অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৱসৰ সময়ৰ শিক্ষাঃ

অৱসৰ সময়ৰ শিক্ষাৰ বিষয়ে লিখা হৈছে

 

 

অৱসৰ সময়ৰ শিক্ষা বুলিলে কি বুজো ?

 

বৰ্তমান সময়ৰ শিক্ষাৰ এক প্ৰয়োজনভিত্তিক নতুন চিন্তাধাৰা হৈছে আজৰি বা অৱসৰ সময়ৰ শিক্ষা। শিক্ষা বিষয়ৰ চিন্তাবিদসকলে ক্ৰমান্বয়ে এই কথা অনুভৱ কৰি উঠিছে যে শিক্ষা কেৱল কামৰ বাবে অথবা কোনো বৃত্তি-ব্যৱসায়ৰ উপযোগী কৰি তুলিবৰ বাবেই নহয়, ইয়াক ব্যক্তিৰ আজৰি সময় ভালদৰে কটাবৰ বাবেও অতি প্ৰয়োজন। আজৰি সময়ৰ শিক্ষা সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী আৰু সকলো বয়সৰ লোকৰ বাবেই সমানে প্ৰয়োজনীয়। অৱসৰ সময় হৈছে যি সময়ত আমি কোনো কৰ্মব্যস্ত নোহোৱাকৈ কৰ্তব্যৰ পৰা মুক্ত অৱস্থাত থকা যায়। এই সময়ত যিকোনো জীৱিকা নিৰ্বাহ অথবা ধন উপাৰ্জন কৰা ক্ৰিয়াৰ পৰা বিৰত থকা হয়। আজৰি সময়ত মানুহে সকলো প্ৰকাৰৰ দৈহিক আৰু মানসিক ব্যস্ততাৰ পৰা অব্যাহতি লয়।

উল্লেখযোগ্য যে কৰ্মব্যস্ত অথবা জীৱিকা নিৰ্বাহত ব্যস্ত থকা সময়খিনি স্বাভাৱিকতেই আমাৰ বাবে হয় নিৰস আৰু নিৰানন্দময়। সেইবাবে ই আমাৰ মনত অৱসাদ আৰু আমনিৰ সৃষ্টি কৰে। দেহ-মনক সতেজ আৰু পুনৰুদ্দীপ্ত কৰি তুলিবৰ বাবে জিৰণি বা অৱসৰ সময়ৰ প্ৰয়োজন হয়। ই আমাৰ মনত আনন্দ-উৎসাহ যোগায় আৰু সুস্থ-সুন্দৰ আৰু নিঃস্বাৰ্থ এক অনুভূতিৰ অভিজ্ঞতা প্ৰদান কৰে। সেয়েহে অৱসৰ সময়ে আমাৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে আৰু তাৰ যোগেদি সুস্থ ব্যক্তিত্ব গঠন কৰি তুলিব পাৰে। অৱসৰ সময় মানে আমি নিজ ঘৰত এলেহুৱা হৈ বহি থকা, বিছনাত শুই থকা অথবা অকাৰণতে বাটত ঘূৰি ফুৰাটোক নুবুজায়। এক সুচিন্তিতভাৱে প্ৰস্তুত কৰি তোলা শিক্ষা ব্যৱস্থাৰে সেয়েহে আজৰি সময় সুস্থ, সুখৰ আৰু এক বিমল আনন্দ দিব পৰা বিধৰ কৰি তোলাটো প্ৰয়োজন। এজন লোকৰ জীৱনৰ সুস্থ-সুন্দৰ অনুভূতিবোৰৰ বিকাশ এনে শিক্ষাৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰে। ক্ৰিয়াৰ গতানুগতিক জীৱনৰ পৰা ব্যতিক্ৰম স্বৰূপে জীৱন প্ৰকৃত অৰ্থত উপভোগ্য কৰি তুলিব পাৰে। তাকে কৰিব নোৱাৰিলে আমাৰ আজৰি সময়ৰ ক্ৰিয়া-বিমুখ এলেহুৱা আৰু অলস মন চয়তানৰ ক্ৰীড়াভূমিত পৰিণত হ’বলৈ বেছি সময় নালাগে। সেয়েহে আমাৰ একো কৰিবলৈ নথকাৰ দৰে যাতনাদায়ক অৱস্থা আন একো হ’ব নোৱাৰে।

অৱসৰ সময়ৰ চিন্তাদৰ্শনঃ

 

অৱসৰ সময়ৰ চিন্তা-দৰ্শন সম্বন্ধে আমি দৃষ্টি নিক্ষেপ কৰিলে ইয়াৰ এক তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন হোৱাটো বৰ্তমান আমি লক্ষ্য কৰিব পাৰো। গ্ৰীক দাৰ্শনিকসকলে পুৰণি কালত মত প্ৰকাশ কৰিছিল যে অৱসৰ সময়ৰ শিক্ষা কেৱল সেইসকলৰ বাবেহে যিসকল সমাজৰ সৌভাগ্যৱান লোক আৰু যিসকলে সমাজত উচ্চশ্ৰেণীৰ জীৱন-যাপন কৰে। এই বিশেষশ্ৰেণী লোকৰহে আজৰি সময় থাকে আৰু তেওঁলোকে তাক ভালদৰে কটাবৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে আজৰি সময় চিন্তা-চৰ্চা কৰি কটোৱা স্থানকেই স্কুল বোলা হৈছিল। সমাজৰ এই সৌভাগ্যৱান শ্ৰেণী লোকে আজৰি সময় কটাবৰ বাবে বৌদ্ধিক চিন্তা-চৰ্চা, সাহিত্য, কলা, সংগীত আদি বিষয়সমূহ উপযোগী বুলি বিবেচনা কৰা হৈছিল। যিসকল সৰ্বসাধাৰণ দৈহিক শ্ৰমজীৱি লোকে কঠিন পৰিশ্ৰমত ব্যস্ত থাকিব লগা হৈছিল তেওঁলোকৰ বাবে এই শিক্ষা অপ্ৰয়োজনীয় আৰু অনুপযোগী বুলি বিবেচিত হৈছিল। এই সময়ত উচ্চ পৰ্যায়ৰ আধ্যাত্মিক চিন্তা-চৰ্চা কৰিবৰ বাবেহে অৱসৰ সময়ৰ শিক্ষাৰ প্ৰয়োজন বুলিও ভবা হৈছিল। দাৰ্শনিক এৰিষ্টটলে মত প্ৰকাশ কৰিছিল যে আজৰি সময়ত পোৱা সুবিধাইহে ব্যক্তিক প্ৰকৃত জ্ঞান দিব পাৰে। এই উক্তি বৰ্তমানেও আমাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ বুলিব পাৰি।

