মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৰ ব্যক্তিত্ব গঠনত মন কৰিবলগীয়া দিশ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ব্যক্তিত্ব গঠনত মন কৰিবলগীয়া দিশ

শিশুৰ ব্যক্তিত্ব গঠনত মন কৰিবলগীয়া দিশ লিখা হৈছে

 

প্ৰ্তিগৰাকী পিতৃ-মাতৃৰে নিজৰ সন্তানটিক লৈ কিছু পৰিকল্পনা থাকে। কিছুমান সপোন দেখে। কোনোবাই নিজৰ লক্ষ্যত সফলতাৰে উপনীত হয় আৰু কোনোবাই নোৱাৰে। এইখিনিতে এটা কথা উল্লেখনীয় যে যিকোনো লক্ষ্যতেই হওক, উপনীত হ’বলৈ কেৱল স্কুলীয়া বা কলেজীয়া পাঠ্যক্ৰমৰ পঢ়া-শুনাৰ উপৰি থাকিব লাগিব এটা সুন্দৰ ব্যক্তিত্ব। কাৰণ ব্যক্তিত্বই এজন লোকৰ মৃত্যু পর্যন্ত বন্ধু, দার্শনিক আৰু পথপ্রদর্শক হিচাপে জীৱন পৰিচালিত কৰে। ব্যক্তিত্ব সকলো সময়তে সক্ৰিয় হৈ থাকে। জীৱনত ব্যক্তিত্বৰ ক্ষমতা সীমাহীন। এজন ব্যক্তিৰ ব্যক্তিত্বই আমাক খুব সুন্দৰকৈ প্রভাৱিত কৰিব পাৰে। সেয়ে পিতৃ-মাতৃয়ে এটি শিশু ডাঙৰ-দীঘল কৰাৰ সময়খিনিত পাঠ্যপুথিৰ লগতে ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান পদক্ষেপ লোৱা উচিত।

ব্যক্তিত্ব গঠনৰ বাবে থাকে সময়সীমা

 

সাধাৰণতে আঢ়ৈ বছৰ বয়সৰ পৰাই ব্যক্তিত্ব বিকাশৰ বাবে নিজৰ দিয়া উচিত। কিয়নো বর্তমান শিশুসকলে এই বয়সতেই ঘৰৰ চাৰিবেৰৰ বাহিৰত ভৰি দিবলৈ শিকে। ঘৰৰ লোকৰ বাহিৰেও নিত্য-নতুন লোকৰ সংস্পৰ্শত শিশুসকল আহিব ধৰে। সেয়ে এইখিনি সময়তেই শিশুটিক শিকাবলগীয়া হয় বিভিন্ন ব্যক্তিৰ সৈতে মিলা-মিছা কৰা, ভাষাৰ প্রয়োগ, বন্ধুত্ব, দল বান্ধি খেলা-ধূলা কৰা অভ্যাস আৰু কোনোপধ্যেই যাতে আত্মকেন্দ্ৰিক হৈ নুঠে তাৰ বাবে তীক্ষ্ণ নজৰ দিয়া উচিত। এই নিজৰ প্রায় ষোল বছৰ পর্যন্ত ৰখা উচিত। কিয়নো দুবছৰৰ পৰা ১৮ বছৰ পৰ্যন্ত ব্যক্তিত্ব গঠনৰ বয়স চলি থাকে। এই বয়সৰ ভিতৰতেই সন্তানটিক ব্যক্তিত্ব গঠনৰ পাঠ বা শিক্ষা বা পর্ব শেষ কৰা দৰকাৰ।

প্রয়োজন দাম্পত্যৰ ৰসায়ন

 

স্বামী-স্ত্রীৰ সুন্দৰ দাম্পত্যই সন্তানৰ ব্যক্তিত্বৰ ৰসায়ন। দাম্পত্যত বন্ধুত্ব, শ্ৰদ্ধা, ভালপোৱা আদি থকাটো বাঞ্ছনীয়। মন কৰিবলগীয়া যে যি পৰিয়ালত স্বামীৰ প্রভুত্ব বেছি সেই পৰিয়ালত পুত্র সন্তান প্রভুত্বকামী হৈ উঠে। নাৰীৰ প্ৰতি কম শ্ৰদ্ধাশালী বা দমন প্রিয় প্রৱণতা লৈ ডাঙৰ হয়। সন্তানসকলক সমতাপূর্ণ ব্যক্তিত্বৰ ব্যক্তিত্বৰ অধিকাৰী কৰিবলৈ হ’লে দাম্পত্যত এক গণতান্ত্রিক বাতাবৰণ থকাটো বাঞ্ছনীয়। কিয়নো স্বামী-স্ত্রী পৰস্পৰে শ্ৰদ্ধাশীল আৰু দুয়োজনে তাল মিল মিলাই চলাটো সদায় সন্তানৰ চকুত পৰে বা সন্তানে লক্ষ্য কৰে।

