অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱন-ব্যাপী শিক্ষাঃ

জীৱন-ব্যাপী শিক্ষাৰ বিষয়ে লিখা হৈছে

 

 

ইয়াৰ ধাৰণাঃ

জীৱন-ব্যাপী অথবা আজীৱন শিক্ষাৰ ধাৰণা হৈছে বৰ্তমান সময়ৰ জীৱন প্ৰক্ৰিয়া আৰু আধুনিক সভ্যতাৰ পৰিণাম স্বৰূপ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানৱ সমাজৰ শিক্ষাৰ প্ৰয়োজন আৰু শিক্ষাৰ পদ্ধতিসমূহৰ পৰিৱৰ্তন হয়। জীৱন-ব্যাপী শিক্ষা হৈছে এই প্ৰসংগত এক নতুন ধাৰণা, যাৰ যোগেদি শিক্ষাবিদ আৰু চিন্তাবিদসকলে আমাৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰিবলৈ বিচাৰিছে।

সহজ ভাষাত ক’বলৈ হ’লে জীৱন-ব্যাপী শিক্ষা হৈছে এনে এবিধ শিক্ষা-ব্যৱস্থা যি আমাৰ জীৱনৰ কোনো অৱস্থাতেই থমকি নোৰোৱাকৈ গোটেই জীৱনজুৰি চলি থাকে। ১৯৭৩ চনত শিক্ষা বিকাশৰ আন্তৰ্জাতিক আয়োগে অনুভৱ কৰে যে প্ৰতিজন ব্যক্তিয়েই তেওঁ গোটেই জীৱনজুৰি শিক্ষণ কাৰ্য চলাই থকাটো সম্ভৱ হৈ উঠিব লাগে। এই শিক্ষাই ব্যক্তিৰ গোটেই জীৱন আগুৰি থাকে আৰু ই তেওঁৰ সুন্দৰ আৰু সম্পূৰ্ণ জীৱনৰ বাবে প্ৰয়োজনীয় অভিজ্ঞতা অন্তৰ্ভুক্ত কৰে। উল্লেখযোগ্য যে জীৱন-ব্যাপী শিক্ষকে এটা বিশেষ পদ্ধতি স্বৰূপে বৰ্ণনা কৰাৰ পৰিৱৰ্তে ইয়াক আধুনিক শিক্ষাৰ এক গ্ৰহণযোগ্য নীতি স্বৰূপেহে বৰ্ণনা কৰিব পাৰি।

আমাৰ বৰ্তমানৰ সামাজিক পৰিস্থিতি আৰু পৰিৱেশ দ্ৰুত গতিৰে পৰিৱৰ্তন আৰু বিকাশ হ’বলৈ ধৰিছে। আধুনিক সমাজৰ এনে দ্ৰুত পৰিৱৰ্তনশীল পৰিস্থিতিত প্ৰতিজন ব্যক্তিয়েই তেওঁৰ নিজ নিজ নতুন পৰিস্থিতি আৰু জীৱনৰ সমস্যাবোৰৰ সন্মুখীন হ’বলৈ উপযুক্ত শিক্ষা লাভ কৰি উঠিব লাগে। এনে শিক্ষা এক বহল পৰিসৰৰ ভিত্তিত ৰচিত হ’ব লাগে যাৰ যোগেদি জীৱনৰ ভিন্নমুখী অভিজ্ঞতা লাভ কৰি উঠিব পাৰি। কাৰণ এনে ভিন্নমুখী ব্যাপক অভিজ্ঞতাসমূহ আমাৰ বৰ্তমানৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত পাব পৰা নাযায়। আমাৰ বৰ্তমানৰ স্কুলীয়া শিক্ষাৰ ক্ৰিয়া পৰিসৰ ইমানেই সীমাবদ্ধ যে ই আমাৰ শিক্ষাৰ ভিন্নমুখী প্ৰয়োজন পূৰণ কৰি উঠিব নোৱাৰে। সেইবাবে বিশ্বৰ শিক্ষাবিদসকলে এক নতুন শিক্ষা-ব্যৱস্থাৰ বৰ্তমান চিন্তা কৰিছে যি আমাৰ বৰ্তমান সময়ৰ শিক্ষাৰ গুণগত আৰু পৰিমাণগত প্ৰয়োজন পূৰণ কৰিব পাৰে। এই দিশত জীৱন-ব্যাপী শিক্ষাৰ ধাৰণাই হৈছে সম্ভাৱ্য সমাধানৰ পথ স্বৰূপ। চিন্তাবিদসকলে এই জীৱন-ব্যাপী শিক্ষাৰ সংজ্ঞা দি কয় যে ই হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি ব্যক্তিগত আৰু সামাজিকভাৱে আমাৰ বৃত্তীয় জীৱনৰ বিকাশ সম্ভৱ কৰি তুলিব পাৰি।

