অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আচৰণবাদঃ

আচৰণবাদৰ বিষয়ে লিখা হৈছে

 

পূৰ্বাভাষঃ-

 

আধুনিক শিক্ষাত নতুন চিন্তাধাৰাৰ উৎপত্তি কেৱল দৰ্শনৰ পৰাই নহয়, মনোবিজ্ঞানৰ পৰাও সৃষ্টি হৈছে। দৰ্শনৰ দৰেই মনোবিজ্ঞানৰো কেইবাটাও চিন্তাগোষ্ঠী আছে যি নিজস্ব দৃষ্টিভংগীৰে আধুনিক শিক্ষাজগতলৈ চিন্তা আৰু ক্ৰিয়াৰ নতুন নতুন সমল যোগাইছে। এই চিন্তাগোষ্ঠীবোৰৰ ভিতৰত তিনিটা প্ৰধান চিন্তাগোষ্ঠীয়ে মনোবিজ্ঞান জগতত বৰ্তমান শক্তিশালী প্ৰভাৱ পেলাইছে, যি কেইটা আমাৰ বিশেষ বিবেচনাযোগ্য। এইকেইটা হৈছে- আচৰণবাদ, গেষ্টাল্ট বা সামগ্ৰিকতাবাদ আৰু মনোবিশ্লেষণবাদ। মনোবিজ্ঞানৰ এই প্ৰধান চিন্তাগোষ্ঠীকেইটাই আধুনিক শিক্ষাৰ বৌদ্ধিক আৰু প্ৰায়োগিক দিশত যি অৱদান যোগাইছে তাক নজনাকৈ থাকিলে আমাৰ শিক্ষা বিষয়ৰ অধ্যয়ন আৰু এই সম্বন্ধীয় নতুন চিন্তাধাৰা সম্পূৰ্ণ হৈ উঠিব নোৱাৰে। বৰ্তমান শিক্ষা জগতত চিন্তা আৰু ক্ৰিয়াৰ যি নতুন নতুন পৰীক্ষা-নিৰীক্ষা হ’ব ধৰিছে তাৰ মূলতেই মনোবিজ্ঞানৰ এই চিন্তাগোষ্ঠীকেইটাৰ অৱদান আমি স্বীকাৰ কৰিব লাগিব।

উল্লেখযোগ্য যে কুৰি শতিকাৰ প্ৰথম ভাগতেই এই তিনিওটা চিন্তাগোষ্ঠীৰ প্ৰায় সমসাময়িকভাৱেই উৎপত্তি হয়। ১৯১২ চনত আমেৰিকাৰ বিখ্যাত মনোবিদ জন্ ব্ৰডোৱাচ ৱাটচনে আচৰণবাদ মনোবিজ্ঞানৰ প্ৰধান প্ৰৱক্তা স্বৰূপে ইয়াৰ গুৰি ধৰে। তেওঁ প্ৰাণীসমূহৰ আচৰণৰ ওপৰত অধ্যয়ন কৰি এক বাস্তৱ আৰু ব্যৱহাৰিকতাবাদৰ দৃষ্টিভংগী মনোবিজ্ঞানত গঢ় দি তোলে। তেওঁৰ এই নতুন চিন্তাধাৰা ক্ৰমে ১৯১৪ চনত ‘The Behaviour’ ১৯১৯ চনত ‘The Psychology from the Standpoint of a behaviourist’ আৰু ১৯২৫ চনত ‘The Behaviourism’ নামৰ তিনিখন গ্ৰন্থৰ যোগেদি জনপ্ৰিয় কৰি তোলে। ১৯১২ চনতেই উলফগেং কোহলাৰ, টুৰ্টু কফকা আৰু মেক্স ৱাৰ্থিমাৰ নামৰ তিনিজন জাৰ্মান মনোবিদে আচৰণবাদ চিন্তাধাৰাৰ প্ৰতিবাদ স্বৰূপে গেষ্টাল্ট বা সামগ্ৰিকতাবাদৰ নতুন চিন্তাধাৰা দাঙি ধৰে। প্ৰায় একে সময়তে ইংলেণ্ডত চিগমাণ্ড ফ্ৰয়েদে তেওঁৰ সুদীৰ্ঘ কাল চিকিৎসা বিজ্ঞানৰ অভিজ্ঞতাৰে মনোবিশ্লেষণবাদৰ চিন্তাধাৰা দাঙি ধৰে। এই তিনিওটা চিন্তাধাৰাই মনোবিজ্ঞানৰ চিন্তা-জগতত নতুন চিন্তাৰ খলকনি তোলে। শিক্ষা-জগততো এই তিনিটা নতুন চিন্তাধাৰাই বৰ্তমান শিক্ষা আৰু মনোবিজ্ঞানৰ নীতি আৰু পদ্ধতিসমূহ ব্যাপকভাৱে প্ৰভাৱিত কৰি তোলে। এই প্ৰসংগত উল্লেখযোগ্য যে মনোবিজ্ঞানৰ এই তিনিওটা চিন্তাধাৰাই বিশেষজ্ঞসকলৰ বাস্তৱ পৰীক্ষা-নিৰীক্ষা আৰু ব্যক্তিগত ক্ৰিয়া অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবে শিক্ষাত ইয়াৰ প্ৰায়োগিক মূল্য আমাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ।

আচৰণবাদ ধাৰণাৰ উৎপত্তিঃ

 

১৯০৮ চনত ৱাটচনে আমেৰিকাৰ জন্ হপকিনচ্ বিশ্ববিদ্যালয়ত মনোবিজ্ঞানৰ অধ্যাপক স্বৰূপে নিযুক্ত হয়। ইয়াতেই তেওঁ প্ৰাণী মনোবিজ্ঞান অধ্যয়নৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰে আৰু প্ৰাণীৰ দৈহিক আচৰণ অধ্যয়ন আৰু পৰীক্ষণ কাৰ্যত আত্মনিয়োগ কৰে। এই কাৰ্যই তেওঁক মনোবিজ্ঞান বিষয় এক বাস্তৱ, বস্তুনিষ্ঠ আৰু পৰীক্ষাভিত্তিক দৃষ্টিভংগীৰে গ্ৰহণ কৰিবলৈ উৎসাহ যোগায়। এই সময়ত মনোবিজ্ঞান সম্বন্ধে প্ৰচলিত ধাৰণা আছিল এনে বাস্তৱ দৃষ্টিভংগীতকৈ পৃথক। মনোবিজ্ঞানক সেই সময়ত সচেতনতাৰ বিজ্ঞান স্বৰূপে গ্ৰহণ কৰা হৈছিল। মানুহৰ সচেতন মনৰ অনুভূতি আৰু অভিজ্ঞতাসমূহক অধিক প্ৰাধান্য দিয়া হৈছিল আৰু এইসমূহক অধ্যয়নৰ বাবে অন্তঃপ্ৰেক্ষণ পদ্ধতি প্ৰয়োগ কৰা হৈছিল। মন সচেতনতা, সংবোধন, অনুভূতি, আৱেগ আদি মানসিকতাত প্ৰাধান্য দিয়া শব্দসমূহ প্ৰয়োগ কৰা হৈছিল।

