অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংবেদনশীল শিশু :

সংবেদনশীল শিশুৰ বিষয়ে লিখা হৈছে ।

সংবেদনশীলতা- বৰ্তমান আমাৰ সমাজ তথা জীৱন ধাৰণ প্ৰণালীৰ সৈতে জড়িত এক অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বৰ্তমানৰ জীৱনশৈলীৰ বাবেই হয়তো ব্যক্তিসকল অধিক সংবেদনশীল হৈ পৰিছে। শিশুসকলৰ মাজত সংবেদনশীলতা আজিৰ দিনত অধিক হাৰত দেখিবলৈ পোৱা যায়।

কিন্তু শিশুসকল যে সংবেদনশীল, সেই কথা বাৰু কিদৰে অনুধাৱন কৰিব পাৰি? সংবেদনশীল শিশুসকলৰ লালন-পালনৰ ক্ষেত্ৰত বাৰু কোনো বিশেষ কথাৰ প্ৰতি লক্ষ্য ৰখা উচিত নে?

যদিহে আপোনাৰ শিশুটি অতি সোনকালে অধিক আৱেগিক হৈ পৰে, সৰু সৰু কথাত প্ৰবলভাৱে নিজৰ মনোভাব ব্যক্ত কৰে, তেনেক্ষেত্ৰত বুজিব লাগিব যে আপোনাৰ শিশুটি গভীৰভাবে সংবেদনশীল। এনে ক্ষেত্ৰত কেতবোৰ বিশেষ দিশৰ প্ৰতি অভিভাৱকসকলে চকু দিব লাগে।

এই লেখাট্যিৰ সৈতে সংগতি ৰাখি এক অতি সংবেদনশীল শিশু বিজয়ৰ জীৱনৰ এটা ঘটনাৰ কথা উনুকিওৱা হ’ল। বিজয়ৰে মাতৃ ৰীণাই এবাৰ তেওঁলোকৰ ঘৰলৈ ৰাতিৰ আহাৰৰ বাবে কেইগৰাকীমান আলহী নিমন্ত্ৰণ কৰিছিল।

ৰীণাই নিজৰ ৯ বছৰীয়া সন্তান বিজয়ক এবাৰ পাকঘৰলৈ মতাই আনে আৰু এখন ট্ৰে হাতত দিয়ে। ট্ৰেখনত থকা চাহৰ কাপকেইটা ৰীণাই নিজৰ পুত্ৰক আলহীসকলৰ মাজত বিলাই দিবলৈ কয়। বিজয়ে আলহী বহি থকা কোঠালিটোলৈ গৈ ট্ৰেখন মাটিতে থয় আৰু ট্ৰেখনত থকা চাহৰ কাপকেইটা কোঠাত থকা টেবুলত এটা এটাকৈ থৈ আলহীক গ্ৰহণ কৰিবলৈ কয়। তেতিয়া এগৰাকী আলহীয়ে বিজয়ে ট্ৰেখন কিয় মাটিত থৈছে বুলি প্ৰশ্ন কৰি সেয়া যে কৰা অনুচিত বুজাই দিয়ে।

পিচে সেই কথাতে বিজয়ে ক্ষুণ্ণ হৈ পৰে আৰু পাকঘৰলৈ উভতি আহি মাতৃ ৰীণাক সকলো কথা খুলি কয় আৰু ‘মই কাহানিও আলহীৰ সন্মুখত উপস্থিত নহওঁ’ বুলি কৈ নিজৰ কোঠালিত যদিও ইয়াৰ পৰাই বিজয় যে এগৰাকী অতি সংবেদনশীল শিশু সেই কথা বুজিব পৰা যায়।

