মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা / শিশুৰ মনোযোগ আৰু আগ্ৰহ কিদৰে সৃষ্টি কৰিব পাৰিঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মনোযোগ আৰু আগ্ৰহ কিদৰে সৃষ্টি কৰিব পাৰিঃ

শিশুৰ মনোযোগ আৰু আগ্ৰহ কিদৰে সৃষ্টি কৰিব পাৰি আলোচনা কৰা হৈছে

শিশুৰ মনোযোগ আৰু আগ্ৰহ কিদৰে সৃষ্টি কৰিব-

 

শিশু-মনত গঢ়ি উঠা আগ্ৰহৰ ওপৰতেই তাৰ ভৱিষ্যৎ জীৱনৰ বিবিধ কৰ্মক্ষেত্ৰৰ কৃতকাৰ্যতা বিশেষভাৱে নিৰ্ভৰ কৰে। আগ্ৰহেই ল’ৰা-ছোৱালীক কোনো বিষয়-বৃত্তি অথবা ব্যৱসায়ৰ প্ৰয়োজনীয় শিক্ষা-অভিজ্ঞতাৰ বাবে মনোযোগী কৰি তোলে। সেই বিষয়ৰ প্ৰতি ব্যক্তিৰ মনোভাব আৰু মানসিকতা গঢ় দি তুলি ভৱিষ্যতৰ চিন্তা আৰু ক্ৰিয়া নিৰ্ধাৰণ কৰে। উল্লেখযোগ্য যে শিশুমনৰ আগ্ৰহ ভাল-বেয়া দুয়ো দিশৰ প্ৰতিয়ে ঢাল খাব পাৰে। সেইবাবে তাৰ আগ্ৰহ জৈৱিক প্ৰবৃত্তি পৰিচালিত হ’বলৈ এৰি নিদি সুপৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ আৰু সংশোধিত কৰিব লাগে। শিক্ষক-অভিভাৱকসকলে শিশুৰ মনত সুস্থ আগ্ৰহৰ সৃষ্টি কৰিব পৰাকৈ শিক্ষা পৰিৱেশ ৰচনা আৰু পৰিচালনা কৰাটো সেয়েহে অতি গুৰুত্বপূৰ্ণ কথা। উল্লেখযোগ্য যে শিশুৱে শিক্ষা-অভিজ্ঞতা আহৰণ কৰি মানসিক বিকাশ সাধন কৰাটো হৈছে এক ব্যক্তিগত ক্ৰিয়া প্ৰচেষ্টা। ইয়াৰ বাবে সৰ্বপ্ৰথম প্ৰয়োজনীয় চৰ্ত হৈছে মনৰ আগ্ৰহ। শিশুমনৰ এই আগ্ৰহ সৃষ্টিৰ গুৰু দায়িত্ব হৈছে শিক্ষক-অভিভাৱক তথা শিক্ষা পৰিৱেশৰ। বৰ্তমান শিক্ষাবিদসকলৰ প্ৰধান বিবেচ্য বিষয় হৈছে শিক্ষা পৰিৱেশ শিশুৰ মনোগ্ৰাহী কৰি তোলা। এই প্ৰসংগত নিম্নলিখিত পৰামৰ্শসমূহ আগবঢ়াব পাৰি।

(১) শিশুৰ মনত আগ্ৰহ সৃষ্টি কৰিবৰ বাবে শিক্ষা পৰিৱেশৰ পৰিসৰ ব্যাপক আৰু বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিব লাগে। শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰৰ প্ৰতি লক্ষ্য ৰাখি শিশু পৰিৱেশ ৰচনা কৰিব লাগে।

(২) ব্যৱহাৰিক আৰু কৰ্মমুখী শিক্ষাৰে শিশুমনত স্থায়ী আগ্ৰহৰ সৃষ্টি কৰিব পাৰি। বিমূৰ্ত আৰু তাত্বিক বিষয়ৰ মৌখিক জ্ঞান একপক্ষীয়ভাৱে প্ৰদানৰ পৰিৱৰ্তে শিশুৰ সহযোগিতা লাভ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে।

(৩) শিশুক নতুন বিষয়ৰ জ্ঞান-ধাৰণা দিবলৈ যাওতে বিষয়বস্তু বোধগম্য আৰু আকৰ্ষণীয় কৰি তুলিবলৈ তাৰ পূৰ্ব অভিজ্ঞতাৰ সহায় ল’ব লাগে। ইয়াৰ বাবে উপমা, দৃষ্টান্ত, উদ্ধৃতি আদি প্ৰয়োজন মতে প্ৰয়োগ কৰিব লাগে।

(৪) শিশুৰ মনোযোগ আৰু আগ্ৰহ সৃষ্টি কৰাৰ এক সহজ উপায় হৈছে হাস্য ৰসৰ প্ৰয়োগ কৰা। সকলো লোকৰ বাবেই ইয়াৰ প্ৰয়োজন আছে যদিও শিশু-প্ৰবৃত্তি আৰু তাৰ বৌদ্ধিক মানদণ্ডৰ প্ৰতি চকু ৰাখি উপযুক্ত স্থানত বা প্ৰসংগত এক কলাসুলভ মনোভাবেৰে হাস্যৰসৰ অৱতাৰণা কৰিব লাগে।

(৫) শৈশৱৰ নিম্ন পৰ্যায়ত কোনো আমোদজনক কথা বা ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে শিশুক আনন্দ দিয়ে। কিন্তু পৰৱৰ্তী পৰ্যায়ত এনে পুনৰাবৃত্তিয়ে আগ্ৰহ নষ্ট কৰে। সেইবাবে শিশুৰ প্ৰয়োজন আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি কোনো কথাৰ পুনৰাবৃত্তি কৰিব লাগে।

