মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / স্বাধীনতা নামৰ উদ্যোগটো
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাধীনতা নামৰ উদ্যোগটো

স্বাধীনতা নামৰ উদ্যোগটো

এগৰাকী সন্ত্ৰাসবাদী আৰু এগৰাকী স্বাধীনতা যুঁজাৰুৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখাডাল খুউব দুৰ্বল। ভগত সিং, কুশল কোঁৱৰ ইংৰাজৰ বাবে আছিল সন্ত্রাসবাদী, কিন্তু ভাৰতীয়সকলৰ বাবে স্বাধীনতা যুঁজাৰু। লালডেংগা, হাগ্রামা মহিলাৰী বা ইছাক-মুইভা ভাৰত চৰকাৰৰ বাবে একালৰ দুৰ্ধৰ্ষ স্বাধীনতা সন্ত্রাসবাদী; কিন্তু মিজো, বড়ো বা নগাসকলৰ বাবে তেওঁলোকৰ স্থান মহাত্মা গান্ধী বা সুভাষচন্দ্র বসুতকৈ কোনো গুণেই কম নহয়। আনকি পিছলৈ (অৰ্থাৎ বৰ্তমানত) ভাৰত চৰকাৰেও একালৰ সন্ত্রাসবাদীসকলক পূৰ্বৰ হত্যা, ধনদাবী আদি অপৰাধবোৰৰ পৰা দোষমুক্ত কৰি তেওঁলোকক সাংবিধানিক গণ্ডীৰ ভিতৰৰ এজন জননেতা হিচাপে আতিথ্য প্রদান কৰা দেখা যায়।

এনে পৰিস্থিতিত এজন সাধাৰণ ভাৰতীয় নাগৰিক হিচাপে আমিবোৰ কিছু বিমোৰত পৰোঁ। দেশৰ বা জাতিৰ কাৰণে কিবা এটা কৰাৰ প্রৱল ইচ্ছা আমাৰো আছে। সেই পিনৰ পৰা চাবলৈ গ’লে যিকোনো এখন ‘স্বাধীনতাৰ যুঁজ’ত জড়িত হৈ আমি কেৱল দেশৰ বা জাতিৰ প্রতি থকা দায়ৱদ্ধতাৰেই প্রমাণ নিদিম; বৰং দহবছৰ পিছত আত্মসমৰ্পণ বা যুদ্ধবিৰতি লৈ নিজৰ বাবে এটা ভাল ভৱিষ্যতৰ ভেটিও নিৰ্মাণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, মই ১৮ বছৰ বয়সত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা উত্তীৰ্ণ হৈ গাধৰ দৰে খাটনি কৰি মেডিকেল/ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাবোৰৰ পিছত সময় আৰু শক্তি নষ্ট নকৰি যদি কোনো সংগঠনত যোগ দিলোঁহেতেন, তেন্তে আজিৰ তাৰিখত হয়তো মই এটি সুন্দৰ ‘কেৰিয়াৰ ৰেকৰ্ড’ লৈ বিমানেৰে বিনামূলীয়াকৈ দিল্লীলৈ গৈ ভাৰতৰ গৃহমন্ত্রীৰ সৈতে আলোচনা কৰি থাকিলোঁহেঁতেন। Information Technology বা Manufacturing উদ্যোগসমূহত এজন কৰ্মচাৰীৰ কেৰিয়াৰ উৰ্ধগামিতাৰ দুগুণ গতিত স্বাধীনতা উদ্যোগত জড়িত ব্যক্তি এজনৰ কেৰিয়াৰ ত্বৰান্বিত হ’ব পাৰে। লোকসভাৰ প্রাক্তন স্পীকাৰ পূৰ্ণ চাংমাদেৱে কৈছিল ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে স্বাধীনতা বিদ্রোহ এক কুটিৰ উদ্যোগৰ নিচিনা’। মই আজিৰ এই লেখাটোত স্বাধীনতা নামৰ উদ্যোগটোৰ লগত প্রাসঙ্গিক যেন বোধ হোৱা কেইটামান দফা লিখিব বিচাৰিছোঁ।

