অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাৰ লক্ষ্যঃ

শিক্ষাৰ লক্ষ্যৰ বিষয়ে লিখা হৈছে

 

শিক্ষা সম্বন্ধীয় আমাৰ মনৰ ধাৰণা সাৰ্থক ৰূপায়ণৰ বাবে লক্ষ্যৰ প্ৰয়োজন। লক্ষ্যই কোনো কথাৰ চিন্তা বা ধাৰণা সুসংগঠিত আৰু সুনিয়ন্ত্ৰিত কৰি তোলে। আমাৰ মনত অসংলগ্নভাৱে নানা কথাৰ চিন্তা, কল্পনা, আশা-আকাংক্ষা, ইচ্ছা আদিয়ে ভুমুকি মাৰিব পাৰে। কিন্তু এই সকলোবোৰ কথাৰেই বাস্তৱ ভিত্তি অথবা বাস্তৱায়নৰ উদ্দেশ্য আমাৰ নাথাকে। কেতবোৰ কথা সাময়িকভাৱে মনত কাল্পনিক আনন্দ পাবৰ বাবেও চিন্তা কৰা হয়। ইয়াৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য বা লক্ষ্য থকা বুলি কোৱা নাযায়। কিন্তু এক সুচিন্তিত কথা বা বিষয় হ’বলৈ হ’লে তাৰ এক স্পষ্ট আৰু নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকিব লাগে। লক্ষ্যৰ প্ৰতি চকু ৰাখিহে আমাৰ চিন্তা আৰু ক্ৰিয়া  পৰিচালনা কৰা হয়। ফলত সকলো কথা সংযত, নিয়ন্ত্ৰিত আৰু উদ্দেশ্যপ্ৰণোদিত হৈ উঠে। শিক্ষাও হৈছে এনে এবিধ আলোচ্য বিষয়। ব্যক্তিৰ প্ৰতিটো ক্ষণতে প্ৰয়োজন হোৱা শিক্ষা জীৱনৰ লগত নিবিড়ভাৱে জড়িত। ব্যক্তি-জীৱনৰ লক্ষ্যই শিক্ষাৰ উদ্দেশ্য গঢ় দি তোলে। সেয়েহে প্ৰতিজন শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ মনত নিজ নিজ শিক্ষা কাৰ্যৰ একো একোটা লক্ষ্য বা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। ব্যক্তিগতভাৱে এনে উদ্দেশ্য থকাৰ উপৰিও এখন দেশ, সমাজ অথবা কোনো এক গোষ্ঠী লোকৰ সামূহিকভাৱেও শিক্ষাৰ লক্ষ্য থাকিব পাৰে। এনে লক্ষ্যই সামাজিক জীৱনৰ ভাবধাৰা, ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক গাঁথনি আদি প্ৰস্তুত কৰে। সেয়েহে শিক্ষাৰ লক্ষ্যই ব্যক্তি আৰু সমস্তি উভয়ৰে চিন্তা আৰু ক্ৰিয়া পৰিচালনা কৰে। শিক্ষা-বিষয়ৰ আলোচনাই সকলোতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়।

লক্ষ্য কাক বোলে  ?

 

শিক্ষাত থকা ভিন ভিন লক্ষ্য আলোচনা কৰাৰ পূৰ্বে লক্ষ্যৰ স্বৰূপ সম্বন্ধে আমাৰ ধাৰণা স্পষ্ট হোৱাটো প্ৰয়োজন। লক্ষ্য হৈছে এক বহল পৰিসৰৰ তাৎপৰ্যপূৰ্ণ শব্দ। ইয়াক কোনো ক্ৰিয়াৰ কেৱল ফল লাভ কৰা অথবা সমাপ্তি লাভ কৰাকেই মাথোন বুজোৱা নহয়। লক্ষ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে কোনো ক্ৰিয়াৰ সমাপ্তি অথবা সম্ভাৱ্য পৰিণতি সম্বন্ধে আগতীয়াকৈ পৰিণাম-দৰ্শিতা। দাৰ্শনিক জন ডিউইয়ে এই কথাৰ প্ৰতি গুৰুত্ব দি কয় যে যি কোনো শক্তি প্ৰদৰ্শনৰেই একোটা ফল লাভ হয়। উদাহৰণস্বৰূপে মৰুভূমিত বতাহ-ধুমুহা বলিলে তাৰ এক দৰ্শনীয় ফল লাভ হয়। কিন্তু তেনে ফল বা পৰিণতি পৰিণামদৰ্শী নহয় আৰু সেয়েহে তেনে কাৰ্যত লক্ষ্যৰ কোনো প্ৰশ্ন নুঠে। সেইদৰে মৌ-মাখিয়ে মৌ-চাক তৈয়াৰ কৰি কণী পাৰি তাৰ পৰা পোৱালি জন্মোৱা কাৰ্যক প্ৰবৃত্তি পৰিচালিত বুলি ক’ব পাৰি, কিন্তু লক্ষ্যৰ দ্বাৰা প্ৰভাৱিত বুলিব নোৱাৰি। লক্ষ্যৰ দ্বাৰা প্ৰভাৱিত আৰু পৰিচালিত ক্ৰিয়া সেয়েহে শক্তি পৰিচালিত অথবা প্ৰবৃত্তি পৰিচালিত ক্ৰিয়াতকৈ পৃথক। লক্ষ্যত সকলো চিন্তা আৰু ক্ৰিয়া সুসংযত, সুপৰিকল্পিত আৰু তাৰ পৰিণতি সম্বন্ধে আমি আত্ম-সচেতন হওঁ। এনে কাৰ্য ক্ৰমাগতভাৱে উন্নতিশীল, সময়-সাপেক্ষ আৰু ইয়াৰ পৰিণাম আশানুৰূপ হৈ উঠে। ক্ৰিয়াৰ কেনে ফল লাভ হয় তাক এইক্ষেত্ৰত আমি আগতীয়াকৈ অনুমান কৰি উঠিব পাৰো। সেইবাবে ব্যক্তিৰ এনে পূৰ্ণ বিবেচনা আৰু নিয়ন্ত্ৰণৰ দ্বাৰা পৰিচালিত ক্ৰিয়াই হৈছে লক্ষ্য। ইয়াৰ অভাৱ হোৱা কাৰ্যই হৈছে লক্ষ্যবিহীন আৰু উদ্দেশ্যবিহীন। লক্ষ্যত ব্যক্তিয়ে আগতীয়াকৈ ফলানুমান কৰিব পৰা হেতুকে ভৱিষ্যৎ কাৰ্যপন্থা আৰু আঁচনি আদিৰো বিবেচনা তথা প্ৰস্তুত কৰা হয়।

