অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মনত বিভিন্ন দিশৰ ধাৰণাঃ

শিশুৰ মনত বিভিন্ন দিশৰ ধাৰণা লিখা হৈছে

শিশুৰ মনত বিভিন্ন দিশৰ ধাৰণা কেনেকুৱা-

 

নিজৰ প্ৰতি ধাৰণাঃ শিশুৰ মনত নিজৰ প্ৰতি গঢ়ি উঠা ধাৰণা এক আমোদজনক বিষয়। জন্মৰ পৰা চাৰি-পাঁচমাহ মানলৈকে শিশুৱে নিজৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে। প্ৰায় ৭-৮ মাহমানৰ পৰা সি কেতবোৰ আচৰণৰ যোগেদি নিজ স্বাৰ্থ আৰু জৈৱিক প্ৰয়োজন আদি পূৰণৰ সম্বন্ধে সচেতনতা প্ৰকাশ কৰে। লাহে লাহে সি নিজৰ দেহৰ দুই-এটা অংশ স্পৰ্শ কৰিব পাৰে। দেহৰ অৱয়ব আৰু নিজৰ মুখখন দাপোণত চাব পৰা হয়। ইতিমধ্যে তাৰ খোৱা-বোৱা, পিন্ধা-উৰা আৰু খেলা-ধূলাৰ বেলিকা বিভিন্ন বস্তু প্ৰয়োগৰ বেলিকাও আত্মকেন্দ্ৰিকতা ভাবৰ পৰিচয় দিয়ে। শিশুৱে পিন্ধা চোলা, খোৱা বস্তু আৰু হাতৰ পুতলা আনে ধেমালিতে বিচাৰিলে সি দিবলৈ নিবিচাৰে। প্ৰায় ডেৰ বছৰ বয়সত শিশুৱে চকু, কাণ, নাক আদি দেহৰ বিভিন্ন অংশৰ লগত পৰিচয় হয়। প্ৰথম বুদ্ধি পৰীক্ষা প্ৰস্তুতকাৰী মন সমীক্ষক বিনেৰ মতে শিশুৱে তিনি বছৰ বয়সত নিজৰ নাম সম্পূৰ্ণভাৱে জনাটো আৰু সি ল’ৰা নে ছোৱালী তাক কব পৰাটো সম্ভৱ হয়। প্ৰায় চাৰিবছৰ বয়সৰ শিশুৱে নিজৰ সম্বন্ধে বস্তুগত আৰু ভাবগত ধাৰণা কৰিব পৰা হয়। নিজৰ সম্বন্ধে বস্তুগত ধাৰণাৰ যোগেদি তাৰ দৈহিক গঠন, আকাৰ-আকৃতি আৰু দেহৰ সঞ্চালনমূলক ক্ষমতা আদিৰ বিষয়ে সচেতন হয়। ভাবগত ধাৰণাৰ যোগেদি নিজ মনৰ অনুভূতি, চিন্তা, দৃষ্টিভংগী, মনোভাব আদিৰ বিষয়ে সচেতন হয়। উল্লেখযোগ্য যে এই দুই ব্যক্তি-সচেতনতাৰ মাজত সময়ে সময়ে শিশুৰ মনত ধাৰণাৰ খেলি-মেলি ভাবৰো সৃষ্টি হয়।

সময়ৰ ধাৰণাঃ সময়ৰ প্ৰতি শিশুৰ ধাৰণা অতি সামান্য। শিশুৰ মন সদায় বৰ্তমানমুখী। বৰ্তমানক লৈয়ে তাৰ সকলো ভাব আৰু ক্ৰিয়া আঁচনি গঢ়ি উঠে। এনে মনোভাবৰ বাবে তাৰ মনত অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সম্বন্ধে সময়ৰ পৃথক ধাৰণা গঢ়ি উঠিব নোৱাৰে। সময় নিৰ্দেশকাৰী শব্দসমূহ তাৰ বাবে নিৰৰ্থক হৈ ৰয়। ‘কালি’ আৰু ‘কালিলৈ’ৰ মাজত সি পাৰ্থক্য বিচাৰি পাব টান হয়। এবছৰ, এমাহ বা এঘণ্টা সময় শিশুৰ ধাৰণাৰ অতীত। এইটো লক্ষ্য কৰা হৈছে যে চাৰি বছৰ বয়সীয়া শিশুৱে ৰাতিপুৱা, আবেলি আৰু গধূলি সময়ৰ পাৰ্থক্য কৰিব পাৰে। পাঁচ বছৰীয়া শিশুৱে দিনটোৰ বাৰ জানি উঠিব পাৰে কিন্তু মাহটোৰ তাৰিখ জানি উঠিব নোৱাৰে। প্ৰায় আঠ বছৰ বয়সতহে সি সম্ভৱ হৈ উঠিবগৈ পাৰে। প্ৰাথমিক স্কুলত পঢ়া ৫-৬ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়েও স্কুলৰ পূজাবন্ধ বা গৰমৰ বন্ধ দিয়া সময়খিনি ধাৰণা কৰিব নোৱাৰে। ঘড়ীৰ সময় কোৱা বা কোনো নিৰ্দিষ্ট সময়ৰ ধাৰণা কৰাটো শিশুৰ বাবে সম্ভৱ নহয়। উল্লেখযোগ্য যে প্ৰাথমিক স্কুলৰ ছাত্ৰই স্কুল আৰম্ভ হোৱা আৰু শেষ হোৱা নিৰ্দিষ্ট সময়ৰ কোনো ধাৰণা কৰিব নোৱাৰাকৈয়ে স্কুললৈ অহা-যোৱা কৰে।

দূৰত্বৰ ধাৰণাঃ স্থানৰ দূৰত্ব আৰু দিশ নিৰ্ণয় কৰাটো শিশুৰ বাবে কঠিন কাম। এমাইল বা আধা মাইল দূৰত্ব কিমান ওচৰ বা কিমান দূৰ হ’ব পাৰে সি ভাবি নাপায়। ঘৰৰ পৰা তাৰ স্কুললৈ অহা-যোৱা কৰা পথটো কিমান দূৰ সি অনুমান কৰিব নোৱাৰে। এনে কাৰণতে সি অকলশৰে স্কুললৈ যাবলৈ সাহ নকৰে। বয়স্কলোকে শিশুক স্কুলৰ পৰা অনা-নিয়া কৰাৰ প্ৰয়োজনীয়তা এইখিনিতেই অনুভৱ কৰা হয়। স্থানৰ দূৰত্বৰ দৰেই দিশ নিৰ্ণয় কৰাটোও তাৰ বাবে সম্ভৱ নহয়। উৰ্ধ, অধঃ, বাঁওফাল, সোঁফাল, পূব-পশ্চিম, উত্তৰ-দক্ষিণ আদি নিৰ্ণয়ৰ জ্ঞান দিবলৈ চেষ্টা কৰিলেও সি তাৰ বাবে ধাৰণাহীন হৈ ৰয়।

