অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্কুল ৰিফিউজেল :

স্কুল ৰিফিউজেলৰ বিষয়ে লিখা হৈছে ।

 

স্কুলক শিক্ষাৰ কঠীয়াতলী বুলি কোৱা হয় । শিশুৰ বৌদ্ধিক বিকাশৰ লগতে শাৰীৰিক বিকাশ ঘটে স্কুলত । সহপাঠীৰ লগত হোৱা ভাব বিনিময় আৰু আদান-প্ৰদানৰ দ্বাৰা শিশুৱে সামাজিক জীৱনৰ পাঠ আৰম্ভ কৰে স্কুলতে । আৰু এই শিক্ষা লাভ কৰে শিশুৱে শ্ৰেণীকোঠাৰ ভিতৰে-বাহিৰে হোৱা কিছুমান কচৰতৰ জৰিয়তে । আৰু এই কচৰৎ হৈছে বিদ্যায়তনিক কাম, খেল আৰু হাঁহি-ধেমালিৰ । কিন্তু কিছুমান শিশুৱে এই বাতাৱৰণ অগ্ৰাহ্য কৰি স্কুললৈ যাব নিবিচাৰে । স্কুললৈ যাব নিবিচৰা বা স্কুল ৰিফিউজেল, শিশু আৰু পৰিয়াল উভয়ৰে কাৰণে এটা সমস্যা । বিদ্যায়তনিক শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ উপৰি এনেকুৱা শিশুৱে স্কুলৰ পৰা আয়ত্ত কৰিবলগীয়া জীৱন ধাৰণৰ বিভিন্ন কৌশল শিকাৰ পৰা বঞ্চিত হয় । শিশু বা কিশোৰে আধাতে স্কুল এৰাৰ অৰ্থনৈতিক আৰু সামাজিক কাৰণৰ উপৰি স্কুল ৰিফিউজেলো এটা কাৰণ হ’ব পাৰে । কিছুমান শিশুৱে প্ৰথম স্কুললৈ যোৱাৰ সময়ত কিছু পৰিমাণে ভয় খাব বা উদ্বিগ্ন হ’ব পাৰে বা স্কুল সম্পৰ্কীয় কামৰ বাবে কিছুমান শিশুৱে সমাজ সময়ে উদ্বিগ্নতাত ভুগিব পাৰে । কিন্তু এনেকুৱা শিশুৱে স্কুল এৰিব নিবিচাৰে । স্কুল ৰিফিউজেলৰ মূল কথা হৈছে শিশুৰ মনত ক্ৰিয়া কৰা ভয়ৰ ভাব । এই ভয় পৰিয়ালৰ পৰা বিশেষকৈ মাকৰ পৰা আঁতৰি থকাৰ ভয় হ’ব পাৰে । কিছুমান বিশেষজ্ঞৰ মতে এয়া শিশুৰ মনত ক্ৰিয়া কৰা ছেপাৰেচন এংজাইটিৰ লক্ষণ । স্কুললৈ যাবলৈ ভয় কৰাৰ কাৰণ আকৌ স্কুলত সন্মুখীন হোৱা কিবা অপ্ৰীতিকৰ পৰিস্থিতিও হ’ব পাৰে । এনেকুৱা শিশুৰ ষ্ট্ৰেছ বা সংকটপূৰ্ণ মূহুৰ্তক নিজক চম্ভালি ল’ব পৰাকৈ কৌশলৰ অভাৱ হ’ব পাৰে ।