(৬) কোনো ক্ৰিয়াৰ প্ৰাথমিক পৰ্যায়ত লাভ কৰা কৃতকাৰ্যতাই শিশুমনত তাৰ প্ৰতি আগ্ৰহৰ সৃষ্টি কৰে। সেইবাবে আত্ম-সচেতন শিশুৱে ক্ৰিয়াত অংশগ্ৰহণ কৰাৰ ফলস্বৰূপে স্বীকৃতি প্ৰশংসা, পুৰষ্কাৰ আদি এক উদাৰ দৃষ্টিৰে প্ৰদান কৰা উচিত।

(৭) শিশুৰ মনোযোগ আৰু আগ্ৰহ কেৱল সৃষ্টি কৰাটোৱেই নহয়, তাক উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰিত আৰু পৰিচালিত কৰিবও লাগে। তাৰ ভৱিষ্যৎ জীৱনৰ প্ৰয়োজনীয় বৃত্তিমূলক বিশেষ বিশেষ দেহ-মানসিক যোগ্যতাবোৰৰ আৱিষ্কাৰ কৰি তাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা উচিত।

(৮) শিশুৰ মনোযোগ আৰু আগ্ৰহত বাধাদানকাৰী প্ৰতিকূল অৱস্থাবোৰৰ প্ৰতিও সজাগ দৃষ্টি ৰাখিব লাগে। অত্যধিক আৱেগিক, অসুস্থতা, স্বাস্থ্যহীনতা, ভাগৰ, মানসিক অৱসাদ আদি অৱস্থাত শিশুমনত আগ্ৰহৰ সৃষ্টি হ’ব নোৱাৰে।

(৯) শিশু তথা যিকোনো লোকৰ মনতে মনোযোগ আৰু আগ্ৰহ সৃষ্টি কৰাটো ঘাইকৈ নিৰ্ভৰ কৰে মনোযোগ আকৰ্ষণকাৰীজনৰ ব্যক্তিত্বৰ আকৰ্ষণীয়তাৰ ওপৰত। তেওঁৰ দৈহিক আকৰ্ষণীয়তা, অমায়িকতা, আন্তৰিকতাপূৰ্ণ মাত-কথা আৰু আচৰণ আদিয়ে ব্যক্তিমন সহজে আকৰ্ষণ কৰিব পাৰে।

 

স্মৃতি, প্ৰতিৰূপ আৰু কল্পনাঃ

 

স্মৃতিৰ স্বৰূপঃ শিশুৰ ভৱিষ্যৎ মানসিক জীৱন প্ৰভাৱিত কৰি তোলা স্মৃতি হৈছে এক বিশেষ মানসিক ক্ষমতা। ইয়াক ব্যক্তিৰ মনত অভিজ্ঞতাৰ সংৰক্ষণ আৰু প্ৰয়োজন অনুসৰি তাৰ প্ৰয়োগকৰণ ক্ষমতা বুলিব পাৰি। শিশুৱে তাৰ ইন্দ্ৰিয়ানুভূতিৰ যোগেদি প্ৰত্যক্ষভাৱে সি জ্ঞান-অভিজ্ঞতা বা সংবোধন লাভ কৰে আৰু তাক মনত সংৰক্ষণ বা ধৰি ৰখাৰো চেষ্টা কৰে। ইন্দ্ৰিয়যোগে পোৱা প্ৰত্যক্ষ অভিজ্ঞতাৰ অন্তত তাৰ অৱশেষ স্বৰূপে এটা চাপ অথবা প্ৰতিৰূপ মনত সংৰক্ষিত হয়। পৰৱৰ্তী কালত যেতিয়া অতীতৰ সেই প্ৰত্যক্ষ অভিজ্ঞতাৰ সহায় ল’ব লগা হয় তেতিয়া মনৰ সেই সংৰক্ষিত প্ৰতিৰূপ সচেতন মনত পুনৰ ফিৰাই অনাৰ চেষ্টা কৰা হয়। মনৰ এনেবিধ ক্ৰিয়াকে স্মৃতি-প্ৰতিৰূপ বুলি জনা যায়।

স্মৃতিৰ এনে কাৰ্যত কেইবাটাও মানসিক ক্ৰিয়া পৰ্যায় জড়িত থাকে। স্মৃতিৰ বাবে প্ৰথমেই শিক্ষা আৰু অভিজ্ঞতা আহৰণ কৰা প্ৰয়োজন। এই অভিজ্ঞতালব্ধ নোহোৱা কোনো কথা স্মৰণ কৰাৰ প্ৰশ্ন নুঠে। দ্বিতীয়তে প্ৰাপ্ত অভিজ্ঞতাৰ এটা চাপ প্ৰতিৰূপ আকাৰে মনত সংৰক্ষণ বা ধৰি ৰখাৰ চেষ্টা কৰা হয়। তৃতীয়তে মনত সংৰক্ষণৰ যথাসম্ভৱ চেষ্টা চলোৱা হয় যদিও সময়ৰ অগ্ৰগতিৰ লগে লগে অভিজ্ঞতাৰ কিছু অংশ মনৰ পৰা হেৰাই যায় অথবা বিস্মৃত হয়। চতুৰ্থতে এই বিস্মৃতিৰ অৱশেষ স্বৰূপে অভিজ্ঞতাৰ যি পৰিমাণ প্ৰতিৰূপ মনত সংৰক্ষিত থাকে তাক চেতন মনলৈ ফিৰাই অনা বা মনত পেলোৱা হয়। অভিজ্ঞতা আহৰণ, সংৰক্ষণ, তাৰ বিস্মৃতি আৰু পুনৰুদ্দীপন এইসমূহ মানসিক ক্ৰিয়াই আমাৰ স্মৃতি প্ৰক্ৰিয়া গঢ় দি তোলে। সেইবাবে স্মৃতি স্বাভাৱিকতেই এক বহল পৰিসৰৰ মানসিক ক্ৰিয়া আৰু শিশুৰ এনেবিধ ক্ষমতা আয়ত্বকৰণে তাৰ মানসিক ক্ৰিয়া-ক্ষমতাৰ বলিষ্ঠ প্ৰমাণ দিয়ে।

