অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু বিকাশৰ ধাৰণা(৬-১১ বছৰীয়া শিশু)

শিশু বিকাশৰ ধাৰণা(৬-১১ বছৰীয়া শিশু)ৰ বিষয়ে লিখা হৈছে

 

 

 

‘বিকাশ’ শব্দটো ইংৰাজীত ‘Growth’ আৰু ‘development’ এই দুয়োটা শব্দৰেই প্ৰকাশ কৰা হয়। অসমীয়া ভাষাত ইয়াৰ প্ৰথমটো শব্দই “দৈহিক বৰ্ধন” আৰু দ্বিতীয়টো শব্দই ‘বিকাশ’ অথবা পৰিবৰ্ধনৰ অৰ্থ প্ৰকাশ কৰে। ‘Growth’ অথবা দৈহিক পৰিপক্কতা লাভ কৰাৰ অৰ্থহে বিকাশ ভাবে সূচায়। আনহাতে ‘development’ বা দৈহিক বিকাশ তথা পৰিবৰ্ধনে ব্যক্তিৰ দৈহিক বৰ্ধনৰ ওপৰত পৰিবেশ আৰু শিক্ষা অভিজ্ঞতাই পেলোৱা ব্যাপক পৰিবৰ্তনৰ প্ৰভাৱো অন্তৰ্ভুক্ত কৰে।

শিশু বিকাশক প্ৰভাৱিত কৰা দিশ সমূহ:

 

শিশুৰ সুস্থ বিকাশত বিভিন্ন দিশে প্ৰভাৱ বিস্তাৰ কৰে। যেনে জৈৱিক, মানসিক আৰু পৰিবেশজনিত। জৈৱিক দিশক আমি শাৰীৰিক বা দৈহিক বুলিও ক’ব পাৰো। ইয়াৰ প্ৰ্ধান বৈশিষ্ট্য হৈছে শিশুৰ দৈহিক বিকাশৰ গতি সকলো সময়তে সমৰূপত দেখিবলৈ পোৱা নাযায়। বিকাশৰ কোনো কোনো পৰ্য্যায়ত এই গতি দৰ্শনীয়ভাৱে মন্থৰ আৰু আন কোনো পৰ্য্যায়ত দ্ৰুত গতিৰ হৈ উঠিব পাৰে। জন্মৰ প্ৰথম বছৰটোৱেই হৈছে ব্যক্তিৰ সৰ্বাধিক দ্ৰুতভাৱে দৈহিক বিকাশৰ সময়। কিন্তু পৰৱৰ্তী কালত ইয়াৰ দ্ৰুততা পৰিলক্ষিত নহয়। আনহাতে শিশুৰ বিকাশত মানসিক দিশটোও বিশেষভাৱে উল্লেখযোগ্য। মানসিক বিকাশ হৈছে এক ক্ৰমাগত বিকাশ প্ৰক্ৰিয়া। জন্মৰ পিছৰ পৰা ব্যক্তিৰ বয়:প্ৰাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। দৈহিক বিকাশৰ বিভিন্ন পৰ্য্যায়ত মনৰ ভিন ভিন শক্তি আৰু ক্ষমতা সমূহৰ নিজস্ব ৰূপত বিকাশ সাধন হয়। আপেক্ষিকভাৱে সৰল মানসিক শক্তিসমূহ বিকাশৰ প্ৰথমাৰ্ধত আৰু জটিল শক্তিসমূহ বিকাশৰ দ্বিতীয়াৰ্ধত সক্ৰিয় হৈ উঠা দেখা যায়। ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাৰ মানদণ্ডৰ ওপৰত মানসিক বিকাশৰ গতি আৰু তাৰ গভীৰতা বিশেষভাৱে নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে প্ৰতিটো বিশেষ বিশেষ মানসিক শক্তি ব্যক্তিৰ সাধাৰণ বৌদ্ধিক ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হয়।

শিশুৰ বিকাশত পৰিবেশৰো যথেষ্ট ভূমিকা আছে। শিশুৱে পৰিবেশৰ লগত কৰা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। সুস্থ অনুকুল পৰিৱেশে বিকাশৰ পগতি দ্ৰুততৰ কৰে, আনহাতে ইয়াৰ অভাৱে বিকাশত বাধাৰ সৃষ্টি কৰে।

শিশু বিকাশৰ ধাৰণাৰ ওপৰত জাঁ পিয়াজে, কাৰ্ল ৰোজাৰ্চ আৰু ষ্টেনলি হ’লে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰিছে। পিয়াজেৰ মতে শিশু এটা শৰীৰ নিৰ্ভৰশীল ব্যক্তি, যাৰ অহৰহ পৰিৱেশৰ সৈতে অভিযোজন ঘটে আৰু পৰিবেশৰ সৈতে নিজৰ মাজত সু-সামঞ্জস্য পূৰ্বৰ সম্বন্ধ স্থাপন কৰে। শিশু অতি নমনীয়, নিজকে পৰিবেশৰ সৈতে খাপখুৱাই ল’বলৈ শিকে আৰু পৰিবেশৰ প্ৰয়োজনীয়তাত পৰিবৰ্তন ঘটে। পিয়াজেৰ মতে শিশুৰে অহৰহ আৰু অবিৰাম গতিত নিজৰ দেহ আৰু মনৰ সংগঠনত সক্ৰিয়া ভূমিকা লয়।

পিয়াজেৰ বিকাশ তত্ত্বৰ চাৰিটা অৱস্থা:

 

পিয়াজেৰ মতে চিন্তনৰ বিকাশ উপাদানৰ সংঘটিত প্ৰক্ৰিয়া, তাৰ সংজ্ঞা অনুযায়ী এই বিলাক চাৰিটা মূল অৱস্থাৰ অন্তৰ্ভুক্ত:

ক)ইন্দ্ৰিয় অঙ্গ সঞ্চালনমূলক বিকাশ(জন্মৰ পৰা ২ বছৰ)

খ)প্ৰাক বোধমূলক বিকাশ(২ বছৰৰ পৰা ৭ বছৰ)

গ)মূৰ্ত ক্ৰিয়া সম্পাদন(৭ বছৰৰ পৰা ১২ বছৰ)

গ)বিধিগত ক্ৰিয়া সম্পাদন(১২ বছৰৰ ওপৰৰ)

ব্যক্তি বিভিন্নতা:

 