সি যি কি নহওক, বৰ্তমান সময়ত জ্ঞানৰ স্বৰূপ সম্বন্ধে থকা পুৰণি দৃষ্টিভংগীৰ সলনি হৈছে। বৰ্তমান প্ৰয়োগবাদ চিন্তা-দৰ্শনে জ্ঞানৰ ব্যৱহাৰিক, উৎপাদনমূলক আৰু উপযোগিতামূলক দিশৰ ওপৰত বিশ্বাস কৰে। আমাৰ সমাজ ব্যৱস্থাৰো দৰ্শনীয় পৰিৱৰ্তন সাধন হৈছে। সেই অনুক্ৰমে সমাজৰ উচ্চ-নীচ, ধনী-দুখীয়া, শ্ৰমজীৱি-বুদ্ধিজীৱি সকলো শ্ৰেণীৰ লোকেই অৰ্থনৈতিক উৎপাদনশীলতাৰ বাবে কাম কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। সেইবাবে এখন গণতান্ত্ৰিক দেশত বা সমাজত বৰ্তমান প্ৰতিজন লোকেই শ্ৰমৰ বাবে আৰু এই শ্ৰমৰ অন্তত আজৰি সময়ৰ বাবে শিক্ষা লাভ কৰাৰ অধিকাৰ আৰু প্ৰয়োজন থকাৰ কথা মানি লোৱা হয়।

বৰ্তমান সময়ত আজৰি সময়ৰ সমস্যাঃ

 

আজৰি সময়ৰ সমস্যাই বৰ্তমান সমাজৰ সকলো শ্ৰেণীৰ লোককে কম-বেছি পৰিমাণে পীড়িত কৰি তুলিছে। সামাজিক জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ লগে লগে এই সমস্যাই অধিক জটিলতৰ অৱস্থালৈ গতি কৰিছে। ইয়াক সামূহিকভাৱে চিন্তা কৰাটো আৰু সমাধানৰ উপায় উদ্ভাৱন কৰাটো চিন্তাবিদ আৰু শিক্ষাবিদসকলৰ প্ৰতি এক প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছে। এই সমস্যাই ক্ৰম জটিলতা লাভ কৰি উঠা নিম্নলিখিত দিশসমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

(ক) মহানগৰীসমূহতঃ বৰ্তমান উন্নত নগৰ-চহৰসমূহত শিল্প আৰু কাৰিকৰী বিজ্ঞানৰ সভ্যতাই বিশেষ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত মানুহৰ চিন্তাধাৰা আৰু মূল্যবোধ আদিৰ পৰিৱৰ্তন হৈছে। বৈষয়িক জীৱনৰ অত্যাধিক প্ৰভাৱৰ হেতুকে উপযোগিতা, কাৰ্যকাৰিতা আৰু উৎপাদনশীলতা আদি মানুহৰ জীৱনত বাস্তৱ সত্য স্বৰূপে পৰিগণিত হৈ উঠিছে। উন্নত মানৰ নগৰীয়া জীৱনত বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অৱদান স্বৰূপে বিভিন্ন যন্ত্ৰ আৰু সা-সঁজুলিসমূহ আমাৰ দৈনন্দিন জীৱনত অধিকভাৱে প্ৰয়োগ কৰিবলৈ লোৱা হৈছে। ইয়াৰ পৰিণতি স্বৰূপে পূৰ্বৰ কায়িক শ্ৰম একেবাৰে কমি গৈ নগৰীয়া জীৱনৰ লোকসকল অধিক এলেহুৱা আৰু দৈহিক শ্ৰমবিমুখ হৈ পৰিছে। কাৰিকৰী বিজ্ঞানৰ যন্ত্ৰসমূহে তেওঁলোকৰ হাতৰ পৰা কায়িক শ্ৰম প্ৰায় সম্পূৰ্ণৰূপে কাঢ়ি লৈছে। উল্লেখযোগ্য যে কাৰিকৰী বিজ্ঞান আৰু অভিযান্ত্ৰিক বিজ্ঞানত আগবঢ়া দেশসমূহৰ বাবে ই এক সামাজিক সমস্যা স্বৰূপে অধিক জটিলতা লাভ কৰি উঠিছে। নগৰীয়া জীৱনৰ এই যান্ত্ৰিক সভ্যতাই ভাৰতৰ দৰে বিকাশশীল দেশসমূহত নিবনুৱা সমস্যা অধিক জটিল কৰি তুলিছে। বৰ্তমান নগৰমুখী সভ্যতাৰ এই পৰিণতি আমাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

(খ) গ্ৰাম্য অঞ্চলতঃ নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত অৱসৰ সময়ৰ সমস্যাৰ দৃশ্যপট কিছু পৃথক ধৰণৰ। আমাৰ দেশত গ্ৰাম্য অঞ্চলৰ কৃষকসকলে তেওঁলোকৰ গ্ৰীষ্মকালীন খেতি কৰা আৰু খেতি চপোৱাৰ মাজত প্ৰায় ৪-৫ মাহ সময় এনেয়ে এলেহুৱা হৈ কটায়। এই আজৰি সময়খিনি কটাবৰ বাবে কোনো শিক্ষামূলক আৰু গঠনমূলক ক্ৰিয়া আঁচনি তেওঁলোকৰ হাতত নাথাকে। দৰিদ্ৰতা, নিৰক্ষৰতা আৰু সামাজিক কু-সংস্কাৰ আদিয়ে তেওঁলোকৰ জীৱন আৰু ক্ৰিয়া-কলাপ সংকুচিত কৰি ৰাখে। ইয়াৰ ফলত তেওঁলোকৰ অৱসৰ সময়ৰ অধিক ভাগেই গল্প-গুজব কৰা, পৰ-চৰ্চা, পৰনিন্দা কৰা, হাই-কাজিয়া কৰা, ৰাগীয়াল বস্তু পান কৰা আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অসুস্থ আৰু অসামাজিক ক্ৰিয়া-কলাপত লিপ্ত থকা দেখা যায়। তেওঁলোকৰ কিছুসংখ্যক লোকে আকৌ গণতন্ত্ৰৰ নামত সংকীৰ্ণ সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত হৈ অজ্ঞ আৰু নিৰক্ষৰ লোকসকলক বিভ্ৰান্ত কৰি তোলে। ফলত সামাজিক জীৱনত শান্তি আৰু শৃংখলা ভংগ হয় আৰু প্ৰশাসনিক জটিলতাৰ সৃষ্টি হয়।