কিন্তু বৰ্তমান সময়ত কিয় শিশুবোৰ ইমান সংবেদনশীল হৈ উঠিছে? ই এক চিন্তনীয় বিষয় হৈ উঠিছে। ২০১০ চনত তানিয়া স্কীমেণ্ডেৰে লিখা এটি প্ৰবন্ধ ‘হাইলি ছেন্সিটিভ চিলড্ৰেন’ত উল্লেখ কৰা অনুসৰি প্ৰায় ১৫-২০% শিশুৰ মাজত বৰ্তমান সংবেদনশীলতা অধিক দেখিবলৈ পোৱা যায়। এই এক সমস্যাৰূপে ধৰা দিব পাৰে। যদিহে সময় থাকোতেই এই কথা চিনাক্ত কৰিব নোৱাৰি।

তদুপৰি অন্য এক সমীফক্ষা অনুসৰি আজিৰ দিনত প্ৰতি পাঁচগৰাকী শিশুৰ এগৰাকীয়েই সংবেদনশীল হোৱা পৰিলক্ষিত হয়।

বহু অভিভাৱকে এই কথাৰ উমান সময় থাকোতেই নোপোৱাৰ বাবেই পৰিৱৰ্তী সময়ত ই এক ভয়ংকৰ ব্যাধিৰূপে ধৰা দিয়ে। ইয়াৰ ভয়াৱহতা পৰৱৰ্তী সময়ত বিষণ্ণতাবোধ তথা আত্মহত্যালৈয়ো বিস্তৃত হ’ব পাৰে।

কিয় একাংশ শিশু অধিক সংবেদনশীল হয়?

যিসকল শিশুৰ মাজত ব্যক্তিগতভাৱে sensory processing sensitivity(SPS) ৰ মাত্ৰা অধিক হয়, তেনে শিশু অধিক সংবেদনশীল হোৱা পৰিলক্ষিত হয়। এই মাত্ৰা Highly Sensitive Person Scale(HSPS)ৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। কিন্তু এই নো কি?

২০১৪ চনত ‘হাইলি ছেন্সিটিভ ব্ৰেইন: এন এম আৰ আই ষ্টাডি অব ছেনছ’ৰি প্ৰছেচিং ছেন্সিটিভিটি এণ্ড ৰেছপনছ টু আৰ্দাছ ইম’চনছ’ নামৰ বিজ্ঞান ভিত্তিক আলোচনীখনত প্ৰকাশিত এক প্ৰবন্ধ অনুসৰি হৈছে কোনো শান্ত পৰিৱেশত দেখা দিয়া ব্যক্তিৰ সজাগ আচৰণ।

এই আচৰণে সামাজিক ক্ষেত্ৰখনত অধিক গভীৰভাৱে ধৰা দিয়ে। যিসকল শিশুৰ থাকে, তেওঁলোকৰ স্নায়ুতন্ত্ৰই অধিক কঠোৰভাৱে কাম কৰে। তাৰ ফলস্বৰূপে কোনো ব্যক্তি বা শিশু অন্যৰ তুলনাত অধিক সজাগ হয়, কোনো সমস্যাৰ কথা অতি সোনকালে অনুধাৱন কৰিব পাৰে।

তদুপৰি তেনে শিশুৱে নিজৰ সমান্তৰালভাৱে অন্যৰো সমস্যাসমূহক গভীৰভাৱে বুজি পায় আৰু তেওঁলোকৰ সৈতে একাত্ম হৈ পৰে।

এই সমূহ মানৱীয় গুণৰে অন্তৰ্ভুক্ত যদিও এই গুণসমূহৰ বাদেই তেওঁলোক গভীৰভাৱে সংবেদনশীল হৈ পৰে তথা আৱেগিকভাৱে দুৰ্বল হৈ পৰে।

SPSৰ মাত্ৰা কিয় বৃদ্ধি পায়?

