অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ সমস্যাজড়িত আচৰণঃ

শিশুৰ সমস্যাজড়িত আচৰণৰ বিষয়ে লিখা হৈছে

 

 

ইতিমধ্যে আলোচনা কৰা অধ্যায়কেইটাত শিশু বিকাশৰ বিভিন্ন দিশৰ ওপৰত দৃষ্টিপাত কৰা হৈছে। শিশুৰ আচৰণ দৈহিক, মানসিক, আৱেগিক, সামাজিক এই বিভিন্ন দিশৰ দ্বাৰা প্ৰভাৱিত আৰু পৰিচালিত হয়। ইয়াৰ ফলস্বৰূপে কোনো কোনো শিশুৰ আচৰণ হয় আমাৰ বাবে সুস্থ-সুন্দৰ আৰু গ্ৰহণযোগ্য আৰু আন কোনো কোনোৰ আচৰণ হয় অসুস্থ, অস্বাভাৱিক আৰু আমাৰ বাবে কোনো কোনো ক্ষেত্ৰত সমস্যজড়িত। শিশু-সমাযোজন আৰু বিকাশৰ পৰিণতি স্বৰূপে সৃষ্টি হোৱা এনেবোৰ সম্ভাৱ্য সমস্যাৰ প্ৰতিও আমি অৱগত হোৱাটো প্ৰয়োজন। শিশুৰ লগত ঘনিষ্ঠভাৱে জড়িত ব্যক্তিসকল এনে সমস্যাজড়িত আচৰণৰ লগত কম-বেছি পৰিমাণে পৰিচিত। ইয়াৰ ধৰণ, কাৰণ আৰু প্ৰতিকাৰ সম্বন্ধে আমাৰ কিছু পৰিচয় নাথাকিলে সমস্যাৰ উপযুক্তভাৱে সন্মুখীন হোৱাটো কঠিন। ইয়াৰ অজ্ঞতা আৰু অনভিজ্ঞতাই অৱস্থাৰ অধিক ক্ষতিসাধন কৰি তুলিবও পাৰে। সেয়েহে শিশু বিকাশ সম্বন্ধীয় আলোচনাৰ অন্ত এই অধ্যায়ত ইয়াৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ চেষ্টা কৰা হৈছে।

সমস্যাজড়িত আচৰণ কাক বোলে ?

 

এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা বাহ্যিক আচৰণে তেওঁৰ মানসিক সুস্থতা-অসুস্থতাৰ অৱস্থাকেই আমাৰ চকুত দাঙি ধৰে। সৰ্বসাধাৰণ লোকে ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিৰ স্বৰূপ বৰ্ণনা কৰিবলৈ বিচাৰে। অৱশ্যে সূক্ষ্ম বিবেচনাৰে চালে এজন লোকৰ আচৰণ স্বাভাৱিক বা অস্বাভাৱিক, সুস্থ বা অসুস্থ স্বৰূপে সঠিকভাৱে নিৰ্ণয় কৰাটো সহজ কথা নহয়। সুস্থ বা স্বাভাৱিক আচৰণ আৰু অসুস্থ বা অস্বাভাৱিক আচৰণৰ মাজত তেনে কোনো স্পষ্ট সীমাৰেখা টানিব পৰা নাযায়। ইয়াৰ কোনো স্পষ্ট মাপ-কাঠি বা আদৰ্শ প্ৰতিমান বিজ্ঞানসন্মতভাৱে পাব পৰা নাযায়। ইয়াৰ উপৰি এই প্ৰসংগত উল্লেখযোগ্য যে বিকাশৰ কোনো এক পৰ্যায়ত বয়সস্থসকলে শিশুৰ আচৰণ অস্বাভাৱিক অথবা অপ্ৰত্যাশিত স্বৰূপে বিবেচনা কৰিলেও শিশু-বিকাশৰ দৃষ্টিকোণৰ পৰা তাক অস্বাভাৱিক অথবা সমস্যাজড়িত বুলি কোৱাৰ কোনো যুক্তি নাথাকে। সেইবাবে এইক্ষেত্ৰত ইয়াৰ স্পষ্ট ধাৰণা এটা আমাৰ মনত থকাটো প্ৰয়োজন।

মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সমস্যাজড়িত আচৰণ হৈছে যি আচৰণে ব্যক্তিৰ স্বাভাৱিক শিক্ষা-অভিজ্ঞতা আহৰণত আৰু সামাজিক আদান-প্ৰদান ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। এটা আচৰণজনিত সমস্যাত পীড়িত হোৱা শিশুৱে সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া-আচৰণ তাৰ সামাজিক পৰিৱেশত প্ৰদৰ্শন কৰিব নোৱাৰে। তাৰ আচৰণে সমাজৰ আন আন লোকৰ মনত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে। সমাজৰ লোকৰ আশানুৰূপভাৱে ক্ৰিয়া-কলাপ প্ৰদৰ্শন কৰাত মানসিকভাৱে সি বাধা অনুভৱ কৰে। এনে আচৰণ সমস্যাজড়িত হৈ উঠে, যেতিয়া ই অস্বাভাৱিকতাৰ পুনৰাবৃত্তিয়ে এক চৰম অৱস্থালৈ গতি কৰে আৰু ই পুনৰাবৃত্তি কৰি সমাজৰ লোকৰ দৃষ্টিগোচৰ হয় আৰু সমস্যাজড়িত স্বৰূপে পৰিগণিত হয়।

অৱশ্যে এই কথা মন কৰিবলগীয়া যে কোনো শিশুৱে অস্বাভাৱিক, অস্বস্তিকৰ তথা বিৰক্তিকৰ আচৰণ কোনো এক বিশেষ পৰিস্থিতিৰ প্ৰভাৱত পৰি প্ৰথমবাৰৰ বাবে আকস্মিকভাৱে প্ৰদৰ্শন কৰিলে তেনে আচৰণক সমস্যাজড়িত আচৰণ বুলি ক’ব নোৱাৰি। সি এক সামায়িকভাৱে সংঘটিত হোৱা দুৰ্ঘটনাহে মাথোন। কিন্তু যদি এনে অসুস্থ আচৰণ পৰিস্থিতি সাপেক্ষে সময়ে সময়ে পুনৰাবৃত্তি কৰে আৰু আনৰ বাবে সি পৰিচিত বিৰক্তিকৰ হৈ উঠে তেতিয়া তাক সমস্যাজড়িত স্বৰূপে চিনাক্তকৰণ কৰিব পাৰি। এনে অৱস্থাত সৰু-সুৰা আপত্তিজনক আচৰণ, যেনে- খং ভাব দেখুওৱা, ৰুষ্টতা প্ৰকাশ কৰা, ফাকি দিয়া আৰু মিছা কথা কোৱা আদি আচৰণো সমস্যাজড়িত আচৰণৰ অন্তৰ্ভুক্ত হয়। মনোবিদ এলিজাবেথ হাৰলকৰ মতে শিশুৱে নিজ জীৱনত সুখ-স্বাচ্ছন্দ্য আৰু সুস্থ সমাযোজনত বাধাদান কৰা নিজৰ আচৰণকেই সমস্যাজড়িত আচৰণ স্বৰূপে বৰ্ণনা কৰিব পাৰি। এনে আচৰণে ব্যক্তিৰ জীৱনত ব্যাঘাতৰ সৃষ্টি কৰে আৰু অসন্তোষজনক কৰি তোলে।

শিশুৰ এই সমস্যাজড়িত আচৰণ তাৰ সামাজিক, সাংস্কৃতিক আৰু নৈতিক মানদণ্ডৰ যোগেদিও বিচাৰ কৰিব পাৰি। একো একোখন সমাজ আৰু একো একোটা সামাজিক দলৰ মাজত কেতবোৰ গ্ৰহণযোগ্য আদৰ্শ, নীতি-নিয়ম আৰু আৱৰণ আদি থাকে, যাক সেই দলৰ সকলো লোকেই মানি চলিব লাগে। এনে দলৰ এটি শিশুৱে যদি এই দলীয় আদৰ্শ আৰু আৱৰণ ভংগ কৰি নিজকে সামাজিক ক্ৰিয়াৰ ব্যতিক্ৰম আৰু আপত্তিজনক কৰি তোলে তেন্তে তেন্তে শিশুক আমি সমস্যাজড়িত শিশু বুলি অভিহিত কৰিব পাৰো। কাৰণ তেনে শিশুৰ আচৰণ দলৰ সকলোৰে বাবে এক অশান্তি আৰু দুঃচিন্তাৰ বিষয় হৈ উঠিব পাৰে। সেইবাবে সমস্যাজড়িত আচৰণক সমাজৰ প্ৰত্যাশিত আৱৰণৰ ব্যতিক্ৰম স্বৰূপেও বৰ্ণনা কৰিব পাৰি।

এই সমস্যাজড়িত আচৰণ শিশু-আচৰণত দেখিবলৈ পোৱাটো অথবা এনে আচৰণ গঢ়ি উঠাটো মাক-দেউতাক আৰু শিক্ষকসকলৰ বাবে এক দুৰ্ভাগ্যজনক পৰিস্থিতি বুলিব পাৰি। এনে ধৰণৰ শিশু আমি সচৰাচৰ গৃহ আৰু শিক্ষা পৰিৱেশত দেখিবলৈ পাওঁ আৰু ই শিক্ষক অভিভাৱকৰ বাবে উদ্বেগৰ কাৰণ হৈ উঠে। তথাপিও এইক্ষেত্ৰত যথোচিত জ্ঞান-অভিজ্ঞতাৰ অভাৱৰ হেতুকে এনে সমস্যাৰ সন্মুখীন হোৱা আৰু তাৰ সমাধান কৰাটো সম্ভৱ হৈ উঠিব নোৱাৰে। উল্লেখযোগ্য যে সামাজিকভাৱে সু-প্ৰতিষ্ঠিত অতি বুদ্ধিমান লোকেও তেওঁৰ নিজ সন্তানৰ সমস্যাজড়িত আচৰণ সম্বন্ধে ৰহস্যজনকভাৱে নিজৰ অজ্ঞতা প্ৰকাশ কৰিব পাৰে। সমস্যাৰ জটিলতাই তেওঁলোকৰ মনত উদ্বেগ আৰু ব্যৰ্থতাৰ ভাব সৃষ্টি কৰিব পাৰে। সেয়েহে বহু সময়ত দেখা যায় যে মাক-দেউতাকৰ অজ্ঞতা আৰু উদাসীনতাৰ হেতুকে শিশুৰ এনে সমস্যাজড়িত আচৰণ অধিক জটিলতৰ হৈ উঠে। সেইবাবে এনে আচৰণৰ সম্যক জ্ঞান থকাটো অতি প্ৰয়োজন।