স্বাধীনতাৰ কাৰণে সংগ্রাম বহু পুৰণি কালৰে পৰা চলি অহা এটি গতানুগতিক প্রক্রিয়া। চীনৰ প্রখ্যাত সাম্যবাদী নেতা মাও-চে-তুঙৰ সেই বিখ্যাত উক্তিফাকি মনত পৰে- “Revolution/Change/Freedom comes only through the barrel of a gun” । ৰাষ্ট্রসংঘৰ স্বীকৃতিপ্রাপ্ত ১৯৩খন দেশৰ গৰিষ্ঠসংখ্যকেই স্বাধীনতা সংগ্রামৰ জৰিয়তে গঠন হৈছে। গতিকে আলফা, বি.এল.টি. বা এন.এচ.চি.এন আদিয়ে ভাৰতৰ পৰা ওলাই গৈ স্বাধীন ৰাষ্ট্র গঠনৰ যি সপোন দেখিছিল সেয়া চিধাই উলাই কৰিব নোৱাৰি। আফ্রিকা আৰু ইউৰোপ মহাদেশৰ বহুতো স্বাধীন ৰাষ্ট্র আমাৰ মিজোৰাম বা ত্রিপুৰাতকৈ সৰু; ভৌগলিক পৰিসীমা আৰু জনসংখ্যা উভয় দিশতে। জাতিগত বৈশিষ্ট্য হিচাপে চালে উত্তৰ পূৰ্বাঞ্চলৰ প্রত্যেকটো জাতিৰে নিজা সংস্কৃতি, ভাষা, বুৰঞ্জী আছে, যিটো ভাৰতৰ বাকী জাতিবোৰৰ তুলনাত সম্পূৰ্ণ বেলেগ। এনে সুকীয়া বৈশিষ্ট্যৰে পৰিবেষ্টিত হৈ এটা নিৰ্দিষ্ট ভৌগলিক এলেকাত এক স্বাধীন শাসন ব্যৱস্থা গঢ়ি তোলাৰ মানসিকতা নিতান্তই স্বাভাৱিক। পাঁচখনকৈ বিদেশী ৰাষ্ট্রৰ সৈতে অমিমাংসিত সীমান্ত বিতৰণ কৰি থকা পৰিঘটনাটোও নতুন ৰাষ্ট্র গঠনৰ সম্ভাৱনাটোক এক ধনাত্মক মাত্রা প্রদান কৰিছে। এনে পৰিপ্রেক্ষিতত এয়াই ধৰিব পাৰি যে স্বাধীনতা নামৰ উদ্যোগটোৰ বাবে প্রয়োজনীয় আটাইবোৰ উপাদান আৰু মানসিকতা পুৰামাত্রাই আমাৰ উত্তৰ পূৰ্বাঞ্চলত মজুত আছে।

