মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিষয়ে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিষয়ে

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিষয়েৰ বিষয়ে লিখা হৈছে ।

শিশুৰ মন স্বাভাৱিকভাৱেই কৌতূহলী। অজস্ৰ অনুসন্ধিৎসাৰে ভৰা শিশুমনৰ কল্পনাশক্তি আৰু উদ্ভাৱনী শক্তিক যথাযথ ভাৱে সহযোগ আগবঢ়ালে সময়ত গৈ সেই শিশুৱেই সমাজৰ হিতত অহাকৈ কাম কৰিব পাৰে। শিশুমনৰ এই কৌতূহল তথা নজনাক জনাৰ যি হেঁপাহ, তাৰ পোষণ আৰু বৰ্ধনৰ বাবে বিগত ২২ বছৰ ধৰি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে এক বিশেষ কাৰ্য্যসূচী পালন কৰি আহিছে। শিশু বিজ্ঞান সমাৰোহ নামেৰে জনাজাত এই কাৰ্য্যসূচীৰ জৰিয়তে ১০ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু-কিশোৰে এক নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি নানা প্ৰকল্প প্ৰস্তুত কৰি প্ৰথমে জিলা পৰ্য্যায়ত, পাছত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত উপস্থাপন কৰিব পাৰে। এই কাৰ্য্যসূচীৰ মূল লক্ষ্য হ’ল শিশুসকলক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী কৰি তোলা, তেওঁলোকৰ চৌপাশে দেখা পোৱা বিভিন্ন ঘটনা বা পাৰিপাৰ্শ্বিক-সামাজিক সমস্যা সম্পৰ্কে বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব পৰাকৈ উপযুক্ত কৰি তোলা আৰু যিকোনো সমস্যাৰ সমাধানৰ প্ৰতি যত্নপৰ কৰি তোলাৰ লগতে তেওঁলোকক দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়া। সেইবাবেই এই কাৰ্য্যসূচীত এজন শিশুক তেওঁ কৰা প্ৰকল্পত প্ৰথম, দ্বিতীয় স্থানৰ অধিকাৰী হোৱাতকৈ প্ৰকল্পটো সম্পূৰ্ণ বৈজ্ঞানিকভাবে কৰি উলিওৱাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়। সৰ্বতোপৰি পৰম্পৰাগত শিক্ষাব্যৱস্থাৰ আওঁতালৈ নহা, বিদ্যালয়লৈ নোযোৱা শিশুৱেও এই কাৰ্য্যসূচীত অংশ লব পাৰে।

প্ৰকল্প কি আৰু কেনেকৈ কৰিব পাৰি?

শিশু বিজ্ঞান সমাৰোহত প্ৰকল্প মানে হ’ল এজন শিশুৱে নিজা অঞ্চলত সততে পাই থকা সমস্যা বা দেখি থকা ঘটনা এটাক লৈ হাতে-কামে কৰা অধ্যয়ন। ইয়াৰ বাবে প্ৰথমে দুজনৰ পৰা পাঁচজন সমবয়সীয়া শিশু বা কিশোৰ লগ হৈ তেওঁলোকৰ মন আকৰ্ষণ কৰা বিষয় এটা বাছি ল’ব লাগিব। ইয়াৰ পাছতে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা দিব পৰাকৈ এজন জ্যেষ্ঠ ব্যক্তি, যেনে শিক্ষক, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী বা তেনে যিকোনো ব্যক্তিক “নিৰ্দেশক” হিছাপে লৈ তেওঁলোকে বিষয়টো অধ্যয়ন কৰিব লাগিব প্ৰণালীবদ্ধভাৱে। মন কৰিবলগীয়া কথাটো হ’ল নিৰ্দেশকজন উক্ত শিশুকেইজনৰ সম্পৰ্কীয় ব্যক্তি হ’ব নালাগিব। যদিহে বাছি লোৱা বিষয়টো স্থানীয় কোনো এক সমস্যাৰ সতে জড়িত হয়, তেন্তে তেওঁলোকে তাৰ সহজলভ্য সমাধান কিবা আছে নেকি, সেই কথা চিন্তা কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজনসাপেক্ষে জৰীপ, ক্ষেত্ৰ অধ্যয়ন, পৰীক্ষা-নিৰীক্ষা আদিৰ সহায় ল’ব পৰা যায়। সৰ্বশেষত অধ্যয়নৰ যোগেদি কি কি কথা জানিব পাৰিলে-সেই সকলোখিনি কথা এক প্ৰতিবেদন আকাৰে তৈয়াৰ কৰিব লাগিব আৰু প্ৰতিবেদনখন নিজৰ জিলাত থকা শিশুবিজ্ঞান সমাৰোহৰ কৰ্মকতাক জমা দিব লাগিব।

