অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডল্টন আঁচনিঃ

ডল্টন আঁচনিৰ বিষয়ে লিখা হৈছে

 

 

পৰিচিতিঃ

 

মিচ্ হেলেন পাৰখাৰ্চষ্ট (Miss Helen Parkhurst) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী শিক্ষক তথা শিক্ষাবিদে ডল্টন আঁচনি উদ্ভাৱন কৰে। এই মহিলা শিক্ষাবিদগৰাকীয়ে ১৬ বছৰ বয়সতেই শিক্ষকতা আৰম্ভ কৰে। তেওঁ গ্ৰাম্য অঞ্চলৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষকতা কৰা কালত এক বিশেষ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। কাৰণ তেওঁলোকৰ বয়স আৰু যোগ্যতাৰ মানদণ্ড আছিল পৃথক পৃথক আৰু সেয়েহে তেওঁলোকক একেলগে লৈ শ্ৰেণী-শিক্ষা দিয়া কাৰ্যত বিশেষ অসুবিধাৰ সৃষ্টি হৈছিল। এনে অসুবিধা গুচাবৰ বাবে তেওঁ শিক্ষাদানৰ এক বিকল্প ব্যৱস্থা চিন্তা কৰিছিল। এই সময়তেই তেওঁ শিক্ষাবিদ মেৰিয়া মণ্টেচৰীৰ সংস্পৰ্শলৈ আহে। মণ্টেচৰীৰ শিক্ষা পদ্ধতিয়ে তেওঁক আকৰ্ষিত কৰে। অৱশ্যে মণ্টেচৰী শিক্ষা পদ্ধতি আছিল ৩ বছৰৰ পৰা ৬-৭ বছৰৰ কণ কণ শিশুৰ বাবেহে। সেই হেতুকে, মিচ্ পাৰখাৰ্চষ্টে তাৰ পৰৱৰ্তী পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও এক ব্যক্তিকেন্দ্ৰিক সক্ৰিয় শিক্ষা ব্যৱস্থা গঢ় দি তোলাৰ পৰিকল্পনা কৰে।

১৯১৫ চনত মণ্টেচৰীৰ সহযোগত আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰত তেওঁৰ নতুন শিক্ষা আঁচনি পৰীক্ষামূলভাৱে প্ৰয়োগ কৰে। ইয়াত ৯ বছৰৰ পৰা ১২ বছৰ বয়সৰ প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰে। ১৯১৯ চনত তেওঁ কেতবোৰ দৈহিকভাৱে পংগু ছাত্ৰক শিক্ষাদানৰ সুযোগ পায় আৰু ইয়াতে তেওঁ উদ্ভাৱন কৰা পদ্ধতি পৰীক্ষামূলভাৱে প্ৰয়োগ কৰে। ইয়াত লাভ কৰা সফলতাৰ ওপৰত ভিত্তি কৰি তেওঁ ১৯২০ চনত আমেৰিকাৰ মেচাচুচেটচ্ অঞ্চলৰ ডল্টন নামৰ নগৰৰ টাউন হাইস্কুলত এই আঁচনিখন প্ৰয়োগ কৰে। ইয়াত লাভ কৰা কৃতকাৰ্যতাৰ ফলত জনপ্ৰিয়তা লাভ কৰি উঠি ই ডল্টন আঁচনি নামে জনাজাত হৈ উঠে। এই আঁচনিখনৰ যোগে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিটো বিষয়ৰ শিক্ষা দিবৰ বাবে পৰীক্ষাগাৰৰ কাৰ্যকৰী পৰিৱেশৰ সৃষ্টি কৰা হয়। সেইবাবে ইয়াক লেব’ৰেটৰী পদ্ধতি বা প্ৰয়োগশালা পদ্ধতি নামেৰেও জনা যায়। ইয়াত ৮ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া হয়।

ডল্টন আঁচনিৰ স্বৰূপঃ

 

ডল্টন আঁচনিখন হৈছে গতানুগতিক শ্ৰেণী কক্ষৰ সমূহীয়া শিক্ষা ব্যৱস্থাৰ অৱসান ঘটাই শিক্ষাক ব্যক্তিকেন্দ্ৰিক কৰি তোলাৰ এক নতুন প্ৰচেষ্টা বা আঁচনি মাথোন। ইয়াত বিশ্বাস কৰা হয় যে শিক্ষা অধিক কৃতকাৰ্য আৰু স্থায়ী হৈ উঠিবলৈ হ’লে ই ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত ক্ৰিয়া-অভিজ্ঞতাৰ ওপৰত প্ৰতিস্থিত হ’ব লাগে। মিচ পাৰখাৰ্চষ্টৰ নিজৰ ভাষাত ক’বলৈ হ’লে- ‘ডল্টন আঁচনি হৈছে এবিধ আহিলাস্বৰূপ যাৰ যোগেদি ব্যক্তিগত ক্ৰিয়া নীতিৰ কাৰ্যকৰীকৰণ কৰা হয়’। (Dalton Plan is a piece of machinery for putting into operation the principle of individual work)। সেই হেতুকে এই নতুন শিক্ষা আঁচনিখন প্ৰচলিত শ্ৰেণী-শিক্ষা পদ্ধতিৰ পৰিৱৰ্তে প্ৰয়োগশালা পদ্ধতি অথবা বিষয় অনুযায়ী প্ৰয়োগশালাৰ কাৰ্যকৰী শিক্ষা পদ্ধতিৰ প্ৰৱৰ্তন কৰা হয়। চাৰ জন আদামচে মত প্ৰকাশ কৰি কয় যে এই আঁচনিখনৰ অন্তৰ্নিহিত উদ্দেশ্য হৈছে শ্ৰেণীকক্ষৰ পৰিৱেশক কৰ্মশালা বা প্ৰয়োগশালাত পৰিণত কৰা, য’ত ল’ৰা আৰু ছোৱালীয়ে তেওঁলোকৰ অধ্যয়নৰ কাৰ্যকৰী শিক্ষা চলাই যাব পাৰে। ইয়াৰ বাবে সাধাৰণ প্ৰয়োগশালাত থকাৰ বাবে সকলো সা-সৰঞ্জাম আৰু আহিলা-পাতি সংগ্ৰহ কৰি নিজ নিজ ক্ৰিয়া সম্পন্ন কৰিব পাৰে।