(গ) শিক্ষানুষ্ঠানসমূহতঃ অৱসৰ সময় আমাৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়বোৰৰ বাবেও বৰ্তমান এক সমস্যা স্বৰূপ হৈ উঠিছে। প্ৰায়বোৰ শিক্ষানুষ্ঠানতে শিক্ষাৰ বৈষয়িক অৱস্থা অতি দুৰ্বল হোৱা হেতুকে স্কুলৰ শিক্ষা-কৰ্তৃপক্ষই পাঠ্য আৰু সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীবোৰ কাৰ্যকৰীকৰণৰ বাবে যথোচিত সুবিধা প্ৰদান কৰিব নোৱাৰে। ফলত বাৰ্ষিক কাৰ্যসূচীৰে বহু অংশ বাতিল কৰিব লগা হয়। ছাত্ৰ-ছাত্ৰীসকলে গ্ৰীষ্মকালীন আৰু শীতকালীন দীঘলীয়া বন্ধৰ উপৰিও চূড়ান্ত পৰীক্ষাৰ পিছত বহুতো সময় এলেহুৱা হৈ কটাব লাগে। আনকি বছৰটোৰ কৰ্মৰত দিনকেইটাতো শিক্ষাদান, শিক্ষাগ্ৰহণ কৰি আৰু শিক্ষা পৰিদৰ্শন কাৰ্যত সাধাৰণভাৱে অৱহেলা আৰু উদ্যমহীনতাৰ ভাব দেখিবলৈ পোৱা যায়। শিক্ষক, ছাত্ৰ আৰু সৰ্বসাধাৰণ লোকেও প্ৰায়ে আপত্তি কৰা দেখা যায় যে শিক্ষানুষ্ঠানৰ অধিক পৰিমাণৰ আৰু অপৰিকল্পিত বন্ধসমূহে নিয়মীয়া পাঠ্যসূচী আৰু কাৰ্যসূচীবোৰ নিৰ্দিষ্ট সময়ত শেষ কৰাত বাধা প্ৰদান কৰে। প্ৰচলিত প্ৰস্তুত পাঠ্যক্ৰমো হৈছে অধিক চিন্তা-প্ৰধান আৰু কৰ্ম-বিমুখ। শিক্ষাদান পদ্ধতি হৈছে শ্ৰেণীকক্ষ প্ৰধান আৰু মৌখিক বিধৰ। এনেবোৰ অৱস্থাই স্বাভাৱিকতেই ছাত্ৰ-ছাত্ৰীসকলৰ অৱসৰ সময় সমস্যা জড়িত কৰি তুলিছে। ই অতি দুৰ্ভাগ্যজনক আৰু ভয়াৱহ কথা যে অত্যধিক আজৰি সময়ে বৰ্তমান আমাৰ যুৱক-যুৱতীসকলক নিচাযুক্ত সেৱণ কাৰ্যৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছে।

আজৰি সময়ৰ শিক্ষাৰ প্ৰয়োজনীয়তাঃ

 

অৱসৰ সময়ৰ সমস্যা বৰ্তমান যান্ত্ৰিক সভ্যতাৰ বিষময় পৰিণতি স্বৰূপ। এই সমস্যাই সমাজৰ সকলো শ্ৰেণীৰ লোককে নিজ নিজভাৱে প্ৰভাৱিত কৰি তুলিছে। সেইবাবে সমাজৰ চিন্তাশীল লোকসকলে অৱসৰ সময়ৰ শিক্ষাৰ প্ৰয়োজনীয়তা বহলভাৱে অনুভৱ কৰি উঠিছে। এই সম্বন্ধে বিস্তৃত আলোচনালৈ নগৈ নিম্নলিখিত কথাকেইটাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

(১) অৱসৰ সময়ৰ শিক্ষাই আমাৰ জীৱন উন্নত আৰু গতিশীল কৰি তুলিব পাৰে। বৰ্তমান সমাজত যন্ত্ৰচালিত বিধৰ জীৱনে সৃষ্টি কৰা মনৰ অৱসাদ আৰু উদ্যমহীনতাৰ অৱস্থা গুচাই এই শিক্ষাই নতুন শক্তি আৰু উৎসাহ যোগাব পাৰে।

(২) এই শিক্ষাই ব্যক্তি-মনৰ অসুস্থ ভাব-চিন্তা আৰু নেতিবাচক মনোভাৱ আৰু দৃষ্টিভংগী আদি গুচাই মন সুস্থ আৰু শক্তিশালী কৰি তুলিব পাৰে। পৰিৱেশৰ যিকোনো পৰিস্থিতিতে ব্যক্তিয়ে সুস্থ দৃষ্টিভংগী আৰু গঠণাত্মক মনোভাৱ গ্ৰহণ কৰি উঠিব পাৰে।

(৩) আজৰি সময়ৰ উপযুক্ত সদ্ব্যৱহাৰে ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিব পাৰে। ইয়াৰ অভাৱত আমাৰ মনলৈ বেয়া চিন্তা-ভাবনা আহি চয়তানৰ ক্ৰীড়াভূমিত পৰিণত কৰিব পাৰে।

(৪) মানুহৰ বিশেষ বিশেষ যোগ্যতা, ক্ষমতা আৰু অন্তৰ্নিহিত সম্ভাৱনীয়তাসমূহ বিকশাই তোলাৰ বাবে আজৰি সময়ৰ শিক্ষাই বিশেষ সহায় কৰে। ব্যক্তি-প্ৰতিভা আত্মপ্ৰকাশৰ প্ৰয়োজনীয় পৰিৱেশ এই শিক্ষাই ৰচনা কৰিব পাৰে।

(৫) এখন সমাজৰ নৈতিক আৰু সাংস্কৃতিক জীৱনৰ বিকাশ সাধনতো অৱসৰ সময়ৰ শিক্ষাই সহায় কৰে। এখন দেশ বা এটা জাতিৰ জাতীয় চৰিত্ৰ আৰু সামাজিক যোগ্যতা তেওঁলোকৰ আজৰি সময়ৰ সদ্ব্যৱহাৰৰ যোগেদিয়ে বিচাৰ কৰি চাব পাৰি।

