মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৰ ব্যক্তিত্ব বিকাশত আমাৰ দায়িত্ব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ব্যক্তিত্ব বিকাশত আমাৰ দায়িত্ব :

শিশুৰ ব্যক্তিত্ব বিকাশত আমাৰ দায়িত্বৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ শিশুসকল ভৱিষ্যতৰ নাগৰিক। সেয়েহে এই শিশুসকলক এজন সুস্থ মানসিকতাৰ সু-নাগৰিক হিচাপে গঢ়িবলৈ তেওঁলোকক সৰুৰে পৰাই উপযুক্ত কৰি তুলিব লাগিব আৰু ইয়াৰ দায়িত্ব অভিভাৱক আৰু শিক্ষকসকলৰ।

শিশুসকল নিষ্পাপ আৰু দেৱতুল্য। তেওঁলোকৰ মন অতি পৱিত্ৰ আৰু দুশ্চিন্তাৰ ঊৰ্ধ্বত। তেওঁলোক কুমলীয়া বাঁহৰ দৰে, যিভাৱে ইচ্ছা সেইভাৱে গঢ় দিব পাৰি। কিন্তু এটা কথা মনত ৰাখিব লাগিব, তেওঁলোক জড় পদাৰ্থ নহয়, গতিকে তেওঁলোকক গঢ় দিওঁতে তেওঁলোকৰ অভিৰুচিৰ ওপৰত বিশেষ, গুৰুত্ব দিব লাগিব। অন্যথা তেওঁলোকৰ ভৱিষ্যত, ভাঁজ দিয়া কেঁচা বাঁহ শুকাই গ’লে ফাটি যোৱাৰ দৰে হ’ব।

শিশুৰ বিকাশ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি শিশু এটাৰ জন্মৰ পৰা কিশোৰ অৱস্থালৈকে বিভিন্ন সময়ত শিশুৰ মনৰ প্ৰয়োজন সম্পৰ্কে জানিব লাগিব। সেই উদ্দেশ্যে এইখিনিতে শিশু মনোবিজ্ঞানৰ অন্যতম জন পিয়াগেটে আগবঢ়োৱা চাৰিটা স্তৰৰ কথা উল্লেখ কৰিব পাৰোঁ। তেখেতে জন্মৰ পৰা কিশোৰ অৱস্থালৈ শিশুসকলৰ মানসিক অৱস্থাক চাৰিটা স্তৰত ভাগ কৰিছে-

ক)চেনচৰী মটৰ-জন্মৰ পৰা ২ বছৰপৰ্যন্ত।

খ)প্ৰি-অপাৰেচনেল- ২ বছৰৰ পৰা ৭ বছৰ পৰ্যন্ত।

গ)কংক্ৰিট বা অপাৰেচনেল- ৭ বছৰৰ পৰা ১১ বছৰপৰ্যন্ত।

ঘ)ফৰ্মেল অপাৰেচনেল- ১১ বছৰৰ পিছৰ পৰা(শৃংখল তথা আৱশ্যকীয় গুণ আহৰণ)। এই স্তৰ অনুসৰি শিশুসকলৰ বিকাশৰ বাবে ল’ব লগা যত্ন বেলেগ বেলেগ ধৰণৰ হ’ব লাগিব।

প্ৰথম চেনচৰী স্তৰৰ সময়ত অৰ্থাৎ জন্মৰ পৰা ২ বছৰপৰ্যন্ত শিশুৱে কেৱল ব্যক্তিগত প্ৰয়োজনীয়তাখিনি পূৰাব বিচাৰে। এই সময়ত দেখা যায় যে শিশুৱে তেতিয়াহে বিনিময় কৰিবলৈ সন্মত হয় যেতিয়া ব্যক্তিগতস্বাৰ্থ পূৰণ হয়। এই সময়ত যিমান পাৰি সিমান শিশুসকলক বুদ্ধিৰে সন্তুষ্ট কৰি কাম কৰাবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকক মাৰি বা খং কৰি কাম কৰিবলৈ বাধ্য কৰাব নালাগে অন্যথা তেওঁলোক জেদী হৈ পৰিব পাৰে। এই অৱস্থাত কিছুমান বস্তু তেওঁলোকক অভিজ্ঞতাৰে জানিবলৈ দিব পাৰি। যেনে- শিশুটোৱে চাহৰ কাপটো বাৰে বাৰে চূব বিচাৰিছে, নিদিয়াৰ বাবে কান্দিছে, তেনেক্ষেত্ৰত তাক পিটি বা ধমকি দিয়াতকৈ নিজে চুব দিলে ভাল, কাৰণ যেতিয়া পুৰিব তেতিয়া সি বুজিব এইটোৱে পূৰে আৰু পিছত নিজেই চুব নিবিচাৰিব। অৱশ্যে সকলো ক্ষেত্ৰত এনে কৰিব নোৱাৰি, কাৰণ কিছুমান বস্তুৱে শিশুটোৰ ক্ষতি কৰিব পাৰে। এই সময়ছোৱাত শিশুসকলক সাৱধানে চাই-চিতি বিকাশ ঘটাব লাগিব যাতে সিহঁতে কিছুমান বস্তু অভিজ্ঞতাৰ পৰাও শিকে আৰু জেদী হৈও নুঠে।