উপযুক্ত লক্ষ্যৰ কেতবোৰ লক্ষণঃ

 

নিৰ্ভুল লক্ষ্যইহে আমাক প্ৰগতিৰ শুদ্ধ পথ দেখুৱাব পাৰে আৰু ইয়াৰ আশানুৰূপ পৰিণতিত নিশ্চিতভাৱে উপনীত কৰাবগৈ পাৰে। দাৰ্শনিক দৃষ্টিৰ পৰা উপযুক্ত লক্ষ্য নিৰ্ধাৰণ কৰা কাৰ্য সেয়েহে বিশেষ তাৎপৰ্যপূৰ্ণ। এই প্ৰসংগত জন ডিউইয়ে প্ৰকৃত লক্ষ্যৰ কেইটামান আৱশ্যকীয় গুণ বা লক্ষণৰ কথা নিম্নলিখিতভাৱে উল্লেখ কৰে।

(১) উপযুক্ত লক্ষ্য জীৱনৰ বাস্তৱ পৰিস্থিতিৰ পৰা উদ্ভৱ হ’ব লাগে। বৰ্তমান আমাৰ পৰিস্থিতি যেনে ৰূপত আছে, ইয়াৰ যেনেবোৰ সম্পদ বা সম্ভাৱনীয়তা আছে আৰু এইক্ষেত্ৰত পৰিস্থিতিৰ যেনেবোৰ কঠিনতা আছে তাৰ ভিত্তিতহে লক্ষ্য নিৰ্ধাৰিত হ’ব লাগে।

(২) পৰিস্থিতি অনুযায়ী লক্ষ্যৰ পৰিৱৰ্তনীয়তা হৈছে ইয়াৰ আন এটা প্ৰয়োজনীয় গুণ। মানৱ জীৱনৰ প্ৰয়োজন আৰু পৰিস্থিতি সময়সাপেক্ষে পৰিৱৰ্তন হৈ থাকে। সেইবাবে আমাৰ এনে পৰিৱৰ্তিত পৰিস্থিতিত খাপ খুৱাব পৰা বিধৰ ক্ষমতা লক্ষ্যত থাকিব লাগে।

(৩) অধিক পৰিণাম-সচেতন নহৈ ক্ৰিয়া-সচেতন হোৱাটোহে উপযুক্ত লক্ষ্যৰ বিশেষত্ব। মন কৰিবলগীয়া যে লক্ষ্যত উপনীত হোৱাৰ প্ৰতি অধিক দৃষ্টি নাৰাখি উপনীত হ’বলৈ কৰা ক্ৰিয়াৰ প্ৰতিহে অধিক দৃষ্টি ৰাখিব লাগে। লক্ষ্যক আচুতীয়াকৈ নলৈ ক্ৰিয়াৰ মাধ্যমেৰে গ্ৰহণ কৰাটোহে হৈছে প্ৰকৃত লক্ষ্যৰ বিশেষত্ব।

শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তাঃ

 

শিক্ষা হৈছে সুসংগঠিত, সুবিবেচিত আৰু বিজ্ঞানসন্মত এটা আধুনিক বিষয়। ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক বিকাশ ইয়াৰ দ্বাৰা উদ্দেশ্যপ্ৰণোদিতভাৱে পৰিচালনা কৰাৰ চেষ্টা কৰা হয়। শিক্ষাৰ্থীয়ে বিশেষ অনুভৱ নকৰিলেও তেওঁলোকৰ চৰিত্ৰ আৰু ব্যক্তিত্ব সুস্থ আৰু সুন্দৰভাৱে গঢ় দি তুলিব লাগে তাক প্ৰতিজন শিক্ষক, শিক্ষাবিদ আৰু অভিভাৱকেই অনুভৱ কৰে। চমুকৈ ক’বলৈ হ’লে তেওঁলোকৰ মনত স্পষ্ট অথবা অস্পষ্টভাৱে, সচেতন বা অচেতনভাৱে শিক্ষাৰ কোনো এক লক্ষ্য বা উদ্দেশ্য নিহিত হৈ থাকে। সেই হেতুকে কোনো এক এটা নিৰ্দিষ্ট শিক্ষানুষ্ঠান, কোনো এক নিৰ্দিষ্ট সময়, নিৰ্দিষ্ট শিক্ষণকাল, সময়-তালিকা তথা শিক্ষকৰ তলত শিক্ষা আহৰণৰ ব্যৱস্থা কৰা হয়। সৰ্বসাধাৰণৰ বাবে শিক্ষা আহৰণ কাৰ্যৰ লগত সময়, টকা-পইচা, দেহ-মানসিক কষ্ট আৰু ভৱিষ্যতৰ আশা-আকাংক্ষা আদিৰ প্ৰশ্ন জড়িত হৈ থাকে। এনেবোৰ কথাই শিক্ষাত লক্ষ্য আৰু ইয়াৰ স্পষ্টতাৰ একান্ত প্ৰয়োজনীয়তাকেই সূচায়। সি যি কি নহওক কিয়, শিক্ষাত এটা সুচিন্তিত আৰু স্থিৰ লক্ষ্যৰ প্ৰয়োজনীয়তা সম্বন্ধে নিম্নলিখিত কথাকেইটা আমাৰ বিশেষ প্ৰণিধানযোগ্য।

