ট কৰাটো সি একো দোষণীয় কাম বুলি ভাবিব নোৱাৰে। বৰং এনে কামৰ পৰা শিশুৱে এক দৈহিক সুখ আৰু তৃপ্তিহে লাভ কৰে। সেইবাবে নিজ ক্ৰিয়াৰ পৰা দৈহিকভাৱে পোৱা সুখ-দুখৰ অনুভূতিয়েই হৈছে তাৰ মনত নৈতিক-অনৈতিকতাৰ চেতনা লাভৰ একমাত্ৰ উৎস। ইয়াকেই গতানুগতিক নিয়মৰ পূৰ্বৱৰ্তী অৱস্থা বুলিও ক’ব পাৰি। শিশুৰ প্ৰায় দুবছৰ বয়সলৈকে তাৰ নৈতিকতাৰ এনে আচৰণ সচৰাচৰ পৰিলক্ষিত হয়।

বিকাশৰ পৰৱৰ্তী কালত শিশুৰ নৈতিক আচৰণৰ ক্ৰমবিকাশ লাভ হৈ উঠি প্ৰাপ্তবয়স্কসকলৰ নৈতিক বিচাৰ-বিবেচনাৰ মানদণ্ড লাভ কৰিবলৈ শিশুৱে এক সুদীৰ্ঘ পথৰ অভিজ্ঞতা লাভ কৰিব লাগে। কৈশোৰ কালৰ অন্ততহে সি নৈতিকতাৰ প্ৰকৃত অৰ্থ আয়ত্ব কৰিবগৈ পাৰে। জন্মোত্তৰ কালত শিশুৰ তৎকালীন পৰিৱেশ হৈছে গৃহ পৰিৱেশ। এই পৰিৱেশৰ বিভিন্ন পৰিস্থিতিত মুখ্য ভূমিকা গ্ৰহণকাৰী ব্যক্তি হৈছে শিশুৰ মাক-দেউতাক। সেইবাবে গৃহ পৰিৱেশত মাক-দেউতাকৰ সংস্পৰ্শই শিশুৰ পোন-প্ৰথম নৈতিক চেতনা আৰু এই সম্বন্ধীয় ক্ৰিয়া-আচৰণৰ অভিজ্ঞতা লাভ হয়। শিশুমনত প্ৰথমৰে পৰা কোনো নৈতিক চেতনাৰ মানদণ্ড অথবা এই সম্বন্ধে বিচাৰ কৰিব পৰা ক্ষমতা নাথাকে। মাক-দেউতাকৰ ক্ৰিয়া-আচৰণ, তেওঁলোকৰ বিচাৰ-বিবেচনা আৰু গ্ৰহণীয়-অগ্ৰহণীয় বিষয় সমূহকেই শিশুৱে নৈতিকতাৰ মানদণ্ড স্বৰূপে নিৰ্বিবাদে গ্ৰহণ কৰে। নৈতিক ক্ৰিয়া-আচৰণ আৰু বিচাৰ-বিবেচনাৰ দিশত মাক-দেউতাকেই শিশুৰ বাবে হৈ উঠে আদৰ্শ আৰু অনুকৰণীয় ব্যক্তি। ফলত তেওঁলোকে যি ক্ৰিয়াৰ সন্মতি নিদিয়ে অথবা বিৰোধ আৰু সমালোচনা কৰে সেয়ে শিশুৰ বাবে হয় অনৈতিক ক্ৰিয়া। নৈতিকতাৰ আচৰণ কিয়া কৰা উচিত এই প্ৰশ্নৰ সলনি তাক কিদৰে কৰিব লাগে এই প্ৰশ্নইহে শিশুমনত ঠাই পায়।

ইয়াৰ উপৰি এই সময়ত মাক-দেউতাকে শিশু আচৰণৰ বাবে প্ৰয়োগ কৰা শাস্তি আৰু পুৰষ্কাৰ দানৰ ব্যৱস্থাইও বিশেষ বৰঙণি যোগায়। মাক-দেউতাকৰ পুৰষ্কাৰ বা প্ৰশংসা পোৱা ক্ৰিয়া-আচৰণ ভাল বুলি শিশুৱে ভবাটো স্বাভাৱিক। সেইদৰে তেওঁলোকে শাস্তি দিয়া ক্ৰিয়া-আচৰণে শিশুৱে নিজে মনত অনুচিত বুলি বিবেচনা কৰে। অৱশ্যে পুৰষ্কাৰ আৰু শাস্তিৰ দৈহিক অভিজ্ঞতাৰ যোগে শিশুৱে গঢ়ি তোলা নৈতিকতাৰ এনে ধাৰণা কোনো কোনো সময়ত শুদ্ধ নহ’বও পাৰে। বিশেষকৈ পুৰষ্কাৰ আৰু শাস্তি অকাৰণতে আৰু অযুক্তিকৰভাৱে দিয়া হ’লে ই নৈতিকতাৰ দিশত শিশুমনত খেলি-মেলিৰ সৃষ্টি কৰিব পাৰে।

অভিভাৱকসকলৰ অসন্মতি, শাস্তি অথবা বাধাদানৰ যোগেদি এই সময়ত শিশুৰ যি নৈতিক চেতনা জগাই তোলা হয় তাকে শিশু-বিশেষজ্ঞ মনোবিদ পিয়াজেই ‘বাধা-নিষেধৰ যোগে নৈতিকতা’ বুলি বৰ্ণনা কৰিছে। প্ৰায় ৭-৮ বছৰ বয়সলৈকে শিশু আচৰণৰ নৈতিক চেতনা এনে বাহ্যিক অথবা দৈহিকভাৱে কৰা বাধা-নিষেধৰ যোগেদিহে গঢ় লৈ উঠে। শিশুমনত আৰু অন্তঃস্থভাৱে নৈতিক বিচাৰ-বিবেচনা কৰিব পৰা ক্ষমতা গঢ়ি উঠিব নোৱাৰে। এই সময়ছোৱাৰ নৈতিক চেতনা সেইবাবে কৰ্তৃত্বশীল ব্যক্তিৰ প্ৰভাৱৰ দ্বাৰা বাহ্যিকভাৱে আপোৰিত বুলি ক’ব পাৰি।

প্ৰায় ৯ বছৰ বয়সৰ পৰা শিশুমনত নৈতিক চেতনাৰ এক লক্ষণীয় পৰিৱৰ্তন হয়। এই সময়ত শিশুৰ পৰিৱেশ ঘৰৰ বাহিৰত সমনীয়াৰ লগত খেলা-ধূলা আৰু স্কুলৰ বিভিন্ন ক্ৰিয়া পৰিৱেশলৈ সম্প্ৰসাৰিত হয়। এনে অৱস্থাত সি তাৰ সহযোগীসকলৰ লগত ক্ৰিয়াৰ অংশগ্ৰহণ আৰু ভাবৰ আদান-প্ৰদান কৰিব লগা হয়। শিশুৱে সমনীয়াৰ লগত কৰা এনে সহযোগিতা আৰু পাৰস্পৰিকতাৰ ফলস্বৰূপে সি আনৰ পৰা শুভ আৰু উচিত আচৰণ পাবলৈ আশা কৰে। এনে অৱস্থাত শিশুৰ নৈতিক চেতনা বহু পৰিমাণে মুক্ত, সহযোগিতামূলক আৰু পাৰস্পৰিক সন্মানসূচক অৱস্থা এটালৈ গতি কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৱৰ্তী অৱস্থাত নৈতকিতা কৰ্তৃত্বশীল ব্যক্তিৰ বাধাদান আৰু বাধ্যতামূলক অনুশাসন মনোভাবৰ পৰা গঢ়ি উঠে। কিন্তু এই পৰ্যায়ত তেনে অৱস্থাৰ সলনি সমতা আৰু পাৰস্পৰিকতাৰ এক উন্নত মনোভাৱ পৰিলক্ষিত হয়। শিশু মনোবৃত্তিত ব্যক্তিকেন্দ্ৰিক দৈহিক সুখানুভূতিৰ পৰিৱৰ্তে পৰাৰ্থ ভাব অথবা পৰহিতবাদিকতাৰ মনোভাৱে ঠাই লয়। সেইবাবে এই সময়ত সি দৈহিক শাস্তি বা পুৰষ্কাৰ প্ৰদানতকৈ সামাজিক প্ৰশংসা বা অপবাদৰ প্ৰতি অধিক আকৃষ্ট আৰু সংবেদনশীল হয়। শিশুৰ এই শেহতীয়া বাল্যকালৰ অৱস্থাত (৯-১০ বছৰ বয়স) দেখিবলৈ পোৱা নৈতিক আচৰণক গতানুগতিক নৈতিকতা বুলি বৰ্ণনা কৰিব পাৰি। এই সময়ত নিজকে ‘ভাল ল’ৰা’ বোলাবলৈ আৰু সমাজৰ লোকৰ প্ৰশংসা আদায় কৰিবলৈ শিশুৱে সামাজিক জীৱনৰ প্ৰচলিত নীতি-নিয়মৰ প্ৰতি আনুগত্যৰ ভাব দেখুৱায়। শিশু নৈতিকতা সেয়েহে এই সময়ত সমাজমুখী হৈ উঠে। শিশুমনৰ বিবেকৰো এই সময়তেই সূত্ৰপাত হোৱা বুলি ধৰিব পাৰি।

ইয়াৰ পৰৱৰ্তী কাল অৰ্থাৎ কৈশোৰ কালছোৱাত ল’ৰা-ছোৱালীৰ নৈতিক অনুভূতিয়ে এক নিজস্ব বিচাৰ-বিবেচনাৰ শক্তি লাভ কৰে। ১৩ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে এই সময়ছোৱাক নৈতিক বিকাশৰ শীৰ্ষ বিন্দু বুলি ক’ব পাৰি। ল’ৰা-ছোৱালীৰ মানসিক আৰু বৌদ্ধিক বিকাশে এই সময়ত এক আত্মনিৰ্ভৰশীলতাৰ অৱস্থা লাভ কৰে। এই অৱস্থাত নৈতিক ক্ৰিয়া-আচৰণৰ শুভ-অশুভ, ন্যায়-অন্যায়, উচিত-অনুচিত আদিৰ বিচাৰ বিবেচনা নিজ মানসিক শক্তিৰ দ্বাৰা কৰিব পাৰে। প্ৰচলিত সামাজিক নীতি-নিয়ম, আস্থা, নিষ্ঠা, বিশ্বাস আদিৰ বৈধতা আৰু ন্যায়সংগতাৰ বিষয়েও চিন্তা কৰিব পাৰে। এনে অৱস্থাকেই নৈতিক জীৱনৰ স্বতন্ত্ৰতা আৰু স্বয়ংচালিত অৱস্থা বুলি ক’ব পাৰি। পূৰ্বে গঢ় লৈ উঠা নৈতিকতাৰ ধাৰণা আৰু নৈতিক মূল্যবোধৰ মানদণ্ড এই পৰ্যায়ত বিশ্লেষণ, সংশোধন আৰু পুনৰ্নিৰ্ধাৰণ কৰি বাস্তৱ পৰিস্থিতিত প্ৰয়োজনীয় সমাযোজন স্থাপন কৰিব পাৰে। উদাহৰণস্বৰূপে মিছা কথা কোৱা, চোৰ কৰা আদি অন্যায়- এই নৈতিক অনুভূতি আৰু আদৰ্শ বাল্যকালত শিশুমনত গঢ়ি উঠে। কিন্তু পৰিস্থিতি আৰু প্ৰয়োজনবিশেষে মিছা কথা কোৱা আৰু চোৰ কৰাটো অন্যায় নহয়- এই আদৰ্শ কিশোৰ-কিশোৰীসকলে গ্ৰহণ কৰিব পাৰে। সমাজৰ সকলো অন্যায়-অবিচাৰ আৰু অনীতি- দুৰ্নীতিযুক্ত ক্ৰিয়া-আচৰণৰ প্ৰতি এই সময়ত তেওঁলোক অধিক আত্ম-সচেতন আৰু প্ৰতিক্ৰিয়াশীল হৈ উঠে।

নৈতিকতাৰ বিকাশৰ বিভিন্ন স্তৰঃ

 

ওপৰত কৰা আলোচনাৰ পৰা শিশুৰ নৈতিক বিকাশৰ গতিধাৰাক সাধাৰণভাৱে চাৰিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে-

(১) জন্মৰ পৰা চাৰি বছৰ বয়সলৈকে শিশুৰ নৈতিক চেতনা দৈহিক সুখাভিমুখী হোৱা দেখা যায়। ইয়াক নৈতিক মানবিহীনতাৰ অৱস্থা বুলি মনোবিদ পিয়াজেই বৰ্ণনা কৰিছে।

(২) পাঁচ বছৰ বয়সৰ পৰা আঠ বছৰ বয়সলৈকে কৰ্তৃত্বশীল লোকৰ অধীনত শাস্তি আৰু পুৰষ্কাৰৰ ভিত্তিত বাহ্যিকভাৱে নৈতিক আচৰণ গঢ়ি তোলা অৱস্থা।

(৩) ন বছৰৰ পৰা বাৰ বছৰ বয়সলৈকে শেহতীয়া বাল্যকালছোৱাত সমনীয়াৰ লগত ক্ৰিয়াৰ পাৰস্পৰিকতা আৰু পৰাৰ্থ ভাবৰ যোগেদি গঢ়ি তোলা নৈতিক অৱস্থা।

(৪) তেৰ বছৰৰ বয়সৰ পৰা ওঁঠৰ বছৰ বয়লৈকে কৈশোৰ কালছোৱাত স্বাধীন বিচাৰ-শক্তি আৰু পূৰ্বৰ নৈতিক মূল্যবোধৰ পুনৰ নিৰ্ধাৰণ কৰিব পৰা সৰ্বোচ্চ নৈতিক বিকাশৰ অৱস্থা।

শিশুৰ নৈতিকতাৰ কেতবোৰ সাধাৰণ লক্ষণঃ

শিশুৰ নৈতিক জীৱনৰ অভিজ্ঞতা বয়সস্থসকলৰ মনৰ অভিজ্ঞতাৰে কৰিব নোৱাৰি। শিশুমনৰ নৈতিক চেতনাৰ লগত ভালদৰে পৰিচিত হ’বৰ বাবে তলৰ কথাকেইটা বিশেষ মন কৰিবলগীয়া।

(১) চালুকীয়া শিশুৰ মনত নৈতিকতাৰ অনুভূতি সমূলি নাথাকে। তাক নৈতিক অথবা অনৈতিক বুলি কোৱাৰ পৰিৱৰ্তে চেতনাহীন বুলিহে বৰ্ণনা কৰিব পাৰি।

(২) শিশুৰ নৈতিক আচৰণত যুক্তি-যুক্ততাৰ প্ৰশ্ন নুঠে। সি কোনো আচৰণ কিদৰে কৰিব লাগে তাৰ প্ৰতিহে সচেতন, তাক কিয় কৰিব লাগে তাৰ প্ৰতি সমূলি সচেতন নহয়।

(৩) বয়সস্থসকলৰ হকা-বধা অথবা বাধাদান কাৰ্যই শিশুক নৈতিক আচৰণৰ দিগদৰ্শন কৰে। শিশুৰ বাবে কৰ্তৃত্বশীল ব্যক্তিজনেই হৈছে নৈতিক আচৰণৰ দিশত অনুকৰণীয় ব্যক্তি।

(৪) ক্ৰিয়া-আচৰণৰ পৰিণতি অনুসৰি শিশুমনত নৈতিকতাৰ চেতনা জাগি উঠে। সুখদায়ক পৰিণতি লাভ কৰা ক্ৰিয়াই হৈছে অনৈতিক।

(৫) নৈতিকতাৰ চেতনা জগাই তোলাত পুৰষ্কাৰ আৰু শাস্তি প্ৰদান কাৰ্যই বিশেষ ভূমিকা গ্ৰহণ কৰে। শিশুৰ বাবে শাস্তি অনৈতিকতাৰ পৰিণতি আৰু পুৰষ্কাৰ হৈছে নৈতিকতাৰ পৰিণতি।

(৬) প্ৰয়োজনীয় আৰু বঞ্চিত ক্ৰিয়া-আচৰণ অনুশীলন আৰু তাৰ অভ্যাস গঠনে শিশুৰ মনত আৰু তাৰ ক্ৰিয়া-আচৰণত নৈতিক অভ্যাস গঢ় দি তোলে।

(৭) নৈতিক আচৰণৰ দিশত ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য বিবেচনা কৰিব পাৰি। ল’ৰা আৰু ছোৱালীৰ মাজত সচৰাচৰ বিবেচনা কৰা সামাজিক আৰু সাংস্কৃতিক ক্ৰিয়া-আচৰণৰ পাৰ্থক্যই সিহঁতৰ মনত নৈতিক অনুভূতিৰ পাৰ্থক্যও আনি দিয়ে।

(৮) শিশুৰ নৈতিকতা সামাজিক জীৱনৰ মানদণ্ড, সাংস্কৃতিক জীৱনৰ বিচাৰ আৰু পৰিয়ালৰ ব্যক্তিগত ক্ৰিয়া-আচৰণৰ যোগে গঢ়ি তোলা অভ্যাসৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে।

(৯) শিশু নৈতিকতাৰ অৰ্থ হৈছে নীতি-জ্ঞানহীন অসামাজিক আৰু ব্যক্তিকেন্দ্ৰিক শিশুৰ সামাজিক নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থাৰ অনুগামী কৰি তোলা।

(১০) শিশুৰ নৈতিক চেতনা বিকাশৰ লগত তাৰ বিবেকৰ বিচাৰ-শক্তি, ধৰ্মীয় চেতনা, সৌন্দৰ্য অনুভূতি, অনুশাসনীয়তাৰ মনোভাৱ আৰু মূল্যবোধ ভাব ক্ষমতা বিকাশৰ বিশেষ সম্বন্ধ আছে।

শিশুৰ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তাঃ

 