প্ৰাণী মনোবিদ্যাৰ এজন তৰুণ বিজ্ঞানী স্বৰূপে ৱাটচনে মনোবিজ্ঞানৰ এই মানসিকতাৰ ধাৰণাত অতিষ্ঠ হৈ পৰিছিল। কাৰণ মন আৰু সচেতনতাৰ ধাৰণা আছিল অনিৰ্ভৰযোগ্য আৰু অকাৰ্যকৰী বিধৰ। মনৰ অস্তিত্ব আমি অনুভৱ কৰিলেও তাক প্ৰত্যক্ষ পৰীক্ষাৰ যোগেদি অধ্যয়ন কৰিব নোৱাৰি। আনহাতে ৱাটচনে প্ৰাণী-মনোবিদ্যা বাস্তৱবাদী, স্বাভাৱিক আৰু কৰ্মক্ষম এক বিজ্ঞান স্বৰূপে দেখা পাইছিল। ই বাস্তৱ আৰু পৰীক্ষাভিত্তিকভাৱে জন্তুবোৰৰ আচৰণ ব্যাখ্যা কৰিব পাৰিছিল। মন, মানসিকতা আৰু অন্তঃপ্ৰেক্ষণৰ দৰে বস্তুনিষ্ঠ পদ্ধতি প্ৰয়োগ নকৰাকৈ জন্তুৰ আচৰণ অধ্যয়ন কৰাটো যদি সম্ভৱ হৈ উঠিব পাৰে, তেন্তে মানুহৰ আচৰণো তেনেদৰে অধ্যয়ন কৰাটো মনোবিজ্ঞানত সম্ভৱ হৈ উঠিব পাৰিব লাগে। এই যুক্তি প্ৰদৰ্শনেৰে ৱাটচনে আচৰণবাদৰ এক বিজ্ঞানসন্মত ভিত্তি স্থাপন কৰি তোলে। তেওঁৰ এই দৃষ্টিভংগী য়ুণ্ডট, কেটেল, মেকডুগেল আদি আন আন সহযোগীসকলেও সমৰ্থন কৰি উঠে। ৰাচিয়াৰ বিখ্যাত মনোবিজ্ঞানী আইভান্ পেভলভেও মানৱ আচৰণৰ এনে দৃষ্টিভংগীকেই গ্ৰহণ কৰে। সেইবাবে ৱাটচনে দৃঢ়তাৰে মত প্ৰকাশ কৰি উঠে যে মনোবিজ্ঞানত যুক্তিসংগত আৰু গ্ৰহণযোগ্য কাৰ্যব্যৱস্থা হৈছে আচৰণবাদ। মনোবিজ্ঞানৰ এই নতুন চিন্তাধাৰাক সেই সময়ৰ তৰুণ মনোবিজ্ঞানীসকলে প্ৰচলিত পুৰণি মানসিকতাৰ বিৰুদ্ধে এক যুৱ-আন্দোলন স্বৰূপে গঢ় দি তোলে।

আচৰণবাদ বুলিলে কি বুজো ?

 

মনোবিজ্ঞানত মন বা মস্তিষ্কৰ দ্বাৰা পৰিচালিত সচেতনতাৰ বিজ্ঞান স্বৰূপে অভিহিত কৰা প্ৰচলিত পুৰণি চিন্তাধাৰাৰ বিৰুদ্ধে আচৰণবাদ হৈছে এক নতুন প্ৰত্যাহ্বানমূলক ধাৰণা। ইয়াত জীৱৰ দৈহিক আচৰণক প্ৰত্যক্ষ আৰু পৰীক্ষাভিত্তিকভাৱে অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। আচৰণ আমি নিজ চকুৰে দেখো, নিজ কাণেৰে শুনা আৰু নিজ হাতেৰে স্পৰ্শ অনুভূতি লাভ কৰা বিধৰ হ’ব লাগে। তেনে আচৰণহে আমাৰ বাবে নিৰ্ভৰযোগ্য আৰু কাৰ্যকৰী। অন্তঃপ্ৰেক্ষণৰ দৰে পৰোক্ষ, বিতৰ্কমূলক আৰু ব্যক্তিৰ আত্ম-অনুভূতিকেন্দ্ৰিক অভিজ্ঞতা মনোবিজ্ঞানত আচৰণৰ ভিত্তি হ’ব নোৱাৰে। আচৰণবাদৰ মতে তথাকথিত মনৰ কোনো বাস্তৱ ভিত্তি নাই। সেইবাবে মনোবিজ্ঞানত অধিকভাৱে প্ৰয়োগ কৰি অহা মন আৰু মানসিকতাৰ ধাৰণা হৈছে অবাস্তৱ আৰু ভ্ৰান্তিমূলক। মনৰ পৰিৱৰ্তে আচৰণক দৈহিক প্ৰতিৱৰ্ত ক্ৰিয়াৰ যান্ত্ৰিক ৰূপতহে আমি ব্যাখ্যা কৰিব পাৰো। আচৰণবাদীসকলৰ বাবে সেয়েহে দেহ আৰু মনৰ পাৰস্পৰিক সম্বন্ধ ৰক্ষা কৰা সমান্তৰালবাদ তত্ত্বৰ গ্ৰহণযোগ্য নহয়। আচৰণবাদ মনোবিজ্ঞানৰ স্বৰূপ বহনকাৰী কেতবোৰ বৈশিষ্ট্য নিম্নলিখিতভাৱে সংক্ষেপে উল্লেখ কৰিব পাৰি।

(১) মনোবিজ্ঞানক বিজ্ঞানভিত্তিকভাৱে প্ৰতিস্থিত কৰি তুলিবলৈ আচৰণকহে গ্ৰহণ কৰিব লাগে, সচেতনতাক নহয়।

(২) আচৰণে মানুহ আৰু জন্তু উভয়ৰে আচৰণ অন্তৰ্ভুক্ত কৰে। মানুহৰ জটিল আচৰণতকৈ জন্তুৰ সহজ-সৰল প্ৰতিক্ৰিয়াইহে আচৰণৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰিব পাৰে।

(৩) আচৰণক প্ৰত্যক্ষ আৰু বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰিব লাগে, অন্তঃপ্ৰেক্ষণৰ পৰোক্ষ আৰু বস্তুনিষ্ঠ পদ্ধতিৰে নহয়।

(৪) আচৰণ সংবোধন, অনুভূতি, আবেগ আদি মানসিকতাৰ অৰ্থ বহনকাৰী শব্দসমূহ পৰিহাৰ কৰি উদ্দীপক, প্ৰতিক্ৰিয়া, শিক্ষণ আৰু অভ্যাস গঠন আদি শব্দসমূহ প্ৰয়োগ কৰা হয়।