দ্বিতীয় স্তৰটো প্ৰি-অপাৰেচনেল, ২- ৭ বছৰ পৰ্যন্ত। এই স্তৰত শিশুসকলে ভাষাজ্ঞান আহৰণ কৰে আৰু বস্তুৰ প্ৰতি সঠিক ভাবমূৰ্তি গঢ়ি তোলে, গতিকে এই স্তৰত তেওঁলোকে জানিব বিচৰা প্ৰতিটো বস্তুৱেই ভালকৈ শিকাই, দেখুৱাই  দিব লাগে। তেওঁলোকে যি কথাই জানিব নিবিচাৰক কিয় সকলো কথা তেওঁলোকৰ অৱস্থা অনুযায়ী বুজাই দিব লাগে। এইক্ষেত্ৰত কেতিয়াও অনীহা ভাব দেখুৱাব নালাগে। অৱশ্যে যিকোনো কথা তেওঁলোকে বুজিব পৰাকৈ অতি সৰল কৰিলে তেওঁলোকৰ বস্তু এটাৰ প্ৰতি জনাৰ আগ্ৰহ কমি যাব পাৰে।

এই সময়ত শিশুসকলক যিকোনো কামত মন বঢ়াবৰ বাবে আমি উৎসাহজন বাক্য যেনে- বাঃ বাঃ পাৰিছা, ভাল ল’ৰা বা ভাল ছোৱালী আদি বিশ্লেষণ ব্যৱহাৰ কৰিব পাৰোঁ।

এইটো বয়সত শিশুসকলৰ মাজত ঈৰ্ষাৰ ভাবটোও আগ্ৰত হয়। যেনে- মাক-দেউতাকে কাৰোবাক মৰম কৰিলে তেনে শিশুৰ প্ৰতি খং উঠিব পাৰে, তেনেকুৱাত এনে ঈৰ্ষাভাব বেছি কৰিবলৈ চেষ্টা নকৰি পাহৰাবলৈ চেষ্টা কৰিব লাগে।

ইয়াৰ পিছৰ স্তৰটো হ’ল কংক্ৰিট অপাৰেচনেল(৭-১১ বছৰ)। এই স্তৰত শিশুসকলৰ মাজত দেখা দিয়া লক্ষণবোৰ প্ৰধানকৈ-