কোনো এটা স্বাধীনতাৰ বিদ্রোহ চলাবলৈ প্রয়োজন হয় ডেকা তেজৰ উচাহ। কানাডাৰ কুইবেক বা স্পেইনৰ বাৰ্চিলোনাও তেওঁলোকৰ নিজা দেশৰ পৰা ওলাই যাবলৈ স্বাধীন অসমৰ নিচিনাকৈ আন্দোলন কৰি আছে। কিন্তু বৰ্ধিত উন্নয়ন আৰু ৰোজগাৰৰ সুবিধাৰ বাবে সেইবোৰ ঠাইত বিদ্রোহত যোগ দিব পৰা কৰ্মক্ষম ডেকা-গাভৰু বিচাৰি পোৱাটো বৰ টান। যিসকলে স্বাধীন কুইবেক বা বাৰ্চিলোনাৰ বাবে ভীষণভাবে দায়বদ্ধ, তেওঁলোকেহে তাৰে স্বাধীনতা উদ্যোগত যোগ দিয়ে। কিন্তু আমাৰ ইয়াত ছবিখন সম্পূৰ্ণ ওলোটা। অৰ্থৰ অভাৱত আধাতে শিক্ষা সাং কৰা হাজাৰ-বিজাৰ ডেকা ল’ৰাই টকা এশৰ বাবে হাবাথুৰি খাই ফুৰিব লগা হয়। এওঁলোক বিদ্রোহী সংগঠনবোৰৰ বাবে অতি উজু লক্ষ্য। ইয়াৰ লগত সংলগ্ন আৰু এটা সমসাময়িক পৰিঘটনা হ’ল আমাৰ সমাজৰ ক্রমবৰ্ধমান অসমতা (Inequality), যাৰ ফলত ধন ঘটাৰ এক অঘোষিত প্রতিযোগিতাত আমি ক’ব নোৱাৰাকৈ সংযুক্ত হৈছোঁ (অনাগত দিনবোৰত অসমতা ইমান ভয়াৱহ হ’ব পাৰে যে বিশ্ববেংক [The World Bank]য়ে তেওঁলোকৰ পূৰ্বৰ দাৰিদ্র্য নিৰ্মূল কৰা লক্ষ্যৰ সংশোধনী ঘটাই অসমতা দূৰ কৰাও প্রধান লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে)। দাৰিদ্র্য, দুৰ্নীতি, অসমতাই কোঙা কৰি পেলোৱা আমাৰ সমাজৰ হীৰক-দৃষ্টি-জয়ন্ত-কাবেৰীৰ বাবে স্বাধীনতা সংগ্রাম জীয়াই থকাৰ এটি আস্থা। চুৰি বা ডকাইতিৰ তুলনাত ইয়াত ৰাজহুৱা সন্মান বেছি, ধৰা পৰাৰ ভয়ো আপেক্ষিকভাবে কম। কিছুমান সংগঠনত আয় (মূলতঃ ধনদাবী আৰু বৰঙণি)ৰ ওপৰত ভিত্তি কৰি অংশীদাৰত্ব দিয়াৰ ব্যৱস্থা থাকে। যোৱা দুমাহত লেখকৰ প্রত্যক্ষ অভিজ্ঞতাৰ মতে আজিকালিৰ নতুন কিছুমান সংগঠনে মাহিলী ভাট্টা দিয়াৰো ব্যৱস্থা কৰিছে। তদুপৰি ‘স্বাধীনতা সংগ্রামী’ হিচাপে ৰাইজৰ পৰা পোৱা সমীহ আৰু ভীতিগ্রস্ততাও এই উদ্যোগৰ প্রতি আকৰ্ষণৰ অন্যতম কাৰণ। দুৰ্ভাগ্যৰ কথা এয়ে যে স্বাধীনতাৰ দৰে এক মহান বিপ্লৱত জপিয়াই পৰা গৰিষ্ঠসংখ্যকেই নেজানে সংগ্রামৰ উদ্দেশ্য কি—কি স্বাধীনতা, কাৰ স্বাধীনতা, কেনেকৈ স্বাধীনতা? পিছে ৰিলায়েন্স কোম্পানীত কাম কৰা কিমানজনেনো জানে ৰিলায়েন্সৰ বুৰঞ্জী আৰু উদ্দেশ্য? একো নাই, চলি যায়।

পৃথিৱীৰ ব্যৱসায়িক চুক্তিবোৰৰ ভিতৰত আটাইতকৈ বেছি অৰ্থ জড়িত হৈ থাকে সামৰিক চুক্তিবোৰত। SIPRI (Stockholm International Peace Research Institute) ৰ মতে ২০১১ চনত বিশ্বৰ কেৱল অস্ত্রৰ (পৰিবহণ, প্রশিক্ষণ ধৰাই হোৱা নাই) বজাৰখনৰেই মূল্য আছিল ৪৩ বিলিয়ন আমেৰিকান ডলাৰ। স্বাধীনতা উদ্যোগটোৰ লগত অস্ত্রৰ কিনা-বেচা ওতঃপ্রোতভাৱে জড়িত হৈ থাকে আৰু ইয়ে উদ্যোগটোক এক বেলেগ পৰ্য্যায়লৈ লৈ গৈছে। ২০০৪ চনৰ ২ এপ্রিল তৰিখে বাংলাদেশ আৰক্ষীয়ে চিত্তাগঙত সামৰিক অস্ত্র-শস্ত্রৰে ভৰ্তি ১০খন ট্রাক জব্দ কৰা ঘটনাৰ অন্তৰালত আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱা জড়িত থকাই প্রমাণ কৰে এই স্বাধীনতা নামৰ উদ্যোগটো কিমান ক্ষমতাশালী আৰু কিমান বিত্তশালী। চীন আৰু পাকিস্তানৰ দৰে ভাৰতবিৰোধী ৰাষ্ট্র আৰু ম্যানমাৰ, বাংলাদেশ, নেপালৰ দৰে সামৰিক শাসনেৰে জৰ্জৰিত অগণতান্ত্রিক ৰাষ্ট্রৰ নিকট অৱস্থিতিয়ে উত্তৰ-পূৱ ভাৰতৰ স্বাধীনতাৰ লগত জড়িত সংগঠনসমূহক এখন আংশিকভাৱে মুক্ত অস্ত্রবজাৰ প্রদান কৰিছে। এটা ভাল উদ্যোগৰ বাবে যি যোগান আৰু চাহিদা লাগে, সেয়া স্বাধীনতা উদ্যোগৰ বাবে আমাৰ ইয়াত পূৰামাত্রাই মজুত আছে।

স্বাধীনতাৰ দৰে শব্দটোক উদ্যোগৰ লগত ৰিজোৱাটো বহুতেই চাগে’ ভাল পোৱা নাই!