(৫) আচৰণবাদে দেহ-মনৰ সমান্তৰাল সম্বন্ধ তত্ত্ব অস্বীকাৰ কৰে।

(৬) আচৰণ মস্তিষ্ক পৰিচালিত নহয়, দেহৰ বহিঃ অংশৰ ইন্দ্ৰিয়, পেশী আৰু গ্ৰন্থিসমূহৰ দ্বাৰাহে পৰিচালিত।

আচৰণবাদৰ প্ৰধান দৃষ্টিকোণসমূহঃ

 

আচৰণবাদ মনোবিজ্ঞানৰ প্ৰধান নীতি বা দৃষ্টিকোণসমূহ সচৰাচৰ সৰ্বসাধাৰণভাৱে প্ৰচলিত আৰু গ্ৰহণযোগ্য নীতিসমূহতকৈ পৃথক। ইয়াৰ বিবেচ্য দৃষ্টিকোণসমূহ হৈছে বৈপ্লৱিক বিধৰ, যি মনোবিজ্ঞানলৈ এক বাস্তৱভিত্তিক আৰু বিজ্ঞানসন্মত প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা কঢ়িয়াই আনিছে। এনে দৃষ্টিকোণসমূহে মনোবিজ্ঞানক পুৰণি কালৰ দৰ্শন শাস্ত্ৰৰ পৰা সম্পূৰ্ণৰূপে প্ৰভাৱমুক্ত কৰি তুলিছে আৰু মনোবিজ্ঞানক জড় জগতৰ পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ আৰ্হিত প্ৰতিস্থিত কৰি তুলিছে। সেয়েহে মনোবিজ্ঞানৰ জগতলৈ এক নতুন বাৰ্তা আৰু দৃষ্টিকোণ বহন কৰি অনা এই চিন্তা গোষ্ঠীৰ বক্তব্য সম্বন্ধে তলত বৰ্ণনা কৰা হৈছে।

(১) আচৰণ দৰ্শনীয়, স্পৰ্শনীয় আৰু শ্ৰৱণীয়ঃ

আচৰণবাদ মনোবিজ্ঞানে প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাৰ বাহিৰে আন কোনো অভিজ্ঞতাকেই বিবেচনাযোগ্য আৰু গ্ৰহণযোগ্য বুলি নাভাবে। নিজ চকুৰে দেখা আৰু নিজ কাণেৰে শুনা অভিজ্ঞতাহে বাস্তৱ, প্ৰত্যক্ষ আৰু সেয়ে গ্ৰহণযোগ্য। মনোবিজ্ঞানত অনুমান, চিন্তা, কল্পনা, আগ্ৰহ, ইচ্ছা-শক্তি আদি মননাত্মক অভিজ্ঞতাসমূহৰ কোনো স্থান নাই। মানুহ এবিধ অন্যান্য জীৱ-জন্তুৰ দৰেই প্ৰতিক্ৰিয়াশীল জীৱ। এই প্ৰতিক্ৰিয়া পৰিৱেশৰ উদ্দীপকসমূহৰ প্ৰতি আমাৰ দেহ-যন্ত্ৰৰ গ্ৰহণেন্দ্ৰিয়সমূহে কৰিব পাৰে। ইয়াক উদ্দীপক প্ৰতিক্ৰিয়া সূত্ৰ বা S – R সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰা হয়। উদ্দীপক, প্ৰতিক্ৰিয়া, শিক্ষণ, অভ্যাস গঠন আদি দৈহিক আৰু যান্ত্ৰিক অভিজ্ঞতাৰ মাধ্যমেৰেই আচৰণৰ ব্যাখ্যা কৰা হয় আৰু ইয়াৰ সংস্কাৰ সাধন কৰা হয়। সংবোধন, অনুভূতি, আৱেগ, চিন্তা, ইচ্ছা, আগ্ৰহ আদি শব্দৰ ধাৰণাসমূহ হৈছে অদৈহিক আৰু অবাস্তৱ আৰু সেয়ে অকাৰ্যকাৰী।

(২) অন্তঃপ্ৰেক্ষণৰ বিৰোধিতাঃ

আচৰণবাদীসকলে অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ ঘোৰ বিৰোধিতা কৰে। মন আৰু ইয়াৰ সচেতনতাৰ অৱস্থাকেই যিহেতু মানি লোৱা নহয়, অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ কাৰ্যকাৰিতা সেয়েহে সম্পূৰ্ণৰূপে নিৰৰ্থক কথা। অন্তঃপ্ৰেক্ষণৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা হয় এইবাবেই যে ইয়াৰ পৰা পোৱা তথ্য-পাতি হৈছে একান্ত বস্তুনিষ্ঠ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে ই যথাৰ্থ, আত্ম-প্ৰত্যয়মূলক আৰু সাধাৰণভাৱে প্ৰযোজ্য নহয়। উল্লেখযোগ্য যে অন্তঃপ্ৰেক্ষণৰ বাবে থকা বিশেষজ্ঞ নিৰীক্ষকসকলৰ নিৰীক্ষণৰ মাজতেই বিশেষ মত পাৰ্থক্য থাকে। তেনে অৱস্থাত এই পদ্ধতিৰ প্ৰয়োগে মনোবিজ্ঞানক এক বিজ্ঞান স্বৰূপে গঢ়ি তোলাৰ পৰিৱৰ্তে এক তৰ্কশাস্ত্ৰতহে পৰিণত কৰিবলৈ পাৰে। সেয়েহে আচৰণবাদীসকলে মত প্ৰকাশ কৰে যে অন্তঃপ্ৰেক্ষণ পদ্ধতি কেতিয়াও মনোবিজ্ঞানৰ বিজ্ঞানসন্মত ভিত্তি স্বৰূপ হৈ উঠিব নোৱাৰে।

