মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / দুখজনক বাতৰিৰ শিৰোনামাসমূহ আঁত ধৰি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুখজনক বাতৰিৰ শিৰোনামাসমূহ আঁত ধৰি

 

নতুন হাতঘড়ীটো পিন্ধাৰ দিনা চাকৰিলৈ বুলি ওলোৱা বাইশ বছৰীয়া যুৱতীগৰাকীয়ে ঘড়ীটো সকলোৱে দেখক বুলিয়েই (হয়তো!) হাতখৰা চোলাটো পিন্ধিলে। প্রথম চাকৰিৰ দৰমহাৰ দিন। গধূলি উভতি আহোতে তাই সন্মুখীন হ'বলগা হ’ল শাৰীৰিক, মানসিক আতিশয্যৰ, কিছু অসামাজিক উদণ্ড পুৰুষৰ। যুৱতীগৰাকীকে নেতৃস্থানীয় লোকে পাকে-প্ৰকাৰে দোষী সাব্যস্ত কৰালে-তেওঁ কৰি থকা চাকৰিটো আৰু পিন্ধি অহা সাজ-পোছাকৰ আলমত। এয়া এক উদাহৰণ। হঠাৎ যেন অসমত বাঢ়িবলৈ লৈছে হতাশাজনক বাতৰিৰ শতকৰা হাৰ। যিসমূহ বাতৰিয়ে কঢ়িয়াই অপঘাত মৃত্যু, ধর্ষণ, নাৰী সৰবৰাহ, শিশু হত্যা, শিক্ষয়িত্রী হত্যা, ফে’চবুক লাইভ, আত্মহত্যা, ডাইনী হত্যা। আস্‌! যথেষ্ট হৈছে এইবোৰ। তাৰ ওপৰতো প্রতিদিনে খবৰ আহে পথ দুৰ্ঘটনাজনিত মৃত্যু। এই দুখজনক বাতৰিবোৰ বৃদ্ধি হোৱাৰ কাৰণ, ব্যাখ্যা আলোচনা কৰিবলৈ বুদ্ধিজীৱীসকলে বিভিন্ন চেনেলসমূহৰ ষ্টুডিঅ’ত উপৱিষ্ট হয়। তথাপি সমাধান যেন হোৱা নাই হত্যা, আত্মহত্যাৰ কাৰকবোৰৰ। ক'তেই বা ৰৈ গৈছে খুঁত। মই যেতিয়াই কিশোৰ-কিশোৰীক লগ পাওঁ তেতিয়াই সিহঁতৰ সৈতে কথা পাতো। আচলতে সিহঁতবোৰৰ মনটোক বুজিবলৈ চেষ্টা কৰে। অহেতুক কেতবোৰ মানসিক হেঁচাত থকা যেন লাগে সৰহসংখ্যকৰ। এই হেঁচা হয়তো শিক্ষা সম্বন্ধীয়, ভৱিষ্যং জীৱন সম্বন্ধীয়। কিছুমানৰ হয়তো প্রেম সম্পৰ্কীয়। সৌ সিদিনা মেধাৱী ছাত্রী এগৰাকীৰ জি প্রেমিকৰ হাতত মৃত্যু হ’ল। কেইটামান বছৰ আগতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী এগৰাকীৰ অপঘাত মৃত্যু হৈছিল। তেনে মৃত্যুৰ বাবে দোষী যিয়েই নহওক কিয়, এই কাৰ্য সংঘটিত কৰা, হিংস্র মানসিকতাৰ ব্যক্তিজন এক সাংঘাতিক মনোদৈহিক সমস্যাত আক্ৰান্ত যে হ’ব পাৰে সেয়া হয়তো জ্ঞাত বা নিৰূপিত নোহোৱাকৈ ৰৈ যায়। আমাৰ বয়সৰ লোকসকলে আজিকালি প্ৰায়েই আলোচনা কৰো নতুন চাম কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ আচৰণ, সিহঁতৰ জীৱন সম্পর্কে ধাৰণা, পৰিয়াল-পৰিজনৰ সৈতে আত্মীয়তা আদিৰ বিষয়ে। পৰিবৰ্তন হৈছে সিহঁতবোৰৰ ম’বাইল আৰু তাত উপৱিষ্ট সেই অপ্রত্যক্ষ (ভাৰচুৱেল) জগতখনত কমবয়সীয়া ল’ৰা-ছোৱালীখিনি সম্পৃক্ত। মাহী-পেহী, খুৰা-খুৰীসকলক অংকল-আন্টিৰ সম্বন্ধৰে খৰতকীয়াকৈ বান্ধি লৈ লাইক্‌, কমেন্ট্‌ তাতেই সীমাবদ্ধ যেন কৰি পেলোৱা হৈছে আজিৰ সম্পৰ্কবাৰ। লগ-সমনীয়া সিহঁতবোৰৰ বাবে অতি ওচৰৰ। এয়া কোনো ক্ষতিকাৰক হ'ব নোৱাৰে যদিহে লগ-সমনীয়াৰ দলটোৰ আধাৰ সৃষ্টিমূলক, গঠনমূলক হয়।