অতিমাত্ৰা মৰম আৰু যত্ন দুটি কু উপাদান

 

প্ৰকৃততে শিশুৰ শৈশৱৰ কথা মনত ৰাখি সন্তানক মাত্ৰাহীন যত্ন আৰু মৰমেৰে ভৰাই তোলা আমাৰ অভিভাৱকসকলৰ এটা স্বাভাৱিক প্রৱণতা। এনে পৰিৱেশত ডাঙৰ হোৱা

সন্তানে বাস্তৱত মাটিত ভৰি দিবলৈ টান পায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এওঁলোকৰ চাহিদা তথা বাসনা ক্ৰমাৎ বাঢ়ি আহে। এওঁলোকে পইচাৰ মোল বুজিব নিবিচাৰে। কেৱল ল’বলৈ শিকে, দিবলৈ নিশিকে। ডাঙৰ হ’লে ভোগবাদী হয়, কিন্তু মানসিক চাপ ল’বলৈ নিশিকে। সকলো সময়তে জীৱন যুদ্ধত হাৰি যোৱাৰ ভয়ত জীৱন অতিবাহিত কৰিব ধৰে।

আৱেগৰ সম্পর্ক

 

পিতৃ-মাতৃৰ লগত সন্তানৰ সম্পর্ক কেৱল অভিভাৱকৰ দৰে বা মৰমৰ নহৈ আৱেগৰ হোৱাও প্রয়োজন। যাতে আবেগজনিত সমস্যাত পিতৃ-মাতৃৰ পৰা মানসিক নিৰাপত্তা লাভ কৰিব পাৰে।

খেলা-ধূলা হওক অনিবার্য

 

এই শতাব্দীৰ আটাইতকৈ ডাঙৰ অভিশাপ হ’ল পিতৃ-মাতুৰ দ্বাৰা তেওঁলোকৰ সন্তানসকলৰ খেলা-ধূলাৰ সময় কাঢ়ি লোৱা। পঢ়া-শুনাৰ অজুহাতত বর্তমানৰ শিশুসকলে খেলপথাৰলৈ যাবলৈ নাপায়। ই যেন এক স্বাভাৱিক কথা হৈ পৰিছে; অথচ সৎ, ভদ্র, মার্জিত আৰু শৃংখলাবদ্ধ ব্যক্তিত্ব গঠনৰ সময়ত দৰকাৰ হোৱা গুণসমূহ বেছিভাগ খেলপথাৰৰ দ্বাৰাই অর্জন কৰে। খেলা-ধূলাই শিশুৰ শাৰীৰিক সক্ষমতা বঢ়োৱাৰ উপৰি আবেগ শক্তিৰ ব্যৱহাৰ— ব্যর্থতাৰ সময়ছোৱাত চেলেঞ্জ কৰিবলৈ শিকে। শিশুৰ আত্মসচেতনতা বৃদ্ধি কৰে।

ক্ৰোধ নিয়ন্ত্রণ

 

একেবাৰে সৰলৰে পৰা শিশুসকলক ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ শিকাব লাগে। এই ক্ষেত্ৰত প্রথমে পিতৃ-মাতৃৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰাটো অধিক প্রয়োজনীয়। আনহাতে শিশুৱে বা সন্তানে খং-ৰাগসমূহ পিতৃ-মাতৃৰ পৰাই জন্মগত হিচাপে কিছু পৰিমাণে লাভ কৰে। ক্ৰোধ প্রবণতা সুন্দৰ ব্যক্তিত্বৰ হেঙাৰস্বৰূপ। সন্তানটিয়ে বিনা কাৰণে খং-ৰাগ কৰিলে বা কোনো যুক্তি নাথাকিলে তাৎক্ষণিকভাৱে কোনো গুৰুত্ব নিদিয়াই ভাল। অকাৰণে কৰা খঙে যে ব্যক্তিত্ব নষ্ট কৰে তথা কষ্ট বা যন্ত্রণাৰ বাদে যে একোৱে নিদিয়ে, সেই কথা সন্তানটিক ভালদৰে বুজাই দিব লাগে। যেতিয়াই তেতিয়াই খং-ৰাগ দেখুৱালে যে সমাজত তেওঁক হাঁহিৰ খোৰাক হিচাপে ল’ব পাৰে, সেই কথাও তাক বুজাই দিয়া প্রয়োজন, খং কমাবলৈ শিশুটিক খেলা-ধূলাৰ উপৰি যোগ, শাৰীৰিক ব্যায়াম, প্রণায়াম, ডিপফ্রিডিং আদিৰ অভ্যাস কৰাব লাগে। এনে কৰিলে খং সৃষ্টিশীল কামত খৰচ হৈ যাব। এনে কিছুমান দিশ মন কৰিলে শিশুটিৰ ব্যক্তিত্ব সুন্দৰকৈ গঠন হোৱাত সহায় হ’ব।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

3.025
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top