(৩) আচৰণৰ ভিত্তি স্বৰূপে সঞ্চালনমূলক প্ৰতিক্ৰিয়াঃ

আচৰণবাদত মনৰ সচেতনতা বা মানসিক ক্ৰিয়াৰ কোনো স্থান নাই। যিহেতু প্ৰাণীবিলাকৰ মন আৰু সচেতনতা থকাৰ কথা আমি ক’ব নোৱাৰো, সেইবাবে মানুহো এবিধ প্ৰাণী স্বৰূপে মন আৰু সচেতনতা থকাৰ কথা আমি নিশ্চিতভাৱে দাবী কৰিব নোৱাৰো। অন্যান্য জীৱ-জন্তুৰ দৰে মানুহেও পৰিৱেশৰ উদ্দীপকৰ প্ৰতি দৃষ্টি, শ্ৰৱণ আৰু স্পৰ্শ সম্বন্ধীয় কেতবোৰ দৈহিক সঞ্চালনমূলক প্ৰতিক্ৰিয়াহে মাথোন প্ৰকাশ কৰে। সকলোবোৰ জীৱৰ আচৰণ সেইবাবে উদ্দীপক প্ৰতিক্ৰিয়াৰ দৈহিক সঞ্চালনৰ যোগেদিহে অধ্যয়ন কৰিব পাৰি, মন আৰু ইয়াৰ সচেতনতাৰ যোগেদি নহয়। আচৰণবাদে সেয়েহে কেৱল মাত্ৰ উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা দৈহিক আচৰণকহে মাথোন বিবেচনা কৰে। প্ৰতিটো সজীৱ প্ৰাণীয়ে সক্ৰিয়ভাৱে বহিঃজগতৰ উদ্দীপকৰ প্ৰতি প্ৰোটোপ্লাজমৰ প্ৰতিক্ৰিয়াহে মাথোন প্ৰকাশ কৰে। প্ৰাণীজগত আৰু উদ্ভিদজগতৰ সজীৱতাৰ মূলতেই হৈছে দেহৰ উপৰিভাগত থকা কেতবোৰ সক্ৰিয় জীৱকোষ বা প্ৰোটোপ্লাজমৰ আচৰণ। এই জীৱকোষবোৰে উদ্দীপকৰ পৰা এক উদ্দীপনা বা দৈহিক উত্তেজনা লাভ কৰি সঞ্চালনমূলক ক্ৰিয়াৰ যোগেদি আচৰণ প্ৰদৰ্শন কৰে। আচৰণৰ ভিত্তি হৈছে সেয়েহে উদ্দীপিত হৈ থকা জীৱকোষবোৰৰ দৈহিক সঞ্চালন ক্ৰিয়া।

(৪) আচৰণ দৈহিক, মস্তিষ্ককেন্দ্ৰিক নহয়ঃ

আচৰণবাদে মত প্ৰকাশ কৰে যে মানুহৰ আচৰণ দেহ-যন্ত্ৰৰ দ্বাৰাহে পৰিচালিত, মস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়। দেহৰ সংবেদন আৰু সঞ্চালন ক্ৰিয়া সম্পাদন আৰু বহিৰ্বাহী আৰু অন্তৰ্বাহী স্নায়ুসমূহে ব্যক্তিৰ আচৰণ নিৰ্ধাৰণ আৰু পৰিচালনা কৰে। আমাৰ মস্তিষ্কত থকা গুৰুমস্তিষ্ক অংশই এই ক্ষেত্ৰত কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰে। এই গুৰু মস্তিষ্কই কেৱল সংবেদনদায়ী আৰু সঞ্চালনকাৰী স্নায়ুসমূহৰ সংযোগ ৰক্ষাকাৰী স্বৰূপেহে কাম কৰে। সচৰাচৰ বিশ্বাস কৰা মস্তিষ্ক ক্ৰিয়া অথবা মস্তিষ্ক পৰিচালিত আচৰণৰ ধাৰণা আচৰণবাদীসকলৰ বাবে গ্ৰহণযোগ্য নহয়। মস্তিষ্ক সেয়েহে আচৰণৰ নিয়ন্ত্ৰণ আৰু পৰিচালন কেন্দ্ৰ নহয়। ই কেৱল স্নায়ুৰ সংযোগ কেন্দ্ৰহে মাথোন। আচৰণবাদীসকলে মত প্ৰকাশ কৰে যে জীৱৰ সকলোবোৰ আচৰণেই হৈছে সংবেদন আৰু সঞ্চালন স্নায়ুৰ দ্বাৰা পৰিচালিত ক্ৰিয়াৰ পৰিণতি। মস্তিষ্কৰ ইয়াত কোনো গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা তেওঁলোকে মানি নলয়।

(৫) শিক্ষণ সম্বন্ধে আচৰণবাদঃ

আচৰণবাদীসকলে শিক্ষণ কাৰ্যক এবিধ দৈহিক ক্ৰিয়া স্বৰূপেহে গ্ৰহণ কৰে, মানসিক বা বৌদ্ধিক ক্ৰিয়া স্বৰূপে নহয়। সেই অনুসৰি মনোবিদ থৰ্নডাইকৰ শিক্ষণ সম্বন্ধীয় ব্যাখ্যা আৰু বিশ্লেষণ তেওঁলোকৰ বাবে গ্ৰহণযোগ্য। শিক্ষণ কাৰ্য দৈহিক পুনৰাবৃত্তিৰ পৰিণতি স্বৰূপ। এনে পুনৰাবৃত্তিত সুখদায়ক প্ৰতিক্ৰিয়া গ্ৰহণ কৰি দুখদায়ক প্ৰতিক্ৰিয়া পৰিহাৰ কৰা হয়। উদ্দীপক প্ৰতিক্ৰিয়াৰ সংযোগ তথা অনুবন্ধন কাৰ্যৰ স্থায়ী অৱস্থাই হৈছে শিক্ষণ। এনে শিক্ষণৰ যান্ত্ৰিক প্ৰক্ৰিয়া থৰ্নডাইকৰ শিক্ষণ-নীতিৰ দ্বাৰা ব্যাখ্যা কৰা হয়। পেভলভে কুকুৰৰ স্বাভাৱিক লালটি ওলোৱাক ঘণ্টাৰ শব্দৰ লগত সংযোগ কৰি আৰু ৱাটচনে এন্দুৰৰ লগত ঘণ্টাৰ শব্দ সংযোগ কৰি শিশুৰ ভয়ৰ প্ৰতিক্ৰিয়া অনুবন্ধিত কৰি শিক্ষণত অনুবন্ধন তত্ত্ব জনপ্ৰিয় কৰি তোলে। এই তত্ত্বৰ যোগে আচৰণবাদে মানুহৰ শিক্ষণৰ জটিল প্ৰক্ৰিয়াক সহজ আৰু এক যান্ত্ৰিক সূত্ৰত দাঙি ধৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মানুহৰ শিক্ষণৰ বৌদ্ধিক প্ৰক্ৰিয়াক ইয়াত জন্তুৰ শিক্ষণৰ দৈহিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে ব্যাখ্যা কৰা হয়। সচৰাচৰ ভবা মতে মানুহৰ শিক্ষণত প্ৰয়োজন হোৱা আগ্ৰহ-অভিৰুচি, আৱেগ-অনুভূতি আৰু অভিৰোচন বা প্ৰণোদন কাৰ্যৰ মানসিক প্ৰভাৱ আচৰণবাদে সমূলি অস্বীকাৰ কৰে।

