অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্কুল-প্ৰতিষ্ঠান আৰু ইয়াৰ সংগঠন কেনে হোৱা উচিত-

 

শিক্ষাদান কাৰ্য আৰু এই সম্বন্ধীয় কৃতকাৰ্যতা স্কুল-প্ৰতিষ্ঠানৰ ওপৰত একান্ত নিৰ্ভৰশীল। স্কুল প্ৰতিষ্ঠানত ছাত্ৰ আৰু শিক্ষকৰ কৰ্মপ্ৰেৰণা আৰু কৰ্মক্ষমতা তেওঁলোকক দিয়া বৈষয়িক সা-সুবিধা, ইয়াৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচী আৰু তাৰ সুপৰিচালনাৰ বাবে কৰ্তৃপক্ষই গ্ৰহণ কৰা অনুশাসন নীতি আৰু পদ্ধতি আদি প্ৰতিজন অভিভাৱক আৰু শিক্ষা-সচেতন লোকৰ বাবেই মন কৰিবলগীয়া কথা। ইয়াৰ সু-ব্যৱস্থা থকা স্কুল এখনকেই ভাল স্কুল বুলিব পাৰি। প্ৰতিজন অভিভাৱকেই ল’ৰা-ছোৱালীক স্কুলত নাম ভৰ্তি কৰাৰ আগেয়ে স্কুল-প্ৰতিষ্ঠানখনৰ এনেবোৰ বৈষয়িক আৰু সাংগঠনিক দিশৰ প্ৰতি সচেতন হ’ব লাগে। স্কুলৰ এনেবোৰ দিশৰ বিৱেচনা আৰু তাৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু বিশ্লেষণ শিক্ষা বিষয়ৰ অধ্যয়নৰ প্ৰসংগত অতি গুৰুত্বপূৰ্ণ। শিক্ষাত উন্নত দেশসমূহে স্কুল-প্ৰতিষ্ঠানৰ এনেবোৰ সাংগঠনিক দিশৰ প্ৰতি বিশেষ তৎপৰতা গ্ৰহণ কৰে। ইয়াতে ইয়াৰ প্ৰয়োজনীয় আলোচনা আৰু বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

স্কুলৰ বৈষয়িক সম্পদঃ

 

স্কুল এখনৰ কথা ভাবিলে প্ৰথমেই তাৰ বৈষয়িক অৱস্থাটোৰ কথাই আমাৰ মনলৈ আহে। স্কুলখন কেনে ঠাইত অৱস্থিত, তাৰ মাটিকালি কিমান, স্কুল ঘৰটোৰ অৱস্থা কেনে, শ্ৰেণীকক্ষ, পৰীক্ষাগাৰ, কৰ্মশালা, পুথিভঁৰাল, খেলপথাৰ আদিৰ প্ৰয়োজনীয় সা-সুবিধা আছে নে নাই এইবোৰ কথা প্ৰথমেই মন কৰিব লাগে। এখন স্কুল-প্ৰতিষ্ঠান নতুনকৈ গঢ়ি উঠিবলৈ হ’লে আৰু শিক্ষা-কৰ্তৃপক্ষৰ প্ৰয়োজনীয় স্বীকৃতি লাভ কৰিবলৈ হ’লে এই বৈষয়িক অৱস্থাটো উন্নত হ’ব লাগে। এই অৱস্থাটো এটা আদৰ্শ মানদণ্ডৰ হৈ নুঠিলে শিক্ষাৰ ন্যূনতম প্ৰয়োজনখিনি শিক্ষানুষ্ঠানে পূৰণ কৰিব নোৱাৰে। মন কৰিবলগীয়া যে এই বৈষয়িক অৱস্থাটো আৰ্থিক ক্ষমতাৰ লগত বিশেষভাৱে জড়িত। সেইবাবে ক’ব পাৰি যে শিক্ষানুষ্ঠানৰ উন্নত মানদণ্ড ৰক্ষা কৰাটো আৰ্থিক অৱস্থাৰ ওপৰতেই মূলতে নিৰ্ভৰ কৰে। আধুনিক শিক্ষা সেয়েহে ব্যয়বহুল আৰু আৰ্থিক দুৰৱস্থাৰ দেশবোৰৰ বাবে ই এক সমস্যা স্বৰূপ। সি যি কি নহওক, এখন আদৰ্শ স্কুল-প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজন হোৱা বৈষয়িক অৱস্থাৰ বিভিন্ন দিশ বিচাৰ কৰি চোৱাটো আমাৰ প্ৰয়োজন।

(১) অৱস্থান বা ভূমিখণ্ডঃ এখন স্কুল-প্ৰতিষ্ঠানৰ বাবে প্ৰথমেই চিন্তা কৰিবলগীয়া বিষয়টো হৈছে তাৰ অৱস্থান বা ভূমিখণ্ড। য’তে ত’তে বা যিকোনো ঠাইতে এখন স্কুল স্থাপন কৰিব নোৱাৰি। স্কুলঘৰ নিৰ্মাণ কৰিব খোজা ঠাইডোখৰে এইক্ষেত্ৰত কেতবোৰ আৱশ্যকীয় চৰ্ত পূৰণ কৰিব লাগে। শিক্ষাৰ ফালৰ পৰা তাৎপৰ্যপূৰ্ণ কেইটামান প্ৰয়োজনীয় দিশৰ প্ৰতি লক্ষ্য ৰাখিহে স্কুলৰ অৱস্থান নিৰ্ণয় কৰিব লাগে। এইসমূহ তলত উল্লেখ কৰা হৈছে।

  • ঘনবসতি আৰু জনপূৰ্ণ ঠাইৰপৰা নিলগত শান্তিপূৰ্ণ আৰু নিৰিবিলি অঞ্চলত স্কুল স্থাপন কৰিব লাগে।
  • যাতায়তৰ সুবিধা থকা ঠাই হ’ব লাগে যদিও ঘাই পথৰ নিচেই কাষত হ’ব নালাগে, যাতে ছাত্ৰ-ছাত্ৰী যান-বাহনৰ পৰা বিপদমুক্ত হ’ব পাৰে।
  • ঠাইডোখৰ কিছু ওখ, ফৰকাল আৰু ৰ’দ পৰা হ’ব লাগে। পানী বন্ধ হৈ থকা জেকা চেচুকীয়া দ ঠাই আৰু ওচৰত গেলা-পচা বস্তুৰ দম বন্ধা হ’ব নালাগে।
  • ওচৰত কোনো কল-কাৰখানা, চিনেমা হল, বজাৰ বা তেনে কোনো জন-কোলাহোলৰ পৰিৱেশ থাকিব নালাগে।
  • পাহাৰ, পথাৰ, পাৰ্ক আদিৰে মনোৰম প্ৰাকৃতিক দৃশ্যৰ পৰিৱেশ ৰচিত হ’ব লাগে যি ছাত্ৰৰ মনত সুস্থ প্ৰভাৱ পেলাব পাৰে।
  • স্কুলৰ অৱস্থান চিকিৎসালয় বা তেনে কোনো সামাজিক কল্যাণমূলক অনুষ্ঠানৰ পৰা নিলগত হ’ব নালাগে।
  • স্কুল ছাত্ৰ-ছাত্ৰীৰ বাসগৃহৰ সমীপৱৰ্তী হ’ব লাগে। প্ৰাথমিক স্কুলৰ ছাত্ৰৰ বাবে এক মাইলৰ কম আৰু মাধ্যমিক স্কুলৰ ছাত্ৰৰ বাবে দুই মাইলৰ কম দূৰত্ব হ’ব লাগে।
  • স্কুলৰ ভৱিষ্যৎ সম্প্ৰসাৰণৰ বাবে আৰু খেলপথাৰ আদি নিৰ্মাণৰ বাবে যথেষ্ট ঠাই সংৰক্ষিত কৰি ৰাখিব পৰা হ’ব লাগে।

(২) স্কুলগৃহঃ এখন স্কুলৰ বৈষয়িক অৱস্থা তাৰ শিক্ষা আৰু গাম্ভীৰ্য স্কুলগৃহ বা স্কুল বিল্ডিংটোৱেই প্ৰকাশ কৰিব পাৰে। সুস্থ শৰীৰতহে সুস্থ মন থাকিব পাৰে। সেইদৰে ভাল স্কুলঘৰ এটাইহে ভাল শিক্ষা দিব পাৰে। স্থাপত্য শিল্পৰ সুন্দৰতাৰে নিৰ্মিত আকৰ্ষণীয়, আহল-বহল আৰু কৰ্মক্ষম স্কুল বিল্ডিং এটাতহে সুস্থ-সবল মানসিক ক্ৰিয়-চৰ্চা আৰু শিক্ষা ভালদৰে কৰিব পৰা যায়। শিক্ষাৰ আধুনিক ধাৰণা আৰু ইয়াৰ ন ন কাৰ্যসূচীয়ে স্কুলঘৰ নিৰ্মাণৰ দায়িত্ব অধিক জটিলতৰ কৰি তুলিছে। পাঠ্যক্ৰমৰ সংশোধন আৰু সম্প্ৰসাৰণৰ সম্ভাৱনীয়তা, শিক্ষাদানৰ কলাসুলভ নীতিৰ উন্নতি সাধন, শিক্ষকৰ পদমৰ্যাদা, ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণৰ মানৱীয় কৌশল অৱলম্বন আৰু স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন সমূহৰ প্ৰতি লক্ষ্য ৰাখি স্কুলঘৰ নিৰ্মাণ কৰা কাৰ্য বাস্তৱিকতেই জটিল সমস্যাত পৰিণত হোৱা বুলি ক’ব পাৰি। এই কথাও মন কৰিবলগীয়া যে স্কুলঘৰখন বৰ্তমান কেৱল ছাত্ৰৰ লিখা-পঢ়া কৰা ঠাই হৈয়ে থকা নাই। ই স্থানীয় সমাজ আৰু সম্প্ৰদায়ৰ লোকৰ সামাজিক ক্ৰিয়া-কলাপৰো কেন্দ্ৰস্থল স্বৰূপে পৰিগণিত হৈছে। অনুন্নত আৰু পিচপৰা ভিতৰুৱা অঞ্চলবোৰত স্কুল ঘৰখনেই একমাত্ৰ সামাজিক অনুষ্ঠান স্বৰূপে কাম কৰি আহিছে। এনেবোৰ কথাৰ বিৱেচনাৰে সেয়েহে বৰ্তমান স্কুলঘৰ নিৰ্মাণৰ প্ৰশ্ন বিৱেচনা কৰিব লাগে। এই প্ৰসংগত অধিক আলোচনালৈ নগৈ এখন আদৰ্শ স্কুলঘৰৰ বাবে মন কৰিবলগীয়া নিম্নলিখিত কথাকেইটা সংক্ষেপে উল্লেখ কৰিব পাৰি।

