অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাৰ অৰ্থঃ

শিক্ষাৰ অৰ্থৰ বিষয়ে লিখা হৈছে

 

শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। এসময়ত বনৰীয়া জীৱ-জন্তুৰ দৰে আদিম মানুহৰ আচৰণ প্ৰবৃত্তি পৰিচালিত আছিল। অসভ্য, বৰ্বৰ আৰু হিংস্ৰ জন্তু সদৃশ মানুহৰ এই আচৰণ শিক্ষাই সুসভ্য, মাৰ্জিত আৰু সুৰুচিপূৰ্ণ কৰি তোলে। মানুহৰ পশুত্বক শিক্ষাই মানৱত্ব ৰূপদান কৰে। শিক্ষাৰ পোহৰ নোপোৱা বন্য পশু-পক্ষীসমূহ আজিও পশু হৈয়ে থাকিল। আনহাতে শিক্ষাই মানুহৰ জৈৱিক প্ৰকৃতি ক্ৰমান্বয়ে পৰিশোধন কৰি সামাজিক আৰু ক্ৰমবিকাশশীল জীৱত পৰিণত কৰি তুলিলে।

মন কৰিবলগীয়া যে মানুহৰ এই ক্ৰমবিকাশ হৈছে দীৰ্ঘদিন ধৰি শিক্ষাৰ যোগেদি কৰা সুদীৰ্ঘ প্ৰচেষ্টাৰ ফলস্বৰূপ। যুগ যুগ ধৰি বংশানুক্ৰমে মানুহ শিক্ষাৰ দ্বাৰা প্ৰভাৱিত, পৰিচালিত আৰু পৰিৱৰ্তিত হৈ আহিছে। সেয়েহে শিক্ষা আৰু ইয়াৰ অভিজ্ঞতা মানুহৰ অতি পৰিচিত। শিক্ষিত, অশিক্ষিত, অৰ্ধশিক্ষিত সকলো লোকেই ইয়াৰ অৰ্থ নিজ নিজ ভাবে উপলব্ধি কৰে, প্ৰয়োজনীয়তা অনুভৱ কৰে। মানৱ সমাজত ক্ৰমবিকাশৰ ভিন ভিন সময়ত শিক্ষাৰ অৰ্থ আৰু ব্যাখ্যা ভিন ভিন ভাবে কৰা হৈছে। বিভিন্ন সময়ত চিন্তাবিদ আৰু শিক্ষাবিদসকলেও ভিন ভিন ভাবে এই সম্বন্ধে তেওঁলোকৰ চিন্তা ব্যক্ত কৰিছে। সেই হেতুকে শিক্ষাৰ অৰ্থ সহজভাৱে উপলব্ধি কৰিব পাৰি কিন্তু ইয়াৰ সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য ব্যাখ্যা দিয়াটো কঠিন। ইয়াৰ বৰ্তমান পৰিসৰ ইমানেই ব্যাপক যে ই আমাৰ জীৱনৰ প্ৰতিটো কথাকেই স্পৰ্শ কৰে। শিক্ষাই মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰে, পৰিচালনা কৰে আৰু ভৱিষ্যতৰ গতি নিৰ্ধাৰিত কৰে। শিক্ষাৰ ধাৰণা বাস্তৱিকতেই জটিল আৰু সময় তথা অৱস্থাবিশেষে পৰিৱৰ্তনশীল। বিভিন্ন সময়ত বিভিন্ন ৰূপে শিক্ষাৰ মূল্য নিৰূপণ কৰা হয়। সেয়েহে এনে এটা বিষয়ৰ অৰ্থ এই অধ্যায়ত বিভিন্ন দিশৰ পৰা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

শিক্ষাৰ শব্দগত অৰ্থঃ

 

‘শিক্ষা’ শব্দৰ মৌলিকতা অধ্যয়ন কৰিলে ইউৰোপীয় আৰু ভাৰতীয় ভাষাত ইয়াৰ নানা ভাবে শব্দচয়ন কৰা দেখা যায়। বৰ্তমান প্ৰচলিত ইংৰাজী শব্দ ‘Education’-ৰ মূল ‘E’ আৰু ‘Duco’ নামৰ দুটা লেটিন শব্দৰ পৰা লোৱা হয়। E মানে ‘out of’ অৰ্থাৎ ‘য’ৰ পৰা’ আৰু ‘Duco’ মানে ‘I lead’ অৰ্থাৎ ‘মই আগুৱাই যাওঁ’। ইয়াৰ পৰা শিক্ষাৰ সহজ অৰ্থ হৈছে এয়ে যে যি অন্তৰ্নিহিত শক্তিৰ পৰা মই বিকাশ লাভ কৰো সেয়ে শিক্ষা। আন এটা লেটিন শব্দ ‘Educere’-ৰ পৰাও প্ৰায় একে ধৰণৰ অৰ্থ কৰা হয়। ইয়াৰ অৰ্থ হৈছে ‘to lead out’ অথবা ‘to draw out’ অৰ্থাৎ ‘বিকশাই তোলা’। ইয়াৰ দ্বাৰা ব্যক্তিৰ অন্তৰ্নিহিত শক্তিকেই বিকাশাই তোলাৰ কথা বুজোৱা হৈছে।

উল্লেখিত এই দুয়োটা শব্দৰ অৰ্থতকৈ কিছু ভিন্ন অৰ্থকাৰী আন দুটা লেটিন মূল শব্দও পোৱা যায়। ইয়াৰ এটা হৈছে ‘Educare’ যাৰ অৰ্থ ‘to bring up’ অথবা ‘to nourish’ অৰ্থাৎ ‘তুলি-তালি ধৰা’ অথবা ‘লালন-পালন কৰা’। ইয়াত ব্যক্তিৰ বিকাশযোগ্য অন্তৰ্নিহিত শক্তিৰ অস্বীকাৰ কৰি বহিঃশক্তি অৰ্থাৎ পৰিৱেশৰ শক্তি আৰু প্ৰভাৱৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। ইয়াৰ আনটো শব্দ হৈছে ‘Educatum’ যাৰ অৰ্থ ‘the act of teaching’ অৰ্থাৎ ‘শিক্ষাদান কাৰ্য’। ইয়াৰ যোগেদিও ব্যক্তি বিকাশৰ ক্ষেত্ৰত বহিঃশক্তিৰ বিশেষকৈ শিক্ষকৰ ভূমিকাৰ ওপৰত জোৰ দিয়া হৈছে।

ওপৰত উল্লেখ কৰা শিক্ষাৰ লেটিন মূল শব্দকেইটাৰ অৰ্থই ঘাইকৈ ব্যক্তিৰ বিকাশৰ ওপৰত প্ৰাধান্য দিছে। ‘E’ ‘Duco’ আৰু ‘Educere’ এই দুই শব্দই ব্যক্তিৰ অন্তৰ্নিহিত শক্তি বিকাশৰ ওপৰত জোৰ দিছে। আনহাতে ‘Educare’ আৰু ‘Educatum’ শব্দই সেই জোৰ দিছে ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত পৰা বহিঃশক্তিৰ প্ৰভাৱৰ ওপৰত।

শিক্ষাৰ ভাৰতীয় শব্দচয়ন কৰিলে ইউৰোপীয় অৰ্থতকৈ কিছু পৃথক অৰ্থ পোৱা যায়। শিক্ষা সংস্কৃত ভাষাৰ ‘শাস’ ধাতুৰ পৰা উৎপত্তি হৈছে। ইয়াৰ কেইবাটাও অৰ্থ কৰা হয়, যেনে- শাসন কৰা, নিয়ন্ত্ৰণ কৰা, অনুশাসন কৰা, নিৰ্দেশ দিয়া অথবা শিক্ষা দিয়া। এই শিক্ষা শব্দক বহুতো সময়ত ‘বিদ্যা’ শব্দও সংস্কৃতৰ ‘বিদ্’ ধাতুৰ পৰা পোৱা হৈছে, যাৰ অৰ্থ ‘জনা’ অথবা ‘জানিবলৈ বিচৰা’। বিদ্যা শব্দৰ লগত একে অৰ্থত প্ৰয়োগ কৰাও দেখা যায়। অৱশ্যে এই দুই শব্দৰ মাজত থকা অৰ্থৰ প্ৰভেদ মন কৰিবলগীয়া। ‘বিদ্যা’ শব্দই সেয়েহে ঘাইকৈ জ্ঞান আহৰণ কৰাকেই বুজায়। এই দুয়োটা সংস্কৃত শব্দৰ অৰ্থ এক গোট কৰি আমি পাব পাৰো যে মানুহৰ মন শাসন অথবা নিয়ন্ত্ৰণ কৰিবৰ বাবে জ্ঞান আহৰণ কৰা প্ৰয়োজন। এনে কাৰ্যকেই চমুকৈ ‘শিক্ষা’ বুলি কোৱা হয়। জ্ঞান আহৰণ কৰি মনক নিয়ন্ত্ৰণ কৰা আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰা কাৰ্যক পুৰণি ভাৰতৰ শিক্ষাবিদসকলে অধিক গুৰুত্ব দিছিল। তেওঁলোকৰ মতে ব্যক্তিৰ আত্মিক বিকাশ সাধনেই শিক্ষা। আত্মাৰ বিকাশ সাধন কৰিবলৈ ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত মন নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

শিক্ষাৰ সংজ্ঞা আৰু ধাৰণাঃ

 

শিক্ষাৰ ব্যাপক পৰিসৰৰ কথা বিবেচনা কৰিলে ইয়াৰ এটা সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য সংজ্ঞা নিৰ্ধাৰণ কৰাটো কেৱল কঠিনেই নহয়, বাস্তৱিকতে অসম্ভৱো। প্ৰতিজন লোকেই নিজ নিজ জীৱনত শিক্ষাৰ অভিজ্ঞতা লাভ কৰে। সেয়েহে নিজৰ সীমিত অভিজ্ঞতাৰে ইয়াৰ সাধাৰণ সংজ্ঞা এটা সহজেই দিব পাৰে। মানৱ ইতিহাসৰ স্মৰণীয় চিন্তানায়কসকলেও শিক্ষা সম্বন্ধে তেওঁলোকৰ সুচিন্তিত অভিমত তথা সংজ্ঞা দি আহিছে। কিন্তু এই ক্ষেত্ৰত সময় আৰু সমাজৰ ভিন ভিন চিন্তাধাৰা আৰু মূল্যবোধ আদিয়ে তেওঁলোকৰ এনেবোৰ সংজ্ঞা বিশেষভাৱে প্ৰভাৱিত কৰি তুলিছে। সেইবাবে ই কোনো এটা সময় অথবা কোনো এখন সমাজৰ বাবেহে গ্ৰহণযোগ্য। শিক্ষাৰ অৰ্থৰ এনে গতিশীলতা আৰু পৰিসৰৰ ব্যাপকতাক মাথোন কেইটামান শব্দেৰে গঠিত একেটা বাক্যত স্থায়ীভাৱে সংজ্ঞাবদ্ধ কৰাটো অসম্ভৱ। সেয়ে হ’লেও চিন্তাবিদ আৰু বিশেষজ্ঞসকলে দিয়া শিক্ষাৰ সংজ্ঞাসমূহ অধ্যয়ন কৰাটো আমাৰ প্ৰয়োজন। কাৰণ তাৰ যোগেদিহে শিক্ষা সম্বন্ধে মানৱ মনৰ চিন্তা, যুক্তিসংগত ধাৰণা আৰু তাৰ ধাৰাবাহিকতা সম্বন্ধে জানিব পৰা যায়। সেই হেতুকে পাশ্চাত্য আৰু প্ৰাচ্যৰ চিন্তাবিদসকলৰ কেইটামান উল্লেখযোগ্য সংজ্ঞা তলত উপস্থাপন কৰা হৈছে।

পাশ্চাত্য ধাৰণাঃ

 

ইউৰোপৰ প্ৰাচীন গ্ৰীক দেশৰ দাৰ্শনিকসকলে শিক্ষাৰ স্বৰূপ উপলব্ধিৰ চেষ্টা কৰে। চক্ৰেটিচ, প্লেটো, এৰিষ্ট’টল আদি মনীষিসকলৰ নাম প্ৰথমেই উল্লেখযোগ্য। দাৰ্শনিক চক্ৰেটিচৰ মতে প্ৰতিজন লোকৰ মনত সুপ্ত অৱস্থাত নিহিত হৈ থকা বিশ্বজনীন বৈধতাৰ ভাব বিকশাই তোলাই শিক্ষা। তেওঁ শিশুৰ অন্তৰ্নিহিত বিকাশযোগ্য ক্ষমতাত বিশ্বাস কৰিছিল। তেওঁ মত প্ৰকাশ কৰিছিল যে এজন শিক্ষক হৈছে মানুহৰ মনৰ বিকাশ সাধনত সহায় কৰা পুৰুষ ধাই মাক স্বৰূপ। এটি শিশু জন্মৰ লগে লগে ৰিক্ত-পত্ৰক অথবা উদং মন লৈ নাহে। তাৰ মনত সকলো সম্ভাৱ্য বিকাশৰ ক্ষমতা আৰু সম্ভাৱনীয়তা নিহিত থাকে। এগৰাকী ধাই মাকৰ মনোভাৱেৰে শিক্ষকে ইয়াৰ উপযুক্ত বিকাশ সাধন কৰাটো তেওঁৰ কৰ্তব্য।

দাৰ্শনিক প্লেটোৱেও চক্ৰেটিচৰ দৰেই এই ক্ষেত্ৰত অনুভৱ কৰে। তেওঁৰ ‘ৰিপাব্লিক’ নামৰ গ্ৰন্থত উল্লেখ কৰে যে উপযুক্ত সময়ত মানুহে সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতাই হৈছে শিক্ষা। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ সমস্ত আত্মা জাগৰিত কৰি শুদ্ধ আৰু যুক্তিসংগত পথেদি পৰিচালিত কৰা। শিক্ষাই আমাৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাৱ্য পূৰ্ণতা আনি দিয়ে। তেওঁ বিশ্বাস কৰে যে ই ব্যক্তিৰ মনত কোনো নতুন সূত্ৰ বা জ্ঞান প্ৰৱেশ কৰাই নিদিয়ে, কেৱল পূৰ্বস্থিত সূত্ৰ বা জ্ঞানকেইহে মাথোন নিৰ্দেশ দিয়ে আৰু পৰিচালনা কৰে।

দাৰ্শনিক এৰিষ্ট’টলে অনুভৱ কৰে যে শিক্ষাই সুস্থ শৰীৰত সুস্থ মনৰ গঢ় দি তোলে। ই মানুহৰ মানসিক শক্তিৰ বিকাশ সাধন কৰে আৰু তাৰ ফলস্বৰূপে তেওঁ প্ৰকৃত সুখত অন্তৰ্নিহিত শ্ৰেষ্ঠতম সত্য, শিৱ আৰু সুন্দৰৰ ধ্যান লাভ কৰিব পাৰে।

চুইচ দেশৰ শিক্ষা-দাৰ্শনিক পেষ্টালজিয়ে শিক্ষাৰ এটি সহজ আৰু অৰ্থপূৰ্ণ সংজ্ঞা দাঙি ধৰে। তেওঁৰ মতে মানুহৰ সুপ্ত অথবা অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, সংগত আৰু উন্নতশীল বিকাশ সাধনেই শিক্ষা। এইজনা শিক্ষাবিদেও শিশুৰ জন্মগত দেহ-মানসিক বিকাশযোগ্য ক্ষমতাত বিশ্বাস কৰে আৰু শিক্ষাৰ দ্বাৰা তাৰ বিকাশৰ ওপৰত জোৰ দিয়ে।

পেষ্টালজিৰ প্ৰায় সমসাময়িক আন এজন ইউৰোপৰ মহান শিক্ষা-দাৰ্শনিক ফ্ৰৱেলেও শিক্ষা সম্বন্ধে প্ৰায় একে মতকেই প্ৰকাশ কৰে। তেওঁৰ মতে ব্যক্তিৰ ইতিপূৰ্বে নিহিত থকা শক্তিক উদ্ঘাটিত কৰা কাৰ্যই হৈছে শিক্ষা। ইয়াৰ দ্বাৰা শিশুৱে তাৰ অন্তৰ্নিহিত শক্তিৰ বহিঃপ্ৰকাশ কৰে। পেষ্টালজি আৰু ফ্ৰৱেলৰ সমসাময়িক ইউৰোপৰ আন এজন শিক্ষা-দাৰ্শনিক হাৰ্বাৰ্টে শিক্ষাক অৱশ্যে এক নৈতিক দায়িত্ব স্বৰূপে বৰ্ণনা কৰে। তেওঁৰ মতে শিক্ষাই ব্যক্তিৰ উন্নত নৈতিক চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ বিকাশ সাধন কৰে।

