অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মানসিক বিকাশৰ বিভিন্ন দিশঃ

শিশুৰ মানসিক বিকাশৰ বিভিন্ন দিশ আলোচনা কৰা হৈছে

 

সংবেদনঃ

 

সংবেদনৰ অৰ্থঃ সংবেদন হৈছে জীৱ মাত্ৰই পৰিৱেশৰ সংস্পৰ্শত লাভ কৰা সৰ্বপ্ৰথম সবলতম দৈহিক অভিজ্ঞতা। জীৱদেহৰ ইন্দ্ৰিয়সমূহ পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ দ্বাৰা আকৰ্ষিত হয়। উদ্দীপকৰ সংস্পৰ্শই যি ইন্দ্ৰিয়ানুভূতিৰ সৃষ্টি কৰি মস্তিষ্ক সচেতন আৰু সক্ৰিয় কৰি তোলে সেয়ে সংবেদন। এই সংবেদনেই ক্ৰমে ব্যক্তিৰ মন আৰু মানসিক ক্ৰিয়া ৰচনা কৰে। দেহৰ পাঁচবিধ বিশেষ ইন্দ্ৰিয়, যেনে- চকু, কাণ, নাক, জিভা আৰু ছালৰ দ্বাৰা ক্ৰমে দৃষ্টি, শব্দ, ঘ্ৰাণ, স্বাদ আৰু স্পৰ্শ সংবেদন অনুভৱ কৰা হয়। ইয়াৰ উপৰিও বিশেষজ্ঞসকলৰ মতে আমি আন দুবিধ সংবেদন অনুভূতি লাভ কৰো, সি হৈছে- দেহৰ পেশী, সন্ধি আৰু টেণ্ডণ সমূহৰ যোগে পেশী অথবা গতি সংবেদন আৰু পাকস্থলীৰ অংশবিশেষৰ যোগে জৈৱিক সংবেদন। এনে দৈহিক সংবেদন অনুভূতিবোৰৰ প্ৰধান বৈশিষ্ট্য হৈছে যে এইসমূহ ইয়াৰ প্ৰকৃত ৰূপত অৰ্থহীন, অস্পষ্ট আৰু এক বিমূৰ্ত দৈহিক অভিজ্ঞতাহে মাথোন। ই ক্ৰমে সংবোধনত পৰিণত হৈ অৰ্থযুক্ত মানসিক অৱস্থাৰ গঢ় দি তোলে যদিও সংবেদন এক জ্ঞানহীন অৱস্থাহে মাথোন। সংবেদন অনুভূতিৰ অভিজ্ঞতাই ব্যক্তিৰ মানসিক ক্ৰিয়া আৰু জ্ঞান-ধাৰণাৰ সমলহে যোগায়।

সংবেদন অনুভূতিৰ বিকাশঃ

 

মাতৃগৰ্ভত ভ্ৰূণৰ স্নায়ৱিক গাঠনি সম্পূৰ্ণ হৈ উঠাৰ লগে লগে সংবেদন অনুভূতি লাভ কৰিবলৈ সমৰ্থ হয়। বিশেষজ্ঞসকলে এই দিশত কৰা অধ্যয়নৰ পৰা জানিব পৰা হৈছে যে পৰিপুষ্ট ভ্ৰূণৰ পৰ্যায়ত গৰ্ভস্থ সন্তানে স্পৰ্শ সংবেদন, শব্দ সংবেদন আৰু দৃষ্টি সংবেদন অনুভূতিৰ প্ৰতিক্ৰিয়া কৰিব পাৰে। অৱশ্যে এই পৰ্যায়ৰ সংবেদন অনুভূতিৰ প্ৰতিক্ৰিয়া হয় অস্বাভাৱিকভাৱে দুৰ্বল। তথাপিও জন্মৰ সময়ত শিশুৰ প্ৰধান ইন্দ্ৰিয় কেইবিধৰ যোগে পৃথিৱীৰ নতুন পৰিৱেশৰ সংবেদন অভিজ্ঞতা লাভ কৰি উঠিব পৰাকৈ দেহৰ স্নায়ুতন্ত্ৰ সক্ষম হৈ উঠে।

নৱজাত শিশুৱে দৃষ্টি সংবেদনৰ ফলস্বৰূপে পোহৰৰ প্ৰতি চকু মেলি চায় আৰু তীব্ৰ পোহৰ চকুত লাগিলে অস্বস্তিৰ ভাব প্ৰদৰ্শন কৰে। সেইদৰে আন্ধাৰ পৰিৱেশৰ প্ৰতিও শিশুৱে অস্বস্তি অনুভৱ কৰে। অৱশ্যে তাৰ চাৰিওফালৰ কম উদ্দীপন শক্তিযুক্ত বিভিন্ন বস্তু, বিষয় আৰু ব্যক্তিৰ প্ৰতি শিশুৱে তেনে কোনো দৰ্শনীয় প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। এইবোৰৰ প্ৰতি সি সাধাৰণভাৱে প্ৰতিক্ৰিয়াহীন আৰু আওকণীয়া হৈ থাকে। পৰৱৰ্তী কালত তাৰ পুনৰাবৃত্তিয়েহে ক্ৰমে শিশুৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ধৰে। বিশেষজ্ঞসকলে লক্ষ্য কৰে যে জন্মৰ প্ৰায় দুদিনৰ ভিতৰত শিশুৱে তাৰ চকু দুটাৰ সঞ্চালন ক্ৰিয়াৰ সমন্বয় সাধন কৰি উঠিবলৈ সক্ষম হয়।

শব্দ উদ্দীপকৰ প্ৰতিও শিশুৱে প্ৰতিক্ৰিয়া কৰিব পাৰে। তীব্ৰ শব্দ কাণত পৰিলে সি উচপ খাই উঠি হাত-ভৰি লৰায় আৰু শ্বাস-প্ৰশ্বাস ক্ৰিয়া বাধাপ্ৰাপ্ত হয়। অৱশ্যে সচৰাচৰ প্ৰাপ্তবয়স্কসকলে কোমল স্বৰ বা শব্দৰ প্ৰতি যি প্ৰতিক্ৰিয়া কৰিব পাৰে শিশুৱে তেনে অৱস্থাত কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব নোৱাৰে। শব্দৰ আকস্মিকতা, তীব্ৰতা, বাৰংবাৰতা আৰু স্থায়িত্ব আদিয়েহে নৱজাত শিশুৰ সংবেদন আৰু প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে।