নৱজাত এটি শিশু হৈছে নৈতিক চেতনাহীন জীৱ। অন্যান্য জীৱ-জন্তুৰ দৰেই এটি শিশুৰ আচৰণো হয় প্ৰবৃত্তি পৰিচালিত। এই সময়ত শিশু আচৰণৰ কোনো নৈতিক-অনৈতিকতাৰ প্ৰশ্ন নুঠে। ক্ৰমে সমাজৰ লোকৰ সংস্পৰ্শ আৰু পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগে লগে সুখ-দুখৰ অনুভূতি আৰু অভিজ্ঞতাৰ যোগে সি নৈতিক চেতনা লাভ কৰি উঠে। সেয়েহে ক’ব পাৰি যে শিশুৰ নৈতিকতা হৈছে এক শিক্ষালব্ধ অভিজ্ঞতা। এই কথাও এই প্ৰসংগতে ক’ব পাৰি যে শিক্ষা অভিজ্ঞতাৰ যোগে এটি শিশুক নৈতিক অথবা অনৈতিক স্বৰূপে গঢ় দি তুলিব পাৰি।

শিশুক নৈতিক শিক্ষাদান কৰাটো প্ৰতিজন সমাজ সচেতন লোকৰ এক বিশেষ অনুভৱৰ বিষয়। শিশুৰ জন্মগত পশু-প্ৰবৃত্তিসমূহৰ সংস্কাৰ সাধন কৰি সমাজৰ গ্ৰহণযোগ্য নৈতিক মূল্যবোধ ভাব আৰু মানৱীয় অনুভূতিসমূহ বিকাশাই তোলা কাৰ্যতেই শিক্ষাৰ সমগ্ৰ প্ৰচেষ্টা জড়িত হৈ আছে। এই কথা বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। নৈতিক শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিশুৰ সহজাত জৈৱিক প্ৰবৃত্তি পৰিচালিত আৰু নিম্ন-মানবিশিষ্ট প্ৰতিক্ৰিয়া আৰু আচৰণসমূহ সংশোধন কৰি উচ্চ-মানবিশিষ্ট আদৰ্শ, মূল্যবোধ, মনোভাৱ আৰু মানৱীয় অনুভূতিসমূহ বিকশাই তোলা। ইয়েই শিশুৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ বিকাশ সাধন কৰে, সুস্থ আৰু সুন্দৰ সামাজিক আৰু সাংস্কৃতিক জীৱন ৰচনা কৰে। আমাৰ সমগ্ৰ শিক্ষা-ব্যৱস্থাটোৱেই এনে নৈতিক শিক্ষা বিকাশৰ দ্বাৰা অনুভূতিসিক্ত কৰি তোলাটো বৰ্তমান প্ৰয়োজন হৈ পৰিছে। কাৰণ বিজ্ঞান আৰু কাৰিকৰী দিশৰ অগ্ৰগতিয়ে বৰ্তমান মানুহৰ মন বস্তুবাদী জগতৰ ভাবধাৰাৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিছে। ফলত তেওঁলোকৰ মূল্যবোধ, মনোভাৱ আৰু মানৱীয় অনুভূতিসমূহ আশানুৰূপভাৱে সুস্থ, সুন্দৰ, মাৰ্জিত আৰু সুৰুচিপূৰ্ণ কৰি তুলিব পৰা নাই। ভৌতিক বিষয়-বাসনাই তেওঁলোকক বহু সময়ত আত্মকেন্দ্ৰিক আৰু দৈহিক সুখাভিমুখী কৰি জীৱনৰ মূল্যবোধ আৰু মনোভাৱ গঢ় দি তুলিছে। ফলস্বৰূপে সামাজিক আৰু সাংস্কৃতিক জীৱনত নৈতিকতাৰ স্খলন পৰিলক্ষিত হৈছে। এনে এটা সামাজিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমি সকলোৱে শিশুৰ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো।

নৈতিক শিক্ষাদানৰ ব্যৱস্থাঃ

 

এই শিক্ষা শিশুৰ নৈতিক চেতনা জন্ম হোৱাৰ ক্ষণৰে পৰা ইয়াৰ অনুশীলন, অভ্যাস গঠন আৰু বাস্তৱ পৰিস্থিতিত তাৰ প্ৰয়োগকৰণৰ যোগে বিকশাই যোগে বিকশাই তোলাৰ ব্যৱস্থা কৰা উচিত। ইয়াৰ বাবে সুস্থ, সুন্দৰ আৰু নৈতিকতাপূৰ্ণ গৃহ, সামাজিক আৰু শিক্ষা পৰিৱেশৰো প্ৰয়োজন। শিশুৰ নৈতিক শিক্ষা গতানুগতিক পুথিগত শিক্ষা ব্যৱস্থাৰ দৰে হোৱাৰ পৰিৱৰ্তে ই ব্যৱহাৰিক জীৱনৰ ক্ৰিয়া-আচৰণৰ অংশ-বিশেষত পৰিণত কৰি তুলিব লাগে। এই প্ৰসংগত শিশুৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখিব লাগে। ইয়াৰ উপৰি শিশুৰ নৈতিক শিক্ষা তাৰ সন্মানীয় আৰু আদৰ্শ স্থানীয় লোকৰ দ্বাৰাহে দিয়াৰ ব্যৱস্থা কৰা উচিত। সেইবুলি নৈতিক শিক্ষাৰ নামত স্কুলৰ পাঠ্যসূচী আৰু সময়সূচীৰ পৰিসৰ বৃদ্ধি কৰি তোলাৰো পোষকতা কৰিব নোৱাৰি। এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দেশত ১৯৬০ চনত শ্ৰীপ্ৰকাশ ধৰ্মীয় আৰু নৈতিক শিক্ষা-নিৰ্দেশনা কমিটিয়ে আৰু ১৯৬৬ চনত কোঠাৰি শিক্ষা আয়োগে শিক্ষাৰ বিভিন্ন স্তৰত নৈতিক শিক্ষাদানৰ আঁচনি দাঙি ধৰে। এইসমূহৰ ওপৰত ভিত্তি কৰি শিশুৰ নৈতিক শিক্ষাদান ব্যৱস্থাৰ এটি চমু আভাষ তলত দিবলৈ চেষ্টা কৰা হৈছে।

প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক পৰ্যায়তঃ

 

শিশু প্ৰায় দুবছৰ বয়সলৈকে নৈতিক চেতনাহীন হৈ থকা বাবে এই সময়ছোৱাত নৈতিক শিক্ষাৰ প্ৰশ্ন নুঠে। ইয়াৰ পিছৰ পৰা শিশু সুখ-দুখৰ প্ৰতি অধিক প্ৰতিক্ৰিয়াশীল হৈ উঠে। সেইবাবে পূৰ্ব-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়তহে এনে শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। শিশুৰ নৈতিক শিক্ষা প্ৰত্যক্ষ আৰু পৰোক্ষ এই দুই ভাবে দিয়া উচিত। ইয়াৰ বাবে শিশুৰ বয়স, বোধশক্তিআৰু তাৰ নৈতিক চেতনা বিকাশৰ বিভিন্ন পৰ্যায়ত দেখা পোৱা বৈশিষ্ট্যবোৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ব্যৱস্থা কৰিব লাগে। পূৰ্ব-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত শিশুৰ সমূহীয়া প্ৰাৰ্থনা, গীত-মাত, নৃত্য আদিৰ আয়োজন কৰিব পাৰি। খেলা-ধূলা আদিত যাতে শিশুৱে অনুশাসন মানি চলি নিৰ্ধাৰিত নীতি-নিয়মৰ অনুৱৰ্তী হৈ চলে তাৰ শিক্ষা আৰু অনুশীলন কৰিব লাগে। শিশুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা আদি ৰক্ষাৰ প্ৰতি চকু দিব লাগে। শিক্ষকে শিক্ষাদানৰ দৃশ্য-শ্ৰাব্য সঁজুলিবোৰৰ সৎ ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ শিশুমনত নৈতিকতাৰ ভাব জগাই তোলা চিত্ৰ, ৰঙীন চিত্ৰ-কলা, ভাস্কৰ্য, কথা-চিত্ৰ প্ৰদৰ্শন আদিৰ সহায় ল’ব পাৰে। শিশুৰ মনঃপুত হোৱা সাধুকথা, উপকথা আদিৰ যোগে সহজে নীতি-জ্ঞান আৰু নীতি-শিক্ষা দিয়াব পাৰি। সত্যৰ জয় আৰু অসত্যৰ পৰাজয় হোৱা, অন্যায়ৰ প্ৰতি ভয় কৰা, পাপক ঘৃণা কৰা, ভগৱানৰ প্ৰতি বিশ্বাস ৰখা, দুখীয়া-নিছলা আৰু দৈহিকভাৱে অক্ষম লোকক সহায় কৰা, গুৰুৰ প্ৰতি ভক্তি আৰু আনুগত্য প্ৰকাশ কৰা, জীৱ-জন্তুৰ প্ৰতি কৰুণা কৰা আদি বিবিধ নৈতিকতাৰ আদৰ্শ আৰু উপলব্ধি এই সাধুকথাবোৰৰ যোগে শিশু মনত জগাই তুলিব পাৰি। পৃথিৱীৰ বিখ্যাত ধৰ্মগুৰু আৰু সমাজ সংস্কাৰক মহাপুৰুষসকলৰ জীৱনী আৰু তেওঁলোকৰ শিকনিসমূহ শিশুৰ উপযোগী কৰি প্ৰদান কৰিব পাৰি। ইয়াৰ উপৰি ব্যৱহাৰিক জীৱনত প্ৰয়োগ হোৱা কেতবোৰ মানৱীয় অনুভূতিৰ শিশুৰ ক্ৰিয়া-আচৰণৰ যোগে জগাই তোলাৰ ব্যৱস্থা কৰিব পাৰি। দেশৰ প্ৰতি ভালপোৱা, সমাজৰ প্ৰতি আনুগত্য, কৰ্তব্যৰ প্ৰতি একাগ্ৰতাৰ ভাব, দুখ-কষ্টৰ প্ৰতি সহিষ্ণুতাৰ মনোভাৱ আৰু আনৰ প্ৰতি আত্মীয়তাৰ মনোভাৱ জগাই তোলা পৰিৱেশ আৰু পৰিস্থিতি গৃহ আৰু শিক্ষা পৰিৱেশত সৃষ্টি কৰি তুলিব লাগে। উল্লেখযোগ্য যে এই দুই পৰিৱেশ প্ৰকৃতপক্ষে সমন্বয়ৰক্ষী আৰু সহযোগিতাপূৰ্ণ কৰি তুলিব লাগে। স্কুলৰ নৈতিক শিক্ষাৰ মানদণ্ডই সেই সমাজৰ লোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ আশা-আকাংক্ষাও পূৰণ কৰিব পাৰিব লাগে।

মাধ্যমিক পৰ্যায়তঃ

 

শিক্ষাৰ মাধ্যমিক পৰ্যায়ৰ নৈতিক শিক্ষা অধিক আত্ম-বিশ্লেষণাত্মক আৰু উদ্দেশ্যধৰ্মী কৰি তুলিব লাগে। এই সময়ত কিশোৰ-কিশোৰীসকলে নৈতিক জীৱনৰ স্বতন্ত্ৰতা লাভ কৰে। নিজ বিচাৰ-বুদ্ধি আৰু বিবেকৰ প্ৰয়োগ কৰিব পৰা হয়। বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি নিজ দৃষ্টিভংগী, মনোভাৱ আৰু মূল্যবোধ গঢ় লৈ উঠিবলৈ ধৰে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত কিশোৰ-কিশোৰীসকলক প্ৰত্যক্ষ আৰু পৰোক্ষ এই দুই পদ্ধতিৰেই নৈতিক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে। শ্ৰেণীৰ আনুষ্ঠানিক পৰিৱেশত নৈতিক শিক্ষাদানৰ বাবে নিৰ্ধাৰিত সময়সূচীৰ লগতে কিছু সময় নিৰ্ধাৰণ কৰিব পাৰি। পৃথিৱীৰ বিখ্যাত ধৰ্মতত্ত্ববোৰৰ আদৰ্শ আৰু তাৰ শিকনিসমূহৰ অধ্যয়ন আৰু পৰ্যালোচনা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে। বুৰঞ্জী আৰু সমাজ বিজ্ঞানৰ অধ্যয়নৰ যোগে ছাত্ৰ-ছাত্ৰীৰ মনত নৈতিক মূল্যবোধ আৰু মানৱীয়তাৰ অনুভৱ জগাই তোলাটো প্ৰধান বৈশিষ্ট্য হোৱা উচিত। নৈতিক আৰু আধ্যাত্মিকতাৰ দিশত বিশিষ্ট ব্যক্তিসকলৰ কথিকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সময়ে সময়ে আয়োজন কৰিব লাগে। সকলো ধৰ্ম আৰু সাংস্কৃতিক গোষ্ঠী লোকৰে তাৎপৰ্যপূৰ্ণ সামাজিক উৎসৱ, পৰ্ব আৰু অনুষ্ঠান আদি গাম্ভীৰ্যপূৰ্ণভাৱে আৰু নৈতিকতাৰ এক উদাৰ মনোভাৱেৰে উদযাপনৰ ব্যৱস্থা কৰিব লাগে। সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে সক্ৰিয়ভাৱে এনেবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে তাৰ প্ৰতিও বিশেষ লক্ষ্য ৰাখিব লাগে। স্কুলৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগেয়ে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলে নীৰৱ প্ৰাৰ্থনা কৰা কাৰ্য নিয়মিতভাৱে অনুশীলন কৰিব লাগে। ইয়াৰ যোগেদি তেওঁলোকে নৈতিক মনোবল আৰু আত্মিক শক্তি লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ পিন্ধা-উৰাত সৰলতা, শালীনতা, সৌন্দৰ্য অনুভূতি আৰু সুৰুচিপূৰ্ণতা ৰক্ষা কৰি চলাৰ প্ৰতি আৰু আচাৰ-আচৰণ আদিত শিষ্টাচাৰ আৰু শালীনতা ৰক্ষা কৰাৰ প্ৰতি বিশেষ সচেতন হ’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ-আচৰণ সম্বন্ধে প্ৰয়োজনীয় শিক্ষা-নিৰ্দেশনাৰো ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ দীঘলীয়া বন্ধৰ সময়খিনিত সুপৰিকল্পিতভাৱে সমাজ সেৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিব পৰা যায়। এনে কাৰ্যসূচীৰ যোগে তেওঁলোকৰ মনত শ্ৰমৰ প্ৰতি মৰ্যাদাৰ ভাব, মানৱতাৰ প্ৰতি সেৱাৰ মনোভাৱ আৰু নিঃস্বাৰ্থ দেশপ্ৰেমৰ অনুভূতি জগাই তোলাটো মুখ্য উদ্দেশ্য হোৱা উচিত। কিশোৰ-কিশোৰীসকলৰ তেওঁলোকৰ সুস্থ যৌন জীৱনৰ ধাৰণা দিবৰ বাবে শিক্ষাৰ এই পৰ্যায়ত যৌন শিক্ষাদানৰো ব্যৱস্থা কৰা উচিত।

শিশুৰ নৈতিক বিকাশত পৰিয়ালৰ ভূমিকাঃ

 

ঘৰখনেই হৈছে শিশুৰ নৈতিক শিক্ষা আহৰণৰ সৰ্বপ্ৰথম অনুষ্ঠান। ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰা মাক-দেউতাকৰ এই ক্ষেত্ৰত এক বিশেষ দায়িত্ব আছে। নৈতিক দিশত শিশুৱে সদায় মাক-দেউতাকৰ কৰ্তৃত্ব মানি চলে, কাৰণ তাৰ বাবে মাক বা দেউতাকেই হৈছে সৰ্বজ্ঞ, সৰ্বশক্তিমান আৰু আদৰ্শ ব্যক্তি। তেওঁলোকৰ হাক-বচন আৰু বাধাদান কাৰ্য স্বাভাৱিক অৱস্থাত শিশুৱে নিৰ্বিবাদে গ্ৰহণ আৰু অনুসৰণ কৰে। সেইবাবে ইয়াৰ পূৰ্ণ উপযোগ কৰি তেওঁলোকে শিশুমনত উচিত আৰু অনুচিত ক্ৰিয়াৰ মূল নৈতিক চেতনা সাধাৰণভাৱে গঢ় দি তুলিব লাগে। মাক-দেউতাকৰ প্ৰতি থকা শিশুৰ এই আনুগত্য তথা দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে শিশুক হকে-বিহকে বাধাদান কৰি তাৰ মনত এক অবাস্তৱ আৰু ভুৱা নৈতিকতাৰ অৱস্থা সৃষ্টি কৰি তুলিব নালাগে। কাৰণ এনে আচৰণে শিশুমনত প্ৰকৃত নৈতিকতাৰ অনুভূতি জগাই তুলিব নোৱাৰি এই দিশত এক খেলিমেলিৰহে সৃষ্টি কৰিব পাৰে।

পূৰ্বেই উল্লেখ কৰা হৈছে যে শিশুৰ নৈতিক চেতনা গঢ় দি তোলাত মাক-দেউতাকৰ শাস্তি প্ৰদান কাৰ্যই বিশেষ কাম দিয়ে। এই শাস্তি বিভিন্ন উপায়ে আৰু ইয়াৰ বিভিন্ন মাত্ৰাত প্ৰয়োগ কৰিব পাৰি। অৱশ্যে এই সকলোবিধ শাস্তি সকলো পৰিস্থিতিতে সমানে প্ৰযোজ্য নহয়। শাস্তিৰ প্ৰয়োজনীয়তাও, প্ৰয়োগৰ পৰিস্থিতি, প্ৰয়োগকৰণ পদ্ধতি আৰু তাৰ মাত্ৰা সম্বন্ধে বিশেষ সাৱধান হ’ব লাগে। যিসকল মাক-দেউতাকৰ লগত শিশুৰ ভাল বুজাপৰা আৰু মৰমৰ আৱেগিক সম্বন্ধ থাকে তেওঁলোকৰ ক্ষেত্ৰত দৈহিক শাস্তি প্ৰয়োগৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নাই। শিশুৰ অনৈতিক আৰু আপত্তিজনক ক্ৰিয়াৰ বাবে তেওঁলোকে শিশুৰ পৰা আঁতৰি থকা, খোৱা আৰু খেলাৰ বস্তু দিবলৈ অস্বীকাৰ কৰা অথবা শিশুক মৰমৰ পৰা বঞ্চিত কৰা আদিৰ সাধাৰণ ভাবুকিয়েও কাম দিব পাৰে। শাস্তি প্ৰদানৰ এনে মনোবৈজ্ঞানিক কাৰ্যই শিশুৰ বিবেক-শক্তি আকৰ্ষণ কৰিব পাৰে। অৱশ্যে এনে কৃত্ৰিমবিধৰ ভাবুকি দিবলৈ যাওঁতে শিশুৰ বৌদ্ধিক ক্ষমতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। ইয়াৰ উপৰি এই দিশত প্ৰধান কথা হৈছে শিশুৰ লগত মাক-দেউতাকৰ এক নিবিড় আন্তৰিকতা আৰু পাৰস্পৰিক বুজাপৰাৰ ভাব থকাটো। শিশুৰ অনৈতিক আচৰণত তেওঁলোকে ক্ষুণ্ণতাৰ ভাব আৰু আচৰণ প্ৰকাশ কৰি দুখ মনেৰে কথা, শিশুৰ লগত কথা নপতা, আদান-প্ৰদান বন্ধ কৰা আদি কাৰ্যই তাৰ মনত দোষণীয়তা আৰু অনুশোচনাৰ ভাব সৃষ্টি কৰিব পাৰে। অৱশ্যে শিশুৰ ওপৰত এনেবিধ মনোবৈজ্ঞানিক শাস্তি প্ৰদান কাৰ্যৰ প্ৰভাৱ যাতে পৰিস্থিতি সাপেক্ষ, আত্ম-সংশোদনমূলক আৰু ক্ষন্তেকীয়া হয় আৰু ই যাতে শিশুমনে সহজে ল’ব পৰা বিধৰ হয় তাৰ প্ৰতি বিশেষ সানধান হ’ব লাগে।