সমস্যাজড়িত আচৰণৰ বিভিন্ন প্ৰকাৰঃ

 

মনোবিজ্ঞানীসকলে শিশুৰ সমস্যাজড়িত আচৰণৰ চিনাক্তকৰণ কৰিবলৈ বিভিন্ন প্ৰচেষ্টা চলোৱা দেখা যায়। এই আচৰণবোৰৰ কেতবোৰ দৈহিক কাৰণজনিত আৰু কেতবোৰ গভীৰ মানসিক কাৰণ জড়িত। ইয়াক সেয়েহে বহলভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে- দৈহিক আচৰণজনিত সমস্যা আৰু ব্যক্তিত্ব সমস্যা। এই দুয়োবিধৰে চমু বৰ্ণনা তলত দাঙি ধৰা হৈছে।

দৈহিক আচৰণজনিত সমস্যাঃ

 

এইবিধ দৈহিক সমস্যাত ভোগা লোকৰ কেতবোৰ অসুস্থতা তাৰ অন্তৰ্নিহিত মানসিক দোষ-ত্ৰুটিৰ বাবে সংঘটিত হ’ব পাৰে। শিশুৰ এনেবোৰ আচৰণ তাৰ গৃহ পৰিৱেশত দেখিবলৈ পোৱা যায়। এইসমূহ হৈছে- খোৱা-বোৱাৰ কঠিনতা, টোপনি নোহোৱা, টোপনিত প্ৰস্ৰাৱ কৰা, আঙুলি চুপা, নখ কামোৰা, দুৰ্ঘটনাৰ সৃষ্টি কৰা, দুঃস্বপ্ন দেখা, নিদ্ৰা ভ্ৰমণ, নিদ্ৰা কথন, দাঁত কৰচা, খং ভাব দেখুওৱা, অবাধ্যতা, লেতেৰা স্বভাৱ, দন্দুৰা স্বভাৱ, বন্ধুত্ব স্থাপন কৰিব নোৱাৰা, অবাঞ্চিত বন্ধু বিচৰা ইত্যাদি। ইয়াৰ উপৰি শিশুৰ কেতবোৰ সমস্যাজড়িত আচৰণ দেখা পোৱা যায়, যি সমূহ তাৰ স্কুলৰ সামাজিক পৰিৱেশ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি আপত্তিজনকভাৱে প্ৰদৰ্শিত হয়। এইসমূহ হৈছে- মিছা কথা কোৱা আৰু ফাকি দি চলা, আনৰ লগত যুঁজ কৰা, ধ্বংস কৰা, আনক জোকোৱা, দাদাগিৰি কৰা ইত্যাদি। ইয়াৰ বাদেও সমাজত কেতবোৰ জটিল সমস্যাৰ সৃষ্টি কৰা দোষণীয় আচৰণ পৰিলক্ষিত হয়। এইসমূহ হৈছে- অসামাজিকতা আৰু অপৰাধপ্ৰৱণতা, স্কুলৰ পৰা পলায়ন কৰা, ঘৰত জুই দিয়া, যৌন অপৰাধ কৰা, জুৱা খেলা, নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰা, নৰহত্যা কৰা, আত্মহত্যা কৰা ইত্যাদি। এই আচৰণবোৰৰ বিশেষত্ব এয়ে যে ই অবৈধ আৰু অনুচিত দৈহিক আচৰণত প্ৰকাশ পায়। ব্যক্তিৰ ব্যক্তিত্ব ই গভীৰ আৰু সামগ্ৰিকভাৱে প্ৰভাৱিত কৰি নোতোলে।

(২) ব্যক্তিত্ব সমস্যাঃ

ব্যক্তিত্ব সমস্যা সম্বন্ধীয় আচৰণৰ গুৰিতেই হৈছে ব্যক্তিত্বৰ সংলক্ষণবোৰৰ বিশৃংখলতা আৰু অসুস্থতা যি পৰিৱেত অপ-সমাযোজনৰ ফলস্বৰূপে গঢ় লৈ উঠে। অন্তৰ্মুখী আৰু বহিৰ্মুখী লক্ষণবোৰৰ অতিমাত্ৰা অৱস্থাৰ ফলস্বৰূপে এনেবোৰ ব্যক্তিত্ব সমস্যাই দেখা দিয়ে। অৱশ্যে এই ব্যক্তিত্ব সমস্যাবোৰ ব্যক্তিয়ে দৈহিক আৰু মানসিকভাৱে কিছু পৰিপক্ক অৱস্থা লাভ কৰি উঠাৰ পিছৰ পৰাহে শিশু-ব্যক্তিত্বত পৰিলক্ষিত হ’বলৈ ধৰে। নিচেই কম বয়সৰ চালুকীয়া শিশুৰ ক্ষেত্ৰত এনে সমস্যাজড়িত আচৰণ গঢ় লৈ উঠিব নোৱাৰে। পৰিস্থিতিৰ পৰা পোৱা অভিজ্ঞতাৰ কিছু পৈণত প্ৰাপ্তিয়েহে ব্যক্তিত্ব সমস্যাবোৰ গঢ় দি তোলে। এই সমস্যাজড়িত আচৰণবোৰ হৈছে- হীনাত্মিকা মনোভাৱত ভোগা, অকলশৰীয়া অনুভৱ কৰা, অতি লাজকুৰীয়া স্বভাৱ, অতিমাত্ৰা উত্তেজনা, আত্মকেন্দ্ৰিকতা, ঈৰ্ষাভাৱ, দিবাস্বপ্নৰ অত্যধিক প্ৰভাৱ, উদ্বেগ, অন্যমনষ্কতা, গোপনীয়তা, সন্দেহ-পৰায়ণতা ইত্যাদি।

মনোবিজ্ঞানীসকলে শিশুৰ সমস্যাজড়িত আচৰণ সম্বন্ধে অধ্যয়ন কৰি কেতবোৰ সচৰাচৰ পৰলক্ষিত হোৱা অস্বাভাৱিক আচৰণৰ তালিকা দাঙি ধৰিছে। এই তালিকাৰ অন্তৰ্ভুক্ত আচৰণসমূহ ওপৰত উল্লেখ কৰা দৈহিক আচৰণজনিত আৰু ব্যক্তিত্ব সংগঠন সম্বন্ধীয় দুয়োবিধ সমস্যাজড়িত আচৰণকেই অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াক তলত উপস্থাপন কৰা হৈছে।

(১) শিক্ষাৰ অনগ্ৰসৰতা আৰু অকৃতকাৰ্যতা।

(২) কথন অক্ষমতা, যেনে- বাকস্খলন, বাক-অক্ষমতা আৰু নাকৰ উচ্চাৰণ।

(৩) খাদ্য পেটত ৰাখিব নোৱাৰি বমি কৰাৰ ভাব হোৱা।

(৪) অধিক আক্ৰমণাত্মক মনোভাৱ।

(৫) মিছা কথা কোৱা আৰু চুৰ কৰা।

(৬) ঘৰ আৰু স্কুলৰ পৰা পলায়ন কৰা।

(৭) খাবৰ বেলিকা বাধাগ্ৰস্ত হোৱা।

(৮) হতাশা আৰু উদাসীনতা।

(৯) সপোনত কথা কোৱা আৰু খোজ কঢ়া।

(১০) অবাধ্যতা আৰু উচ্ছৃংখলতা।

(১১) অবিৰতভাৱে আঙুলি চুপা।

(১২) প্ৰত্যাহাৰ প্ৰবৃত্তি আৰু অপসৰণৰ আচৰণ।

শিশুৰ সমস্যাজড়িত আচৰণৰ কাৰণঃ

 

শিশু আচৰণ অসুস্থ আৰু অস্বাভাৱিক কৰি তোলা বিভিন্ন কাৰণ জড়িত হৈ থাকিব পাৰে। এইসমূহক বহলভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে- বংশগতি সম্বন্ধীয় আৰু পৰিৱেশ সম্বন্ধীয়। এই দুয়ো দিশৰে কিছু বহল আলোচনাৰ প্ৰয়োজন।

বংশগত কাৰণসমূহঃ

শিশুৱে জন্মগতভাৱে আয়ত্ব জৈৱিক শক্তি-ক্ষমতাসমূহৰ দোষযুক্ততা সমস্যাজড়িত আচৰণৰ এক প্ৰধান কাৰণ হৈ উঠিব পাৰে। জৈৱিকভাৱে থকা দৈহিক অক্ষমতা আৰু অস্বাভাৱিকতাবোৰ স্বাভাৱিকতেই শিশু-বিকাশত বাধাৰ সৃষ্টি কৰে। শিশুৰ আচৰণ আৰু প্ৰতিক্ৰিয়া আদিৰ মূলতেই তাৰ জৈৱিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহে নিৰ্ধাৰণ কৰে। দেহৰ অভ্যন্তৰ ভাগৰ অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ অস্বাভাৱিক ক্ষৰণ ক্ৰিয়াই তাৰ মানসিক আচৰণ অস্বাভাৱিক কৰি তুলিব পাৰে।