এই শিক্ষা আঁচনিত শ্ৰেণীশিক্ষকৰ পৰিৱৰ্তে বিষয় শিক্ষকৰ প্ৰয়োগ কৰা হয়। তেওঁলোকে নিজ নিজ বিষয়ৰ বিশেষজ্ঞ হোৱাটো কামনা কৰা হয়। ছাত্ৰসকলে ব্যৱহাৰ কৰিবৰ বাবে পুথি, মেপ, চাৰ্ট, চিত্ৰ আদি সংশ্লিষ্ট বিষয়ৰ সকলো প্ৰয়োজনীয় উপাদানসমূহ বিষয় শিক্ষাৰ কোঠাত প্ৰস্তুত কৰি ৰখা হয়। ছাত্ৰসকলে তেওঁলোকৰ ওপৰত দিয়া দায়িত্বৰ কেতবোৰ ক্ৰিয়া সম্পাদন কৰিব লাগে যাক কৰ্ম বা job স্বৰূপে বৰ্ণনা কৰা হয়। শিক্ষকে প্ৰথমেই ছাত্ৰসকলে কৰিবলগা দায়িত্ব সম্বন্ধে বিস্তৃত তথ্য-পাতি আৰু তাৰ ক্ৰিয়া পদ্ধতি প্ৰদান কৰে। তেওঁলোকে নিজ নিজভাৱে আৰু বিকাশৰ নিজস্ব গতিৰে ক্ৰিয়া সম্পাদন কৰে। ছাত্ৰসকলে উচ্চ পৰ্যায়ৰ গৱেষকসকলে কৰা ক্ৰিয়াৰ দৰেই নিজ দায়িত্বত কাম কৰিব লাগে। এইক্ষেত্ৰত তেওঁলোকৰ নিজ ক্ৰিয়াৰ ব্যক্তি-স্বাধীনতাও এক মন কৰিবলগীয়া বিষয়। আঁচনিখনৰ এক উদ্দেশ্য হৈছে ছাত্ৰসকলৰ ব্যক্তিগত আৰু সামূহিক ক্ৰিয়াৰ স্বাধীনতা দান কৰা, যাৰ যোগেদি তেওঁলোকে পাৰস্পৰিক আদান-প্ৰদানেৰে সামাজিক পৰিৱেশত নিজ দৃষ্টি আৰু প্ৰচেষ্টা অনুসৰি সমস্যাৰ সমাধান কৰিব পাৰে। এনে কাৰ্যৰ যোগেদি তেওঁলোকক অধিক স্বাধীনতা, দায়িত্ববোধ ভাব আৰু আত্মশিক্ষাৰ আগ্ৰহ জগাই তুলিবলৈ বিচৰা হয়। ছাত্ৰসকলে তেওঁলোকৰ ক্ৰিয়াত সন্মুখীন হোৱা জটিল পৰিস্থিতি সমাধান কৰিবৰ বাবে প্ৰয়োজনমতে শিক্ষকৰ পৰামৰ্শ আদিও লাভ কৰিব পাৰে।

ডল্টন আঁচনিৰ শৈক্ষিক নীতিসমূহঃ

 

(১) শিক্ষা ব্যক্তিমুখীকৰণঃ এই আঁচনিখন শিক্ষা ব্যক্তিমুখীকৰণৰ আদৰ্শৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত। আমাৰ গতানুগতিক শিক্ষা পদ্ধতিত ছাত্ৰসকলক তেওঁলোকে বহন কৰিব নোৱাৰাকৈ শিক্ষকৰ শিক্ষা-নিৰ্দেশনাৰ বোজা জাপি দিয়া হয়। কিন্তু তেনে শিক্ষাৰ পৰা ছাত্ৰসকলে ব্যক্তিগতভাৱে লাভৱান হোৱা নোহোৱালৈ লক্ষ্য কৰা নহয়। সেয়েহে শিক্ষকৰ এনে অনাৱশ্যক প্ৰভাৱ গুচাই শিক্ষা গ্ৰহণ কাৰ্যটোক ছাত্ৰৰ এক ব্যক্তিগত প্ৰয়োজনভিত্তিক আৰু ব্যৱহাৰিক ক্ৰিয়া স্বৰূপে গঢ় দি তুলিবলৈ চেষ্টা কৰা হৈছে। ইয়াত ছাত্ৰসকলৰ আগ্ৰহ, অভিৰুচি, প্ৰয়োজন আৰু নিজ ক্ৰিয়াৰ দায়িত্ববোধ আদিয়ে অগ্ৰাধিকাৰ লাভ কৰে।

(২) আত্ম-শিক্ষাৰ নীতিঃ ডল্টন আঁচনিয়ে ছাত্ৰৰ ক্ৰিয়াৰ যোগেদি শিক্ষা গ্ৰহণৰ নীতিত বিশ্বাস কৰে। পৰীক্ষাগাৰৰ কাৰ্যকৰী শিক্ষা পৰিৱেশে ছাত্ৰসকলক ইয়াত আত্ম-শিক্ষাৰ সকলো সুবিধা দান কৰে। তেওঁলোকে নিজ ক্ৰিয়াৰ যোগেদি শিক্ষা লাভৰ দায়িত্ব অনুভৱ কৰি উঠিবৰ বাবে একো একোটা ক্ৰিয়া সম্পাদনৰ চুক্তিত উপনীত হ’ব লাগে। ইয়াত বিশ্বাস কৰা হয় যে ছাত্ৰই শিক্ষাৰ দায়িত্ব নিজে অনুভৱ কৰি উঠিব পাৰিলেহে তাত সক্ৰিয় অংশগ্ৰহণ কৰি শিক্ষাৰ কৃতকাৰ্যতা লাভ কৰি উঠিব পাৰে। শ্ৰেণী শিক্ষাৰ সামূহিক ব্যৱস্থাই ইয়াক সম্ভৱ কৰি তুলিব নোৱাৰে।

(৩) স্বাধীনতাৰ নীতিঃ এই আঁচনিখনে গতানুগতিক শিক্ষাত চলি অহা শিক্ষকৰ অপ্ৰতিদ্বন্দী আৰু একনায়কত্ববাদী প্ৰভাৱ আৰু প্ৰভুত্বৰ পৰা ছাত্ৰসকলক মুক্ত কৰি তোলে। ইয়াত তেওঁলোকে নিজস্ব অগ্ৰগতিৰ ক্ষমতা আৰু পৰিমাণ অনুযায়ী কাম কৰাৰ স্বাধীনতা লাভ কৰিব পাৰে। উল্লেখযোগ্য যে ইয়াত তীক্ষ্ণবুদ্ধি আৰু হীনবুদ্ধি দুয়োবিধ ছাত্ৰই তেওঁলোকৰ নিজ শিক্ষা অগ্ৰগতিত প্ৰতিবন্ধকতা স্বৰূপ হৈ উঠিব নোৱাৰে।

(৪) সামাজিক প্ৰভাৱৰ নীতিঃ ডল্টন আঁচনিখনৰ মূল শিক্ষানীতি ব্যক্তিমুখীকৰণ কৰা হ’লেও শিক্ষাৰ প্ৰয়োজনীয় সামূহিক অথবা সামাজিক প্ৰভাৱৰ প্ৰতি ইয়াত সমূলি আওকণীয়া হৈ উঠা নাই। ছাত্ৰসকলে শিক্ষা অভিজ্ঞতা আহৰণ কালত যাতে সামাজিক পৰিৱেশ লাভ কৰি উঠিব পাৰে আৰু নিজ অভিজ্ঞতা আনৰ লগত আদান-প্ৰদান কৰিব পাৰে তাৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকে স্কুলৰ শিক্ষা আৰম্ভ হোৱাৰ পূৰ্বে আৰু শিক্ষা গ্ৰহণৰ অন্তত একে ঠাইতে গোটখাই নিজ নিজ ব্যক্তিগত ক্ৰিয়া-অভিজ্ঞতা আদান-প্ৰদানৰ সুযোগ দিয়া হয়। এনে ব্যৱস্থাই ছাত্ৰসকলৰ সামাজিক প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে।