পৰিয়ালৰ মাজত মাক-দেউতাকে শিশুক মৃদুভাৱে দৈহিক শাস্তি প্ৰয়োগৰ দ্বাৰা নৈতিকতাৰ ভাব গঢ়ি তুলিব পাৰে। শিশু-আচৰণৰ দৈহিক সুখ-দুখৰ পৰিণতিয়ে তাৰ নৈতিক চেতনা জগাই তোলে। শিশুৰ সহজ-সৰল বিবেচনা মতে সুখদায়ক পৰিণতি লাভ কৰাই ‘ভাল কাম’ আৰু দুখদায়ক পৰিণতি লাভ কৰাই ‘বেয়া কাম’। ভাল কামৰ বাবে পুৰষ্কাৰ আৰু বেয়া কামৰ বাবে শাস্তি কোনো কোনো সময়ত শিশুৱে বয়সস্থসকলৰ পৰা দাবীও কৰে। শিশুমনৰ এই সৰল বিশ্বাস উপযুক্তভাৱে প্ৰয়োগ কৰিবলৈ মৃদুভাৱে দৈহিক শাস্তিৰ প্ৰয়োজন। উল্লেখযোগ্য যে শিশুৱে বহু সময়ত মাক-দেউতাকে দিয়া দৈহিক শাস্তি আৰু নৈতিক-অনৈতিক ক্ৰিয়া-আচৰণবোৰ বিচাৰৰ মানদণ্ড স্বৰূপেও ব্যৱহাৰ কৰে। ‘তালৈ গ’লে মায়ে মাৰিব’, ‘এইটো কৰিলে দেউতাই খং কৰিব’ আদি পৰিচিত উক্তিসমূহে এই কথাৰ সত্যতা প্ৰণাণ কৰে। দৈহিক শাস্তি প্ৰয়োগৰ বেলিকা এই কথা বিশেষভাৱে লক্ষণীয় যে এনে শাস্তি প্ৰতিশোধমূলক মনোভাৱৰ নহৈ শিশুৰ নৈতিকতাৰ দিশত প্ৰতিষেধক ব্যৱস্থা স্বৰূপেহে প্ৰয়োগ কৰিব লাগে।

অত্যধিক আৱেগিক উত্তেজনা আৰু শিশুৰ আক্ৰমণাত্মক আচৰণ দমন আৰু সংশোধন কৰিবলৈ অথবা অৱস্থা বিশেষে ধৈৰ্যচ্যুত হৈ কোনো কোনো অভিভাৱকে কঠোৰ শাস্তি প্ৰদান কৰাও দেখা যায়। অৱশ্যে এনেবিধ শাস্তিয়ে শিশুৰ বিবেক-শক্তি জগাই তোলাৰ পৰিৱৰ্তে তাৰ অধিক অনিষ্ট সাধনহে কৰে। বহু সময়ত এই কঠোৰ শাস্তি প্ৰদানে শিশুক বিদ্ৰোহী আৰু অপৰাধপ্ৰৱণ মনৰহে কৰি তোলে। মনোবিশ্লেষণকাৰী সকলৰ মতেও এনেবিধ শাস্তি প্ৰদান কাৰ্যই শিশুক অৱদমনৰ অসুস্থ পথলৈহে ঠেলি দিয়ে। সেয়েহে ক’ব পাৰি যে পৰিয়ালৰ মাজত শিশুৰ নৈতিক জীৱন সুস্থ আৰু সুন্দৰভাৱে গঢ় দি তোলাটো এক কঠিন কাম। এই গোটেই বিষয়টো সূক্ষ্ম বিবেচনাৰে শুদ্ধভাৱে পৰিচালনা কৰিবলৈ মাক-দেউতাকৰ বিশেষ সহিষ্ণুতা, বুদ্ধিমত্তা আৰু দূৰদৃষ্টিৰ প্ৰয়োজন।

শিশুৰ আধ্যাত্মিক বিকাশঃ

নৈতিক অনুভূতিৰ লগত ওচৰ সম্বন্ধ থকা আন এটা আলোচ্য বিষয় হৈছে আধ্যাত্মিক অনুভূতি। শিশুৰ মনত ধৰ্মৰ তাত্বিক আৰু আধ্যাত্মিক দিশৰ মতবাদ সম্বন্ধে আলোচনা কৰিবলৈ যোৱাতো অবাস্তৱ কথা। কিন্তু এই আধ্যাত্মিকতাৰ অনুভূতি যে শিশু মনত কম বয়সৰে পৰা অভিজ্ঞতাৰ যোগে গঢ় লৈ উঠে তাক অস্বীকাৰ কৰিব নোৱাৰি। জন্ম, মৃত্যু, স্বৰ্গ, নৰক, ঈশ্বৰ আদি সম্বন্ধে শিশুৱে নিজস্বভাৱে প্ৰয়োজনীয় ধাৰণা লাভ কৰে আৰু এই ধাৰণাৰ দ্বাৰা তাৰ আচৰণ প্ৰভাৱিত হৈ উঠে। শিশু আচৰণৰ স্বৰূপ জানি উঠিবৰ বাবে তাৰ এই আধ্যাত্মিক জীৱনৰ অনুভূতি আৰু অভিজ্ঞতাবোৰৰ বিষয়ে বুজ লোৱাটো প্ৰয়োজন।

শিশুৰ নিচেই চালুকীয়া অৱস্থাত তাৰ মনত কোনো ধৰ্ম বা আধ্যাত্মিকতা সম্বন্ধে চেতনা সমূলি নাথাকে। প্ৰায় ৩ বছৰ বয়সৰৰ পৰাহে তাৰ কথা, ভাব আৰু ক্ৰিয়াত ই ক্ৰমে প্ৰকাশিত হৈ উঠিবলৈ ধৰে। শিশুৰ এই অনুভূতি প্ৰকাশ হোৱাটো ঘাইকৈ নিৰ্ভৰ কৰে তাৰ পৰিয়ালৰ ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশ আৰু বয়সস্থসকলে কৰা এই সম্বন্ধীয় ক্ৰিয়া-আচৰণৰ ওপৰত। যি পৰিয়ালত ধৰ্মীয় নীতি-নিয়ম আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ অভাৱ তেনে পৰিয়ালৰ শিশুৱে সমনীয়াৰ লগত কৰা খেলা-ধূলাৰ পৰিৱেশতহে এই সম্বন্ধে ধাৰণা লাভ কৰে। খেলা-ধূলাৰ বেলিকা নিজতকৈ বয়সত ডাঙৰ ল’ৰা-ছোৱালীবোৰে বালিৰে দ’ল সজা, পূজা কৰা আদি ক্ৰিয়া-আচৰণবোৰ আন্তৰিকতাৰে কৰা সি দেখে আৰু তাত নিজেও সহযোগিতা আৰু অনুকৰণ কৰে। ঘৰুৱা পৰিৱেশতো বয়সস্থসকলে পুৱা-গধূলি কৰা পূজা-সেৱা আৰু ভগৱানৰ প্ৰাৰ্থনা আদিত সি ভাগ লয় অথবা তেওঁলোকে শিশুক ভাগ ল’বলৈ মাতে। শিশুৱেও এনেবোৰ ক্ৰিয়াত অংশগ্ৰহণ কৰি আনন্দ পায়। বয়সস্থসকলেও তাৰ এনে কাৰ্যত আনন্দ-উৎসাহ যোগায়। ইয়াৰ ফলত ভগৱানৰ প্ৰতি এক অস্পষ্ট ভাব আৰু ধাৰণা শিশু-মনত গঢ় লৈ উঠে। পূৰ্ব-প্ৰাথমিক স্কুলতো শিশুৱে সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব পাৰে আৰু নিজক ‘ভাল ল’ৰা’ কৰি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। সি ভাবিব পাৰে যে ভগৱান স্বৰ্গত থাকে আৰু এই স্বৰ্গ আকাশৰ ওপৰত উৰি ফুৰা ডাৱৰবোৰৰ মাজত আছে। সি এই কথাও ভাবিব পাৰে যে তাৰ সকলো ক্ৰিয়াৰ ভাল-বেয়া এই ডাৱৰবোৰৰ মাজৰ পৰা লুকাই ভগৱানে চাই থাকে। তেওঁ ভাল কামৰ বাবে শিশুক পুৰষ্কাৰ আৰু বেয়া কামৰ বাবে শাস্তি দিয়ে। বেয়া কামৰ বাবে ভগৱানৰ খং উঠিলে বৰষুণ দিয়ে, বিজুলী ঢেৰেকণি আৰু ধুমুহা আদি মাৰে। অৱশ্যে এনেবোৰ ধাৰণা গঢ়ি তোলাত বয়সস্থসকলেও শিশুক সহায় কৰে। ভগৱানৰ দৈহিক আকাৰ-আকৃতি সম্বন্ধে তাৰ কোনো নিজস্ব ধাৰণা নাথাকে। সি জানে যে ভগৱানক আমি নেদেখো, ভগৱান সদায় লুকাই থাকে। কিন্তু কিয় নেদেখো এই সম্বন্ধে অধিক অনুসন্ধিৎসা ভাব অথবা ইয়াৰ যুক্তিসংগত কাৰণ সম্বন্ধে শিশু এই সময়ত অধিক সচেতন হৈ উঠিব নোৱাৰে। অৱশ্যে ৪-৫ বছৰ বয়সত শিশুৱে ভগৱান, স্বৰ্গ আদিৰ বিষয়ে কেতবোৰ সৰু-সুৰা প্ৰশ্ন কৰে যদিও তেনেবোৰ প্ৰশ্নৰ বিষয়ে আন্তৰিকতা থকা অথবা গুৰুত্ব দিয়া দেখা নাযায়।

পাঁচ বছৰীয়া শিশুৱে মৃত্যুৰ ধাৰণা কৰিব পাৰে। মৰিলে মানুহ স্বৰ্গলৈ যায় আৰু পুনৰ ঘূৰি নাহে- এনেবোৰ কথা ভাবি শিশু চিন্তিত হয়। পৰিয়ালৰ বা জনা-শুনা কোনো লোকৰ মৃত্যু হ’লে অথবা বাটে-পথে কৰবাত শৱযাত্ৰা দেখিলে সি মৃত্যুৰ কথা ভাবি উত্তেজিত হয় আৰু এই সম্বন্ধে বিবিধ প্ৰশ্ন কৰি উঠে। এনে কাৰণতে তাৰ মাক-দেউতাকৰো মৃত্যু হ’ব, এই কথা সি স্বীকাৰ কৰিব নোখোজে আৰু তেনে কথা সি নিজেও ভাবিবলৈ নিবিচাৰে। মানুহ বুঢ়া হয় আৰু বুঢ়া হ’লে মানুহ মৰে। মানুহ মৰাটো দুখৰ কথা। এইবোৰ সি বুজি পায়। কিন্তু কাৰোবাৰ মৃত্যুত সি নিজে হয়তো দুখ অনুভৱ নকৰাকৈয়ে থাকে। বয়সস্থসকলৰ দৰে সি মৃত্যুৰ তাৎপৰ্য অনুভৱ কৰিব নোৱাৰে। সেইবাবে নিজ মাক-দেউতাকৰ মৃত্যু হ’লেও সি প্ৰকৃত অৰ্থত গভীৰভাৱে শোক অনুভৱ কৰিব নোৱাৰে। সজীৱ আৰু নিৰ্জীৱ বস্তুৰ মাজত পাৰ্থক্য কৰিব নোৱাৰা বাবে শিশুৱে তাৰ খেলাৰ পুতলা বা কাঠৰ ঘোঁৰাটোৰো মৃত্যু হ’ব পাৰে বুলি ভাবে। ঘৰৰ কোনো পোহনীয়া জন্তুৰ মৃত্যুৱেও শিশুৰ মনত মৃত্যুৰ ধাৰণা স্পষ্ট কৰি তুলিব পাৰে। মানুহৰ মৃত্যু আৰু পোহনীয়া জন্তুৰ মৃত্যু, এই দুয়োটা মৃত্যুয়েই শিশুৰ বাবে একে সমান গুৰুত্বপূৰ্ণ কথা।

শিশুৰ প্ৰাথমিক পৰ্যায়ত ছবছৰৰ পৰা ৯-১০ বছৰ বয়সৰ ভিতৰত তাৰ মনত আধ্যাত্মিকতা ভাবৰ দৰ্শনীয় পৰিৱৰ্তন হয়। প্ৰাথমিক স্কুলৰ শিশুৱে ভগৱানক দেখাৰ আৰু জনাৰ বিশেষ আগ্ৰহ প্ৰকাশ কৰে। এই সময়ত সি ভগৱান সম্বন্ধে কৰা প্ৰশ্নবোৰ অধিক বাস্তৱমুখী আৰু অনুসন্ধানকাৰী বিধৰ হৈ উঠে। ভগৱানক দেখাটো সম্ভৱ নহয়, কিন্তু কিয়- এনেবোৰ প্ৰশ্নই তাৰ মনত আধ্যাত্মিক ভাবৰ এক ৰহস্য জগাই তোলে। বায়ু, পানী, মাটি, গছ-গছনি এই সকলোতে ভগৱান বিৰাজমান- এনেবোৰ বুজনি প্ৰকৃত অৰ্থ সি ভালদৰে বুজি নাপায়। ভগৱানক অধিক বাস্তৱ ৰূপত জানিবলৈ চেষ্টা কৰিও সি সন্তোষজনকভাৱে জানিব নোৱাৰে। ফলত এক অস্পষ্ট ধাৰণাই তাৰ মনত আগুৰি ধৰে। ঘৰত পুৱা-গধূলি কৰা নিয়মিত প্ৰাৰ্থনা, পূজা-সেৱা আদি সি যন্ত্ৰচালিত আৰু গতানুগতিকভাৱে কৰি যায়। কিন্তু কোনো বিশেষ পৰিস্থিতিত পূজা-প্ৰাৰ্থনাৰ বেলিকা সি অধিক আৱেগিক আৰু আন্তৰিকতাপূৰ্ণভাৱে ভগৱানক ভাবিব পাৰে। স্কুলত পতা সৰস্বতী পূজা তাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠে।

প্ৰাথমিক স্কুল পৰ্যায়ৰ দ্বিতীয়াৰ্ধত মৃত্যু সম্বন্ধে ল’ৰা-ছোৱালীৰ ধাৰণা অধিক উন্নত পৰ্যায়লৈ উঠে। দেহ আৰু আত্মাৰ মাজত সি পাৰ্থক্য বিবেচনা কৰিব পাৰে। দেহটোৰ বিনাশ হয়, আত্মাৰ বিনাশ নহয়- এনেবোৰ কথা ভাবিব পাৰে। মৰাৰ পিছত আত্মাই পুনৰ দেখা দিব পাৰে, এনে বিশ্বাস সি কৰে। পৃথিৱীত ভাল কাম আৰু বেয়া কামৰ বিচাৰ ভগৱানে মৃত্যুৰ পিছত কৰে। সেইবাবে ভাল কাম কৰি নিজে পাপমুক্ত হোৱা উচিত- এনেবোৰ চিন্তাই ল’ৰা-ছোৱালীক প্ৰভাৱিত কৰি তোলে। এই সময়ত ধৰ্মগ্ৰন্থৰ চৰিত্ৰ, নৈতিক আদৰ্শযুক্ত কাহিনী আদি অধ্যয়নৰ প্ৰতিও আগ্ৰহী হয়।

শিশুৰ বিবেক-শক্তিৰ বিকাশঃ

শিশুৰ নৈতিকতাৰ দিশ আলোচনা কৰিবলৈ যাওঁতে তাৰ বিবেক-শক্তিৰ বিকাশৰ কথা বাদ দিলে ই অসমাপ্ত হৈ ৰব। বিবেক বুলিলে আমি কি বুজো, এই কথা প্ৰথমেই স্পষ্ট হোৱা উচিত। ই হৈছে ব্যক্তিৰ এক আভ্যন্তৰীণভাৱে গঢ়ি উঠা আত্ম-নিয়ন্ত্ৰণ ক্ষমতা যি তেওঁৰ সামাজিক আৰু নৈতিক আদৰ্শ মূল্যবোধ আদিৰ দ্বাৰা প্ৰভাৱিত। বিবেকৰ বেলিকা সেইবাবে দুটা দিশ বিশেষভাৱে জড়িত, ইয়াৰ প্ৰথমটো হৈছে ব্যক্তিত্ব নিয়ন্ত্ৰণকাৰী মানসিক শক্তি, যাক ফ্ৰয়েদে ‘পৰাহং’ বুলি বৰ্ণনা কৰিছে। ইয়াৰ দ্বিতীয়টো হৈছে সামাজিক, সাংস্কৃতিক তথা নৈতিক আদৰ্শসমূহ, যাক আমি সামাজিক উত্তৰাধিকাৰ স্বৰূপে লাভ কৰো। ফ্ৰয়েদে ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত তিনিটা প্ৰভাৱশালী দিশৰ উল্লেখ কৰিছে। এইকেইটা হৈছে- ইড্ বা জীৱ বৰ্ত্যাহং, অহং আৰু পৰাহং বা সমাজ বৰ্ত্যাহং।