জন্মগত এনে জৈৱিক অস্বাভাৱিকতাই শিশুৰ ওপৰত মনোবৈজ্ঞানিক প্ৰভাৱ পেলাব পাৰে। অস্বাভাৱিক দৈহিক গঠনে শিশু আৰু তাৰ মাক-দেউতাকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। শিশুৰ অস্বাভাৱিক আৰু অপ্ৰত্যাশিত দৈহিক গঠনত মাক-দেউতাক চিন্তিত আৰু ব্যথিত হৈ পৰিব পাৰে। নিজকে অপৰাধী অনুভৱ কৰিব পাৰে আৰু ই তেওঁলোকৰ মনত অশান্তিৰ কাৰণস্বৰূপ হৈ উঠিব পাৰে। দোষযুক্ত দৈহিক গঠনৰ ফলত শাৰীৰিকভাৱে অক্ষম হৈ উঠা শিশুৱে নিজকে হতাশা, নিৰাশা আৰু নিৰাপত্তাহীন অনুভৱ কৰি উঠিব পাৰে। এনে আৱেগিক অৱস্থাই শিশুক অপ-সমাযোজনৰ অৱস্থালৈ ঠেলি দিব পাৰে। ইয়াৰ ফলত ভীৰুতা, সংকোচতা, সন্দেহ-পৰায়ণতা, প্ৰত্যাহাৰ প্ৰবৃত্তি আদি আচৰণ গঢ় দি তুলিব পাৰে। শিশুৰ জন্মগতভাৱে লাভ কৰা হীনবুদ্ধিৰ অৱস্থাই তাৰ শিক্ষা আহৰণত অনগ্ৰসৰতাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত শিক্ষক-অভিভাৱক সকলৰ সি সমালোচনা, ককৰ্থনা আদিও শুনিব লগা হয়। সেইবাবে জন্মগত বুদ্ধিহীনতাই শিশুৰ মনত ব্যৰ্থতা, অনগ্ৰসৰতা, হীনমন্যতা, পলায়ন আৰু প্ৰত্যাহাৰ প্ৰবৃত্তি আদি কেতবোৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰিব পাৰে।

পৰিৱেশীয় কাৰণসমূহঃ

শিশুৰ দেহ-মানসিক বিকাশত পৰিৱেশে এক সামগ্ৰিক প্ৰভাৱ পেলায়। প্ৰকৃত অৰ্থত ক’বলৈ গ’লে পৰিৱেশেইহে শিশুৰ জন্মগত জৈৱিক গুণসমূহৰ বাস্তৱ আৰু কাৰ্যকৰী ৰূপদান কৰিব পাৰে। চালুকীয়া অৱস্থাত শিশুৰ পৰিৱেশ গৃহ পৰিৱেশৰ মাজতেই আৱদ্ধ থাকে। এই পৰিৱেশতেই সি তাৰ দেহ-মানসিক প্ৰয়োজনসমূহ পূৰণ কৰি উঠিব লাগে। সেইবাবে গৃহ পৰিৱেশে তাৰ এনেবোৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব লাগে, যাৰ ফলত শিশুৱে ব্যক্তিগতভাৱে নিৰাপত্তা অনুভৱ কৰিব পাৰে আৰু অন্যান্য লোকৰ বাবে নিজ আচৰণ গ্ৰহণযোগ্য কৰি তুলিব পাৰে। গৃহ পৰিৱেশত সি বিভিন্ন জনৰ লগত সংস্পৰ্শ লাভ কৰিব আৰু সম্বন্ধ স্থাপন কৰিব লাগে। এই পৰিৱেশৰ আৱেগিক পৰিস্থিতি, অনুশাসন ব্যৱস্থা, আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ আদিয়ে শিশুক সুস্থ-অসুস্থভাৱে প্ৰভাৱিত কৰি তোলে। গৃহ পৰিৱেশৰ এনেবোৰ প্ৰভাৱৰ মাজত অপসমাযোজিত হৈ উঠা শিশুৱে নিজকে অবাঞ্চিত আৰু অপ্ৰত্যাশিত স্বৰূপে অনুভৱ কৰি উঠিব লগা হয়। মাক-দেউতাকৰ মৰম-আদৰ-যত্নৰ পৰা বঞ্চিত হোৱা শিশুৱে সেইবাবে অসামাজিক আৰু অপৰাধ-প্ৰৱণতাৰ অসুস্থ ক্ৰিয়া-আচৰণ প্ৰদৰ্শন কৰে। পৰিয়ালত নিৰাপত্তাৰ অভাৱ, আত্ম-সন্মানহীনতা, মাক-দেউতাকৰ মাজত দ্বন্দ্ব আৰু অসুস্থ সম্বন্ধ, অৰ্থনৈতিক দাৰিদ্ৰতাৰ অৱস্থা আদিয়ে শিশু-আচৰণ সমস্যাজড়িত কৰি তুলিব পাৰে। ইয়াৰ উপৰিও শিশুৰ বাই-ভনীৰ মাজত মৰম-চেনেহ আৰু মিলাপ্ৰীতিৰ অভাৱ, হাই-কাজিয়া আদিৰ অৱস্থাই শিশুৰ মনত ঈৰ্ষা, হিংসা, প্ৰতিদ্বন্দিতা, অসামাজিকতা, ধংসাত্মক ক্ৰিয়া আদি সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰিব পাৰে।

ওচৰ-চুবুৰীয়া লোকসকলৰ পৰিয়ালৰ পৰিস্থিতিয়েও শিশু-পৰিৱেশ স্বৰূপে তাৰ ওপৰত সুস্থ-অসুস্থ প্ৰভাৱ পেলাব পাৰে। ওচৰ-চুবুৰীয়াৰ অসুস্থ পৰিৱেশৰ প্ৰভাৱৰ ফলত বহুতো শিশুৱে কেতবোৰ অসামাজিকতা আৰু অপৰাধ-প্ৰৱণতাৰ মনোভাৱ আৰু আচৰণ গ্ৰহণ কৰি উঠে। এনে আচৰণৰ ফলত শিশুৰ মিছা কথা কোৱা, চুৰ কৰা, ধূমপান কৰা, অদৃশ্য আৰু অকথ্য বিষয়ৰ চিন্তা-চৰ্চা কৰা, অনুচিত লগ-সংগ বিচৰা আদি ক্ৰিয়া-কলাপ সচৰাচৰ পৰিলক্ষিত হয়। ইয়াৰ উপৰি শিশুওচৰ-চুবুৰীয়াৰ লোকবসতি অঞ্চল শিল্পকেন্দ্ৰ অথবা মহানগৰীৰ কদৰ্য অঞ্চলবোৰত অৱস্থিত হলে শিশু-আচৰণ অসামাজিক আৰু অপৰাধমূলক হৈ উঠাটো স্বাভাৱিক।

স্কুলৰ শিক্ষা-পৰিৱেশো তাৰ দোষযুক্ততাৰ ফলত শিশুৰ বাবে সমস্যাজড়িত আচৰণৰ কাৰণ হৈ উঠিব পাৰে। স্কুলৰ শিক্ষা-পৰিৱেশ আৰু শিক্ষণ পদ্ধতি আদিৰ কেতবোৰ মৌলিকভাৱে দোষযুক্ত প্ৰতিকূল প্ৰভাৱ নিহিত থাকিব পাৰে। উল্লেখযোগ্য যে বহুতো স্কুলত শিশু-প্ৰকৃতি আৰু তাৰ প্ৰয়োজনীয়তাতকৈ পূৰ্ব-নিৰ্ধাৰিত শিক্ষা বিষয়হে শিক্ষকৰ বাবে প্ৰধান বিবেচ্য বিষয় স্বৰূপে গণ্য কৰা হয়। বৰ্তমানেও তেনে অনুষ্ঠানত শিশুৰ পুথিগত বিদ্যাৰ অৰ্জিত জ্ঞান আৰু নম্বৰ আহৰণ কৰাত অধিক গুৰুত্ব দিয়া হয়। এনে অৱস্থাই শিশুৰ শিক্ষা-পৰিৱেশ প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা আদিৰ অসুস্থ পৰিৱেশত পৰিণত কৰি তোলে, যাৰ ফলত দৈহিক আৰু মানসিকভাৱে শিশু ক্ষতিগ্ৰস্ত হৈ পৰে। স্কুলৰ শ্ৰেণী পৰিৱেশত ছাত্ৰ সংখ্যা বৃদ্ধি হৈ শিক্ষকৰ নিয়ন্ত্ৰণহীন হৈ পৰে। স্কুলৰ শ্ৰেণী পৰিৱেশত ছাত্ৰসংখ্যা বৃদ্ধি হৈ শিক্ষকৰ নিয়ন্ত্ৰণহীন হৈ পৰে। ইয়াৰ ফলত ছাত্ৰৰ ব্যক্তিগত প্ৰয়োজন আৰু সমস্যা আদিৰ প্ৰতি শিক্ষকে চকু দিয়াটো অসম্ভৱ হৈ উঠে। এনে শিক্ষা পৰিৱেশে আৰু শিক্ষণ পদ্ধতিয়ে শিশুৰ আত্মপ্ৰকাশ আৰু বিকাশৰ পথ বন্ধ কৰি তুলিব পাৰে। স্কুলৰ বৈষয়িক অৱস্থা অতি জৰাজীৰ্ণ হৈ পৰে, যাৰ ফলত পাঠ্যক্ৰমৰ কাৰ্যসূচী আৰু সহ-পাঠ্যক্ৰমৰ খেলা-ধূলা, নৃত্য-গীত আদিৰ সা-সুবিধা প্ৰায় নথকাৰ দৰে হয়। ইয়াৰ ফলত শিশুমনৰ আৱেগ-অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ আৰু বিকাশৰ সম্ভাৱনীয়তা মুঠেই নাথাকে। সেইবাবে ক’ব পাৰি যে স্কুলীয়া পৰিৱেশৰ অসুস্থতা আৰু বৈষয়িক সা-সুবিধাৰ সীমাবদ্ধতাই শিশুমনৰ বৌদ্ধিক প্ৰয়োজন পূৰণৰ পৰিৱৰ্তে সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰি তুলিব পাৰো।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে শিশুৰ দৈহিক, মানসিক আৰু আৱেগিক প্ৰয়োজনসমূহ তাৰ পৰিৱেশে যথোচিতভাৱে পূৰণ কৰাত ব্যৰ্থ হ’লে শিশুৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি হয়। শিশুক তাৰ মৰমৰ পৰা বঞ্চিত কৰিলে, নিৰাপত্তা, স্বীকৃতি আৰু আত্ম-মৰ্যাদা দান কৰিব নোৱাৰিলে শিশু-আচৰণ সমস্যাজড়িত স্বৰূপে আত্মপ্ৰকাশ কৰি উঠে। এনে আচৰণৰ পুনৰাবৃত্তিৰ যোগে স্থায়ী ৰূপদান কৰি জটিলতা বৃদ্ধি কৰে।