(১) শিক্ষাৰ কৰ্ম-আঁচনি যুগুত কৰিবলৈ আৰু তাৰ পৰ্যায়ক্ৰম ব্যৱস্থা কৰিবলৈ লক্ষ্যৰ অতি প্ৰয়োজন। শিক্ষক আৰু শিক্ষাবিদসকলে শিক্ষাৰ লক্ষ্য স্থিৰ কৰিহে পাঠ্যক্ৰম প্ৰস্তুতি, পাঠদান পদ্ধতি, পঠন সামগ্ৰী, পৰীক্ষা ব্যৱস্থা আৰু শিক্ষণকাল আদি স্থিৰ কৰিব পাৰে। লক্ষ্যৰ প্ৰতি দৃষ্টি ৰাখিহে শিক্ষাৰ এই সমূহ ব্যৱস্থা বিভিন্ন স্তৰৰ ছাত্ৰৰ বাবে উপযোগীকৈ প্ৰস্তুত কৰা হয়।

(২) শিক্ষাৰ লক্ষ্যই ক্ৰিয়াৰ নিৰ্ভুল অগ্ৰগতি সম্বন্ধে নিৰীক্ষণ আৰু পৰ্যবেক্ষণত সহায় কৰে। আমাৰ শিক্ষাৰ উদ্দেশ্য কি পৰিমাণে সাৰ্থক হৈছে, কোন কোন ক্ষেত্ৰত ব্যৰ্থ হৈছে, এনে ব্যৰ্থতা গুচাবলৈ কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আদি লক্ষ্যৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিহে কৰা হয়। সেইবাবে লক্ষ্যক ক্ৰিয়া অগ্ৰগতি পৰিমাপকৰণৰ মাপকাঠি বুলিব পৰা যায়।

(৩) ছাত্ৰৰ ব্যক্তিগত দেহ-মানসিক ক্ষমতা, যোগ্যতা অথবা সম্ভাৱনীয়তা আদিৰ আশানুৰূপ বিকাশ সাধনৰ বাবেও শিক্ষাত লক্ষ্যৰ প্ৰয়োজন। প্ৰতিজন লোকৰেই নিজস্ব চিন্তাধাৰা আৰু জীৱন-দৰ্শন থাকে, যি তেওঁৰ শিক্ষাজীৱন আৰু কৰ্মক্ষেত্ৰ প্ৰভাৱিত কৰে। ব্যক্তিগত যোগ্যতা বা সম্ভাৱনীয়তাসমূহ ব্যক্তিৰ নিজস্ব চিন্তাধাৰা অনুযায়ী এক সৃষ্টিশীল ৰূপদান কৰিবলৈ সেয়েহে শিক্ষাত একোটা লক্ষ্যৰ প্ৰয়োজন। এনে কাৰণতে শিক্ষাৰ মাথোন একেটা লক্ষ্য সকলো লোকৰ বাবে সমানে গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে।

(৪) এখন দেশ বা সমাজৰ সামূহিক বিকাশৰ বাবেও শিক্ষাৰ এটা নিৰ্দিষ্ট লক্ষ্যৰ প্ৰয়োজন। যিখন দেশত শিক্ষাৰ লক্ষ্যৰ স্থিৰতা নাই অথবা ইয়াৰ অস্পষ্টতা পৰিলক্ষিত হয়, সেই দেশৰ সামাজিক উন্নতিত খেলি-মেলিয়ে দেখা দিয়ে। দেশৰ ৰাজনৈতিক আদৰ্শ, অৰ্থনৈতিক পৰিস্থিতি আৰু ধৰ্মীয় অনুভূতি আদিৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ সামূহিক লক্ষ্য স্থিৰ কৰা হয়। এনে সুচিন্তিত লক্ষ্য আগত ৰাখিহে দেশ বা সমাজৰ উন্নতি সম্ভৱ কৰি তুলিব পাৰি।

শিক্ষাৰ লক্ষ্য প্ৰভাৱিত কৰা দিশসমূহঃ

 