ব্যক্তিগত অনুভূতিৰ উপৰিও জীনগত কাৰণেও ব্যক্তিৰ SPS ৰ মাত্ৰা তথা সংবেদনশীলতা বৃদ্ধি কৰাত অন্যতম ভূমিকা গ্ৰহণ কৰে।

২০১৫ চনত দ্য জাৰ্নেল অব নিউৰ’ছায়েন্সে কৰা এক সমীক্ষা অনুসৰি- সংবেদনশীলতা বহু ব্যক্তিৰ জীনত সুপ্ত অৱস্থাত থাকে, যি পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি বৃদ্ধি পায়।

সেয়েহে ক’ব পাৰি যে, অত্যধিক সংবেদনশীলতা বংশানুক্ৰমিকভাৱে অন্য কোনো কাৰকে প্ৰভাৱ নেপেলোৱাকৈঁও আহিব পাৰে।

এটি অধিক সংবেদনশীল শিশুক কিদৰে চিনাক্ত কৰিব পাৰি?

বিভিন্ন ব্যক্তিৰ পৰীক্ষাৰ সহায়ত এটি অধিক সংবেদনশীল শিশুক চিনাক্ত কৰিব পাৰি। উল্লেখযোগ্য যে, বৰ্তমান সময়ত অনলাইনতো এনে ব্যক্তিত্ব পৰীক্ষাৰ সবিশেষ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি এই কথাৰ উমান পাব পাৰি।

তেনে কিছু আচৰণ হ’ল-

  • আশ্চৰ্যচকিত হ’বলৈ বেয়া পোৱা(ছাৰপ্ৰাইক)।
  • সৰু সৰু কথাত লাজ লাজ ভাব অনুভৱ কৰা, বিশেষকৈ অচিনাকি ব্যক্তিৰ সন্মুখত।
  • এখন ৰুটিন মানি চলা।
  • নিজকে আবদ্ধ যেন অনুভৱ কৰা।
  • নিসংগভাৱে সময় অতিবাহিত কৰা।

এই সংবেদনশীল শিশুক ডাঙৰ-দীঘল কৰাটো পিতৃ-মাতৃ, অভিভাৱকৰ সন্মুখত প্ৰত্যাহ্বানস্বৰূপে ধৰা দিয়ে। এনে শিশুক লালন-পালন কৰাৰ সময়ত অভিভাৱকসকলে তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত নিশ্চিতভাৱে চকু দিয়া উচিত-

কাহানিও শিশুটিক সলনি কৰিবলৈ চেষ্টা নকৰিব -

অভিভাৱকসকলৰ সামাজিক, সাংস্কৃতিক ধ্যান-ধাৰণাই তেওঁলোকৰ শিশুসকলৰ ব্যৱহাৰৰ জীৱন ধাৰণ প্ৰণালীৰ ওপৰত প্ৰভাৱ পেলায়।

উদাহৰণ স্বৰূপে এছিয়ান সংস্কৃতিত ব্যক্তিৰ সৈতে অধিক মিলা-মিছা নকৰা বিষয়টোক ব্যক্তি এগৰাকীক উচ্চ বৰ্গৰ বুলিহে ধৰা হয়।

আনহাতে পাশ্চাত্য সংস্কৃতিত এই বিষয়টিক লাজকুৰীয়া বুলিহে গণ্য কৰা হয়। সেয়েহে এগৰাকী সংবেদনশীল শিশুক অন্যতম পৃথকৰূপে কাহানিও গণ্য কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে শিশুটিৰ সমস্যাসমূহৰ বিষয়ে জানিবলৈহে যত্ন কৰা উচিত।

শিশুটিৰ সেই ব্যৱহাৰ জোৰকৈ পৰিৱৰ্তিত কৰিবলৈ প্ৰয়াস কৰিছে শিশুটিৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা অধিক। তাৰ পৰিবৰ্তে শিশুটিৰ সৈতে নিজে মিলিবলৈ যত্ন কৰা উচিত। এয়া অভিভাৱকসকলৰ বাবে অতিকৈ কঠিন যদিও শিশুটিৰ ভৱিষ্যতৰ বাবে সেয়া অতিকৈ জৰুৰী।