দেখা গৈছে যে, অপৰাধপ্রবণ মানসিকতা, হতাশাজনক স্থিতি এইবোৰ হঠাতে মানুহ এজনৰ মাজত সৃষ্টি নহয়। বিভিন্ন কাৰকৰ উপস্থিতিয়ে কিশোৰ-কিশোৰীক অপৰাধ প্রৱণ মানসিকতাৰে পূৰ্ণ এটা কিশোৰ বা কিশোৰী হিচাপে সমাজত দাঙি ধৰে। যিয়ে হৈ পৰে অসামাজিক কার্যকলাপৰ চালিকা শক্তি পিচলৈ। সমীক্ষাত দেখা গৈছে যে, অসামাজিক কার্যকলাপত লিপ্ত ল'ৰা বা ছোৱালীখিনি তলত উল্লেখ কৰা কাৰকবোৰৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব পাৰে-

  • আর্থ-সামাজিকভাবে দৈন্য।
  • স্কুলীয়া শিক্ষাৰ প্ৰতি অনীহা।
  • স্কুলীয়া শিক্ষাত অকৃতকার্য, আধাতে পঢ়া সমাপ্ত কৰা।
  • লগ-সমনীয়াৰদ্বাৰা বিচ্ছেদিত হোৱা, প্রেম প্রত্যাখান।
  • অতি শাসনত ৰাখিবলৈ বিচৰা পিতৃ-মাতৃ।
  • মনো-দৈহিক সমস্যা যেনে “এটেনচন ডিফিচিট্‌ হাইপাৰ, এক্টিভ ডিচঅৰ্ডাৰ’ আক্ৰান্ত।
  • জৈৱিক কাৰক কেতবোৰেও ক্রিয়া কৰে, এনে হিংসুক মানসিকতাৰ ল’ৰা-ছোৱালী বা ব্যক্তিৰ মাজত।
  • 'এণ্টি-ছচিয়েল পাৰচনেলিটি' ডিচঅর্ডাৰ সমস্যাত আক্রান্ত।