জীৱন-ব্যাপী শিক্ষাৰ দৰ্শনঃ

দাৰ্শনিক দৃষ্টিকোণৰ পৰা এই জীৱন-ব্যাপী শিক্ষাৰ ধাৰণা আমাৰ বাবে অপৰিচিত বুলি ক’ব নোৱাৰি। পৃথিৱীৰ পুৰণি সভ্যতাসমূহ যেনে- গ্ৰীচ, মিছৰ, চীনদেশ আদিত ইয়াৰ ধাৰণা পাব পৰা যায়। আমাৰ দেশৰ পুৰণি দৰ্শনভিত্তিক গ্ৰন্থসমূহতো এই ধাৰণা প্ৰতিফলিত হৈ উঠিছে। ইয়াত কোৱা হৈছে যে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ বাবে শিক্ষাৰ প্ৰয়োজন। পুৰণি ভাৰতৰ ‘মনোস্মৃতি’ত কোৱা হৈছে যে যিজন ব্যক্তিয়ে গোটেই জীৱন অধ্যয়নত উছৰ্গা কৰে তেঁৱেইহে প্ৰকৃততে ভগৱানক জানি উঠিব পাৰে। উল্লেখযোগ্য যে সেই সময়ত ভগৱান বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান বা দিব্যজ্যোতিৰ প্ৰতীক স্বৰূপে বিবেচিত হৈছিল। হিন্দু চিন্তাদৰ্শনে মত পোষণ কৰে যে জীৱন-ব্যাপী শিক্ষা হৈছে সত্য বা ভগৱানৰ উপলব্ধি কৰাৰ এক আধ্যাত্মিক চিন্তা-চৰ্চা মাথোন।

শিক্ষা দাৰ্শনিক জন ডিউইয়েও মত প্ৰকাশ কৰে যে শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, বৰং ইয়েই হৈছে জীৱন। ইয়াৰ দ্বাৰা এই কথা ক’ব পাৰি যে আমাৰ জীৱনজোৰা ক্ৰিয়া-অভিজ্ঞতাসমূহ শিক্ষাৰ বাহিৰে আন একো নহয়। ডিউইয়ে এই মতো প্ৰকাশ কৰি উঠে যে শিক্ষা হৈছে আমাৰ জীৱনজোৰা অভিজ্ঞতাৰ ওপৰত অবিৰত পুনৰনিৰ্মাণ কাৰ্য।

জীৱন-ব্যাপী শিক্ষাৰ কেতবোৰ সাংগঠনিক বৈশিষ্ট্যঃ

এইবিধ শিক্ষাৰ ব্যাপক পৰিসৰৰ স্বৰূপ নিম্নলিখিত কথাকেইটাৰ যোগেদি ভালদৰে অনুভৱ কৰিব পৰা যায়।

(১) জীৱন-ব্যাপী শিক্ষা হৈছে এক বহল পৰিসৰৰ শিক্ষাৰ নীতি স্বৰূপ, ই এক স্পষ্ট শিক্ষণ পদ্ধতি নহয়।

(২) এই শিক্ষাই ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱন আগুৰি থাকে।

(৩) ই হৈছে শিক্ষাৰ এক সমগ্ৰ প্ৰক্ৰিয়া যি আমাৰ আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাক সামৰি লয়।