(৬) অভ্যাস গঠন সম্বন্ধেঃ

প্ৰবৃত্তি সম্বন্ধে দিয়া মেকডুগেলৰ সংজ্ঞা আচৰণবাদীসকলৰ বাবে গ্ৰহণযোগ্য নহয়। কাৰণ এই সংজ্ঞাত প্ৰবৃত্তিৰ মানসিক দিশৰ ওপৰত প্ৰাধান্য দিয়া হৈছে। তেওঁলোকৰ মতে জীৱৰ প্ৰতিক্ৰিয়াৰ সহজ-সৰল দৈহিক প্ৰক্ৰিয়াক প্ৰতিৱৰ্ত ক্ৰিয়া স্বৰূপে জনা যায় আৰু ইয়াক S – R সূত্ৰৰ দ্বাৰা ব্যাখ্যা কৰা হয়। প্ৰবৃত্তি হৈছে এই সৰল দৈহিক প্ৰতিৱৰ্ত ক্ৰিয়াৰ এক জটিল অৱস্থাবিশেষ। ইয়াক একাধিক প্ৰতিৱৰ্ত ক্ৰিয়া সংযোগৰ এক শিকলি স্বৰূপে বৰ্ণনা কৰা হয়। এই জটিল প্ৰবৃত্তিমূলক ক্ৰিয়াৰ পুনৰাবৃত্তি আৰু তাৰ শিক্ষণ-অনুশীলনৰ যোগে অভ্যাস এক স্থায়ী ৰূপত গঢ় লৈ উঠে। অভ্যাস সেয়েহে প্ৰতিৱৰ্ত ক্ৰিয়াৰ অনুশীলনৰ যোগে পোৱা স্থায়ী অৱস্থা মাথোন। আচৰণবাদীসকলে বিশ্বাস কৰে যে সকলো শিক্ষণৰেই উদ্দেশ্য হৈছে অভ্যাস গঠন কৰা।

(৭) চিন্তন-ক্ৰিয়া সম্বন্ধেঃ

মানুহৰ চিন্তন প্ৰক্ৰিয়া সম্বন্ধে আচৰণবাদে দাঙি ধৰা দৃষ্টিভংগী মনোবিজ্ঞানৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান স্বৰূপ বুলিব পাৰি। ৱাটচনৰ মতে চিন্তন কাৰ্য হৈছে দেহৰ সংবেদন-সঞ্চালনৰ এবিধ ক্ৰিয়াবিশেষ। এই দেহভিত্তিক চিন্তন কাৰ্যত মুখমণ্ডলৰ আৰু জিভাৰ পেশী সঞ্চালন কাৰ্যৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে কোৱা যে এটা শিশুৱে প্ৰথমে মুখেৰে ডাঙৰকৈ শব্দ উচ্চাৰণৰ যোগে সশব্দে চিন্তা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সি সশব্দে কৰা চিন্তা পৰিহাৰ কৰে আৰু নিজকে নিজে ফুচফুচাই কথা ক’ব। ইয়াৰ পিছত এনে ফুচফুচনিও পৰিহাৰ কৰি নিৰৱে ওঁঠ সঞ্চালন কৰে যাক অদৃশ্য ৰূপত নিজকে নিজে কোৱা বুলিব পাৰি। এনে এক অৱস্থাই হৈছে চিন্তন।

সেইবাবে আচৰণবাদীসকলৰ মতে চিন্তনকে আদি কৰি সকলোবোৰ তথাকথিত মানসিক ক্ৰিয়াই হৈছে ব্যক্তিৰ সংবেদন-সঞ্চালনমূলক দৈহিক ক্ৰিয়াৰ পৰিণতি মাথোন।

(৮) অনুভূতি আৰু আৱেগ সম্বন্ধেঃ

আচৰণবাদৰ মতে আমাৰ সকলো সুখদায়ক আৰু দুখদায়ক অনুভূতিয়েই হৈছে দৈহিক সংবেদন সঞ্চালনমূলক অভিজ্ঞতাৰ পৰিণতি। আৱেগ হৈছে সমগ্ৰ দেহৰ দৈহিক প্ৰক্ৰিয়াৰ এক গভীৰ পৰিৱৰ্তনৰ ফলস্বৰূপ। ইয়াত বিশেষকৈ দেহৰ অভ্যন্তৰ ভাগৰ পাচক যন্ত্ৰৰ পৰিৱৰ্তন আৰু গ্ৰন্থিসমূহৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন জড়িত হৈ আছে। দেহৰ এনে সামগ্ৰিক পৰিৱৰ্তনে ব্যক্তিৰ ৰক্ত সঞ্চালন, শ্বাস-প্ৰশ্বাস আৰু মাংসপেশীৰ প্ৰক্ৰিয়াত দৰ্শনীয় পৰিৱৰ্তন সাধন কৰে আৰু ইয়াৰ ফলত আৱেগে বাহ্যিক প্ৰকাশ লাভ কৰি উঠে। দেহৰ অভ্যন্তৰ ভাগত সামগ্ৰিক ৰূপত হোৱা দেহ-ৰাসায়নিক পৰিৱৰ্তনৰ বাহ্যিক প্ৰকাশেই হৈছে আৱেগ। আচৰণবাদৰ মূল প্ৰবক্তা স্বৰূপ ৱাটচনে মত প্ৰকাশ কৰে যে জীৱৰ দেহৰ অন্তৰ্ভাগত সংবেদন-সঞ্চালনমূলক ক্ৰিয়াৰ বাহিৰে আন একোৱেই সংঘটিত হ’ব নোৱাৰে।

(৯) পৰিৱেশ সম্বন্ধে আচৰণবাদঃ

আচৰণবাদীসকলক মনোবিজ্ঞানত পৰিৱেশ নিৰ্ধাৰণকাৰী স্বৰূপেও জনা যায়। বংশগতি আৰু পৰিৱেশ এই দুই শক্তিৰ ভিতৰত তেওঁলোকে পৰিৱেশক সৰ্বাধিক গুৰুত্ব আৰোপ কৰে আৰু বংশগতিৰ প্ৰভাৱ সমূলি অস্বীকাৰ কৰে। তেওঁলোকৰ মতে এজন লোকৰ ব্যক্তিত্ব গঢ় দি তোলাত পৰিৱেশেই একমাত্ৰ নিৰ্ধাৰণকাৰী শক্তি স্বৰূপে কাম কৰে। ব্যক্তিয়ে জন্মগতভাৱে লাভ কৰা মানসিক বৈশিষ্ট্য, ক্ষমতা, যোগ্যতা আদি আচৰণবাদীসকলৰ বিচাৰ্য বিষয় নহয়। শিশুৰ জন্মগত গুণ বা সংলক্ষণ যিয়েই নাথাকক কিয়, পৰিৱেশৰ প্ৰভাৱেইহে তাক এজন ডাক্তৰ, উকীল, শিল্পী, ব্যৱসায়ী, ভিক্ষাৰী, চোৰ আদি কৰি গঢ় দি তুলিব পাৰে। শিশুৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰি তাক এক নিৰ্দিষ্ট ৰূপত ইচ্ছাকৃতভাৱে গঢ় দি তোলাৰ গেৰাণ্টি আচৰণবাদীসকলে আমাক দিয়ে। এই ক্ষেত্ৰত অত্যুৎসাহী হৈ ৱাটচনে বংশগতিৰ ভূত আমাৰ মনৰ পৰা চিৰদিনৰ বাবে গুচাবলৈও নিৰ্দেশ দিয়ে।

আচৰণবাদৰ সমালোচনাঃ

 

