অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনুশাসনঃ

 

 

শিক্ষাত সঘনে উচ্চাৰিত আৰু আলোচিত বিষয় হৈছে অনুশাসন ব্যৱস্থা। পুৰণি কালৰ শিক্ষাক এক অনুশাসন ব্যৱস্থা স্বৰূপেই সাধাৰণভাৱে জনা গৈছিল। শিক্ষকৰ কটকটীয়া শিক্ষা অনুশাসনে চঞ্চল মনৰ শিশুৰ ভাব-চিন্তা আৰু আচৰণ নিয়ন্ত্ৰণ আৰু সমাজমুখী কৰি তোলে- এনে এক ধাৰণা পোষণ কৰা হৈছিল। মাক-দেউতাকে এই উদ্দেশ্যেৰেই শিশুক স্কুললৈ পঠাইছিল। সেই সময়ত ছাত্ৰক দমন আৰু নিয়ন্ত্ৰণ কৰা স্কুলৰ এক ব্যৱস্থা স্বৰূপেই অনুশাসনক জনা গৈছিল। অৱশ্যে পূৰ্বৰ এই ধাৰণাৰ বৰ্তমান সলনি হৈছে। ছাত্ৰক শিক্ষাদানৰ এক নিশ্চিত ব্যৱস্থা স্বৰূপে অনুশাসনক জনা যায় যদিও ইয়াৰ শৈক্ষিক তাৎপৰ্য আৰু প্ৰভাৱ সম্বন্ধে বহল অধ্যয়নৰ থল আছে। অনুশাসন সম্বন্ধে বৰ্তমান শিক্ষাবিদসকলৰ দৃষ্টিভংগীৰ লগত পৰিচিত হ’ব নোৱাৰিলে শিক্ষকে নিজ ভূমিকাৰ সম্যক উপলব্ধি কৰি উঠিব নোৱাৰে। অনুশাসন হৈছে শিক্ষাদান আৰু গ্ৰহণৰ লাই-খুটা। ইয়াৰ নতুন আৰু উন্নত ধাৰণাই বৰ্তমান শিক্ষা বিষয়ৰ নীতি আৰু পদ্ধতি অধিক সমৃদ্ধ কৰি তুলিছে। এই অধ্যায়ত ইয়াৰ বিভিন্ন দিশৰ লগত সেয়েহে কিছু বহলভাৱে পৰিচিত হোৱাৰ চেষ্টা কৰা হৈছে।

অনুশাসনৰ অৰ্থঃ

 

শিক্ষাৰ লগত অনুশাসনৰ শব্দগত অৰ্থৰ নিবিড় সম্পৰ্ক থকা দেখা যায়। শিক্ষা সম্বন্ধীয় বিভিন্নদিশৰ অৰ্থ বুজাবলৈ ‘অনুশাসন’ শব্দৰ প্ৰয়োগ কৰা হয়। সচৰাচৰ এই কথা সাধাৰণভাৱে অনুভৱ কৰা হয় যে শিক্ষকৰ অনুশাসন ব্যৱস্থাৰ যোগেদিহে ছাত্ৰই শিক্ষা আহৰণ কৰি উঠিব পাৰে। শিক্ষা আহৰণৰ বেলিকা ছাত্ৰৰ ওপৰত পৰা শিক্ষকৰ প্ৰভাৱক সেয়েহে অনুশাসনৰ প্ৰভাৱ বুলি কোৱা হয়। শিক্ষাবিদ ৰচে (Ross) আঙুলিয়াই দিয়ে ‘Discipline’ আৰু ‘Disciple’ অৰ্থাৎ ‘অনুশাসন’ আৰু ‘শিষ্য’ একেজাতীয় শব্দ। (Discipline and disciple are cognate words)। শিষ্যত্বৰ মনোভাব হ’লেহে ছাত্ৰৰ বাবে শিক্ষাগ্ৰহণ আৰু অনুশাসন ৰক্ষা কৰি চলাটো সম্ভৱ হৈ উঠিব পাৰে। শিষ্যৰ মনত গুৰু বা শিক্ষকৰ প্ৰতি বিনয় আৰু আত্মসমৰ্পণৰ ভাব অতি প্ৰয়োজন। ইয়াৰ যোগেদিহে ছাত্ৰৰ মনত গুৰুৰ প্ৰতি শ্ৰেষ্ঠত্বৰ ভাব আহি পৰিব পাৰে আৰু তাৰ ফলত আনুগত্য আৰু অনুশাসনৰ মনোভাব জাগি উঠিব পাৰে। ভাৰতৰ পুৰণি বৈদিক শিক্ষা-ব্যৱস্থাতো এনে এক মনোভাব স্পষ্টভাৱে পাব পৰা যায়। এই প্ৰসংগত উল্লেখযোগ্য যে ইংৰাজী শব্দ ‘Discipline’-ৰ উৎপত্তিত এনে এক ভাবৰ পৰাই হৈছে। ই লেটিন ভাষাৰ ‘Disciplina’ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘Disciple’ বা শিষ্য। সেয়েহে গুৰুৰ প্ৰতি শিষ্যৰ মনত প্ৰয়োজন হোৱা বিনয় আৰু আত্মসমৰ্পণৰ অৱস্থাই হৈছে অনুশাসন।

বৰ্তমান অনুশাসন সম্বন্ধে সৰ্বসাধাৰণ লোকে প্ৰয়োগ কৰা আন কেতবোৰ অৰ্থও এইখিনিতেই আমাৰ বিবেচনাযোগ্য। সৈনিক বিষয়াই নিজৰ অধীনস্থ লোকৰ পৰা যি বিনম্ৰতা আৰু তৎপৰতা লাভ কৰে তাকো অনুশাসন বুলি জনা যায়। ছাত্ৰসকলৰ মনত স্মৃতি, কল্পনা, চিন্তা, যুক্তি, বিচাৰ-শক্তি আদি বৌদ্ধিক ক্ষমতাসমূহ বিকশাই তুলিবৰ বাবে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা বিষয়সমূহকো অনুশাসন বুলি কোৱা হয়। ছাত্ৰৰ মানসিক শক্তিসমূহ ইয়াৰ যোগেদি উন্নত, বিকশিত আৰু অধিক শৃংখলাবদ্ধ কৰি তোলা এই কাৰ্যক মানসিক অনুশাসন কাৰ্য বুলি জনা যায়। ছাত্ৰৰ সজ চৰিত্ৰ গঠনৰ বাবে আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ অনুগামী কৰি তুলিবৰ বাবে যি নৈতিক আৰু ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা কৰা হয় তাকে নৈতিক অনুশাসন বোলা হয়। ইয়াৰ উপৰি চৰকাৰ বা প্ৰশাসন যন্ত্ৰৰ কোনো উচ্চ-পদস্থ বিষয়াই সমাজৰ সৰ্বসাধাৰণ লোকৰ আইন-শৃংখলা ৰক্ষা কৰিবৰ বাবে যি শাসন ক্ষমতা লাভ কৰে তাক অনুশাসন ক্ষমতা বুলি জনা যায়। সেয়েহে ক’ব পাৰি যে অনুশাসন শব্দ ভিন ভিন প্ৰসংগত বৰ্তমান বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয়। আমাৰ আলোচ্য এই অধ্যায়ত শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ আৰু তাৎপৰ্য ব্যাখ্যা দিবলৈহে মাথোন চেষ্টা কৰা হৈছে।

বাহ্যিক আৰু আভ্যন্তৰীণ অনুশাসনঃ

 

অনুশাসন সম্বন্ধে ইয়াৰ অৰ্থৰ শব্দগত বিশ্লেষণৰ পৰা বিবেচনা কৰিলে দুটা বহল দিশ পাব পাৰি। সি হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ অনুশাসন। ইয়াক দৈহিক আৰু মানসিক দিশ স্বৰূপেও বিবেচনা কৰিব পাৰি। সৰ্বসাধাৰণ লোকৰ ধাৰণাই অনুশাসনক এক বাহ্যিক শক্তি স্বৰূপেই মুখ্যভাৱে বিবেচনা কৰে। অৱশ্যে শিক্ষা প্ৰসংগত ইয়াৰ মানসিক দিশটোৰ প্ৰতিহে প্ৰাধান্য দিয়া হয়। এই দুবিধ অনুশাসনৰ স্বৰূপ আলোচনা কৰাটো প্ৰয়োজন। বাহ্যিকভাৱে সীমিত অৰ্থত অনুশাসন বুলিলে ব্যক্তিৰ বাহ্যিক ক্ৰিয়া-আচৰণ আইন-শৃংখলাৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাটোকেই বুজায়। এনে অনুশাসন ৰক্ষা কৰিবৰ বাবে প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াৰ হাতত কেতবোৰ বিশেষ ক্ষমতা প্ৰদান কৰা হয়। তাৰ যোগেদি তেওঁ অধীনস্থ লোকৰ চলন-ফুৰণ, আচাৰ-আচৰণ আদি বাহ্যিক ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। কোনো লোকে প্ৰচলিত আইন-শৃংখলা অমান্য বা উলংঘা কৰিলে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা তেওঁৰ হাতত থাকে। অনুশাসনৰ এই অৰ্থত ব্যক্তিৰ কেৱল বাহ্যিক আচৰণ তৎকালীনভাৱে নিয়ন্ত্ৰণ কৰাটোকেই বিশেষভাৱে বুজোৱা হয়। ইয়াৰ পৰিণাম হয় দ্ৰুত, কিন্তু ই হয় কৃত্ৰিম আৰু ক্ষণস্থায়ী বিধৰ। কাৰণ এনে ব্যৱস্থাই ব্যক্তিৰ মন আকৰ্ষণ কৰি ইচ্ছাশক্তি আৰু অন্তৰাত্মা জগাই তুলিব নোৱাৰে। ই একান্ত বাহ্যিক আৰু দৈহিক যন্ত্ৰচালিত আচৰণ।