আন আন সংবেদন অনুভূতিৰ তুলনাত শিশুৱে স্বাদ সংবেদনৰ প্ৰতিক্ৰিয়া অধিক স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে। মুখত মিঠা বস্তুৰ স্পৰ্শ দিলে চুপিবলৈ বিচাৰে আৰু লুণীয়া, টেঙা বা তিতা বস্তু দিলে মুখ আঁতৰায় আৰু অস্বস্তিৰ ভাব প্ৰকাশ কৰে। স্পৰ্শ অনুভূতিৰ ক্ষেত্ৰতো শিশুৰ প্ৰতিক্ৰিয়া সহজে পৰিলক্ষিত হয়। অৱশ্যে শৰীৰৰ বিভিন্ন অংশত এইবিধ সংবেদনৰ অনুভূতি কিছু তাৰতম্য হোৱাটো লক্ষ্য কৰা হয়। শিশুৰ মুখমণ্ডল তাৰ দেহৰ নিম্ন অংশৰ ভৰি দুখনতকৈ অধিক সংবেদনশীল হোৱা দেখা যায়। দেহৰ শীত-তাপ কষ্ট আৰু হেঁচা আদি স্পৰ্শ অনুভূতিৰ প্ৰতিক্ৰিয়া শিশুৱে নিজ আচৰণৰ যোগেদি প্ৰকাশ কৰিব পাৰে।

শিশুৰ সংবেদন অনুভূতিৰ ক্ষেত্ৰত মন কৰিবলগীয়া যে এইসমূহৰ প্ৰকাশ বা প্ৰতিক্ৰিয়া তাৰ দৈহিক পৰিৱৰ্তন আৰু আচৰণৰ যোগেদি এক অস্পষ্টভাৱেহে পৰিলক্ষিত হয়। এনেবোৰ সংবেদন অনুভূতিৰ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত তাৰ সৰ্বশৰীৰ এক ব্যাপক আৰু বিস্তৃতভাৱে পৰিৱৰ্তিত হয়। ইয়াৰ অভিজ্ঞতাও শিশুৰ বাবে জ্ঞানবিহীন হৈ ৰয়, মাথোন সুখদায়ক অথবা দুখদায়ক অনুভূতি স্বৰূপেহে সাধাৰণভাৱে তাক পৃথক কৰিব পৰা হয়। শিশুৰ এনে ব্যাপ্ত, অস্পষ্ট আৰু দৈহিক অনুভূতিবোৰৰ সেয়েহে স্বৰূপ ব্যাখ্যা দিয়াটো কঠিন। ক্ৰমে এনেবোৰ অনুভূতিৰ পুনৰাবৃত্তিৰ যোগে শিশুৰ মানসিক জীৱন গঢ় লৈ উঠাৰ লগে লগেহে তাৰ প্ৰতিক্ৰিয়াসমূহ স্পষ্ট আৰু সুনিৰ্দিষ্ট বিধৰ হৈ আহিবলৈ ধৰে।

শিশুৰ সংবেদন অনুভূতিৰ কেতবোৰ বিশেষত্বঃ

 

ওপৰত কৰা আলোচনাৰ পৰা শিশুৰ সংবেদন অনুভূতিৰ কেতবোৰ মূল বিশেষত্ব নিম্নলিখিতভাৱে চমুকৈ উল্লেখ কৰিব পাৰি।

(১) জ্ঞানবিহীন ৰূপত শিশুৱেহে প্ৰকৃত সংবেদনৰ অভিজ্ঞতা লাভ কৰে। বয়সস্থসকলৰ সংবেদন লগে লগেই অৰ্থযুক্ত হৈ পৰি সংবোধনত পৰিণত হয়। কিন্তু শিশুৱে তাৰ অনভিজ্ঞতাৰ হেতুকে সংবেদন অনুভূতিৰ অৰ্থ বা ব্যাখ্যা প্ৰদান কৰিব নোৱাৰে।

(২) চালুকীয়া শিশুৰ সংবেদন ক্ষমতা অত্যন্ত দুৰ্বল। উদ্দীপকৰ তীব্ৰতা, স্থায়িত্ব, গতিশীলতা আৰু পুনৰাবৃত্তি আদিৰ ওপৰত তাৰ সংবেদন ঘাইকৈ নিৰ্ভৰ কৰে। এনেবোৰ অৱস্থাৰ অভাৱ হোৱা বস্তু বা বিষয়ে শিশুৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে।

(৩) প্ৰথম অৱস্থাত শিশুৰ সংবেদন অভিজ্ঞতা এক অস্পষ্ট আৰু ব্যাপক পৰিসৰৰ দৈহিক পৰিৱৰ্তন আৰু প্ৰতিক্ৰিয়াৰ বাহিৰে আন একো নহয়। এনে প্ৰতিক্ৰিয়াৰ পুনৰাবৃত্তিয়েহে ক্ৰমে অভিজ্ঞতা গঢ় দি তোলে আৰু সংবেদন অনুভূতিৰ বিশিষ্টতা পৰিলক্ষিত হ’বলৈ ধৰে।

(৪) শিশুৰ জ্ঞানহীন সংবেদন অনুভূতি সংবোধক অথবা প্ৰত্যক্ষ জ্ঞান-অভিজ্ঞতা, স্মৃতি, শিক্ষা আৰু স্নায়ৱিক ক্ৰিয়া প্ৰখৰতা আদিৰ প্ৰয়োজন।

সংবেদনৰ শিক্ষা অনুশীলনঃ

 