ইড্ হৈছে আমাৰ জৈৱিক তথা যৌন-সম্ভোগ পূৰণমুখী শক্তি, যি আমাৰ অচেতন মনৰ প্ৰবৃত্যাত্মক প্ৰয়োজনবোৰৰ মাজত নিহিত থাকে। দৈহিক সুখাভিমুখিতা হৈছে ইয়াৰ মূল নীতি। অহং হৈছে বাস্তৱ বিবেচনামুখী শক্তি, যি আমাৰ বাস্তৱত সম্ভৱ হৈ উঠা জৈৱিক প্ৰয়োজনবোৰ পূৰণ কৰাত আৰু বাস্তৱত সম্ভৱ হৈ নুঠা প্ৰয়োজনবোৰ ত্যাগ কৰিবলৈ মনক বুজনি দিয়াত সহায় কৰে। পৰাহং বা সমাজ বৰ্ত্যাহং হৈছে সমাজৰ নৈতিক আদৰ্শমুখী শক্তি, যি আমাৰ অচেতন মনৰ জীৱ বৰ্ত্যাহং বা জৈৱিক সুখাভিমুখী প্ৰয়োজনবোৰৰ যুক্ততা বা সমাজৰ গ্ৰহণযোগ্য সম্বন্ধে বিবেচনা কৰে। ই আমাৰ মনৰ এক নৈতিক নিয়ন্ত্ৰণ ক্ষমতা যি আমাৰ অনৈতিক আৰু অসামাজিক প্ৰবৃত্তিবোৰ চৰিতাৰ্থ কৰণত বাধাদান কৰে। এই মানসিক শক্তিটোৱেই আমাক অসামাজিক আৰু অনৈতিক ক্ৰিয়া আচৰণৰ প্ৰতি ভয়, লজ্জা আৰু দোষণীয়তাৰ মনোভাৱ জগাই তোলে। ই সমাজৰ গ্ৰহণীয় নীতি-নিয়ম আৰু আদৰ্শৰ ওপৰত আধাৰিত। ইয়েই সময়ত ব্যক্তিৰ বিবেক শক্তিত পৰিণত হয়গৈ। বিবেকে আমাৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনৰ মূল দিগদৰ্শনকাৰী এক অন্তশ্চালন শক্তি স্বৰূপে কাম কৰে। আমাৰ সকলো ক্ৰিয়া-আচৰণৰ ন্যায়-অন্যায়, উচিত-অনুচিত আৰু সমাজৰ গ্ৰহণযোগ্যতা আদিৰ বিচাৰ কৰি চাব পৰা ই এক ঐশ্বৰিক ক্ষমতা, যাৰ ফলত সমাজৰ চিৰন্তন মূল্যবোধসমূহ বৰ্তি থাকিব পাৰে।

মনোবিদ ফ্ৰয়েদৰ মতে শিশুৰ প্ৰায় পাঁচ বছৰ বয়সতেই এই পৰাহং ভাব মনত গঢ় লৈ উঠে। অৱশ্যে ইয়াৰ অনাৱশ্যকীয় পৈণতা লাভ কৰি উঠি বিবেকৰ বিচাৰ শক্তিত পৰিণত হ’বৰ বাবে শিশুৰ কিছু মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰয়োজন। বাল্যকালৰ দ্বিতীয়াৰ্ধ অথবা প্ৰাক-কৈশোৰ কালতহে ইয়াৰ উপযুক্ত প্ৰয়োগ সম্ভৱ হৈ উঠিব পাৰে। শিশু-মনৰ বিবেক গঢ়ি উঠাৰ বেলিকা তিনিটা দিশে বিশেষ প্ৰাধান্য বিস্তাৰ কৰে। এই কেইটা হৈছে-

(১) এখন সমাজৰ সাংস্কৃতিক মূল্যবোধ আৰু তাৰ মানদণ্ড।

(২) শিশুৰ বৌদ্ধিক বিকাশৰ মানদণ্ড আৰু

(৩) মাক-দেউতাকৰ লগত শিশুৰ আনুভূতিক সম্বন্ধৰ অৱস্থা।

এই তিনিওটা দিশৰে এই প্ৰসংগত কিছু ব্যাখ্যাৰ প্ৰয়োজন।

(১) শিশু জন্মৰ পিছত একো একোখন সমাজৰ সাংস্কৃতিক প্ৰভাৱৰ মাজেদি ডাঙৰ-দীঘল হয়। এই সাংস্কৃতিক প্ৰভাৱৰ মাজত সি কেতবোৰ প্ৰচলিত আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মমানি চলিব লাগে। পৰিয়ালৰ মাক-দেউতাক আৰু সমাজৰ আন আন লোকে শিশুৰ এনেবোৰ নীতি-নিয়ম পালনৰ প্ৰতি বিশেষ তৎপৰতা অৱলম্বন কৰে। এনেবোৰ নীতি-নিয়ম মানি চলি ক্ৰমে এক সাংস্কৃতিক জীৱন-যাপন কৰাৰ ফলত তাৰ এক বিশেষ মূল্যবোধ ভাব শিশু-মনত গঢ় লৈ উঠে। এনে মূল্যবোধ ভাবৰ মানদণ্ড অথবা তাৰ উপযুক্ততা সেই সাংস্কৃতিক নীতি-নিয়মৰ উচ্চ-মানবিশিষ্টতাৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে শিশুৰ মনত সাংস্কৃতিক জীৱনৰ প্ৰকৃত মূল্যবোধ জগাই তুলিবলৈ আৰু তাৰ যোগেদি বিবেকৰ গঢ় দি তুলিবলৈ প্ৰচলিত নীতি-নিয়মবোৰৰ আৱশ্যকীয় সংস্কাৰ সাধন কৰাটো প্ৰয়োজন।

(২) দ্বিতীয়তে এনে এক বিবেক-শক্তি গঢ় লৈ উঠিবলৈ শিশুৰ ব্যক্তিগতভাৱে কিছু বৌদ্ধিক ক্ষমতাৰো প্ৰয়োজন। সমাজৰ কেনেবোৰ নীতি গ্ৰহণীয় আৰু কেনেবোৰ নীতি গ্ৰহণীয় নহয় অথবা প্ৰচলিত নীতি-নিয়মসমূহ কিয় পালন কৰিব লাগে তাক বিচাৰ কৰি চাব পৰা শক্তি শিশুৰ গঢ়ি উঠিব লাগে। ব্যক্তিগতভাৱে কৰিব পৰা এনে বিচাৰ শক্তিয়েহে মনত বিবেকৰ জন্ম দিব পাৰে।

(৩) শিশু-মনত বিবেকৰ আনুভূতিক চেতনা জগাই তোলাত পৰিয়ালৰ মাজত থকা সুস্থ আৱেগিক সম্বন্ধই বিশেষ সহায় কৰে। পৰিয়ালৰ লোকসকলৰ মাজত পাৰস্পৰিক গ্ৰহণযোগ্যতা, বুজাপৰা, বিশ্বাসৰ মনোভাৱ আৰু সহৃদয়তা আদিয়ে শিশু-মনত মানৱীয় অনুভূতিবোৰৰ উপলব্ধি আৰু তাৰ অনুশীলনত সহায় কৰে। পৰিয়ালৰ বিভিন্ন সামাজিক পৰিস্থিতিত তাৰ কোনো ব্যতিক্ৰম নোহোৱাকৈ নীতিগতভাৱে পালন কৰা আদি কাৰ্যই শিশু-মনত এক সুস্থ নৈতিকতাৰ অনুভূতি জগাই তোলে। মাক-দেউতাককে আদি কৰি পৰিয়ালৰ লোকসকলৰ মাজত আৱেগিক দিশত এই যুক্তিসংগত আৰু নীতিসংগত ক্ৰিয়া-আচৰণে শিশু-মনত নৈতিকতাৰ মূল্যবোধ তথা বিবেকৰ সৃষ্টি কৰে।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে পৰিয়ালৰ সাংস্কৃতিক মূল্যবোধ আৰু আনুভূতিক বুজাপৰা আৰু সহৃদয়তাৰ অৱস্থাই শিশুৰ মনত তাৰ বিবেকৰ জন্ম দিয়ে। সেইবাবে শিশুৰ বিবেক-পৰিচালিত আচৰণ গঢ় দি তোলাত মাক-দেউতাকৰ ভূমিকাই সৰ্বাধিক। কোৱা বাহুল্য যে বিবেক-পৰিচালিত আচৰণেই আদৰ্শ ব্যক্তিত্ব গঢ় দি তোলে।

শিশুৰ অনুশাসনীয়তাঃ

অনুশাসনৰ অৰ্থঃ

শিশুৰ ব্যক্তিগত আৰু সামাজিক জীৱনত আয়ত্ব কৰিব লগা ব্যক্তিত্বৰ এটা প্ৰধান গুণ হৈছে অনুশাসনীয়তা। এই সম্বন্ধে শিক্ষক-অভিভাৱক আদি সমাজৰ সকলো শ্ৰেণী লোকেই বিশেষ সচেতন। ছাত্ৰ-ছাত্ৰীৰ মন আৰু ক্ৰিয়া-আচৰণ অনুশাসনমুখী কৰি তোলাটো শিক্ষাৰ প্ৰধান উদ্দেশ্য বুলিও কোনো কোনো সময়ত কোৱা হয়। অৱশ্যে অনুশাসন শব্দৰ অৰ্থ বিভিন্ন দিশত আৰু ইয়াৰ প্ৰয়োগৰ বিভিন্ন প্ৰসংগত ভিন ভিন হোৱাটো দেখিবলৈ পোৱা যায়। শিশুৰ ব্যক্তিত্ব বিকাশৰ প্ৰসংগত অনুশাসন বুলিলে আমি কি বুজো সেই কথা প্ৰথমেই স্পষ্ট হোৱাটো প্ৰয়োজন।

সমাজৰ দ্বাৰা স্বীকৃত আৰু গ্ৰহণযোগ্য নৈতিক ক্ৰিয়া-আচৰণবোৰ গ্ৰহণৰ বাবে প্ৰবৃত্যাত্মক শিশুক যি প্ৰয়োজনীয় শিক্ষা-নিৰ্দেশনা দিয়া হয় সেয়ে অনুশাসন। ইয়াৰ দ্বাৰা শিশুক সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ অনুৱৰ্তী আৰু অনুগামী হৈ চলিবলৈ শিকোৱা হয়। প্ৰতিটো শিশুৱেই তাৰ সামাজিক বিকাশৰ লগে লগে নিজ ক্ৰিয়া-আচৰণৰ আৱশ্যকীয় সংশোধন আৰু পৰিৱৰ্তন সাধন কৰি নিজকে সমাজৰ গ্ৰহণযোগ্য কৰি তুলিব লাগে। সমাজৰ কেনেবোৰ ক্ৰিয়া-আচৰণ গ্ৰহণীয় আৰু কেনেবোৰ ক্ৰিয়া-আচৰণ গ্ৰহণীয় নহয় তাক সেই সমাজলৈ অহা এটি শিশুৱে জানিব লাগে আৰু তাৰ অনুৱৰ্তী হৈ চলিব লাগে। সামাজিক জীৱন-যাপনৰ এক প্ৰধান বৈশিষ্ট্য হৈছে ব্যক্তিৰ আচৰণ ন্যায়সংগত আৰু সমাজৰ নীতিসংগতভাৱে পৰিচালিত কৰা। তেনে কৰিলেহে ব্যক্তি স্বাৰ্থ আৰু তাৰ লগতে সামাজিক স্বাৰ্থ ৰক্ষা হ’ব পাৰে, সমাজৰ সকলো কাম নিয়াৰিকৈ চলিব পাৰে। এনে এটা গ্ৰহণযোগ্য সামাজিক ব্যৱস্থাই হৈছে অনুশাসন। ইয়াৰ লগত শিশুক পৰিচয় কৰাই দিয়া আৰু তাৰ দ্বাৰা শিশু-আচৰণ গ্ৰহণযোগ্য নীতি-নিয়মৰ অনুৱৰ্তী কৰি তোলা কাৰ্যই হৈছে শিক্ষা-অনুশাসন। শিশু-আচৰণ স্বাভাৱিকতেই আত্মকেন্দ্ৰিক, জৈৱিক প্ৰয়োজনমুখী আৰু প্ৰবৃত্তি-পৰিচালিত বিধৰ হয়। এনে আচৰণৰ অপ্ৰত্যাশিত আৰু সমাজৰ নীতি-বিৰোধী আচৰণবোৰ পৰিহাৰ কৰি মাৰ্জিত, শৃংখলাবদ্ধ আৰু সমাজৰ গ্ৰহণযোগ্য কৰি তোলা কাৰ্যই হৈছে অনুশাসন। এনে অনুশাসনৰ দ্বাৰাহে শিশুৱে সমাজত নিজকে ভালদৰে খাপ খুৱাই ল’ব পাৰে আৰু ব্যক্তিত্বৰ সুস্থ সমাযোজন কৰিব পাৰে।

এনে অনুশাসন কাৰ্যত প্ৰধানকৈ তিনিটা কথা বিশেষভাৱে মন কৰিবলগীয়া। প্ৰথম কথা হৈছে শিশুৰ বাহ্যিক আচৰণ প্ৰচলিত নীতি-নিয়মৰ অনুৱৰ্তী হ’বলৈ শিকোৱা। দ্বিতীয়তে শিশুৱে ইচ্ছাকৃতভাৱে আৰু বিৰুদ্ধাচৰণ মনোভাৱেৰে প্ৰচলিত নিয়ম উলংঘা কৰা কাৰ্যত বাধা দিবলৈ শাস্তি প্ৰয়োগ কৰা। তৃতীয়তে শিশুৱে সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম ইচ্ছাকৃতভাৱে মানি চলিবলৈ প্ৰণোদন বা অভিৰোচনৰ ব্যৱস্থা স্বৰূপে পুৰষ্কাৰ প্ৰদান কৰা।

ওপৰত কৰা আলোচনাৰ পৰা শিশুৰ অনুশাসন ব্যৱস্থাক ঘাইকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে- (১) বাহ্যিকভাৱে আচৰণৰ নিয়ন্ত্ৰণ অথবা বাহ্যিক অনুশাসন আৰু (২) মানসিক তথা আভ্যন্তৰীণভাৱে আচৰণৰ নিয়ন্ত্ৰণ অথবা আভ্যন্তৰীণ অনুশাসন। ইয়াৰ প্ৰথমবিধে শিশুৰ বাহ্যিক চলন-ফুৰণ, ক্ৰিয়া-আচৰণ আদি দৈহিকভাৱে সুশৃংশল আৰু নিয়মৰ অনুৱৰ্তী কৰি তোলাক বুজায়। দ্বিতীয়বিধে শিশুৰ মন আৰু ইচ্ছা-শক্তিৰ স্বতঃপ্ৰণোদিত নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে।

অনুশাসনৰ বিভিন্ন প্ৰকাৰঃ

অনুশাসন অবিহনে সমাজ বৰ্তি থাকিব নোৱাৰে। সেইবাবে মানুহৰ মনত অনুশাসনৰ মনোভাৱ আৰু ইয়াক ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা অতি পুৰণি। অৱশ্যে এই অনুশাসন ব্যৱস্থা কাৰ্যকৰী কৰা নীতি আৰু পদ্ধতি সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহিছে আৰু সি আমাৰ শিশু-শিক্ষা ব্যৱস্থাত প্ৰতিফলিত হৈ উঠিছে। বিভিন্ন সময়ত গ্ৰহণ কৰা অনুশাসনৰ এই নীতি আৰু পদ্ধতিক প্ৰধানকৈ নিম্নলিখিতভাৱে তিনি প্ৰকাৰে বৰ্ণনা কৰিব পাৰি।

(১) প্ৰভুত্ব-প্ৰধান অনুশাসনঃ

অনুশাসনৰ এই ধাৰণা আপেক্ষিকভাৱে পুৰণি। ইয়াত অনুশাসনৰ বাবে গ্ৰহণ কৰা নীতি-নিয়মবোৰ নিৰ্বিবাদে আৰু এক আনুগত্যৰ মনোভাৱেৰে শিশুৱে পালন কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়। সমাজে অথবা সমাজৰ কৰ্তৃত্বশীল ব্যক্তিয়ে শিশুৰ ওপৰত গতানুগতিক নীতি-নিয়মবোৰ আৰোপ কৰা আৰু শিশুৱে তাক একান্ত বাধ্যতাৰে পালন কৰে। শিশুৰ বাবে এইসমূহৰ প্ৰয়োজনীয়তা অথবা তাৰ যুক্তিযুক্ততাৰ প্ৰশ্ন সমূলি বিবেচনা কৰা নহয়। শিশুৱে নীতি-নিয়মবোৰ পালনত ব্যৰ্থ হৈ বাধ্যতা আৰু আনুগত্য ভংগ কৰিলে দৈহিক শাস্তি প্ৰয়োগ কৰা হয় আৰু এনে কাৰ্যৰ বাবে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে। শিশুক শাস্তি কিয় দিয়া হ’ল অথবা এই শাস্তি কিয় পোৱা উচিত তাৰ কোনো কাৰণ দৰ্শোৱাৰো প্ৰয়োজন ইয়াত অনুভৱ কৰা নহয়। কঠোৰ দৈহিক শাস্তি প্ৰদান কৰা কাৰ্য শিশুৰ ভৱিষ্যৎ আচৰণৰ সংশোধন ব্যৱস্থা স্বৰূপে গ্ৰহণ কৰা হয়। শিশু-মনৰ ইচ্ছা-আগ্ৰহ, মনোভাৱ, প্ৰয়োজন আদিৰ কথা কৰ্তৃপক্ষই ইয়াত সমূলি চিন্তা নকৰে। আনহাতে শিশুৱে ঐচ্ছিকভাৱে কৰা কোনো সামাজিক নীতি-সংগত ক্ৰিয়া-আচৰণ প্ৰদৰ্শনৰ বাবে পুৰষ্কাৰ অথবা প্ৰশংসা কৰাৰ প্ৰয়োজন বিবেচনা কৰা নহয়। শিশুক স্বাধীনতা আৰু আত্ম-প্ৰকাশৰ সুবিধা দিয়াটো ক্ষতিকাৰক বুলিহে ভবা হয়। এই অনুশাসন ব্যৱস্থাৰ মূল নীতি হৈছে প্ৰভুত্ব বিস্তাৰৰ দ্বাৰা দমন আৰু অনুশাসন কৰা।