ব্যক্তি বিভিন্নতা হৈছে, পৃথিৱীত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই এজন আনজনৰ পৰা পৃথক। এই বিভিন্নতা আমি সকলো দিশতে দেখা পাওঁ। যেনে- শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি ক্ষেত্ৰত ব্যক্তি বিশেষে পাৰ্থক্য পৰিলক্ষিত হয়। সেয়ে শিক্ষাৰ মূল লক্ষ্য হৈছে শিশুৰ অন্তৰ্নিহিত শক্তিসমূহৰ বিকাশ সাধন কৰা। সেয়েহে ব্যক্তিক নিজ নিজ মনো-দৈহিক ক্ষমতা আৰু অৱস্থাৰ বুজ লোৱা আৰু সেই অনুপাতে শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত মনোবিজ্ঞানীসকলে বৰ্তমান গুৰুত্ব আৰোপ কৰা দেখা যায়।

ইয়াৰ হ্বাবে ব্যক্তি স্বাধীনতা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় কথা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই বিশেষভাৱে ব্যক্তি বিভিন্নতাৰ ওপৰত গুৰুত্ব দিছে। ব্যক্তি বিভিন্নতাৰ কাৰণ বংশগত আৰু পৰিবেশজনিত দুয়োটাই হ’ব পাৰে।

মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা ব্যক্তি বিভিন্নতাৰ যথেষ্ট গুৰুত্ব আছে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি তথা যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে শিক্ষা প্ৰদান কৰা উচিত। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত শক্তিৰ বিকাশ সাধন সম্ভৱ হয়। সেয়েহে প্ৰত্যেকজন শিক্ষকৰে ব্যক্তি বিভিন্নতাৰ ধাৰণা স্পষ্ট হ’ব লাগে। ইয়াৰ বাবে শিক্ষকসকলে নিজৰ শিক্ষণ পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচিৰ ওপৰত লক্ষ্য ৰাখি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও পাঠ্যক্ৰম গতিশীল হোৱা উচিত। ইয়াত বিভাজিত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিলে যথেষ্ট সুবিধা হয়।

আগ্ৰহ:

‘আগ্ৰহ’ৰ অৰ্থই কোনো বিষয়ৰ লগত ব্যক্তি ‘জড়িত থকা’ বা ‘সম্বন্ধ থকা’ কথাকে বুজায়। গতিকে যি বস্তু বা বিষয়ে ব্যক্তিমনৰ লগত একাত্মিক সম্বন্ধ গঢ়ি তোলে, সিয়েই তেওঁৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠে। আনহাতে যি ব্যক্তিৰ মন স্পৰ্শ কৰিব নোৱাৰে, তেনে বস্তু বা বিষয়েই হয় অগ্ৰহবিহীন। গতিকে ইয়াৰ পৰা ক’ব পাৰি যে আগ্ৰ্হ হৈছে মনৰ এক অন্তৰ্নিহিত অৱস্থা। ব্যক্তিমনৰ এই অন্তৰ্নিহিত আগ্ৰহৰ কেতবোৰ উৎস জন্মলব্ধভাৱে পোৱা হয়। প্ৰবৃত্তি, আবেগ, অনুভূতি, কামনা, প্ৰেৰণা আদি সহজাত জৈৱিক প্ৰৱণতাসমূহ এই প্ৰসংগত উল্লেখযোগ্য। এই মানসিক অৱস্থাবোৰেই মানুহৰ মনত আগ্ৰহৰ জন্ম দিয়ে।

অভ্যাস:

পুনৰাবৃত্তিৰ ফলত যিকোনো কামৰ সম্পাদন ঐচ্ছিক পৰ্যায়ৰ পৰা নিশ্চেষ্ট পৰ্য্যায়লৈ পৰিণত কৰাকেই অভ্যাস গঠন বুলি কোৱা হয়। স্বাভাৱিকতে, অভ্যাস হৈছে অনুশীলনৰ ফল। প্ৰথমে যি কাম কৰিবৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন হয়, অভ্যাস গঠন হোৱাৰ পাছত সেই কাম বিনা আয়াসতে যান্ত্ৰিকভাৱে কৰিব পৰা হয়।

বৈশিষ্ট্য:

ক)অভ্যাসত পৰিণত হ’লে যি কোনো কামৰ সম্পাদন নিখুত হয়।

খ)অভ্যাসত পৰিণত হোৱা যিকোনো কামৰ সম্পাদনাত চিন্তাশক্তি, মনোযোগ, ইচ্ছাশক্তি আদি উচ্চ মানসিক প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ প্ৰায় নোহোৱা হয়গৈ।

গ)অভ্যাসত পৰিণত হোৱা কাম কৰোঁতে দৈহিক শক্তিৰ ব্যৱহাৰ নিম্নতম পৰিমাণত হয়।

ঘ)যিকোনো কাৰ্য অভ্যাসত পৰিণত হ’লে তাক সহজে পৰিত্যাগ কৰা টান।

ঙ)অভ্যাসে মানুহৰ বুদ্ধি বৃত্তি, যুক্তি ক্ষমতা, কল্পনা শক্তি, সৃজনী শক্তি, চিন্তাশক্তি আদি বিকাশ হোৱাত সহায় নকৰে।

প্ৰৱণতা:

বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণেৰে প্ৰৱণতাৰ অৰ্থ দাঙি ধৰিছে। কিছুমানৰ মতে প্ৰৱণতা হৈছে এবিধ জন্মগত সামৰ্থ্য আৰু আন কিছুমানৰ মতে প্ৰৱণতা হ’ল শিকাৰ সুথিলতা। এই বিলাক সাঙুৰি প্ৰৱণতাৰ সংজ্ঞা এইদৰে দিব পাৰি- “কোনো কাৰ্য্য বা বিষয় বা বৃত্তি আয়ত্ত্ব কৰিবৰ বাবে থকা প্ৰৱল স্বাভাৱিক ক্ষমতাকে প্ৰৱণতা বোলে”।