শিশুৰ সংবেদন অনুভূতি স্বাভাৱিকতেই অপৈণত, দুৰ্বল আৰু অস্পষ্ট বিধৰ হোৱা বাবে তাৰ পৰিৱেশৰ পৰা উপযুক্তভাৱে অভিজ্ঞতা আহৰণ কৰি উঠিব নোৱাৰে। আনহাতে পৰিৱেশৰ পৰা উপযুক্ত আৰু যথোচিতভাৱে সংবেদন অনুভূতিৰ অভিজ্ঞতা লাভ কৰিব নোৱাৰিলে শিশুৰ মানসিক বিকাশ স্বাভাৱিক হৈ উঠিব নোৱাৰে। এনে কাৰণতে শিক্ষাবিদ আৰু শিক্ষা-মনোবিজ্ঞানীসকলে শিশু-শিক্ষাৰ বেলিকা জ্ঞানেন্দ্ৰিয়সমূহৰ সংবেদন অনুশীলনৰ ওপৰত বিশেষ গুৰুত্ব দিছে। ইয়াৰ শিক্ষাইহে শিশুৰ মানসিক ক্ৰিয়া বিকাশৰ এক সুদৃঢ় ভেটি স্থাপন কৰিব পাৰে।

সংবেদনৰ শিক্ষা অনুশীলন বুলিলে আমি কি বুজো, এই কথা প্ৰথমতেই স্পষ্ট হোৱাটো প্ৰয়োজন। শিশুৰ কোনো জন্মগতভাৱে থকা দোষ মুক্ত আৰু স্বাভাৱিক কৰি তোলাটো অথবা সহজাতভাৱে লাভ কৰা দুৰ্বল আৰু নিষ্ক্ৰিয় স্নায়ুযন্ত্ৰৰ গাঠনি সক্ৰিয় কৰি তোলাটো ইয়াৰ উদ্দেশ্য নহয়। সেইবাবে চকুৰে নেদেখা বা কাণেৰে নুশুনা শিশুক দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দান কৰাটো অথবা মূৰ্খ ল’ৰাক জ্ঞানী কৰি তোলাটো ইয়াৰ দ্বাৰা সম্ভৱ নহয়। সংবেদন অনুশীলনৰ প্ৰধান উদ্দেশ্য হৈছে শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহৰ স্বাভাৱিক ক্ৰিয়া-কলাপ অধিক প্ৰখৰ, শৃখলাবদ্ধ আৰু পৈণত কৰি তোলা যাৰ ফলস্বৰূপে পৰিৱেশৰ পৰা যি প্ৰকৃত আৰু যথাৰ্থ জ্ঞান লাভ কৰিব পাৰে আৰু তাৰ একো একোটা সুস্পষ্ট অৰ্থ আৰু অভিজ্ঞতা নিজস্বভাৱে পাব পাৰে। উদাহৰণস্বৰূপে স্পৰ্শ সংবেদনৰ শিক্ষা অনুশীলনৰ দ্বাৰা বস্তুৰ টান-কোমল, খহটা-মিহি, গৰম-চেঁচা আদি পৃথক সংবেদন অনুভূতিৰ অভিজ্ঞতা পাব পাৰে। অনুভূতিৰ এক সূক্ষ্ম বিশ্লেষণৰ ক্ষমতা লাভ কৰি উঠিব পাৰিলেহে পৰিৱেশৰ বিভিন্ন বস্তু আৰু বিষয়ৰ পৰা শিশুৱে সঠিক আৰু শুদ্ধ জ্ঞান-অভিজ্ঞতা লাভ কৰিব পাৰে। শিশুৰ উপযুক্ত প্ৰতিক্ৰিয়া আৰু পৰৱৰ্তী কালৰ মানসিক বিকাশ তাৰ ইন্দ্ৰিয় অনুভূতিৰ এনে সূক্ষ্ম বিশ্লেষণ ক্ষমতাৰ ওপৰত বিশেষ নিৰ্ভৰ কৰে।

শিশুৰ সংবেদন অনুশীলনত মণ্টেচৰী পদ্ধতিৰ ভূমিকাঃ

 

শিশুৰ মানসিক বিকাশত সংবেদন অনুশীলনৰ গুৰুত্ব উপলব্ধি কৰা বাবেই মণ্টেচৰীৰ শিশু-শিক্ষা পদ্ধতিৰ জনপ্ৰিয়তা সৰ্বাধিক। অৱশ্যে শিক্ষা সমালোচকসকলৰ দৃষ্টিত এই পদ্ধতি সম্পূৰ্ণ দোষমুক্ত নহয়। তথাপি এগৰাকী শৰীৰ বিজ্ঞানী স্বৰূপে মণ্টেচৰীয়ে শিশুৰ ইন্দ্ৰিয়ানুশীলনৰ যি এক বিজ্ঞানসন্মত পদ্ধতি ৰচনা কৰিলে সি শিক্ষা জগতত অনন্য। তাৰ এটি চমু আভাষ এইখিনিতে দাঙি ধৰাটো প্ৰয়োজন।

ইন্দ্ৰিয়ানুশীলনৰ বাবে শিশুৱে নিজ হাতে প্ৰত্যক্ষভাৱে প্ৰয়োগ কৰিব পৰাকৈ কেতবোৰ আহিলা তেওঁ উদ্ভাৱন কৰে যাক আত্ম-নিৰ্দেশনামূলক সঁজুলি স্বৰূপে জনা যায়। এইবোৰ হৈছে বিভিন্ন ৰং, আকাৰ আৰু প্ৰকাৰৰ কাঠৰ টুকুৰা, বাকচ, সৰু সৰু টেবুল আৰু আন কেতবোৰ বস্তু। তেওঁৰ শিশু শিক্ষণ পদ্ধতিক ঘাইকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। ইয়াৰ প্ৰথমটো হৈছে সঞ্চালনমূলক শিক্ষা, দ্বিতীয়টো সংবেদনাত্মক শিক্ষা আৰু তৃতীয়টো ভাষা শিক্ষা।