শৈক্ষিক দৃষ্টিকোণৰ পৰা ব্যক্তিমনৰ আভ্যন্তৰীণ অনুশাসনহে বিবেচনাযোগ্য। এই দৃষ্টিকোণৰ পৰা কোৱা হয় যে অনুশাসন হৈছে ব্যক্তিমনৰ ভাব-অনুভূতি, মানসিক প্ৰস্তুতি আৰু আত্মনিয়ন্ত্ৰণ তথা আত্মপৰিচালনাৰ এক আভ্যন্তৰীণ অৱস্থা। ইয়াৰ বাবে বাহ্যিক নিয়ন্ত্ৰণৰ পৰিৱৰ্তে মনৰ আগ্ৰহ, ইচ্ছাশক্তি আৰু স্বতঃপ্ৰণোদিত কেতবোৰ মানসিক অৱস্থাৰ প্ৰয়োজন। ব্যক্তিয়ে নিজ ক্ৰিয়া-আচৰণ নিজস্বভাৱে পৰিচালনা কৰিবৰ বাবে মুক্ত, স্বাধীন আৰু স্বতঃস্ফূৰ্ত অৱস্থাৰ প্ৰয়োজন। ইয়াত কোনো বাহ্যিক প্ৰভাৱ, প্ৰভুত্ব অথবা বাধ্য-বাধকতাৰ ভাব নাথাকে। ব্যক্তিৰ আচৰণ কোনো বাহ্যশক্তি বা প্ৰভাৱৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰিৱৰ্তে নিজ বিবেক আৰু বিচাৰ-বিবেচনাৰ দ্বাৰা স্বতঃপ্ৰণোদিতভাৱে পৰিচালিত হয়। বিশ্বাস কৰা হয় যে ব্যক্তিৰ নিজ বিবেকেই হৈছে ভাল-বেয়া আৰু উচিত-অনুচিত ক্ৰিয়া-আচৰণৰ প্ৰকৃত বিচাৰক। কোনো বাধ্য-বাধকতা অথবা শাস্তিৰ ভয় প্ৰদৰ্শনৰ দ্বাৰা প্ৰভাৱিত নহৈ স্বতঃপ্ৰণোদিত আৰু পৰিচালিত হোৱা আচৰণেই হৈছে আভ্যন্তৰীণ অনুশাসন। ইয়াৰ প্ৰভাৱ তৎকালীন নহৈ সময়সাপেক্ষ হৈ উঠে। কাৰণ ব্যক্তিমনৰ আত্মপ্ৰস্তুতিৰ বাবে ইয়াত কিছু সময়ৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি এইবিধ অনুশাসনৰ প্ৰভাৱ হয় স্থায়ী আৰু ব্যক্তিৰ জীৱনত সুদূৰপ্ৰসাৰী বিধৰ হয়। আভ্যন্তৰীণ অনুশাসনৰ দ্বাৰা আত্মনিয়ন্ত্ৰিত আৰু পৰিচালিত ব্যক্তিয়ে তেওঁৰ জীৱনৰ সকলো পৰিস্থিতিতে নিজ বিবেকৰ দ্বাৰা পৰিচালিত হয়।

অনুশাসন আৰু আদেশ বা অনুদেশঃ

 

সাধাৰণভাৱে প্ৰয়োগ কৰিবলৈ যাওতে অনুশাসন আৰু আদেশ বা অনুদেশৰ মাজত থকা পাৰ্থক্যৰ প্ৰতি বিশেষ সচেতন হোৱা নাযায়। দুয়োটা শব্দকেই প্ৰায় একে অৰ্থত প্ৰয়োগ কৰা হয়। অৱশ্যে ইয়াৰ মাজত থকা অৰ্থৰ পাৰ্থক্য শৈক্ষিক দৃষ্টিকোণৰ পৰা তাৎপৰ্যপূৰ্ণ। আমাৰ সামাজিক জীৱনতো এই দুয়োটা শব্দৰ প্ৰয়োগ সাৱধানে কৰিব লগা হয়।

আদেশ বা অনুদেশ হৈছে এবিধ বাহ্যিক প্ৰভাৱ, যি আমাৰ দৈহিক ক্ৰিয়া-আচৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে বৰ্তমানমুখী আৰু ইয়াৰ প্ৰভাৱ হৈছে তৎকালীন আৰু ক্ষণস্থায়ী বিধৰ। কৰ্তৃত্বশীল আৰু ক্ষমতাশীল ব্যক্তিয়ে আদেশ জাৰি কৰাৰ লগে লগে তেওঁৰ অনুগত লোকে আইন ভংগ আৰু শাস্তি-বিধানৰ ভয়ত তৎকালেই তাক কাৰ্যকৰী কৰে। ইয়াত কৰ্তৃপক্ষৰ প্ৰতি অধীনতা, বাধ্য-বাধকতা আৰু নিয়ম ভংগৰ এক ভয় ভাবে ব্যক্তিৰ বাহ্যিক আচৰণ প্ৰভাৱিত আৰু পৰিচালিত কৰে। ফলত এনে অৱস্থাই মানুহৰ মনত আত্মোপলব্ধি আৰু আত্ম-অনুশাসনৰ ভাব জগাই তুলিব নোৱাৰে। নিজ মন আৰু আচৰণ যন্ত্ৰচালিত আৰু বিবেকহীনভাৱে পৰিচালিত কৰে। সেইবাবে ইয়াৰ প্ৰভাৱ হয় বাহ্যিক আৰু ক্ষণস্থায়ী বিধৰ।

অনুশাসনক এনে বাহ্যিক তথা যান্ত্ৰিক দৃষ্টিৰে বিবেচনা কৰিব নোৱাৰি। ই হৈছে ব্যক্তিৰ মানসিক আৰু আত্মিক দিশৰ এক আভ্যন্তৰীণ প্ৰভাৱ। এই প্ৰভাৱৰ পৰিণতি হয় ধীৰ-স্থিৰ আৰু মন্থৰ গতিৰ, কিন্তু নিশ্চিতভাৱে স্থায়ী আৰু সুদূৰপ্ৰসাৰী বিধৰ। ইয়াৰ উদ্দেশ্য তৎকালীন আৰু বৰ্তমানমুখী নহৈ ভৱিষ্যৎমুখী আৰু সংস্কাৰ-সাধনমুখী হৈ উঠে। এই অনুশাসনৰ দ্বাৰা প্ৰভাৱিত ক্ৰিয়া-আচৰণ হয় ইচ্ছাকৃত, স্বতঃপ্ৰণোদিত আৰু আত্ম-আৰোপিত বিধৰ। নিজ বিবেকৰ দ্বাৰা পৰিচালিত হোৱা বাবে ব্যক্তিয়ে স্বেচ্ছাই আত্ম-সংশোধনৰ পথ গ্ৰহণ কৰে। এনে অৱস্থাত ব্যক্তিৰ ওপৰত আদেশ-অনুদেশৰ বাহ্যিক প্ৰভাৱৰ প্ৰয়োজন নাইকিয়া হৈ পৰে। তেওঁ নিজেই স্বয়ংচালিত আৰু আত্মনিয়ন্ত্ৰিত হৈ উঠে। এনে এটা মানসিক অৱস্থাই হৈছে প্ৰকৃত অৰ্থত অনুশাসন বা আত্মানুশাসন।

ওপৰত কৰা আলোচনাৰ সাৰাংশ স্বৰূপে আদেশ আৰু অনুশাসনৰ মাজত থকা মূল ব্যৱধানকেইটা সংক্ষেপে উল্লেখ কৰা হৈছে।

v  আদেশ হৈছে দৈহিক আচৰণৰ পৰিৱৰ্তন সম্বন্ধীয় আৰু অনুশাসন হৈছে মন আৰু বিবেকৰ আবেদন সম্বন্ধীয় বিষয়।

v  আদেশৰ পৰিণতি হৈছে তৎকালীন, কিন্তু অনুশাসনৰ পৰিণতি হৈছে ব্যক্তিৰ বাবে সুদূৰপ্ৰসাৰী বিধৰ।

v  আদেশে অতি শীঘ্ৰে ব্যক্তিয়ে আনুগত্য প্ৰকাশ কৰাটো বিচাৰে, আনহাতে অনুশাসনে তেনে আদেশৰ অপ্ৰয়োজনীয়তা প্ৰতিপন্ন কৰি তোলে।

v  আদেশ হৈছে প্ৰশাসনৰ ফলস্বৰূপ, আনহাতে অনুশাসন হৈছে ব্যক্তিৰ আত্মশাসনৰ প্ৰস্তুতি স্বৰূপ।

v  আদেশ হৈছে ব্যক্তিৰ বাবে বাধ্যতামূলক, আনহাতে অনুশাসন হৈছে আত্মোপলব্ধিমূলক যত বাধ্য-বাধকতাৰ ভাব নাথাকে।

আদেশ বা অনুদেশ সম্পৰ্ণ অপ্ৰয়োজনীয়নে ?

ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য কৰি স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন হয়- আদেশ বা অনুদেশ আমাৰ বাবে কোনো প্ৰয়োজন নাই বুলি বিবেচনা কৰিব পাৰিনে ? এই প্ৰসংগত মন কৰিবলগীয়া যে আমাৰ মূল লক্ষ্য-উদ্দেশ্য হৈছে ব্যক্তিৰ মনত অনুশাসন আৰু আত্মোপলব্ধিৰ ভাব জগাই তোলাটোহে। শিক্ষাত অনুশাসনৰ তাৎপৰ্যও হৈছে এইখিনিতেই। কিন্তু সেয়ে হ’লেও এই কথা মনত ৰখা উচিত যে অনুশাসন ৰক্ষাৰ বাবে আদেশ হৈছে এক উপায় বা অৱলম্বন স্বৰূপ। অনুশাসনহীন আৰু উশৃংখল অৱস্থা এটাক নিয়ন্ত্ৰণলৈ অনাৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে আদেশৰ দৈহিক প্ৰভাৱ প্ৰয়োগ কৰা। এই আদেশে তৎকালীনভাৱে উশৃংখলতা বন্ধ কৰি শান্তি স্থাপন কৰে। ইয়াৰ অভাৱত ব্যক্তি আৰু সমষ্টিৰ মাজত নিয়ন্ত্ৰণহীনতা, বিশৃংখলতা আৰু অৰাজকতাই দেখা দিয়ে। এনে এটা অৱস্থা নিয়ন্ত্ৰিত কৰিব নোৱাৰিলে অনুশাসনৰ আভ্যন্তৰীণ ব্যৱস্থা সৃষ্টি কৰিব পৰা নাযায়। সেইবাবে ক’ব পাৰি যে অনুশাসনৰ স্বাৰ্থতেই ইয়াৰ প্ৰথম পদক্ষেপ স্বৰূপে আদেশ প্ৰয়োগৰ প্ৰয়োজন। আদেশৰ যোগেদিহে উশৃংখলতা বন্ধ কৰি অনুশাসনৰ প্ৰয়োজনীয় পৰিস্থিতি আৰু পৰিৱেশ ৰচনা কৰিব পাৰি।