মনোবিজ্ঞানৰ এক সমসাময়িক নতুন চিন্তাধাৰা স্বৰূপে আচৰণবাদ সমালোচনাৰ পৰা মুক্ত নহয়। পুৰণি সচেতনতা মনোবিজ্ঞান চিন্তাধাৰাৰ বিপৰীতে আচৰণবাদ নিশ্চিতভাৱে হৈছে এক বিদ্ৰোহাত্মক চিন্তাধাৰা। সেইবাবে ই এচাম মনোবিজ্ঞানীক উত্তেজিত কৰি তোলাটো স্বাভাৱিক। ইয়াৰ বক্তব্য আৰু দৃষ্টিভংগীসমূহ সেয়েহে সাৱধানতাৰে বিচাৰ কৰি চোৱাটো প্ৰয়োজন।

আচৰণবাদৰ চিন্তাধাৰাক গেষ্টাল্ট মনোবিজ্ঞানীসকলে প্ৰত্যক্ষভাৱে আক্ৰমণ আৰু সমালোচনা কৰিছে। তেওঁলোকৰ মতে এই চিন্তাধাৰাই মানৱ আচৰণৰ মনোবিজ্ঞানক অধিক সংকীৰ্ণতালৈ লৈ গৈছে। মনোবিজ্ঞানত উদ্দীপক, প্ৰতিক্ৰিয়া, অনুবন্ধন আদি যান্ত্ৰিক শব্দবোৰৰ ধাৰণা প্ৰয়োগ কৰি মনোবিজ্ঞান বিষয়ক পৰিমাণমূলক পৰিমাপনৰ অৱস্থালৈ লৈ গৈছে। কহলাৰে মত প্ৰকাশ কৰে যে আচৰণবাদে উদ্দীপক আৰু প্ৰতিক্ৰিয়া এই দুইবিধ প্ৰক্ৰিয়াৰ বাহিৰে আন সকলো কথা বাদ দি মনোবিজ্ঞানত এক অসুস্থ সংকীৰ্ণতা ভাবৰ পৰিচয় দিছে। এই নতুন চিন্তাধাৰাই নিজকে বিদ্ৰোহাত্মক বুলি কবলৈ যাওঁতে প্ৰকৃতপক্ষে এক ৰক্ষণশীল মনৰহে ইংগিত দিছে। উদ্দীপক প্ৰতিক্ৰিয়াৰ যান্ত্ৰিক সূত্ৰৰে মানৱ আচৰণৰ ব্যাপকতা সামৰি ল’ব পৰা নাযায়।

মনোবিজ্ঞানত অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ বিৰুদ্ধে আচৰণবাদৰ তিক্ত সমালোচনাও নিৰ্বিবাদে গ্ৰহণ কৰিব পৰা নাযায়। মানুহৰ প্ৰতিক্ৰিয়া আৰু আচৰণ দেহ-মন উভয়ৰ দ্বাৰা সাধাৰণভাৱে প্ৰভাৱিত আৰু পৰিচালিত হোৱা ধাৰণা আজিও গ্ৰহণ কৰা হয়। মানৱ আচৰণক কেৱল সংবেদন-সঞ্চালনৰ দৈহিক আৰু যান্ত্ৰিক দৃষ্টিৰে বিবেচনা কৰিব নোৱাৰি। আচৰণৰ অন্তৰালত আৱেগ-অনুভূতি, চিন্তা, বুদ্ধি আদি মনৰ পৰিচালিকা শক্তিসমূহ আমি অস্বীকাৰ কৰিব নোৱাৰো। আচৰণৰ স্বৰূপ জানি উঠিবৰ বাবে এজন মনোবিজ্ঞানীৰ প্ৰকৃত অৰ্থত আত্ম-বিশ্লেষণ তথা অন্তঃপ্ৰেক্ষণ ক্ষমতা থাকিব লাগে। এই অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ যোগে মানুহৰ মন আৰু আচৰণৰ যি তথ্য লাভ কৰা হৈছে সি বৰ্তমানেও সম্পূৰ্ণ ভুল প্ৰমাণিত হোৱা নাই। আনহাতে মানৱ আচৰণক কেৱল দেহৰ উপৰিভাগৰ স্নায়ৱিক আৰু পেশী সম্বন্ধীয় দৈহিক অভিজ্ঞতাৰে বিবেচনা কৰিলে নিশ্চয় ভুল কৰা হ’ব। সেইবাবে অন্তঃপ্ৰেক্ষণৰ প্ৰতি আচৰণবাদৰ চৰম দৃষ্টিভংগী সমৰ্থনযোগ্য নহয়।

আচৰণবাদে মানুহৰ মনৰ চিন্তন প্ৰক্ৰিয়াক দৈহিক দৃষ্টিভংগীৰে ব্যাখ্যাৰ চেষ্টা কৰিছে যদিও সি আমাক প্ৰত্যয় নিয়াব পৰা বিধৰ হৈ উঠা নাই। মনৰ চিন্তা কৰা কাৰ্যক এবিধ কথন ব্যৱস্থা বুলি ক’ব নোৱাৰি। চিন্তন আৰু কথন সমপৰ্যায়ৰ ক্ৰিয়া নহয়, বৰং চিন্তনৰ বাবে কথন এক উপাদান স্বৰূপহে মাথোন। এই কথনৰ উপৰিও অন্যান্য মানসিক উপাদান আমাৰ চিন্তাৰ বাবে প্ৰয়োজন হয়।

শিক্ষণৰ সম্বন্ধে আচৰণবাদৰ দৃষ্টিভংগীৰ প্ৰসংগতো কব পাৰি যে ইয়াক এবিধ দৈহিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰিবলৈ যাওঁতে ব্যক্তি মনত ইয়াৰ বাবে প্ৰয়োজন হোৱা প্ৰৱণতা, আগ্ৰহ, অভিৰুচি আৰু অভিৰোচন বা প্ৰণোদন কাৰ্যৰ প্ৰভাৱ অস্বীকাৰ কৰা হৈছে। শিক্ষণৰ বাবে কেৱল দৈহিক প্ৰচেষ্টা আৰু তাৰ পুনৰাবৃত্তিয়েই মাথোন নহয়, ব্যক্তি মনৰ অন্তৰ্দৰ্শন আৰু অনুকৰণ প্ৰৱণতাৰো প্ৰয়োজন হয়। প্ৰকৃত শিক্ষা যন্ত্ৰচালিভাৱে নহয়, সমস্যাৰ উপযুক্ত পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ ওপৰতহে নিৰ্ভৰ কৰে।