শিশুৰ কেতবোৰ বিশেষ সমস্যাজড়িত আচৰণঃ

 

শিশুৰ সমস্যাজড়িত আচৰণে প্ৰাপ্তবয়স্ক সকলক প্ৰভাৱিত আৰু পীড়িত কৰে। এনে আচৰণে সাধাৰণভাৱে সমাজৰ লোকসকলক আৰু ব্যক্তিগতভাৱে মাক-দেউতাকক পীড়িত কৰি তোলে। সেইবাবে এই আচৰণসমূহৰ কিছু বহলাই আলোচনাৰ প্ৰয়োজন আছে। এনে আচৰণৰ লগত পৰিচিত হ’ব পাৰিলে, এই সম্বন্ধে উদ্ভৱ হ’ব পৰা সমস্যা কিছু পৰিমাণে লাঘৱ কৰিব পৰা যায়। তলত শিশুৰ কেতবোৰ পৰিচিত আচৰণৰ স্বৰূপ বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে।

চালুকীয়া শিশুৰ দৈহিক সমস্যাজড়িত আচৰণঃ

 

নিচেই চালুকীয়া শিশুৰ আচৰণজনিত সমস্যাসমূহ স্বাভাৱিকতেই দৈহিক প্ৰয়োজনমুখী। শিশুৰ খোৱা-বোৱা, টোপনি যোৱা আদি দৈনন্দিন ক্ৰিয়া-কলাপৰ মাজতেই এই সমস্যাজড়িত আচৰণবোৰ আৱদ্ধ থাকে। এই সময়ত তাৰ মানসিক জীৱনৰ অভিজ্ঞতা আৰু অনুভূতি আদি অত্যন্ত সীমিত বিধৰ হৈ থাকে। শিশুৰ দৈহিক সুস্থতা আৰু স্বাস্থ্যৰক্ষাত ব্যাঘাত জন্মোৱা আৰু সমস্যাৰ সৃষ্টি কৰা কেতবোৰ আচৰণ এই সময়ত পৰিলক্ষিত হয়। এইসমূহ হৈছে- খোৱাৰ সমস্যা, নিদ্ৰাৰ সমস্যা, বিছনাত প্ৰস্ৰাৱ কৰা, দুৰ্ঘটনাৰ সৃষ্টি কৰা, কদৰ্যতা সৃষ্টি কৰা ইত্যাদি।

খোৱাৰ সমস্যাঃ

এইবিধ আচৰণৰ সমস্যা প্ৰায় শিশুৰ ক্ষেত্ৰতে সচৰাচৰ দেখিবলৈ পোৱা যায়। খাবৰ সময়ত এনে শিশু খোৱা বস্তুৰ প্ৰতি প্ৰতিকূল মনোভাৱ আৰু আচৰণ প্ৰদৰ্শন কৰে। খাবলৈ নিবিচৰা কাৰ্যই মাতৃক চিন্তিতও কৰি তোলে। খুৱাবলৈ বল প্ৰয়োগ কৰা কাৰ্যই শিশু আৰু মাতৃ উভয়ৰ প্ৰতি অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত মাতৃৰ বিশেষ সংযম আৰু সুবিবেচনাৰ প্ৰয়োজন হয়। উল্লেখযোগ্য যে প্ৰতিটো শিশুৰ বাবে নতুন খাদ্যৰ জুতি সহজভাৱে গ্ৰহণ কৰাত সময় আৰু অভ্যাসৰ প্ৰয়োজন হয়। কোনো শিশুৱে আশা কৰাতকৈ কম পৰিমাণৰ খাদ্য গ্ৰহণ কৰিলে শিশু-বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। গুৰু আহাৰ গ্ৰহণৰ পূৰ্বে শিশুক পাতলীয়া বিধৰ আহাৰ খুওৱাৰ ব্যৱস্থা কৰিব নালাগে। শিশুক বলপূৰ্বকভাৱে খুৱাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে খোৱাৰ পৰিস্থিতি সুখদায়ক আৰু আনন্দদায়ক কৰি তুলিব লাগে। স্বাভাৱিক অৱস্থাত কম পৰিমাণে হ’লেও খুৱাবলৈ চেষ্টা কৰিব লাগে। প্ৰয়োজনতকৈ অধিক খুওৱাৰ প্ৰচেষ্টা এৰাই চলিব লাগে।

নিদ্ৰাৰ সমস্যাঃ

নিদ্ৰা বা টোপনি যোৱাৰ বেলিকাও কোনো কোনো শিশুৰ বাবে সমস্যাৰূপে দেখা দিব পাৰে। অৱশ্যে ই খোৱাৰ সমস্যাতকৈ কিছু কম গুৰুত্বপূৰ্ণ। শিশুকালত সচৰাচৰ টোপনিৰ পৰিমাণ অধিক থাকে। তথাপিও দেখা যায় যে ভিন ভিন শিশুৰ নিদ্ৰাৰ প্ৰয়োজন কম-বেছি পৰিমাণৰ হয়। এই কথাও মন কৰিবলগীয়া যে শিশুৱে যথোচিত সময়ৰ বাবে টোপনি নগলে সি তাৰ দৈহিক স্বাস্থ্যৰ ক্ষতিসাধন কৰি তুলিব পাৰে। উল্লেখযোগ্য যে শিশুৰ পৰিৱেশ অশান্ত বা উত্তেজনাকৰ হৈ উঠিলে সি স্বাভাৱিকতেই তাৰ নিদ্ৰাত বাধাদান কৰে। উত্তেজনাকৰ দৃশ্য দেখিলে বা গল্প আদি শুনিলে সি শিশুমনত আৱেগিক উত্তেজনাৰ সৃষ্টি কৰে। বহুতো শিশুৱে অন্ধকাৰৰ প্ৰতিও ভয় কৰে, যাৰ ফলত নিদ্ৰা বাধাপ্ৰাপ্ত হয়। সেইবাবে এনেবোৰ পৰিস্থিতিৰ প্ৰতি সাৱধান হ’ব লাগে। নিদ্ৰাৰ সময় আৰু পৰিস্থিতি শিশুৰ প্ৰয়োজন অনুসৰি পুনৰ নিৰ্ধাৰণ কৰি ল’ব লাগে। টি.ভি., ৰেডিঅ’ আদিৰ পৰা হ’ব পৰা বাধাপ্ৰাপ্ত হোৱা পৰিস্থিতিৰ পৰাও শিশুক আঁতৰাই ৰাখি নিদ্ৰাৰ শান্ত পৰিৱেশ গঢ় দি তুলিব লাগে।

বিছনাত প্ৰস্ৰাৱ কৰাঃ

শিশুৱে ৰাতি বিছনাত প্ৰস্ৰাৱ কৰাটো মানুহৰ বাবে পৰিচিত এক বিৰক্তিকৰ অভিজ্ঞতা বুলিব পাৰি। নিচেই চালুকীয়া শিশুৰ এনে কাৰ্যত অৱশ্যে তেনে কোনো অস্বাভাৱিকতা নাথাকে। এনে শিশুৱে সচৰাচৰ একোটা দিনত ১৮-১৯ বাৰলৈকে প্ৰস্ৰাৱ কৰিব লাগে। এই সময়ত শিশুৰ দেহ-ৰাসায়নিকভাৱে বৰ্জন ক্ৰিয়াৰ মাত্ৰা অধিক হয় আৰু প্ৰায় ৩ বছৰ ৬ মাহলৈকে এই কাৰ্যত শিশুৰ নিয়ন্ত্ৰণ ক্ষমতা নাথাকে। ৪ বছৰ বয়সৰ পৰিছৰ পৰা শিশুৱে নিদ্ৰিত অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্যহে বিশেষ চিন্তা আৰু সমস্যাৰ কাৰণস্বৰূপ হৈ উঠিব পাৰে। বিশেষজ্ঞসকলৰ মতে শিশুৰ এনে কাৰ্যৰ লগত দৈহিক আৰু মনোবৈজ্ঞানিক কাৰণ নিহিত হৈ থকাৰ কথা লক্ষ্য কৰা হয়। শিশু-পৰিৱেশ অধিক উত্তেজনাকৰ হৈ উঠিলে অথবা শিশুৱে আৱেগিক বাধাগ্ৰস্ততা অনুভৱ কৰি উঠিলে সি তাৰ দেহত ৰাসায়নিক প্ৰক্ৰিয়াৰ সৃষ্টি কৰে। এনে কাৰ্যৰ লগত শিশুৰ স্বপ্নও জড়িত হৈ থাকিব পাৰে। শিশু-মনত ঈৰ্ষাভাৱ, মাক-দেউতাকৰ সমালোচনামূলক মনোভাৱ আদিও ইয়াৰ কাৰণ স্বৰূপে উল্লেখ কৰিব পাৰি। ইয়াৰ প্ৰতিকাৰ স্বৰূপে ক’ব পাৰি যে শিশুক দৈহিক শাস্তি দিয়া, গালি-শপনি পৰা, সমালোচনা কৰা আদি উত্তেজনাকৰ পৰিস্থিতিৰ পৰা বয়সস্থসকল বিৰত থাকিব লাগে। শিশুৰ নিদ্ৰা অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্যৰ বাবে তাক অভিযুক্ত কৰিব নালাগে, বৰং পৰিস্থিতি শান্ত আৰু স্বাভাৱিক কৰি তোলাৰহে প্ৰচেষ্টা চলাব লাগে।

