অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অধ্যয়নৰ সহ-সম্বন্ধঃ

 

 

জ্ঞান আহৰণৰ দুটা বহল দিশৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। ইয়াৰ এটা হৈছে বিশেষীকৰণৰ দিশ আৰু আনটো হৈছে সামান্যীকৰণ বা সমন্বয় সাধনৰ দিশ। কোনো এটা বিষয়ৰ ওপৰত খৰচি মাৰি পুংখানুপুংখৰূপে অথবা বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰাটো যিদৰে প্ৰয়োজন, সেই অধ্যয়নৰ সংশ্লেষণ অথবা সামান্যীকৰণ কৰাটোও সিমানেই প্ৰয়োজন। এই দুয়ো দিশৰ সুসামঞ্জস্যতা ৰক্ষা কৰিব পাৰিলেহে আমাৰ আৰ্জিত জ্ঞানৰ সাৰ্থকতা লাভ কৰিব পৰা যায়। ইয়াৰ অবিহনে একপক্ষীয়ভাৱে আহৰণ কৰা জ্ঞান-অভিজ্ঞতাক কেতিয়াও পূৰ্ণ জ্ঞান লাভ কৰা বুলি ক’ব নোৱাৰি। বৰ্তমান যুগটো হৈছে অভিজ্ঞতাৰ সমন্বয় আৰু সহ-সম্বন্ধ স্থাপনৰ যুগ। দাৰ্শনিক দৃষ্টিকোণৰ পৰা সেয়েহে চিন্তাবিদসকলে অভিজ্ঞতাৰ সমন্বয় সাধনৰ দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। এই সমন্বয় সাধন কৰা নহ’লে জ্ঞান-অভিজ্ঞতাৰ অত্যধিক বিশেষীকৰণে মানুহৰ ভাবধাৰা আৰু চিন্তাধাৰা সমাজৰ হিত সাধনকাৰী কৰি তুলিব নোৱাৰে। ফলত ই কৃত্ৰিমতাৰহে সৃষ্টি কৰি তুলিব পাৰে। তেনে অভিজ্ঞতা গঠনমুখী হৈ উঠাৰ পৰিৱৰ্তে ধ্বংসমুখীহে হৈ উঠিব পাৰে। উদাহৰণস্বৰূপে বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী জ্ঞান-অভিজ্ঞতাসমূহ মানৱীয় বিষয়সমূহৰ লগত সমন্বয় সাধন কৰিব নোৱাৰি একপক্ষীয়ভাৱে বিশেষীকৰণ কৰি তুলিলেই সমাজৰ হিত সাধনকাৰী হৈ উঠিব নোৱাৰে। বিজ্ঞানৰ বিশেষীকৰণ অৱস্থাই মানুহৰ মনত অসুস্থ প্ৰতিযোগিতা, যুদ্ধ আৰু ধ্বংসৰ মনোভাবহে জগাই তুলিব পাৰে। সেইবাবে মানৱতাৰ হিত সাধনৰ বাবেই বৰ্তমান জ্ঞানৰ সমন্বয় সাধন আৰু সহ-সম্বন্ধ স্থাপনৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰো প্ৰয়োজন অনুভৱ কৰি উঠা হৈছে। এই অধ্যায়ত জ্ঞান অধ্যয়নৰ ক্ষেত্ৰত সহ-সম্বন্ধ স্থাপনৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশৰ এটি বিশ্লেষণ দাঙি ধৰা হৈছে।

অধ্যয়নৰ সহ-সম্বন্ধ কাক বোলে ?

 

স্বৰূপাৰ্থত জ্ঞান হৈছে অভিন্ন আৰু অবিভাজ্য। আমাৰ অধ্যয়নৰ সুবিধাৰ বাবে এই জ্ঞান বিভিন্ন বিষয়ত বিভক্ত কৰি ভিন ভিন বিশেষজ্ঞ শিক্ষকৰ পৰা আহৰণ কৰা হয়। সেয়ে হ’লেও অধ্যয়নৰ এই বিষয়বোৰৰ অভিজ্ঞতা আমাৰ মনত ভিন ভিন বিষয় স্বৰূপে সম্বন্ধহীন অৱস্থাত নাথাকে। খাদ্য যিদৰে আমাৰ দেহত পৃথক পৃথক ভাবে নাথাকি দেহৰ শক্তিত পৰিণত হয়, সেইদৰে উপযুক্তভাৱে আহৰণ কৰা মনৰ জ্ঞান-অভিজ্ঞতা প্ৰকৃতপক্ষে মানসিক শক্তিত পৰিণত হয়। সেইবাবে অধ্যয়নৰ বিভিন্ন বিষয়ৰ সংযোগ আৰু সমন্বয়ত গঢ়ি উঠা অভিজ্ঞতাৰ সামগ্ৰিক অৱস্থাটোৱেই হৈছে মন বা মানসিক শক্তি।

এই কথাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ কথা চিন্তা কৰা হয়। ইয়াৰ সহজ অৰ্থ হৈছে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণীয় বিষয়সমূহৰ মাজত প্ৰয়োজনীয় সংযোগ আৰু সমন্বয় সাধনৰ যোগে শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কৰা। পাঠ্যক্ৰমত অধ্যয়নৰ বাবে অন্তৰ্ভুক্ত কৰা বিষয়সমূহৰ পৃথক পৃথক ভাবে বিবেচনা নকৰি প্ৰকৃতপক্ষে তাৰ অন্তৰ্নিহিত সম্বন্ধ বিচাৰি উলিওৱাৰ প্ৰতিহে যত্নপৰ হোৱা উচিত। সুক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে অধ্যয়নৰ এটা বিষয়ৰ কেতবোৰ উপাদান আন এটা বিষয়ৰ উপাদানৰ লগত কম-বেছি পৰিমাণে মিল থাকে। বিষয়বোৰৰ মাজত থকা উপাদানবোৰৰ এনে সাদৃশ্য বিচাৰি উলিওৱাটো আৰু সেইসমূহৰ মাজত সমন্বয় সাধন কৰি শিক্ষাপ্ৰদান কৰাটো শিক্ষকৰ কৰ্তব্য। এনে সহ-সম্বন্ধ স্থাপন কাৰ্যৰ যোগেদি ছাত্ৰ-শিক্ষক উভয়েই উপকৃত হয়। তেওঁলোকৰ মনৰ দিগন্ত জ্ঞানৰ ব্যাপকতাৰ প্ৰতি প্ৰসাৰিত হয় আৰু অভিজ্ঞতাৰ গভীৰতালৈ প্ৰৱেশ কৰে।

অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ এই নীতি বৰ্তমান শিক্ষা-দৰ্শন আৰু শিক্ষা-মনোবিজ্ঞানৰ দ্বাৰাও সমৰ্থিত। দাৰ্শনিক জন ডিউইৰ প্ৰয়োগবাদ দৰ্শনে মত প্ৰকাশ কৰে যে অধ্যয়নৰ বিষয়বস্তু জীৱনৰ বাস্তৱ আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ লগত সম্বন্ধযুক্ত কৰি তুলিব লাগে। জীৱনৰ প্ৰায়োগিক অভিজ্ঞতাইহে জ্ঞানৰ তাত্ত্বিক দিশৰ নীতি নিৰ্ধাৰণ কৰিব লাগে। কোনো সত্য পূৰ্বে নিৰ্ধাৰিত হৈ উঠাৰ পৰিৱৰ্তে সি বাস্তৱ অভিজ্ঞতাসাপেক্ষহে হৈ উঠিব লাগে। এই দৰ্শনে সেয়েহে চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধনত বিশ্বাস কৰে। সেইদৰে গেষ্টাল্ট মনোবিজ্ঞানীসকলেও অধ্যয়নৰ বিষয়বস্তুক পৃথক পৃথক ভাবে গণ্য কৰাৰ পৰিৱৰ্তে তাৰ অংশসমূহৰ মাজত অন্তৰ্নিহিত সম্বন্ধ পৰ্যবেক্ষণ আৰু উদ্ভাৱন কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সমগ্ৰতাৰ দৃষ্টিভংগীয়ে অংশসমূহক নতুন অৰ্থ আৰু দৃষ্টি দান কৰে। তেওঁলোকৰ মূল বক্তব্য হৈছে অংশসমূহক সামগ্ৰিকতাৰ দৃষ্টিৰে পৰ্যবেক্ষণ আৰু নিৰীক্ষণ কৰা। সেয়েহে বৰ্তমান দৰ্শন আৰু মনোবিজ্ঞানে অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ যুক্তি-যুক্ততা দৃঢ়তাৰে প্ৰতিপন্ন কৰে।