শিশুৰ সঞ্চালনাত্মক গতিশক্তি সম্বন্ধীয় আচৰণ যেনে- থিয় হোৱা, বহা, খোজ কঢ়া, বস্তু হাতেৰে ধৰা, নিজ দেহৰ যতন লোৱা, ঘৰুৱা কাম-বন কৰা আদিৰ প্ৰয়োজনীয় শিক্ষা দিয়া হয়। এনেবোৰ আচৰণৰ বেলিকা শুদ্ধ আৰু উপযুক্ত অংগ সঞ্চালন ক্ৰিয়াত প্ৰয়োজন অনুসৰি শিক্ষকে শিশুক সহায় কৰিব লাগে। অংগ সঞ্চালনৰ এনে শিক্ষণ কাৰ্যত কোনো কোনো সময়ত সংগীতৰ তাল আৰু লয়ৰো সহায় লোৱা হয়।

সংবেদনাত্মক শিক্ষা দানৰ বাবে আত্ম-নিৰ্দেশনামূলক সঁজুলিবোৰক আহিলা স্বৰূপে প্ৰয়োগ কৰা হয়। কাঠৰ বিভিন্ন ৰং, আকাৰ আৰু প্ৰকাৰৰ সঁজুলিবোৰ শিশুৱে নিজ হাতে ব্যৱহাৰ কৰি তাৰ পৰা নানা ধৰণৰ বস্তু সাজি উলিয়াব পাৰে। তাৰ যোগেদি কাঠৰ টুকুৰাবোৰত গুণগত অৱস্থা আৰু তাৰ উপযুক্ত প্ৰয়োগ পদ্ধতি সম্বন্ধীয় অভিজ্ঞতা শিশুৱে নিজে কাৰ্যকৰীভাৱে লাভ কৰি উঠিব পাৰে। এই সঁজুলিবোৰ প্ৰয়োগৰ মনোবৈজ্ঞানিক উদ্দেশ্য হৈছে-

(১) শিশুৱে ইয়াৰ যোগেদি বিভিন্ন আকাৰৰ মাজত পাৰ্থক্য অনুভৱ কৰিব পাৰে।

(২) অংশবোৰৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য বিবেচনা কৰিব পাৰে আৰু

(৩) তাৰ ব্যক্তিগত প্ৰয়োগৰ যোগেদি ব্যৱহাৰিক জ্ঞান লাভ কৰি উঠিব পাৰে।

এইদৰেই সংবেদন অনুভূতিৰ সুক্ষ্ম বিশ্লেষণ কৰাটো শিশুৰ বাবে সম্ভৱ হৈ উঠে।

সংবেদনাত্মক শিক্ষাৰ অন্তত শিশুক ভাষা আৰু সংখ্যাৰ মৌলিক জ্ঞান দিয়াৰ প্ৰয়োজনীয়তা মণ্টেচৰীয়ে অনুভৱ কৰে। এই ক্ষেত্ৰত শিশুৱে প্ৰথম নিজে লিখিবলৈ অভ্যাস কৰিব লাগে। ‘চেণ্ড পেপাৰ’ নামৰ এবিধ বিশেষ ধৰণে নিৰ্মিত আখৰৰ ওপৰত শিশুৱে আঙুলি বুলাব লাগে। ইয়াৰ যোগেদি সি আখৰৰ এক স্পৰ্শ সংবেদন আৰু সঞ্চালনাত্মক প্ৰতিৰূপ লাভ কৰিব পাৰে। আখৰৰ চাক্ষুস সংবেদনৰ লগত তাৰ উচ্চাৰণৰ যোগে শব্দ সংবেদন সংযোগ কৰা হয়। এইদৰে দৃষ্টি, শব্দ, স্পৰ্শ আদি একাধিক অনুভূতি প্ৰদানৰ যোগে শিশুক আখৰ আৰু শব্দ সম্বন্ধে প্ৰত্যক্ষ জ্ঞান দিয়া হয়। জ্ঞানৰ বেলিকাও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হয়।

সংবোধনঃ

 

সংবোধনৰ অৰ্থঃ অৰ্থহীন, বিমূৰ্ত সংবেদন অনুভূতিৰে অৰ্থপূৰ্ণ কৰি তোলা মানসিক ক্ৰিয়াই সংবোধন। ইন্দ্ৰিয়যোগে পোৱা পৰিৱেশীয় উদ্দীপনাৰ অভিজ্ঞতা ইয়াৰ প্ৰাৰম্ভিক অৱস্থাত আমাৰ বাবে অস্পষ্ট আৰু নিৰৰ্থক হৈ ৰয়। মস্তিষ্কই এনে অভিজ্ঞতাৰ চাপ গ্ৰহণ কৰাৰ পিছত মানসিকভাৱে সক্ৰিয় হৈ উঠে। ইয়াৰ ফলস্বৰূপে প্ৰাপ্ত ইন্দ্ৰিয়ানুভূতিৰ অস্পষ্টতা দূৰ কৰি ইয়াৰ এটা অৰ্থ, ব্যাখ্যা অথবা জ্ঞান প্ৰদান কৰে। সংবেদন অনুভূতিৰ এই জ্ঞানমুক্ত কৰি তোলা অৱস্থাই সংবোধন। এনে সংবোধন বা জ্ঞান প্ৰদান কাৰ্যত ব্যক্তি মনৰ বিশেষ ক্ৰিয়া-প্ৰচেষ্টা জড়িত। ইয়াৰ বাবে মনৰ পূৰ্ব সঞ্চিত অভিজ্ঞতাৰ সহায়েৰে প্ৰাপ্ত সংবেদন অনুভূতিৰ সাদৃশ্যকৰণ, বৈসাদৃশ্যকৰণ, সন্মিলিতকৰণ আদি ক্ৰিয়া সংঘটিত হয়। ইয়াৰ পৰিণতি স্বৰূপেহে মনৰ অৰ্থ প্ৰদান কাৰ্য সম্ভৱ হৈ উঠে। এই সংবোধন বা জ্ঞান লাভৰ কাৰ্যকৰী অৱস্থাটোৰ বিষয়ে ইতিপূৰ্বে মণ্টেচৰী পদ্ধতিত আলোচনা কৰি অহা হৈছে।