(৫) পথ প্ৰদৰ্শক স্বৰূপে শিক্ষকঃ এই আঁচনিখনত শিক্ষকৰ প্ৰয়োজন আৰু তেওঁৰ ভূমিকা অস্বীকাৰ কৰা হোৱা নাই। শিক্ষকে ইয়াত পথ প্ৰদৰ্শক স্বৰূপে দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। তেওঁ সচৰাচৰ ছাত্ৰসকলৰ ব্যক্তিগত ক্ৰিয়াত হস্তক্ষেপ নকৰে। শিক্ষকে প্ৰথমেই ছাত্ৰসকলক আঁচনিখনৰ ক্ৰিয়া-কলাপ আৰু ইয়াৰ ক্ৰিয়া চুক্তি সম্বন্ধে পৰিচয় কৰাই দিয়ে। তেওঁ ছাত্ৰসকলে নিজ ক্ৰিয়াত কিদৰে অগ্ৰসৰ হ’ব লাগে আৰু কেনেবোৰ কিতাপ-পত্ৰ আৰু শিক্ষা সা-সঁজুলি তাৰবাবে প্ৰয়োগ কৰিব লাগে এই সম্বন্ধে নিৰ্দেশ দিয়ে। ছাত্ৰসকলে কঠিন পৰিস্থিতিত পৰাৰ বেলিকাও শিক্ষকে প্ৰয়োজনীয় নিৰ্দেশনা দি তেওঁলোকক সহায় কৰিব লাগে।

এই আঁচনিৰ বিভিন্ন ক্ৰিয়া-কলাপঃ

 

গতানুগতিক শ্ৰেণী শিক্ষাতকৈ পৃথক এক নতুন শিক্ষা পদ্ধতি স্বৰূপে ইয়াৰ ক্ৰিয়া-কলাপসমূহৰ বিশেষত্ব মন কৰিবলগীয়া। আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ পৰিপ্ৰেক্ষিতত এইসমূহ আমাৰ বাবে বিশেষ অনুপ্ৰেৰণাদায়ক হৈ উঠিব পাৰে। পাঠ্যক্ৰমৰ প্ৰস্তুত কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিবৰ বাবে এই আঁচনিখনে সুপৰিকল্পিতভাৱে ছাত্ৰসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। শিক্ষাত শিক্ষাৰ্থীসকল নিৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে তেওঁলোকে সক্ৰিয় কৰ্মীৰ ভূমিকা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। ডল্টন আঁচনিখনৰ তলত বৰ্ণনা কৰা পৰ্যায় ক্ৰম আৰু প্ৰণালীবদ্ধ ক্ৰিয়া-কলাপসমূহে ইয়াৰ বৈশিষ্ট্য ভালদৰে প্ৰকাশ কৰিব পাৰে।

(১) কৰ্মচুক্তি আৰু ক্ৰিয়াৰ দায়িত্ব গ্ৰহণঃ ডল্টন আঁচনিত ছাত্ৰই কৰিব লগা সকলো কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সুকলমে হৈ উঠিবৰ বাবে এক সুপৰিকল্পিত আঁচনি প্ৰস্তুত কৰি তোলা হয়। ইয়াত শিক্ষকে গোটেই বছৰৰ বাবে ছাত্ৰই কৰিব লগা ক্ৰিয়া আঁচনি তেওঁলোকৰ আগত দাঙি ধৰে। ছাত্ৰসকলে ইয়াত প্ৰতিজ্ঞা গ্ৰহণ কৰিব লাগে যে তেওঁলোকে নিৰ্ধাৰিত শৈক্ষিক সময়সীমাৰ ভিতৰত নিজ নিজ ক্ৰিয়া সম্পাদন কৰিব। ইয়াকে চুক্তি বুলি জনা যায়। প্ৰতিটো বিষয়ৰ বাবেই পৃথক পৃথকভাৱে ক্ৰিয়া আঁচনি গোটেই বছৰৰ বাবে ভাগ কৰা হয়। এই বিভাজনক পুনৰ প্ৰতিটো মাহৰ বাবেই ১২টা উপৰিভাগ কৰা হয়। এই ক্ৰিয়া বিভাজনকেই দায়িত্ব গ্ৰহণ বা ‘assignment’ নামে জনা যায়। গোটেই বছৰৰ বাবে শিক্ষাৰ কাৰ্যকলাপ এনেদৰে ছাত্ৰসকলৰ বাবে প্ৰস্তুত কৰি তোলাকে ক্ৰিয়া চুক্তি বুলি জনা যায়।

(২) ক্ৰিয়া এককঃ ছাত্ৰসকলৰ বাবে প্ৰস্তুত কৰি তোলা এই ক্ৰিয়া আঁচনি পুনৰ একো একোটা গোটত পৰিকল্পিতভাৱে প্ৰস্তুত কৰি তোলা হয়। এই একক হৈছে একো একোটা দিনৰ বাবে কৰিবলগীয়া কাম। পাঠ্যক্ৰমৰ প্ৰতিটো পাঠ পাঁচটা অংশত অথবা এককত বিভক্ত কৰা হয়। সেইবাবে ছাত্ৰসকলে একো একোটা মাহত মুঠ ৪ টা পাঠ ২০ টা এককত সম্পূৰ্ণ কৰিব লাগে। অৱশ্যে এই ক্ষেত্ৰত ছাত্ৰসকলে প্ৰতিটো একক প্ৰতিদিনে সম্পূৰ্ণ কৰাৰ তেনে কোনো বাধ্য-বাধকতা বা ধৰাবন্ধা নিয়ম নাথাকে। তেওঁলোকে নিজ ক্ৰিয়া নিজৰ দায়িত্বত সম্পূৰ্ণ কৰাৰ স্বাধীনতা ইয়াত পাব পাৰে। তেওঁলোকৰ নিৰ্ধাৰিত কাৰ্যসূচী যথাসময়ত সম্পূৰ্ণ কৰি তুলিবৰ বাবে ই এক নিৰ্দেশনা স্বৰূপহে মাথোন।

(৩) প্ৰয়োগশালাৰ ক্ৰিয়াঃ ডল্টন আঁচনিৰ এক প্ৰধান বৈশিষ্ট্য হৈছে শ্ৰেণী-শিক্ষাৰ পৰিৱেশক পৰীক্ষাগাৰৰ ক্ৰিয়া পৰিৱেশলৈ ৰূপান্তৰ কৰা। প্ৰতিটো বিষয়ৰ শিক্ষাৰ বাবে একো একোজন পৰীক্ষাগাৰৰ বিশেষজ্ঞ শিক্ষকক দায়িত্ব দিয়া হয়। বিষয়ৰ প্ৰয়োজন অনুসৰি পৰীক্ষাগাৰত পুথি আৰু অন্যান্য শিক্ষাৰ সা-সঁজুলি যুগুত কৰি ৰখা হয়। ছাত্ৰসকলে তেওঁলোকৰ ইচ্ছা আৰু প্ৰয়োজন অনুসৰি যিকোনো সময়তে এই প্ৰয়োগশালালৈ গৈ নিজ ক্ৰিয়া সম্পাদন কৰিব পাৰে। তেওঁলোকে ইয়াত শিক্ষকৰ পৰা ক্ৰিয়াৰ দায়িত্ব গ্ৰহণ কৰে আৰু ইয়াৰ পিছত নিজ যোগ্যতা, আগ্ৰহ আৰু সুবিধা অনুযায়ী ক্ৰিয়া সম্পাদন কৰে। উল্লেখযোগ্য যে প্ৰয়োগশালাৰ ক্ৰিয়া সম্পাদনত শিক্ষকৰ কৰ্তৃত্বতকৈ ছাত্ৰৰ ব্যক্তিগত স্বাধীনতা আৰু প্ৰয়োজনীয়তাত অধিক গুৰুত্ব আৰু প্ৰাধান্য দিয়া হয়।

