অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মানসিক বিকাশঃ

শিশুৰ মানসিক বিকাশৰ বিষয়ে লিখা হৈছে

 

ব্যক্তিৰ দৈহিক গঠন আৰু ক্ৰিয়া-কলাপ আমাৰ বাবে দৰ্শনীয় আৰু স্পৰ্শনীয়। সেইবাবে এই সম্বন্ধীয় সকলো কথা বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য হয়। আনহাতে, মন আৰু ইয়াৰ ক্ৰিয়া-কলাপ তেনেদৰে প্ৰত্যক্ষভাৱে দৰ্শনীয় আৰু স্পৰ্শনীয় নহয়। তথাপি মন আছে বুলি আমি অনুমান কৰো। আমাৰ দেহৰ বিভিন্ন ক্ৰিয়া আচৰণ মনৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হয় বুলি আমি বিশ্বাস কৰো। দেহটো পৰিচালনা কৰা এক অন্তঃচালন শক্তি হৈছে আমাৰ মনটো। অন্যান্য জীৱ-জন্তুতকৈও মানুহৰ ক্ৰিয়া আচৰণৰ বেলিকা মনৰ প্ৰাধান্য আৰু ভূমিকা স্বাভাৱিকতেই অধিক। সকলো জীৱ-জন্তুৰ ভিতৰত মানুহেই হৈছে সৰ্বাধিক মানসিক ক্ৰিয়াশক্তিৰ অধিকাৰী। এই শক্তিৰ যোগে মানুহে কেৱল পৰিৱেশৰ প্ৰতিক্ৰিয়া কৰাই নহয়, পৰিৱেশৰ পৰা অভিজ্ঞতা আহৰণ কৰা, তাক সঞ্চয় কৰা, প্ৰয়োজন মতে তাৰ প্ৰয়োগ কৰা, সমস্যাৰ সন্মুখীন হৈ তাৰ সমাধান কৰা আৰু তাৰ যোগেদি পৰিৱেশক নিয়ন্ত্ৰণাধীন কৰি নিজ প্ৰয়োজন মতে তাক প্ৰয়োগ কৰা আদি উচ্চ পৰ্যায়ৰ জটিল ক্ৰিয়া-কলাপ কেৱল মানুহৰ বাবে সম্ভৱ হ’ব পাৰে। জন্তুৰ দৰে পৰিৱেশৰ প্ৰতি সাধাৰণ প্ৰতিক্ৰিয়া কৰাৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়ৰ জটিল ক্ৰিয়া-কলাপ কৰিব পৰা হোৱালৈকে মানৱ মনৰ বিবিধ মানসিক শক্তিসমূহৰ পৰ্যায়ক্ৰমভাৱে বিকাশ সাধন হয়। ইয়াৰ অধ্যয়ন আৰু বিজ্ঞানভিত্তিক বিশ্লেষণ কৰাটো অতি প্ৰয়োজন যদিও সি তেনেদৰে সহজসাধ্য নহয়। এই অধ্যায়ত তাৰ এটি চমু বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

মানসিক বিকাশ বুলিলে কি বুজোঃ

 

প্ৰত্যক্ষ অভিজ্ঞতা সাপেক্ষ নোহোৱা বাবে মন আৰু মানসিক ক্ৰিয়া সম্বন্ধীয় ধাৰণা মনোবিজ্ঞানৰ এটা বিতৰ্কমূলক বিষয়। অৱশ্যে এনে বিতৰ্কৰ মাজলৈ যোৱাটো আমাৰ এই অধ্যায়ৰ উদ্দেশ্য নহয়। মনক প্ৰত্যক্ষভাৱে নেদেখিলেও মনৰ ক্ৰিয়া আচৰণক আমি দেখিবলৈ পাওঁ, মনৰ অভিজ্ঞতা অনুভৱ কৰো। মন হৈছে আমি পৰিৱেশ আৰু পৰিস্থিতিত বিভিন্ন ধৰণেৰে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰিব পৰা কেতবোৰ বিশেষ মানসিক শক্তিৰ আধাৰ। এই শক্তি বা ক্ষমতাসমূহ হৈছে সংবেদন, সংবোধন, সংপ্ৰত্যয়ণ বা ধাৰণা, মনোযোগ, স্মৃতি, কল্পনা, চিন্তা, যুক্তি, বিচাৰশক্তি, সমস্যা সমাধান ক্ষমতা, শিক্ষণ ক্ষমতা, ভাষা আয়ত্বকৰণ ক্ষমতা আৰু বৌদ্ধিক ক্ষমতা আদি। মনৰ অস্তিত্ব আৰু ক্ৰিয়া-কলাপ এইসমূহ শক্তিতেই নিহিত হৈ আছে।

এই শক্তিসমূহৰ জন্মৰ লগে লগে স্বয়ং সম্পূৰ্ণ আৰু পূৰ্ণ বিকশিত হৈ নাহে। দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ক্ৰমভাৱেহে নিজৰ এক গতি পদ্ধতিৰে এই মানসিক শক্তিবোৰৰ বিকাশ সাধন হয়। কঠিনতাৰ ভিত্তিতো এইসমূহক বিভিন্ন পৰ্যায়ত সজাব পাৰি। ইয়াৰ অতি সহজ-সৰল আৰু প্ৰাৰম্ভিক কালত দৈহিক অৱস্থা এটাহে নৱজাত শিশুৰ ক্ৰিয়া আচৰণত পৰিলক্ষিত হয়। পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি ইন্দ্ৰিয়ানুভূতি লাভ কৰা আৰু তাৰ প্ৰতি এক দৈহিক প্ৰতিৱৰ্ত ক্ৰিয়া প্ৰদৰ্শন কৰা হৈছে এই মানসিক শক্তিসমূহৰ প্ৰাৰম্ভিক অৱস্থা। বয়সৰ অগ্ৰগতিৰ লগে লগে অৱস্থাৰ পৰিৱৰ্তন হয়। ক্ৰমাগতভাৱে জটিল মানসিক ক্ৰিয়া শক্তিসমূহ প্ৰয়োগৰ বাবে সক্ষম হৈ উঠে। পূৰ্ণ বয়সপ্ৰাপ্ত অৱস্থাত ব্যক্তিৰ এই ক্ষমতাসমূহ ইয়াৰ শীৰ্ষ বিন্দুলৈ উঠে। আকৌ বাৰ্ধক্যৰ ফালে গতি কৰাৰ লগে লগে এই মানসিক ক্ৰিয়াসমূহ ক্ৰমে দুৰ্বল হৈ আহিবলৈ ধৰে। সেয়েহে ক’ব পাৰি যে দৈহিক বিকাশৰ গতিৰ লগত মানসিক বিকাশৰ গতি সমান্তৰাল বিধৰ নহ’লেও ই সম্বন্ধযুক্ত নোহোৱা নহয়। শিক্ষা আৰু মনোবিজ্ঞানৰ প্ৰধান দায়িত্ব হৈছে ব্যক্তিৰ এই অন্তৰ্নিহিত মানসিক শক্তিসমূহ অধিক শক্তিশালী, শৃংখলাবদ্ধ আৰু কাৰ্যক্ষম কৰি তোলাটো। এই গুৰু দায়িত্ব পালনৰ অতি গুৰুত্বপূৰ্ণ সময় আৰু পৰ্যায় হৈছে শৈশৱকাল।