শিক্ষাৰ লক্ষ্য সাৰ্বজনীন কৰি গঢ়ি তোলা সম্ভৱনে ? অথবা সকলো লোকৰ বাবেই শিক্ষাৰ একেটা মাথোন গ্ৰহণযোগ্য লক্ষ্য স্থিৰ কৰিব পাৰিনে ? ইয়াৰ উত্তৰত ক’ব পাৰি যে সাৰ্বজনীন অথবা সকলোৰে সমানে গ্ৰহণযোগ্য শিক্ষাৰ লক্ষ্য স্থিৰ কৰাটো বাস্তৱিকতেই অসম্ভৱ। কাৰণ শিক্ষাৰ লক্ষ্য স্থিৰকৰণৰ ক্ষেত্ৰত স্থান, কাল, পাত্ৰ আৰু বিভিন্ন সামাজিক পৰিস্থিতিয়ে নিজ নিজ প্ৰভাৱ পেলায়। শিক্ষা বিষয়ৰ প্ৰয়োজন, যোগ্যতা, কৃতিত্ব আদিও একান্তই ব্যক্তিগত। শিক্ষা সম্বন্ধীয় ধাৰণাও বিভিন্ন লোকৰ মনত ভিন ভিন হয় আৰু এনে ধাৰণা তেওঁলোকৰ নিজ নিজ জীৱন-দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। মানুহৰ প্ৰকৃতিত ইমানেই বিচিত্ৰতা পৰিলক্ষিত হয় যে কোনো এক শিক্ষা-নীতি বা লক্ষ্যৰ দ্বাৰা তাক সামৰি লোৱা নাযায়। মানুহৰ জীৱনৰ গতি, চিন্তাধাৰা তথা প্ৰয়োজনীয় আদি মাথোন একেটা পথেদি চিৰন্তনভাৱে প্ৰবাহিত কৰিব নোৱাৰি। এনে কাৰণত সাৰ্বজনীনভাৱে শিক্ষাৰ লক্ষ্য স্থিৰ কৰা কেৱল অসম্ভৱেই নহয়, ই অপ্ৰয়োজনীয়ও বুলিব পাৰি। এই প্ৰসংগত শিক্ষাৰ লক্ষ্য প্ৰভাৱিত কৰা বিভিন্ন দিশৰ সম্বন্ধে আলোচনা কৰাটো আমাৰ প্ৰয়োজন।

(১) গতিশীলতাঃ সময়ৰ লগে লগে মানুহৰ প্ৰয়োজন, চিন্তাধাৰা আৰু মূল্যবোধ আদিৰ পৰিৱৰ্তন হয়। শিক্ষাই মানৱ মনৰ ক্ৰমবিকাশ তথা গতিশীলতাৰ চিৰন্তন প্ৰবাহ আনি দিয়ে। ফলত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যৰ পৰিৱৰ্তন হয়। প্ৰাচীন ভাৰতত শিক্ষাৰ লক্ষ্য আছিল আত্মিক উৎকৰ্ষ সাধন কৰা। গতিশীল আৰু ক্ৰমবিকাশশীল জীৱনৰ পৰিণতি স্বৰূপে বৰ্তমান সেই মূল্যবোধ আৰু লক্ষ্যৰ পৰিৱৰ্তন হৈছে। আত্মিক উৎকৰ্ষ সাধনৰ পৰিৱৰ্তে জীৱন সুখ-স্বচ্ছন্দ্যৰে ভৰি উঠাটোহে বৰ্তমান শিক্ষাৰ অধিক গ্ৰহণযোগ্য লক্ষ্য বুলি ভবা হয়। সেইবাবে মানৱ মনৰ এনে গতিশীল মূল্যবোধৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ লক্ষ্যও গতিশীল আৰু পৰিৱৰ্তনশীল হোৱাটো স্বাভাৱিক।

(২) ভৌগোলিক প্ৰভাৱঃ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত থকা অঞ্চল, দেশ বা সমাজৰ লোকৰ জীৱনধাৰা ভৌগোলিক অৱস্থিতিয়ে শিক্ষাৰ লক্ষ্য বহু পৰিমাণে নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। কোনো ঠাইৰ ভৌগোলিক পৰিৱেশে মানুহৰ জীৱন নিৰ্বাহৰ পদ্ধতি নিৰ্ণয় কৰে আৰু ইয়াৰ ফলস্বৰূপে শিক্ষাৰ লক্ষ্যও প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে নদী কাষৰীয়া অথবা উপকূলৱৰ্তী লোকে বেহা-বেপাৰৰ যোগেদি জীৱনৰ শিক্ষা-অভিজ্ঞতা লাভ কৰে, সাৰুৱা সমতল অঞ্চলৰ লোক হয় কৃষিজীৱি, তৃণভূমি আদি অঞ্চলৰ লোক হয় পশুপালক। সেইদৰে মৰুভূমি, পাৰ্বত্যভূমি আদি অঞ্চলৰ লোকৰ জীৱন, শিক্ষা-অভিজ্ঞতা আদি নিজ নিজ ভাবে প্ৰভাৱিত কৰে। মানুহৰ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ওপৰত পৰা ভৌগোলিক পৰিৱেশৰ প্ৰভাৱ এনেবোৰ দৃষ্টান্তৰ পৰা সহজেই অনুমান কৰিব পাৰি।

(৩) ৰাজনৈতিক আদৰ্শঃ বৰ্তমান সময়ত এখন দেশৰ ৰাজনৈতিক আদৰ্শই সেই দেশৰ শিক্ষাৰ লক্ষ্য বিশেষভাৱে নিৰূপণ কৰে। প্ৰতিটো ৰাজনৈতিক দলৰে নিজস্ব লক্ষ্য বা উদ্দেশ্য কাৰ্যকৰী কৰিবৰ বাবে দেশৰ শিক্ষা-আঁচনি গ্ৰহণ কৰে। এনে আঁচনি তথা উদ্দেশ্য একোটা নিৰ্দিষ্ট মন্ত্ৰীদপ্তৰৰ দায়িত্বত কাৰ্যকৰী ৰূপদান কৰা হয়। বৰ্তমান পৃথিৱীৰ বিভিন্ন দেশত চলি থকা ৰাজতন্ত্ৰবাদ, ধনতন্ত্ৰবাদ, সমাজবাদ আদি ৰাজনৈতিক আদৰ্শবোৰে সেই সেই দেশৰ শিক্ষাৰ আদৰ্শ গঢ় দি তুলিছে।