লক্ষণসমূহ -

শিশু বাকিশোৰৰ স্কুল ৰিফিউজেলৰ সমস্যাটো হঠাৎ নাইবা লাহে লাহে আৰম্ভ হ’ব পাৰে । প্ৰথমে শিশুৱে স্কুললৈ যাব নিবিচৰাৰ বিভিন্ন কাৰণ দেখুৱায়, যেনে- অমূকজন শিক্ষক বেয়া, বেয়া ব্যৱহাৰ কৰে, স্কুলত আন ল’ৰাই জোকায়, অত্যাচাৰ কৰে ইত্যাদি । স্কুললৈ যোৱাৰ কথা ওলালেই শিশুৰ টেনছন বা এংজাইটি আৰম্ভ হ’বলৈ ধৰে বা উদ্ধতালি আৰম্ভ কৰে ।অথবা শিশুৰ মূৰৰ বিষ, পেটৰ বিষ, বমি ভাব, ভৰিৰ বিষ, বুকুৰ ধপধপনি আদি শাৰীৰিক বেমাৰৰ লক্ষণ আৰম্ভ হ’ব পাৰে । কিছুমান শিশুৱে আকৌ নাযাও নাযাওঁকৈ যায় যদিও স্কুলত প্ৰৱেশ নকৰে । স্কুল আৰম্ভ হোৱাৰ সময়ত বা চলি থকাৰ সময়ত সমস্যাবোৰ হয় যদিও আবেলিৰ ফালে কিন্তু শিশুটোৱে আন আন শিশুৰ লগত খেল-ধেমালি কৰা দেখা যায় । এই ধৰণৰ লক্ষণবোৰ সপ্তাহৰ শেষৰ ফালে কমি যায় বা স্কুল বন্ধৰ সময়ত কমে বা নোহোৱা হয় । বহুদিনীয়া স্কুল বন্ধ, যেনে- গৰমৰ বন্ধ, ঠাণ্ডাৰ বন্ধ বা পৰীক্ষাৰ বন্ধৰ পাচত যেতিয়া স্কুল আৰম্ভ হয় তেতিয়া শিশুটোৱে স্কুললৈ যাবলৈ ইচ্ছা নকৰে । শাৰীৰিক অসুস্থতাৰ বাবে স্কুলৰ পৰা আঁতৰি থাকি যেতিয়া স্কুললৈ যোৱাৰ কথা আহে, তেতিয়াও কিছুমান শিশুৱে যাব নিবিচাৰে । কেতিয়াবা স্কুল সলোৱাৰ পাচতো কিছুমান শিশু নতুন স্কুললৈ যাব নিবিচৰা হয় ।

শিশুৰ প্ৰকৃতি -

কোনো বিশেষ প্ৰকৃতিৰ শিশু স্কুল ৰিফিউজেলৰ সমস্যাত ভোগে বুলি কোৱা কোৱা টান । বেছি ভাগেই শান্ত-শিষ্ট, ‘ভাল ল’ৰা / ছোৱালী । স্কুললৈ যাবলৈ ইচ্ছা নকৰাৰ আগলৈকে স্কুলত কেতিয়াও এওঁলোকৰ কোনো সমস্যা নাথাকিব পাৰে । কিছুমান শিশু আন শিশুৰ লগত ঘূৰি-ফুৰি, ৰং-ধেমালি কৰি ভালপোৱা প্ৰকৃতিৰ । অৱশ্যে কিছুমান শিশুৰ প্ৰথমৰ পৰাই স্কুলৰ কামত সমস্যা থাকে । কিছুমান শিশু বা কিশোৰৰ পৰিস্থিতি সাপেক্ষে নিজকে চম্ভালি লোৱা বা কোপ কৰাৰ কৌশলৰ অভাৱ দেখা যায় ।

ঘৰুৱা অৱস্থা -

এনেকুৱা শিশুৰ মাক উদ্বিগ্ন বা ডিপ্ৰেছনত ভুগি থাকিব পাৰে । এনেকুৱা পৰিয়ালত বিশেষকৈ মাকে শিশুটোক অত্যধিক মৰম কৰে আৰু শিশুটোক চকুৰ আতৰ হ’বলৈ দিব নিবিচাৰে । ঘৰৰ আটাইতকৈ সৰু নাইবা সময়তকৈ আগতে জন্ম হোৱা শিশুৰ ক্ষেত্ৰতো মাকৰ টানটো লগাতকৈ বেছি হোৱা দেখা যায় । এনেকুৱা পৰিয়ালত চাকৰিৰ সংক্ৰান্ততেই হওক বা ডিভোৰ্চৰ বাবেই হওক, দেউতাকৰ উপস্থিতিৰ অভাৱ দেখা যায় । আৰু দেউতাক থাকিলেও পৰিয়ালত তেওঁ সক্ৰিয় নহয় ।