মানসিক বিকাশৰ সাধাৰণ লক্ষণঃ

 

ব্যক্তিৰ মানসিক বিকাশ সামগ্ৰিক ৰূপত এক জটিল ধাৰণা। ইয়াৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্য নিৰীক্ষণৰ যোগেদিহে ইয়াৰ স্বৰূপ আমাৰ মনত স্পষ্ট কৰি তুলিব পাৰি। এই সম্বন্ধে নিম্নলিখিত কথাকেইটা আমাৰ বিবেচনাযোগ্য।

(১) ব্যক্তিয়ে পৰিৱেশৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াৰ যোগেদি মানসিক অৱস্থা প্ৰতিফলিত হৈ উঠে। পৰিৱেশত ক্ৰমাগতভাৱে কৰা প্ৰতিক্ৰিয়াৰ যোগেদি ব্যক্তিয়ে নিজ ক্ৰিয়া আচৰণৰ নতুন কৌশল আয়ত্ব কৰা আৰু পৰিৱেশৰ প্ৰয়োজন অনুসৰি আচৰণৰ সংশোধন কৰি নিজক সুসংস্থাপিত আৰু সমাযোজিত কৰা কাৰ্য মানসিক বিকাশৰ পৰিচায়ক। চমুকৈ ক’বলৈ হ’লে পৰিৱৰ্তিত পৰিৱেশত ব্যক্তিয়ে মানসিক বিকাশৰ যোগেদি নিজৰ প্ৰতিক্ৰিয়া উপযুক্তভাৱে প্ৰদৰ্শন কৰিব পাৰে।

(২) মানসিক বিকাশ হৈছে এক ক্ৰমাগত বিকাশ প্ৰক্ৰিয়া। জন্মৰ পিছৰ পৰা ব্যক্তিৰ বয়ঃপ্ৰাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ত মনৰ ভিন ভিন শক্তি আৰু ক্ষমতাসমূহৰ নিজস্ব ৰূপত বিকাশ সাধন হয়। আপেক্ষিকভাৱে সবল মানসিক শক্তিসমূহ বিকাশৰ প্ৰথমাৰ্ধত আৰু জটিল শক্তিসমূহ বিকাশৰ দ্বিতীয়াৰ্ধত সক্ৰিয় হৈ উঠা দেখা যায়। মন কৰিবলগীয়া যে সবল মানসিক ক্ৰিয়া-ক্ষমতাবোৰে ক্ৰমে জটিল মানসিক ক্ৰিয়া-ক্ষমতাবোৰ গঢ় দি তোলে।

(৩) মানসিক শক্তিসমূহ স্বাভাৱিকতেই এটা আনটোৰ লগত জড়িত আৰু সম্বন্ধযুক্ত। এই শক্তিসমূহৰ উপাদান এটা আনটোৰ অন্তৰ্নিহিত অৱস্থাত থাকে। ইয়াৰ স্বৰূপ আমাৰ বাবে সুস্পষ্ট অৱস্থাত পাব পৰা নাযায়। সেইবাবে এই শক্তিসমূহ বিকাশৰ বেলিকাও আনটোৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল হয়। ইয়াৰ পৃথক পৃথক অৱস্থাত এক স্বয়ংসম্পূৰ্ণভাৱে বিকাশ হোৱাৰ কথা ভাবিব নোৱাৰি।

(৪) ব্যক্তিৰ দৈহিক গঠন আৰু বিকাশ বস্তুনিষ্ঠভাৱে নিৰীক্ষণ তথা পৰিমাপ কৰিব পাৰি। কিন্তু মানসিক শক্তিসমূহৰ এনে বিকাশ প্ৰত্যক্ষ আৰু বস্তুনিষ্ঠভাৱে নিৰীক্ষণ আৰু পৰিমাপ কৰিব নোৱাৰি। ইয়াৰ প্ৰধান কাৰণ হৈছে মানসিক শক্তিবোৰ গঢ় দি তোলা উপাদানসমূহৰ সম্বন্ধে থকা অস্পষ্টতা আৰু অৱস্থা বিশেষে এইসমূহৰ পৰিৱৰ্তনশীলতা। মনোবিজ্ঞানত বৰ্তমান নানাবিধ মানসিক পৰীক্ষা প্ৰস্তুত কৰি ইয়াৰ পৰিমাপণৰ ব্যাপক ব্যৱস্থা কৰা হৈছে যদিও তাৰ বস্তুনিষ্ঠতা ৰক্ষা কৰিবগৈ পৰা হোৱা নাই।

(৫) ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাৰ মানদণ্ডৰ ওপৰত মানসিক বিকাশৰ গতি আৰু তাৰ গভীৰতা বিশেষভাৱে নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে প্ৰতিটো বিশেষ বিশেষ মানসিক শক্তি ব্যক্তিৰ সাধাৰণ বৌদ্ধিক ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হয়। এই সাধাৰণ বৌদ্ধিক ক্ষমতাৰ মানদণ্ড উচ্চ পৰ্যায়ৰ হোৱা ব্যক্তিৰ বিশেষ মানসিক শক্তিসমূহো উচ্চ মানৰ হয়। ফলত মানসিক বিকাশৰ গতি দ্ৰুততৰ হয়। নিম্নমানৰ বৌদ্ধিক ক্ষমতাই ব্যক্তিৰ মানসিক বিকাশৰ গতি মন্থৰ কৰি তোলে।

শিশুৰ মানসিক জীৱনৰ কেতবোৰ বৈশিষ্ট্যঃ

 

