মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুটিক কেনেকৈ গঢ়ি তুলিব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুটিক কেনেকৈ গঢ়ি তুলিব :

শিশুটিক কেনেকৈ গঢ়ি তুলিব, সেই বিষয়ে লিখা হৈছে ।

 

প্ৰতিটো শিশুৱে জন্মগ্ৰহণ কৰোতে এটি সুন্দৰ মনৰ অধিকাৰী হৈ আহে। প্ৰথমে প্ৰতিগৰাকী শিশুৰ মন এখিলা শুভ্ৰ কাগজৰ দৰেই পৱিত্ৰ হৈ থাকে। কিন্তু যেতিয়া আমাৰ সমাজৰ স্পৰ্শলৈ আহে, তেতিয়া এচাম অসৎ লোকৰ কবলত পৰি কলুষিত হৈ পৰে। সেয়ে পিতৃ-মাতৃ, অভিভাৱক আৰু সমাজ সচেতন ব্যক্তিসকলে সৎ সুন্দৰ পৱিত্ৰ শিশুসকলৰ ক্ষেত্ৰত সচেতন হোৱাটো অতিকে বাঞ্ছনীয় যাতে শিশুসকল আমাৰ সমাজৰ কু-প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰে।

উল্লেখযোগ্য যে স্বাভাৱিকতেই শিশুহঁত প্ৰকৃতি শান্ত, শীতল, সৎ আৰু অৰ্থনৈনিক কাৰ্যকলাপৰ পিনে ধাবমান নহয় তালৈ প্ৰতিগৰাকী অভিভাৱকে লক্ষ্য ৰাখিব লাগে। সিহঁতৰ জন্মগত প্ৰবৃত্তি, ইচ্ছা, আবেগ-অনুভূতি আৰু ৰুচি-অভিৰুচিৰ ওপৰত ভিত্তি কৰিয়ে সিহঁতক শিক্ষা প্ৰদান কৰিব লাগে। তেতিয়াহে নিশ্চয় সিহঁতে এটা সুনিয়ন্ত্ৰিত স্বাধীন জীৱন যাপনৰ অধিকাৰী হ’ব পাৰিব। ভাল-বেয়াৰ বিচাৰ আৰু উপলব্ধি সিহঁতক নিজস্ব ক্ৰিয়া-কৰ্মৰ অভিজ্ঞতাৰ দ্বাৰাই কৰাবলৈ পিতৃ-মাতৃ বা অভিভাৱকসকলে যত্নপৰ হ’ব লাগে। তেতিয়াহে সিহঁতে নিজকে নিজে চিনি পোৱাত বা আত্মোপলব্ধিত উজু হৈ পৰে। শিশুহঁতৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে সিহঁতক খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত কৰি তুলিব লাগে। কাৰণ খেলা- ধুলাৰ দ্বাৰাই সিহঁতে বিভিন্ন অভিজ্ঞতা লাভ কৰিব পাৰে। কেতিয়াবা সিহঁতে ভুল কাম বা বেয়া কাম কৰিলে শাস্তি দিয়াৰ পৰিৱৰ্তে যাতে আগলৈ তেনে কাম নকৰে তাৰ কাম নকৰে তাৰ বাবে সুন্দৰভাৱে বুজাই ক’ব লাগে। কাৰণ শিশুক সঘনাই কঠোৰ শাস্তি দিলে সিহঁতে অবাধ্য হৈ পৰে। ফলস্বৰূপে হিতে বিপৰীতে হৈ পৰে।

শিশুসকলে যিহেতু সদায় মাক-দেউতাকৰ লগত থাকে, সেয়ে মাক-দেউতাকৰ পৰাই প্ৰথম শিক্ষা আৰম্ভ হয়। পৰৱৰ্তী সময়তহে আনুষ্ঠানিক শিক্ষা বিদ্যালয়ৰ শিক্ষক-শিক্ষায়িত্ৰীৰ পৰা শিকিবলৈ আৰম্ভ কৰে। উক্ত সময়ছোৱাতে শিশুহঁতক সৎ চৰিত্ৰ গঠনৰ আদিপাঠ মানুহৰ প্ৰতি শ্ৰদ্ধা কৰা, ভাল পোৱা আৰু মানুহৰ সুখ-দুখৰ সমভাগী হোৱা আদি ভালদৰে বুজাই শিকাব লাগে। সিহঁতৰ জন্মদিনত অন্য বস্তুৰ সলনি সিহঁতৰ উপযোগী কিতাপ উপহাৰ দিয়া উচিত। সাধু কোৱাৰ ছলেৰে মহাপুৰুষৰ আৰু মহৎ লোকৰ জীৱন কাহিনীৰ কথা ক’ব লাগে। মন কৰিবলগীয়া কথা যে শিশুক কেতিয়াও ভয় খুৱাব নালাগে, বৰং সাহসী হ’বলৈ উৎসাহ দিব লাগে। শিশুহঁতে যাতে নিজৰ ওপৰত নিৰ্ভৰ কৰি বিকাশৰ পথ আগ বাঢ়ি যাব পাৰে, তাৰ বাবে পিতৃ-মাতৃ বা অভিভাৱকসকল যত্নপৰ হ’ব লাগে।

উল্লেখ কৰিব পাৰি যে কোনো কোনো শিশুৰ মাজত কেতিয়াবা মাক-দেউতাকৰ প্ৰতি অত্যধিক শ্ৰ্দ্ধা আৰু ভাল পোৱাই শিশুটি ডাঙৰ-দীঘল হৈ অহাৰ লগে লগে ব্যক্তিগত জীৱনত অনেক সমস্যাৰ সৃষ্টি কৰে। পৰিলক্ষিত হয় যে মাক-দেউতাকৰ প্ৰতি সদা আনুগত্য শিশুৱে তেওঁলোকৰ সন্মান লাঘৱ হ’ব বুলি ভাবি সিহঁতৰ ব্যক্তিগত জীৱন বিষময় কৰি তোলে। আনহাতে ইয়াৰ বিপৰীতে মাত্ৰাধিক লাহ-বিলাহত ডাঙৰ হোৱা শিশুবোৰে কেতিয়াবা পিতৃ-মাতৃ বা অভিভাৱকৰ মৰম-স্নেহৰ অপব্যৱহাৰ কৰি বিপথে যোৱাও দৃষ্টিগোচৰ হয়। সি যি কি নহওক, যিহেতু শিশুৱেই হ’ল এখন দেশৰ ভৱিষ্যৎ নাগৰিক। সেয়ে সিহঁতৰ শৈক্ষিক, শাৰীৰিক, মানসিক আদি দিশত বিশেষ যত্ন লোৱাটো প্ৰ্তিগৰাকী পিতৃ-মাতৃ তথা অভিভাৱকৰ গধুৰ দায়িত্ব আৰু পৰম কৰণীয় কৰ্তব্য। প্ৰকৃততেই নৱপ্ৰজন্মৰ উত্তৰণত পিতৃ-মাতৃ তথা অভিভাৱকৰ উপৰি শিক্ষক-শিক্ষয়ত্ৰীৰ অৱদান  অন্যতম।

লেখক: ঘনশ্যাম দাস(অসম বাণী)

 

 

 

 

 

 

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top