পৰিৱেশৰ প্ৰতি আচৰণবাদৰ একপক্ষীয় সমৰ্থনো অসুস্থ আৰু আক্ৰোশমূলক বুলিব পাৰি। বংশগত প্ৰভাৱক সম্পূৰ্ণ অস্বীকাৰ কৰি পৰিৱেশক সৰ্বশক্তিমান স্বৰূপে প্ৰতিপন্ন কৰিবলৈ বিচৰা প্ৰচেষ্টা কেৱল একপক্ষীয়ই নহয়, ই বৰ্তমান সময়ত অবৈজ্ঞানিক বুলিও মত প্ৰকাশ কৰিব পাৰি। জীৱ-বিজ্ঞান আৰু উদ্ভিদ-বিজ্ঞানৰ বৰ্তমান অগ্ৰগতিয়ে বংশগতিৰ অস্তিত্ব আৰু প্ৰভাৱ বিজ্ঞানভিত্তিকভাৱে প্ৰতিপন্ন কৰি তুলিছে। আধুনিক মনোবিজ্ঞান আৰু শিক্ষা-মনোবিজ্ঞানে শিশুৰ ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন গভীৰভাৱে বিবেচনা কৰে আৰু এই দিশত বিস্তৃত অধ্যয়ন আৰু গৱেষণাকাৰ্য সম্পাদন কৰে। বংশগতিক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা দৃষ্টিভংগী সেয়েহে আমাৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে।

মনোবিজ্ঞানত আচৰণবাদে চিন্তাৰ বিভিন্ন দিশত চৰম দৃষ্টিভংগী গ্ৰহণ কৰিছে যদিও ইয়াৰ অৱদান কম গুৰুত্বপূৰ্ণ নহয়। এই চিন্তাধাৰাই মানৱ আচৰণৰ অধ্যয়নৰ দিশত এক বাস্তৱ আৰু প্ৰকৃতিবাদী দৃষ্টিভংগী দান কৰিছে। ইয়াৰ ফলত মনোবিজ্ঞান প্ৰকৃত অৰ্থত বিজ্ঞানৰ পৰ্যায়ভুক্ত হ’বলৈ সমৰ্থ হৈছে। অন্তঃপ্ৰেক্ষণৰ মনোজগতৰ পৰা মনোবিজ্ঞান বিষয়ক বৰ্তমান পৰীক্ষাগাৰৰ টেবুলত প্ৰত্যক্ষ আৰু বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰিবলৈ আনিব পৰাটো আচৰণবাদৰ প্ৰধান সফলতা বুলিব পাৰি। ইয়াৰ অনুপ্ৰেৰণাৰে বৰ্তমান এচাম উৎসাহী আৰু উদীয়মান মনোবিজ্ঞানী গঢ়ি উঠিছে যি মানৱ আচৰণক প্ৰত্যক্ষ ৰূপত অধ্যয়ন আৰু বস্তুনিষ্ঠভাৱে বিশ্লেষণৰ চেষ্টা কৰিছে। মানুহৰ দেহ-মানসিক শক্তি-ক্ষমতাসমূহৰ সঠিকভাৱে চিনাক্তকৰণ আৰু তাৰ পূৰ্ণ উপযোগকৰণত আমেৰিকা যুক্তৰাষ্ট্ৰই যি সফলতা লাভ কৰিছে তাৰ মূলতেই হৈছে আচৰণবাদৰ অৱসান। সেয়েহে বৰ্তমান বহুতো যুৱক-যুৱতীৰ বাবেই আচৰণবাদৰ এই সাহসিক দৃষ্টিভংগী আশা আৰু প্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিছে।

আধুনিক শিক্ষাক্ষেত্ৰলৈ ইয়াৰ অৱদানঃ

 

আচৰণবাদৰ নতুন চিন্তাধাৰাই মনোবিজ্ঞানৰ চিন্তাজগতত যিদৰে এক নতুন আলোড়নৰ সৃষ্টি কৰিছে, সেইদৰে শিক্ষা জগতৰ নীতি আৰু পদ্ধতিতো ই এক নিশ্চিত প্ৰভাৱ পেলাইছে। আধুনিক শিক্ষাৰ প্ৰতিটো চিন্তা আৰু ক্ৰিয়া মনোবিজ্ঞানৰ ন ন চিন্তাধাৰাৰ দ্বাৰা অনুপ্ৰাণিত আৰু প্ৰভাৱিত হৈ উঠা হেতুকে আচৰণবাদৰ শৈক্ষিক প্ৰভাৱ অত্যন্ত স্বাভাৱিক। এনে প্ৰভাৱৰ সম্বন্ধে অধ্যয়ন আৰু বিশ্লেষণ কৰি চোৱাটো আমাৰ প্ৰয়োজন। তলত ইয়াৰ কেইটামান দিশৰ বৰ্ণনা কৰা হৈছে।

(১) শিশু-শিক্ষণ প্ৰক্ৰিয়াৰ দিশতঃ

আচৰণবাদে শিক্ষাৰ বিভিন্ন দিশক বাস্তৱ আৰু বিজ্ঞানভিত্তিকভাৱে ফঁহিয়াই চাবলৈ প্ৰেৰণা যোগায়। ইয়াৰ ফলত মনোবিজ্ঞানত মানুহৰ শিক্ষণ প্ৰক্ৰিয়া অধ্যয়ন কৰাত এক বাস্তৱ আৰু ব্যৱহাৰিক দৃষ্টিভংগীৰ প্ৰভাৱ পৰিছে। আচৰণবাদে শিক্ষণৰ পৰা পুৰণি শক্তি-তত্ত্ববাদী মনোবিদসকলৰ মননাত্মক বিশ্লেষণৰ প্ৰভাৱ গুচাই ইয়াক দৈহিক আৰু স্নায়ৱিক দৃষ্টিকোণৰ পৰা বাস্তৱ ৰূপত চাবলৈ প্ৰেৰণা যোগাইছে। এনে দৃষ্টিভংগীয়ে আমাৰ শিক্ষণ প্ৰক্ৰিয়া এক সুপৰিকল্পিত, সুসংবদ্ধ আৰু সুনিৰ্দিষ্ট বিধৰ কৰি তুলিছে। শিক্ষণ ইয়াৰ ব্যৱহাৰিক ৰূপত হৈছে ক্ৰিয়াৰ অনুশীলন, অনুবন্ধন আৰু অভ্যাস গঠন- এনে এক সুস্পষ্ট ধাৰণা শিক্ষক আৰু শিক্ষাবিদসকলক দিবলৈ ই সমৰ্থ হৈছে। বিশেষকৈ শিশু-শিক্ষাৰ প্ৰসংগত এই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে শিক্ষণ কাৰ্য গ্ৰহণযোগ্য ক্ৰিয়া আচৰণৰ অনুশীলন আৰু অনুবন্ধনৰ বাহিৰে আন একো নহয়।