সহ-সম্বন্ধৰ প্ৰয়োজনীয়তাঃ

 

অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ প্ৰয়োজনীয়তা বৰ্তমান বহলভাৱে অনুভৱ কৰি উঠা হৈছে। এই প্ৰসংগত শিক্ষাবিদ টি. ৰেমণ্ট নিম্নলিখিত উক্তিটোৱে সহজে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ মতে, অধ্যয়নৰ বিষয়সমূহৰ মাজত স্বাভাৱিক ঘনিষ্ঠ সম্বন্ধ থকাৰ কথাটো সম্পূৰ্ণ আওকাণ কৰাত পাঠ্যক্ৰমৰ গধূৰতাই সৃষ্টি কৰা অস্বস্তিকৰ ভাব নিঃসন্দেহে বৃদ্ধি কৰি তুলিছে। ই সচৰাচৰ এটা বিষয়ে আন এটা বিষয়ৰ অধ্যয়নৰ ওপৰত কৰিব পৰা আলোকপাত বন্ধ কৰিছে। ই কৃত্ৰিম আচৰণ প্ৰদৰ্শনত আৰু আগ্ৰহহীনতাত পৰিণত কৰিছে। স্বতন্ত্ৰ আৰু পৃথক অংশসমূহৰ কেৱল পিণ্ডীভূতকৰণেহে মাথোন বুলি ছাত্ৰসকলে নিজ জ্ঞানৰ ভ্ৰান্তিমূলক ধাৰণা স্বেচ্ছাকৃতভাৱে গঢ় দি তুলিবলৈ শিকাইছে আৰু এই সকলোবোৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ ই বিভিন্ন লক্ষ্যৰ প্ৰতি বাট মুকলি কৰি ৰাখিছে, য’ত লক্ষ্য হৈছে মাথোন একেটাই। (Total neglect of the natural affinities of the subjects of instruction undoubtedly increases the embarrassments caused by crowded curricula, it shuts out light which one study often sheds upon another, it leads to artificiality of treatment and loss of interest, it deliberately trains the pupil to take a false view of knowledge as a mere agglomeration of independent parts, and to crown all, it leaves room for diversities of aim where the aim is essentially one)। উক্তিটোৰ প্ৰতি দৃষ্টি ৰাখি সহ-সম্বন্ধ স্থাপনৰ প্ৰয়োজনীয়তা সম্বন্ধে নিম্নলিখিত কথাকেইটা আমাৰ বিবেচনাযোগ্য।

(১) পাঠ্য বিষয়ৰ মাত্ৰাধিক্যঃ

পুৰণি কালত মানুহৰ জ্ঞান-অভিজ্ঞতাৰ পৰিসৰ অত্যন্ত সীমিত আছিল। শৈক্ষিক প্ৰয়োজন কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰয়োজনৰ মাজতেই আৱদ্ধ আছিল। সেইবাবে পাঠ্যক্ৰমত অধ্যয়নৰ বিষয়-তালিকা আছিল নিচেই তাকৰ। বৰ্তমান মানুহৰ জ্ঞান বিস্তাৰৰ লগে লগে কেতবোৰ প্ৰয়োজনীয় নতুন নতুন শিক্ষা-বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ফলত পাঠ্যক্ৰমৰ আকাৰ ক্ৰমে বৃদ্ধি পাই আহিছে। শিক্ষাৰ্থীয়ে এই সকলোবোৰ বিষয়কেই অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়। আনহাতে নিজকে বৰ্তমান সময়ৰ উপযোগী কৰি তুলিবৰ বাবে এই নতুন বিষয়সমূহৰ অধ্যয়নো অৱহেলা কৰিব নোৱাৰে। সেইবাবে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ মাজত সমন্বয় সাধন কৰিবলৈ সহ-সম্বন্ধ পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজন হৈ পৰিছে। ইয়াৰ যোগেদিহে ছাত্ৰৰ বাবে পাঠ্যক্ৰমৰ গধূৰ বোজা পাতলাব পাৰি আৰু অধ্যয়নৰ বিষয়সমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰি।

(২) বিশেষীকৰণৰ প্ৰভাৱঃ

বৰ্তমান শিক্ষা বিশেষকৈ উচ্চশিক্ষা বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকলে প্ৰদান কৰে, যাৰ কেৱল এটা বিষয়তহে আধিপত্য থাকে। এওঁলোকে নিজ নিজ বিষয় অধ্যয়নৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰে। ইয়াৰ ফলত আনুষংগিক অন্যান্য বিষয় অধ্যয়নৰ প্ৰতি ছাত্ৰসকলৰ মনত প্ৰয়োজনীয় আগ্ৰহ আৰু অনুকূল দৃষ্টিভংগী গঢ়ি উঠিব নোৱাৰে। আনকি একেটা বিষয়ৰেই ভিন ভিন শাখাসমূহৰ মাজত ভিন্নতাৰ মনোভাব গঢ় লৈ উঠে। এনে এটা অৱস্থাই শিক্ষাৰ্থীৰ জ্ঞান-অভিজ্ঞতাৰ অসুস্থ আৰু অপ্ৰত্যাশিতভাৱে সীমাবদ্ধ কৰি পেলায়। নতুন বিষয়ৰ প্ৰতি আগ্ৰহ আৰু নতুন দৃষ্টিভংগী গ্ৰহণৰ পৰিৱৰ্তে সংকীৰ্ণ মানসিকতা গঢ় দি তোলে। শৈক্ষিক জগতৰ এনে সংকীৰ্ণতাৰ ভাব বহুতো শিক্ষিত শ্ৰেণীৰ লোকৰ মাজত পৰিলক্ষিত হয়, যি বিশেষ ক্ষতিকাৰক। ইয়াক গুচাবৰ বাবে বিভিন্ন বিষয়ৰ মাজত তথা একোটা বিষয়ৰেই ভিন ভিন শাখাসমূহৰ মাজত সমন্বয় সাধনৰ বাবে সহ-সম্বন্ধ নীতি গ্ৰহণ কৰাটো প্ৰয়োজন।

(৩) শিক্ষাদানৰ কৃত্ৰিমতাঃ

পাঠ্যক্ৰমত সহ-সম্বন্ধ স্থাপনৰ অভাৱে শিক্ষাদান আৰু গ্ৰহণৰ দিশত এক কৃত্ৰিমতাৰ প্ৰভাৱ পেলায়। ছেত্ৰসকলে নিজৰ আৰ্জিত জ্ঞানৰ প্ৰকৃত উদ্দেশ্য আৰু তাৰ প্ৰায়োগিকতা সম্বন্ধে বুজি উঠিব নোৱাৰে। চিন্তা আৰু ক্ৰিয়া, তথা তাত্ত্বিক আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ মাজত ব্যৱধান বিচাৰ কৰে। ইয়াৰ ফলত নিজৰ পুথিগত জ্ঞান জীৱনৰ কৰ্মক্ষেত্ৰত সফলতাৰে প্ৰয়োগ কৰিব নোৱাৰে। এনে কাৰণতে শিক্ষা আহৰণ উদ্দেশ্যবিহীন আৰু কৃত্ৰিমতাপূৰ্ণ হৈ উঠে। স্কুলীয়া শিক্ষাই ছাত্ৰৰ জীৱন বিচ্ছিন্ন কৰে বুলি সচৰাচৰ অভিযোগ কৰা হয়। সেয়েহে ছাত্ৰই আৰ্জিত জ্ঞান যাতে জীৱনত সাৰ্থক কৰি তুলিব পাৰে তাৰবাবে পাঠ্যক্ৰমত সহ-সম্বন্ধ নীতি কাৰ্যকৰীকৰণৰ প্ৰয়োজন। বৰ্তমান সময়ত গ্ৰহণ কৰা ক্ৰিয়াভিত্তিক শিক্ষা ব্যৱস্থা ইয়াৰ যোগেদিহে বাস্তৱ ৰূপ দান কৰিব পাৰি।