দুৰ্ঘটনাৰ সৃষ্টি কৰাঃ

শৈশৱ কালত শিশুৱে সঘনে দৈহিকভাৱে দুৰ্ঘটনাত পতিত হোৱা বা তেনে দুৰ্ঘটনা সৃষ্টি কৰাটো এক পৰিচিত সমস্যা স্বৰূপে বিবেচনা কৰিব পাৰি। নিচেই চালুকীয়া শিশুৱে দৈহিকভাৱে গতি কৰিব নোৱাৰা অৱস্থাত এনে দুৰ্ঘটনা পোৱা নাযায় যদিও তাৰ সঞ্চালন ক্ষমতা বিকাশৰ লগে লগে দৈহিক দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি হয়। এনে দুৰ্ঘটনা মুখ, হাত, ভৰি, মূৰতেই সৰ্বাধিক হোৱাটোও লক্ষ্য কৰা হয়। কোনো কোনো সময়ত মুখলৈ যিকোনো বস্তু নিও দুৰ্ঘটনাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। শিশুৰ প্ৰায় ছয় মাহ বয়সৰ পৰা তিনি বছৰ বয়সলৈকে এনে দুৰ্ঘটনা সৃষ্টি কৰা পৰিস্থিতি সৰ্বাধিক হৈ উঠে। উল্লেখযোগ্য যে শিশুৱে সৃষ্টি কৰা দুৰ্ঘটনাবোৰৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰভাৱ তাৰ দৈহিক বিকাশত পৰিব পাৰে। দুৰ্ঘটনাৰ পৰিস্থিতিয়ে পিতৃ-মাতৃক সময়ে সময়ে উত্তেজিত কৰি তুলিলেও ই শিশুৰ বাবে আদৰ্শ শিক্ষা-স্বৰূপ হৈ উঠিবও পাৰে। দুৰ্ঘটনাৰ পৰিস্থিতি আৰু অভিজ্ঞতাই শিশুক বিপদজনক পৰিস্থিতিৰ প্ৰতি সাৱধান কৰি তুলিব পাৰে। অৱশ্যে কেতবোৰ শিশুৰ প্ৰকৃতি এনে যে সি দুৰ্ঘটনাৰ সৃষ্টি কৰি তোলাৰ যোগেদিহে শান্ত হয়। শিশুৰ স্বাভাৱিক কৌতূহল প্ৰবৃত্তিয়েও তাক কোনো কোনো সময়ত দুৰ্ঘটনা সৃষ্টিৰ প্ৰতি উদ্যত কৰিব পাৰে। সেইবাবে অভিভাৱকসকলে লক্ষ্য কৰিব লাগে যাতে দুৰ্ঘটনাই শিশুৰ গুৰুতৰ বিধৰ দৈহিক ক্ষতিসাধন কৰিব নোৱাৰে আৰু এই দুৰ্ঘটনা তাৰ বাবে শিক্ষামূলক হৈ উঠে।

কদৰ্যতাৰ সৃষ্টি কৰাঃ

শিশুৱে এটা সময়ত তাৰ ক্ৰিয়া-আচৰণবোৰ কদৰ্যতাপূৰ্ণ স্বাভাৱিক নীতি-নিয়ম বিৰোধী কৰি তুলি তাৰ দ্বাৰা বয়সস্থসকলৰ মনত অস্বস্তি আৰু বিৰক্তিৰ ভাব সৃষ্টি কৰে। বিষেশকৈ ২-৪ বছৰ বয়সৰ ভিতৰত তাৰ মনত এক নেতিবাচক মনোভাৱ গঢ় লৈ উঠে। ইয়াৰ ফলত কোনো বস্তু ভাঙি পেলোৱা, লেতেৰা বা অপৰিষ্কাৰ কৰি পেলোৱা, খেলি-মেলি কৰা, আনক প্ৰহাৰ কৰা, আনৰ কথা নুশুনি নকৰিবলগীয়া কাম কৰা আৰু নক’ব লগা কথা কোৱা আদি আচৰণৰ প্ৰৱণতা পৰিলক্ষিত হয়। এই সময়তে সাধাৰণতে সি আনৰ দৃষ্টিত দুষ্ট আৰু বেয়া ল’ৰা হৈ পৰে। এনে প্ৰৱণতা কোনো কোনো শিশুৰ ক্ষেত্ৰত মাত্ৰাধিক্য হৈ পৰি চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। তিনি বছৰ বয়সত সি প্ৰাক-প্ৰাথমিক স্কুললৈ গ’লে অথবা ঘৰৰ পৰিৱেশৰ পৰা ওলাই সমনীয়াৰ খেলা-ধূলাৰ পৰিৱেশলৈ গ’লে তেনে অসুস্থ আৰু কদৰ্য আচৰণ প্ৰদৰ্শন কৰে। ইয়াৰ ফলত সি দলৰ পৰাও বহিষ্কাৰ হ’ব লগা হয়। এনে শিশুক শাস্তি প্ৰদান কৰাৰ পৰিৱৰ্তে তাৰ ক্ৰিয়া-আচৰণবোৰ পৰিপাটিকৈ আৰু সুন্দৰভাৱে কৰিবলৈ শিকাব লাগে। নৃত্য-গীত, চিত্ৰাংকণ, হস্ত-শিল্প আদি বিষয়ৰ প্ৰণালীবদ্ধ শিক্ষাদানেৰে এনে কদৰ্য আচৰণৰ অসুস্ততা গুচাই স্বাভাৱিক অৱস্থালৈ আনিব পৰা যায়।

অসুস্থ ক্ৰিয়াৰে মনোযোগ আকৰ্ষণ কৰাঃ

শিশুৰ এটা স্বভাৱ-সুলভ প্ৰৱণতা হৈছে সি সকলোৰে মনোযোগৰ কেন্দ্ৰবিন্দু হোৱা। সকলোৱে তাৰ প্ৰতি মনোযোগ দিয়াটো আৰু প্ৰশংসা, স্বীকৃতি আৰু মৰ্যাদা দান কৰাটো সি বিচাৰে। শিশু-মনৰ এনে ইচ্ছা, প্ৰবৃত্তি আৰু প্ৰয়োজন স্বাভাৱিকভাৱে পূৰণ নহ’লে সি অস্বাভাৱিক আৰু অসুস্থ আচৰণ প্ৰদৰ্শনেৰে তাক পূৰণৰ চেষ্টা চলায় আৰু তাৰ দ্বাৰা আনৰ দৃষ্টি তথা মনোযাগ আকৰ্ষণ কৰিবলৈ বিচাৰে। উল্লেখযোগ্য যে সি তাৰ কোনো কাম কামেৰে বয়সস্থসকলৰ মনোযোগ আকৰ্ষণ কৰিব নোৱাৰিলে অসুস্থ আৰু আপত্তিজনক ক্ৰিয়াৰে সহজে মনোযোগ আকৰ্ষণ কৰিব পাৰে। উদাহৰণস্বৰূপে শিশুৱে নিজে তাৰ কাপোৰ-কানি পিন্ধিব পৰা কাৰ্যৰ প্ৰশংসা পাব নোৱাৰিলে বিকৃত ৰূপত কেতিয়াবা নিজকে সজাই তুলি দেখুৱায়। এনে বিকৃত ৰূপৰ ক্ৰিয়া প্ৰৱণতাই শিশু-আচৰণ অস্বাভাৱিক কৰি তোলে। ইয়াৰ প্ৰতিকাৰ কৰিবৰ বাবে বয়সস্থসকলে শিশুৰ অসুস্থ আৰু অস্বাভাৱিক আচৰণবোৰৰ প্ৰতি মনোযোগ দিয়াৰ পৰিৱৰ্তে তাৰ প্ৰশংসনীয় ক্ৰিয়া-আচৰণৰ প্ৰতি প্ৰয়োজনীয় স্বীকৃতি আৰু মনোযোগ প্ৰদান কৰিব লাগে। ভাল ক্ৰিয়া-আচৰণৰ প্ৰতি তেওঁলোকৰ স্বীকৃতি আৰু মনোযোগে শিশুক উৎসাহিত কৰি তোলে আৰু তাৰ পুনৰাবৃত্তিয়ে আচৰণৰ স্থায়ী ৰূপ দান কৰে।

বাল্যকালৰ কেতবোৰ সমস্যা জড়িত আচৰণঃ

বাল্যকালৰ সমস্যা জড়িত আচৰণবোৰ অধিক মানসিক জটিলতাপূৰ্ণ আৰু শিশুৰ জীৱনত দীৰ্ঘম্যাদী প্ৰভাৱযুক্ত হৈ উঠাটো লক্ষ্য কৰিব পাৰি। এই অসুস্থ আচৰণবোৰে শিশুৰ নিজ পৰিৱেশত সমাযোজন স্থাপন কৰাত আৰু ব্যক্তিত্বৰ সুস্থ বিকাশত প্ৰতিবন্ধকতা স্বৰূপে দেখা দিয়ে। পিতৃ-মাতৃ, শিক্ষক-অভিভাৱক সকলোৰে বাবেই এই সমস্যা জড়িত আচৰণবোৰ বাস্তৱিকতেই সমস্যা স্বৰূপ হৈ উঠে। ইয়াৰ স্বৰূপ জানি উঠাটো, ইয়াৰ প্ৰতি সাৱধানতা অৱলম্বন কৰাটো আৰু প্ৰয়োজনীয় প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাটো এক দায়িত্বপূৰ্ণ কৰ্তব্য স্বৰূপে বিবেচনা কৰিব পাৰি। তলত ইয়াৰ কেতবোৰ বৰ্ণনা কৰা হৈছে।