মই এতিয়া ক্ষন্তেক থমকি ৰৈ মোৰ ওপৰৰ ৰিজনিৰ সমালোচনাত্মক দিশটোলৈ আহিব বিচাৰিছোঁ। বহুতেই ক’ব উদ্যোগ শব্দটোৱে অপমানিত কৰিব লুছাই পাহাৰ জিলা পৰিষদৰ সাধাৰণ কেৰাণী লালডেংগাৰ সাহস আৰু অতুলনীয় মনোবলক, যিজনে কলকাতাতেই ভাৰতখন শেষ হৈ যোৱা বুলি ভবা দিল্লীৰ বৰমূৰীয়াসকলক ভাৰতৰ পূৰ্ব প্রান্তৰ সৰু অঞ্চলটোক পৃথিৱীৰ লগত পৰিচয় কৰাই দি তবধ মনাই দিলে। ই অপমানিত কৰিব ভাৰত ৰাষ্ট্রৰ দিল্লীবাদী নীতিত অতিষ্ঠ হৈ ৰংঘৰৰ বাকৰিত উদ্বেলিত দেশপ্রেমেৰে সংকল্পৱদ্ধ হোৱা ছজন অসমীয়া ডেকাক আৰু তেওঁলোকক অনুসৰণ কৰা হাজাৰ হাজাৰ অসমীয়াক। কিন্তু অকল তেওঁলোকেই জানো?

‘উদ্বেলিত দেশপ্রেম’ৰ এটা ছিটিকনিও দেখা নোপোৱা বৰ্তমানৰ স্বাধীনতা সংগ্রামৰ সদস্যসকলৰ কাম-কাজবোৰে আপোনাৰ আৰু মোৰ দেশপ্রেম আৰু বিশ্বাসক অপমান কৰা নাইনে? আমাৰ চুবুৰীয়া ভৰালী খুড়া যিয়ে নিজহাতে বৰপুত্রক স্বাধীনতাৰ কাৰণে উচৰ্গা কৰিছিল, আজি তেওঁৰ ঘৰত দুয়োবেলা চৰু নজ্বলে অথচ তেওঁৰ বৰপুত্রৰ একালৰ সতীৰ্থৰ ঘৰত দুয়োবেলাই বিদেশী গাড়ী আৰু সুৰাৰ পয়োভৰ। স্বাধীন অসমৰ স্বপ্নত দায়বদ্ধ মনোহোৰী জেঠীৰ পৰিয়ালৰ ছয়জনকৈ সদস্যক দোভাগ নিশা কোনোবাই হত্যা কৰি গ’ল; আজিলৈকে কোনো বিদ্রোহী সদস্যৰেই মনোহোৰী জেঠীৰ বুকুত জ্বলি থকা প্রতিশোধৰ জুইকুৰা শান্ত কৰাৰ সাহস ন’হল। সাপ্তাহিক বজাৰবোৰত বন্ধাকবি বিক্রী কৰি ফুৰা মইনুদ্দিনৰ বাবে সাতজনীয়া পৰিয়ালটো চলোৱাটোয়ে জীৱনৰ একমাত্র উদ্দেশ্য; কিন্তু অসম-মেঘালয় সীমান্তত দুবাৰকৈ ‘স্বাধীনতা সংগ্রামী’ৰ হাতত অপহৃত হোৱা মইনুদ্দিনে নিজৰ ভেটি-মাটি বিক্রী কৰি গোটেই পৰিয়ালটো ৰাস্তাত আহিবলগা হোৱা বাবে তেওঁ কেৱল অপমানিত হোৱা বুলি ক’লে চাগে’ কমকৈ কোৱা হ’ব।