শিশুৰ স্মৃতি শক্তিৰ বিকাশঃ

 

শিশুৱে অতি কম বয়সৰে পৰা স্মৃতি-ক্ৰিয়াৰ পৰিচয় দিব পাৰে। তাৰ ইন্দ্ৰিয়সমূহ সক্ৰিয় হৈ উঠি পৰিৱেশৰ বিভিন্ন ইন্দ্ৰিয়ানুভূতিৰ চাপ কিছু পৰিমাণে মনত সংৰক্ষণ কৰিব পৰা হয়। ইয়াৰ ফলত উদ্দীপকৰ অবৰ্তমানতো সি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ মনত জগাই তুলিব পাৰে আৰু তাৰ প্ৰভাৱত পৰি কেতবোৰ বিশেষ বিশেষ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। উদাহৰণস্বৰূপে প্ৰায় ছমাহৰ ভিতৰত শিশুৱে নিজৰ মাক আৰু কোনো পূৰ্ব পৰিচিত ব্যক্তিক চিনিব পৰাৰ ইংগিত দিয়ে, অপৰিচিত ব্যক্তিৰ প্ৰতি মনোযোগ প্ৰত্যাহাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, আনৰ কোলাত অথবা বিছনাত পৰি কান্দি থকা শিশুৱে মাকক দেখিলে কান্দোন বন্ধ হয়। পূৰ্ব অভিজ্ঞতাৰ সহায়েৰে ব্যক্তিৰ চিনাক্তকৰণ অথবা প্ৰত্যভিজ্ঞা স্মৃতি প্ৰয়োগকৰণ ক্ষমতা সেয়েহে শিশুৰ আচৰণত প্ৰথমে পৰিলক্ষিত হয়। শিশু এঠাইৰ পৰা আন ঠাইলৈ আঁঠুকাঢ়ি যাব পৰা হ’লে সি নিজৰ শোৱা কোঠা আৰু বিছনা ক’ত আছে তাক মনত পেলাব পাৰে আৰু মাকক নেদেখিলে তালৈ বিচাৰি যায়। খোজ কাঢ়িব পৰা হ’লে সি ঘৰৰ কোন ঠাইত খোৱা বস্তু থাকে তাক পূৰ্ব অভিজ্ঞতাৰ সহায়েৰে বিচাৰি উলিয়াব পাৰে। আগেয়ে কাৰোবাৰ লগত ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যোৱা অভিজ্ঞতা থাকিলে সি অকলেও বাট চিনি পাই সেই ঘৰ ওলাবগৈ পাৰে। শিশুৰ এনেবোৰ আচৰণজনিত ক্ৰিয়াৰ পৰা এই কথা স্পষ্ট হয় যে সি ক্ৰমে স্মৃতিৰ পুনঃস্মৰণ ক্ষমতাৰো প্ৰয়োগ কৰিব পৰা হয়।

এইখিনিতে মন কৰিবলগীয়া যে শিশুৱে বিভিন্ন পৰিস্থিতিত যি অভিজ্ঞতা লাভ কৰে সি হৈছে প্ৰাসংগিক বিধৰ। এনে অভিজ্ঞতাৰ পুনৰাবৃত্তি নহ’লে মনৰ সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্দীপন হ’ব নোৱাৰে। ফলত সময় অতিবাহিত হোৱাৰ লগে লগে তাৰ ওপৰত বিস্মৃতিৰ প্ৰভাৱ পৰে। ইয়াৰ উপৰি এই সময়ত শিশুৰ মনোযোগ আৰু আগ্ৰহৰ তেনে কোনো গভীৰ প্ৰভাৱ তাৰ মনত নপৰে। সেইবাবে শিশু-মনত গঢ়ি উঠা স্মৃতি প্ৰতিৰূপ হয় অতি পাতলীয়া আৰু ক্ষণস্থায়ী বিধৰ। পৰৱৰ্তী কালত প্ৰায় ৪-৫ বছৰৰ পৰা তাৰ মানসিক ক্ৰিয়া সুসংগঠিত হৈ উঠাৰ লগে লগে ঐচ্ছিক মনোযোগ আৰু আগ্ৰহ প্ৰয়োগ কৰিব পৰা হয়। অভিজ্ঞতাৰ পৰৱৰ্তীকালত প্ৰয়োজন হোৱা বিষয়ৰ পুনৰাবৃত্তিৰ যোগে প্ৰতিৰূপৰ পুনৰুদ্দীপন কৰা হয়। ফলত তাৰ স্মৃতি স্থায়িত্ব লাভ কৰি উঠে। প্ৰাথমিক আৰু পূৰ্ব-প্ৰাথমিক পৰ্যায়ত শিশুৰ স্মৃতি এনে অৱস্থাপ্ৰাপ্ত হয়।