সংবোধন হৈছে ব্যক্তিৰ এক সুস্পষ্ট মানসিক ক্ৰিয়া। ইয়াৰ বাবে মনৰ সঞ্চিত আৰু বিস্তৃত অভিজ্ঞতা, অতীত স্মৃতি, সংবেদন অনুভূতিৰ তীব্ৰতা আৰু সুক্ষ্ম বিশ্লেষণ ক্ষমতা, পৰিস্থিতিৰ অভিৰোচন ক্ষমতা আৰু ব্যক্তি মনৰ আগ্ৰহ, মনোযোগ আদিৰ প্ৰয়োজন। সেয়েহে সংবেদন অনুভূতিৰ শুদ্ধ আৰু উপযুক্ত জ্ঞান বা সংবোধন সকলোৱে সমানে লাভ কৰিব নোৱাৰে। অতীত অভিজ্ঞতাবিহীন নৱজাত শিশুৱে সংবোধন লাভ কৰিব নোৱাৰে। অৱশ্যে বয়সস্থসকলে তেওঁলোকৰ অতীত অভিজ্ঞতাৰ সহায় লৈ নিজ নিজ ভাবে সংবেদন অনুভূতিৰ অৰ্থ প্ৰদান কৰে। অতীত জ্ঞান-অভিজ্ঞতাৰ সহায়েৰে সকলোবোৰ সংবেদন অনুভূতিৰেই কিবা নহয় কিবা অৰ্থ প্ৰদান কৰি সংবোধন লাভ কৰাটো তেওঁলোকৰ বাবে সম্ভৱ হয়। সংবেদন তৎকালেই সংবোধনত পৰিণত হোৱা বাবে সংবেদনৰ পৃথক অস্তিত্ব আৰু অভিজ্ঞতা তেওঁলোকে অনুমান কৰিব নোৱাৰে। অনভিজ্ঞ শিশুৰ বেলিকাহে এই দুয়োটাৰে পৃথক অভিজ্ঞতা অনুভূত হয়।

সংবোধনৰ বিকাশ আৰু শিশুৰ সংবোধনৰ প্ৰভাৱঃ

 

শিশু মনত তাৰ প্ৰাৰম্ভিক অৱস্থাত হোৱা জ্ঞান বিকাশৰ মনোবৈজ্ঞানিক অধ্যয়ন বিশেষ আকৰ্ষণীয় বিষয়। প্ৰায় দুবছৰ বয়সৰ পিছৰ পৰা শিশুৱে তাৰ সংবেদন অনুভূতিবোৰৰ সামান্যভাৱে অৰ্থ প্ৰদান কৰিব পৰা হয়। প্ৰথম অৱস্থাত তাৰ ইন্দ্ৰিয়ৰ আগত যি বস্তু বা ব্যক্তি উপস্থিত থাকে তাৰ সহজ-সৰল আৰু পোনপটীয়া জ্ঞানহে সি লাভ কৰিব পাৰে। সংবেদনৰ পৰা পোৱা সংবোধন হৈ পৰে বস্তুগত, পোনপটীয়া ইন্দ্ৰিয়ানুভূতি সাপেক্ষে আৰু বিশ্লেষণহীন। উদাহৰণস্বৰূপে সময় সংকেত দিয়া ঘণ্টাৰ শব্দ দূৰৰ পৰা আহি কাণত পৰিলে ‘ঘণ্টা’ বুলি সি ক’ব পাৰে, কিন্তু সি কেইটা বজাৰ সময় সংকেট তাক ক’ব নোৱাৰে। চেনি আৰু নিমখ একে ঠাইতে থ’লে দুয়োটাৰে পাৰ্থক্য বিবেচনা কৰিব নোৱাৰে। চেনিৰ দৰে গুৰি সকলোবোৰ বস্তুৱেই তাৰ বাবে চেনি। সেইদৰে মাকৰ দৰে সকলোবোৰ মহিলাই ‘মা’ আৰু নিজ মোমায়েকৰ বয়সৰ সকলোবোৰ লোকেই ‘মামা’। এই সময়ৰ শিশুৰ ক্ৰিয়া আচৰণ লক্ষ্য কৰিলে এনে বহুতো দৃষ্টান্ত আমাৰ চকুত পৰে। পৰৱৰ্তী কালৰ আৰু সঠিক অভিজ্ঞতাৰ যোগে ভুলৰ সংশোধন আৰু অভিজ্ঞতাৰ ক্ৰমে বিস্তৃতিয়েহে শিশুমনত ইন্দ্ৰিয়ানুভূতিৰ বিশ্লেষণাত্মক ক্ষমতা জগাই তুলিবলৈ শিশুক এই সময়ত সংবেদন শিক্ষা-অনুশীলনৰ প্ৰয়োজন।

ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে সংবোধন লাভৰ ক্ষেত্ৰত শিশুৰ বিশেষ সীমাবদ্ধতা থাকে। বয়সস্থসকলৰ দৰে শিশুৱে নিজ পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা যথোচিতভাৱে জ্ঞান আহৰণ কৰিব নোৱাৰে। সংবেদন অনুভূতিৰ শুদ্ধ অৰ্থ বা ব্যাখ্যা দান কৰিব নোৱাৰি বহু সময়ত ভুলৰ বশৱৰ্তী হ’ব লগা হয়। সংবেদন অনুভূতিৰ উপযুক্ত ব্যাখ্যা বা অৰ্থপ্ৰদানত ব্যৰ্থ হৈ ভুলকৈ সংবোধন তথা অৰ্থপ্ৰদান কৰা কাৰ্যকে ভ্ৰান্ত-সংবোধন বা ভ্ৰান্ত-প্ৰত্যক্ষ বুলি জনা যায়। উল্লেখযোগ্য যে সকলোৱেই কম-বেছি পৰিমাণে নিজ নিজ জ্ঞান লাভৰ বেলিকা ইয়াৰ প্ৰভাৱত পৰে। সংবেদনৰ বিষয়বস্তুৰ দূৰত অৱস্থিতি, তাৰ আকাৰ, গঠন আৰু বৰণৰ বৈশিষ্ট্য, উদ্দীপকৰ অৱস্থিতি আৰু তাৰ গতিশীলতা আৰু ব্যক্তিমনত পূৰ্ব প্ৰতিৰূপৰ প্ৰভাৱ আদি এনে ভ্ৰান্ত সংবোধনৰ কাৰণ স্বৰূপে উল্লেখ কৰিব পাৰি।