স্বাধীনতা আৰু অনুশাসনঃ

অনুশাসনৰ লগত স্বাধীনতাৰ সম্বন্ধ বিশ্লেষণে আমাৰ মনত অনুশাসনৰ অৰ্থ অধিক স্পষ্ট কৰি তুলিব পাৰে। সাধাৰণ দৃষ্টিত স্বাধীনতা অনুশাসনৰ এটা বিপৰীত অৱস্থা যেনহে অনুমান হয়। স্বাধীনতা মানে বন্ধনমুক্ত অৱস্থা এটাকেই বুজাবলৈ বিচৰা হয়। স্বাধীন লোকে নিজ ইচ্ছা আৰু আগ্ৰহ অনুসৰি অবাধে সকলো কাম কৰিব পাৰে। তেওঁৰ ওপৰত আনৰ প্ৰভাৱ, প্ৰভুত্ব অথবা শাসন চলিব নোৱাৰে। আনৰ আজ্ঞাধীন নহৈ নিজ ইচ্ছাৰ দ্বাৰা পৰিচালিত হোৱা জনকেই সাধাৰণতে স্বাধীন বুলি কোৱা হয়। আনহাতে অনুশাসনাধীন লোকৰ ইচ্ছা-আগ্ৰহ আদি এনে মুকলি মনেৰে আৰু অবাধ গতিত পূৰণ কৰাটো আশা কৰিব নোৱাৰি। তেওঁ নিজৰ ইচ্ছা-আগ্ৰহ আৰু ক্ৰিয়াকলাপ নিৰ্ধাৰিত নিয়মৰ অধীনত পৰিচালিত কৰাকেই অনুশাসন স্বৰূপে জনা যায়। সেইবাবে বন্ধনৰ অৱস্থা এটাক ইচ্ছাকৃতভাৱে মানি লোৱাকেই স্বাধীন বুলি গণ্য কৰা হয়।

অৱশ্যে এনে বিশ্লেষণৰ দ্বাৰা দুয়োটাৰে পাৰস্পৰিক সম্বন্ধৰ প্ৰকৃত ৰূপ স্পষ্ট কৰি তুলিব পৰা নাযায়। প্ৰকৃতপক্ষে স্বাধীনতাৰ দ্বাৰা সকলো নিয়ন্ত্ৰণ আৰু অধীনতা সমূলি অস্বীকাৰ কৰাটোক নুবুজায়। নিয়ন্ত্ৰণৰ ক্ষমতা আনৰ হাতৰ পৰা নিজৰ হাতলৈ অনাটো অৰ্থাৎ স্ব-অধীন অথবা নিজেই নিজৰ অধীন হোৱা অৱস্থাকেই ই বুজায়। সেইবাবে স্বাধীন হোৱা অৱস্থাত ব্যক্তিয়ে নিজেই নিজৰ নিয়ন্ত্ৰণ বা পৰিচালনা কৰিবৰ বাবেও কেতবোৰ নীতি-নিয়ম আৰু দায়িত্ব আত্ম-আৰোপিত কৰি তাৰ অনুৱৰ্তী হৈ চলিব লাগে। এনে স্বতঃপ্ৰণোদিত দায়িত্ববোধ ভাবে এজন লোকক নিজ আচৰণ সংযত, নিয়ন্ত্ৰিত আৰু অনুশাসিত কৰি তুলিব পাৰে। ই হৈছে প্ৰকৃত অৰ্থত নিজ বিবেকৰ দ্বাৰা পৰিচালিত এক আত্ম-অনুশাসন অথবা আভ্যন্তৰীণ অনুশাসনৰ অৱস্থা। উদাহৰণস্বৰূপে ক’ব পাৰি যে এজন স্বাধীন লোকে তেওঁৰ নিজ ইচ্ছাৰে ৰাজপথত নিজৰ মটৰগাড়ী চলাই যাব পাৰে, কিন্তু তেওঁ আনৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি দায়িত্বহীন হৈ পৰিব নোৱাৰে।

সেয়েহে স্বাধীনতাৰ অৱস্থাই ইয়াৰ প্ৰায়োগিক অৰ্থত নিজ দায়িত্ববোধ ভাব আৰু আত্ম-অনুশাসনৰ অৱস্থা এটাকহে বুজায়, অৰাজকতা অথবা আত্ম-নিয়ন্ত্ৰণহীন অৱস্থাক নুবুজায়। সেইদৰে অনুশাসনৰ দ্বাৰাও আনৰ আজ্ঞাধীন অথবা বহতীয়া হৈ চলা অৱস্থা এটাক নুবুজায়। অনুশাসনাধীন ব্যক্তিয়ে নিজ বিচাৰ-বিবেচনা আৰু বিবেকৰ দ্বাৰা পৰিচালিত হোৱা অৱস্থা লাভ কৰে। এইক্ষেত্ৰত তেওঁৰ আত্ম-উপলব্ধি আৰু স্বাধীন চিন্তা-ভাবনা আদিক মূল্য দিয়া হয়। অনুশাসনৰ দ্বাৰা ব্যক্তিৰ আত্ম-বিলুপ্তি আৰু গোলামী মনোভাবৰ অৱস্থাক নুবুজায়। ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট যে স্বাধীনতা আৰু অনুশাসন পৰস্পৰ বিৰোধী অৰ্থসূচক শব্দ নহয়। ইয়াৰ এটা আনটোৰ অন্তৰ্ভুক্ত আৰু অন্তৰ্নিহিত অৱস্থা মাথোন।

মুক্ত অনুশাসনঃ

শিক্ষাজগতত অনুশাসনৰ ধাৰণা সময়ৰ লগে লগে পৰিৱৰ্তন হৈ অহা দেখা যায়। এটা সময় আছিল যেতিয়া কঠোৰ শাস্তি-প্ৰদান আৰু কটকটীয়া নীতি-নিয়মৰ দ্বাৰা ছাত্ৰৰ আচৰণ নিয়ন্ত্ৰিত আৰু অৱদমিত কৰা হৈছিল। ছাত্ৰৰ বহিঃ আচৰণ এনেদৰে দমন আৰু নিয়ন্ত্ৰণৰ অৱস্থাকেই সেই সময়ত অনুশাসন বুলি কোৱা হৈছিল। এনে অৱস্থাত শিক্ষকে ছাত্ৰক অধিকভাৱে দৈহিক শাস্তি দিয়াৰ গৌৰৱ অনুভৱ কৰিছিল। ‘চেকণীৰ আগত বিদ্যা’ বা ‘rule of rod’ নীতিৰ দ্বাৰা শিক্ষা পৰিচালনা কৰা হৈছিল। চেকণীৰ প্ৰয়োগ বন্ধ কৰা মানেই ছাত্ৰক নষ্ট কৰা বুলি ভবা হৈছিল।

অৱশ্যে বৰ্তমানৰ শিক্ষাত অনুশাসনৰ এই পুৰণি দমনমূলক দৃষ্টিভংগীৰ বিশেষ পৰিৱৰ্তন হৈছে। দাৰ্শনিক ৰুচোকে আদি কৰি এদল শিক্ষাবিদে এই দমনমূলক অনুশাসন নীতিৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ স্বাধীনতা আৰু দমনমুক্ততা দাবী কৰে। এই দৃষ্টিভংগীৰ পৰা কোৱা হয় যে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা-পৰিৱেশত আত্মপ্ৰকাশৰ বাবে সম্পূৰ্ণ মুক্ত আৰু আত্ম-পৰিচালনাৰ ব্যৱস্থা থাকিব লাগে। তেওঁলোকৰ মুক্ত কাৰ্যকলাপত শিক্ষক, অভিভাৱক অথবা আন কোনো লোকৰ কোনো ধৰণৰ হস্তক্ষেপ থাকিব নালাগে। আত্ম-পৰিচালনাৰ নীতি-নিয়ম, কাৰ্যপন্থা আৰু অনুশাসনৰ ব্যৱস্থা ছাত্ৰসকলে নিজেই স্থিৰ কৰি লোৱাৰ স্বাধীনতা দিব লাগে। এনে এক মুক্ত আৰু ছাত্ৰৰ আত্ম-পৰিচালনাৰ শিক্ষানীতি আৰু পদ্ধতিকেই মুক্ত-অনুশাসন বোলা হয়। ইয়াত ছাত্ৰই হৈছে শিক্ষানুষ্ঠানৰ প্ৰধান নায়ক। শিক্ষক বা শিক্ষা-কৰ্তৃপক্ষসকলে ছাত্ৰৰ স্বতঃপ্ৰণোদিত ক্ৰিয়াকলাপত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নালাগে। শিক্ষাত এই পূৰ্ণ স্বাধীনতা অথবা মুক্ত-অনুশাসন প্ৰদান কৰা ধাৰণা প্ৰকৃতিবাদ দৰ্শনৰ দ্বাৰা সমৰ্থিত। চিন্তাবিদ ৰুচোৰ মতে শিশুক সমাজৰ সকলো ধৰণৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত কৰি এক স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশত বিকাশ আৰু আত্মপ্ৰকাশৰ সুবিধা দিব লাগে। ইয়াত ভবা হয় যে প্ৰকৃতিৰ এক সুস্থ, সুন্দৰ আৰু সাৱলীল প্ৰভাৱ থাকে। এনে প্ৰভাৱৰ দ্বাৰাহে শিশু প্ৰভাৱিত, পৰিচালিত আৰু অনুশাসিত হ’ব লাগে। বিশ্বাস কৰা হয় যে শিশু স্বাভাৱিকতেই হৈছে পৱিত্ৰ আৰু নিষ্কলুষ আৰু সেইবাবে সমাজৰ কোনো ধৰণৰ কলুষতা অথবা অসুস্থ প্ৰভাৱৰ সংস্পৰ্শ লৈ শিশুক আহিবলৈ দিব নালাগে। উদাৰ প্ৰকৃতিয়েই হৈছে শিশুৰ শিক্ষা বিকাশৰ প্ৰকৃত শিক্ষক। সেইবাবে প্ৰকৃতিৰ সুস্থ, সুন্দৰ আৰু উদাৰ প্ৰভাৱৰ যোগেদিহে শিশু শিক্ষিত, বিকশিত আৰু অনুশাসিত হৈ উঠিব লাগে। দাৰ্শনিক ৰুচোৱে এই মতও প্ৰকাশ কৰে যে জন্মতে শিশু হয় পৱিত্ৰ, কিন্তু সমাজৰ সংস্পৰ্শইহে তাক কলুষিত কৰি তোলে। তেওঁ আৰু মত প্ৰকাশ কৰি কয় যে শিশুক কোনো গ্ৰন্থ বা পুথি পঢ়িবলৈও দিব নালাগে। কাৰণ মানুহৰ দ্বাৰা ৰচিত এই পুথিসমূহ সমাজৰ কলুষতাৰে ভৰা। সেইবাবে মানুহে হাতেলিখা গ্ৰন্থ অধ্যয়নৰ পৰিৱৰ্তে শিশুৱে প্ৰকৃতিৰ মুক্ত আৰু উদাৰ গ্ৰন্থৰ পৃষ্ঠাহে অধ্যয়ন কৰিব লাগে। প্ৰকৃতিবাদী দাৰ্শনিকসকলে অনুশাসন সম্বন্ধে গ্ৰহণ কৰা এই দৃষ্টিভংগীয়ে বৰ্তমান শিক্ষাবিদসকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।

