বহল অৰ্থত কোৱা হয় যে আমাৰ সমগ্ৰ জীৱনৰ অভিজ্ঞতাই হৈছে শিক্ষা। এনে ব্যাপক অৰ্থই অৱশ্যে শিক্ষাৰ প্ৰকৃত ৰূপ আৰু তাৰ সুনিৰ্দিষ্ট কাৰ্য পৰিসৰ আমাৰ আগত স্পষ্ট কৰি তুলিব নোৱাৰে। শিক্ষাৰ কাৰ্যকৰী দিশৰ পৰা সেয়েহে ইয়াক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেয়া হৈছে- (ক) আনুষ্ঠানিক শিক্ষা বা গতানুগতিক শিক্ষা (খ) অগতানুগতিক শিক্ষা আৰু (গ) অনানুষ্ঠানিক শিক্ষা। এই তিনিওবিধ শিক্ষাৰে নিজস্ব বৈশিষ্ট্য মন কৰিবলগীয়া। ইয়াৰ প্ৰথম আৰু দ্বিতীয়বিধ শিক্ষাৰ বিভিন্ন দিশ ইতিপূৰ্বে আলোচনা কৰা হৈছে।
শিক্ষাৰ গাঠনি
শিক্ষাৰ বহল অৰ্থৰ বিবেচনাৰে ক’ব পাৰি যে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে পোৱা জীৱনৰ বহল আৰু ব্যাপক অভিজ্ঞতাই শিক্ষা। ব্যক্তিয়ে পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি পোৱা অভিজ্ঞতাই হৈছে এই অৰ্থত শিক্ষা। এই শিক্ষাৰ কোনা সীমা নাই আৰু ই কোনো দিনেই অন্ত নপৰে।
স্কুলৰ বিষয়ে আলোচনা প্ৰসংগত ইয়াৰ উৎপত্তি আৰু এই সম্বন্ধীয় ধাৰণাৰ ক্ৰমবিকাশৰ বিষয়ে জনাটো প্ৰয়োজন। পুৰণি গ্ৰীক ভাষাৰ ‘School’ শব্দৰ পৰাই বৰ্তমান প্ৰচলিত ইংৰাজী ভাষাৰ ‘school’ শব্দৰ উৎপত্তি হয় বুলি কোৱা হয়।