ইউৰোপৰ আধুনিক যুগৰ শিক্ষাবিদসকলৰ শিক্ষা সম্বন্ধীয় ধাৰণা অধিক বাস্তৱ আৰু বিজ্ঞানভিত্তিক হৈ উঠা দেখা যায়। এই প্ৰসংগত দাৰ্শনিক থমচনৰ মত উল্লেখযোগ্য। তেওঁৰ মতে শিক্ষা হৈছে ব্যক্তিৰ ওপৰত পৰা পৰিৱেশৰ এক প্ৰভাৱ যাৰ দ্বাৰা তেওঁৰ ক্ৰিয়া-আচৰণ, অভ্যাস, চিন্তা, মনোভাৱ আদিৰ স্থায়ীভাৱে পৰিৱৰ্তন কৰা হয়। এনে বাস্তৱ দৃষ্টিৰে নিৰীক্ষণ কৰা আন এজন শিক্ষাবিদ হৈছে চাৰ জন আদামচ। তেওঁৰ মতে শিক্ষা হৈছে এবিধ সচেতন আৰু সচেষ্ট প্ৰক্ৰিয়া যত এজনৰ ব্যক্তিত্বই আন এজনৰ ব্যক্তিত্বৰ ওপৰত ক্ৰিয়া কৰে। তাৰ ফলস্বৰূপে দ্বিতীয়জন ব্যক্তি জ্ঞানৰ আদান-প্ৰদান আৰু সুনিপুণ পৰিচালনাৰ দ্বাৰা সংশোধিত আৰু বিকশিত হৈ উঠে।

কুৰি শতিকাৰ শিক্ষাতত্বৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা আন এজন শিক্ষাবিদ হৈছে ইংলণ্ডৰ পাৰ্চি নান। শিক্ষাৰ সংজ্ঞা দি তেওঁ কয় যে ই হৈছে শিশুৰ ব্যক্তিত্বৰ পূৰ্ণবিকাশ যাৰ সহায়েৰে সি তাৰ সৰ্বোৎকৃষ্ট ক্ষমতা অনুযায়ী মানৱ জীৱনৰ প্ৰতি নিজৰ মৌলিক বৰঙণি আগবঢ়াব পাৰে। নানেও ব্যক্তিৰ বিকাশযোগ্য দেহ-মানসিক শক্তিৰ কথা স্বীকাৰ কৰে আৰু ইয়াৰ আশানুৰূপ বিকাশ সাধনৰ ওপৰত জোৰ দিয়ে। তেওঁ অৱশ্যে ব্যক্তিৰ এই বিকাশযোগ্য ক্ষমতাসমূহক জৈৱিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰে।

আধুনিক শিক্ষা-দৰ্শনৰ ওপৰত আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক জন ডিউইয়ে এক নতুন দৃষ্টিভংগীৰ প্ৰভাৱ পেলায়। শিক্ষাৰ সংজ্ঞা দি তেওঁ কয় যে ই এবিধ জীৱন পদ্ধতি যাৰ দ্বাৰা আমাৰ প্ৰাপ্ত অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পাৰি। ই হৈছে ব্যক্তিৰ সেই সকলোবোৰ ক্ষমতাৰ বিকাশ সাধন যাৰ সহায়েৰে তেওঁ নিজ পৰিৱেশৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব আৰু সম্ভাৱনীয়তা পূৰণ কৰিব পাৰে। এইজনা দাৰ্শনিকে শিক্ষাক এবিধ সামাজিক দায়িত্ব আৰু প্ৰয়োজনীয়তা স্বৰূপে অনুভৱ কৰে।

ভাৰতীয় ধাৰণাঃ

 

শিক্ষা সম্বন্ধে ভাৰতীয় শিক্ষা-দাৰ্শনিকসকলৰ ধাৰণা ভাৰতৰ পুৰণি ঐতিহ্য আৰু সমাজ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। অতি প্ৰাচীন কালৰে পৰা এই দেশ শিক্ষা, বিজ্ঞান আৰু দৰ্শনত বিশেষ সমৃদ্ধ। সেয়েহে ভাৰতীয়সকলৰ শিক্ষা সম্বন্ধে নিজস্ব ধাৰণা থকাটো স্বাভাৱিক আৰু এই সম্বন্ধে জনাটো আমাৰ প্ৰয়োজন।

প্ৰাচীন কালত বেদ আৰু উপনিষদ আদিত ভাৰতীয় শিক্ষাৰ ধাৰণা স্পষ্টভাৱে পাব পাৰি। পুৰণি বেদসমূহেই ভাৰতৰ বৈদিক শিক্ষাৰ পাতনি মেলে। ‘বেদ’ শব্দ সংস্কৃত বিদ্ ধাতুৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ জনা অথবা জ্ঞান লাভ কৰা। এই জ্ঞান কেৱল পাৰ্থিৱ বিষয় আৰু বস্তুৰ জ্ঞান লাভকেই বুজোৱা হোৱা নাছিল, পৰম ব্ৰহ্মৰ উপলব্ধিহে আছিল ইয়াৰ মূল উদ্দেশ্য। এনে জ্ঞান লাভৰ বাবে ধৰ্মীয় চিন্তা আৰু ক্ৰিয়াৰ প্ৰয়োজন। ধৰ্মীয় ক্ৰিয়া পদ্ধতিৰেহে আত্ম-উপলব্ধি তথা জীৱনৰ মুক্তি পাব পৰা যায়। সেইবাবে বৈদিক যুগত ব্যক্তিয়ে ধৰ্মীয় পদ্ধতিৰে নিজক পৰম জ্ঞানেৰে আলোকিত কৰা তথা পাৰ্থিৱ সকলো সীমাবদ্ধতাৰ পৰা নিজক মুক্ত কৰাকেই শিক্ষা স্বৰূপে জ্ঞান কৰিছিল। এনে জ্ঞানস্বৰূপ শিক্ষাক তৃতীয় চক্ষু বুলি বিবেচনা কৰা হৈছিল আৰু ইয়াৰ অভাৱ হোৱাজনক অন্ধ বুলি কোৱা হৈছিল। উপনিষদতো শিক্ষা সম্বন্ধে এনে ধাৰণাকেই পাব পাৰি। সত্য জ্ঞান লাভ আৰু ব্ৰহ্মৰ উপলব্ধিয়েই শিক্ষা বুলি ইয়াত কোৱা হৈছে। উল্লেখযোগ্য যে এই সময়ত জীৱনৰ মুক্তিৰ বাবেহে শিক্ষা বুলি বিবেচনা কৰা হৈছিল, শিক্ষাক কেৱল মাথোন শিক্ষাৰ বাবেহে বুলি ধৰা হোৱা নাছিল। সেয়েহে আজিৰ দৰে পাৰ্থিৱ বিষয় আৰু বস্তুৰ সম্বন্ধে লাভ কৰা সীমিত বিধৰ ইন্দ্ৰিয়গত শিক্ষাক তেতিয়া নিৰুৎসাহিত কৰা হৈছিল। কাৰণ তেনেবিধ সীমিত, দৈহিক, বস্তুনিষ্ঠ আৰু বৈষয়িক শিক্ষাই পৰম ব্ৰহ্মৰ উপলব্ধিত বাধাৰ সৃষ্টি কৰে।

শিক্ষাৰ এনে গভীৰ উপলব্ধি পৰৱৰ্তী চিন্তাবিদসকলৰ শিক্ষা সম্বন্ধীয় উক্তিতো প্ৰতিফলিত হৈছে স্বামী বিবেকানন্দই শিক্ষাৰ সংজ্ঞা দি কয় যে মানুহৰ ইতিপূৰ্বে থকা পূৰ্ণতাৰ প্ৰকাশেই শিক্ষা। তেওঁৰ মতে জ্ঞান মানুহৰ ব্যক্তিত্বত অন্তৰ্নিহিত হৈ থাকে, কোনো জ্ঞানেই বাহিৰৰ পৰা পাব পৰা নাযায়। এজন মানুহে ‘জানে’ বুলি যি উক্তি কৰে সি প্ৰকৃত অৰ্থত তেওঁ যি আৱিষ্কাৰ কৰে অথবা উন্মোচন কৰে তাকেহে বুজোৱা হয়। এই উন্মোচন কাৰ্য হৈছে তেওঁৰ নিজ আত্মাৰ প্ৰকাশ যি সকলো সীমাহীন জ্ঞানৰ উৎস স্বৰূপ। স্বামীজীৰ এই উক্তিৰ পৰা এই কথা স্পষ্ট হয় যে শিক্ষা হৈছে আত্মিক শক্তিৰ বিকাশ, ই কেৱল বাহিৰৰ পৰা পোৱা বৈষয়িক জ্ঞান-অভিজ্ঞতা মাথোন নহয়।

কবিগুৰু ৰবীন্দ্ৰনাথৰ উক্তিতো শিক্ষাৰ এনে এক ধাৰণাই প্ৰকাশ পায়। তেওঁৰ মতে শিক্ষা হৈছে সেই চৰম সত্য বিচাৰি উলিওৱাত মনক সক্ষম কৰি তোলা, যি আমাক ধৰাৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে। ই আমাক দিয়ে সম্পদ- যি সম্পদ কোনো এবিধ বস্তু নহয়, এক অন্তৰ্জ্যোতিহে, যি এক শক্তি নহয়, প্ৰেম-প্ৰীতিহে।

আধুনিক ভাৰতৰ শিক্ষা-দৰ্শনৰ প্ৰতীক স্বৰূপ মহাত্মা গান্ধীৰ সংজ্ঞাতো শিক্ষাৰ তেনে এক আত্মিক বিকাশৰ ভাব পৰিলক্ষিত হয়। তেওঁৰ মতে আমাৰ দেহ, মন আৰু আত্মাৰ সৰ্বতোপ্ৰকাৰ আৰু সৰ্বোৎকৃষ্টভাৱে বিকশাই তোলাতেই প্ৰকৃত শিক্ষা নিহিত হৈ থাকে। শিক্ষাৰ এই ধাৰণা বুনিয়াদী শিক্ষা ব্যৱস্থাৰ যোগেদি গান্ধীজীয়ে কাৰ্যকৰী ৰূপদানৰো চেষ্টা কৰিছিল।

পাশ্চাত্য আৰু ভাৰতীয় ধাৰণাৰ তুলনাঃ

 

আধুনিক ভাৰতৰ শিক্ষা বিজ্ঞান আদিত পাশ্চাত্য চিন্তাধাৰাৰ যথেষ্ট প্ৰভাৱ পৰিছে। শিক্ষা সম্বন্ধীয় ধাৰণাৰ ক্ষেত্ৰতো এনে প্ৰভাৱ স্পষ্ট। পাশ্চাত্য চিন্তাধাৰাৰ অন্ধ আৰু যুক্তিহীন অনুকৰণে বহু সময়ত ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰাও দেখা যায়। সেইবাবে বৰ্তমান ভাৰতীয় শিক্ষা-দাৰ্শনিকসকলে আমাৰ পুৰণি ঐতিহ্য আৰু শিক্ষা-দৰ্শনৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ সংজ্ঞা দিবলৈ চেষ্টা কৰি আহিছে।

উল্লেখযোগ্য যে বহলভাৱে ভাৰতীয় আৰু পাশ্চাত্য শিক্ষাৰ সংজ্ঞা প্ৰায় একে হ’লেও সূক্ষ্মভাৱে বিবেচনা কৰিলে ইয়াৰ অন্তৰ্নিহিত পাৰ্থক্য আমাৰ চকুত পৰে। বৰ্তমান পাশ্চাত্য শিক্ষা বস্তুবাদী জগতৰ সীমিত পৰিসৰৰ জ্ঞান-অভিজ্ঞতাৰ প্ৰতি অধিক আগ্ৰহী। প্ৰতিটো ব্যৱহাৰিক বিষয়ৰ বিশেষিকৰণৰ ওপৰত বিশেষ জোৰ দিয়া হয়। ইয়াৰ বাবে শিক্ষাৰ্থীৰ দেহ-মানসিক শক্তি আৰু ক্ষমতাসমূহ অধিক উপযুক্ত কৰি তোলাৰ চেষ্টা কৰা হয়। ফলত শিক্ষাৰ এক সামূহিক ৰূপত আত্মিক বিকাশৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব দিয়া নহয়। পাশ্চাত্য শিক্ষাৰ এনে ধাৰণা ইংলণ্ডৰ মাধ্যমিক শিক্ষা সম্বন্ধে থকা ১৯৩৮ চনৰ স্পেনচ্ প্ৰতিবেদনত ভালদৰে প্ৰতিফলিত হয়। এই প্ৰতিবেদনৰ মতে শিক্ষা হৈছে ব্যক্তিৰ কেতবোৰ বিশেষ বিশেষ অভ্যাস, স্মৃতি, আদৰ্শ, দেহ-মানসিক পটুতা, বৌদ্ধিক অভিৰুচি, নৈতিক ভাব আৰু জ্ঞান আদিৰ বিকাশ সাধন কৰা, যি কেৱল তথ্যমূলক আৰু সিদ্ধান্তমূলকেই নহয়, পদ্ধতিমূলকো হ’ব লাগে। পাশ্চাত্য শিক্ষাৰ এনে এক বস্তুবাদী ধাৰণাই আত্মিক বিকাশৰ প্ৰতি যথোচিত মনোযোগ দিব নোৱাৰাটো লক্ষ্য কৰিব পাৰি।

ভাৰতীয় শিক্ষা-দৰ্শন প্ৰাচীন কালৰে পৰাই আত্মিক দিশত বিশেষ সমৃদ্ধ। সময়ে সময়ে পাশ্চাত্য চিন্তাধাৰাই ভাৰতীয় শিক্ষা প্ৰভাৱিত কৰি আহিলেও আমাৰ অতীত ঐতিহ্য আৰু ভাবধাৰা ই নিৰ্মূল কৰিব পৰা নাই। ভাৰতত ইংৰাজ শাসনে এই ক্ষেত্ৰত কিছু ক্ষতিসাধন কৰে যদিও বৰ্তমান দেশৰ শিক্ষা-দাৰ্শনিকসকলে ভাৰতীয় শিক্ষাৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা কৰি আহিছে। স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী, সৰ্বপল্লী ৰাধাকৃষ্ণণ আদি চিন্তানায়কসকলৰ উক্তিত এই কথা প্ৰকাশ পায়। ডঃ ৰাধাকৃষ্ণণৰ নেতৃত্বত গঠিত হোৱা ভাৰতৰ বিশ্ববিদ্যালয় আয়োগে ভাৰতীয় শিক্ষাৰ সম্বন্ধে দিয়া ধাৰণা এই প্ৰসংগত উল্লেখযোগ্য। আয়োগৰ মতে ভাৰতীয় পৰম্পৰা অনুযায়ী শিক্ষা কেৱল মাথোন জীৱিকাৰ উপায়স্বৰূপ নহয় অথবা ই এক চিন্তাধাৰাৰ পোষণ কৰা অথবা নাগৰিকত্বৰ শিক্ষা দিয়াও নহয়। ই হৈছে আত্মিক জীৱনত প্ৰৱেশ কৰা, সত্যৰ অন্বেষণ আৰু সজ গুণৰ অনুশীলনৰ বাবে মানৱ আত্মাৰ শিক্ষা দিয়া কাৰ্য। ভাৰতীয় শিক্ষাৰ এনে ব্যাপক আৰু মহান ধাৰণাৰ পৰিপ্ৰেক্ষিতত পাশ্চাত্য শিক্ষাৰ ধাৰণাৰ সংকীৰ্ণতা সহজে উপলব্ধি কৰিব পাৰি। বৈষয়িক জ্ঞান-বিজ্ঞানত পাশ্চাত্য জগত আগবাঢ়ি গ’লেও আত্মিক দিশত সেয়েহে তেওঁলোক ভাৰতৰ মুখাপেক্ষি হৈ ৰ’ব লাগে।

শিক্ষা আৰু নিৰ্দেশনাঃ

 