  • স্কুলঘৰ নিৰ্মাণৰ পূৰ্বে সামূহিক প্ৰয়োজন ভালদৰে চিন্তা কৰি এখন নক্সা আঁচনি প্ৰস্তুত কৰিব লাগে। এইক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিক স্কুলৰ পৃথক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।
  • স্কুল ঘৰটোৱে ছাত্ৰৰ মনত সুন্দৰতা, পৱিত্ৰতা আৰু গৰ্ব অনুভৱ কৰিব পৰাকৈ ইয়াৰ বাহ্যিক দৃশ্য আকৰ্ষণীয় কৰি তুলিব লাগে। ই প্ৰকৃতাৰ্থত জ্ঞানৰ মন্দিৰ স্বৰূপ ভাব জগাই তুলিব পাৰিব লাগে।
  • ছাত্ৰ, শিক্ষক আৰু সংশ্লিষ্ট সকলো লোকেই তেওঁলোকৰ স্বাস্থ্য আৰু নিৰাপত্তা ৰক্ষা কৰিব পৰাকৈ স্কুলঘৰ নিৰ্মাণ কৰিব লাগে। তাপ, পোহৰ আৰু বায়ু চলাচল যাতে নিয়মীয়া হয় তাৰ প্ৰতি বিশেষ চকু ৰাখিব লাগে।
  • পাঠ্যক্ৰমৰ সকলোবোৰ বিষয়ৰ অধ্যয়ন, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী আৰু সামাজিক ক্ৰিয়া আঁচনি আদি পৰিচালনাৰ সুবিধা থকাকৈ স্কুলঘৰটো নিৰ্মাণ কৰিব লাগে।
  • প্ৰধান শিক্ষকে যাতে কেন্দ্ৰস্থ ব্যক্তি স্বৰূপে স্কুলৰ সকলো ক্ৰিয়াকলাপ পৰিদৰ্শন আৰু পৰিচালনা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ কাৰ্যালয়টো স্থাপন কৰিব লাগে।
  • স্কুলৰ কাৰ্যালয়, অধ্যক্ষৰ কাৰ্যালয়, শিক্ষকৰ কোঠা, শ্ৰেণীকক্ষ, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী পৰিচালনা কক্ষ, পুথিভঁৰাল, পৰীক্ষাগাৰ, কৰ্মশালা আদিৰ নিজ নিজ ক্ৰিয়া পৰিচালনাৰ বাবে একো একোটা পৃথক গোট স্বৰূপে গঢ় দি তুলি সেইবোৰৰ মাজত যোগাযোগৰ সুবিধা স্থাপন কৰিব লাগে।
  • বিভিন্ন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক পৰ্যায় নিম্ন মহলাত আৰু মাধ্যমিক পৰ্যায় ওপৰ মহলাত স্থাপন কৰিব লাগে।
  • শিক্ষাৰ ক্ৰমবৰ্ধমান আৰু সমাজৰ পৰিৱৰ্তিত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি স্কুলঘৰটো ভৱিষ্যৎ সম্প্ৰসাৰণৰো সুবিধা থাকিব লাগে।

আধুনিক শিক্ষাৰ সামগ্ৰিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এখন স্কুল-গৃহত শ্ৰেণীৰ কোঠাসমূহৰ উপৰিও অন্যান্য বহুতো কোঠা থাকিব লাগে। এইসমূহ হৈছে-

-  পুথিভঁৰাল

-  অডিট’ৰিয়াম

- বিজ্ঞানৰ শ্ৰেণী-সংযোজিত পৰীক্ষাগাৰ

-  হস্তশিল্পৰ কোঠা

- কলাৰ কোঠা

- গাৰ্হস্থ্য বিজ্ঞানৰ কোঠা

-  সংগীতৰ কোঠা

-  শিক্ষকৰ কোঠা

- অধ্যক্ষৰ কোঠা

-  স্কুলৰ কাৰ্যালয়

-  সংগ্ৰহালয়

- ভোজনালয়

- যোগান আৰু গুদামঘৰ।

(৩) শ্ৰেণী-কোঠাঃ স্কুলৰ শ্ৰেণী-কোঠা সমূহেই হৈছে একো একোটা জাতি বা একো একোখন দেশৰ ভৱিষ্যৎ নিৰ্মাণৰ কাৰখানা স্বৰূপ। ই ছাত্ৰ-শিক্ষকৰ বাবে শিক্ষণৰ এটা পৰীক্ষাগাৰ স্বৰূপ। এই কথাৰ উপলব্ধিৰে ক’ব পাৰি যে শ্ৰেণী-কোঠাসমূহৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব পাৰিলেহে এই কথাৰ সাৰ্থকতা থাকিব পাৰে। প্ৰতিটো বিষয়ৰ তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান-অভিজ্ঞতাৰ প্ৰতি ছাত্ৰসকলৰ মনত কৌতুহল আৰু অভিৰোচনৰ ভাব সৃষ্টি কৰিব পৰাকৈ শ্ৰেণীসমূহৰ স্বকীয় বৈশিষ্ট্য গঢ় দি তুলিব লাগে।

শ্ৰেণীসমূহ সচৰাচৰ ৫০ জন ছাত্ৰ ভালদৰে বহিব আৰু লেখা-পঢ়া কৰিব পৰাকৈ আহল-বহল হ’ব লাগে। শ্ৰেণীৰ প্ৰতিজন ছাত্ৰৰ ওচৰলৈ গৈ শিক্ষকে ব্যক্তিগতভাৱে মনোযোগ দিব পৰাকৈ ঠাই থাকিব লাগে। বেঞ্চ-ডেস্কবোৰ ছাত্ৰৰ বয়স আৰু দৈহিক উচ্চতাৰ প্ৰতি লক্ষ্য ৰাখি সাজিব লাগে, তাত দুজনকৈ ছাত্ৰ বহিব লাগে। শ্ৰেণীৰ আকাৰ অতি দীঘলীয়া নকৰি তাৰ দীৰ্ঘ-প্ৰস্থ প্ৰায় সমান হ’ব লাগে, যাতে শেষৰজন ছাত্ৰৰো শিক্ষকক শুনা আৰু দেখাত কোনো অসুবিধা নহয়। ইয়াৰ বাবে শিক্ষকৰ আসন কিছু ওখ স্থানত হ’ব লাগে। তেওঁৰ আসনৰ পিছফালে থকা ব্লেকবোৰ্ডখন আহল-বহল আৰু বেৰত সংলগ্ন কৰা হ’ব লাগে। সমুখৰ পৰা অহা পোহৰে বোৰ্ডখনত প্ৰতিফলিত হৈ ছাত্ৰক দেখাত অসুবিধাৰ সৃষ্টি কৰিব নালাগে। দুয়োকাষৰ আৰু ছাত্ৰৰ পিচফালে থকা বেৰ কেইখনত চিত্ৰ, মেপ, চাৰ্ট, ৰেখা-চিত্ৰ আৰু আন আন শিক্ষা-সঁজুলি ৰাখিব লাগে। শিক্ষক আৰু ছাত্ৰৰ প্ৰয়োগৰ বাবে আলমাৰি, চেল্ফ আদি সুবিধাজনক ঠাইত বেৰৰ লগত সংযোজিত কৰি ৰাখিব লাগে। কোঠাবোৰ এনেদৰে সাজিব লাগে যাতে এটা শ্ৰেণীৰ শব্দ-ধ্বনিয়ে আনটো শ্ৰেণীৰ শিক্ষাত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে।

(৪) পুথিভঁৰালঃ স্কুল-কলেজৰ পুথিভঁৰালক ছাত্ৰ-ছাত্ৰীৰ এজন নীৰৱ শিক্ষক স্বৰূপে বৰ্ণনা কৰিব পাৰি। আধুনিক শিক্ষা শিশুকেন্দ্ৰিক হৈ উঠা হেতুকে ই পুথিভঁৰাল কেন্দ্ৰিকো কৰি তুলিছে। শিক্ষকে শ্ৰেণীত দিয়া পুথিভঁৰালত গৈ নিজে সংগ্ৰহ কৰা, তাৰ বিশ্লেষণ কৰা আৰু বিচাৰ-বিৱেচনা কৰা কাৰ্য আধুনিক শিক্ষাৰ অংশবিশেষত পৰিণত হৈছে। এই কাৰ্যই পুথিভঁৰালৰ দায়িত্ব স্বাভাৱিকতেই বৃদ্ধি কৰি তুলিছে। ছাত্ৰৰ মনত পুথিভঁৰালৰ প্ৰতি অভিৰোচনৰ সৃষ্টি কৰা, পুথিভঁৰালৰ যোগে পঠন-অভ্যাস গঠন কৰা আৰু তাৰ দ্বাৰা জ্ঞান আহৰণৰ স্বাভাৱিক কৌতূহল ছাত্ৰৰ মনত জগাই তোলা আদি হৈছে শিক্ষাৰ দায়িত্ব। বৰ্তমান সময়ত জ্ঞান-অভিজ্ঞতাৰ বৰ্ধিত পৰিসৰ আৰু তাক আহৰণৰ বাবে গ্ৰহণ কৰা শিক্ষণ পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি পুথিভঁৰালৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি।