(৪) এই শিক্ষাই আমাৰ সকলো পৰ্যায়ৰ শিক্ষাকে সমগ্ৰভাৱে অন্তৰ্ভুক্ত কৰে।

(৫) জীৱন-ব্যাপী শিক্ষা প্ৰাপ্তবয়স্ক শিক্ষা নহয় যদিও ই প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।

(৬) এই শিক্ষাই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত থকা গতানুগতিক আৰু অনমনীয় নীতি পৰিহাৰ কৰি গতিশীলতাৰ নীতি গ্ৰহণ কৰে।

(৭) সামাজিক পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাই ব্যক্তিগত আৰু সামাজিকভাৱে সমাযোজনত সহায় কৰে।

(৮) এই শিক্ষাই ব্যক্তিৰ সৌন্দৰ্যবোধক আৰু সৃজণাত্মকভাৱে আজৰি সময় সদ্ব্যৱহাৰ কৰাত সহায় কৰে।

জীৱন-ব্যাপী শিক্ষাৰ প্ৰয়োজনীয়তাঃ

মানুহৰ বাবে জীৱন-ব্যাপী শিক্ষাৰ প্ৰয়োজনীয়তা আন সকলো সময়তকৈ বৰ্তমানতেই অধিক বুলিব পাৰি। প্ৰকৃতপক্ষে শিক্ষাৰ এই নতুন ধাৰণা বৰ্তমান সময়ৰ মানুহৰ শিক্ষাৰ প্ৰয়োজনৰ পৰাই সৃষ্টি হৈছে। এনে শিক্ষাৰ যোগেদিয়েই বৰ্তমানৰ মানুহে বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ যুগত নিজকে খাপ খুৱাই ল’ব পাৰে। এই প্ৰসংগত এই শিক্ষাৰ প্ৰয়োজনীয়তাসমূহৰ কেইটামান বিশেষ দিশ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) দ্ৰুত সামাজিক পৰিৱৰ্তনঃ

বৰ্তমানৰ মানুহে সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ দ্ৰুত পৰিৱৰ্তন লক্ষ্য কৰিছে। আমাৰ দৈনন্দিন জীৱনত ব্যাপকভাৱে প্ৰয়োগ কৰা আধুনিক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানে এনে ভাবিব নোৱাৰা পৰিৱৰ্তন আনি দিছে। ইয়াৰ ফলস্বৰূপে সৰ্বসাধাৰণ লোকৰ বাবে ব্যক্তিগত আৰু সামাজিকভাৱে নিজকে খাপ খুৱাই লোৱাত সমস্যাৰ সৃষ্টি কৰিছে। জীৱন-ব্যাপী শিক্ষাই আমাৰ এনে সমাযোজনত সহায়ক হৈ উঠিব পাৰে।

(২) পুৰণি মূল্যবোধৰ অৱসানঃ

দ্ৰুত সামাজিক পৰিৱৰ্তনে স্বাভাৱিকতেই আমাৰ জীৱনৰ পুৰণি সামাজিক মূল্যবোধ আৰু মনোভাৱ আদি দাঙি পেলাইছে। তেওঁলোকে জীৱনৰ পৰিৱৰ্তিত বাস্তৱ পৰিস্থিতিত নিজকে সুস্থ সমাযোজনৰ বাবে নতুন মূল্যবোধ আৰু মনোভাৱ গঢ় দি তুলিবলৈ বিচাৰিছে। এনে এটা অৱস্থাই অশিক্ষিতসকলৰ সংৰক্ষণশীলতা আৰু শিক্ষিতসকলৰ পৰিৱৰ্তনশীলতাৰ মাজত এক সংঘৰ্ষ আৰু ভুল বুজা-বুজিৰ সৃষ্টি কৰিছে। জীৱন-ব্যাপী শিক্ষাই এই দুয়ো দিশৰ মাজৰ ব্যৱধান গুচাই সমন্বয়ৰ ভাব গঢ়ি তুলিব পাৰে।