(২) স্বাভাৱিক পৰিণতিৰ দ্বাৰা অনুশাসনঃ

ওপৰত আলোচনা কৰা অনুশাসন ব্যৱস্থাৰ প্ৰতিবাদ স্বৰূপে চিন্তাবিদসকলে বিশেষকৈ দাৰ্শনিক ৰুচোৰ নেতৃত্বত এইবিধ অনুশাসন ব্যৱস্থা জনপ্ৰিয় কৰি তোলা হয়। ইয়াৰ মূল দৃষ্টিভংগী হৈছে শিশুৰ ওপৰত আৰোপ কৰা সকলো ধৰণৰ কৰ্তৃত্ব, নীতি-নিয়ম আৰু বাধা-নিষেধ আদি সম্পূৰ্ণ তুলি দি এক মুক্ত আৰু প্ৰাকৃতিক পৰিৱেশ ৰচনা কৰা। এনে পৰিৱেশত শিশুৱে নিজ অভিজ্ঞতা আৰু ক্ৰিয়া-পৰিণতিৰ যোগে আত্ম-সংশোধন আৰু আত্ম-অনুশাসন লাভ কৰিব পাৰে। বাধাহীনভানে কৰা নিজ ক্ৰিয়া-আচৰণৰ সুখদায়ক আৰু দুখদায়ক পৰিণতিৰ যোগে শিশুৱে জানি উঠিব পাৰে কোনটো সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনটো গ্ৰহণযোগ্য নহয়। ইয়াৰ বাবে বয়সস্থসকলৰ নীতি-নিৰ্দেশনা অথবা শাস্তি প্ৰদান কাৰ্যৰ প্ৰয়োজন নহয়। নিজ ক্ৰিয়াৰ স্বাভাৱিক তথা অনিবাৰ্য পৰিণতিয়েই শিশুক অনুশাসনৰ পথ আৰু সমাজৰ গ্ৰহণযোগ্য নীতি প্ৰদৰ্শন কৰে। শিশুৰ ক্ৰিয়া-আচৰণ আশানুৰূপ অথবা গ্ৰহণযোগ্য কৰি তুলিবলৈ প্ৰলোভন বা প্ৰণোদন ব্যৱস্থাৰ যোগে পুৰষ্কাৰ আৰু প্ৰশংসা আদিও কৰা নহয়। এনে অনুশাসন ব্যৱস্থাত শিশুৱে নিজেই নিজৰ পথ প্ৰদৰ্শক আৰু পৰিচালকৰ ভূমিকা গ্ৰহণ কৰে। সমাজৰ প্ৰচলিত গতানুগতিক নীতি-নিয়ম বাহ্যিকভাৱে শিশুৰ ওপৰত আৰোপকৰণে শিশুৰ আত্ম-অনুশাসনত ক্ষতিসাধন কৰা বুলিহে বিবেচনা কৰা হয়।

(৩) গণতান্ত্ৰিক অনুশাসনঃ

বৰ্তমান গণতন্ত্ৰৰ সমাজমুখী চিন্তাধাৰাই শিশুৰ অনুশাসন নীতিতো প্ৰভাৱ পেলাইছে। গণতান্ত্ৰিক অনুশাসন ব্যৱস্থাই শিশুক সমাজৰ প্ৰচলিত নীতি-নিয়ম ভালদৰে জানি উঠাত আৰু সেইবোৰৰ উপযুক্ততা-অনুপযুক্ততা বিচাৰ কৰি চোৱাত অধিকাৰ প্ৰদান কৰে। সমাজৰ অনুশাসনৰ বাবে নীতি-নিয়মবোৰৰ কিয় প্ৰয়োগ কৰা হৈছে, সেইবোৰৰ সবলতা-দুৰ্বলতা ক’ত অথবা সেইবোৰ কি পৰিমাণে গ্ৰহণযোগ্য এনেবোৰ কথা বিবেচনা কৰি চাইহে শিশুৱে তাক গ্ৰহণ কৰে। কোনো কৰ্তৃত্বশীল ব্যক্তি বা গোষ্ঠীৰ দ্বাৰা এই নীতিসমূহ শিশুৰ ওপৰত অন্ধভাৱেঅথবা বলপূৰ্বকভাৱে জাপি দিয়া উচিত নহয়। ইচ্ছাকৃতভাৱে শিশুৱে তাক গ্ৰহণ নকৰিলে শাস্তিৰ ভয় দেখুওৱা নহয়। শিশুৱে নীতি-নিয়মবোৰ জানি-শুনি তাক নিজ মনে গ্ৰহণৰ ওপৰতহে ইয়াত জোৰ দিয়া হয়। আনকি শিশু কম বয়সীয়া হ’লেও প্ৰচলিত নীতিৰ অন্ধ সমৰ্থন ইয়াত বিচৰা নহয়। এনেবিধ অনুশাসনত শাস্তিৰ ব্যৱস্থা সম্পূৰ্ণ তুলি দিয়া হোৱা নাই। কিন্তু এনে শাস্তিৰ কাৰণ শিশুৱে নিজস্বভাৱে উপলব্ধি কৰি শাস্তিৰ গ্ৰহণযোগ্যতা স্বীকাৰ কৰি লব পাৰিব লাগে। পুৰষ্কাৰ প্ৰদানৰ বেলিকাও সি প্ৰলোভনসূচক নহৈ শিশু আচৰণৰ বাবে যথোচিত আৰু যুক্তিসংগত বিধৰ হ’ব লাগে। গণতান্ত্ৰিক অনুশাসনৰ মূল উদ্দেশ্য হৈছে সমাজৰ নীতি-নিয়মবোৰ অন্ধ আৰু গতানুগতিকভাৱে গ্ৰহণ কৰাৰ পৰিৱৰ্তে তাৰ উপযুক্ততা আৰু গ্ৰহণযোগ্যতা বিচাৰ কৰি চাবলৈ শিশুক অধিকাৰ আৰু কৰ্তব্য দিয়া। এইবিধ অনুশাসনৰ শিক্ষামূলক দিশ সেয়েহে বৰ্তমান অধিক জনপ্ৰিয় হৈ উঠিছে।

ওপৰত বৰ্ণনা কৰা শিশু অনুশাসন নীতি কেইটাৰ মূল্যায়ণ স্বৰূপে ক’ব পাৰি যে গণতান্ত্ৰিক অনুশাসন ব্যৱস্থাই হৈছে অধিক শিক্ষামূলক। কাৰণ ইয়াত সমাজৰ নীতি-নিয়মবোৰৰ সম্বন্ধে শিশুৰ শুদ্ধ উপলব্ধি আৰু সেই অনুসাৰে আচৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ অধিকাৰ দিয়া হৈছে। এই নীতি-নিয়মবোৰ অন্ধভাৱে আৰু বলপূৰ্বকভাৱে জাপি দিয়া অথবা তাক গ্ৰহণৰ বাবে হেঁচা দি শাস্তি প্ৰয়োগৰ ব্যৱস্থা কৰা হোৱা নাই। আনহাতে আত্ম-নিয়ন্ত্ৰণহীন শিশুক পূৰ্ণ স্বাধীনতা দি যি মন যায় তাকে অবাধে কৰিবলৈও দিয়া হোৱা নাই। নিজ ক্ৰিয়াৰ স্বাভাৱিক পৰিণতি অনুসৰি পোৱা শাস্তি আৰু তাৰ যোগেদি শিশু অনুশাসিত হোৱা ব্যৱস্থাও সকলো সময়তে নিৰ্ভৰযোগ্য বুলিব নোৱাৰি। এনেবোৰ কথালৈ লক্ষ্য কৰি ক’ব পাৰি যে গণতান্ত্ৰিক অনুশাসন ব্যৱস্থাই বৰ্তমান শিশু অনুশাসনৰ বাবে অধিক গ্ৰহণযোগ্য।

(অষ্টম অধ্যায়)

শিশুৰ ওপৰত বিভিন্ন অনুশাসন পদ্ধতিৰ প্ৰভাৱঃ

প্ৰভুত্ব প্ৰদানতা, স্বাভাৱিক পৰিণতি আৰু গণতান্ত্ৰিকতা এই তিনিবিধ অনুশাসন ব্যৱস্থাৰে নিজ নিজ প্ৰভাৱ শিশুৰ আচৰণ, মনোভাৱ আৰু ব্যক্তিত্বত পৰে। উল্লেখযোগ্য যে আমাৰ বিভিন্ন সামাজিক পৰিৱেশত শিক্ষক-অভিভাৱকসকলে শিশুৰ অনুশাসন ব্যৱস্থাত এই তিনিওটা পদ্ধতিৰেই পৃথক পৃথক নীতিসমূহ কম-বেছি পৰিমাণে প্ৰয়োগ কৰে। সেইবাবে শিশুৰ ওপৰত পৰা ইয়াৰ সম্ভাৱ্য প্ৰভাৱ আৰু প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে সচেতন হোৱাটোও প্ৰয়োজন বুলি আমি অনুভৱ কৰো।

দেখা যায় যে কঠোৰ অনুশাসন আৰু কৰ্তৃত্বশীল প্ৰভাৱৰ মাজত গঢ়ি উঠা শিশুৰ আচৰণ কৃত্ৰিমতাপূৰ্ণ হয়। এনে শিশুৱে কৰ্তৃত্বশীল ব্যক্তি অথবা বয়সস্থসকলৰ উপস্থিতিত একান্ত বাধ্য আৰু অনুগত স্বৰূপে বাহ্য আচৰণ প্ৰদৰ্শন কৰে। কিন্তু নিজৰ সমনীয়াৰ লগত তাৰ আচৰণ ৰুঢ় আৰু আক্ৰমণাত্মক বিধৰ হয়। যিবিলাক শিশু অবাধ স্বাধীনতাৰ মাজত মুক্তভাৱে কটায় তেনে শিশুৰ আচৰণ হয় অসামাজিক, আত্মকেন্দ্ৰিক আৰু আক্ৰমণাত্মক বিধৰ হয়। যিবিলাক শিশু অবাধ স্বাধীনতাৰ মাজত মুক্তভাৱে কটায় তেনে শিশুৰ আচৰণ হয় অসামাজিক, আত্মকেন্দ্ৰিক আৰু আক্ৰমণাত্মক বিধৰ। সি আন লোকৰ প্ৰতি অধিকাৰৰ প্ৰতি সচেতন আৰু মনোযোগী হ’ব নোৱাৰে। আনহাতে গণতান্ত্ৰিক অনুশাসন ব্যৱস্থাৰ মাজত লালন-পালন হোৱা শিশুৱে নিজৰ যিটো ভুল বুলি অনুভৱ কৰে তেনে আচৰণৰ পৰা নিজক বিৰত ৰাখিব পাৰে। এনে শিশু আনৰ অধিকাৰৰ প্ৰতিও সচেতন হ’ব পাৰে।

পৃথক অনুশাসন ব্যৱস্থাই শিশুৰ দৃষ্টিভংগী আৰু মনোভাৱ আদিতো পৃথক পৃথক প্ৰভাৱ পেলায়। কৰ্তৃত্বশীল প্ৰভাৱ আৰু কঠোৰ অনুশাসনৰ মাজত থকা শিশুৱে কৰ্তৃপক্ষৰ প্ৰতিও সদায় কঠোৰ মনোভাৱ গ্ৰহণ কৰে। নিজক অসুস্থভাৱে ব্যৱহাৰ কৰা হৈছে বুলি সি অভিভাৱকৰ প্ৰতি সুস্থ মনোভাৱ গ্ৰহণ কৰিব নোৱাৰে। নিজৰ মুক্ত স্বভাৱৰ বাবে হোৱা ভুল-ভ্ৰান্তিৰ বাবে সিও কৰ্তৃপক্ষকেই দোষাৰোপ কৰে। আনহাতে এনে পৰিস্থিতিত গণতান্ত্ৰিক মনোভাৱৰ শিশুৰ দৃষ্টিভংগী ওপৰত উল্লেখ কৰাৰ দৰে উগ্ৰ আৰু অনিষ্টকাৰী বিধৰ নহয়। ভিন্ন অনুশাসনৰ তলত শিশু-মনত গঢ়ি উঠা এনে দৃষ্টি পৰৱৰ্তী কালত ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি সম্প্ৰসাৰিত হয়।

এই তিনিবিধ অনুশাসন ব্যৱস্থাৰ ফলস্বৰূপে শিশুৱে কৰা ব্যক্তিত্ব সমাযোজনৰ পদ্ধতিত মন কৰিবলগীয়া। কৰ্তৃপক্ষই কঠোৰ শাস্তিৰ যোগে দমন কৰা শিশু হয় বিষণ্ণ মনৰ, অনমনীয় আৰু নেতিবাচক মনোভাৱৰ। এনে শিশুৱে নিজ পৰিৱেশ আৰু বন্ধু-বান্ধৱৰ লগত সুস্থভাৱে নিজক সমাযোজন কৰাত স্বাভাৱিকতেই ব্যৰ্থ হয়। মুক্ত অনুশাসনৰ শিশুৱেও নিজৰ আৱেগ-অনুভূতিৰ ওপৰত সুস্থ নিয়ন্ত্ৰণ নথকা বাবে পৰিৱেশত ভালদৰে খাপ খুৱাই ল’ব নোৱাৰে। কেৱল গণতান্ত্ৰিক অনুশাসনমনা শিশুৱেহে এনেবোৰ অসুবিধা অতিক্ৰম কৰি পৰিৱেশত ব্যক্তিগত আৰু সামাজিকভাৱে সমাযোজন স্থাপন কৰিব পাৰে।

শিশু-অনুশাসনৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্যঃ

(১) শিশু-অনুশাসনৰ বাহ্যিক আৰু আভ্যন্তৰীণ এই দুটা দিশ বিবেচনা কৰিব লাগে। বাহ্যিকভাৱে দৈহিক ক্ৰিয়া-আচৰণবোৰ নীতিসংগতভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাক বুজায়। আভ্যন্তৰীণভাৱে প্ৰচলিত নীতি-নিয়মৰ গ্ৰহণযোগ্যতা নিজ মনত অনুভৱ কৰি উঠিব পৰাটোক বুজায়।

(২) কম বয়সীয়া শিশুৰ বাবে অনুশাসন ব্যৱস্থাত দৈহিক শাস্তি প্ৰয়োগৰ এক গঠনাত্মক ভূমিকা থাকে। শিশুৱে দৈহিক সুখ-দুখৰ পৰিণতি অনুযায়ী প্ৰতিক্ৰিয়া কৰে আৰু তাৰ যোগেদি আচৰণৰ উচিত-অনুচিতৰ ধাৰণা কৰিব পাৰে। উল্লেখযোগ্য যে সময়ত তাৰ মনত যুক্তিযুক্ততাৰ বিচাৰ কৰিব পৰা বৌদ্ধিক ক্ষমতা নাথাকে। সেইবাবে এটা সময়ত অনুশাসনৰ নামত শিশুৱে মাক-দেউতাকৰ মাৰ খোৱাটো এটা স্বাভাৱিক কথা।

(৩) শিশুৰ বাবে অনুশাসন ব্যৱস্থা হৈছ দৈহিকভাৱে সামাজিক ক্ৰিয়াৰ অনুশীলন আৰু অভ্যাস গঠন কৰা কাৰ্য। ক্ৰিয়াৰ পুনৰাবৃত্তিৰ যোগে তাৰ স্থায়িত্ব লাভ কৰা হয় আৰু সি অভ্যাসত পৰিণত হয়। এই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে শিশু শিক্ষাৰ উদ্দেশ্য হৈছে সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া-আচৰণৰ অনুশীলন কৰা আৰু অসামাজিক ক্ৰিয়া-আচৰণবোৰ ত্যাগ কৰা।

(৪) ল’ৰা-ছোৱালীৰ মাজত অনুশাসনৰ মনোভাৱৰ পাৰ্থক্য পৰিলক্ষিত হয়। ল’ৰাতকৈ ছোৱালীৰ আচৰণ অধিক নিয়ন্ত্ৰিত আৰু অনুশাসিত বিধৰ হয়। ল’ৰাক ছোৱালীতকৈ অধিক স্বাধীনতা দিয়া বাবে ল’ৰাৰ মনত আইন অমান্য কৰাৰ প্ৰবৃত্তি তথা অনুশাসনহীনতাৰ ভাব ছোৱালীতকৈ বেছি হোৱাটো স্বাভাৱিক।

(৫) অনুশাসন ব্যৱস্থাৰ লগত শিশুৰ দেহ-মানসিক বিকাশৰ বিভিন্ন পৰ্যায় জড়িত। শিশুৰ নৈতিক বিকাশৰ বিভিন্ন অৱস্থা অনুসৰিহে অনুশাসনৰ ব্যৱস্থা কৰিব লাগে। একেবিধ অনুশাসনৰ নীতি বা পদ্ধতি সকলো পৰ্যায়ৰ ল’ৰা-ছোৱালীৰ বাবে সমানে উপযোগী হৈ উঠিব নোৱাৰে। শিশুৰ ব্যক্তি-পাৰ্থক্য অনুযায়ী আৰু পৰিস্থিতি সাপেক্ষেহে অনুশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(৬) শিশু প্ৰকৃতি স্বাভাৱিকতেই অনুশাসনমনা। কোনো ব্যক্তি বা নীতিৰ অধীন হোৱাটো আৰু তাৰ নিৰ্দেশ মতে ক্ৰিয়া পৰিচালিত হোৱাটো শিশুৱে সচৰাচৰ বিচাৰে। সি স্বাভাৱিকতেই পৰনিৰ্ভৰশীল। কোনো কোনো সময়ত শিশুৱে অনুশাসনহীন আচৰণ এইবাবেই কৰি যায় যে বয়সস্থসকলে তাৰ এনে আচৰণ কেতিয়া বাধা দিব অথবা এই আচৰণ কেতিয়া তেওঁলোকৰ বাবে আপত্তিজনক স্বৰূপে বিবেচিত হ’ব তাক সি জানি উঠিব পাৰে।

(৭) শিশু বিকাশৰ এটা সময়ত তাৰ আচৰণ নেতিবাচক, বিৰোধমূলক আৰু উগ্ৰ স্বভাৱৰ পৰিলক্ষিত হয়। এনে অৱস্থাত শিশুৰ প্ৰতি কঠোৰ মনোভাৱ গ্ৰহণ আৰু কটকটীয়া নীতি-নিয়মৰ অধীন কৰিবলৈ যোৱাৰ পৰিৱৰ্তে শিশুৰ প্ৰতি সচেতন হোৱাহে যুগুত।