মুক্ত-অনুশাসনৰ কাৰ্যকৰিতাঃ

শিক্ষাত অনুশাসন প্ৰয়োগৰ বেলিকা মুক্ত-অনুশাসনৰ ধাৰণা এক বিতৰ্কমূলক বিষয়। এনে বিতৰ্ক দাৰ্শনিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত। উল্লেখযোগ্য যে শিক্ষাৰ ব্যক্তি-স্বাধীনতা এক অতি প্ৰয়োজনীয় চৰ্তবিশেষ। ইয়াৰ যোগেদিহে ব্যক্তিৰ স্বতঃস্ফূৰ্ত আত্মপ্ৰকাশ আৰু বিকাশ সম্ভৱ হৈ উঠে। সেইবাবে বৰ্তমান সকলো শিক্ষাবিদে ছাত্ৰক স্বাধীনতা প্ৰদানৰ মত প্ৰকাশ কৰে। এই কথা বৰ্তমান বিতৰ্কৰ উৰ্ধত বুলি ক’ব পাৰি। কিন্তু শিক্ষাক্ষেত্ৰত ছাত্ৰক পূৰ্ণ-স্বাধীনতা বা অবাধ স্বাধীনতা প্ৰদানৰ দৃষ্টিভংগী বিতৰ্কৰ উৰ্ধত বুলিব নোৱাৰি। ই বহুতো শিক্ষাবিদৰ বাবে গ্ৰহণযোগ্য নহয়। আশংকা কৰা হয় যে অপৰিমিত স্বাধীনতাই ছাত্ৰক অনিয়ন্ত্ৰিত আৰু অনুশাসনহীন অৱস্থা এটালৈহে ঠেলি দিব পাৰে। কাৰণ তেওঁলোক হৈছে স্বাভাৱিকতেই অনভিজ্ঞ, আত্মনিয়ন্ত্ৰণহীন আৰু প্ৰবৃত্তি পৰিচালিত। পৰনিৰ্ভৰশীলতা আৰু দায়িত্বজ্ঞানহীনতা হৈছে তেওঁলোকৰ স্বভাৱ। সেইবাবে শিশুৱে আত্মনিৰ্ভৰশীলতা আৰু আত্ম-অনুশাসনৰ এটা অৱস্থা পাবৰ বাবে শিক্ষক আৰু অভিভাৱকসকলৰ নিৰ্দেশ, উপদেশ আৰু কিছু পৰিমাণে অনুশাসনৰ প্ৰয়োজন হয়। ইয়াক অস্বীকাৰ কৰি ছাত্ৰৰ কম বয়সতে পূৰ্ণ-স্বাধীনতা আৰু আত্মনিয়ন্ত্ৰণৰ সম্পূৰ্ণ ক্ষমতা এৰি দিয়াটো নিৰাপদজনক হ’ব নোৱাৰে।

সেয়েহে ক’ব পাৰি যে পূৰ্ণ-স্বাধীনতাতকৈ যথাসম্ভৱ প্ৰয়োজনীয় স্বাধীনতা ছাত্ৰক দিয়াটোহে অধিক যুক্তিসংগত কথা। এনে স্বাধীনতাহে ছাত্ৰৰ শিক্ষা বিকাশৰ বাবে সহায়ক হৈ উঠিব পাৰে। সেয়েহে শিক্ষাবিদসকলে মত প্ৰকাশ কৰে যে অনিয়ন্ত্ৰিত স্বাধীনতা আৰু মুক্ত-অনুশাসনৰ ক্ষমতা ছাত্ৰৰ বাবে সম্ভৱো নহয় আৰু ই বাঞ্ছনীয়ও নহয়। যেতিয়ালৈকে ছাত্ৰৰ স্বাধীনতাই গঠনাত্মকভাৱে কাম কৰে আৰু সি নিজৰ তথা আনৰ অনিষ্ট সাধন নকৰে তেতিয়ালৈকে শিক্ষকৰ নিয়ন্ত্ৰণ অথবা হস্তক্ষেপৰ প্ৰয়োজন নাই। কিন্তু যি মুহূৰ্তত তেনে মুক্ত স্বাধীনতাই বিপথগামী আৰু ধ্বংসমুখী হৈ পৰাৰ উপক্ৰম হয় তেনে অৱস্থাত শিক্ষকৰ প্ৰভাৱৰ দ্বাৰা তাক সংশোধনৰ পথলৈ আনিব লাগে।

এইখিনিতেই মুক্ত-অনুশাসনৰ সমৰ্থনকাৰীসকলৰ দৃষ্টিভংগীৰ লগত মতৰ পাৰ্থক্য হোৱাটো লক্ষ্য কৰিব পাৰি। তেওঁলোকে বিশ্বাস কৰে যে মুক্ত অনুশাসনৰ প্ৰকৃত মূল্য এয়ে যে ছাত্ৰই এনে অৱস্থাত বিপথগামী হ’ব পাৰে, নিজৰ ভুল সংশোধন কৰিব পাৰে আৰু নিজস্বভাৱে শুদ্ধ পথ গ্ৰহণ কৰিব পাৰে। আনহাতে ইয়াৰ বিৰোধিতা কৰি কোৱা হয় যে শিশুক নিজ স্বাধীনতাৰ দ্বাৰা কৰা ভুলৰ এনে এক চৰম অৱস্থালৈ শিক্ষকে এৰি দিব নোৱাৰে। এনে অৱস্থাত শিক্ষকে নিষ্ক্ৰিয় ভূমিকা লোৱাৰ পৰিৱৰ্তে সক্ৰিয় আৰু গঠনাত্মক ভূমিকাহে গ্ৰহণ কৰিব লাগে। শিক্ষাবিদ চাৰ জন্ আদামচেও এনে দৃষ্টিভংগী সমৰ্থন কৰি কয় যে শ্ৰেণীকক্ষৰ সমূহীয়া স্বাৰ্থ হানি নোহোৱাকৈ শিক্ষকে যিমান সম্ভৱ সিমান স্বাধীনতা ছাত্ৰসকলক দিব লাগে। কিন্তু তেওঁ শেষ অৱলম্বন স্বৰূপে নিজৰ হাতত হস্তক্ষেপ আৰু নিষেধকৰণৰ ক্ষমতা সংৰক্ষিত কৰি ৰাখিব লাগে।

সেইবাবে অনিয়ন্ত্ৰিত আৰু মুক্ত-স্বাধীনতাতকৈ নিয়ন্ত্ৰিত স্বাধীনতাহে ছাত্ৰৰ অনুশাসনৰ বাবে অধিক কাৰ্যকৰী আৰু গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব পাৰি। এনে অনুশাসনৰ বেলিকা শিক্ষকে ছাত্ৰৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ-প্ৰদৰ্শক স্বৰূপে ভূমিকা গ্ৰহণ কৰিব পাৰে। এহাতে যিদৰে ছাত্ৰই অনুশাসনৰ যোগেদি আত্মপ্ৰকাশৰ সুবিধা লাভ কৰিব পাৰে সেইদৰে আনহাতে শিক্ষকে শিক্ষাক্ষেত্ৰত ছাত্ৰৰ বাবে গঠনাত্মক ভূমিকা পালন কৰিব পাৰে। এনে অনুশাসন ব্যৱস্থাত ছাত্ৰ-শিক্ষক উভয়েই নিজ নিজ ভূমিকা সন্মানজনক আৰু দায়িত্বশীলভাৱে পালন কৰিব পাৰে।

