মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / পঞ্চায়তী ৰাজ আইন আৰু অসমৰ প্ৰাথমিক শিক্ষাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পঞ্চায়তী ৰাজ আইন আৰু অসমৰ প্ৰাথমিক শিক্ষাঃ

প্ৰাথমিক শিক্ষা পৰিচালনাৰ দায়িত্ব কোনে গ্ৰহণ কৰা উচিত এই প্ৰশ্ন ভাৰতত ইংৰাজৰ শাসন কালৰে পৰা উত্থাপিত হৈ আহিছে।

প্ৰাথমিক শিক্ষা পৰিচালনাৰ দায়িত্ব কোনে গ্ৰহণ কৰা উচিত এই প্ৰশ্ন ভাৰতত ইংৰাজৰ শাসন কালৰে পৰা উত্থাপিত হৈ আহিছে। স্থানীয় স্বায়ত্ব শাসন নীতিৰ সমৰ্থনকাৰী লৰ্ড ৰিপনৰ দিনত গঠিত হোৱা হাণ্টাৰ আয়োগেই প্ৰথমবাৰৰ বাবে পৰামৰ্শ দিছিল যে স্থানীয় কৰ্তৃপক্ষ স্বৰূপে মিউনিচিপেলিটি আৰু ল’কেল ব’ৰ্ডসমূহে প্ৰাথমিক শিক্ষা পৰিচালনাৰ দায়িত্ব ল’ব লাগে। চৰকাৰে এনে দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে। স্থানীয় লোকৰ শিক্ষাৰ প্ৰয়োজন আৰু এই সম্বন্ধীয় সমস্যাসমূহ স্থানীয় কৰ্তৃপক্ষবোৰেহে ভালদৰে জানি উঠিব পাৰে আৰু সেই অনুক্ৰমে তাৰ সমাধান কৰিব পাৰে। স্থানীয় লোকসকলো ইয়াৰ দ্বাৰা শিক্ষাত জড়িত হৈ পৰিব পাৰে। ইয়াৰ উপৰি প্ৰাথমিক শিক্ষা হৈছে সৰ্বসাধাৰণ লোকৰ শিক্ষা। সেইবাবে চৰাকৰৰ শাসন-যন্ত্ৰতকৈ স্থানীয় কৰ্তৃপক্ষ জড়িত কৰণৰ নীতিহে সাধাৰণভাৱে গ্ৰহণ কৰা হয়।

প্ৰাথমিক শিক্ষা সম্বন্ধে সৰ্বভাৰতীয় এই নীতি অনুসৰি অসমতো তাৰ ব্যৱস্থা কৰা হয়। ১৯২৬ চনত প্ৰস্তুত কৰা প্ৰাথমিক শিক্ষা আইনে এই শিক্ষা বাধ্যতামূলক কৰি তুলিবৰ বাবে স্থানীয় কৰ্তৃপক্ষবোৰক কৰ্তৃত্ব দিয়ে। অৱশ্যে নানা কাৰণত এই কৰ্তৃপক্ষবোৰে অসমৰ কোনো ঠাইতে নিজ কৰ্তৃত্ব প্ৰয়োগ কৰি শিক্ষা বাধ্যতামূলক কৰি তুলিব নোৱাৰিলে।

সেই হেতু ১৯৪৭ চনত গঠিত হোৱা প্ৰাথমিক শিক্ষা আইনে এই শিক্ষাৰ প্ৰশাসনীয় দায়িত্ব নতুনকৈ গঠিত হোৱা ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ হাতত দিয়ে। শিক্ষা পৰিদৰ্শকসকলৰ নিজ নিজ ঠাইত আঞ্চলিক পৰিষদ গঠন কৰা হয়।

১৯৫৪ চনৰ বুনিয়াদী শিক্ষা আইনে নতুন নাম দি ৰাজ্যিক বুনিয়াদী শিক্ষা পৰিষদ গঠন কৰে আৰু প্ৰাথমিক শিক্ষা পৰিচালনাৰ দায়িত্ব প্ৰদান কৰে। শিক্ষামন্ত্ৰী আৰু শিক্ষাধিকাৰ (ডি পি আই) ক্ৰমে ইয়াৰ সভাপতি আৰু সম্পাদক হয়। জিলাৰ বিভিন্ন অঞ্চলত উপ-পৰিদৰ্শকৰ অধীনত আঞ্চলিক বুনিয়াদী শিক্ষা পৰিষদ গঠন কৰে।

