মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৰ মনত আত্মবিশ্বাসৰ ভাব জগাওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ মনত আত্মবিশ্বাসৰ ভাব জগাওক :

শিশুৰ মনত আত্মবিশ্বাসৰ ভাব জগাওক, সেই বিষয়ে লিখা হৈছে ।

 

আমি সকলোৱে জানো যে বাঢ়ি অহা শিশুটিৰ মনত আত্মবিশ্বাস জগাই তাক নিজৰ প্ৰতি সজাগ ব্যক্তি হিচাপে গঢ় দিয়াটো কিমান দৰকাৰ, বিশেষকৈ আজিৰ পৃথিৱীখন ইমান প্ৰতিযোগিতামুখী হৈ যে আমি আৰম্ভণিৰে পৰাই এনে প্ৰয়াস নকৰিলে সি বৰ্তমানৰ পৃথিৱীখনৰ নিত্য-নতুন কৌশলসমূহৰ আদৰ-কায়দা সম্পূৰ্ণৰূপে আয়ত্ত কৰিবই নোৱাৰিব। এই কাৰণতে শিশুৰ ভৱিষ্যতৰ কথা ভাবি কেতবোৰ কথা সদায় মনত ৰখা উচিত।

পিতৃ-মাতৃয়ে সংগ দিয়ক -

শিশুৰ জীৱনত আত্মবিশ্বাসৰ স্তৰ উৰ্ধ্বগামী কৰাৰ বাবে আপুনি তাক সংগ দিয়া প্ৰয়োজন। তাৰ লগত সময় অতিবাহিত কৰি খেলা-ধূলাতো অংশ লওক। এনে কৰিলে সি উৎসাহিত হ’ব। দায়িত্বশীল পিতৃ-মাতৃ হিচাপে শিশুটিৰ সৈতে সদায় সুদৃঢ় সম্বন্ধ ৰক্ষা কৰাৰ চেষ্টা কৰিব। তেতিয়া সি নিজক অধিক সুৰক্ষিত অনুভৱ কৰিব।

প্ৰশংসা কৰক:

আমি শিশুক পৰিশ্ৰম কৰাৰ কাৰণে উৎসাহ যোগাব লাগে। ইয়াৰ বাস্তৱিক পৰিণাম যিয়েই নহওক কিয়, সি কৰিব অহা চেষ্টাৰ শলাগ ল’ব লাগে যাতে সি উপলব্ধি কৰিব পাৰে যে তাক প্ৰশংসা কৰা হৈছে।

শিশুটিক শিকাৰ সুযোগ দিয়ক -

এইটো সত্য যে আমি নিজৰ শিশুটিক সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব বিচাৰো। তথাপি তাক তাৰ সন্মুখৰ প্ৰ্ত্যেকটো স্থিতিৰে মুখমুখি হ’ব পৰাকৈ শিক্ষা দিয়া উচিত অৰু সংকটৰ সময়ত তাক সময়ত তাক সহায় কৰাৰ বাবে ওচৰত থকাও উচিত। এনে পৰিস্থিতিক জয় কৰাৰ বাবে শিশুটিক প্ৰস্তুত কৰা উচিত।

শিশুৰ ক্ষমতাৰ ওপৰত ভৰসা ৰাখক:

পিতৃ-মাতৃ হিচাপে শিশুৰ নিজস্ব ক্ষমতাখিনিৰ ওপৰত ভৰসা ৰাখিব লাগে যদিও অত্যধিক আশা কৰিব নালাগে। শিশুৱে পৰাজয় স্বীকাৰ কৰাৰ পূৰ্বেই তাৰ ভাল লগা কামবোৰ কৰিবলৈ সময় আৰু সুযোগ অৱশ্যেই দিব লাগে।

তুলনা বকৰিব:

শিশুটিৰ তুলনা নিজৰ ভাই-ভনী বন্ধু-বান্ধৱৰ সৈতে কৰিলে তাৰ আত্মবিশ্বাসৰ ওপৰত বিপৰীত প্ৰভাৱ পৰিব পাৰে। সেয়েহে এইক্ষেত্ৰত সাৱধান হোৱা উচিত।

ব্যক্তিত্ব বিকাশৰ সুযোগ দিয়ক -

অনবৰতে শিশুৰ বদ গুণখিনিৰ হিচাপ কৰি থকাৰ পৰিৱৰ্তে তথা ব্যক্তিগত গুনৰাজিৰ বিকাশৰ দিশত ধ্যান দিয়া আৱশ্যক। শিশুক নিজৰ ৰুচি আৰু প্ৰতিভা অনুসৰি আগ বঢ়াৰ সুযোগ দিয়ক। সিঁহতৰ পৰিশ্ৰম আৰু কষ্টখিনিৰ বাবে শলাগ লোৱাত কৃপণালি নকৰিব।

অধিক আশাবাদী নহ’ব:

শিশুৱে এইটো বুজাৰ দৰকাৰ যে আগন্তুক জীৱনৰ বাটত উত্থান-পতন আহিয়ে থাকিব। সেয়ে অতি বেছি আশাবাদী হোৱা উচিত নহয়, কিয়নো সেই স্থিতিত পৰাজয় সহিব পৰাতো খুব কঠিন হৈ পৰে। গতিকে এই ধৰণৰ কাৰণসমূহৰ প্ৰভাৱ বুজিবলৈ শিকাত সঁহাৰি দিব লাগে, যিবোৰত তাৰ নিয়ন্ত্ৰণ নাথাকে। সাংঘাতিক কল্পনাপ্ৰৱণ হোৱাৰ পৰাও তাক বচাব লাগিব।

পৰাজয় স্বীকাৰ:

দৃঢ় আৰু গভীৰ আত্মবিশ্বাসৰ হেতু জীৱনৰ বাটলৈ অকস্মাতে বিফলতা আহিলে নিৰাশাক আঁকোৱালি লোৱাৰ শিক্ষা নিদিব। সেই মুহূৰ্তত শিশুক সহায়-সহযোগ কৰাৰ নিমিত্তে পিতৃ-মাতৃৰ উপস্থিতিৰ অতি আৱশ্যক।

আদৰ্শ ব্যক্তি হওক -

আত্মবিশ্বাস- শিশুক শিকাব পৰা বিষয় নহয়। শিশুৰ মনত প্ৰত্যেকটো কথাৰ সাঁচ বহে অতি সোনকালে আৰু সিঁহতে ওচৰ-পাঁজৰত ঘটা ঘটনাসমূহ দেখি বহুতো কথা শিকে। সেই গতিকে পিতৃ-মাতৃ তথা অভিভাৱকসকল শিশুৰ বাবে আদৰ্শ ব্যক্তি হ’ব লাগিব।

লেখিকা ৰীণা দেৱী(অসম বাণী)

2.91304347826
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top