অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাথমিক শিক্ষাৰ পৰামৰ্শ সম্বন্ধে হাণ্টাৰ আয়োগৰ সমীক্ষা

 

হাণ্টাৰ আয়োগৰ মুখ্য উদ্দেশ্য আছিল দেশৰ প্ৰাথমিক শিক্ষা জনপ্ৰিয় কৰি তোলা আৰু ইয়াৰ এক প্ৰশাসনিক গাঁথনি প্ৰস্তুত কৰা। এই ক্ষেত্ৰত আয়োগে যথেষ্ট সফলতা লাভ কৰিব পাৰে। উল্লেখযোগ্য যে ইংলেণ্ডৰ প্ৰাথমিক শিক্ষাৰ সাংগঠনিক পৰিৱৰ্তনে এই আয়োগক বিশষ প্ৰভাৱিত কৰে। সেইবাবে ভাৰতৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাক অধিক স্বায়ত্ব শাসনৰ ক্ষমতা দিয়া হয়। চৰকাৰৰ প্ৰত্যক্ষ প্ৰভাৱ আৰু প্ৰভুত্ব নীতিগতভাৱে অস্বীকাৰ কৰা হয়। আয়োগে অনুভৱ কৰিব পাৰিছিল যে প্ৰাথমিক শিক্ষা হৈছে জনসাধাৰণৰ শিক্ষা। এই কথালৈ লক্ষ্য ৰাখি আয়োগে স্থানীয় কৰ্তৃপক্ষবোৰলৈ শিক্ষা পৰিচালনাৰ ক্ষমতা প্ৰদান কৰে। প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি তুলিবৰ বাবে আয়োগে শিক্ষক প্ৰশিক্ষণ আৰু শিক্ষা-পৰিদৰ্শনৰ ওপৰতো গুৰুত্ব দিয়ে।

অৱশ্যে আয়োগৰ কেতবোৰ দুৰ্বলতাও এইখিনিতে উল্লেখ কৰিব পাৰি। মন কৰিবলগীয়া যে প্ৰাথমিক শিক্ষা পৰিচালনাৰ দায়িত্ব ল’কেল ব’ৰ্ড আৰু মিউনিচিপালিটিক দিয়া হয় যদিও এইবোৰ অনুষ্ঠানৰ শিক্ষা পৰিচালনাৰ দায়িত্ব পালনৰ অভিজ্ঞতা মুঠেই নাছিল। সেইবাবে প্ৰাথমিক শিক্ষাৰ প্ৰশাসনীয় ব্যৱস্থাৰ কোনো উন্নতি নহ’ল। ইয়াৰ উপৰি স্থানীয় কৰ্তৃপক্ষবোৰক শিক্ষাৰ বাবে ৰাজ্যিক চৰকাৰসমূহে দিব লগা আৰ্থিক সাহাৰ্য্যৰ পৰিমাণো আছিল অতি কম, অৰ্থাৎ মুঠ ব্যয়ৰ মাত্ৰ এক-তৃতীয়াংশ। সেইবাবে প্ৰাথমিক শিক্ষা পৰিচালনাৰ ক্ষেত্ৰত আৰ্থিক অভাৱে দেখা দিছিল। এনেবোৰ কাৰণতে হাণ্টাৰ আয়োগে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গা-এৰা দিয়া নীতি এটা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া বুলি সমালোচনা কৰা হয়।

লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষা-নীতি, ১৮৯৯-১৯০৫ :

 

১৮৯৯ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ পদ গ্ৰহণ কৰিয়ে লৰ্ড কাৰ্জনে শিক্ষা সংস্কাৰৰ কামত মনোযোগ দিয়ে। ১৯০১ চনত চিমলাত শিক্ষা সন্মিলন এখন আহ্বান কৰি তেওঁ দেশৰ শিক্ষা-নীতি প্ৰস্তুত কৰে। সেই অনুসৰি চৰকাৰে শিক্ষা বিষয় সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা আৰু শিক্ষাৰ বাবে অধিক ধন ব্যয় কৰা নীতি গ্ৰহণ কৰে। তেওঁ শিক্ষাৰ সকলো পৰ্যায়ৰে সংস্কাৰ সাধনত হাত দিছিল যদিও প্ৰাথমিক শিক্ষাৰ প্ৰসংগতহে আমাৰ আলোচনা সীমাবদ্ধ ৰখা হৈছে।

প্ৰাথমিক শিক্ষাৰ বিকাশ কৰাটো যে চৰকাৰৰ এটা প্ৰধান দায়িত্ব তাক কাৰ্জনে ভালদৰে অনুভৱ কৰিছিল। দেশৰ জনসাধাৰণ নিৰক্ষৰ হৈ থাকিলে চৰকাৰৰ শাসন সুকলমে পৰিচালনা কৰিব নোৱাৰি। ই চৰকাৰৰ স্থায়িত্বৰ প্ৰতিয়ে আশংকাৰ সৃষ্টি কৰে। দেশৰ বেপাৰ-বাণিজ্য, কৃষি আৰু অৰ্থনৈতিক দিশতো বাধাৰ সৃষ্টি কৰে। এনেবোৰ কথা তেওঁ অনুভৱ কৰি প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ইয়াৰ দ্ৰুত সম্প্ৰসাৰণ আৰু উন্নতিৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। এই ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা ভূমিকা সম্বন্ধে তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে।

  • সহায়ক অনুদান প্ৰদানঃ লৰ্ড কাৰ্জনে জানিব পাৰিছিল যে প্ৰাথমিক শিক্ষাৰ গতি মন্থৰ হোৱাৰ প্ৰধান কাৰণ হৈছে চৰকাৰে দিয়া আৰ্থিক সাহায্য যথেষ্ট নোহোৱাটো। সেইবাবে তেওঁ শিক্ষাৰ স্থানীয় কৰ্তৃপক্ষবোৰক অধিক পৰিমাণৰ পৌনঃপৌনিক মঞ্জুৰি দিবলৈ ৰাজ্যিক চৰকাৰবোৰক নিৰ্দেশ দিয়ে। এনে সাহায্য মুঠ খৰচৰ তিনিভাগৰ এভাগৰ পৰা দুভাগৰ এভাগলৈ বৃদ্ধি কৰে। ইয়াৰ উপৰি আকাল, মহামাৰীত পীড়িত লোকৰ শিক্ষা সাহায্য স্বৰূপেও এককালীনভাৱে অৰ্থ সাহায্য মঞ্জুৰ কৰে।
  • ফলাফল ভিত্তিত অনুদান প্ৰথা পৰিহাৰঃ হাণ্টাৰ আয়োগে প্ৰাথমিক শিক্ষাৰ বাবে ফলাফলৰ ওপৰত ভিত্তি কৰি অনুদানৰ পৰামৰ্শ দিছিল। ইয়াৰ ফলত ব্যক্তিগত প্ৰচেষ্টাত পৰিচালিত হোৱা প্ৰাথমিক স্কুলবোৰৰ অৱস্থা বেয়ালৈ গৈছিল। সেইবাবে লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষাৰ বাবে ফলাফলৰ ভিত্তিত অনুদান দিয়া ব্যৱস্থা উঠাই দি উন্নত ব্যৱস্থা প্ৰয়োগ কৰে।
  • শিক্ষক প্ৰশিক্ষণঃ প্ৰাথমিক শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি কৰি তুলিবৰ বাবে শিক্ষক প্ৰশিক্ষণৰ অধিক কেন্দ্ৰ স্থাপনৰ ওপৰত তেওঁ জোৰ দিয়ে। প্ৰশিক্ষণৰ কাল দুবছৰীয়া হোৱাটো বিচাৰে। গাঁৱলীয়া স্কুলৰ শিক্ষকসকলক প্ৰশিক্ষণকালত কৃষি বিষয়ৰ শিক্ষা দিয়াৰ প্ৰয়োজনীয়তাও কাৰ্জনে অনুভৱ কৰে। ভাৰতৰ দৰে কৃষিপ্ৰধান দেশ এখনত কৃষি শিক্ষাৰ প্ৰয়োজনীয়তা তেওঁৱেই প্ৰথমে অনুভৱ কৰে।
  • শিক্ষকৰ দৰমহাঃ প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰিবলৈ শিক্ষকৰ দৰমহা পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনো তেওঁ অনুভৱ কৰিছিল। তেওঁ দেখা পাইছিল যে বিভিন্ন ৰাজ্যত প্ৰাথমিক স্কুলৰ শিক্ষকৰ দৰমহাৰ যথেষ্ট পাৰ্থক্য আছিল। কম দৰমহাৰ বাবে উপযুক্ত ব্যক্তি শিক্ষকতা কৰিবলৈ অহা নাছিল। সেইবাবে তেওঁ এই ক্ষেত্ৰত আৱশ্যকীয় সংস্কাৰ সাধন কৰিবলৈ বিচাৰিছিল।
  • পাঠ্যক্ৰমৰ সংস্কাৰ সাধনঃ প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰম কেৱল লিখা-পঢ়া আৰু অংক কৰাতেই আৱদ্ধ নাৰাখি আন কেতবোৰ প্ৰয়োজনীয় বিষয় অন্তৰ্ভুক্ত কৰাৰ প্ৰতিও তেওঁ গুৰুত্ব দিছিল। গ্ৰাম্য-প্ৰাথমিক স্কুলৰ বাবে কৃষি বিষয় শিকোৱাৰ ব্যৱস্থা কৰিছিল। ল’ৰা-ছোৱালীৰ বাবে শৰীৰ চৰ্চা বিষয়ৰ প্ৰয়োজন অনুভৱ কৰিছিল। ইয়াৰ উপৰি নগৰ আৰু গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাটো তেওঁ বিচাৰিছিল।
  • উন্নত শিক্ষণ পদ্ধতিঃ দেশৰ প্ৰাথমিক শিক্ষাত মণ্টেচৰী পদ্ধতিৰ দৰে উন্নত শিক্ষা পদ্ধতি প্ৰয়োগ কৰাটো তেওঁ বিচাৰিছিল। উপযুক্ত শিক্ষক পোৱা ঠাইত এই পদ্ধতি প্ৰয়োগৰ পৰামৰ্শ দিছিল। তেওঁ লক্ষ্য কৰিছিল যে প্ৰাথমিক স্কুলৰ পুৰণি মনোভাৱৰ শিক্ষকসকলে মুখস্থ বিদ্যাৰ ওপৰত অযথা প্ৰাধান্য দিছিল। সেইবাবে মণ্টেচৰী পদ্ধতি প্ৰয়োগেৰে শিক্ষাদানৰ সংস্কাৰ সাধন কৰিবলৈ তেওঁ বিচাৰিছিল।

লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষানীতিয়ে দেশৰ প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণত বিশেষ সহায় কৰিছিল। স্কুল আৰু ছাত্ৰৰ সংখ্যা সুস্পষ্টভাৱে বৃদ্ধি পাইছিল। কেৱল সংখ্যাতেই নহয়, প্ৰাথমিক শিক্ষাৰ গুণগত অৱস্থাৰ উন্নতিও তেওঁ সাধন কৰিছিল। অৱশ্যে তেওঁ বেছিদিন গৱৰ্ণৰ জেনেৰেলৰ পদত থাকিবলৈ নাপায় আৰু তেওঁৰ পৰৱৰ্তীসকলে তেওঁৰ শিক্ষানীতি অনুসৰণ কৰা নাছিল।

গোখলেৰ অৱদান ১৯১০-১২ :

 

ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বুৰঞ্জীত গোপন কৃষ্ণ গোখলে এটি স্মৰণীয় নাম। তেওঁৰ দেশপ্ৰেম, সাহস আৰু দূৰদৰ্শিতাই ভাৰতত প্ৰাথমিক শিক্ষাৰ এক নতুন অধ্যায় ৰচনা কৰে। ভাৰতৰ জাতীয় কংগ্ৰেছৰ এজন নেতা স্বৰূপে তেওঁ নিৰ্বাচিত হয়। গোখলেই সেই সময়ত ভাৰতীয় সকলৰ প্ৰকৃত শৈক্ষিক আৰু সামাজিক প্ৰয়োজন অনুভৱ কৰি উঠিব পাৰিছিল। প্ৰাথমিক স্কুললৈ যোৱা ল’ৰা-ছোৱালীৰ শতকৰা হাৰ আছিল সেই সময়ত মাত্ৰ ২৪ জন। প্ৰাথমিক শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি ইংলেণ্ডত ১৮৭০ চনতে বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গ্ৰহণ কৰা হয়। ভাৰতৰ দেশীয় ৰাজ্য বৰোদাৰ মহাৰজা চায়াজী ৰাও গেকৱাদে ১৯০৬ চনতেই নিজ ৰাজ্যত বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰে।

এনেবোৰ কথাৰ প্ৰতি ইম্পিৰিয়েল লেজিচলেটিভ কাউঞ্চিলৰ এজন বেচৰকাৰী সদস্য স্বৰূপে গোখলেই ১৯১০ চনৰ ১৯ মাৰ্চত লেজিচলেটিভ কাউঞ্চিলত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱমতে সমগ্ৰ দেশতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিবৰ বাবে চৰকাৰে প্ৰাৰম্ভিক প্ৰস্তুতি চলাব লাগে। এই সম্বন্ধে নিৰ্দিষ্ট প্ৰস্তাৱ প্ৰস্তুত কৰি তুলিবলৈ চৰকাৰী আৰু বেচৰকাৰী সদস্যক লৈ সভাই এখন যুটীয়া আয়োগ গঠন কৰিব লাগে। এই প্ৰস্তাৱত আৰু কোৱা হয় যে বাধ্যতামূলক ব্যৱস্থা ৬-১০ বছৰ বয়সৰ বাবেহে হ’ব লাগে আৰু শতকৰা ৩৫ ভাগ ছাত্ৰই শিক্ষা গ্ৰহণ কৰা ঠাইতহে এই ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰবোৰে শিক্ষাৰ ব্যয় দুই-তৃতীয়াংশ বহন কৰিব লাগে। বাধ্যতামূলক আঁচনি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তলত এটা পৃথক শিক্ষা বিভাগো খুলিব লাগে আৰু এজন সচিব নিযুক্ত কৰিব লাগে।

এই প্ৰস্তাৱৰ ফলস্বৰূপে চৰকাৰে আশ্বাস দিয়ে যে প্ৰাথমিক শিক্ষাৰ গোটেই প্ৰশ্নটো অতি সাৱধানতাৰে বিচাৰ কৰা হয়। সেইবাবে তেওঁ নিজ প্ৰস্তাৱটো উঠাই লয়। চৰকাৰে প্ৰস্তাৱ অনুসৰি শিক্ষা বিভাগ খোলে আৰু শিক্ষা সচিব নিয়োগ কৰে। প্ৰাথমিক শিক্ষাৰ অগ্ৰগতিৰ সম্বন্ধে চৰকাৰী প্ৰতিবেদনো প্ৰকাশ কৰে। কিন্তু মূল বিষয়টো অৰ্থাৎ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ কোনো কাম হাতত লোৱা নহ’ল।

সেইবাবে তেওঁৰ দাবী অধিক শক্তিশালী কৰি পুনৰ উত্থাপন কৰিবলৈ ১৯১১ চনৰ ১৬ মাৰ্চত বেচৰকাৰী বিধেয়ক স্বৰূপে সভাত দাঙি ধৰে।

১৯১১ চনৰ গোখলেৰ বিধেয়কঃ

 

বিধেয়কত থকা কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আছিল এনেধৰণৰ-

  • গৱৰ্ণৰ জেনেৰেলে নিৰ্ধাৰণ কৰি দিয়া মতে এক নিৰ্দিষ্ট সংখ্যক ছাত্ৰ উপস্থিত থকা অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব লাগে।
  • বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত বয়সৰ সীমা ৬-১০ বছৰ ধৰা হ’ব আৰু অনুপস্থিত ছাত্ৰৰ অভিভাৱকক শাস্তি দিয়াৰ ব্যৱস্থা থাকিব।
  • স্থানীয় কৰ্তৃপক্ষই নিজ নিজ অঞ্চলত এই বাধ্যতামূলক নীতি বলবৎ কৰিব।
  • স্থানীয় কৰ্তৃপক্ষই শিক্ষামূলক কৰ ধাৰ্য্য কৰিব পাৰিব।
  • শিক্ষাৰ মুঠ ব্যয়ৰ দুই-তৃতীয়াংশ চৰকাৰে আৰু এক-তৃতীয়াংশ স্থানীয় কৰ্তৃপক্ষই বহন কৰিব।
  • বাধ্যতামূলক ব্যৱস্থা প্ৰথমে কেৱল ল’ৰাৰ বাবেহে কৰিব লাগে, কিন্তু পিছলৈ ই ছোৱালীৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব লাগে।

বিধেয়কখন ১৯১২ চনৰ ১৭ মাৰ্চত সদনত দুদিন ধৰি উত্তপ্ত আলোচনা হয়। গোখলেই এই ক্ষেত্ৰত তেওঁৰ সবল যুক্তি প্ৰদৰ্শন কৰে। কিন্তু চৰকাৰী পক্ষৰ সদস্যসকলে ইয়াক গ্ৰহণ কৰিবলৈ অমান্তি হয়। তেওঁলোকৰ মতে দেশবাসীয়ে বাধ্যতামূলক শিক্ষা গ্ৰহণৰ বাবে তেতিয়াও প্ৰস্তুত হৈ উঠা নাই। ৰাজ্য চৰকাৰবোৰেও বিধেয়কখনৰ প্ৰতি সমৰ্থন জনোৱা নাই। এক শ্ৰেণী ভাৰতীয় লোকেও ইয়াক ভাল পোৱা নাই। এনেবোৰ যুক্তি দেখুৱাই চৰকাৰ পক্ষই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাত অমান্তি হয়। অৱশেষত বিধেয়কখন ৩৮ টা ভোটৰ বিপৰীতে ১৩ টা ভোটত অগ্ৰাহ্য কৰা হয়।

গোখলেই নিজেও বিধেয়কখনৰ এনে এটা পৰিণতি হ’ব বুলি ভালদৰে জানিছিল। তেওঁ সদনত নিৰ্ভীকভাৱে কৈছিল- “দিনটো শেষ হোৱাৰ পূৰ্বেই মোৰ বিধেয়কখন দলিয়াই পেলোৱা হ’ব বুলি মই জানো। তাৰবাবে মই কোনো আপত্তি নকৰো। মই আনকি হতাশো অনুভৱ নকৰো। মই সদায় অনুভৱ কৰি আহিছো আৰু কৈ আহিছো যে আমি এই বৰ্তমান ভাৰতীয় বংশধৰসকলে কেৱল মাথোন আমাৰ অকৃতকাৰ্যতাৰ মাজেদিয়ে দেশক সেৱা কৰাৰ আশা কৰিব পাৰো। যিসকল পুৰুষ আৰু নাৰীয়ে দেশমাতৃক তেওঁলোকৰ কৃতকাৰ্যতাৰে সেৱা কৰাৰ সুযোগ পাব তেওঁলোক পিচতহে আহিব”।

১৯১৩ চনৰ ভাৰত চৰকাৰৰ প্ৰস্তাৱঃ

 

গোখলেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব খোজা বিধেয়কখন লেজিচলেটিভ কাউঞ্চিলত সমৰ্থন লাভ কৰিব নোৱাৰিলে। সেইবুলি তেওঁৰ প্ৰচেষ্টা সামগ্ৰিকভাৱে ব্যৰ্থ হোৱা বুলি ক’ব নোৱাৰি। তেওঁৰ এই সাহসিক প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। চৰকাৰেও এই বিষয়ে ক্ৰমে জনপ্ৰিয়তা লাভ কৰি উঠা দাবী ৰোধ কৰিব নোৱাৰিলে। পৰৱৰ্তীকালত নিজৰ চিন্তা আৰু দৃষ্টিভংগীৰহে সলনি কৰিব লগা হ’ল।

১৯১১-১২ চনত ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জে ভাৰত ভ্ৰমণ কৰিবলৈ আহে। তেওঁ দেশৰ শিক্ষা বিকাশৰ প্ৰতি আগ্ৰহ থকা আৰু উদাৰ নীতি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। ৰজাৰ ঘোষিত এই নীতিয়ে ভাৰতৰ বৃটিছ চৰকাৰক কিছু অসুবিধাত পেলায়। তথাপিও ইংলেণ্ডৰ ৰজাই বিচৰা মতে ভাৰত চৰকাৰে তেওঁলোকৰ শিক্ষানীতি পুনৰ বিৱেচনা কৰিবলৈ বাধ্য হয়। এই পুনৰ বিবেচিত নীতি ১৯১৩ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে চৰকাৰৰ হৈ শিক্ষা বিভাগে প্ৰস্তাৱ আকাৰে প্ৰকাশ কৰে। ইয়াত প্ৰাথমিক, মাধ্যমিক, উচ্চশিক্ষা, কৃষি শিক্ষা, পশু চিকিৎসা, বনজ শিক্ষা আদি শিক্ষাৰ সকলো দিশ অন্তৰ্ভুক্ত কৰা হয়। এই প্ৰসংগত প্ৰাথমিক শিক্ষা সম্বন্ধে প্ৰস্তাৱৰ মূল কথাকেইটা সংক্ষেপে তলত উল্লেখ কৰা হৈছে।

  • নিম্ন প্ৰাথমিক স্কুলৰ দ্ৰুত বিকাশ হ’ব লাগে। ইয়াত লিখা-পঢ়া, অংক কৰাৰ উপৰিও চিত্ৰাংকণ, মেপ অংকণ, প্ৰকৃতি পাঠ আৰু শৰীৰ চৰ্চা আদি বিষয় শিকিব লাগে।
  • শিক্ষাৰ সুবিধাজনক ঠাইত উচ্চ প্ৰাথমিক স্কুল স্থাপন কৰিব লাগে। নিম্ন প্ৰাথমিক স্কুলবোৰ প্ৰয়োজনমতে উচ্চ প্ৰাথমিক স্কুললৈ উন্নীত কৰিব লাগে।
  • স্থানীয় শিক্ষা কৰ্তৃপক্ষবোৰে অধিক স্কুল স্থাপন কৰিব লাগে। তেওঁলোকে স্থাপন কৰিব নোৱাৰা ঠাইত ব্যক্তিগত পক্ষক তাৰবাবে উৎসাহিত কৰিব লাগে।
  • পাঠশালা আৰু মখটাব আদি দেশীয় শিক্ষানুষ্ঠানবোৰক উদাৰ নীতিৰে অনুদান দিব লাগে।
  • গাঁও আৰু নগৰ অঞ্চলৰ স্কুলৰ পাঠ্যক্ৰম পৃথক হ’ব নালাগে।
  • প্ৰাথমিক স্কুলৰ শিক্ষকসকল মজলীয়া স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এবছৰ প্ৰশিক্ষণ লোৱা হ’ব লাগে।
  • প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ হ’লে বন্ধৰ সময়ত কম সময়ৰ বাবে তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।
  • প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ১২ টকাৰ কম দৰমহা পাব নালাগে আৰু পেনচন অথবা ভৱিষ্যৎ নিধিৰ সুবিধা পাব লাগে।
  • কোনো শিক্ষকেই ৫০তকৈ অধিক ছাত্ৰক শিক্ষা দিব নালাগে আৰু প্ৰত্যেক শ্ৰেণীৰ বাবেই পৃথক শিক্ষক থাকিব লাগে।
  • স্কুলঘৰবোৰ মিতব্যয়ীভাৱে সজা হ’ব লাগে, কিন্তু স্বাস্থ্যৰক্ষাৰ প্ৰতি চকু ৰাখিব লাগে।

১৯১৩ চনৰ চৰকাৰী প্ৰস্তাৱৰ যোগেদি শিক্ষাৰ প্ৰতি থকা সেই সময়ৰ শাসক গোষ্ঠীৰ নীতি আৰু মনোভাৱ প্ৰকাশ কৰা হয়। বিশেষকৈ প্ৰাথমিক শিক্ষাৰ প্ৰতি থকা চৰকাৰৰ পূৰ্বৰ নিৰ্লিপ্ততা আৰু উদাসীনতা ইয়াৰ দ্বাৰা ভংগ কৰা হয়। গোখলেৰ বিধেয়কখনৰ মূল উদ্দেশ্য অৰ্থাৎ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাটো এই প্ৰস্তাৱে পূৰণ কৰা নাই। কিন্তু শিক্ষা বাধ্যতামূলক কৰাৰ বাহিৰে এই পৰ্যায়ৰ শিক্ষাৰ প্ৰায়বোৰ আৱশ্যকীয় ব্যৱস্থাকেই চৰকাৰীভাৱে গ্ৰহণ কৰা হয়। প্ৰাথমিক শিক্ষা সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা নহয় যদিও দুখীয়া ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই দিয়া হয়। অধিক সংখ্যক স্কুল স্থাপন কৰা, অধিক চৰকাৰী অনুদানৰ ব্যৱস্থা কৰা নীতি গ্ৰহণ কৰা হয়। দেশীয় প্ৰাথমিক স্কুলবোৰৰ প্ৰতিও চৰকাৰ আগ্ৰহী হৈ উঠে। শিক্ষকৰ দৰমহা, প্ৰশিক্ষণ, ছাত্ৰ সংখ্যা আৰু স্কুলৰ বৈষয়িক অৱস্থাৰ প্ৰতি চৰকাৰ অধিক মনোযোগী হৈ উঠে। সেইবাবে ক’ব পাৰি যে গোখলেৰ উদ্দেশ্য ১৯১৩ চনৰ এই চৰকাৰী প্ৰস্তাৱ প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে পূৰণ কৰিবলৈ সক্ষম হয়।

ৰাজ্যিক বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন, ১৯১৮-৩০ :

 

ইতিমধ্যে বৃটিছ চৰকাৰৰ ভাৰত প্ৰশাসন নীতিৰো মৌলিক পৰিৱৰ্তন ঘটে। ১৯১৭ চনত ভাৰতক স্বায়ত্ব শাসনৰ অধিকাৰ প্ৰদানৰ কথা ঘোষণা কৰা হয়। বিশ্বজুৰি প্ৰথম মহাযুদ্ধ সেই সময়তেই আৰম্ভ হোৱা বাবে ইংৰাজসকল যুদ্ধত লিপ্ত হয়। ভাৰতীয়সকলক দিয়া অধিক স্বায়ত্ব শাসনৰ মনোভাৱ শিক্ষাক্ষেত্ৰত দৃষ্টিভংগীৰ লক্ষণীয় পৰিৱৰ্তন আনে। ইতিমধ্যে কেতবোৰ দেশীয় ৰাজ্যত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰি তোলা হয়।

এনে অৱস্থাতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অন্যতম নেতা বিঠলভাই পেটেলে বম্বে প্ৰদেশত ৰাজ্যিকভাৱে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা চলায়। ১৯১৮ চনত বম্বেৰ লেজিচলেটিভ কাউঞ্চিলত এই মৰ্মে এখন বিধেয়ক উত্থাপন কৰে আৰু ই গৃহীত হৈ আইনত পৰিণত হয়। গোখলেৰ ১৯১১ চনৰ বিধেয়কখনৰ আৰ্হিতেই ইয়াক প্ৰস্তুত কৰা হৈছিল। সৰ্বপ্ৰথমবাৰৰ বাবে বম্বে প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰা হোৱাৰ লগে লগে ভাৰতৰ আন আন ৰাজ্যতো এনে ধৰণৰ আইন প্ৰণয়নৰ ব্যৱস্থা কৰা হয়। ১৯১৯ চনত পঞ্জাৱ, উত্তৰ প্ৰদেশ, বংগ, বিহাৰ আৰু উৰিষ্যাত, ১৯২০ চনত মাদ্ৰাজ আৰু মধ্য প্ৰদেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ আইন প্ৰণয়ন কৰা হয়। অসমতো এনে ধৰণৰ বাধ্যতামূলক আইন ১৯২৬ চনত গ্ৰহণ কৰা হয়। এইদৰে ১৯১৯ চনৰ পৰা ১৯৩০ চনৰ ভিতৰত সকলো প্ৰদেশতে বাধ্যতামূলক আইন প্ৰস্তুত কৰি তোলা হয়।

সেয়েহে দেখা যায় যে গোখলেৰ প্ৰচেষ্টাই গোটেই দেশতে বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলনৰ প্ৰেৰণা জগাই তোলে। প্ৰাথমিক শিক্ষাৰ এই আন্দোলন আৰু ভাৰতৰ স্বাধীনতা আন্দোলন প্ৰায় সমসাময়িকভাৱে আৰু প্ৰায় সমান্তৰাল গতিৰে আগবাঢ়ে। এটাই আনটোত ভাৰতীয়সকলৰ মনত অনুপ্ৰেৰণা যোগায়। স্বাধীনতা আন্দোলনৰ নেতাসকলেই এই দুয়োটা আন্দোলনৰে নেতৃত্ব দিয়ে। ইয়াৰ পৰৱৰ্তীকালৰ আন্দোলনৰ গুৰি ধৰে মহাত্মা গান্ধীয়ে।

বুনিয়াদী শিক্ষা, ১৯৩৭ :

 

গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত থকা কালতেই নাটাল, ট্ৰান্সভাল আদি ঠাইত পৰীক্ষামূলকভাৱে প্ৰাথমিক শিক্ষাৰ এক নতুন ব্যৱস্থা কাৰ্যকৰী কৰে। তেওঁৰ দ্বাৰা পৰিচালিত টলষ্টয় ফাৰ্মত তেওঁ ইয়াৰ বিশেষ সফলতা লাভ কৰে। ভাৰতলৈ ঘূৰি আহি তেওঁ ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ চেষ্টা কৰে। সেই সময়ৰ হৰিজন নামৰ কাকতত তেওঁৰ শিক্ষা অভিজ্ঞতা আৰু দৃষ্টিভংগীৰ ধাৰাবাহিকভাৱে প্ৰচাৰ কাৰ্য চলায়।

এই হৰিজন কাকততেই শিক্ষাৰ প্ৰকৃত ব্যাখ্যা দি তেওঁ কয় যে আমাৰ দেহ, মন আৰু আত্মাৰ সৰ্বতোপ্ৰকাৰ আৰু সৰ্বোৎকৃষ্ট উৎকৰ্ষ সাধনেই হৈছে শিক্ষা। এই উৎকৰ্ষ সাধনৰ বাবে শিশুৰ শিক্ষা এক সহায়কাৰী হস্তশিল্পৰ দ্বাৰা আৰম্ভ কৰিব লাগে। এই হস্তশিল্পই শিশুৰ শিক্ষা আৰম্ভ কালৰে পৰা উৎপাদনত সহায় কৰে। শিশুৰ বৌদ্ধিক বিকাশৰ বাবেও যে ই এক অপৰিহাৰ্য্য অংশ আৰু উপায়স্বৰূপ তাক তেওঁ অনুভৱ কৰে। এনে শিক্ষা আহৰণত এক দেশপ্ৰেমৰ ভাবও নিহিত হৈ আছে। তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে হস্তশিল্প কেৱল উৎপাদনৰ বাবেই নহয়, ছাত্ৰৰ বুদ্ধি-বৃত্তিৰ বিকাশ সাধনৰ বাবেও ই সহায়কাৰী। বুনিয়াদী শিক্ষাৰ ধাৰণা সেয়েহে সামাজিক, অৰ্থনৈতিক আৰু মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বিশেষ সম্ভাৱনীয়তাপূৰ্ণ আৰু সময়োপযোগী আছিল।

ৱাৰ্ধা সন্মিলনঃ

 

সেই সময়ৰ স্বায়ত্ব শাসিত কংগ্ৰেছৰ প্ৰাদেশিক চৰকাৰবোৰক শিক্ষাৰ এক নিৰ্দিষ্ট পন্থা গ্ৰহণত সহায় কৰিবলৈ গান্ধীজী আগবাঢ়ি আহে। তেওঁৰ বুনিয়াদী শিক্ষাৰ ধাৰণা ইতিপূৰ্বে জনপ্ৰিয় হৈ উঠে। সেইবাবে ১৯৩৭ চনৰ ২২ আৰু ২৩ অক্টোবৰত ৱাৰ্ধাত দুদিনীয়াকৈ এখন সৰ্বভাৰতীয় শিক্ষা সন্মিলন আহ্বান কৰা হয়। গান্ধীজীয়েই এই সন্মিলনৰ অধ্যক্ষতা কৰে। ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষাবিদ, সমাজকৰ্মী আৰু কংগ্ৰেছৰ সাতখন প্ৰদেশৰ শিক্ষামন্ত্ৰী সকলো ইয়াত উপস্থিত থাকে। এই সভাত গান্ধীজীয়ে তেওঁৰ বুনিয়াদী শিক্ষা আঁচনি জাতিৰ উদ্দেশ্যে প্ৰদান কৰে। এই সন্মিলনত প্ৰাথমিক শিক্ষাৰ সম্বন্ধে চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এইকেইটা হৈছে-

  • সৰ্বভাৰতীয় ভিত্তিত বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা সাত বছৰৰ বাবে প্ৰদান কৰিব লাগে।
  • শিক্ষাদানৰ মাধ্যম মাতৃভাষা হ’ব লাগে।
  • এই সময়ছোৱাৰ শিক্ষা-ব্যৱস্থা উৎপাদনমুখী কৰিব লাগে আৰু ইয়াৰ বাবে এবিধ প্ৰয়োজনীয় হস্তশিল্পৰ শিক্ষা দিব লাগে।
  • বুনিয়াদী শিক্ষাই শিক্ষকসকলৰ পাৰিশ্ৰমিকৰো কিছু অংশ যোগান ধৰিব লাগে।

শিক্ষাত স্বাৱলম্বী আৰু অৰ্থনৈতিকভাৱে উৎপাদনমুখী হ’বলৈ বিচৰা এই শেষৰ প্ৰস্তাৱত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়। তথাপিও বুনিয়াদী শিক্ষা দেশৰ জাতীয় শিক্ষা স্বৰূপে গ্ৰহণ কৰা হয়। এই সভাতে ড জাকিৰ হুচেইনক সভাপতি স্বৰূপে লৈ এখন কমিটি গঠন কৰা হয়। এই কমিটিৰ উদ্দেশ্য আছিল বুনিয়াদী শিক্ষা আঁচনি কাৰ্যত পৰিণত কৰিবলৈ উপযুক্ত ব্যৱস্থাৰ নিৰ্দেশ দিয়া আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা। ১৯৩৭-৩৮ চনত দুটা পৃথক প্ৰতিবেদনৰ যোগেদি এই কমিটিয়ে অতি কম সময়ৰ ভিতৰতে আৱশ্যকীয় পৰামৰ্শ আগবঢ়ায়।

১৯৩৮ চনত হৰিপুৰা নামৰ ঠাইত ভাৰতৰ জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনতেই জাকিৰ হুচেইন কমিটিৰ প্ৰতিবেদন বিশদভাৱে আলোচনা কৰা হয় আৰু ইয়াক চৰকাৰৰ শিক্ষা আঁচনিৰূপে গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰিবলৈ সিদ্ধান্ত লোৱা হয়। ৱাৰ্ধা শিক্ষা সন্মিলনৰ প্ৰস্তাৱ, জাকিৰ হুচেইন কমিটিৰ পৰামৰ্শ আৰু হৰিপুৰা কংগ্ৰেছৰ সিদ্ধান্ত কাৰ্যত পৰিণত কৰিবৰ বাবে কংগ্ৰেছ শাসিত ৰাজ্যবোৰত বিশেষ তৎপৰ হৈ উঠে।

১৯৩৯ চনত হিন্দুস্তানী তালিমি সংঘ গঠন কৰা হয়। প্ৰথম দুবছৰ অতি সন্তোষজনকভাৱে দ্ৰুতগতিৰে শিক্ষা বিস্তাৰৰ কামত আগবাঢ়ে। কিন্তু ১৯৪০-৪৫ চনৰ ভিতৰত ইয়াৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। এই সময়তেই দ্বিতীয় মহাযুদ্ধৰ প্ৰভাৱ ভাৰতত পৰে। ইয়াৰ উপৰিও ১৯৪২ চনত দেশৰ মুক্তি আন্দোলন প্ৰৱল হৈ উঠে। প্ৰদেশ কংগ্ৰেছ মন্ত্ৰীসকলে পদত্যাগ কৰি অসহযোগ আন্দোলনত যোগ দিয়ে। তালিমি সংঘৰো প্ৰায়বোৰ সদস্যই কাৰাবৰণ কৰে। ফলত বহুতো শিক্ষানুষ্ঠান বন্ধ কৰি দিব লগা হয়। বুনিয়াদী শিক্ষাৰ বিস্তাৰ সেইবাবে প্ৰত্যক্ষভাৱে বাধাপ্ৰাপ্ত হয়।

১৯৪৬ চনত কংগ্ৰেছ চৰকাৰে পুনৰ শাসন ক্ষমতা লাভ কৰে। বুনিয়াদী শিক্ষা পুনৰ বিস্তাৰৰ বাবে ৰাজ্যিক চৰকাৰসমূহ সক্ৰিয় হৈ উঠে। যিবোৰ ৰাজ্যিক চৰকাৰে এই শিক্ষা ইতিমধ্যে প্ৰৱৰ্তন কৰা নাছিল তাতো ইয়াৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে ১৯৪৫ চনত ৱাৰ্ধাত আন এখন জাতীয় শিক্ষা সন্মিলন আহ্বান কৰা হয় আৰু বুনিয়াদী শিক্ষাৰ অগ্ৰগতি সম্বন্ধে বিচাৰ কৰি চোৱা হয়। এই সন্মিলনেও বুনিয়াদী শিক্ষা বিস্তাৰৰ বাবে অধিক স্কুল স্থাপনত জোৰ দিয়ে। ১৯৪৭ চনলৈকে এই সময়খিনিও সেয়েহে গান্ধীজীৰ এই শিক্ষা পদ্ধতিৰ এক পৰীক্ষামূলক পৰ্যায়ৰ অন্ত পৰে। এই পৰীক্ষাত বুনিয়াদী শিক্ষা উত্তীৰ্ণ হোৱা বুলিও ক’ব পাৰি।

১৯৪৭ চনত ভাৰতৰ স্বাধীন চৰকাৰে বুনিয়াদী শিক্ষা দেশৰ জাতীয় শিক্ষা পদ্ধতি স্বৰূপে গ্ৰহণ কৰে। সকলো প্ৰাথমিক স্কুল বুনিয়াদী স্কুললৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা চলে। অৱশ্যে এই সময়ত ইয়াৰ প্ৰয়োগ নীতি সম্বন্ধে বিভিন্ন ৰাজ্যত মত পাৰ্থক্যও দেখা দিয়ে। তথাপি বিহাৰ, বম্বে আৰু মাদ্ৰাজ প্ৰদেশত বুনিয়াদী শিক্ষাৰ অগ্ৰগতি বিশেষ সন্তোষজনক হৈ উঠে।

বুনিয়াদী শিক্ষাৰ নীতিসমূহঃ

 

বুনিয়াদী শিক্ষা হৈছে সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা। এই শিক্ষা দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰ ওপৰত প্ৰতিস্থিত। ইয়াৰ বুনিয়াদ ভাৰতীয় জন-জীৱনৰ ওপৰত ৰচিত হৈছে। জাকিৰ হুচেইন কমিটিৰ প্ৰতিবেদনত এই শিক্ষাৰ মূল নীতিসমূহৰ বৰ্ণনা কৰা হৈছে। তলত এই নীতিসমূহৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰা হৈছে।

  • মনোবৈজ্ঞানিক বিবেচনাঃ এই শিক্ষাই ছাত্ৰসকলক তত্ত্বপ্ৰধান শিক্ষা-ব্যৱস্থাৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰে। ছাত্ৰসকলৰ বৌদ্ধিক আৰু ব্যৱহাৰিক শিক্ষা অভিজ্ঞতাৰ মাজত ই সমতা স্থাপন কৰি দেহ-মনৰ সংযোগ সাধন কৰিব পাৰে।
  • সামাজিক বিৱেচনাঃ এই শিক্ষাত সমাজৰ সকলো শিশুৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। সেইবাবে আমাৰ সমাজত থকা ভেদভাৱ বা বৈষম্যভাৱ ই গুচাব পাৰে। সমাজৰ সকলো শ্ৰেণী লোকৰ মনত শ্ৰমৰ মৰ্যাদাভাৱ জগাই তুলিব পাৰে।
  • অৰ্থনৈতিক বিৱেচনাঃ এই শিক্ষা আঁচনিয়ে আমাৰ দেশৰ শ্ৰমিকসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি তুলিব পাৰে। ইয়াৰ যোগেদি তেওঁলোকে অৱসৰ সময়খিনি সাৰ্থকভাৱে কটাব পাৰে।
  • শৈক্ষিক বিৱেচনাঃ হস্তশিল্পৰ যোগেদি দিয়া শিক্ষাৰ এক শৈক্ষিক তাৎপৰ্য্য নিহিত আছে। কাৰণ ইয়াৰ যোগেদি পোৱা অভিজ্ঞতা আমাৰ জীৱনৰ লগত ওচৰ সম্বন্ধ এছে। এই শিক্ষা জীৱনৰ অভিজ্ঞতাৰ অংশবিশেষ।

এই শিক্ষাৰ সফলতা আৰু বিফলতাঃ

বৰ্তমান সময়ত বুনিয়াদী শিক্ষা ব্যৱস্থাৰ সম্বন্ধে বিস্তৃত চিন্তা-চৰ্চা, অধ্যয়ন আৰু গৱেষণা কাৰ্য্য কৰা হৈছে। ইয়াৰ ফলস্বৰূপে শিক্ষাবিদসকলে আধুনিক যুগৰ এক বিজ্ঞানসন্মত শিক্ষা-পদ্ধতিস্বৰূপে বুনিয়াদী শিক্ষাক স্বীকৃতি দান কৰিছে। বৰ্তমান দেশৰ শিক্ষা সমস্যা সমাধানৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাৰ প্ৰয়োজনীয়তা গভীৰভাৱে অনুভৱ কৰি উঠিছে। এই প্ৰসংগত ইয়াৰ কেতবোৰ বিশেষ গুণ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

  • বুনিয়াদী শিক্ষাই গতানুগতিক শিক্ষা পদ্ধতিৰ জড়তা আৰু নিষ্ক্ৰিয়তা গুচাব পাৰে।
  • হস্তশিল্পৰ যোগেদি শিশুৰ গঠনাত্মক প্ৰবৃত্তি সুপথে পৰিচালিত কৰিব পাৰে।
  • এই শিক্ষা আধুনিক যুগৰ প্ৰয়োগবাদ শিক্ষা দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।
  • হস্তশিল্পৰ শিক্ষাই বৰ্তমান দেশৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰে।
  • এই পদ্ধতিয়ে বৰ্তমান শিক্ষাৰ অকৃতকাৰ্য্যতাৰ হাৰ নিশ্চিতভাৱে হ্ৰাস কৰিব পাৰে।
  • আমাৰ প্ৰাথমিক শিক্ষাত হোৱা অপচয়ৰ মাত্ৰা ই কমাব পাৰে।
  • ভাৰতৰ অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰস্তুত কৰা হৈছে।
  • শিশুৰ নিজ হাত দুখনৰ প্ৰয়োগে স্বতঃস্ফূৰ্তভাৱে সৃষ্টিৰ আনন্দ দিব পাৰে।
  • গান্ধীজীৰ অহিংসা নীতি আৰু দৰ্শনৰ ওপৰত বুনিয়াদী শিক্ষা প্ৰতিষ্ঠিত।
  • এই শিক্ষাই ব্যক্তিৰ দেহ, মন আৰু আত্মাৰ সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে।

এনেবোৰ গুণ আৰু শিক্ষা সম্ভাৱনীয়তা থকা স্বত্ত্বেও বুনিয়াদী শিক্ষাই আমাৰ দেশত আশানুৰূপ সফলতা লাভ কৰিব নোৱাৰিলে। ভূতপূৰ্ব ৰাষ্ট্ৰপতি স্বৰূপে ড জাকিৰ হুচেইনেও এই কথা স্বীকাৰ কৰি গৈছে। গান্ধীজীৰ শিক্ষা দৰ্শন দেশবাসীৰ বাবে ইয়াৰ প্ৰকৃত ৰূপত অনুভৱ হৈ নুঠা বাবেই হয়তো সি সম্ভৱ হৈ নুঠিল। অৱশ্যে ইয়াৰ কেতবোৰ দুৰ্বলতা থকাৰ কথাও সমূলি নুই কৰিব নোৱাৰি। শিক্ষা-সমালোচনাৰ দৃষ্টিকোণৰ পৰা ইয়াৰ কেতবোৰ বিশেষ দুৰ্বলতা নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

  • এক নিৰ্দিষ্ট হস্তশিল্পৰ যোগেদি সকলো বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা স্বাভাৱিক হ’ব নোৱাৰে।
  • হস্তশিল্পৰ মাধ্যমেৰে উচ্চশিক্ষা প্ৰদান কৰাটো সম্ভৱপৰ নহয়।
  • চালুকীয়া শিশুক হস্তশিল্পৰ শিক্ষা দিয়া কাৰ্য্য অতি কষ্টসাধ্য আৰু ব্যয়বহুল।
  • হস্তশিল্পৰ দ্বাৰা উপাৰ্জন হোৱা ধনেৰেই এখন স্কুল স্বাৱলম্বী হৈ চলিব নোৱাৰে।
  • শিশুক দিনে তিনি ঘণ্টা সময় হস্তশিল্পৰ শিক্ষা দিয়া ব্যৱস্থা বিজ্ঞানসন্মত নহয়।
  • শিশু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি মুক্ত পৰিৱেশত খেলা-ধূলাৰ ব্যৱস্থা ইয়াত নাই।
  • এই শিল্পকেন্দ্ৰিক শিক্ষাই স্কুলক এক কাৰখানালৈ আৰু শিশুক এক অৰ্থ উপাৰ্জনকাৰী যন্ত্ৰলৈ পৰিণত কৰিব পাৰে।
  • বৰ্তমান ইংৰাজী ভাষা জনপ্ৰিয় হোৱালৈ চাই ইয়াৰ বহিষ্কাৰকৰণ কাৰ্য্য গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে।
  • আধুনিক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ যুগত হস্তশিল্পৰ শিক্ষাই দেশৰ প্ৰগতি পিচুৱাই নিব পাৰে।
  • বুনিয়াদী শিক্ষাই গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ মাজত বিভেদৰহে সৃষ্টি কৰে আৰু ইয়াৰ মাজত ব্যৱধান টানে।

প্ৰাথমিক শিক্ষা আৰু কোঠাৰি আয়োগঃ

ভাৰতৰ স্বাধীনোত্তৰ কালছোৱাত মাধ্যমিক শিক্ষা আৰু উচ্চশিক্ষা এই দুয়োটা পৰ্যায়ৰে শিক্ষাৰ অনুসন্ধান আৰু আৱশ্যকীয় পৰামৰ্শ দানৰ বাবে আয়োগ গঠন কৰা হয়। কিন্তু প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ বাবে বিশেষভাৱে আয়োগ গঠন কৰা হোৱা নাই। কোঠাৰি আয়োগে ১৯৬৬ চনত শেহতীয়াভাৱে শিক্ষাৰ কেয়োটা পৰ্যায় সামৰি লয় যদিও প্ৰাথমিক শিক্ষাৰ পৰামৰ্শ দানৰ ক্ষেত্ৰত কোনো বিশেষ অধ্যায় ৰচনা কৰা দেখা যায়। আয়োগে বিভিন্ন স্থানত প্ৰাথমিক শিক্ষাৰ সম্বন্ধে কেতবোৰ মূল্যৱান পৰামৰ্শ তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

  • দেশৰ জনসাধাৰণক উপযুক্ত আৰু দায়িত্বশীল নাগৰিক স্বৰূপে গঢ় দি তোলাটো প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য হোৱা উচিত।
  • ১৯৭৫-৭৬ চনৰ ভিতৰত সকলো ল’ৰা-ছোৱালীৰ বাবেই সম্ভৱ হোৱাকৈ প্ৰাথমিক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে।
  • ১৯৮৫-৮৬ চনৰ ভিতৰত এই শিক্ষা সাত বছৰীয়া (নিম্ন প্ৰাথমিক চাৰি বছৰীয়া আৰু উচ্চ প্ৰাথমিক তিনি বছৰীয়া) কৰি তুলিব লাগে।
  • প্ৰাথমিক শিক্ষাৰ অপচয় আৰু অনুন্নয়নৰ মাত্ৰা হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগে।
  • প্ৰত্যেক ৰাজ্যৰ জিলাসমূহে নিজ নিজ অঞ্চলত প্ৰাথমিক শিক্ষা বিকাশৰ বাবে আঁচনি প্ৰস্তুত কৰিব লাগে।
  • নিম্ন প্ৰাথমিক স্কুল ল’ৰা-ছোৱালীৰ ঘৰৰ পৰা এমাইল দূৰত্বৰ ভিতৰত আৰু উচ্চ প্ৰাথমিক স্কুল এমাইলৰ পৰা তিনি মাইল দূৰত্বৰ ভিতৰত স্থাপন কৰা হ’ব লাগে।
  • প্ৰাথমিক পৰ্যায়ত ল’ৰা-ছোৱালীৰ বাবে সহ-শিক্ষাৰ স্কুল স্থাপনৰ বাবে জনমত গঢ়ি তুলিব লাগে।
  • চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা শেষ হোৱাৰ পূৰ্বেই সকলো চৰকাৰী, স্থানীয় কৰ্তৃপক্ষ আৰু ব্যক্তিগত প্ৰচেষ্টাৰ প্ৰাথমিক স্কুলৰ শিক্ষা মাচুল তুলি দিব লাগে।
  • ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া পাঠ্যপুথি আৰু লিখন সঁজুলি আদিৰ যোগান ধৰিব লাগে।
  • চৰকাৰী বৃত্তীয় সাহায্যৰ প্ৰয়োজন হোৱা প্ৰতিজন ছাত্ৰক বৃত্তি দিব লাগে।
  • নিম্ন প্ৰাথমিক পৰ্যায়ত ছাত্ৰই মাতৃভাষা অথবা আঞ্চলিক ভাষা স্বৰূপে মাত্ৰ এটা ভাষা শিকিব লাগে। উচ্চ প্ৰাথমিক পৰ্যায়ত মাতৃভাষা বা আঞ্চলিক ভাষা আৰু চৰকাৰী ভাষাকে ধৰি দুটা ভাষা শিকিব লাগে।
  • প্ৰাথমিক পৰ্যায়ত বিজ্ঞান শিক্ষা শিশুৰ পৰিৱেশৰ লগত সম্বন্ধ থকা হ’ব লাগে। শিশুৰ জ্ঞান, চিন্তা, যুক্তি, বিচাৰ শক্তি আদি আহৰণৰ ওপৰত গুৰুত্ব দিব লাগে।
  • কৰ্ম অভিজ্ঞতা নিম্ন প্ৰাথমিক পৰ্যায়ত সাধাৰণ হাতৰ কাম স্বৰূপে আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত হস্তশিল্প স্বৰূপে প্ৰদান কৰিব লাগে।
  • শ্ৰেণীৰ ছাত্ৰ সংখ্যাও সীমিত হ’ব লাগে। নিম্ন প্ৰাথমিক শ্ৰেণীত সৰ্বাধিক ছাত্ৰসংখ্যা ৫০ আৰু উচ্চ প্ৰাথমিক শ্ৰেণীত ৪৫ জন হ’ব লাগে।
  • স্কুলঘৰ নিৰ্মাণৰ বাবে চৰকাৰে উদাৰভাৱে সহায়ক অনুদান দিব লাগে। গাঁৱলীয়া অঞ্চলত স্থানীয় লোকে দান-বৰঙণি আৰু দৈহিক শ্ৰম আদিৰে স্কুলঘৰ নিৰ্মাণ কৰিব লাগে।
  • শিক্ষকসকলক নিৰ্দেশনামূলক প্ৰশিক্ষণ দিব লাগে। তেওঁলোকক ছাত্ৰৰ ব্যক্তি পাৰ্থক্য সম্বন্ধীয় সমস্যা আৰু ৰোগ নিৰ্ণায়ক পৰীক্ষা প্ৰয়োগ আদি সম্বন্ধে পৰিচিত কৰিব লাগে।
  • প্ৰাথমিক স্কুলৰ পৰীক্ষা ব্যৱস্থাই ছাত্ৰৰ সজ অভ্যাস গঠন আৰু ক্ৰিয়াপটুটা লাভ কৰাত সহায় কৰিব লাগে।
  • প্ৰাথমিক শিক্ষাৰ অন্তত বহিঃ পৰীক্ষা গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ যোগেদি ছাত্ৰৰ যোগ্যতাৰ মানপত্ৰ প্ৰদান কৰিব লাগে।
  • জিলা স্কুল ব’ৰ্ডৰ বিষয়াই প্ৰতিখন স্কুল বছৰি পৰিদৰ্শন কৰিব লাগে। ইয়াৰ উপৰি জিলা শিক্ষা বিষয়াই ত্ৰৈবাৰ্ষিকভাৱে স্কুল পৰিদৰ্শন কৰিব লাগে।
  • সমাজৰ সকলো শ্ৰেণীৰ লোকেই শিক্ষাৰ সমান সুবিধা লাভ কৰিবৰ বাবে নিম্ন প্ৰাথমিক পৰ্যায়ত প্ৰতিবেশী স্কুলৰ আঁচনি গ্ৰহণ কৰিব লাগে।

পৰামৰ্শাৱলীৰ এটি সমীক্ষাঃ

 

কোঠাৰি আয়োগৰ পৰামৰ্শাৱলীত প্ৰাথমিক শিক্ষা সম্বন্ধে চিন্তাৰ কিছু নতুনত্ব দেখিবলৈ পোৱা যায়। প্ৰাথমিক শিক্ষা সাত বছৰীয়া কৰা, এই পৰ্যায়তো কৰ্ম-অভিজ্ঞতাৰ প্ৰয়োগ কৰা, শিক্ষা প্ৰশাসনক পৰিদৰ্শনৰ পৰা পৃথক কৰা, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমান শিক্ষা-সুবিধা লাভৰ বাবে প্ৰতিবেশী স্কুলৰ আঁচনি প্ৰয়োগ কৰা, প্ৰাথমিক স্কুলৰ শিক্ষকে ছাত্ৰক দিব লগা শিক্ষা নিৰ্দেশনাৰ প্ৰশিক্ষণ অভিজ্ঞতা লাভ কৰা, প্ৰাথমিক শিক্ষা বিজ্ঞানমুখী কৰি তোলা, চতুৰ্থ পৰিকল্পনাৰ ভিতৰতে সকলো প্ৰাথমিক স্কুলৰ শিক্ষা মাচুল তুলি দিয়া আদি পৰামৰ্শসমূহ আয়োগৰ নতুন চিন্তাৰ পৰিচায়ক। এই পৰামৰ্শসমূহৰ দ্বাৰা প্ৰাথমিক শিক্ষাৰ সাংগঠনিক, প্ৰশাসনিক আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিবলৈ বিচৰা হৈছে।

অৱশ্যে আয়োগৰ সমূহ পৰামৰ্শাৱলী সম্পূৰ্ণৰূপে সমালোচনামুক্ত বুলিব নোৱাৰি। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষাৰ কাল মুঠ সাত বছৰ কৰি ইয়াক অযথা দীঘলীয়া কৰা হৈছে। ইয়াৰ ফলত মাধ্যমিক শিক্ষাৰ অবধি ৫ বছৰলৈ হ্ৰাস কৰিব লগা হৈছে। গোটেই দেশতে শিক্ষাৰ এক স্পষ্ট সমৰূপতা স্থাপনতো আয়োগ ব্যৰ্থ হৈছে। কাৰণ বিভিন্ন শিক্ষা কৰ্তৃপক্ষসমূহক তেওঁলোকৰ ইচ্ছা অনুযায়ী শিক্ষাকাল নিৰ্ণয়ৰ বাবে অধিক স্বাধীনতা দিয়া হৈছে। শিক্ষা সংৰচনাৰ সমৰূপতা নাথাকিলে দেশত শিক্ষাৰ এক নিৰ্দিষ্ট মান ৰক্ষা কৰাটো কঠিন। সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াৰ ফলত শিক্ষাৰ সমান সুবিধা লাভ কৰাটোও আশা কৰিব নোৱাৰি। সেয়েহে ক’ব পাৰি যে আয়োগৰ পৰামৰ্শাৱলী দেশত এক গণতান্ত্ৰিক শিক্ষা-ব্যৱস্থা গঢ় দি তোলাৰ বাবে অনুকূল নহয়।

প্ৰাথমিক শিক্ষাৰ সাংবিধানিক ব্যৱস্থাঃ

 

বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনৰেই এক অংশবিশেষ বুলিব পাৰি। কাৰণ স্বদেশী আন্দোলনৰ নেতাসকলেই ইংৰাজৰ শাসনকালত দেশৰ জনসাধাৰণক শিক্ষিত কৰি তুলিবলৈ প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰাৰ দাবী তুলিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে জনসাধাৰণৰ শিক্ষাৰ অবিহনে ইংৰাজ শাসনৰ পৰা মুক্ত কৰি দেশক উন্নতিৰ পথত আগুৱাই নিব নোৱাৰি। ইয়াৰ বাবে চৰকাৰে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি আইন প্ৰণয়ন কৰা উচিত। গোখলেৰ প্ৰচেষ্টাৰ ফলস্বৰূপে বিভিন্ন ৰাজ্যত এই সম্বন্ধে চৰকাৰী আইনো প্ৰস্তুত কৰা হয়। কিন্তু তাক কাৰ্যকৰী কৰাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নহয়। আনহাতে দেশৰ জনসংখ্যা ক্ৰমে অধিক হাৰত বৃদ্ধি পাই উঠি নিৰক্ষৰতাৰ মাত্ৰা বৃদ্ধি কৰি তোলে। সৰ্বসাধাৰণ লোকৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনতো ইয়াৰ অনুৰূপ প্ৰভাৱ পৰে।

সেইবাবে স্বাধীনতা লাভৰ পিচতে দেশৰ সংবিধান ৰচনাকাৰীসকলে এই বিষয়ে বিশেষ মনোযোগ দিব লগা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনাৰ পৰা কাৰ্যকৰী হৈ উঠা ভাৰতীয় সংবিধানত ইয়াৰ স্পষ্ট নিৰ্দেশ পোৱা যায়। প্ৰাথমিক শিক্ষা সমগ্ৰ দেশতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাধ্যতামূলক কৰি তুলিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হয়। ইয়াৰ ৪৫ নং অনুচ্ছেদৰ মতে- “এই সংবিধান কাৰ্যকৰী কৰাৰ দহ বছৰ সময়ৰ ভিতৰত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা সকলোবোৰ ল’ৰা-ছোৱালীকে তেওঁলোকৰ ১৪ বছৰ সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্যই প্ৰদান কৰাৰ চেষ্টা কৰিব লাগে”। সংবিধানৰ এই অনুচ্ছেদৰ মূল কথাকেইটা সংক্ষেপে এনেধৰণৰ-

  • দহ বছৰ সময়সীমাৰ ভিতৰত,
  • বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা,
  • চৈধ্য বছৰ বয়সৰ ভিতৰত সকলো ল’ৰা-ছোৱালীকে,
  • ৰাজ্য চৰকাৰে প্ৰদান কৰিব লাগে।

সংবিধানৰ এই নিৰ্দেশ ৰাজ্য চৰকাৰবোৰে আখৰে আখৰে পালন নকৰিলে। সংবিধানৰ নিৰ্দেশ অনুযায়ী ১৯৬০ চনত সমগ্ৰ দেশতে বাধ্যতামূলক নীতি কাৰ্যকৰী হৈ উঠিব লাগিছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে সি হৈ নুঠিল। ৰাজ্যিক চৰকাৰবোৰে তেওঁলোকৰ ইতিমধ্যে প্ৰণয়ন কৰা প্ৰাথমিক শিক্ষা আইন পুনৰ সংশোধন কৰে। কিন্তু বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক কাৰণত এই আইন আৰু সংবিধানৰ নিৰ্দেশ বাস্তৱত ৰূপদান কৰিব পৰা নহ’ল।

প্ৰাথমিক শিক্ষা কিয় বাধ্যতামূলক কৰা উচিত ?

প্ৰাথমিক শিক্ষা বাধ্যতামূলক ব্যৱস্থাৰে সাৰ্বজনীন কৰি তোলাটো এখন দেশৰ সামূহিক বিকাশৰ এক প্ৰধান চৰ্ত বুলিব পাৰি। প্ৰাথমিক শিক্ষা হৈছে জনসাধাৰণৰ নিম্নতম প্ৰয়োজনীয় শিক্ষা। এই শিক্ষাৰ অভাৱ হ’লে আজিৰ যুগত মানুহে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰয়োজনীয় মানদণ্ড ৰক্ষা কৰি চলিব নোৱাৰে। ইয়াৰ অভাৱে দেশৰ উন্নতিৰ সকলো ক্ষেত্ৰতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। প্ৰাথমিক শিক্ষাৰ অভাৱ হোৱা লোকক নিৰক্ষৰ বুলি কোৱা হয়। এনে লোক দেশৰ বাবে এক বিশেষ সমস্যা স্বৰূপ। কাৰণ এওঁলোকৰ নিৰক্ষৰতা বা অজ্ঞতাৰ হেতুকে বিকাশৰ বিভিন্ন দিশত কেতবোৰ বিশেষ বিশেষ সমস্যাৰ সৃষ্টি হয়।

প্ৰথম উল্লেখযোগ্য যে দেশৰ শিক্ষিত শ্ৰেণী লোকে সময় আৰু সুযোগ পালেই এই অজ্ঞ আৰু নিৰক্ষৰ লোকসকলৰ ওপৰত শাসন, শোষণ, দমন আৰু পীড়ন আদি চলাব পাৰে। সমাজৰ এই দুৰ্বল শ্ৰেণী লোকৰ সামাজিক নিৰাপত্তা নাইকিয়া হৈ পৰি দেশত এক সামাজিক সমস্যা সৃষ্টি হয়।

দ্বিতীয়তে, নিৰক্ষৰ লোকসকলে তেওঁলোকৰ গণতান্ত্ৰিক তথা সাংবিধানিক অধিকাৰ আৰু ক্ষমতাসমূহ উপযোগ কৰিব নোৱাৰে। ফলত তেওঁলোকে স্বাৰ্থলোভী হৈ ৰাজনৈতিক দলৰ হাতৰ পুতলা হ’ব লগা হয় আৰু দেশৰ ৰাজনীতি ক্ৰমে দুৰ্নীতিত পৰিণত হয়।

তৃতীয়তে, নিৰক্ষৰতাৰ হেতুকে জনহিতকৰ চৰকাৰে লোৱা উন্নয়নমূলক আঁচনি আৰু পৰিকল্পনাসমূহৰ সজ উদ্দেশ্য জনসাধাৰণে বুজি উঠিব নোৱাৰে। তাৰ ফলত চৰকাৰৰ সজ প্ৰচেষ্টাত জনসাধাৰণৰ সহযোগিতা লাভ কৰিব নোৱাৰি ব্যৰ্থতাত পৰিণত হয়।

চতুৰ্থতে, দেশৰ জনসাধাৰণক শিক্ষাৰ যোগেদিহে নিজ নিজ যোগ্যতাৰ বিকাশ সাধন কৰি উৎপাদনক্ষম জনশক্তি ৰূপে গঢ় দি তুলিব পাৰি। কিন্তু শিক্ষাৰ অভাৱত দেশৰ এই জনশক্তি জনসংখ্যাৰ বোজাত পৰিণত হৈ পৰে। নিৰক্ষৰ লোকে দেশৰ অৰ্থনৈতিক জীৱনত কোনো বৰঙণি যোগাব নোৱাৰে।

পঞ্চমত, এই কথা ক’ব পাৰি যে নিৰক্ষৰ আৰু অজ্ঞ লোকসকলৰ মন সদায় অন্ধবিশ্বাস, ধৰ্ম-সংকীৰ্ণতা আদি সামাজিক কুসংস্কাৰবোৰে আগুৰি থাকে। এনে কুসংস্কাৰ আৰু সংকীৰ্ণতা ভাব থকালৈকে দেশৰ প্ৰগতি আশা কৰিব নোৱাৰি। শিক্ষাই হৈছে ইয়াক গুচোৱাৰ একমাত্ৰ উপায়।

ওপৰত উল্লেখ কৰা এই সকলোবোৰ সমস্যা অতি গুৰুতৰ বিধৰ আৰু ইয়াৰ প্ৰতিটো কথাই আমাৰ দেশৰ শিক্ষা প্ৰসংগত প্ৰযোজ্য। নিৰক্ষৰতা প্ৰকৃত অৰ্থত এক সামাজিক ব্যাধি।

 

(উৎসঃ প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী, যতীন বৰুৱা)।

3.10869565217
মাহবুবুল Mar 13, 2018 11:48 AM

বৰ ভাল লাগিছে ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top