(২) শিক্ষা-পৰিৱেশৰ দিশতঃ

শিক্ষাৰ পৰিৱেশ সম্বন্ধীয় দৃষ্টিকোণৰ পৰা আচৰণবাদৰ দৃষ্টিভংগী শিক্ষক আৰু শিক্ষাবিদসকলৰ বাবে বিশেষ উৎসাহজনক বুলিব পাৰি। পৰিৱেশক ছাত্ৰৰ ব্যক্তিত্ব নিৰ্ধাৰণকাৰী এক শক্তি স্বৰূপে বৰ্ণনা কৰা হৈছে। শিশু ভৱিষ্যতে কেনে ব্যক্তিত্বত গঢ় লৈ উঠিব সি তাৰ পৰিৱেশৰ ওপৰতেই একান্ত নিৰ্ভৰ কৰা কথাই শিক্ষাত এক নতুন আশা-উদ্দীপনাৰ সঞ্চাৰ কৰে। শিশুৰ শিক্ষা পৰিৱেশ শিক্ষকৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন। তেওঁ প্ৰয়োজন অনুসৰি এই পৰিৱেশ সজাই-পৰাই ল’ব পাৰে আৰু অনাৱশ্যকীয় অসুস্থ প্ৰভাৱ তাৰ পৰা আঁতৰ কৰিব পাৰে। কোনো শিশুৱেই জন্মতে স্বয়ংসম্পূৰ্ণ হৈ নাহে। শিক্ষা পৰিৱেশৰ ভিন্নতাইহে তাক ভিন্ন ৰূপত গঢ় দি তোলে। এই কথাৰ শৈক্ষিক মূল্য শিক্ষকৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। তেওঁ শিক্ষা দানৰ বাবে প্ৰয়োজন হোৱা উন্নত বৈষয়িক পৰিৱেশৰ প্ৰতি অধিক সচেতনতা আৰু তৎপৰতা অনুভৱ কৰি উঠিব পাৰে। শিক্ষকে এনে দৃষ্টিভংগীক তেওঁৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত এক নতুন প্ৰত্যাহ্বান স্বৰূপে গ্ৰহণ কৰিব পাৰে।

(৩) শিশুৰ চিন্তন প্ৰক্ৰিয়াৰ দিশতঃ

শিশুৰ চিন্তন কাৰ্য সম্বন্ধে আচৰণবাদে এক নতুন দৃষ্টি প্ৰদান কৰাটো মন কৰিবলগীয়া। চিন্তা কৰা কাৰ্যক দৈহিক প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰি ইয়াৰ বাবে মৌখিক শব্দ উচ্চাৰণত গুৰুত্ব দিয়া হৈছে। উল্লেখযোগ্য যে শিশুৰ চিন্তন ক্ৰিয়াৰ বাবে তাৰ প্ৰাৰম্ভিক পৰ্যায়ত মৌখিক ভাষাৰ শুদ্ধ উচ্চাৰণ কৰাটো আৰু তাৰ অনুশীলন কৰাটো প্ৰয়োজন। শৈশৱ কালত শুদ্ধভাৱে শব্দ উচ্চাৰণৰ যোগে ভাষাজ্ঞান মৌখিকভাৱে লাভ কৰি উঠিব পাৰিলেহে পৰৱৰ্তী কালত তাৰ চিন্তন কাৰ্যত সহায়ক হৈ উঠিব পাৰে। শিশুৰ জ্ঞান-ধাৰণা আৰু চিন্তাৰ উপযুক্ত বিকাশ তাৰ শৈশৱৰ মৌখিক ভাষা বিকাশৰ ওপৰত নিৰ্ভৰশীল হোৱা কথা অস্বীকাৰ কৰিব নোৱাৰি। সেইবাবে চিন্তা যে তাৰ প্ৰাথমিক পৰ্যায়ত মূলতে শাব্দিক আৰু মৌখিক শব্দ উচ্চাৰণ ক্ৰিয়াৰ বাহিৰে আন একো নহয় এই কথা ইয়াৰ যোগেদি সহজে প্ৰত্যয় নিয়াব পাৰি।

(৪) শিশুৰ আৱেগ-অনুভূতিৰ দিশতঃ

আচৰণবাদে শিশুৰ আৱেগ-অনুভূতিৰ দিশতো আমাক নতুন দৃষ্টিভংগী দান কৰিছে। শিশুৰ ক্ৰোধ, ভয় আৰু মৰম মৌলিক আৱেগ স্বৰূপে বৰ্ণনা কৰা হৈছে। এই মৌলিক আৱেগসমূহ সৃষ্টি হ’ব পৰা শিশুৰ দৈহিক পৰিস্থিতিৰ প্ৰতি শিক্ষক-অভিভাৱকসকলক বিশেষ সাৱধান হোৱাটো প্ৰয়োজন। শিশুৰ ভয় কিদৰে অনুবন্ধিত বা শিক্ষালব্ধ কৰিব পাৰি তাক পৰীক্ষণ কাৰ্যৰ যোগেদি ৱাটচনে বিশ্লেষণ কৰি দেখুৱাইছে। শিশুৰ ভয়কে আদি কৰি আন আন আৱেগ-অনুভূতিবোৰৰ গঠন আৰু শিক্ষণ প্ৰক্ৰিয়া সম্বন্ধে আচৰণবাদৰ দৃষ্টিভংগী শিক্ষা-মনোবিজ্ঞানৰ বাবে তাৎপৰ্যপূৰ্ণ।

(৫) আচৰণৰ প্ৰত্যক্ষ নিৰীক্ষণৰ দিশতঃ

শিক্ষা-মনোবিজ্ঞানৰ প্ৰতি আচৰণবাদৰ এটা গুৰুত্বপূৰ্ণ অৱদান হৈছে আচৰণৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু পৰীক্ষণৰ পদ্ধতি জনপ্ৰিয় কৰি তোলাটো। পুৰণি অন্তঃপ্ৰেক্ষণৰ যোগেদি আমি মানুহৰ মনৰ বিষয়ে অনুমান কৰিব পাৰিলেও ই বিজ্ঞানভিত্তিক পদ্ধতি হ’ব নোৱাৰে। বিশেষকৈ কম বয়সীয়া ছাত্ৰ-ছাত্ৰী আৰু শিশুৰ মনৰ অভিজ্ঞতা প্ৰাপ্তবয়স্ক শিক্ষক এজনে সঠিকভাৱে অনুভৱ কৰিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে সেয়েহে বৰ্তমান শিশু আৰু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা দৈহিক আচৰণৰ প্ৰত্যক্ষ নিৰীক্ষণ কৰা হয়। তেওঁলোকৰ মনৰ অনুভূতি দৈহিক আচৰণৰ যোগে তাৰ স্বাভাৱিক প্ৰকাশ হৈ উঠাৰ আশা কৰা হয়। বৰ্তমান সেয়েহে শিক্ষকসকল প্ৰকৃত অৰ্থত ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণৰ এজন অভিজ্ঞ নিৰীক্ষক হোৱাটো কৰা হয়। মনোবিজ্ঞান তথা শিক্ষা-মনোবিজ্ঞানত আচৰণৰ এই প্ৰত্যক্ষ নিৰীক্ষণৰ প্ৰেৰণাই সেয়েহে বিজ্ঞানৰ এক নিৰ্ভৰযোগ্য আৰু শক্তিশালী ভিত্তি ৰচনা কৰি তুলিব পাৰিছে।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

3.2962962963
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top