সমাজত এনে নৃশংস কাণ্ড সংঘটিত কৰা প্ৰতিজন আচলতে মোৰ দৃষ্টিত মানসিক ভাৰসাম্যহীন। শাৰিৰীক অৱয়বত আৰি লৈছে মানুহৰ চোলাটো আৰু তাঁৰ আৰত লুকাই আছে এনে প্ৰবৃত্তি-যি জিঘাংসা, ঘৃণা, অনুভূতিৰে পৰিপূৰ্ণ। তেনেবোৰ মানুহৰ তেজত দেখা যায় ‘চেৰ’টনিন্‌’ নামৰ এক তন্ত্ৰিকাসংচাৰক যথেষ্ট পৰিমাণে নি:সৰিত হোৱা অৱস্থাত; যিয়ে খং নিয়ন্ত্ৰণ কৰাত অপৰাগ কৰি তোলে মানুহজনক, আত্মনিয়ন্ত্ৰণহীন হৈ পৰে মানুহজন। সমাজৰ নীতি-নিয়ম আইন-কানুন ভয় নকৰা বিধৰ হৈ উঠে। ‘এন্টি-ছ’চিয়েল পাৰচনেলিটি ডিচঅৰ্ডাৰ’ সমস্যাত আক্ৰান্ত হোৱা দেখা যায় প্ৰধানকৈ পুৰুষসকলক৷ সৰু কালত প্রতিপালনত ৰৈ যোৱা কেতবোৰ খুঁত শৈশৱত শিশুৱে ডাঙৰ হোৱা সমাজখনৰ পৰিবেশ- এইবোৰেও প্রভাৱ পেলাই এক অসামাজিক শক্তিৰ সৃষ্টিত। নিচা জাতীয় দ্রব্যৰ গ্ৰাসত পৰা মানুহজন এই সমস্যাত আক্রান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট। প্রেম-যৌনতা তেওঁলোকৰ বাবে এক খেলৰ নিচিনা। আজিৰ ল’ৰা-ছোৱালীবোৰক যদি প্রেম সম্পর্কে তেওঁলোকৰ ধাৰণা কি বুলি যদি সোধা হয়, তেতিয়াহ’লে ‘ভেলেণ্টাইন ডে' আলমতহে প্ৰেমৰ অনুভূতি তেনে এক ব্যাখ্যাহে পোৱা যায়। ছ’চিয়েল মিডিয়াত চিনাকি তাৰ পাচত প্রেম-বিচ্ছেদ এইবোৰ সহজলভ্য। এনে প্ৰেমৰ সূত্র ধৰিয়েই কিন্তু বিপথে পৰিচালিত হয় কিছুসংখ্যক ছোৱালী। নাৰী সৰবৰাহ চক্ৰৰ পাকত সোমাই পৰে, নতুবা জীৱনক হেৰুৱাবলগীয়া হয়। প্ৰেম ভালপোৱাৰ আলমত ঘটা দুখজনক ঘটনাবোৰ আচলতে অসুস্থ সময়ৰহে যেন পৰিচায়ক প্ৰেমৰ প্ৰত্যাখান, বিচ্ছেদ এইবোৰ কৈশোৰ-যৌৱনৰ ল’ৰা-ছোৱালীৰ আত্মহত্যাৰ কাৰক হৈ উঠাটো চিন্তনীয় বিষয় হৈ পৰিছে। শিক্ষাৰ দিশত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ অসমৰ্থ হোৱা ছাত্ৰ-ছাত্ৰী এগৰাকীও হতাশাগ্রস্ত হৈ পৰিব পাৰে। আজিৰ লেখাটোত হতাশাগ্ৰস্ত নতুন চামক আওতালৈ অনা হোৱা নাই। হিংস্রতাৰ মানসিকতাৰে হত্যাৰ নিচিনা পাপ কৰিবলৈ কুষ্ঠাবোধ নকৰা সেই যুৱকসকলকহে আওতালৈ আনিব খুজিছো এই লিখনিত। কিয় সংঘটিত কৰে এনে অপকাণ্ড। সৰুৰেপৰা হয়তো ঘাতকজন আছিল অসহিষ্ণু, খঙাল। কি কি লক্ষণ হ’ব পাৰে এই মনো-দৈহিক সমস্যাত-

