মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশু যৌন হিংসা আৰু সমাজৰ দায়িত্ব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু যৌন হিংসা আৰু সমাজৰ দায়িত্ব :

শিশু যৌন হিংসা আৰু সমাজৰ দায়িত্বৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতবৰ্ষৰ বিভিন্ন অপৰাধৰ মাজত শিশু যৌন হিংসা এটি আনুপাতিকভাৱে কম প্ৰতিবেদিত বা ‘under reported’   অপৰাধ হ’লেও এই জঘন্য অপৰাধৰ ভুক্তভোগীৰ সংখ্যা চিন্তনীয়। ২৬ খন ৰাজ্যৰ প্ৰায় ৪৫,০০ ল’ৰা-ছোৱালীৰ মাজত চলোৱা সমীক্ষাই এই চিত্ৰ আৰু ভয়াৱহ কৰি তোলে।World Vision ৰ দ্বাৰা চলোৱা এক সমীক্ষা অনুসৰি প্ৰত্যেক দ্বিতীয়জন শিশু যৌন নিৰ্যাতনৰ বলি। কিন্তু দুৰ্ভাগ্যজনকভাৱে চাৰিটাৰ ভিতৰত এটি পৰিয়ালেও এনে অপৰাধৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰে। সামাজিক কালিমা, পৰিয়ালৰ সন্মানৰ কথা চিন্তা কৰি পীড়িতৰ পৰিয়াল নীৰৱে থাকে।

শিশু নিৰ্যাতনৰ সৰহভাগ কেছত দেখা যায় যে, প্ৰায় কোনো পৰিচিত মানুহ বা আত্মীয়-পৰিজনে এই অপৰাধৰ অপৰাধী। এনে বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০১২ চনত শিশুৰ সুৰক্ষাৰ বাবে এটি কঠিন আইন প্ৰস্তুত কৰি উলিওৱা হয়। প্ৰটেকচন অব চিলণ্ড্ৰেন ফ্ৰম ছেক্সৱেল অফেন্স এক্ট চমুকৈ POCSO  বুলি জনাজাত এই আইনত খুব স্পষ্টকৈ শিশুৰ যৌন হিংসাৰ সংজ্ঞা দাঙি ধৰা হৈছে- কেৱল ধৰ্ষণ নহয়, শিশুৰ ইচ্ছাৰ বিৰুদ্ধে শৰীৰৰ যিকোনো অংগত স্পৰ্শ কৰাকো যৌন হিংসাৰ আওতাত লোৱা হৈছে। এই আইনমতে যিকোনো ধৰনৰ যৌন সম্পৰ্কৰ বাবে মত দিয়াৰ বয়স হ’ল নুন্যতম ১৮ বছৰ। আৰু ১৮ বছৰ বয়সৰ তলৰ কোনো ল’ৰা বা ছোৱালীৰ লগত শাৰীৰিক সম্প্ৰ্ক এটি দণ্ডনীয় অপৰাধ । ইয়াতে নাবালক-নাবালিকাৰ মতৰ কোনো প্ৰশ্ন নাহে।

ভাৰতবৰ্ষত শিশু যৌন হিংসাৰ ক্ষেত্ৰত সাধাৰনতে সমজত নীৰৱতা অৱলম্বন কৰা দেখা যায়। পিচে ২০০০ চনত প্ৰকাশিত পিংকি ভিৰানীৰ বিটাৰ চকলে নামৰ কিতাপখনে এই নীৰৱতা ভংগ কৰাৰ চেষ্টা কৰে আৰু ওলাই পৰে আমাৰ সমাজৰ এটি ঘৃণনীয় চেহেৰা। কন কন ল’ৰা-ছোৱালীৰ ওপৰত অকথ্য শোষণ চলাইছে নিজৰ পৰিয়ালৰ মানুহে। শিশু যৌন হিংসাৰ ভুক্তভোগীৰ পীড়া গুৰুত্বপুৰ্ণসহকাৰে এই কাৰণে লোৱা উচিত, কাৰণ ল’ৰালিত ঘটা এনে ঘটনাৰ প্ৰভাৱ গোটেই জীৱন থাকি যায়। আমিৰ খানৰ টিভি ছিৰিয়েল সত্যমেৱ জয়ততে এনে বহু পীড়িতই কৈছিল যে, সৰু কালত ঘটনা ঘটনাবোৰ গোটেই জীৱন তেওঁলোকক মানসিক কষ্ট দিয়াৰ উপৰি তেওঁলোকৰ আত্মবিশ্বাস আৰু কৰ্মজীৱনত ইয়াৰ প্ৰভাৱ পৰে।