শিশুৱে বয়সস্থ সকলতকৈও অধিক সহজে ভ্ৰান্ত সংবোধনৰ প্ৰভাৱত পৰাৰ কেতবোৰ বিশেষ কাৰণ উল্লেখ কৰিব পাৰি। শিশুৰ সংবোধন স্বাভাৱিকতেই পোনপটীয়া, সহজ-সৰল আৰু বিশ্লেষণহীন। তাৰ অতীত অভিজ্ঞতাৰ পৰিমাণ অতি নগণ্য। শিশু মন স্বাভাৱিকতেই বাস্তৱ-বিমুখ আৰু কল্পনাপ্ৰিয়। অলীক কল্পনাই তাক বাস্তৱ জগতখনৰ সম্যক উপলব্ধিত বাধা দান কৰে। আৱেগ-অনুভূতিৰ প্ৰৱলতা আৰু নিয়ন্ত্ৰণহীনতাই বহু সময়ত পৰিস্থিতিৰ ভুল উপলব্ধি আৰু আচৰণৰ সৃষ্টি কৰে। এনেবোৰ কাৰণৰ হেতুকে শিশুৰ সংবোধন শুদ্ধভাৱে গঢ় লৈ উঠাটো কঠিন। শিশুক ভ্ৰান্ত সংবোধনৰ প্ৰভাৱমুক্ত কৰিবৰ বাবে সেয়েহে মণ্টেচৰী পদ্ধতিত প্ৰত্যক্ষ ইন্দ্ৰিয় অনুভূতি আৰু আত্ম-ক্ৰিয়া সম্পাদনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

শিশুৰ সংবোধনৰ বৈশিষ্ট্যঃ

 

বয়সস্থসকলৰ তুলনাত শিশুৰ সংবোধনৰ কেতবোৰ নিজস্ব বৈশিষ্ট্য থাকে যি তাৰ এই দিশত সীমাবদ্ধতা স্পষ্ট কৰি তোলে। এই প্ৰসংগত নিম্নলিখিত কথা কেইটা মন কৰিবলগীয়া।

(১) শিশুৰ সংবোধন সহজ-সৰল, ইন্দ্ৰিয়ানুভূতি সাপেক্ষ আৰু বিশ্লেষণহীন উদ্দীপকৰ পোনপটীয়া সংবেদনৰ দ্বাৰা সংবোধন প্ৰভাৱিত হয়।

(২) কোনো বস্তুৰ বিস্তৃত আৰু পৈণত জ্ঞান লাভ কৰাটো শিশুৰ বাবে অসম্ভৱ হৈ উঠে। পৰিৱেশৰ পৰা লাভ কৰা সংবোধন হয় সংক্ষিপ্ত আৰু অসমাপ্ত।

(৩) বিষয়বস্তু সম্বন্ধে উপযুক্ত জ্ঞান বা সংবোধন লাভৰ বাবে উদ্দীপকৰ পুনৰাবৃত্তিৰ প্ৰয়োজন। প্ৰথমবাৰৰ সংবেদন অনুভূতিয়ে শিশুমনত সংবোধনৰ সৃষ্টি নকৰিবও পাৰে।

(৪) শিশুৱে সংবেদনৰ উপযুক্ত সংবোধন লাভ কৰাটো উদ্দীপকৰ আকৰ্ষণীয়তাৰ ওপৰত নিৰ্ভৰ কৰে। দুৰ্বল উদ্দীপকে তাৰ মনত প্ৰয়োজনীয় প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে।

(৫) সংবোধন লাভৰ বাবে শিশুৰ মানসিক প্ৰস্তুতিৰো প্ৰয়োজন। নতুন বিষয়ৰ সংবোধন লাভৰ বাবে পূৰ্বপ্ৰদত্ত বিষয়ৰ সংবোধনৰ প্ৰভাৱ মনৰ পৰা গুচাব লাগে।

(৬) শিশুৰ সংবোধন লাভৰ বেলিকা ব্যক্তি পাৰ্থক্যৰ প্ৰশ্নও জড়িত সংবেদন অনুভূতিৰ তীক্ষ্ণতা, শিশুৰ বৌদ্ধিক উচ্চমান বিশিষ্টতা আৰু সংবেদনৰ শিক্ষা-অনুশীলনৰ ওপৰত সংবোধন ক্ষমতা নিৰ্ভৰ কৰে।

সংপ্ৰত্যয়ন বা ধাৰণাঃ

 

ইয়াৰ অৰ্থঃ দৈনন্দিন জীৱনৰ নতুন নতুন পৰিৱেশ আৰু পৰিস্থিতিত শিশুৱে নিত্য নতুন জ্ঞান-অভিজ্ঞতা আহৰণ কৰে। এই অভিজ্ঞতাসমূহ সময় অতিবাহিত হোৱাৰ লগে লগে মনত ক্ৰমান্বয়ে সঞ্চিত হ’বলৈ ধৰে। এই ক্ৰমসঞ্চিত আৰু ক্ৰমবৰ্ধিত জ্ঞান-অভিজ্ঞতাপূঞ্জ হৈছে আমাৰ পৰৱৰ্তী মানসিক ক্ৰিয়া আচৰণৰ মূল উপাদান বা কেঁচা সামগ্ৰীস্বৰূপ। পৰিৱেশৰ বস্তু বিশেষৰ পৰা লাভ কৰা এই জ্ঞান-অভিজ্ঞতাসমূহ মনৰ পৰ্যবেক্ষণ, বিশ্লেষণ, পৃথকীকৰণ, সংযোজন আৰু তুলনা আদি ক্ৰিয়াৰ যোগেদি এক সুসংবদ্ধ মত বা ধাৰণাত পৰিণত কৰা হয়। অভিজ্ঞতাক চালি-জাৰি চাই সংক্ষেপে তাৰ এক প্ৰতীক স্বৰূপে নিজ মনত ধাৰণা কৰা আৰু তাৰ এক নাম প্ৰদান কৰা এই কাৰ্যই হৈছে সংপ্ৰত্যয়ন, প্ৰত্যয় বা ধাৰণা। এনেদৰে গঢ় লৈউঠা ধাৰণা শিশুৰ ভৱিষ্যতৰ চিন্তাশক্তি, সৃষ্টিশীল আৰু গঠনাত্মক শক্তিসমূহৰ বিকাশ লাভৰ বাবে বিশেষ সহায়কাৰী।