(৩) জ্ঞানৰ বিস্ফোৰণঃ

বৰ্তমান শতিকাৰ উল্লেখযোগ্য ঘটনা হৈছে মানুহৰ জ্ঞান-অভিজ্ঞতাৰ সকলো দিশতে অভাৱনীয়ভাৱে বৃদ্ধি তথা বিস্ফোৰণ হোৱাটো। বিজ্ঞানৰ প্ৰয়োগে জ্ঞানৰ প্ৰতিটো বিভাগকেই চহকী কৰি তুলিছে। ফলত আমি প্ৰতিটো বিষয়কেই অধ্যয়ন কৰাটো প্ৰয়োজন হৈ পৰিছে। পুৰণি কালত গ্ৰহণ কৰা আস্থা, নিষ্ঠা, বিশ্বাস আদিৰ ঠাইত বৰ্তমান যুক্তি, তৰ্ক, বাস্তৱ অধ্যয়ন আৰু পৰীক্ষণ আদিয়ে প্ৰাধান্য লাভ কৰি উঠিছে। আনহাতে এজন সৰ্বসাধাৰণ লোকে তেওঁৰ জীৱনকালত এই সকলোবোৰ বিষয়ৰ জ্ঞান আৰু অভিজ্ঞতা আয়ত্ত কৰাটো সম্ভৱপৰ নহয়। সেইবাবে এনে এক শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন হৈ পৰিছে যি আমাক বিস্ফোৰিত মানৱ অভিজ্ঞতাসমূহৰ এক সংক্ষিপ্ত আৰু প্ৰয়োজনভিত্তিক জ্ঞান দিব পাৰে।

(৪) বয়সস্থসকলৰ শিক্ষা সম্ভাৱনীয়তাঃ

সমাজত বাস কৰা বয়সস্থসকলৰ জীৱন-ব্যাপী শিক্ষাৰ প্ৰয়োজনীয়তাও বৰ্তমান অনুভৱ কৰা হয়। তেওঁলোকৰ ছাত্ৰ-জীৱনৰ পুৰণি জ্ঞান-অভিজ্ঞতাসমূহ বৰ্তমানৰ সমস্যা সমাধানৰ বাবে অনুপযুক্ত আৰু কাৰ্যকৰী হৈ উঠা দেখা গৈছে। বৰ্তমানৰ লগত খাপ খোৱাকৈ আৰু বৰ্তমানৰ সমস্যা সমাধান কৰিব পৰাকৈ নতুন জ্ঞান-অভিজ্ঞতা তেওঁলোকৰ প্ৰয়োজন হৈ পৰিছে। সেইবাবে তেওঁলোকৰ বৰ্তমানৰ প্ৰত্যাহ্বানমূলক সমস্যাবোৰৰ সন্মুখীন হ’বৰ বাবে পুৰণি অভিজ্ঞতাসমূহৰ সংশোধন আৰু পুনৰুদ্দীপন কৰাৰ প্ৰয়োজন হৈ পৰিছে। শিক্ষিত আৰু অশিক্ষিত সকলো লোকেই সেয়েহে সময়োপযোগী আৰু প্ৰয়োজনভিত্তিক শিক্ষা গ্ৰহণৰ প্ৰয়োজন হৈ পৰিছে। বয়সস্থ লোকসকলৰ এনে প্ৰয়োজনভিত্তিক শিক্ষাৰ বাবে জীৱন-ব্যাপী শিক্ষা হৈছে একমাত্ৰ পথ।