সংখ্যাৰ ধাৰণাঃ কথা ক’ব পৰা হোৱাৰ লগে লগে আনৰ পৰা শুনি বিভিন্ন সংখ্যা শিশুৱে মুখেৰে ক’ব পাৰে। কিন্তু এনে মৌখিক উচ্চাৰণ অভ্যাসৰ দ্বাৰা গঠিত হোৱা এক যন্ত্ৰচালিত স্মৃতি-ক্ৰিয়াহে মাথোন। ই শিশুৰ মনত সংখ্যাৰ প্ৰকৃত ধাৰণা থকাৰ প্ৰমাণ দিব নোৱাৰে। দুই তিনিটকৈ কিমান কম অথবা পাঁচ তিনিটকৈ কিমান বেছি তাক ধাৰণা কৰাটো তাৰ বাবে কষ্টকৰ। শিশুৰ বিধিবৎ সংখ্যাৰ ধাৰণাৰ লগত তাৰ বুদ্ধ্যংকৰ ওচৰ সম্বন্ধ থকাটো বিশেষজ্ঞসকলে লক্ষ্য কৰিছে। উল্লেখযোগ্য যে প্ৰাথমিক স্কুলৰ দুটা শ্ৰেণী অতিক্ৰম কৰি অহা শিশুৱেও সংখ্যাৰ ধাৰণা শুদ্ধকৈ কব নোৱাৰে। অৱশ্যে পৰিয়ালৰ ব্যৱহাৰিক জীৱনত মাপ-জোখ, টকা-পইচাৰ গণনা, বেচা-কিনা, দাম-দৰ কৰা আদি কাৰ্যই সাংখ্যিক ধাৰণা বিকাশত বিশেষ সহায় কৰে। শিশুৰ মনত সংখ্যাৰ জ্ঞান-ধাৰণা অপৈণত হৈ থাকিলেও বস্তুৰ পৰিমাণ সম্বন্ধে তাৰ সাধাৰণ ধাৰণা হয় আপেক্ষিকভাৱে উন্নত। অলপ, বহুত, কম, বেছি আদি পৰিমাণবোধক শব্দবোৰৰ ব্যৱহাৰিক ধাৰণা সি কম বয়সতে আয়ত্ব কৰিব পাৰে।

শিশুৰ ধাৰণা বিকাশত ভাষাৰ ভূমিকাঃ

 

ব্যক্তিৰ মানসিক বিকাশত ভাষাই যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাক আমি সকলোৱে অনুভৱ কৰো। যি ভাষা যিমানে উন্নত সেই ভাষা-ভাষী লোকেও সিমানে বৌদ্ধিক বিকাশত আগবঢ়া। উল্লেখযোগ্য যে ভাষাত প্ৰয়োগ কৰা শব্দবোৰে আমাৰ মনৰ ভাব-অনুভূতি, অভিজ্ঞতা আৰু ধাৰণাবোৰৰ প্ৰতীক বা চিহ্নৰূপে কাম কৰে। সেইবাবে শিশুৱে নিজ মনৰ অনুভূতি আৰু ধাৰণাবোৰ প্ৰয়োগৰ যোগেদি আত্মপ্ৰকাশ কৰিবলৈ ভাষাৰ সহায় লব লাগে। মানসিক বিকাশৰ বাবে শিশুৰ ভাষা বিকাশ প্ৰসংগ এক জটিল অধ্যয়নৰ বিষয়।

ভাষাই শিশু মনৰ ধাৰণা কিদৰে বিকশাই তোলে তাৰ এক সুন্দৰ দৃষ্টান্ত আৰু বিজ্ঞানসন্মত ব্যাখ্যা মণ্টেচৰী পদ্ধতিৰ শিক্ষাত পোৱা যায়। শব্দজ্ঞানৰ লগত ধাৰণাৰ সহযোগ স্থাপনৰ বাবে ইয়াত তিনিটা বিশেষ পৰ্যায়ৰ প্ৰতি চকু ৰখা হৈছে। প্ৰথম পৰ্যায়ত শিশুক ধাৰণা জড়িত হোৱা শব্দৰ লগত পৰিচয় দিয়া হয়। যেনে- ৰঙা আৰু বগা দুটা বস্তু চকুৰে চাবলৈ দিয়াৰ পিছত শিক্ষকে ৰঙা বস্তুটো হাতত লৈ ‘এইটো ৰঙা’ আৰু বগা বস্তুটো হাতত লৈ ‘এইটো বগা’ বুলি শিশুক শব্দ আৰু তাৰ আনুষংগিক ধাৰণা প্ৰদান কৰে। দ্বিতীয় পৰ্যায়ত স্মৃতিৰ পুনৰুদ্দীপন ব্যৱস্থাৰ যোগেদি ৰঙা বস্তুটো দিয়া অথবা বগা বস্তুটো দিয়া কাৰ্য শিশুৰ দ্বাৰা সম্পাদন কৰোৱা হয়। তৃতীয় পৰ্যায়ত পুনৰ দুয়োটা বস্তু দেখুৱাই এইটো কি ৰঙৰ আৰু সেইটো কি ৰঙৰ আদি প্ৰশ্নেৰে শিশুৰ স্মৰণ শক্তিৰ প্ৰয়োগ কৰি ৰং সম্বন্ধীয় ধাৰণাৰ পৰীক্ষা কৰা হয়। এনে শিক্ষা পদ্ধতিয়ে শিশুৰ মনত শব্দজ্ঞান বিকাশৰ যোগে ধাৰণাৰ সুস্থ আৰু সবল ভেটি স্থাপনত সহায় কৰিব পাৰে। শব্দ পৰিচিতিৰ এনে প্ৰাথমিক ব্যৱস্থাই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ আৰম্ভণি সূচনা কৰে।

ভাষাৰ যোগে শিশুৰ ধাৰণা গঢ় দি তোলাৰ ক্ষেত্ৰত প্ৰাথমিক স্কুলৰ এক গুৰু দায়িত্ব বহন কৰিব লগা আছে। শিক্ষাৰ এই পৰ্যায়ত আৱশ্যকীয় নতুন নতুন শব্দৰ লগত শিশুক পৰিচয় কৰাই দিয়াটো শিক্ষকৰ দায়িত্ব। শব্দ পৰিচিতিৰ লগত তাৰ শুদ্ধ উচ্চাৰণ কৰাটো আৰু তাৰ যোগে শব্দৰ প্ৰকৃত অৰ্থ শিশুৱে আয়ত্ব কৰাটো এক গুৰুত্বপূৰ্ণ কথা। উল্লেখযোগ্য যে অসমীয়া ভাষাৰ আখৰ চিনাকিৰ বেলিকা প্ৰাথমিক স্কুলত এই সম্বন্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নহয়। ভাষা বিকাশৰ প্ৰাৰম্ভিক কালত হোৱা এনে বিজুতিয়ে পৰৱৰ্তী কালত তাৰ ধাৰণা বিকাশতো বিজুতি ঘটায়। এইক্ষেত্ৰত শিশু পাঠ্যপুথি প্ৰস্তুতকাৰী সকলোৰো এক গুৰু দায়িত্ব আছে। শিশুৰ বাস্তৱ জীৱন আৰু অভিজ্ঞতাৰ লগত মিল থকা সহজ-সৰল, ছন্দবদ্ধ আৰু শ্ৰুতিমধুৰ শব্দৰ প্ৰয়োগ পাঠ্যপুথিত থাকিব লাগে। শিশুৱে ধাৰণা কৰিব নোৱাৰা জটিল, ভাব-গধূৰ শব্দ আৰু বাক্যৰ প্ৰয়োগ কৰিব নালাগে। শিশুৰ বয়সৰ মানদণ্ড অনুযায়ী কি পৰিমাণৰ আৰু কেনে ধৰণৰ শব্দ পৰিচিতিৰ প্ৰয়োজন তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি পাঠ্যপুথিত শব্দ সমাবেশ কৰিব লাগে। পাঠ্যপুথুৰ পাঠবোৰত শিশুৰ বাবে থকা জটিল ধাৰণাবোৰ সহজ কৰি তুলিবলৈ ছবি, অংকিত চিত্ৰ, মেপ আৰু উদাহৰণ বা দৃষ্টান্তবোৰৰ উপযুক্ত প্ৰয়োগ কৰা উচিত। কাৰণ এইসমূহে শিশুৰ ধাৰণা গঢ়ি তোলাত প্ৰতীক স্বৰূপে কাম কৰে।

শিশুৰ ধাৰণা বিকাশত কিদৰে সহায় কৰিব পাৰিঃ

 

