মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৰ সুঅভ্যাস গঠন কৰক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ সুঅভ্যাস গঠন কৰক :

শিশুৰ সুঅভ্যাস গঠনৰ বিষয়ে লিখা হৈছে ।

 

পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন পথত নানা ধৰণৰ অভ্যাস গঠন কৰিলেও শিশু অৱস্থাতে গঢ়ি লোৱা অভ্যাসে ব্যক্তিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় সেয়া নুই কৰিব নোৱাৰি। শৈশৱ কালত ডাঙৰক অনুকৰণ কৰি শিকাৰ আগ্ৰহ থকাৰ বাবে ভাল পৰিৱেশে শিশুক সদায় ভাল অভ্যাস গঠন কৰাত সহায় কৰে আৰু কু-অভ্যাস ব্যক্তিৰ বিকাশত বাধা দিয়ে। সেয়েহে আমি সদায় এটা কথালৈ লক্ষ্য ৰখা উচিত- বেয়া অভ্যাস এবাৰ গঠন হ’লে তাক সহজে এৰাটো বৰ কষ্টসাধ্য হৈ পৰে।

জন্মতে শিশু এটিয়ে কোনোধৰণৰ কথা শিকি এই পৃথিৱীলৈ নাহে। ডাঙৰক বা পৰিয়ালৰ ব্যক্তিসকলৰ কথা-বতৰা, আচৰণ, ব্যৱহাৰ, মনোভাৱ, নিয়ম-কানুন আদি শিকি সেইবোৰকে পুনৰাবৃত্তি কৰাৰ ফলত এদিন সি নিজে নিজে অভ্যাসলৈ পৰিণত হয়। সেই কাৰণে ঘৰ এখনৰ সুস্থ পৰিৱেশ তথা সুন্দৰ বাতাৱৰণে শিশুক ভাল অভ্যাস গঠন কৰিবলৈ অনুপ্ৰাণিত কৰে বাবে পিতৃ-মাতৃয়ে সঠিক আচৰণৰে শিশুক সু-অভ্যাস ল’বলৈ শিকাব লাগে। বহু সময়ত দেখা যায়, অভিভাৱকসকলে ‘মিছা কথা নক’বা’ বুলি কৈ নিজে শিশুৰ সন্মুখতে মিছা কথা কয়। কেতিয়াবা নিজে ঘৰত থকাৰ পাছতো ঘৰত নাই বুলি শিশুক ক’বলৈ কোৱাৰ কাৰণে কোমল মনৰ কম বয়সীয়া শিশু এটাই তাকে শিকি প্ৰকৃততে মিছা কথা ক’ব পায় নে নাপায় সেয়াও জ্ঞাত নহয় বাবে ভালদৰে বুজি নাপাই অসুবিধাত পৰে আৰু নিজেও লাহে লাহে ক’বলৈ লয়। অন্যহাতে পিতৃ-মাতৃয়ে আন এটা ক্ষেত্ৰটো সতৰ্ক হ’ব লাগে।

বহু অভিভাৱকে কাজিয়া কৰাৰ সময়ত সৰু ল’ৰা-ছোৱালীয়ে একো নুবুজে বুলি বিভিন্ন বেয়া শব্দ প্ৰয়োগ কৰি গালি-গালাজেৰে ঘৰখনত এটা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কিছুমানে মাৰ-ধৰো কৰা দেখা যায়। শিশুৱে এই সকলোবোৰ নীৰৱে চাই শুনি লগৰীয়াৰ লগত কাজিয়া কৰিলে সেই বেয়া শব্দবোৰ কৈ অভদ্ৰ আচৰণ কৰি দেখুৱায়। অকল সেয়াই নহয়, পিতৃ-মাতৃয়ে ‘কাজিয়া নকৰিবা’ বুলি ক’লেও ঘৰত তেনে পৰিৱেশ দেখি তেওঁলোকৰ মনত দ্বিধাভাব জন্মে। গতিকে অভিভাৱকসকলে যথোচিত আচৰণ লোৱাৰ সহায় কৰিব লাগে।