শিশুটিৰ মনৰ জগতখনৰ সম্ভেদ লাভ কৰাৰ পিচতহে শিশুটিক অন্যৰ সৈতে পৰিচয় কৰাই দি সহজ কৰাই দিবলৈ লাহে লাহে প্ৰয়াস কৰা উচিত।

উদ্বিগ্ন নহ’ব:

অত্যধিক সংবেদনশীল শিশুসকলো কোনো কোনো বিষয়ৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া অতি তীব্ৰভাৱে প্ৰকাশ কৰে।

উদাহৰণ স্বৰূপে তীব্ৰ পোহৰ, ডাঠ ৰং, আঘাতপ্ৰাপ্ত হোৱা, অন্য ব্যক্তিৰ যিকোনো কথা ব্যৱহাৰ, অচিনাকি ব্যক্তি দেখিলে এনে শিশুসকলে ভয় খাব পাৰে তথা নিজৰ প্ৰতিক্ৰিয়া অতি তীব্ৰভাৱে ব্যক্ত কৰিব পাৰে। তেনে সময়ত অভিভাৱকসকল উদ্বিগ্ন হোৱা অনুচিত।

তেওঁলোকে এনে পৰিস্থিতিৰ সৈতে অভ্যস্ত হ’বলৈ যত্ন কৰাৰ লগতে তেনে পৰিস্থিতি অতি সহজভাৱে ল’বলৈ চেষ্টা কৰিব লাগে।

তাৰ লগতে শিশুসকলক তেনে বিষয়সমূহৰ সৈতে লাহে লাহে পৰিচয় কৰাই দিবলৈ যত্ন কৰা উচিত, যাতে শিশুসকলেও ক্ৰমশঃ সেই বিষয়সমূহৰ সৈতে অত্যস্ত হৈ পৰি তাক অতি সাধাৰণ কথা বুলি গণ্য কৰিব পাৰে।

শিশুটিৰ আৱেগক দমন নকৰিব -

সংবেদনশীলতা শিশুসকল অত্যন্ত আৱেগিক হয়। এনে শিশুসকলে অতি সৰু সৰু কথাতে নিজৰ আৱেগ প্ৰদৰ্শন কৰে। পিচে বহু অভিভাৱকে নিজৰ সংবেদনশীল শিশুসকলক নিজৰ আৱেগ-অনুভূতি মুকলিকৈ প্ৰদৰ্শন কৰাত বাধা প্ৰদান কৰে। পিচে সেয়া উচিত নহয়।

তাৰ পৰিৱৰ্তে অভিভাৱকসকলে এনে পৰিৱেশ গঢ়ি তুলিব লাগে, য’ত শিশুটিয়ে গঢ়ি তুলিব লাগে, য’ত শিশুটিয়ে বিনাদ্বিধাই নিজৰ আৱেগ-অনুভূতি প্ৰদৰ্শন কৰিব পাৰে। তাৰ সমান্তৰালভাৱে অত্যধিক আৱেগক কিদৰে নিয়ন্ত্ৰণ কৰিব লাগে, তাৰো শিক্ষা চিকিৎসকৰ সহায়ত সময় অনুসৰি দিব লাগে।

শিশুৰ আৱেগক জোৰকৈ দমন কৰিবলৈ যত্ন কৰিলে সেয়া অতি মাৰাত্মক হ’ব পাৰে। তদুপৰি অভিভাৱকসকল শিশুসকলৰ সৈতে অতি ঘনিষ্ঠ হোৱাৰ প্ৰয়োজনীয়, যাতে শিশুৱে নিজৰ সকলো কথাই অভিভাৱকৰ সৈতে ভগাই ল’ব পাৰে। এনে শিশুসকলৰ বাবে কঠোৰ শাসনৰ পৰিৱৰ্তে মৰমৰ পন্থাহে গ্ৰহণ কৰিব লাগে।

কাহানিও উদাস নহ’ব:

এটি সংবেদনশীল শিশুক লালন-পালন কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক। এনে শিশুসকলৰ বহু আচৰণ সন্দৰ্ভত সমাজৰ বহু লোকৰ জ্ঞাত নহয়। সেয়েহে শিশুটিক লৈ কাহানিবা কেতবোৰ নভবা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

তেনেক্ষেত্ৰত অভিভাৱকসকল কাহানিও উদাস হ’ব নালাগে। কিয়নো অভিভআকৰ মনৰ অৱস্থাক সন্তানে অতি গভীৰভাবে প্ৰত্যক্ষ কৰে।

তেনেক্ষেত্ৰত অভিভাৱকসকল উদাস হৈ পৰিলে শিশুসকল মনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। তাৰ পৰিৱৰ্তে শিশুটিক যিকোনো পৰিস্থিতিৰ সৈতে সহজ কৰাবলৈ যত্ন কৰা উচিত।

নিয়ম উলংঘা নকৰিব:

সাধাৰণতে সংবেদনশীলতা শিশুসকলতকৈ আৱেগিক হোৱাৰ বাবে শিশুসকলৰ অভিভাৱকসকল বহু কথাত চিন্তিত হয়। কেতবোৰ নিয়ম তেনে শিশুসকলৰ বাবে অসুবিধাহজনক হ’ব পাৰে বুলিও অভিভাৱকসকলে তেনে নিয়ম প্ৰত্যাহাৰ কৰিবলৈ বা উলংঘা কৰিবলৈ যত্ন কৰে।

উদাহৰণ স্বৰূপে- নতুন বিদ্যালয় এখনত শিশুটিৰ নামভৰ্তি কৰাই দিয়াৰ পিচত অভিভাৱকেই শিশুটিৰ পৰিচয় কৰাই দিবলৈ বিচাৰে, যাতে শিশুটি অচিনাকি লোকসকলৰ সৈতে অসুবিধা অনুভৱ কৰিবলগীয়া নহয়।

কিন্তু সেয়া উচিত নহয়। তেনেদৰে কোনো অন্য নিয়মেই প্ৰত্যাহাৰ বা উলংঘা কৰিবলৈ যত্ন কৰা উচিত নহয়। ই শিশুড়িক অধিক অন্তৰ্মুখীহে কৰি তুলিব। তাৰ পৰিৱৰ্তে শিশুটিক নিয়মসমূহৰ সৈতে জড়িত কৰাবলৈ যত্ন কৰা উচিত।

নিৰুৎসাহ নকৰিব:

প্ৰখ্যাত আমেৰিকান সাহিত্যিক তথা বক্তা জন চি মেক্সৱেলৰ ভাষ্য অনুসৰি- উৎসাহে সকলো সনলি কৰিব পাৰে।

এই বাক্যষাৰ এটি সংবেদনশীল শিশুৰ বাবে সম্পূৰ্ণভাৱে সত্য। এনে শিশুসকলক অভিভাৱকসকলে কাহানিও কোনো কথাতে নিৰুৎসাহিত কৰিব নালাগে।

তাৰ পৰিৱৰ্তে উৎসাহ যোগাব লাগে, যাতে শিশুটিৰ আত্মবিশ্বাস বাঢ়ে। জীৱনৰ বাটত যাতে বিশ্বাসেৰে শিশুটিয়ে খোজ দিব পাৰে।

এনে কিছু বিষয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে অভিভাৱকসকলে সংবেদনশীল শিশুসকলক অন্য সাধাৰণ শিশুসকলৰ দৰেই লালন-পালন কৰিব পাৰিব। শিশুটিৰ কথা সদায় অভিভাৱকসকলে মনোযোগেৰে শুনি তাক অনুধাৱন কৰিলে বহু সমস্যাৰ সমাধান হোৱাটো নিশ্চিত। তদুপৰি সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাও এনে অভিভাৱকৰ বাবে অতিকৈ প্ৰয়োজনীয়।

লেখিকা: নিশা ভূঞা(সাদিন)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top