(৪) সমাৱেশ আৰু সন্মিলনঃ ডল্টন স্কুল পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে গোটেই দিন মুকলি থাকে। কেৱল দিনৰ ১ আৰু ২ বজাৰ ভিতৰত এঘণ্টাৰ বাবে বিৰতি থাকে। স্কুলৰ আৰম্ভণিৰ বেলিকা সকলো ছাত্ৰই এক নিৰ্দিষ্ট স্থানত গোট খাব লাগে। ইয়াতেই শিক্ষকে সমূহীয়াভাৱে তেওঁলোকক প্ৰয়োজনীয় বা-বাতৰি আৰু পৰামৰ্শ আদি প্ৰদান কৰে। ইয়াৰ পিছত ছাত্ৰসকলে তেওঁলোকৰ নিজ নিজ প্ৰয়োগশালাৰ কামলৈ যাব লাগে। দৈনিক ক্ৰিয়াৰ অন্তত তেওঁলোকে সন্মিলন পাতিব লাগে আৰু ইয়াত তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা আৰু সুবিধা-অসুবিধা আদি পৰস্পৰে আদান-প্ৰদান আৰু আলোচনা-বিলোচনা কৰিব লাগে। এনে ব্যৱস্থাই তেওঁলোকক ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা লাভৱান হ’বৰ বাবে প্ৰয়োজনীয় সামাজিক সুবিধা দান কৰে। ইয়াৰ উপৰি এই শিক্ষা পদ্ধতিয়ে ছাত্ৰসকলক অত্যন্ত আত্মকেন্দ্ৰিক হৈ উঠাৰ পৰা ৰক্ষা কৰিব পাৰে।

(৫) ৰেখা-চিত্ৰৰ ব্যৱহাৰঃ ছাত্ৰসকলৰ শিক্ষা অগ্ৰগতি বস্তুনিষ্ঠভাৱে লিপিবদ্ধ কৰি ৰাখিবলৈ ইয়াত ৰেখা-চিত্ৰৰ প্ৰয়োগ কৰা হয়। এনে ব্যৱস্থাই ছাত্ৰ আৰু শিক্ষকসকলক তেওঁলোকৰ ক্ৰিয়া অগ্ৰগতিৰ অৱস্থা জানি উঠিবৰ বাবে আৰু তেওঁলোকৰ কৰ্ম-চুক্তি নিয়মিতভাৱে সম্পাদন কৰি তুলিবৰ বাবে বিশেষ সহায় কৰে। ডল্টন স্কুলত ছাত্ৰৰ কৃতকাৰ্যতা-অকৃতকাৰ্যতা নিৰ্ণয়ৰ বাবে পৰীক্ষাৰ তেনে কোনো ব্যৱস্থা নাথাকে। ইয়াত প্ৰতিজন ছাত্ৰই তেওঁলোকৰ নিজ নিজ ক্ৰিয়া অগ্ৰগতিৰ স্বৰূপ ৰেখা চিত্ৰত উপস্থাপন কৰিব লাগে। আন এবিধ ৰেখা-চিত্ৰ বিষয় শিক্ষকে ছাত্ৰৰ অগ্ৰগতিৰ ওপৰত প্ৰস্তুত কৰিব লাগে। ইয়াৰ যোগেদি শিক্ষকে ছাত্ৰৰ ব্যক্তিগত শিক্ষা অগ্ৰগতিৰ বোজা লব পাৰে। তৃতীয়বিধ ৰেখা-চিত্ৰ প্ৰস্তুত কৰি অভিভাৱকসকলৰ দৃষ্টি আকৰ্ষণৰ বাবে ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হয়। এনে ব্যৱস্থাৰ হেতুকে ছাত্ৰৰ শিক্ষা অগ্ৰগতি সকলোৰে বাবে জনাজাত হৈ উঠে। পৰীক্ষা পাতি ছাত্ৰৰ শিক্ষা-অভিজ্ঞতা শিক্ষকে গোপনে মূল্যায়ন কৰাৰ প্ৰয়োজনীয়তা ইয়াত নাথাকে।

ডল্টন আৰু সাধাৰণ মাধ্যমিক স্কুলৰ মাজত পাৰ্থক্যঃ

 

এই দুয়োবিধ স্কুলৰ মাজৰ পাৰ্থক্য নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

ডল্টন স্কুল

সাধাৰণ মাধ্যমিক স্কুল

(১) শ্ৰেণীকক্ষৰ পৰিহাৰ কৰি প্ৰয়োগশালাৰ পৰিৱেশত শিক্ষা দিয়া হয়।

(১) শ্ৰেণীকক্ষত শিক্ষকৰ সাধাৰণ নিৰ্দেশনাৰ যোগে মৌখিকভাৱে শিক্ষা দিয়া হয়।

(২) ছাত্ৰই ব্যক্তিগত ক্ৰিয়াৰ যোগেদি আত্ম-শিক্ষা আহৰণ কৰে।

(২) ছাত্ৰই ব্যক্তিগত ক্ৰিয়াৰ যোগেদি শিক্ষাগ্ৰহণৰ সুবিধা নাথাকে।

(৩) ছাত্ৰই শিক্ষণীয় বিষয়ৰ দায়িত্ব নিজে অনুভৱ কৰি উঠিব পাৰে।

(৩) ছাত্ৰই নিজ দায়িত্বৰ বাবে শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।

(৪) স্কুলৰ পাঠ্যসূচী আৰু কাৰ্যসূচী সময়ৰ বিভাজনেৰে সুপৰিকল্পিত।

(৪) পাঠ্যসূচী আৰু কাৰ্যসূচীৰ সময়সাপেক্ষ কোনো ব্যৱস্থা নাই।

(৫) নিজ ক্ৰিয়াৰ বাবে ছাত্ৰসকলে অধিক স্বাধীনতা লাভ কৰে।

(৫) নিজ ক্ৰিয়া সম্পাদনৰ কোনো স্বাধীনতা ছাত্ৰসকলৰ নাথাকে।

(৬) শিক্ষকে নিৰ্দেশক আৰু পথ-প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে।