সু-অভ্যাস গঠনৰ ক্ষেত্ৰত পিতৃ-মাতৃ উভয়ে সজাগ হোৱা দৰকাৰ আৰু ইয়াৰ বাবে তেওঁলোকৰ দায়িত্বও অধিক। প্ৰথমে যি কোনো এটা কথা শিকিবলৈ বা কৰিবলৈ হ’লে ধৈৰ্য, কষ্ট আৰু সময়ৰ প্ৰয়োজন হয়। কিন্তু বাৰে বাৰে কৰাৰ পাছত সি আপোনাআপুনি চৰিত্ৰত প্ৰকাশ পায়। উদাহৰণস্বৰূপে সৰুৰে পৰা গুৰুজন তথা বয়োজ্যেষ্ঠ লোকক সন্মান সহকাৰে নমস্কাৰ দিয়া, ওচৰ-চুবুৰীয়া, ঘৰলৈ অহা ব্যক্তিক হাঁহিমুখেৰে সম্ভাষণ জনোৱা, পুৱা-গধূলি সময় মতে পঢ়া টেবুলত বহা, ভগৱানক প্ৰাৰ্থনা কৰা, আজৰি সময়ত ঘৰুৱা সৰু সৰু কাম কৰাৰ শিক্ষা প্ৰথমে পিতৃ-মাতৃৰ পৰা শিকি একেৰাহে পুনৰাবৃত্তি কৰিলে পাছলৈ এই সকলোবোৰ অভ্যাসলৈ ৰূপান্তৰ হয়। ইয়াৰ উপৰি শিশুক আন গ্ৰহণযোগ্য সজ আচৰণ যেনে- মাৰ্জিত ব্যৱহাৰ, সহজে আনৰ লগত মিলিজুলি খেলা-ধূলা কৰাৰ মনোভাব আনক সহায় কৰা মনোবৃত্তি, সকলো লোককো সমব্যৱহাৰ কৰা, লগৰীয়াৰ লগত হাই-কাজিয়া নকৰি একেলগে খেতি বন্ধুত্ব কৰা সৰুতে শিকালে সেই শিকনি পাছলৈ অভ্যাস হৈ পৰে।

এটা সত্য সত্য যে অভ্যাস গঠন কৰিবলৈ হ’লে মনৰ দৃঢ়তা আৰু একাগ্ৰতা প্ৰবল হ’ব লাগে, তেনে অভ্যাস গঠন কৰিবলৈ সহজ হয়। কিছুমান শিশুৱে কোনো কাম কৰিবলৈ টান পালে বা কৰি আনন্দ নাপালে অথবা বাৰে বাৰে কৰিবলৈ বেয়া পায়, তেতিয়া তেওঁলোকক খেল-ধেমালি বা নৃত্য-গীতৰ মাজেৰে স্পৃহা জন্মাবলৈ চেষ্টা কৰি মৰম-চেনেহৰ মাজেৰে ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজাই আগ্ৰহ সৃষ্টি কৰিব পাৰিলে মনৰ দৃঢ়তা বাঢ়ে।

সেইবাবে স্কুলত একেলগে সকলোৱে সুৰ লগাই নেওতা মুখস্থ কৰা, কবিতা আওঁৰোৱা, বৰ্ণমালাখন লিখিবলৈ, পঢ়িবলৈ শিকাৰ কাৰণে গোটেই জীৱন সম্পূৰ্নকৈ মনত থকা দেখা যায়। ঠিক তেনেদৰে নৃত্য-গীত, ছবি অঁকা, বিভিন্ন খেল-ধেমালি, বাদ্যযন্ত্ৰ বজোৱাৰ প্ৰাৰম্ভিক অভ্যাস এবাৰ গঠন হ’লে ভৱিষ্যতে সাধনা আৰু একাগ্ৰতাৰ বলত উচ্চস্তৰৰ অভ্যাস গঠন কৰি পাৰদৰ্শিতা দেখুওৱাত সহজ হয়।

সি যি কি নহওক, শিশু এটিৰ বাবে সু-অভ্যাস গঠন কৰা যিদৰে টান সেইদৰে কু-অভ্যাস গঠন কৰা অতি সহজ। কেতিয়াবা কিছুমান শিশুৱে ভাল-বেয়া বুজি নাপাই ডাঙৰক বা লগৰীয়াক দেখি চিগাৰেট খোৱা, নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰা, দোকানৰ পৰা বস্তু চুৰি কৰা, ঘৰত ফাকি দি পইচা লোৱা আদি শিকে আৰু ডাঙৰ হোৱাৰ পাছত তাকে কৰিবলৈ বিচাৰে। গতিকে এনেধৰণৰ অভ্যাস গঠন হোৱা দেখিলেব প্ৰথমেই বাধা দি প্ৰত্যেক অভিভাৱকে শৈশৱতে শিশুক শুদ্ধ পথেৰে নিজৰ জীৱনটো আগুৱাই নিয়াত পথ-প্ৰদৰ্শকৰ ভূমিকা ল’ব লাগে।

লেখিকা: দীপাঞ্জলি ভট্টাচাৰ্য(অসম বাণী)

3.13043478261
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top