কিন্তু  POCSO ৰ দৰে কঠোৰ আইন থকা সত্ত্বেও শিশু যৌন হিংসাৰ ঘটনা দিনকদিনে বাঢ়িছে আছে। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ (NCRB) ৰ মতে কেৱল ২০১৫ চনতে প্ৰায় ১৫,০৩৯ জন শিশু POCSO  ৰ মতে যৌন হিংসাৰ ভুক্তভোগী। তাৰে ভিতৰত ৮৩৪১ টা কেছত অভিযুক্ত ভুক্তভোগীৰ আত্মীয়, পৰিয়ালৰ পৰিচিত নাইবা শিক্ষক । য’ত উত্তৰ-পুৰ্বাঞ্চলৰ মিজোৰামত শিশু যৌন হিংসাৰ ঘটনা সৰ্বাধিক, অসম খুব বেছি পিচপৰি থকা নাই। বেংগালুৰুৰ নেচনেল স্কুলৰ চেণ্টাৰ ফৰ চাইলড এণ্ড দ্য লয়ে চলোৱা এট অধ্যয়নৰ মতে অসমত POCSO  ৰ অধীনত অভিযুক্তৰ শাস্তিৰ হাৰ মাত্ৰ ২৪.৪%। বহুতৰে মতে বহু লেহেম গতিত আৰু দীঘলীয়া আইনী প্ৰক্ৰিয়াই বহু পীড়িতক পৰিপন্থী কৰি তোলে আৰু তেওঁলোক ন্যায়ৰ পৰা বঞ্চিত হৈ ৰয়। বাৰে বাৰে ন্যায়ালয়ত নিজৰ ভয়াৱহ অভিজ্ঞতাৰ কথা আওৰাই এই শিশুবোৰ যৌন হিংসাৰ বলি হয় বহুবাৰ।

সেই একে প্ৰতিবেদনমতে প্ৰায় ৭৮% কেছত অভিযুক্ত ভুক্তভোগীৰ পৰিচিত মানুহ। বহুক্ষেত্ৰত এনে সম্পৰ্ক প্ৰেমজনিত বুলি ধৰি লৈ অভিযুক্তক শাস্তিৰ পৰা ৰেহাই দিয়া হয়। অসমত বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰী বিষয়াক এনে নৰম পন্থা লোৱা প্ৰায়ে দেখা যায়। কিন্তু POCSO Act ত স্পষ্টকৈ উল্লেখ কৰা আছে যে, যিকোনো পৰিস্থিতিতে নাবালক-নাবালিকাৰ লগত শাৰীৰিক সম্পৰ্ক দণ্ডনীয়।