(৬) শিক্ষকে শিক্ষাদানৰ প্ৰত্যক্ষভাৱে মুখ্য ভূমিকা গ্ৰহণ কৰে।

(৭) শিক্ষাৰ অন্তত ছাত্ৰৰ পৰীক্ষা গ্ৰহণৰ প্ৰয়োজন নাথাকে।

(৭) শিক্ষাৰ অন্তত শিক্ষকে ছাত্ৰৰ পৰীক্ষা গ্ৰহণ কৰিব লাগে।

(৮) ছাত্ৰই শিক্ষা অগ্ৰগতিৰ ৰূপৰেখা নিজেই প্ৰস্তুত কৰিব লাগে।

(৮) ছাত্ৰই নিজ শিক্ষা অগ্ৰগতিৰ বোজ লোৱাৰ কোনো ব্যৱস্থা নাই।

(৯) প্ৰয়োগশালাৰ পৰিৱেশে ছাত্ৰৰ মনত বিষয়বস্তুৰ প্ৰতি স্বাভাৱিক কৌতূহল জগাই তোলে।

(৯) শ্ৰেণীকক্ষৰ গতানুগতিক পৰিৱেশে ছাত্ৰৰ মনত বিষয়বস্তুৰ স্বাভাৱিক কৌতূহল জগাই তুলিব নোৱাৰে।

(১০) শিক্ষাৰ ব্যক্তিগত আৰু সামাজিক দিশৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰে।

(১০) শিক্ষাৰ শ্ৰেণীকক্ষত সামাজিক পৰিৱেশ ৰচনা কৰি ব্যক্তিগত দিশৰ প্ৰতি অৱহেলা কৰা হৈছে।

এই আঁচনিত শিক্ষকৰ ভূমিকাঃ

 

ডল্টন আঁচনিত ছাত্ৰৰ ব্যক্তিগত ক্ৰিয়াত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। তাৰ বাবে তেওঁলোকৰ নিজ ক্ৰিয়াত স্বাধীনতা দিয়া হয় আৰু তাৰ যোগেদি আত্ম-উপলব্ধি আৰু দায়িত্ববোধ ভাব জগাই তোলা হয়। ছাত্ৰই নিজৰ সমস্যা নিজেই সমাধান কৰি লোৱাত উৎসাহ প্ৰদৰ্শন কৰা হয়। তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিও ছাত্ৰসকলে নিজেই মূল্যায়ন আৰু চিত্ৰায়ন কৰিব লাগে। এনে এটা শৈক্ষিক ক্ৰিয়া ব্যৱস্থাত শিক্ষকে কেনে ভূমিকা ল’ব লাগে অথবা এইক্ষেত্ৰত তেওঁৰ স্থান আৰু প্ৰয়োজন কোনখিনিত সি স্বাভাৱিকতেই আমাৰ বিচাৰ্য বিষয়।

এইক্ষেত্ৰত উল্লেখযোগ্য যে সচৰাচৰ আমাৰ মাধ্যমিক স্কুলবোৰত শিক্ষা আৰু অনুশাসন ৰক্ষাৰ যি সাধাৰণ দায়িত্ব আৰু সমস্যা শিক্ষকৰ ওপৰত আহি পৰে সি ডল্টন স্কুলত সৃষ্টি হৈ উঠিব নোৱাৰে। কাৰণ ছাত্ৰসকলক দিয়া স্বাধীনতা আৰু নিজ ক্ৰিয়াৰ দায়িত্ববোধ ভাবে তেওঁলোকৰ মনলৈ আস্থা, নিষ্ঠা আৰু বিশ্বাসৰ ভাব আনি দিয়ে। এনে বিশ্বাসৰ ভাব জড়িত এক শিক্ষা পৰিৱেশ গঢ় দি তুলিব পৰা হোৱা বাবে শিক্ষকৰ সমস্যা আৰু অনুশাসনৰ দায়িত্ব স্বাভাৱিকতেই লাঘব হৈ পৰে। ফলত তেওঁৰ শৈক্ষিক ক্ৰিয়াৰ দায়িত্ব নিম্ন পৰ্যায়ৰ সাধাৰণ শিক্ষা-অনুশাসন ব্যৱস্থাৰ পৰা এক উচ্চ পৰ্যায়লৈ উঠে। তেওঁ ছাত্ৰসকলক পাঠদানকাৰী হোৱাৰ পৰিৱৰ্তে বন্ধু, সহায়ক, নিৰ্দেশক আৰু পথ-প্ৰদৰ্শক স্বৰূপে নিজৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। ছাত্ৰসকলৰ নিজ নিজ ক্ৰিয়াৰ যোগেদি শিক্ষকে তেওঁলোকৰ লগত ব্যক্তিগতভাৱে পৰিচিত হৈ উঠিব পাৰে। যি কোনো সময়তে ছাত্ৰসকলে তেওঁলোকৰ প্ৰয়োজন মতে সমস্যা সমাধানৰ বাবে শিক্ষকৰ সহায় আৰু পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

ডল্টন স্কুলত শিক্ষকৰ দায়িত্ব আৰু ভূমিকা সম্বন্ধে চাৰ জন আদামচে সংক্ষেপে উল্লেখ কৰা নিম্নলিখিত কথাকেইটা এই প্ৰসংগত উল্লেখযোগ্য।

(১) অধ্যয়ন কক্ষত ছাত্ৰই অধ্যয়নৰ এক পৰিৱেশ ৰচনা কৰা।

(২) ছাত্ৰৰ ক্ৰিয়া-চুক্তিৰ বিস্তৃতভাৱে ব্যাখ্যা কৰা।

(৩) বিভাগীয় বিষয়ৰ সা-সৰঞ্জামবোৰৰ বিষয়ে প্ৰয়োজনীয় বা-বাতৰি দিয়া।

(৪) বিশিষ্ট একোটা সমস্যা সন্মুখীন হোৱাৰ পদ্ধতি সম্বন্ধে ছাত্ৰসকলক পৰামৰ্শ দিয়া।

(৫) যেতিয়া প্ৰয়োজনে দেখা দিয়ে তেতিয়া ছাত্ৰক কোনো কথাৰ বিস্তৃত ব্যাখ্যা দিয়া আৰু মূল বিষয়টোৰ লগত তাৰ নীতিগত সম্বন্ধ দেখুওৱা।

ডল্টন আঁচনিৰ সফলতা আৰু বিফলতাঃ

 

যিকোনো নতুন শিক্ষা আঁচনিয়েই তাৰ কাৰ্যকৰণত সফলতা আৰু বিফলতাৰ সন্মুখীন হ’ব লাগে। এই ক্ষেত্ৰত পাৰখাৰ্ষ্টৰ ডল্টন আঁচনিও তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ গ্ৰহণযোগ্যতা সম্বন্ধে বিবেচনা কৰি চাবৰ বাবে আঁচনিখনৰ ভাল-বেয়া দুয়োটা দিশেই সাৱধানে বিচাৰ কৰি চোৱাটো অতি প্ৰয়োজন। এই প্ৰসংগত ইয়াৰ নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য।

সফলতাঃ

(১) ছাত্ৰ-ছাত্ৰীসকলক নিজে দায়িত্ব গ্ৰহণৰ শিক্ষা দিয়াৰ বেলিকা ডল্টন আঁচনিখন বিশেষ কৃতকাৰ্য হোৱা বুলি কব পাৰি। ইয়াৰ চুক্তি সম্পাদন আৰু দায়িত্বগ্ৰহণ কাৰ্যই তেওঁলোকক নিজৰ কৰ্তব্যবোধৰ ভাব মনত সহজে জগাই তুলিব পাৰে। ছাত্ৰৰ আত্ম-শিক্ষাৰ বাবে ই এক অতি প্ৰয়োজনীয় চৰ্ত বুলি ক’ব পাৰি।