খং ভাব দেখুওৱাঃ

শিশুৰ সচৰাচৰ খং ভাব দেখুওৱা আচৰণ পৰিস্থিতিত পৰিলক্ষিত হয়। এনে আচৰণ বহু সময়ত মাক-দেউতাক আৰু শিক্ষকৰ বাবেও শিশুৰ প্ৰতি খঙৰ কাৰণ স্বৰূপ হৈ উঠিব পাৰে। এনেবিধ খঙৰ ৰুষ্ট ব্যৱহাৰ শিশুৱে বিভিন্ন আচৰণ প্ৰদৰ্শনেৰে প্ৰকাশ কৰি তোলে। এইসমূহ হৈছে- অতিপাত চিঞৰা আৰু চিঞৰি চিঞৰি কন্দা, বস্তু দলিওৱা, গুৰিওৱা, মাটিত বাগৰা ইত্যাদি। এনে উগ্ৰ আৰু অনিয়ন্ত্ৰিত আচৰণেৰে শিশুৱে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অথবা আনৰ ওপৰত নিয়ন্ত্ৰণৰ ভাব প্ৰকাশ কৰিবলৈ প্ৰদৰ্শন কৰিব পাৰে। মনোবিজ্ঞানীসকলে এনে আচৰণৰ বিভিন্ন কাৰণ দাঙি ধৰিছে। শিশুৱে পাবলৈ বিচৰা বস্তু, সন্মান, মৰ্যাদা বা মৰম লাভ কৰিব নোৱাৰিলে অথবা কোনোবাই তাৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিলে অথবা যিকোনো সন্মানজনক বুলি ভাবি লোৱা প্ৰতিযোগিতাত পৰাস্ত হ’লে এনে উগ্ৰ আচৰণ প্ৰদৰ্শন কৰিব পাৰে। ই তাৰ মনৰ বিৰক্তিকৰ পৰিস্থিতি আৰু তিক্ততা প্ৰকাশত সহায় কৰে। দৈহিক অসুস্থতা বা ক্লান্তিও ইয়াৰ কাৰণ হৈ উঠিব পাৰে। ইয়াৰ উপৰি আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু নিজৰ অক্ষমতা আৰু হীনাত্মিকাভাব গুচাবৰ বাবেও এনে অসুস্থ আচৰণ শিশুৱে প্ৰদৰ্শন কৰিব পাৰে।

মাক-দেউতাক আৰু শিক্ষক-অভিভাৱকসকলে শিশুৰ এনে খং ভাব প্ৰকাশৰ বেলিকা বিশেষ সাৱধান হ’ব লাগে। শিশুৰ খঙৰ বেলিকা তেওঁলোকে ধৈৰ্য আৰু আত্ম-নিয়ন্ত্ৰণৰ ভাব প্ৰদৰ্শন কৰিব লাগে। তেওঁলোকে শিশুৰ উগ্ৰ পৰিস্থিতিত কটু কথা বা বাক্য প্ৰয়োগ কৰি পৰিস্থিতিৰ ঘটাব নালাগে। ইয়াৰ পৰিৱৰ্তে শিশুক সহানুভূতিৰে জানিবলৈ আৰু তাৰ প্ৰয়োজনসমূহৰ বুজ ল’বলৈহে চেষ্টা কৰিব লাগে। অৱশ্যে শিশুৱে খং প্ৰদৰ্শনৰ বাস্তৱ পৰিস্থিতিত এনে সহানুভূতিশীলতাৰ ভূমিকা গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে অতি কঠিন কাম। তথাপিও ই অতি প্ৰয়োজনীয় স্বৰূপে বিবেচনা কৰিব পাৰি। তেওঁলোকে এনে পৰিস্থিতিত শিশুৰ উগ্ৰ আচৰণৰ কাৰণ বিশ্লেষণ কৰিবলৈ নগৈ তাক উপেক্ষা কৰাৰ মনোভাৱ আৰু দৃষ্টিভংগীহে গ্ৰহণ কৰিব লাগে। এনে পৰিস্থিতিৰ সমালোচনা কৰা আৰু শিশুক দোষী সাব্যস্ত কৰা মনোভাৱে অধিক ক্ষতিসাধন কৰে। ইয়াৰ উপৰি শিশু-মনৰ এই খঙৰ পৰিস্থিতি সাম কটাবলৈ তেওঁলোকে অন্য কোনো বিষয়ৰ প্ৰতি শিশুৰ মনোযোগ ঢাল খুৱাবলৈ চেষ্টা কৰিব লাগে।

আক্ৰমণাত্মক আচৰণঃ

এনে আচৰণ শিশু-মনৰ ব্যৰ্থতা আৰু ক্ৰোধভাবৰ মুক্ত প্ৰকাশ বা অভিব্যক্তি বুলিব পাৰি। এই আক্ৰমণাত্মক মনোভাৱ আৰু আচৰণ শিশুৱে বিভিন্ন উপায়ে প্ৰদৰ্শন কৰে। এইসমূহ হৈছে- প্ৰহাৰ কৰা, ধ্বংস কৰা, দৈহিকভাৱে যুঁজ কৰা, কামোৰা, গুৰিওৱা ইত্যাদি। শিশুৰ নিজ প্ৰভাৱ, প্ৰভুত্ব আৰু আত্ম-প্ৰতিস্থাভাৱ কাৰ্যকৰী কৰি তুলিবৰ বাবে এনে হিংসাত্মক আৰু আক্ৰমণাত্মক ক্ৰিয়া-কলাপ প্ৰদৰ্শন কৰে। আনক দৈহিকভাৱে ক্ষতিসাধন কৰাৰ মনোবৃত্তিয়েও এনে আচৰণ প্ৰদৰ্শনত ইন্ধন যোগাব পাৰে।

আক্ৰমণাত্মক আচৰণবোৰে শিশুৰ কেতবোৰ প্ৰয়োজনীয় উদ্দেশ্য সাধন কৰি তুলিব পাৰে। উল্লেখযোগ্য যে আক্ৰমণাত্মক আচৰণে শিশু-মনৰ ব্যৰ্থতাৰ ভাব উপশম কৰিব পাৰে। এই কথা লক্ষ্য কৰা হৈছে যে শিশুৰ ওপৰত মাক-দেউতাকৰ দমনমূলক প্ৰভাৱ অথবা তেওঁলোকে শিশুক ভাল নোপোৱা বুলি শিশুৱে গ্ৰহণ কৰা মনোভাৱৰ বাবে সচৰাচৰ এনে আচৰণ শিশুৱে প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ উপৰি পৰিয়ালৰ মাজত পিতৃ-মাতৃৰ বিবাদ, কঠোৰ অনুশাসন ব্যৱস্থা, তেওঁলোকৰ কটু সমালোচনা আৰু আন কেতবোৰ ব্যৰ্থতামূলক পৰিস্থিতি এনে আচৰণৰ কাৰণ স্বৰূপ হৈ উঠিব পাৰে। সেইবাবে স্কুল আৰু গৃহ পৰিৱেশত দমনমূলক পৰিস্থিতি শিশুৰ এনে সমস্যা জড়িত আচৰণৰপ্ৰধান কাৰণ বুলিব পাৰি। ইয়াৰ উপৰিও দৈহিকভাৱে শিশুৰ অন্তঃক্ষৰা গ্ৰন্থিৰ অস্বাভাৱিক ক্ষৰণ ক্ৰিয়া শিশুৰ উগ্ৰ আক্ৰমণাত্মক আচৰণৰ কাৰণ হৈ উঠিব পাৰে।

এনেবিধ আচৰণৰ উপযুক্তভাৱে সন্মুখীন হ’বৰ বাবে শিশু-মনৰ নিৰাপত্তাহীনতা, অপৰ্যাপ্ততা আৰু অপৰাধপ্ৰৱণতাৰ মনোভাৱ গুচাবলৈ চেষ্টা কৰিব লাগে। শিশুক তাক খং ভাব প্ৰকাশৰ প্ৰয়োজনীয় সুবিধা আৰু উপযুক্ত পৰিস্থিতি প্ৰদান কৰিব লাগে। তাক এই কথা প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিব লাগে যে আনৰ প্ৰতি খং ভাব প্ৰকাশ কৰাটো এটা স্বাভাৱিক কথা আৰু ইয়াত কোনো দোষণীয়তাৰ ভাব নাথাকে। এনে মনোভাৱ গ্ৰহণৰ অন্তৰালত থকা উদ্দেশ্য এয়ে যে তাৰ যোগেদি শিশুৱে নিজৰ ৰুক্ষ ভাব স্বাভাৱিক অৱস্থালৈ আনিব পাৰে আৰু সি নিজৰ আক্ৰমণাত্মক আচৰণ সংশোধন কৰি তুলিব পাৰে। তাৰ ফলত সঘনে পৰিস্থিতিত সি প্ৰদৰ্শন কৰা আক্ৰমণাত্মক আচৰণ গুচাব পাৰে। ইয়াৰ উপৰি শিশুৱে তাৰ মনৰ অৱদমিত আৱেগ-অনুভূতিসমূহ প্ৰকাশৰ প্ৰয়োজনীয় পথ সৃষ্টি কৰিব লাগে। ইয়াৰ বাবে খেলা-ধূলা, হাতৰ কাম, বাগান পৰিচালনা কৰা, চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা, নাট্যাভিনয় কৰা আদি কাৰ্যৰ সুবিধা প্ৰদান কৰিব লাগে। মাক-দেউতাকসকলে শিশুৰ আক্ৰমণাত্মক আচৰণৰ মূল কাৰণ বা ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্যৰ বুজ ল’বলৈ চেষ্টা কৰিব লাগে। এনে আচৰণ প্ৰদৰ্শন কৰিব পৰা পৰিস্থিতিও তেওঁলোকে এৰাই চলিব লাগে।