শিক্ষাৰ্থীয়ে জীৱনত উপযুক্ত পাঠ্যক্ৰম বাছি লওঁতে বা সেইদৰে কৰ্মজীৱনত জীৱিকাৰ পথ বাছি ল’লে পাছত অসুখী আৰু অকৃতকাৰ্য্য হোৱাৰ সম্ভৱনাই সৰহ। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ক্ষমতাৰ প্ৰয়োজন। মটৰ গাড়ী মেৰামতি কৰা মিস্ত্ৰী এজন যান্ত্ৰিক সামৰ্থ্য থকা প্ৰয়োজন। তেওঁৰ কাৰণে বাক শক্তিৰ বিশেষ প্ৰয়োজন নাই। আনহাতে, উকীল এজনৰ কাৰণে প্ৰখৰ বাক শক্তিৰ প্ৰয়োজন, যান্ত্ৰিক সামৰ্থ্যই তেওঁৰ বৃত্তিত বিশেষ সহায়তা নকৰে। সেইদৰে হিচাপ পত্ৰ ৰখা এজন কৰ্মচাৰী সংখ্যাৰ লেনদেনৰ ক্ষেত্ৰত পাকৈত হোৱা প্ৰয়োজন। সেয়েহে সকলো ব্যক্তিৰে প্ৰৱণতা পৰিমাপ কৰা প্ৰয়োজন। মনোবিদসকলে উপযুক্তভাৱে প্ৰৱণতা জুখিব পৰা অভীক্ষা তৈয়াৰ কৰিবৰ বাবে বিভিন্ন কামৰ প্ৰয়োজনীয় ক্ষমতা খুটি নাটি মাৰি বিশ্লেষণ কৰি বুজিবলৈ চেষ্টা কৰে। ইয়াকে বৃত্তি বিশ্লেষণ বোলে। শিক্ষাৰ ক্ষেত্ৰত প্ৰৱণতাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীৰ সহজাত আৰু আৰ্জিত প্ৰৱণতাৰ ওপৰত তেওঁলোকৰ ভৱিষ্যতৰ কৃতকাৰ্য্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে প্ৰৱণতাৰ পৰিমাপন বিদ্যালয়ৰ কাৰণে এক অতি প্ৰয়োজনীয় দায়িত্ব।

বুদ্ধি:

বুদ্ধি হৈছে ব্যক্তিৰ সহজাত এক বিশিষ্ট গুণ বা ক্ষমতা যাৰ যোগেদি পৰিবেশৰ পৰা অভিজ্ঞতা আহৰণ কৰিব আৰু তাৰ উপযুক্ত প্ৰয়োগ কৰিব পাৰি। ই এনে এবিধ বহল পৰিসৰৰ সাধাৰণ গুণ যি এজন লোকৰ দেহ মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে, ব্যক্তিগত ক্ষমতা বা যোগ্যতা এক বিশিষ্ট ৰূপত গঢ় দি তোলে। ই ব্যক্তি পাৰ্থক্যৰ মূল কাৰণ বা উৎসস্বৰূপ। এই গুণ আপেক্ষিকভাৱে স্থায়ী আৰু ই ব্যক্তিৰ সকলোবোৰ দেহ-মানসিক ক্ৰিয়া আচৰণ নিৰ্ধাৰণ, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। সেইবাবে ব্যক্তিয়ে কৰা আচৰণত বুদ্ধি প্ৰতিফলিত হৈ উঠে।

বুদ্ধিৰ বৈশিষ্ট্য:

ক)বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত বা বংশগত স্বাভাৱিক ক্ষমতা যি সচৰাচৰ স্থায়ীভাৱে লাভ কৰা হয়।

খ)ব্যক্তিৰ ক্ৰিয়া-আচৰণ, সমস্যা সমাধান আৰু পৰিবেশত কৰা সমাযোজন, কাৰ্য্যৰ যোগে বুদ্ধিৰ প্ৰকাশ লাভ হয়।

গ)ব্যক্তিৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল।

ঘ)শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল হ’লেও বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়।

ঙ)ব্যক্তিৰ বিমূৰ্ত চিন্তন ক্ষমতা বুদ্ধিৰ পৰিচায়ক।

বুদ্ধিৰ বিভিন্ন তত্ত্ব সমূহ হ’ল:

ক)একক বা ৰাজতন্ত্ৰবাদী তত্ত্ব

খ)দ্বি-কাৰক বা সাৰগ্ৰাহী তত্ত্ব

গ)সমূহ কাৰক বা অল্প সংখ্যক ৰাজতন্ত্ৰবাদী তত্ত্ব

ঘ)বহুকাৰক বা অৰাজক তত্ত্ব।

ঙ)পদানুক্ৰম তত্ত্ব

ব্যক্তিত্ব:

‘ব্যক্তিত্ব’ৰ ইংৰাজী প্ৰতিশব্ধ ‘Personality’ লেটিন ভাষাৰ ‘Persona’ নামৰ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে “ভাৱৰীয়াৰ মুখা”। ৰোমানসকলে নাটকৰ চৰিত্ৰত ভাও দিওঁতে কেতবোৰ মুখ্য ব্যৱহাৰ কৰিছিল। সেইবাবে নাটকৰ ভাৱৰীয়াসকলে মুখাৰ সহায়েৰে বচন উচ্চাৰণ কৰা কাৰ্যকে ‘Personare’ আৰু ‘Persona’ বুলি কোৱা হৈছিল। ইয়াৰ ক্ৰমাগত প্ৰয়োগৰ ফলস্বৰূপে ভাৱৰীয়াজনৰ চৰিত্ৰ প্ৰকাশ কৰিবলৈ ‘Persona’ শব্দৰ ব্যৱহাৰ হয়। অৱশেষত নাটকৰ পৰিৱৰ্তে ব্যক্তিৰ বাস্তৱ জীৱনত দেখা পোৱা আচৰণ সমূহৰ বৈশিষ্ট্যকেই ব্যক্তিত্ব বোলে।

মনোবিজ্ঞানী আলপৰ্টৰ মতে “সামাজিক উদ্দীপন সমূহৰ প্ৰতি ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু পৰিৱেশৰ সামাজিক গাঁথনিৰ প্ৰতি তেওঁ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব। কিম্বল য়ঙে মত প্ৰকাশ কৰে যে ব্যক্তিত্ব হৈছে ব্যক্তিৰ কেতবোৰ সংগঠিত ভাব, মনোবৃত্তি, সংলক্ষণ, মূল্যবোধ আৰু অভ্যাস, যাক তেওঁ আনৰ লগত তথা নিজৰ লগতো আদান-প্ৰদানত এক ভূমিকা আৰু সংস্থিতি স্বৰূপে গঢ় দি তোলে।

ব্যক্তিত্বৰ বৈশিষ্ট্য:

ক)ব্যক্তিয়ে নিজকে পৰিবেশৰ লগত কৰা সমাযোজনতেই ব্যক্তিত্ব প্ৰকাশ পায়।

খ)সমাজৰ মাধ্যমেৰেই ব্যক্তিত্বই প্ৰকাশ লাভ কৰে। সমাজৰ বিভিন্ন লোকে এজন লোকৰ ব্যক্তিত্বৰ গুণৰাশি বৰ্ণনা তথ্য মূল্যায়ন কৰে।

গ)ব্যক্তিৰ দৈহিক আৰু মানসিক ক্ৰিয়াৰ সংযোগত ব্যক্তিত্বই প্ৰকাশ পায়।

গ)সমাজ বা জাতি একোটাৰ নিজস্ব বৈশিষ্ট্যৰ দ্বাৰাও ব্যক্তিত্ব প্ৰভাৱিত হয়। সমাজৰ ধৰ্মীয় পৰিবেশ, কৃষ্টি, সভ্যতা, ৰীতি-নীতি আদিয়ে এজন লোকৰ ব্যক্তিত্ব এক বিশেষ ৰূপত গঢ় দি তোলে।

ঙ)ব্যক্তিত্ব হৈছে এজন লোকৰ সমগ্ৰ দেহ-মনৰ ঐক্য, সামঞ্জস্য আৰু সুসংগঠনৰ প্ৰতীক।

ব্যক্তিত্বৰ প্ৰধান তত্ত্ব সমূহ:

ক)শ্ৰেণীকৰণ তত্ত্ব,

খ)সংলক্ষণ তত্ত্ব,

গ)গেছেলৰ বৰ্ণনামূলক তত্ত্ব,

ঘ)ফ্ৰয়েডৰ তত্ত্ব,

ঙ)মাৰেৰ তত্ত্ব।

ব্যক্তিত্বৰ উপাদান: ব্যক্তিত্ব গঢ় তোলাত বৰঙণি যোগোৱা শক্তিসমূহেই হৈছে ব্যক্তিত্বৰ উপাদান। এইবোৰ চমুকৈ তলত উল্লেখ কৰা হ’ল।

ক)দৈহিক উপাদান: এজন লোকৰ দৈহিক আকাৰ, আকৃতি আৰু বল-শক্তি আদি ব্যক্তিত্বৰ উপাদানস্বৰূপে সহজেই আনৰ চকুত পৰে। এই উপাদানবোৰ হৈছে দৈহিক গঠন, স্বাস্থ্য, ৰূপ, বাক ক্ষমতা, পৰিপাটিতা আদি। ইয়াৰ উপৰিও ব্যক্তিৰ স্নায়ৱিক দ্ৰুততা, গতিশক্তি, অংগ সঞ্চালন ক্ষমতা আৰু ক্ৰিয়া পদ্ধতি আদি ব্যক্তিত্ব গঠনৰ দৈহিক উপাদান স্বৰূপে বিবেচনা কৰা হয়।

খ)মানসিক উপাদান: ব্যক্তিত্বৰ মানসিক উপাদানবোৰৰ ভিতৰত বিভিন্ন মানসিক শক্তি যেনে- বুদ্ধি, চিন্তা, যুক্তি, বিচাৰ-ক্ষমতা, স্মৃতি, মনোযোগ, আগ্ৰহ আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও বৌদ্ধিক উপাদানস্বৰূপে ব্যক্তিৰ উদ্ভাৱন ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা, সুস্থ সমাযোজন ক্ষমতা আদিয়ে ব্যক্তিত্বৰ গঢ় দি তোলে।

গ)আবেগিক উপাদান: বিভিন্ন পৰিস্থিতিত ব্যক্তিয়ে অনুভৱ কৰা সুখ-দুখ, ক্ৰোধ, ভয়, হিংসা, ঈৰ্ষা, প্ৰেম, আনন্দ, আদিৰ মাজেদিয়ে ব্যক্তিত্বই আত্মপ্ৰকাশ কৰে।

ঘ)সামাজিক উপাদান: এজন লোকৰ ব্যক্তিত্ব তেওঁৰ সামাজিক গুণসমূহৰ পৰা সচৰাচৰ মূল্যায়ন কৰা হয়। গৃহ, শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান, ভাষা, কৃষ্টি-সভ্যতা, ধৰ্ম আৰু সামাজিক ৰীতি নীতি আদিয়ে ব্যক্তিৰ সামাজিক জীৱন গঢ় দি তোলে। এইবোৰ ব্যক্তিত্বৰ সামাজিক উপাদানৰ অন্তৰ্ভুক্ত।

শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ: শিশুৰ আচৰণজনিত সমস্যাসমূহ স্বাভাৱিকতেই দৈহিক প্ৰয়োজনমুখী। শিশুৰ দৈহিক সুস্থতা আৰু স্বাস্থ্য ৰক্ষাত ব্যাঘাত জন্মোৱা এই সমস্যাসমূহ এনেধৰণৰ-

ক)খোৱাৰ সমস্যা:

এইবিধ সমস্যা প্ৰায় সকলো শিশুৰ ক্ষেত্ৰতে দেখা যায়। শিশুৱে খাবলৈ নিবিচৰা কাৰ্য্যই মাতৃক চিন্তিত কৰি তোলে। উল্লেখযোগ্য যে প্ৰতিটো শিশুৰ বাবে নতুন খাদ্যৰ জুতি সহজভাৱে গ্ৰহণ কৰাত সময় আৰু অভ্যাসৰ প্ৰয়োজন হয়। সেয়েহে শিশুক বলপূৰ্বকভাৱে আহাৰ খুউৱাৰ পৰিৱৰ্তে এক সুস্থ পৰিবেশত খাদ্য খুউৱাৰ অভ্যাস কৰিব লাগে।

খ)নিদ্ৰাৰ সমস্যা:

বহুতো শিশুৰ ক্ষেত্ৰত নিদ্ৰাৰ সমস্যাই দেখা দিয়ে। শিশুৰ নিদ্ৰা কম হ’লে দৈহিকভাৱে অসুস্থ হৈ উঠিব পাৰে।ল শিশুৰ পৰিবেশ অশান্ত বা উত্তেজনাজনক হৈ উঠিলেও নিদ্ৰা হানি হ’ব পাৰে। সেইবাবে এনেবোৰ পৰিস্থিতি পৰিহাৰ কৰা উচিত।