শিক্ষক-অভিভাৱকসকলে শিশু মনৰ ধাৰণা বিকাশৰ বাবে লব লগা প্ৰয়োজনীয় ব্যৱস্থা সম্বন্ধে তলত চমুকৈ উল্লেখ কৰা হৈছে।

(১) শিশু শিক্ষা-ব্যৱস্থা প্ৰত্যক্ষ ইন্দ্ৰিানুভূতি সাপেক্ষ আৰু ক্ৰিয়াভিত্তিক স্বৰূপে গঢ় দি তুলিব লাগে। এই ক্ষেত্ৰত মণ্টেচৰী শিক্ষা-পদ্ধতিৰ বিজ্ঞানসন্মত আৰু পৰ্যায়ক্ৰমে ব্যৱস্থা বিশেষ ফলপ্ৰসূ বুলি বিবেচনা কৰিব পাৰি।

(২) শিশুৰ স্বৰ-ধ্বনিৰ শুদ্ধ উচ্চাৰণ আৰু তাৰ যোগেদি কথিত আৰু লিখিত ভাষাৰ উপযুক্ত প্ৰয়োগৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। বয়সৰ অনুপাতে শিশুৰ শব্দ সংখ্যা বৃদ্ধিৰ প্ৰতিও বিশেষ চকু ৰাখিব লাগে।

(৩) শিশু-পাঠ্যপুথি সতৰ্কতাৰে প্ৰস্তুত আৰু প্ৰয়োগ কৰিব লাগে। শিশুৰ মানসিক বিকাশৰ মানদণ্ড অনুযায়ী পাঠ্যপুথিত বাস্তৱধৰ্মী আৰু ব্যৱহাৰিক বিধৰ শব্দ সমাবেশ কৰিব লাগে। বাল্যৰ শব্দৰ গাঁঠনিত অনাৱশ্যকীয় জটিলতা এৰাই চলিব লাগে।

(৪) ছবি প্ৰদৰ্শন, চিত্ৰাংকন, ৰঙীন চিত্ৰাংকন, নক্সা প্ৰয়োগ আৰু মেপ অংকন আদিৰ যোগে শিশুৰ ধাৰণা সহজে গঢ় দি তুলিব পাৰি। সেইবাবে প্ৰাথমিক স্কুলৰ চিত্ৰাংকন বিদ্যা শিশুৰ ধাৰণা বিকাশৰ বাবে অধিক তৎপৰতাৰে উদ্দেশ্যধৰ্মী কৰি তুলিব লাগে।

(৫) হস্ত-শিল্প বা হাতৰ কাম শিশুৰ ধাৰণা বিকাশৰ বাবে বিশেষ সহায়কাৰী। মাটিৰ কাম, কাগজৰ কাম আদিৰ যোগে বিভিন্ন বস্তুৰ আকাৰ-আকৃতি আৰু অৱস্থা সম্বন্ধে শিশুক কাৰ্যকৰীভাৱে ধাৰণা দিব পাৰি।

(৬) নতুন বিষয়ৰ ধাৰণা দিবৰ বাবে শিশুৰ পূৰ্ব অভিজ্ঞতাৰ সহায় লব লাগে। দৃষ্টান্ত, উপমা আৰু পূৰ্ব পাঠৰ উদ্ধৃতি আদিৰ যোগে শিশুৰ পূৰ্ব অভিজ্ঞতাৰ লগত নতুন অভিজ্ঞতাৰ সংযোগ সাধন কৰিব পাৰি।

(৭) শিশুৱে কৰা প্ৰশ্নসমূহ অৱহেলা আৰু আওকাণ কৰিব নালাগে। সেইবোৰ যিমানেই অবান্তৰ আৰু অনৰ্থক বুলি বিবেচিত নহওক কিয়, তাৰ প্ৰয়োজন মতে উত্তৰদান কৰিব লাগে। নিৰৰ্থক প্ৰশ্নবোৰো সংশোধন কৰি তাক অৰ্থযুক্ত কৰি তুলিবহে লাগে। শিশুৱে প্ৰশ্ন কৰিব পৰা পৰিস্থিতিৰো গৃহ আৰু শিক্ষা পৰিৱেশত সৃষ্টি কৰি তুলিব লাগে।

(৮) একেটা বস্তুৰ যথাসম্ভৱ সৰ্বাধিক উপায়ে বিভিন্ন ইন্দ্ৰিয়ানুভূতি দানৰ ব্যৱস্থা কৰিব লাগে। দৃষ্টি, শব্দ, স্পৰ্শ, গোন্ধ আৰু স্বাদ সম্বন্ধীয় ব্যাপক ইন্দ্ৰিয়ানুভূতিয়েহে বিষয়বস্তুৰ শুদ্ধ আৰু যথাৰ্থ ধাৰণা শিশুমনত গঢ় দি তুলিব পাৰে।

মনোযোগ আৰু আগ্ৰহঃ

 

শিশুৰ মানসিক ক্ৰিয়া-শক্তিৰ এক লক্ষণীয় দিশ হৈছে মনোযোগ আৰু আগ্ৰহ। পৰিৱেশৰ কোনো এক বস্তু বা বিষয় নিৰ্বাচন কৰি তাৰ ওপৰত মনক ধৰি ৰখা বা সচেতনতাক কেন্দ্ৰীভূত কৰি ৰখা যি মানসিক ক্ৰিয়া প্ৰচেষ্টা তাকে মনোযোগ বোলা হয়। ই হৈছে মনৰ এক নিৰ্বাচন কাৰ্য, নিয়ন্ত্ৰণ ক্ষমতা আৰু নতুন বিষয়ৰ এক অনুসন্ধান কাৰ্যবিশেষ। ইয়াৰ বাবে বিষয়-বস্তুৰ উদ্দীপন ক্ষমতা, ব্যক্তিৰ মানসিক প্ৰচেষ্টা আৰু আগ্ৰহৰ প্ৰয়োজন। আগ্ৰহ হৈছে মনৰ এক সুপ্ত আৰু অন্তৰ্নিহিত অৱস্থা। ব্যক্তিমনৰ আবেগ-অনুভূতি, প্ৰবৃত্তি, মনোভাব, পূৰ্ব অভিজ্ঞতাৰ প্ৰভাৱ আদিৰ ওপৰত আগ্ৰহ নিৰ্ভৰ কৰে। মনৰ এনে অন্তৰ্নিহিত অৱস্থাই প্ৰকৃতপক্ষে আগ্ৰহৰ জন্ম দিয়ে। মনত আগ্ৰহ থাকিলে কোনো কথা আৰু বিষয়ৰ প্ৰতি মনোযোগ দিয়া হয়। সেয়েহে মনোযোগ হৈছে আগ্ৰহৰ এক সক্ৰিয় অৱস্থা বা ইয়াৰ এক প্ৰকাশ্য দিশ মাথোন।

শিশুৰ মনোযোগৰ বৈশিষ্ট্যঃ

 

বয়সস্থসকলৰ দৰে শিশুৱে মনোযোগ দিব নোৱাৰে। তাৰ মনোযোগৰ কিছুমান নিজস্ব বৈশিষ্ট্য তথা সীমাবদ্ধতা আছে যাৰ ফলত সি পৰিৱেশৰ পৰা যথোচিতভাৱে জ্ঞান আহৰণ কৰাটো সম্ভৱ হৈ নুঠে। শিশুমনৰ স্বৰূপ মনোযোগৰ ক্ষেত্ৰত থকা এই সীমাবদ্ধতাবোৰত ভালদৰে ফুটি উঠে। এই সম্বন্ধে নিম্নলিখিত কথাকেইটা মন কৰিবলগীয়া।

