অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

একাধিক শ্ৰেণী আৰু একাধিক স্তৰ পৰিস্থিতিত শিক্ষণ উন্নত কৰা

একাধিক শ্ৰেণী আৰু একাধিক স্তৰ পৰিস্থিতিত শিক্ষণ উন্নত কৰা

আলোচনাৰ সাৰাংশ

ভাৰতৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ গাওঁ অঞ্চলত শিক্ষা ব্যৱস্থা পদ্ধতিত ‘একাধিক শ্ৰেণী/একাধিক স্তৰ’ৰ শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ উন্নতিকল্পে কার্যকৰী পৰিকল্পনা আৰু পৰামর্শ আৰু সফল হস্তক্ষেপ নমুনা এই অধ্যয়নৰ সদস্যসকলে আগবঢ়াইছে। একাধিক শ্ৰেণী শিক্ষণৰ অর্থ হ’ল প্রাথমিক বিদ্যালয়সমূহত এজন বা দুজন শিক্ষকে দুটা বা ততোধিক শ্ৰেণীত একে সময়তেই পাঠদান কৰে আৰু ‘একাধিক স্তৰ’ ৰ অর্থ হ’ল একেটা শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ শিক্ষা গ্ৰহণৰ সক্ষমতাৰ ক্ষেত্রত থকা স্তৰৰ পাৰ্থক্য। সদস্যসকলে লক্ষ্য কৰে যে শিক্ষাৰ শিক্ষণ প্রনালীৰ উন্নয়নৰ ক্ষেত্রত একাধিক শ্ৰেণী শিক্ষণ/একাধিক স্তৰ ব্যৱস্থাক সফলভাৱে কামত লগাব পৰাই নহয় বৰং  ইয়াক শিক্ষা প্ৰদানৰ ক্ষেত্রত এটা পচন্দৰ অগ্ৰাধিকাৰ দিব পৰা ব্যৱস্থাক হব পাৰে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ (আন দেশৰো)সফল উদাহৰণবোৰৰ পৰা সদস্যসকলে দেখিছে যে, প্রতিটো ক্ষেত্রৰ বৈশিষ্ট্যবিলাকত দুটা বিশাল ধৰণৰ ব্যৱস্থাৰে আগবঢ়া হৈছে। তাৰে এটা চৰকাৰ পৰিচালিত বিদ্যালয়বিলাকত আৰু আনটো অধিকাংশ ক্ষেত্রতেই বিভিন্ন বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিচালিত বিদ্যালয়বিলাকত দেখা যায়। শেষৰটোৱে অৱশ্যে এটা বিৰাট উদ্ভাৱনীমুলক বিষয় উন্মোচিত কৰে। উদ্ভাৱনীৰ বিষয়টোৰ ক্ষেত্রত কিছুমান কর্মকৌশল (দুয়োবিধৰ ক্ষেত্রত কিছুমান একেই) তলত দিয়া মতে ব্যৱহাৰ কৰা দেখা যায়:

  • শ্রেণী/গ্রেড বিভাগৰ সলনি দলগত আৰু স্ব-শিক্ষণ পদ্ধতিৰ ব্যৱহাৰ।
  • দলগত/ব্যক্তিগত প্রয়োজনৰ ওপৰত খাপ-খোৱাকৈ নমনীয়, ৰীতিগত শিক্ষাৰ কাৰ্য্যসূচী।
  • স্থানীয় প্রয়োজন আৰু অৱস্থাৰ লগত খাপ-খোৱা পাঠ্য তালিকা।
  • শিক্ষকসকলক একাধিক শ্ৰেণী শিক্ষণ প্রযুক্তি, পদ্ধতিসমূহ আৰু শিক্ষাদান-শিক্ষাগ্ৰহণৰ পদ্ধতিৰ প্রশিক্ষণ দিয়া।
  • ৰাইজ, অভিভাৱক আৰু প্রশিক্ষিত স্বেচ্ছাসেৱীসকলক বিদ্যালয়ৰ প্রচেষ্টাত সহায় কৰাত জড়িত কৰা।
  • বয়স/শ্রেণী ব্যৱস্থাৰ সলনি শিশুকেন্দ্রীক আৰু স্ব-গতিৰ শিক্ষাৰ ব্যৱস্থা কৰা।
  • শ্রেণীকোঠাৰ সজ্জা আৰু শিক্ষা গ্ৰহণৰ পৰিৱেশৰ বাবে বিশেষ যত্ন লোৱা।
  • শিশুসকলক অংশগ্রহণমূলক কাৰ্য্যৰ প্ৰতি সহায় কৰা আৰু তেওঁলোকৰ সৃষ্টিমূলকৰ চিন্তাধাৰাক উৎসাহ দিয়া।

