অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেলা আৰু খেলা-পদ্ধতিঃ

 

এসময়ত সাধাৰণভাৱে এই ধাৰণা আছিল যে ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰা মানে অবাবত সময় নষ্ট কৰা। সিহঁতক শিক্ষকৰ অধীনত কটকটীয়া নীতি-নিয়ম আৰু অনুশাসনৰ মাজত ৰাখি শিক্ষা দিয়াটোহে প্ৰয়োজন। সেয়েহে জ্ঞান লাভৰ বাবে শিশুৱে স্কুললৈ যোৱাটো আৰু গতানুগতিক নীতি-নিয়ম আৰু অনুশাসনৰ মাজেদি পাঠদান কৰাটো শিক্ষকৰ কৰ্তব্য স্বৰূপে বিবেচিত হৈছিল। বৰ্তমান স্কুলৰ প্ৰতি থকা এই পুৰণি ধাৰণাৰ সলনি হৈছে। জ্ঞান আহৰণৰ বাবে শিশুৱে কঠোৰ শ্ৰম কৰি পাঠ গ্ৰহণৰ পৰিৱৰ্তে খেল-ধেমালিৰ যোগেদি স্বতঃস্ফূৰ্তভাৱে আত্মপ্ৰকাশ আৰু বিকাশ লাভৰ স্থল স্বৰূপেহে বৰ্তমান স্কুলক বৰ্ণনা কৰা হয়। খেলৰ সৰ্বাত্মক প্ৰভাৱৰ দৃষ্টিকোণৰ পৰা কোৱা হয় যে খেলপথাৰো হৈছে এখন আৱৰণহীন স্কুলহে মাথোন। সেয়েহে বৰ্তমানৰ শিক্ষাত খেলাৰ তাৎপৰ্য আমাৰ সকলোৰে বাবে বিশেষ অনুভৱৰ বিষয়।

খেলাৰ অৰ্থ আৰু সংজ্ঞাঃ

 

খেলাৰ সৰল অৰ্থ আমি সকলোৱে বুজি পাওঁ। তথাপি ইয়াৰ শিক্ষাসন্মত আৰু বিজ্ঞানভিত্তিক অৰ্থ বিশ্লেষণ কৰি চালেহে খেলাৰ প্ৰকৃত তাৎপৰ্য আমি বুজি উঠিব পাৰিম। এনে এক ব্যাখ্যা তলত দিবলৈ চেষ্টা কৰা হৈছে।

খেলা হৈছে সকলো জীৱৰেই জন্মগতভাৱে লাভ কৰা এক সাধাৰণ গতি প্ৰৱণতা যি সুপ্ত আৰু অন্তৰ্নিহিত অৱস্থাত থাকে। জীৱৰ সহজাত প্ৰবৃত্তিবোৰৰ দৰেই খেলাৰ প্ৰৱণতাও অনুভৱ কৰা হয়। ইয়াৰ বাবে আমাৰ কোনো শিক্ষা-অভিজ্ঞতা বা প্ৰশিক্ষণৰ প্ৰয়োজন নহয়। অনভিজ্ঞ নিচেই চালুকীয়া শিশুৱেও খেলাৰ প্ৰৱণতা অনুভৱ কৰে আৰু স্বভাৱসুলভ ৰূপত তাৰ প্ৰকাশ কৰে।

অৱশ্যে খেলাৰ অনুভূতি আৰু তাৰ অভিজ্ঞতাৰ পৰিসৰ কিছু বহল আৰু ব্যাপক বিধৰ হোৱা বাবে বিশেষজ্ঞসকলে খেলাক এক সুনিৰ্দিষ্ট প্ৰবৃত্তি বুলি ক’ব নোখোজে। জীৱৰ প্ৰবৃত্তি সম্বন্ধে ব্যাপক অধ্যয়ন কৰা মনোবিদ মেক্ ডুগেলে খেলাক প্ৰবৃত্তিৰ অভিজ্ঞতাতকৈ পৃথক পৰ্যায়ত বিবেচনা কৰে। খেলাত একাধিক প্ৰবৃত্তি নিহিত থাকে। আত্মপ্ৰতিষ্ঠা, যুজুৎসা, যোথ, হাস্য, সংগঠন আদি বিভিন্ন প্ৰবৃত্তি এক অস্পষ্ট ৰূপত আমি খেলাৰ যোগেদি অনুভৱ কৰো। তেওঁ এইক্ষেত্ৰত কুকুৰ, ঘোঁৰা আদি জন্তুবোৰৰ খেলাৰ বৈশিষ্ট্যপূৰ্ণ আচৰণসমূহ নিৰীক্ষণ কৰে। তাৰপৰা মত প্ৰকাশ কৰে যে খেলাৰ দৈহিক সঞ্চালনমূলক অথবা গতিশক্তি সম্বন্ধীয় আচৰণৰ যোগেদি জীৱই বিবিধ প্ৰবৃত্তিৰ আত্মপ্ৰকাশ কৰে।