শিশুৰ মানসিক জীৱনৰ অৱস্থা আৰু ইয়াৰ ক্ৰিয়া-কলাপ বয়সস্থসকলতকৈ আমোদজনকভাৱে পৃথক হয়। শিশুসুলভ মন আৰু তাৰ বৈশিষ্ট্য জানি উঠিবলৈ হ’লে তাৰ স্বভাৱসুলভ মানসিক গুণ বা বৈশিষ্ট্যবোৰৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। বয়সস্থসকলে শিশুক শিশু হিচাপে চাব জানিবলৈ আৰু তাৰ প্ৰতি সুবিচাৰ কৰিবলৈ হ’লে এনেবোৰ বৈশিষ্ট্যৰ প্ৰতি সচেতন হ’ব লাগে। তলত এইসমূহ চমু উল্লেখ কৰা হৈছে।

(১) প্ৰবৃত্তিমূলক আচৰণঃ শিশুৰ ভাব আৰু আচৰণ সদায় প্ৰবৃত্তিমূলক। তাৰ আচৰণসমূহ প্ৰবৃত্তিৰ দৈহিক প্ৰয়োজন পূৰণৰ মাজতেই আৱদ্ধ থাকে। প্ৰবৃত্তিৰ প্ৰয়োজন পূৰণে সুখদায়ক অনুভূতি আৰু পূৰণৰ ব্যৰ্থতাই দুখদায়ক অনুভূতি প্ৰদান কৰে। বিচৰা বস্তুটো পালেই আনন্দ আৰু নাপালেই সি দুখ আৰু ক্ৰন্দন প্ৰকাশ কৰে। উচিত-অনুচিত, যুক্তি-অযুক্তিকৰ চিন্তা-ভাৱনা কৰাটো আৰু সেই অনুক্ৰমে নিজ আচৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাটো শিশুৰ বাবে সম্ভৱ নহয়। সেয়েহে কোৱা হয় যে শিশুৰ আচৰণ কৃত্ৰিমতাহীন।

(২) আত্মকেন্দ্ৰিকতাঃ শৈশৱ কালত দৈহিক প্ৰয়োজনীয়তাই প্ৰাধান্য লাভ কৰা বাবে স্বাভাৱিকতেই শিশু আত্মকেন্দ্ৰিক হয়। নিজৰ দৈহিক প্ৰয়োজনৰ সুখ-ভোগ আদিৰ বাহিৰে আনৰ কথা সি সমূলি ভাবিব নোৱাৰে। সেইবাবে শিশুৰ আচৰণ হয় স্বাৰ্থজড়িত। নিজ স্বাৰ্থ আগত ৰাখিহে সি সকলো কথা বিবেচনা কৰে। প্ৰতিটো ধুনীয়া বস্তুৱেই তাৰ আৰু প্ৰতিখন ধুনীয়া ছবিয়েই সি। এনে আত্মকেন্দ্ৰিক দৃষ্টিভংগী আৰু মনোভাৱেৰে সি সকলো কথা বুজিবলৈ আৰু ব্যাখ্যা দিবলৈ বিচাৰে।

(৩) সৰ্বপ্ৰাণবাদিতাঃ শিশু মনত সজীৱ-নিৰ্জীৱৰ ধাৰণা স্পষ্ট হৈ নুঠে। নিজৰ দৰে সকলো বস্তুৰেই প্ৰাণ থকা বুলি সি ভাবি লয়। নিৰ্জীৱ বস্তুৰ প্ৰতিও সজীৱ প্ৰাণীৰ দৰেই আচৰণ প্ৰদৰ্শন কৰে, কথোপকথন কৰে আৰু সংগলাভ কৰিবলৈও বিচাৰে। বিশেষকৈ শিশুৱে তাৰ খেলাৰ পুতলাবোৰৰ লগত কৰা আচৰণত শিশুমনৰ সৰ্বপ্ৰাণবাদিতাৰ ভাব ভালদৰে ফুটি উঠে। জড়-জগত আৰু জীৱ-জগত শিশুৰ বাবে একেখন জগত হৈ থাকে।

(৪) কল্পনাপ্ৰৱণতাঃ শিশু স্বাভাৱিকতেই কল্পনাপ্ৰিয়। বাস্তৱ আৰু জড়-জগতখন তাৰ বাবে নিৰস আৰু নিৰানন্দময়। সেইবাবে বাস্তৱৰ সকলো বস্তু আৰু বিষয় শিশুৱে নিজ কল্পনাৰ ৰহন সানি আত্মতৃপ্তি লাভ কৰে। মনে বিচৰা কল্পনাৰাজ্যত সি আত্মকেন্দ্ৰিক সুখ আৰু আনন্দ সহজে পাব পাৰে, যাক বাস্তৱ জগতখনত সি পোৱাটো সম্ভৱ নহয়। কল্পনাৰ এনে আনন্দ পোৱা বাবেই খেলা-ধূলা আৰু তাৰ আহিলা-পাতিবোৰৰ লগত সি আপোন-পাহৰা হৈ থাকিব পাৰে।

(৫) ক্ৰীড়া প্ৰৱণতাঃ শিশুৰ মনোভাৱ সদায় ক্ৰীড়ামুখী। খেলাৰ মনোভাৱেৰেহে সি সকলো কাম কৰিব পাৰে, কামৰ মনোভাবেৰে নহয়। কাম হৈছে ৰূঢ় বাস্তৱ যাক তাৰ মনে গ্ৰহণ কৰিব নোৱাৰে। খেলাই দিয়ে তাক কল্পনাৰ আনন্দ, আত্মপ্ৰকাশৰ স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততা। সেইবাবে খেলাৰ মনোবৃত্তিক শিশুৰ মানসিক বিকাশৰ উপায় স্বৰূপে বৰ্তমান শিক্ষাবিদসকলে প্ৰয়োগ কৰে।

(৬) অনুকৰণপ্ৰিয়তাঃ আনক অনুকৰণ কৰাৰ এক প্ৰৱল প্ৰবৃত্তি শিশু আচৰণত পৰিলক্ষিত হয়। নিজৰ মানসিক ক্ৰিয়া আৰু জ্ঞানবুদ্ধিৰ সীমাবদ্ধতাৰ হেতুকে শিশুৱে সততেই আনৰ ওপৰত নিৰ্ভৰশীল হয়। এনে অৱস্থাত যুক্তি-অযুক্তি আৰু উচিত-অনুচিতৰ বিচাৰ-বিবেচনা শিশু-মনত সম্ভৱ হৈ উঠিব নোৱাৰে। ফলত আনে যি কয় আৰু কৰে তাক নিৰ্বিবাদে আৰু বিনা বিচাৰে গ্ৰহণ কৰে। মানসিক তৎপৰতাৰ পৰিৱৰ্তে শিশুৰ অনুকৰণত খেলাৰ এক প্ৰবৃত্যাত্মক প্ৰৱণতাহে পৰিলক্ষিত হয়।