(৫) স্কুলৰ বাহিৰত শিক্ষাৰ সম্ভাৱনীয়তাঃ

স্কুলৰ আনুষ্ঠানিক শিক্ষাকেই একমাত্ৰ গ্ৰহণযোগ্য শিক্ষা বুলিব নোৱাৰি। বৰং সমগ্ৰ শিক্ষাৰ ই এক সীমাবদ্ধ অংশহে মাথোন আৰু এই শিক্ষাও সীমিত সময়ৰ বাবে সমাজৰ সীমিত সংখ্যক লোককহে দিব পাৰি। আনহাতে স্কুলৰ বাহিৰৰ ব্যাপক পৰিসৰৰ প্ৰাকৃতিক পৰিৱেশত স্বাভাৱিক শিক্ষা আহৰণৰ প্ৰচুৰ সম্ভাৱনীয়তা থকা দেখা যায়। এই আনুষ্ঠানিক শিক্ষা হৈছে প্ৰাসংগিক বিধৰ আৰু ই ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্ৰতিটো অভিজ্ঞতাকেই স্পৰ্শ কৰে। ব্যক্তি-জীৱনৰ প্ৰয়োজনীয় আশা-আকাংক্ষাবোৰো এনে শিক্ষাই পূৰণ কৰিব পাৰে। সেইবাবে জীৱনৰ ব্যাপক পৰিসৰৰ আৰু জীৱনৰ লগত ওচৰ সম্বন্ধ থকা এনে শিক্ষাক আমি অৱহেলা কৰিব নোৱাৰো।

(৬) সামাজিক শিক্ষাৰ প্ৰয়োজনঃ

জীৱন-ব্যাপী শিক্ষাৰ ব্যৱস্থাই আমাৰ সামাজিক তথা প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰয়োজনো পূৰণ কৰিব পাৰে। এই শিক্ষাই নিৰক্ষৰতা আৰু অজ্ঞতা গুচাই সৰ্বসাধাৰণ লোকৰ শিক্ষাৰ মৌলিক প্ৰয়োজন পূৰণ কৰিব পাৰে। অৱশ্যে জীৱন-ব্যাপী শিক্ষাৰ ব্যাপক পৰিসৰক কেৱল মাথোন প্ৰাপ্তবয়স্ক লোকৰ সাক্ষৰতা দান কৰাৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। তথাপিও প্ৰাপ্তবয়স্ক শিক্ষাৰ সাৰ্থকতা আৰু কৃতকাৰ্যতা লাভৰ বাবে জীৱন-ব্যাপী শিক্ষাৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি।

জীৱন-ব্যাপী শিক্ষাৰ অধ্যয়নৰ উপাদানসমূহঃ

জীৱন-ব্যাপী শিক্ষাৰ বহল পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অধ্যয়নৰ উপাদানসমূহৰ চিনাক্তকৰণ কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয় কথা। এই শিক্ষাৰ বহল পৰিসৰক তিনিটা মুখ্য দিশত উপৰিভাগ কৰিব পাৰি।

(১) বৈষয়িক দিশ।

(২) মানৱীয় দিশ।

(৩) সংগৃহীত অভিজ্ঞতাসমূহৰ দিশ।

এই তিনিটা দিশক অধিক কাৰ্যকৰী আৰু ব্যৱহাৰিক দিশৰ ফালৰ পৰা নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(১) সাক্ষৰতা দানৰ শিক্ষাঃ

লিখা, পঢ়া, ভাষা-জ্ঞান আৰু সংখ্যাজ্ঞান আয়ত্ত কৰাটো যিকোনো শিক্ষাৰেই সৰ্বপ্ৰথম পৰ্যায় স্বৰূপে বিবেচনা কৰিব পাৰি। সাক্ষৰতা প্ৰদান কৰাটো সেয়েহে জীৱন-ব্যাপী শিক্ষাৰ অপৰিহাৰ্য অংশস্বৰূপ। এনে সাক্ষৰতাইহে ব্যক্তিক তেওঁৰ নিজ জ্ঞান-অভিজ্ঞতাসমূহ সমাজৰ লোকৰ মাজত আদান-প্ৰদান কৰাত সহায় কৰে আৰু সামাজিক সমাযোজন স্থাপন কৰে। এনে সাক্ষৰতা পুথিগত অথবা তত্ত্বপ্ৰধান হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক প্ৰয়োজন পূৰণ কৰা বিধৰহে হ’ব লাগে। ভাষা-জ্ঞানৰ ব্যৱহাৰিক অভিজ্ঞতাইহে মাথোন ব্যক্তিক তেওঁৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থাৰ জটিলতা সমাধান কৰাত সহায় কৰিব পাৰে।