য’তই শিশু যৌন হিংসা প্ৰায় ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যতে এটি ভয়ংকৰ ৰুপ লৈ আছে, অসমত এই সমস্যাৰ কিছু সুকীয়া দিশ দেখা দিয়ে। উক্ত সমীক্ষাতে পোৱা যায় যে ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ ওচৰে –পাঁজৰে থকাসকল এনেধৰণৰ ঘটনা লৈ সাধাৰণতে আৰক্ষীৰ ওচৰলৈ নগৈ, গাওঁবুঢ়া বা চাহ বাগিচাৰ মেনেজাৰৰ ওচৰ চাপে। তাতে কোনোধৰনৰ মীমাংসা নহ’লে তেওঁলোক শেষপন্থা হিচাপে পুলিচৰ ওচৰলৈ যায়। কিন্তু বেছি ক্ষেত্ৰতে ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয় মীমাংসা কৰি লোৱাৰ বাবে। ভুক্তভোগী ছোৱালী যদি অন্ত:সত্ত্বা হৈ যায় তেন্তে শাস্তিৰ ঠাইত অপৰাধীৰ লগতে ছোৱালীজনীক বিবাহপাশত আৱদ্ধ কৰা হয়। এয়া পীড়িতৰ ওপৰত বৰ্ধিত শোষণ। আৰক্ষীৰ সংবেদনশীলতাৰ অভাৱৰ বাবেও ভুক্তভোগীৰ পৰিয়াল বহুক্ষেত্ৰত থানালৈ যাবলৈ অনিচ্ছুক। প্ৰায়ে সংবাদ মাধ্যমত পোৱা যায় যে, পীড়িতৰ পৰিয়াল যেতিয়া আৰক্ষীৰ ওচৰ চাপে, আৰক্ষীয়ে তৎপৰতাৰে কোনোধৰণৰ পদক্ষেপ নলয়।

শিশু যৌন হিংসাৰ এনে ভয়ংকৰ পৰিৱেশৰ মাজত আৰু এটা কথা আমাৰ মনত ৰখা উচিত যে, কন কন ল’ৰা-ছোৱালীবোৰক ভয় দেখুৱাই বহুক্ষেত্ৰত দীঘলীয়া সময় ধৰি শোষণ কৰা হয়। কিন্তু আমাৰ সমজত আজিও যৌনতা এটি লাজ লগা আৰু ডাঙৰ বিষয়বস্তু। কণ কণ ল’ৰা- ছোৱালীয়ে যৌন হিংসাৰ সন্মুখীন হ’লেও, বহু মনোকষ্ট বা শাৰীৰিক কষ্ট পালেও বুজি নাপায় যে, মৰমৰ নামত পৰিচিত মানুহজনে তাইৰ বা তাৰ শৰীৰৰ লগত কি কৰি আছে।

শিশুসকলে বুজি পালেও মাক-দেউতাকক ক’বলৈ সাহস নকৰে। কাৰণ নিৰ্যাতন কৰাজন বহু সময়ত সম্পৰ্কীয় মোমায়েক, ককায়েক। মাকক ক’লে মাকে বিশ্বাস নকৰিবও পাৰে বা খং কৰি আকৌ এনে ‘লেতেৰা’ কথা ক’বলৈ হাক দিব পাৰে। খোজেপ্ৰতি নিজৰ পৰম্পৰা, সংস্কৃতিৰ কথা কোৱা আমিবোৰে হয়তো আমাৰ সন্তানক কেৱল ডাঙৰক সন্মান কৰিবলৈকো শিকাইছো। কিন্তু সেই ডাঙৰবোৰে যেতিয়া আমাৰ সন্তানৰ অনিষ্ট কৰে, তেতিয়াও তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে সৰহসংখ্যক শিশুৱে।

যদিও বিভিন্ন বেচৰকাৰী সংগঠনে শিশু যৌন হিংসাৰ বিষয়ে সজাগতা বঢ়াবলৈ কাম কৰি আছে, আজিৰ দিনতো শিশু যৌন হিংসাৰ বাবে হ’বলগীয়া ব্যাপক আলোচনাৰ অভাৱ। পাশৱিক মানসিকতাৰ যৌন শোষণকাৰীৰ বাবে শিশুসকল সহজ লক্ষ্য। দিনকদিনে ধৰ্ষিতৰ গড় বয়স কমি আহিছো। আৰু আমাৰ সমাজব্যৱস্থাই এনে পৰিৱেশৰ সৃষ্টি কৰিছে যে, কঠোৰ আইন থকা সত্ত্বেও এইসকল মানুহে খুব সহজে আইনৰ হাত সাৰি যায়।

লেখিকা: পাৰভিন চুলতানা (সম্ভাৰ)

2.92
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top