ছাত্ৰ, শিক্ষক, স্কুল, পাঠ্যক্ৰম, অনুশাসন এইকেইটা হৈছে শিক্ষাৰ মূল বিবেচ্য বিষয়। পুৰণি কালৰ শিক্ষাত শিক্ষকেই আছিল সৰ্বময় কৰ্তা আৰু শিক্ষাক্ষেত্ৰত প্ৰধান বিবেচ্য বিষয়। শিক্ষকৰ কৰ্তৃত্ব আৰু ভূমিকাত ৰজায়ো হস্তক্ষেপ কৰা নাছিল। শিক্ষকেই শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম প্ৰস্তুতকৰণ, অনুশাসনৰ ব্যৱস্থা গ্ৰহণ, শৈক্ষিক মূল্যায়ন আদিৰ সকলো দায়িত্ব আৰু ভূমিকা গ্ৰহণ কৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা তেওঁ আস্থা, নিষ্ঠা আৰু ভক্তিভাৱ লাভ কৰিব পাৰিছিল। সেইবাবে তেওঁৰ শৈক্ষিক দায়িত্ব পালন আৰু ভূমিকা গ্ৰহণ বহুখিনি সহজ হৈ পৰিছিল।