এই সময়ত লাভ কৰা অভিজ্ঞতাৰ স্মৃতি প্ৰাপ্তবয়স্ক কাললৈকে মনত ৰাখিব পৰা হয়। আনহাতে শিশুৰ তিনি বছৰ আগৰ অভিজ্ঞতাসমূহ প্ৰাপ্তবয়স্ক কালত মনত পেলোৱাটো সম্ভৱ হৈ উঠিব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে শৈশৱৰ আগলি সময়ৰ স্মৃতি অতি পাতলীয়া আৰু প্ৰাসংগিক বিধৰ, যাৰ ফলত ই শিশুৰ মানসপটত তেনে কোনো সাঁচ বহুৱাব নোৱাৰে। অভিজ্ঞতাৰ স্মৃতি স্থায়ীভাৱে প্ৰাপ্ত হ’বৰ বাবে তেনে অভিজ্ঞতাত মনৰ সুখ-দুখৰ তীব্ৰ অনুভূতি জড়িত হোৱা উচিত। ইয়াৰ উপৰি প্ৰাপ্ত অভিজ্ঞতা লক্ষ্য সচেতন হৈ উঠিলেহে তাক মনত স্থায়ীভাৱে পাব পাৰি। শিশুৰ মানসিক ক্ৰমবিকাশৰ লগে লগে এনেবোৰ অৱস্থা আহি পৰে।

শৈশৱৰ স্মৃতিৰ তাৎপৰ্য্যঃ

 

শৈশৱ কালৰ বিভিন্ন পৰিস্থিতিত ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাৰ স্মৃতি সম্বন্ধে অধ্যয়ন কৰাটো মনোবিজ্ঞানৰ এক আকৰ্ষণীয় বিষয়। উল্লেখযোগ্য যে ব্যক্তিয়ে শৈশৱ কালতেই বিভিন্ন সামাজিক পৰিস্থিতিৰ পৰা সুখ-দুখৰ অভিজ্ঞতা লাভ কৰি উঠি সমাজত নিজকে খাপ খুৱাই লবলৈ শিকে। এনেবোৰ অভিজ্ঞতাৰ স্মৃতি বহুতৰে মনত প্ৰাপ্তবয়স্ত কাললৈকে থাকে, তাক সহজে পাহৰি যোৱা নাযায়। এই সময়ছোৱাৰ অভিজ্ঞতাবোৰত এক নতুনত্ব আছে আৰু তাৰ স্মৃতি সংৰক্ষণ সেইবাবেই ব্যক্তিৰ ভৱিষ্যৎ মানসিক বিকাশৰ বাবে তাৎপৰ্যপূৰ্ণ। তাক সঠিক আৰু নিৰ্ভৰযোগ্যভাৱে অধ্যয়ন কৰিব পাৰিলে ব্যক্তিত্ব গঠনত শৈশৱৰ অভিজ্ঞতাই কেনে অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে তাক অনুমান কৰিব পাৰি।

বিশেষজ্ঞসকলে লক্ষ্য কৰে যে শৈশৱ কালৰ, বিশেষকৈ চাৰি বছৰৰ পৰা বাৰ বছৰ বয়সলৈকে লাভ কৰা অভিজ্ঞতাসমূহে সময়ত ব্যক্তিত্বৰ বিশেষ বিশেষ সংলক্ষণ বা আচৰণৰ বৈশিষ্ট্যসমূহ বিশেষ ৰূপত গঢ় দি তোলে। এজন লোকৰ ব্যক্তিত্বত কেনেবোৰ উপাদান থাকিব পাৰে অথবা তেওঁৰ ব্যক্তিত্ব কেনেবোৰ সংলক্ষণৰ দ্বাৰা গঢ় লৈ উঠিব পাৰে তাক তেওঁৰ শৈশৱৰ স্মৃতি অধ্যয়নৰ যোগেদি জানিব পৰা যায়। শৈশৱৰ পৰিস্থিতি কেনে ধৰণৰ হয়, এই পৰিস্থিতিৰ অভিজ্ঞতা সুখদায়ক নে দুখদায়ক আৰু এনে অভিজ্ঞতাই শিশুৰ মনোভাব আৰু মনোবৃত্তি কেনে ৰূপত গঢ় দি তোলে তাক জানিবৰ বাবে এজন লোকৰ শৈশৱৰ স্মৃতি উদ্ধাৰ কৰাটো প্ৰয়োজন।

এই সম্বন্ধে বিশেষজ্ঞসকলে প্ৰাপ্তবয়স্ক লোকসকলৰ শৈশৱৰ অভিজ্ঞতাবোৰ আৰু স্মৰণীয় ঘটনাবোৰ পুনঃ স্মৰণৰ যোগে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে। এইক্ষেত্ৰত তেওঁলোকে ব্যক্তিৰ চাৰি বছৰ বয়সৰ স্মৃতি উদ্ধাৰ কৰিবলৈও সক্ষম হয়। এনে অধ্যয়নৰ পৰা পোৱা হয় যে শিশুৰ ভাষাজ্ঞান আয়ত্ব কৰণৰ ওপৰত শৈশৱৰ স্মৃতি নিৰ্ভৰ কৰে। ব্যক্তিৰ ব্যক্তিত্ব সংলক্ষণৰ লগত শৈশৱৰ স্মৃতিৰ সম্বন্ধ থাকে আৰু মনোবিশ্লেষণৰ দৃষ্টিকোণৰ পৰাও ইয়াৰ বিশেষ তাৎপৰ্য আছে। ফ্ৰয়েদৰ দৰে মনোবিশ্লেষণকাৰী সেয়েহে ব্যক্তিৰ বৰ্তমান অৱস্থাৰ মানসিক বিকাৰগ্ৰস্ততাৰ কাৰণ জানিবৰ বাবে শৈশৱৰ স্মৃতি অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। অৱশ্যে এইক্ষেত্ৰত প্ৰধান অসুবিধা এয়ে যে ব্যক্তিয়ে প্ৰকাশ কৰা শৈশৱৰ অভিজ্ঞতাৰ স্মৃতি সম্পূৰ্ণৰূপে নিৰ্ভৰযোগ্য নহয়। পুনৰুদ্ধাৰ কৰা স্মৃতিৰ সত্যাসত্যতা সম্বন্ধে সন্দেহ কৰাৰ যথেষ্ট থল আছে।