প্ৰকল্প কৰোতে মন কৰিবলগীয়া কথাসমূহ হ’ল -

  • বিষয়টো সম্পূৰ্ণৰূপে স্থানীয় সমস্যাভিত্তিক হ’ব লাগিব আৰু মূল বিষয়ৰ সতে ইয়াৰ সংগতি থাকিব লাগিব।
  • প্ৰকল্প কৰোতে শিশু-বিজ্ঞানীয়ে অসমীয়া, ইংৰাজী, বাংলা আৰু বড়ো –এই কেইটা ভাষাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব।
  • প্ৰকল্পৰ সতে জড়িত সকলোখিনি কাম শিশুবিজ্ঞানীয়ে নিজে হাতে-কামে কৰিব লাগিব; নিৰ্দেশক ব্যক্তিজনে কামখিনি কৰাৰ ক্ষেত্ৰত তেওঁলোকক বাটহে দেখুৱাব।
  • প্ৰতিবেদন লিখা, উপস্থাপনৰ বাবে চাৰ্ট প্ৰস্তুত কৰা আদি কামবোৰ নিজে কৰিব লাগিব।
  • তেওঁলোকৰ মাজত এজন দলপতি থাকিব আৰু তেওঁহে প্ৰকল্প উপস্থাপন কৰিবলৈ পাব যদিও প্ৰকল্পৰ সকলোখিনি কাম আটায়ে মিলি কৰিব লাগিব।
  • প্ৰকল্প হাতত লোৱা সময়ৰ পৰা শেষ কৰালৈ যি যি কাম কৰিব, সেই সকলোবোৰ এখন দিনপঞ্জীত লিখি ৰাখিব লাগিব।
  • প্ৰতিবেদনখন লিখাৰ ক্ষেত্ৰত থকা নিৰ্দিষ্ট নিয়ম পালন কৰিব লাগিব। এই বিষয়ে সবিশেষ বৰ্ণনা “প্ৰকল্প কেনেকৈ কৰিবা” নামৰ বিনামূলীয়া পুস্তিকাখনত উপলব্ধ।
  • নিয়ম অনুযায়ী শিশু বিজ্ঞান সমাৰোহৰ আয়োজক সমিতিৰ সদস্যৰ পৰিয়ালৰ কোনো শিশুৱে ইয়াত যোগদান কৰিব নোৱাৰে। এনে কৰাৰ উদ্দেশ্য হ’ল শিশু বিজ্ঞান সমাৰোহৰ প্ৰক্ৰিয়াটোক স্বচ্ছ কৰি ৰখা।

জিলাভিত্তিত উপস্থাপন হোৱা প্ৰকল্পৰ পৰা নিৰ্দিষ্ট সংখ্যক প্ৰকল্প ৰাজ্যিকভিত্তিলৈ নিৰ্বাচন কৰা হয়। সেইদৰে ৰাজ্যিকভিত্তিত হোৱা শিশু সমাৰোহৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ সৰ্ব্বোচ্চ ২৬টা প্ৰকল্প বাছি উলিওৱা হয়। এই নিৰ্বাচনত আটাইতকৈ গুৰুত্ব দিয়া বিষয়সমূহ হ’ল- প্ৰকল্পত দেখা পোৱা সৃজনীশীলতা আৰু উদ্ভাৱনী ক্ষমতা, সূক্ষ্ম পৰ্য্যবেক্ষণ তথা সহজলভ্য উপায়ৰ সহায়েৰে সমস্যা সমাধানৰ বাবে চলোৱা প্ৰচেষ্টা। উদাহৰণস্বৰূপে বিগত বৰ্ষত সমগ্ৰ ভাৰতৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ প্ৰকল্প হিচাপে পৰিগণিত হোৱা প্ৰকল্পটো অসমৰ পৰা কোকৰাঝাৰৰ অতি ভিতৰুৱা টিপকাই অঞ্চলৰ পৰা প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ বিষয় আছিল ধান শুকুৱাবৰ বাবে আটাইতকৈ ভাল পৃষ্ঠনো (surface) কি সেই কথাৰ পৰীক্ষাভিত্তিক অধ্যয়ন। তেনেই সাধাৰণ ভাৱে প্ৰকল্পটোত শিশুবিজ্ঞানীজনে পাঁচখন বেলেগ বেলেগ পৃষ্ঠত নিৰ্দিষ্ট জোখৰ ধান শুকাবলৈ দি সেই ধান বানি ধান আৰু নভঙাকৈ থকা চাউলৰ অনুপাত, চাউল আৰু তুঁহৰ অনুপাত উলিয়াই তুলনা কৰিছিল। এই সাধাৰণ প্ৰকল্পটোত থকা বিশেষ গুণকেইটা হ’ল – স্থানীয় সমস্যা সমাধানৰ প্ৰচেষ্টা, সহজলভ্য সম্পদৰ ব্যৱহাৰ, সৰলতা আৰু উদ্ভাৱনী শক্তি। অৰ্থাৎ শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প সদায়ে প্ৰকল্পৰ সতে জড়িত শিশু-কিশোৰৰ বয়সৰ সতে সামঞ্জস্য থকা, সৰল অথচ সৃজনীশীল হোৱাটোতহে গুৰুত্ব দিয়া হয়।