সহ-সম্বন্ধৰ বিভিন্ন দৃষ্টিভংগীঃ

(ক) হাৰ্বাৰ্টৰ মতবাদঃ

জাৰ্মানীৰ শিক্ষা-দাৰ্শনিক হাৰ্বাৰ্টে অধ্যয়নৰ সহ-সম্বন্ধৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত এক মনোবৈজ্ঞানিক দৃষ্টিভংগী দাঙি ধৰে। তেওঁ মত প্ৰকাশ কৰে যে আমাৰ কোনো এটা নতুন বিষয়ৰ ওপৰত হোৱা জ্ঞান-অভিজ্ঞতা আদি মনৰ পুৰণি সঞ্চিত অভিজ্ঞতাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল। পূৰ্বে লাভ কৰা বাস্তৱ আৰু প্ৰত্যক্ষ অভিজ্ঞতাসমূহৰ লগত নতুন বিষয়ৰ ৰিজনি, বিশ্লেষণ, সংশ্লেষণ আদি কৰিহে নতুন অভিজ্ঞতা পোৱা হয়। এইক্ষেত্ৰত মনৰ পুৰণি অভিজ্ঞতাৰ লগত নতুন অভিজ্ঞতাৰ সংযোগ আৰু সমন্বয় সাধন কৰা হয়। ইয়াৰ অভাৱত নতুন বিষয়ৰ অৰ্থ বা ব্যাখ্যা প্ৰদান কৰাটো আমাৰ বাবে কঠিন হৈ পৰে। পুৰণি অভিজ্ঞতাৰ সংস্পৰ্শ বা সমন্বয়তহে নতুন অভিজ্ঞতা অৰ্থপূৰ্ণ হৈ উঠিব পাৰে। এই কথা শিক্ষকৰ শিক্ষাদানৰ প্ৰসংগত বিশেষ তাৎপৰ্যপূৰ্ণ। হাৰ্বাৰ্টে উল্লেখ কৰে যে এইক্ষেত্ৰত হোৱা মনৰ এক অন্তৰতম সংবোধন কাৰ্য বাহিৰৰ পৰা পোৱা ইন্দ্ৰিয় অনুভূতিতকৈও অধিক গুৰুত্বপূৰ্ণ কথা। সেইবাবে আমি যি দেখো সি উদ্দীপকৰ বাহ্যিক শক্তিতকৈও অন্তৰতম সংবোধন কাৰ্যৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত হয়।

হাৰ্বাৰ্টৰ এই দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত শিক্ষকৰ শিক্ষাদানৰ প্ৰসংগত সহ-সম্বন্ধ স্থাপনৰ প্ৰয়োজনীয়তা সহজে অনুভৱ কৰিব পাৰি। শিক্ষকে ‘জ্ঞাতৰ পৰা অজ্ঞাতলৈ’ (from known to unknown) আৰু ‘সহজৰ পৰা কঠিনলৈ’ (from simple to complex) ছাত্ৰক লৈ যোৱা শিক্ষা-পদ্ধতি গ্ৰহণ কৰা উচিত। নতুন বিষয়ৰ প্ৰতি ছাত্ৰৰ মনত সুস্থ আৰু সম্যক ধাৰণা গঢ়ি তুলিবৰ বাবে অতীত অভিজ্ঞতাৰ লগত নতুন সহ-সম্বন্ধ স্থাপন কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকৰ উপমা, দৃষ্টান্ত আৰু পূৰ্ব পাঠৰ উদ্ধৃতি আদিয়ে ছাত্ৰক বিশেষ সহায় কৰিব পাৰে।

(খ) জন্ ডিউইৰ মতবাদঃ

দাৰ্শনিক জন্ ডিউইয়ে তেওঁৰ প্ৰয়োগবাদ দৰ্শনৰ যোগেদি ক্ৰিয়াৰ লগত পাঠ্যক্ৰম অধ্যয়নৰ বিষয় জড়িত কৰি সহ-সম্বন্ধ স্থাপনৰ এক নতুন নীতি দাঙি ধৰে। দাৰ্শনিক ফ্ৰৱেলে শিশুশিক্ষাৰ ক্ষেত্ৰত দি যোৱা ক্ৰীড়া-নীতি ডিউইয়ে শিক্ষাত ক্ৰিয়া-পদ্ধতিত পৰিণত কৰে। তেওঁ বিশ্বাস কৰে যে ক্ৰিয়াৰ যোগেদিহে ছাত্ৰসকলে নিজ অধ্যয়নৰ বিষয় সম্বন্ধে উপযুক্ত ধাৰণা লাভ কৰিব পাৰে আৰু প্ৰয়োজনীয় অভিজ্ঞতা সংগ্ৰহ কৰিব পাৰে। ক্ৰীড়া বা খেলাৰ পদ্ধতিয়ে ছাত্ৰক আনন্দ দিয়ে যদিও নিজ উদ্দেশ্যৰ প্ৰতি সচেতন কৰি তুলিব নোৱাৰে। ই ছাত্ৰৰ মনত নিজ শিক্ষাৰ উপযোগিতা, প্ৰায়োগিকতা বা ব্যৱহাৰিকতাৰ ধাৰণাও দিব নোৱাৰে। আনহাতে পাঠ্যবিষয়ৰ শিক্ষাত ক্ৰিয়াৰ প্ৰয়োগে ছাত্ৰক নিজ কৰ্মৰ আনন্দ দিয়াৰ লগতে তাৰ প্ৰায়োগিক উদ্দেশ্যৰ প্ৰতিও সচেতন কৰি তুলিব পাৰে। সেয়েহে জন্ ডিউইৰ এই প্ৰয়োগবাদ দৰ্শনৰ বাস্তৱ পৰিণতি স্বৰূপে শিক্ষাৰ প্ৰযোজনা পদ্ধতি (Project method) বৰ্তমান জনপ্ৰিয় হৈ উঠিছে। এই পদ্ধতিয়ে ছাত্ৰক নিজ শিক্ষাৰ উদ্দেশ্যৰ প্ৰতি আৰু তাৰ প্ৰায়োগিক দিশৰ প্ৰতি অধিক সচেতন কৰি তোলে। অধ্যয়নৰ যি বিষয়সূচী সি সমাজৰ বাস্তৱ সমস্যা আৰু প্ৰয়োজনৰ পৰা নিৰ্বাচন কৰি লোৱা হয়। ইয়াত ছাত্ৰৰ শিক্ষা বিষয়কেন্দ্ৰিক কৰি তোলাৰ পৰিৱৰ্তে ক্ৰিয়াকেন্দ্ৰিক কৰি তোলা হৈছে। ক্ৰিয়াৰ আনন্দ আৰু অভিজ্ঞতাই ছাত্ৰক ভৱিষ্যৎ জীৱনৰ সমস্যা সমাধানৰ বাবেও উপযুক্ত কৰি তুলিব পাৰে। প্ৰযোজনা পদ্ধতিৰ যোগেদি ছাত্ৰৰ অধ্যয়নত ক্ৰিয়াৰ এনে সহ-সম্বন্ধ সূত্ৰই শিক্ষাজগতত বৰ্তমান বিশেষ সমাদৰ লাভ কৰিছে।