স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণঃ

 

শিশুৰ স্মৃতিশক্তিৰ প্ৰয়োগকৰণে তাৰ মানসিক বিকাশৰ স্পষ্ট ইংগিত প্ৰদান কৰে। নিজ জ্ঞান-অভিজ্ঞতা আহৰণ আৰু বুদ্ধি-বৃত্তিৰ প্ৰয়োগ কৰি জীৱনৰ বিবিধ সমস্যা সমাধান কৰিবলৈ স্মৃতিশক্তিৰ অতি প্ৰয়োজন। ভৱিষ্যতৰ শিক্ষা জীৱনৰ কৃতকাৰ্যতাও ইয়াৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে শিশুৰ স্মৃতিশক্তি উন্নত কৰিব পাৰি নে নোৱাৰি এই প্ৰশ্ন স্বাভাৱিকতেই আমাৰ মনলৈ আহে। অৱশ্যে বিশেষজ্ঞসকলৰ দৃষ্টিকোণৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিশেষ উৎসাহজনক বুলিব নোৱাৰি। তেওঁলোকৰ সাধাৰণভাৱে গ্ৰহণযোগ্য মত এয়ে যে সাধাৰণতে শিশু-স্মৃতিৰ তেনে কোনো দৰ্শনীয় পৰিৱৰ্তন সাধন কৰিব নোৱাৰি। বেয়া স্মৃতি ভাল স্মৃতিত পৰিণত কৰাটো সম্ভৱ নহয়। শিক্ষণ আৰু স্মৃতি অনুশীলন কাৰ্যৰ যোগে আমাৰ নিজ নিজ স্মৃতি শক্তিৰ যথাসম্ভৱ উপযোগ কৰিবহে পৰা যাব, কিন্তু তাৰ কোনো আমূল পৰিৱৰ্তন কৰিব নোৱাৰি। আমি শিকা কথা বা অভিজ্ঞতা সহজে বিস্মৃতিৰ প্ৰভাৱত নপৰাকৈ সৰহ সময় মনত ধৰি ৰখাৰ বাবে উন্নত আৰু অধিক সাৰ্থক শিক্ষা-ব্যৱস্থা গ্ৰহণ কৰিব পাৰো। এনেবোৰ ব্যৱস্থাৰ প্ৰতিহে মনোবিদ আৰু শিক্ষাবিদসকল অধিক আগ্ৰহী। শিশুৰ শিক্ষণ অভিজ্ঞতাৰ উপযুক্ত সংৰক্ষণ আৰু তাৰ যথাৰ্থ প্ৰয়োগকৰণৰ বেলিকা সেয়েহে নিম্নলিখিত কথাকেইটা মন কৰিবলগীয়া।

(১) শিশুৰ সাৰ্থক শিক্ষণ আৰু তাৰ স্মৃতি সংৰক্ষণৰ বাবে মানসিক প্ৰস্তুতি আৰু আগ্ৰহৰ উপযুক্ত মুহূৰ্তৰ প্ৰতি বিশেষ চকু ৰাখিব লাগে। এইক্ষেত্ৰত শিশু-মন অভিৰোচন কৰা কৌশল প্ৰয়োগৰ পদ্ধতি জানিব লাগে।

(২) শিশুৰ দৈহিক ক্লান্তিৰ প্ৰতি বিশেষ চকু ৰাখি শিক্ষণৰ কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে। জিৰণি বা বিৰতিৰ যোগে দৈহিক ক্লান্তিৰ অৱসাদ গুচোৱাৰ পিছতহে নতুন শিক্ষণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে।

(৩) শিশু-প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষণৰ উপাদানত ছন্দ, সুৰ, তাল আৰু লয়ৰ যথোচিত প্ৰয়োগ কৰা উচিত। ইয়াৰ প্ৰয়োগ ব্যৱস্থাই শিশুৰ শিক্ষণ স্বতঃস্ফূৰ্ত আৰু প্ৰাণস্পৰ্শী বিধৰ কৰি তুলি স্মৃতি প্ৰতিৰূপ দীৰ্ঘস্থায়ী কৰিব পাৰে।

(৪) ছবি, অংকিত চিত্ৰ, নক্সা আদিৰ যোগে শিশুৱে শিক্ষা-অভিজ্ঞতা প্ৰতিৰূপ আকাৰে মনত সংৰক্ষণ কৰিব পাৰে। সেইবাবে শিশু পাঠ্যপুথিত ইয়াৰ যথোচিত প্ৰয়োগ কৰি শিশুৰ অভিজ্ঞতা সংৰক্ষণত সহায় কৰিব পৰা যায়।