এই বছৰ শিশু বিজ্ঞান সমাৰোহৰ বাবে ধাৰ্য্য কৰা বিষয়টো হ’ল- “বতৰ আৰু জলবায়ু: জানি বুজি আগবাঢ়ো (Understanding Weather and Climate)”। অৰ্থাৎ এইবছৰ শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প হিচাপে বাছি লোৱা বিষয়বোৰ নিজৰ অঞ্চলৰ বতৰ আৰু জলবায়ুৰ সতে সম্পৰ্কিত হ’ব লাগিব। পোনচাতেই এই বিষয়টো বৰ কঠিন যেন লাগিলেও কেইটামান উদাহৰণ দিলে কথাখিনি সহজ হৈ পৰিব।

প্ৰথমতেই আহো আমি সততে দেখা পোৱা বতৰৰ সতে জড়িত কথাবোৰলৈ। বৰষুণৰ পৰিমাণ, উষ্ণতা, আৰ্দ্ৰতা আদি বতৰৰ মাপকবোৰৰ কথা আমি কাকতে-পত্ৰই পাওঁ। কিন্তু এইবোৰৰ জোখ-মাখ আদি ঘৰুৱাভাৱে, নিজা পদ্ধতিৰে কৰিব পৰাটোও এটা প্ৰকল্প হ’ব পাৰে। সেইদৰে শিশুসকলৰ নিজা অঞ্চলত ধান-মাহ, ফল-মূল, শাক-পাচলি আদিৰ খেতিতনো বতৰৰ ভূমিকা কি, সেইবিষয়েও তেওঁলোকে অধ্যয়ন কৰিব পাৰে। আনহাতে বৰ্তমান সময়ত পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিক আমাৰ পৰিৱেশৰ এক জটিল সমস্যা হিচাপে ধৰা হৈছে বুলি আমি সকলোৱে জানো। উষ্ণতা বঢ়াৰ লগে লগে জলবায়ুলৈকো পৰিৱৰ্তন আহিব বুলি বিজ্ঞানীসকলে ইতিমধ্যে প্ৰকাশ কৰিছে। উষ্ণতা বৃদ্ধিৰ মূল কাৰক হিচাপে গণ্য কৰা সেউজগৃহ গেছবোৰনো মানুহৰ কি কি কামৰ পৰা বায়ুমণ্ডললৈ ওলাই যায়, সেই কথাও শিশুসকলে নিজৰ অঞ্চলত বিচাৰি চাব পাৰে। তেনেক্ষেত্ৰত এইবোৰৰ নিৰ্গমণ কিদৰে কমাব পাৰি, তাৰ সহজ বিকল্প বাছি উলিওৱাটোও এক প্ৰকল্পৰ বিষয় হ’ব পাৰে। আনফালে বতৰ আৰু জলবায়ুৱে গছ-গছনিৰ বৃদ্ধি, অন্যান্য জীৱ-জন্তুৰ আচৰণতো প্ৰভাৱ পেলায়। এনে কোনো উদ্ভিদ বা জীৱৰ ওপৰত বতৰৰ প্ৰভাৱনো কেনে সেইবিষয়েও অধ্যয়ন কৰিব পৰা যায়। ঠিক সেইদৰে আমাৰ দৈনন্দিন জীৱনৰ কাম-কাজ যেনে পিন্ধন-উৰণ, খাদ্য গ্ৰহণ আদিও বতৰৰ ওপৰত নিৰ্ভৰশীল। শিশুসকলে নিজা ঠাইত এই ধৰণৰ সামাজিক কথাবোৰৰ বতৰৰ সতে কি সম্পৰ্ক সেই কথা জুকিয়াই চাই এক প্ৰকল্প কৰিব পাৰে। ইয়াৰ উপৰিও বতৰৰ আগজাননী দিবৰ বাবে পৰম্পৰাগতভাৱে কেনে পদ্ধতি লোৱা হয়, বতৰৰ সতে জড়িত বিপদ যেনে বান, খৰাং আদিৰ সতে মোকাবিলা কৰিবলৈ প্ৰাচীনকালৰ পৰা নিজৰ ঠাইত কি