(১) শিশুৰ মনোযোগ সংবেদনমুখী। যি বিষয়-বস্তুৱে জ্ঞানেন্দ্ৰিয় যথোচিতভাৱে আকৰ্ষণ কৰিব নোৱাৰে তেনে বস্তুৰ প্ৰতি সি মনোযোগ দিব নোৱাৰে। বিষয়-বস্তু ইন্দ্ৰিয় গ্ৰাহ্য হৈ নুঠিলে ভাবাত্মক মনোযোগ প্ৰদান কৰাটো শিশুৰ বাবে সম্ভৱ নহয়। বিমূৰ্ত কোনো কথা বা চিন্তাত শিশুৱে মনোযোগ দিব নোৱাৰে। তাৰ মনোযোগ সদায় বস্তুবাদী, ভাববাদী নহয়।

(২) বিষয়-বস্তুৰ আকৰ্ষণীয়তাৰ ওপৰত শিশুৰ মনোযোগ নিৰ্ভৰ কৰে এইবাবেই যে সি কোনো কথাত ইচ্ছাকৃতভাৱে মনোযোগ দিব নোৱাৰে। মনৰ ইচ্ছাশক্তি, মনোবল, মনৰ আত্ম-নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ ক্ষমতা তাৰ নাথাকে। ফলত মনোযোগ হয় অনিচ্ছাকৃত আৰু বহিঃজগতৰ উদ্দীপকৰ দ্বাৰা পৰিচালিত।

(৩) সংবেদনাত্মক আৰু অনিচ্ছাকৃত হোৱা বাবেই শিশুৰ মনোযোগ হয় স্বাভাৱিকতেই ক্ষণস্থায়ী আৰু দ্ৰুত পৰিৱৰ্তনশীল। কোনো কথাত একেৰাহে অথবা একাণপতীয়াকৈ মনোযোগ দিয়াটো শিশুৰ বাবে কেতিয়াও সম্ভৱ নহয়। নতুনৰ পৰা নতুনৰ, আকৰ্ষণীয়ৰ পৰা অধিক আকৰ্ষণীয় বিষয়ৰ অনুসন্ধানত মনোযোগ ক্ষণে ক্ষণে গতি কৰাটোৱেই হৈছে তাৰ স্বভাৱ।

(৪) ক্ষিপ্ৰ পৰিৱৰ্তনশীল হোৱা বাবেই শিশুৱে মনোযোগৰ দ্বাৰা কোনো কথা আৰু বিষয় খৰচি মাৰি বিস্তৃতভাৱে জানি উঠিব নোৱাৰে। বিষয়-বস্তুৰ প্ৰতি লাভ কৰা জ্ঞান হয় অতি পাতলীয়া আৰু সামান্য বিধৰ। উদ্দীপকৰ পুনৰাবৃত্তিয়েহে পৰৱৰ্তী কালত এনে অৱস্থাৰ উন্নতি সাধন কৰিব পাৰে।

(৫) বিষয়-বস্তুৰ ওপৰত শিশুৰ মনোযোগ হয় বিশ্লেষণহীন আৰু সামগ্ৰিক বিধৰ। বস্তুটোৰ বিভিন্ন অংশৰ ওপৰত সুক্ষ্ম আৰু পৃথক পৃথকভাৱে মনোযোগ দিয়াটো তাৰ বাবে সম্ভৱ নহয়। গোটেই বস্তুটোৰ ওপৰত সাধাৰণভাৱেহে শিশু-মনোযোগ নিক্ষিপ্ত হয়।

মনোযোগৰ ক্ৰমবিকাশঃ

 

নিচেই চালুকীয়া শিশুৰ মনোযোগৰ প্ৰশ্ন নুঠে। নৱজাত শিশুৰ প্ৰকৃত অৰ্থত কোনো মন বা মানসিক ক্ৰিয়াই নাথাকে। সেয়েহে সি তাৰ পৰিৱেশৰ প্ৰতি মুঠেই সচেতন নহয়। কোনো বিশেষ বস্তু বা ব্যক্তিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা অথবা মনক কেদ্ৰীভূত কৰাটো তাৰ বাবে সম্ভৱ নহয়। পৰিৱেশৰ দৈহিক পৰিৱৰ্তনৰ ফলত ৰিফ্লেক্স বা প্ৰতিৱৰ্ত ক্ৰিয়াৰ দৈহিক প্ৰকাশ স্বৰূপেহে শিশুৱে মনোযোগ বা দৃষ্টি নিক্ষেপ কৰে। সেইবাবে আকস্মিকভাৱে চকুত লগা উজ্জ্বল পোহৰ, তীব্ৰ শব্দ আৰু গতিশীল বস্তুৰ প্ৰতি শিশু এই সময়ত মনোযোগী হয়।

প্ৰতিৱৰ্ত ক্ৰিয়া আচৰণৰ পৰ্যায় অতিবাহিত হোৱাৰ লগে লগে শিশুৰ প্ৰক্ৰিয়াত সচেতনতাৰ ভাব পৰিলক্ষিত হ’বলৈ ধৰে। কিন্তু তেনে এটা অৱস্থাতো মনক ইচ্ছাকৃতভাৱে নিয়ন্ত্ৰণ কৰা বা পৰিচালনা কৰাৰ ক্ষমতা নাথাকে। এই সময়ত শিশুৰ মনোযোগ থাকে অনিচ্ছাকৃত আৰু ইন্দ্ৰিয়ানুভূতি সাপেক্ষ অথবা সংবেদনাত্মক। যি বস্তুৱে তাৰ গ্ৰহণেন্দ্ৰিয়ত অধিক শক্তিশালী উদ্দীপনা দান কৰে তাৰ প্ৰতিয়ে মনোযোগ আকৰ্ষিত হয়। এই সময়ত শিশুৰ মনোযোগৰ বাবে উজ্জ্বল ৰংচঙীয়া বস্তু প্ৰদানৰ প্ৰয়োজন হয়। শিশু মনোযোগ একান্ত দৈহিক, নিৰপেক্ষ আৰু নিশ্চেষ্ট বুলি বৰ্ণনা কৰিব পাৰি।

প্ৰায় এবছৰ বয়সৰ পিছৰ পৰা শিশুৱে তাৰ দেহ-মানসিক প্ৰয়োজনবোৰৰ প্ৰতি কিছু সচেতন হৈ উঠাটো লক্ষ্য কৰা হয়। খোৱা-বোৱা, পিন্ধা-উৰা আৰু খেলা-ধূলা কৰা বিভিন্ন পৰিস্থিতি, বিষয় আৰু ব্যক্তিৰ প্ৰতি সি মনোযোগী হৈ উঠিবলৈ ধৰে। বিশেষকৈ খেলা-ধূলাৰ বেলিকা শিশু যিদৰে মনোযোগী হৈ উঠে আন কোনো বিষয়তে তেনে মনোযোগ দিয়া দেখা নাযায়। শিশুমনত অভিজ্ঞতা আৰু স্মৃতি কিছু পৰিমাণে সঞ্চিত হোৱাৰ লগে লগে প্ৰায় দুবছৰ পিছৰ পৰা ছবি চোৱা, গল্প শুনা আদিৰ প্ৰতি সি মনোযোগী হৈ উঠিব পাৰে। এই সময়ত শিশু কিছু কল্পনাপ্ৰিয় হৈ উঠা বাবে তাৰ মনোযোগ বস্তুবাদী আৰু ভাববাদী দুয়োবিধৰেই হ’ব পাৰে।