(৫) সক্ৰিয় শিক্ষণ ব্যৱস্থাৰ যোগে শিশু-স্মৃতি দীৰ্ঘস্থায়ী কৰিব পৰা যায়। সেইবাবে যিকোনো শিক্ষা অভিজ্ঞতাকেই হাতে-কামে অথবা সক্ৰিয় ব্যৱস্থাৰ যোগে শিশুক দিয়াৰ ব্যৱস্থা কৰা উচিত।

(৬) শিশুৰ স্মৃতি ৰক্ষা আৰু তাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত পৰিৱেশৰো এক বিশেষ ভূমিকা থাকে। পৰিচিত ব্যক্তি আৰু পৰিস্থিতিৰ আনুষংগতাত শিশুৱে যিদৰে স্মৃতিৰ প্ৰয়োগ কৰিব পাৰে অপৰিচিত অৱস্থা এটাত সি সম্ভৱ হৈ নুঠে।

(৭) অভিজ্ঞতাৰ পুনৰাবৃত্তি অথবা অনুশীলনেহে শিশু-মনত স্মৃতি প্ৰতিৰূপ দীৰ্ঘস্থায়ী কৰি তুলিব পাৰে। শিক্ষণৰ পৰৱৰ্তী কালত সেয়েহে শিশুৰ ক্ৰিয়া অনুশীলনৰ অতি প্ৰয়োজন।

(৮) শিশুৰ শিক্ষণ অভিজ্ঞতাৰ উপযুক্ত সংৰক্ষণৰ বাবে অনুকূল আৱেগিক অৱস্থা এটাৰো প্ৰয়োজন। শিশুৰ দুখদায়ক আৱেগিক অনুভূতিৰ পৰিস্থিতি আৰু অসুস্থ অৱদমনৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখাটো সেই হেতুকে বিশেষ প্ৰয়োজনীয় কথা।

প্ৰতিৰূপ কিঃ

 

ইতিপূৰ্বে বিভিন্ন প্ৰসংগত প্ৰতিৰূপৰ উল্লেখ কৰি অহা হৈছে। শিশুৰ মানসিক জীৱন গঢ় দি তোলাত প্ৰতিৰূপৰ ভূমিকা কম নহয়। কিন্তু এই প্ৰতিৰূপ কি ? পৰিৱেশৰ কোনো বস্তু বা বিষয়ৰ পৰা প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতা লাভ কৰিলে আমি সংবেদন আৰু সংবোধনৰ অভিজ্ঞতা পাব পাৰো। কিন্তু বিষয়বস্তুৰ বৰ্তমানত পোৱা এনে প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতা আমাৰ বাবে অধিক সময়লৈ স্থায়ী আৰু ইন্দ্ৰিয়গ্ৰাহ্য হৈ নাথাকে। উদ্দীপকৰ অৱৰ্তমানত আমাৰ গ্ৰহণেন্দ্ৰিয়ই অভিজ্ঞতাৰ একো একোটা চাপ অথবা স্নায়ৱিক প্ৰভাৱ মনত ধৰি ৰাখে আৰু পৰৱৰ্তী কালত চেতন মনত তাৰ এক প্ৰতিচ্ছবি পুনৰুদ্ধাৰ কৰে। ইয়াকেই প্ৰতিৰূপ বোলা হয়। প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতা নোপোৱা অৱস্থাত পূৰ্ব অভিজ্ঞতাৰ প্ৰতিচ্ছবি মনত পুনৰুদ্ধাৰ কৰণেই হৈছে প্ৰতিৰূপকৰণ। চকু, কাণ, নাক, জিভা আৰু ছাল আদিৰ যোগেদি পোৱা সকলোবোৰ ইন্দ্ৰিয় অনুভূতি একোটা সময়ত প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা বঞ্চিত হৈ আমাৰ মনত তাৰ অৱশেষ স্বৰূপে প্ৰতিৰূপ গঢ় লৈ উঠে। দৃষ্টি প্ৰতিৰূপ, শব্দ প্ৰতিৰূপ, ঘ্ৰাণ প্ৰতিৰূপ, স্পৰ্শ প্ৰতিৰূপ, স্বাদ প্ৰতিৰূপ আদি এনেদৰে গঢ় লৈ উঠা ভিন ভিন ইন্দ্ৰিয় অভিজ্ঞতাৰ মানসিক প্ৰতিচ্ছবি গঢ় দি তোলা কাৰ্য মাথোন। প্ৰত্যক্ষ ইন্দ্ৰিয় অনুভূতিৰ পৰা গঢ়ি উঠা এই প্ৰতিৰূপ বিশেষ গুৰুত্বপূৰ্ণ এইবাবেই যে ইয়াৰ সহায় লৈহৈ আমাৰ মনৰ স্মৃতি, কল্পনা, চিন্তা আদি প্ৰয়োজন অনুসৰি গঢ় লৈ উঠিব পাৰে। প্ৰতিৰূপ হৈছে মানসিক ক্ৰিয়াৰ মূল উপাদান স্বৰূপ। ইয়াক ব্যক্তিৰ বহিঃজগত আৰু মনোজগতৰ মাজত যোগাযোগ স্থাপনকাৰী এক মধ্যস্থ অৱস্থা বুলি ক’ব পাৰি।