১৯৫৯ চনত অসম পঞ্চায়ত আইন গৃহীত হয়। এই আইন মতে স্থানীয় কৰ্তৃপক্ষবোৰক তিনি তৰপীয়া কৰা হয়। ইয়াৰ নিম্নতম পৰ্যায়ত গাঁও পঞ্চায়ত, মধ্যম পৰ্যায়ত আঞ্চলিক পৰ্যায়ত আৰু সৰ্ব্বোচ্চ পৰ্যায়ত মহকুমা পৰিষদ গঠন কৰা হয়। ইয়াৰ ফলত পূৰ্বৰ স্থানীয় কৰ্তৃপক্ষ স্বৰূপে মিউনিচিপেলিটি আৰু আঞ্চলিক পঞ্চায়তবোৰে শিক্ষাৰ দায়িত্ব আৰু কৰ্তৃত্ব পালন কৰে।

১৯৬২ চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰস্তুত কৰা হয়। এই আইনে ১৯৫৯ চনৰ পঞ্চায়ত আইন অনুসৰি শিক্ষাৰ দায়িত্ব গাওঁ অঞ্চলত গাওঁ পঞ্চায়ত আৰু নগৰ অঞ্চলত নগৰ সমিতি সমূহৰ হাতত অৰ্পণ কৰে। ৰাজ্যিক শিক্ষা মন্ত্ৰীক অধ্যক্ষ স্বৰূপে লৈ এখন প্ৰাথমিক শিক্ষাৰ ৰাজ্যিক পৰিষদ গঠন কৰা হয়। এই পৰিষদে শিক্ষা পৰিচালনা আৰু নিয়ন্ত্ৰণ আদি সম্বন্ধে ৰাজ্যিক চৰকাৰক পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি গাওঁ পঞ্চায়তবোৰৰ লগত ৰাজ্যিক শিক্ষা পৰিষদৰ যোগাযোগ আৰু সমন্বয় ৰক্ষা কৰি চলিবৰ বাবে খণ্ড উন্নয়ন বিষয়াসকলক দায়িত্ব দিয়া হয়। ইয়াৰ ফলত প্ৰাথমিক শিক্ষাৰ প্ৰশাসনীয় দিশৰ বিভিন্ন পৰ্যায়ৰ মাজত সহযোগিতা স্থাপনৰ ব্যৱস্থা কৰা হয়।

১৯৭২ চনৰ অসম পঞ্চায়তী ৰাজ আইনঃ

অসমত দ্বিতীয়খন পঞ্চায়তী ৰাজ আইন ১৯৭২ চনত গৃহীত হয়। এই আইন স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে অসমৰ চাহ বাগানসমূহকে ধৰি সমগ্ৰ অঞ্চলৰ বাবে বলবত্ কৰা হয়। এই আইনৰ প্ৰধান বিশেষত্ব এয়ে যে পূৰ্বৰ তিনি তৰপীয়া কৰ্তৃপক্ষৰ সলনি ইয়াত দুই তৰপীয়া কৰ্তৃপক্ষ কৰা হয়। এই কেইটা হৈছে নিম্ন পৰ্যায়ত গাওঁ পঞ্চায়ত আৰু উচ্চ পৰ্যায়ত মহকুমা পৰিষদ। পূৰ্বৰ আইন মতে ইয়াৰ মধ্যৱৰ্তী পৰ্যায় স্বৰূপে থকা আঞ্চলিক পৰ্যায়ত বিলুপ্ত কৰা শিক্ষা আৰু সংস্কৃতিমূলক ক্ৰিয়াসমূহ তলত উল্লেখ কৰা হৈছে।

গাওঁ পঞ্চায়তৰ কৰ্তব্যঃ

১। গাঁৱলীয়া অঞ্চলৰ লোকসকলৰ উপকাৰৰ বাবে ৰেডিঅ’-চেট্ পৰিচালনা কৰা আৰু গ্ৰাম্য শ্ৰোতাসকলৰ সামাজিক কেন্দ্ৰ সুসংগঠিত কৰা।

২। পুথিভঁৰাল আৰু অন্যান্য শিক্ষা কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।

৩। কলা আৰু সংস্কৃতিৰ উত্কৰ্ষ সাধনৰ বাবে নাট্যশালা আৰু অৱসৰ বিনোদনৰ কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।

৪। খেলা-ধূলা আদি জনপ্ৰিয় কৰি তোলা আৰু তাৰ বাবে সংঘ বা কেন্দ্ৰ আদি স্থাপন কৰা।

৫। ৰাষ্ট্ৰীয় সপ্তাহ অথবা দিৱস আদি উদযাপন কৰা।

মহকুমা পৰিষদৰ কৰ্তব্যঃ

১। উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ পৰ্যায়লৈকে শিক্ষা বিস্তাৰ কৰা।