স্কুলৰ পুথিভঁৰাল শ্ৰেণী-কোঠাবোৰৰ পৰা কিছু আঁতৰত অথচ কেন্দ্ৰস্থ স্থানত আৰু এক শান্তিপূৰ্ণ পৰিৱেশত স্থাপন কৰিব লাগে। সচৰাচৰ ইয়াৰ আকাৰ শ্ৰেণীকোঠাতকৈ সৰু হ’ব নালাগে। ইয়াৰ লগত সংযোগ কৰি এটা পাঠাগাৰ সম্ভৱ হ’লে স্থাপন কৰিব লাগে। এই পাঠাগাৰৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰি পুথি অধ্যয়নৰ আৱশ্যকীয় পৰিৱেশ সৃষ্টি কৰিব লাগে। স্কুলৰ পুথিভঁৰালত পাঠ্যক্ৰমৰ ভিন ভিন বিষয়ৰ পুথিৰ উপৰিও তাৰ লগত সম্বন্ধ থকা পুথি, ছাত্ৰ-ছাত্ৰীৰ মন আকৰ্ষণ কৰা বিভিন্ন বিষয়ৰ, যেনে- সাহিত্য, সংস্কৃতি, জ্ঞান-বিজ্ঞান, খেলা-ধূলা আদিৰ পুথি আৰু সাময়িক আলোচনী, বাতৰি কাকত আদি সংগ্ৰহ কৰিব লাগে।

ছাত্ৰৰ পঠন অভ্যাস আৰু পুথিভঁৰাললৈ যোৱাৰ অভ্যাস গঢ় দি তুলিবৰ বাবে কৰ্তৃপক্ষই নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে।

  • শিক্ষকে ছাত্ৰক পুথিভঁৰালত পাব পৰা আৰু পঢ়িবলগীয়া পুথিৰ সম্বন্ধে প্ৰয়োজনীয় নিৰ্দেশনা দিব লাগে।
  • ছাত্ৰৰ মনত এই সম্বন্ধে অভিৰোচনৰ সৃষ্টি কৰিবলৈ শিক্ষকে মাজে-সময়ে পুথিভঁৰাললৈ গৈ পুথিত অধ্যয়ন কৰা আৰু ছাত্ৰক পুথি নিৰ্বাচনত সহায় কৰি দিয়া উচিত।
  • ছাত্ৰক পুথি বিতৰণৰ বাবে কৰ্তৃপক্ষই সুপৰিকল্পিত আঁচনি গ্ৰহণ আৰু সহজ উপায় অৱলম্বন কৰিব লাগে।
  • ছাত্ৰই পুথিভঁৰাললৈ যোৱা আৰু পুথি অধ্যয়ন কৰা সংখ্যা লিপিবদ্ধ কৰি ৰাখিব লাগে। এনেবোৰ তথ্যপাতি ছাত্ৰৰ শৈক্ষিক গুণাগুণ বিচাৰ কৰাৰ বেলিকাও বিৱেচিত হ’ব লাগে।
  • পুথিভঁৰালৰ পুথি ছাত্ৰই অধ্যয়ন কৰাৰ এক নিম্নতম সীমা কৰ্তৃপক্ষই বাধ্যতামূলক স্বৰূপে ধৰি দিব লাগে।
  • ছাত্ৰই বছৰটোৰ ভিন ভিন সময়ত কি কি কিতাপ অধ্যয়ন কৰিলে তাৰ ব্যক্তিগত ডায়েৰী ৰখাৰো ব্যৱস্থা কৰিব লাগে।
  • পুথিভঁৰাল কৰ্তৃপক্ষই ছাত্ৰৰ মন আকৰ্ষিত কৰিবৰ বাবে সময়ে সময়ে পুথি প্ৰদৰ্শনীৰো আয়োজন কৰিব লাগে।

(৫) বিজ্ঞানৰ পৰীক্ষাগাৰঃ বৰ্তমান স্কুলত বিজ্ঞান শিক্ষাৰ প্ৰয়োজন আৰু ইয়াৰ বাবে এটা উন্নত পৰীক্ষাগাৰৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। বিজ্ঞানৰ জটিল বিষয়ৰ ধাৰণা সহজ কৰি তোলা, ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা আৰু শিক্ষকে ইয়াৰ সাৰ্থকভাৱে শিক্ষাদান কৰাটো পৰীক্ষাগাৰটোৰ বৈষয়িক অৱস্থাৰ ওপৰত একান্ত নিৰ্ভৰ কৰে। স্কুলত থকা বিজ্ঞানৰ এই পৰীক্ষাগাৰবোৰেই কিশোৰ-কিশোৰীসকলৰ মনত সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিবৰ বাবে আৱশ্যকীয় কৌতুহল জগাই তোলে। তেওলোকৰ অন্তৰ্নিহিত সৃষ্টিশীল ক্ষমতাই ইয়াতেই প্ৰকাশৰ পথ বিচাৰি পায়।

বিজ্ঞানৰ পৰীক্ষাগাৰ সচৰাচৰ এটা শ্ৰেণীকোঠাৰ আকাৰৰ দৰেই হ’ব লাগে। এই পৰীক্ষাগাৰ দুটা শ্ৰেণীকোঠাৰ মাজত নহৈ স্কুলঘৰটোৰ একোটা মূৰত অৱস্থিত হ’ব লাগে। ইয়াত গেছ, পানী আৰু বিজুলী সংযোগ কৰিব লাগে। উদ্ভিদ-বিদ্যা আৰু জীৱ-বিদ্যা অধ্যয়নৰ বাবে পৰীক্ষাগাৰৰ লগতে উদ্যান আৰু পশুপালনৰ সুবিধাও ৰাখিব লাগে। বিজ্ঞান শিক্ষাৰ বিভিন্ন আহিলা-পাতি আৰু ৰাসায়নিক পদাৰ্থ আদি ভালদৰে ৰাখিবৰ বাবে আলমাৰি, চেল্ফ, ৰেক আদি প্ৰয়োজনমতে থাকিব লাগে। বিপদজনক পদাৰ্থ আৰু দামী আহিলা-পাতি আচুতীয়াকৈ নিৰাপদে ৰাখিবৰ বাবেও পৃথক ব্যৱস্থা কৰিব লাগে। পৰীক্ষাগাৰৰ লগতে শ্ৰেণী-সংযোগৰ ব্যৱস্থা থাকিলে ছাত্ৰ-শিক্ষকৰ শিক্ষা নিৰ্দেশনাত সুবিধা হয়। পৰীক্ষাগাৰৰ ভিতৰতে শ্লাইড প্ৰদৰ্শনীৰ বাবে স্ক্ৰীণ স্থাপন কৰি শিক্ষা দিয়াৰো ব্যৱস্থা কৰিব পাৰি। পৰীক্ষাগাৰৰ বস্তুবোৰৰ হিচাব ৰখা, তাৰ ভালদৰে তদাৰক কৰা, মেৰামতি কৰা আদিৰ বাবে কৰ্মচাৰী নিয়োগ কৰিব লাগে। পৰীক্ষাগাৰৰ মূল দায়িত্ব বিভাগীয় শিক্ষকৰ হাতত থাকিব লাগে।

(৬) স্কুল-সংগ্ৰহালয়ঃ এখন পূৰ্ণ পৰ্যায়ৰ স্কুল স্থাপন কৰিবলৈ হ’লে এটা সংগ্ৰহালয়ৰো প্ৰয়োজন। ইয়াত সাধাৰণতে বুৰঞ্জীমূলক হস্তশিল্প, কলা, ভাস্কৰ্য্য, বিজ্ঞান আদি বিষয়ৰ আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য বস্তু ভালদৰে সংগ্ৰহ আৰু পৰিৱেশন কৰা হয়। বিভিন্ন কাৰণত এটা স্কুল সংগ্ৰহালয় শিক্ষাৰ অপৰিহাৰ্য বিষয় হৈ উঠিব পাৰে। ল’ৰা-ছোৱালীয়ে স্বাভাৱিকতেই আপুৰুগীয়া বস্তু সংগ্ৰহ কৰি ভাল পায়। তেওঁলোকৰ এনে সংগ্ৰহ প্ৰবৃত্তি স্কুল সংগ্ৰহালয়ৰ দ্বাৰা গঠনাত্মকভাৱে পৰিচালিত কৰিব পাৰি। ছাত্ৰই নিজে সজা বা সৃষ্টি কৰা বস্তু স্কুলত সংগ্ৰহ আৰু পৰিৱেশন কৰা কাৰ্যই তেওঁলোকক বিশেষ উৎসাহিত কৰে। ইয়াৰ ফলত ছাত্ৰৰ মনত পৰৱৰ্তীকালত বিশেষীকৰণৰ মনোভাব আৰু আগ্ৰহ জগাই তুলিব পাৰে।

ছাত্ৰই সজা আৰু সংগ্ৰহ কৰা বস্তুবোৰ বিভিন্ন ভাগত ভালদৰে শ্ৰেণীকৰণ কৰিব লাগে। সেইদৰে সংগ্ৰহালয় কক্ষত বিভিন্ন বিভাগ স্থাপন কৰি তাৰ পৰিৱেশনৰ ব্যৱস্থা কৰিব লাগে। পুৰণি হ’লেও ধূলি পৰি যাতে বস্তুবোৰ নষ্ট নহয় তাৰ বাবে বিশেষ যত্ন ল’ব লাগে। ছাত্ৰৰ সংগ্ৰহৰ উপৰিও স্কুলৰ কৰ্তৃপক্ষই বিজ্ঞান, কলা আৰু বুৰঞ্জী বিষয়ৰ আকৰ্ষণীয় আৰু মূল্যৱান বস্তু সংগ্ৰহালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে। এনে সংগ্ৰহালয় ছাত্ৰ, শিক্ষক, অভিভাৱক আৰু জনসাধাৰণৰ বাবে সময়ে সময়ে প্ৰদৰ্শনৰো আয়োজন কৰিব লাগে। স্কুল সংগ্ৰহালয় পৰিচালনা আৰু প্ৰদৰ্শনৰ দায়িত্ব শিক্ষক আৰু ছাত্ৰসকলৰ পৰিচালনা সমিতিৰ হাতত থাকিব লাগে। ছাত্ৰই সংগ্ৰহালয়লৈ আগবঢ়োৱা উৎকৃষ্ট বস্তুৰ বাবে বাৰ্ষিকভাৱে পুৰস্কৃত কৰাৰো ব্যৱস্থা কৰিব লাগে।

অনুশাসনঃ

 