(৮) অনুশাসনৰ নীতি-নিয়মবোৰ স্থিৰতা আৰু তাৰ সামঞ্জস্যতাৰ ওপৰত শিশুমনৰ অনুশাসনৰ ভাব বিশেষভাৱে নিৰ্ভৰ কৰে। শিশুৱে গ্ৰহণ কৰা সামাজিক নীতি-নিয়মবোৰ বিভিন্ন মানবিশিষ্ট হ’লে, সঘনে পৰিৱৰ্তন হ’লে অথবা বিভিন্ন সামাজিক পৰিৱেশত তাৰ ব্যতিক্ৰম হোৱা দেখা পালে সি তাৰ প্ৰতি আস্থাহীন হৈ পৰে। সেইবাবে বিশেষকৈ গৃহ আৰু শিক্ষা পৰিৱেশৰ অনুশাসন নীতি শিক্ষাৰ বাবে সুসামঞ্জস্য কৰি তুলিব লাগে।

(৯) শিশু-অনুশাসন হৈছে একপ্ৰকাৰ প্ৰতিশোধমূলক আৰু সংশোধনাত্মক অৱস্থা। অনুশাসনৰ যোগেদি শিশুৱে জানিব পাৰে তাৰ কেনেবোৰ আচৰণত বাধাদান কৰা হৈছে অথবা আনৰ বাবে আপত্তিজনক হৈছে। ইয়াৰ দ্বাৰা সি জানি উঠিব পাৰে যে তাৰ আৱেগ-উত্তেজনাপূৰ্ণ সকলোবোৰ আচৰণ সমাজৰ নীতিসন্মত নহয়। আনৰ লগত মিলি থাকিবলৈ নিজৰ আচৰণবোৰৰ প্ৰয়োজনীয় সংশোধন কৰিব লাগে।

শিশু-অনুশাসনহীন আচৰণৰ কেতবোৰ লক্ষণঃ

শিশুৰ অসৎ আৰু অসামাজিক আচৰণবোৰক সাধাৰণতে অনুশাসনহীন আচৰণ বুলি জনা যায়। সকলো মাক-দেউতাক আৰু শিক্ষক-অভিভাৱকেই শিশুৰ এনেবোৰ আচৰণৰ লগত কম-বেছি পৰিমাণে পৰিচিত। দোষণীয়তাৰ ফালৰ পৰা এনেবোৰ আচৰণ অতি সামান্য বিধৰ নিয়ম ভংগ অথবা নিয়মৰ ব্যতিক্ৰম হোৱাৰ পৰা গভীৰ অন্যায় আৰু নীতি-বিৰোধী কাম কৰাও দেখিবলৈ পোৱা যায়। ইয়াৰ কেতবোৰ শিশুৰ অভ্যাসজনিত কাৰণত কেতবোৰ অনুকৰণৰ ফলস্বৰূপে, কেতবোৰ প্ৰবৃত্তিমূলক প্ৰয়োজনীয়তাৰ বাবে, কেতবোৰ আৱেগিক উত্তেজনা আৰু তাৰ নিয়ন্ত্ৰণহীনতাৰ বাবে আৰু কেতবোৰ শিশুৱে পৰিৱেশত কৰা অপ-সমাযোজনৰ ফলস্বৰূপে প্ৰকাশ কৰে। তলত শিশুৰ বেলিকা দেখা পোৱা কিছুমান অনুশাসনহীন আচৰণৰ তালিকাভুক্ত কৰা হৈছে।

আগতীয়া বাল্যকাল

শেহতীয়া বাল্যকাল

আঙুলি চুপা

মেজাজী আচৰণ

নখ কামোৰা

যুঁজ আৰু কাজিয়া কৰা

বিছনাত প্ৰস্ৰাৱ কৰা

অবাচ্য মাত মতা

খাবলৈ অস্বীকাৰ কৰা

তৰ্জন-গৰ্জন কৰা

পেট পতা

কোলাহলপ্ৰিয় হোৱা

মেজাজী অৱস্থা

খেলা-ধূলাত ৰুক্ষতা ভাব

বস্তু দলিওৱা আৰু ভঙা

খেলা-ধূলাত ফাঁকি দিয়া

চিঞৰ-বাখৰ কৰা

বিনা অনুমতিৰে কাম কৰা

সমনীয়াৰ লগত যুঁজ কৰা

খেলা-ধূলাত অত্যধিক আগ্ৰহ

দৈহিক আক্ৰমণ কৰা

স্কুলৰ কামত আগ্ৰহহীনতা

মুখেৰে কামুৰি দিয়া

অবাধ্য আচৰণ

খামখেয়ালি ভাব প্ৰদৰ্শন

অভক্তি ভাব

মিছা কথা কোৱা

য’তে ত’তে দলিওৱা

চুৰ কৰা

ধ্বংসাত্মক ক্ৰিয়া

অসাৱধান ক্ৰিয়া

দৈহিক আক্ৰমণ

খেলা-ধূলাত ফাঁকি দিয়া

সহোদৰৰ লগত যুঁজ

খেলা-ধূলাত ৰুক্ষতা ভাব

বহুৱালি কৰা

অবাধ্যতা

মনে মনে পলায়ন কৰা

অশ্লীলতা প্ৰদৰ্শন

পলমকৈ থকা

লেতেৰা স্বভাৱ

জন্তুৰ প্ৰতি মৰমহীনতা

 

অশ্লীলতা প্ৰদৰ্শন

মিছা কোৱা আৰু ফাঁকি দিয়া

 

আনক জোকোৱা

আনৰ ঘৰৰ সৰু-সুৰা বস্তু চুৰ কৰি অনা

ওপৰত দিয়া তালিকাত লক্ষ্য কৰিলে দেখা যায় যে শিশুৰ আগতীয়া বাল্যকালতকৈ শেহতীয়া বাল্যকালছোৱাত অনুশাসনহীন ক্ৰিয়া-আচৰণৰ মাত্ৰা অধিক। অকল সেয়ে নহয়, এই ক্ৰিয়া-আচৰণবোৰৰ দোষণীয়তাৰ মাত্ৰাও ক্ৰমে বৃদ্ধি পায়। সেয়েহে ক’ব পাৰি যে বয়সৰ লগে লগে শিশুৰ অনুশাসনহীন আচৰণৰ পৰিসৰ আৰু তাৰ গভীৰতা ক্ৰমে বৃদ্ধি পায়। বয়স বৃদ্ধিৰ লগে লগে অভিজ্ঞতাৰ পৰিসৰো বাঢ়ে। ফলত মাক-দেউতাক আৰু শিক্ষক-অভিভাৱকৰ ওপৰত থকা পূৰ্বৰ নিৰ্ভৰশীলতা কমি যায়। শিশুৱে ক্ৰমে আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতা বিচাৰে। ইয়াৰ উপৰি শেহতীয়া বাল্যকালছোৱাত সি দলীয় মনোবৃত্তিৰ হৈ উঠি দলৰ নীতি-নিয়ম আৰু অনুশাসনৰ অনুগত হ’বলৈ বিচাৰে। দলীয় নীতি আৰু সমাজৰ গ্ৰহণযোগ্য নীতিৰ মাজত কোনো কোনো সময়ত বিভেদৰো সৃষ্টি হয়। এই সময়ত শিশুৱে সমাজৰ আৰু বিভিন্ন গৃহ পৰিৱেশৰ অনুশাসন ব্যৱস্থাৰ মাজত পৃথক পৃথক মানদণ্ড আৰু অসামঞ্জস্যতা থকাটো লক্ষ্য কৰে। এনেবোৰ কাৰণত শিশুৰ মনত পূৰ্বৰ আনুগত্য আৰু অনুশাসনীয়তাৰ ভাব কমি যায়। পূৰ্বৰ নীতি-নিয়মবোৰ সি পুনৰ মূল্যায়নৰো চেষ্টা কৰে। মন কৰিবলগীয়া যে এইক্ষেত্ৰত ছোৱালীতকৈ ল’ৰাৰ মনত আনুগত্যহীনতাৰ ভাব অধিক স্পষ্টভাৱে পৰিলক্ষিত হয়।

অৱশ্যে এই কথা মনত ৰখা উচিত যে এটা সময়ত অনুশাসনৰ এই নীতি-নিয়মবোৰে শিশুক অধিক সংবেদনশীল আৰু প্ৰতিক্ৰিয়াশীল কৰি তুলিলেও এই অৱস্থা পাৰ হোৱাৰ পিছত সি ইয়াৰ লগত নিজকে খাপ খুৱাই ল’বগৈ পাৰে। নিজৰ বিবেক, চিন্তা আৰু যুক্তি শক্তিৰে সি সমাজৰ প্ৰচলিত নীতি-নিয়মবোৰৰ গ্ৰহণযোগ্যতা বিচাৰ কৰি চাব পাৰে। সেইবাবে ওপৰত উল্লেখ কৰা অনুশাসনহীন আচৰণবোৰৰ প্ৰভাৱ একেদৰে নাথাকে। মাক-দেউতাক আৰু অভিভাৱকসকলৰ এই সম্বন্ধে সচেতনতা, তৎপৰতা আৰু আদৰ-যত্নই শিশুক অনুশাসনীয়তাৰ দিশত এক স্বাভাৱিক অৱস্থালৈ আনিব পাৰে। আনহাতে তেওঁলোকৰ এইক্ষেত্ৰত অসাৱধানতা, মৰম-চেনেহ আৰু আদৰ-যত্নহীনতা, নিৰ্বোধ আৰু প্ৰতিশোধ পৰায়ণ মনোভাৱে শিশুৰ মানসিক অৱস্থাৰ বিশেষ ক্ষতিসাধন কৰিব পাৰে। এনে এক অৱস্থাৰ দুখময় পৰিণতি স্বৰূপে শিশুৰ মনত অপৰাধপ্ৰৱণতাৰ জন্ম হ’ব পাৰে।

শিশুৰ অনুশাসনহীন আচৰণৰ কেতবোৰ কাৰণঃ

শিশুৰ অনুশাসনহীনতা প্ৰায় সকলো মাক-দেউতাকৰ বাবেই এক পৰিচিত সমস্যা স্বৰূপ। ইয়াৰ উপযুক্তভাৱে সন্মুখীন হ’বৰ বাবে শিশুৰ এই সম্বন্ধীয় বিভিন্ন দিশৰ প্ৰতি তেওঁলোকে ভালদৰে দৃষ্টি নিক্ষেপ কৰিব পাৰিব লাগে। এই সম্বন্ধে কেতবোৰ বিশেষ বিবেচনাযোগ্য কথা তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) শিশু-মনত অনুশাসনহীনতাৰ এক প্ৰধান কাৰণ হৈছে মাক-দেউতাক আৰু আত্মীয়জনৰ পৰা মৰম-আদৰ-যত্ন আদি নোপোৱা অথবা আৱেগিক নিৰাপত্তা নথকা বুলি সি অনুভৱ কৰিব লগা হোৱাটো। শিশুৱে ভবা মতে অথবা সি আশা কৰা মতে মৰম-চেনেহ, আদৰ-যত্ন নাপালে সি স্বাভাৱিকতেই ক্ষুণ্ণ হয় আৰু অনুশাসনহীন আচৰণৰ যোগে তাৰ আত্মপ্ৰকাশ কৰে।

(২) শিশুৱে তাৰ কেতবোৰ স্বাভাৱিক প্ৰবৃত্তি পূৰণৰ পথ বিচাৰে যিবোৰ পথ বা আচৰণ সমাজৰ গ্ৰহণযোগ্য নহয়। সেইবাবে প্ৰবৃত্তিৰ তাড়নাত সি কেতবোৰ অসামাজিক ক্ৰিয়া-আচৰণৰ পথ গ্ৰহণ কৰে যাৰ ফলত সমাজৰ বাবে সি হৈ উঠে অন্যায় আৰু আপত্তিজনক। শিশুৰ এই সম্বন্ধীয় দৈহিক প্ৰয়োজনবোৰ আৱশ্যক মতে পূৰণ নকৰাটোৱেই ইয়াৰ কাৰণ বুলিব পাৰি।

(৩) বাস্তৱৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ অভাৱত শিশুৱে বহু সময়ত বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰকৃত ব্যৱধান কৰিব নোৱাৰে। ফলত কল্পনাক বাস্তৱৰ স্থান দি ভুলকৈ তাৰ ব্যাখ্যা আৰু প্ৰতিক্ৰিয়া কৰে। শিশুৰ এই আচৰণক ফাঁকি দিয়া আৰু মিছা কথা কোৱা অসামাজিক আচৰণ বুলি বয়সস্থসকলে বিবেচনা কৰে। এই সম্বন্ধে পূৰ্বে আলোচনা কৰা হৈছে।

(৪) একেটা পৰিস্থিতিতে যেতিয়া দুজন বা ততোধিক ব্যক্তিয়ে অনুশাসনৰ পৃথক পৃথক মানদণ্ডেৰে শিশুৰ আচৰণ বিচাৰ-বিবেচনা কৰে অথবা এইক্ষেত্ৰত যেতিয়া কৰ্তৃপক্ষৰ অনুশাসন ব্যৱস্থাৰ সুসামঞ্জস্যতা শিশুৱে দেখা নাপায় তেতিয়া সি খেলিমেলি আৰু অন্তৰ্দ্বন্দৰ এক মানসিক অৱস্থাত পৰে। এনে অৱস্থাত শিশুৱে কৰা অসংযত আৰু অনিয়মিত আচৰণক অনুশাসনহীনতা বোলা হয়।

(৫) বহু সময়ত শিশুৱে সমাজৰ প্ৰচলিত নীতি-নিয়মৰ বিষয়ে অজ্ঞ হোৱা বাবে অনুচিত ক্ৰিয়া-আচৰণ কৰিব লগা হয়। এই বিষয়ে হয়তো তাক ইতিপূৰ্বে কোনোবাই নিৰ্দেশনা দিয়া থাকিলেও শিশুৱে তাৰ গুৰুত্ব অনুভৱ কৰিব নোৱাৰে অথবা তাক সি পাহৰি যায়। ফলত সি যি ক্ৰিয়া প্ৰদৰ্শন কৰে সমাজৰ বাবে আপত্তিজনক হৈ উঠে।

(৬) কোনো কোনো শিশুৱে অনুন্নত, অসুস্থ আৰু অপৰাধপ্ৰৱণ সামাজিক পৰিৱেশত কেতবোৰ অনৈতিক আৰু অসামাজিক ক্ৰিয়া-আচৰণত অভ্যস্ত হৈ পৰে। তেনে শিশুৱে নিজ পৰিৱেশৰ পৰিৱৰ্তন কৰিলেও তেনেবোৰ আচৰণ সলনি কৰিব নোৱাৰি। অনুশাসন মানি চলা উন্নত সমাজৰ লোকৰ চকুত সিয়ে অসামাজিক আৰু অনিয়মিত আচৰণৰূপে পৰিগণিত হয়। বহু সময়ত এনে শিশুৰ আচৰণত প্ৰতিশোধ পৰায়ণতা আৰু হিংসাত্মক ভাবো প্ৰতিফলিত হয়।

(৭) কোনো কোনো সময়ত শিশুৱে বয়সস্থসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবেও সৰু-সুৰা বিধৰ অনুশাসনহীন আচৰণ ইচ্ছাকৃতভাৱে কৰি দেখুৱায়। নিজ ক্ৰিয়া-আচৰণ সম্বন্ধে আত্ম-সচেতন শিশুৱে যেতিয়া অনুভৱ কৰে যে তাৰ প্ৰতি প্ৰয়োজনীয় ব্যক্তিয়ে মনোযোগ দিয়া নাই, তেতিয়া সি নীতিহীন ক্ৰিয়াৰ যোগে মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে। বহু সময়ত দেখা যায় যে ভাল কামতকৈ বেয়া কামেহে সহজে দৃষ্টি আকৰ্ষণ কৰে।

(৮) যদি কোনো অনুশাসন ভংগকাৰী শিশুক তাৰ আচৰণৰ বাবে প্ৰচলিত নিয়ম অনুসাৰে শাস্তি দিয়া নহয় তেন্তে সি আন শিশুৰ মনত অসন্তুষ্টি আৰু বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে। তেনে শিশুৱে মনৰ অসন্তুষ্টি আৰু হিংসা ভাবৰ বশৱৰ্তী হৈ কৰ্তৃপক্ষৰ বিৰুদ্ধে অসুস্থ আৰু অসামাজিক আচৰণত লিপ্ত হয়।

(৯) কোনো কোনো সময়ত শিশুৱে এক পৰীক্ষামূলক মনোভাৱেৰেও বয়সস্থসকলৰ প্ৰতি অনুশাসনহীন আচৰণ প্ৰদৰ্শন কৰিব পাৰে। শিশু আচৰণ কোনখিনিলৈকে গ্ৰহণযোগ্য অথবা কি পৰ্যন্ত তাৰ আচৰণ বয়সস্থসকলৰ বাবে আপত্তিজনক নহয় তাক সি জনাৰ চেষ্টা কৰে। ফলত বয়সস্থসকলৰ হস্তক্ষেপ অথবা বাধাদান কামনা কৰি সি তাৰ অসুস্থ আচৰণৰ পৰিসৰ ক্ৰমে বৰ্ধিত কৰি তোলে।

(১০) অনুশাসনহীন আচৰণৰ বাবে দিয়া শাস্তিৰ মাত্ৰাধিক্য ঘটিলেও আচৰণ অনিয়ন্ত্ৰিত বিধৰ হৈ উঠিব পাৰে। যি শিশুক সঘনে আৰু সততে শাস্তি দিয়া হয়, তেনে শিশুৱে নিজ অপকৰ্মৰ বাবে অনুশোচনা আৰু আত্ম-সংশোধনৰ সময় আৰু সুবিধা নাপায়। ফলত তাৰ আচৰণ খঙাল, প্ৰতিশোধপৰায়ণ আৰু হিংসাত্মক হৈ উঠিব পাৰে।