পিছে ভৰালী খুড়া, মনোহোৰী জেঠী, মইনুদ্দিন নো কি হয়? কোন হয়? ডাঙৰ উদ্দেশ্য সাধনৰ বাবে কেইজনমান ভৰালী, মনোহোৰী বা মইনুদ্দিনে বলিদান দিবই লাগিব। ঠিক যেনেদৰে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বাবে কাষৰ নিম্নাঞ্চলৰ গাঁৱৰ বাসিন্দাসকল বলিদান দিবলৈ সাজু হৈছে; আন অৰ্থত, সাজু কৰোৱা হৈছে। যিকোনো উদ্যোগৰ বাবে এয়া যেন এক অৱধাৰিত পাৰ্শ্ব-ক্রিয়া, অৰ্থনীতিৰ ভাষাত যাক কোৱা হয় ‘Negative Externality’।

মই এই প্রৱন্ধটো সমাপ্ত কৰিব বিচাৰিছোঁ যোৱা ৩ আগষ্ট তাৰিখে স্বাক্ষৰিত হোৱা নগা শান্তি চুক্তিৰ কথাৰে। আংগামী ঝাপু ফিজোৰ নেতৃত্বত ১৯৫৬ চনতেই আৰম্ভ হোৱা নগা স্বাধীনতাৰ ইতিহাস ব্রিটিছসকলৰ দিনতে ‘ছাইমন কমিছন’ক দিয়া স্বাধীনতাৰ প্রস্তাৱৰে প্রস্ফুটিত হোৱা বুলি ক’ব পাৰি। বেলেগ ৰাষ্ট্র গঠনৰ বাবে নগা জাতিয়ে আৰম্ভ কৰা ভাৰতৰ আটাইতকৈ পুৰণি স্বাধীনতা সংগ্রামটো পিছে ‘এক জাতি, এক লক্ষ্য’ হৈ নাথাকিল। ১৯৭৫ চনত ফিজোৰ Naga National Council দ্বিখণ্ডিত হৈ Nationalist Socialist Council of Nagaland (NSCN)গঠন হয়, যিয়ে ১৯৮৮ চনত পুনৰ NSCN(IM) আৰু NSCN (Khaplang) নামেৰে দুভাগত বিভক্ত হয়। এইকেইটাৰ উপৰিও NSCN(Khole-Kitovi), NSCN(Unification), NNC ৰ বাকী অংশ আদিকে ধৰি প্রায় সাতটা সংগঠন জড়িত হৈ আছে নগাসকলৰ বৰ্তমানৰ এই স্বাধীনতা সংগ্রাম/উদ্যোগটোত। শেহতীয়াকৈ আকৌ এই খণ্ডিতকৰণৰ বিপৰীত অৰ্থাৎ একত্রীকৰণ হোৱাও পৰিলক্ষিত হৈছে- NSCN(Khaplang), ULFA (Independent), Kamatapur Liberation Organization (KLO) আৰু NDFB (Songbijit) একত্রিত হৈ United Liberation Front of Western SouthEast Asia নামৰ সংগঠনটোৰ জন্ম দিছে। ডাঙৰ কোম্পানীৰ অংশীদাৰসকল ওলাই গৈ নিজা কোম্পানী গঠন কৰা বা সৰু সৰু গোট একেলগ হৈ ডাঙৰ কোম্পানী এটাৰ জন্ম দিয়াটো যিকোনো উদ্যোগত সচৰাচৰ ঘটি থকা ঘটনা। কেৰিয়াৰৰ দিশৰ পৰা চাবলৈ গ’লে এই বিভাজন আৰু একত্রীকৰণ সুকলমে পৰিচালনা কৰা ব্যক্তিসকল ঔদ্যোগিক ক্ষেত্রখনৰ শকত দৰমহা পোৱা চাকৰিয়ালবোৰ(উদাহৰণস্বৰূপে McKinsey কোম্পানীৰ Associate সকল)ৰ ভিতৰত অন্যতম।

এই নগা শান্তি চুক্তিখন স্বাক্ষৰ কৰাৰ নামত ১৯৯৬ চনৰে পৰা যি এক ‘আলোচনা প্রক্রিয়া’ নামৰ নাটকখন অনুষ্ঠিত হ’ল সেয়াও বেচ আমোদজনক। যোৱা প্রায় বিশ বছৰ ধৰি NSCN(IM)ৰ নেতৃত্বই ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত এক ‘ৰাজকীয়’ জীৱন যাপন কৰিলে। তেওঁলোকৰ বিদ্রোহী সত্ত্বাটোক ভাৰত চৰকাৰে সুপৰিকল্পিতভাৱে মষিমূৰ কৰি এনে কিছুমান ভোগবাদী আৰু এলেহুৱা ব্যক্তিৰ সৃষ্টি কৰিলে যিসকলে জীৱনৰ বাকী দিনকেইটা সন্মানেৰে জীয়াই থাকিবলৈ যিকোনো চুক্তিত চহী কৰিবলৈ বাধ্য। এতিয়ালৈ গম পোৱা প্রাৰম্ভিক তথ্যমতে নগা শান্তি চুক্তিত স্বাধীন নগা ৰাষ্ট্রতো দূৰৰে কথা, ১,২০,০০০ বৰ্গকিলোমিটাৰৰ প্রস্তাবিত বৃহৎ নাগালিমৰো কোনো চিন-মোকাম নাই। এয়া স্বাধীন ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি স্বাধীনতা সংগ্রামৰ কি যে এক হাস্যকৰ পৰিণতি!