(৪) সামাজিক আৰু অৰ্থনৈতিক অৱস্থাঃ

সমাজৰ অৰ্থনৈতিক অৱস্থা আৰু পৰিস্থিতিয়ে মানুহৰ জীৱনৰ মানদণ্ড, চিন্তাধাৰা, প্ৰয়োজনীয়তা আৰু ক্ৰিয়া-পদ্ধতি আদি প্ৰভাৱিত কৰে। পুৰণিকালত আজিৰ দৰে অৰ্থনৈতিক দুৰৱস্থা, অভাৱ-অনাটন আদিয়ে মানুহক হেঁচা দিব নোৱাৰিছিল। সেই হেতুকে শিক্ষা আহৰণ কৰাটো সকলোৰে বাবে প্ৰয়োজন বুলি আজিৰ দৰে অনুভৱ কৰা হোৱা নাছিল। আনহাতে বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোকৰ বাবেই বাধ্যতামূলক কৰি তোলা হৈছে। ইয়াৰ উপৰিও শিক্ষাৰ ব্যৱসায়িক অথবা অৰ্থনৈতিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বৰ্তমান শিক্ষাজগতত উপযোগিতাবাদী মনোভাৱ সমাজৰ অৰ্থনৈতিক প্ৰভাৱৰ পৰিণতি বুলিব পাৰি।

(৫) শিক্ষণ বিষয়ৰ ভিন্নতাঃ অধ্যয়ন কৰিব লগা প্ৰতিটো বিষয়ৰ একো একোটা নিজস্ব লক্ষ্য থাকে। সেই লক্ষ্য বা উদ্দেশ্য অনুযায়ী পাঠ্যক্ৰম আৰু কাৰ্যসূচী প্ৰস্তুত কৰা হয়। কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী, চিকিৎসা আদি বিষয়ৰ নিজ নিজ একোটা উদ্দেশ্য থাকে আৰু সেই অনুযায়ী শিক্ষা আহৰণ কৰা পদ্ধতি আৰু কাৰ্যসূচী পৃথক পৃথক হয়। কলা বিষয়ক শিক্ষা পদ্ধতি বিশেষকৈ তাত্বিক আৰু চিন্তাপ্ৰধান হয়। আনহাতে কাৰিকৰী আৰু চিকিৎসা বিষয়ক শিক্ষা-পদ্ধতি ক্ৰিয়াপ্ৰধান হয়। সেয়েহে ক্ৰিয়াপ্ৰধানতা আৰু চিন্তাপ্ৰধানতা আদি বিষয়বস্তুৰ স্বকীয় বৈশিষ্ট্যই সেই সেই বিষয়ৰ লক্ষ্য প্ৰভাৱিত কৰি তোলে।

(৬) ব্যক্তিগত প্ৰয়োজন আৰু যোগ্যতাঃ শিক্ষা আহৰণৰ উদ্দেশ্য শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজন আৰু যোগ্যতাৰ ওপৰত একান্তই নিৰ্ভৰশীল। ব্যক্তিৰ বুদ্ধি-বৃত্তি, আগ্ৰহ-অভিৰুচি, যোগ্যতা আদিৰ ভিত্তিতহে শিক্ষা বিষয় নিৰ্বাচন কৰা হয়। তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰৰ বাবে থকা শিক্ষাৰ উদ্দেশ্য আৰু আঁচনি হীন বুদ্ধিৰ ছাত্ৰৰ বাবে প্ৰযোজ্য নহয়। শিক্ষাৰ লক্ষ্যই সেয়েহে ভিন্নমুখী ছাত্ৰৰ দেহ-মানসিক প্ৰয়োজন ভিন ভিন ভাবে পূৰণ কৰিব লাগে। ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ বিকাশৰ বিভিন্ন স্তৰ অনুযায়ী থকা শক্তি-সামৰ্থ আদি বৈশিষ্ট্যবোৰৰ কথাও এইক্ষেত্ৰত বিবেচনা কৰিব লাগে। সেয়েহে এখন প্ৰাথমিক স্কুলৰ শিক্ষাৰ লক্ষ্য মাধ্যমিক স্কুলৰ লক্ষ্যতকৈ পৃথক হোৱাটো স্বাভাৱিক। এনে পাৰ্থক্য পাঠ্যক্ৰম প্ৰস্তুতি, শিক্ষণ পদ্ধতি আদিৰ বেলিকা শিক্ষকে সক্ৰিয়ভাৱে বিবেচনা কৰিব লাগে।

শিক্ষাৰ লক্ষ্যত দৰ্শনৰ প্ৰভাৱঃ

 

শিক্ষা আমাৰ জীৱনৰ লগত সম্বন্ধ আৰু জীৱন একো একোটা বিশেষ চিন্তাধাৰা বা দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে শিক্ষাৰ লক্ষ্যৰ ওপৰত দৰ্শনৰ এক বিশেষ প্ৰভাৱ আছে আৰু এই বিষয়ে আমাৰ কিছু স্পষ্ট ধাৰণা থকাটো প্ৰয়োজন। অৱশ্যে দৰ্শনৰ বিভিন্ন চিন্তাধাৰাৰ লগত ভালদৰে পৰিচিত নাথাকিলে এই বিষয়ৰ স্পষ্ট ধাৰণা লাভ কৰাটো কঠিন। সেইবাবে দৰ্শনৰ মূল চিন্তাধাৰা কেইটাৰ যথাসম্ভৱ চমু পৰিচয় আৰু শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত থকা ইয়াৰ দৃষ্টিভংগী সম্বন্ধে তলত আলোচনা কৰা হৈছে।

প্ৰকৃতিবাদৰ লক্ষ্যঃ

 