(৭) পৰনিৰ্ভৰশীলতাঃ শিশু কেৱল দৈহিকভাৱেই নহয়, মানসিকভাৱেও আনৰ ওপৰত নিৰ্ভৰশীল। মানসিক শক্তিসমূহ অপৈণত অৱস্থাত থকা বাবে শিশুৱে তাৰ নতুন পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সেইসমূহৰ উপযুক্ত প্ৰয়োগ কৰিব নোৱাৰে। ফলত মানসিকভাৱে সি বয়সস্থসকলৰ ওপৰত সততে নিৰ্ভৰ আৰু আশ্ৰয় গ্ৰহণ কৰিব লাগে। যিকোনো কথা তেওঁলোকক নুশুধাকৈ অথবা সহায় নোলোৱাকৈ নিজে কৰিবলৈ মানসিক প্ৰস্তুতি লাভ কৰিব নোৱাৰে।

(৮) কৌতুহল পৰায়ণতাঃ ভাষা জ্ঞান সামান্যভাৱে লাভ কৰি উঠাৰ লগে লগে শিশুৰ কৌতুহলী মনে আত্মপ্ৰকাশ কৰে। নানা ধৰণৰ যুক্তি-অযুক্তিকৰ প্ৰশ্নেৰে সি এই সময়ত বয়সস্থসকলক ব্যতিব্যস্ত কৰি তোলে। পৰিৱেশৰ সকলো বস্তু আৰু বিষয় শিশুৰ চকুত নতুন ৰূপত ধৰা দিয়ে। এইবোৰক চাবলৈ, জানিবলৈ আৰু বুজিবলৈ মনত স্বভাৱ-সুলভ এক কৌতুহল প্ৰবৃত্তিয়ে শিশুক চঞ্চল আৰু ব্যগ্ৰ কৰি তোলে। শিশুৰ মানসিক অৱস্থাৰ ই এক লক্ষ্যণীয় বিশেষতা।

মানসিক বিকাশ প্ৰভাৱিত কৰা কাৰকসমূহঃ

 

বহলভাৱে বিবেচনা কৰিলে শিশুৰ মানসিক বিকাশত ঘাইকৈ দুটা দিশৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়, যেনে- (১) বংশগত জৈৱিক উপাদান আৰু (২) পৰিৱেশীয় অৱস্থা। প্ৰকৃতপক্ষে জন্মৰ পিচ মুহূৰ্তৰ পৰাই ব্যক্তিৰ যিকোনো দিশৰ বিকাশ এই দুই শক্তিৰ পাৰস্পৰিক প্ৰভাৱৰ দ্বাৰা নিৰ্ধাৰিত আৰু নিয়ন্ত্ৰিত হয়। বংশগতি হৈছে শিশুৰ মানসিক বিকাশৰ মূলধন স্বৰূপ আৰু পৰিৱেশ হৈছে সেই মূলধন বিনিয়োগৰ কৰ্মক্ষেত্ৰ। এই দুয়ো দিশৰ বহল আলোচনা কৰিবলৈ নগৈ ইয়াৰ বিশেষ বিশেষ কাৰকসমূহে কিদৰে শিশুৰ মানসিক বিকাশত ভূমিকা গ্ৰহণ কৰে তাৰ চমু উল্লেখহে মাথোন তলত কৰিবলৈ বিচৰা হৈছে।

(ক) স্নায়ুতন্ত্ৰঃ শিশু মাতৃগৰ্ভত স্থিতি লাভ কৰাৰ প্ৰায় দুমাহৰ পিছৰ পৰা তাৰ দেহ-যন্ত্ৰৰ স্নায়ৱিক ক্ৰিয়া আৰম্ভ হয়। এই স্নায়ুতন্ত্ৰৰ সাংগঠনিক অৱস্থা আৰু তাৰ ক্ৰিয়া সক্ষমতাৰ ওপৰতেই শিশুৰ পৰৱৰ্তী কালৰ মানসিক আৰু বৌদ্ধিক বিকাশ ঘাইকৈ নিৰ্ভৰ কৰে। বিশেষকৈ দেহৰ উপৰি ভাগৰ ইন্দ্ৰিয়সমূহৰ লগত মস্তিষ্কৰ সংযোগ সাধন কৰা সংবেদনদায়ী আৰু সঞ্চালন স্নায়ুতন্ত্ৰ অথবা প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু মস্তিষ্কৰ বিভিন্ন অংশৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। জ্ঞানেন্দ্ৰিয়সমূহৰ যোগেদিয়েই শিশুৱে তাৰ তৎকালীন পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া কৰে, তাৰ লগত সম্বন্ধ স্থাপন কৰে, অভিজ্ঞতা আহৰণ কৰে আৰু তাৰ দ্বাৰা পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লব পাৰে। এইবিধ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া মন্থৰ, দুৰ্বল আৰু দোষযুক্ত হ’লে তাৰ অনুৰূপ প্ৰভাৱ শিশুৰ প্ৰতিক্ৰিয়া আৰু তাৰ মানসিক বিকাশত পৰে। ইন্দ্ৰিয়সমূহে যোগান ধৰা পৰিৱেশৰ সংবেদন অনুভূতিবোৰ মস্তিষ্কই অৰ্থযুক্ত জ্ঞান-অভিজ্ঞতা আদিত পৰিণত কৰে। ইয়াৰ পৰা ক্ৰমে স্মৃতি, কল্পনা, চিন্তা, যুক্তি আদি উচ্চ পৰ্যায়ৰ মানসিক ক্ৰিয়াত পৰিণত কৰাত মস্তিষ্কৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভূমিকা অধিক। মস্তিষ্কই বিভিন্ন ইন্দ্ৰিয়যোগে লাভ কৰা সংবেদন অনুভূতিবোৰৰ সমন্বয় সাধন কৰি কেন্দ্ৰস্থভাৱে ব্যক্তিৰ ক্ৰিয়া আচৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। উল্লেখযোগ্য যে মানসিক বিকাশৰ অস্বাভাৱিকতাত ভোগা হীনবুদ্ধিৰ শিশুহঁতৰ এই দুয়োবিধ স্নায়ুতন্ত্ৰৰ ক্ৰিয়াই দুৰ্বল আৰু দোষযুক্ত হয়।