সৰ্বসাধাৰণ লোকৰ প্ৰয়োগত শিক্ষা আৰু নিৰ্দেশনা এই দুটা শব্দৰ নিজ নিজ অৰ্থৰ প্ৰতি বিশেষ চকু ৰখা নহয়। বহু সময়ত প্ৰায় একে অৰ্থতেই দুয়োটা শব্দৰ প্ৰয়োগ কৰা হয়। অৱশ্যে এই দুয়োটা শব্দৰে অৰ্থৰ পাৰ্থক্য সম্বন্ধে আমাৰ স্পষ্ট ধাৰণা থকা উচিত। শিক্ষাৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ স্বাভাৱিকতেই ব্যাপক আৰু বহল। দেহ, মন, আত্মা অথবা সমগ্ৰ ব্যক্তিত্বৰ সামূহিক বিকাশেই শিক্ষা। শিক্ষাই দেহৰ বন্ধনৰ পৰা মন বা আত্মাক মুক্ত কৰে। ই আমাৰ জীৱন দৰ্শনৰ দ্বাৰা প্ৰভাৱিত, নিয়ন্ত্ৰিত আৰু পৰিচালিত। শিক্ষা জীৱনৰ কলা। সেই হেতুকে শিক্ষা আৰু দৰ্শনৰ নিকট সম্বন্ধ।

আনহাতে নিৰ্দেশনা হৈছে সীমিত পৰিসৰৰ শিক্ষা বা ক্ৰিয়া-অভিজ্ঞতাৰ বাবে প্ৰয়োজন হোৱা এবিধ প্ৰায়োগিক ব্যৱস্থা। ইয়াৰ দ্বাৰা কোনো এক কাৰ্যকৰী বিষয়ৰ সীমাবদ্ধ জ্ঞান-অভিজ্ঞতা প্ৰদান কৰা আৰু পটুতা বা পাৰদৰ্শিতা অৰ্জনৰ বাবে দিয়া পৰামৰ্শক বিশেষভাৱে বুজোৱা হয়। ন শিকাৰুসকলৰ ক্ৰিয়া-আচৰণ শুদ্ধভাৱে পৰিচালনা কৰিবৰ বাবে শিক্ষক বা নিৰ্দেশকৰ ক্ৰিয়া নিৰ্দেশনাৰ প্ৰয়োজন হয়। অৱশ্যে সীমিত বিধৰ প্ৰায়োগিক অৰ্থত ইয়াকো শিক্ষা বুলি কোৱা হয়।

সেয়েহে চমুকৈ ক’বলৈ গ’লে শিক্ষা হৈছে বিকাশৰ বাবে থকা জীৱনব্যাপী কাৰ্যসূচী। নিৰ্দেশনা হৈছে কোনো এটা বিশেষ বিষয়ৰ পৰামৰ্শাৱলী মাথোন। নিৰ্দেশনা শিক্ষাৰেই এক অংশবিশেষ।

শিক্ষা আৰু সাক্ষৰতাঃ

 

লেখা-পঢ়া জনা প্ৰতিজন লোককেই আমি প্ৰকৃত অৰ্থত শিক্ষিত বুলিব পাৰোনে ? আনহাতে লিখিব-পঢ়িব নজনা মানুহক আমি অশিক্ষিত বুলি ক’মনে ? শিক্ষাৰ অৰ্থৰ ফালৰ পৰা ই এক তাৎপৰ্যপূৰ্ণ প্ৰশ্ন।

স্কুল-কলেজলৈ গৈ লেখা-পঢ়া শিকি উঠা এজন লোকক আমি সাক্ষৰ বুলি কওঁ। তাকে কৰি নুঠা জনক নিৰক্ষৰ বোলা হয়। লেখা-পঢ়া শিকি সাক্ষৰতাৰ পৰিচয় দিয়াৰ উপৰিও তেনে লোকে কোনো বিশেষ বিষয়ৰ জ্ঞান লাভ কৰি উঠি সমাজৰ সমস্যা সমাধান কৰিব পাৰে, সমাজক নেতৃত্ব দিব পাৰে। সৰ্বসাধাৰণৰ চকুত এনে লোক শিক্ষিত স্বৰূপে পৰিগণিত হয়। আনহাতে লেখা-পঢ়া নজনা বা স্কুল-কলেজলৈ নোযোৱা নিৰক্ষৰ লোকে শিক্ষাৰ সামাজিক স্বীকৃতিৰ মানপত্ৰ পাব নোৱাৰে। তেনে লোকক অশিক্ষিত বুলিও ক’বলৈ বিচৰা হয়।

কিন্তু শিক্ষাৰ বহল অৰ্থৰ ফালৰ পৰা লেখা-পঢ়া নজনা এজন লোকক সম্পূৰ্ণৰূপে অশিক্ষিত বুলি ক’ব পৰা নাযায়। তেওঁৰ সাক্ষৰতা নাথাকিলেও ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতা লাভ কৰিব পাৰে। আনুষ্ঠানিকভাৱে বহল সামাজিক পৰিৱেশত পোৱা এনে কাৰ্যকৰী অভিজ্ঞতা আনুষ্ঠানিকভাৱে পোৱা পুথিগত জ্ঞান-অভিজ্ঞতাতকৈ অধিক স্থায়ী, ব্যাপক পৰিসৰৰ আৰু নিৰ্ভৰযোগ্য হৈ উঠে। এনে শিক্ষাৰে তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠন কৰিব পাৰে আৰু সামাজিক গুণ আৰু যোগ্যতা আদি লাভ কৰিব পাৰে। অৰ্থাৎ এজন শিক্ষিত লোকৰ সাংস্কৃতিক মন আৰু আচৰণৰ বাবে প্ৰয়োজন হোৱা অভিজ্ঞতাসমূহ তেওঁ লাভ কৰি উঠিব পাৰে। সেইবাবে নিৰক্ষৰ হ’লেও বহল অৰ্থত অশিক্ষিত নহয়। লেখা-পঢ়া নাজানিলেও তেওঁৰ আচৰণ আৰু মনোভাৱ সুস্থ, সুন্দৰ আৰু সমাজৰ গ্ৰহণযোগ্য হৈ উঠিব পাৰে। আনহাতে বিশ্ববিদ্যালয়ৰ উপাধি আৰু যোগ্যতাৰ মানপত্ৰ লাভ কৰা এজন লোকেও চৰিত্ৰ আৰু ব্যক্তিত্বৰ আশানুৰূপ বিকাশ লাভ কৰাৰ দাবী কৰিব নোৱাৰে। আজিৰ সমাজত এনে উচ্চ-শিক্ষিত অথচ নিজ চৰিত্ৰ আৰু ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণসমূহ বিকাশ কৰি তুলিব নোৱাৰা লোক আমি বহুতো দেখিবলৈ পাওঁ। সেয়েহে সাক্ষৰ লোক মাত্ৰেই প্ৰকৃত অৰ্থত শিক্ষিত নহয় আৰু নিৰক্ষৰ লোক মাত্ৰেই অশিক্ষিত বুলি ভবাটো উচিত নহয়।

শিক্ষাৰ ভিন ভিন অৰ্থঃ

 

শিক্ষাৰ এক শব্দগত অৰ্থ থাকিলেও বৰ্তমান ইয়াৰ বিভিন্ন দিশত ভিন ভিন ব্যাখ্যা আৰু অৰ্থসূচক প্ৰয়োগ কৰা হয়। শিক্ষাৰ পৰিসৰৰ ব্যাপকতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান শিক্ষাবিদসকলে প্ৰয়োগ কৰা ইয়াৰ সুকীয়া সুকীয়া বৈশিষ্ট্যবোৰৰ সম্বন্ধে জনাটো প্ৰয়োজন। ইয়াৰ যোগেদিহে শিক্ষাৰ বহল পৰিসৰৰ সংজ্ঞা অথবা ধাৰণা আমাৰ মনত স্পষ্ট হৈ উঠিব পাৰে। এনেবোৰ ভিন ভিন অৰ্থক শিক্ষাৰ বৈশিষ্ট্য স্বৰূপেও গণ্য কৰিব পাৰি।

(ক) সীমিত আৰু ব্যাপক অৰ্থঃ

সৰ্বসাধাৰণ লোকে শিক্ষাক সাধাৰণভাৱে স্কুলত লিখা-পঢ়া কৰাকেই বুজায়। সংকীৰ্ণ অথবা সীমাবদ্ধ অৰ্থত ইয়াক শিক্ষানুষ্ঠানত দিয়া শিক্ষা নিৰ্দেশনাকেই বুজোৱা হয়। প্ৰায়োগিক দৃষ্টিকোণৰ পৰা শিক্ষাক এবিধ সচেতন, বাস্তৱ আৰু কাৰ্যকৰী ব্যৱস্থা বুলিব পাৰি। শিক্ষানুষ্ঠানত প্ৰদান কৰা শিক্ষা হৈছে সুসংবদ্ধ, সুপৰিকল্পিত আৰু সুনিয়ন্ত্ৰিত। এনে এক পৰিকল্পিত কাৰ্যব্যৱস্থাৰ যোগেদিহে শিক্ষাৰ দেহ-মানসিক আৰু আত্মিক বিকাশ এক নিশ্চিত ৰূপত গঢ়ি তুলিব পাৰি। প্ৰতিজন ব্যক্তিৰ ওপৰত আন আন ব্যক্তি আৰু সমাজৰ একো একোটা প্ৰভাৱ পৰে। এনে প্ৰভাৱে ব্যক্তিৰ বিকাশ সম্ভৱ কৰি তোলে। শিক্ষাৰ সীমিত দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে ব্যক্তিৰ ওপৰত পৰা এনেবোৰ প্ৰভাৱ ইচ্ছাকৃত আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাই হৈছে শিক্ষা। দাৰ্শনিক জন ডিউইয়ে উল্লেখ কৰে যে অল্প-বয়স্কসকলৰ শিক্ষাৰ বাবে বয়সস্থসকলে শিক্ষা পৰিৱেশত তেওঁলোকৰ চিন্তা, ক্ৰিয়া আৰু অনুভূতি সচেতনভাৱে নিয়ন্ত্ৰণ কৰিব লাগে। আনুষ্ঠানিকভাৱে স্কুল আৰু ব্যক্তিগতভাৱে শিক্ষকে এনে নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ দায়িত্ব বহন কৰিব পাৰে। সেয়েহে স্কুলৰ দায়িত্ব হৈছে ছাত্ৰৰ ক্ৰিয়া আচৰণ সচেতনভাৱে নিয়ন্ত্ৰণ কৰা আৰু বিকাশৰ পথত উদ্দেশ্যপ্ৰণোদিত আৰু কাৰ্যকৰীভাৱে সহায় কৰা। শিক্ষানুষ্ঠানৰ নিৰ্দিষ্ট সময়-তালিকা, নিৰ্ধাৰিত পাঠ্যক্ৰম, পৰীক্ষা আৰু অনুশাসন ব্যৱস্থা, অতিৰিক্ত পাঠ্যক্ৰমৰ নানাবিধ সামাজিক কাৰ্যসূচী আদি ছাত্ৰৰ ব্যক্তিত্ব বিকাশৰ পৰিকল্পিত কাৰ্যব্যৱস্থা বুলি কব পাৰি। এই ক্ষেত্ৰত মাক-দেউতাক, অভিভাৱক তথা সমাজৰ অন্যান্য লোকৰ ভূমিকাৰ কথা অৱহেলা কৰিব নোৱাৰি। উল্লেখযোগ্য যে ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত সমাজৰ এক নিশ্চিত দায়িত্ব আছে। স্কুল অথবা শিক্ষানুষ্ঠানো হৈছে এখন বিশেষ সমাজ, যাক সমাজৰ লোকেই প্ৰতিনিধিত্ব কৰে। ই হৈছে সমাজৰ লোকৰ দ্বাৰা গঠন কৰা দায়িত্বশীল সামাজিক অনুষ্ঠান আৰু শিক্ষক হৈছে ইয়াৰ দায়িত্বশীল ব্যক্তি। সেইবাবে শিক্ষানুষ্ঠানৰ পৰিকল্পিত কাৰ্যসূচীৰে ছাত্ৰসকলক দিয়া শিক্ষা পৰোক্ষভাৱে সমাজৰ নিয়ন্ত্ৰিত প্ৰভাৱকেই বুজোৱা হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান, শাসনযন্ত্ৰ পৰিচালনা কৰা চৰকাৰ তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰো এইক্ষেত্ৰত নিজ নিজ ভূমিকা আছে। সেয়েহে শিক্ষাৰ সীমিত আৰু ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে ব্যক্তিৰ ক্ৰমবিকাশৰ দিশত শিক্ষানুষ্ঠানকে আদি কৰি সমাজৰ সকলোবোৰ অনুষ্ঠানৰে নিয়ন্ত্ৰিত আৰু সুপৰিকল্পিত ভূমিকাই হৈছে শিক্ষা।

শিক্ষাৰ বহল আৰু ব্যাপক অৰ্থৰ ফালৰ পৰা কেৱল শিক্ষানুষ্ঠানৰ নিয়ন্ত্ৰিত আৰু পৰিকল্পিত কাৰ্যসূচীকেই শিক্ষা বুলি কোৱা নাযায়। ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে সুদীৰ্ঘ জীৱনত লাভ কৰা সমূহ প্ৰভাৱ আৰু অভিজ্ঞতাকেই শিক্ষাৰ অন্তৰ্ভুক্ত কৰা হয়। বহল অৰ্থত আমাৰ জীৱনেই হৈছে শিক্ষাৰ পটভূমি। দাৰ্শনিক হোৱাইট হেডে এনে মত প্ৰকাশ কৰি কয় যে শিক্ষাৰ কেৱল মাথোন এটা বিষয়বস্তু আছে আৰু সেয়ে হৈছে সকলো অভিব্যক্তিৰে সৈতে আমাৰ জীৱন। চিন্তাবিদ ডামভাইলৰ মতেও ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে সুদীৰ্ঘ জীৱন পথত ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰা সকলোবোৰ প্ৰভাৱেই শিক্ষাৰ অন্তৰ্ভুক্ত। শিক্ষাৰ এনে বহল পৰিসৰে শিক্ষানুষ্ঠানৰ ভিতৰৰ আৰু বাহিৰৰ, নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত সকলো প্ৰভাৱকেই সামৰি ল’ব পাৰে। জীৱনৰ প্ৰতিটো মুহূৰ্ত আৰু প্ৰতিটো পৰিস্থিতিয়ে আমাৰ শিক্ষাৰ সমল যোগায়। উল্লেখযোগ্য যে শিক্ষাৰ এই বহল পৰিসৰে ব্যক্তিৰ বংশগতি আৰু পৰিৱেশৰ দুয়োটা দিশ সামৰি লয়। এজন লোকে তেওঁৰ জন্মগত শক্তি-সামৰ্থৰেহে বিভিন্ন পৰিস্থিতিত নিজ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। বংশগতি হৈছে বিকাশৰ মূল ধনস্বৰূপ। পৰিৱেশে আনি দিয়ে এই মূলধন প্ৰয়োগৰ প্ৰয়োজনীয় সুযোগ আৰু সা-সুবিধা। ব্যক্তিয়ে জন্মগতভাৱে কেনেবোৰ সম্ভাৱনীয়তা বহন কৰি আনে, পৰিৱেশে ব্যক্তিৰ প্ৰতিক্ৰিয়া কিদৰে নিয়ন্ত্ৰণ কৰে আৰু তাৰ ফলস্বৰূপে সম্ভাৱনীয়তাসমূহ কি পৰিমাণে পূৰণ কৰি বিকাশ সাধন কৰি তোলে- এই সকলোবোৰ কথাই শিক্ষাৰ বিবেচ্য বিষয়। ইয়াৰ বাবে শিক্ষাৰ সমূহ বিষয়ৰ সম্বন্ধে এক দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰয়োজন। সেয়েহে ব্যাপক অৰ্থত এই পৃথিৱীত মানৱ জীৱনে লাভ কৰা সমূহ ক্ৰিয়া-অভিজ্ঞতা আদিৰ সামূহিক অধ্যয়ন আৰু পৰ্যবেক্ষণেই হৈছে শিক্ষা।