খেলা সম্বন্ধে মেক্ ডুগেলে দাঙি ধৰা সংজ্ঞা এই প্ৰসংগত মন কৰিবলগীয়া। তেওঁৰ মতে খেলা হৈছে এক প্ৰাণশক্তি স্বৰূপ যি প্ৰবৃত্তিৰ গতিপথতকৈ পৃথকভাৱে এক উচ্চ পৰ্যায়ত গতি কৰি আমাৰ সঞ্চালন প্ৰক্ৰিয়াৰ এবিধ অস্পষ্ট ক্ষুধা জগাই তোলে আৰু কোনো এবিধ অথবা সকলোবিধ ক্ৰিয়া সঞ্চালনৰ যোগেদি সি প্ৰকাশৰ পথ বিচাৰে। (It is a primal libido or vital energy flowing not in the channels of instinct, but over flowing, generating a vague appetite for movement and finding outlet in any or all of the motor mechanism in turn)। ওপৰত দিয়া সংজ্ঞাৰ পৰা এই কথা ক’ব পাৰি যে খেলাৰ সঞ্চালন ক্ৰিয়াৰ যোগেদি জীৱৰ সকলো প্ৰবৃত্তিমূলক প্ৰৱণতাই এক অস্পষ্ট ৰূপত প্ৰকাশ লাভ কৰে। খেলাৰ এই প্ৰৱণতাত স্বতঃস্ফূৰ্ততা, উদ্দেশ্যবিহীনতা আৰু নিঃস্বাৰ্থ আনন্দৰ ভাব নিহিত থাকে।

খেলাৰ বৈশিষ্ট্যসমূহঃ

 

খেলাৰ প্ৰকৃত ৰূপ ইয়াৰ কেতবোৰ স্বকীয় বৈশিষ্ট্যত ফুটি উঠে। এইসমূহ তলত উল্লেখ কৰা হৈছে।

(১) আনন্দঃ

খেলাৰ অভিজ্ঞতা স্বাভাৱিকতেই সুখদায়ক আৰু আনন্দদায়ক। সুখ, আনন্দ আৰু প্ৰণোদনৰ বাহিৰে ইয়াত আন কোনো অসুস্থ বা অশুভ ভাব নিহিত থাকিব নোৱাৰে। আমাৰ মনৰ দুখ-চিন্তা, বিষাদ-বেদনা, অৱসাদ আদি খেলাই নোহোৱা কৰে। প্ৰকৃত অৰ্থত খেলাত কোনো দুখৰ ভাব নাথাকে অথবা ই কেতিয়াও দুখৰ কাৰণ হৈ উঠিব নোৱাৰে। কোনো এবিধ খেলাই খেলুৱৈজনক দেহত সাময়িকভাৱে আঘাত বা কষ্ট দিলেও সামগ্ৰিকভাৱে সি তেওঁৰ মনত আনন্দ আৰু সন্তোষৰহে কাৰণ স্বৰূপ হৈ উঠে।

(২) স্বতঃস্ফূৰ্ততাঃ

খেলা হৈছে ব্যক্তিৰ বাধাহীন আৰু স্বতঃস্ফূৰ্ত ক্ৰিয়া। কোনো বাধ্য-বাধকতা বা এৰাব নোৱাৰা দায়িত্বৰ ভাব ইয়াত নাথাকে। ব্যক্তিৰ জীৱনৰ ক্ৰিয়া-আচৰণৰ স্বতঃস্ফূৰ্ত উদ্যম অথবা নিজ প্ৰকৃতি স্বাভাৱিক ৰূপত খেলাৰ যোগেদি প্ৰকাশ পায়। কবিয়ে কবিতা লিখা, চিত্ৰকাৰে চিত্ৰাংকণ কৰা আদি স্বতঃস্ফূৰ্ত ক্ৰিয়াৰ পৰা যিদৰে বিৰত থাকিব নোৱাৰি, তেনেদৰে শিশুকো খেলাৰ পৰা বিৰত ৰাখিব নোৱাৰি। খেলাই হৈছে তাৰ একমাত্ৰ স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক বৃত্তি।