এতিয়ালৈকে লেখাখিনি পঢ়াৰ পিছত আপোনালোকে নিশ্চয় মোৰ সৈতে একমত হ’ব যে ১৯৫৬ চনৰ পৰাই চলি অহা স্বাধীনতা সংগ্রামবোৰৰ দ্বাৰা বহু ডেকা ল’ৰাই মাক-বাপেকৰ ওপৰত নিৰ্ভৰশীলতা ত্যাগ কৰিব পাৰিছে; বহুতো চাকৰিয়াল আৰু ব্যৱসায়ী দুটা-তিনিটা সমান্তৰাল কৰ ব্যৱস্থাৰ চিকাৰ হৈ হতাশাগ্রস্ত হৈছে; ডাঙৰ নেতৃত্বই সুৰক্ষিত স্থানত অৱস্থান কৰি বিলাসী জীৱন কটাইছে আৰু সাধাৰণ কমৰেডবোৰে এক উদ্দেশ্যবিহীন আৰু জ্ঞানশূন্য জীৱন কটাই এদিন বন্দুকৰ গুলীত মৃত্যুক সাবটি লৈছে; যেতিয়াই এই স্বাধীনতা নামৰ উদ্যোগটো নচলাৰ উপক্রম হৈছে, তেওঁলোকে শান্তি চুক্তি বা আত্মসমৰ্পণ কৰি ঠিকা-ব্যৱসায় আদি বেলেগ সংস্থাপন বাছি লৈছে। সম্পূৰ্ণ অন্তঃকৰণেৰে জাতিৰ স্বাধীনতাৰ বাবে নিজকে সঁপি দিয়া দুই-চাৰিজন সঁচা সংগ্রামী(যাক পৰিসংখ্যাৰ ভাষাত Outlier বুলিব পাৰি)ক বাদ দি মই ক’ব খোজোঁ যে ভাৰতৰ স্বাধীনতা নামৰ উদ্যোগটোৰ বেছিভাগ ‘কোম্পানী’ক ভাৰত চৰকাৰে কিনি(acquire) লৈছে। আফগানিস্তান, চিৰিয়া আদি দেশ য’ত স্বাধীনতা উদ্যোগটোৱে গৃহযুদ্ধৰ অৱতাৰণা কৰিছে, তেনে দেশৰ তুলনাত নিসন্দেহে এয়া ভাৰত চৰকাৰৰ এক অন্যতম বৃহৎ সফলতা।

আগলৈ কি হ’ব বাৰু? যেতিয়ালৈকে পৃথিৱীত বৈচিত্র্য থাকিব, তেতিয়ালৈকে এই বৈচিত্র্যতাৰ স্বকীয়তাক স্বীকৃতি প্রদান কৰাৰ প্রচেষ্টা চলিবই। বিপ্লৱ, জাগৰণ, সংগ্রাম এই প্রচেষ্টাৰে অংশ মাথোঁ। এটা প্রশ্ন আমি নিজকে সোধা উচিত আমি এই স্বকীয়তাক কিমান দূৰলৈ নিব বিচাৰোঁ? পৰাধীন ভাৰতৰ মহাৰজা বা কলিকতাৰ প্রেচিডেন্সী কলেজত পঢ়ি Indian Civil Service(ICS)ৰ প্রস্তুতি কৰি থকাসকলে জানো ভালকৈ বুজিব পাৰিছিল বল্লভভাই পেটেল বা গোমধৰ কোঁৱৰে কিহৰ তাৰণাত নিজৰ জীৱন-যৌৱন উচৰ্গা কৰিছে? আজি, আপুনি আৰু মই বাৰু বুজি পাইছোঁ নে?

লিখক: মনজিৎ নাথ।

2.91111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top