গ)বিছনাত প্ৰস্ৰাৱ কৰা:

৪ বছৰৰ ওপৰৰ শিশুৱে বিছনাত নিদ্ৰিত অৱস্থাত প্ৰস্ৰাৱ কৰাটো এটা সমস্যা বুলি ধৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে শিশুৰ এনে কাৰ্য্যৰ লগত দৈহিক আৰু মনোবৈজ্ঞানিক কাৰণ নিহিত হৈ থকাৰ কথা লক্ষ্য কৰা হয়। শিশুৰ নিদ্ৰা অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্য্যৰ বাবে তাক অভিযুক্ত কৰিব নালাগে বৰং পৰিস্থিতি শান্ত আৰু স্বাভাৱিক কৰি তোলাৰহে প্ৰচেষ্টা চলাব লাগে।

ঘ)কদৰ্য্যতাৰ সৃষ্টি কৰা:

বিশেষকৈ দেখা যায় যে ২ বছৰৰ পৰা ৪ বছৰ বয়সৰ ভিতৰত কিছুমান শিশুৱে এটা সময়ত তাৰ ক্ৰিয়া আচৰণবোৰ কাৰ্য্যতাপূৰ্ণ স্বাভাৱিক নীতি-নিয়ম বিৰোধী কৰি তুলি তাৰ দ্বাৰা বয়সস্থসকলৰ মনত অস্বস্তি আৰু বিৰক্তিৰ ভাব সৃষ্টি কৰে। এনেবোৰ কামৰ ভিতৰত কোনো বস্তু ভাঙি পেলোৱা, আনক প্ৰহাৰ কৰা, খেলি-মেলি কৰা, আনৰ কথা নুশুনি নকৰিবলগীয়া কাম কৰা আদি আচৰণ অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু শিশুৰ সুস্থ বিকাশৰ বাবে এনে শিশুক শাস্তি দিয়াৰ পৰিৱৰ্তে তাৰ ক্ৰিয়া আচৰণবোৰ পৰিপাটিকৈ আৰু সুন্দৰভাৱে কৰিবলৈ শিকাব লাগে।

বাল্যকালৰ কেতবোৰ আচৰণ জনিত সমস্যা:

বাল্যকালৰ সমস্যা জড়িত আচৰণবোৰ অধিক মানসিক জটিলতাপূৰ্ণ আৰু শিশুৰ জীৱনত দীৰ্ঘম্যাদী প্ৰভাৱযুক্ত হৈ উঠাটো লক্ষ্য কৰিব পাৰি। বাল্যকালৰ কেতবোৰ উল্লেখযোগ্য আচৰণজনিত সমস্যা তলত উল্লেখ কৰা হ’ল-

ক)খং ভাব দেখুওৱা:

শিশুৰ সচৰাচৰ খং ভাব দেখুওৱা আচৰণ সমূহ হ’ল- অতিপাত চিঞৰা, বস্তু দলিওৱা, গুৰিওৱা, মাটিত বাগৰা ইত্যাদি। এনে উগ্ৰ আৰু অনিয়ন্ত্ৰিত আচৰণবোৰ শিশুৱে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অথবা আনৰ ওপৰত নিয়ন্ত্ৰণৰ ভাব প্ৰকাশ কৰিবলৈ প্ৰদৰ্শন কৰিব পাৰে। মাক-দেউতাক আৰু শিক্ষক সকলে শিশুৰ এনে খং ভাব প্ৰকাশৰ বেলিকা বিশেষ সাৱধান হ’ব লাগে। শিশুসকলে কৰা খঙৰ সমালোচনা কৰাৰ পৰা অভিভাৱকসকলে বিৰত থাকিব লাগে।

ঘ)আক্ৰমণাত্মক আচৰণ:

কিছুমান শিশুৱে মনৰ ব্যৰ্থতা প্ৰকাশ কৰিবৰ বাবে আক্ৰমণাত্মক আচৰণ প্ৰদৰ্শন কৰে। এই সমূহ হৈছে প্ৰহাৰ কৰা, ধ্বংশ কৰা, দৈহিকভাবে যুঁজ কৰা, কামোৰা ইত্যাদি। এনেবিধ আচৰণৰ উপযুক্তভাবে সমাধান হ’বৰ বাবে শিশু-মনৰ নিৰাপত্তাহীনতা, অপৰ্য্যাপ্ততা আৰু অপৰাধ প্ৰৱণতাৰ মনোভাৱ গুচাবলৈ চেষ্টা কৰিব লাগে। শিশুক তাৰ খং ভাব প্ৰকাশৰ প্ৰয়োজনীয় সুবিধা আৰু উপযুক্ত পৰিস্থিতি প্ৰদান কৰিব লাগে। ইয়াৰ উপৰিও শিশুৱে তাৰ মনৰ অবদমিত আবেগ অনুভূতিসমূহ প্ৰকাশৰ প্ৰয়োজনীয় পথ সৃষ্টি কৰিব লাগে। ইয়াৰ বাবে খেলা-ধূলা, হাতৰ কাম, বাগান পৰিচালনা কৰা, চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা আদি কাৰ্য্যৰ সুবিধা প্ৰদান কৰিব লাগে।

গ)চুৰ কৰা:

কিছুমান শিশুৰ এটা পৰিচিত আচৰণ হৈছে চুৰ কৰা। এনে চৌৰ্য্যা প্ৰবৃত্তিত আইন ভংগকাৰী দোষনীয় প্ৰবৃত্তিৰ ভাব প্ৰথম অৱস্থাত শিশুৰ আচৰণত দেখা পোৱা নাযায়। ক্ৰমান্বয়ে তাৰ বয়স আৰু অভিজ্ঞতাৰ লগে লগে শিশুৱে ক্ৰমে গৰাকী বা বস্তুৰ মালিকী স্বত্বৰ প্ৰবৃত্তি অনুভৱ কৰিবলৈ ধৰে। ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পাৰ্থক্য অনুভৱ কৰি উঠে। এনে অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ ধৰে। ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পাৰ্থক্য অনুভৱ কৰি উঠে। এনে অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ অসুস্থ প্ৰবৃত্তি জাগি উঠে। ইয়েই হৈছে শিশুৰ চুৰ কৰাৰ মূল কাৰণ।

