মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / শিশুৱে স্কুললৈ যাব নিবিচাৰে কিয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৱে স্কুললৈ যাব নিবিচাৰে কিয় :

শিশুৱে স্কুললৈ যাব নিবিচাৰে, তাৰ বিষয়ে লিখা হৈছে ।

 

‘মা, আজি মোৰ পেট বিষাইছে, স্কুললৈ নাযাওঁ…’ এনেধৰণে কণ কণ শিশুসকলৰ বহুতেই স্কুললৈ যোৱাৰ কথা ক’লে ভাও ধৰাৰ আঁৰত কি কাৰণ থাকিব পাৰে! অথবা সিহঁতৰ কোমল মনত ৰেখাপাত কৰা ভয় ভাবৰ প্ৰকৃত কাৰণ কি আৰু এই ভয় কেনেদৰে দূৰ কৰিব পৰা যায়- জানো আহক।

স্কুললৈ বলপূৰ্বক পঠিয়াব বিচাৰিলে সেই শিশুসকলে কন্দা-কটা কৰে। ভয় খায়। এই ভয় বা অনিচ্ছাৰ কাৰণ হিচাপে পৰিৱেশৰ কথাই ক’ব লাগিব। তেনে শিশুসকলে জন্মৰ পাছৰে পৰা মাকগৰাকীৰ মৰম-আন্তৰিকতাখিনি পায় ঠিকেই, ল্কিন্তু সি তাৰ ওচৰৰ পৰিৱেশটোৰ সৈতে সহজ সম্পৰ্ক স্থাপনৰ সুবিধা নোপোৱাৰ ফলত যেতিয়া তাক নতুন এটা পৰিৱেশলৈ পঠিয়াব বিচৰা হয়, তেতিয়া সেই পৰিৱেশটো তাৰ আচহুৱা যেন লাগে আৰু নিজকে নিজকে অসুৰক্ষিত অনুভৱ কৰে। তাৰ এনে দুৰ্বল মানসিকতা দূৰ কৰাৰ ক্ষেত্ৰত প্ৰধানতঃ পিতৃ-মাতৃ আৰু তাৰ শিক্ষকজনৰেই দায়িত্ব অধিক, কিয়নো তেওঁলোকে জানিব পাৰিব শিশুটিক স্কুললৈ যাবলৈ কিদৰে মানসিকভাৱে প্ৰস্তুত কৰিব পৰা যায়।