(৬) এই শিক্ষাই ব্যক্তিৰ সামাজিকভাৱে গ্ৰহণযোগ্য আৰু উৎপাদনমূলক ক্ৰিয়াৰ অভ্যাস গঢ় দি তুলিব পাৰে। সুস্থ আৰু সুন্দৰ ৰুচিবোধৰ লাভজনক বৃত্তি গ্ৰহণত ই সহায় কৰে।

(৭) অৱসৰ সময়ৰ শিক্ষাই প্ৰাপ্তবয়স্ক লোকসকলৰ শিক্ষা আঁচনিতো কাৰ্যকৰীভাৱে সহায় কৰে। নিৰক্ষৰ লোকসকলেও এই শিক্ষাৰ যোগেদি সমাজত সুখী, অৰ্থপূৰ্ণ আৰু সন্মানজনক জীৱন-যাপন কৰিব পাৰে।

(৮) এই শিক্ষাক ব্যক্তিত্বৰ সুসামঞ্জস্যপূৰ্ণ আৰু সুসংগঠিত বিকাশৰ শিক্ষা আঁচনি স্বৰূপেও বৰ্ণনা কৰিব পাৰি। ই ব্যক্তিৰ দৈহিক, মানসিক আৰু আত্মিক দিশৰ সামঞ্জস্যপূৰ্ণ আৰু সামগ্ৰিক বিকাশত সহায় কৰে।

(৯) মানুহৰ প্ৰকৃতিত অন্তৰ্নিহিত হৈ থকা সূক্ষ্ম কলাত্মক আৰু সৌন্দৰ্যবোধক অনুভূতিসমূহ এই শিক্ষাৰ যোগেদি বিকশাই তুলিব পাৰি। মানৱ প্ৰকৃতিৰ এই দিশটোৰ আত্মপ্ৰকাশ কেৱল আজৰি সময়েহে সম্ভৱ কৰি তুলিব পাৰে।

(১০) এই শিক্ষাই সামাজিক মন সুস্থ আৰু গঠনাত্মক কৰি তুলি সমাজক সমস্যামুক্ত কৰি ৰাখিব পাৰে। সৰ্বসাধাৰণ লোকে বিদ্ৰোহ, হিংসা বা ধ্বংসৰ পথ ত্যাগ কৰি বিকাশৰ পথ গ্ৰহণ কৰিব পাৰে।

ওপৰত উল্লেখ কৰা কথাকেইটাই আমাক স্পষ্টভাৱে দেখুৱায় যে বৰ্তমান সভ্যতা-সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত আজৰি সময়ৰ শিক্ষা অপৰিহাৰ্য। এজন লোকৰ সুস্থ মানসিকতা এই শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। এটা জাতিৰ জাতীয় চৰিত্ৰ আৰু কৰ্মক্ষমত এই আজৰি সময়ৰ শিক্ষাৰ যোগেদিয়ে প্ৰতিফলিত হৈ উঠে। সমাজৰ ধ্বংসাত্মক, হিংসাত্মক আৰু অপৰাধমূলক ক্ৰিয়া-কলাপ এই শিক্ষাই বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে। বাস্তৱ, বস্তুবাদী আৰু বৈষয়িক জীৱন-যাপনে মানুহৰ মনৰ মানৱীয় অনুভূতিবোৰ প্ৰভাৱহীন কৰি তুলিছে। ইয়াক পুনৰ সঞ্জীৱিত আৰু শক্তিশালী কৰি তোলাৰ উপায় হৈছে অৱসৰ সময়ৰ শিক্ষা। সেয়েহে ক’ব পাৰি যে ইয়াৰ সুপৰিকল্পিত শিক্ষাই আমাৰ মানসিক ৰোগত বাধাদান কৰাত আৰু তাৰ প্ৰতিষেধক ব্যৱস্থা কৰাত সমানে ভূমিকা ল’ব পাৰে।

অৱসৰ সময়ৰ শিক্ষাৰ লক্ষ্য-উদ্দেশ্যসমূহঃ

 

সাধাৰণ শিক্ষাতকৈ অৱসৰ সময়ৰ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য কিছু পৃথক হোৱাটো মন কৰিবলগীয়া। এই শিক্ষাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মানদণ্ড নিৰূপণ কৰাটো অথবা মানসিক ক্ষমতাৰ পৰিমাপণ কৰাটো নহয়। কোনো বৃত্তি-ব্যৱসায়ৰ যোগ্যতা লাভৰ বাবে প্ৰশিক্ষণ দিয়াটোও ইয়াৰ উদ্দেশ্য নহয়। ব্যক্তিত্বৰ সুস্থ গুণ বা সংলক্ষণসমূহ বিকশাই তুলি ব্যক্তিৰ জীৱন সুন্দৰ আৰু মানৱীয় গুণসম্পন্ন কৰি তোলাটোহে অৱসৰ সময়ৰ শিক্ষাৰ মুখ্য উদ্দেশ্য। এক কথাত ক’বলৈ গ’লে ই হৈছে আকৰ্ষণীয় ব্যক্তিত্ব গঠনৰ শিক্ষা। উল্লেখযোগ্য যে আমাৰ স্কুল-কলেজৰ পাঠ্যক্ৰমত থকা আনুষ্ঠানিক বিধৰ গতানুগতিক শিক্ষাই সুস্থ ব্যক্তিত্ব গঠনৰ শিক্ষা দিব নোৱাৰে। এনে শিক্ষা হৈছে অধিকভাৱে বৌদ্ধিক আৰু মননাত্মক বিধৰ। ব্যক্তিৰ মানসিক শক্তিসমূহৰ উৎকৰ্ষ সাধনৰ বাহিৰে আন দিশৰ বিকাশ সাধনৰ ইয়াত আশা কৰিব নোৱাৰি। দৈহিক সঞ্চালনমূলক আৰু আনুভূতিক দিশৰ শিক্ষা বিকাশৰ বাবে আমি সেয়েহে অৱসৰ সময়ৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অনুভূতিৰ সুস্থ বিকাশৰ শিক্ষাইহে প্ৰকৃতপক্ষে আমাৰ মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি তুলি সুস্থ ব্যক্তিত্ব গঢ় দি তুলিব পাৰে। সি যি কি নহওক, আজৰি সময়ৰ শিক্ষাৰ মূল লক্ষ্য-উদ্দেশ্য আৰু নীতি কেতবোৰ তলত সংক্ষেপে উল্লেখ কৰিব পাৰি।