মু্ক্ত-অনুশাসনৰ ভিত্তিত ৰুচোৰ নেতিবাচক শিক্ষাঃ

মুক্ত-অনুশাসনৰ ধাৰণা সম্যক উপলব্ধিৰ বাবে ৰুচোৰ নেতিবাচক শিক্ষাৰ লগত পৰিচিত হোৱাটো প্ৰয়োজন। তেওঁ ‘এমিল’ নামৰ গ্ৰন্থত সমসাময়িক শিক্ষাৰ বিপৰীতে এক নেতিবাচক শিক্ষা-ব্যৱস্থা আগবঢ়ায়। এই নেতিবাচক শিক্ষাৰ দ্বাৰা ছাত্ৰক কোনো শিক্ষাকেই নিদিয়াটো নুবুজায়, অথবা তেওঁলোকক শিক্ষাৰ পৰা বিৰত কৰি এলেহুৱা কৰি ৰখাটো নুবুজায়। এই নেতিবাচক শিক্ষাৰে তেওঁ ক’বলৈ বিচাৰে যে প্ৰচলিত শিক্ষক-প্ৰধান শিক্ষা-ব্যৱস্থাৰ বিপৰীতে শিশুৰ আত্মপ্ৰকাশৰ বাবে মুক্ত অৱস্থাৰ এক নতুন দৃষ্টিভংগী শিক্ষাত গঢ় দি তুলিব লাগে। তেওঁৰ মতে ইতিবাচক শিক্ষা হৈথে এয়ে যে শিশুক অনুচিত আৰু অপ্ৰয়োজনীয়ভাৱে সমাজৰ কেতবোৰ আওপুৰণি নীতি-নিয়মৰ বান্ধোনেৰে নিয়ন্ত্ৰিত আৰু কলুষিত কৰি তোলে। তেওঁ অনুভৱ কৰে যে শিশু স্বাভাৱিকতেই সুন্দৰ আৰু পৱিত্ৰ। তাৰ প্ৰবৃত্তি, প্ৰৱণতা আৰু অনুভূতি আদিও হৈছে স্বাভাৱিক আৰু নিষ্কলুষ। সেইবাবে শিশুক তাৰ স্বাভাৱিক সৰলতা, সুন্দৰতা আৰু পৱিত্ৰতা ৰক্ষা কৰি চলিবলৈ দিব লাগে। সমাজৰ পুৰণি ৰীতি-নীতিৰ দ্বাৰা অন্ধ আৰু গতানুগতিকভাৱে প্ৰভাৱিত তথা কলুষিত হ’বলৈ দিব নালাগে। সেয়েহে তেওঁৰ এই নেতিবাচক শিক্ষাৰ অন্তৰালত আমাৰ বাবে এক ইতিবাচক ইংগিত নিহিত হৈ আছে। মুক্ত-অনুশাসন নীতিৰ ওপৰত প্ৰতিষ্ঠিত এই শিক্ষাৰ কেতবোৰ তাৎপৰ্যপূৰ্ণ দিশ তলত উল্লেখ কৰিব পাৰি।

(১) পুথিগত শিক্ষা থাকিব নালাগেঃ

ৰুচোৰ নেতিবাচক শিক্ষা-ব্যৱস্থা অনুসৰি শিশুক কোনো পুথিগত জ্ঞান দিব নালাগে। মানুহে লিখা পুথিৰ যোগেদি শিশুৱে সমাজৰ কলুষতাৰ বাহিৰে আন কোনো কথাই শিকিব নোৱাৰে। ই সমাজৰ অসুস্থ চিন্তা-ভাবনা আৰু ক্ৰিয়া আদিৰে ভৰা। সেইবাবে এনে পুথি অধ্যয়নৰ সলনি প্ৰকৃতিৰ বুকুত থকা মুক্ত পুথিহে শিশুৱে অধ্যয়ন কৰিব লাগে।

(২) আনুষ্ঠানিক শিক্ষা দিব নালাগেঃ

তেওঁৰ মতে শিশুক বাল্যকালত স্কুলৰ আনুষ্ঠানিক শিক্ষা দিব নালাগে। তেওঁ যুক্তি প্ৰদৰ্শন কৰি কয় যে এই সময়ছোৱা হৈছে শিশুমনৰ যুক্তি আৰু বিচাৰশক্তিৰ এক সুপ্ত আৰু নিষ্ক্ৰিয় অৱস্থা। আনুষ্ঠানিক শিক্ষাৰ কোনো চিন্তা-যুক্তি আদি শিশুৱে বুজিব আৰু তাৰ পৰা লাভৱান হ’ব নোৱাৰে। সেয়েহে বাৰ বছৰ বয়সলৈকে আনুষ্ঠানিক শিক্ষাৰ বাবে শিশুৱে অপেক্ষা কৰিব লাগে।

(৩) কোনো অভ্যাস গঠন হ’বলৈ দিব নালাগেঃ

ৰুচোৱে শিশুক তাৰ নিজ অভিজ্ঞতাৰ যোগেদি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে শিক্ষালাভ কৰাৰ ওপৰতহে গুৰুত্ব দিয়ে। পুৰণি সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিৰ গতানুগতিক অন্ধ- অনুকৰণ আৰু অনুশীলনৰ যোগে সি অভ্যাস গঠন কৰিব নালাগে। এনে অভ্যাস গঠনে তাৰ নিজ প্ৰকৃতি অনুসৰি শিক্ষালাভত বাধাৰ সৃষ্টি কৰে। শিশুৱে কেৱল এটাই মাথোন অভ্যাস গঠন কৰিব লাগে আৰু সি হৈছে কোনো অভ্যাস গঠন হ’বলৈ নিদিয়াটো।

(৪) শিক্ষকৰ অনুশাসন ব্যৱস্থা থাকিব নালাগেঃ

শিশুশিক্ষাৰ ক্ষেত্ৰত ৰুচো মুক্ত-অনুশাসনৰ পক্ষপাতী। শিশুৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ অথবা বাধা-নিষেধ শিক্ষক বা আন কোনো কৰ্তৃপক্ষই আৰোপ কৰিব নালাগে। শিশুক তাৰ নিজ ক্ৰিয়া-আঁচনি প্ৰস্তুত আৰু পৰিচালনা কৰিবৰ বাবে সম্পূৰ্ণ স্বাধীনতা আৰু কৰ্তৃত্ব দিব লাগে। এনে অৱস্থাত ভুল কৰিলেও প্ৰকৃতিয়েহে তাৰ নিজ ক্ৰিয়াৰ স্বাভাৱিক পৰিণতি অনুসৰি শাস্তি দিব লাগে।

(৫) কোনো নৈতিক শিক্ষা দিব নালাগেঃ

ৰুচোৰ মতে কোনো নৈতিক শিক্ষাৰ পাঠ বা নীতিজ্ঞান শিশুক দিব নালাগে। তেওঁৰ মতে বাল্যকালত দিয়া নৈতিক শিক্ষাই শিশুৰ কোনো সজ গুণ বিকশাই তুলিব নোৱাৰে। কাৰণ সি নীতিজ্ঞানৰ যুক্তি আৰু চিন্তা বুজি উঠিব নোৱাৰে। ফলত অন্ধভাৱে তাক অনুকৰণহে কৰে। সেইবাবে প্ৰত্যক্ষ নীতিজ্ঞান দিয়াৰ পৰিৱৰ্তে তাক অনৈতিক ক্ৰিয়াৰ পৰা আঁতৰাইহে ৰাখিব লাগে। তেওঁ শিশুক মাত্ৰ এটা নৈতিক শিক্ষা দিয়াৰ অনুমোদন কৰে, আৰু সি হৈছে- কাৰো মনত আঘাত নিদিবা।

সমীক্ষাঃ

ৰুচোৰ নেতিবাচক শিক্ষা ওপৰে ওপৰে চালে বৰ্তমান শিক্ষা-ব্যৱস্থাৰ বিৰোধী এক অপ্ৰাসংগিক তথা অকাৰ্যকৰী ব্যৱস্থা বুলি ভাবিব পাৰি। কাৰণ কিতাপ অবিহনে বৰ্তমান আমি শিশুক শিক্ষা দিয়াৰ কথা ভাবিব নোৱাৰো। আনুষ্ঠানিক স্কুল অবিহনে শিশুক শিক্ষা দিয়াটোও সম্ভৱ নহয়। ইয়াৰ উপৰি বাৰ বছৰ বয়সলৈকে শিশুক স্কুলীয়া শিক্ষাৰ পৰা বিৰত ৰখাৰ কথাও আমাৰ গ্ৰহণযোগ্য নহয়। শিশুক তাৰ সুস্থ আৰু গ্ৰহণযোগ্য আচৰণৰ শিক্ষা বিকাশৰ বাবে অনুশাসনৰ প্ৰয়োজন আমি অনুভৱ কৰো। সেয়েহে বৰ্তমান সময়ৰ শিশু-শিক্ষা ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰুচোৰ নেতিবাচক শিক্ষাৰ ধাৰণা কাৰ্যকৰী বুলি ক’ব নোৱাৰি।

অৱশ্যে এই শিক্ষাই আধুনিক শিক্ষাৰ বাবে বহন কৰি অনা নীতি আৰু আদৰ্শ আমি অস্বীকাৰ কৰিব নোৱাৰো। তেওঁৰ এই নেতিবাচক শিক্ষাৰ যোগেদি ব্যক্তি কৰিবলৈ বিচৰা মূলভাৱ আৰু আদৰ্শ এয়ে যে শিশুৰ শিক্ষাত কোনো ধৰণৰ কৃত্ৰিমতাই ঠাই পাব নালাগে। শিশুৰ শিক্ষা হ’ব লাগে সুস্থ, সুন্দৰ, স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত। তাত প্ৰাপ্তবয়স্ক লোকসকলৰ সমাজৰ কলুষতা আৰু কৃত্ৰিমতাই অসুস্থ প্ৰভাৱ পেলাব নালাগে। শিশুৰ নিজ প্ৰকৃতি আৰু প্ৰয়োজন অনুসৰি এক প্ৰাকৃতিক শিক্ষা-ব্যৱস্থা আৰু পৰিৱেশ তাৰ বাবে গঢ় দি তুলিব লাগে। শিশুক তাৰ ভৱিষ্যতৰ প্ৰাপ্তবয়স্ক জীৱনৰ প্ৰয়োজনতকৈ বাল্যজীৱনৰ প্ৰকৃতি আৰু প্ৰয়োজন অনুসৰিহে শিক্ষা গঢ় দি তুলিব লাগে। পুৰণি সমাজৰ গতানুগতিক শিক্ষা শিশুৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নালাগে। নেতিবাচক শিক্ষাৰ এনেবোৰ ইতিবাচক ইংগিতৰ প্ৰতিহে আধুনিক শিক্ষাৰ শিক্ষকসকলৰ দৃষ্টি আকৰ্ষিত হ’ব লাগে। বৰ্তমানৰ বাবেও সেয়েহে ৰুচোৰ শিক্ষানীতি অনুপ্ৰেৰণাদায়ক।