মনোবিদ গেলটনকে আদি কৰি বিশেষজ্ঞসকলে কৰা পৰীক্ষা-নিৰীক্ষাৰ পৰা এই কথা জানিব পৰা হৈছে যে এজন ব্যক্তিৰ ইন্দ্ৰিয়ানুভূতিৰ প্ৰতিৰূপ গঠন কৰিব পৰা ক্ষমতা সমানে নাথাকে। শব্দ প্ৰতিৰূপ অধিক স্পষ্ট আৰু প্ৰাঞ্জল হৈ উঠিলে দৃষ্টি প্ৰতিৰূপ সমানে হৈ নুঠে অথবা দৃষ্টি প্ৰতিৰূপ যিদৰে স্পষ্ট হয় আন কেইবিধ প্ৰতিৰূপ তেনেদৰে হয়তো স্পষ্ট হৈ নুঠে। এই কথাও লক্ষ্য কৰা হৈছে যে ব্যক্তিৰ কোনো এবিধ ইন্দ্ৰিয়ৰ সংবেদন অনুভূতি লাভ কৰাত অক্ষম হৈ পৰিলে তেওঁৰ আন এবিধ ইন্দ্ৰিয় অনুভূতিৰ প্ৰতিৰূপকৰণ ক্ষমতা অধিক শক্তিশালী হৈ উঠিব পাৰে। অন্ধলোকে স্পৰ্শ অনুভূতি আৰু শব্দ অনুভূতিৰ প্ৰতিৰূপ আনতকৈ অধিকভাৱে কৰিব পৰাটো এই প্ৰসংগত উল্লেখযোগ্য।

শিশুৰ প্ৰতিৰূপ গঠনৰ বিশেষত্বঃ

 

শিশুৰ স্মৃতি, কল্পনা আৰু চিন্তা হয় সাধাৰণতে প্ৰতিৰূপধৰ্মী। তাৰ মননাত্মক ক্ৰিয়া বা চিন্তাৰ প্ৰভাৱ অতি সামান্য। শিশুৱে তাৰ বাস্তৱ জগতখনৰ চাৰিওফালে থকা বিভিন্ন উদ্দীপকৰ দৈহিক আকৰ্ষণ অথবা ইন্দ্ৰিয়ানুভূতিৰ মাজত থাকি ভাল পায়। ফলত স্বাভাৱিকতে তাৰ মানসপটত সেইসমূহৰ প্ৰতিৰূপৰ অধিক প্ৰভাৱ পৰে। সংবেদনৰ যোগে পোৱা এনে মূৰ্ত বিষয়সমূহৰ প্ৰতিৰূপ শিশুৱে মুহূৰ্তে মুহূৰ্তে মনত গঠন কৰে। সেইবাবে সি প্ৰতিৰূপৰ মাধ্যমেৰেই তাৰ সকলো অভিজ্ঞতা আৰু পৰিস্থিতি সম্বন্ধে নিজস্ব দৃষ্টিভংগী প্ৰকাশ কৰে।

শব্দ প্ৰতিৰূপতকৈ শিশুৱে দৃষ্টি প্ৰতিৰূপ অধিকভাৱে গঠন কৰিব পৰাটো মন কৰিবলগীয়া। দৃষ্টি প্ৰতিৰূপত শিশুৱে পৰিৱেশৰ পৰা বিষয়বস্তুৰ হুবহু প্ৰতিচ্ছবি মনত গঢ় দি তোলে। আনহাতে শব্দ প্ৰতিৰূপ গঠন কৰিবৰ বাবে ভাষাজ্ঞানৰ প্ৰয়োজন হয়। শব্দ সংবেদনৰ প্ৰতিৰূপ ভাষাৰ সহায় লৈ পৰোক্ষভাৱেহে মনত গঠন কৰা হয়। সেইবাবে ভাষা বিকাশত অনভিজ্ঞ শিশুৱে শব্দ প্ৰতিৰূপ বয়স্কসকলৰ দৰে কৰিব নোৱাৰে। আনহাতে শিশুৰ প্ৰতিৰূপ দৃষ্টিপ্ৰধান হোৱা হেতুকে সি বহু সময়ত মিছা কথাও ক’ব লগা হয়। নিজ মনৰ প্ৰতিৰূপৰ বিস্তৃত বিৱৰণ দিবলৈ যাওঁতে শিশুৱে বহু সময়ত বাস্তৱত নথকা, নেদেখা বা নোহোৱা কথাৰো বৰ্ণনা দিয়াৰ প্ৰৱণতা জাগি উঠে। বয়সস্থসকলে শিশুৰ প্ৰতিৰূপকৰণৰ এনে অতিৰিক্ত বৰ্ণনাত প্ৰকৃত কাৰণ জানিব নোৱাৰি মিছা কথা কোৱা বুলি শিশুক দোষাৰোপ কৰি উঠে।

বাৰ বছৰ বয়সলৈকে শিশুৰ মূৰ্তকল্পী প্ৰতিৰূপৰ প্ৰভাৱ অধিক হোৱাটোও এই প্ৰসংগত মন কৰিবলগীয়া। বিশেষজ্ঞসকলে লক্ষ্য কৰে যে শতকৰা প্ৰায় ৫০-৬০ ভাগ ল’ৰা-ছোৱালীয়েই এই সময়ত চকুৰে যি দেখে তাৰ হুবহু প্ৰতিচ্ছবি নিখুঁতভাৱে মনত ধৰি ৰাখিব পাৰে। নিজ চকুৰে দেখি থকাৰ দৰেই দৃশ্যটোৰ সকলো সুক্ষ্ম অংশৰেই পিছত বৰ্ণনা দিব পাৰে। ইয়াকেই সাধাৰণতে ফোটোগ্ৰাফিক মেম’ৰী বুলিও জনা যায়। এইক্ষেত্ৰত দৃশ্যটোৰ অবৰ্তমানতো তাৰ প্ৰতিৰূপ চকুৰ আগত মূৰ্তভাৱে প্ৰকাশ পায়। অৱশ্যে কেৱল দৃষ্টি প্ৰতিৰূপৰ বেলিকাহে এই কথা খাটে। বিশেষজ্ঞসকলে এই কথাও লক্ষ্য কৰিছে যে দৃষ্টি সংবেদন আৰু প্ৰতিৰূপকৰণৰ মাজত সময়ৰ ব্যৱধান অধিক হ’লে বিস্মৃতিৰ প্ৰভাৱ পৰিবলৈ ধৰে।