শিশুমনৰ ধাৰণা কিদৰে গঢ়ি উঠেঃ

 

শিশুৰ মনত পৰিৱেশৰ প্ৰতি গঢ় লৈ উঠা ধাৰণাৰ এক স্বকীয় বৈশিষ্ট্য আছে। ই সচৰাচৰ দুই প্ৰকাৰে গঢ়ি উঠিব পাৰে। প্ৰথমে উল্লেখযোগ্য যে শিশুৱে তাৰ ইন্দ্ৰিয় যোগে লাভ কৰা প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতাসমূহ বাৰে বাৰে পুনৰাবৃত্তি হোৱাৰ ফলত ইয়াৰ কেতবোৰ সাধাৰণ গুণ বা লক্ষণ তাৰ দৃষ্টিগোচৰ হয়। এনে লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ক্ৰমে শিশুৰ মনত ধাৰণাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে শিশুৱে সকলো সময়তেই বিভিন্ন পৰিস্থিতিত মাকৰ সান্নিধ্য লাভ কৰে। সি দেখা পায় যে তাৰ খোৱা-পিন্ধা আৰু অন্যান্য প্ৰায় সকলোবোৰ কাম-কাজতেই এগৰাকী ব্যক্তিয়ে তাৰ লগ দিয়ে, তাক সহায় কৰে আৰু মৰম কৰে। এইগৰাকী ব্যক্তিক ‘মা’ বুলি কোৱা হয়। এইদৰে সান্নিধ্য ক্ৰিয়া অভিজ্ঞতাৰ যোগে মাকৰ প্ৰতি তাৰ মনৰ ধাৰণা গঢ় লৈ উঠে।

দ্বিতীয়তে ক’ব পাৰি যে শিশুৱে তাৰ নিজ মনত পৰিৱেশৰ বস্তুবিশেষৰ প্ৰতি আগতীয়াকৈ, কিন্তু অস্থায়ী আৰু সাময়িকভাৱে ধাৰণা কৰি লয়। এনে অস্থায়ী বিধৰ ধাৰণাৰ সঠিকতা আৰু যুক্তিযুক্ততা তাৰ পৰৱৰ্তী কালৰ বাস্তৱ অভিজ্ঞতাৰ যোগেদি বিচাৰ কৰি চাই তাৰ আৱশ্যকীয় সংশোধন কৰি লয়। উদাহৰণস্বৰূপে শিশুৱে পৰিয়ালত থকা অন্য তিৰোতাৰ প্ৰতিও প্ৰথমে মাকৰ দৰে ধাৰণা কৰি লয়। কিন্তু বয়সস্থসকলে তেনে তিৰোতাক মা নহয় বুলি শিশুক বুজনি দিয়া আৰু অৱস্থা বিশেষে মাকৰ দৰে মৰম, আদৰ-যত্ন আৰু সান্নিধ্যৰ অভাৱ শিশুৱে নিজে অনুভৱ কৰি উঠাৰ লগে লগে তেনে তিৰোতাক মাকৰ পৰা পৃথক বুলি বিবেচনা কৰি উঠে। অভিজ্ঞতাৰ পৃথকীকৰণ কৰি উঠিব পৰাৰ ফলত পূৰ্ব ধাৰণাৰ সংশোধন কৰে। শিশুমনত গঢ়ি উঠা ধাৰণাৰ এই দুইবিধ প্ৰক্ৰিয়া বয়সস্থসকলৰ ধাৰণা বিকাশৰ ক্ষেত্ৰতো প্ৰযোজ্য।

ধাৰণাৰ ক্ৰমবিকাশঃ

 

শৈশৱৰ নিচেই আগলি সময়ছোৱাত শিশুৰ মনত পৰিৱেশৰ বিভিন্ন বস্তু আৰু বিষয়ৰ প্ৰতি কোনো ধাৰণা গঢ়ি উঠিব নোৱাৰে। জন্মৰ প্ৰথম মাহত শিশুৰ ক্ৰিয়া আচৰণ দৈহিক প্ৰতিৱৰ্তন ক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি কোৱা হয়। পৰৱৰ্তী কালত সি তাৰ ক্ৰিয়া আচৰণত অৰ্থপূৰ্ণ সঁহাৰি দিব পৰা হয়। পৰিৱেশৰ বিভিন্ন বস্তুৰ বিষয়ে তাৰ আচৰণত এক দৈহিক চঞ্চলতা আনি দিয়ে। ভিন ভিন উদ্দীপকৰ আকৰ্ষণৰ হেতুকে সি কোনো বস্তুৰ ওপৰতে ঐচ্ছিক মনোযোগ দিব নোৱাৰে। বিশেষজ্ঞসকলৰ মতে দুবছৰ বয়সৰ শিশুৰ ছয় ছেকেণ্ডৰ পৰা পাঁচবছৰ বয়সৰ শিশুৰ প্ৰায় তেৰ ছেকেণ্ডলৈকেহে মাথোন মনোযোগ বৃদ্ধি পায়। মনৰ এনে গতি-চঞ্চলতাৰ হেতুকে শিশুৱে পৰিৱেশৰ উপযুক্ত সংবোধন আৰু জ্ঞান-অভিজ্ঞতা আহৰণ কৰিব নোৱাৰে।