২। স্কুলঘৰ সজা আৰু পৰিচালনা কৰা আৰু স্কুলৰ সা-সঁজুলি আৰু খেলপথাৰ আদিৰ ব্যৱস্থা কৰা।

৩। কলা আৰু সংস্কৃতিৰ বিকাশ সাধনৰ বাবে নাট্যমঞ্চ অথবা কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা।

৪। স্কুলত মধ্যাহ্ন ভোজনৰ আয়োজন কৰা আৰু স্কুল প্ৰাংগণত ফল-মূলৰ বাগিছা আৰু শাক-পাচলিৰ বাগান স্থাপন কৰা।

৫। জাতীয় সপ্তাহ আৰু দিৱস আদি পালন কৰা।

৬। প্ৰদৰ্শনী, শিক্ষামূলক ভ্ৰমণ, আলোচনা চক্ৰ আদিকে ধৰি আন আন শিক্ষামূলক উদ্দেশ্য পূৰণ কৰা।

৭। পঞ্চায়তী ৰাজ সম্বন্ধে পুথি প্ৰকাশ কৰাকে ধৰি প্ৰচাৰ কাৰ্য চলোৱা।

১৯৮৬ চনৰ অসম পঞ্চায়তী ৰাজ আইনঃ

১৯৭২ চনৰ পঞ্চায়তী ৰাজ আইনখন আৱশ্যকীয় সংশোধন কৰিবৰ বাবে ১৯৮৬ চনত তৃতীয়খন পঞ্চায়তী ৰাজ আইন গৃহীত কৰা হয়। অসমৰ স্বায়ত্ব শাসিত জিলাকেইখনৰ বাহিৰে সমগ্ৰ অসমৰ গ্ৰাম্য অঞ্চলৰ বাবে এই আইন কাৰ্যকৰী কৰা হয়। এই আইনৰ উল্লেখযোগ্য সংশোধন হৈছে পূৰ্বৰ দুই তৰপীয়া স্থানীয় কৰ্তৃপক্ষৰ শাসন ব্যৱস্থা প্ৰচলন কৰা হয়। এই কেইটা হৈছে- গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ। এই তিনি তৰপীয়া স্থানীয় প্ৰশাসনৰ শিক্ষা আৰু সংস্কৃতিমূলক কাৰ্যকলাপো নিম্নলিখিতভাৱে নিৰ্ধাৰণ কৰা হয়।

গাওঁ পঞ্চায়তৰ দায়িত্বঃ

ক। পুথিভঁৰাল, পাঠাগাৰ, সংঘ অথবা অৱসৰ সময় বিনোদনৰ বাবে খেলা-ধূলাৰ স্থান নিৰ্ণয়, স্থাপন আৰু পৰিচালনা কৰা।

খ। গ্ৰাম্য ক্ৰীড়া জনপ্ৰিয় কৰি তোলা, জাতীয় আৰু জনসাধাৰণৰ উত্সৱ পৰ্ব আদি সংগঠন আৰু উদযাপন কৰা।

গ। মজলীয়া ইংৰাজী আৰু মজলীয়া দেশীয় ভাষাৰ স্কুল পৰ্যায়লৈকে শিক্ষা বিস্তাৰ কৰা।

ঘ। যুৱক সংঘ আৰু অন্যান্য অৱসৰ সময় বিনোদনৰ স্থানসমূহ স্থাপন আৰু তাৰ পৰিচালনা কৰা।

ঙ। কলা-সংস্কৃতি আদিৰ বিকাশ সাধনৰ বাবে নাট্যশালা স্থাপন আৰু তাৰ পৰিচালনা কৰা।

আঞ্চলিক পঞ্চায়তৰ দায়িত্বঃ

ক। মজলীয়া স্কুলৰ ওপৰ পৰ্যায়ৰ শিক্ষা বিকাশ কৰা।

খ। কলা-সংস্কৃতিৰ বিকাশ সাধনৰ বাবে নাট্যশালা স্থাপন আৰু পৰিচালনা কৰা।

মহকুমা পৰিষদৰ দায়িত্বঃ

ক। ৰাজ্যিক চৰকাৰৰ নিৰ্দেশনা ক্ৰমে আঞ্চলিক পঞ্চায়তৰ আয়-ব্যয়ৰ হিচাব পৰীক্ষা কৰা আৰু অনুমোদন কৰা।