প্ৰকৃতিবাদ হৈছে দৰ্শনৰ এক বিশিষ্ট চিন্তাধাৰা যি আমাৰ জীৱন সম্বন্ধে বাস্তৱ আৰু প্ৰত্যক্ষভাৱে সকলো অধ্যয়ন আৰু বিশ্লেষণ কৰে। সকলো কথা বা বিষয়কেই জড় পদাৰ্থৰ দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয় আৰু ইন্দ্ৰিয়সমূহৰ এক যান্ত্ৰিক পদ্ধতিৰেহে জড়-জগতৰ এই সকলো জ্ঞান-অভিজ্ঞতা লাভ কৰিব পৰা হয়। ইন্দ্ৰিয়সমূহক কেন্দ্ৰস্থভাৱে পৰিচালনা কৰা মনক মস্তিষ্ক তথা জড়-পদাৰ্থ স্বৰূপে বিবেচনা কৰা হয়। এই চিন্তাধাৰা মতে প্ৰকৃতিয়েই হৈছে চৰম সত্য বা মূল সত্তা। সেইবাবে মানুহৰ সকলো দেহ-মানসিক অভিজ্ঞতা এই বাস্তৱ সত্য বা দৃষ্টিভংগীৰে নিৰীক্ষণ কৰিব লাগে।

শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত ইয়াৰ জৈৱিক প্ৰকৃতিবাদ আৰু যান্ত্ৰিক প্ৰকৃতিবাদে বিশেষ প্ৰভাৱ পেলায়। জৈৱিক প্ৰকৃতিবাদৰ মতে জীৱৰ প্ৰবৃত্তিসমূহ সংশোধন আৰু উন্নীতকৰণ কৰাটো শিক্ষাৰ লক্ষ্য হোৱা উচিত। মানুহৰ জৈৱিক বংশগতি শিক্ষাৰ যোগেদি উন্নত কৰি উত্তৰজীৱিতা শক্তি বৃদ্ধি কৰিব লাগে আৰু তাৰ দ্বাৰা পৰিৱৰ্তিত পৰিৱেশত যোগ্যতাৰে নিজক খাপ খুৱাব লাগে। এই জৈৱিক প্ৰকৃতিবাদৰ দৃষ্টিভংগীৰ পৰা পাৰ্চি নানে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁৰ মতে ব্যক্তিয়ে জৈৱিক উত্তৰাধিকাৰ স্বৰূপে পোৱা দেহ-মানসিক শক্তি আৰু ক্ষমতাসমূহ আশানুৰূপভাৱে বিকশাই তোলাটো শিক্ষাৰ লক্ষ্য হোৱা উচিত। সেইদৰে যান্ত্ৰিক প্ৰকৃতিবাদৰ দৃষ্টিভংগীৰ পৰা কোৱা হয় যে উদ্দীপক প্ৰতিক্ৰিয়াৰ মাজত অনুবন্ধন স্থাপন কৰি অভ্যাসৰ যোগেদি ক্ৰিয়া অভিজ্ঞতাৰ ৰূপ প্ৰদান কৰাই হৈছে শিক্ষাৰ লক্ষ্য। ৱাটচন, পেভলভ আদি আচৰণবাদীসকলে শিক্ষাৰ লক্ষ্য সম্বন্ধে এনে দৃষ্টিভংগী গ্ৰহণ কৰে। প্ৰকৃতিবাদ দৰ্শনৰ অধিক ব্যাখ্যা দিবলৈ নগৈ ইয়াকে ক’ব পাৰি যে ই জড়-জগত আৰু জীৱ-জগতৰ সকলো কথা বাস্তৱ, প্ৰত্যক্ষ আৰু প্ৰকৃত ৰূপত নিৰীক্ষণ কৰে। শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰতো এই দৰ্শনে জৈৱিক আৰু যান্ত্ৰিকভাৱে এবিধ বাস্তৱ আৰু প্ৰত্যক্ষ চিন্তাধাৰাৰ প্ৰভাৱ পেলাইছে।

আদৰ্শবাদৰ লক্ষ্যঃ

 

আদৰ্শবাদ হৈছে প্ৰকৃতিবাদৰ এক বিপৰীতমুখী চিন্তাধাৰা। ইয়াৰ মতে জড় পদাৰ্থই কেৱল চৰম সত্য বা মূল সত্তা স্বৰূপ হ’ব নোৱাৰে। এই চিন্তাধাৰাৰ মূল উদ্দেশ্য হৈছে জড়-জগতৰ মাধ্যমেৰে আধ্যাত্মিক উৎকৰ্ষ সাধন কৰি জীৱনৰ পূৰ্ণতা লাভ কৰা। সেইবাবে ইয়াত আমাৰ দৈহিক অথবা প্ৰাকৃতিক পৰিৱেশ আৰু আধ্যাত্মিক পৰিৱেশ দুয়োটাতেই গুৰুত্ব দিয়া হয়। জীৱনৰ এক চিৰন্তন বা শ্বাশ্বত মূল্য থকাটো আদৰ্শবাদত বিশ্বাস কৰা হয় আৰু তাক আয়ত্বকৰণৰ প্ৰতি আমাৰ লক্ষ্য নিৰ্ধাৰিত হোৱা উচিত বুলি বিবেচনা কৰা হয়। যদিও আমাৰ শিক্ষাৰ তৎকালীন লক্ষ্য হৈছে ব্যক্তিৰ দেহ-মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধন কৰা, তথাপিও ইয়াৰ চৰম লক্ষ্য হৈছে নৈৰ্ব্যক্তিকভাৱে সামাজিক, সাংস্কৃতিক তথা আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাটোহে। ইয়াৰ যোগেদিহে ব্যক্তিয়ে জড়বাদ আৰু ব্যক্তিকেন্দ্ৰিকতাৰ ঠেক সীমাৰেখা অতিক্ৰম কৰি পূৰ্ণতাৰ পথত আগবাঢ়িব পাৰে। আদৰ্শবাদত বিশ্বাস কৰা হয় যে মানুহ হৈছে সমগ্ৰ বিশ্বৰ এক ক্ষুদ্ৰ অংশস্বৰূপ। তথাপিও এই ক্ষুদ্ৰ অংশতে দৈহিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশৰ বিবিধ উপাদান নিহিত থাকে। মানুহে স্বাভাৱিকতেই তেওঁৰ দেহ-মন আৰু আত্মাৰ এই বিবিধ উপাদানসমূহ সুসামঞ্জস্যভাৱে ঐক্য সাধনৰ চেষ্টা কৰে। তেওঁৰ নিজ বিবেকৰ দ্বাৰা পৰিচালিত হৈ তাৰ পূৰ্ণতাৰ প্ৰতি অগ্ৰসৰ হয়।