(২) এই শিক্ষা আঁচনিখনে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজ ক্ৰিয়াৰ স্বাধীনতা, আনন্দ আৰু স্বতঃস্ফূৰ্ততা দান কৰিব পাৰে। তেওঁলোকে কম বয়সৰে পৰা নিজ ক্ৰিয়াৰ যোগে আত্ম-নিৰ্ভৰশীল হ’বলৈ শিকে যি তেওঁলোকৰ ভৱিষ্যৎ জীৱনৰ বাবে বিশেষ সহায়কাৰী হৈ উঠিব পাৰে। ব্যক্তিগতভাৱে সমস্যাৰ সন্মুখীন হোৱা আৰু তাৰ সমাধানৰ প্ৰচেষ্টা চলোৱাটোও ই সম্ভৱ কৰি তুলিব পাৰে।

(৩) ছাত্ৰক ব্যক্তিগতভাৱে নিজ ক্ষমতা, যোগ্যতা আদিৰ বিকাশ লাভত এই আঁচনিখনে সুবিধা দান কৰিব পাৰে। মেধাবী আৰু অনগ্ৰসৰ এই দুয়োবিধ ছাত্ৰই ইয়াত এজনে আনজনৰ উন্নতি আৰু অগ্ৰগতিত বাধাস্বৰূপ হৈ উঠিব নোৱাৰে। মানসিকভাৱে বিভিন্ন পৰ্যায়ৰ ছাত্ৰই বিকাশৰ সমান সুবিধা ইয়াত পাব পাৰে।

(৪) ডল্টন আঁচনিয়ে প্ৰচলিত পৰীক্ষা ব্যৱস্থা অনাৱশ্যক কৰি তোলে। তেওঁলোকে প্ৰচলিত পৰীক্ষাৰ ভয়, উৎকণ্ঠা আদিৰ পৰা মুক্ত হ’ব পাৰে। কাৰণ ইয়াত ছাত্ৰৰ ব্যক্তিগত কৃতকাৰ্যতা-অকৃতকাৰ্যতাৰ প্ৰশ্ন নুঠে, যিহেতু প্ৰতিজন ছাত্ৰই নিজ ক্ৰিয়াৰ চুক্তি নিজস্বভাৱে সম্পাদন কৰি তোলে। শিক্ষকৰ ব্যক্তিনিষ্ঠ মূল্যায়নৰ অভিযোগো ইয়াত উঠিব নোৱাৰে।

(৫) পৰীক্ষাগাৰৰ পৰিৱেশে প্ৰতিটো বিষয় আগ্ৰহ, সন্মান আৰু সুবিধাজনকভাৱে শিকাৰ সুবিধা দিয়া বাবে ছাত্ৰসকলে এই ব্যৱস্থাৰ শিক্ষাত আত্মগৌৰৱ অনুভৱ কৰি উঠিব পাৰে। ই শিক্ষাৰ আদৰ্শ আৰু আশানুৰূপ পৰিৱেশ গঢ়ি তুলিব পাৰে আৰু ছাত্ৰ-শিক্ষক উভয়ৰে সহযোগিতাৰ যোগেদি ক্ৰিয়াত্মক শিক্ষাৰ প্ৰকৃত আনন্দ দিব পাৰে।

(৬) এই শিক্ষা আঁচনিয়ে ছাত্ৰৰ মনত বিশেষীকৰণ আৰু বিশেষ উচ্চ পৰ্যায়ত অধ্যয়নৰ প্ৰতি আগ্ৰহ-অভিৰুচি জগাই তুলিব পাৰে। বিশেষজ্ঞ শিক্ষকৰ তলত পৰীক্ষাগাৰৰ পৰিকল্পিত পৰিৱেশত কাৰ্যকৰীভাৱে কোনো বিষয়ৰ অধ্যয়নৰ সুবিধা পোৱা বাবে তেওঁলোকে নিজ শিক্ষাৰ সাৰ্থকতা অনুভৱ কৰি উঠিব পাৰে। ই গতানুগতিক স্কুলীয়া শিক্ষাৰ দৰে ছাত্ৰসকলৰ মনত কেৱল যন্ত্ৰচালিত বিধৰ হৈ নাথাকে।

(৭) এই আঁচনিৰ শিক্ষা ব্যৱস্থাৰ ফলত স্কুলৰ অনুশাসন ৰক্ষা কৰাটো কোনো সমস্যা স্বৰূপ হৈ উঠিব নোৱাৰে। ছাত্ৰসকলে ইয়াত নিজ নিজ ক্ৰিয়াৰ দায়িত্ব আৰু তাক সুকলমে পালন কৰিবৰ বাবে আত্ম-অনুশাসনৰ মনোভাৱ গ্ৰহণ কৰিব পাৰে। এই ব্যৱস্থাই তেওঁলোকৰ মনত আস্থা, নিষ্ঠা আৰু বিশ্বাসৰ মনোভাৱ গঢ় দি তুলিব পাৰে, যাৰ ফলত অনুশাসন ব্যৱস্থা স্বতঃস্ফূৰ্ত অৱস্থাত পৰিণত হয়।

(৮) ছাত্ৰসকলৰ ব্যক্তিগত শিক্ষা অগ্ৰগতিৰ ৰেখা চিত্ৰ সংগ্ৰহ কৰা ব্যৱস্থা শিক্ষাৰ বাবে বিশেষ সহায়কাৰী হৈ উঠিব পাৰে। ছাত্ৰ-শিক্ষক উভয়ে তেওঁলোকৰ নিজ ক্ৰিয়াৰ অগ্ৰগতি ইয়াৰ যোগেদি সময়ে সময়ে নিৰীক্ষণ কৰিব পাৰে আৰু সেইমতে নিজক খাপ খুৱাই লব পাৰে। কোনো ছাত্ৰই শিক্ষাক্ষেত্ৰত নিজকে গোপন ৰখাৰ অথবা নিজ কৰ্তব্যৰ পৰা নিজকে আঁতৰাই ৰখাৰ প্ৰচেষ্টা চলাব নোৱাৰে।

(৯) এই আঁচনিখন প্ৰশংসনীয় হোৱাৰ আন এটা প্ৰধান কাৰণ হৈছে ই ছাত্ৰসকলক ব্যক্তিগত ক্ৰিয়াৰ সুবিধা আৰু সামাজিক আদান-প্ৰদানৰ পৰিৱেশ সমানে প্ৰদান কৰিব পাৰে। ইয়াত শিক্ষাগ্ৰহণ কাৰ্য ব্যক্তিমুখী কৰা হৈছে, কিন্তু আনহাতে ছাত্ৰৰ বোধশক্তি, ধাৰণাৰ সঠিকতা আৰু জ্ঞানৰ প্ৰশংসা আদি কাৰ্য সমাজমুখী কৰা হৈছে।