স্কুলৰ পৰিবেশ -

কিছুমান স্কুলৰ পৰিবেশ বা শিক্ষকৰ প্ৰকৃতিৰ লগত কিছুমান শিশুৱে সহজ অনুভৱ নকৰিব পাৰে । স্কুলৰ নীতি-নিয়ম কঠোৰ হ’ব পাৰে । শিক্ষকৰ সহমৰ্মিতা নাথাকিলে, তেওঁলোকৰ কিছুমান ব্যৱহাৰে সংবেদনশীল শিশুৰ মনত আঘাত দিয়ে আৰু শিক্ষক আৰু স্কুলৰ প্ৰতি মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে । কিছুমান স্কুল আকৌ বহুত শিথিল । স্কুলত অনুপস্থিতিৰ প্ৰতি বা শিশুৰ পঢ়া-শুনাৰ প্ৰতি শিক্ষক উদাসীন হ’ব পাৰে । কিছুমান শিক্ষকে আকৌ স্কুলত হ’ব পৰা শিশুৰ এনেকুৱা অহেতুক ভয়ৰ কথা জানে আৰু বিভিন্ন ধৰণে চেষ্টা চলায়ো সফল নহ’ব পাৰে । শান্ত, লাজকুৰীয়া স্বভাৱৰ কিছুমান শিশুৰ বন্ধু-বান্ধৱ কম থাকে আৰু তেওঁলোক সহপাঠীৰ মানসিক আৰু শাৰীৰিক আতিশয্যৰ বলি হ’বলগীয়া হয় ।

স্কুল ৰিফিউজেল আৰু স্কুলৰ পৰা পলায়ন একে নহয় -

কিছুমান শিশু বা কিশোৰে স্কুলৰ পৰা পলায়ন কৰে । এই ধৰণৰ সমস্যা থকা শিশু আৰু স্কুললৈ যাবলৈ মন নকৰা শিশু একে নহয় । স্কুলৰ পৰা পলায়ন কৰা শিশু বা কিশোৰে সময়মতেই ঘৰৰ পৰা স্কুললৈ যায়, কিন্তু স্কুল গৈ নাপায় আৰু স্কুললৈ গ’লেও ক্লাছৰ পৰা আতৰি থাকে । স্কুললৈ যাবলৈ মন নকৰা শিশুৱে স্কুলৰ পৰা কৰিবলৈ দিয়া কাম ঘৰতে কৰে বা ঘৰত পঢ়িবলৈ আপত্তি নকৰে । কিন্তু স্কুলৰ পৰা পলায়ন কৰা শিশু বা কিশোৰে ঘৰতো ভালদৰে পঢ়া-শুনা নকৰে । এনেকুৱা শিশুবোৰৰ পৰীক্ষাৰ ফলাফল স্বাভাৱিকতেই বেয়া । এওঁলোকৰ সমনীয়াৰ লগত প্ৰায়েই কাজিয়া লাগে সেয়েহে লগ-বন্ধু কম । স্কুলৰ পৰা প্ৰায়েই পলায়ন কৰা শিশু বা কিশোৰ কণ্ডাক্ট ডিছঅ’ৰ্ডাৰৰ নিচিনা মানসিক সমস্যাত ভুগি থাকিব পাৰে ।