মানুহৰ এই ভিন্নমুখী উপাদানসমূহ নিজ ব্যক্তিত্বৰ মাজত ঐক্য সাধন কৰি তোলাটো আদৰ্শবাদৰ মতে শিক্ষাৰ লক্ষ্য হোৱা উচিত। ইয়াৰ উপৰিও ব্যক্তিত্ব উপাদানৰ দ্বাৰা সুসামঞ্জস্যভাৱে গঠিত মানুহৰ প্ৰকৃতিৰ লগত বিশ্ব-জগতৰ চৰম প্ৰকৃতিৰ সামঞ্জস্য বা যোগাযোগ স্থাপন কৰাটো শিক্ষাৰ চৰম লক্ষ্য হোৱা উচিত। আদৰ্শবাদ শিক্ষাৰ লক্ষ্যই সেয়েহে ব্যক্তিৰ নিজ অন্তৰ্নিহিত শক্তিসমূহৰ সংযত বিকাশ সাধন কৰা আৰু চৰম সত্য বা চিৰন্তন অস্তিত্বৰ লগত এনে বিকাশৰ সমন্বয় সাধন কৰাটো কামনা কৰে। এই দৃষ্টিকোণৰ পৰা জীৱৰ দৈহিক উৎকৰ্ষ সাধনতকৈ আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাটোহে অধিক গ্ৰহণযোগ্য কথা। মানুহে অন্যান্য জীৱ-জন্তুৰ দৰে কেৱল জৈৱিক বিকাশতে ক্ষান্ত নাথাকে। জৈৱিক উৎকৰ্ষ সাধনৰ উপৰিও সত্য, জ্ঞান, সুন্দৰতা আদি আধ্যাত্মিক গুণসমূহৰ বিকাশ সাধন কৰি পূৰ্ণতাৰ প্ৰতি অগ্ৰসৰ হয়। আদৰ্শবাদ শিক্ষাৰ লক্ষ্যই সেয়েহে ব্যক্তিত্বৰ এনে পূৰ্ণ আৰু সৰ্বাংগীন বিকাশৰ পোষকতা কৰে। এনে বিকাশ একপক্ষীয় নহৈ সামগ্ৰিক বিধৰ হোৱাটো আৰু জৈৱিক অথবা জড়বাদী নহৈ আধ্যাত্মিক হোৱাটো কামনা কৰা হয়। জৈৱিক দিশত এনে বিকাশৰ গতি আৰম্ভ হৈ আধ্যাত্মিকতাত ইয়াৰ অন্ত পৰে। উল্লেখযোগ্য যে পুৰণি ভাৰতৰ দাৰ্শনিকসকলে শিক্ষাৰ এনে আদৰ্শবাদৰ দৃষ্টিভংগী গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ। এই সম্বন্ধে প্ৰথম অধ্যায়ত ইতিমধ্যে আলোচনা কৰা হৈছে।

প্ৰয়োগবাদৰ লক্ষ্যঃ

 

শিক্ষাৰ লক্ষ্যত প্ৰভাৱ পেলোৱা আন এটা দাৰ্শনিক চিন্তাধাৰা হৈছে ব্যৱহাৰিকতাবাদ বা প্ৰয়োগবাদ। এই চিন্তাধাৰাই মানুহৰ জীৱনৰ কোনো চৰম সত্য বা আধ্যাত্মিকতাত বিশ্বাস নকৰে। ইয়াৰ পৰিৱৰ্তে বৰ্তমানৰ ক্ৰিয়া আৰু তাৰ যোগেদি লাভ কৰা প্ৰায়োগিক মূল্য নিৰূপণ কৰে। সকলো সময়ৰ আৰু সকলো লোকৰ বাবেই নিৰ্ধাৰিত বুলি তেনে কোনো চিৰন্তন সত্য বা মূল্যবোধ নাথাকে। প্ৰকৃত সত্য মানুহৰ অভিজ্ঞতালব্ধহে, পূৰ্ব-নিৰ্ধাৰিত নহয়। অতীতত লাভ কৰা জ্ঞান বা সত্য বৰ্তমান সময়ৰ উপযোগী হৈ নুঠিলে তাক পৰিত্যাগ কৰি মানুহে বাস্তৱত পোৱা কাৰ্যকৰী অভিজ্ঞতা আৰু পৰীক্ষণ-নিৰীক্ষণ আদিৰ ভিত্তিত নতুনকৈ সত্য নিৰ্ধাৰিত কৰিব লাগে। সেয়েহে প্ৰয়োগবাদৰ মতে দৰ্শনৰ তত্ব জীৱনৰ কাৰ্যকৰী অভিজ্ঞতা অথবা ব্যৱহাৰিতাৰ ভিত্তিতহে স্থিৰ কৰিব লাগে, দৰ্শনতান্ত্ৰিক ভিত্তিৰ ওচৰত নিৰ্ধাৰণ কৰা বিধৰ হ’ব নালাগে।