(১০) ডল্টন আঁচনিখনে শিক্ষকৰ দায়িত্ব আৰু মান-সন্মান আদি উন্নত পৰ্যায়লৈ তুলি ধৰিছে। এই শিক্ষা ব্যৱস্থাত শিক্ষক কেৱল মাথোন প্ৰবক্তাই নহয়, তেওঁ ছাত্ৰসকলৰ বন্ধু, সহায়ক, নিৰ্দেশক আৰু পথ-প্ৰদৰ্শক স্বৰূপ। তেওঁৰ ভূমিকা হৈছে পৰোক্ষ কিন্তু অধিক দায়িত্বপূৰ্ণ। এই শিক্ষা ব্যৱস্থাই তেওঁক প্ৰকৃত ৰূপত friend, philosopher আৰু guide স্বৰূপে প্ৰতিস্থাপিত কৰি তুলিব পাৰে।

আঁচনিখনৰ বিফলতাঃ

(১) ডল্টন আঁচনিখনক এক ধনতন্ত্ৰবাদী শিক্ষা ব্যৱস্থা স্বৰূপে সমালোচনা কৰা হয়। ইয়াত প্ৰতিটো বিষয়ৰ শিক্ষা সুসজ্জিত প্ৰয়োগশালাৰ যোগেদি দিব লগা হয়। ইয়াৰ ফলত শিক্ষাদান কাৰ্যত প্ৰচুৰ ধনৰ প্ৰয়োজন হয়, যাক দুখীয়ে দেশবোৰে বহন কৰাটো সম্ভৱ হৈ উঠিব নোৱাৰে।

(২) ইয়াত ছাত্ৰই প্ৰতিটো বিষয়ৰ বাবে ব্যক্তিগতভাৱে প্ৰয়োগৰ শিক্ষা-সঁজুলি পাব পৰাটো বিশেষ অসুবিধা। বিশেষকৈ শ্ৰেণীৰ ছাত্ৰ সংখ্যা অধিক আৰু অনিয়ন্ত্ৰিত বিধৰ হৈ উঠিলে এই ব্যৱস্থা কাৰ্যকৰী কৰাটো কঠিন। প্ৰতিটো বিষয়ৰ শিক্ষা-সঁজুলি প্ৰতিজন ছাত্ৰৰ বাবে যুগুত কৰিব নোৱাৰিলে ইয়াৰ সফলতা লাভৰ আশা কৰিব নোৱাৰি।

(৩) বহুতো শিক্ষকে তেওঁলোকৰ প্ৰচলিত শ্ৰেণীকক্ষৰ শিক্ষা ব্যৱস্থাৰ অৱসান ঘটাবলৈ নিবিচাৰে। ডল্টন আঁচনিখনৰ মতে শিক্ষকসকলে সকলো সময়তে প্ৰয়োগশালাৰ ভিতৰত সোমাই থকা আৰু ছাত্ৰসকলে নিজৰ ইচ্ছামতে যিকোনো সময়ত তেওঁলোকৰ ওচৰলৈ যোৱা ব্যৱস্থা শিক্ষকসকলৰ বাবে তিক্ততাদায়ক হৈ উঠাটো স্বাভাৱিক।

(৪) এই আঁচনিখন পাব্লিক স্কুলৰ দৰে উন্নত অৱস্থাৰ স্কুলত কাৰ্যকৰী কৰিব পৰা হ’লেও পিছপৰা অঞ্চলৰ সাধাৰণ স্কুলত ইয়াৰ কাৰ্যকৰী কৰাটো সম্ভৱ নহয়। এখন সাধাৰণ মাধ্যমিক স্কুলে বিজ্ঞান বিষয়ৰ অধ্যয়নৰ বাবে এটা পৰীক্ষাগাৰ কোনোমতে যোগাৰ কৰিব পাৰিলেও স্কুলৰ প্ৰতিটো বিষয়ৰ শিক্ষাৰ বাবে পৰীক্ষাগাৰ স্থাপনৰ কথা ভাবিব নোৱাৰে।

(৫) এই কথা মন কৰিবলগীয়া যে প্ৰয়োগশালা পদ্ধতিৰে শিক্ষাৰ সকলো বিষয়কে উপযুক্তভাৱে শিকোৱাটো সম্ভৱ হৈ নুঠে। উদাহৰণস্বৰূপে সাহিত্য বিষয়ৰ অধ্যয়ন কৰিবৰ বাবে শ্ৰেণীকক্ষৰ এক সামাজিক পৰিৱেশৰ প্ৰয়োজন, যত ছাত্ৰ-শিক্ষকে নিজৰ ভাব-অনুভূতিৰ আদান-প্ৰদান কৰিব পাৰে।

(৬) ডল্টন শিক্ষা পদ্ধতি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত শিক্ষা কৰ্তৃপক্ষই কেতবোৰ বিশেষ অসুবিধাৰো সন্মুখীন হ’ব ল’গা হ’ব পাৰে। এই পদ্ধতিৰ শিক্ষাৰ বিশেষভাৱে প্ৰস্তুত কৰা পাঠ্যপুথি, প্ৰয়োগশালাৰ মেনুৱেল আৰু বিশেষজ্ঞসকলৰ অভাৱত শিক্ষা সুকলমে পৰিচালনা কৰাটো সম্ভৱ হৈ উঠিব নোৱাৰে।

(৭) ইয়াৰ উপৰি অনুশাসন ব্যৱস্থা উন্নত নোহোৱা স্কুলত এই শিক্ষা ব্যৱস্থাৰ সুফল আশা কৰাটো বৃথা। ছাত্ৰ-শিক্ষক সকলোৰেই মনত আত্ম-অনুশাসন, কৰ্তব্যবোধ, আস্থা আৰু নিষ্ঠাৰ ভাব গঢ়ি তুলিব পৰা পৰিৱেশ সৃষ্টি কৰাটো সহজ কথা নহয়। আত্ম-অনুশাসনৰ ভাব অভাৱ হোৱা শিক্ষানুষ্ঠানত এই পদ্ধতিয়ে শিক্ষাৰ অধিক ক্ষতিসাধন কৰি তুলিবহে পাৰে।

(৮) মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও ক’ব পাৰি যে এই শিক্ষা পদ্ধতিয়ে ছাত্ৰৰ ব্যক্তি পাৰ্থক্যৰ প্ৰশ্নৰ প্ৰতি প্ৰয়োজনীয় দৃষ্টি নিক্ষেপ কৰা নাই। বৌদ্ধিকভাৱে উচ্চ আৰু নিম্নমানৰ সকলো ছাত্ৰই নিজ ক্ৰিয়া-চুক্তি সমানে স্বাক্ষৰ কৰি তাক নিজে নিজে সম্পাদনৰ আশা কৰিব নোৱাৰি। বিশেষকৈ বৌদ্ধিক নিম্নমানৰ অন্তৰ্মুখী আৰু মানসিকভাৱে হীনমন্যতাত ভোগা ছাত্ৰৰ বাবে এই আঁচনিয়ে বিশেষ অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