শিশুৰ অনুশাসনহীনতাৰ কাৰণ কি- এই প্ৰশ্নৰ সহজ উত্তৰ দিয়াটো কঠিন যদিও ইয়াৰ লগত জড়িত বিভিন্ন দিশ সাৱধানে বিবেচনা কৰিলে এই প্ৰশ্নৰ জটিলতা আমাৰ বাবে বহু পৰিমাণে হ্ৰাস পাব পাৰে। সহজ-সৰল আৰু স্বাভাৱিকতে অনুগত শিশু অসামাজিক আৰু অনুশাসনহীন হৈ উঠাৰ অন্তৰালত যে বিশেষ কেতবোৰ কাৰণ আৰু যুক্তি থাকিব পাৰে তাক ওপৰৰ আলোচনাৰ পৰা সহজে অনুমান কৰিব পাৰি। এইসমূহ সূক্ষ্মভাৱে আৰু সহানভূতিৰে চাবলৈ চেষ্টা কৰিলে শিশুৰ অনুশাসন সম্বন্ধীয় সমস্যাৰ যথোচিতভাৱে সন্মুখীন হোৱাটো সম্ভৱ হ’ব পাৰে।

মনোভাৱঃ

মনোভাৱ বুলিলে কি বুজোঃ

বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত এজন লোকে প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়া আৰু আচৰণ নিৰ্ভৰ কৰে তেওঁৰ মনোভাৱৰ ওপৰত। এই মনোভাৱ শব্দটো বহু সময়ত আমি ইয়াৰ অতি সাধাৰণ অৰ্থত শিথিলভাৱে প্ৰয়োগ কৰো। ইয়াৰ বিশেষ তাৎপৰ্যপূৰ্ণ অৰ্থৰ প্ৰতিও আমি সচেতন নহওঁ। কিন্তু মনোবিজ্ঞানত ব্যক্তিৰ ক্ৰিয়া-আচৰণৰ বিজ্ঞানসন্মত অধ্যয়নৰ বেলিকা এই শব্দটো এক বিশেষ অৰ্থত প্ৰয়োগ কৰা হয়, যাৰ প্ৰতি মনোযোগী হোৱাটো আমাৰ প্ৰয়োজন। ইয়াৰ সংজ্ঞা দি ক’ব পাৰি যে মনোভাৱ হৈছে ব্যক্তিমনৰ মানসিক প্ৰৱণতাৰ এক স্থায়ী অৱস্থা অথবা মানসিক সংস্থিতি যাৰ ফলস্বৰূপে তেওঁ কোনো বস্তু, ব্যক্তি অথবা পৰিস্থিতিত কম-বেছি পৰিমাণে একেদৰে আৰু সামঞ্জস্যপূৰ্ণভাৱে প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰে। ই হ’ল ব্যক্তিমনৰ এক সুসংগঠিত অৱস্থা যি তেওঁৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া-আচৰণত স্বকীয় বৈশিষ্ট্যৰ প্ৰভাৱ পেলায়। এই মনোভাৱ মনৰ এক সুসংগঠিত অৱস্থা এইবাবেই যে ইয়াক ব্যক্তিয়ে সমাজৰ বিভিন্ন পৰিস্থিতিত পোৱা সুখ-দুখৰ অভিজ্ঞতাৰ যোগেদি গঢ় দি তোলে। বিভিন্ন পৰিস্থিতিত লাভ কৰা আৱেগিক অভিজ্ঞতা, শিক্ষা-দীক্ষা, জন-বিশ্বাস, পূৰ্ব-ধাৰণা, পূৰ্ব-প্ৰস্তুতি আদিয়ে আমাক কোনো বাস্তৱ বিষয়, পৰিস্থিতি বা সমাজৰ সমস্যাৰ প্ৰতি বৈচিত্ৰপূৰ্ণভাৱে এক বিশেষ ৰূপত প্ৰতিক্ৰিয়া কৰিবলৈ শিকায়। ব্যক্তিয়ে অভিজ্ঞতাৰ যোগে ক্ৰমে আয়ত্ব কৰি উঠা ই হৈছে এক স্থায়ী বিধৰ ভাব-প্ৰৱণতা। অৱশ্যে অৱস্থা আৰু পৰিস্থিতিৰ পৰিৱৰ্তন সাপেক্ষে এনে ভাব-প্ৰৱণতাৰো কিছু পৰিৱৰ্তন হ’ব পাৰে কিন্তু তথাপিও এজন লোকে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিত তেওঁৰ মনোভাৱ সাধাৰণভাৱে স্থিতিশীল ৰূপত পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে এজন শিক্ষিত লোকে তেওঁৰ বহল সাংস্কৃতিক পৰিৱেশৰ বিভিন্ন পৰিস্থিতিত যি শিক্ষা-দীক্ষা আৰু অভিজ্ঞতা লাভ কৰে তাৰ ফলস্বৰূপে তেওঁৰ ধৰ্ম বা সামাজিক ৰীতি-নীতি সম্বন্ধে এক বহল আৰু উদাৰ মনোভাৱ গ্ৰহণ কৰে। সেই হেতুকে হৰিজন অথবা সমাজৰ নিম্নশ্ৰেণীৰ লোকৰ প্ৰতি এক বহল মানৱীয় দৃষ্টিৰে মনৰ ভাব আৰু আচৰণ প্ৰদৰ্শন কৰে। আনহাতে নিৰক্ষৰ আৰু এক সীমিত সামাজিক পৰিৱেশত লাভ কৰা ঠেক মনৰ অভিজ্ঞতাৰে তেওঁ হৰিজন বা নিম্নশ্ৰেণীৰ লোকৰ প্ৰতি তেনে উদাৰ মনোভাৱ আৰু আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰে। এওঁলোকৰ এই নিজ নিজ মনোভাৱ আৰু আচৰণ সকলোবোৰ সামাজিক বিষয় আৰু পৰিস্থিতিতেই কম-বেছি পৰিমাণে প্ৰায় একেধৰণৰ হোৱাটোও পৰিলক্ষিত হ’ব। উল্লেখযোগ্য যে এজন লোকে প্ৰদৰ্শন কৰা এই মনোভাৱ মনৰ প্ৰায় স্থায়ী অৱস্থা যদিও তাৰ প্ৰতি সচৰাচৰ তেওঁ সচেতন অথবা অৱগত অৱস্থাত নাথাকে। নিজে ক’ব নোৱাৰাকৈয়ে তেওঁৰ এই মনোভাৱ পৰিস্থিতিৰ প্ৰতি আপোন ৰূপত মনত গঢ় লৈ উঠে। যেতিয়া পৰিস্থিতি সাপেক্ষে তেওঁৰ মনোভাৱ সচেতন আৰু সক্ৰিয় ভাব-অনুভূতিত পৰিণত হয় তাকে সচৰাচৰ ভাববৃত্তি অথবা ভাব-প্ৰৱণতাৰ অৱস্থা বুলি জনা যায়। মনোভাৱ হৈছে ভাববৃত্তিৰেই এক অন্তৰ্নিহিত আৰু অপ্ৰকাশিত মানসিক অৱস্থা।

(অষ্টম অধ্যায়)

শিশুৰ মনোভাৱ গঠনঃ

মানসিক আৰু সামাজিক বিকাশৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি শিশু মনোভাৱ গঢ় লৈ উঠিবলৈ ধৰে। নিচেই চালুকীয়া অৱস্থাত সি তাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি সুখ-দুখৰ এক দৈহিক প্ৰতিক্ৰিয়া মাথোন প্ৰদৰ্শন কৰে। শিশুৱে এই অৱস্থাত ক্ৰমে তাৰ দৈহিক প্ৰয়োজনবোৰৰ প্ৰতি সচেতন হয় আৰু সেইবাবে এনেবোৰ প্ৰয়োজন পূৰণে তাক সুখদায়ক দৈহিক অভিজ্ঞতা আৰু তাৰ ব্যৰ্থতাই দুখদায়ক অনুভূতিৰ অভিজ্ঞতা প্ৰদান কৰে। ক্ৰমবিকাশৰ লগে লগে তাৰ দৈহিক অভিজ্ঞতাৰ পৰিসৰ ক্ৰমে বহল হৈ আহে আৰু তাৰ ফলস্বৰূপে প্ৰয়োজনবোৰ সলনি হৈ আহিবলৈ ধৰে। এই পৰিৱৰ্তিত পৰিৱেশত শিশুৰ প্ৰতিক্ৰিয়া আৰু তাৰ পৰা লাভ কৰা সুখ-দুখৰ অভিজ্ঞতাও অধিক জটিলতৰ হৈ উঠে। সুখদায়ক অভিজ্ঞতা লাভ কৰা ক্ৰিয়া-আচৰণবোৰৰ পুনৰাবৃত্তি কৰি সেইবোৰৰ প্ৰতি সি অধিক আকৃষ্ট হয়। সেইদৰে দুখদায়ক অভিজ্ঞতা পোৱা পৰিস্থিতি সি অগ্ৰাহ্য কৰে আৰু তাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে। পৰিস্থিতিৰ প্ৰতি এনে প্ৰতিক্ৰিয়া কৰাৰ মূলতেই হৈছে শিশু মনৰ মনোভাৱ।

এই সময়ত শিশু আচৰণ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে প্ৰায় দুবছৰ বয়সত শিশুৱে নিজে খোজ কাঢ়ি আনন্দ পোৱা অৱস্থাত আনে তাৰ হাতত ধৰি সহায় কৰিব বিচাৰিলে অথবা কোচত থুলি ল’বলৈ হাত মেলিলে সি তাক প্ৰত্যাখ্যান কৰে। সেইদৰে নিজে গা ধোৱা, কাপোৰ-কানি পিন্ধা আৰু খোৱা-বোৱা কৰাৰ আনন্দ লাভ কৰিলে সেইবোৰ কাম আনে তাক কৰি দিয়াটো সি নিবিচাৰে। শিশুৱে তেনেবোৰ ক্ৰিয়াৰ প্ৰতি নিজৰ ইতিবাচক অথবা নেতিবাচক মনোভাৱ গঢ় দি তোলাৰ কথা এই প্ৰসংগত লক্ষ্য কৰিব পাৰি। এই সময়ত বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ পৰা শিশুৱে পোৱা সন্তোষজনক আৰু অসন্তোষজনক অভিজ্ঞতাৰ স্থায়ী মানসিক অৱস্থাই তাৰ মনত ইতিবাচক আৰু নেতিবাচক মনোভাৱ জগাই তোলে।

শিশুৰ শক্তিশালী অনুকৰণ প্ৰবৃত্তিয়েও বহু সময়ত নিজৰ অজ্ঞাতেই কেতবোৰ ক্ৰিয়া-আচৰণৰ প্ৰতি মনোভাৱ আৰু যন্ত্ৰচালিত ৰূপত গঢ় দি তোলে। প্ৰায় ৩-৪ বছৰ বয়সত শিশু অধিক অনুকৰণশীল হৈ উঠে। সি পৰিয়ালৰ বিভিন্ন সুখ-দুখৰ পৰিস্থিতিত মাক-দেউতাকৰ ক্ৰিয়া-আচৰণ আৰু ভাব-অনুভূতি অনুকৰণ কৰে। সেইদৰে স্কুলত শিক্ষকৰ পৰা খেলা-ধূলাৰ পৰিৱেশত নিজতকৈ ডাঙৰ ল’ৰা-ছোৱালীৰ পৰা ক্ৰিয়া-আচৰণ আৰু তাৰ ভাব-অনুভূতিৰ অনুকৰণ কৰে। সামাজিক পৰিৱেশত এই সংসূচন আৰু অনুকৰণ কাৰ্যৰ যোগেদিয়ে শিশুৱে কৰ্মীয় জীৱনৰ আস্থা-নিষ্ঠা-বিশ্বাস, সাংস্কৃতিক জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিৰ প্ৰতি আৰু খেলা-ধূলাৰ পৰিৱেশত অনুশাসন সম্বন্ধীয় নীতি-নিয়মবোৰৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ় দি তোলে। নিজ জাতি-ধৰ্ম আৰু সামাজিক গোষ্ঠীৰ প্ৰতি এনেদৰেই তাৰ মনত আত্মীয়তাৰ মনোভাৱ সৃষ্টি হয়।

পাঁচ-ছবছৰ বয়সৰ পিছত শিশুৱে গৃহ পৰিৱেশৰ পৰা ওলাই আহি স্কুলৰ অনুশাসন আৰু খেলা-ধূলাৰ দলবোৰৰ সংস্পৰ্শলৈ আহে। লগে লগে তাৰ ক্ৰিয়া পৰিৱেশে আৰু তাৰ অভিজ্ঞতাৰ পৰিসৰ অধিক সম্প্ৰসাৰিত হৈ উঠে। নিজৰ বোধশক্তি আৰু সাধাৰণ মানসিক ক্ষমতাবোৰৰো দৰ্শনীয়ভাৱে বিকাশ লাভ হয়। এনে বিকাশৰ লগে লগে বিভিন্ন পৰিস্থিতিৰ প্ৰতি অধিক উপযুক্তভাৱে শিশুৱে প্ৰতিক্ৰিয়া কৰিব আৰু শুদ্ধ অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ পৰিণতি স্বৰূপে এই সময়ত শিশুমনত বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি আগ্ৰহ-অভিৰুচি, ভাববৃত্তি, মনোগ্ৰন্থি আদিৰ সৃষ্টি হয়। ঘৰুৱা পৰিৱেশত সি মাক-দেউতাকক অধিকভাৱে বুজি উঠিব পাৰে, স্কুলৰ বিভিন্ন পাঠ্যবিষয় পঢ়ি আৰু শিক্ষকৰ সান্নিধ্য লাভ কৰি তাৰ প্ৰতি নিজৰ ভালপোৱা আৰু বেয়ালগা ভাব অনুভৱ আৰু ব্যক্ত কৰিব পাৰে। সমনীয়াৰ লগত খেলা-ধূলাৰ বেলিকা নিজৰ ভাল লগা খেলআৰু মনমিলা সহযোগী বাচি ল’ব পাৰে। আজৰি সময় কটাবৰ বাবে কিতাপ-পত্ৰ, আলোচনী, ৰেডিঅ’-টেলিভিচনৰ কাৰ্যসূচী, কথাছবি আদি নিজৰ পছন্দ-অপছন্দ মতে নিৰ্বাচন কৰি ল’ব পাৰে। শিক্ষক-অভিভাৱক আৰু বন্ধু-বান্ধৱ সকলেও শিশুক এনে কাৰ্যত সহায় কৰে। ফলত এই সকলোবোৰৰ প্ৰতি নিজ মনোভাৱ গঢ়ি তোলে। শিশুৰ বাল্যকালৰ দ্বিতীয়াৰ্ধত সেয়েহে বিভিন্ন ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি তাৰ মনত এক স্পষ্টভাৱে মনোভাৱ গঢ় লৈ উঠে আৰু সেই অনুসৰি শিশু আচৰণ পৰিচালিত হয়।

শিশু-মনোভাৱ গঠনত পৰিয়ালৰ ভূমিকাঃ

ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি সুস্থ দৃষ্টিভংগী, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ প্ৰতি বন্ধুত্ব আৰু সহযোগিতাৰ মনোভাৱ তথা সুস্থ ব্যক্তিত্বৰ বিকাশ আদি শৈশৱ মনোভাৱ গঠনৰ ওপৰতেই প্ৰধানকৈ নিৰ্ভৰ কৰে। শৈশৱ কালত শিশুৱে এক দীঘলীয়া সময়ৰ বাবে মাক-দেউতাকৰ ওচৰত আশ্ৰয় আৰু নিৰ্ভৰশীলতাৰ জীৱন কটাব লাগে। এই সময়খিনি শিশুৰ তাৰ মনোভাৱ গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ। শিশুৱে বিশেষকৈ মাকৰ ওপৰত তাৰ দৈহিক আৰু মানসিক প্ৰয়োজনবোৰ পূৰণৰ বাবে সততে নিৰ্ভৰশীল হয়। এনে অৱস্থাত মাকে তাৰ প্ৰতি যেনে প্ৰতিক্ৰিয়া কৰে সিয়ে শিশুমনত তাৰ মনোভাৱ গঠনৰ ভেঁটি স্থাপন কৰে। এই সময়ত শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰ মাতৃয়ে উপযুক্ত আৰু সন্তোষজনকভাৱে পূৰণ কৰা-নকৰা অৱস্থাই শিশুৰ মনত ইতিবাচক আৰু নেতিবাচক মনোভাৱ ৰচনা কৰে। মাতৃহাৰা শিশুৱে মাকৰ আদৰ-যত্ন আৰু মৰম-চেনেহৰ পৰা বঞ্চিত হৈ মাহীমাকৰ প্ৰতি যি নেতিবাচক মনোভাৱ গঢ় দি তোলে তাক সহজে অনুমান কৰিব পাৰি। এই সময়ত শিশুৱে মাক-দেউতাকৰ পৰা অধিক সময়ৰ বাবে আঁতৰি থাকিলে অথবা তেওঁলোকৰ পৰা কোনো কাৰণত পৃথক হৈ থাকিব লগা হ’লে সি পৰিয়ালৰ মাজত আৱেগিক নিৰাপত্তাৰ অভাৱ অনুভৱ কৰে। তাৰ মৌলিক প্ৰয়োজনবোৰ পূৰণৰ বাবে আনৰ ওচৰ চাপিব লাগে আৰু কোনো কোনো সময়ত সি তাৰবাবে ঘৰৰ বাহিৰলৈ ওলাবও লাগে। এনে অৱস্থাই শিশুক পৰিয়ালৰ মাজত সচৰাচৰ লাভ কৰিব পৰা কেতবোৰ মানৱীয় অনুভূতিৰ পৰাও বঞ্চিত কৰে। মাক-দেউতাকৰ প্ৰতি শ্ৰদ্ধা-ভক্তি, মৰম-চেনেহ-ভালপোৱা, সহানুভূতি, সহযোগিতা, সহৃদয়তা আদি মানৱীয় অনুভূতিবোৰৰ পৰা সি বঞ্চিত হয়। ইয়াৰ ফলত পৰিয়ালৰ লোকৰ মাজত পাৰস্পৰিকতা আৰু আৱেগিক বান্ধোন শিথিল হৈ পৰে আৰু শিশুৰ মনত এক অসুস্থ আৰু নেতিবাচক মনোভাৱে ঠাই লয়। এনে এটা অৱস্থাই শিশুৰ ব্যক্তিত্বত পেলোৱা প্ৰতিকূল প্ৰভাৱ সহজেই অনুমান কৰিব পাৰি।