স্বাভাৱিক পৰিণতিৰ দ্বাৰা অনুশাসনঃ

প্ৰকৃতিবাদী দাৰ্শনিকসকলে মত প্ৰকাশ কৰে যে মানুহৰ অনুশাসন কেৱল প্ৰকৃতিৰ উদাৰ নীতিৰ দ্বাৰাহে আপোনা-আপুনি সম্ভৱ হৈ উঠিব পাৰে। মানুহৰ দ্বাৰা কৰা অনুশাসন কেতিয়াও সুস্থ আৰু স্বাভাৱিক হৈ উঠিব নোৱাৰে। দাৰ্শনিক ৰুচো এই দৃষ্টিভংগীৰ প্ৰধান পৃষ্ঠপোষক। তেওঁ শিশুক মানুহৰ শাসনমুক্ত আৰু প্ৰভাৱমুক্ত কৰি প্ৰকৃতিৰ স্বাভাৱিক আৰু সাৱলীল প্ৰভাৱৰ দ্বাৰা বিকাশ হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰকৃতিয়েহে শিশুৰ নিজ প্ৰকৃতি অনুসৰি স্বাভাৱিক শিক্ষা আৰু অনুশাসনৰ ব্যৱস্থা কৰিব পাৰে। প্ৰকৃতিৰ মুক্ত পৰিৱেশত শিশুৱে ভুল, দোষ বা অন্যায় কৰিলেও প্ৰকৃতিয়েহে তাক শাস্তি দিব লাগে। এই কথা বিশ্বাস কৰা হয় যে শিশুৰ প্ৰতিটো দোষৰ বাবে প্ৰকৃতিয়ে তাৰ স্বাভাৱিক পৰিণতি অনুসৰি শাস্তি প্ৰদান কৰে। এই শাস্তি হৈছে অব্যৰ্থ আৰু ক্ৰিয়াৰ পৰিণতি সাপেক্ষ। স্বাভাৱিক পৰিণতিৰ দ্বাৰা শাস্তি প্ৰদানৰ যোগে শিশুৰ ভুল সংশোধন কৰিব পৰা ক্ষমতা প্ৰকৃতিৰ আছে। ইয়াৰ দ্বাৰা শিশু সংশোধিত আৰু অনুশাসিত হ’বলৈ এৰি দিব লাগে। মানুহে কোনো ধৰণৰ হস্তক্ষেপ অথবা শাস্তি প্ৰদানৰ কথা ভাবিব নালাগে। ইয়াত বিশ্বাস কৰা হয় যে ব্যক্তিৰ প্ৰতিটো অসুস্থ আৰু অনুচিত ক্ৰিয়াৰ বাবে প্ৰকৃতিয়ে তাৰ অনিবাৰ্য স্বাভাৱিক পৰিণতি স্বৰূপে শাস্তি প্ৰদান কৰে। ইয়াতে এই কথাও বিশ্বাস কৰা হয় যে শিশুৰ ওপৰত পৰা মানুহৰ সকলো প্ৰভাৱেই অসুস্থ আৰু তাৰ বাবে ক্ষতিকাৰক। এনে এক দৃষ্টিভংগী ৰুচোৱে তেওঁৰ ‘এমিল’ নামৰ গ্ৰন্থত প্ৰথমেই উল্লেখ কৰে। তেওঁ মত প্ৰকাশ কৰে যে ভগৱানে সকলো বস্তু সুস্থভাৱে সৃষ্টি কৰে। মানুহে তাৰ মাজত সোমাই পৰি অসুস্থ কৰি তোলে।

সমীক্ষাঃ

এই পদ্ধতিৰ অনুশাসন ব্যৱস্থাত বিশেষ মন কৰিবলগীয়া কথা হৈছে এয়ে যে শিশুৰ অনুশাসনৰ সকলো দায়িত্ব প্ৰকৃতিৰ অনিশ্চিত প্ৰভাৱৰ ওপৰত সম্পূৰ্ণৰূপে এৰি দিয়া হৈছে। এই কথা বৰ্তমান শিক্ষাবিদসকলৰ বাবে গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। প্ৰকৃতিৰ প্ৰভাৱ আৰু প্ৰকৃতিয়ে কৰা শাস্তিৰ বিধান সকলো সময়তে সুস্থ, পৰিমিত আৰু গঠনাত্মক হৈ উঠাটো আশা কৰিব নোৱাৰি। প্ৰকৃতিৰ সুস্থ প্ৰভাৱ শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰিব লাগে, কিন্তু ইয়াৰ অনিশ্চিত আৰু অপৰিমিত প্ৰভাৱৰ ওচৰত শিশুক সমৰ্পণ কৰিব নালাগে, তেনে কৰিলে প্ৰকৃতিৰ অনিৰ্দিষ্ট প্ৰভাৱে শিশুৰ বিশেষ ক্ষতিসাধন কৰিব পাৰে। শিশুৱে ভুল পথ ল’লে তাৰ উপযুক্ত শুধৰণি শিক্ষকেহে কৰি দিব লাগে। তাকে নকৰি তাৰ ভুলৰ স্বাভাৱিক পৰিণতিৰে শিশুক শাস্তি দিবলৈ প্ৰকৃতিৰ হাতত এৰি দিয়াটো অনুশাসনৰ উচিত ব্যৱস্থা স্বৰূপে কেতিয়াও বিবেচিত হ’ব নোৱাৰে। সেইবাবে প্ৰকৃতিবাদীসকলৰ অনুশাসন সম্বন্ধে এই দৃষ্টিভংগী সমালোচনাৰ উৰ্ধত নহয়।

অনুশাসনৰ বিভিন্ন পদ্ধতিঃ

স্কুলত গ্ৰহণ কৰা অনুশাসন ব্যৱস্থাৰ বিশ্লেষণ কৰিলে আমি ইয়াৰ তিনিটা পদ্ধতি স্পষ্টভাৱে দেখিবলৈ পাওঁ। নৰমান মেক্ মান (Norman Mac Mann) নামৰ এজন শিক্ষাবিদে তেওঁৰ ‘The Child’s Path to Freedom’ নামৰ গ্ৰন্থত এই তিনিটা পদ্ধতিৰ তাৎপৰ্যপূৰ্ণভাৱে বৰ্ণনা কৰে। এইকেইটা পদ্ধতি হৈছে অৱদমন, ব্যক্তিত্বৰ প্ৰভাৱ আৰু মুক্ত অৱস্থা।

অৱদমন হৈছে শিক্ষকৰ কঠোৰ শাস্তি প্ৰদানৰ যোগেদি ছাত্ৰৰ আচৰণ দমন আৰু নিয়ন্ত্ৰণ কৰা। ই হৈছে অনুশাসনৰ এক পুৰণি পদ্ধতি। ইয়াত শিক্ষকে ছাত্ৰৰ ওপৰত কঠোৰ দৈহিক শাস্তি আৰু পীড়নৰ যোগে ভীতি আৰু সন্ত্ৰাসৰ সৃষ্টিকৰি তুলিছিল। শাস্তিৰ যোগেদি এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰি ছাত্ৰৰ ক্ৰিয়া-আচৰণ প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰা হৈছিল। যিজন শিক্ষকে অধিকভাৱে শাস্তি দিব পাৰে তেওঁকেই ছাত্ৰৰ অনুশাসন ৰক্ষাৰ ক্ষেত্ৰত ভাল শিক্ষক স্বৰূপে জনা গৈছিল। শাস্তিৰ প্ৰয়োগ বন্ধ কৰা মানে ছাত্ৰক নষ্ট কৰা বুলি বিবেচনা কৰা হৈছিল। শিশু জন্মগতভাৱে পৱিত্ৰ আৰু নিষ্কলুষ- এই ধাৰণা গ্ৰহণৰ পৰিৱৰ্তে সি মূলতেই অশুভ আৰু অসুন্দৰ আৰু ইয়াক গুচাবৰ বাবে শাস্তিৰ প্ৰয়োগ কৰিব লাগে- এই ধাৰণাহে কৰা হৈছিল। শাস্তিৰ মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে ছাত্ৰৰ এক গ্ৰহণযোগ্য আচৰণ লাভ কৰিবৰ বাবে ইয়াত ভয়ৰ প্ৰত্যক্ষ প্ৰভাৱৰ যোগে মন প্ৰৰোচিত কৰা হয়।

দ্বিতীয়বিধ অনুশাসন পদ্ধতি হৈছে শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱৰ যোগেদি ছাত্ৰৰ আচৰণ নিয়ন্ত্ৰিত কৰা। ইয়াত শাস্তিৰ ভয়ৰ পৰিৱৰ্তে শিক্ষকৰ গম্ভীৰতাপূৰ্ণ আৰু প্ৰভাৱশালী ব্যক্তিত্ব ছাত্ৰৰ অনুশাসনৰ বাবে প্ৰয়োগ কৰা হয়। শিক্ষকক উচ্চস্থান আৰু মান প্ৰদান কৰি তেওঁৰ আদৰ্শ গুণৰাশিৰ এক পৰ্বতসম ব্যক্তিত্বৰ প্ৰভাৱ ছাত্ৰৰ ব্যক্তিত্বৰ ওপৰত পেলাবলৈ ইয়াত বিচৰা হয়। এনে পদ্ধতিত সেইবাবে শিক্ষকৰ ইচ্ছা ছাত্ৰৰ ওপৰত আৰোপিত কৰা হয় আৰু ছাত্ৰই শিক্ষকৰ ব্যক্তিত্বৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। শিক্ষকৰ ব্যক্তিত্বৰ প্ৰতি নত-মস্তক হৈ তেওঁৰ প্ৰতি সমৰ্পিত আচৰণ ইয়াত ছাত্ৰৰ পৰা আশা কৰা হয়। ইয়াত শিক্ষকেই হৈছে প্ৰকৃত অৰ্থত শিক্ষাজগতৰ ‘Hero’ বা ‘নায়ক’। এইবিধ অনুশাসন পদ্ধতি ১৯ শতিকাৰ ইংলিচ পাব্লিক স্কুলৰ পৰম্পৰাৰ পৰা পাব পৰা যায়। আমাৰ ভাৰতৰ পুৰণি গুৰুকুল শিক্ষা পদ্ধতিতো শিক্ষকৰ এনে ব্যক্তিত্বৰ প্ৰভাৱৰ দ্বাৰা অনুশাসনৰ দৃষ্টান্ত পাব পাৰি।