(খ) অন্তঃক্ষৰা গ্ৰন্থিঃ দেহ-মানসিকভাৱে শিশুৰ সমগ্ৰ ব্যক্তিত্ব নিজস্ব ৰূপত গঢ় দি তোলাত এইবিধ গ্ৰন্থিৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। এই সম্বন্ধে শিশুৰ দৈহিক বিকাশৰ অধ্যায়ত ইতিপূৰ্বে আলোচনা কৰা হৈছে। চমুকৈ উল্লেখ কৰিব পাৰি যে শিশুৰ স্নায়ৱিক গঠন প্ৰক্ৰিয়া, পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া, আনুভূতিক আচৰণ, দেহ-মানসিক ক্ৰিয়া তৎপৰতা, উৎসাহ-উদ্দীপনা, বৌদ্ধিক সক্ৰিয়তা আদি এই অন্তঃক্ষৰা গ্ৰন্থিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰি ব্যক্তিৰ পুৰুষ-সুলভ আৰু নাৰী-সুলভ মনোবৃত্তি আৰু আচৰণ আদিও ই গঢ় দি তোলে। শিশুৱে বংশগতভাৱে লাভ কৰা অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ দেহ-ৰাসায়নিক প্ৰক্ৰিয়াৰ গুণমালাৰ ওপৰতেই তাৰ ব্যক্তিত্ব গঠনৰ মানসিক দিশটো বিশেষভাৱে নিৰ্ভৰশীল।

(গ) গৃহ পৰিৱেশঃ শিশুৰ মানসিক বিকাশৰ প্ৰথম পৰিৱেশটো হৈছে সি জন্মলাভ কৰা গৃহ পৰিৱেশ। ইয়াতেই চালুকীয়া শিশুৱে প্ৰথমবাৰৰ বাবে ইন্দ্ৰিয় অনুভূতি বা সংবেদন লাভ কৰে। এই সংবেদনে তাৰ মনত জ্ঞান-অভিজ্ঞতাৰ সৃষ্টি কৰে। ঘৰখনৰ বৈষয়িক অৱস্থা উন্নত হ’লে প্ৰতিটো বস্তুৱেই চাবলগীয়া আৰু জানিবলগীয়া হয়। এইবোৰ দেখি মেলি আৰু ব্যৱহাৰ কৰি শিশুৱে তাৰ বহুতো কথাৰ ব্যৱহাৰিক আৰু প্ৰাসংগিক জ্ঞান লাভ কৰে। খেলা-ধূলাৰ বাবে পোৱা প্ৰচুৰ সা-সুবিধায়ো শিশুৰ মানসিক জগতখনৰ পৰিসৰ বহল কৰি তোলে। পৰিয়ালৰ পৰিৱেশৰ মাজত শিশুৱে প্ৰবৃত্তি পৰিচালিত আচৰণবোৰৰ ক্ৰমে সংশোধন কৰি নিজক পৰিৱেশৰ লগত খাপ খুৱাই লবলৈ শিকে। অনুকৰণৰ যোগেদি প্ৰচলিত আৰু গ্ৰহণযোগ্য ক্ৰিয়া-আচৰণ আৰু ৰীতি-নীতি আয়ত্ব কৰি উঠে। পৰিয়ালৰ মাজতেই শিশুৱে ভাষা জ্ঞান আয়ত্ব কৰি কথিত ভাষা প্ৰয়োগ কৰিব পৰা হয়। এই ভাষা বিকাশে তাৰ মনৰ ধাৰণা, চিন্তা আৰু কল্পনা অধিক সক্ৰিয় কৰি তোলে। অৱশ্যে পৰিয়ালৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক মানদণ্ডৰ ওপৰত ই বহু পৰিমাণে নিৰ্ভৰ কৰে। গৃহ পৰিৱেশৰ অনুকূল-প্ৰতিকূল প্ৰভাৱে সেয়েহে শিশুৰ এনেবোৰ দিশৰ মানসিক বিকাশত অনুৰূপ প্ৰভাৱ পেলায়।

(ঘ) শিক্ষা পৰিৱেশঃ শিক্ষানুষ্ঠান হৈছে এক মানসিক পৰিৱেশ। স্কুলৰ পাঠ্যসূচী, কাৰ্যসূচী আৰু অনুশাসন ব্যৱস্থাই শিশুৰ মানসিক ক্ৰিয়া আৰু আচৰণবোৰ ক্ৰমে অধিক শৃংখলাবদ্ধ আৰু অনুশাসিত কৰি তোলে। সহজাত সুপ্ত মানসিক শক্তি আৰু প্ৰতিভাবোৰ আত্মপ্ৰকাশৰ সুবিধা শিক্ষানুষ্ঠানেই প্ৰদান কৰে। স্কুলৰ লিখা-পঢ়া আৰু অংক কৰা কাৰ্যই শিশুৰ বোধ-শক্তি, চিন্তা-শক্তি আৰু বিচাৰ-বিবেচনা কৰিব পৰা শক্তিসমূহৰ প্ৰণালীবদ্ধভাৱে বিকাশৰ পথ ৰচনা কৰে। ভাষাৰ কথিত, পঠিত আৰু লিখিত ব্যৱহাৰৰ শিক্ষাই ভাষাজ্ঞান উন্নত আৰু বিধিসংগত কৰি তোলে। সংখ্যাজ্ঞানে শিশুৰ যুক্তি-শক্তি গঢ় দি তোলে। শ্ৰেণীৰ পৰিকল্পিত পাঠদান ক্ৰিয়াই তাৰ স্মৃতি, কল্পনা, মনোযোগ, আগ্ৰহ, শিক্ষণ, অৱধাৰণ আদি মানসিক ক্ৰিয়া-ক্ষমতাবোৰ বৃদ্ধি কৰি তোলে। সহজাত প্ৰবৃত্তি পৰিচালিত চঞ্চল আৰু অনিয়ন্ত্ৰিত ক্ৰিয়া আচৰণবোৰ মাৰ্জিত, সংযত আৰু সমাজৰ গ্ৰহণযোগ্য কৰি তোলে। স্কুলৰ অনুশাসন আৰু নিয়ম শৃংখলিত জীৱনে শিশুক প্ৰচলিত নীতি-নিয়মৰ অনুগামী হ’বলৈ শিকায়। ইয়াৰ উপৰিও ভৱিষ্যৎ জীৱনৰ কেতবোৰ প্ৰয়োজনীয় অভ্যাস, যেনে- সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, আনুগত্যতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কৰ্তব্য পৰায়ণতা আদি সুস্থ ব্যক্তিত্ব গুণসমূহ ইয়াতেই গঢ় লৈ উঠে। শিশুৰ ওপৰত পেলোৱা এনেবোৰ মানসিক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে কোৱা হয় যে স্কুলৰ দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন কৰা।