খ। সময়ে সময়ে আঞ্চলিক পঞ্চায়তৰ কাম-কাজৰ পুনৰীক্ষণ কৰা।

গ। প্ৰয়োজন সাপেক্ষে আঞ্চলিক পঞ্চায়তক নিৰ্দেশনা দিয়া অথবা সহায় কৰা।

ঘ। আঞ্চলিক পঞ্চায়তবোৰৰ ক্ৰিয়াৰ সমন্বয় সাধন কৰা।

ঙ। ভিন ভিন আঞ্চলিক পঞ্চায়তবোৰক মূলধন আৰু অৰ্থ মঞ্জুৰি নিৰ্ধাৰণ আৰু বিতৰণ কৰাত চৰকাৰক পৰামৰ্শ দিয়া।

চ। জিলা গ্ৰাম্য বিকাশ নিধি বিতৰণৰ ক্ষেত্ৰত জিলাধিপতি অথবা মহকুমাধিপতি সকলক উপদেশ দিয়া।

ছ। ৰাজ্যিক চৰকাৰে উল্লেখ কৰা মতে আন আন বিষয়ৰ ক্ষেত্ৰত উপদেশ দিয়া।

আইন কেইখনৰ এটি সমীক্ষাঃ

অসমৰ পঞ্চায়তী ৰাজ আইন কেইখনে প্ৰাথমিক শিক্ষা সম্বন্ধে লোৱা ভূমিকাৰ সমীক্ষা স্বৰূপে নিম্নলিখিত কথা কেইটাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

(১) আইন কেইখনৰ প্ৰাথমিক শিক্ষা সম্বন্ধীয় পৰামৰ্শাৱলী অত্যন্ত সাধাৰণ বিধৰ, য’ত কোনো নতুনত্ব দেখা পোৱা নাযায়।

(২) আইন কেইখনৰ পৰামৰ্শাৱলীত অধিকভাৱে প্ৰশাসনীয় আৰু আৰ্থিক ব্যৱস্থাৰ ওপৰতেই গুৰুত্ব আৰোপ কৰা দেখা যায়।

(৩) ১৯৬৪-৬৬ চনৰ কোঠাৰি আয়োগে আগবঢ়োৱা পৰামৰ্শক্ৰমে গ্ৰাম্য প্ৰাথমিক শিক্ষা কেন্দ্ৰসমূহক সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ স্বৰূপে গঢ় দি তোলাৰ কোনো আঁচনি আৰু উদ্দেশ্য ইয়াত দেখা পোৱা নাযায়।

(৪) গ্ৰাম্য শিশুৰ প্ৰাথমিক শিক্ষাতকৈ প্ৰাপ্তবয়স্কসকলৰ শিক্ষা আৰু সাংস্কৃতিক বিকাশৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়।

(৫) পঞ্চায়তী ৰাজ আইন কেইখনে প্ৰশাসন কৰ্তৃপক্ষক কেতিয়াবা দুই তৰপীয়া আৰু কেতিয়াবা তিনি তৰপীয়া কৰি এক খেলিমেলিৰ সৃষ্টি কৰাহে দেখা যায়।

(৬) অৱশ্যে এই আইন কেইখনে বিভিন্ন পৰ্যায়ৰ শিক্ষা কৰ্তৃপক্ষৰ মাজত সমন্বয় সাধনৰ চেষ্টা কৰা দেখা যায়।

অসমত প্ৰাথমিক শিক্ষা বিকাশৰ সম্বন্ধে এটি সমীক্ষাঃ

অসমত প্ৰাথমিক শিক্ষা বিকাশৰ ইতিহাস অধ্যয়ন আৰু বিশ্লেষণ কৰিলে ক’ব পাৰি যে আমাৰ বাবে সমূলি ই উত্সাহজনক নহয়। ইংৰাজসকল অসমলৈ পলমকৈ অহা হেতুকে অসমৰ শিক্ষা ব্যৱস্থা ভাৰতৰ আন আন ঠাইৰ তুলনাত স্বাভাৱিকতেই পিছ পৰি থাকে। ইয়াৰ উপৰি ১৮২৬ চনত অসমৰ প্ৰশাসন ইংৰাজৰ হাতলৈ যায় যদিও শিক্ষাধিকাৰৰ কাৰ্যালয় আৰু এই সম্বন্ধীয় কাম-কাজ বংগদেশৰ পৰাই চলাই থকা হয়। ইয়াৰ ফলত অসমৰ প্ৰাথমিক শিক্ষা বিকাশ বাধাপ্ৰাপ্ত হয়। বিশেষকৈ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ প্ৰায় ৩৭ বছৰ কাল অসমৰ প্ৰাথমিক শিক্ষাৰ মাধ্যম বংগভাষা স্বৰূপে প্ৰচলন কৰা হয়। খৃষ্টান মিছনেৰীসকলে অসমৰ শিক্ষা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্যক সুপ্ৰতিষ্ঠিত কৰি তোলে। কিন্তু সৰ্বসাধাৰণ লোক ব্যাপক পৰিসৰত নিৰক্ষৰ আৰু ৰক্ষণশীল মনৰ হোৱা হেতুকে তেওঁলোকে আগবঢ়োৱা শিক্ষা, সা-সুবিধা অসমৰ লোকে গ্ৰহণ কৰিব নোৱাৰিলে। এই সুবিধা দক্ষিণৰ নগা, খাছি আৰু মিজোসকলে গ্ৰহণ কৰাটো মন কৰিবলগীয়া।