এনে সমস্যা দূৰ কৰিবৰ বাবে শিক্ষক-অভিভাৱক সকলে শিশুৰ মানসিক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিব লাগে। শিশুৱে যাতে গৃহ আৰু শিক্ষা পৰিৱেশত আবেগিক নিৰাপত্তা আৰু পৰ্য্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।

ঘ)বাক অস্বাভাৱিকতা:

শিশুৰ ভাষা বিকাশৰ সমস্যাৰ ভিতৰত বাক অস্বাভাৱিকতা এটা প্ৰধান সমস্যা। শিশুৰ এই বাক-অস্বাভাৱিকতাৰ ভিতৰত বাক স্খলন আৰু বাক অক্ষমতা বিশেষভাৱে আমাৰ চকুত পৰে। বাক-স্খলনৰ বেলিকা শিশুৱে কেতবোৰ শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰিব নোৱাৰি তাক বাৰে বাৰে চেষ্টা কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। যেনে- দ-দ-দ দমন, ক-ক-ক কলম ইত্যাদি। আনহাতে বাক অক্ষমতা হৈছে একো একোটা শব্দ সমূলি উচ্চাৰণ কৰিব নোৱাৰা অৱস্থা। এনে অৱস্থাত শিশুৰ আবেগৰ দুৰৱস্থাৰ সৃষ্টি হয়।

এনে সমস্যা আঁতৰাবৰ বাবে এক সুস্থ আবেগিক পৰিৱেশ সৃষ্টি কৰি তোলা প্ৰয়োজন। এনে পৰিৱেশত শিশুৱে নিৰাপত্তা, আত্ম-সন্মান আৰু স্বাধীনতা অনুভৱ কৰিব পাৰিব লাগে।

সমাযোজন:

‘সমাযোজন’ শব্দটো মূলত: জীৱ-বিজ্ঞানত ব্যৱহাৰ হোৱা এটা শব্দ। ইয়াক অৱশ্যে মনোবিজ্ঞানতো ব্যৱহাৰ কৰা হয়। জীৱ-বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সমাযোজনৰ সংজ্ঞা এইদৰে দিব পাৰি:-

‘যি কোনো প্ৰাণীয়ে নিজৰ দেহৰ গঠন, কাৰ্যপ্ৰণালী, অঙ্গ আৰু কোষৰ পৰিৱৰ্তন সাধি পৰিৱেশৰ লগত মিলি থকা প্ৰক্ৰিয়াকে সমাযোজন বোলে’। সমাযোজন প্ৰক্ৰিয়াৰ মূল লক্ষ্য হ’ল সমৱস্থান সাধন কৰা। ভৌতিক পৰিৱেশৰ কিছুমান উপাদানে সততে প্ৰাণীৰ শৰীৰৰ আভ্যন্তৰীণ ভাৰসাম্যতা নষ্ট কৰিবলৈ প্ৰয়াস কৰে। এনে অৱস্থাত প্ৰাণীয়ে নিজৰ শৰীৰৰ বিভিন্ন কাৰ্য্যপ্ৰণালীৰ উপযুক্ত সাল-সলনি ঘটাই পূৰ্বৰ ভাৰসাম্যতা ঘূৰাই আনিবলৈ চেষ্টা কৰে।

মানসিক স্বাস্থ্যবিজ্ঞান:

ব্যক্তি মনৰ স্বাস্থ্য ৰক্ষাৰ লগত জড়িত আটাইবোৰ দিশৰ প্ৰণালীবদ্ধ আলোচনা বা অধ্যয়নেই হৈছে মানসিক স্বাস্থ্য বিজ্ঞান। ইয়াৰ প্ৰধান বৈশিষ্ট্য হৈছে পৰিৱেশত সকলোবোৰ অসুস্থ আৰু প্ৰতিকূল প্ৰভাৱৰ পৰিপেক্ষিতত প্ৰতিক্ৰিয়াশীল ব্যক্তিৰ মন ৰোগমুক্ত কৰি ৰখা। ইয়াৰোপৰি ব্যক্তিৰ মনৰ ভাৰসাম্য ৰক্ষা কৰি চলি সুস্থ, সুন্দৰ আৰু সুখী জীৱন-যাপনত সহায় কৰাই হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য।

মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত বিষয়সমূহ হ’ল-

ক)ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰা।

খ)মানসিক ৰোগৰ সৃষ্টিত বাধা দিয়া।

গ)ইয়াৰ প্ৰয়োজনীয় চিকিৎসা আৰু এই সম্বন্ধীয় গৱেষণা কৰা।

মানসিক স্বাস্থ্য বিজ্ঞানৰ কৰ্তব্য সমূহ হ’ল:

ক)মানসিক ৰোগৰ লক্ষণসমূহ ধৰিব পৰাকৈ আৰু সঠিকভাৱে ৰোগ নিৰ্ধাৰণ আৰু তাৰ চিকিৎসা কৰিব পৰাকৈ বিশেষজ্ঞ লোকক উপযুক্তভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

খ)চৰকাৰী আৰু অনাচৰকাৰী প্ৰচাৰ মাধ্যমসমূহ, যেনে- ৰেডিঅ’ কথাছবি, টিভি, বাতৰি কাকত আদি এই ক্ষেত্ৰত উপযোগী কৰি তুলিব লাগে।

গ)জন-কল্যাণমূলক আৰু জন-স্বাস্থ্য ৰক্ষাৰ অনুষ্ঠানসমূহে প্ৰদৰ্শনী, আলোচনা চক্ৰ আদিৰ আয়োজন কৰি মানসিক স্বাস্থ্য বিজ্ঞানৰ ব্যাপক চিন্তা-চৰ্চাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰশ্নোত্তৰ:

১)বিকাশ হ’ল এনে প্ৰক্ৰিয়া, ই-

উত্তৰ: জীৱন ব্যাপী চলে।

২)বিকাশৰ মূল উপাদান হ’ল-

উত্তৰ: চাৰিটা।

৩) “বিকাশ বুলি ক’লে এনে এক পৈনত অৱস্থা আৰু অভিজ্ঞতাক বুজায় যি বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ধাৰাবাহিকভাৱে ঘটে”- উক্তিটো আগবঢ়াইছিল-

উত্তৰ: ই.বি.হাৰ্ভলক।

৪)বিভিন্ন দাৰ্শনিক তথা মনোবিজ্ঞানিকসকলে মানুহৰ জীৱনটোক বিকাশৰ স্তৰ অনুসৰি ভাগ কৰিছে-