(ঙ) সামাজিক পৰিৱেশঃ শৈশৱ কালৰ প্ৰথম অৱস্থাত শিশু-প্ৰকৃতি হয় সামাজিক চেতনাহীন। তাৰ ক্ৰিয়া-কলাপ, আচৰণ আৰু মনোবৃত্তিত অহংকেন্দ্ৰিকতাৰ ভাবহে ফুটি উঠে। কিন্তু সামাজিক পৰিৱেশৰ সংস্পৰ্শ আৰু তাৰ প্ৰভাৱে অহংকেন্দ্ৰিক মনৰ শিশুক সমাজমুখী কৰি গঢ় দি তোলে। শৈশৱৰ খেলা-ধূলাৰ বিভিন্ন পৰিৱেশত সি ৰং-আনন্দ পাবৰ বাবে, নিজ আৱেগ-অনুভূতি আদান-প্ৰদান কৰিবৰ বাবে আৰু আনৰ লগত ক্ৰিয়া-সহযোগিতাৰে খেলা-ধূলা কৰিবৰ বাবে লগ বিচাৰে। খেলাৰ বিভিন্ন পৰিস্থিতিত অনুকৰণৰ যোগেদি সি ভাষা জ্ঞানৰ এক প্ৰায়োগিক ক্ষমতা লাভ কৰে। ইয়াৰ উপৰি আনৰ অনুকৰণ কৰি দৈহিক অংগ সঞ্চালন ক্ষমতা সম্বন্ধীয় কেতবোৰ কৌশল আৰু তাৰ অভ্যাস গঠন কৰিবলৈ শিকে। এনেবোৰ অভ্যাসকেই পৰৱৰ্তীকালত শিক্ষা-অনুশীলনে বিশেষ সঞ্চালন পটুতাৰ গঢ় দি তোলে। শিশুৰ মানসিক জীৱন গঢ় দি তোলা এক শক্তিশালী প্ৰভাৱ হৈছে সমাজৰ সাংস্কৃতিক জীৱনৰ প্ৰভাৱ। এখন সমাজৰ ভাষা, ধৰ্ম আৰু সাংস্কৃতিক জীৱনৰ ক্ৰিয়া আচৰণে সেই সমাজৰ লোকৰ মানসিকতা এক বিশেষ ৰূপত গঢ় দি তোলে। ই তেওঁলোকৰ মনৰ আস্থা, নিষ্ঠা, বিশ্বাস, ভয়, সাহস, জ্ঞান-ধাৰণা, দৃষ্টিভংগী, মনোভাৱ আদি প্ৰভাৱিত কৰে। সেই সমাজলৈ অহা প্ৰতিটো শিশুৰ মানসিক জীৱন এনেবোৰ প্ৰভাৱৰ মাজতেই বিকশিত হৈ উঠে।

মানসিক বিকাশৰ বিভিন্ন পৰ্যায়ঃ

 

শিশুৱে তাৰ দৈহিক বিকাশৰ বিভিন্ন পৰ্যায়ত কৰা দেহ-মানসিক প্ৰতিক্ৰিয়াবোৰৰ প্ৰতি লক্ষ্য কৰি মানসিক বিকাশৰ কেইটামান সাধাৰণ পৰ্যায় স্থিৰ কৰিব পাৰি। সেইকেইটা হৈছে- (ক) গৰ্ভকালীন অৱস্থা, (খ) জন্মৰ পৰা তিনি বছৰলৈ, (গ) তিনিৰ পৰা ছয় বছৰলৈ আৰু (ঘ) বাল্যকালৰ শেহতীয়া অৱস্থা। এইকেইটা পৰ্যায়ৰ এটি চমু বৰ্ণনা তলত দাঙি ধৰা হৈছে।

(ক) গৰ্ভকালীন অৱস্থাঃ ভ্ৰূণৰ প্ৰাথমিক পৰ্যায়ত গৰ্ভস্থ সন্তানৰ প্ৰায় দুমাহৰ ভিতৰতে মস্তিষ্ক আৰু দেহৰ অন্যান্য অংশৰ স্নায়ৱিক গাঠনি প্ৰস্তুত হয়। এনেবিধ গাঠনিয়েই বিকাশৰ পৰৱৰ্তীকালত শিশুৰ মানসিক ক্ৰিয়াৰ সূচনা কৰে। গৰ্ভস্থ ভ্ৰূণৰ ছমাহৰ পিছৰে পৰা জন্মৰ আগমুহূৰ্তলৈকে পৰিপুষ্ট ভ্ৰূণৰ পৰ্যায়ত শিশুৱে সংবেদন অনুভূতি লাভ কৰিব আৰু তাৰ প্ৰয়োজনীয় প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব পৰা হয়। দেহৰ স্নায়ৱিক অভিজ্ঞতাৰ প্ৰতিক্ৰিয়া স্বৰূপে কিছু দুৰ্বলভাৱে হ’লেও হাত-ভৰি, মূৰ আদি লৰাব পাৰে, ক্ৰন্দনৰ অভিজ্ঞতা লাভ কৰিব পাৰে। জন্ম হোৱাৰ দুমাহ পূৰ্বেই তীব্ৰ শব্দ, পোহৰ আদিৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিব পাৰে আৰু মাতৃ-স্তনপান কৰিব পৰা ক্ষমতাও লাভ কৰে। জন্মৰ আগমুহূৰ্তত সেয়েহে গৰ্ভস্থ শিশুৱে ইন্দ্ৰিয়ানুভূতি আৰু তাৰ প্ৰতিক্ৰিয়াশীল ক্ষমতা লাভ কৰি উঠিব পৰা হয়। মানসিক ক্ৰিয়াৰ পূৰ্ব-প্ৰস্তুতি স্বৰূপে এই পৰ্যায়ত শিশুৰ স্নায়ৱিক গাঠনি প্ৰস্তুত হৈ উঠা আৰু তাৰ ক্ৰিয়া-ক্ষমতা লাভ কৰি উঠিব পৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ।