সি যি কি নহওক, শিশুৰ ব্যক্তিগত অভিজ্ঞতা আৰু তাৰ ক্ৰিয়া আচৰণত যে প্ৰতিৰূপে বিশেষ প্ৰাধান্য বিস্তাৰ কৰা তাক সহজে অনুমান কৰিব পাৰি। মূৰ্তকল্পী প্ৰতিৰূপৰ উপৰিও পৌনঃপুনিক প্ৰতিৰূপৰ শক্তিশালী প্ৰভাৱ শিশু-মনত পৰে। কোনো আকৰ্ষণীয় আৰু উত্তেজনাকৰ দৃশ্য দেখিলে তাৰ প্ৰতিৰূপ পৰৱৰ্তী কালত বাৰে বাৰে তাৰ মনত ধৰা দিয়ে। উদাহৰণ স্বৰূপে চাৰ্কাচৰ খেলা দেখিলে, চিৰিয়াখানাৰ জীৱ-জন্তু দেখিলে, বাট-পথত কোনো মটৰ দুৰ্ঘটনা দেখিলে অথবা ঘৰুৱা পৰিৱেশত কাৰোবাৰ মৃত্যুৰ দৰে উত্তেজনাকৰ দৃশ্য বা ঘটনা দেখিলে তাৰ প্ৰতিচ্ছবিয়ে পুনঃ পুনঃভাৱে কেইবা দিনলৈও শিশুৰ মানস পটত ভুমুকি মাৰি থাকে। ফলত আনৰ আগত তেনে দৃশ্যৰ বাৰে বাৰে বৰ্ণনা কৰিবলৈ বিচাৰে। কোনো কোনো ক্ষেত্ৰত তেনে দৃশ্যৰ স্মৃতি শিশু-মনৰ পৰা গুচোৱাটো বয়সস্থসকলৰ বাবে কষ্টসাধ্য হৈ উঠে। কাৰণ এনে প্ৰতিৰূপৰ প্ৰভাৱে শিশুৰ ক্ৰিয়া আচৰণতো দৰ্শনীয় প্ৰভাৱ পেলায়। সংবেদনৰ প্ৰতিৰূপৰ পৰা শিশুৱে নিজস্ব ৰূপত ধাৰণা আৰু তাৰ আনুষংগিক প্ৰতিক্ৰিয়া গঢ় দি তোলে। মেঘৰ গাজনি-ঢেৰেকনি আৰু বিজুলি-ধুমুহালৈ ভয় কৰি ঘৰৰ ভিতৰ সোমোৱা, ৰাতি শিয়ালৰ মাতলৈ ভয় কৰি টোপনি যোৱা, ডাক্তৰে দিয়া বেজীৰ ভয় দেখুৱাই বয়সস্থসকলে ফুৰিবলৈ যাওঁতে শিশুৰ লগ এৰিবলৈ চেষ্টা কৰা আদি পৰিচিত অভিজ্ঞতা সমূহত শিশুমনৰ প্ৰতিৰূপৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়।

শিশুমনত প্ৰতিৰূপৰ অধিক প্ৰাধান্য আৰু যুক্তিসংগত চিন্তা প্ৰয়োগত শিশুৰ স্বাভাৱিক অসমৰ্থতাই তাৰ এনেবোৰ আচৰণৰ প্ৰধান কাৰণ বুলিব পাৰি। বয়সস্থসকলে শিশুৰ এনেবোৰ আচৰণৰ পৰিস্থিতি সাপেক্ষে সুবিধা গ্ৰহণ কৰিলেও তাৰ মাত্ৰাধিক প্ৰয়োগৰ ফলত যাতে শিশুমনৰ ক্ষতিসাধন হৈ উঠিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। ক্ৰমবিকাশৰ লগে লগে মননাত্মক ক্ৰিয়াৰ প্ৰতি সি সক্ষম হৈ উঠে। নিজৰ চিন্তা, বুদ্ধি, যুক্তি, বিচাৰ-শক্তি আদি প্ৰয়োগ কৰিব পৰা হয়, ফলত মূৰ্তকল্পী আৰু পৌনঃপুনিক প্ৰতিৰূপৰ প্ৰভাৱ কমি আহি বিমূৰ্ত বিষয়ৰ চিন্তা-ভাৱনা কৰিব পৰা হৈ উঠে। ই হৈছে শিশুৰ মানসিক বিকাশৰ এক দৰ্শনীয় পৰিৱৰ্তন। পৈণত মানসিক বিকাশৰ পৰ্যায়ত ব্যক্তিৰ বিমূৰ্ত চিন্তা-ভাৱনাৰ বেলিকা প্ৰতিৰূপ গঠন কাৰ্যই অৱশ্যে অসুবিধাৰহে সৃষ্টি কৰিব পাৰে। সেইবাবে তপস্বী লোকসকলে তেওঁলোকৰ বিমূৰ্ত চিন্তাৰ বেলিকা পাৰ্থিৱ বিষয়-বস্তুৰ প্ৰতিৰূপ এৰাই চলিবলৈ নিৰ্জন ঠাইত চকু মুদি ল’ব লগা হয়।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top