চুৰ কৰাঃ

শিক্ষক-অভিভাৱসসকলক সচৰাচৰ চিন্তিত কৰি তোলা শিশুৰ এটি পৰিচিত আচৰণ হৈছে চুৰ কৰা। এনে চৌৰ্য প্ৰবৃত্তিত আইন ভংগকাৰী দোষণীয় প্ৰবৃত্তিৰ ভাব প্ৰথম অৱস্থাত শিশুৰ আচৰণত দেখা পোৱা নাযায়। ক্ৰমান্বয়ে তাৰ বয়স আৰু অভিজ্ঞতাৰ লগে লগে শিশুৱে ক্ৰমে গৰাকী বা বস্তুৰ মালিকী-স্বত্বৰ প্ৰবৃত্তি অনুভৱ কৰিবলৈ ধৰে। ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পাৰ্থক্য অনুভৱ কৰি উঠে। এনে অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ অসুস্থ প্ৰবৃত্তি জাগি উঠে। ইয়েই হৈছে শিশুৰ চুৰ কৰাৰ মূল কাৰণ।

অৱশ্যে মনোবিজ্ঞানীসকলে শিশুৱে চুৰ কৰাৰ বিভিন্ন দেহ-মানসিক কাৰণ দাঙি ধৰে। কোৱা হয় যে শিশুৱে নিজৰ গৃহ পৰিৱেশত কৰা অসুস্থ অপসমাযোজনৰ ফলত চৌৰ্য প্ৰবৃত্তি আৰু আচৰণ প্ৰদৰ্শন কৰে। ঘৰৰ পৰিৱেশ অসুস্থ হ’লে আৰু শিশুৰ ব্যক্তিগত প্ৰয়োজন পূৰণত ই অসমৰ্থ হ’লে তাৰ মনত অসুস্থ আৱেগিক উত্তেজনাৰ সৃষ্টি কৰে। এনে উত্তেজনা সি চুৰ কৰা কাৰ্যৰ যোগেদি প্ৰকাশ কৰি আৱেগৰ উপশম কৰিব পাৰে। সেইবাবে চুৰ কৰা কাৰ্যই শিশু-মনৰ বিদ্ৰোহী মনোভাৱ আৰু অস্বস্তি আদি গুচোৱাত সহায় কৰে। মাক-দেউতাকৰ অসুস্থ আৰু নিৰ্দয় আচৰণে বহু সময়ত শিশুক চুৰ কৰিবলৈ মানসিকভাৱে উদ্যত কৰে। ইয়াৰ উপৰি শিশুৰ মনত হোৱা নিৰাপত্তাৰ অভাৱ আৰু অপৰ্যাপ্ততাৰ অনুভূতিয়েও তাক চুৰ কৰিবলৈ উদ্যত কৰে। যি শিশুৱে গৃহ পৰিৱেশত প্ৰয়োজনীয় স্বীকৃতি আৰু সন্মান স্বাভাৱিকভাৱে লাভ কৰিব নোৱাৰে তেনে শিশুৱে চুৰ কৰা অসামাজিক আৰু দোষণীয় ক্ৰিয়াৰ যোগেদি অসুস্থভাৱে লাভ কৰাৰ প্ৰবৃত্তি অনুভৱ কৰি উঠে। এনে কাৰ্যই শিশুৰ মনত তাৰ ক্ষতিপূৰণৰ মনোভাৱ আৰু আত্ম-তৃপ্তি লাভ কৰাত সহায় কৰে। এনে কাৰণতে শিশুৱে আনৰ টকা-পইচা আৰু বস্তু চুৰ কৰি প্ৰয়োজনীয় মানসিক তৃপ্তি লাভ কৰি উঠিব পাৰে।

শিশুৰ চুৰ কৰা এনে সমস্যাজড়িত আচৰণৰ সন্মুখীন হ’বৰ বাবে শিক্ষক-অভিভাৱকসকলে শিশুৰ মানসিক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিব লাগে। শিশুৱে যাতে গৃহ আৰু শিক্ষা পৰিৱেশত আৱেগিক নিৰাপত্তা আৰু পৰ্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। শিশু-মনৰ প্ৰয়োজনীয় স্বীকৃতি, সন্মান আদি অকুণ্ঠভাৱে দিবলৈ চেষ্টা কৰিব লাগে। শিশুৰ আত্ম-সন্মান, মৰ্যাদা আদি যাতে ক্ষুণ্ণ হৈ পৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। শিশুৰ মনত বিশ্বাসহীনতা, অসন্তোষ ভাব আদি যাতে গঢ়ি উঠিব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিব লাগে। ইয়াৰ বিপৰীতে শিশুৰ মনত বিশ্বাস, আত্ম-সন্মান আৰু আত্ম-উপলব্ধিৰ মনোভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। দৈহিক শাস্তি অথবা শিশুৰ প্ৰতি কঠোৰ ব্যৱহাৰ এৰাই চলিব লাগে। গৃহ আৰু শিক্ষা পৰিৱেশে শিশুৰ মনত আত্মবিশ্বাস জগাই তুলিব পৰা অৱস্থা এটা সৃষ্টি কৰিব লাগে। শিশুমনৰ মনোভাৱ সুস্থ পথেদি পৰিচালিত কৰিবলৈ আজৰি সময়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। এনে এক অৱস্থাইহে শিশুৰ মানসিক স্বাস্থ্য ঘূৰাই অনাত আৰু তাৰ মনত আত্ম-বিশ্বাস আৰু আত্ম-প্ৰত্যয়ৰ ভাব জগাই তোলাত সহায় কৰিব পাৰে।

বাক্-অস্বাভাৱিকতাঃ

শিশুৰ ভাষা বিকাশৰ কালছোৱাত বাক্-অস্বাভাৱিকতাৰ সমস্যা সচৰাচৰ পৰিলক্ষিত হয়। ই আংশিকভাৱে দৈহিক আৰু আংশিকভাৱে মনোবৈজ্ঞানিক বুলি ক’ব পাৰি। শিশুৰ এই বাক্-অস্বাভাৱিকতাৰ ভিতৰত বাক্-স্খলন আৰু বাক্-অক্ষমতা বিশেষভাৱে আমাৰ চকুত পৰে। এই দুয়োবিধেই হৈছে শিশুৰ কথন অক্ষমতাৰ নিদৰ্শন। বাক্-স্খলন হৈছে এবিধ আপেক্ষিকভাৱে কম অনিষ্টকাৰী অৱস্থা আৰু বাক্-অক্ষমতা হৈছে এক গুৰুতৰ বিধৰ প্ৰভাৱ। বাক্-স্খলনৰ বেলিকা শিশুৱে কেতবোৰ শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰিব নোৱাৰি তাক বাৰে বাৰে চেষ্টা কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ‘দ-দ-দ দমন’, ‘ভ-ভ-ভ ভদ্ৰ’ ইত্যাদি। আনহাতে বাক্-অক্ষমতা ইয়াতকৈ কিছু গুৰুতৰ বিধৰ হয়। ইয়াত শিশুৱে একো একোটা শব্দ সমূলি উচ্চাৰণ কৰিব নোৱাৰি হতাশা, ব্যৰ্থতা আৰু অস্বস্তিৰ এক আৱেগিক উত্তেজনা অনুভৱ কৰি উঠে আৰু সি মুখমণ্ডলত প্ৰকাশ পায়। এনে অৱস্থাত শিশুৰ আৱেগৰুদ্ধ অৱস্থাৰ সৃষ্টি হয়। এনে ব্যৰ্থতা আৰু অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হোৱাৰ কাৰণ এয়ে যে এনে শিশুৰ মনত আৱেগিক আৰু আনুভূতিক অৱস্থাই মনৰ ভাব-অনুভূতি প্ৰকাশত বাধাৰ সৃষ্টি কৰে। অৱশ্যে এটা সময়ত সকলো শিশুৱেই মনৰ ভাব-অনুভূতিৰ প্ৰৱণতা আৰু তাৰ প্ৰকাশ মাধ্যমৰ সীমাবদ্ধতাৰ হেতুকে কম-বেছি পৰিমাণে বাক্-অস্বাভাৱিকতাত ভোগে।

বিশেষজ্ঞসকলে এনে কথন অক্ষমতাৰ কেতবোৰ কাৰণ নিৰ্ণয় কৰি দেখুৱাইছে। তেওঁলোকৰ মতে অতিমাত্ৰা আৱেগৰ প্ৰভাৱ আৰু দোষযুক্ত অংগ-সঞ্চালন ক্ৰিয়াৰ বাবেই ই সংঘটিত হয়। ইয়াৰ উপৰি আন কেতবোৰ পৰিস্থিতি, যেনে- পৰিয়াল পৰিৱেশৰ অপ্ৰত্যাশিত পৰিৱৰ্তন, মৰমৰ ব্যক্তিজন আঁতৰি যোৱা, মনত ঈৰ্ষাভাৱৰ সৃষ্টি হোৱা, অকৃতকাৰ্যতাৰ ভয়, নিৰাপত্তাৰ অভাৱ আৰু কঠোৰ অনুশাসনৰ অৱস্থা আদি ইয়াৰ বাবে দায়ী। সেয়েহে এনে কথন অক্ষমতাৰ গভীৰ মনোবৈজ্ঞানিক প্ৰভাৱ জড়িত হৈ থাকে। ইয়াক গুচাবৰ বাবে অথবা ইয়াৰ প্ৰভাৱ লাঘৱ কৰিবৰ বাবে সুস্থ আৱেগিক পৰিৱেশ সৃষ্টি কৰি তোলা প্ৰয়োজন। এনে পৰিৱেশত শিশুৱে নিৰাপত্তা, আত্ম-সন্মান আৰু স্বাধীনতা অনুভৱ কৰিব পাৰিব লাগে। ইয়াৰ দৈহিক দৃষ্টিকোণৰ পৰাও ক’ব পাৰি যে শিশুক তাৰ অংগ-সঞ্চালন ক্ষমতাৰ বিজ্ঞানসন্মতভাৱে দিয়া প্ৰশিক্ষণৰ যোগেদি স্বাভাৱিক অৱস্থালৈ আনিব পৰা যায়। এই বাক্-স্খলন আৰু বাক্-অক্ষমতা সম্বন্ধে ইতিপূৰ্বে ভাষা বিকাশৰ অধ্যায়ত বহলাই আলোচনা কৰি অহা হৈছে।