(গ) গান্ধীজীৰ মতবাদঃ

মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষানীতিত প্ৰয়োগবাদ দৰ্শনৰ প্ৰভাৱ পৰে যদিও অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ দিশত তেওঁৰ চিন্তাৰ মৌলিকতা আৰু নতুনত্ব পৰিলক্ষিত হয়। তেওঁ আমাৰ দেশৰ প্ৰাথমিক শিক্ষা অধিক অৰ্থপূৰ্ণ, ব্যৱহাৰিক আৰু অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে হস্তশিল্পক শিক্ষাৰ মাধ্যম স্বৰূপে প্ৰয়োগ কৰে। সেই অনুক্ৰমে প্ৰচলিত পাঠ্যক্ৰমৰ সকলোবোৰ বিষয় স্থানীয় এটা হস্তশিল্পৰ লগত সহ-সম্বন্ধ স্থাপন কৰি ছাত্ৰক শিক্ষাদানৰ ব্যৱস্থা কৰা হয়। তেওঁ বিশ্বাস কৰিছিল যে হস্তশিল্পৰ প্ৰয়োগে স্কুলীয় বিষয়সমূহৰ মাজত অন্তৰ্নিহিত যোগসূত্ৰ স্থাপন কৰিব পাৰে আৰু তাৰ যোগেদি প্ৰদান কৰা কাৰ্যকৰী বিধৰ শিক্ষা ছাত্ৰৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ সহায়কাৰী হৈ উঠিব পাৰে। এই শিল্পকেন্দ্ৰিক শিক্ষাই আমাৰ হাত-ভৰি আদি উপযুক্তভাৱে সঞ্চালন কৰিবলৈ আৰু তাৰ যোগেদি জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতা আৰু অনুভৱ লাভ কৰি উঠিবলৈ শিকায়। হস্তশিল্পৰ প্ৰয়োগে পাঠ্যক্ৰমৰ অন্যান্য বিষয় অধ্যয়নৰ প্ৰাধান্য হ্ৰাস কৰিব নোৱাৰে, বৰং সেই বিষয়সমূহ ছাত্ৰৰ বাবে অধিক অৰ্থপূৰ্ণ, প্ৰায়োগিক আৰু আনন্দদায়কহে কৰি তুলিব পাৰে। ইয়াৰ যোগেদি ছাত্ৰৰ চিন্তা আৰু ক্ৰিয়াৰ মাজত সমন্বয় সাধন কৰি তুলিব পাৰে আৰু জ্ঞান-অভিজ্ঞতাৰ ব্যাপকতা আৰু সহ-সম্বন্ধযুক্ততা নিজস্বভাৱে অনুভৱ কৰি উঠিব পাৰে।

গান্ধীজীৰ সহ-সম্বন্ধ ধাৰণাৰ বাস্তৱ নিদৰ্শন স্বৰূপে কব পাৰি যে সূতা কটা আৰু কাপোৰ বোৱা শিল্প শিক্ষাৰ মাধ্যম স্বৰূপে গ্ৰহণ কৰিব পাৰি। ইয়াৰ লগত পাঠ্যবিষয়বোৰৰ সংযোগ সাধন কৰিব পাৰি। সূতাৰ বাবে কপাহ উৎপন্ন হোৱা দেশসমূহৰ জলবায়ু আৰু অন্যান্য ভৌগোলিক দিশৰ লগত ছাত্ৰসকলক পৰিচয় কৰাই দিব পাৰি। এই কপাহ উৎপন্ন কৰিবৰ বাবে মাটিৰ উপযুক্ততা সম্বন্ধে কৃষি-ৰসায়ন বিজ্ঞানৰ লগত সহ-সম্বন্ধ স্থাপন কৰি দেখুৱাব পাৰি। কপাহী কাপোৰ ব্যৱহাৰ সম্বন্ধে থকা ঐতিহাসিক আৰু সাংস্কৃতিক দিশৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰি। কাপোৰৰ উৎপাদন মূল্য, বিক্ৰী মূল্য, বজাৰ দৰ আৰু লাভ-লোকচান আদি সম্বন্ধে অৰ্থনীতি, গণিত আৰু বাণিজ্য আদি বিষয়ৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰি। এই প্ৰসংগত স্কুলৰ দায়িত্বত এখন কপাহ খেতিৰ ফাৰ্ম পৰিচালনা কৰিব পাৰি। ইয়াৰ উপৰি সূতা-কটা আৰু কাপোৰ বোৱা যন্ত্ৰপাতি আৰু সঁজুলি আদি নিৰ্মাণ আৰু মেৰামতি কৰিবৰ বাবে স্কুলত এই সম্বন্ধীয় কাৰিকৰী শিক্ষাৰ এটি সৰু কাৰখানাও স্থাপন কৰিব পাৰি। সেইবাবে দেখা যায় যে হস্তশিল্পক কেন্দ্ৰ কৰি অধ্যয়নৰ বিভিন্ন পাঠ্যবিষয়ৰ লগত এক ব্যাপক পৰিসৰত সমন্বয় সাধন কৰিব পৰা যায়।

(ঘ) গেষ্টাল্ট মতবাদঃ

বিষয়বস্তুৰ সমন্বয় সাধন আৰু সামগ্ৰিক নিৰীক্ষণৰ ধাৰণাৰে জাৰ্মানৰ তিনিজন বিখ্যাত মনোবিজ্ঞানী কহলাৰ, কফকা আৰু ৱাৰ্থিমাৰে বুদ্ধিজীৱিসকলৰ চিন্তাজগতত এক নতুন দৃষ্টিভংগীৰ খলকনি তোলে। কুৰি শতিকাৰ বিজ্ঞান-জগতত প্ৰধান্য লাভ কৰি উঠা জ্ঞানৰ বিশিষ্টকৰণ আৰু পাৰমাণৱিকতাৰ ধাৰণাৰ প্ৰতিবাদ স্বৰূপে তেওঁলোকে গেষ্টাল্ট বা সামগ্ৰিকতাৰ মতবাদ দৃঢ়তাৰে দাঙি ধৰে। তেওঁলোকৰ মতে কোনো এক বিষয়বস্তুৰ অধ্যয়ন বা তাৰ সম্যক জ্ঞান লাভ কৰিবৰ বাবে তাৰ লগত জড়িত অংশবোৰৰ মাজত অন্তৰ্নিহিত হৈ থকা পাৰস্পৰিক সম্বন্ধ নিৰীক্ষণ কৰিব লাগে। বিষয়বস্তুৰ সামগ্ৰিকতাক পৰ্যবেক্ষণ বা নিৰীক্ষণ কৰিব পৰা ক্ষমতাইহে আমাক প্ৰকৃত জ্ঞান দিব পাৰে আৰু উপস্থিত সমস্যা সমাধানত সহায় কৰিব পাৰে। তেওঁলোকৰ মতে আমাৰ ভিন ভিন গ্ৰহণেন্দ্ৰিয়ই পৰিৱেশৰ পৰা লাভ কৰা সংবেদন অনুভূতি মস্তিষ্কত পৃথক পৃথক অৱস্থাত নাথাকে। এই ইন্দ্ৰিয় অনুভূতিবোৰৰ সমন্বয় সাধন কৰি আৰু মানসিক সুসংগঠন কৰি মস্তিষ্কই বিষয়বস্তুৰ এক নতুন অৰ্থ আৰু দৃষ্টি দান কৰে। আমাৰ মস্তিষ্কক কেৱল সংবেদন-স্নায়ু আৰু সঞ্চালন স্নায়ুৰ সংযোগ সাধনকাৰী এক দেহ-যন্ত্ৰ মাথোন বুলি কব নোৱাৰি। পৰ্যবেক্ষণ ক্ষমতাৰ প্ৰয়োগ কৰি বিষয়বস্তুৰ অংশসমূহৰ মাজত সমন্বয় সাধন কৰিব পৰা ক্ষমতা হৈছে মানৱ মস্তিষ্কৰ বিশেষত্ব। সেইবাবে শিক্ষাক্ষেত্ৰত ছাত্ৰৰ এই পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অন্তৰ্দৰ্শন ক্ষমতা অধিক শক্তিশালী কৰি তোলাটো শিক্ষকৰ কৰ্তব্য। এই দৃষ্টিকোণৰ পৰা সেয়েহে কোৱা হয় যে শিক্ষকে ছাত্ৰক কেৱল বিষয়বস্তুৰ অংশসমূহৰ লগতহে পৰিচয় কৰাই দিব লাগে। সেই অংশসমূহৰ সমন্বয় সাধন কৰি সমস্যাৰ সমাধান কৰাটো ছাত্ৰৰ কৰ্তব্য।

অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ নীতিসমূহঃ

সহ-সম্বন্ধ স্থাপনৰ দিশত সুফল লাভ কৰিবৰ বাবে অধ্যয়নৰ বেলিকা শিক্ষকে কেতবোৰ কাৰ্যকৰী নীতি গ্ৰহণ কৰা উচিত। মন কৰিবলগীয়া যে পাঠ্য অধ্যয়নৰ দিশত সহ-সম্বন্ধ স্থাপন হৈছে এক সুপৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিত কাৰ্য। ইয়াৰ বাবে কেতবোৰ সতৰ্কতামূলক কাৰ্য-ব্যৱস্থা আৰু নীতি গ্ৰহণৰ প্ৰয়োজন। তলত এই সম্বন্ধে গ্ৰহণযোগ্য নীতিসমূহ উল্লেখ কৰা হৈছে।

v  শিক্ষকে ছাত্ৰক পাঠদান কৰাৰ পূৰ্বেই পাঠ্যবিষয়ৰ সহ-সম্বন্ধ স্থাপনৰ পৰিকল্পনা কৰি ল’ব লাগে।

v  তেওঁ নিজ বিষয়ৰ অধ্যয়নসূচীৰ বিভিন্ন পাঠৰ মাজত থকা উপাদানৰ সাদৃশ্যসমূহ চিনাক্তকৰণ কৰিব লাগে আৰু সেইমতে সহ-সম্বন্ধ ৰক্ষা কৰি পাঠদান কৰিব লাগে।

v  স্কুলৰ শৈক্ষিক বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই বিভিন্ন বিষয়ৰ শিক্ষকসকলে একেলগে বহি বিষয়সমূহৰ মাজত থকা উপাদানৰ সাদৃশ্যসমূহ চিনাক্তকৰণ কৰিব লাগে আৰু সেইমতে নিজ নিজ পাঠদানৰ পৰিকল্পনা কৰি ল’ব লাগে।

v  শিক্ষকে একো-একোটা বিষয়ত অন্তৰ্নিহিত হৈ থকা তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ মাজত সম্বন্ধ স্থাপন কৰি পাঠদান কৰিব লাগে। তেওঁ শিক্ষাবিষয় একপক্ষীয়ভাৱে তত্ত্বপ্ৰধান আৰু চিন্তাপ্ৰধান কৰি তুলিব নালাগে।

v  শ্ৰেণীকক্ষৰ ভিতৰত প্ৰদান কৰা জ্ঞান-অভিজ্ঞতাসমূহ ছাত্ৰৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতালৈ সম্প্ৰসাৰিত কৰি তুলি সহ-সম্বন্ধ স্থাপন কৰি দেখুৱাব লাগে।

v  শিক্ষাৰ সহ-সম্বন্ধ নীতি সাৰ্থক ৰূপায়নৰ বাবে শিক্ষকে ক্ৰিয়াৰ যোগেদি শিক্ষানীতি গ্ৰহণ কৰি ছাত্ৰক আত্মক্ৰিয়াৰ স্বাধীনতা প্ৰদান কৰিব লাগে।

v  পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা বিষয়সমূহ সামাজিক জীৱনৰ বাবে আৰু তাৰ সমস্যা সমাধানৰ বাবে সহায়কাৰী বিধৰ কৰি তুলিব লাগে।

v  দুটা বিষয়ৰ মাজত স্বাভাৱিক সহ-সম্বন্ধ স্থাপন কৰিব পৰা নহ’লে শিক্ষকে বলপূৰ্বকভাৱে সহ-সম্বন্ধ স্থাপন কৰিবলৈ যাব নালাগে।

v  শিক্ষাৰ নিম্ন পৰ্যায়ত সহ-সম্বন্ধৰ নীতি শিক্ষকে কাৰ্যকৰী কৰি তুলিব লাগে। কিন্তু উচ্চ পৰ্যায়ত ইয়াক অধিক নীতিগতভাৱেহে গ্ৰহণ কৰিব লাগে।

v  শিক্ষকে ছাত্ৰক দিয়া অভিজ্ঞতা বহল পৰিসৰৰ কৰি তুলিব লাগে, যাতে তেনে অভিজ্ঞতা ছাত্ৰৰ ব্যক্তিগত জীৱনৰ বাবে সহায়কাৰী হৈ উঠিব পাৰে।

সহ-সম্বন্ধৰ প্ৰকাৰঃ

সহ-সম্বন্ধ স্থাপনৰ প্ৰয়োজন আৰু ইয়াৰ প্ৰয়োগ পদ্ধতিৰ দৃষ্টিকোণৰ পৰা ঘাইকৈ তিনিপ্ৰকাৰে বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে-

(ক) একোটা বিষয়ৰেই বিভিন্ন পাঠ বা প্ৰসংগৰ মাজত সহ-সম্বন্ধ স্থাপন কৰা।

(খ) এটা বিষয়ৰ লগত আন এটা বিষয়ৰ সহ-সম্বন্ধ স্থাপন।

(গ) স্কুলৰ পাঠ্যবিষয়ৰ লগত বহিঃজগতৰ বাস্তৱ অভিজ্ঞতাৰ সহ-সম্বন্ধ স্থাপন।

সহ-সম্বন্ধ ধাৰণাক বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰিবৰ বাবে ওপৰত উল্লেখ কৰা প্ৰকাৰ বা পদ্ধতিকেইটাৰ লগত আমি ভালদৰে পৰিচিত হোৱাটো প্ৰয়োজন। তলত ইয়াৰ চমু বিৱৰণ আৰু কাৰ্যকৰী দিশৰ বাস্তৱ উদাহৰণ দিবলৈ চেষ্টা কৰা হৈছে।

(ক) একোটা বিষয়ৰ সহ-সম্বন্ধঃ

বিষয়-শিক্ষকে ছাত্ৰসকলক নিজ অধ্যয়নৰ বিষয় সফলতাৰে প্ৰদান কৰিবৰ বাবে এই পদ্ধতিৰ প্ৰয়োগ কৰিব পাৰে। তেওঁ ছাত্ৰসকলক পাঠদান কৰাৰ পূৰ্বে নিজ শিক্ষণীয় বিষয়ৰ বিভিন্ন অংশ বা অধ্যায়ৰ মাজত সম্বন্ধ স্থাপনৰ পৰিকল্পনা কৰি ল’ব পাৰে। শিক্ষণীয় বিষয়ৰ যি যি অংশৰ মাজত উপাদানৰ সাদৃশ্য থাকে তাক বাছি উলিয়াব লাগে। সেইমতে নিজৰ পাঠদান কালত সমসাময়িকভাৱে তেনেবোৰ উপাদান ছাত্ৰক প্ৰদান কৰিব লাগে। ইয়াৰ উপৰি শিক্ষকে এইক্ষেত্ৰত স্থান-কাল আৰু শিক্ষাদানৰ পৰিস্থিতিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। বসন্ত কালৰ বৰ্ণনা থকা এটা কবিতা বসন্ত ঋতুৰ মুক্ত প্ৰাকৃতিক পৰিৱেশত প্ৰদানৰ পূৰ্ব-পৰিকল্পনা শিক্ষকে কৰি ল’ব লাগে। বিষয়বস্তু অধিক মনোগ্ৰাহী আৰু চিত্তাকৰ্ষক কৰি তুলিবৰ বাবে সংশ্লিষ্ট দৃশ্য-শ্ৰাব্য সঁজুলিবোৰো প্ৰসংগক্ৰমে প্ৰয়োগ কৰিব লাগে। এনে কৰিলে ছাত্ৰই অতি সহজে আৰু প্ৰাঞ্জলভাৱে বিষয়বস্তু আয়ত্ব কৰি উঠিব পাৰে। ছাত্ৰ-শিক্ষকৰ সময় আৰু পৰিশ্ৰমৰো এইক্ষেত্ৰত মিতব্যয়িতা ৰক্ষা কৰিব পাৰি। অৱশ্যে ইয়াৰ বাবে বিষয়বস্তুৰ প্ৰতি শিক্ষকৰ গভীৰ অনুৰাগ, পৰিপুষ্ট অধ্যয়ন আৰু জ্ঞানৰ সামগ্ৰিকতাৰ ধাৰণা থকাটো প্ৰয়োজন।