এই ধৰণৰ ব্যৱস্থাবোৰ গ্রহণ কৰাৰ ফলত ভাল শিক্ষাগ্ৰহণ/স্থায়ীত্ব, হেঁচামুক্ত শিক্ষা, শিক্ষাৰ্থী-অভিভাৱকৰ সন্তুষ্টি বৃদ্ধি, শিক্ষকসকলক অধিকভাৱে জড়িত কৰা আৰু পৰিচালনা ব্যয়ো হ্ৰাস কৰিব পৰাটো সম্ভৱ হয়।
তাৎপৰ্য্যপূৰ্ণ বেচৰকাৰী সংগঠনৰ (ইউনিচেফ সমর্থিত) আৰ্হি: সদস্যসকলে ভাৰতৰ বিভিন্ন অঞ্চলত বিশেষকৈ গাওঁ অঞ্চলত আগৰে পৰাই অধিক হাৰত চলি থকা একাধিক শ্ৰেণী শিক্ষণ ব্যৱস্থাটোৰ সফল হস্তক্ষেপসমূহ সম্পৰ্কে পোৱা তেওঁলোকৰ মূল্যৱান জ্ঞান আৰু অভিজ্ঞতাসমূহ বিনিময় কৰে।

  • ইয়াৰ ভিতৰত এটা হ’ল শিশুভাৱাপন্ন শিক্ষাদান-শিক্ষাগ্ৰহণ পদ্ধতি উদ্ভৱ কৰা ৰিশি ভেলী আৰ্হি। অন্ধ্রপ্রদেশৰ গাঁওবোৰৰ এজন শিক্ষকৰদ্বাৰা পৰিচালিত প্রাথমিক বিদ্যালয়বিলাকত ইয়াৰ প্ৰয়োগ আৰু সম্পূৰ্ণ কৰাৰ পাছত দেখা গৈছে যে এই শিক্ষা আৰ্হিটোক দীর্ঘকালীন চলোৱাত ই স্ব-নিৰ্ভৰ ব্যৱস্থা হিচাপে প্ৰকাশ পালে। এই ব্যৱস্থাটো মিতব্যয়ী, শিক্ষাগত মূল্য সমৃদ্ধ, ৰাইজৰ শক্তিশালী সহায় আৰু স্ব-নিভৰ্ৰতাৰ সুযোগ থকাৰ বাবে বহুবোৰ ৰাজ্য চৰকাৰক ই আকৰ্ষিত কৰিছে আৰু ৰাজ্য চৰকাৰবোৰে এই ব্যৱস্থা নিজ-নিজ ৰাজ্যত আৰম্ভ কৰিছে।
  • উত্তৰ প্রদেশৰ ললিতপুৰ জিলাত ইউনিচেফৰ দ্বাৰা শিক্ষাৰ গুনগতমান উন্নত কৰাত হস্তক্ষেপৰ প্রচেষ্টাৰ উদাহৰণ দিব পৰা যায়। ইয়াত স্থানীয় পৰিৱেশৰ লগত সামঞ্জস্য থকা শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ কৰি একাধিক শ্ৰেণী আৰু একাধিক স্তৰক একত্ৰিত কৰি দলগত প্ৰচেষ্টাৰ প্রয়োগ কৰা হৈছে। ইয়াৰ ফলত বিশেষকৈ শিশুসুলভ শিক্ষণ প্রনালী, শিক্ষাৰ্থীৰ স্থায়িত্বত উন্নতি আৰু ছাত্র-ছাত্রীসকলৰ শিক্ষাৰ গুনগত মান উন্নত কৰে।
  • আন এটা বেচৰকাৰী সংগঠন ৰাজস্থানৰ দিগন্তৰৰ দ্বাৰা গ্ৰহণকৰা এটা প্রচেষ্টা হ’ল ‘একাধিক স্তৰ’; অৰ্থাৎ গতানুগতিক বিদ্যালয়বিলাকত থকা বয়স/শ্ৰেণী ব্যৱস্থাৰ পৰিৱৰ্তে শিশুসকলৰ সামর্থ্যতাৰ ওপৰত নির্ভৰ কৰি দলগতভাৱে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা। এইটোক এটা পৰিপূৰক শিক্ষাৰ আৰ্হি বুলিব পৰা যায়। এই প্ৰচেষ্টাত শিক্ষা গ্ৰহণৰ দ্ৰুততাক নমনীয় কৰা হয় আৰু শিক্ষণৰ উন্নতি, বয়স-শ্ৰেণীকেন্দ্ৰীক পাঠ্যসূচী আৰু যোগ্যতাতকৈ স্পষ্টকৈ পৃথক।