(৩) স্বাধীনতাঃ

খেলা হৈছে এক স্বাধীন আৰু স্বতঃপ্ৰণোদিত কাৰ্য। কোনো ধৰণৰ কৰ্তৃপক্ষৰ প্ৰতি ভয়, আনুগত্য আৰু অধীনতাৰ মনোভাব খেলাত থাকিব নোৱাৰে। এক স্বাধীন আৰু মুক্ত অৱস্থা ই ব্যক্তিৰ ভাব-অনুভূতি আৰু ক্ৰিয়া-আচৰণত প্ৰদান কৰে। কাৰোবাৰ বহতীয়া বা আজ্ঞাবাহী অৱস্থাত খেলাৰ প্ৰকৃত মানসিক প্ৰস্তুতি থাকিব নোৱাৰে। উল্লেখযোগ্য যে খেলাত কেতবোৰ নীতি-নিয়ম মানি চলিব লাগে যদিও সেইবোৰ গ্ৰহণযোগ্য বা মনঃপুত বিধৰ নহ’লে তাক পৰিহাৰ কৰা বা সংশোধন কৰাৰ স্বাধীনতাও খেলুৱাজনৰ থাকিব লাগে।

(৪) অভিপ্ৰায়হীনতাঃ

খেলাৰ বাবে ব্যক্তিমনত কোনো ধৰণৰ অভিপ্ৰায় পূৰণ, উদ্দেশ্য সাধন অথবা স্বাৰ্থসিদ্ধিৰ মনোভাব থাকিব নোৱাৰে। খেলা কেৱল খেলাৰ স্বাৰ্থতেই কৰা হয়। তাৰপৰা কোনো ব্যক্তিগত লাভালাভৰ কথা মনলৈ আহিব নোৱাৰে। ফুল যিদৰে ফুলাৰ বাবেই ফুলে খেলাও সেইদৰে খেলাৰ আনন্দৰ বাবেই খেলা হয়। কোনো অভিপ্ৰায় পূৰণ বা প্ৰতিশোধ প্ৰদান বা প্ৰশংসা-পুৰষ্কাৰ আদি গ্ৰহণৰ মনোভাব নিহিত থাকিলে সেই কাৰ্য খেলাৰ পৰ্যায়ভুক্ত হ’ব নোৱাৰে। তেনে অৱস্থাত খেলাই তাৰ প্ৰকৃত বৈশিষ্ট্য হেৰুৱাই দায়িত্ব পালন অথবা কঠিন যুঁজ দিয়া অৱস্থা এটাতহে পৰিণত হয়।

(৫) কল্পনা-প্ৰৱণতাঃ

ব্যক্তিৰ মনত কল্পনাৰ আনন্দ দিয়াটো হৈছে খেলাৰ এক প্ৰভাৱশালী বৈশিষ্ট্য। বাস্তৱ জগতৰ ক্ৰিয়া-আচৰণ গতানুগতিক আৰু যন্ত্ৰচালিত হোৱা হেতুকে সি এক অনিবাৰ্য ক্ৰিয়া আৰু দায়িত্বত পৰিণত হয়। ফলত সি হয় নিৰানন্দময়। আনহাতে খেলাৰ সমগ্ৰ বিষয়বস্তুৱেই হৈছে কল্পনাপ্ৰসূত, অৰ্থাৎ মনে ভাবি লোৱা বা ধৰি লোৱা কথা। এটা শিশুৱে এডাল লাঠি দুই ভৰিৰ মাজত লৈ দৌৰে আৰু ঘোঁৰাত উঠাৰ কল্পনা কৰে। সেই একেডাল লাঠিকেই কান্ধত লৈ বন্দুকৰ কল্পনা কৰে আৰু হাতত লৈ তৰোৱাল চলোৱাৰ কল্পনা কৰে। লাঠিডালৰ বাস্তৱ ৰূপটো পাহৰি তাৰ মনে কল্পনাৰ বিবিধ ৰহন দিয়া বাবেই সি খেলাৰ আনন্দ পাব পাৰে। সেয়েহে কোৱা হয় যে খেলা হৈছে এবিধ ‘make believe’ অথবা ভাও জোৰা কাৰ্য।

খেলা আৰু কামঃ

 

খেলা আৰু কামৰ মাজত থকা সুক্ষ্ম ব্যৱধান মন কৰিবলগীয়া। সচৰাচৰ সৰ্বসাধাৰণ লোকৰ বিবেচনাৰে কেতবোৰ ক্ৰিয়াক খেলা আৰু কেতবোৰ ক্ৰিয়াক কাম বা কৰ্তব্য স্বৰূপে আখ্যা দিয়া হয়। এই বিবেচনাৰে খেলাক সদায় পাতলভাৱে আৰু কামক বিশেষ সজাগ, সতৰ্ক আৰু তৎপৰতাৰ মনোভাবেৰে গ্ৰহণ কৰা হয়। অৰ্থসূচকভাৱে সেয়েহে কোৱা হয়- খেলাৰ বেলিকা খেলা আৰু কামৰ বেলিকা কাম (Work while you work, play while you play)। এনে উক্তিৰ যোগে কামক খেলাতকৈ অধিক গুৰুত্ব আৰু প্ৰাধান্য দিয়া হৈছে। অৱশ্যে বৰ্তমান খেলাৰ প্ৰকৃত তাৎপৰ্য উপলব্ধি কৰিলে এই উক্তিটো আমাৰ পুনৰ বিবেচনাৰ প্ৰয়োজন হয়।