স্কুল-প্ৰতিষ্ঠানৰ এটা প্ৰয়োজনীয় আলোচ্য দিশ হৈছে অনুশাসন ব্যৱস্থা। ইয়াৰ লগত পাঠ্যবিষয়, ছাত্ৰ, শিক্ষক, অভিভাৱক আৰু সমাজৰ সকলো লোক কম-বেছি পৰিমাণে জড়িত। ছাত্ৰসকলক অনুশাসন সমস্যাৰ বাবে মুখ্য জগৰীয়া কৰা হয় যদিও উল্লেখিত অন্যান্য দিশ আৰু সংশ্লিষ্ট ব্যক্তি ইয়াৰ পৰা ৰেহাই দিব নোৱাৰি। প্ৰকৃতপক্ষে কবলৈ গ’লে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ দোষ-ত্ৰুটি, ক্ষোভ, অসন্তুষ্টি আদি ছাত্ৰসকলৰ মনত পুঞ্জীভূত হয় আৰু ইয়েই তেওঁলোকৰ অনুশাসনহীনতাৰ অশুভ আচৰণৰ মাজেদি আত্মপ্ৰকাশ কৰে। অনুশাসনহীনতা হৈছে প্ৰকৃত ৰূপত এক সামাজিক ব্যাধি। ছাত্ৰৰ অনুশাসনহীনতা সামাজিক অসুস্থতাৰেই এক স্বাভাৱিক প্ৰতিফলন বুলিব পাৰি।

সি যি কি নহওক, শিক্ষাৰ আন এক প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ ক্ৰিয়া-আচৰণ, ভাব-চিন্তা আৰু মনোবৃত্তি আদি সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থাৰ অনুৱৰ্তী কৰি তোলা। শিক্ষাৰ এই লক্ষ্য-উদ্দেশ্য আৰু আদৰ্শ অতি পুৰণি। প্ৰাচীন কালৰে পৰা শিক্ষাত অনুশাসনৰ নীতি আৰু ব্যৱস্থাই প্ৰাধান্য লাভ কৰি আহিছে। অৱশ্যে ইয়াক কাৰ্যকৰী কৰাৰ ব্যৱস্থা আৰু এই সম্বন্ধীয় ধাৰণাৰ ক্ৰমে সলনি হৈ আহিছে। বৰ্তমান অনুশাসনৰ অৰ্থ আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ ব্যৱস্থা আদি সম্বন্ধে ছাত্ৰ-শিক্ষক আৰু অভিভাৱকসকলৰ মনত স্পষ্ট ধাৰণা থকাটো প্ৰয়োজন।

অনুশাসনৰ অৰ্থঃ শিক্ষকৰ অনুশাসন ব্যৱস্থাৰ যোগেদি ছাত্ৰই শিক্ষা আহৰণ কৰি উঠিব পাৰে। শিক্ষা আহৰণৰ বেলিকা ছাত্ৰৰওপৰত পৰা শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱক সেয়েহে অনুশাসনৰ প্ৰভাৱ বুলি কোৱা হয়। ইংৰাজী ‘Discipline’ৰ শব্দচয়ন কৰিলে এনে অৰ্থকেই পোৱা যায়। এই ইংৰাজী শব্দটো লেটিন ভাষাৰ ‘Disciplna’ শব্দৰ পৰা ৰূপান্তৰিত হৈছে যাৰ অৰ্থ হৈছে ‘Disciple’ বা শিষ্য। শিক্ষাবিদ ৰচে (Ross) আঙুলিয়াই দিয়ে যে ‘Discipline’ আৰু ‘Disciple’ অৰ্থাৎ অনুশাসন আৰু শিষ্য একেজাতীয় শব্দ। শিষ্যত্বৰ মনোভাৱেহে প্ৰকৃতপক্ষে অনুশাসনৰ ভাব মনলৈ আনি দিব পাৰে। শিক্ষকৰ পৈণত মনৰ প্ৰভাৱৰ দ্বাৰা ছাত্ৰৰ অপৈণত মনক আত্মসমৰ্পিত কৰা আৰু তাৰ দ্বাৰা ছাত্ৰৰ মনোভাৱ আৰু আচৰণ অভিনিৱিষ্ট কৰা কাৰ্যই হৈছে অনুশাসন। অনুশাসন শব্দৰ বৰ্তমান আন কেতবোৰ অৰ্থও কৰিবলৈ বিচৰা হয়, যেনে-

  • সৈনিক বিষয়াই নিজৰ অধীনস্থ লোকৰ পৰা তৎকালীনভাৱে যি নম্ৰতা আৰু তৎপৰতা লাভ কৰে তাক সৈনিক অনুশাসন বুলি কোৱা হয়।
  • প্ৰশাসনীয় বিষয়াই আইন-শৃংখলা ৰক্ষা কৰিবৰ বাবে যি শাসন-ক্ষমতা লাভ কৰে আৰু তাৰ প্ৰয়োগ কৰে তাক অনুশাসন ক্ষমতা বুলি জনা যায়।
  • ছাত্ৰৰ মানসিক শক্তি ক্ষমতাবোৰৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষানুষ্ঠানত দিয়া বিভিন্ন বিষয়ৰ শিক্ষাক মানসিক অনুশাসন বুলি জনা যায়।
  • চৰিত্ৰ গঠনৰ বাবে ধৰ্মীয় আৰু নৈতিক ক্ৰিয়া-আচৰণ আৰু অধ্যয়নৰ যি অনুশীলন কৰা হয় তাক নৈতিক অনুশাসন বুলি কোৱা হয়।

বাহ্যিক আৰু আভ্যন্তৰীণ অনুশাসনঃ

 

ওপৰত কৰা অনুশাসনৰ অৰ্থ বিশ্লেষণ কৰিলে ইয়াক সচৰাচৰ দুটা অৰ্থত প্ৰয়োগ কৰা দেখা যায়। ইয়াৰ এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। ব্যৱহাৰিকভাৱে সংকীৰ্ণ অৰ্থত অনুশাসন বুলিলে আইন-শৃংখলাৰ দ্বাৰা ব্যক্তিৰ বাহ্যিক আচৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাটোকেই বুজায়। এনে অনুশাসন ৰক্ষা কৰিবৰ বাবে উচ্চপদস্থ বিষয়াৰ হাতত কেতবোৰ বিশেষ ক্ষমতা ন্যস্ত কৰা হয়। তাৰ দ্বাৰা তেওঁ অধীনস্থ লোকৰ চলন-ফুৰণ, আচাৰ-আচৰণ আদি বাহ্যিক ক্ৰিয়া-কলাপ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। কোনো লোকে প্ৰচলিত আইন-শৃংখলা উলংঘা কৰিলে তেওঁৰ ওপৰত অনুশাসনমূলক ক্ৰিয়া গ্ৰহণৰ ক্ষমতা তেওঁৰ হাতত থাকে। অনুশাসনৰ এই অৰ্থই ব্যক্তিৰ কেৱল বাহ্যিক আচৰণ বাধ্যতামূলকভাৱে গ্ৰহণযোগ্য কৰি তোলাৰ ওপৰতহে দৃষ্টি ৰাখে। সেইবাবে ইয়াৰ ফল হয় দ্ৰুত কিন্তু কৃত্ৰিম আৰু অস্থায়ী বিধৰ। কাৰণ ই ব্যক্তিৰ মনত কোনো অনুকূল আৰু আন্তৰিকতাপূৰ্ণ প্ৰভাৱ পেলাব নোৱাৰে।

ব্যক্তিৰ বাহ্যিক আচৰণ নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে অনুশাসন লাভ কৰিব নোৱাৰি। ব্যক্তি মনৰ উপলব্ধি, ইচ্ছা-আগ্ৰহ আৰু মানসিক প্ৰস্তুতিৰ এক আভ্যন্তৰীণ দিশ ইয়াৰ লগত জড়িত। এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয় যে অনুশাসন হৈছ ব্যক্তি-মনৰ ভাব-অনুভূতি আৰু মানসিক প্ৰস্তুতিৰ এক আভ্যন্তৰীণ অৱস্থা। এনে আন্তৰিক অনুভৱ হয় স্বধীন, স্বতঃস্ফূৰ্ত, আত্মনিয়ন্ত্ৰিত আৰু আত্ম-পৰিচালিত বিধৰ। ইয়াত কোনো বাহ্যিক প্ৰভাৱ, প্ৰভুত্ব অথবা বাধ্য-বাধকতা নাথাকে। এই ক্ষেত্ৰত ব্যক্তিৰ আচৰণ বাহ্যশক্তি বা প্ৰভাৱৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰিৱৰ্তে অন্তৰৰ বিবেক আৰু বিচাৰ বিবেচনাৰ দ্বাৰা স্বতঃপ্ৰণোদিতভাৱে পৰিচালিত হয়। বিশ্বাস কৰা হয় যে ব্যক্তিৰ অন্তৰৰ বিবেক আৰু বিচাৰ-বিবেচনাৰ দ্বাৰা স্বতঃপ্ৰণোদিতভাৱে পৰিচালিত হয়। বিশ্বাস কৰা হয় যে ব্যক্তিৰ নিজ বিবেকেই হৈছে ভাল-বেয়া আৰু উচিত-অনুচিত ক্ৰিয়া-আচৰণৰ প্ৰকৃত বিচাৰক। কোনো বাধ্য-বাধকতা অথবা ভীতি প্ৰদৰ্শনৰ দ্বাৰা প্ৰভাৱিত নহৈ স্বতঃপ্ৰণোদিতভাৱে নিজ মনৰ দ্বাৰা পৰিচালিত হোৱা আচৰণেই হৈছে আভ্যন্তৰীণ অনুশাসন। ইয়াৰ প্ৰভাৱ হয় স্থায়ী আৰু সুদূৰপ্ৰসাৰী।

অনুশাসন আৰু আদেশ বা অনুদেশঃ

 

সচৰাচৰ অনুশাসন আৰু আদেশ বা অনুদেশৰ মাজত পাৰ্থক্য বিবেচনা নকৰি প্ৰায় একে অৰ্থত প্ৰয়োগ কৰা হয়। অৱশ্যে এই দুয়োটা শব্দৰ মাজত থকা অৰ্থৰ পাৰ্থক্য বিশেষ মন কৰিবলগীয়া। আমাৰ সামাজিক জীৱনতো এই দুয়োটা শব্দৰ প্ৰয়োগ বিশেষ তৎপৰতা আৰু তাৎপৰ্যপূৰ্ণভাৱে কৰিবলগীয়া হয়।