(২) বৃত্তীয় শিক্ষাদানঃ

বৰ্তমান সময়ত ব্যক্তিৰ এক গুৰুত্বপূৰ্ণ সামাজিক প্ৰয়োজন হৈছে বৃত্তীয় শিক্ষা গ্ৰহণেৰে অৰ্থনৈতিক উৎপাদনশীলতা লাভ কৰা। বৰ্তমানৰ বৃত্তি বা ব্যৱসায়সমূহ অধিক পৰিমাণে বিশেষীকৰণ কৰা হৈ উঠিছে আৰু ইয়াৰ বাবে বৈজ্ঞানিক আৰু কাৰিকৰী দিশৰ অভিজ্ঞতাৰ প্ৰয়োজন হৈ উঠিছে। ইয়াৰ ফলত প্ৰতিটো বৃত্তিৰেই বৃত্তীয় শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰা হয়। যিকোনো ব্যক্তিৰ বাবেই এই বৃত্তীয় শিক্ষা তেওঁৰ জীৱন-ব্যাপী শিক্ষাত পৰিণত হ’ব পাৰে। সেই হেতুকে তেওঁৰ নিজ বৃত্তিৰ যোগেদি উৎপাদন বৃদ্ধি কৰা, উৎপাদিত দ্ৰব্যৰ গুণ উচ্চমানবিশিষ্ট কৰা আদিৰ বাবে বৃত্তীয় শিক্ষাৰ কাৰিকৰী অভিজ্ঞতাৰ প্ৰয়োজন। জীৱন-ব্যাপী শিক্ষাই সেয়েহে মানৱ সম্পদ সদ্ব্যৱহাৰ কৰিব পৰাকৈ এনে বৃত্তীয় শিক্ষাৰ দিশ সামৰি লৈছে।

(৩) পৰিৱৰ্তনৰ লগত খাপ খাব পৰাকৈ শিক্ষা প্ৰদানঃ

বৰ্তমান সমাজত বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ ব্যাপক প্ৰয়োগে আমাৰ জীৱনৰ ক্ৰিয়া-কলাপ আৰু মূল্যবোধ আদিৰ দ্ৰুত পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ ফলত কাৰিকৰীভাৱে বিকাশশীল আৰু সাংস্কৃতিকভাৱে সংৰক্ষণশীল দুটা ভিন্ন গোষ্ঠীৰ লোকৰ সৃষ্টি কৰি তেওঁলোকৰ মাজত অধিক ব্যৱধান আনি দিছে। সেইবাবে সময়ৰ পৰিৱৰ্তনৰ লগত নিজকে ভালদৰে খাপ খুৱাই ল’ব পৰাকৈ জীৱন-ব্যাপী শিক্ষাই প্ৰয়োজনীয় অভিজ্ঞতা দানৰ ব্যৱস্থা কৰিছে। বৰ্তমান পুৰণি আৰু সংৰক্ষণশীল মনোভাৱৰ লোকসকলে যাতে সময়োপযোগীকৈ তেওঁলোকৰ নতুন ক্ৰিয়া-কৌশল, অভিজ্ঞতা আদি গ্ৰহণ কৰিব পাৰে আৰু তাৰ যোগেদি এক নতুন মূল্যবোধ অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে।

(৪) নাগৰিকতাৰ শিক্ষাদানঃ

বৰ্তমান সময়ত সমাজৰ প্ৰতিজন লোকেই তেওঁলোকৰ ৰাজনৈতিক সচেতনতা, দায়িত্ব আৰু কৰ্তব্যবোধ ভাব অনুভৱ কৰা আৰু সাংবিধানিক অধিকাৰসমূহ উপভোগ কৰাটো প্ৰয়োজন। সুনাগৰিকতাৰ বাবে প্ৰতিজন লোকেই গণতান্ত্ৰিক মূল্যবোধ অনুভৱ কৰা, তেওঁলোকৰ ৰাজনৈতিক, সামাজিক অধিকাৰসমূহৰ শিক্ষা লাভ কৰাটো প্ৰয়োজন। জীৱন-ব্যাপী শিক্ষাই সৰ্বসাধাৰণ লোকক এনেবোৰ শিক্ষাৰ যোগেদি সমাজত এক সচেতন আৰু সন্মানজনক জীৱন-যাপনত সহায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্ৰসংগত উল্লেখযোগ্য যে বৰ্তমান অশিক্ষিত, পিচপৰা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলে নিজ অধিকাৰ আৰু কৰ্তব্য অনুভৱ কৰি উঠাত সহায় কৰাটো কল্যাণকামী ৰাষ্ট্ৰৰ কৰ্তব্য।