চৰকাৰ পৰিচালিত প্রতিষ্ঠানসমূহৰ ধাৰা

আলোচকসকলে মত পোষণ কৰে যে, চৰকাৰী ধাৰা মতে পৰিচালিত বিদ্যালয়সমূহত একাধিক শ্ৰেণী শিক্ষণ ব্যৱস্থাৰ বাবেই শিক্ষাদান-গ্ৰহণ প্ৰণালী নতুন কৰা আৰু শ্ৰেণী ভিত্তিক পাঠ্যক্ৰমৰ ব্যৱস্থা অতি প্ৰয়োজন বুলি গুৰুত্ব দিয়া হৈছে। একাধিক শ্ৰেণী শিক্ষণ ব্যৱস্থাৰ বাবে, শিশুসুলভ শৈক্ষিক পৰিৱেশ, শৈক্ষিক প্ৰশিক্ষণ আৰু নিয়মীয়াকৈ শিক্ষকসকলক শৈক্ষিক সহায়প্ৰদান আদিবোৰ প্ৰকৃত উপায় বুলি চৰকাৰী বিদ্যালয়সমূহত গণ্য কৰা হৈছে। গুজৰাট আৰু উৰিষ্যাক উদাহৰণ হিচাবে ল’ব পাৰি। এই সন্দর্ভত গুজৰাটৰ শিক্ষকসকলে একাধিক শ্ৰেণী শিক্ষণব্যৱস্থাৰ লগত সক্ষমতাসহ ফলপ্ৰসূভাবে কাম কৰি যাওঁতে পোৱা কঠিনতাবোৰ চকুত নপৰে আৰু এয়া সম্ভৱ হৈছে শিক্ষকসকললৈ আগবঢ়োৱা গুণগত আৰু প্ৰৰ্য্যাপ্ত পৰিমানৰ চাকৰীকালীন প্ৰশিক্ষণৰ বাবে। শিক্ষকসকলক নিয়মিত শৈক্ষিক সহায়, দিকদৰ্শণ আদিৰে একাধিক শ্ৰেণী শিক্ষণ/একাধিক স্তৰৰ অবস্থাৰ প্ৰত্যাহ্বানক হেলাৰঙে গ্ৰহণ কৰাৰ ক্ষেত্রত শিক্ষকৰ কর্মক্ষমতা আৰু সামর্থ্যতা সফলভাৱে বৃদ্ধি কৰা দেখা যায়। উৰিষ্যাত দুটা কৌশলক অত্যাৱশ্যকীয় বুলি গণ্য কৰা হৈছে, (ক) বিদ্যালয় আৰু বিদ্যালয়ৰ অৱস্থাৰ উন্নতি ঘটোৱাটো শিক্ষাৰ উন্নতিৰ ক্ষেত্রত আটাইতকৈ বেছি প্রয়োজন আৰু (খ) শিক্ষকৰ শিক্ষণ প্রনালীৰ উন্নতিৰ বাবে চাকৰীকালীন পদ্ধতিগত প্রশিক্ষণৰ ব্যৱস্থা কৰা।