(১) এই শিক্ষাই ছাত্ৰৰ ব্যক্তিগত প্ৰয়োজন, আগ্ৰহ, অভিৰুচি আৰু ক্ষমতাসমূহ পূৰণ কৰিব পাৰিব লাগে।

(২) ই ব্যক্তিৰ সৃজনাত্মক আৰু গঠনাত্মক শক্তি আৰু সম্ভাৱনীয়তাসমূহ বিকাশৰ সুবিধা দিব লাগে।

(৩) ব্যক্তিৰ কৰ্মবিৰতিৰ সময়খিনি উৎসাহ-আনন্দৰ মাজেৰে সাৰ্থকভাৱে কটোৱাত এই শিক্ষাই সহায় কৰিব লাগে।

(৪) আজৰি সময়ৰ ক্ৰিয়াসমূহে কেৱল ব্যক্তি-মনত আমোদ-প্ৰমোদ দিয়াটোৱেই ইয়াৰ উদ্দেশ্য নহয়, ই সমাজৰ লোকৰ সাংস্কৃতিক প্ৰয়োজনসমূহো পূৰণ কৰিব পাৰিব লাগে।

(৫) এই শিক্ষাই ব্যক্তিৰ সূক্ষ্ম কলাত্মক আৰু সৌন্দৰ্যবোধক অনুভূতিসমূহো বিকশাই তুলিব পাৰিব লাগে।

(৬) অৱসৰ সময়ৰ ক্ৰিয়া-কলাপে আমাৰ মনৰ অনুভূতি আৰু অভিজ্ঞতাসমূহক অধিক উদাৰ আৰু মানৱীয় কৰি তুলিব পাৰিব লাগে।

(৭) ব্যক্তি-মনৰ অসুস্থতা আৰু নেতিবাচক মনোভাৱ গুচাই সুস্থ আৰু গঠনাত্মক দৃষ্টিভংগীৰ কৰি তোলাটো এই শিক্ষাৰ এক প্ৰধান উদ্দেশ্য।

অৱসৰ সময়ৰ শিক্ষা কিদৰে দিব পাৰিঃ

 

অৱসৰ সময়ৰ শিক্ষাৰ ধাৰণা স্বাভাৱিকতেই বহল পৰিসৰৰ হয়। এই শিক্ষা আনুষ্ঠানিকভাৱে শিক্ষানুষ্ঠানৰ পৰ্যায়ত আৰু অনানুষ্ঠানিকভাৱে সামাজিক পৰ্যায়ত প্ৰদান কৰিব পাৰি। আধুনিক শিক্ষাত শৈক্ষিক কাৰিকৰী বিজ্ঞানৰ প্ৰয়োগে এই শিক্ষাৰ পৰিসৰ অধিক বৃদ্ধি কৰি তুলিছে। স্কুলেই হৈছে এই শিক্ষা প্ৰদানৰ অতি উপযুক্ত স্থান। স্কুলীয়া শিক্ষাৰ পৰ্যায়েই হৈছে ছাত্ৰ জীৱনৰ সকলোতকৈ প্ৰভাৱশালী পৰ্যায়। ইয়াত লাভ কৰা শিক্ষা-অভিজ্ঞতাই তেওঁলোকৰ ভৱিষ্যৎ জীৱনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে। ছাত্ৰজীৱনেই সেয়েহে ভৱিষ্যতৰ প্ৰয়োজনীয় অভ্যাস গঠনৰ সময় বোলা হয়। সুনিয়ন্ত্ৰিত আৰু সুপৰিচালিত স্কুলৰ আজৰি সময়ৰ শিক্ষাই ছাত্ৰৰ ব্যক্তিত্ব গঠন বাস্তৱত সম্ভৱপৰ কৰি তুলিব পাৰে। ইয়াৰ বাহিৰে শিক্ষকৰ মনত স্পষ্ট ধাৰণা থকাৰ লগতে এই শিক্ষা কাৰ্যকৰীকৰণৰ বাবে সকলো প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিব লাগে।

স্কুলত অৱসৰ সময়ৰ শিক্ষা-ব্যৱস্থাঃ

 

স্কুলত অৱসৰ সময়ৰ শিক্ষা দিবৰ বাবে এখন দীঘলীয়া কাৰ্যতালিকা প্ৰস্তুত কৰি তুলিব পাৰি। তালিকাৰ এই কাৰ্যসূচীসমূহক বহলভাৱে মস্তিষ্ক-প্ৰধান, অন্তৰ-প্ৰধান আৰু হস্তশিল্প-প্ৰধান স্বৰূপে তিনিটা বহল ভাগত বিভক্ত কৰিব পাৰি। অন্য এক দিশৰ বিবেচনাৰে এই সমূহক আকৌ ব্যক্তিগত আৰু সামূহিক স্বৰূপে ভাগ কৰিব পাৰি।

(১) দৈহিক বিষয়ঃ

দৈহিক ক্ৰিয়া-কলাপসমূহৰ ভিতৰত নানাবিধ বহিঃদ্বাৰ আৰু অন্তঃদ্বাৰ খেলা-ধূলা যেনে- ক্ৰিকেট, ফুটবল, হকী, টেনিচ, টেবুল-টেনিচ, ভলিবল, বাস্কেট বল, কাবাদ্দি, খ’ খ’, কুংফু, কাৰাটে, বক্সিং, সাঁতোৰ আদি আৰু খেলপথাৰৰ শাৰীৰিক ক্ষমতাযুক্ত নানাবিধ এথলেটিক কাৰ্যসূচীসমূহৰ উল্লেখ কৰিব পাৰি। এই দৈহিক প্ৰদৰ্শনযুক্ত খেলৰ যোগেদি ছাত্ৰৰ মনত মানসিক দৃঢ়তা, মনোবল, অধ্যৱসায়, অনুশীলন, প্ৰতিযোগিতাৰ ভাব, অনুশাসন, আনুগত্য, নিয়মানুৱৰ্তিতা আদি ব্যক্তিত্বৰ গুণসমূহ বিকশাই তুলিব পাৰি। এই খেলসমূহৰ প্ৰশিক্ষণৰ বাবে বিশেষজ্ঞ প্ৰশিক্ষকো নিয়োগ কৰিব পাৰি আৰু তাৰ যোগেদি প্ৰতিটো খেলৰে আধুনিক কৌশলসমূহৰ স্কুলত ভিডিঅ’ প্ৰদৰ্শনৰো নিয়মীয়া ব্যৱস্থা কৰিব পাৰি। বিভিন্ন খেলৰ নতুন বিশ্ব ৰেকৰ্ড স্থাপন সম্বন্ধীয় তথ্য-পাতি আদি সংগ্ৰহ কৰি ছাত্ৰসকলৰ বাবে সহজলভ্য কৰি তুলিব পাৰি। এনেবোৰ ব্যৱস্থাই ছাত্ৰসকলক খেলাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে।