একোটা বিষয়ৰ বিভিন্ন পাঠৰ মাজত সহ-সম্বন্ধ স্থাপনৰ এটা বাস্তৱ উদাহৰণ স্বৰূপে ক’ব পাৰি যে শিক্ষাতত্ত্ব বিষয় অধ্যয়ন কালত ‘শিশু-বিকাশৰ পৰ্যায়’ আৰু ‘পাঠ্যক্ৰম’ এই দুই অধ্যায়ৰ মাজত সাৰ্থকভাৱে সহ-সম্বন্ধ স্থাপন কৰিব পাৰি। এই দুয়োটা অধ্যায় শৈক্ষিক বছৰটোৰ ভিন ভিন সময়ত ছাত্ৰক সম্বন্ধহীনভাৱে প্ৰদানৰ পৰিৱৰ্তে সমসাময়িকভাৱে সহ-সম্বন্ধ নীতি গ্ৰহণৰ যোগে প্ৰদান কৰিব পাৰি। বিকাশৰ বিভিন্ন স্তৰত ছাত্ৰক আগ্ৰহ-অভিৰুচি, প্ৰয়োজন আৰু মনৰ বৌদ্ধিক ক্ষমতা কেনে থাকে আৰু সেই অনুক্ৰমে তেওঁলোকৰ পাঠ্যক্ৰমত কেনেবোৰ অধ্যয়নৰ বিষয় অন্তৰ্ভুক্ত কৰিব লাগে, তাৰবাবে বিকাশৰ বিভিন্ন পৰ্যায়ত শিক্ষাদানৰ কেনেবোৰ পদ্ধতি গ্ৰহণ কৰিব লাগে ইয়াৰ এক সহ-সম্বন্ধিত জ্ঞান শিক্ষা-বিষয়ৰ শিক্ষকে ছাত্ৰক প্ৰদান কৰিব পাৰে। ইয়াৰ যোগেদি এই দুয়োটা অধ্যায় তেওঁলোকে অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু তাৰ সাৰ্থকতাও নিজ নিজ ভাবে অনুভৱ কৰি উঠিব পাৰে।

(খ) দুটা বিষয়ৰ মাজত সহ-সম্বন্ধঃ

শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমৰ এটা বিষয়ৰ লগত আন এটা বিষয়ৰ সম্বন্ধ স্থাপন কৰাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে। স্কুলত ভিন ভিন বিষয়ৰ বিশেষজ্ঞ শিক্ষক নিয়োগৰ ফলত ছাত্ৰৰ মনত জ্ঞান-অভিজ্ঞতাৰ সামগ্ৰিকতাৰ দৃষ্টিভংগী ক্ষতিগ্ৰস্ত হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰয়োজন স্বাভাৱিকতেই অনুভৱ কৰা হয়। এইবিধ সহ-সম্বন্ধ কাৰ্যকৰীকৰণৰ বাবে ভিন ভিন বিষয়ৰ শিক্ষকে জ্ঞানৰ সমন্বয় আৰু সহযোগিতাৰ মনোভাব গ্ৰহণ কৰিব লাগে। শৈক্ষিক বছৰৰ পাঠ আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকে একেলগে মিলিত হৈ এই বিষয়ে পৰ্যালোচনা কৰিব লাগে। ইয়াৰ যোগেদি তেওঁলোকে বিষয়সমূহৰ মাজত থকা সাদৃশ্যৰ উপাদানসমূহ চিনাক্তকৰণ কৰি ল’ব লাগে। দুটা ভিন ভিন বিষয়ৰ পাঠদান কালত শিক্ষকে সাদৃশ্য থকা অংশ বা উপাদান একে সময়তে সুবিধাজনকভাৱে ছাত্ৰক প্ৰদান কৰিব পাৰে। পাঠ আলোচনা কালত দুয়োটা বিষয়ৰ মাজত সাদৃশ্যৰ অংশসমূহ আমোদজনকভাৱে ফঁহিয়াই দেখুৱাব পাৰে। এটা বিষয়ৰ পৰিৱৰ্তনে কিদৰে আনটো বিষয়ত তাৰ অনুৰূপ প্ৰভাৱ পেলাব পাৰে তাক বাস্তৱ উদাহৰণ দি দেখুৱাব পাৰে। এনে কৰাৰ ফলত ছাত্ৰৰ মনত থকা সংকীৰ্ণতা ভাব দূৰ হয় আৰু বিভিন্ন বিষয়ৰ মাজত পাৰস্পৰিকতা ভাব অনুভৱ কৰি উঠিব পাৰে। জ্ঞানৰ সামগ্ৰিকতাৰ প্ৰতি মনৰ দিগন্ত প্ৰসাৰিত হৈ উঠে। শিক্ষকসকলেও এইক্ষেত্ৰত নিজ বিষয়ৰ অধ্যয়নৰ লগতে আন আন বিষয়ৰ চিন্তা-চৰ্চা আৰু অধ্যয়ন কৰাটো প্ৰয়োজন হৈ পৰে। ফলত নিজ বিষয়ৰ গতানুগতিক পাঠদানৰ মানসিক অৱসাদ গুচাই শিক্ষাদানৰ নতুনত্ব অনুভৱ কৰি উঠিব পাৰে। শিক্ষকসকলৰ মাজতো ভাব-অনুভূতি আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ এক পৰিৱেশ গঢ়ি তুলিব পাৰে।

এইবিধ সহ-সম্বন্ধৰ বাস্তুৱ উদাহৰণস্বৰূপে স্কুলৰ ভূগোল আৰু বুৰঞ্জী বিষয়ৰ মাজত সহ-সম্বন্ধ বিশ্লেষণ কৰি দেখুৱাব পাৰি। মেপৰ সহায়েৰে এই দুয়োটা বিষয়ৰ শিক্ষকে ভাৰতৰ স্থলভাগত অৱস্থিত নদ-নদী, পাহাৰ-পৰ্বত, উপত্যকা, জলবায়ু আদিৰ লগত পুৰণি ভাৰতৰ দেশীয় ৰাজ্যবোৰৰ অৱস্থিতি, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিস্থিতি আদি সম্বন্ধে বিশ্লেষণ কৰি দেখুৱাব পাৰে। ভৌগোলিক পৰিস্থিতিয়ে কিদৰে মানুহৰ সাম্প্ৰদায়িক একো একোটা গোষ্ঠীৰ লোক গঢ় দি তোলে, তেওঁলোকৰ আনুভূতিক জীৱনত কেনে প্ৰভাৱ পেলায় তাক বাস্তৱ উদাহৰণৰ যোগে আমোদজনকভাৱে শিক্ষকে ছাত্ৰসকলৰ আগত উপস্থাপন কৰিব পাৰে। ইয়াৰ বাবে শিক্ষকৰ কিছু কল্পনা আৰু পূৰ্ব-পৰিকল্পনাৰ প্ৰয়োজন।