পৰিয়ালৰ মাজত শিশুৱে দেউতাকৰ প্ৰতি ঘৰখনৰ কৰ্তৃত্বশীল ব্যক্তি স্বৰূপে আনুগত্য আৰু অনুশাসনৰ যি মনোভাৱ গঢ়ি তোলে সি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতিও সম্প্ৰসাৰিত হয়। স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু আন আন কৰ্মকৰ্তাসকল শিশুৰ বাবে হয় মাক-দেউতাকৰ প্ৰতিভূ অথবা প্ৰতিকল্প স্বৰূপ। গৃহ পৰিৱেশত মাক-দেউতাকৰ প্ৰতি যেনে দৃষ্টিভংগী আৰু মনোভাৱ গ্ৰহণ কৰে শিক্ষকসকলৰ প্ৰতিও সি তেনে দৃষ্টি গ্ৰহণ কৰে। ঘৰত দেউতাকৰ কুশাসনৰ তলত অসন্তুষ্ট আৰু উগ্ৰ মনোভাৱৰ হৈ উঠা শিশুৱে স্কুলত শিক্ষকৰ প্ৰতি প্ৰয়োজনীয় আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গ্ৰহণ কৰিব নোৱাৰে। এই কথা বহলাই নক’লেও হ’ব যে প্ৰতিটো শিশুৱেই নিজ পৰিয়ালৰ অনুশাসন ব্যৱস্থাৰ অনুৰূপ প্ৰভাৱ শিক্ষানুষ্ঠানলৈ লগত কঢ়িয়াই লৈ যায়।

পৰিয়ালৰ মাজত শিশুৱে লাভ কৰা জাতিগত, ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱৰ মনোভাৱেও স্কুলত আৰু সমাজৰ আন আন দিশত তাৰ মনোভাৱ আৰু আচৰণ প্ৰভাৱিত কৰে। শৈশৱ কালত শিশুৰ মনত জাতিভেদ, ধৰ্মভেদ অথবা সাংস্কৃতিক প্ৰভেদ সম্বন্ধে তেনে কোনো চেতনা নাথাকে। মাক-দেউতাক আৰু বয়সস্থ লোকসকলেহে তেওঁলোকৰ প্ৰভেদমূলক আচৰণ আৰু মনোভাৱৰ দ্বাৰা শিশুৰ মনত এই সম্বন্ধে সচেতনতাৰ ভাব আৰু প্ৰভেদৰ মনোভাৱ ক্ৰমে জগাই তোলে। উল্লেখযোগ্য যে ক্ৰিচৱেল নামৰ এজন লোকে আমেৰিকাৰ নিউয়ৰ্ক চিটিত নিগ্ৰো আৰু বগা আমেৰিকান ল’ৰা-ছোৱালীৰ মনত গাৰ ৰং সম্বন্ধে জাতিগত সচেতনতাৰ মনোভাৱ সৃষ্টি হোৱা বিষয়ে এক আকৰ্ষণীয় অধ্যয়ন কৰে। এই অধ্যয়নৰ পৰা জানিব পৰা হয় যে বয়সৰ অগ্ৰগতিৰ লগে লগে শিশুৱে বগা-ক’লা জাতিৰ আত্ম-সচেতনতা লাভ কৰি উঠে। এই ক্ষেত্ৰত এই কথাও জানিব পৰা হয় যে বগা আমেৰিকান সকলৰ ল’ৰা-ছোৱালী ক’লা নিগ্ৰোসকলৰ ল’ৰা-ছোৱালীতকৈ গাৰ বৰণ সম্বন্ধে জাতিগতভাৱে অধিক আত্ম-সচেতন। এনে অধ্যয়নৰ পৰা ক্ৰিচৱেলে মন্তব্য কৰে যে আমেৰিকান শিশুৰ মনত সৃষ্টি হোৱা জাতিগত মনোভাৱ সিহঁতৰ পৰিয়ালৰ মাক-দেউতাকসকলৰ প্ৰভাৱৰ প্ৰতিফলন মাথোন। আমাৰ দেশতো জাতি-ধৰ্ম-সংস্কৃতি সম্বন্ধে এনে অধ্যয়ন কৰিলে মূল্যৱান তথ্য পোৱা যাব পাৰে।

শিশু-মনোভাৱ গঠনত শিক্ষাৰ ভূমিকাঃ

পৰিৱেশৰ চাৰিওফালে থকা বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি শিশুৰ মনত এক সুস্থ মনোভাৱ গঢ়ি তোলাত সহায় কৰাটো শিক্ষাৰ এক প্ৰধান কৰ্তব্য। অসুস্থ শিক্ষা আৰু সামাজিক ব্যৱস্থাৰ ফলত তাৰ মনত যাতে নেতিবাচক আৰু ধ্বংসাত্মক মনোভাৱ গঢ়ি উঠিব নোৱাৰে তাৰ প্ৰতি শিক্ষক-অভিভাৱকসকল বিশেষ সতৰ্ক হ’ব লাগে। ইতিপূৰ্বে গঢ়ি উঠা অসুস্থ মনোভাৱ সংশোধন কৰি সুস্থ দৃষ্টিভংগী লাভ কৰাত তাক সহায় কৰাটোও সমানেই গুৰুত্বপূৰ্ণ কথা। অভিজ্ঞতাৰ ফলস্বৰূপেই মনোভাৱৰ সৃষ্টি হয়। সেইবাবে পৰিৱেশ আৰু পৰিস্থিতিৰ আৱশ্যকীয় সাল-সলনি আৰু পৰিৱৰ্তন কৰি শিশুক সুস্থ অভিজ্ঞতা দিয়াব পাৰি আৰু তাৰ পূৰ্বৰ অসুস্থ মনোভাৱ গুচাই সুস্থ আৰু প্ৰয়োজনীয় মনোভাৱ গঢ় দি তুলিব পাৰি। শিশুৰ সুস্থ সামাজিক সমাযোজনৰ বাবে এনে এটা অৱস্থা অতি প্ৰয়োজনীয়।

বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিয়ে শিশুৰ মনোভাৱ গঠন আৰু সংশোধন কৰিব পাৰে। স্কুলত কোনো এজন শিক্ষকৰ ভাল লগা আচৰণে, শ্ৰেণীত কোনো এজন ছাত্ৰৰ লগত বন্ধুত্ব স্থাপন, কোনো এক পাঠ্য-বিষয়ৰ মনঃপুত অধ্যয়নে, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীৰ কোনো এটা বিষয়ত সক্ৰিয় অংশগ্ৰহণে শিশুৰ মনোভাৱ বেয়াৰ পৰা ভাললৈ অথবা ভালৰ পৰা বেয়ালৈও পৰিৱৰ্তন কৰিব পাৰে। এনে বহুতো উদাহৰণ দিব পাৰি য’ত এজন ছাত্ৰই শিক্ষকৰ দুৰ্ব্যৱহাৰৰ বাবে অথবা বিষয়বস্তু দুৰ্বোধ্য আৰু নিৰস কৰি তোলাৰ বাবে অথবা সহপাঠীসকলে ৰেগিং কৰাৰ বাবে সেই শিক্ষক, সেই বিষয় আৰু সেই অনুষ্ঠানত নিজৰ অধ্যয়ন ত্যাগ কৰিছে।

বৰ্তমানে প্ৰায়ে দেখা যায় যে ঘৰুৱা পৰিৱেশৰ অৰ্থনৈতিক দুৰৱস্থা, স্কুলৰ অসুস্থ শিক্ষা পৰিৱেশ আৰু সমাজৰ অস্বাভাৱিক পৰিস্থিতিয়ে ল’ৰা-ছোৱালীৰ মনত অসুস্থ মনোভাৱ গঢ় দি তোলে। গৃহ, শিক্ষা, সমাজ আদি সকলো পৰিৱেশতে বৰ্তমান আমি এক অসামঞ্জস্য আৰু বিসংগতিপূৰ্ণ জীৱন-যাপন কৰিছো। শিশুক সত্য আৰু ন্যায়ৰ পথ গ্ৰহণ কৰিবলৈ কৈ মাক-দেউতাকে বাস্তৱ ক্ষেত্ৰত অসৎ আৰু অন্যায় পথেৰে জীৱন নিৰ্বাহ কৰিছে। স্কুলত শিক্ষকে ছাত্ৰক আনৰ লগত সহযোগিতা কৰিবলৈ কৈ পৰীক্ষাত স্থান আৰু মান লাভৰ এক তুমুল প্ৰতিযোগিতালৈ ঠেলি দিছে। ছাত্ৰক কৰ্তব্যপৰায়ণ, সময়নিষ্ঠ আৰু পৰিশ্ৰমী হ’বলৈ উপদেশ দি শিক্ষকে নিজে তাৰ বিপৰীতে আচৰণ প্ৰদৰ্শন কৰাটো বৰ্তমান সাধাৰণ কথাত পৰিণত হৈছে। শিক্ষক-অভিভাৱক আৰু সমাজৰ আদৰ্শৱান ব্যক্তিসকলৰ কথা আৰু কামৰ মাজত থকা বিশেষ ব্যৱধান ছাত্ৰ-ছাত্ৰীসকলে এক বিভ্ৰান্তিকৰ মনোভাৱেৰে লক্ষ্য কৰিছে। সেইবাবে এনে বিসংগতিপূৰ্ণ সামাজিক পৰিৱেশে বৰ্তমান ল’ৰা-ছোৱালীৰ মনোভাৱ অসুস্থ আৰু নেতিবাচক কৰি তোলাটো অতি স্বাভাৱিক।

এনে এটা সামাজিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত শিশুৰ মনোভাৱ সুস্থ আৰু গঠনাত্মক কৰি তোলাটো যিমানেই গুৰুত্বপূৰ্ণ সিমানেই ই কঠিন কাম। ইয়াৰ বাবে সমাজৰ সকলো দিশৰ এক সামূহিক আৰু সুসংবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন। বহলভাৱে ক’বলৈ গ’লে সামাজিক জীৱনৰ দৰ্শন আৰু ক্ৰিয়া ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সি যি কি নহওক, শিক্ষাৰ কাৰ্যকৰী দিশত শিশুৰ সুস্থ মনোভাৱ গঠন আৰু অসুস্থ মনোভাৱ সংশোধনৰ বেলিকা ল’ব লগা কেতবোৰ ভূমিকাৰ বিষয়ে নিম্নলিখিতভাৱে চমুকৈ উল্লেখ কৰিব পাৰি।

(১) শিশুৰ মনোভাৱ গঠনত গৃহ আৰু শিক্ষা পৰিৱেশৰ অনুশাসন ব্যৱস্থাই বিশেষ প্ৰভাৱ পেলায়। এই দুই পৰিৱেশতে শিক্ষক-অভিভাৱকসকলে গণতান্ত্ৰিক অনুশাসন ব্যৱস্থা গ্ৰহণ কৰা উচিত। এনে অৱস্থাৰ যোগেদি শিশুৱে নিজ অধিকাৰ আৰু কৰ্তব্য পালনত মুক্ত আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। নিজ অস্তিত্ব আৰু সন্মানৰ প্ৰতি আত্ম-সচেতন হোৱাৰ লগতে সমাজৰ অন্যান্য লোকৰ প্ৰতিও তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে। এই অনুশাসন ব্যৱস্থাৰ ফলত শিশুৱে নিজ সামাজিক পৰিৱেশত সুস্থ সমাযোজন স্থাপন কৰি ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি সুস্থ দৃষ্টিভংগী আৰু মনোভাৱ গ্ৰহণ কৰিব পাৰে।

(২) স্কুলৰ আনুষ্ঠানিক শিক্ষা পৰিৱেশত নিজৰ ভাব-অনুভূতি আৰু অভিজ্ঞতা আদি মুক্তভাৱে প্ৰকাশৰ সুবিধা শিক্ষকে দিব লাগে। ইয়াৰ বাবে সামূহিক আলোচনা, সামূহিক খেলা-ধূলা, নৃত্য-গীত আদিৰ যোগে আত্ম-প্ৰকাশৰ আৱশ্যকীয় পৰিৱেশ ৰচনা কৰিব লাগে। এনে পৰিৱেশত ছাত্ৰৰ ভূমিকা মুখ্য আৰু শিক্ষকৰ ভূমিকা গৌণ স্বৰূপেহে বিবেচিত হ’ব লাগে। শিশুৰ সকলো অভাৱ-অভিযোগ, অভিমত, অমত আদি শিক্ষকৰ দ্বাৰা যথোচিতভাৱে বিবেচিত হ’ব লাগে। কোনো শিশুৱেই কোনো ক্ষেত্ৰতে নিজক অৱহেলিত বুলি ভাবিবৰ থল থাকিব নালাগে।

(৩) শিশুৰ মনোভাৱ গঠনত শিক্ষা-পদ্ধতিয়েও ভূমিকা গ্ৰহণ কৰে। ইয়াৰ বাবে শিক্ষা ক্ৰিয়াভিত্তিক আৰু বাস্তৱমুখী কৰি গঢ়ি তুলিব লাগে। শিশুৱে যি শিকে সি তাৰ বাস্তৱ জগতৰ অভিজ্ঞতাৰ লগত সম্বন্ধ-ৰক্ষাকাৰী হোৱা উচিত। শিশুৰ শিক্ষা বিষয় আৰু শিক্ষণ পদ্ধতি তাৰ বাস্তৱ জীৱনৰ বাবে অৰ্থপূৰ্ণ আৰু সংগতি ৰক্ষাকাৰী কৰি তুলিব লাগে। এনে শিক্ষাইহে শিশুৰ মনত সুস্থ ধাৰণা, দৃষ্টিভংগী আৰু মনোভাৱ গঢ় দি তুলিব পাৰে।

(৪) শিশুক সমূহীয়া জীৱন-যাপনৰ সুবিধা দান কৰি সুপৰিচালিত শিশু-সংগঠন আদিয়ে তাৰ মনোভাৱৰ আৱশ্যকীয় সংশোধন কৰিব পাৰে। স্কুলৰ দীঘলীয়া অৱসৰ সময়ত শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰা, কেম্প অথবা শিবিৰ পাতি অনুশাসিত জীৱনৰ অনুশীলন কৰা, শিশু-অনুষ্ঠান বা শিশু-সংগঠন আদি স্থাপন কৰি পাৰস্পৰিক সহযোগিতা আৰু সহৃদয়তাৰ ভাব জগাই তোলা আদি কাৰ্য এই ক্ষেত্ৰত উল্লেখযোগ্য। স্কাউট, গাইড, ব্লুবাৰ্ড আদি অনুষ্ঠানৰ শিক্ষামূলক ভূমিকা এইখিনিতেই বিশেষ বিবেচনাযোগ্য।

(৫) শিশুৰ মনত সূক্ষ্ম দৃষ্টিভংগী দান কৰিবৰ বাবে সৌন্দৰ্যবোধক আৰু কলাত্মক অনুভূতি জগাই তোলাটোও প্ৰয়োজন। সুন্দৰ-অসুন্দৰৰ ভেদ ভাব শিশুমনত সৃষ্টি কৰিব পৰাকৈ শিক্ষাৰ ব্যৱস্থা কৰা উচিত। ইয়াৰ বাবে শিশুৰ বাহ্যিকভাৱে দৈহিক আচৰণৰ সুন্দৰতা, চাফ-চিকুণতা আৰু গ্ৰহণযোগ্যতা আদিৰ জ্ঞান দিয়া আৰু তাৰ অনুশীলন কৰা উচিত। তেনে কৰিবলৈ শিক্ষা পৰিৱেশৰ দৈহিক তথা বৈষয়িক প্ৰস্তুতিৰো প্ৰয়োজন। মানসিকভাৱে শিশুৱে সুন্দৰতা অনুভৱ কৰা, প্ৰশংসা কৰা আৰু তাক গ্ৰহণ কৰা আদিৰ প্ৰয়োজনীয় পৰিস্থিতি সৃষ্টি কৰি তুলিব লাগে।

(৬) শিক্ষাই শিক্ষাৰ্থীক জীৱনৰ প্ৰকৃত মূল্যবোধ উপলব্ধি কৰোৱাব পাৰিলে তাৰ মনত সুস্থ মনোভাৱ গঢ়ি উঠাটো সম্ভৱ হ’ব পাৰে। এই গোটেই প্ৰশ্নটো শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ আৰু তাৰ অন্তৰালত থকা শিক্ষা-দৰ্শনৰ ওপৰত বিশেষ নিৰ্ভৰশীল। শিক্ষাৰ সুস্থ দৰ্শনে তাৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে আৰু এনে লক্ষ্যৰ গ্ৰহণযোগ্যতাও অধিক হয়। ইয়াৰ উপযুক্তভাৱে কাৰ্যকৰীকৰণেহে শিশুক জীৱনৰ সুস্থ ধাৰণা, দৃষ্টিভংগী আৰু মনোভাৱ জগাই তুলিব পাৰে আৰু প্ৰকৃত মূল্যবোধ উপলব্ধি কৰাব পাৰে।

(৭) শিশুৰ দৃষ্টিভংগী আৰু মনোভাৱ সুস্থ আৰু গ্ৰহণযোগ্য কৰি তোলাটো নিৰ্ভৰ কৰে সমাজৰ নৈতিক মূল্যবোধ আৰু তাৰ মানদণ্ডৰ ওপৰত। যি সমাজৰ লোকৰ ক্ৰিয়া-আচৰণত নৈতিক সচেতনতা অধিক সেই সমাজৰ শিশুৱে নৈতিক ক্ৰিয়া-আচৰণৰ যোগে সমাজৰ বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি সুস্থ মনোভাৱ গ্ৰহণ কৰাটো স্বাভাৱিক। শিশু নৈতিকতা গঠন আৰু বিকাশ সম্বন্ধে এই অধ্যায়ত ইতিপূৰ্বে বহলাই আলোচনা কৰা হৈছে।

সামৰণিত ক’ব পাৰি যে সামাজিক জীৱনৰ বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিয়ে আমাৰ দেহ-মানসিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এনে প্ৰতিক্ৰিয়াৰ সুখদায়ক আৰু দুখদায়ক অভিজ্ঞতাই ব্যক্তিৰ মনোভাৱ, মনোবৃত্তি, দৃষ্টিভংগী আদিৰ যোগে নৈতিক জীৱন ৰচনা কৰে। এই নৈতিকতাৰ অভিজ্ঞতাই ক্ৰমে শিশুৰ ব্যক্তিত্ব গঢ় দি তোলে। নৈতিক অনুভূতিৰ দ্বাৰা সামূহিকভাৱে প্ৰভাৱিত বাহ্যিক ক্ৰিয়া-আচৰণবোৰৰ লক্ষণ অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰি ব্যক্তিত্বৰ মূল্যায়ন তথা বৰ্ণনা কৰা হয়।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.90322580645
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top