(খ) আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাঃ

শিক্ষা আহৰণৰ ক্ষেত্ৰ, প্ৰক্ৰিয়া আৰু পদ্ধতিলৈ লক্ষ্য কৰিলে ইয়াক আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক স্বৰূপে ভাগ কৰিব পাৰি। শিক্ষাৰ তিনিওটা ক্ষেত্ৰৰে ধাৰণা আমাৰ মনত স্পষ্ট হোৱাটো প্ৰয়োজন।

পূৰ্বেই উল্লেখ কৰা হৈছে যে শিক্ষা এবিধ সচেতন আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালিত কৰা কাৰ্যবিশেষ। এনে কাৰ্য পৰিচালনাৰ বাবে কেতবোৰ নিৰ্ধাৰিত নীতি-নিয়ম, ব্যক্তি, পৰিস্থিতি আৰু পদ্ধতি আদিৰ প্ৰয়োজন হয়। বহল অৰ্থত ব্যক্তিৰ সমগ্ৰ পৰিৱেশেই শিক্ষাৰ ভূমিকা গ্ৰহণ কৰে। তথাপিও ইয়াৰ নিয়ন্ত্ৰিত আৰু প্ৰায়োগিক অৰ্থত এনে শিক্ষা প্ৰদানৰ বাবে কোনো এক বিশেষ ব্যক্তি আৰু অনুষ্ঠান ভাৰপ্ৰাপ্ত হোৱাটো প্ৰয়োজন। এনেবিধ অনুষ্ঠানেহে শিক্ষা সুপৰিকল্পিত আৰু সুনিয়ন্ত্ৰিতভাৱে পৰিচালনা কৰিব পাৰে। অতি প্ৰাচীন কালত মানুহৰ শিক্ষা-অভিজ্ঞতা আদি অতি সামান্য আৰু প্ৰাসংগিক বিধৰ আছিল। সেইবাবে আজিৰ দৰে বিধিগত, সুসংগঠিত আৰু নিয়ন্ত্ৰিত শিক্ষানুষ্ঠানৰ প্ৰয়োজনো হোৱা নাছিল। মানুহে এক সহজ-সৰল প্ৰাকৃতিক জীৱন-যাপন কৰিছিল। প্ৰকৃতিৰ এই বহল আৰু উদাৰ পৰিৱেশে সকলো প্ৰয়োজনীয় শিক্ষা-অভিজ্ঞতা প্ৰদান কৰিছিল। কিন্তু সময়ৰ গতিত মানুহৰ শিক্ষা-অভিজ্ঞতা আৰু কৰ্মক্ষেত্ৰ বৃদ্ধি পাই অহাৰ লগে লগে সুসংগঠিত আৰু প্ৰণালীবদ্ধ শিক্ষানুষ্ঠান একোটাৰ প্ৰয়োজন অনুভৱ কৰা হয়। পূৰ্বৰ প্ৰাসংগিক শিক্ষাই ক্ৰমজটিলতৰ হৈ উঠা জীৱনৰ প্ৰয়োজন পূৰাব নোৱাৰা হৈ পৰে। ফলত একো একোটা বিশেষ অনুষ্ঠান আৰু একো একোজন বিশেষভাৱে শিক্ষাপ্ৰাপ্ত অভিজ্ঞ ব্যক্তিৰ সহায় ল’ব লগা হয়। এনে শিক্ষানুষ্ঠানকেই স্কুল আৰু ইয়াৰ পৰিচালনা কৰা ব্যক্তিক শিক্ষক বুলি জনা যায়। সেইবাবে বৰ্তমান স্কুল, কলেজ, বিশ্ববিদ্যালয় আদি শিক্ষানুষ্ঠানক বিধিগত অথবা সুসংগঠিত অনুষ্ঠান বুলি কোৱা হয়। এনে অনুষ্ঠানৰ প্ৰধান বৈশিষ্ট্য হৈছে নিৰ্ধাৰিত নীতি-নিয়মৰ মাজেদি পৰিচালিত হোৱাটো। ইয়াৰ নিৰ্দিষ্ট স্থান-কাল-পাত্ৰৰ উপৰিও পাঠ্যক্ৰম, পঠন-সামগ্ৰী, শিক্ষণ-পদ্ধতি, মূল্যায়ন আৰু অনুশাসন ব্যৱস্থা আদি সকলো বিধিগত আৰু সুনিয়ন্ত্ৰিত হৈ উঠে। এনে অনুষ্ঠানৰ জৰিয়তে শিক্ষা পোৱা ব্যক্তি সামাজিকভাৱেও স্বীকৃতিপ্ৰাপ্ত আৰু সন্মানিত হয়। বিধিগত শিক্ষানুষ্ঠানৰ বৰ্তমান এনে দায়িত্ব আৰু কৰ্তৃত্ব থকা বাবে বহুতো লোকে ইয়াক শিক্ষাৰ একমাত্ৰ অনুষ্ঠান বুলিও ধাৰণা কৰে। সি যি কি নহওক, সামাজিক জীৱনৰ প্ৰয়োজনীয়তা ক্ৰমে বৃদ্ধি পাই অহাৰ লগে লগে বিধিগত শিক্ষাৰ প্ৰাধান্যও বাঢ়িবলৈ ধৰে।

বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষানুষ্ঠানে শিক্ষাৰ প্ৰধান ভূমিকা গ্ৰহণ কৰিলেও ই শিক্ষাৰ একমাত্ৰ স্থল নহয়। স্কুল-কলেজ আদিৰ উপৰিও এনে কিছুমান সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আছে যি বৰ্তমান আমাৰ দৈনন্দিন জীৱনৰ ক্ৰিয়া-অভিজ্ঞতাৰ অপৰিহাৰ্য অংশবিশেষত পৰিণত হৈছে। এনেবোৰ অনুষ্ঠানৰ সংস্পৰ্শত আমি এনে কেতবোৰ শিক্ষা-অভিজ্ঞতা লাভ কৰো, যি বিধিগত শিক্ষানুষ্ঠানৰ অভিজ্ঞতাতকৈও অধিক তাৎপৰ্যপূৰ্ণ। বৰ্তমান বিজ্ঞানৰ ন ন আৱিষ্কাৰ আৰু অগ্ৰগতিয়ে এইবিধ অনুষ্ঠানৰ গুৰুত্ব স্বাভাৱিকতেই বৃদ্ধি কৰি তুলিছে। কেৱল বৰ্তমান বিজ্ঞানৰ যুগতেই নহয়, প্ৰাচীন কালত স্কুল-কলেজ নথকা অৱস্থাতো মানুহে বিধিমুক্তভাৱে প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ পৰা শিক্ষা লাভ কৰিছিল। উল্লেখযোগ্য যে ঘৰুৱা পৰিৱেশত, খেতি-পথাৰত, ব্যৱসায়-বাণিজ্য আদি বিভিন্ন কৰ্মক্ষেত্ৰত বিধিমুক্ত আৰু প্ৰাসংগিকভাৱে পোৱা শিক্ষাৰে দেউতাকৰ ব্যৱসায় পুতেকে গ্ৰহণ কৰিছিল। সেয়েহে অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ অধিক পুৰণি। বিধিমুক্ত অনুষ্ঠান স্বৰূপে গৃহ পৰিৱেশে বৰ্তমানেও শিশুৰ শিক্ষা-অভিজ্ঞতাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

অনানুষ্ঠানিক শিক্ষাক্ষেত্ৰবোৰৰ শিক্ষাগত বৈশিষ্ট্যও মন কৰিবলগীয়া। এনে অনুষ্ঠানৰ পৰা শিক্ষা লাভৰ বেলিকা কোনো নিৰ্ধাৰিত নীতি-নিয়ম পালন কৰি চলিব নালাগে। খেলা বা ক্ৰীড়াৰ পৰিৱেশত শিক্ষা আহৰণ সম্ভৱ হৈ উঠে। নিজৰ ইচ্ছা, আগ্ৰহ, অভিৰুচি অনুযায়ী বিভিন্ন ক্ৰিয়া-কলাপত মুকলি মনেৰে অংশগ্ৰহণ কৰিব পাৰি। সেইবাবে এনে শিক্ষা মুক্ত আৰু স্বতঃস্ফূৰ্ত বিধৰ হয় আৰু ব্যক্তিয়ে ইয়াত সহজে আত্ম-প্ৰকাশৰ সুযোগ লাভ কৰে। আমাৰ দৈনন্দিন জীৱনৰ স্বাভাৱিক পৰিৱেশৰ মাজত নিজৰ অজ্ঞাতেই এনে শিক্ষা লাভ কৰা হয়। সেইবাবে জীৱনৰ প্ৰয়োজনীয় ক্ৰিয়া-অভিজ্ঞতা, অভ্যাস আৰু চৰিত্ৰ গঠন আদিৰ দিশত ই এক দৰ্শনীয় ভূমিকা গ্ৰহণ কৰে। ইয়াৰ কোনো নিৰ্দিষ্ট স্থান-কাল-পাত্ৰ আদি নথকা হেতুকে ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে এনে শিক্ষাই যিকোনো পৰিস্থিতিতে প্ৰভাৱ পেলাব পাৰে।

অগতানুগতিক শিক্ষা হৈছে বৰ্তমান সময়ৰ শিক্ষাৰ এক নতুন ধাৰণা। এই শিক্ষাৰ প্ৰয়োজন, পৰিসৰ আৰু ইয়াৰ প্ৰায়োগিকতা বৰ্তমান অধিক বৃদ্ধি পাই উঠিছে। ইয়াক এবিধ আজিৰ যুগৰ সময়-সাপেক্ষ আৰু সমাজৰ প্ৰয়োজনভিত্তিক শিক্ষা স্বৰূপে বৰ্ণনা কৰিব পাৰি। ‘Education for all’ অৰ্থাৎ ‘সকলোৰে বাবে শিক্ষা’ আজিৰ শিক্ষা-জগতৰ এটা আন্তৰ্জাতিক আদৰ্শ। বৰ্তমানৰ প্ৰচলিত আনুষ্ঠানিক শিক্ষাৰ অপৰ্যাপ্ততাৰ হেতুকে স্কুলৰ বাহিৰত জনসাধাৰণৰ শিক্ষাৰ চাহিদা আৰু প্ৰয়োজন পূৰণ কৰিব পৰাকৈ এইবিধ শিক্ষা গঢ় দি তোলা হৈছে। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ দ্বাৰা বৰ্তমান উদ্ভাৱন কৰা উন্নত শিক্ষাৰ সা-সঁজুলি আৰু শিক্ষাদানৰ কৌশলে এই অগতানুগতিক শিক্ষাৰ বাস্তৱ আৰু কাৰ্যকৰী সম্ভাৱনীয়তা অধিক বৃদ্ধি কৰি তুলিছে।

অগতানুগতিক শিক্ষাৰ স্বৰূপ বৰ্ণনা কৰি ক’ব পাৰি যে এইবিধ শিক্ষা সুসংগঠিত আৰু পূৰ্ব-পৰিকল্পিত যদিও আনুষ্ঠানিক শিক্ষাৰ গতানুগতিক নীতি-নিয়ম ইয়াত কটকটীয়াভাৱে পালন কৰা নহয়। এই শিক্ষা শিক্ষাগ্ৰহণকাৰীৰ প্ৰয়োজন অনুসৰি নমনীয় আৰু গতিশীল কৰি তোলা হৈছে। গতানুগতিক শিক্ষাৰ দৰে ই শিক্ষক-প্ৰধান নহৈ শিক্ষাৰ্থী-প্ৰধান স্বৰূপেহে গঢ়ি তোলা হৈছে। ইয়াত শিক্ষাগ্ৰহণকাৰীৰ প্ৰয়োজন আৰু সময়-সুবিধা আদি সহানুভূতিৰে বিবেচনা কৰিহে শিক্ষাৰ নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থা গঢ় দি তোলা হৈছে। তেওঁলোকৰ সময়, শিক্ষা-অগ্ৰগতি আৰু ধন প্ৰয়োগৰ ক্ষেত্ৰত মিতব্যয়িতাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। এই শিক্ষাৰ অধ্যয়নৰ বিষয়-সূচীও ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰি তোলা হৈছে। বৰ্তমানৰ সমাজ-দৰ্শন আৰু শিক্ষা-দৰ্শনৰ ওপৰত ইয়াৰ নীতি আৰু আদৰ্শ গঢ় দি তোলা হৈছে। এইবিধ শিক্ষাৰ সম্বন্ধে বিস্তৃত আলোচনা পিচলৈ কৰা হৈছে।

(গ) বিকাশ স্বৰূপে শিক্ষাঃ

শিক্ষা আৰু বিকাশৰ মাজত ঘনিষ্ঠ সম্বন্ধ। শিক্ষাই ব্যক্তিৰ বিকাশ সম্ভৱ কৰি তোলে। মানুহ বিকাশশীল জীৱ বুলি কোৱা হয় এইবাবেই যে মানুহৰ গঠন-ক্ষমতা অন্যান্য সকলো জীৱ-জন্তুতকৈ অধিক। এই গঠন-ক্ষমতা বা যোগ্যতা শিক্ষাৰ দ্বাৰা বিকশাই তোলা হয়। সেয়েহে মানুহৰ বিকাশৰ যিকোনো দিশৰ প্ৰকাশ লাভেই হৈছে শিক্ষাৰ পৰিণতি মাথোন। শিক্ষাই মানুহৰ গঠন-ক্ষমতা বা বিকাশযোগ্যতা আশানুৰূপভাৱে কাৰ্যকৰী কৰাত সহায় কৰে। শিক্ষা শব্দৰ মৌলিকতা (যেনে- ‘E’ আৰু ‘Duco’) বিশ্লেষণ কৰিলেও এনে অৰ্থকেই পোৱা যায়। সেয়েহে বিকাশৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ব্যক্তিৰ বিকাশযোগ্য নিজ দেহ-মানসিক ক্ষমতা নিহিত থকাৰ কথা স্বীকাৰ কৰাটো। শিক্ষাৰ দ্বাৰা বিকাশ সম্ভৱ কৰি তুলিবলৈ বিকাশযোগ্য ক্ষমতা বা গঠন-ক্ষমতাৰ প্ৰয়োজন। এনে ক্ষমতা নাথাকিলে অথবা ইয়াক অস্বীকাৰ কৰিলে কেৱল বাহ্যিকভাৱে কৰা শিক্ষাদানৰ ব্যৱস্থাই ব্যক্তিৰ বিকাশ সম্ভৱ কৰি তুলিব নোৱাৰে। শূন্যৰ পৰা কোনো গাণিতিক বিকাশ সম্ভৱ নহয়। সেইদৰে বিকাশযোগ্য ক্ষমতাৰ অৱস্থিতি অথবা অন্তৰ্নিহিত অৱস্থা এটাক বুজোৱা হয়। এই অন্তৰ্নিহিত যোগ্যতাৰ উপযুক্ত বিকাশ সাধনৰ বাবেই সচেতনভাৱে নিয়ন্ত্ৰিত বিধিগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন।

বিকাশৰ আন এটা মন কৰিবলগীয়া বৈশিষ্ট্য হৈছে ইয়াৰ অন্তহীনতা। শিক্ষাৰ দ্বাৰা সাধিত হোৱা বিকাশ অন্তহীন এক গতি স্বৰূপ। ই কোনো কালেই সম্পূৰ্ণ হৈ উঠি সমাপ্তি লাভ কৰিব নোৱাৰে। শিক্ষাৰ দ্বাৰা আমি বিকাশ লাভ কৰি ক্ৰমোন্নতিৰ পথত অগ্ৰসৰ হওঁ, কিন্তু ইয়াৰ শেষ সীমাত কোনোদিনেই উপনীত হ’বগৈ নোৱাৰো। ই আমাক উন্নতিৰ উৰ্ধতন স্তৰলৈ লৈ যায়, কিন্তু শীৰ্ষ বিন্দুত কেতিয়াও স্থাপিত কৰিবগৈ নোৱাৰে। ক্ৰমাগত উন্নতি আৰু অবিৰাম গতিশীলতাই হৈছে ইয়াৰ প্ৰকৃত ৰূপ। দাৰ্শনিক জন্ ডিউইয়ে এই প্ৰসংগত মন্তব্য দি কয় যে জীৱনেই হৈছে বিকাশ আৰু বিকাশশীলতাই হৈছে জীৱন। শিক্ষাক্ষেত্ৰত বিকাশৰ দুটা বিশেষ তাৎপৰ্যৰ কথা তেওঁ উল্লেখ কৰে।