প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগে স্বায়ত্ব শাসনৰ নীতি গ্ৰহণ কৰে। এই মৰ্মে অসমত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আইন পলমকৈ হ’লেও গ্ৰহণ কৰি ১৮২৬ চনত স্থানীয় শিক্ষা কৰ্তৃপক্ষৰ হাতত শিক্ষা পৰিচালনাৰ দায়িত্ব দিয়া হয়। কিন্তু প্ৰয়োজনীয় শিক্ষা সচেতনতাৰ অভাৱত কোনো স্থানীয় কৰ্তৃপক্ষই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ দায়িত্ব গ্ৰহণ নকৰিলে। তেওঁলোকে এনে দায়িত্ব গ্ৰহণৰ উপযোগী নাছিল। ইয়াৰ বাবে দিয়া অৰ্থ মঞ্জুৰিও আছিল অতি সামান্য। ১৯৪৭ চনত সেইবাবে এই দায়িত্ব দিয়া হয় ৰাজ্যিক প্ৰাথমিক পৰিষদৰ হাতত। এই পৰিষদেও শিক্ষাৰ বিকাশ আৰু প্ৰশাসনীয় যন্ত্ৰ প্ৰয়োগৰ যোগে বাধ্যতামূলক নীতি কাৰ্যকৰী কৰি তুলিব নোৱাৰিলে।

ইতিপূৰ্বে সৰ্বভাৰতীয় ভিত্তিত বুনিয়াদী শিক্ষা জাতীয় শিক্ষা আঁচনি স্বৰূপে গ্ৰহণ কৰা হয়। ভাৰতৰ স্বাধীনতাৰ পিছতেই এইবিধ শিক্ষা পদ্ধতিৰ প্ৰতি দেশত স্বদেশী আন্দোলনৰ প্ৰেৰণাৰে অধিক তত্পৰতা দেখুওৱা হয়। অসমত এই শিক্ষাৰ প্ৰেৰণা আৰু ইয়াৰ প্ৰয়োজনীয়তা পলমকৈ অনুভৱ কৰা হয়। সেইবাবে ১৯৫৪ চনতহে এই সম্বন্ধে আইন প্ৰণয়ন কৰা হয়। আইনৰ যোগে পূৰ্বৰ প্ৰাথমিক স্কুলবোৰ বুনিয়াদী স্কুললৈ ৰূপান্তৰ কৰিবলৈ লোৱা হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে ইতিমধ্যে সৰ্বসাধাৰণ লোকে এই শিক্ষাৰ প্ৰতি বিৰূপ মনোভাৱ গ্ৰহণ কৰি উঠে। ফলত ৮ (আঠ) বছৰৰ ভিতৰতে বুনিয়াদী শিক্ষা ব্যৱস্থা পৰিহাৰ কৰিবলৈ পুনৰ ১৯৬২ চনত নতুন আইন গ্ৰহণ কৰা হয়। ইয়াৰ ফলত প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী শিক্ষাৰ এক দুমুখীয়া শিক্ষা ব্যৱস্থা গঢ় লৈ উঠি খেলি-মেলি অৱস্থাৰ সৃষ্টি হয়। প্ৰাথমিক স্কুলবোৰৰ বৈষয়িক অৱস্থাৰ দূৰৱস্থাৰ পৰিপ্ৰেক্ষিতত বুনিয়াদী শিক্ষাৰ দৰে ব্যয়বহুল শিক্ষাৰ প্ৰচলনে অৱস্থাৰ অধিক অৱনতিহে ঘটায়।

সেয়েহে ক’ব পাৰি যে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিৰ নীতিৰ অভাৱ, অদূৰদৰ্শিতা, প্ৰশাসনীয় বিষয়াসকলৰ প্ৰয়োজনীয় উত্সাহ-উদ্দীপনাৰ অভাৱ আদি অৱস্থাই ইয়াৰ বিকাশত অন্তৰায় স্বৰূপে দেখা দিয়ে। সৰ্বসাধাৰণ লোকৰ দৰিদ্ৰতা, নিৰক্ষৰতা আৰু শিক্ষিত শ্ৰেণী লোকৰ নিৰ্লিপ্ততা আৰু উদাসীনতাৰ অৱস্থায়ো ইয়াত বৰঙণি যোগায়। সেইবাবে চৰকাৰ আৰু জনসাধাৰণ এই দুই পক্ষই প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত পুৰণি মনোভাৱ আৰু দৃষ্টিভংগী সলনি কৰাৰ সময় আহিছে।