ভাৰতীয় শিক্ষাত এই আঁচনিখনৰ কাৰ্যকাৰিতাঃ

ডল্টন শিক্ষা আঁচনি আমাৰ দেশৰ মাধ্যমিক স্কুলত কাৰ্যকৰী কৰি তোলাৰ সম্ভাৱনীয়তা কিমানখিনি- এই প্ৰশ্ন আমাৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। এই প্ৰসংগত ক’ব পাৰি যে এই শিক্ষা আঁচনিখনৰ কেতবোৰ শিক্ষা-আদৰ্শ আৰু পদ্ধতি আমাৰ দেশৰ বাবে উৎসাহজনক হ’লেও ইয়াৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে।

প্ৰথমেই উল্লেখযোগ্য যে আমেৰিকাৰ দৰে ধনতন্ত্ৰবাদী আৰু আৰ্থিকভাৱে উন্নত দেশত ই কাৰ্যকৰী হৈ উঠিলেও ভাৰতত ই সম্ভৱ নহয়। ইয়াৰ প্ৰৱৰ্তন কৰিলে পাব্লিক স্কুলৰ এক আচুতীয়া শিক্ষা ব্যৱস্থাৰ দৰে অগণতান্ত্ৰিক শিক্ষা ব্যৱস্থা এটাৰহে ই গঢ় দি তুলিব। বৰ্তমান ভাৰত চৰকাৰে গ্ৰহণ কৰা সকলো শ্ৰেণীৰ লোকৰ বাবে সমানে শিক্ষা সা-সুবিধা দানৰ নীতিৰ ই পৰিপন্থী হৈ উঠিব পাৰে।

দ্বিতীয়তে ডল্টন আঁচনি হৈছে প্ৰয়োগশালা ভিত্তিক শিক্ষা যাৰ বাবে প্ৰতিটো বিষয়ৰ শিক্ষা প্ৰয়োগশালাৰ যোগেদিহে দিয়া হয়। কিন্তু আমাৰ মাধ্যমিক স্কুলবোৰত প্ৰতিটো বিষয়ত প্ৰয়োগশালা স্থাপন কৰাটো দূৰৰ কথা, কেৱল বিজ্ঞান বিষয়ৰ শিক্ষাৰ বাবেও পৰীক্ষাগাৰৰ ন্যূনতম সা-সুবিধাখিনিৰ এতিয়াও অভাৱ। শিক্ষাৰ বৈষয়িক সা-সুবিধা উন্নত নোহোৱা অৱস্থাত এই আঁচনিখনে সফলতা লাভ কৰাৰ কথা আমি ভাবিব নোৱাৰো।

তৃতীয়তে, বিশেষজ্ঞ শিক্ষক আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ হ’লে যিকোনো শিক্ষকেই এই আঁচনিখনৰ সফল ৰূপ দিয়াৰ আশা কৰিব নোৱাৰি। আনহাতে আমাৰ দেশৰ মাধ্যমিক পৰ্যায়ত স্কুলৰ সাধাৰণ বিষয়ৰ শিক্ষাৰ বাবে উপযুক্তভাৱে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ এতিয়াও গুচা নাই। অনভিজ্ঞ আৰু প্ৰশিক্ষণ নোপোৱা শিক্ষকৰ হাতত ডল্টন আঁচনিৰ ব্যৱস্থাই শিক্ষাত বিশৃংখলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনীয়তাই অধিক।

চতুৰ্থতে উল্লেখযোগ্য যে এই আঁচনিৰ কৰ্ম-চুক্তি সম্পাদন কৰাটো সহজ কিন্তু তাক বাস্তৱত ৰূপদান কৰাটো যথেষ্ট কঠিন কাম। ইয়াৰ বাবে ছাত্ৰ-শিক্ষক উভয়ৰে একাগ্ৰতা, মনোবল আৰু কৰ্তব্যনিষ্ঠা ভাবৰ প্ৰয়োজন। কিন্তু বৰ্তমান আমাৰ শিক্ষাত নৈতিক মনোবল ইমানেই নিম্নগামী হৈ পৰিছে যে এনেবোৰ গুণ ছাত্ৰ-শিক্ষকসকলৰ পৰা আশা কৰিব পৰা নাযায়। ইয়াৰ উপৰি শিক্ষকসকলে স্কুলৰ শৈক্ষিক পৰিৱেশ এটা ৰচনা কৰি তুলিব নোৱাৰা অৱস্থাত এই আঁচনিয়ে কেতিয়াও সফলতা লাভ কৰি উঠিব নোৱাৰে।

পঞ্চমত ক’ব পাৰি যে এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে ছাত্ৰসংখ্যা শিক্ষকৰ নিয়ন্ত্ৰণাধীন হোৱাটো অতি প্ৰয়োজন। শ্ৰেণীৰ অধিক সংখ্যক ছাত্ৰক শিক্ষকে ব্যক্তিগতভাৱে চকু দিব নোৱাৰা অৱস্থাত আঁচনিখনৰ ক্ৰিয়া-চুক্তি যথাৰ্থভাৱে সম্পাদন কৰি তোলাটো সম্ভৱ নহয়।

ষষ্ঠত এই কথা উল্লেখযোগ্য যে আঁচনিখন ভালদৰে কাৰ্যকৰী কৰি তুলিবৰ বাবে বিভিন্ন বিষয়ৰ পাঠ্যপুথি, পৰীক্ষাগাৰৰ মেনুৱেল আৰু অন্যান্য শিক্ষা-সঁজুলিবোৰৰ পৰ্যাপ্ততাৰ প্ৰয়োজন।

এনেবোৰ কথাৰ বিবেচনাৰে আঁচনিখন আমাৰ দেশত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি উৎসাহী আৰু আশাবাদী হ’ব নোৱাৰো। অৱশ্যে ইয়াৰ শৈক্ষিক নীতি আৰু পদ্ধতিবোৰ আমাৰ বাবে সম্পূৰ্ণ মূল্যহীন বুলিও ক’ব নোৱাৰি। উল্লেখযোগ্য যে কোঠাৰী আয়োগে আমাৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছে। ইয়াৰ তাৎপৰ্য এয়ে যে ডল্টন আঁচনিখনৰ অনুপ্ৰেৰণাৰ আমাৰ মাধ্যমিক স্কুলৰ বিষয়সমূহ বিজ্ঞানভিত্তিকভাৱে যথাসম্ভৱ প্ৰয়োগশালাৰ কাৰ্যকৰী অভিজ্ঞতাৰে শিক্ষা দিব লাগে। শ্ৰেণীকক্ষৰ মাজতেই শিক্ষকৰ শিক্ষা-নিৰ্দেশনা আৱদ্ধ কৰি ৰাখিব নালাগে। শিক্ষাদানত গতানুগতিকভাৱে চলি অহা শাব্দিকতাৰ প্ৰভাৱ হ্ৰাস কৰি প্ৰতিটো বিষয়ৰ প্ৰায়োগিক দিশটোৰ শিক্ষাৰ প্ৰতি সচেষ্ট হ’ব লাগে। ছাত্ৰ-শিক্ষকৰ ওপৰত একান্ত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীলতা লাভৰ নীতি আৰু কাৰ্যকৰী পদ্ধতি গ্ৰহণ কৰিব লাগে। এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰিলে মিচ্ পাৰখাৰ্ষ্টৰ ডল্টন আঁচনিখন আমাৰ বাবে পথ-প্ৰদৰ্শক স্বৰূপ হৈ উঠিব পাৰে।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top