(১) বিকাশৰ বাহিৰে শিক্ষা পদ্ধতিবোৰৰ আন কোনো লক্ষ্য থাকিব নোৱাৰে, ইয়েই হৈছে তাৰ শেষ অৱস্থা।

(২) শিক্ষা পদ্ধতিবোৰ হৈছে এক ধাৰাবাহিক পুনৰসংগঠন, পুনৰনিৰ্মাণ আৰু ৰূপান্তৰ সাধন কাৰ্যবিশেষ।

শিক্ষাক্ষেত্ৰত বিকাশৰ এনে তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে কোৱা হয় যে শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, বৰং ইয়েই জীৱন। শিক্ষাৰ দ্বাৰা অবিৰামভাৱে কৰা ব্যক্তিৰ পুনৰসংগঠন আৰু পুনৰনিৰ্মাণ কাৰ্যতেই বিকাশৰ স্বৰূপ নিহিত থাকে।

(ঘ) দ্বি-পক্ষীয় আৰু ত্ৰি-পক্ষীয় প্ৰক্ৰিয়া স্বৰূপে শিক্ষাঃ

পৰিৱেশৰ এক অদৃশ্য বাহ্যিক শক্তিয়ে ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰে। ইয়াৰ ফলস্বৰূপে তেওঁৰ ক্ৰিয়া-আচৰণ পৰিচালিত হয় আৰু পৰিৱেশৰ বহল পৰিসৰৰ লগত নিজকে সমাযোজন স্থাপনৰ চেষ্টা কৰে। পৰিৱেশৰ এই বাহ্যিক দৃষ্টিকোণৰ পৰা শিক্ষাক এবিধ সমাযোজন প্ৰক্ৰিয়া বুলিব পাৰি। সেয়েহে এদল শিক্ষাবিদে শিক্ষা কাৰ্যক শিশুৰ অন্তঃশক্তিৰ স্বতঃস্ফূৰ্ত বিকাশ বুলি মানি নলৈ বহিঃশক্তিৰ বাহ্যিক প্ৰভাৱৰ ফলস্বৰূপ বুলিহে ক’বলৈ বিচাৰে। এই ক্ষেত্ৰত শিশুৰ বিকাশত বহিঃশক্তিৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা শিক্ষাক বাহিৰৰ পৰা দিয়া এবিধ শিক্ষা-নিৰ্দেশনা কাৰ্য বুলিহে গণ্য কৰা হয়। শিক্ষাবিদ চাৰ জন আদামচে লেটিন শব্দ ‘educere’-ৰ ‘leading out’ অথবা বিকাশ সাধন কৰি তোলা মত গ্ৰহণ কৰা নাই। তেওঁৰ মতে আনটো লেটিন শব্দ ‘educare’-ৰ ‘bringing up’ অৰ্থাৎ তুলি-তালি ধৰা অথবা লালন-পালন কৰা অৰ্থহে অধিক গ্ৰহণযোগ্য। শিক্ষাৰ এনে অৰ্থই ব্যক্তি-বিকাশৰ বেলিকা পৰিৱেশৰ বহিঃশক্তিৰ প্ৰভাৱৰ ওপৰতেই সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

এই বহিঃশক্তি বা প্ৰভাৱৰ বিবেচনাৰে আদামচে শিক্ষাক এবিধ দ্বি-পক্ষীয় প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছে। ছাত্ৰৰ শিক্ষালাভৰ বেলিকা শিক্ষকেই তাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। শিক্ষক আৰু ছাত্ৰৰ পাৰস্পৰিক প্ৰভাৱ আৰু আদান-প্ৰদানেই প্ৰকৃতপক্ষে শিক্ষা সম্ভৱ কৰি তোলে। শিক্ষা দিয়া আৰু লোৱা কাৰ্যৰ যোগেদি শিক্ষকে ছাত্ৰৰ ওপৰত আৰু ছাত্ৰই শিক্ষকৰ ওপৰত পাৰস্পৰিক প্ৰভাৱ পেলোৱা হেতুকে ইয়াক শিক্ষাৰ দ্বি-পক্ষীয় প্ৰক্ৰিয়া বোলা হৈছে। এই প্ৰক্ৰিয়াৰ মূল বক্তব্য এয়ে যে ছাত্ৰৰ অপৈণত ব্যক্তিত্বৰ ওপৰত শিক্ষকৰ পৈণত ব্যক্তিত্বৰ এক শক্তিশালী বাহ্যিক প্ৰভাৱ নিশ্চিতভাৱে পৰে। এনে প্ৰভাৱে ছাত্ৰৰ ব্যক্তিত্ব গঢ় দি তোলে। আদামচৰ মতে এই দ্বি-পক্ষীয় প্ৰক্ৰিয়াই নিম্নলিখিতভাৱে ক্ৰিয়া কৰে।

(১) শিক্ষকৰ ব্যক্তিত্বই ছাত্ৰৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা বাবে ছাত্ৰৰ ব্যক্তিত্ব সংশোধিত হয়।

(২) এই প্ৰক্ৰিয়া হৈছে সচেতন আৰু অভিপ্ৰায়মূলক, যিহেতু ছাত্ৰৰ ব্যক্তিত্ব বিকাশ সম্বন্ধীয় কাৰ্যৰ বিষয়ে শিক্ষকৰ মনত এক স্পষ্ট আৰু নিশ্চিত অভিপ্ৰায় থাকে।

(৩) শিক্ষকে এনে বিকাশৰ ক্ষেত্ৰত তেওঁৰ ব্যক্তিত্ব প্ৰভাৱৰ যোগে প্ৰত্যক্ষভাৱে আৰু ভিন ভিন বিষয়ৰ শিক্ষাদানৰ যোগে পৰোক্ষভাৱে দ্বৈত প্ৰভাৱ পেলাব পাৰে।

শিক্ষাৰ্থীৰ ওপৰত পেলোৱা শিক্ষকৰ এনেবোৰ বহিঃশক্তিৰ প্ৰভাৱেই শিক্ষা। আদামচৰ দ্বি-পক্ষীয় প্ৰক্ৰিয়া স্বৰূপে শিক্ষাৰ এই ধাৰণা কিছু পুৰণি। আধুনিক শিক্ষাবিদসকলৰ মনত সমাজ আৰু পৰিৱেশৰ পৰিৱৰ্তনশীল চিন্তাধাৰাৰ প্ৰভাৱ পৰিছে। শিক্ষা বিষয়ত সামাজিক পৰিৱেশৰ এক নিশ্চিত প্ৰভাৱ থকাৰ কথা বৰ্তমান ক্ৰমবৰ্ধিতভাৱে অনুভৱ কৰা হৈছে। ছাত্ৰৰ ওপৰত বহিঃশক্তিৰ প্ৰভাৱ স্বৰূপে কেৱল শিক্ষকৰ প্ৰভাৱকেই মাথোন বিবেচনা কৰিলে নহ’ব। শিক্ষকৰ ব্যক্তিগত প্ৰভাৱৰ উপৰিও শিক্ষণীয় বিষয়, শিক্ষা সা-সঁজুলি আৰু শিক্ষা-পদ্ধতি আদি নিৰ্ধাৰণত সামাজিক অৱস্থা আৰু প্ৰয়োজনীয়তাৰ বিশেষ প্ৰভাৱ পৰে। শিক্ষা হৈছে সামাজিক প্ৰয়োজনীয়তা পূৰণত শিক্ষকে সচেতনভাৱে নিয়ন্ত্ৰণ কৰা কাৰ্যবিশেষ। সামাজিক পৰিৱেশৰ প্ৰভাৱেহে শিক্ষাক উদ্দেশ্যধৰ্মী কৰি তুলি বিকাশৰ নিৰ্দিষ্ট পথেদি পৰিচালিত কৰে। সেয়েহে দাৰ্শনিক জন ডিউইয়ে শিক্ষাৰ এই সামাজিক দিশটোৰ প্ৰভাৱৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। ফলত শিক্ষা বৰ্তমান সমাজ বিজ্ঞানৰ ওচৰ চাপি আহিছে। শিক্ষা বিষয়ত ছাত্ৰ, শিক্ষক আৰু সামাজিক পৰিৱেশ এই তিনিটা পক্ষৰ যুটীয়া প্ৰভাৱ আমাৰ মনত স্পষ্ট হৈ উঠিছে। এই ত্ৰিপক্ষীয় প্ৰক্ৰিয়াত প্ৰতিটো পক্ষই শিক্ষাৰ নিজ নিজ ভূমিকা গ্ৰহণ কৰে। এই ক্ষেত্ৰত ছাত্ৰ হল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী, শিক্ষক হল ক্ৰিয়া পৰিচালনাকাৰী আৰু সামাজিক পৰিৱেশ হল শিক্ষা বিষয় আৰু তাৰ গতি নিৰ্ধাৰণকাৰী। এই তিনিওটা পক্ষৰ পাৰস্পৰিকতাই শিক্ষাত গণতন্ত্ৰৰ নীতি কাৰ্যকৰী কৰি তুলিব পাৰে। গণতান্ত্ৰিক শিক্ষা-ব্যৱস্থাত সমাজৰ প্ৰয়োজন অনুযায়ী ছাত্ৰক শিক্ষকে গঢ় দি তুলিব লাগে।

দৰ্শন, কলা আৰু বিজ্ঞান স্বৰূপে শিক্ষাঃ

 

শিক্ষাৰ স্বৰূপ আমাৰ মনত অধিক স্পষ্ট কৰি তুলিবৰ বাবে দৰ্শন, কলা আৰু বিজ্ঞানৰ লগত থকা ইয়াৰ সম্বন্ধ বিশ্লেষণ কৰি চোৱাটো প্ৰয়োজন। বৰ্তমান সময়ত এই তিনিও দিশৰ পৰা শিক্ষাৰ বিভিন্ন ব্যাখ্যা আৰু বিশ্লেষণ অৱস্থা বিশেষে দাঙি ধৰা হয়। শিক্ষক আৰু শিক্ষাবিদসকল প্ৰকৃতপক্ষে দাৰ্শনিক নে বিজ্ঞানী নে কলাবিদ এই প্ৰশ্ন স্বাভাৱিকতেই আমাৰ মনলৈ আহে। সেইবাবে ইয়াৰ অস্তিত্ব, বিষয়বস্তু আৰু কাৰ্য-পৰিসৰ সম্বন্ধে আমাৰ ধাৰণা স্পষ্ট হোৱাটো প্ৰয়োজন।

দৰ্শন স্বৰূপে শিক্ষাঃ

 

দৰ্শন আৰু শিক্ষা এই দুই বিষয়ৰ অংগাঙ্গী সম্বন্ধ। বহল দৃষ্টিকোণৰ পৰা শিক্ষা বিষয় হৈছে দৰ্শনৰেই অংশবিশেষ। দৰ্শনে সকলো বিষয়তেই সামূহিক ৰূপত জ্ঞান অনুসন্ধানৰ চেষ্টা কৰে। গ্ৰীক শব্দ ‘Philosophy’-ৰ অৰ্থ হৈছে জ্ঞানৰ প্ৰতি ধাউতি (Love of knowledge)। এই জ্ঞানে কোনো এক নিৰ্দিষ্ট বিষয়ৰ মাজত সীমিত নাৰাখি ইয়াৰ অনন্ত আৰু সীমাহীন পৰিধিৰ প্ৰতি বৰ্ধিত কৰা হয়। এনে কাৰ্যত অতৃপ্ত মনৰ অবিৰাম প্ৰচেষ্টা আৰু প্ৰকৃত সত্য অনুসন্ধানৰ দৃষ্টি পৰিলক্ষিত হয়। সেয়েহে প্ৰকৃত দাৰ্শনিকসকল জ্ঞানৰ প্ৰকৃত সত্য অনুসন্ধানৰ প্ৰতি আগ্ৰহী। তেওঁলোকে জীৱনক সামূহিক ৰূপত নিৰীক্ষণ কৰে আৰু তাৰ যোগেদি মানৱ জীৱনৰ একো একোটা সত্য অনুসন্ধান আৰু উপলব্ধিৰ চেষ্টা কৰে। ইয়াৰ ফলস্বৰূপে একো একোটা চিন্তাধাৰা, জীৱন-দৰ্শন অথবা জীৱনৰ আদৰ্শ সাধাৰণ মানুহক প্ৰদান কৰে। এনে দাৰ্শনিক দৃষ্টিৰ পৰা কোৱা হয় যে জীৱনটো কৰ্মময় অথবা যাতনাময় অথবা ই এক ভোগ-বিলাসৰ পাত্ৰ। সৰ্বসাধাৰণে লোৱা জীৱনৰ এনেবোৰ ভিন ভিন দৃষ্টিভংগী হৈছে দৰ্শনৰ ওপৰত প্ৰতিস্থিত।

জীৱন সম্বন্ধে আমাৰ এনেবোৰ দৰ্শন অথবা চিন্তাধাৰাক শিক্ষাৰ দ্বাৰা কাৰ্যত পৰিণত কৰা হয়। দৰ্শনৰ দ্বাৰা উপলব্ধি কৰা সত্যক লাভ কৰিবৰ বাবে শিক্ষাই আমাক তাৰ প্ৰয়োজনীয় কাৰ্য-আঁচনি আৰু ক্ৰিয়া পদ্ধতিৰ সন্ধান দিয়ে। জীৱন দৰ্শনৰ কাৰ্যকৰী দিশটোৱেই হৈছে শিক্ষা-দৰ্শন। সেইবাবে পৃথিৱীৰ শ্ৰেষ্ঠ দাৰ্শনিকসকল একো একোজন শিক্ষাবিদো। তেওঁলোকে দৰ্শনৰ যোগেদি নিৰীক্ষণ আৰু অনুভৱ কৰা জীৱনৰ সত্যক লাভ কৰিবৰ বাবে কাৰ্যকৰী দিশত একো একোটা শিক্ষা-পদ্ধতি বা ব্যৱস্থাৰ সন্ধান দিছে। দাৰ্শনিক ৰুছোই প্ৰকৃতিবাদৰ ভিত্তিত শিশুৰ স্বভাৱ-সুলভ শিক্ষা-ব্যৱস্থাৰ কথা উল্লেখ কৰিছে। দাৰ্শনিক ফ্লোৱেলে আদৰ্শবাদৰ ভিত্তিত কিণ্ডাৰ গাৰ্টেন পদ্ধতি দাঙি ধৰিছে। দাৰ্শনিৰ ডিউইৰ প্ৰয়োগবাদৰ ভিত্তিত প্ৰয়োজনা অথবা প্ৰকল্প পদ্ধতি গঢ় লৈ উঠিছে। সেইদৰে গান্ধীজীৰ গান্ধীবাদৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বুনিয়াদী শিক্ষা পদ্ধতি ৰচিত হৈছে। উল্লেখিত শিক্ষা পদ্ধতিসমূহ দৰ্শন ভিত্তিক হোৱা বাবে সেইসমূহৰ যুক্তিযুক্ততা, কাৰ্যকাৰিতা আৰু উপযোগিতা আদি সাৱধানতাৰে পৰ্যবেক্ষণ কৰি চোৱাৰ প্ৰয়োজন হৈ পৰিছে। এই লৈ বৰ্তমান দৰ্শনৰ এক নতুন চিন্তাধাৰাৰ সৃষ্টি হৈছে আৰু ইয়াকেই শিক্ষা-দৰ্শন বুলি জনা যায়। শিক্ষা-দাৰ্শনিক থমচনে সেয়েহে মত প্ৰকাশ কৰি কয় যে এই বিভিন্ন চিন্তাধাৰাসমূহৰ তুলনামূলক আলোচনা কৰা আৰু তাৰ পৰস্পৰ বিৰোধী মতসমূহৰ পৰা এক গ্ৰহণযোগ্য কাৰ্যকৰী পথ উদ্ভাৱন কৰাটো শিক্ষা-দৰ্শনৰ কাৰ্যসূচীৰ অন্তৰ্গত।

কলা স্বৰূপে শিক্ষাঃ

 