অনুশাসনৰ তৃতীয়বিধ পদ্ধতি হৈছে শিক্ষাগ্ৰহণ কাৰ্যত ছাত্ৰক এক মুক্ত আৰু বাধাহীন অৱস্থা প্ৰদান কৰা। এনে ব্যৱস্থা বৰ্তমান সময়ৰ অনুশাসন পদ্ধতিত পাব পৰা যায়। ৰুচোৰ ‘এমিল’ নামৰ গ্ৰন্থত প্ৰকৃতিবাদ দৰ্শনৰ ভিত্তিত দাঙি ধৰা অনুশাসনৰ নীতিয়ে এই ধাৰণা শিক্ষাজগতত বিশেষ জনপ্ৰিয় কৰি তোলে। ইয়াৰ যোগেদি শিক্ষকৰ পূৰ্বৰ মুখ্য ভূমিকাৰ পৰিৱৰ্তে ছাত্ৰক সেই ভূমিকা দিয়া হয়। শিক্ষাজগতৰ মুখ্য নায়ক হৈছে ছাত্ৰ নিজেই। ইয়াত শিক্ষকে নেপথ্যৰ পৰা নিৰীক্ষক আৰু নিৰ্দেশক স্বৰূপেহে নিজ দায়িত্ব পালন কৰিব লাগে। শিক্ষাৰ সন্মুখলৈ আহি ছাত্ৰৰ স্বতঃপ্ৰণোদিত ক্ৰিয়াত তেওঁ কোনো ধৰণৰ প্ৰভাৱ বা হস্তক্ষেপ প্ৰদান কৰিব নালাগে। ইয়াত শিশুৰ জন্মগত অন্তৰ্নিহিত সুন্দৰতাত বিশ্বাস কৰা হয়। এই সুন্দৰতা তাৰ স্বাভাৱিক ৰূপত অবাধে প্ৰকাশ আৰু বিকাশ লাভৰ এক মুক্ত অনুশাসনৰ পৰিৱেশ কামনা কৰা হয়। সেইবাবে এইবিধ অনুশাসনত ছাত্ৰৰ সম্পূৰ্ণৰূপে বন্ধন আৰু প্ৰভাৱমুক্ততাৰ প্ৰতি মত প্ৰকাশ কৰা হয়।

শিক্ষাত কেনে অনুশাসনৰ নীতি গ্ৰহণ কৰা উচিতঃ

অনুশাসন নীতি সম্বন্ধে চিন্তাবিদ আৰু শিক্ষাবিদসকলৰ ভিন ভিন নীতি আৰু আদৰ্শমূলক দৃষ্টিভংগী পাব পৰা যায়। এই প্ৰশ্ন মূলতেই দৰ্শনভিত্তিক হোৱা বাবে ইয়াৰ মতপাৰ্থক্য থকাটো অতি স্বাভাৱিক। কিন্তু ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে আমি কোনটো চিন্তাদৰ্শন সমৰ্থন কৰিম আৰু কেনে নীতি গ্ৰহণ কৰিম সেইলৈহে আমাৰ মনত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে। বৰ্তমানৰ সামাজিক পৰিস্থিতিত আমি এক সময়োপযোগী অনুশাসনৰ নীতি আৰু আদৰ্শ বাচি লোৱাটো প্ৰয়োজন।

উল্লেখযোগ্য যে ছাত্ৰৰ অনুশাসনৰ ক্ষেত্ৰত আদৰ্শবাদ দৰ্শনে শিক্ষকৰ ব্যত্তিত্বৰ প্ৰভাৱ থকাটো বিচাৰে। প্ৰকৃতিবাদ দৰ্শনে এনে প্ৰভাৱ অস্বীকাৰ কৰি ছাত্ৰক প্ৰাকৃতিক স্বাধীনতা প্ৰদান কৰাটো বিচাৰে। প্ৰয়োগবাদ দৰ্শনে সামাজিক আৰু দলগত ক্ৰিয়াৰ অংশগ্ৰহণেৰে ছাত্ৰক ক্ৰিয়াত্মক স্বাধীনতা প্ৰদানৰ মত প্ৰকাশ কৰে। এনেবোৰ চিন্তাধাৰাৰ বিবেচনাৰে ক’ব পাৰি যে আধুনিক শিক্ষাত ছাত্ৰক দমন, পীড়ণ আৰু কঠোৰ অনুশাসনৰ যোগে যিদৰে শিক্ষা দিব নোৱাৰি, প্ৰাকৃতিক বা পূৰ্ণ-স্বাধীনতা দানৰ নীতিও সেইদৰে কাৰ্যকৰী নহয়। পূৰ্ণ-স্বাধীনতাই শিশু-আচৰণ প্ৰবৃত্তিমূলক কৰি তোলাৰহে সম্ভাৱনীয়তা অধিক। আকৌ আদৰ্শবাদীসকলে বিচৰা মতে শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱেৰে শিশুৰ ব্যক্তি্ব গঢ় দি তুলিবলৈ বিচৰা নীতিও সমৰ্থনযোগ্য নহয়। কাৰণ তেনে অনুশাসন নীতি শিশুৰ স্বতঃস্ফূৰ্ত আত্মপ্ৰকাশ আৰু বিকাশৰ অনুকূল হৈ উঠিব নোৱাৰি এক হেঁচা স্বৰূপ হৈ উঠিব পাৰে।

সেয়েহে ক’ব পাৰি যে আত্ম-উপলব্ধি, আত্ম-নিয়ন্ত্ৰণ আৰু আত্ম-অনুশাসনৰ নীতি আনবোৰ নীতিতকৈ অধিক গ্ৰহণযোগ্য আৰু কাৰ্যকৰী বিধৰ। অনুশাসন নীতিয়ে ব্যক্তিৰ নিজ বিবেকক স্পৰ্শ কৰিব লাগে আৰু অন্তৰাত্মাক জগাই তুলিব পাৰিব লাগে। এই আভ্যন্তৰীণ অনুশাসনৰ নীতিত বৰ্তমান শিক্ষাবিদসকলে বিশ্বাস কৰে। এনে নীতি হৈছে স্থায়ী, নিশ্চিত আৰু সুদূৰপ্ৰসাৰী বিধৰ। প্ৰয়োগবাদ দৰ্শনৰ সামাজিক ক্ৰিয়া অংশগ্ৰহণৰ যোগেদি ছাত্ৰৰ দলীয় অনুশাসন ৰক্ষাৰ নীতিও আমাৰ বাবে সমৰ্থনযোগ্য। এই প্ৰসংগত প্ৰকল্প পদ্ধতিৰ যোগে ছাত্ৰই দলগতভাৱে কৰা নিজ নিজ ক্ৰিয়া অংশগ্ৰহণে তেওঁলোকৰ মাজত দলীয় ঐক্য আৰু অনুশাসন শক্তিশালী কৰি তুলিব পাৰে। লগতে ছাত্ৰৰ মনত অনুশাসনৰ যোগে গণতান্ত্ৰিক মূল্যবোধ ভাব জগাই তুলিব পাৰে। বৰ্তমান সময় আৰু সামাজিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ এনে অনুশাসনৰ নীতি সেয়েহে আমাৰ গ্ৰহণযোগ্য আৰু কাৰ্যকৰী বিধৰ বুলিব পাৰি।

স্কুলত অনুশাসন কিদৰে ৰক্ষা কৰিব পাৰিঃ

অনুশাসনৰ অৰ্থ আৰু ইয়াক কাৰ্যকৰী কৰাৰ পদ্ধতি সময়ৰ লগে লগে সলনি হৈ আহিছে যদিও শিক্ষকে ছাত্ৰৰ অনুশাসন ৰক্ষা কৰা কাৰ্যকৰী দায়িত্ব সদায় বহন কৰিব লাগে। এই অনুশাসন ৰক্ষা সম্বন্ধীয় শিক্ষকৰ দায়িত্বও বৰ্তমান অধিক জটিলতাপূৰ্ণ হৈ উঠাটো লক্ষ্য কৰিব পাৰি। অনুশাসন নীতিৰ তাত্বিক দিশৰ ধাৰণাক শিক্ষকেই স্কুলত কাৰ্যকৰী ৰূপ দিব লাগে। সেইবাবে স্কুলৰ অনুশাসন বজাই ৰখাটো শিক্ষকৰ ওপৰত একান্ত নিৰ্ভৰশীল। এইক্ষেত্ৰত প্ৰয়োজন হোৱা সংশ্লিষ্ট ক্ৰিয়া ব্যৱস্থাৰ বাস্তৱ জ্ঞান-অভিজ্ঞতা শিক্ষকৰ থকাটো আশা কৰা হয়। ইয়াৰ বাবে কেতবোৰ গ্ৰহণযোগ্য ব্যৱস্থা তলত উল্লেখ কৰা হৈছে।

(১) শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱঃ

অনুকৰণশীল ছাত্ৰৰ বাবে শিক্ষকৰ আদৰ্শ ব্যক্তিত্বৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ উঠিব পাৰে। শিক্ষকৰ ব্যক্তিত্ব বিশেষ গুণসম্পন্ন কৰি তুলিব পাৰিলে তাৰ সুস্থ প্ৰভাৱেৰে ছাত্ৰসকলৰ আচৰণ আৰু মনোযোগ প্ৰভাৱিত কৰি তুলিব পাৰি। ছাত্ৰৰ বাবে শিক্ষক প্ৰকৃত অৰ্থত প্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব পাৰিব লাগে। তেনে এটা মনোবৈজ্ঞানিক আৰু নৈতিক পৰিৱেশ স্থাপন কৰিব পাৰিলে স্কুলৰ অনুশাসন ছাত্ৰ আৰু শিক্ষক উভয়ৰ বাবেই গৌৰৱৰ বিষয় হৈ উঠিব পাৰে।