পূৰ্ব-প্ৰাথমিক পৰ্যায়তো শিশুৰ মনোযোগত অনৈচ্ছকতা আৰু বস্তুবাদী প্ৰভাৱ পৰিলক্ষিত হয়। অৱশ্যে শিশুমনৰ সঞ্চিত আৰু ক্ৰমবৰ্ধিত অভিজ্ঞতাই তাৰ মনোযোগ সামান্যভাৱে হ’লেও ঐচ্ছিক আৰু উদ্দেশ্যপ্ৰণোদিত কৰি তোলে। বিভিন্ন ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ সংস্পৰ্শ লাভৰ ফলত তাৰ মনত ভাল লগা আৰু বেয়া লগা অৱস্থা আৰু অভিজ্ঞতা লাভ হয়। ইয়াৰ ফলত ভাল লগা বিষয়, ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি সি আগ্ৰহী হৈ উঠে। খেলা-ধূলাৰ বিষয়, ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি গঢ়ি উঠা আগ্ৰহ আৰু মনোযোগ এই সময়ত শীৰ্ষ বিন্দুলৈ উঠে। শিশুৰ লেখা-পঢ়াৰ বিষয়, ব্যক্তি আৰু পৰিস্থিতিও ক্ৰীড়াময় কৰি তুলিব পাৰিলে সি মনোযোগ দিব পাৰে। শিশুৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে সেয়েহে শিক্ষাবিদসকলে শিশু-শিক্ষা পদ্ধতিত ক্ৰীড়া কৌশল অৱলম্বন কৰা দেখা যায়।

অৱশ্যে এই সময়ৰ মনোযোগো অধিক স্থায়ী আৰু স্থিতিশীল হোৱাটো আশা কৰিব নোৱাৰি। শিশুৰ মনোযোগৰ বেলিকা দৈহিক চঞ্চলতা আৰু ক্ষিপ্ৰ পৰিৱৰ্তনশীলতা হৈছে তাৰ লক্ষ্যণীয় বৈশিষ্ট্য। ক্ৰীড়াময় এক কাল্পনিক আনন্দ দিব নোৱাৰা স্কুলৰ লেখা-পঢ়াৰ বাস্তৱ আৰু কঠোৰ অনুশাসনৰ দ্বাৰা পৰিচালিত শিক্ষা পৰিস্থিতিয়ে শিশুক সহজে আমনি দিয়ে। তেনে বেয়া লগা আৰু আমনি লগা পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ সি চেষ্টা নকৰাকৈও নাথাকে। এই প্ৰসংগত শিশুৰ স্বভাৱ-সুলভ প্ৰবৃত্যাত্মক চঞ্চলতা যাতে অভ্যাসৰ যোগে সুনিয়ন্ত্ৰিত কৰিব পৰা যায় তাৰ প্ৰতিহে বিশেষ চকু দিব লাগে। এনেদৰে শিক্ষাৰ প্ৰাথমিক পৰ্যায়ত শিশুৰ মনোযোগ এক উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়। শিশু-শিক্ষাৰ বেলিকা শিক্ষক-অভিভাৱকসকলৰ বাবে এই কথা বিশেষ মন কৰিবলগীয়া। প্ৰাথমিক স্কুলৰ শিক্ষা-পৰিৱেশৰ নীতি-নিয়ম, অনুশাসন ব্যৱস্থা আৰু নিয়ন্ত্ৰিত পৰিস্থিতিয়ে শিশুৰ প্ৰবৃত্তিমূলক আচৰণ আৰু মনোযোগৰ এক আশানুৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰে।

এইখিনিতে শিশু-মনোযোগৰ বিকাশৰ ক্ষেত্ৰত থকা কেইটামান দৰ্শনীয় পৰিৱৰ্তনৰ কথা উনুকিয়াব পাৰি।

(১) শিশু-মনোযোগ প্ৰথম অৱস্থাত থাকে ইন্দ্ৰিয়ানুভূতি সাপেক্ষ আৰু বস্তুবাদী। ক্ৰমবিকাশৰ লগে লগে ই ভাববাদী আৰু বিমূৰ্ত অৱস্থালৈ গতি কৰে। নিৰাকাৰ আৰু ভাবাত্মক বিষয়ৰ প্ৰতি ক্ৰমে সি মনোযোগ দিব পৰা হয়।

(২) প্ৰথম অৱস্থাত থকা শিশুৰ অনিচ্ছাকৃত মনোযোগ ক্ৰমে পৰৱৰ্তী কালত ইচ্ছাকৃত মনোযোগত পৰিণত হয়। মানসিক শক্তি বিকাশৰ লগে লগে শিশুৰ ইচ্ছা শক্তি আৰু মন নিয়ন্ত্ৰণৰ ক্ষমতা লাভ কৰি উঠে।

(৩) শিশুৱে তাৰ মনোযোগ প্ৰথম অৱস্থাত মূল বিষয়-বস্তুটোৰ প্ৰতি প্ৰত্যক্ষভাবেহে দিব পাৰে। মূল বিষয়-বস্তুৰ সহায়েৰে তাৰ লগত সম্বন্ধ থকা আন এটা অদৃশ্য বিষয়ত পৰোক্ষভাৱে মনোযোগ দিব নোৱাৰে। ক্ৰমবিকাশৰ লগে লগে শিশুৱে পৰোক্ষ বিষয়ৰ প্ৰতি মনোযোগ দিব পৰা হয়।

(৪) শিশু-মনোযোগ হয় সংশ্লেষণাত্মক। অৰ্থাৎ সমগ্ৰ বিষয়-বস্তুটোৰ ওপৰত তাৰ মনোযোগ সাধাৰণভাৱেহে সি দিব পাৰে। বস্তুটোৰ অংশবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি মনোযোগ দিব নোৱাৰে। মনোযোগৰ ক্ষমতা বিকাশৰ লগে লগে শিশুৱে তাৰ মনোযোগ পৰৱৰ্তী কালত বিশ্লেষণাত্মকভাৱে প্ৰদান কৰিব পৰা হয়।

শিশু-মনৰ আগ্ৰহৰ ক্ৰমবিকাশঃ

 

আগ্ৰহ ব্যক্তিমনৰ এক সুপ্ত আৰু অন্তৰ্নিহিত অৱস্থা বুলি কোৱা হয়। সেইবাবে শিশু-মনত অন্তৰ্নিহিত হৈ থকা নিজ নিজ আগ্ৰহ সম্বন্ধে বুজ লোৱাটো সহজ কথা নহয়। আনকি বয়স্কসকলৰো মনত কাৰ কেনে আগ্ৰহ থাকে তাক মৌখিকভাৱে সুধিলেই সঠিকভাৱে জানিব পৰা নাযায়। কাৰণ ব্যৱহাৰিক ক্ৰিয়াৰ যোগেদি বিষয়-বস্তুৰ লগত জড়িত হৈ পৰি ভাল-বেয়া অভিজ্ঞতা লাভ কৰি উঠাৰ পূৰ্বে তাৰ প্ৰতি ব্যক্তিমনত প্ৰকৃত আগ্ৰহ গঢ় লৈ উঠা টান। ক্ৰিয়া জড়িত অভিজ্ঞতাইহে আমাৰ মনত নিহিত থকা সুপ্ত আগ্ৰহ জগাই তুলিব পাৰে। শিশুৰ আগ্ৰহৰ বেলিকাও এই কথা ক’ব পাৰি।

নিচেই চালুকীয়া শিশুৱে উজ্জ্বল ৰং, গতিশীল বস্তু আৰু তীব্ৰ শব্দৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিব পাৰে। প্ৰায় তিনি-চাৰি মাহৰ ভিতৰত সি নিজৰ দেহটো আৱিষ্কাৰ কৰে। দেহৰ হাত-ভৰি আৰু আঙুলিবোৰ স্পৰ্শ আৰু সঞ্চালন কৰি আনন্দ পায়। হাত-ভৰিৰ অংগ সঞ্চালন ক্ৰিয়া কিছু উন্নত হৈ উঠাৰ লগে লগে খেলাৰ পুতলা, জুনুকা আৰু অন্যান্য সা-সঁজুলিবোৰ হাতেৰে লোৱা, জোকৰা আৰু তাৰ স্পৰ্শ অনুভূতি লাভ কৰা আদিৰ প্ৰতি অধিক আগ্ৰহী হয়। শিশুৰ এনেবোৰ দৈহিক প্ৰতিক্ৰিয়াক প্ৰকৃত অৰ্থত আগ্ৰহ নুবুলি তাৰ জৈৱিক আৰু প্ৰবৃত্তিমূলক প্ৰতিক্ৰিয়া আৰু আচৰণ বুলিহে বৰ্ণনা কৰিব পাৰি।