(গ) স্কুলৰ বিষয়ৰ লগত বহিঃজগতৰ সহ-সম্বন্ধঃ

বৰ্তমানৰ শিক্ষাত প্ৰয়োগবাদ দৰ্শনৰ প্ৰভাৱ স্বৰূপে জ্ঞানৰ প্ৰায়োগিক দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়। ছাত্ৰই পাঠ্যক্ৰমৰ যোগেদি যি শিক্ষা পায় সি তাৰ বহিঃজগতৰ বাস্তৱ জীৱনৰ বাবে সহায়কাৰী হৈ উঠা উচিত। ছাত্ৰই অধ্যয়ন কৰা বিষয়সমূহ তেওঁলোকৰ জীৱনত কিদৰে সহায়ক হ’ব পাৰে, নিজৰ আৰু সমাজৰ উপকাৰ তাৰ দ্বাৰা কিদৰে সাধন কৰিব পাৰে তাৰ সম্যক ধাৰণা তেওঁলোকে লাভ কৰি উঠিব পাৰিব লাগে। সচৰাচৰ এই কথা অভিযোগ কৰা হয় যে বৰ্তমানৰ শিক্ষা ছাত্ৰৰ জীৱন-বিচ্ছিন্ন আৰু বাস্তৱ জগতৰ লগত সম্বন্ধহীন হোৱা বাবে সি তাৰ প্ৰয়োজনীয় অভিজ্ঞতা দিব নোৱাৰে। এনেবোৰ অভিযোগ খণ্ডন কৰিবৰ বাবে স্কুলীয়া বিষয়সমূহ বহিঃজগতৰ বাস্তৱ অভিজ্ঞতাৰ ওচৰ চপাই নিব লাগে। স্কুলৰ পুথিগত তাত্ত্বিক জ্ঞানৰ লগত বহিঃজগতৰ ব্যৱহাৰিক অভিজ্ঞতাৰ সহ-সম্বন্ধ স্থাপন কৰিব লাগে। লগতে জীৱনৰ লগত সম্বন্ধ নথকা অথবা জীৱনত কোনো কামত নহা অনাৱশ্যক বিষয়সমূহ পাঠ্যক্ৰমৰ পৰা অপসাৰিত কৰি প্ৰয়োজনভিত্তিক নতুন নতুন বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে। সেয়েহে ক’ব পাৰি যে বৰ্তমান এইবিধ সহ-সম্বন্ধ পদ্ধতি শিক্ষাত গভীৰভাৱে অনুভৱ কৰি উঠা হৈছে। অৱশ্যে ইয়াক উপযুক্তভাৱে কাৰ্যকৰী কৰি তোলাটো অতি সহজসাধ্য কাম বুলি ক’ব নোৱাৰি। ইয়াৰ বাবে শিক্ষকৰ সামগ্ৰিক ধাৰণা, কাৰ্য-তৎপৰতা, শিক্ষানুষ্ঠানৰ ব্যাপক পৰিসৰৰ কাৰ্য-ব্যৱস্থাৰ সা-সুবিধা থকাটো বিশেষ প্ৰয়োজন।

এইবিধ সহ-সম্বন্ধ স্থাপনৰ কেতবোৰ বাস্তৱ উদাহৰণৰ যোগেদি ইয়াৰ ধাৰণা আমাৰ মনত স্পষ্ট কৰি তুলিব পাৰি। স্কুলৰ প্ৰতিটো বিষয়ৰ সামাজিক, প্ৰায়োগিক আৰু প্ৰয়োজনভিত্তিক দিশসমূহ এই প্ৰসংগত সাৱধানে বিবেচনা কৰিব লাগে। গণিত, অৰ্থনীতি আদি বিষয়ৰ লগত বাহিৰৰ যোগাযোগ স্থাপন কৰিব পাৰি। ছাত্ৰসকলে বস্তুৰ উৎপাদন ব্যয় আৰু বজাৰৰ মূল্যমান নিৰ্ধাৰণ কৰা আৰু গৃহ-অৰ্থনীতি নিজ দায়িত্বত পৰিচালনা কৰা আদি অভিজ্ঞতা দিব পাৰি। উদ্ভিদবিদ্যা অধ্যয়ন কৰা এজন ছাত্ৰই নিজ ঘৰত শাক-পাচলি অথবা ফল-ফুলৰ বাগিছা এখনৰ তত্বাৱধান আৰু পৰিচালনা কৰাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। জীৱবিদ্যাৰ ছাত্ৰই পোহনীয়া জন্তু প্ৰতিপালন, ৰোগৰ প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ আদি দায়িত্ব পালন কৰিব পাৰে। ভাষা অধ্যয়নৰ ছাত্ৰই নিজৰ সমাজ বা সম্প্ৰদায়ৰ লোকৰ মাজত থকা ভাষিক বৈশিষ্ট্যবোৰ তথ্য সংগ্ৰহৰ যোগে বিশ্লেষণ কৰি চাব পাৰে। ৰাজনৈতিক বিজ্ঞানৰ ছাত্ৰই নিৰ্বাচন কাৰ্যালয়লৈ গৈ দেশৰ গণ-নিৰ্বাচনৰ পৰা পোৱা তথ্য সংগ্ৰহ কৰি তাৰ প্ৰয়োজনীয় ৰাজনৈতিক বিশ্লেষণ আৰু অধ্যয়ন কৰিব পাৰে। শিক্ষা বিষয়ৰ এজন ছাত্ৰই একো একোটা পিচপৰা অঞ্চলৰ শিক্ষিত পুৰুষ-মহিলাৰ হাৰ তথ্য সংগ্ৰহৰ যোগে নিৰ্ধাৰণ কৰিব পাৰে, শিক্ষাৰ নিম্নমানবিশিষ্টতাৰ সম্ভাৱ্য সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰি চাব পাৰে। এইদৰে প্ৰতিটো বিষয়ৰেই তাৎপৰ্যপূৰ্ণ সামাজিক সমস্যাসমূহৰ লগত ছাত্ৰসকলক কাৰ্যকৰীভাৱে জড়িত কৰি তুলিব পাৰি। ইয়াৰ ফলত তেওঁলোকে প্ৰতিটো বিষয়ৰেই প্ৰায়োগিক আৰু কাৰ্যকৰী দিশটোৰ সামাজিক তাৎপৰ্য নিজস্বভাৱে অনুভৱ কৰি উঠিব পাৰে আৰু নিজ শিক্ষা-অভিজ্ঞতা সমাজমুখী কৰি তুলিব পাৰে।

সহ-সম্বন্ধৰ উপকাৰিতাঃ

শিক্ষা মিতব্যয়ী আৰু অধিক লাভজনক কৰি তুলিবৰ বাবে অধ্যয়নৰ সহ-সম্বন্ধ পদ্ধতি হৈছে আমাৰ গ্ৰহণযোগ্য পথ। ইয়াৰ যোগেদি শিক্ষক আৰু শিক্ষাৰ্থী উভয়েই নিজ নিজ ভাবে লাভৱান হৈ উঠিব পাৰে। ওপৰত কৰা আলোচনাৰ অন্তত সহ-সম্বন্ধৰ উপকাৰিতা স্বৰূপে নিম্নলিখিত কথাকেইটা আমাৰ বিশেষ বিবেচনাযোগ্য।

v  অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনে ছাত্ৰসকলৰ পাঠ্যক্ৰমৰ বিষয়সমূহ সহজে বুজি উঠাত আৰু তেওঁলোকৰ মনোগ্ৰাহী কৰি তোলাত বিশেষ সহায় কৰে। ইয়াৰ ফলত ছাত্ৰৰ মনত অধ্যয়নৰ বাবে প্ৰণোদন যোগোৱা কাৰ্য সহজসাধ্য হৈ উঠে।

v  এই কাৰ্যই তেওঁলোকৰ জ্ঞান-অভিজ্ঞতা কাৰ্যকৰী, প্ৰায়োগিক আৰু জীৱনৰ প্ৰয়োজনমুখী কৰি তুলিব পাৰে। গতানুগতিক শিক্ষা জীৱন-বিচ্ছিন্ন বুলি কৰা অভিযোগ ইয়াৰ যোগেদি খণ্ডন কৰিব পৰা যায়।

v  অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনে ছাত্ৰসকলৰ মনত জ্ঞানৰ এক বহল দৃষ্টিভংগী গঢ় দি তোলে। পাঠ্যক্ৰমৰ বিষয়সমূহৰ অন্তৰ্নিহিত সম্বন্ধ আৰু সামগ্ৰিকতাৰ ধাৰণা নিজস্বভাৱে মনত অনুভৱ কৰি উঠিব পাৰে।

v  অধ্যয়নৰ অন্যান্য বিষয়ৰ প্ৰতি থকা ভুল ধাৰণা আৰু সংকীৰ্ণতাৰ ভাব ই ছাত্ৰসকলৰ মনৰ পৰা গুচাব পাৰে। কোনো বিষয়েই উৎকৃষ্ট বা নিকৃষ্ট নহয়, এনে এক দৃষ্টিভংগী তেওঁলোকে গ্ৰহণ কৰি উঠিব পাৰে।

v  অধ্যয়নৰ সহ-সম্বন্ধ স্থাপনৰ ব্যৱস্থাই স্কুলৰ কাৰ্যসূচী সমাজৰ ওচৰ চপাই নিব পাৰে। ছাত্ৰসকলে সমাজৰ বাস্তৱ সমস্যাসমূহৰ স্বৰূপ জানি উঠিব পাৰে আৰু তাৰ সমাধানৰ বাবে সচেষ্ট হৈ উঠিব পাৰে।