শিক্ষাক কলাৰ ৰূপতো বৰ্ণনা কৰিব পাৰি। সাধাৰণভাৱে কোৱা হয় যে শিক্ষাৰ উদ্দেশ্য হৈছে শিশুৰ দেহ-মানসিক উৎকৰ্ষ সাধন কৰা, চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশ সাধন কৰা। কিন্তু এই উক্তি কৰা যিমান সহজ তাৰ গুৰুত্ব উপলব্ধিৰে কৰ্তব্য পালন কৰাটো সিমানেই কঠিন। ইয়াৰ গুৰুত্বলৈ লক্ষ্য কৰি দাৰ্শনিক ফ্লোৱেলে শিক্ষকক ফুলৰ বাগানৰ যতনকাৰী এজন মালী স্বৰূপে বৰ্ণনা কৰিছে। তেওঁৰ দায়িত্ব হৈছে বিকাশৰ সকলো সম্ভাৱনীয়তাৰে প্ৰস্ফূটিত হ’বলৈ ধৰা শিশুৰ ব্যক্তিত্ব বিকশাই তোলা। বাস্তৱিকতে শিক্ষকসকলৰ ই এক অসাধাৰণ দায়িত্ব আৰু বৰ্তমান সময়ত এনে দায়িত্ব পালন কৰাটো যেই কোনো মানুহৰ বাবেই সম্ভৱপৰ নহয়। উল্লেখযোগ্য যে বৰ্তমান শিক্ষা-দাৰ্শনিকসকলে জীৱনৰ বিভিন্ন সত্য আৰু শিক্ষা-আদৰ্শ আমাৰ আগত দাঙি ধৰিছে আৰু তাৰ কাৰ্যকৰী পদ্ধতিৰো সন্ধান দিছে। শিক্ষা-মনোবিজ্ঞানী তথা বিশেষজ্ঞসকলে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰে শিক্ষা বিষয়ৰ বিভিন্ন দিশত নতুন নতুন তথ্য দাঙি ধৰিছে। আনহাতে শিশুৰ পৰিৱেশ, পৰিস্থিতি আৰু সমাজৰ প্ৰয়োজনসমূহ দ্ৰুত পৰিৱৰ্তন হৈ এক ক্ৰমজটিলতৰ ৰূপ ধাৰণ কৰিছে। এনে অৱস্থাত শিশুৰ ব্যক্তিত্ব বিকাশ সাধনকাৰী স্বৰূপে শিক্ষকৰ এক স্পষ্ট দৃষ্টিভংগী আৰু কৰ্ম-পদ্ধতি থকাটো অতি প্ৰয়োজন। বিকাশৰ বিভিন্ন দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আদৰ্শ ব্যক্তিত্ব গঢ় দি তুলিবৰ বাবে শিক্ষকৰ এটা কলা-সুলভ অনুভূতি আৰু প্ৰেৰণা থাকিব লাগে। জীৱনৰ গভীৰ উপলব্ধি, সুস্থ ধাৰণা আৰু সজীৱ অনুভূতি অবিহনে এনে কাৰ্যত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। নিজ হাতে ছাত্ৰৰ ব্যক্তিত্ব গঢ় দি তোলা শিক্ষক সেয়েহে এগৰাকী মহান শিল্পী। তেওঁৰ শিক্ষাদান কাৰ্য এবিধ কলা। এই কলাৰ প্ৰকৃত উত্তৰাধিকাৰী জনেহে শিক্ষাদান কাৰ্য সাৰ্থক কৰি তুলিব পাৰে। এই দৃষ্টিকোণৰ পৰাই কোৱা হয় যে প্ৰকৃত শিক্ষক জন্মেহে, তেওঁক গঢ়ি তুলিব নোৱাৰি। জীৱনৰ সূক্ষ্ম অনুভূতি আৰু সুন্দৰৰ উপলব্ধিয়েহে তেওঁৰ ভাবধাৰা আৰু ক্ৰিয়া-আচৰণ আদি শিক্ষকতাৰ উপযুক্ত কৰি তুলিব পাৰে। তেওঁৰ নিজ ব্যক্তিত্বৰ সুস্থ প্ৰভাৱে ছাত্ৰৰ ব্যক্তিত্ব গঢ় দি তোলে। শিক্ষকৰ কলা-সুলভ আদৰ্শ ব্যক্তিত্বৰ প্ৰভাৱ সেয়েহে ছাত্ৰৰ গোটেই জীৱনলৈকে অনুপ্ৰেৰণাদায়ক হৈ থাকে।

বিজ্ঞান স্বৰূপে শিক্ষাঃ

 

শিক্ষাক ইয়াৰ ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰিলে বিজ্ঞানৰ শ্ৰেণীত পেলাব পাৰি। বৰ্তমান শিক্ষা জগতত যি বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হৈছে তাৰ গুৰিতেই হৈছে বিজ্ঞানৰ অৱদান। কোনো বস্তু বা বিষয়ৰ সম্বন্ধে তন্ন তন্নকৈ আৰু প্ৰণালীবদ্ধভাৱে পৰ্যবেক্ষণ, পৰীক্ষণ, বিশ্লেষণ, শ্ৰেণীকৰণ আৰু প্ৰামাণিকৰণ কৰি সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যকেই বিজ্ঞান বোলা হয়। এনে সুপৰিকল্পিত আৰু সুসংগতভাৱে কৰা অধ্যয়নৰ সিদ্ধান্ত সাধাৰণ লোকৰ বাবেও অধিক গ্ৰহণযোগ্য হৈ উঠে। শিক্ষা বিষয়ত এনে বিজ্ঞানসন্মত দৃষ্টিভংগী অথবা মনোভাবৰ প্ৰভাৱ আপেক্ষিকভাৱে নতুন।

পুৰণি কালত শিক্ষাবিদ আৰু শিক্ষা-দাৰ্শনিকসকলে শিক্ষাক দৰ্শনৰহে বিষয়বস্তু বুলি গণ্য কৰিছিল। সেইবাবে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচী আদিত গ্ৰীক, লেটিন, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, গণিত আদি মননাত্মক বিষয়সমূহ অন্তৰ্ভুক্ত কৰিছিল। এনেবোৰ বিষয় বুদ্ধিজীৱিসকলৰ আজৰি সময় কটোৱাৰ পৰিৱৰ্তে জীৱন নিৰ্বাহৰ সহায়কাৰী স্বৰূপেহে পাছলৈ ক্ৰমে গণ্য কৰা হয়। সময়ৰ পৰিৱৰ্তনে মানুহৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন আনে আৰু তাৰ ফলত শিক্ষাত বৰ্তমান এক বৈজ্ঞানিক মনোবৃত্তি পৰিলক্ষিত হয়। পাঠ্যক্ৰমত পূৰ্বৰ মননাত্মক বিষয়ৰ পৰিৱৰ্তে অধিক বাস্তৱ আৰু বিজ্ঞানভিত্তিক বিষয়ৰ সমাৱেশ কৰা হয়।

অকল সেয়ে নহয়, শিশুৰ উপযুক্তভাৱে দেহ-মানসিক বিকাশ সাধন কৰিবলৈ বিজ্ঞানসন্মত কাৰ্যপন্থা আৰু আঁচনিৰো বৰ্তমান প্ৰস্তুত কৰা হয়। ইয়াৰ প্ৰতিটো বিষয় বৈজ্ঞানিক দৃষ্টিৰে নিৰ্ভৰযোগ্যভাৱে চালি-জাৰি চাইহে গ্ৰহণ আৰু প্ৰয়োগৰ ব্যৱস্থা কৰা হয়। শিক্ষাৰ বিভিন্ন কাৰ্যকৰী দিশ যেনে- পাঠ্যক্ৰম প্ৰস্তুতি, পাঠদান পদ্ধতি, মূল্যায়ন ব্যৱস্থা, অনুশাসন ব্যৱস্থা, সহ-পাঠ্যক্ৰম বিষয়ৰ প্ৰয়োগ পদ্ধতি আদি বিজ্ঞানসন্মতভাৱে ৰচনা আৰু পৰিচালনাৰ ব্যৱস্থা কৰা হয়। বৰ্তমান মনোবিজ্ঞানে শিক্ষা সম্বন্ধে কৰা ন ন পৰীক্ষা-নিৰীক্ষাৰ পৰা বহুতো নতুন অভিজ্ঞতা লাভ কৰা হৈছে আৰু তাৰ প্ৰতি শিক্ষাবিদসকল অধিক আকৃষ্ট হোৱা দেখা গৈছে। শিক্ষণ কাৰ্যৰ বাবে শিক্ষাৰ্থীৰ দেহ-মনৰ ক্ষমতা, প্ৰয়োজনীয়তা, আগ্ৰহ-অভিৰুচি আৰু ভৱিষ্যৎ সম্ভাৱনীয়তা আদি মনোবৈজ্ঞানিকভাৱে পৰীক্ষা কৰিহে প্ৰয়োজনীয় ব্যৱস্থা কৰা হয়। শিক্ষাৰ এনেবোৰ বিষয় বিস্তৃত আৰু বিজ্ঞানসন্মত অধ্যয়নৰ পৰাই বৰ্তমান শিক্ষা-মনোবিজ্ঞান বিষয়ৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও দেহ-মানসিক বিকাশ সম্বন্ধে কৰা প্ৰণালীবদ্ধ অধ্যয়নৰ পৰা শিশু-মনোবিজ্ঞান বিষয়ৰ সৃষ্টি হৈছে, যি ক্ৰমে অধিক জনপ্ৰিয়তা লাভ কৰি উঠিছে। সেয়েহে ক’ব পাৰি যে বৰ্তমান সমগ্ৰ শিক্ষা বিষয় ক্ৰমে বিজ্ঞানমুখী হৈ আহিছে। শিক্ষা-সমস্যা সমাধানত মনোবৈজ্ঞানিক দৃষ্টিভংগী আৰু কাৰ্যপদ্ধতি অপৰিহাৰ্য হৈ পৰিছে।

(চ) সামাজিক ক্ৰিয়া স্বৰূপে শিক্ষাঃ

মানুহক সামাজিক জীৱ বুলি কোৱা হয়। সমাজৰ সংস্পৰ্শ লাভ কৰি মানুহে নিজৰ জৈৱিক প্ৰবৃত্তি আৰু আচৰণবোৰ সংশোধন কৰি বিবেকশীল আৰু সামাজিক হৈ উঠে। প্ৰতিটো সামাজিক পৰিৱেশে ব্যক্তিৰ ওপৰত অনুকূল অথবা প্ৰতিকূল প্ৰভাৱ পেলায়। এনে প্ৰভাৱে ব্যক্তিৰ বিকাশ এক নিৰ্দিষ্ট পথেদি পৰিচালিত কৰে। পৰিৱেশত এনে কেতবোৰ শক্তি-উপাদান নিহিত থাকে যে সেইবোৰে ব্যক্তিৰ মানসিক আৰু আৱেগিক ক্ৰিয়া আচৰণবোৰ জগাই তোলে। এটা সংগীতৰ পৰিয়ালত জন্ম হোৱা শিশুৱে সংগীতৰ সম্বন্ধে তেওঁৰ যিখিনি যোগ্যতা থাকে তাক পৰিস্ফূট কৰি তোলাৰ সুবিধা পায়। পৰিয়ালৰ মাজত হোৱা সংগীতৰ চৰ্চাত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ অজানিতেই সেই যোগ্যতাৰ শিক্ষা পায়। সেইবাবে প্ৰতিজন লোকৰ প্ৰতিটো পৰিৱেশেই পৰোক্ষভাৱে আৰু নিজৰ অজ্ঞাতেই তেওঁক শিক্ষা প্ৰদান কৰে। সেয়েহে দাৰ্শনিক ডিউইয়ে অনুভৱ কৰে যে আমি নিজকে প্ৰত্যক্ষভাৱে কেতিয়াও শিক্ষা প্ৰদান নকৰো, এনে শিক্ষা আমাৰ পৰিৱেশৰ পৰা পৰোক্ষভাৱেহে লাভ কৰা হয়। সেই হেতুকে পৰিৱেশেই হৈছে আমাৰ নীৰৱ শিক্ষক।

আমাৰ সামাজিক পৰিৱেশত এনে বহুতো ক্ষেত্ৰ বা বিষয় আছে যাৰ যোগেদি আমি পৰোক্ষভাৱে শিক্ষালাভ কৰি উঠিব পাৰো। সমাজৰ কৃষ্টি, সভ্যতা, ভাষা, সংস্কৃতি, বিজ্ঞান, ধৰ্ম, বিশ্বাস, ৰীতি-নীতি, অভ্যাস, ভাবধাৰা আদিয়ে এটি শিশুক এক বিশেষ ৰূপত গঢ় দি তোলে। এনেবোৰ প্ৰভাৱে শিশুৰ ক্ৰিয়া আচৰণ সমাজৰ উপযোগী কৰি তোলে। সামাজিক পৰিৱেশত থাকি আৰু তাৰ বিভিন্ন ক্ৰিয়া আচৰণত অংশগ্ৰহণ কৰি শিশুৱে সামাজিক জীৱন ব্যৱস্থা আয়ত্ব কৰে। খেতিৰ পথাৰত পুতেকে দেউতাকৰ কৰ্মজীৱনৰ পদ্ধতি অনুশীলন কৰে। গৃহ-পৰিৱেশত মৰম-চেনেহ, হাই-কাজিয়া, হিংসা-ঈৰ্ষা, শত্ৰুতা-মিত্ৰতা, প্ৰেম-প্ৰীতি, অনুৰাগ আদি আৱেগিক ভাব-অনুভূতি আয়ত্ব কৰে। সেইদৰে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান তথা আদৰ্শ ব্যক্তিৰ প্ৰভাৱত ন্যায়-অন্যায়, পাপ-পুণ্য, উচিত-অনুচিত আদি নৈতিক জ্ঞান আৰু চেতনা লাভ কৰে। এই সকলোবোৰেই হৈছে সামাজিক পৰিৱেশৰ পৰা পৰোক্ষভাৱে শিশুৱে লাভ কৰা শিক্ষা। জন্মৰ পৰা মৃত্যুলৈকে এজন লোকে সামাজিক পৰিৱেশৰ এনে প্ৰভাৱ অনুভৱ কৰে। সেয়েহে ই এক অবিৰাম জীৱন-প্ৰবাহ স্বৰূপ।

অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে আমাৰ সামাজিক জীৱনধাৰা আৰু ইয়াৰ প্ৰভাৱ হৈছে এক গতিশীল শক্তিস্বৰূপ, ই স্থিতিশীল বা স্থবিৰ নহয়। সময়ৰ গতিৰ লগে লগে অভিজ্ঞতা লাভ কৰা হয়। এনে অভিজ্ঞতাই পৰিৱৰ্তনৰ যোগেদি নতুন আৰু উন্নত জীৱনধাৰাৰ সূচনা কৰে। সামাজিক পৰিৱেশৰ এনে গতিশীল স্বভাৱৰ বাবেই মানৱ জীৱনৰ ক্ৰমোন্নতি আৰু বিকাশ সম্ভৱ হৈ উঠিছে। বৰ্তমান উন্নত বিচাৰ-বিবেচনা, বুদ্ধি-বৃত্তি আদিয়ে বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ জ্ঞান-অভিজ্ঞতা প্ৰদান কৰিছে। ফলত সামাজিক জীৱনৰ অভিজ্ঞতা আৰু সামাজিক পৰিৱেশৰ প্ৰভাৱ আদিয়ে ক্ৰমে জটিলতৰ ৰূপ ধাৰণ কৰিছে। এনে অৱস্থাত এটি শিশুৱে পৰিৱেশৰ পৰোক্ষ প্ৰভাৱৰ দ্বাৰা জীৱনৰ সকলো প্ৰয়োজনীয় জটিল অভিজ্ঞতাকেই আয়ত্বৰ আশা কৰিব নোৱাৰি। জটিল সামাজিক জীৱনৰ শিক্ষা দিবৰ বাবে সেয়েহে একো একোজন অভিজ্ঞ ব্যক্তি আৰু একো একোটা দায়িত্বশীল শিক্ষানুষ্ঠানৰ বৰ্তমান প্ৰয়োজন হয়।

