মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৰ বাবে কিছু চিন্তা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ বাবে কিছু চিন্তা :

শিশুৰ বাবে কিছু চিন্তাৰ বিষয়ে লিখা হৈছে ।

 

*শিশুৰ সন্মুখত কোনো ধৰণৰ কাজিয়া-পেচাল, ভয়ানক তৰ্কাতৰ্কি, বেয়া মাত-কথা মতা উচিত নহয়।

*শিশুৱে যি দোষেই নকৰক্ গাত হাত তোলা উচিত নহয়। সিহঁতে বহুত সময়ত কি দোষ কৰিছে নিজেই বুজি নাপায়। গতিকে সিহঁতে অনাহকত দুখ পায়। সিহঁতক মৰমেৰে বুজোৱাহে উচিত।

*শিশুক সিঁহতকৈ সৰু বা ডাঙৰৰ সৈতে খেলিবলৈ বাৰণ কৰাৰ প্ৰয়োজন নাই। মাত্ৰ চকু ৰাখিবহে লাগে। সেইদৰে খেলোতে খেলোতে সিঁহতে নিজেই নিজৰ লগত মিলা বন্ধু বিচাৰি ল’বলৈ সক্ষম হ’ব।

*সকলো সময়তে শিশুক পঢ়িবলৈ কৈ নাথাকিব। সৰু সৰু কথাতে গালি পাৰি নাথাকিব। নিজৰ খঙাল ভাবমূৰ্তি দেখুৱাই সিঁহতৰ কোমল মন ভাঙি নেপেলাব।

*শিশুৰ সন্মুখত বদনাম নাগাব।

*শিশুৰ সন্মুখতেই ডিভোৰ্চ বা এৰাএৰি হোৱাৰ কথা নক’ব বা আলোচনা নকৰিব।

*নানা আৰ্থ-সামাজিক শ্ৰেণীৰ সমবয়সীয়া শিশুৰ সতে খেলা-ধূলা কৰাত বাধা দিয়া উচিত নহয়, বৰঞ্চ বুজিবলৈ দিয়ক সকলো সমান।

*শিশুটিক কেতিয়াও আন শিশুৰ সতে তুলনা কৰিবলৈ নাযাব। কষ্ট কৰি হ’লেও সেই অভ্যাস ত্যাগ কৰাব।

*আন আগত শিশুক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। সিঁহতৰো আত্মসন্মানবোধ আছে যাক আজিকালি মূল দিয়া উচিত।

*ছোৱালী সন্তানতকৈ ল’ৰা সন্তানটিক অলপ বেলেগ চকুৰে চায় নেকি? বা তেওঁ ভাল, তুমি বেয়া, এইদৰে মন্তব্য কৰে নেকি? এনে অভ্যাসৰ পৰা নিজকে নিলগাই ৰখা অত্যন্ত জৰুৰী।

*অন্য লোকে শিশুক প্ৰশ্ন কৰে ‘মা ভাল নে দেউতা ভাল বা মাক ভাল পোৱা নে দেউতাক ভাল পোৱা’?- এনে প্ৰশ্ন যে শিশুক কৰিব নালাগে, কৰা উচিত নহয়। ডাঙৰে সেই কথা শিকা বা জনা উচিত।

লেখিকা: ৰাণু দাস চৌধুৰী(অসম বাণী)

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top