প্ৰতিকাৰত পৰিয়ালৰ কৰণীয় -

স্কুল ৰিফিউজেলৰ সমস্যা পৰিয়ালৰ লগতে শিশুটোৰ বাবেও এটা উদ্বেগজনক বিষয় । শিশুটোক কোনো ধৰণৰ শাৰীৰিক শাস্তি বা গালি-শপনি পৰা, ভয় দেখুওৱা আদিৰ দৰে মানসিক শাস্তি দিয়াটো অনুচিত । শিশুটোৰ অসুবিধাখিনি বুজিবলৈ চেষ্টা কৰিব লাগে । সন্মুখীন হোৱা অসুবিধাবোৰ মুকলিকৈ প্ৰকাশ কৰিবলৈ শিশুটোক উৎসাহিত কৰিব লাগে আৰু শিশুটোৱে ক’ব খোজা কথাবোৰ মন দি শুনিব লাগে । এনেকুৱা শিশুৰ মাকবোৰ শিশুটোৰ সুৰক্ষা সম্পৰ্কে অতি সংবেদনশীল । পৰিয়ালৰ আন সদস্যসকলে মাকৰ অহেতুক ভয়ৰ কথা মুকলিকৈ আলোচনা কৰি আশ্বস্ত কৰিব লাগে । প্ৰয়োজন হ’লে ছাইক’লজিকেল কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে । শিশুটোৰ লগত কৰা মাক-দেউতাকৰ ব্যৱহাৰৰ মাজত সামঞ্জস্য থাকিব লাগে । যদি স্কুল বা সহপাঠী সম্পৰ্কীয় কিবা সাধাৰণ কাৰণত শিশুৱে স্কুললৈ যাব বিচৰা নাই, তেনেকুৱা কাৰণবোৰ শ্ৰেণীৰ শিক্ষকৰ লগত সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা কৰি পৰিয়ালেই ঠিক কৰিব  পাৰে । যিবোৰ শিশুৱে ভয় কৰিবলগীয়া পৰিস্থিতিৰ পূৰ্বানুমান কৰি স্কুললৈ যাব নিবিচাৰে, তেনে শিশুৱে এবাৰ স্কুললৈ যোৱা আৰম্ভ কৰিলে সমস্যা লাহে লাহে কমি আহে । স্কুল সলালে সমস্যা সমাধান হ’ব বুলি আশা কৰা টান । নতুন স্কুলতো একেই সমস্যা আৰম্ভ হ’ব পাৰে । স্কুলৰ পৰিবৰ্তে ঘৰতে শিক্ষক ৰাখি দিয়াটো যুগুত নহয় ।

চিকিৎসা ব্যৱস্থা -

স্কুল ৰিফিউজেল এটা জৰুৰী সমস্যা, যিমান সোনকালে পাৰি সমাধান কৰাটো প্ৰয়োজন । যদি শিশুটোৰ দেহত শাৰীৰিক ৰোগৰ লক্ষণ দেখা যায়, তেন্তে শিশুৰোগ বিশেষজ্ঞক দেখুৱাব লাগে আৰু যদি প্ৰকৃততেই শিশুটো কিবা শাৰীৰিক ৰোগত ভুগিছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসাৰে আগবাঢ়িব লাগে । কিন্তু যদি ৰোগৰ লক্ষণৰ কোনো শাৰীৰিক ভিত্তি নাই, তেন্তে শিশুটোৰ বা গোটেই পৰিয়ালটোৰ আৱেগিক কিবা কাৰণ জড়িত আছে নেকি সেইটো জনা প্ৰয়োজন । এইক্ষেত্ৰত মানসিক ৰোগ বিশেষজ্ঞই সহায় কৰিব পাৰে । যিসকল শিশুৰ সামাজিক জীৱন যাপনৰ কৌশলবোৰৰ অভাৱ, তেনেকুৱা শিশু বা কিশোৰ ছাইক’ছ’চিয়েল ইণ্টাৰভেনচনৰ দ্বাৰা লাভাৱান্বিত হয় । এনেকুৱা শিশুবোৰৰ ক্ষেত্ৰত ঔষধৰ বিশেষ ভূমিকা নাই বুলিয়েই ক’ব পাৰি । কিন্তু যিসকল শিশু বা কিশোৰ দীৰ্ঘদিনৰ বাবে স্কুলৰ পৰা আঁতৰি থাকে, তেওঁলোক ডিপ্ৰেছন, এংজাইটি আদি মানসিক সমস্যাত, ভুগি থাকিব পাৰে । এনেকুৱা শিশু বা কিশোৰৰ বাবে ছাইক’লজিকেল থেৰাপীৰ লগতে ঔষধৰো প্ৰয়োজন হয় ।

লেখক :- ডা: প্ৰদীপ কুমাৰ শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top