জাতীয় বিকাশৰ বাবে শিক্ষাঃ

এটা জাতি বা এখন দেশৰ উন্নতি আৰু প্ৰগতি শিক্ষাৰ ওপৰত একান্ত নিৰ্ভৰ কৰে। যি জাতি যিমান উন্নত তেওঁলোকৰ শিক্ষা ব্যৱস্থাও হয় সিমানে উন্নত। পৃথিৱীৰ উন্নত দেশবোৰৰ শিক্ষা ব্যৱস্থালৈ মন কৰিলেই এই কথাৰ সত্যতা উপলব্ধি কৰিব পাৰি। দেশৰ শিক্ষা ব্যৱস্থাত এনে কেতবোৰ লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শ থাকে যি সেই দেশৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ বাবে অতি প্ৰয়োজনীয়। এনেবোৰ প্ৰয়োজনৰ ভিত্তিত ৰচিত শিক্ষা-নীতি আৰু তাৰ কাৰ্যকৰীকৰণেহে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে আৰু জাতীয় বিকাশৰ পথ প্ৰশস্ত কৰি তুলিব পাৰে। সেই হেতুকে এখন দেশৰ শিক্ষা-নীতিত এই লক্ষ্য, আদৰ্শসমূহ ভালদৰে প্ৰতিফলিত কৰি তোলাটো আৰু তাক নিষ্ঠা আৰু আন্তৰিকতাৰে কাৰ্যকৰী ৰূপ দান কৰাটো সেই দেশৰ চৰকাৰ আৰু জনসাধাৰণৰ মুখ্য কৰ্তব্য।

এখন বিকাশশীল দেশ স্বৰূপে ভাৰতৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ লক্ষ্য আদৰ্শ কেনে হোৱা উচিত- এই প্ৰশ্ন স্বাভাৱিকতেই আমাৰ মনলৈ আহে। প্ৰত্যেক জাতি আৰু দেশৰেই কেতবোৰ নিজস্ব আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিশেষত্ব থাকে। তাৰ প্ৰতি লক্ষ্য ৰাখিহে জাতীয় শিক্ষাৰ লক্ষ্য-উদ্দেশ্য আৰু আঁচনি স্থিৰ কৰা হয়। ভাৰতবৰ্ষ এখন বিভিন্ন জাতি-উপজাতিৰ উপ-মহাদেশ স্বৰূপে এই দিশৰ ব্যাপকতা সহজেই অনুভৱ কৰিব পাৰি। স্বাধীনোত্তৰ কালত দেশৰ শিক্ষা আয়োগ তিনিখনে জাতীয় বিকাশৰ বাবে শিক্ষাৰ প্ৰয়োজনীয় কেতবোৰ গুৰুত্বপূৰ্ণ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰে। এই সমূহৰ সাৰাংশ স্বৰূপে তলত বৰ্ণনা কৰা শিক্ষাৰ দিশ সমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন।

(১) শিক্ষা বৃত্তিমুখীকৰণঃ শিক্ষা উত্পাদনমুখী কৰি তুলিব পাৰিলেহে জাতীয় বিকাশ সম্ভৱ হ’ব পাৰে। সেইবাবে বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষা বৃত্তিমুখী কৰি তুলিব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে দেশৰ উত্পাদনত নিজৰ বৰঙণি যোগাব পাৰে। শিক্ষাই এক উত্পাদনমুখী মনোভাৱ গঢ় দি তুলিবৰ বাবে ব্যৱসায়িক আৰু কাৰিকৰী শিক্ষাৰ ব্যৱস্থা শিক্ষাৰ সকলো স্তৰতে বৃদ্ধি কৰি তুলিব লাগে। দেশৰ মানৱ সম্পদক বৃত্তিমুখী শিক্ষাৰ যোগেদিয়ে পূৰ্ণ উপযোগ কৰিব পৰা যায়।