পূৰ্ব-প্ৰাথমিক পৰ্যায়ত প্ৰত্যক্ষভাৱে পোৱা ইন্দ্ৰিয় অনুভূতিৰ কিছু বিস্তৃত অভিজ্ঞতাই শিশুৰ দেহ-মানসিক চঞ্চলতা বহু পৰিমাণে হ্ৰাস কৰে। এনে অৱস্থাত সি আহৰণ কৰা অভিজ্ঞতাসমূহৰ গুণগত সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ লক্ষ্য কৰি উঠিব পৰা হয়। পূৰ্ব অভিজ্ঞতাৰ লগত মিল থকা বিষয়সমূহ মিল নথকা বিষয়ৰ পৰা সি পৃথক কৰি পেলায়। এইদৰে সকলোবোৰ নতুন বিষয়ৰ সংবোধন অভিজ্ঞতাকেই সি অতীত অভিজ্ঞতাৰ লগত ফঁহিয়াই চায়। ইয়াৰ পৰিণতি স্বৰূপে সাদৃশ্য থকা বিষয়সমূহৰ ওপৰত সাধাৰণভাৱে তাৰ প্ৰত্যয় বা ধাৰণা গঢ় দি তোলে। অৱশ্যে শিশুৱে এনেদৰে কৰা ধাৰণা যে সকলো সময়তে সঠিক আৰু শুদ্ধ হয় এনে নহয়। কোনো কোনো সময়ত সি ভুল ধাৰণাৰো বশৱৰ্তী হ’ব লগা হয়।

ভাষা-জ্ঞান লাভ কৰাৰ লগে লগে শিশুৰ ধাৰণা অধিক উন্নত পৰ্যায়লৈ উঠে। প্ৰায় ডেৰ বছৰ-দুবছৰ বয়সৰ ভিতৰত সি দুই-এটা শব্দ উচ্চাৰণ কৰি প্ৰাথমিকভাৱে ভাষা-জ্ঞান আয়ত্ব কৰে। এই শব্দজ্ঞান আহৰণ কৰাৰ লগে লগে তাৰ মনৰ অস্পষ্ট ধাৰণাবোৰ ক্ৰমে স্পষ্ট হৈ আহিবলৈ ধৰে। শব্দই ধাৰণা বিকাশত আৰু ধাৰণাই নতুন নতুন শব্দৰ লগত পৰিচয় হোৱাত পাৰস্পৰিকভাৱে সহায় কৰে। ধাৰণাই ৰূপ দিব নোৱাৰা শব্দসমূহ তাৰ বাবে নিৰৰ্থক হৈ ৰয়। সেয়েহে বয়সস্থসকলে ব্যৱহাৰ কৰা বহুতো শব্দ শিশুৱে বুজি নাপায়।

ব্যৱহাৰিকভাৱে কথিত ভাষাৰ জ্ঞান আয়ত্ব কৰাৰ লগে লগে শিশু-মন কৌতুহলী হৈ উঠে। সি এই সময়ত যাকে-তাকে হকে-বিহকে নানা ধৰণৰ প্ৰশ্ন কৰে। মনৰ অস্পষ্ট ধাৰণাক স্পষ্টীকৰণ কৰি তোলাত এনেবোৰ প্ৰশ্নই শিশুক বিশেষ সহায় কৰে। অৱশ্যে বয়সস্থসকলৰ বাবে বহু সময়ত শিশুৰ এনেবোৰ প্ৰশ্ন নিৰৰ্থক আৰু আমনি লগা বিধৰ হৈ উঠিলেও তাৰ সহজ-সৰল আৰু শিশুৱে বুজিব পৰাকৈ উত্তৰ দান কৰাটো প্ৰয়োজন। পৰৱৰ্তী কালত গৃহ, শিক্ষা আৰু খেলা-ধূলাৰ বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত শিশুৰ মৌখিক ভাষা প্ৰয়োগ আৰু ক্ৰিয়াৰ সক্ৰিয় অংশগ্ৰহণে ধাৰণাৰ প্ৰয়োজনীয় বিকাশ সাধন কৰি তোলে।

শিশুৰ ধাৰণাৰ কেতবোৰ বৈশিষ্ট্যঃ

 

(১) সকলো কথাতেই আত্ম-কেন্দ্ৰিকতাৰ ভাব প্ৰদৰ্শন কৰা হেতুকে শিশুৱে নিজ ইচ্ছা-অভিৰুচি আৰু প্ৰয়োজনীয়তাৰ মাধ্যমেৰেহে সকলো কথা ধাৰণা আৰু বিচাৰ-বিবেচনা কৰে। ফলত সি বস্তুবিশেষৰ যথাৰ্থ আৰু বস্তুনিষ্ঠ ধাৰণা কৰিব নোৱাৰে।

(২) শিশুৱে সজীৱ আৰু নিৰ্জীৱতাৰ মাজতো পৃথক ধাৰণা কৰিব নোৱাৰে। সকলো নিৰ্জীৱ পদাৰ্থকেই সি নিজৰ দৰেই সজীৱ আৰু প্ৰাণৱান বুলি ভাবে। সৰ্ব-প্ৰাণবাদিতা শিশুমনৰ এক স্বভাৱ-সুলভ বৈশিষ্ট্য।

(৩) বনৰীয়া আৰু ঘৰচীয়া জীৱ-জন্তুবোৰক শিশুৱে মানুহৰ দৰে ধাৰণা কৰি লয়। সিহঁতৰ ক্ৰিয়া-আচৰণৰ মাজত সি নিজ অস্তিত্ব আৰু আচৰণ উপলব্ধি কৰিব পাৰে। কাউৰী, শিয়াল, কুকুৰ, মেকুৰী, বাঘ, হাতী আদিৰ গল্পত সেয়েহে সি বিশেষ আমোদ পায়।

(৪) সময় আৰু দূৰত্ব সম্বন্ধে শিশুৰ ধাৰণা অতি সীমাবদ্ধ। সময়ৰ পৰিমাণ আৰু দূৰত্বৰ ব্যৱধান সম্বন্ধে বয়সস্থসকলে প্ৰয়োগ কৰা শব্দবোৰৰ সঠিক ধাৰণা সি কৰিব নোৱাৰে।

(৫) ভাষা আৰু শব্দৰ ধাৰণাতকৈ সংখ্যা আৰু প্ৰতীক সম্বন্ধে কৰা ধাৰণা শিশুৰ পলমকৈ হোৱা দেখা যায়। মন কৰিবলগীয়া যে শিশুৱে সংখ্যা আৰু নেওতা মুখস্থ মাতিব পাৰিলেও তাৰ ধাৰণা যথাৰ্থভাৱে কৰি উঠিব নোৱাৰে।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.97826086957
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top