(২) বৌদ্ধিক বিষয়ঃ

আজৰি সময়ৰ শিক্ষাৰ বাবে স্কুলৰ বৌদ্ধিক ক্ৰিয়া-কলাপসমূহৰ উদ্দেশ্য নিৰ্ধাৰিত পাঠ্য বিষয়ৰ উদ্দেশ্যতকৈ পৃথক। বিষয়-বস্তুৰ বিস্তৃত জ্ঞান-অভিজ্ঞতা প্ৰদান কৰি তাৰ আয়ত্তকৰণ ক্ষমতা পৰিমাপ কৰাৰ পৰিৱৰ্তে ব্যক্তিৰ বিশিষ্ট মানসিক ক্ষমতা আৰু অভিৰুচি আদি জগাই তোলাটোহে ইয়াৰ মুখ্য উদ্দেশ্য বুলিব পাৰি। ইয়াৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আলোচনা চক্ৰ, কথিকা, সাহিত্য চৰা, বিজ্ঞান সংস্থা, তৰ্কসভা, আকস্মিক বক্তৃতা, ব্যংগ-সদন, পঠন অভ্যাস গঠন, প্ৰবন্ধ সংগ্ৰহকৰণ আদি উল্লেখ কৰিব পাৰি। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংঘ অনুষ্ঠান আদি সংগঠন কৰি তেওঁলোকক কাৰ্যবাহী সদস্য স্বৰূপে অন্তৰ্ভুক্ত কৰিব লাগে। শিক্ষকসকলে এই সংঘ-অনুষ্ঠানসমূহৰ উপদেষ্টা স্বৰূপে দায়িত্ব গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিব পাৰে। সময়ে সময়ে এই কাৰ্যসূচীসমূহৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী আদিৰো আয়োজন কৰিব পাৰি। বিখ্যাত স্থানসমূহলৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ গৈ বিভিন্ন বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা দানৰো ব্যৱস্থা কৰিব পাৰি। সময়ে সময়ে পুৰষ্কাৰ আৰু কৃতিত্ব প্ৰদান কাৰ্যৰ যোগেদিও তেওঁলোকক এনেবোৰ বৌদ্ধিক ক্ৰিয়া-কলাপৰ প্ৰতি উৎসাহিত কৰি তুলিব পাৰি।

(৩) কলাত্মক বিষয়ঃ

ছাত্ৰ-ছাত্ৰীৰ অনুভূতিক দিশৰ বিকাশ সাধনৰ বাবে স্কুলৰ কলাত্মক বিষয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শেহতীয়া বাল্যকাল আৰু কৈশোৰৰ আগলি কালছোৱাতেই তেওঁলোকৰ মনৰ ভিন ভিন অনুভূতিবোৰে প্ৰকাশ আৰু বিকাশৰ পথ বিচাৰে। ইয়াক উপযুক্তভাৱে প্ৰশিক্ষণৰ বাবে অৱসৰ সময়ৰ শিক্ষাত বিভিন্ন কলাত্মক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এইসমূহ হৈছে নৃত্য-গীত, যন্ত্ৰ-সংগীত, আবৃত্তি, নাট্যাভিনয়, মুকাভিনয়, চিত্ৰাংকন, ভাস্কৰ্য, ফুলসজ্জা ইত্যাদি। এইসমূহ বিষয় প্ৰশিক্ষণৰ উদ্দেশ্য হোৱা উচিত ছাত্ৰৰ মনত নিহিত থকা কলাত্মক অনুভূতি জগাই তোলাটো, যাতে তেওঁলোকৰ আজৰি সময়ত তাৰ শিক্ষা অনুশীলনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। এই কলাত্মক বিষয়বোৰৰ যোগেদি সৌন্দৰ্য অনুভূতিৰ প্ৰশিক্ষণ আৰু অনুশীলন কৰিব পাৰিলেহে পৰৱৰ্তী কালত মানৱীয় অনুভূতি আৰু তাৰ মূল্যবোধ তেওঁলোকৰ জীৱনত গভীৰভাৱে অনুভৱ কৰি উঠিব পাৰে। এইসমূহ বিষয় প্ৰশিক্ষণৰ বাবেও শিক্ষকৰ কাৰ্যকৰী অভিজ্ঞতা থাকিব লাগে।

(৪) ক্ৰিয়াত্মক বিষয়ঃ

অৱসৰ সময়ৰ শিক্ষাৰ প্ৰসংগত স্কুলৰ ক্ৰিয়াত্মক বিষয়সমূহৰ ভূমিকাও কম গুৰুত্বপূৰ্ণ নহয়। ছাত্ৰ-ছাত্ৰীৰ সংগঠন প্ৰবৃত্তি বাল্যকাল আৰু কৈশোৰ কালত স্বাভাৱিকতেই অধিক শক্তিশালী হৈ উঠি গঠনাত্মক ৰবপ ধাৰণ কৰিবলৈ বিচাৰে। সেইবাবে অৱসৰ সময়ৰ কাৰ্যসূচী স্বৰূপে স্কুলত ইয়াক প্ৰশিক্ষণৰ প্ৰচুৰ সম্ভাৱনীয়তা আৰু প্ৰয়োজন আছে। ইয়াৰ বাবে অন্তৰ্ভুক্ত কৰিব পৰা বিষয়সমূহ হৈছে বিভিন্ন হস্তশিল্প যেনে- কাগজৰ কাম, মাটিৰ কাম, বাঁহ-বেতৰ কাম, চিলাই কাম, কাপোৰত ৰং দিয়া আৰু ফুল তোলা, ঊল গুঠা, পুতলা সজা, পেলনীয়া বস্তুৰ পৰা বিবিধ আকৰ্ষণীয় বস্তু সজা, স্কুলৰ বাগান পৰিচালনা কৰা ইত্যাদি। মাধ্যমিক স্কুলৰ কৰ্ম অভিজ্ঞতাৰ কাৰ্যসূচীক আজৰি সময়ৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ওপৰত উল্লেখ কৰা ক্ৰিয়াত্মক বিষয়সমূহ ভিন ভিন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ ভিন্নমুখী আগ্ৰহ আৰু যোগ্যতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। ছাত্ৰ-ছাত্ৰীৰ প্ৰস্তুত সামগ্ৰীসমূহ ভালদৰে সংগ্ৰহ কৰি সময়ে সময়ে স্কুলত তাৰ প্ৰদৰ্শনীৰো আয়োজন কৰিব লাগে আৰু প্ৰতিভাৱান ছাত্ৰক পুৰষ্কৃত কৰিব লাগে।