(২) সুনাগৰিকতাৰ শিক্ষাঃ গণতান্ত্ৰিক দেশ এখনত নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য অতি বেছি। ইয়াক ভালদৰে পালন কৰিবলৈ প্ৰতিজন লোকেই সুনাগৰিকতাৰ শিক্ষা পোৱা উচিত। এনে সুনাগৰিক হ’বৰ বাবে কেতবোৰ বিশেষ সামাজিক গুণৰ প্ৰয়োজন। আনৰ প্ৰতি সংবেদনশীলতা, সহিষ্ণুতা আৰু সহযোগিতাৰ মনোভাৱ ব্যক্তিৰ মনত শিক্ষাই জগাই তুলিব লাগে। সকলো কথা যুক্তিসংগতভাৱে বিচাৰ কৰি চাব পৰা, মুক্ত চিন্তা কৰিব পৰা আৰু নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰিব পৰাটো সুনাগৰিকতাৰ লক্ষণ। শিক্ষাই এনেবোৰ গুণৰ বিকাশ কৰিব পাৰিব লাগে।

(৩) নেতৃত্বৰ শিক্ষাঃ নতুন পুৰুষে সমাজৰ বিভিন্ন দিশত নিজৰ যোগ্যতা অনুসৰি নেতৃত্বৰ দায়িত্ব বহন কৰিব লাগে। ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজনীয় শিক্ষা-অভিজ্ঞতাৰে উপযুক্ত কৰি তোলাটো জাতীয় শিক্ষাৰ এক প্ৰধান লক্ষ্য হোৱা উচিত। আজিৰ ল’ৰা-ছোৱালীয়ে সময়ত দেশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, বিজ্ঞান আৰু কাৰিকৰী দিশৰ দায়িত্ব বহন কৰি নেতৃত্ব দিব লাগিব। এই নেতৃত্ব যাতে নিৰ্ভৰযোগ্য হয় আৰু দেশ তথা সমাজে যাতে বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰে তাৰ নিশ্চয়তা জাতীয় শিক্ষা ব্যৱস্থাই দিব পাৰিব লাগে।

(৪) দেশপ্ৰেমৰ মনোভাৱঃ স্বাধীন দেশ এখনৰ ছাত্ৰ-ছাত্ৰীৰ মনত নিজ দেশৰ প্ৰতি গভীৰ ভালপোৱা ভাব সৃষ্টি কৰাটো জাতীয় শিক্ষাৰ এক লক্ষ্য হোৱা উচিত। শিক্ষাই ব্যক্তিৰ মনত দেশপ্ৰেমৰ মনোভাৱ আৰু নিজ দেশৰ সুখ-দুখৰ লগত একাত্মবোধ ভাব গঢ়ি তুলিব পাৰে। এনে মনোভাৱেহে ছাত্ৰ-ছাত্ৰীক দেশৰ উন্নতি আৰু প্ৰগতিৰ বাবে আত্মনিয়োগ কৰিবলৈ আৱশ্যকীয় প্ৰেৰণা যোগাব পাৰে। দেশৰ অখণ্ডতা, উন্নতি আৰু প্ৰগতিও এনে মনোভাৱৰ ওপৰত বিশেষ নিৰ্ভৰশীল।

(৫) জাতীয় সংহতিঃ জাতীয় বিকাশৰ বাবে মানুহৰ মনত জাতীয় সংহতি তথা অনুভূতিক ঐক্য ভাবৰ অতি প্ৰয়োজন। কিন্তু বিভিন্ন জনগোষ্ঠী লোকৰ মাজত সময়ে সময়ে বিভেদ আৰু বিভাজনৰ সৃষ্টি হয়। কোনো কোনো সময়ত ই মানুহৰ মনত অধিক তিক্ততাৰ সৃষ্টি কৰি জাতীয় জীৱনৰ বাবে ভাবুকিৰ সৃষ্টি কৰে। সেইবাবে দেশৰ যুৱক-যুৱতীৰ মনত আৱেগিক ঐক্য, সংহতি আৰু বুজা-পৰা ভাবৰ গঢ় দিব পৰাকৈ প্ৰয়োজনীয় কাৰ্যসূচী জাতীয় শিক্ষাই গ্ৰহণ কৰা উচিত।

(৬) জাতীয় অনুশাসনঃ দেশৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰৰ সংবিধান আৰু প্ৰশাসনীয় বিধি-বিধান আদিৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব লাগে। সামাজিক প্ৰশাসন, শান্তি আৰু প্ৰগতিৰ বাবে ই অতি প্ৰয়োজনীয়। তেওঁলোকৰ মনত আৰু ক্ৰিয়া আচৰণত যাতে কোনো ধৰণৰ অনুশাসনহীন, ধ্বংসাত্মক আৰু অপৰাধমূলক প্ৰবৃত্তি জাগি উঠিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। ইয়াৰ যোগেদিহে সামাজিক অন্যায়, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি বন্ধ কৰিব পাৰি। জাতীয় অনুশাসনৰ মনোভাৱ গঢ় দি তুলিবৰ বাবে জাতীয় শিক্ষা ব্যৱস্থাত প্ৰয়োজনীয় কাৰ্য্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে। জাতীয় অনুশাসনৰ অভাৱ হ’লে জাতীয় বিকাশ সম্ভৱ হৈ উঠিব নোৱাৰে।