(২) ছাত্ৰৰ প্ৰতি ব্যক্তিগত মনোযোগঃ

প্ৰতিজন ছাত্ৰৰ লগতে শিক্ষকে ব্যক্তিগতভাৱে সম্বন্ধ স্থাপনৰ যোগে তেওঁলোকৰ ব্যক্তিগত সমস্যাসমূহৰ বুজ ল’বলৈ চেষ্টা কৰিব লাগে। এই সমস্যাবোৰ নিজ নিজ ভাবে সমাধানৰ বাবে শিক্ষকৰ ফালৰ পৰা প্ৰয়োজনীয় পৰামৰ্শ আৰু সহায়-সহানুভূতিৰ মনোভাব প্ৰদৰ্শন কৰিব লাগে। ছাত্ৰসকলক প্ৰয়োজন মতে শিক্ষা-নিৰ্দেশনা আৰু বৃত্তীয় নিৰ্দেশনা আদি দিয়াটো কৰ্তব্য স্বৰূপে বিবেচিত হ’ব লাগে। ছাত্ৰ-শিক্ষকৰ এনে ব্যক্তিগত যোগাযোগ ৰক্ষা কৰি চলিব পাৰিলে অনুশাসনৰ সমস্যা এৰাই চলিব পৰা যায়।

(৩) নিৰাপত্তাৰ মনোভাবঃ

ছাত্ৰসকলৰ মাজত অনুশাসন ৰক্ষাৰ বাবে তেওঁলোকৰ মনত আৱেগিকভাৱে নিৰাপত্তাৰ ভাব গঢ়ি তোলাটো অতি প্ৰয়োজন। শিক্ষকৰ আদৰ-যত্ন আৰু তেওঁৰ শিক্ষা-নিৰ্দেশনাত ছাত্ৰসকলে তেওঁলোকৰ মনত নিৰাপত্তা আৰু আত্ম-সন্তুষ্টিৰ ভাব লাভ কৰিব পাৰিব লাগে। শিক্ষকৰ প্ৰতি আস্থা আৰু নিষ্ঠাৰ ভাব গঢ়ি তুলিব পাৰিলেহে ছাত্ৰৰ মনত আনুগত্য আৰু অনুশাসনৰ মনোভাব সম্ভৱ হৈ উঠিব পাৰে। ইয়াৰ অভাৱত তেওঁলোকৰ মনত অনাস্থা আৰু অশ্ৰদ্ধাৰ ভাব পৰিলক্ষিত হয়। সেইবাবে শিক্ষকৰ শৈক্ষিক ক্ষমতাৰ ওপৰত ছাত্ৰসকল আস্থাৱান আৰু নিৰ্ভৰশীল হৈ চলাৰ অৱস্থা এটা গঢ় দি তুলিব লাগে।

(৪) ক্ৰিয়াভিত্তিক শিক্ষা-পদ্ধতিঃ

সকলো ছাত্ৰই যাতে সামূহিকভাৱে পাঠ্যক্ৰমৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে তেনে এক শিক্ষা-পদ্ধতি গ্ৰহণ কৰা উচিত। সক্ৰিয় শিক্ষা-ব্যৱস্থাই ছাত্ৰৰ মনত দুঃচিন্তা আৰু দুৰ্ভাবনা গুচাই সুস্থ, আগ্ৰহী আৰু উৎসাহী কৰি তুলিব পাৰে। সেইবাবে শিক্ষকে কৰ্মবিমুখ আৰু তত্ত্বপ্ৰধান শিক্ষা-ব্যৱস্থা যথাসম্ভৱ এৰাই চলিব লাগে। পাঠ্যক্ৰম আৰু কাৰ্যসূচী যাতে ছাত্ৰসকলৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন পূৰণমুখী হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তেওঁলোকে নিজ শিক্ষাৰ আনন্দ উপভোগ কৰিব পাৰিব লাগে।

(৫) সহ-পাঠ্যক্ৰমৰ সৎ ব্যৱহাৰঃ

ছাত্ৰসকলৰ অৱসৰ সময় সুস্থ আৰু গঠনাত্মকভাৱে কটাব পৰাৰ ওপৰত তেওঁলোকৰ সুস্থ মানসিকতা আৰু অনুশাসনমূলক আচৰণ ঘাইকৈ নিৰ্ভৰ কৰে। সেইবাবে দেহৰ অংগ-সঞ্চালনৰ দিশৰ বিভিন্ন দৈহিক কৌশলযুক্ত খেলা-ধূলা আৰু আনুভূতিক দিশত নৃত্য-গীত আদি কলাত্মক বিষয়সমূহৰ প্ৰশিক্ষণৰ সুবিধা থাকিব লাগে। এনেবোৰ ক্ৰিয়াৰ যোগেদি ছাত্ৰসকলৰ দেহ-মানসিক সম্ভাৱনীয়তাসমূহৰ আত্মপ্ৰকাশ আৰু বিকাশৰ পথ ৰচনা কৰিব পাৰি আৰু তেওঁলোকৰ অসুস্থ আৰু অসামাজিক প্ৰৱণতাবোৰ প্ৰকাশৰ পথ বন্ধ কৰিব পাৰি।

(৬) শিক্ষক-অভিভাৱক সন্মিলনঃ

ছাত্ৰসকলৰ অনুশাসন ৰক্ষা কৰাটো শিক্ষকসকলৰ একপক্ষীয় দায়িত্ব স্বৰূপে বিবেচিত হ’ব নালাগে। এনে কাৰ্যৰ বাবে অভিভাৱকসকলকো জড়িত কৰি তুলিব লাগে। এইক্ষেত্ৰত শিক্ষকসকলেই আগভাগ লৈ শিক্ষক-অভিভাৱক সন্মিলন স্থাপন কৰিব লাগে। এনে সন্মিলনত শিক্ষক-অভিভাৱকসকল একেলগে বহি ছাত্ৰৰ অনুশাসন সম্বন্ধীয় উমৈহতীয়া সমস্যাবোৰৰ আলোচনা কৰিব লাগে। এনো আলোচনাৰ যোগেদি তেওঁলোকে নিজ নিজ পৰিৱেশত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰৰ অনুশাসনমূলক সমস্যাৰ সাৰ্থক সমাধান কৰিব পাৰে।

(৭) ছাত্ৰ সংস্থাৰ ভূমিকাঃ

স্কুলত অনুশাসন ৰক্ষাৰ বাবে ছাত্ৰসকলৰ আত্ম-অনুশাসনৰ নীতি শিক্ষকে গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে স্কুলৰ ছাত্ৰ সংস্থা বা সংগঠন অধিক সক্ৰিয় কৰি তুলিব পাৰি। উপযুক্ত ছাত্ৰনেতা নিৰ্বাচন কৰি তেওঁক অধিক ক্ষমতা আৰু সাধাৰণ ছাত্ৰসকলৰ অনুশাসন ৰক্ষাৰ দায়িত্ব দিব পাৰি। ছাত্ৰনেতাৰ সহযোগত শিক্ষকে স্কুলৰ অনুশাসন ব্যৱস্থা অধিক উন্নত আৰু কাৰ্যকৰী কৰি তুলিব পাৰে। ছাত্ৰ সংস্থাৰ বিভিন্ন কাৰ্যসূচীৰ যোগেদি গণতান্ত্ৰিক মূল্যবোধ আৰু অনুশাসনৰ মনোভাব সাধাৰণ ছাত্ৰসকলৰ মনত গঢ় দি তুলিব পৰা যায়।

(৮) ৰাজনীতিৰ প্ৰভাৱমুক্ততাঃ

শৈক্ষিক স্বাধীনতা আৰু অনুশাসনৰ স্বাৰ্থৰক্ষাৰ বাবে ৰাজনীতিক শিক্ষাৰ পৰা পৃথক কৰি ৰখাটো অতি প্ৰয়োজন। ছাত্ৰ-শিক্ষকৰ শিক্ষা আৰু সক্ৰিয় ৰাজনীতি দুয়োটা কেতিয়াও একেলগে সম্ভৱ হ’ব নোৱাৰে। ইয়াকে কৰিবলৈ যাওঁতে সচৰাচৰ শিক্ষানুষ্ঠানত অনুশাসন সমস্যাৰ সৃষ্টি হয়। সেইবাবে সুবিধাবাদী আৰু ক্ষমতালোভী ৰাজনৈতিক দল আৰু ব্যক্তিসকলৰ কবলৰ পৰা ছাত্ৰ আৰু শিক্ষকসকল মুক্ত থাকিব লাগে। ছাত্ৰজীৱনত পৰিব পৰা সক্ৰিয়া ৰাজনীতিৰ অনিষ্টকাৰী প্ৰভাৱ সম্বন্ধে ছাত্ৰসকলক অৱগত কৰিব লাগে।

(৯) প্ৰচলিত নিয়মৰ আনুগত্যঃ

ছাত্ৰৰ মনত নিয়মানুৱৰ্তিতাৰ ভাব আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্যৰ ভাব শিক্ষকে জগাই তুলিব লাগে। এনে নিয়মতান্ত্ৰিকতা উলংঘা বা অৱমাননা কৰা প্ৰবৃত্তি আৰু পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি শিক্ষকসকল সতৰ্ক হ’ব লাগে। ছাত্ৰৰ মনত এনে আনুগত্য আৰু অনুশাসন ভাব গঢ় দি তুলিবৰ বাবে শিক্ষকসকলে তাক নিজেই নিষ্ঠাৰে পালন কৰি ছাত্ৰসকলৰ বাবে আৰ্হিস্বৰূপ হৈ উঠিব লাগে। উপদেশতকৈ আৰ্হি ভাল- এই কথাৰ সত্যতা শিক্ষকে নিজেই প্ৰমাণ কৰি দেখুৱাব লাগে।

স্কুলৰ অনুশাসনৰ লগত আমাৰ সামাজিক জীৱনৰ অনুশাসন ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে বহল অৰ্থত ক’বলৈ গ’লে অনুশাসনৰ সমস্যা হৈছে সামাজিক জীৱনৰ এক জটিল প্ৰশ্ন। সামাজিক জীৱনৰ অনুশাসনৰ মানদণ্ড আৰু নৈতিক অনুভূতিৰ ওপৰত স্কুলৰ অনুশাসন নিৰ্ভৰ কৰে। সেইবাবে সামাজিক জীৱনৰ বহল পটভূমিতহে স্কুলৰ অনুশাসন ৰচিত আৰু পৰিচালিত হয়।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.03225806452
Anonymous Sep 12, 2018 08:59 PM

বাহ্যিক আৰু আভ্যন্তৰীণ অনুশাসনৰ মাজত পাৰ্থক্য

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top