(৫) সামাজিক বিষয়ঃ

স্কুলত অৱসৰ সময়ৰ শিক্ষাৰ বাবে কেতবোৰ সামাজিক ক্ৰিয়াৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰি। প্ৰাক্-কৈশোৰ কালত ছাত্ৰ-ছাত্ৰীৰ মনত সামাজিকতাৰ ভাব আৰু দলগত মনোভাব শক্তিশালী হৈ উঠে। ইয়াক সু-সংগঠিত আৰু সুপৰিচালিত কৰি তুলিবৰ বাবে স্কুলত প্ৰয়োজনীয় শিক্ষা-ব্যৱস্থা থাকিব লাগে। এই প্ৰশিক্ষণ ব্যৱস্থাৰ ভিতৰত এন.চি.চি., নেভি, স্কাউট, গাৰ্লচ্ গাইড, ৰেডক্ৰচ প্ৰশিক্ষণ, পিকনিক, শিক্ষামূলক ভ্ৰমণ, বিবিধ সমাজ সেৱা কাৰ্যসূচী আদি উল্লেখ কৰিব পাৰি। এনেবোৰ প্ৰশিক্ষণৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন সামাজিক ক্ৰিয়াৰ দিশত নেতৃত্ব দানৰ ক্ষমতা আৰু সেৱাৰ মনোভাৱ গঢ়ি তুলিব পাৰি। এই কাৰ্যসূচীসমূহত যাতে কোনো ৰাজনৈতিক অথবা সাম্প্ৰদায়িকতাৰ প্ৰভাৱ পৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।

(৬) হবিকেন্দ্ৰঃ

ছাত্ৰ-ছাত্ৰীসকলক স্কুলত অৱসৰ সময়ৰ শিক্ষা দিবৰ বাবে হ’বিকেন্দ্ৰ স্থাপনৰো ব্যৱস্থা কৰিব পাৰি। হ’বিৰ অৰ্থ হৈছে প্ৰিয় কাম যাক ব্যক্তিয়ে নিজ আগ্ৰহ-অভিৰুচিৰে কৰিবলৈ বিচাৰে। স্কুলত হ’বিকেন্দ্ৰ স্থাপনৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ-অভিৰুচিৰ প্ৰশিক্ষণৰ এক বহল পৰিসৰ ৰচনা কৰিব পাৰি। ওপৰত বৰ্ণনা কৰা আটাইকেইবিধ কাৰ্যসূচীৰ পৰাই হ’বিৰ কাৰ্যসূচী নিৰ্বাচন কৰিব পাৰি। ইয়াৰ অন্তৰ্ভুক্ত কৰিব পৰা কেতবোৰ বিষয় হৈছে- ডাক টিকট, পুৰণি মুদ্ৰা তাৎপৰ্যপূৰ্ণ চিত্ৰ আদি সংগ্ৰহ কৰা, ফটোগ্ৰাফি, যাদুবিদ্যা, যোগ-চৰ্চা, ব’ডি বিল্ডিং, ফাৰ্ষ্ট এইড্ ট্ৰেইনিং, পৰ্বতাৰোহণ, বৃক্ষৰোপণ, সাংবাদিকতা, বিদেশী ভাষা শিক্ষণ ইত্যাদি। ব্যক্তি আৰু সমাজৰ প্ৰয়োজন অনুসৰি এই হ’বিৰ বিষয় তালিকাত আৰু বহুতো নতুন বিষয় অন্তৰ্ভুক্ত কৰিব পৰা যায়। এই বিষয়সমূহে ব্যক্তিক আজৰি সময় সাৰ্থক আৰু আনন্দময়ভাৱে কটোৱাত সহায় কৰাৰ লগতে সমাজৰ প্ৰয়োজনো পূৰণ কৰিব পাৰে। স্কুলত ছাত্ৰক এইসমূহৰ উপযুক্ত প্ৰশিক্ষণ আৰু নিৰ্দেশনা প্ৰদান কৰা কাৰ্যই তেওঁলোকৰ উন্নত ৰুচিবোধ আৰু সুস্থ মানসিকতা গঢ় দি তুলিব পাৰে।

ওপৰত অৱসৰ সময়ৰ বাবে শিক্ষাদানৰ এক বহল পৰিসৰৰ কাৰ্য তালিকা আৰু তাৰ বৈশিষ্ট্য দাঙি ধৰা হ’ল। অৱশ্যে এইসমূহ স্কুলত সাৰ্থকভাৱে ৰূপায়ণ কৰিবৰ বাবে শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষই কেতবোৰ সাধাৰণ নীতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এইসমূহ সংক্ষেপে তলত উল্লেখ কৰা হৈছে।

(১) অৱসৰ সময়ৰ শিক্ষা ছাত্ৰৰ বাবে বাধ্যতামূলক কৰাৰ পৰিৱৰ্তে স্বতঃস্ফূৰ্ত বিধৰ কৰি তুলিব লাগে।

(২) ব্যক্তি-পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰৰ নিজ নিজ আগ্ৰহ-অভিৰুচি অনুসৰি বিষয় নিৰ্বাচনৰ স্বাধীনতা দিব লাগে।

(৩) স্কুলৰ শৈক্ষিক বিষয়ৰ অধ্যয়ন যাতে বাধাপ্ৰাপ্ত হ’ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে ছাত্ৰৰ অৱসৰ সময়ত এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(৪) স্কুলৰ অনুশাসন নীতি ছাত্ৰৰ আত্মপ্ৰকাশৰ অনুকূলে গঢ় দি তুলিব লাগে।

(৫) ছাত্ৰৰ অৱসৰ সময়ৰ শিক্ষাদানৰ বাবে শিক্ষা-কৰ্তৃপক্ষই স্কুলৰ বৈষয়িক অৱস্থা উন্নত কৰি তোলাটো প্ৰয়োজন।