ক)যুক্তিসংগত ৰূপত বিচাৰ কৰিব পৰা।

খ)সংখ্যা, ওজন, ঘনত্ব আদিৰ বিষয়ে জ্ঞান লাভ হয়।

গ)বিভিন্ন ধৰণৰ বস্তুক চিজিল লগাই সজাব পৰা হয়।

গতিকে এই বয়সত শিশুসকলৰ মনত উদ্ভৱ হোৱা সকলো প্ৰশ্নৰ যুক্তিসংগত উত্তৰ দিব লাগে। যিকোনো কথা নুবুজিলে খন্তগ নকৰি, কথাটোৰ ভিতৰৰ যুক্তিখিনি ভালদৰে বুজাই দিব লাগে। এই সময়তে শিশুসকলক নিয়মানুৱৰ্তিতা সম্পৰ্কে শিক্ষা দিব লাগে। ক’ৰ বস্তু ক’ত থ’ব লাগে বা কোন সময়ত কি কাম কৰিব লাগে? যেনে- পঢ়া টেবুলখন ভালকৈ ৰখা, স্কুললৈ ৰুটিন চাই নিজৰ কিতাপ ভৰোৱা, সময়ত হোমৱৰ্ক কৰা, স্কুলৰ পৰা আহি নিজৰ সাজ-পোচাক যোৰ জাপি ৰখা, আবেলি খেলা, সন্ধিয়া প্ৰাৰ্থনা কৰা আদি, কাৰণ ‘Discipline and punctuation are two keys of success of life’ এই বয়সত ইয়াৰ জ্ঞান উপযুক্তভাৱে দিলেহে ভৱিষ্যতে ডাঙৰ কাম সঠিকভাৱে আৰু দায়িত্ব সহকাৰে কৰিব পাৰিব আৰু লগতে ধৈৰ্যও বাঢ়িব যিটো আজিৰ যুৱ প্ৰজন্মৰ মাজত অভাৱ। লগতে এই বয়সতে শিশুক অধ্যৱসায়ৰ জ্ঞানো দিবলৈ চেষ্টা কৰিব লাগে, যেনে- কোনো শিশুৱে কোনো বিষয়ত কম নম্বৰ পালে বা বেয়া কৰিলে আনতকৈ কম বুলি নিৰাশ নকৰি, একো নহয় এইবাৰ আগতকৈ বেছি ভালকৈ পঢ়িবা, পাৰিবা বুলি উৎসাহ যোগাব লাগে, নহ’লে শিশুসকলৰ মাজত dipression ভাব আহিব পাৰে যিটো বৰ্তমান প্ৰজন্মৰ এটা ডাঙৰ সমস্যা যাৰ বাবে যুৱ প্ৰজন্মৰ মাজত আত্মহত্যাৰ প্ৰৱণতা গঢ়ি আহিছে। গতিকে এই সমস্যাবোৰৰ বীজটো সৰুতেই গজালি মেলিব নিদি তাক তেতিয়াই মষিমূৰ কৰিবলৈ চেষ্টা কৰিব লাগে।

১১ বছৰৰ পিছৰ পৰা এই সময়খিনিক ফৰ্মেল অপাৰেচন স্তৰ বুলি অভিহিত কৰিছে।

এই সময়ত শিশুসকলে আয়ত্ত কৰিব পৰা বিষয়কেইটা হ’ল-

ক)প্ৰতিটো বস্তু যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ শিকা।

খ)বিমূৰ্ত বস্তুৰ অৱস্থিতি, যুক্তযুক্ততা ব্যাখ্যা।

গ)নিজস্ব দৃষ্টিভংগী গঠন যাতে সাধাৰণ কথা এটাও তেওঁলোকে আমাৰ লগত আলোচনা কৰিবলৈ কুন্ঠাবোধ নকৰে।

এই বয়সত শিশুসকলৰ মাজত অপৰাধ প্ৰৱণতাও বাঢ়ি আহে। গতিকে এই প্ৰৱণতা ৰোধ কৰিবৰ বাবে এই বয়সত শিশুসকলক অভিভাৱকসকলে আৰু শিক্ষকসকলে সাজ-পোচাকৰ শালীনতা, যৌন সম্পৰ্কীয় জ্ঞান দিয়াৰো প্ৰয়োজন। লগতে আজিৰ যুগৰ লগত লক্ষ্য ৰাখি ছোৱালীবোৰক প্ৰধানকৈ আত্মৰক্ষাৰ কৌশল, সাজ-পোচাকৰ শালীনতা আৰু যৌন জ্ঞান ভালদৰে দিয়াৰ প্ৰয়োজন আহি পৰিছে আৰু ল’ৰা-ছোৱালী উভয়কে আত্মনিৰ্ভৰ হ’বৰ বাবে সমানে গুৰুত্ব দিব লাগে। এই বয়সতে শিশুসকলক এটা বস্তু বুজাবৰ বাবে চেষ্টা কৰিব লাগে যে সমাজত পৰিচিত হ’বলৈ বা প্ৰতিষ্ঠা লাভ কৰিবলৈ স্বকীয় প্ৰতিভা আৰু গুণৰহে দৰকাৰ, আনৰ পৰা অনুকৰণ কৰা ধৰণ কৰণৰ নহয়।