জন্মৰ প্ৰথম দুই-তিনি বছৰলৈকে শিশুৰ আগ্ৰহ হয় অনুসন্ধানমূলক আৰু ক্ষিপ্ৰ পৰিৱৰ্তনশীল। এই সময়ছোৱাত শিশুৱে বিভিন্ন খেলা-ধূলা আৰু ক্ৰিয়া-কলাপৰ যোগেদি ভিন ভিন পৰিস্থিতিত সুখ-দুখৰ অভিজ্ঞতা লাভ কৰে। ক্ৰিয়া সফলতা আৰু অনুকূল অৱস্থাই মনত আনন্দ আৰু ক্ৰিয়া বিফলতা আৰু প্ৰতিকূল অৱস্থাই মনত দুখ দিয়ে। দুখদায়ক পৰিণতিৰ ক্ৰিয়া এৰাই চলি সুখদায়ক আৰু আনন্দদায়ক ক্ৰিয়াৰ পুনৰাবৃত্তিৰ প্ৰতি শিশু আগ্ৰহী হয়। এনেদৰে ক্ৰিয়া জড়িত অৱস্থাই শিশুৰ সুপ্ত আগ্ৰহ আৱিষ্কাৰ কৰে আৰু তাৰ উপযুক্ত শিক্ষা অনুশীলনে ক্ৰমে স্থায়িত্ব লাভত সহায় কৰে।

আগ্ৰহৰ এনে জন্ম আৰু তাৰ ক্ৰমে স্থায়িত্ব লাভৰ বাবে শিশুক আত্ম-প্ৰকাশৰ স্বাধীনতা দিয়া উচিত। শিশু-পৰিৱেশ মুক্ত আৰু অভিজ্ঞতা সমৃদ্ধ কৰি তুলিব নোৱাৰিলে তাৰ আগ্ৰহৰ স্বৰূপ উদ্‌ঘাটন তথা অধ্যয়ন কৰিব পৰা নাযায়। মুক্ত, অনুকূল আৰু অভিজ্ঞতা সমৃদ্ধ পৰিৱেশৰ প্ৰতিটো বিষয়ৰ প্ৰতি শিশুৱে তাৰ স্বাভাৱিক কৌতূহল প্ৰদৰ্শন কৰে। তাৰ অনুসন্ধিৎসু মনে নতুন বিষয়টোক জানিবলৈ আৰু তাৰ পৰা পাব পৰা অভিজ্ঞতাৰ বুজ ল’বলৈ বস্তুটো চুই চায়, টানি-জোকাৰি চায় আৰু সম্ভৱ হ’লে ভাঙি-চিঙি চোৱাৰ প্ৰতিও উৎসাহী হয়। দুই-তিনি বছৰত শিশুক দিয়া খেলা-ধূলাৰ পুতলা আৰু আহিলা-পাতিৰ বেলিকা এনে আচৰণ সচৰাচৰ পৰিলক্ষিত হয়। শিশুৰ এনেবোৰ আচৰণক তাৰ আগ্ৰহ অনুসন্ধানকাৰী ক্ৰিয়া-প্ৰচেষ্টা স্বৰূপে বৰ্ণনা কৰিব পাৰি।

শিশুৰ মনত এই সময়ত অলীক কল্পনাৰ প্ৰভাৱ বিশেষভাৱে পৰে। বাস্তৱৰ বিভিন্ন বিষয় আৰু সীমাবদ্ধ। সেইবাবে বিভিন্ন অভিজ্ঞতা থাকে অতি সামান্য আৰু সীমাবদ্ধ। সেইবোৰ বিভিন্ন বস্তু আৰু বিষয়ৰ লগত গঢ়ি উঠা তাৰ সংস্পৰ্শ আৰু সম্বন্ধ আদিত কল্পনাই বিশেষ প্ৰভাৱ পেলায়। অলীক কল্পনাৰ প্ৰভাৱে শিশুক এই সময়ত ক্ৰীড়াপ্ৰৱণ কৰি তুলি তাৰ সঞ্চালন ক্ষমতা অধিক বৃদ্ধি কৰে। খেলা-ধূলাৰ পৰিৱেশত এই অলীক কল্পনাৰ প্ৰভাৱে শিশুক গতি-চঞ্চল কৰি তুলি এক আনন্দ দিয়া বাবে খেলা-ধূলাৰ প্ৰতি সি বিশেষ আগ্ৰহী হৈ উঠে। মন কৰিবলগীয়া যে শিশুৰ বাস্তৱ জ্ঞান-অভিজ্ঞতাৰ অস্পষ্টতা আৰু সীমাবদ্ধতাৰ হেতুকে তাৰ মনত কল্পনাৰ প্ৰভাৱ পৰে। অলীক কল্পনাৰ প্ৰভাৱে তাক ক্ৰীড়াপ্ৰৱণ আৰু গতি-চঞ্চল কৰি তুলি অংগ সঞ্চালনৰ ক্ৰিয়া-কৌশল বৃদ্ধি কৰে। দৈহিক অংগ সঞ্চালনে শিশুক সঞ্চালন সুখ (প্লিজাৰ অব্ মুভমেণ্ট) আৰু আনন্দ দিয়া বাবে শিশুৱে খেলা-ধূলাৰ প্ৰতি আগ্ৰহী হৈ উঠে।

প্ৰায় পাঁচ-ছবছৰ বয়সৰ পিছৰ পৰা ল’ৰা আৰু ছোৱালীৰ আগ্ৰহৰ মাজত পাৰ্থক্য লক্ষ্য কৰিব পাৰি। এই সময়ত খেলা-ধূলাৰ প্ৰকাৰ আৰু এই সম্বন্ধে প্ৰদৰ্শন কৰা দৈহিক ক্ৰিয়া আচৰণো ল’ৰা আৰু ছোৱালীৰ মাজত পৃথক হয়। দৈহিক শক্তি প্ৰদৰ্শনযুক্ত অংগ সঞ্চালনমূলক বহিঃ খেলা-ধূলা ল’ৰাৰ বিশেষ প্ৰিয়। ছোৱালীৰ বাবে ৰন্ধা-বঢ়া আৰু গৃহ পৰিচালনা সম্বন্ধীয় সামাজিক, সাংস্কৃতিক আৰু কলাত্মক ক্ৰিয়া-কলাপ আদি প্ৰিয় হৈ উঠে। ল’ৰা-ছোৱালীৰ আজৰি সময় কটোৱা ক্ৰিয়া আচৰণ আৰু ‘হবি’ আদিৰ বেলিকাও এই পাৰ্থক্য পৰিলক্ষিত হয়। আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পৰম্পৰাগত নীতি-নিয়ম তথা আশা-আকাংক্ষা আদিয়েও ল’ৰা আৰু ছোৱালীৰ ক্ৰিয়া অভিজ্ঞতা, আগ্ৰহ-অভিৰুচি আদি পৃথক ৰূপত গঢ় দি তোলে। সেয়েহে ক’ব পাৰি যে পৰৱৰ্তী কালত ল’ৰা-ছোৱালীৰ মনত গঢ় লৈ উঠা আগ্ৰহ পৰিৱেশৰ সামাজিক-সাংস্কৃতিক অৱস্থা আৰু অনুকূল-প্ৰতিকূল পৰিস্থিতিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে।

শিশুৰ আগ্ৰহ নিৰ্ধাৰণকাৰী দিশসমূহঃ

 