v  সহ-সম্বন্ধ স্থাপন কাৰ্যই ছাত্ৰসকলৰ নিজ নিজ অধ্যয়নৰ বিষয়বস্তু সাৰ্থকভাৱে নিৰ্বাচন কৰি লোৱাতো সহায় কৰিব পাৰে। তেওঁলোকৰ নিজ নিজ যোগ্যতা আৰু অভিক্ষমতা অনুসৰি পাঠ্য-বিষয়ৰ অধ্যয়ন স্থিৰ কৰি ল’ব পাৰে।

v  ই ছাত্ৰৰ বাবে শিক্ষা ক্ৰিয়াভিত্তিক আৰু অভিজ্ঞতাভিত্তিক কৰি তুলিব পাৰে। ইয়াৰ ফলত তত্ত্বপ্ৰধান শিক্ষাই সৃষ্টি কৰিব পৰা মনৰ অৱসাদ আৰু উদ্যমহীনতা গুচাই শিক্ষা গতিশীল আৰু জীৱন্ত কৰি তোলে।

v  শিক্ষকসকলে তেওঁলোকৰ সময় আৰু পৰিশ্ৰম সহ-সম্বন্ধৰ যোগেদি বহুখিনি কমাব পাৰে। সকলোবোৰ প্ৰয়োজনীয় বিষয়ৰ আৱশ্যকীয় উপাদানসমূহ তেওঁলোকে নিজ পাঠ্য বিষয়ত অন্তৰ্ভুক্ত কৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতেই প্ৰদান কৰিব পাৰে।

v  সহ-সম্বন্ধ পদ্ধতিয়ে শিক্ষকৰ শিক্ষাদান কাৰ্যত এক নতুনত্ব আৰু গতিশীলতা আনি দিব পাৰে। তেওঁ নিজ অধ্যয়নৰ বিষয়ৰ উপৰিও আন আন বিষয় অধ্যয়ন কৰিবলৈ আগ্ৰহী হৈ উঠিব পাৰে।

v  শিক্ষাৰ সহ-সম্বন্ধ পদ্ধতিয়ে ছাত্ৰ-শিক্ষকৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক বুজাপৰাৰ ভাব গঢ়ি তুলিব পাৰে। বিভিন্ন বিষয়ৰ শিক্ষকসকলৰ মাজতো ঘনিষ্ঠ যোগাযোগ ই স্থাপন কৰি তুলিব পাৰে।

সহ-সম্বন্ধৰ সীমাবদ্ধতাঃ

অধ্যয়নত সহ-সম্বন্ধৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰো যদিও ইয়াৰ সীমাবদ্ধতাৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন। সহ-সম্বন্ধ শিক্ষা-পদ্ধতিৰ সুফল পাবলৈ হ’লে শিক্ষকে এইক্ষেত্ৰত থকা দুৰ্বলতাবোৰ এৰাই চলিব পাৰিব লাগে। ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা অসুবিধাসমূহ নজনাকৈ থাকিলে শিক্ষকে ইয়াৰ প্ৰয়োগত জটিলতাৰ সন্মুখীন হ’ব পাৰে। সেইবাবে এই প্ৰসংগত নিম্নলিখিত কথাকেইটা আমাৰ বিবেচনাযোগ্য।

v  বিষয়সমূহৰ সহ-সম্বন্ধ বলপূৰ্বক হোৱাৰ পৰিৱৰ্তে স্বতঃস্ফূৰ্ত বিধৰ হোৱা উচিত। সহ-সম্বন্ধ স্থাপনৰ নামত বলপূৰ্বকভাৱে বিভিন্ন বিষয়ৰ মাজত সংযোগ সাধন কৰিবলৈ গ’লে সি এক বিশৃংখলতাৰহে সৃষ্টি কৰি তুলিব পাৰে। এই কথা লক্ষ্য কৰা উচিত যে সকলোবোৰ বিষয়ৰ লগত সমানে আৰু স্বাভাৱিকভাৱে সহ-সম্বন্ধ স্থাপন কৰিব পৰা নাযায়। যিবোৰ বিষয়ৰ মাজত উপাদানৰ সাদৃশ্য অধিক তেনেবোৰ বিষয়ৰ মাজতহে সহ-সম্বন্ধ স্থাপন কৰিব লাগে। উপাদানৰ মিল নথকা বিষয়বোৰৰ মাজত বলপূৰ্বকভাৱে সম্বন্ধ স্থাপনৰ চেষ্টা কৰিব নালাগে। তেনে কৰিবলৈ গ’লে শিক্ষাদান কাৰ্যত জটিলতাইহে দেখা দিব পাৰে।

v  উদ্দেশ্যবিহীন, অপৰিমিত আৰু অপৰিকল্পিত সহ-সম্বন্ধ পদ্ধতিয়ে শিক্ষাত জটিলতা আৰু ছাত্ৰৰ বাবে অনাৱশ্যক কঠিনতাৰহে সৃষ্টি কৰি তুলিব পাৰে। এইক্ষেত্ৰত শিক্ষকৰ ব্যাখ্যা সংযত, সীমিত আৰু অভিপ্ৰেত বিধৰ হৈ নুঠিলে ই ছাত্ৰসকলৰ মনত আমনি আৰু বিৰক্তিদায়ক হৈ উঠিব পাৰে। এই সহ-সম্বন্ধ পদ্ধতিৰ সুফল লাভ কৰিবৰ বাবে শিক্ষকৰ পাঠদান আঁচনি পূৰ্ব-পৰিকল্পিত বিধৰ হ’ব লাগে। কোনটো পাঠত কোনটো প্ৰসংগৰ কিদৰে উল্লেখ কৰিব লাগে তাক নিৰ্দিষ্ট সময়সীমাৰ ভিত্তিত পূৰ্ব-নিৰ্ধাৰিত হ’ব লাগে।

v  শিক্ষাৰ নিম্ন পৰ্যায়ত সহ-সম্বন্ধ পদ্ধতি যেনেদৰে কাৰ্যকৰী কৰি তুলিব পাৰি উচ্চ পৰ্যায়ত সি তেনেদৰে সম্ভৱ হৈ নুঠে। নিম্ন পৰ্যায়ৰ শিক্ষা-উপাদানসমূহ সীমিত আৰু জটিলতাহীন হোৱা বাবে বিষয়সমূহ সাধাৰণভাৱে সহ-সম্বন্ধিত কৰি দেখুৱাব পৰা যায়। কিন্তু উচ্চশিক্ষাৰ উপাদানসমূহ অধিক বিস্তৃত আৰু সুক্ষ্ম বিশ্লেষণমূলক হৈ উঠা বাবে সহ-সম্বন্ধ পদ্ধতিৰ প্ৰয়োগ সম্ভৱপৰ নহয়। উদাহৰণস্বৰূপে ক’ব পাৰি যে বুনিয়াদী শিক্ষাৰ সহ-সম্বন্ধ পদ্ধতিৰে উচ্চশিক্ষাৰ বিষয়সমূহ অনুবন্ধিত কৰিব পৰা হোৱা নাই।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা ক’ব পাৰি যে শিক্ষাদানৰ পদ্ধতি স্বৰূপে শিক্ষকে সহ-সম্বন্ধৰ সুপৰিকল্পিত আৰু সুনিয়ন্ত্ৰিত প্ৰয়োগ কৰাটো প্ৰয়োজন। শিক্ষাদানৰ সুফল আৰু ইয়াৰ মিতব্যয়িতা তাৰ যোগেদিহে পাব পৰা যায়। আনহাতে শিক্ষাৰ এক গ্ৰহণযোগ্য নীতি স্বৰূপে ইয়াক আধুনিক শিক্ষাত সাধাৰণভাৱে বিবেচনা কৰাটো শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষানুৰাগীসকলৰ বাবে প্ৰয়োজন। বৰ্তমান মানুহৰ জ্ঞান-অভিজ্ঞতাৰ সংহতি আৰু সমন্বয় সাধাৰণ দিশত সহ-সম্বন্ধ নীতিয়ে শৈক্ষিক উদ্দেশ্য সাধন কৰি তুলিব পাৰে। বিন্দুতেই সিন্ধুৰ উপলব্ধিও দাৰ্শনিক দৃষ্টিত ই সম্ভৱ কৰি তুলিব পাৰে।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

2.8275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top