শিশুৰ সমস্যাজড়িত আচৰণ কিদৰে গুচাব পাৰিঃ

 

শিশুৰ সমস্যাজড়িত আচৰণৰ প্ৰধান কাৰণ হৈছে তাৰ অসুস্থ পৰিৱেশৰ প্ৰভাৱ। শিশুৰ পৰিৱেশে যদি তাৰ মনো-দৈহিক প্ৰয়োজনবোৰ পূৰণত ব্যৰ্থ হয় তেন্তে সি শিশুৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰে। সেইবাবে তাৰ দৈহিক, মানসিক আৰু আৱেগিক প্ৰয়োজনসমূহ যথোচিতভাৱে পূৰণ কৰাৰ ওপৰতেই তাৰ আচৰণ স্বাভাৱিক অৱস্থালৈ পুনৰ ঘূৰাই অনাটো ঘাইকৈ নিৰ্ভৰ কৰে। শিশুৰ সমগ্ৰ আচৰণ জড়িত সমস্যাৰ বিষয়টো প্ৰধানকৈ আৱেগিক নিৰাপত্তা আৰু পৰ্যাপ্ততা অনুভৱ কৰিব পৰা-নোৱাৰাৰ ওপৰতেই বিশেষভাৱে নিৰ্ভৰ কৰে। সেয়েহে শিশুক এই দিশত সহায় কৰিবলৈ এনে অৱস্থাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। ইয়াৰ বাবে শিক্ষক-অভিভাৱকসকলে এক সচেতন আৰু দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। তেওঁলোকে লক্ষ্য কৰিব লাগে যে শিশুৰ সূক্ষ্ম আৱেগিক আৰু আনুভূতিক জীৱন কোনো কাৰণতে যেন ক্ষতিগ্ৰস্ত কৰি তোলা নহয়। ইয়াৰ বাবে তেওঁলোকে গ্ৰহণ কৰিব লগা কেতবোৰ দায়িত্বপূৰ্ণ ভূমিকা সম্বন্ধে তলত সংক্ষেপে উল্লেখ কৰিব পাৰি।

(১) মাক-দেউতাকে শিশুক তাৰ গৃহ পৰিৱেশত মৰম-চেনেহ অকুণ্ঠভাৱে প্ৰদান কৰিব লাগে আৰুশিশুৰ লগত ঘনিষ্ঠ দৈহিক সংস্পৰ্শ আৰু সান্নিধ্য ৰক্ষা কৰি চলিব লাগে। লক্ষ্য কৰিব লাগে যাতে শিশুৱে আৱেগিকভাৱে মাক-দেউতাকৰ অধীনত নিৰাপত্তা আৰু মৰম-আদৰ-যত্নৰ পৰ্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে।

(২)মাক-দেউতাকে শিশুৰ দৈহিক প্ৰয়োজনসমূহ, যেনে- খোৱা-পিন্ধা আদিৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় কথা। শিশুৰ চালুকীয়া অৱস্থাৰ দৈহিক প্ৰয়োজনসমূহ পূৰণৰ ওপৰতেই তাৰ সুস্থ আৱেগিক বিকাশ বিশেষভাৱে নিৰ্ভৰ কৰে।

(৩) মাক-দেউতাকে গৃহ পৰিৱেশত শিশুক উন্নত এক বৈষয়িক পৰিৱেশ প্ৰদান কৰিব লাগে, যাতে শিশুৱে তাৰ সুস্থ সঞ্চালনমূলক বিকাশ সাধন কৰিব পাৰে। ইয়াৰ বাবে শিশুক বিবিধ খেলা-ধূলাৰ আহিলা-পাতি প্ৰয়োজন মতে প্ৰদানৰপ্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।

(৪)স্কুলৰ এক উন্নত শিক্ষা-পৰিৱেশ গঢ় দি তুলিব লাগে যত শিশুৱে এক বহল পৰিসৰৰ খেলা-ধূলাৰ সা-সুবিধা লাভ কৰিব পাৰে। শিশুৰ আৱেগিক অনুভূতিৰ সুস্থ বিকাশ এনে শিক্ষা-পৰিৱেশে সম্ভৱ কৰি তুলিব লাগে। নৃত্য-গীত, আবৃত্তি আদিৰ যোগেদিও ইয়াত শিশুৰ সুস্থ মানসিক আৰু আনুভূতিক বিকাশ সাধনৰ চেষ্টা কৰিব লাগে।

(৫) শিক্ষক আৰু অভিভাৱকসকলে লক্ষ্য কৰিব লাগে যে শিশুৱে নিজ পৰিৱেশত পৰ্যাপ্ততা আৰু আৱেগিক নিৰাপত্তা অনুভৱ কৰি উঠিব পাৰে। ইয়াৰ বাবে গৃহ আৰু শিক্ষা পৰিৱেশ যথাসম্ভৱ মুক্ত আৰু স্বতঃস্ফূৰ্তকৰি তুলিব লাগে। এনে পৰিৱেশত শিশুৰ আত্ম-প্ৰকাশত সহায় কৰি অৱদমনমুক্ত কৰি তুলিব পাৰিব লাগে।

(৬) কৈশোৰ কালত ল’ৰা আৰু ছোৱালীক প্ৰয়োজন অনুসৰি বৃত্তীয় আৰু শৈক্ষিক নিৰ্দেশনা দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ জীৱন-দৰ্শন আৰু আদৰ্শ বাস্তৱভিত্তিক কৰি তুলিব পাৰিব লাগে। তেওঁলোকে যাতে সামাজিকভাৱেও নিজকে দায়িত্বশীল অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(৭) শিক্ষক-অভিভাৱকসকলে ল’ৰা-ছোৱালীক তেওঁলোকৰ লগৰ সমনীয়া আৰু বন্ধু-বান্ধৱসকলৰ লগত সুস্থ সম্বন্ধ স্থাপন কৰি চলিব পৰাৰ প্ৰতিও চকু ৰাখিব লাগে। কিশোৰ-কিশোৰীৰ মনত বিপৰীত লিংগৰ প্ৰতি গঢ়ি উঠা যৌন আসক্তি ভাবক সমালোচনাৰ চকুৰে নাচাই আৱশ্যক মতে সন্মানৰ দৃষ্টিৰেহে বিবেচনা কৰিব লাগে।

(৮) মাক-দেউতাকে ল’ৰা-ছোৱালীৰ প্ৰতি পক্ষপাতমূলক মনোভাৱ আৰু আচৰণ ত্যাগ কৰিব লাগে। তেওঁলোকৰ আচৰণ যথাসম্ভৱ ব্যক্তি-নিৰপেক্ষ আৰু গণতান্ত্ৰিক বিধৰ কৰি তুলিবলৈ চেষ্টা কৰিব লাগে যাতে তেনে আচৰণত কোনো পক্ষপাতিতাৰ ভাব দেখা পাব পৰা নাযায়।

(৯) গৃহ পৰিৱেশত ল’ৰা-ছোৱালীয়ে মনত যাতে কোনো কথা, বস্তু বা বিষয়ৰ অভাৱ অনুভৱ কৰিবলৈ নাপায় তাৰ প্ৰতি পিতৃ-মাতৃ সচেতন হৈ থাকিব লাগে। অৱশ্যে প্ৰয়োজনতকৈ অধিক বস্তু তেওঁলোকক প্ৰদান কৰি অতি আলসুৱা কৰি তুলিবও নালাগে।

(১০) ল’ৰা-ছোৱালীয়ে সকলো কথা যাতে বাস্তৱ দৃষ্টিভংগীৰে চাবলৈ আৰু অনুভৱ কৰিবলৈ শিকে আৰু বাস্তৱ অভিজ্ঞতা লাভ কৰি উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কল্পনাৰ অবাস্তৱ প্ৰভাৱৰ পৰা তেওঁলোকক মুক্ত কৰি তুলিব লাগে।

শেষত এই কথা প্ৰণিধানযোগ্য যে শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অজ্ঞতাই বহু পৰিমাণে শিশুৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰে। এই কথাৰ উপলব্ধিৰে শিশুক তাৰ প্ৰকৃত ৰূপত চাবলৈ আৰু বুজিবলৈ চেষ্টা কৰাটো আমাৰ সকলোৰে কাম্য। শিশু-অধ্যয়ন সেয়েহে আমাৰ বাবে এক এৰাব নোৱাৰা কৰ্তব্য স্বৰূপ। মানৱ সভ্যতাৰ অগ্ৰগতিয়ে শিশুৰ প্ৰতি এই কৰ্তব্য আৰু গভীৰভাৱে অনুভৱ কৰি উঠাত অনুপ্ৰেৰণা যোগাইছে। মানৱতাৰ ভৱিষ্যৎ মানেই হৈছে শিশুসকলৰ ভৱিষ্যৎ।

 

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.97297297297
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top