(৭) সামাজিক মুক্তিঃ সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস, ধৰ্ম-সংকীৰ্ণতা আদিৰ অশুভ প্ৰভাৱে সামাজিক বিকাশৰ গতি বাধাপ্ৰাপ্ত কৰে। সেইবাবে শিক্ষিত শ্ৰেণী লোকে সমাজৰ এনে অনিষ্টকাৰী প্ৰভাৱৰ পৰা নিজক মুক্ত কৰিব পাৰিব লাগে। নিজ দেশৰ সামাজিক পৰম্পৰা আৰু আদৰ্শৰ প্ৰতি তেওঁলোকৰ মনত শ্ৰদ্ধা, আস্থা আৰু নিষ্ঠা ভাবৰ প্ৰয়োজন। সেইদৰে ধৰ্ম, জাতি বা গোষ্ঠীৰ নামত সমাজৰ প্ৰগতি বাধাপ্ৰাপ্ত কৰিব পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে তেওঁলোকে ঠিয় দিব পাৰিব লাগে। জাতীয় বিকাশৰ বাবে গ্ৰহণ কৰা শিক্ষা আঁচনিত এই কথা বিবেচিত হ’ব লাগে।

(৮) শিক্ষাৰ দ্বাৰা আধুনিকীকৰণঃ শিক্ষাই আমাৰ সামাজিক জীৱন বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্ৰগতিৰ লগত খাপ খোৱা কৰি তুলিব লাগে। বিজ্ঞান আৰু কাৰিকৰী বিদ্যাৰ অভিজ্ঞতাসমূহ আমাৰ সামাজিক জীৱনত প্ৰয়োগ কৰি মানুহৰ দৃষ্টিভংগী, ভাৱধাৰা আৰু দৈনন্দিন জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰি। ইয়াকেই শিক্ষাৰ দ্বাৰা আধুনিকীকৰণ কৰা বুলি কোৱা হয়। বৰ্তমান আমাৰ দেশত টেলিভিছনৰ প্ৰয়োগ এই প্ৰসংগত উল্লেখযোগ্য। এখন দেশৰ জাতীয় বিকাশ শিক্ষাৰ যোগেদি কৰা এনে আধুনিকীকৰণৰ ওপৰত নিৰ্ভৰ কৰে।

(৯) চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশঃ দেশৰ সকলোবোৰ বিকাশৰ স্থায়িত্ব আৰু তাৰ গাম্ভীৰ্য্য নিৰ্ভৰ কৰে মানুহৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ সুস্থ বিকাশৰ ওপৰত। সেয়েহে শিক্ষাৰ দ্বাৰা জাতীয় বিকাশৰ কথা ভাবোতে এই কথাই প্ৰাধান্য লাভ কৰা উচিত। শিক্ষা আৰু সভ্যতাই মানুহক সজ চৰিত্ৰ গঠন আৰু ব্যক্তিত্বৰ গুণসমূহ পূৰ্ণৰূপত বিকশাই তুলিব লাগে। তেওঁলোকৰ নৈতিক আৰু আধ্যাত্মিক জীৱনৰ মানদণ্ডও উন্নত কৰি তুলিব পাৰিলেহে সমাজৰ স্থায়ী শান্তি আৰু প্ৰগতিৰ আশা কৰিব পাৰি।

(১০) বিশ্ব শান্তিঃ জাতীয় শিক্ষা ব্যৱস্থাই যুৱক-যুৱতীক কেৱল নিজ দেশৰ বাবেই নহয়, আন্তৰ্জাতিক ক্ষেত্ৰতো অৱদান যোগাব পৰা কৰি তুলিব লাগে। তেওঁলোকৰ অনুভৱ, অভিজ্ঞতা আৰু কৰ্মপ্ৰেৰণা আন্তৰ্জাতিক পৰ্যায়লৈকে সম্প্ৰসাৰিত কৰি তুলিব লাগে। শিক্ষাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বুজা-পৰা, সদ্ভাৱ, সহযোগিতা আদি স্থাপন কৰি বিশ্বশান্তি আৰু বিশ্ব-ভ্ৰাতৃত্বৰ ভাব জগাই তুলিব পাৰি। এনে লক্ষ্যইহে জাতীয় বিকাশৰ বাবে কৰা শিক্ষা আঁচনি সম্পূৰ্ণ কৰি তুলিব পাৰে।

উৎসঃ যতীন বৰুৱা,প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী|

2.89189189189
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top