উপায় লোৱা হয়- সেইবোৰ কথাও বৈজ্ঞানিক অধ্যয়নৰ বিষয় কৰি লব পৰা যায়। অৱশ্যে কেৱল এইখিনি বিষয়তে যে প্ৰকল্প কৰিব পাৰিব এনে নহয়, শিশুসকলে নিজস্ব চিন্তাশক্তি প্ৰয়োগ কৰি বতৰ আৰু জলবায়ুৰ সতে সম্পৰ্ক থকা বিষয় বাচি ল’ব পাৰে। এইক্ষেত্ৰত প্ৰয়োজনীয় তথ্য জানিবৰ বাবে নিজৰ জিলাত থকা শিশু বিজ্ঞান সমাৰোহৰ কৰ্মকৰ্তা, বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধানশিক্ষক বা শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক আয়োজক সংগঠন “অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ”ৰ সতে যোগাযোগ কৰিব পৰা যায়।
এইখিনিতে এটা কথা উল্লেখনীয় যে শিশু বিজ্ঞান সমাৰোহ কোনো প্ৰকল্প উপস্থাপনৰ প্ৰতিযোগিতা নহয়; ইয়াত শিশুসকলে শ্ৰেষ্ঠতা অৰ্জনৰ কথাত গুৰুত্ব দিয়াতকৈ বাচি লোৱা বিষয়ৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানভিত্তিক অধ্যয়ন কৰাতহে গুৰুত্ব দিয়া উচিত। কাৰণ সেয়া হ’লেহে ভৱিষ্যতেও শিশুসকলে দৈনন্দিন জীৱনৰ লগতে ছাত্ৰজীৱন তথা পেশাগত জীৱনৰ সকলো কথাতে বৈজ্ঞানিক দৃষ্টিভংগী প্ৰয়োগ কৰিব পৰাকৈ সক্ষম হ’ব।

শিশু বিজ্ঞান সমাৰোহৰ সময়সূচী -

জিলাভিত্তিক সমাৰোহৰ বাবে প্ৰকল্প জমা দিয়াৰ সময় : আগষ্ট মাহৰ শেষভাগৰ পৰা ছেপ্টেম্বৰ মাহৰ প্ৰথমভাগ

জিলাভিত্তিক সমাৰোহ : ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ’ব

ৰাজ্যিক সমাৰোহ : ১৬-১৯ অক্টোবৰ, ২০১৪

ৰাষ্ট্ৰীয় সমাৰোহ: ২৬-৩১ ডিচেম্বৰ, ২০১৪

(লেখিকাৰ টোকা : নিম্নোক্ত লেখাটিত ১০-১৭ বছৰ বয়সৰ শিশু-কিশোৰৰ বাবে থকা এক বিশেষ কাৰ্য্যসূচীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদিওবা এই বয়সৰ লোকে ফেচবুক ব্যৱহাৰ কৰিব নোৱাৰে,আমাৰ উদ্দেশ্য এই গোটত থকা শিক্ষক, অভিভাৱক বা পিতৃ-মাতৃক এই কাৰ্য্যসূচীৰ বিষয়ে কিছু তথ্য অৱগত কৰা যাতে তেওঁলোকে নিজৰ পৰিয়ালত বা কাষৰে-পাজৰে থকা শিশু-কিশোৰক এইদিশত আগ্ৰহী কৰি তুলিব পাৰে।সেয়ে হ’লেই আমাৰ উদ্দেশ্য সফল হ’ব।

লেখিকা:মানসী গোস্বামী

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top