(৬) পৰীক্ষা আৰু কৃতকাৰ্যতা-অকৃতকাৰ্যতাৰ মনোভাৱেৰে এই শিক্ষা দিয়াৰ পৰিৱৰ্তে ছাত্ৰৰ মনত আগ্ৰহ-অভিৰুচি এক সুস্থ বিষয়ৰ প্ৰতি জগাই তোলাটোহে ইয়াৰ উদ্দেশ্য হ’ব লাগে।

(৭) শিক্ষকসকল অৱসৰ সময়ৰ শিক্ষাৰ একো একোটা বিষয়ৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগে অথবা তেওঁৰ সেই বিষয়ৰ প্ৰতি বিশেষ ৰাপ থাকিব লাগে।

(৮) অৱসৰ সময়ৰ শিক্ষা যাতে ছাত্ৰৰ ভৱিষ্যৎ জীৱনৰ বাবে স্থায়ী আৰু সুদূৰপ্ৰসাৰী বিধৰ হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

সমাজত অৱসৰ সময়ৰ শিক্ষাঃ

এখন সমাজত থকা অৱসৰ সময়ৰ শিক্ষা-ব্যৱস্থাই সেই সমাজৰ মানসিক আৰু সামাজিক সুস্থতাৰো পৰিচয় দিয়ে। এখন সুস্থ আৰু সু-সংগঠিত সমাজতহে সৰ্বসাধাৰণ লোকৰ বাবে অৱসৰ সময়ৰ শিক্ষা সম্ভৱ হৈ উঠিব পাৰে। এই কথা সমাজ বিজ্ঞানৰ এক গভীৰ চিন্তাৰ বিষয়। বৰ্তমান সমাজত দেখা দিয়া ক্ৰমবৰ্ধিত জটিলতালৈ চাই এই শিক্ষাৰ প্ৰয়োজনীয়তা সমাজৰ লোকে যথোচিতভাৱে অনুভৱ কৰি উঠিব নোৱাৰা যেন অনুমান হয়। ইয়াৰ ফলত আমাৰ সমাজত কেতবোৰ অসুস্থ, অসামাজিক আৰু অপৰাধমূলক ক্ৰিয়া ক্ৰমে বৃদ্ধি হৈ উঠাটো মন কৰিবলগীয়া।

অৱসৰ সময়ৰ শিক্ষাক সামাজিক শিক্ষাৰ আঁচনি স্বৰূপেও বৰ্ণনা কৰিব পাৰি। এখন জন-কল্যাণকামী ৰাষ্ট্ৰ বা চৰকাৰে সৰ্বসাধাৰণ লোকৰ অৱসৰ সময় যাপনৰ বাবে উন্নত ৰুচিবোধৰ আমোদ-প্ৰমোদৰ বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই প্ৰসংগত অসামাজিক লোকসকলৰ মনত থকা অসুস্থ আগ্ৰহ-অভিৰুচি আৰু মনোভাৱ আদি গুচাবৰ বাবে চৰকাৰে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰিব পাৰে। আইনৰ নিষেধাজ্ঞাৰ যোগেদি সমাজৰ লোকৰ অসামাজিক ক্ৰিয়াত বাধাদান কৰিব পাৰি। বিশেষকৈ বৰ্তমান ৰাগীয়াল আৰু নিচাযুক্ত বিষাক্ত দ্ৰব্য সেৱন কাৰ্য বন্ধ কৰিবৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন।

অৱসৰ সময়খিনিত জনসাধাৰণে সুস্থ মনোৰঞ্জনৰ বাবে চৰকাৰে নগৰ অঞ্চলত ৰাজহুৱা পুথিভঁড়াল, সংগ্ৰহালয়, আৰ্টগেলাৰী, আন্তঃ আৰু বহিঃ খেলা-ধূলাৰ ষ্টেডিয়াম, জীৱ-জন্তু সংৰক্ষণৰ পাৰ্ক বা চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান আদি স্থাপনৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি চলচিত্ৰ গৃহ আৰু পাব্লিক থিয়েটাৰ আদি নিৰ্মাণৰ ব্যৱস্থা কৰিব পাৰে।

জনসাধাৰণৰ অৱসৰ সময়ৰ সুস্থ মনোৰঞ্জনৰ সকলো সম্ভাৱনীয়তা কাৰ্যকৰী কৰি তোলাৰ ব্যাপক আঁচনি চৰকাৰৰ থাকিব লাগে। এই প্ৰসংগত নিবনুৱা যুৱক-যুৱতীসকল, মহিলাসকল, গৃহিণীসকল আৰু চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা লোকসকলৰ বাবে উপযোগী কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে। এই ক্ষেত্ৰত যিবোৰ স্বেচ্ছাসেৱী অনুষ্ঠান আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে নিজস্বভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকক চৰকাৰে প্ৰয়োজনীয় আৰ্থিক সাহায্য আৰু পৰামৰ্শদানেৰে উৎসাহিত কৰিব লাগে। গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ বাবে বিভিন্ন হস্তশিল্পৰ প্ৰশিক্ষণ আৰু তাৰ যোগেদি তেওঁলোকৰ আৰ্থিক উৎপাদনৰ শিক্ষা প্ৰতিস্থান স্থাপনত চৰকাৰে সহায় কৰিব পাৰে। নগৰৰ শিক্ষিত মহিলাসকলৰ বাবেও লেডিজ ক্লাব বা মহিলা সংস্থা গঠন কৰি বিভিন্ন সমাজ কল্যাণমূলক আঁচনি আৰু কাৰ্যসূচী গ্ৰহণত সহায় কৰিব পাৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ নিৰক্ষৰ মহিলাসকলক সাক্ষৰতা দান কৰাৰ আৰু সামাজিক কুসংস্কাৰমুক্ত কৰাৰ আঁচনি গ্ৰহণ কৰিব পাৰে। যুৱক-যুৱতীসকলৰ বাবেও অনুৰূপ আঁচনি গ্ৰহণ কৰিব পাৰি। ইয়াৰ বাবে চৰকাৰৰ সমাজকল্যাণ বিভাগে নানাবিধ শিক্ষামূলক আৰু গঠনমূলক ক্ৰিয়া আঁচনি প্ৰস্তুত কৰি তুলিব পাৰে। ই এক ব্যাপক সামাজিক কাৰ্যব্যৱস্থা যত চৰকাৰ আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সদিচ্ছা আৰু সহায়-সহযোগিতাৰ প্ৰয়োজন।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top