প্ৰকৃততে শিক্ষকসকলৰ মনত কোনো ধৰণৰ ভয় ভাব নাথাকে। সঁচা কথা ক’বলৈ গ’লে সিহঁতক পিতৃ-মাতৃ আৰু আমি সকলোৱে ভয় দেখুৱাওঁ, কিয়নো এটি শিশুৱে যেতিয়া খটখটিৰে বহু ওপৰলৈ উঠিব ধৰে, তেতিয়া সি ভুলতো নাথাবে সি যে পৰি যাব। সিহঁতে যিকোনো কাৰ্যৰ পৰা হ’ব পৰা প্ৰতিক্ৰিয়া নুবুজাকৈয়ে কৰি যায়। কিন্তু ভয়, শংকাৰ অনুভৱ আমিহে কৰাওঁ। উদাহৰণস্বৰূপে- সি ভাত খাবলৈ ইচ্ছা নকৰিলে কোৱা হয় যে স্কুলৰ শিক্ষকক কৈ দিম। ভাত নোখোৱা বুলি জানিলে তেওঁ তোমাক শাস্তি বিহিব। এনেধৰণৰ কথাই শিশুৰ মনত গভীৰ সাঁচ বহুৱায়। ফলস্বৰূপে লাহে লাহে তাৰ শিক্ষকজনৰ প্ৰতিও কিছুমান ভুল ধাৰণা ওপজে। শিশুটিয়ে স্কুললৈ যাব নিবিচাৰে কাৰণ এইটো নহয় যে সি স্কুল ভাল নাপায়। বহু সময়ত স্কুলৰ পৰিৱেশৰ নিত্য নতুন ব্যস্ততাই তাৰ মনৰ ভয় ভাব দূৰহে কৰে। সি যি কি নহওক, শিশুৰ মনত ৰেখাপাত কৰা এনে অহেতুক ভয় সোনকালে দূৰ কৰিবলৈ চেষ্টা কৰা উচিত, কিয়নো ই শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ দিশত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত পিতৃ-মাতৃসকলেই অগ্ৰণী ভূমিকা ল’ব লাগিব। যেনে ধৰক- শিশুটিৰ লগত মাক-দেউতাকে বন্ধুত্বসুলভ সম্পৰ্ক এটা গঢ়ি তুলি তাৰ মনোৱস্থাৰ হৃদয়ংগম কৰি খোলোচাকৈ কথা- বতৰা পাতিব লাগিব। তাৰ বন্ধু-বান্ধৱীসকলৰ সৈতে অভিভাৱক হিচাপে আপুনি নিজেও সদ্ভাৱ ৰখাৰ লগতে তাকো মুকলিভাৱে মিলা-মিছা কৰাৰ সুযোগ দিব লাগিব। এনে কৰিলে শিশুটিৰ মনত আত্মবিশ্বাস বাঢ়িব আৰু স্কুলৰ প্ৰতি থকা ভয় ভাব তাৰ আঁতৰি যাব। স্কুললৈ পঠিওৱাৰ আগমুহূৰ্তত শিশুৰ মনত স্কুল সম্পৰ্কে এটি অনুকূল ধাৰণা জন্মোৱা অত্যন্ত আৱশ্যক।

শিশুৱে স্কুললৈ যাব ভয় কৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত মূল কাৰণ তিনিটা উদাহৰণস্বৰূপে-

তুলনা:

শিক্ষকে যদি অন্য এগৰাকী ছাত্ৰৰ প্ৰতি অধিক গুৰুত্ব দি তাক অৱহেলা কৰে।

ঘৰুৱা সমস্যা:

পিতৃ-মাতৃৰ মাজত মত বিৰোধ, কাজিয়া-পেচাল শিশুৰ মন হতাশগ্ৰস্ত কৰে আৰু উৎসাহ-উদ্দীপনা হেৰাই যায়।

শাৰীৰিক অসুস্থতা:

শৰীৰ অসুস্থ হৈ থাকিলে মনো অসুস্থ হৈ পৰে। গতিকে সৰু-সুৰা অসুখ হ’লেও আওকাণ নকৰি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব।

এইবোৰৰ উপৰি অন্য এটা উল্লেখযোগ্য কথা হৈছে শিশুটিক স্কুললৈ অনা-নিয়া কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে আগভাগ ল’ব লাগে আৰু শিক্ষকেও নিজৰ ছাত্ৰসকলৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিয়া দৰকাৰ। এনেভাৱে শিশুৰ মনৰ ভয় আঁতৰোৱাত বহুখিনি অৰিহণা যোগাব।

স্বাভাৱিক আঠ-ছোৱালীৰ মাজত প্ৰায়েই স্কুললৈ যোৱাৰ প্ৰতি ভয় ভাব এটা ওপজা দেখা যায় কিয়নো এনে বয়সত সিহঁতে বহু কথাই বুজিব পৰা হয়। সেয়ে শিশুৰ মন-মস্তিষ্ক শংকাগ্ৰস্ত কৰি নুতুলিব। মনত ৰাখিব, যদি আপুনি শিশুৰ মনৰ অহেতুক শংকা আঁতৰ কৰাত সফল হ’ব পাৰে, তেতিয়া হ’লে কোনো শিশুৱে স্কুললৈ যাবলৈ কেতিয়াও ভয় নকৰিব।

লেখিকা: ৰীণা দেৱী(অসম বাণী)

3.26666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top