  • ভুল বা শুদ্ধ সেইবোৰ আচৰণক অৱজ্ঞা কৰা।
  • মিছা কথা কোৱা, কপটপূর্ণ আচৰণ।
  • আনক ঠগোৱাৰ মানসিকতা।
  • অবাধ্য, আঁকোৰগোজ ধৰণৰ হোৱা।
  • সঘনাই নীতি-নিয়মৰ বিৰুদ্ধাচৰণ কৰা।
  • আনৰ স্বাধীনতাক হস্তক্ষেপ কৰি অশান্তি সৃষ্টি কৰা।
  • সমাজত অশান্তিৰ কাৰকৰূপে থিয় হোৱা।
  • চুৰিকার্যত লিপ্ত হোৱা, সম্পত্তি ধ্বংস, ইত্যাদিত আগভাগ লোৱা।
  • নিচাযুক্ত দ্রব্যৰ প্ৰতি আকৃষ্ট হোৱা।
  • শেষলৈ পুলিচ থানা এইবোৰৰ বাবে সহজলভ্য হৈ পৰা।

সৰুৰে পৰা এটা শিশুৰ অবাধ্য আচৰণক গুৰুত্ব সহকাৰে লোৱা উচিত। বয়ঃসন্ধি শিশুবোৰৰ মাজত প্ৰায়েই দেখা যায়-অত্যধিক খঙাল হৈ পৰা লগ-সমনীয়াক বেয়া শব্দৰে গালি পৰা, আঘাত কৰা, ঘৰতো পিতৃ-মাতৃ, বাই-ভনীক বেয়া ব্যৱহাৰ কৰা। প্রতিনিয়ত এক উত্তেজনাত থকা; তেনে সমূহ লক্ষণ থাকিলে ডাঙৰ হ’লে নিজে নিজে ঠিক হৈ যাব বুলি পিতৃ-মাতৃয়ে ভাবি নলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। এজন মনোৰোগ বিশেষজ্ঞই নিশ্চয়কৈ শিশুটোৰ সমস্যা অনুধাৱন কৰি ভৱিষ্যতৰ এজন দাগী অপৰাধী হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব।

জীৱনত প্ৰতি পদে পদে এজন দায়িত্বশীল ব্যক্তিৰূপেৰে থিয় হোৱা প্ৰতিজনৰ সু-আচৰণৰ হোতা হয় পিতৃ-মাতৃৰ পৰা পোৱা শিক্ষা। প্রতি দাগী অপৰাধীয়েই যে,পিতৃ-মাতৃয়ে ভাল শিক্ষা নিদিয়াৰ বাবেই হয় সেয়া অৱশ্যে সকলোতে নাখাটে। কিন্তু ‘এণ্টি-ছ’চিয়েল পাৰচনেলিটি ডিচ’অর্ডাৰ’ আক্ৰান্ত বেছিসংখ্যকৰে ঘৰুৱা পৰিৱেশ, অৰ্থনৈতিক স্বচ্ছলতা বা সামাজিক পৰিবেশত বিসংগতি দেখা যায়।

অসহনশীল হৈ পৰা মনোভাব, উগ্ৰ আচৰণ আদিয়ে যেতিয়া এজন মানুহৰ আচৰণত দেখা দিয়ে তেতিয়া তেওঁৰ পৰিয়াল, অভিভাৱকে গুৰুত্ব সহকাৰে বিষয়টো নিজৰ দি তেনে ব্যক্তিজনক শুদ্ধপথলৈ অনাৰ চেষ্টা কৰিব।