আদেশ বা অনুদেশ হৈছে এবিধ বাহ্যিক প্ৰভাৱ যি আমাৰ দৈহিক ক্ৰিয়া-আচৰণ তৎকালীনভাৱে পৰিৱৰ্তন আৰু সংশোধন কৰিব পাৰে। এই প্ৰভাৱৰ পৰিণতি হয় দ্ৰুত কিন্তু ক্ষণস্থায়ী বিধৰ। সেইবাবে ইয়াৰ উদ্দেশ্যও হৈছে বৰ্তমানমুখী। কৰ্তৃত্বশীল ব্যক্তিয়ে আদেশ জাৰি কৰাৰ লগে লগে অধীনস্থ লোকে আইনভংগ আৰু শাস্তি বিধানৰ ভয়ত তৎকালেই তাক কাৰ্যকৰী কৰে। ইয়াত অধীনতা বাধ্য-বাধকতা আৰু নিয়ম ভংগৰ এক ভয় ভাবে ব্যক্তিক বাহ্যিকভাৱে পীড়িত কৰে। ফলত এনে কাৰ্যই মানুহৰ মনত আত্ম-উপলব্ধিৰ ভাব জগাই তুলিব নোৱাৰে। ইয়াৰ প্ৰভাৱ হয় অস্থায়ী আৰু যন্ত্ৰচালিত বিধৰ।

আনহাতে অনুশাসন হৈছে মানসিক দিশৰ এবিধ আভ্যন্তৰীণ প্ৰভাৱ। এই প্ৰভাৱৰ পৰিণতি হয় ধীৰ আৰু মন্থৰ গতিৰ, কিন্তু নিশ্চিতভাৱে স্থায়ী আৰু সুদূৰপ্ৰসাৰী বিধৰ। সেইবাবে ইয়াৰ উদ্দেশ্য ভৱিষ্যৎমুখী হৈ উঠে। অনুশাসনৰ দ্বাৰা প্ৰভাৱিত ক্ৰিয়া আচৰণ হয় ইচ্ছাকৃত, স্বতঃপ্ৰণোদিত আৰু আত্ম-আৰোপিত। কিন্তু বিবেকৰ দ্বাৰা পৰিচালিত হোৱা ব্যক্তিয়ে স্বেচ্ছাই আত্ম-সংশোধনৰ পথ গ্ৰহণ কৰে। সেইবাবে ইয়াত ব্যক্তিৰ ওপৰত আদেশৰ বাহ্যিক প্ৰভাৱৰ প্ৰয়োজন নাইকিয়া হৈ পৰে। এই প্ৰসংগত শিক্ষাবিদ নানেও মত প্ৰকাশ কৰি কয় যে আদেশ বা অনুদেশৰ দৰে অনুশাসন এবিধ বাহ্যিক বিষয় নহয়। ই ব্যক্তিৰ অন্তৰতম ক্ৰিয়া-প্ৰৱাহ স্বৰূপ।

ওপৰত কৰা আলোচনাৰ সাৰাংশ স্বৰূপে ক’ব পাৰি যে আদেশ বা অনুদেশ হৈছে বাহ্যিক প্ৰভাৱ যি ক্ষণস্থায়ী আৰু বৰ্তমানমুখী। ই হৈছে শাসনৰ পৰিণতি। অনুশাসন হৈছে ব্যক্তিমনৰ এক আভ্যন্তৰীণ প্ৰভাৱ যি দীৰ্ঘস্থায়ী আৰু ভৱিষ্যৎমুখী। ই হৈছে আত্ম-শাসন আৰু আত্ম-নিয়ন্ত্ৰণৰ পৰিণতি। আদেশ-অনুদেশৰ দ্বাৰা ব্যক্তিৰ বাধ্যতা আৰু আনুগত্য তৎকালেই লাভ কৰিব পাৰি। আনহাতে অনুশাসনে ইয়াৰ কৃত্ৰিমতা আৰু অপ্ৰয়োজনীয়তা প্ৰমাণ কৰে। আদেশৰ দ্বাৰা পৰিচালিত আচৰণ হয় যন্ত্ৰচালিত, আন্তৰিকতাহীন আৰু বাস্তৱৰ প্ৰয়োজনমুখী। অনুশাসনৰ দ্বাৰা পৰিচালিত আচৰণ হয় যন্ত্ৰচালিত, আন্তৰিকতাহীন আৰু বাস্তৱৰ প্ৰয়োজনমুখী। অনুশাসনৰ দ্বাৰা পৰিচালিত আচৰণ হয় স্বতঃস্ফূৰ্ত, আন্তৰিকতাপূৰ্ণ আৰু ভৱিষ্যতৰ বাবে সংস্কাৰমুখী।

আদেশ-অনুদেশ সম্পূৰ্ণ অপ্ৰয়োজনীয়নে ?

 

ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি স্বাভাৱিকতেই প্ৰশ্ন হয়, আদেশ-অনুদেশৰ কিবা প্ৰয়োজন আছেনে- ইয়াৰ উত্তৰ স্বৰূপে ক’ব পাৰি যে আদেশ-অনুদেশ, অনুশাসনৰ পৰস্পৰ বিৰোধী প্ৰভাৱ নহয়। অনুশাসন লাভ কৰিবৰ বাবে ইয়াক এক পূৰ্বচৰ্ত স্বৰূপেহে বিবেচনা কৰিব পাৰি। কোনো এক উচ্ছৃংখল অথবা অনুশাসনহীন জনতাৰ পৰিস্থিতিক নিয়ন্ত্ৰণ আৰু অনুশাসনৰ অনুৱৰ্তী কৰি তুলিবৰ বাবে প্ৰথম পদক্ষেপ স্বৰূপে আদেশ-অনুদেশ প্ৰয়োগৰ প্ৰয়োজন। সংশ্লিষ্ট কৰ্তৃপক্ষই তৎকালীনভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আদেশ জাৰি কৰিব লাগে। এনে পৰিস্থিতিৰ বাহ্যিকভাৱেনিয়ন্ত্ৰিত হৈ উঠিলে তাৰ পৰৱৰ্তী ব্যৱস্থা স্বৰূপে অনুশাসনৰ দীৰ্ঘম্যাদী প্ৰভাৱ প্ৰয়োগ কৰিব লাগে। আইন-কানুন আৰু কৰ্তৃপক্ষৰ আদেশ-নিৰ্দেশ আদিৰ সহায় নললে অনুশাসনৰ আত্ম-উপলব্ধি ব্যৱস্থাই বাহ্যিক পৰিস্থিতি অধিক ক্ষতিগ্ৰস্ত কৰি তুলিবহে পাৰে। সেয়েহে আমাৰ সামাজিক জীৱনৰ অনুশাসন ৰক্ষা কৰাত আদেশ-অনুদেশৰ এক বিশেষ ভূমিকা আছে। সমাজৰ অনুশাসন ৰক্ষাৰ ক্ষেত্ৰত আদেশ-অনুদেশ প্ৰথম পদক্ষেপ স্বৰূপ।

স্বাধীনতা আৰু অনুশাসনঃ

 

সাধাৰণতে স্বাধীনতা অনুশাসনৰ এক বিপৰীত অৱস্থা যেন অনুমান হয়। স্বাধীন ব্যক্তিয়ে নিজ ইচ্ছা-আগ্ৰহ অনুযায়ী অবাধে সকলো কাম কৰিব পাৰে। তেওঁৰ ওপৰত আনৰ প্ৰভাৱ, প্ৰভুত্ব বা শাসন নচলে। আনৰ আজ্ঞাধীন নহৈ নিজ ইচ্ছাৰ দ্বাৰা পৰিচালিত হোৱা অৱস্থা এটাকেই সাধাৰণ অৰ্থত স্বাধীন বুলি কোৱা হয়। আনহাতে অনুশাসনৰ অধীন হোৱা লোকৰ ইচ্ছা-আগ্ৰহ আদি এনে মুকলি মনেৰে আৰু অবাধ গতিত পূৰণ কৰাটো সম্ভৱ নহয়। তেওঁ নিজ চিন্তা-ভাৱনা, ক্ৰিয়া-কলাপ আদি প্ৰচলিত নীতি-নিয়মৰ অনুৱৰ্তী কৰি তোলাটোকেই বুজায়। এনে অনুশাসনৰ অধীন লোকৰ ক্ৰিয়া-আচৰণ হয় সংযত, নিয়ন্ত্ৰিত আৰু পৰিমাৰ্জিত বিধৰ। সেইবাবে বন্ধনৰ অৱস্থা এটাক ইচ্ছাকৃতভাৱে মানি চলাকেই অনুশাসিত আৰু বন্ধনহীন মুক্ত আৰু স্বেচ্ছাকৃতভাৱে চলা অৱস্থা এটাকেই সচৰাচৰ স্বাধীন বুলি কোৱা হয়।

অৱশ্যে এই দুয়োটাৰে প্ৰকৃত স্বৰূপ এনে পাৰস্পৰিক সম্বন্ধ বিশ্লেষণৰ দ্বাৰা আমাৰ মনত স্পষ্ট কৰি তুলিব নোৱাৰি। প্ৰকৃতঅৰ্থত স্বাধীনতা মানে সকলো নিয়ন্ত্ৰণ আৰু অধীনতাৰ অৱস্থাক সমূলি অস্বীকাৰ কৰাটোকে নুবুজায়। নিয়ন্ত্ৰণৰ ক্ষমতা আনৰ হাতৰ পৰা নিজৰ হাতলৈ অনা অথবা স্ব-অধীন হোৱা অৱস্থা এটাকহে ই বুজায়। স্বাধীনতাই আত্ম-নিয়ন্ত্ৰিত হ’বলৈ শিকায়। এজন স্বাধীন লোকে নিজেই নিজৰ নিয়ন্ত্ৰণৰ বাবেও কেতবোৰ নীতি-নিয়ম আৰু বিধি-বিধানৰ অনুৱৰ্তী হৈ চলিব লাগে। নিজৰ ইচ্ছা-অভিপ্ৰায় পূৰণ আৰু তৃপ্তি সাধনৰ বাবে মনৰ ঘোঁৰা যেনি-তেনি চেকুৰিবলৈ মেলি দিব নোৱাৰে। উদাহৰণ স্বৰূপে এজন স্বাধীন লোকে নিজ ইচ্ছাৰে ৰাজপথৰ ওপৰেদি নিজৰ মটৰ চলাই যাব পাৰে। কিন্তু তেওঁ যান-বাহনৰ নীতি-নিয়ম মানি চলিব লাগিব। স্বাধীনভাৱে মটৰ চালনা কৰা অৱস্থাত তেওঁ আনৰ জীৱন আৰু নিৰাপত্তা আদিৰ প্ৰতি সজাগ আৰু দায়িত্বশীল হৈ চলিব লাগিব।