উত্তৰ: চাৰিটা স্তৰত।

৫)বিকাশৰ দুটা প্ৰধান উপাদান হ’ল-

উত্তৰ: বংশগতি আৰু পৰিৱেশ।

৬)এটা শিশু মাতৃগৰ্ভত থাকে-

উত্তৰ: ২৮০ দিন।

৭)শিশুৰ বিকাশ আৰম্ভ হয়-

উত্তৰ: গৰ্ভাৱস্থাৰ পৰা।

৮)জন্মৰ পৰা ৫/৬ বছৰলৈ এই সময়ছোৱাক কোৱা হয়-

উত্তৰ: শৈশৱ কাল।

৯)পৰনিৰ্ভৰশীলতা এটা বৈশিষ্ট-

উত্তৰ: শৈশৱ কালৰ।

১০)৭ বছৰৰ পৰা ১২ বছৰলৈ এই সময়ছোৱাক কোৱা হয়-

উত্তৰ: বাল্য কাল।

১১)তলত কোনটো বিকাশৰ উপাদান নহয়?

উত্তৰ: ওজন।

১২)এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয়-

উত্তৰ: জন্মৰ পৰা দুইমাহলৈ।

১৩)প্ৰশ্ন সোধা কালছোৱাকেই বোলা হয়-

উত্তৰ: শৈশৱ কাল।

১৪)এটা শিশুক দৈহিক প্ৰতিবৰ্ত্ত ক্ৰিয়াই পৰিচালনা কৰে-উত্তৰ: জন্মৰ পৰা দুই সপ্তাহলৈ।

১৫)ফ্ৰয়েডৰ মতে- শৈশৱ কালৰ শিশুৰ যৌন চেতনা-

উত্তৰ: থাকে।

১৬)শৈশৱ কালৰ শিশুৰ যৌন চেতনা হ’ল-

উত্তৰ: আত্মকামমূলক।

১৭)সমকামিতা এটা প্ৰধান বৈশিষ্ট্য-

উত্তৰ: বাল্য কালৰ।

১৮)বাল্য কালৰ ল’ৰা এজনে খেলি ভাল পায়-

উত্তৰ: সমনীয়া ল’ৰাৰ লগত।

১৯)এটা সাধাৰণ শিশুৱে অৰ্থপূৰ্ণ শব্দ ক’বলৈ শিকে-

উত্তৰ: জন্মৰ এবছৰ পিছত।

২০)অনুকৰণ প্ৰিয়তা এটা বৈশিষ্ট্য-

উত্তৰ: শৈশৱ কালৰ।

২১)বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়-

উত্তৰ: বাল্য কালক।

২২)শৈশৱ কালৰ ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাক-

উত্তৰ: প্ৰাক-প্ৰাথমিক শিক্ষা বোলে।

২৩) ‘কিণ্ডাৰগাৰ্টেন’ স্কুলৰ প্ৰতিষ্ঠাপক আছিল-

উত্তৰ: ফ্ৰৱেল।

২৪) ‘কিণ্ডাৰগাৰ্টেন’ শব্দৰ অৰ্থ-

উত্তৰ: শিশুৰ বাগিছা।

২৫)শিশু শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল-

উত্তৰ: মাৰিয়া মন্টেশ্বৰী।

২৬)নাৰ্ছাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল-

উত্তৰ: মাৰ্গাৰেট মেকমিলান।

২৭)মন্টেশ্বৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল-

উত্তৰ: মাৰিয়া মন্টেশ্বৰী।

২৮)বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষম্য পৰিলক্ষিত-

উত্তৰ: হয়।

২৯)মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ-

উত্তৰ: পাৰ্থক্য আছে।

৩০) “আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা”-উক্তিটো আছিল-

উত্তৰ: মেকডুগাল।

৩১)আগ্ৰহৰ ফলত মনোযোগ-

উত্তৰ: বৃদ্ধি হয়।

৩২) ‘আগ্ৰহ হ’ল গতিশীল মনোভাৱ’- কথাষাৰ-

উত্তৰ: সত্য।

৩৩)সুপ্ত বা প্ৰকৃত আগ্ৰহ হ’ল-

উত্তৰ: জন্মগত।

৩৪)আগ্ৰহক ভাগ কৰিব পাৰি-

উত্তৰ: দুটা ভাগত।

৩৫)ইংৰাজী ‘Interest’ শব্দটো আহিছিল-

উত্তৰ: লেটিন ভাষাৰ পৰা।

৩৬) আমাৰ ভাৱবৃত্তি, অভ্যাস, চৰিত্ৰ, আদৰ্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্ৰহক কোৱা ওহয়-

উত্তৰ: আৰ্জিত আগ্ৰহ।

৩৭)ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্ৰহ-

উত্তৰ: একে নহয়।

৩৮)শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা-

উত্তৰ: গুৰুত্বপূৰ্ণ।

৩৯) “অভ্যাস হ’ল একে পৰিস্থিতিত একে কামৰ পুণৰাবৃত্তি”- উক্তিটো আগবঢ়াইছিল-

উত্তৰ: ৰচে।

৪০)অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ-

উত্তৰ: শৈশৱ কালত।

৪১)অভ্যাসজনিত কামে ব্যক্তিক-

উত্তৰ: পৈনত কৰে।

৪২)অভ্যাস হ’ল-

উত্তৰ: আৰ্জিত আচৰণ।

৪৩)অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল-

উত্তৰ: জেমচে।

৪৪) “বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব সাধাৰণ মানসিক ক্ষমতা”- মতামতটো আছিল-

উত্তৰ: ষ্টাৰ্ণৰ।

৪৫)বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল-

উত্তৰ: ১৯০৫ চনত।

৪৬)বুদ্ধি পৰিমাপনৰ প্ৰথম অভীক্ষাৰ উদ্ভাৱক আছিল-

উত্তৰ: আলফ্ৰেড বিনে আৰু ছাইমন।

৪৭)মানুহ বুদ্ধিৰ অধিকাৰী হয়-

উত্তৰ: জৈৱিক বংশগতিৰ পৰা।

৪৮)এটা শিশুৰ শিক্ষণ ক্ষমতা নিৰ্ভৰ কৰে-

উত্তৰ: বুদ্ধিৰ ওপৰত।

৪৯)আলফ্ৰেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল-

উত্তৰ: ফ্ৰান্সৰ।

৫০)ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ ‘Personality’ শব্দটো লেটিন ভাষাৰ-