ব্যক্তিত্ব বিকাশৰ ভূমিকাত থাকে পিতৃ-মাতৃ অভিভাৱকৰ দায়িত্ব। মোৰ ওচৰলৈ অহা কিছু মাতৃয়ে কেতিয়াবা গৌৰৱেৰে কয়হি তেওঁৰ দহবছৰীয়া ল’ৰাটো ম’বাইল, কম্পিউটাৰত নিপুণ (?) হৈ উঠিছে। এইটো সঁচায়ে সময়ৰ লগত আগবাঢ়ি যাবলৈ ‘টেকোটনিক্‌ চিফট্‌’ প্ৰয়োজন। কিন্তু কোমল বয়সীয়া ল’ৰা-ছোৱালীবোৰ স্মাৰ্ট ফোনৰ অপব্যৱহাৰত অভ্যস্ত নহওক তাক লক্ষ্য কৰাৰ দায়িত্ব মাক-দেউতাকৰ। ফ’ম অৰ্থাৎ ‘Fear of Missing out’। ম’বাইলটো অলপ সময় আঁতৰত গ’লেই ছট্‌ফটাবলৈ লয় এই সমস্যাত আক্ৰান্তজন। ম’বাইলৰ বাবেই চুৰি কাৰ্য, ম’বাইলৰ বাবে জিঘাংসা সঁচাই চিন্তনীয়। আমাৰ কৈশোৰৰ ল’ৰা-ছোৱালীবোৰ, কিছু অস্থিৰ যুৱক-যুৱতীসকলক মানসিকভাৱে সবল কৰিবলৈকে প্ৰয়োজন সুস্থ বাতাবৰণৰ, য’ত থাকিব পৰিয়ালৰ মাজত দৃঢ় বান্ধোন, সমাজৰ প্ৰতি দায়বদ্ধতা, লগ সমনীয়াৰ প্রতি প্ৰীতি আৰু বিশ্বাস। আইন-কানুনৰ প্রতি শ্রদ্ধাৰ মনোভাব। যি শিশুৰ মাজত সৰুৰে পৰা নিয়মানুৱৰ্তিতাৰ শিক্ষা, শৃংখলাবদ্ধৰ শিক্ষাৰে লালিত-পালিত হয়, সেই শিশু পিচৰ জীৱনত মানসিকভাবেও শক্তিশালী হয়। ভাল-বেয়াৰ বিচাৰ কৰাৰ ক্ষমতাও পৰিপক্ক হয়। স্কুলত দিয়া হওক নীতিশিক্ষাৰ পাঠ, খেলা-ধূলাৰ শিক্ষা, সমাজসেৱাৰ শিক্ষা। উৎকণ্ঠা, হতাশাৰ মাজত হাহাকাৰ কৰা কৈশোৰ ল’ৰা-ছোৱালী বা যুৱক-যুৱতীক অৱহেলা নকৰি সিহঁতক মৰমেৰে বুজাবলৈ চেষ্টা কৰা উচিত। প্ৰয়োজনসাপেক্ষে চিকিৎসকৰ পৰামর্শ লোৱা উচিত। উৎকণ্ঠা, শংকা, হতাশাই শেষত জন্ম দিব পাৰে জীৱনৰ প্ৰতি বিতৃষ্ণা। ‘মোৰো একো নহ’ল—আনকো হ’ব নিদিওঁ” ধৰণৰ জিঘাংসাই সৃষ্টি কৰাব পাৰে হত্যাৰ লেখীয়া গুৰুতৰ অপৰাধ। মানসিক উত্তেজনাক নিয়ন্ত্ৰণত ৰাখিবলৈকে দিয়া হওক প্রাণায়ম, যোগ আদিৰ শিক্ষা। ম'বাইল (স্মার্ট ফোন), ইন্টাৰনেটৰ বাহিৰেও এখন পৃথিৱী আছে, তাক উপলব্ধি কৰিবলৈ শিকোৱা হওক পৰিয়াল বন্ধু-বান্ধৱৰ মাজত সম্পর্কৰ বাহকতা ৰক্ষা কৰি। ককা-আইতাৰ সাধুকথাৰ চোতালখন আকৌ সৃষ্টি হওক, য’ত নতুন প্রজন্মক দিয়া হওক মানৱতাৰ শিক্ষা।

লেখিকা: ডা: মৌচুমী বৰকটকী, সাদিন।

 

3.13636363636
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top