(খ) জন্মৰ পৰা তিনি বছৰলৈঃ জন্মৰ পিছৰ পৰা প্ৰায় দুসপ্তাহলৈকে শিশুৰ দৈহিক প্ৰতিক্ৰিয়াবোৰক বিশেষজ্ঞসকলে মানসিক ক্ৰিয়াৰ আখ্যা দিব নোখোজে। নৱজাত শিশুৱে তৎকালীনভাৱে পৰিৱেশৰ লগত দৈহিক সমাযোজনৰ বেলিকা দেখা দিয়া দৈহিক প্ৰতিক্ৰিয়া তথা প্ৰতিৱৰ্ত ক্ৰিয়া স্বৰূপেহে ইয়াক বৰ্ণনা কৰা হয়। অৱশ্যে মাহৰ ভিতৰতে এনে দৈহিক প্ৰতিক্ৰিয়াৰ দৰ্শনীয় পৰিৱৰ্তন হয় আৰু সিয়ে ক্ৰমে মানসিক ৰূপ ধাৰণ কৰে। প্ৰথম অৱস্থাত শিশুৰ এই মানসিক ক্ৰিয়া কেৱল তাৰ পৰিৱেশৰ প্ৰতি ইন্দ্ৰিয়ানুভূতিৰ যোগে পোৱা সহজ-সৰল সচেতনতাৰ অৱস্থা এটাকহে বুজায়। ইয়াকেই মন বুলি অভিহিত কৰিব পাৰি। তাৰ পৰিৱেশৰ শক্তিশালী উদ্দীপকবোৰৰ প্ৰতি আৰু ক্ৰমে তাৰ দৈহিক প্ৰয়োজনবোৰৰ প্ৰতি সি সচেতন হৈ উঠে। ফলত তাৰ প্ৰতিক্ৰিয়াবোৰ অধিক অৰ্থযুক্ত, নিৰ্বাচিত আৰু উদ্দেশ্যপ্ৰণোদিত বিধৰ হ’বলৈ ধৰে। পৰিৱেশৰ বস্তু আৰু ব্যক্তিবিশেষৰ প্ৰতি মনোযোগ দিব পৰা হয়। শিশুৰ আচৰণ এক স্পষ্ট ৰূপত মানসিক গঢ় লৈ উঠে।

শিশুৰ অপৰিচিত পৰিৱেশ জনাৰ আৰু ইন্দ্ৰিয়ানুভূতি লাভ কৰাৰ প্ৰচেষ্টা তাৰ আচৰণত ক্ৰমে পৰিলক্ষিত হয়। প্ৰায় এবছৰৰ পিছৰ পৰা শিশুৱে অস্পষ্টভাৱে হ’লেও মুখেৰে ধ্বনি উচ্চাৰণ কৰি তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা হয়। এই স্বৰধ্বনি ক্ৰমে শব্দত পৰিণত কৰিব পাৰে। শিশুৱে ক্ৰমে আত্ম-সচেতনতা অনুভৱ কৰি উঠে আৰু নিজক আনতকৈ পৃথক বুলি ভাবিব পৰা হয়। নিজ ক্ৰিয়া আচৰণৰ বাবে আনৰ পৰা সমৰ্থন, প্ৰশংসা আৰু উৎসাহ-উদ্দীপনা পাবলৈ বিচাৰে। ভাষা বিকাশৰ লগে লগে শিশু-মন কৌতূহলী হৈ উঠে। যুক্তি-অযুক্তিকৰ নানাবিধ প্ৰশ্ন কৰি সি নিজ কৌতূহলী মনৰ ভাব-চঞ্চলতা প্ৰকাশ কৰে।

দুই-তিনি বছৰ বয়সত শিশু-মনত অভিজ্ঞতাৰ প্ৰতিৰূপ আৰু স্মৃতিশক্তি গঢ় লৈ উঠে। পূৰ্ব অভিজ্ঞতা সীমিতভাৱে আনৰ আগত বৰ্ণনা কৰিব পৰা হয়। নিজ মনৰ সৰল ভাব-অনুভূতিও কথাৰে বৰ্ণনা কৰিব পাৰে। সকলো বস্তুকে নিজৰ দৰে প্ৰাণৱান বুলি ভাবে। মনত কল্পনাৰ প্ৰভাৱ অধিক বৃদ্ধি পায় আৰু তাৰ ফলত শিশুৱে বাস্তৱ আৰু কল্পনাৰ মাজত ব্যৱধান বিচাৰ কৰিব নোৱাৰা হয়। খেলা-ধূলাৰ পুতলা আৰু আহিলা-পাতিবোৰে খেলাৰ কাল্পনিক আনন্দ দিব পাৰে। গল্প শুনা আৰু কোৱা, ছবি অধ্যয়ন আদিৰ প্ৰতি আগ্ৰহী হৈ উঠে। শিশুৰ যাৱতীয় ক্ৰিয়া আচৰণবোৰত আনক অনুকৰণ কৰাৰ প্ৰবৃত্তি প্ৰৱল হৈ উঠাটো লক্ষ্য কৰিব পাৰি।

(গ) তিনি বছৰৰ পৰা ছবছৰলৈঃ এই সময়খিনি শিশুৰ মানসিক বিকাশ কিছু পৈণতাৰ পথত আগুৱাই যোৱাৰ সময়। শিশুৰ মুখত শব্দ উচ্চাৰণ, উপযুক্তভাৱে শব্দৰ প্ৰয়োগ, আপেক্ষিকভাৱে দীঘল আৰু জটিল বাক্য বুজিব আৰু ক’ব পৰা হোৱা আদি ভাষিক ক্ষমতাৰ বিকাশ এই সময়ত লক্ষ্য কৰিব পাৰি। কেৱল কথিত ভাষাই নহয় পঠিত আৰু লিখিত ভাষাজ্ঞানো শিশুৱে সীমিতভাৱে লাভ কৰিব পাৰে। চমুকৈ ক’ব পাৰি যে তাৰ কথন, পঠন আৰু লিখন ক্ৰমে অৰ্থযুক্ত হৈ আহিবলৈ ধৰে। এনে এক মানসিক অৱস্থাৰ হেতুকে শিশুৱে চিহ্ন প্ৰয়োগৰ ক্ষমতা লাভ কৰি উঠে। ভাষা আৰু সংখ্যাৰ সাংকেতিক প্ৰয়োগ সি বুজি উঠিব পাৰে আৰু তাৰ প্ৰয়োগ কৰিব পৰা হয়।

এই সময়ছোৱাত শিশু-পৰিৱেশৰ পৰিসৰ অধিক ব্যাপক আৰু বহল হৈ উঠে। তাৰ ক্ৰীড়াক্ষেত্ৰ আৰু কৰ্মক্ষেত্ৰ ঘৰখনৰ বাহিৰলৈ সম্প্ৰসাৰিত হয়। অধিক নতুন নতুন বস্তু আৰু বিষয়ৰ সংবেদন তথা সংবোধন লাভ হয়। এনে এক অৱস্থাই শিশুৰ মানসিক ক্ৰিয়াৰ পৰিসৰ স্বাভাৱিকতেই বৃদ্ধি কৰি তোলে আৰু প্ৰাপ্ত জ্ঞান-অভিজ্ঞতাই মানসিক বিকাশৰ পথ ক্ৰমে প্ৰশস্ত কৰি তোলে। শিশুৰ স্মৃতিশক্তি উন্নত হয় আৰু মনোযোগ প্ৰদানৰ সময় পৰিমাণ বৃদ্ধি পায়। কাল্পনিক খেলা-ধূলাৰ প্ৰভাৱো অব্যাহত থাকে। মন গ’লে নিজে নিজে লিখা-পঢ়া কৰিব পৰা হয়। নিজে সন্মুখীন হোৱা সৰু-সুৰা কথা ভাবিব বা চিন্তা কৰিব পাৰে আৰু নিজে চিন্তাৰে তাৰ উত্তৰ দান কৰিবও পাৰে। ছবছৰ বয়সত এটি শিশু প্ৰাথমিক স্কুলত ভৰ্তি হবৰ সময়ত দেখা যায় যে সি মানসিক ক্ৰিয়া-কলাপৰ ক্ষেত্ৰত বহু পৰিমাণে আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দিব পাৰে।

এই সময়ৰ শিশুৰ আন এটি মানসিক বৈশিষ্ট্য হৈছে সি কিছু পৰিমাণে ব্যক্তিত্ব সচেতনতা লাভ কৰি উঠাটো। নিজ ভাব-চিন্তা আৰু মানসিক ক্ৰিয়া সক্ষমতাৰে সি নিজ ব্যক্তিত্বৰ অস্তিত্ব অনুভৱ কৰে। অৱশ্যে আনৰ লগত সহযোগ কৰা, অভিজ্ঞতা আহৰণত অংশগ্ৰহণ কৰা আৰু আনৰ চিন্তা-বিচাৰ-বিবেচনা আদি নিৰ্বিবাদে গ্ৰহণ কৰাৰ প্ৰবৃত্তিও এই সময়ত প্ৰবল হয়।

(ঘ) বাল্যকালৰ শেহতীয়া অৱস্থাঃ এই সময়ছোৱাত প্ৰাথমিক স্কুলৰ বৌদ্ধিক ক্ৰিয়া-কলাপ আৰু নিয়মতান্ত্ৰিকভাৱে পৰিচালিত শিক্ষা পৰিৱেশে শিশুৰ মানসিক শক্তি আৰু ক্ষমতাসমূহ অধিক শৃংখলাবদ্ধ কৰি তোলে। শিক্ষকৰ আনুগত্য আৰু নীতি-নিয়মৰ অনুগামী হোৱাৰ এক মনোবৃত্তি শিশু আচৰণত পৰিলক্ষিত হয়। পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ৰ অধ্যয়ন তথা খেলা-ধূলা আৰু ক্ৰিয়া অংশগ্ৰহণৰ বিভিন্ন অভিজ্ঞতাই শিশু-মনৰ আগ্ৰহ-অভিৰুচি নিৰ্বাচিত বিধৰ কৰি তোলে। ভাল লগা বিষয়ৰ প্ৰতি অধিক মনোযোগী হোৱা আৰু বেয়া লগা বিষয়ৰ প্ৰতি মনোযোগৰ অভাৱ হোৱা দেখা যায়। শিশুৰ বোধশক্তি অধিক বৃদ্ধি পায় আৰু সি নিজৰ চিন্তা বুদ্ধি প্ৰয়োগ কৰি কোনো কথা বা বিষয় বিচাৰ কৰি চাব পাৰে। নিজ মনৰ অহংকেন্দ্ৰিকতাৰ ভাব আৰু আচৰণ কমি আহে আৰু নিজৰ সান্নিধ্যলৈ অহা ব্যক্তি বিশেষক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। কোনো লোকৰ ব্যক্তিত্ব আৰু তেওঁৰ গুণ বা ক্ৰিয়া আচৰণে আকৰ্ষণ কৰিলে তেওঁৰ প্ৰতি গুণমুগ্ধ হৈ পৰে আৰু তাক অনুকৰণ কৰিবলৈ বিচাৰে।

শিশুৰ স্মৃতি, কল্পনা, মনোযোগ আদি মানসিক শক্তি-ক্ষমতাবোৰৰো এই সময়ত উল্লেখযোগ্য পৰিৱৰ্তন হয়। পূৰ্বৰ ফটোগ্ৰাফৰ দৰে স্মৃতিৰ প্ৰভাৱ কমি গৈ সি ক্ৰমে যুক্তি সাপেক্ষে আৰু ব্যক্তিনিষ্ঠ বিধৰ স্মৃতিত পৰিণত হয়। কল্পনাৰ ক্ষেত্ৰতো দেখা যায় যে পূৰ্বৰ দৰে অবাস্তৱ আৰু অলীক কল্পনাৰ প্ৰভাৱে এই সময়ত ল’ৰা-ছোৱালীক গতি-চঞ্চল কৰি তুলিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে কল্পনাই সৃজনাত্মক আৰু গঠনাত্মক ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰে। নিজস্ব চিন্তা আৰু বৌদ্ধিক ক্ৰিয়া-কলাপত ক্ৰমান্বয়ে অধিক সময়ৰ বাবে মনোনিৱেশ কৰিব পৰা হয়। প্ৰকৃতিৰ সৌন্দৰ্য আৰু ৰহস্য আদিৰ প্ৰতিও সিহঁতৰ মনত আশ্চৰ্য আৰু কৌতূহলৰ ভাব সৃষ্টি হয়। সেয়েহে দেখা যায় যে শেহতীয়া বাল্যকালৰ পৰ্যায়ত ল’ৰা-ছোৱালীৰ মানসিক অৱস্থাই বৌদ্ধিক আৰু সামাজিক দিশৰ ফালে অগ্ৰগতি লাভ কৰে।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

3.13043478261
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top