উত্তৰ: Persona শব্দৰ পৰা অহা।

৫১) “মানুহৰ সমূহ সহজাত জৈৱিক প্ৰবৃত্তি, প্ৰেৰণা, প্ৰৱণতা, হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা, অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব”- উক্তিটো আগবঢ়াইছিল-

উত্তৰ: মৰ্টন প্ৰিন্স।

৫২)ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাযোজন কৰা কাৰ্যত প্ৰকাশ পায়-

উত্তৰ: ব্যক্তিত্বৰ।

৫৩)শিশুৰ সৱল ব্যক্তিত্ব গঠনত সহায় কৰে-

উত্তৰ: শিক্ষকে।

৫৪)তিনি বছৰীয়া শিশু এটাৰ ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা পালন কৰে-

উত্তৰ: মাকে।

৫৫)শৈশৱ কালৰ শিশুৰ নৈতিক সচেতনতা-

উত্তৰ: নাথাকে।

৫৬)শিশুৰ ব্যৱহৃত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব-

উত্তৰ: পাৰে।

৫৭)শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ’ল-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৫৮)এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণ- তাৰ সামাজিক পৰিৱেশত-

উত্তৰ: প্ৰদৰ্শন কৰিব নোৱাৰে।

৫৯)সমস্যাজৰ্জৰ শিশু সকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত-

উত্তৰ: মানসিক বাধা অনুভৱ কৰে।

৬০)শিশুৰ সমস্যাজড়িত আচৰণৰ ভিতৰত পৰে-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৬১)শিশুৰ সমস্যাজৰ্জৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে-

উত্তৰ: মাক-দেউতাকে।

৬২) “যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্বেও নিম্ন শ্ৰেণীৰ কামকাজ বিলাকো কৰিব বা পঢ়িব নোৱাৰে, প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু”- মতবাদটো আছিল-

উত্তৰ: ছিৰিল বাৰ্ট।

৬৩)অতিমাত্ৰা লাজকুৰীয়া আৰু ভয়াতুৰ শিশু এটাক ক’ব পাৰি-
উত্তৰ: সমস্যাজড়িত।

৬৪)যিবোৰ শিশুৰ বিকাশ খৰকটীয়া নহয়, খুৱ লাহে লাহে শিকে, তেওঁলোকক কোৱা হয়-

উত্তৰ: শ্লথ শিক্ষাৰ্থী।

৬৫)সাধাৰণতে দুৰ্দান্ত শিশুবিলাক হয়-

উত্তৰ: প্ৰাণ চঞ্চল।

৬৬)মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল-

উত্তৰ: ডব্লিউ বিয়াৰ।

৬৭)মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি এজনৰ লক্ষণ হ’ল-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৬৮)১৮৮৫ চনত এমিল ক্ৰেপেলিন নামৰ মনোবিদ গৰাকীয়ে অস্বাভাৱিক আচৰণক ভাগ কৰিছিল-

উত্তৰ: দুটা ভাগত।

৬৯)ভয়, সংঘাত, উৎকন্ঠা আদি সৃষ্টি কৰা ভাৱ, স্মৃতি, ইচ্ছা আদিক অচেতন মনলৈ ঠেলি পঠিয়াই তাতে আৱদ্ধ কৰি ৰখা প্ৰক্ৰিয়াকে-

উত্তৰ: অৱদমন বোলে।

৭০)এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে-

উত্তৰ: আটাইকেইটা শুদ্ধ।

৭১)শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ’ল-

উত্তৰ: মানসিক বিকাশ।

৭২) “এমিল”(Emile) গ্ৰন্থখনৰ শ্ৰষ্টা আছিল-

উত্তৰ: ৰুছো।

৭৩)শিক্ষাবিদ ডব্লিউ এম. ৰাইবাৰ্ণে বিকাশৰ স্তৰক বিভাজন কৰিছিল-

উত্তৰ: ছয়টা স্তৰত।

৭৪)শিশুৰ সৰ্বাংগীন বিকাশত মুখ্য ভূমিকা পালন কৰে-

উত্তৰ: ঘৰখনে।

৭৫)বিশ্বত পোন প্ৰথমতে প্ৰাক-প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্ৰেকেনবাৰ্গ চহৰত-

উত্তৰ: ১৮৩৭ চনত।

৭৬)শিক্ষাৰ অধিকাৰ আইন ২০০৯ খন ভাৰতত বলবৎ হৈছিল-

উত্তৰ: ২০০৯ চনৰ ১ এপ্ৰিলত।

৭৭)২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনমতে প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ লাভ কৰিব-

উত্তৰ: ৬-১৪ বছৰীয়া শিক্ষাৰ্থীয়ে।

৭৮)আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল-

উত্তৰ: ৰুছো।

৭৯) “শিক্ষক সকলেই হ’ল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা”- মতবাদটো আছিল-

উত্তৰ: ড° জাকিৰ হুছেইন।

৮০)বিদ্যালয় এখন হ’ল-

উত্তৰ: ক্ষুদ্ৰ সমাজ।

৮১)জীৱনদাতা পিতৃ-মাতৃতকৈও শিক্ষক সকলক অধিক শ্ৰদ্ধাৰ পাত্ৰ বুলি অভিহিত কৰিছিল-

উত্তৰ: এৰিষ্টটলে।

৮২)বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল-

উত্তৰ: ১৯৩৭ চনত।

৮৩)অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল-

উত্তৰ: ১৯২৬ চনত।

৮৪)বিদ্যালয় এখনে প্ৰধানকৈ সমস্যা সমাধান কৰিব পাৰে-

উত্তৰ: সমাজৰ।

৮৫)শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিল-

উত্তৰ: ফ্ৰয়েডে।

৮৬)শিশুৰ আবেগিক জীৱনৰ সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন-

উত্তৰ: মৰমৰ।

৮৭)ব্যক্তিৰ দৈহিক সুস্থতাক দৈহিক স্বাস্থ্য আৰু মানসিক সুস্থতাক কোৱা হয়-

উত্তৰ: মানসিক স্বাস্থ্য।

৮৮)সুস্থ দেহতহে সুস্থ-

উত্তৰ: মনৰ সৃষ্টি হয়।

উৎস: সহায়ক হাতপুথি টেট

 

3.14545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top