গতিকে উপৰিউক্ত আলোচনাৰ পৰা আমি ক’ব পাৰোঁ যে বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰধান সমস্যা বা ব্যাধি যেনে- আত্মহত্যাৰ প্ৰৱণতা, যৌন অপৰাধ প্ৰৱণতা বা চাইবাৰ ক্ৰাইম আদি দূৰ কৰিবলৈ ইয়াৰ বীজসমূহ সৰুতেই মষিমূৰ কৰিব লাগিব, যেনেকৈ ভাল শস্য এডৰা পাবলৈ হ’লে সৰুতে তাৰ মাজৰ অপতৃণ নাশ কৰা হয়। অৱশ্যে ইয়াৰ বাবে প্ৰয়োজনীয় ঔষধ-অভিভাৱক, শিক্ষক আৰু সমাজে তেওঁলোকৰ মানসিক অৱস্থা আৰু পৰিস্থিতি চাই প্ৰয়োগ কৰিব লাগিব।

এই স্তৰটোতে শিশুসকলক এজন সু-নাগৰিক হিচাপে বা প্ৰকৃতাৰ্থত সুস্থ মানৱ হিচাপে গঢ় দিয়াৰ সময়। যিদৰে কমাৰ এজনে মাটিখিনি ভালদৰে বোকা কৰি শেষত শালত বাচনৰ গঢ় দিয়ে। এই সময়ত শিশুসকলৰ ম্বিকাশৰ বাবে পৰিয়াল, শিক্ষকসকল আৰু সমাজ সমানে দায়বদ্ধ। এই সময়ত শিশুসকলৰ মাজত যিকোনো বিষয়ৰ প্ৰতি জনাৰ আগ্ৰহ আহিব পাৰে লতেতিয়া আমাৰ কিছুমানৰ মনত হয়তো এনে ভাব হ’ব পাৰে যে সেইটো বিষয় সিহঁতৰ এতিয়া জনাৰ বয়স নহয়, কিন্তু সেইটো ভুল ধাৰণা, কাৰণ আমি নক’লেও যিকোনো বিষয়ে জনাৰ বহুতো সুবিধা আজিকালি আছে। গতিকে সময়ৰ লগত এই ধাৰণাৰ সলনি কৰি তেওঁলোকে জানিবলৈ আগ্ৰহী বিষয়টোৰ বিষয়ে সঠিক ব্যাখ্যা তেওঁলোকৰ ওচৰত দাঙি ধৰিব লাগে, কেৱল প্ৰয়োজন অনুসৰি তাৰ ভাল আৰু বেয়া দিশ দুয়োটাই বুজাই দিব লাগে, যাতে তেওঁলোকে সেই জ্ঞানৰ অপপ্ৰয়োগ নকৰে।

এই বয়সত তেওঁলোকে যিকোনো বিষয় নিজে বেছি জনা যেন ভাবে বা আমি ডাঙৰ হৈছোঁ, গতিকে নিজে যিকোনো কাম কৰাৰ অধিকাৰ আছে বুলি ভাবিব পাৰে, এই অৱস্থাত অভিভাৱকসকল, শিক্ষাগুৰুসকলে তেওঁলোকৰ মন বুজি তেওঁলোকক দমন কৰিব চেষ্টা নকৰি বন্ধুত্বসুলভ ভংগীৰে এজন ভাল বন্ধুৰ দৰে পথ প্ৰদৰ্শনৰ চেষ্টা কৰিব লাগে অন্যথা শিশুসকল বিপথে পৰিচালিত হ’ব পাৰে।

এই বয়সতে তেওঁলোকক বন্ধুৰ দৰে ব্যৱহাৰ কৰি নীতি শিক্ষা, শালীনতা, ভদ্ৰতা আদিৰ উপযুক্ত শিক্ষা দিব লাগে। এই বয়সত শিক্ষাগুৰুসকল বা অভিভাৱকসকল বন্ধুত্ব সুলভ হ’বৰ চেষ্টা কৰিব লাগে।

গতিকে ভৱিষ্যতে এখন সুন্দৰ সমাজ পাবৰ বাবে অভিভাৱকসকল, শিক্ষকসকল আৰু সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে দায়িত্ব পালন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব।

আজিৰ শিশুসকল ভৱিষ্যতৰ নাগৰিক। সেয়েহে এই শিশুসকলক এজন সুস্থ মানসিকতাৰ নাগৰিক হিচাপে গঢ় দিবলৈ হ’লে তেওঁলোকক সৰুৰে পৰাই উপযুক্ত কৰি তুলিব লাগিব আৰু ইয়াৰ বাবে আমি, অৰ্থাৎ অভিভাৱকসকল আৰু শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য অপৰিহাৰ্য।

লেখিকা: ৰঞ্জিতা গোস্বামী বৰঠাকুৰ(সুকন্যা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top