শিক্ষাৰ লক্ষ্যৰ ওপৰত এই চিন্তাধাৰাই বৰ্তমান বিশেষ প্ৰভাৱ পেলাইছে। ব্যক্তি আৰু সমাজৰ লোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষা স্থিৰ কৰিব লাগে। জ্ঞানৰ বাবেই জ্ঞান আহৰণৰ দৃষ্টিভংগী সমৰ্থনযোগ্য নহয়। এই প্ৰয়োগবাদৰ মতেও ব্যক্তিৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰাটো শিক্ষাৰ লক্ষ্য বুলি গণ্য কৰা হয়। কিন্তু এনে বিকাশৰ যোগেদি ব্যক্তিৰ ক্ৰিয়া আচৰণৰ পৰিৱৰ্তন কৰাটো আৰু নতুন অভিজ্ঞতা, মূল্যবোধ আদি আহৰণ কৰাটো ইয়াৰ মুখ্য উদ্দেশ্য হোৱা উচিত। কোনো নিৰ্দিষ্ট আদৰ্শ অথবা পূৰ্ব-নিৰ্ধাৰিত মূল্যবোধ অনুসৰণ কৰাটো ইয়াৰ উদ্দেশ্য নহয়। কৰ্মৰ যোগেদি অভিজ্ঞতা লাভ কৰা, তাৰ দ্বাৰা পৰিৱৰ্তন সাধন কৰা আৰু নতুন সত্য উদ্ঘাটন কৰাটো হৈছে শিক্ষাৰ লক্ষ্য। প্ৰয়োগবাদে শিক্ষাক সেয়েহে অবিৰতভাৱে চলি থকা এক কৰ্মপ্ৰবাহ স্বৰূপ বুলি বৰ্ণনা কৰে। শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, বৰং ইয়েই আমাৰ জীৱন স্বৰূপ। মানুহে কোনো পৰিৱেশ বা পৰিস্থিতিত অনুভৱ কৰা প্ৰয়োজনসমূহ পূৰণৰ বাবে প্ৰেৰণা, আগ্ৰহ, যোগ্যতা আদিৰ উপযুক্তভাৱে পৰিচালনা কৰাই হৈছে প্ৰয়োগবাদৰ মতে শিক্ষাৰ লক্ষ্য।

সমীক্ষাঃ

 

শিক্ষাৰ লক্ষ্য সম্বন্ধে প্ৰয়োগবাদ দৰ্শনৰ লগত আদৰ্শবাদৰ কোনো মৌলিক বিৰোধ নাই। আদৰ্শবাদে জীৱনৰ চিৰন্তন সত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু শিক্ষাৰ লক্ষ্যই এনে সত্য আয়ত্ব কৰাৰ কামনা কৰিছে। প্ৰয়োগবাদে ব্যক্তিৰ অভিজ্ঞতাৰ সত্যৰ ওপৰত গুৰুত্ব দিছে আৰু শিক্ষাৰ লক্ষ্যৰ যোগে ক্ৰিয়া অভিজ্ঞতাৰ পৰিৱৰ্তন সাধন কৰাটো কামনা কৰিছে। প্ৰকৃতপক্ষে প্ৰয়োগবাদে শিক্ষাৰ লক্ষ্যতকৈও ইয়াৰ পদ্ধতি বা ক্ৰিয়াৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে। ই শিক্ষাৰ কোনো নিৰ্দিষ্ট লক্ষ্য দাৰ্শনিক দৃষ্টিৰে আমাক সুস্পষ্ট কৰি তুলিব পৰা নাই। শিক্ষাৰ লক্ষ্য সম্বন্ধে দাৰ্শনিক দৃষ্টিৰ প্ৰকৃত বিৰোধভাব আদৰ্শবাদ আৰু প্ৰকৃতিবাদৰ মাজতেই ঘাইকৈ পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আদৰ্শবাদ আৰু প্ৰয়োগবাদৰ ভিত্তিত শিক্ষাৰ সামাজিক লক্ষ্য সাধাৰণভাৱে গ্ৰহণ কৰা হৈছে। সেইদৰে প্ৰকৃতিবাদৰ বহল দৃষ্টিভংগীৰ ওপৰত শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য প্ৰতিষ্ঠিত হৈছে। উল্লেখযোগ্য যে উপযুক্ত লক্ষ্য নিৰ্ধাৰণ কৰোতে বিভিন্ন দাৰ্শনিক দৃষ্টিৰ পক্ষপাতমূলক মনোভাব গ্ৰহণ কৰাটো আমাৰ উচিত নহয়। মনত ৰখা উচিত যে ভিন ভিন দাৰ্শনিক দৃষ্টিসমূহে সাধাৰণভাৱেহে শিক্ষাৰ লক্ষ্য প্ৰভাৱিত কৰে, কোনো এক দৃষ্টিভংগীয়ে বিশেষভাৱে অথবা একপক্ষীয়ভাৱে নহয়। বৰ্তমান সমাজৰ লোকৰ ক্ৰিয়া আচৰণ, মূল্যবোধ আদি বিভিন্ন দিশৰ চিন্তাধাৰা, ভাবধাৰা আদিয়ে নানা ভাবে প্ৰভাৱিত কৰে। ই কোনো এক নিৰ্দিষ্ট দাৰ্শনিক চিন্তাধাৰাৰ একপক্ষীয় প্ৰভাৱৰ ফলস্বৰূপ নহয়। এনে কাৰণতে বৰ্তমান সময়ত শিক্ষাৰ লক্ষ্য স্থিৰ কৰাটো দাৰ্শনিক দৃষ্টিকোণৰ পৰা এক জটিল কাম।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.10256410256
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top