সকলো শিশুৰ যিকোনো পৰিস্থিতিতে সমানে আগ্ৰহৰ সৃষ্টি হ’ব নোৱাৰে। শিশুৰ কেতবোৰ বিশেষ দেহ-মানসিক অৱস্থা আৰু পৰিস্থিতিৰ ওপৰত আগ্ৰহ নিৰ্ভৰ কৰে। এইসমূহ সংক্ষেপে তলত উল্লেখ কৰা হৈছে।

(১) দৈহিক অৱস্থাঃ শিশুৰ দৈহিক স্বাস্থ্য, দৈহিক সুস্থতা আৰু দৈহিক বিকাশৰ পৰিপক্কতাৰ ওপৰত আগ্ৰহ বিশেষ নিৰ্ভৰ কৰে। দৈহিক বেমাৰ-আজাৰ ভোগ কৰিলে অথবা দৈহিক ক্লান্তি অনুভৱ কৰিলে স্বাভাৱিকতেই শিশুৱে পৰিৱেশৰ প্ৰতি উৎসাহ আগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰে।

(২) বুদ্ধিঃ আগ্ৰহৰ এক বিশেষ কাৰণ হৈছে বুদ্ধি। শিশুৱে পৰিৱেশৰ প্ৰতি কৰা প্ৰতিক্ৰিয়া, আগ্ৰহ, মনোযোগ আদি তাৰ বৌদ্ধিক ক্ষমতাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। তীক্ষ্ণ বুদ্ধিৰ শিশুৱে কঠিন আৰু বিমূৰ্ত বিষয়ৰ চিন্তা আৰু পৰিস্থিতিৰ প্ৰতি আগ্ৰহ দেখুৱাব পাৰে যি হীন বুদ্ধিৰ শিশুৰ বাবে সম্ভৱ হৈ নুঠে।

(৩) লিংগঃ নিচেই চালুকীয়া অৱস্থাত ল’ৰা আৰু ছোৱালীৰ আগ্ৰহৰ কোনো পাৰ্থক্য নাথাকিলেও ক্ৰমে দৈহিক বিকাশৰ লগে লগে এনে পাৰ্থক্য পৰিলক্ষিত হয়। দৈহিক ক্ষমতা, দেহ-মানসিক প্ৰয়োজন, আৱেগিক-আনুবূতিক জীৱনৰ পাৰ্থক্যৰ হেতুকে ল’ৰা আৰু ছোৱালীৰ মাজত আগ্ৰহৰ পাৰ্থক্য হোৱাটো স্বাভাৱিক।

(৪) সাংস্কৃতিক প্ৰভাৱঃ প্ৰত্যেক জনগোষ্ঠীৰ লোকৰে একো একোটা সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰভাৱ শিশুৰ ওপৰত পৰে। এনে প্ৰভাৱে শিশুৰ ক্ৰিয়া আচৰণ, ভাব-চিন্তা আৰু অনুভূতি আদি নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। ফলত একো একোটা জাতিৰ সভ্যতা, সংস্কৃতি, ধৰ্ম, সামাজিক ৰীতি-নীতি, বৃত্তীয় নিৰ্বাচন আৰু পৰৱৰ্তী বংশধৰসকলৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠে।

(৫) পৰিৱেশীয় প্ৰভাৱঃ শিশু পৰিৱেশৰ ব্যাপকতা, আকৰ্ষণীয়তা আৰু মুক্ত ক্ৰিয়া সম্পাদনৰ সা-সুবিধাই তাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে। এনে পৰিৱেশত শিশুৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা আৰু এনে অংশগ্ৰহণৰ বাবে শিশু-মনত অভিৰোচনৰ সৃষ্টি কৰা আদি কাৰ্যও এই ক্ষেত্ৰত বিবেচ্য বিষয়। শিশু-পৰিৱেশ সেয়েহে সুপৰিকল্পিতভাৱে তাৰ প্ৰয়োজনপূৰণমুখী কৰি গঢ় দি তোলাটো শিক্ষক-অভিভাৱকসকলৰ কৰ্তব্য।

বিবিধ বিষয়ৰ প্ৰতি শিশুৰ আগ্ৰহঃ

 

(ক) পঠন আগ্ৰহঃ প্ৰাথমিক স্কুলৰ পৰ্যায়ৰ শিশুৰ পঠন ক্ষমতা লাভ হোৱাৰ পিছত পঠন আগ্ৰহৰ সৃষ্টি হয়। ইয়াৰ বহু পূৰ্বেই সি আনে পাঠ কৰা বিষয়ৰ প্ৰতি আগ্ৰহী হৈ উঠে। বিশেষকৈ গল্প, ভূত-প্ৰেতৰ বৰ্ণনা আদিৰ প্ৰতি সি মনোযোগী হয়। শিশুৱে পঢ়িব আৰু বুজিব পৰা হ’লে ‘কমিক বুক’ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ উপৰি গল্প, কাল্পনিক আৰু অলৌকিক বৰ্ণনা, চাঞ্চল্যকৰ কাহিনী, খেলা-ধূলাৰ বৰ্ণনা, দুঃসাহসিক ঘটনা, ভ্ৰমণ কাহিনী আদি থকা পুথি আগ্ৰহেৰে পঢ়িবলৈ বিচাৰে। লিখনিৰ বৰ্ণনা ছবি বা চিত্ৰৰ সহায়েৰে উপস্থাপন কৰিলে আৰু তাত বিভিন্ন ৰঙৰ সংযোগ কৰিলে শিশুৰ বাবে বিশেষ মনোগ্ৰাহী হৈ উঠে। শিশু পাঠ্যপুথিত সেয়েহে এনেবোৰ কথাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে।

কৌশোৰৰ প্ৰাক্-কালত ল’ৰা আৰু ছোৱালীৰ পঠন-আগ্ৰহ পৃথক হৈ উঠা দেখা যায়। ল’ৰাই সচৰাচৰ ভ্ৰমণ কাহিনী, দুঃসাহসিক অভিযান, যান্ত্ৰিক আৰু বিজ্ঞানৰ আৱিষ্কাৰ, খেলা-ধূলা আৰু মহাপুৰুষৰ জীৱনী অধ্যয়ন সম্বন্ধীয় পুথি পঢ়ি ভাল পায়। আনহাতে ছোৱালীয়ে ৰোমাণ্টিক গল্প-উপন্যাস-কবিতা, গীত, ৰূপ-সজ্জা আদি বিষয়ৰ পুথি আদিৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰে। উল্লেখযোগ্য যে শিশুৰ বয়সৰ অগ্ৰগতিৰ লগে লগে পঠন আগ্ৰহৰো পৰিৱৰ্তন হ’বলৈ ধৰে। অৱশ্যে আমাৰ দেশৰ সাহিত্যত শিশুৰ বিভিন্ন পৰ্যায়ৰ পঠন আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা উপযুক্ত পুথিৰ বিশেষ অভাৱ অনুভৱ কৰা হয়। সেইবাবে শিশুৰ পঠন-আগ্ৰহ সম্বন্ধে আমাৰ প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতাও সীমাবদ্ধ।