সেয়েহে স্বাধীনতাই ইয়াৰ প্ৰায়োগিক অৰ্থত দায়িত্বশীল আৰু আত্ম-অনুশাসনৰ অৱস্থা এটাকহে বুজায়, অৰাজকতা অথবা নিয়ন্ত্ৰণহীনতাক নুবুজায়। সেইদৰে অনুশাসনৰ দ্বাৰাও আনৰ আজ্ঞাধীন বা বহতীয়া হৈ চলা অৱস্থাক নুবুজায়, অনুশাসিত ব্যক্তিয়েও নিজৰ বিচাৰ-বিবেচনা আৰু বিবেকৰ দ্বাৰা পৰিচালিত হয়। এইক্ষেত্ৰত তেওঁৰ আত্ম-উপলব্ধি আৰু স্বাধীন চিন্তা-ভাৱনা আদিক মূল্য দিয়া হয়। অনুশাসনাধীন অৱস্থাই ব্যক্তিৰ পৰাধীন, গোলামী অথবা আত্ম-বিলুপ্তিৰ অৱস্থাক নুবুজায়। সেয়েহে স্বাধীনতা আৰু অনুশাসন এটা আনটোৰ অন্তৰ্ভুক্ত।

মুক্ত অনুশাসনঃ

 

শিক্ষা জগতত অনুশাসনৰ ধাৰণা আৰু ইয়াৰ প্ৰায়োগিক অৰ্থ সময়ৰ লগে লগে সলনি হৈ আহিছে। এটা সময় আছিল যেতিয়া কঠোৰ শাস্তি প্ৰধান আৰু কটকটীয়া নীতি-নিয়মৰ দ্বাৰা ছাত্ৰৰ আচৰণ অৱদমিত কৰা হৈছিল আৰু ইয়াকেই অনুশাসন বুলি কোৱা হৈছিল। এনে অৱস্থাত শিক্ষকে কঠোৰ শাসনৰ যোগেদি ছাত্ৰক দমন কৰাৰ গৌৰৱ অৰ্জন কৰিছিল। চেকনিৰ আগত বিদ্যা নীতিৰ দ্বাৰা শিক্ষা পৰিচালনা কৰা হৈছিল। চেকনিৰ প্ৰয়োগ বন্ধ কৰা মানেই ছাত্ৰক নষ্ট কৰা বুলি ভবা হৈছিল। শিক্ষাত এই পুৰণি দৃষ্টভংগীৰ পৰিৱৰ্তন হোৱাৰ লগে লগে এনে দমন নীতিৰ ধাৰণাও সলনি হৈছে। বৰ্তমান কোৱা হয় ‘স্পেয়াৰ দ্যা চাইল্ড এণ্ড স্পইল দ্যা ৰড’ অৰ্থাৎ ‘লাঠিডাল ভাঙি পেলোৱা আৰু শিশুটোক ৰক্ষা কৰা’।

দমন নীতিৰ বিৰোধিতা কৰি বৰ্তমান এদল শিক্ষাবিদে ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ স্বাধীনতা আৰু দমনমুক্ততা দাবী কৰে। এই দৃষ্টিভংগীৰ পৰা কোৱা হয় যে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা পৰিৱেশত আত্ম-প্ৰকাশৰ বাবে সম্পূৰ্ণ মুক্ত অৱস্থা আৰু আত্ম-অনুশাসনৰ ব্যৱস্থা থাকিব লাগে। তেওঁলোকৰ মুক্ত আৰু স্বতঃপ্ৰণোদিত কাৰ্যকলাপত শিক্ষক বা আন কোনো লোকৰ কোনো ধৰণৰ হস্তক্ষেপ থাকিব নালাগে। নিজ ক্ৰিয়াৰ নীতি-নিয়ম ৰচনা আৰু পৰিচালনাৰ দায়িত্ব আৰু অধিকাৰ ছাত্ৰসকলৰ হাতত এৰি দিব লাগে। এনে এক স্বাধীন আৰু বাধাহীন শিক্ষা-অনুশাসনৰ ব্যৱস্থাকেই মুক্ত অনুশাসন বোলা হয়। ইয়াত ছাত্ৰই হৈছে শিক্ষানুষ্ঠানৰ প্ৰধান নায়ক। শিক্ষকসকলে ইয়াত কোনো ধৰণৰ প্ৰভাৱ আৰু প্ৰভুত্ব ছাত্ৰসকলৰ ওপৰত খটুৱাব নোৱাৰে। অৱশ্যে মুক্ত অনুশাসনৰ ধাৰণা শিক্ষা-ব্যৱস্থাত কি পৰিমাণে গ্ৰহণযোগ্য সি এক বিচাৰ্য বিষয়। এই সম্বন্ধে তলত আলোচনা কৰা হৈছে।

অনুশাসনৰ বিভিন্ন প্ৰকাৰঃ

 

অনুশাসনৰ প্ৰশ্ন হ’ল দৃষ্টিত শিক্ষা দৰ্শনৰ অন্তৰ্ভুক্ত বিষয়। সেইবাবে ছাত্ৰৰ অনুশাসন পদ্ধতি সম্বন্ধে বিভিন্ন শিক্ষাবিদসকলে ভিন্ন মত পোষণ কৰে। তলত ইয়াৰ এনে কেইটামান দৃষ্টিভংগী আলোচনা কৰা হৈছে।

  • স্বাভাৱিক পৰিণতিৰ দ্বাৰা অনুশাসনঃ প্ৰকৃতিবাদী দাৰ্শনিকসকলে মত পোষণ কৰে যে মানুহৰ অনুশাসন কেৱল প্ৰকৃতিৰ উদাৰ নীতিৰ দ্বাৰাহে আপোনা-আপুনি সম্ভৱ হৈ উঠিব পাৰে। মানুহৰ দ্বাৰা মানুহৰ অনুশাসন কেতিয়াও সুস্থ আৰু স্বাভাৱিক হ’ব নোৱাৰে। দাৰ্শনিক ৰুচো এই দৃষ্টিভংগীৰ প্ৰধান পৃষ্ঠপোষক বুলিব পাৰি। তেওঁ শিশুক মানুহৰ শাসন আৰু প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত কৰি প্ৰকৃতিৰ স্বাভাৱিক পৰিৱেশত বিকাশৰ মত গ্ৰহণ কৰে। উদাৰ প্ৰকৃতিয়েই শিশুৰ শিক্ষা বিকাশ আৰু অনুশাসনৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। প্ৰকৃতিৰ মুক্ত আৰু উদাৰ পৰিৱেশত শিশুৱে কিবা ভুল, দোষ-ত্ৰুটি বা অন্যায় কৰিলে প্ৰকৃতিয়েই তেনে দোষৰ স্বাভাৱিক পৰিণতি স্বৰূপে শাস্তিৰ বিধান কৰিব। মানুহে তাৰ বাবে শিশুক শাস্তি দিব নালাগে। উদাহৰণ স্বৰূপে ৰুচোৱে উল্লেখ কৰে যে শিশুৱে যদি নিজৰ খোৱা থালখন খঙত নিজেই ভাঙি পেলায় তেন্তে তাৰ বাবে অভিভাৱকে তাক কোনো শাস্তি দিব অথবা গালি-শপনি পাৰিব নালাগে। অভিভাৱকে পূৰ্বৰ স্বাভাৱিক আচৰণকেই প্ৰদৰ্শন কৰিব লাগে। আনহাতে ভঙা থালখনৰ পৰিৱৰ্তে তাক আন এখন নতুন থালৰো যোগান ধৰিব নালাগে। খাবৰ সময়ত ভঙা থালখনৰ অসুবিধাৰ পৰা শিশুৱে নিজেই নিজৰ ভুল বুজি উঠি অনুতপ্ত হ’ব। শিশুৰ নিজ ক্ৰিয়াৰ স্বাভাৱিক আৰু অনিবাৰ্য পৰিণতিয়ে তাৰ ভুল সংশোধন কৰি অনুশাসনৰ অনুৱৰ্তী কৰি তোলে। ইয়াকেই স্বাভাৱিক পৰিণতিৰ দ্বাৰা অনুশাসন বুলি জনা যায়।

সমীক্ষাঃ এই পদ্ধতিৰ অনুশাসনত শিশুৰ বাধাহীন ক্ৰিয়া আৰু তাৰ যোগেদি লাভ কৰা অভিজ্ঞতা আৰু আত্ম-উপলব্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। শিশুৰ মুক্ত ক্ৰিয়া-আচৰণত কোনো ব্যক্তি বা সমাজৰ প্ৰয়োজনীয় হস্তক্ষেপৰ কথাও অস্বীকাৰ কৰা হৈছে। নিজ ক্ৰিয়াৰ স্বাভাৱিক পৰিণতিয়েই আত্ম-উপলব্ধি আৰু আত্ম-অনুশাসনৰ ভাব আনি দিয়াৰ কথা ভবা হৈছে। কিন্তু এই কথা বাস্তৱ ক্ষেত্ৰত সম্ভৱপৰ নহয়। শিশুৰ অনুশাসনৰ প্ৰশ্ন প্ৰকৃতিৰ অনিশ্চিত প্ৰভাৱৰ ওপৰত এৰি দি শিক্ষক-অভিভাৱকসকল নিশ্চিন্ত হব নোৱাৰে। স্বাভাৱিক পৰিণতিৰ প্ৰভাৱ সকলো সময়তে সুস্থ, পৰিমিত আৰু গঠনাত্মক হৈ উঠিব নোৱাৰে। শিশুৱে ভুল কৰিলে বা ভুল পথ গ্ৰহণ কৰিলে তাৰ শুধৰণি কৰাটোহে প্ৰয়োজন, প্ৰকৃতিৰ স্বাভাৱিক পৰিণতিৰে কৰা অনুশাসনৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। কণ কণ শিশুক ভুলৰ পৰিণতিৰে শিক্ষা আৰু অনুশাসন লাভ কৰিবলৈ এৰি দিলে পৰিণাম অতি ভয়াবহ হৈ উঠিব পাৰে। সেইবাবে এইবিধ অনুশাসন ব্যৱস্থাৰ বিপদৰ প্ৰতি আমি সজাগ হোৱা উচিত।

  • পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ যোগে অনুশাসনঃ শিক্ষাৰ অতি পুৰণি কালৰে পৰা এইবিধ অনুশাসন ব্যৱস্থা চলি আহিছে। বৰ্তমানেও শিক্ষাত এই ব্যৱস্থা চলি আছে। জীৱ মাত্ৰেই সুখদায়ক অভিজ্ঞতাৰ প্ৰতি স্বাভাৱিক আকৰ্ষণ আৰু দুখদায়ক অভিজ্ঞতাৰ প্ৰতি বিকৰ্ষণৰ ভাব থাকে। এনে কাৰণতে পুৰস্কাৰ বা স্বীকৃতি প্ৰশংসা আদিৰে ছাত্ৰৰ সজ ক্ৰিয়া আচৰণ উৎসাহিত কৰা হয়। সুখদায়ক ফল লাভৰ আশাত ছাত্ৰই গ্ৰহণযোগ্য নীতি-নিয়ম আৰু অনুশাসন মানি চলিবলৈ বিচাৰে। ছাত্ৰৰ বাবে সজ ক্ৰিয়া-আচৰণ আয়ত্ব কৰাটো এনেদৰেই সম্ভৱ হৈ উঠে। ইয়াৰ বিপৰীতে অসৎ আৰু অশুভ ক্ৰিয়া-আচৰণবোৰ শাস্তি প্ৰদানৰ যোগে গুচাবলৈ চেষ্টা কৰা হয়। ছাত্ৰৰ অবাধ্যতা, অমনোযোগিতা আৰু অনুশাসনহীনতাৰ ভাব আৰু আচৰণ সংশোধনৰ বাবে শাস্তি প্ৰদানৰ প্ৰয়োজন অনুভৱ কৰা হয়। শাস্তিৰ দুখদায়ক পৰিস্থিতিৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছাত্ৰই অনুশাসনৰ পথ গ্ৰহণ কৰে। ই ছাত্ৰৰ অসৎ ক্ৰিয়া-প্ৰবৃত্তি চৰিতাৰ্থকৰণত বাধা দিয়ে আৰু শুদ্ধ পথ গ্ৰহণত সহায় কৰে। অনুশাসনৰ এই নীতি শিক্ষকৰ পৰিচিত আৰু বহলভাৱে প্ৰচলিত।

সমীক্ষাঃ শিক্ষাত পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ পদ্ধতি প্ৰয়োগ কৰা হয় যদিও ইয়াক সকলো সময়তে সুস্থ আৰু নিৰাপদ বুলিব নোৱাৰি। এই পদ্ধতিয়ে ছাত্ৰৰ আচৰণ ঘাইকৈ ফলাফলৰ প্ৰতি অধিক সচেতন কৰি তোলে। ইয়াত তেওঁলোকৰ আত্ম-উপলব্ধি আৰু আত্ম-অনুশাসনৰ ভাব মনত গঢ়ি তুলিব নোৱাৰে। ফলত ছাত্ৰৰ আচৰণ বৈচিত্ৰ্যহীন আৰু যন্ত্ৰচালিত বিধৰ হৈ উঠিব পাৰে। ইয়াৰ ফলত আচৰণ অনুবন্ধিত হৈ পৰি ছাত্ৰৰ বাবে পুৰস্কাৰ আৰু শাস্তি প্ৰদান অনিবাৰ্য অৱস্থাত পৰিণত হ’বগৈ পাৰে। এনে এটা অৱস্থা শিক্ষাৰ বাবে বিশেষ ক্ষতিকাৰক। পুৰস্কাৰ আৰু শাস্তিৰ পৰিমাণ তাৰ নিৰ্দিষ্ট সময় আৰু ইয়াৰ

প্ৰয়োগ কৌশল ভালদৰে জনাটো অতি প্ৰয়োজন। মন কৰিবলগীয়া যে ইয়াৰ প্ৰয়োগে ছাত্ৰৰ মনত আত্ম-উপলব্ধি আৰু আত্ম-সংশোধনৰ ভাবহে জগাই তুলিব লাগে, তাক যন্ত্ৰচালিত অৱস্থা এটালৈ ঠেলি দিব নালাগে।

  • পূৰ্ণ স্বাধীনতাৰ দ্বাৰা অনুশাসনঃ শাস্তি প্ৰদানেৰে কৰা অৱদমন পদ্ধতিৰ বিৰুদ্ধে বৰ্তমান এদল শিক্ষাবিদে ছাত্ৰক পূৰ্ণ স্বাধীনতা প্ৰদানৰ পোষকতা কৰে। এই মত অনুসৰি ছাত্ৰৰ ক্ৰিয়া সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ৰিয়া আঁচনি ছাত্ৰই নিজেই পৰিচালনা কৰিব লাগে। তেওঁলোকৰ মুক্ত অনুভূতি, চিন্তা আৰু ক্ৰিয়াত শিক্ষক বা আন কোনো লোকে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নালাগে। ছাত্ৰৰ নিজ ইচ্ছা আৰু প্ৰয়োজন অনুসৰি শিক্ষা আৰু বিকাশৰ এক মুক্ত পৰিৱেশ গঢ় দি তোলাটো ইয়াৰ প্ৰধান উদ্দেশ্য। শিক্ষকৰ ভূমিকা ইয়াত কেৱল মাথোন নিৰপেক্ষ আৰু নিশ্চেষ্ট দৰ্শকৰ দৰে। ছাত্ৰই হৈছে সমগ্ৰ শিক্ষা ব্যৱস্থাৰ মূল নায়ক আৰু পৰিচালক। মুক্ত অনুশাসন ব্যৱস্থাত ছাত্ৰই লাভ কৰা পূৰ্ণ-স্বাধীনতাৰ বিষয়ে ইতিপূৰ্বে আলোচনা কৰি অহা হৈছে। শিক্ষাত পূৰ্ণ-স্বাধীনতাৰ পোষকতা কৰাসকলৰ ভিতৰত নৰ্মান মেক্ মেন আৰু এ.এছ. নীলৰ নাম উল্লেখযোগ্য। নীলৰ বিখ্যাত চামাৰ হিল স্কুলৰ শিক্ষা-ব্যৱস্থা এই পূৰ্ণ-স্বাধীনতাৰ নীতিৰ দ্বাৰা পৰিচালিত।

সমীক্ষাঃ শিক্ষা আৰু অনুশাসনৰ বেলিকা ব্যক্তি-স্বাধীনতা এক প্ৰয়োজনীয় চৰ্ত। ইয়াৰ যোগেদিহে শিশুৰ স্বতঃস্ফূৰ্ত বিকাশ সম্ভৱ হৈ উঠে। সেইবাবে বৰ্তমানৰ সকলো শিক্ষাবিদেই স্বাধীনতা প্ৰদানৰ পক্ষপাতী। সেইবুলি মুক্ত-অনুশাসন ব্যৱস্থাৰ যোগে শিশুক পূৰ্ণ-স্বাধীনতা দানৰ নীতি সকলোৰে গ্ৰহণযোগ্য নহয়। বহুতেই আশংকা কৰে যে অপৰিমিত স্বাধীনতা দানৰ মুক্ত-অনুশাসন ছাত্ৰৰ বাবে আত্মঘাটী ব্যৱস্থা স্বৰূপ হৈ উঠিব পাৰে। কৰ্তৃত্বহীনভাৱে এনে পূৰ্ণ-স্বাধীনতা দান কৰিলে ছাত্ৰ নিয়ন্ত্ৰণহীন আৰু বিপথগামী হোৱাৰ সম্ভাৱনাই অধিক। কাৰণ শিশুসকল স্বাভাৱিকতেই অনভিজ্ঞ, পৰনিৰ্ভৰশীল আৰু প্ৰবৃত্তি পৰিচালিত। তেওঁলোকে আত্মনিৰ্ভৰশীলতাৰ এটা অৱস্থা পাবৰ বাবে শিক্ষক আৰু অভিভাৱকসকলৰ নিৰ্দেশ, পৰামৰ্শ আৰু আৱশ্যক মতে অনুশাসনৰ অধীন হোৱাটো প্ৰয়োজন হয়। সেইবাবে ছাত্ৰৰ অতি কম বয়সতে পূৰ্ণ-স্বাধীনতা আৰু আত্ম-নিয়ন্ত্ৰণৰ ক্ষমতা দিয়াটো নিৰাপদজনক হ’ব নোৱাৰে। এনে ব্যৱস্থা বাস্তৱ ক্ষেত্ৰত অকাৰ্যকৰী বুলি ক’ব পাৰি।

পূৰ্ণ-স্বাধীনতাতকৈ যথাসম্ভৱ প্ৰয়োজনীয় স্বাধীনতা ছাত্ৰক দিয়াটোহে অধিক যুক্তিসংগত কথা। অনিয়ন্ত্ৰিত স্বাধীনতাৰে মুক্ত-অনুশাসন ক্ষমতা ছাত্ৰক দিয়াটো সম্ভৱো নহয় আৰু ই বাঞ্ছনীয়ও নহয়। যেতিয়ালৈকে ছাত্ৰৰ স্বাধীনতাই গঠনাত্মকভাৱে কাম কৰে তেতিয়ালৈকে শিক্ষকৰ নিয়ন্ত্ৰণ অথবা হস্তক্ষেপৰ প্ৰয়োজন নাই। কিন্তু যি মুহূৰ্তত তেনে মুক্ত-স্বাধীনতা বিপথগামী আৰু ধ্বংসমুখী হৈ পৰাৰ উপক্ৰম হয় তেতিয়াই শিক্ষকৰ প্ৰভাৱৰ যোগে তাৰ সংশোধনৰ পথলৈ আনিব লাগে। শিক্ষতে তেনে অৱস্থাত নীৰৱ দৰ্শকৰ ভূমিকা লোৱা উচিত। শিক্ষাবিদ ছাৰ জন আদামচেও এনে মতকেই প্ৰকাশ কৰে। তেওঁৰ মতে শ্ৰেণীত সমূহীয়া স্বাৰ্থ হানি নোহোৱাকৈ শিক্ষকে যিমান সম্ভৱ সিমান স্বাধীনতা ছাত্ৰসকলক দিব লাগে। কিন্তু তেওঁ শেষ অৱলম্বন স্বৰূপে নিজৰ হাতত হস্তক্ষেপ আৰু নিষেধকৰণৰ ক্ষমতা সংৰক্ষিত কৰি ৰাখিব লাগে।