আন্তৰ্জাতিক অভিজ্ঞতা

একেই ধৰণৰ বৈচিত্রতা আৰু উদ্ভাৱনামূলক চিন্তাধাৰা এটা আন্তৰ্জাতিক ক্ষেত্ৰৰ অভিজ্ঞতাৰ পৰাও স্পষ্টকৈ দেখিবলৈ পোৱা যায়। এটা উদাহৰণস্বৰূপে ‘প্ৰকৃত শিক্ষা’ৰ আৰ্হিটো হ’ল ‘বিদ্যালয়ৰ প্রয়োজন নাই’, এই চিন্তাধাৰাটোত ‘বিদ্যালয়, পাঠ্যপুথি, শিক্ষক আৰু শ্ৰেণীৰ পৰিৱৰ্তে শিক্ষাকেন্দ্র, স্ব-নিৰ্দশাত্মক সামগ্ৰী, সমনীয়া শিক্ষক আৰু ৰাইজৰ সহযোগ, আৰু শিক্ষকক অংশগ্ৰহণাত্মকমূলক শিক্ষণত এজন সহায়ক বুলিহে গণ্য কৰা হৈছে। এই ব্যৱস্থাটো গাঁৱৰ বিদ্যালয়সমূহত কাৰ্যকৰীভাৱে চলি থকা দেখা যায়। আন প্রচেষ্টাত একাধিক শ্ৰেণী শিক্ষণ পৰিৱেশ কাৰ্য্যকৰীভাৱে চম্ভালিবলৈ শিক্ষকৰ দক্ষতা বৃদ্ধি, পাঠ্যসূচীৰ পুনঃগঠন কৰাৰ উপৰিও, একাধিক শ্ৰেণী শিক্ষণৰ উপযোগী শিক্ষণ সামগ্ৰী আৰু পদ্ধতিত গুৰুত্ব দিয়া। এই ব্যৱস্থাটো বিশ্বৰ বিভিন্ন দেশত যেনে জাম্বিয়া, পেৰু, কলম্বিয়া, শ্রীলঙ্কা আদিৰ চৰকাৰী বিদ্যালয়ত দেখিবলৈ পোৱা যায়।
ভাৰতৰ গ্ৰাম্যাঞ্চলত একাধিক শ্ৰেণী শিক্ষণ শিক্ষা ব্যৱস্থাৰ ফলত দেখা দিয়া অসুবিধাসমূহ ভাৰত আৰু পৃথিৱীৰ আন আন দেশত দেখা পোৱা আৰু সফলভাৱে পৰীক্ষীত উদ্ভাৱনীমূলক শিক্ষা ব্যৱস্থাৰ প্রয়োগৰে এক স্পষ্ট সুবিধাজনক শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত কৰা সম্ভৱ। একাধিক শ্ৰেণী শিক্ষণ শিক্ষা ব্যৱস্থাৰ প্রয়োগ শিক্ষাপ্ৰদানৰ এটা “পচন্দ’’ হ’ব পাৰে যিটো এক “বিকল্প শিক্ষা ব্যৱস্থা”ৰ আৰ্হি, য’ত পাঠ্যসূচী আৰু শিক্ষণৰ দ্ৰুততা বয়স/শ্ৰেণীৰ ওপৰত নির্ভৰ নকৰি ছাত্র-ছাত্রীসকলৰ সামর্থ্যৰ ওপৰত নির্ভৰ কৰে

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate