অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাঃ

উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাৰ বিষয়ে লিখা হৈছে

শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে মত পাৰ্থক্য থকা আন দুটা দিশ হৈছে উদাৰনৈতিক অথবা মুক্তিবাদ লক্ষ্য আৰু বৃত্তীয় অথবা কাৰিকৰী লক্ষ্য। সৰ্বসাধাৰণ লোকৰ মাজত এই দুবিধ লক্ষ্যৰ সম্বন্ধে থকা মতৰ ভিন্নতা সচৰাচৰ আমি দেখিবলৈ পাওঁ। বৰ্তমানৰ শিক্ষা ব্যৱস্থাতো অপ্ৰকাশিত আৰু অপ্ৰত্যাশিতভাৱে হ’লেও শিক্ষিত শ্ৰেণী লোকৰ মাজত এই মত পাৰ্থক্যই প্ৰভাৱ পেলাই আহিছে। তেওঁলোকৰ এক শ্ৰেণীয়ে ভাবে যে শিক্ষা হৈছে উচ্চ পৰ্যায়ৰ বৌদ্ধিক চিন্তা-চৰ্চা, অধ্যয়ন আদিৰ এক মননাত্মক বিষয়। শিক্ষা সম্বন্ধে তেওঁলোকৰ মনোভাৱ হৈছে তত্ব-প্ৰধান, সংস্কৃতিমুখী আৰু দৰ্শন-ভিত্তিক। সেইবাবে চিন্তা হৈছে মুখ্য আৰু ক্ৰিয়া হৈছে গৌণ। আকৌ আন শ্ৰেণীৰ চিন্তাধাৰা হৈছে ইয়াৰ বিপৰীতমুখী। তেওঁলোক হৈছে বাস্তৱবাদী, ব্যৱহাৰিক আৰু ক্ৰিয়া-ভিত্তিক। সকলো কথাৰে ক্ৰিয়াত্মক দিশটোৰ ওপৰতহে বিশেষ গুৰুত্ব দিয়ে। শিক্ষা-অভিজ্ঞতাৰ তাত্বিক, আধ্যাত্মিক, সাংস্কৃতিক আৰু মননাত্মক দিশটোৰ কিবা মূল্য আছে বুলি তেওঁলোকে নাভাবে। এই দুটা ভিন্নমুখী ভাবধাৰাৰ লোকে তেওঁলোকৰ সন্তান আৰু ছাত্ৰ-ছাত্ৰী সকলোকে তেনে মনোভাবেৰেই শিক্ষা দিয়ে। ইয়াৰ ফলত জ্ঞান-অভিজ্ঞতাৰ স্বৰূপ উপলব্ধি কৰাত আৰু যথোচিত প্ৰয়োগ কৰাত দুয়োবিধ চিন্তাগোষ্ঠীৰ লোকেই ব্যৰ্থ হোৱাটো পৰিলক্ষিত হয়। এই সম্বন্ধে শৈক্ষিক বিশ্লেষণ কৰি তাৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰাটো আমাৰ প্ৰয়োজন।

শিক্ষাৰ উদাৰনৈতিক অথবা সাংস্কৃতিক লক্ষ্যঃ

এই লক্ষ্যৰ স্বৰূপঃ

শিক্ষাৰ এটা প্ৰাচীন লক্ষ্য হৈছে মানুহৰ মনক দেহৰ বন্ধন বা সীমাবদ্ধতাৰ পৰা মুক্ত কৰা। শিক্ষাৰ এই ধাৰণা প্লেটো, এৰিষ্টোটল আদি প্ৰাচীন দাৰ্শনিকসকলৰ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত। তেওঁলোকে দেহ আৰু মনৰ মাজত বিশেষ পাৰ্থক্য বিবেচনা কৰিছিল। জীৱ-জগতৰ আনবোৰ প্ৰাণীৰ দৰেই মানুহেও প্ৰবৃত্তি পৰিচালিত দৈহিক ক্ৰিয়া-আচৰণ প্ৰদৰ্শন কৰে। কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠতা এনে দৈহিক প্ৰবৃত্তি পৰিচালিত ক্ৰিয়াই প্ৰমাণ নকৰে। দৈহিক ক্ৰিয়াৰ উপৰিও মানুহে চিন্তা, যুক্তি, বুদ্ধি-বৃত্তি, কল্পনা আদি কেতবোৰ উচ্চ পৰ্যায়ৰ মানসিক শক্তি আৰু ক্ষমতা লাভ কৰে। মানৱ মনৰ এই ক্ষমতাবোৰ শিক্ষাৰ যোগেদি উৎকৰ্ষ সাধন কৰি দৈহিক পশু-প্ৰবৃত্তি পৰিচালিত আচৰণৰ পৰা মুক্ত কৰিব লাগে আৰু উন্নত মানসিক তথা আধ্যাত্মিক ক্ৰিয়াৰ পৰ্যায়লৈ তুলিব লাগে। শিক্ষিত মানুহৰ ক্ৰিয়া আচৰণ দৈহিক, ইন্দ্ৰিয়-পৰিচালিত আৰু প্ৰবৃত্তিমূলক নহৈ মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক প্ৰয়োজনমুখী কৰি তোলাটোৱেই এই লক্ষ্যৰ প্ৰধান উদ্দেশ্য। ই মানুহক জৈৱিকতা অথবা পাশৱিকতাৰ পৰা মুক্ত কৰি তুলিব পাৰে। সত্য-শিৱ-সুন্দৰৰ আধ্যাত্মিক চিন্তা জগতলৈ মানুহৰ মন ধাবিত কৰে। এক অশৰীৰী অথবা অপাৰ্থিৱ আনন্দ আৰু জ্ঞানৰ পোহৰে মানুহক স্থায়ী শান্তি দিব পাৰে।

শৰীৰৰ বন্ধনৰ পৰা মনক এনেদৰে মুক্ত কৰিবলৈ আৰু মানসিক শক্তিসমূহৰ উৎকৰ্ষ সাধন কৰি তুলিবলৈ কেতবোৰ বিশেষ বিশেষ ঐতিহ্যপূৰ্ণ বিষয় অধ্যয়নৰ ইয়াত ব্যৱস্থা কৰা হয়। গ্ৰীক দাৰ্শনিকসকলে এই উদ্দেশ্যে সাহিত্য, সংগীত, কলা, গণিত, দৰ্শন, ব্যাকৰণ আদি কেতবোৰ মৌলিক বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল। এই বিশিষ্ট বিষয়সমূহে মানৱ মনৰ ভিন ভিন যোগ্যতা তীক্ষ্ণতৰ কৰি তোলে বুলি ভবা হৈছিল। ইয়াৰ উপৰিও এই বিষয়সমূহে মানৱ সভ্যতা-সংস্কৃতি আদিৰো প্ৰতিনিধিত্ব কৰে। পূৰ্বপুৰুষসকলৰ ভাবধাৰা, কৃষ্টি-সংস্কৃতি আদি অধ্যয়নৰ যোগেদিহে উত্তৰপুৰুষসকলে তেওঁলোকৰ মন সাংস্কৃতিক তথা আধ্যাত্মিক পথেদি গঢ় দি তুলিব পাৰে। সেয়েহে শিক্ষাৰ এই লক্ষ্যক সাংস্কৃতিক লক্ষ্য বুলিও কোৱা হয়। উক্ত বিষয়সমূহৰ যোগেদি পূৰ্বপুৰুষৰ সংস্কৃতি উত্তৰপুৰুষে আয়ত্ব কৰাটো হৈছে তেওঁলোকৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বিশেষ অৱলম্বন স্বৰূপ।

উদাৰনৈতিক শিক্ষা ধাৰণাৰ বিকাশঃ

শিক্ষা জগতত উদাৰনৈতিকতাৰ ধাৰণা অতি প্ৰাচীন। পুৰণি গ্ৰীক সমাজত কায়িক আৰু মানসিক শ্ৰম কৰা পৃথক দুই শ্ৰেণী লোকৰ সৃষ্টি হৈছিল। মানসিক শ্ৰম কৰা সমাজৰ উচ্চ শ্ৰেণীৰ অৱস্থাপন্ন লোকসকলে আৰামপ্ৰিয় এক অৱসৰ জীৱন যাপন কৰিছিল। ফলস্বৰূপে তেওঁলোকৰ আজৰি সময়খিনি সাহিত্য, সংস্কৃতি আদি বিষয়ৰ বৌদ্ধিক আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰে নিজ নিজ ব্যক্তিত্ব বিকাশৰ সকলো সুবিধা গ্ৰহণ কৰিছিল। শিক্ষা এওঁলোকৰেই প্ৰাপ্য আছিল আৰু নিজ বৌদ্ধিক জীৱনৰ প্ৰয়োজন পূৰণ কৰিবলৈ উদাৰনৈতিকতা শিক্ষাৰ লক্ষ্য স্বৰূপে গ্ৰহণ কৰিছিল। আনহাতে কায়িক শ্ৰম কৰা সমাজৰ আন শ্ৰেণীৰ লোকে শিক্ষাহে নালাগে নিজ নাগৰিক অধিকাৰ আদিৰ পৰাও সমূলি বঞ্চিত হৈছিল। তেওঁলোকে সমাজৰ উচ্চ শ্ৰেণীৰ লোকৰ সুখ-সুবিধাৰ বাবে কঠোৰ দৈহিক শ্ৰম কৰিব লগা হোৱাত আজৰি সময়ো নাপাইছিল। এওঁলোকক গোলাম বা কৃতদাস বুলি জনা গৈছিল। সি যি কি নহওক, উদাৰনৈতিক শিক্ষা সমাজৰ সৌভাগ্যৱান লোকসকলৰ একচেতীয়া অধিকাৰ স্বৰূপে গণ্য কৰা হৈছিল।

প্ৰাচীন কালত ভাৰতৰ শিক্ষাৰ লক্ষ্যও এই উদাৰনৈতিক ভাবধাৰাৰ দ্বাৰা প্ৰভাৱিত। বৈদিক যুগত বেদ, উপনিষদ আদিৰ পৰা জ্ঞান লাভ কৰি বৌদ্ধিক আৰু আত্মিক উৎকৰ্ষ সাধনৰ চেষ্টা কৰা হৈছিল। ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ দ্বাৰা ব্ৰহ্মচৰ্য্য পালন কৰিহে এই ব্ৰহ্মজ্ঞান লাভ কৰিব পাৰিছিল। দেহৰ ইন্দ্ৰিয় আৰু প্ৰবৃত্তিসমূহ দমন কৰি মনক আধ্যাত্মিক চিন্তা-চৰ্চাৰ উপযোগী কৰি তুলিবলৈ কঠোৰ নীতি-নিয়ম আৰু অনুশাসন মানি চলিব লগা হৈছিল। বৈদিক যুগত গ্ৰীচ দেশৰ বাবে কায়িক আৰু মানসিক শ্ৰম কৰা দুই শ্ৰেণী লোকৰ সৃষ্টি হোৱা নাছিল যদিও পৰৱৰ্তী কালত দৈহিক আৰু মানসিক ক্ৰিয়া ভিত্তিত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ আদি চাৰিটা শ্ৰেণীত বিভক্ত হৈছিল। ইয়াৰ ভিতৰত ব্ৰাহ্মণ সকলেই ধৰ্মীয় চিন্তা-চৰ্চাৰ যোগেদি উদাৰনৈতিক শিক্ষা লাভ কৰিছিল।

বৰ্তমান সময়ত মুক্তিবাদ বা উদাৰনৈতিক শিক্ষাৰ ধাৰণা কিছু সলনি হৈছে। আগৰ সামাজিক শ্ৰেণী বিভাজনৰ ভিত্তিত নলৈ বৰ্তমান এই শিক্ষা এক বহল দৃষ্টিভংগীৰে বিবেচনা কৰা হয়। উদাৰনৈতিক শিক্ষাই মানুহক সকলো কথা মুক্ত আৰু আত্মনিৰ্ভৰশীলভাৱে চিন্তা-বিবেচনা কৰিবলৈ শিকায়। এনে শিক্ষা লাভ কৰা ব্যক্তিয়ে আত্মসংযম আৰু সুস্থ সমাযোজনৰ ক্ষমতা লাভ কৰে। তেওঁলোকে সমস্যাসমূহ যথোচিত চিন্তা-যুক্তিৰে বিবেচনা কৰিবলৈ সক্ষম হয়। নিজ চিন্তাশক্তিৰে জানিব পাৰে যে কিদৰে প্ৰকৃতিৰ ঘটনাৱলী একো একোটা নিজস্ব নীতি বা নিয়মৰ দ্বাৰা পৰিচালিত হয়। এনে শিক্ষাই মানুহক সৌন্দৰ্যপ্ৰেমী কৰি তোলে। ই এনে এবিধ শিক্ষা যি মানৱাত্মাৰ কৃতিত্ব বৰ্ণনা কৰি সমগ্ৰ পদ্ধতিতেই এক মানৱীয় অনুভূতি প্ৰদান কৰিব পাৰে। বৰ্তমান এই শিক্ষাত আস্থা থকা চিন্তাবিদসকলে ইয়াৰ এনে এক বহল পৰিসৰৰ দৃষ্টিভংগী গ্ৰহণ কৰে। অৱশ্যে শিক্ষাৰ লক্ষ্য সম্বন্ধে এনে দৃষ্টিভংগীও যে একপক্ষীয় তাক নুই কৰিব নোৱাৰি। এই সম্বন্ধে পিছলৈ আলোচনা কৰা হৈছে।

শিক্ষাৰ বৃত্তীয় লক্ষ্যঃ

বৃত্তীয় শিক্ষা কাক বোলে ?

সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মূল্যবোধ আৰু প্ৰয়োজন আদিৰো সলনি হয়। এনে কাৰণতে পুৰণি কালৰ সাংস্কৃতিক শিক্ষাৰ পৰিৱৰ্তে বৰ্তমান বৃত্তীয় শিক্ষাৰ প্ৰতি মানুহৰ মন অধিক আকৰ্ষিত হৈ উঠিছে। আজিৰ শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে অথবা মানুহৰ বৌদ্ধিক আৰু আধ্যাত্মিক শক্তি বিকাশৰ বাবেই মাথোন আয়ত্ব কৰা নহয়। শিক্ষাৰ এটা বাস্তৱ আৰু প্ৰত্যক্ষ প্ৰয়োজন অনুভৱ কৰা হয়। এই প্ৰয়োজন হৈছে মানুহক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলা। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমানৰ এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তীয় শিক্ষা।

মানুহক জীৱনত স্বাৱলম্বী, উৎপাদনক্ষম আৰু অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলাটো শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য। যি শিক্ষা মানুহে লাভ কৰে সেই শিক্ষাই তেওঁক কোনো এক বৃত্তি বা ব্যৱসায়ৰ উপযুক্ত কৰি তুলিব লাগে। শিক্ষাৰ এনে বৃত্তিমূলক উদ্দেশ্যই মানুহৰ শিক্ষা-অভিজ্ঞতা উদ্দেশ্যধৰ্মী কৰে আৰু ভৱিষ্যৎ ক্ৰিয়া আঁচনি তথা ব্যৱসায় আদি কাৰ্যকৰীকৰণত সহায় কৰে। এনে ব্যক্তি পৰনিৰ্ভৰশীল অথবা সমাজৰ বোজা স্বৰূপ নহৈ যোগ্যতাৰ নিশ্চিত বৰঙণি সমাজৰ প্ৰতি আগবঢ়াব পাৰে। ইয়াৰ যোগেদিহে তেওঁ সমাজত নিজৰ যোগ্য স্থান আৰু মান লাভ কৰিব পাৰে। ই নাগৰিকৰ মনত শ্ৰমৰ মৰ্যাদা অনুভৱ কৰাত সহায় কৰে। মানুহৰ সংগঠন প্ৰবৃত্তি পূৰণ কৰা আৰু নিজ সৃষ্টিৰ আনন্দ অনুভৱ কৰা আদিও শিক্ষাৰ এই লক্ষ্যই সম্ভৱ কৰি তুলিব পাৰে। ইয়াৰ উপৰিও বুদ্ধি-বৃত্তি আদিত নিম্নমানৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ আশা কৰিব নোৱাৰে। তেনে ছাত্ৰ-ছাত্ৰীয়েও এই বৃত্তীয় শিক্ষাৰ যোগেদি নিজকে উপযুক্ত আৰু অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলে।

গণতান্ত্ৰিক দেশত বৃত্তীয় শিক্ষাৰ প্ৰয়োজনীয়তাঃ

সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনত মূল্যবোধ আৰু প্ৰয়োজন আদিৰো সলনি হয়। এনে কাৰণতে পুৰণি কালৰ সাংস্কৃতিক আৰু আধ্যাত্মিক শিক্ষাৰ পৰিৱৰ্তে বৰ্তমান বৃত্তীয় শিক্ষাৰ প্ৰতি মানুহৰ মন ধাবিত হৈ উঠিছে। আজিৰ শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে অথবা বৌদ্ধিক আৰু আধ্যাত্মিক প্ৰয়োজন পূৰণৰ বাবেই মাথোন নহয়। শিক্ষাৰ এটা বাস্তৱ আৰু প্ৰত্যক্ষ প্ৰয়োজন অনুভৱ কৰা হয় আৰু সি হৈছে অন্ন-বস্ত্ৰৰ মৌলিক প্ৰয়োজন। এই প্ৰয়োজনে মানুহক অৰ্থনৈতিকভাৱে উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তুলিবলৈ শিকায়। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আদিৰ কৰ্মমুখী আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি।

গণতান্ত্ৰিক দেশ এখনত প্ৰতিজন লোকৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লগা থাকে। এই দায়িত্বৰ ভিতৰত প্ৰতিজন লোকেই সমাজৰ প্ৰতি অৰ্থনৈতিক বৰঙণি যোগাব পৰাটো হৈছে অন্যতম। শিক্ষাই এই দায়িত্ব পূৰণৰ আশা কৰা হয়। শিক্ষিত লোকসকলে সমাজৰ প্ৰতি অৰ্থনৈতিক বৰঙণি যোগাব পাৰিলেহে তেওঁলোকৰ মনত দেশপ্ৰেমৰ ভাব গঢ়ি উঠিব পাৰে, নিজ দেশৰ প্ৰতি একাত্মবোধ ভাব গঢ়ি উঠিব পাৰে। এনে লোকেহে প্ৰকৃত অৰ্থত দেশৰ প্ৰতি আনুগত্য ভাব থকা সুনাগৰিক হৈ উঠিব পাৰে। ইয়াৰ যোগেদিহে তেওঁ সমাজত যোগ্য স্থান আৰু মান লাভ কৰিব পাৰে। ই নাগৰিকৰ মনত শ্ৰমৰ মৰ্যাদা অনুভৱ কৰাত সহায় কৰে। সমাজৰ শ্ৰমজীৱি আৰু বুদ্ধিজীৱিসকলৰ মাজত থকা অসুস্থ ব্যৱধান গুচাই সমতা আৰু ভ্ৰাতৃত্বৰ ভাব স্থাপন কৰিব পাৰে। মানুহৰ সংগঠন প্ৰবৃত্তি পূৰণ কৰা আৰু নিজ হাতে কৰা সৃষ্টিৰ আনন্দ অনুভৱ কৰাতো ই সহায় কৰে। ইয়াৰ উপৰিও বুদ্ধি-বৃত্তি আদিত নিম্নমানৰ ছাত্ৰ-ছাত্ৰীয়েও এই বৃত্তীয় শিক্ষাৰ যোগেদি নিজকে উপযুক্ত আৰু অৰ্থনৈতিকভাৱে দেশৰ উৎপাদনশীল ব্যক্তি কৰি গঢ়ি তুলিব পাৰে। দেশৰ মানৱ সম্পদ ইয়াৰ যোগেদিয়ে উপযুক্তভাৱে প্ৰয়োগ আৰু বিকাশ সাধন কৰি তুলিব পৰা যায়।

বৃত্তীয় শিক্ষাৰ ধাৰণাৰ বিকাশঃ

বৰ্তমান বৃত্তীয় শিক্ষাৰ ধাৰণাত সামাজিক, অৰ্থনৈতিক আৰু মনোবৈজ্ঞানিক দিশৰ ভিন ভিন চিন্তাধাৰাৰ প্ৰভাৱ পৰিছে। পুৰণি কালত বৌদ্ধিক আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ প্ৰতি শিক্ষিত শ্ৰেণীৰ লোকে বিশেষ মনোযোগ দি কায়িক শ্ৰমৰ প্ৰতি অৱহেলা কৰিছিল। সেই সময়ত শিক্ষাৰ ওপৰত পৰা ধৰ্ম অথবা আধ্যাত্মিকতাৰ প্ৰভাৱ, ক্ৰিয়াৰ ভিত্তিত কৰা সমাজৰ শ্ৰেণীবিভাগ আৰু অৰ্থনৈতিক স্বাচ্ছ্যন্দতা আদি অৱস্থাৰ বাবে বৃত্তীয় শিক্ষাই বুদ্ধিজীৱিসকলৰ মন আকৰ্ষণ কৰিব পৰা নাছিল। কিন্তু সময়ৰ পৰিৱৰ্তনে সমাজৰ গাঁথনি আৰু মানুহৰ দৃষ্টিভংগী সলনি কৰে। দাসপ্ৰথা বিলুপ্ত হোৱাৰ উপৰিও শিক্ষাৰ ওপৰত ধৰ্মৰ প্ৰভাৱ কমি আহিবলৈ ধৰে। শিক্ষিত শ্ৰেণীয়ে চিকিৎসা, বাণিজ্য আৰু কাৰিকৰী বিষয়ৰ বিশেষ জ্ঞান আহৰণ কৰিবলৈ ধৰে। মানুহৰ কৰ্মক্ষেত্ৰ ক্ৰমে বহল হৈ অহাৰ লগে লগে প্ৰতিটো কামৰ বাবে যে বিশেষ একো একোটা কাৰ্যকৰী শিক্ষাৰ প্ৰয়োজন তাক অনুভৱ কৰে। জীৱনৰ ক্ৰমবৰ্ধিত জটিলতা বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ স্বয়ংসম্পূৰ্ণতা হেৰুৱাই পৰনিৰ্ভৰশীল হৈ পৰে। শিল্প উদ্যোগ স্থাপন হৈ উঠি সমাজত ব্যৱসায়-বাণিজ্য আৰু বৃত্তীয় শিক্ষা থকা লোকৰ চাহিদা বৃদ্ধি পায়। বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ নতুন নতুন জ্ঞানে মানুহৰ ব্যৱহাৰিক জীৱনৰ মান উন্নত কৰে। বস্তুবাদী জগতৰ উন্নত সুখ-আনন্দই মানুহক অধিক আকৃষ্ট কৰে। ফলত সমাজৰ প্ৰতিজন লোকৰ ব্যৱসায়িক অথবা বৃত্তীয় শিক্ষা আৰু যোগ্যতাৰ প্ৰয়োজন অনুভৱ কৰা হয়।

অৰ্থনৈতিক দিশৰ পৰাও বৃত্তীয় শিক্ষাৰ প্ৰয়োজন বৃদ্ধি পায়। মাৰ্ক্সবাদৰ দৰ্শনে শ্ৰমিক শ্ৰেণীৰ মন প্ৰভাৱিত কৰে। প্ৰতিজন লোককেই সমাজৰ একো একোজন উৎপাদনকাৰী ব্যক্তি স্বৰূপে গণ্য কৰা হয়। ৰাষ্ট্ৰই এই মানৱ শক্তিক উৎপাদনৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ফলত শিল্পকেন্দ্ৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান আদিত শ্ৰমিক শ্ৰেণীৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ উপৰিও বিশেষ বিশেষ ব্যৱসায়ৰ বৃত্তীয় শিক্ষা দিবৰ বাবে বিজ্ঞান প্ৰতিষ্ঠান আৰু কাৰিকৰী শিক্ষানুষ্ঠান আদি স্থাপন কৰা হয়। ইয়াৰ যোগেদি যুৱক-যুৱতীসকলক দেশৰ অৰ্থনৈতিক দিশত নিজ নিজ বৰঙণি যোগাবৰ বাবে সক্ষম কৰি তোলা হয়।

মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও বৰ্তমান শিক্ষাৰ বৃত্তীয় লক্ষ্যৰ প্ৰয়োজন অনুভৱ কৰা হয়। আধুনিক মনোবিজ্ঞানত ব্যক্তিৰ যোগ্যতা সম্বন্ধে নানাবিধ পৰীক্ষা-নিৰীক্ষা চলোৱা হয়। ইয়াৰ পৰা জানিব পৰা হয় যে প্ৰতিটো বিশেষ বিশেষ কামৰ বাবে একো একোটা বিশেষ যোগ্যতাৰ প্ৰয়োজন আৰু এই যোগ্যতা সকলো লোকৰে সমানে নাথাকে। যিসকল ব্যক্তিৰ বিশেষ বিশেষ যোগ্যতা থাকে তেওঁলোকক বাছি উলিয়াই উপযুক্ত বৃত্তীয় শিক্ষাৰে তাক অধিক কাৰ্যকৰী কৰি তোলাৰ প্ৰয়োজন অনুভৱ কৰা হয়। যোগ্যলোকৰ যোগ্যতা এনেদৰে সৎ ব্যৱহাৰ কৰিব পাৰিলেহে দেশৰ অৰ্থনৈতিক উৎপাদন বৃদ্ধি কৰি তুলিব পাৰি।

বৰ্তমান এনেবোৰ কথাৰ বিবেচনাই বৃত্তীয় শিক্ষাৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰি তুলিছে। এইবিধ লক্ষ্যই ক্ৰিয়াৰ যোগেদি শিক্ষা পদ্ধতি উৎসাহিত কৰি তুলিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ভাৰতৰ কোঠাৰি আয়োগেও শিক্ষাৰ বৃত্তীয় লক্ষ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ ক্ৰিয়া-অভিজ্ঞতা প্ৰদানত জোৰ দিয়ে।

এই দুই লক্ষ্যৰ মৌলিক পাৰ্থক্যঃ

শিক্ষাৰ লক্ষ্য আৰু আদৰ্শৰ ফালৰ পৰা উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাৰ মাজত মৌলিক পাৰ্থক্য বিবেচনা কৰা হয়। অৱশ্যে বৰ্তমান শিক্ষাত এনে পাৰ্থক্য বিবেচনাৰ পৰিৱৰ্তে এই দুই দিশৰ মাজত সমন্বয় সাধনৰ ওপৰতহে আমি গুৰুত্ব দিয়া উচিত। কিন্তু তথাপিও এই দুই লক্ষ্যৰ স্বৰূপ আমাৰ মনত স্পষ্ট কৰি তুলিবৰ বাবেই ইয়াৰ মূল পাৰ্থক্যসমূহৰ প্ৰতি দৃষ্টি ৰখাটো প্ৰয়োজন। এই প্ৰসংগত নিম্ন প্ৰদত্ত দিশসমূহ আমাৰ বিবেচনাযোগ্য।

উদাৰনৈতিক শিক্ষা

বৃত্তীয় শিক্ষা

(১) এই শিক্ষা হৈছে চিন্তাপ্ৰধান।

(১) এই শিক্ষা হৈছে ক্ৰিয়াপ্ৰধান।

(২) ই আদৰ্শবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।

(২) ই প্ৰয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।

(৩) উদাৰনৈতিক শিক্ষাই ব্যক্তিৰ আধ্যাত্মিক দিশৰ বিকাশত জোৰ দিয়ে।

(৩) বৃত্তীয় শিক্ষাই ব্যক্তিৰ প্ৰয়োগিকতাৰ দিশত জোৰ দিয়ে।

(৪) এই শিক্ষাই আমাক সত্য-শিৱ-সুন্দৰ অনুভৱ আৰু উপলব্ধিত সহায় কৰে।

(৪) এই শিক্ষাই আমাৰ দৈনন্দিন জীৱনৰ আৰ্থিক প্ৰয়োজন পূৰণত সহায় কৰে।

(৫)উদাৰনৈতিক শিক্ষাৰ দৃষ্টি হৈছে অতীতমুখী।

(৫) বৃত্তীয় শিক্ষাৰ দৃষ্টি হৈছে বৰ্তমানমুখী।

(৬) এই লক্ষ্যই ব্যক্তিৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰয়োজন পূৰণ কৰে।

(৬) এই লক্ষ্যই বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী জীৱনৰ প্ৰয়োজন পূৰণ কৰে।

(৭) এই লক্ষ্য মানৱ সভ্যতা আৰু সংস্কৃতিৰ সংৰক্ষক আৰু বিকাশক।

(৭) এই লক্ষ্য বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্ৰগতিশীল দৃষ্টিভংগীৰ সমৰ্থক।

(৮) উদাৰনৈতিক শিক্ষাই মানুহক সংৰক্ষণশীল মনৰ কৰি তোলে।

(৮) বৃত্তীয় শিক্ষাই মানুহক পৰিৱৰ্তনশীল মনৰ কৰি তোলে।

(৯) এই শিক্ষাই মানুহৰ সংজ্ঞানাত্মক দিশৰ অভিজ্ঞতাত বিশ্বাস কৰে।

(৯) এই শিক্ষাই মানুহৰ ক্ৰিয়াত্মক দিশৰ অভিজ্ঞতাত বিশ্বাস কৰে।

(১০) এই শিক্ষাৰ ভাবধাৰা আপেক্ষিকভাৱে পুৰণি।

(১০) এই শিক্ষাৰ ভাবধাৰা আপেক্ষিকভাৱে নতুন।

উদাৰনৈতিক আৰু বৃত্তিমূলক শিক্ষাৰ বিৰোধঃ

বৰ্তমান সমাজত উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাৰ মাজত বিশেষ পাৰ্থক্য থকা বুলি ভবা হয়। ইয়াৰ ফলস্বৰূপে মানুহৰ জ্ঞান-অভিজ্ঞতাক তাত্বিক আৰু প্ৰায়োগিক, বস্তুবাদী আৰু আধ্যাত্মিক তথা দৈহিক আৰু মানসিক স্বৰূপে ভিন্ন ভাবে বিচাৰ কৰা দেখা যায়। শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে মানুহৰ মনত থকা এনে ভিন্নতাৰ বাবে দুবিধ চিন্তাগোষ্ঠী লোকৰ সৃষ্টি কৰিছে।

উদাৰনৈতিক শিক্ষাৰ সমৰ্থনকাৰীসকলে ভাবে যে শিক্ষাৰ এক আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক মূল্য আছে যাক বৃত্তীয় শিক্ষাৰ যোগেদি উপলব্ধি কৰিব নোৱাৰি। বৃত্তীয় শিক্ষাৰ পৰিসৰ স্বাভাৱিকতেই অতি ঠেক আৰু সীমাবদ্ধ। এইবিধ শিক্ষাই মানুহক বস্তুবাদী, যন্ত্ৰচালিত আৰু দেশৰ অৰ্থ উপাৰ্জনকাৰী আহিলা স্বৰূপে সৃষ্টি কৰি তোলে। তেওঁলোকৰ মনত জীৱনৰ প্ৰকৃত মূল্যবোধ আৰু সৌন্দৰ্য অনুভূতি জগাই তুলিব নোৱাৰে। মানৱীয় অনুভূতিসমূহ বিকাশৰ উপযুক্ত পৰিৱেশে প্ৰদান কৰিব নোৱাৰি মানুহক অসামাজিক আৰু আত্মকেন্দ্ৰিক কৰি ৰাখে। মানৱ সমাজৰ সাংস্কৃতিক আৰু সৌন্দৰ্যবোধক চেতনা এইবিধ শিক্ষাৰ লক্ষ্যই মনত জগাই তুলিব নোৱাৰে। কেৱল বস্তুবাদী জগতৰ উন্নতিয়ে মানৱ মনত স্থায়ী সুখ-শান্তি আৰু প্ৰগতি দিব নোৱাৰে।

বৃত্তীয় শিক্ষাৰ উগ্ৰ সমৰ্থনকাৰীসকলেও উদাৰনৈতিক শিক্ষাৰ বিপৰীতে প্ৰৱল যুক্তি প্ৰদৰ্শন কৰে। কোৱা হয় যে বৰ্তমান মানৱ সমাজৰ দ্ৰুত উন্নতি আৰু প্ৰগতি বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ যোগেদিহে সম্ভৱ হৈ উঠিছে। বৰ্তমান সমাজৰ চাহিদা এইবিধ শিক্ষাইহে পূৰণ কৰিব পাৰে। এই শিক্ষাৰ দ্বাৰা ব্যক্তিৰ নিজ নিজ যোগ্যতা উৎপাদনমুখী কৰি তুলি দেশৰ আৰু সমাজৰ উন্নতিত সহায় কৰিব পাৰি। সেইবাবে বৃত্তীয় লক্ষ্য শিক্ষাৰ সামাজিক লক্ষ্য পূৰণৰো কাৰ্যকৰী পথ বুলিব পাৰি। বৃত্তীয় লক্ষ্যৰ যোগেদি লাভ কৰা অৰ্থনৈতিক স্বাধীনতাইহে সমাজৰ স্থায়ী অগ্ৰগতি আনি দিব পাৰে। আনহাতে কেৱল সাংস্কৃতিক আৰু মানৱীয় বিষয়সমূহৰ কৰ্মবিমুখ আৰু একপক্ষীয় শিক্ষাই ব্যক্তিক উদ্দেশ্যবিহীন কৰি তোলে। এনে লোকে সমাজৰ অৰ্থনৈতিক উন্নতিত কোনো উল্লেখযোগ্য বৰঙণি যোগাব নোৱাৰে। এওঁলোকৰ কৰ্মবিমুখ শিক্ষাই সমাজৰ তথা নিজৰ বাবেও সমস্যাৰহে সৃষ্টি কৰে।

বৰ্তমান কালৰ মানৱীয় বিষয়সমূহ অধ্যয়নকাৰী ছাত্ৰসকলে আৰু বিজ্ঞান, কাৰিকৰী আদি বিষয়ৰ অধ্যয়নকাৰী ছাত্ৰসকলৰ মাজত এনে মতবিৰোধ ভাব সচৰাচৰ পৰিলক্ষিত হয়। শিক্ষা-প্ৰশাসক, পৰিচালক, শিক্ষক তথা অভিভাৱকসকলৰ মনতো এই সম্বন্ধে মতদ্বৈধতাৰ ভাব নোহোৱা নহয়। শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ ফালৰ পৰা এনে অৱস্থা উৎসাহজনক বুলিব নোৱাৰি। ই শিক্ষাৰ সামূহিক দৃষ্টিকোণৰ পৰা সকলোৰে বাবেই ক্ষতিকাৰক।

সাংস্কৃতিক আৰু বৃত্তীয় শিক্ষাৰ সমন্বয়ঃ

শিক্ষাৰ এক সুস্থ আৰু সকলোৰে গ্ৰহণযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰাটোহে শিক্ষা-তত্বৰ উদ্দেশ্য। সংকীৰ্ণ আৰু একপক্ষীয় দৃষ্টিৰে চালে উদাৰনৈতিক তথা সাংস্কৃতিক আৰু বৃত্তীয় শিক্ষাৰ মাজত বিশেষ ব্যৱধান আমাৰ চকুত পৰে। অৱশ্যে শিক্ষাৰ ব্যাপক অৰ্থৰ ফালৰ পৰা এনে ব্যৱধান আৰু এই সম্বন্ধীয় মত-পাৰ্থক্য মূল্যহীন বুলিব পাৰি। এই দুইবিধ লক্ষ্যই শিক্ষাৰ দুটা দিশৰ ওপৰত পৃথক পৃথকভাৱে গুৰুত্ব দিছে যদিও প্ৰকৃতপক্ষে এই দুয়োটাৰে মাজত কোনো মৌলিক মতবিৰোধ নাই। শিক্ষাৰ এই দুই পক্ষৰ মাজত সৃষ্টি কৰা মতবিৰোধ ভাব প্ৰকৃততে ভিত্তিহীন আৰু কিছু পৰিমাণে কল্পনাপ্ৰসূত বুলিব পাৰি। এনে ভাব আধুনিক শিক্ষাৰ সুস্থ বিকাশৰ বাবে অনিষ্টকাৰী।

বৰ্তমান শিক্ষাবিদ আৰু শিক্ষা-দাৰ্শনিকসকলে এই দুয়ো দিশৰ মাজত প্ৰয়োজনীয় সমন্বয়ৰ ওপৰতহে গুৰুত্ব দিয়ে। দাৰ্শনিক হোৱাইট হেডৰ দৃষ্টিভংগী এই প্ৰসংগত বিশেষ উল্লেখযোগ্য। তেওঁ মত প্ৰকাশ কৰি কয় যে উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাৰ মাজত বিৰোধ ভাব প্ৰকৃততে ভ্ৰান্তিমূলক। কোনো কাৰিকৰী শিক্ষাই উদাৰনৈতিক শিক্ষাৰ অবিহনে সম্পূৰ্ণ হ’ব নোৱাৰে, আৰু সেইদৰে কোনো উদাৰনৈতিক শিক্ষাই কাৰিকৰী শিক্ষাৰ অবিহনে সম্পূৰ্ণ হৈ উঠিব নোৱাৰে। তেওঁ আৰু মত প্ৰকাশ কৰে যে কাৰিকৰী আৰু হস্তশিল্পত কলাসুলভ প্ৰতিভা প্ৰয়োগ কৰা নহ’লে সি জনপ্ৰিয়তা লাভ কৰি উঠিব নোৱাৰে। আধুনিক যুগত মানুহৰ জীৱনযাত্ৰা কেৱল কাৰিকৰী বিদ্যাই গঢ় দি তোলা নাই, কলা আৰু সংস্কৃতিৰ দ্বাৰাও তাক মাৰ্জিত আৰু সুৰুচিপূৰ্ণ কৰি তোলা হৈছে। কলা, সংস্কৃতি আৰু সৌন্দৰ্যবোধ ভাবৰ অভাৱ হ’লে বৰ্তমান যান্ত্ৰিক আৰু কাৰিকৰী জ্ঞানৰ প্ৰভাৱে মানুহৰ মন কঠোৰ আৰু অনুভূতিহীন কৰি তুলিব পাৰে। উল্লেখযোগ্য যে এজন কাৰিকৰী জ্ঞানৰ ডাক্তৰ অথবা ইঞ্জিনীয়াৰৰ মনত মানৱীয় অনুভূতি নাথাকিলে সেৱাৰ মনোভাৱ জাগি উঠিব নোৱাৰে। ফলত তেনে লোকৰ পৰা সমাজৰ উপকাৰ সাধিত হ’বও নোৱাৰে। আনহাতে বৰ্তমান সময়ৰ সাংস্কৃতিক আৰু মানৱীয় বিষয়ৰ শিক্ষাই কাৰিকৰী আৰু ব্যৱসায়িক দিশৰ প্ৰতি আওকণীয়া আৰু উদাসীন হৈ থাকিব নোৱাৰে। সংস্কৃতি কেৱল অতীতমুখী নহৈ অতীত আৰু বৰ্তমানৰ সমন্বয়ৰক্ষী বিধৰ হ’ব লাগে। এনে সমন্বয়ৰ অভাৱ হোৱা অতীতমুখী সংস্কৃতিয়ে বৰ্তমান সমাজৰ গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে।

সেয়েহে ক’ব পাৰি যে উভয় দিশৰ নিজ নিজ স্বাৰ্থৰ বাবেই উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাৰ সমন্বয়ৰ প্ৰয়োজন। এনে সমন্বয়ৰ ওপৰত দাৰ্শনিক জন্ ডিউইয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ‘এটা বিষয় উদাৰনৈতিকতাহীন যিহেতু ই উপযোগিতামূলক আৰু সাংস্কৃতিক যিহেতু ই উপযোগিতাহীন’ বুলি এই দুয়ো দিশৰ মাজত শত্ৰু ভাবাপন্ন হোৱাটো কেৱল অন্ধবিশ্বাসৰহে ফলস্বৰূপ। শিক্ষণীয় বিষয়সমূহৰ সাংস্কৃতিক আৰু উপযোগিতামূলক দুয়ো দিশৰ বিবেচনাৰে গঢ় দি তোলাৰ প্ৰতি তেওঁ মত দিয়ে। সেয়েহে ক’ব পাৰি যে চিন্তা আৰু ক্ৰিয়া, সংস্কৃতি আৰু উপযোগিতা তথা উদাৰনৈতিক আৰু বৃত্তীয় শিক্ষাৰ সমন্বয় সাধনেহে মানৱ সমাজৰ কল্যাণ সাধিব পাৰে।

সমন্বয় সাধনত শিক্ষানুষ্ঠানৰ ভূমিকাঃ

বৰ্তমান আমাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মনত উদাৰনৈতিক আৰু বৃত্তীয় বা কাৰিকৰী শিক্ষাৰ সম্বন্ধে ভিন্নতাৰ এক ভ্ৰান্তিমূলক ধাৰণা থকাটো লক্ষ্য কৰিব পাৰি। মানৱীয় বিষয় অধ্যয়নৰ ছাত্ৰসকলে তেওঁলোকৰ জ্ঞান-অভিজ্ঞতা কেৱল মাথোন চিন্তামূলক আৰু তত্ব-বিষয়ক স্বৰূপে গণ্য কৰে। তাৰ প্ৰায়োগিক অথবা ক্ৰিয়াত্মক দিশৰ অভিজ্ঞতা থাকিব পাৰে বুলি ভাবিব নোৱাৰে। শ্ৰেণীকক্ষত শিক্ষকৰ তত্ব-প্ৰধান বক্তৃতা আৰু ছাত্ৰসকলৰ পুথিগত অধ্যয়নেৰেই মানৱীয় বিষয়বোৰৰ জ্ঞান সম্পূৰ্ণৰূপে পোৱা বুলি ভবা হয়। পাঠ্যসূচীত তাৰ প্ৰায়োগিক দিশৰ অভিজ্ঞতা অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন অনুভৱ কৰা নহয়। আনহাতে বৃত্তীয়, কাৰিকৰী, অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞান আদি বিষয়ক অধ্যয়নৰ পাঠ্যসূচী গ্ৰহণ কৰা ছাত্ৰসকলেও মানৱীয় বিষয়বোৰত অধ্যয়নৰ কিবা প্ৰয়োজনীয় কথা থকা বুলি নাভাবে। তেওঁলোকৰ পাঠ্যসূচী অত্যধিকভাৱে যান্ত্ৰিক আৰু প্ৰায়োগিক বিধৰ কৰি তোলা হয়। মানৱীয় অনুভূতি, আধ্যাত্মিক অনুভূতি আৰু সৌন্দৰ্য অনুভূতি বিষয়ক জ্ঞানৰ উদাৰনৈতিক দিশটোৰ প্ৰতি অৱহেলা কৰা হয়। এনে এটা অৱস্থাই মানৱীয় বিষয় আৰু কাৰিকৰী বিষয় অধ্যয়নৰ দুয়ো পক্ষৰ ছাত্ৰকে নিজ নিজ মানসিকতাত বিশেষ ক্ষতিসাধন কৰে।

এনে এক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান শিক্ষানুষ্ঠানবোৰত এই দুই পক্ষৰ মনোভাবৰ মাজত এক সমন্বয় সাধনৰ প্ৰয়োজনীয়তা শিক্ষাত স্বাভাৱিকতেই অনুভৱ কৰা হয়। ইয়াৰ বাবে দুয়োবিধ পাঠ্যসূচী আৰু কাৰ্যসূচী শিক্ষা-অভিজ্ঞতাৰ এক বহল পৰিসৰত প্ৰস্তুত কৰি তুলিব লাগে। মানৱীয় বিষয়বোৰৰ জ্ঞান-অভিজ্ঞতা কেৱল পুথিগত অধ্যয়নৰ মাজতেই আৱদ্ধ নাৰাখি তাৰ নিজ নিজ কৰ্মক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিব লাগে। প্ৰতিটো মানৱীয় বিষয়ৰেই একো একোটা নিজস্ব প্ৰায়োগিক অথবা ক্ৰিয়াত্মক দিশ আছে। সেই দিশৰ সম্ভাৱনীয়তা উদ্ঘাটন কৰি প্ৰয়োজনীয় কাৰ্যসূচী প্ৰস্তুত কৰি তুলিব লাগে আৰু ছাত্ৰক বিষয়-বস্তুৰ তাত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক জ্ঞান-অভিজ্ঞতাৰ ধাৰণাও দিব লাগে। মানৱীয় বিষয়সমূহৰ শিক্ষাৰ বেলিকা সেয়েহে কৰ্মবিমুখতাৰ ভাব গুচাবলৈ চেষ্টা কৰিব লাগে। আনহাতে বৃত্তীয় বা কাৰিকৰী বিষয়সমূহকো সম্পূৰ্ণ যান্ত্ৰিক আৰু বস্তুবাদী দৃষ্টিভংগীৰে চোৱাৰ পৰিৱৰ্তে মানৱীয় অনুভূতিসমূহৰ দ্বাৰা তাক অধিক পৰিপুষ্ট কৰি তুলিব লাগে। বৃত্তিমূলক অথবা কাৰিকৰী বিষয়ৰ অভিজ্ঞতা আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক মানৱীয় অনুভূতি আৰু অভিজ্ঞতাৰ অবিহনে সম্পূৰ্ণ হৈ উঠিব নোৱাৰে- এনে এক ধাৰণা ইয়াৰ ছাত্ৰ-শিক্ষকসকলৰ মনত গঢ় দি তুলিব লাগে। তেওঁলোকৰ শিক্ষা বস্তুবাদী জগতৰ বিষয়-বাসনামুখী নহয়, মানৱ সেৱা আৰু মানৱ কল্যাণ সাধনমুখীহে- এনে এক আত্মপ্ৰত্যয়ৰ ভাব গঢ়ি তুলিব লাগে। ইয়াৰ বাবে নৈতিক আৰু সৌন্দৰ্য অনুভূতিৰ শিক্ষা এওঁলোকৰ পাঠ্যক্ৰমৰ অপৰিহাৰ্য অংশস্বৰূপ কৰি তুলিব লাগে।

দুয়োবিধ শিক্ষানুষ্ঠানৰ সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীসমূহো সমন্বয়ৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰি তুলিব পাৰি। মানৱীয় আৰু সাংস্কৃতিক শিক্ষাৰ অনুষ্ঠানত কাৰিকৰী বিষয়ৰ আৰু কাৰিকৰী শিক্ষাৰ অনুষ্ঠানত মানৱীয় আৰু সাংস্কৃতিক বিষয়ৰ আলোচনা-চক্ৰ, প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰি দুয়োদিশৰ মাজত সদিচ্ছা, সদ্ভাৱ আৰু বুজাপৰাৰ পৰিৱেশ গঢ় দি তুলিব পাৰি। শিক্ষক, পণ্ডিত আৰু বিশেষজ্ঞসকলৰ পৰস্পৰ আদান-প্ৰদান কাৰ্যই এই ক্ষেত্ৰত দুয়ো দিশতে বিশেষ সহায়ক হৈ উঠিব পাৰে। ছাত্ৰসকলৰ মাজতো অৱসৰ বিনোদনৰ শিবিৰ স্থাপন আৰু সদিচ্ছামূলক ভ্ৰমণৰ বিনিময় কৰিব পাৰি। এনেবোৰ কাৰ্যকৰী ব্যৱস্থাৰে বুদ্ধিজীৱি আৰু কাৰিকৰী বিষয়ৰ বিশেষজ্ঞসকলৰ মাজতো এক নতুন দৃষ্টিভংগী আৰু মূল্যবোধ গঢ় দি তুলিব পৰা যায়।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top