এই ব্যক্তি আৰু অনুষ্ঠানবোৰো বৃহৎ সামাজিক পৰিৱেশৰেই অংশবিশেষ, যাৰ দায়িত্ব হৈছে ছাত্ৰক জটিল সামাজিক পৰিৱেশৰ উপযোগীকৈ শিক্ষা দিয়া। উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে পুৰণি কালত আমাৰ গৃহ পৰিৱেশৰ জীৱনধাৰা সহজ-সৰল বিধৰ আছিল আৰু শিশুৱে ইয়াত দৈহিকভাৱে অংশগ্ৰহণ কৰি আয়ত্ব কৰিব পাৰিছিল। কিন্তু বৰ্তমান আমাৰ গাৰ্হস্থ্য বিদ্যা বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ প্ৰয়োজন হৈ পৰিছে। সেইদৰে পুৰণি কালত দেশৰ শাসননীতি সম্বন্ধীয় কথাবোৰ অতি সহজ-সৰল আছিল। শাসকসকলে তাক বিশেষভাৱে অধ্যয়নৰ প্ৰয়োজন হোৱা নাছিল। কিন্তু বৰ্তমান সময়ত আমাৰ ৰাজনৈতিক জীৱনৰ জটিলতা বৃদ্ধি হোৱাৰ লগে লগে শিক্ষানুষ্ঠানত ৰাজনীতি বিজ্ঞানৰ বিষয় অধ্যয়ন প্ৰয়োজন হৈ পৰিছে।

এনেবোৰ কথাৰ প্ৰতি লক্ষ্য কৰি ক’ব পাৰি যে শিক্ষাৰ যোগেদি শিশুক সামাজিক ক্ৰিয়াৰ অভিজ্ঞতা প্ৰদান কৰা হয়। সামাজিক জীৱনধাৰা আৰু ইয়াৰ অভিজ্ঞতা শিশুক প্ৰদান কৰিবৰ বাবেই মূলতে শিক্ষাৰ প্ৰয়োজন। শিক্ষাই অভিজ্ঞতাৰ পৰিৱৰ্তন আৰু তাৰ পুনৰ নিৰ্মাণ সাধন কৰে। অতীত সমাজৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষা সেয়েহে বৰ্তমান এক বিশেষ অনুষ্ঠানে প্ৰত্যক্ষভাৱে প্ৰদান কৰিব লাগে।

(ছ) সামাজিক পৰিৱৰ্তনৰ আহিলা স্বৰূপে শিক্ষাঃ

শিক্ষাক বৰ্তমান সামাজিক পৰিৱৰ্তনৰ আহিলা স্বৰূপে বিবেচনা কৰা হয়। মানৱ সমাজৰ এটা প্ৰধান বিশেষত্ব হৈছে এয়ে যে ই সদায় পৰিৱৰ্তনশীল আৰু বিকাশশীল। বিকাশৰ এই গতি সকলো সময়তেই অব্যাহত থাকে। উন্নতিৰ পৰা অধিক উন্নতি আৰু বিকাশৰ পৰা অধিকতৰ বিকাশ সাধন হোৱাটো আমি সকলোৱেই অনুভৱ কৰো। সমাজৰ এনে পৰিৱৰ্তন আৰু বিকাশ সাধনৰ মূল মন্ত্ৰ হৈছে শিক্ষা। শিক্ষাৰ অবিহনে এই সামাজিক পৰিৱৰ্তন সম্ভৱ হৈ উঠিব নোৱাৰে। শিক্ষাইহে সমাজৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ চকৰী অব্যাহতভাৱে ঘূৰাই ৰাখিব পাৰে।

সামাজিক পৰিৱৰ্তনৰ আহিলা স্বৰূপে শিক্ষাৰ তিনিটা প্ৰধান ক্ৰিয়া আমাৰ চকুত পৰে। প্ৰথমেই উল্লেখযোগ্য যে শিক্ষাই আমাৰ সামাজিক বংশগতি বা উত্তৰাধিকাৰ স্বৰূপে লাভ কৰা জ্ঞান-অভিজ্ঞতাসমূহ ভৱিষ্যৎ সমাজৰ বাবে সংৰক্ষণত সহায় কৰে। দ্বিতীয়তে ই সমাজৰ নতুন পুৰুষসকললৈ তাৰ প্ৰয়োজনীয় উপাদানসমূহ কঢ়িয়াই লৈ যায় আৰু তাৰ অপ্ৰয়োজনীয় অংশ পৰিহাৰ কৰাত সহায় কৰে। তৃতীয়তে শিক্ষাই সমাজৰ প্ৰতিভাৱান আৰু সৃষ্টিশীল ক্ষমতা থকা লোকসকলক তেওঁলোকৰ সৃষ্টি-ক্ষমতা বিকাশত সহায় কৰে আৰু নতুন সৃষ্টি আৰু উদ্ভাৱন সম্ভৱ কৰি তোলে। ফলত সমাজৰ পৰিৱৰ্তন আৰু বিকাশ সাধন শিক্ষাই সংঘটিত কৰি তুলিব পাৰে।

ওপৰত উল্লেখ কৰা বিকাশৰ এই তিনিটা প্ৰধান ভূমিকাৰ কথা বিশ্লেষণ কৰি ক’ব পাৰি যে কণ কণ শিশুৱে স্কুলত কৰা শিক্ষালাভৰ যোগেদি প্ৰকৃতপক্ষে অতীত সমাজৰ সাংস্কৃতিক অভিজ্ঞতাসমূহৰ লগত পৰিচয় লাভ কৰে। পূৰ্বপুৰুষসকলে কৰা চিন্তা আৰু ক্ৰিয়াৰ বিষয়ে অৱগত হোৱা, তাক আয়ত্ব কৰা আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা কাৰ্য হৈছে শিক্ষা। শিক্ষাৰ ভূমিকা হৈছে পূৰ্বপুৰুষসকলৰ কলা, সাহিত্য, বিজ্ঞান আৰু তাৰ ইতিহাসৰ লগত পৰিচয় কৰাই দিয়া। শিক্ষাৰ এনে কাৰ্যৰ যোগেদিয়ে মানৱ-সভ্যতা সংস্কৃতি এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ গতি কৰে। ইয়াক ব্যাপক পৰিসৰৰ এক অনুকৰণ কাৰ্যও বুলিব পাৰি। দাৰ্শনিক দৃষ্টিকোণৰ পৰা ইয়াক শিক্ষাৰ সংৰক্ষণশীল ভূমিকা বোলা হয়।

শিক্ষাৰ দ্বিতীয়টো ভূমিকা হৈছে অতীত সমাজৰ গ্ৰহণযোগ্য উপাদানসমূহ জানি উঠি তাক গ্ৰহণ কৰা আৰু অপ্ৰয়োজনীয় অংশ পৰিহাৰ কৰাত আমাক সহায় কৰা। উল্লেখযোগ্য যে শিক্ষাৰ যোগেদি মানুহে ভাল-বেয়া, ভুল-শুদ্ধ, উচিত-অনুচিত আদি বিচাৰ কৰি উঠিব পাৰে। সেইবাবে অতীতৰ কেনেবোৰ উপাদান আমাৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আৰু কেনেবোৰ উপাদান প্ৰয়োজন নহয় তাক শিক্ষাইহে মানুহৰ মনত জগাই তোলে। সেইবাবে জ্ঞানেই পোহৰ আৰু অজ্ঞানেই আন্ধাৰ বোলা হয়। শিক্ষাৰ পোহৰত মানুহে উদ্দেশ্যপূৰ্ণভাৱে গ্ৰহণযোগ্য উপাদানসমূহ গ্ৰহণ কৰি পৰিৱৰ্তন আৰু বিকাশৰ পথত আগুৱাই যায়। এই ক্ষেত্ৰত শিক্ষাক এক সচেতনভাৱে কৰা সামাজিক ক্ৰিয়াৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া বুলিব পাৰি।

শিক্ষাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ ক্ৰিয়া হৈছে মানুহৰ মনত উন্নতি আৰু প্ৰগতিৰ নতুন আশা-আকাংক্ষা, প্ৰেৰণা আৰু প্ৰৱণতা জগাই তোলা। প্ৰতিখন নতুন সমাজতেই কেতবোৰ প্ৰতিভাশীল আৰু সৃষ্টিশীল ক্ষমতাসম্পন্ন লোকৰ জন্ম হয়। এইসকল লোকে শিক্ষাৰ যোগেদি তেওঁলোকৰ সৃজনাত্মক ক্ষমতাৰ বিকাশ সাধন কৰে। শিক্ষাই সৃষ্টিশীল লোকসকলৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ সাধন কৰি নতুন ভাবধাৰা, চিন্তাধাৰা আৰু উদ্ভাৱন কাৰ্য সংঘটিত কৰি তোলে। সমাজৰ সৰ্বসাধাৰণ লোকে তাক গ্ৰহণ কৰি তেওঁলোকৰ সামাজিক জীৱনৰ পৰিৱৰ্তন আৰু বিকাশ সাধন সুনিশ্চিত কৰি তোলে। যীশুখৃষ্ট, বুদ্ধ, গান্ধী আদি মনীষিসকলে কৰা সামাজিক অৱদান এই প্ৰসংগত স্মৰণযোগ্য।

সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ এই তিনি তৰপীয়া ভূমিকাৰ বিবেচনাৰে সেয়েহে শিক্ষাক সামাজিক পৰিৱৰ্তনৰ আহিলা স্বৰূপে গণ্য কৰা হয়। শিক্ষাবিহীনতাই সামাজিক বিকাশৰ গতি ৰুদ্ধ কৰি স্থবিৰতা আনি দিয়ে।

(জ) সভ্যতা-সংস্কৃতিৰ সংৰক্ষক আৰু বিকাশক স্বৰূপে শিক্ষাঃ

সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা শিক্ষাক সংৰক্ষণশীল আৰু বিকাশশীল প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰা হয়। শিক্ষাৰ দুটা প্ৰধান ভূমিকা হৈছে সংৰক্ষণমূলক আৰু বিকাশমূলক। শিক্ষাই অতীত সমাজৰ সভ্যতা-সংস্কৃতি উত্তৰপুৰুষৰ বাবে সংৰক্ষণ কৰি ৰাখে। এই সংৰক্ষিত সামাজিক উপাদানবোৰ পুনৰ শিক্ষাই তাৰ ভৱিষ্যতৰ উত্তৰোত্তৰ বিকাশ সাধনত সহায় কৰে। এই দুইবিধ ভূমিকাৰ ব্যাখ্যাৰ প্ৰয়োজন।

শিক্ষাক সংৰক্ষণশীল প্ৰক্ৰিয়া বোলা হয় এইবাবেই যে অতীতৰ জ্ঞান-অভিজ্ঞতা, সংস্কৃতি, বিজ্ঞান আদি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰে। এই সংৰক্ষণ স্কুলৰ শিক্ষা-ব্যৱস্থাৰ যোগেদিয়ে সম্ভৱপৰ হয়। স্কুলীয়া শিক্ষাই সমাজৰ কণ কণ ল’ৰা-ছোৱালীক কিতাপৰ পাঠদান আৰু পাঠ্যক্ৰমৰ বিষয় অধ্যয়নৰ যোগেদি শিশুক অতীতৰ জ্ঞান-অভিজ্ঞতাৰ লগতো পৰিচয় কৰাই দিয়ে। শিক্ষকে ছাত্ৰক তাৰ যোগেদি অতীতৰ জ্ঞান-অভিজ্ঞতা, শৌৰ্য-বীৰ্যৰ সম্বন্ধে অৱগত কৰি তোলে। সমাজৰ নতুন বংশধৰসকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ জীৱনধাৰা আৰু চিন্তাধাৰা জানি উঠিব পাৰে। তেওঁলোকে তাৰ সহায়েৰে বৰ্তমানৰ বাবে প্ৰয়োজনীয় অংশ গ্ৰহণ কৰি অপ্ৰয়োজনীয় অংশ ত্যাগ কৰিব পাৰে। বহল অৰ্থত এনে কাৰ্যক শিক্ষাৰ সংৰক্ষণমূলক প্ৰক্ৰিয়া বোলা হয়। এই সংৰক্ষণমূলক কাৰ্যইহে এটা জাতি আৰু এখন সমাজৰ ভৱিষ্যৎ বিকাশৰ বুনিয়াদ ৰচনা কৰে।

শিক্ষাৰ বিকাশশীল ভূমিকা এয়ে যে শিক্ষাৰ যোগেদি আমি সমাজৰ ভৱিষ্যৎ বিকাশৰ গতি অব্যাহত কৰি ৰাখিব পাৰো। সমাজ সদায় গতিশীল আৰু ক্ৰমবিকাশশীল। বিকাশশীলতাৰ এই গতি আনি দিয়ে শিক্ষাই। অতীত জ্ঞান-অভিজ্ঞতাৰ সহায় লৈ নতুন চিন্তা আৰু ক্ৰিয়া উদ্ভাৱন কৰি নতুন পৰিস্থিতিত মানুহে নিজকে সমাযোজন কৰিব লাগে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজন, আশা-আকাংক্ষা আদিৰো পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনত নতুন পুৰুষসকলে নিজকে সলনি কৰি পৰিস্থিতিৰ লগত খাপ খুৱাই তুলিবৰ বাবে প্ৰয়োজন হয় শিক্ষাৰ। এই বিকাশমূলক ভূমিকা শিক্ষাই গ্ৰহণ নকৰা হ’লে সমাজ স্থবিৰ আৰু গতিহীন হৈ পৰিলহেঁতেন। উল্লেখযোগ্য যে যিখন দেশ আৰু সমাজ শিক্ষাত আগবঢ়া তেওঁলোকৰ সামাজিক বিকাশৰ গতিও খৰতকীয়া হয়। আনহাতে শিক্ষাত অনগ্ৰসৰ দেশ আৰু সমাজৰেই সামাজিক বিকাশৰ গতি হয় মন্থৰ আৰু তেনে দেশক পৃথিৱীৰ অনগ্ৰসৰ দেশ স্বৰূপে চিহ্নিত কৰা হয়।

(ঝ) সমাযোজন প্ৰক্ৰিয়া স্বৰূপে শিক্ষাঃ

ব্যক্তি আৰু সমাজৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাক এক সমাযোজন প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰা হয়। মানুহ মূলতেই হৈছে তেওঁৰ জন্মগত প্ৰবৃত্তি, প্ৰৱণতা, প্ৰয়োজন আদিৰে সৈতে এক জৈৱিক ব্যক্তিসত্বা। এই জৈৱিক অস্তিত্বসমূহ লৈয়েই তেওঁ পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰে। মানুহৰ কেতবোৰ জন্মগতভাৱে লাভ কৰা বিকাশযোগ্য শক্তি-ক্ষমতা আৰু যোগ্যতা আদিও থাকে। আনহাতে যি পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত জন্মগ্ৰহণ কৰে সেই পৰিৱেশৰ এক নিজস্ব প্ৰভাৱ বা চাপ তেওঁৰ ওপৰত নিশ্চিতভাৱে পৰে। মানুহৰ জন্মগত জৈৱিক প্ৰৱণতা আৰু প্ৰয়োজনসমূহ তাৰ স্বাভাৱিক ৰূপত পূৰণৰ কোনো সহজ ব্যৱস্থা পৰিৱেশত নাথাকে। ইয়াৰ পৰিৱৰ্তে কোনো কোনো ক্ষেত্ৰত ব্যক্তিৰ প্ৰয়োজন পূৰণত ই প্ৰতিকূল বা বাধাস্বৰূপ হৈহে উঠে। সেইবাবে প্ৰতিজন লোকৰ বাবে তেওঁৰ নিজ পৰিৱেশত এক আদান-প্ৰদানৰ যোগেদি সমাযোজন স্থাপনৰ প্ৰয়োজন হয়।

শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ যোগেদি মানুহে তেওঁৰ নিজ পৰিৱেশৰ লগত সুস্থ সম্বন্ধ বা সমাযোজন স্থাপন কৰিব পাৰে। শিক্ষাক মানুহৰ জৈৱিক প্ৰবৃত্তি, প্ৰৱণতা আৰু প্ৰয়োজনসমূহ তাৰ জৈৱিক পৰ্যায়ৰ পৰা সংশোধন, সংস্কাৰ সাধন আৰু উন্নীতকৰণ কৰি তুলি পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে। এজন শিক্ষিত লোকৰ এনে সমাযোজন ক্ষমতা এজন অশিক্ষিত লোকতকৈ স্বাভাৱিকতেই অধিক হয়। সেইবাবে শিক্ষাক এক সমাযোজন প্ৰক্ৰিয়া স্বৰূপে জনা যায়।

(ঞ) আচৰণৰ সংশোধন স্বৰূপে শিক্ষাঃ

শিক্ষা-মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা শিক্ষাক মানুহৰ আচৰণৰ এক সংশোধন বা সংস্কাৰ সাধন ব্যৱস্থা স্বৰূপে জনা যায়। এজন লোকে জন্মৰ পিছত তেওঁৰ সহজাত জৈৱিক প্ৰৱণতা আদিৰ যোগেদি মৌলিক প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰে। এনে আচৰণ স্বাভাৱিকতেই হয় ৰূঢ়, অশোধিত আৰু পশু-প্ৰবৃত্তিমূলক। এনে আচৰণে মানুহক তেওঁৰ পৰিৱেশৰ নতুন পৰিস্থিতিৰ সন্মুখীন হোৱাত আৰু তাৰ সমাধান কৰাত সহায় কৰিব নোৱাৰে।

সেইবাবে আমাৰ দেহ-মানসিক বিকাশৰ কালছোৱাত শিক্ষাৰ যোগেদি অশোধিত প্ৰবৃত্তিমূলক আচৰণসমূহৰ সংশোধন আৰু উন্নীতকৰণ কৰি তুলিব লাগে। শিক্ষাইহে মানুহৰ মনত নিজ জৈৱিক পৰ্যায়ৰ পৰা উন্নীত কৰি মানৱতাৰ উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ প্ৰেৰণা যোগাব পাৰে, নতুন আশা-আকাংক্ষা মনত জগাই তুলিব পাৰে। ফলত মানুহে পুৰণি, অপ্ৰাসংগিক আৰু অযুক্তিকৰ আচৰণ সলনি কৰি পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ নতুন আচৰণ গ্ৰহণ কৰে। শিক্ষাৰ যোগেদি আচৰণৰ এনে সংশোধন ব্যৱস্থা মানুহৰ গোটেই জীৱনত অবিৰতভাৱে চলি থাকে। তাৰ যোগেদিয়ে শিক্ষাৰ প্ৰকৃত স্বৰূপ প্ৰকাশ লাভ হৈ উঠে।

(ট) অভিজ্ঞতাৰ অবিৰত পুনৰ নিৰ্মাণ স্বৰূপে শিক্ষাঃ

দাৰ্শনিক জন ডিউইয়ে শিক্ষাক অবিৰতভাৱে অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰি গঢ়ি তোলা এক জীৱন-প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰিছে। দাৰ্শনিক দৃষ্টিৰে কৰা এই উক্তি বিশেষ মন কৰিবলগীয়া। ক্ৰমাগতভাৱে পৰিৱৰ্তন, সংশোধন আৰু উন্নীতকৰণ কৰি তোলা আমাৰ জীৱনক এক আত্ম-নবীকৰণ প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰিব পাৰি। আমি পৰিৱেশত পোৱা নতুন অভিজ্ঞতাবোৰৰ সহায়েৰে আমাৰ পুৰণি অভিজ্ঞতাসমূহৰ নবীকৰণ আৰু পুনৰ নিৰ্মাণ কৰি তোলা। শিক্ষাই আমাক পুৰণি সমাজৰ নীতি-নিয়ম আৰু ব্যৱস্থাসমূহৰ মাজত থকা অনুপযুক্ত আৰু অদৰকাৰী উপাদানসমূহ চিনাক্তকৰণ কৰাত সহায় কৰে। শিক্ষাৰ পোহৰেৰে মানুহে ভাল-বেয়া আৰু উচিত-অনুচিতৰ যোগ্য বিচাৰ কৰিব পাৰে। ইয়াৰ ফলত মানুহে নিজৰ পূৰ্ব-অভিজ্ঞতা সংশোধন আৰু পুনৰ নিৰ্মাণ কৰি ল’ব পাৰে আৰু তাৰ যোগেদি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অবিৰতভাৱে কৰা অভিজ্ঞতাৰ এনে পুনৰ নিৰ্মাণ কাৰ্য আমাৰ বিকাশ সাধন অন্তহীন আৰু চিৰন্তনভাৱে গতিশীল কৰি তোলে। আমাৰ বিকাশ কেতিয়াও অন্ত বা সমাপ্তি নহয়। এনে অবিৰতভাৱে অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কাৰ্যত শিক্ষাই আমাক পোহৰ, প্ৰেৰণা আৰু পথ-প্ৰদৰ্শন কৰে। এনে ক্ৰমাগতভাৱে পুনৰ সংগঠন অথবা পুনৰ নিৰ্মাণ কৰা কাৰ্যৰ যোগেদিয়ে আমাৰ জীৱনে এক নতুন অৰ্থ আৰু তাৎপৰ্য লাভ কৰি উঠিব পাৰে।

(ঠ) সুপৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিত প্ৰভাৱ স্বৰূপে শিক্ষাঃ

শিক্ষাক এক শক্তিশালী প্ৰভাৱ স্বৰূপে বৰ্ণনা কৰা হয় যাৰ যোগেদি আমাৰ ক্ৰিয়া আচৰণ আৰু মনোভাৱ আদিৰ আশানুৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰি। আমি কোনো এক উদ্দেশ্য সাধন বা লক্ষ্য পূৰণৰ বাবে শিক্ষা আহৰণ কৰো। বিকাশৰ বাবে লাভ কৰা আমাৰ শিক্ষা হৈছে পূৰ্ব-পৰিকল্পিত, প্ৰণালীবদ্ধ আৰু উদ্দেশ্যপ্ৰণোদিত বিধৰ। ইয়াৰ যোগেদি আমি কোনো এক নিৰ্দিষ্ট লক্ষ্য সাধনৰ প্ৰতি অগ্ৰসৰ হ’ব পাৰো। এই লক্ষ্য সাধনত শিক্ষাই আমাৰ প্ৰয়োজনীয় প্ৰস্তুতি আৰু উপযুক্ততা প্ৰদান কৰে। ইয়াৰ উপৰিও শিক্ষাই উদ্দেশ্য-প্ৰণোদিতভাৱে আমাৰ বিকাশৰ পথত থকা সকলো অসুস্থ প্ৰভাৱ প্ৰতিবন্ধকতা আদি নিয়ন্ত্ৰণ আৰু অপসাৰণ কৰিব পাৰে। ইয়াৰ ফলত আমাৰ লক্ষ্য কোনো প্ৰচেষ্টা আৰু ভুলৰ বশৱৰ্তী নোহোৱাকৈ নিশ্চিতভাৱে সাধন কৰি তুলিব পাৰি। চাৰ জন আদামচে সেইবাবে শিক্ষাক এক সচেতন আৰু উদ্দেশ্য-প্ৰণোদিত প্ৰভাৱ স্বৰূপে বৰ্ণনা কৰে যাৰ যোগেদি শিক্ষকৰ ব্যক্তিত্বই ছাত্ৰৰ ব্যক্তিত্বত প্ৰভাৱ পেলাই আচৰণৰ সংশোধন আৰু বিকাশ সাধন কৰি তুলিব পাৰে। শিক্ষা সেয়েহে এক সুপৰিকল্পিত ব্যৱস্থা। এই ব্যৱস্থাই ছাত্ৰক উদ্দেশ্য-প্ৰণোদিতভাৱে প্ৰশিক্ষণ দি সমাজৰ যোগ্য ব্যক্তি স্বৰূপে গঢ় দি তোলে। এনে দৃষ্টিকোণৰ পৰা বিবেচনা কৰি শিক্ষাক এক সুপৰিকল্পিত আৰু উদ্দেশ্য-প্ৰণোদিত প্ৰভাৱ বুলিও কোৱা হয়।

(ড) জীৱনৰ বাবে প্ৰস্তুতি স্বৰূপে শিক্ষাঃ

সহজ অৰ্থত আৰু সৰ্বসাধাৰণ লোকৰ দৃষ্টিত শিক্ষাক জীৱনৰ বাবে এক প্ৰস্তুতিৰ ব্যৱস্থা স্বৰূপে জনা যায়। শিক্ষাই মানুহক জীৱনৰ বাবে প্ৰয়োজন হোৱা অভিজ্ঞতা প্ৰদান কৰে। যি শিক্ষা লাভ কৰা হয় সেই শিক্ষা আমাৰ জীৱনৰ বাবে উপযোগিতামূলক আৰু সমস্যা সমাধানৰ সহায়কাৰী হৈ উঠিব লাগে। আমাৰ জীৱনৰ মৌলিক প্ৰয়োজন স্বৰূপ অন্ন-বস্ত্ৰৰ সমস্যা শিক্ষাই সমাধান কৰিব পাৰিব লাগে। শিক্ষাই আমাক তেনে অভিজ্ঞতা দিব লাগে যাৰ যোগেদি আমি সুস্থ-সুন্দৰ, উন্নত আৰু সুখী জীৱন-যাপন কৰিব পাৰো। বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া কৰি সুস্থ সমাযোজন লাভ কৰাত ই সহায় কৰিব লাগে। শিক্ষাবিহীনতাৰ অৰ্থ হৈছে অজ্ঞতা আৰু দৰিদ্ৰতা যি আমাৰ জীৱন যাতনাময় আৰু পংগু কৰি তুলিব পাৰে। শিক্ষাইহে মাথোন আমাৰ জীৱন অৰ্থপূৰ্ণ, উদ্দেশ্যধৰ্মী আৰু লক্ষ্য-সাধনকাৰী বিধৰ কৰি তুলিব পাৰে। সেয়েহে কোৱা হয় যে শিক্ষা হৈছে জীৱনৰ বাবে এক প্ৰস্তুতি মাথোন।

(ঢ) জীৱনব্যাপী প্ৰক্ৰিয়া স্বৰূপে শিক্ষাঃ

শিক্ষাক আমাৰ সমগ্ৰ জীৱনব্যাপী আগুৰি থকা এক ব্যাপক পৰিসৰৰ প্ৰক্ৰিয়া স্বৰূপেও বৰ্ণনা কৰা হয়। এই শিক্ষা মানুহৰ জীৱনত কেতিয়াও অন্ত বা সমাপ্তি হৈ পৰিব নোৱাৰে, জন্মৰ পৰা মৃত্যুলৈকে ই এক অবিৰতভাৱে চলি থকা ক্ৰিয়া ব্যৱস্থা মাথোন। আনুষ্ঠানিক শিক্ষাৰ এক আৰম্ভণি আৰু সমাপ্তিৰ কাল থাকে। ইয়াৰ নিৰ্দিষ্ট অধ্যয়ন আৰু ক্ৰিয়া পৰিসৰ থাকে। এনে পৰিসৰৰ অধ্যয়নৰ অন্তত সমাপ্তি ঘোষণা কৰা হয় আৰু আৰ্জিত জ্ঞানৰ মূল্যায়ন কৰি যোগ্যতাৰ মানপত্ৰ প্ৰদান কৰা হয়। কিন্তু সমগ্ৰ জীৱনব্যাপী আগুৰি থকা বহল দৃষ্টিকোণৰ পৰা বিবেচনা কৰা শিক্ষাত এনেবোৰ সীমাবদ্ধতা নাথাকে। এনে শিক্ষাই আমাৰ জীৱনৰ প্ৰতিটো ক্ষণ আৰু বিন্দু স্পৰ্শ কৰে। ই এক অবিৰতভাৱে চলি থকা বিকাশ প্ৰক্ৰিয়া যাৰ যোগেদি আত্ম-সংশোধন, আত্ম-নবীকৰণ আৰু আত্ম-বিকাশ সাধন সম্ভৱ হৈ উঠে। শিক্ষা আমাৰ ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত চলি থকা ক্ৰিয়া প্ৰচেষ্টা যাৰ সহায়েৰে আমি বিকাশৰ উৰ্ধ স্তৰলৈ ক্ৰমাগতভাৱে আগুৱাই যাব পাৰো। কিন্তু ইয়াৰ শীৰ্য বিন্দুত উপনীত হ’বগৈ নোৱাৰো। এনেবোৰ কথাৰ গভীৰ অনুভৱেৰে সেয়েহে কোৱা হয় শিক্ষা হৈছে এক জীৱনব্যাপী প্ৰক্ৰিয়া।

শিক্ষাৰ ক্ৰিয়া-পৰিসৰঃ

 

প্ৰতিটো সুসংগঠিত বিষয়েই অধ্যয়ন আৰু তাৰ ক্ৰিয়া সম্পাদনৰ এক সুনিৰ্দিষ্ট সীমা বা এলেকা থাকে যাক পৰিসৰ নামে জনা যায়। শিক্ষা বিষয়ৰ অৰ্থ ব্যাপক পৰিসৰৰ হোৱালৈ চাই ইয়াৰ ক্ৰিয়া-পৰিসৰ সম্বন্ধে স্বাভাৱিকতে আমাৰ মনত অস্পষ্টতাৰ সৃষ্টি হ’ব পাৰে। সেইবাবে এই প্ৰসংগত আমাৰ মনত ইয়াৰ স্পষ্ট ধাৰণা গঢ় দি তোলাটো প্ৰয়োজন।

বহলভাৱে ক’বলৈ গ’লে ব্যক্তিৰ পূৰ্ণ বিকাশ সাধনৰ সকলোবোৰ দিশৰ বিবেচনাই শিক্ষা বিষয়ৰ পৰিসৰৰ অন্তৰ্ভুক্ত। তথাপিও ইয়াৰ স্পষ্ট আৰু কাৰ্যকৰী দিশৰ বিবেচনাৰে ক’ব পাৰি যে শিক্ষক, শিক্ষাৰ্থী, শিক্ষা-ক্ষেত্ৰ, শিক্ষা-বিষয়, শিক্ষা-পদ্ধতি আৰু শিক্ষা-আহিলা এই সকলোবোৰেই ইয়াৰ অধ্যয়ন আৰু ক্ৰিয়া সম্পাদনৰ পৰিসৰৰ অন্তৰ্ভুক্ত। এই সমূহ দিশৰ বিস্তৃত আৰু বিশ্লেষণাত্মভাৱে কৰা অধ্যয়ন আৰু শিক্ষা সম্পাদনেই শিক্ষা বিষয়ৰ পৰিসৰ গঢ় দি তুলিছে। এনেবোৰ দিশৰ অধ্যয়নৰ বাবে আমি দৰ্শন, বিজ্ঞান, ইতিহাস, গণিত আদি বিষয়ৰ সহায় ল’ব লাগে। ফলত শিক্ষা-দৰ্শন, শিক্ষা-মনোবিজ্ঞান, শিক্ষা-পৰিসংখ্যা, শিক্ষা-বুৰঞ্জী, শিক্ষা-সমাজবিজ্ঞান, শিক্ষা-কাৰিকৰী বিজ্ঞান আদি অধ্যয়নৰ বিষয় গঢ় লৈ উঠিছে।

চাৰ জন আদামচে শিক্ষাৰ পৰিসৰ সম্বন্ধে ছাত্ৰ-শিক্ষকৰ মাজতেই আৱদ্ধ ৰাখি ইয়াক দ্বি-পক্ষীয় প্ৰক্ৰিয়া স্বৰূপে বৰ্ণনা কৰিছিল। জন ডিউইয়ে আন এটা শক্তিশালী পক্ষ যেনে- পাঠ্যক্ৰম আৰু ইয়াৰ সংশ্লিষ্ট শিক্ষা-পৰিৱেশৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰি ইয়াক ত্ৰি-পক্ষীয় প্ৰক্ৰিয়া স্বৰূপে গঢ় দি তুলিছিল। বৰ্তমান শিক্ষাৰ লগত জড়িত হৈ থকা আন কেতবোৰ পক্ষৰ কথাও বিবেচনা কৰা হয়। এইসমূহৰ ভিতৰত অনানুষ্ঠানিক শিক্ষা-ক্ষেত্ৰ আৰু অগতানুগতিক শিক্ষা-ক্ষেত্ৰসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। সেইবাবে ক’ব পাৰি যে সময়ৰ লগে লগে শিক্ষাৰ পৰিসৰ ক্ৰমবৰ্ধিত হৈ উঠি বৰ্তমান বহুকাৰক পক্ষত পৰিণত হৈছেগৈ। জনগণৰ বাবে শিক্ষা বা সকলোৰে বাবে শিক্ষা নীতি বৰ্তমান গ্ৰহণ কৰি উঠাৰ লগে লগে শিক্ষাৰ ক্ৰিয়া-পৰিসৰ বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈ উঠিছে।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.1568627451
আমিৰ হুছেইন Apr 04, 2018 05:58 PM

ভাল লাগিছে ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top