(৫) ব্যৱসায়িক পুনৰ শিক্ষণ ব্যৱস্থাঃ

জ্ঞানৰ বিস্ফোৰণ হোৱাৰ ফলত বৰ্তমান সমাজৰ প্ৰতিজন লোকেই নতুন জ্ঞান-অভিজ্ঞতা আদিৰ লগত পৰিচিত হোৱাটো প্ৰয়োজন হৈ পৰিছে। বিশেষকৈ আমাৰ বৃত্তীয় জীৱনত বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ নতুন কৌশলসমূহৰ আধুনিকতম অভিজ্ঞতাসমূহ লাভ কৰাৰ প্ৰয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে এজন লোকে লাভ কৰা তেওঁৰ ৩০-৪০ বছৰ আগৰ পুৰণি কাৰিকৰী অভিজ্ঞতা বৰ্তমানৰ বাবে অচল আৰু অপ্ৰয়োজনীয় তথা অকাৰ্যকৰী হৈ পৰিছে। ইয়াৰ ফলত বয়স্ক শিক্ষিত শ্ৰেণীৰ লোকসকলেও নিজকে বৰ্তমানৰ বৃত্তীয় অভিজ্ঞতাৰ লগত খাপ খুৱাই ল’বলৈ ব্যৱসায়িক পুনৰশিক্ষণৰ প্ৰয়োজন হৈ পৰিছে। জীৱন-ব্যাপী শিক্ষাই সেয়েহে ব্যক্তিক বৰ্তমানত বৃত্তীয় সমাযোজনত সহায় কৰে।

(৬) আজৰি সময়ৰ শিক্ষাদানঃ

বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ ব্যাপক প্ৰয়োগে বৰ্তমান আমাৰ সমাজত এক নতুন সমস্যাৰ সৃষ্টি কৰিছে, সি হৈছে আজৰি সময় বা কৰ্মহীনতাৰ সমস্যা। ই বৰ্তমান আমাৰ সামাজিক জীৱনত ক্ৰমে ব্যাপকতাৰ ৰূপ ধাৰণ কৰি উঠিছে। সেইবাবে মানুহৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষা কৰিব পৰাকৈ আজৰি সময়ৰ সদ্ব্যৱহাৰৰ বাবে শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে। জীৱন-ব্যাপী শিক্ষাই সেয়েহে মানুহৰ মাজত সুস্থ, সুন্দৰ আৰু কলাত্মক অনুভূতিসমূহ জগাই তুলিব পৰাকৈ শিক্ষাৰ প্ৰয়োজনীয় উপাদানসমূহ ইয়াৰ অন্তৰ্ভুক্ত কৰি তুলিছে। সুস্থ আৰু উন্নত ৰুচিৰ হ’বি বা প্ৰিয় কাম আদিৰ প্ৰশিক্ষণ ব্যক্তিৰ আগ্ৰহ-অভিৰুচি অনুসৰি প্ৰদানৰ ব্যৱস্থা সেয়েহে জীৱন-ব্যাপী শিক্ষাৰ অন্তৰ্গত কৰা হৈছে।