(খ) কথন আগ্ৰহঃ মনৰ ভাব-অনুভূতিক সীমিত শব্দ প্ৰয়োগৰ যোগে প্ৰকাশ কৰিব পৰা হোৱাৰে পৰা শিশু কথা কোৱাৰ প্ৰতি আগ্ৰহী হৈ উঠাটো লক্ষ্য কৰা হয়। বহু সময়ত শব্দৰ ভুল উচ্চাৰণ আৰু বাক্যৰ অৰ্থহীনতা স্বত্বেও শিশুৱে কথা ক’বলৈ বিচাৰে। তাৰ এই কথন আগ্ৰহৰ বিবিধ কাৰণ উল্লেখ কৰিব পাৰি। নতুন নতুন শব্দ মুখত ধ্বনিত হোৱাৰ আনন্দ, শিশু মনৰ স্বাভাৱিক কৌতূহল, মনৰ সহজ-সৰল ভাব-অনুভূতিৰ প্ৰকাশৰ প্ৰবৃত্তি, আনৰ মনোযোগ আকৰ্ষণ আৰু স্বীকৃতি লাভৰ চেষ্টা, শিশুৰ স্বভাৱ-সুলভ আৰু অকৃত্ৰিম বহিৰ্মুখী মনোভাব আদি এই প্ৰসংগত কাৰণ স্বৰূপে উল্লেখ কৰিব পাৰি। শিশুৰ পৰিচিত পৰিৱেশ আৰু ব্যক্তিৰ লগতহে সচৰাচৰ এই আগ্ৰহ প্ৰদৰ্শিত হয়। ইয়াক বাধা দিয়াটো অথবা শিশুৱে কথা কোৱাৰ সুযোগ নিদিয়াটো তাৰ সুস্থ মানসিক বিকাশৰ দিশত ক্ষতিকাৰক হৈ উঠে। শিশুৰ স্বতঃস্ফূৰ্ত আত্মপ্ৰকাশ আৰু মুক্তগতিৰ ক্ৰিয়া-আচৰণৰ বাবেও ইয়াৰ প্ৰয়োজন। উল্লেখযোগ্য যে শিশুৰ এই কথন আগ্ৰহ তাৰ পৰৱৰ্তী কালত সমানে নাথাকে। বয়সৰ লগে লগে কথনৰ মাত্ৰা কমি যায়, বিষয়বস্তু সলনি হয় আৰু প্ৰকাশ ভংগীত কৃত্ৰিমতা পৰিলক্ষিত হ’বলৈ ধৰে।

(গ) ব্যংগ চিত্ৰৰ আগ্ৰহঃ ব্যংগ চিত্ৰৰ পুথিৰ প্ৰতি সচৰাচৰ সকলো শ্ৰেণীৰ লোকৰে আগ্ৰহ থকা দেখা যায়। তথাপিও বাল্যকাল আৰু প্ৰাক্-কৈশোৰ কালৰ ল’ৰা-ছোৱালীৰ মাজতেই ইয়াৰ জনপ্ৰিয়তা সৰ্বাধিক বুলিব পাৰি। এই সময়ত ‘কমিক বুক’ৰ প্ৰতি থকা আগ্ৰহৰ কেতবোৰ বিশেষ কাৰণ মন কৰিবলগীয়া। শিশুৰ অভিজ্ঞতা অসমাপ্ত, অবাস্তৱ আৰু কল্পনামুখী। ব্যংগ চিত্ৰৰ যোগে কোনো পৰিস্থিতিৰ উপস্থাপনে শিশুক ৰং-আনন্দ দিয়ে। চিত্ৰীয় উপস্থাপনে তাৰ লগত জড়িত গল্প বা কাহিনী বুজি উঠাত সহায় কৰে। কেৱল ছপা আখৰৰ পৰা নিজে পৰিস্থিতিৰ প্ৰতিৰূপ মনত গঢ়ি তুলিব লগা নহয়। মানৱীয় পৰিস্থিতিত জীৱ-জন্তুৰ চৰিত্ৰ সমাবেশ কৰিলে কল্পনাপ্ৰিয় শিশুৰ মনে সহজে আত্মপ্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি ব্যংগ চিত্ৰৰ দ্বাৰা উপস্থাপন কৰা পৰিস্থিতিক শিশুৱে খেলাৰ মনোভাৱেৰে স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰিব পাৰে। এনেবোৰ কাৰণত শিশুৰ বাবে ব্যংগ চিত্ৰৰ কাহিনী আৰু এই সম্বন্ধীয় পুথিৰ শিক্ষাগত মূল্য যথেষ্ট অধিক। শিশুৰ মনত বৈশিষ্ট্য আৰু তাৰ মানসিক প্ৰয়োজনবোৰ উপযুক্তভাৱে পূৰণ কৰাৰ দিশত এই ব্যংগ চিত্ৰবোৰৰ শৈক্ষিক ভূমিকা তাৎপৰ্য্য।

(ঘ) খেলা-ধূলাৰ আগ্ৰহঃ খেলা-ধূলাৰ প্ৰতি শিশুৰ আগ্ৰহ সৰ্বজনবিদিত। ই শিশুৰ স্বভাৱ-সুলভ আৰু সহজাত জৈৱিক প্ৰবৃত্তিমূলক। ইয়াৰ প্ৰয়োজনীয়তা শিশু বিকাশৰ বিভিন্ন দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয়। খেলাৰ প্ৰতি থকা শিশুৰ আগ্ৰহ তাৰ দৈহিক বিকাশৰ ভিন ভিন পৰ্যায়ত বিভিন্ন ৰূপত আত্মপ্ৰকাশ হয়। নিচেই চালুকীয়া শিশুৱে হাত-ভৰি লৰোৱা আৰু পেশী সঞ্চালন যোগে কৰা খেলাত এক দৈহিক উত্তেজনা আৰু আনন্দ মাথোন অনুভৱ কৰে, যাক প্ৰকৃত অৰ্থত আগ্ৰহ বুলিব নোৱাৰি। ইয়াক দৈহিক তৃপ্তি বা সুখ বুলিহে ক’ব পাৰি। ডেৰ বছৰ-দুবছৰ বয়সত শিশুৰ অংগ সঞ্চালন ক্ষমতা আয়ত্বকৰণৰ লগে লগে সি ক্ৰীড়াপ্ৰৱণ হৈ উঠে। এই সময়ত শিশুৰ খেলা হয় আত্মকেন্দ্ৰিক। মাক অথবা সহজে পাব পৰা যিকোনো লোকৰ লগতে সি খেলাৰ আগ্ৰহ প্ৰকাশ কৰে। লগ নাথাকিলে অকলেও খেলিব পাৰে। তিনি-চাৰি বছৰ বয়সত শিশুৰ খেলা-ধূলাত কল্পনাৰ বিশেষ প্ৰভাৱ পৰে। এই সময়ত সি যাৰে তাৰে লগত অথবা অকলে খেলিবলৈ নিবিচাৰে। কেৱল সমবয়সৰ ল’ৰা-ছোৱালীৰ লগতহে সি খেলি ভাল পায়। অৱশ্যে খেলাৰ সংগী নিৰ্বাচনত লিংগ-সচেতনতাৰ ভাব দেখা পোৱা নাযায়। শিশুৰ খেলা-ধূলা এই সময়ৰে পৰা ঘৰৰ বাহিৰলৈ সম্প্ৰসাৰিত হয়। সেইবাবে ঘৰৰ ভিতৰত খেলাৰ সকলো সুবিধা দিও শিশুক আৱদ্ধ কৰি ৰখা টান হৈ পৰে। ৫-৬ বছৰ বয়সত শিশু সমূহীয়া খেলা-ধূলাৰ প্ৰতি বিশেষ আগ্ৰহী হয়। স্কুলৰ বন্ধু-বান্ধৱৰ সংস্পৰ্শই এই সময়ত শিশুৰ খেলা সমাজমুখী কৰি গঢ় দি তোলে। ইয়াৰ উপৰি ল’ৰা আৰু ছোৱালীৰ খেলা, তাৰ পদ্ধতি আৰু নীতি-নিয়ম আদি পৃথক হ’বলৈ ধৰে। বিপৰীত লিংগৰ লগত খেলাৰ পৰিৱৰ্তে সম-লিংগৰ লগতহে খেলাৰ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পৰৱৰ্তী কালৰ খেলা-ধূলাত দলীয় আনুগত্যৰ প্ৰভাৱ পৰে।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.97727272727
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top