স্কুলৰ অনুশাসন কিদৰে ৰক্ষা কৰিব পাৰিঃ

 

স্কুলৰ অনুশাসন ৰক্ষা কৰাটো শিক্ষকৰ এক প্ৰধান অথচ জটিল কৰ্তব্য। সুশিক্ষাৰ বাবে উপযুক্ত অনুশাসন ব্যৱস্থা আৰু পৰিৱেশৰ প্ৰয়োজন, এই কথা আমি সকলোৱে অনুভৱ কৰো। ছাত্ৰৰ মনত অনুশাসনৰ মনোভাৱ স্কুলৰ শিক্ষা পৰিৱেশেহে গঢ় দি তোলে আৰু এই শিক্ষা পৰিৱেশ শিক্ষকৰ নিয়ন্ত্ৰণাধীন। সেইবাবে অনুশাসনৰ প্ৰশ্ন ইয়াৰ ব্যাপক বিৱেচনাত শিক্ষকৰ ওপৰতে নিৰ্ভৰশীল। এই প্ৰসংগত স্কুলৰ সুস্থ অনুশাসনৰ পৰিৱেশ গঢ় দি তুলিবৰ বাবে শিক্ষকৰ কেতবোৰ গ্ৰহণযোগ্য ব্যৱস্থা তলত উল্লেখ কৰা হৈছে।

- শিক্ষকৰ প্ৰভাৱঃ ছাত্ৰৰ জীৱনত শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ হয় সুদূৰপ্ৰসাৰী। সেইবাবে ছাত্ৰসকলৰ মনত তেওঁৰ সুস্থ ব্যক্তিত্বৰ প্ৰভাৱ হয় সুদূৰপ্ৰসাৰী। সেইবাবে ছাত্ৰসকলৰ মনত তেওঁৰ সুস্থ ব্যক্তিত্বৰ শক্তিশালী প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিব লাগে। ছাত্ৰৰ বাবে তেওঁ এজন আদৰ্শ অনুকৰণীয় আৰু অনুপ্ৰেৰণাদায়ক ব্যক্তিস্বৰূপ হৈ উঠিব পাৰিব লাগে।

- ব্যক্তিগত মনোযোগঃ শিক্ষকে প্ৰতিজন ছাত্ৰৰ লগত যথাসম্ভৱ ব্যক্তিগতভাৱে সম্বন্ধ স্থাপন আৰু বুজাপৰাৰ ভাব ৰক্ষা কৰি চলিব লাগে। তেওঁৰ অমনোযোগিতা আৰু সহানুভূতিহীনতাৰ মনোভাৱে ছাত্ৰ-শিক্ষকৰ সম্বন্ধৰ ক্ষতি সাধন কৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰৰ ব্যক্তিগত সমস্যাবোৰ বুজ ল’বলৈ তেওঁ চেষ্টা কৰিব লাগে।

- নিৰাপত্তাৰ মনোভাৱঃ শিক্ষকৰ আদৰ-যত্ন আৰু তেওঁৰ শিক্ষা নিৰ্দেশনাত ছাত্ৰসকলে মানসিকভাৱে নিৰাপত্তা আৰু আত্ম-সন্তুষ্টি লাভ কৰিব পাৰিব লাগে। ইয়াৰ অভাৱ হ’লে ছাত্ৰৰ মনত শিক্ষকৰ প্ৰতি অনাস্থা আৰু অশ্ৰদ্ধাৰ ভাব পৰিলক্ষিত হয়। সেইবাবে শিক্ষকৰ শৈক্ষিক ক্ষমতাৰ ওপৰত ছাত্ৰসকল আস্থাৱান আৰু নিৰ্ভৰশীল হৈ চলাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।

-  শিক্ষা-পদ্ধতি আৰু পাঠ্যক্ৰমঃ শ্ৰেণীত পাঠদান কৰাৰ বেলিকা শিক্ষকে কৰ্মবিমুখ গতানুগতিক পদ্ধতি পৰিহাৰ কৰিব লাগে। তেওঁ এনে পদ্ধতি গ্ৰহণ কৰা উচিত যাৰ দ্বাৰা ছাত্ৰই সক্ৰিয় অংশগ্ৰহণেৰে শিক্ষা লাভ কৰিব পাৰে। শিক্ষকৰ সমালোচনা আৰু ছাত্ৰৰ প্ৰতি নিৰুৎসাহজনক মনোভাব বৰ্জনীয়। পাঠ্যক্ৰম যাতে ছাত্ৰৰ আকৰ্ষণীয় আৰু প্ৰকৃত প্ৰয়োজনমুখী হৈ উঠে তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে।

- সহ-পাঠ্যক্ৰমৰ সুব্যৱস্থাঃ ছাত্ৰসকলৰ আজৰি সময় সদ্ ব্যবহাৰ কৰিবৰ বাবে বহিঃ পাঠ্যক্ৰমসমূহৰ ভালদৰে উপযোগ কৰিব লাগে। তাৰ যোগেদি ছাত্ৰৰ দেহ-মানসিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহ সুশৃখলভাৱে সুপথে পৰিচালিত কৰিব পাৰি। তেওঁলোকৰ মানসিক জটিলতা আৰু দুশ্চিন্তা আদি তাৰ যোগেদি দূৰ কৰিব পাৰি।

শিক্ষক-অভিভাৱক সন্মিলনঃ ছাত্ৰ-অনুশাসনৰ সমস্যা সমাধান কৰিবৰ বাবে শিক্ষক আৰু অভিভাৱকসকলৰ মাজত সহযোগিতাৰ প্ৰয়োজন। শিক্ষক-অভিভাৱক সন্মিলনৰ যোগে পৰস্পৰৰ দায়িত্ব আৰু কৰ্তব্য সম্বন্ধে সচেতন হ’ব পাৰে আৰু অনুশাসন সম্বন্ধীয় সমস্যা সমাধানৰ প্ৰয়োজনীয় ক্ৰিয়া আঁচনি গ্ৰহণ কৰিব পাৰে।

- ছাত্ৰ সংস্থাৰ ভূমিকাঃ স্কুলৰ অনুশাসন সমস্যা সমাধানৰ ক্ষেত্ৰত ছাত্ৰ সংস্থাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পাৰে। এই ছাত্ৰ সংস্থাৰ উপযুক্ত নেতৃত্ব দিব পৰা ছাত্ৰ-নেতা বাচি উলিওৱাত শিক্ষকে সহায় কৰিব পাৰে। তেনে ছাত্ৰ-নেতাৰ সহযোগত শিক্ষকে স্কুলৰ অনুশাসন ব্যৱস্থা উন্নত কৰি তুলিব পাৰে। ছাত্ৰ সংস্থাৰ যোগেদি গণতান্ত্ৰিক মূল্যবোধ আৰু অনুশাসনৰ মনোভাব ছাত্ৰৰ মনত জগাই তুলিব পাৰে।

- ৰাজনৈতিক দলৰ প্ৰভাৱমুক্ততাঃ স্কুলৰ ছাত্ৰ সংস্থা সুবিধাবাদী আৰু ক্ষমতালোভী ৰাজনৈতিক দলৰ কবলৰ পৰা মুক্ত ৰাখিব লাগে। ৰাজনৈতিক দলৰ নেতাসকল যে প্ৰকৃতপক্ষে স্বাৰ্থান্বেষী আৰু তেওঁলোকে ছাত্ৰসকলৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰে সেই কথা তেওঁলোকৰ মনত স্পষ্ট কৰি তুলিব লাগে। শিক্ষা আৰু সক্ৰিয় ৰাজনীতি দুয়োটা একেলগে সম্ভৱ নহয় সেই কথা ছাত্ৰসকলে অনুভৱ কৰিব পাৰিব লাগে।

- প্ৰচলিত নিয়মৰ আনুগত্যতাঃ ছাত্ৰৰ মনত নিয়মানুৱৰ্তিতা আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্যৰ ভাব শিক্ষকে জগাই তুলিব লাগে। এনে নিয়মৰ উলংঘা বা অৱমাননা কৰা প্ৰবৃত্তি যাতে ছাত্ৰৰ মনত জাগি উঠিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব লাগে। এইক্ষেত্ৰত প্ৰচলিত নীতি-নিয়মৰ প্ৰতি আনুগত্যৰ ভাব দেখুৱাই শিক্ষকে নিজেই ছাত্ৰসকলৰ বাবে এক আৰ্হিস্বৰূপ হৈ উঠিব লাগে।

- ন্যায়সংগত শাস্তিৰ বিধানঃ স্কুলৰ অনুশাসন ব্যৱস্থাৰ পৰা শাস্তি বিধানৰ ব্যৱস্থা সমূলি উঠাই দিব নোৱাৰি। অৱশ্যে এনে শাস্তি দৈহিক বিধৰ নহৈ মানসিক আৰু সংশোধনমূলক কৰি তুলিব লাগে। এনে শাস্তি সঘনে প্ৰয়োগ নকৰি ইয়াক শেষ অৱলম্বন স্বৰূপেহে প্ৰয়োগ কৰা উচিত। ওপৰত উল্লেখ কৰা অনুশাসনমূলক সকলোবোৰ ব্যৱস্থা ব্যৰ্থ হ’লেহে ইয়াক প্ৰয়োগ কৰিব লাগে।

সামাজিক জটিলতা বৃদ্ধিৰ লগে লগে বৰ্তমান শিক্ষানুষ্ঠানত অনুশাসনৰ সমস্যাও ক্ৰমে জটিল হৈ পৰিছে। সামাজিক জীৱনৰ অনুশাসন ব্যৱস্থাৰ দ্বাৰা স্কুলৰ অনুশাসন বিশেষভাৱে প্ৰভাৱিত হয়। সেইবাবে সামাজিক জীৱনৰ বহল পটভূমি এই প্ৰসংগত বিবেচনা কৰাটো প্ৰয়োজন।

(উৎসঃ প্ৰাৰম্ভিক শিক্ষাতত্ত্ব আৰু বুৰঞ্জী, যতীন বৰুৱা)।

3.18181818182
মৃদুল Dec 29, 2018 12:08 PM

স্কুল আৰু শিক্ষা বিষয়ে পালে উপকৃত হʼম

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top