মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৰ উৎকৰ্ষত পিতৃ-মাতৃৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ উৎকৰ্ষত পিতৃ-মাতৃৰ ভূমিকা

শিশুৰ উৎকৰ্ষত পিতৃ-মাতৃৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

 

শিশুৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ কাৰণে দেশত বিভিন্ন শিক্ষাৰ মাধ্যম আৰু শিক্ষা অনুষ্ঠানৰ সৃষ্টি হৈছে। যাৰ ফলত আজিৰ শিশুৱে নিজস্ব বিকাশৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে। শিশু হৈছে দেশৰ ভৱিষ্যৎ। গতিকে তেনে এটি ভৱিষ্যতৰ সম্ভাৱনাক শুদ্ধ পথেৰে পৰিচালিত কৰিবলৈ লাগিব পিতৃ-মাতৃৰ একান্ত ইচ্ছা। সেয়েহে শিক্ষাবিদ পেষ্টল’জীৰ মতে— ‘পিতৃ-মাতৃ আৰু পৰিয়ালৰ যত্ন আৰু স্নেহৰ ওপৰতে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে শিশুটি ।’

শিশুৱে জন্মৰ পৰাই নিজস্ব গুণ কিছুমান লগত লৈ আহে। বয়স বাঢ়ি অহাৰ লগে লগে শিশুৰ মনৰ এই অৱস্থাৰ বুজ লৈ পিতৃ-মাতৃয়ে শিশুৰ শিক্ষাৰ দিশ নির্ণয় কৰিব লাগে। গৃহ পৰিৱেশত মাক-দেউতাকৰ অনুকৰণীয় ক্রিয়া-আচৰণ উচ্চমানবিশিষ্ট হোৱাটো প্রয়োজন।

শিশুৰ অনুকৰণীয় সকলো দিশৰ প্ৰতি অভিভাৱকসকলৰ সতর্কতাৰ অতি প্রয়োজন। শিশুৰ বাবে শিক্ষাৰ দিশ এনে ধৰণে বাছি ল’ব লাগে যাতে শাৰীৰিক বা মানসিক যিকোনো এটা দিশত সেই শিক্ষা সীমাবদ্ধ হৈ নাথাকে। তেনে শিক্ষা প্রদানত গুৰুত্ব দিলে শিশুৰ যিকোনো এটা দিশতহে বিকাশৰ পথ প্রশস্ত হয়। শিশু যিহেতু অনুকৰণপ্রিয়, সেয়ে ঘৰুৱা পৰিৱেশ যাতে সুস্থ হয় অথবা শিক্ষাৰ পৰিৱেশ যাতে নিয়ন্ত্রিত হয়, তাৰ প্ৰতি পিতৃ-মাতৃ নিজে সজাগ হ’ব লাগে। কোনো শিশুৱে খেলি ভাল পায়, কোনোৱে হয়তো ছবি আঁকি ভাল পায়, তেনেবোৰ স্বভাৱক সহানুভূতিৰে চোৱা উচিত। পিতৃ-মাতৃৰ অনুপ্ৰেৰণাইহে সন্তানকো অনুপ্রাণিত কৰে।

সতি-সন্ততি, পুত্ৰ-পৰিবাৰ আৰু পিতৃ-মাতৃ, ভাতৃকে আদি কৰি সকলোটি মিলিহে একোটা পৰিয়ালৰ সৃষ্টি হয়। পৰিয়ালৰ সকলোটি প্রাণীয়েই মিলা প্ৰীতিৰে সুখে-শান্তিৰে থাকিবলৈ বিচাৰে। সেই শান্তি অটুট ৰাখিবলৈ লাগিব ইজনে সিজনৰ লগত সহযোগিতাৰ মনোভাব। বুজাবুজিৰ অভাৱত সামান্য এটি কাৰণতেই একোখন ঘৰ ধ্বংস হৈ যাব পাৰে। সেয়েহে ক’ব পাৰি— ‘‘Home is primarily responsible for education and development of the infants. It forms the basis of his superstructure of personality.’

কোনোৱে ন দি ক’ব নোৱাৰে যে এহাল অশিক্ষিত দম্পতিৰ সন্তান নিৰক্ষৰ হৈ থাকিব পাৰে। আনকি নিৰক্ষৰ লোকসকলেও শিক্ষা সম্বন্ধে নিজৰ অনুভৱ ব্যক্ত কৰিব পাৰে। পৰিয়ালৰ প্ৰতিজন লোকেই শিক্ষিত হোৱা উচিত। শিক্ষাৰ মোল বুজা উচিত। শিক্ষাই মানুহক অন্ধত্বৰ পৰা দৃষ্টি দান কৰে অৰ্থাৎ জ্ঞান প্রদান কৰে। তেনে শিক্ষাৰ অৱহেলা কৰাটো সমূলি উচিত নহয়। প্রকৃত শিক্ষাই মানুহৰ শাৰীৰিক শক্তি, মানসিক বুদ্ধি-বৃত্তিৰ উন্নতি আৰু লগতে আধ্যাত্মিক উন্নতিৰ ক্ষেত্ৰত সহায় কৰে। পিতৃ-মাতৃ যেতিয়া শিক্ষিত হৈ সুপৰিকল্পিতভাৱে এখন সংসাৰৰ পাতনি মেলে, তেতিয়া সেই সংসাৰ পৰিচালনাত কোনো অসুবিধা ভোগ নকৰে।

মুঠতে স্বামী-স্ত্রী, পুত্ৰ-পৰিবাৰ এই সকলো মিলিহে একোখন সংসাৰ হয়। এই সংসাৰখন যাতে শাৰিৰীক, আৰ্থিক, মানসিক সচ্ছলতাৰ দ্বাৰা পৰিপুষ্ট হয়, তাৰ প্রতি নজৰ ৰাখিব লাগিব পৰিয়ালৰ সকলোটিয়ে। ইজনে-সিজনৰ মনৰ অৱস্থাৰ উমান ল’ব পাৰিব লাগিব। পিতৃ-মাতৃয়ে সন্তানৰ পৰা কি বিচাৰে বা কি কৰিলে তেওঁলোক সন্তুষ্ট হয় তাক সন্তানেও বুজিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰেই মনৰ বিকাশ সাধনত ফলৱতী হ’ব পাৰিব।

কথাতে কয় ঘৰখনৰ শান্তি-শৃংখলাই উন্নতিৰ মূল। এক কথাত ক’বলৈ গ’লে পৰিয়ালৰ মধুৰ সম্পর্কই ঘৰখনৰ শান্তি-শৃংখলা অটুট ৰাখে। পিতৃ-মাতৃৰ মাজত কন্দল থাকিলে সেই ঘৰৰ সন্তানৰ মনত অশান্তি হয়। তেনে অৱস্থাত সিহঁতৰ মনত প্রতিক্রিয়াৰ সৃষ্টি হয়। সেই প্রতিক্ৰিয়াৰ ফলত শিশু বিপথগামী হোৱাৰ ভয় থাকে। সেয়েহে শিশুৱে যাতে ঘৰতেই এটি সুস্থ আৰু নৈতিক পৰিৱেশ পায়, তাৰ প্ৰতি পিতৃ-মাতৃয়ে সতৰ্কতা অৱলম্বন কৰা উচিত।

ৰোজেনক্ৰেজ (Rosencraz) নামৰ এগৰাকী পণ্ডিতৰ মতে, “গৃহই হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু’।

লেখিকা: মনোশ্ৰী দত্ত মহন্ত, অসম বাণী।

3.16216216216
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top