জীৱন-ব্যাপী শিক্ষা কিদৰে দিব পাৰিঃ

সমগ্ৰ জীৱন আগুৰি থকাকৈ শিক্ষাদান কৰিবৰ বাবে ইয়াক কিদৰে অথবা কেনেবোৰ মাধ্যমৰ যোগে এই শিক্ষা দিব পৰা হয় এই সম্বন্ধে আমাৰ মনৰ ধাৰণা স্পষ্ট হোৱাটো প্ৰয়োজন। উল্লেখযোগ্য যে পৃথিৱীৰ অগণন ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত লোককে সামৰি ল’ব পৰাকৈ এই শিক্ষা ভিন্নমুখী আৰু ভিন ভিন মাধ্যমৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। এই শিক্ষা এক বিশেষ ধৰণৰ শিক্ষাত পৰিণত কৰি তোলাৰ পৰিৱৰ্তে তেওঁলোকৰ জীৱনৰ দৈনন্দিন ক্ৰিয়া-কলাপৰ অংশবিশেষত পৰিণত কৰি তুলিব লাগিব। প্ৰকৃত অৰ্থত ক’বলৈ গ’লে জীৱন-ব্যাপী শিক্ষা এক বিশেষ পদ্ধতি নহয়, বৰং ই হৈছে জীৱনৰ ৰং আৰু ৰূপ। সেইবাবে অধিক ব্যক্তি স্বাধীনতা আৰু পৰিৱৰ্তনশীলতাৰ নীতি আৰু পদ্ধতি ইয়াত গ্ৰহণ কৰিব লাগে, যাৰ যোগেদি এই শিক্ষা সকলোৰে বাবে সম্ভৱপৰ কৰি তুলিব পৰা যায়। ইয়াৰ বাবে আমাৰ প্ৰচলিত আনুষ্ঠানিক শিক্ষা-ব্যৱস্থাত আৰু ইয়াৰ নীতি-পদ্ধতি আদিত মৌলিক পৰিৱৰ্তন সাধন কৰি তুলিব লাগিব। শ্ৰেণী-শিক্ষা সীমাবদ্ধ পৰিসৰৰ সলনি মুক্ত শিক্ষা-ব্যৱস্থা গঢ় দি তুলিব লাগিব, যাৰ যোগেদি সৰ্বসাধাৰণ লোকক এনে শিক্ষাৰ লগত জড়িত কৰি তুলিব পৰা যায়। তেওঁলোকৰ মনত এনে এক মনোভাৱ গঢ় দি তুলিব লাগিব যে কোনো কথা শিকিবৰ বাবে আমাৰ কেতিয়াও সময়ৰ পলম নহয়।

বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে জীৱন-ব্যাপী শিক্ষাদানৰ উন্নত কৌশল আৰু ব্যৱস্থাসমূহো বৰ্তমান গঢ় লৈ উঠিছে। ৰেডিঅ’, কম্পিউটাৰ টেলিভিচন, চেটেলাইট সংযোগ ব্যৱস্থা আদিয়ে এই শিক্ষাৰ এক বহল পৰিসৰৰ সম্ভাৱনীয়তা আনি দিছে। ইয়াৰ বাবে স্কুলীয়া শিক্ষাৰ বিলোপ সাধন সমাজ, অগতানুগতিক শিক্ষা-ব্যৱস্থা, মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ শিক্ষা-ব্যৱস্থা আৰু দূৰ-শিক্ষণ ব্যৱস্থা আদিয়ে প্ৰয়োজনীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। শৈক্ষিক কাৰিকৰী বিজ্ঞান বিষয়ে আমাক এনে শিক্ষাৰ উন্নত সা-সঁজুলি আৰু শিক্ষণ পদ্ধতি বিষয়ে আগত দাঙি ধৰিছে। এই শিক্ষাৰ সম্ভাৱনীয়তাই বৰ্তমান সময়ত সেয়েহে শিক্ষা দাৰ্শনিক আৰু কাৰিকৰী বিজ্ঞানীসকলক অধিক আকৰ্ষিত কৰি তুলিছে। শিক্ষাৰ এই নতুন প্ৰচেষ্টাই সমগ্ৰ মানৱতাৰ বাবেই এক নতুন যুগৰ সভ্যতাৰ ইংগিত দিছে বুলিও ক’ব পাৰি।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

3.05
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top