উল্লেখযোগ্য যে কোনো ক্ৰিয়াই কেৱল তাৰ নামৰ ফালৰ পৰা ‘খেলা’ আৰু ‘কাম’ৰ মাজত স্পষ্ট ব্যৱধান টানিব পৰা নাযায়। ব্যক্তিয়ে তেওঁৰ ক্ৰিয়া সম্পাদনৰ বেলিকা তাক কেনে মনোভাবেৰে গ্ৰহণ কৰে তাৰ ওপৰতহে ই ঘাইকৈ নিৰ্ভৰ কৰে। যি ক্ৰিয়া সম্পাদনত ব্যক্তিৰ স্বাধীনতা, স্বতঃস্ফূৰ্ততা আৰু নিঃস্বাৰ্থ ভাব নিহিত থাকে আৰু যি ক্ৰিয়াই তেওঁক কাল্পনিক আনন্দ দিব পাৰে সেয়ে হৈছে খেলা। এনেবোৰ মানসিক অৱস্থাৰ য’ত অভাৱ সেয়ে হৈছে কাম। কামৰ বেলিকা সদায় এক অধীনতা, বাধ্যবাধকতা আৰু কৰ্তব্য বা বৃত্তিৰ মনোভাব নিহিত থাকে। ফলত এনে কাৰ্যত স্বতঃস্ফূৰ্ত আনন্দ আৰু উৎসাহ থাকিব নোৱাৰে। উদাহৰণস্বৰূপে এজন ফুটবল খেলুৱৈয়ে চুক্তিবদ্ধ হৈ খেলাত জিকিবৰ বাবে বিপক্ষৰ দলক ‘গ’ল’ দিবলৈ যদি অধিক তৎপৰ হৈ উঠে তেন্তে সেই ক্ৰিয়া তেওঁৰ বাবে খেলাৰ পৰিৱৰ্তে দায়িত্বপূৰ্ণ কামতহে পৰিণত হব। এনে কাৰ্যত তেওঁ খেলাৰ প্ৰকৃত আনন্দ নাপায়, বৰং কৰ্তব্য সচেতন হৈ চুক্তি ৰক্ষাৰ বাবে সকলো সময়তে উৎকণ্ঠা আৰু উদ্বেগৰ মাজত কটাব লাগে। ফুটবল খেলা তেওঁৰ বাবে হৈ উঠে দায়িত্বশীল কাম। আনহাতে এজন লোকে তেওঁৰ দৈনন্দিন জীৱনৰ নিৰ্ধাৰিত কৰ্তব্য কৰোতে যদি স্বাধীনভাৱে আৰু স্বতঃস্ফূৰ্ত আনন্দৰ মনোভাবেৰে কৰিব পাৰে তেন্তে সি খেলাৰ পৰ্যায়ভুক্ত হৈ উঠিব পাৰে। খেলাৰ মনোভাবেৰে কৰিলে কৰ্তব্যও উপভোগ্য হৈ উঠে আৰু তাৰ পৰিণতিও অধিক ফলপ্ৰসূ হৈ উঠিব পাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে বৰ্তমানে কোৱা হয়- কামৰ সময়ত খেলা আৰু খেলাৰ সময়ত কাম কৰা (Play while you work and work while you play)। এই উক্তিটোৰ সহজ অৰ্থ হৈছে খেলাৰ মনোভাবেৰে কাম কৰা।

খেলা আৰু কামৰ মাজত এই তাৎপৰ্যপূৰ্ণ ব্যৱধান টানি শিক্ষাবিদ পাৰ্চি নানে কৰা উক্তি এই প্ৰসংগত উল্লেখযোগ্য। তেওঁ কয় যে এজন লোকে যদি কোনো ক্ৰিয়া নিজ পছন্দ অনুযায়ী গ্ৰহণ কৰিব আৰু পৰিহাৰ কৰিব পাৰে অথবা ক্ৰিয়াৰ চৰ্তসমূহ সালসলনি কৰি ল’ব পাৰে তেন্তে তাক খেলা স্বৰূপে গ্ৰহণ কৰিব পাৰি। অন্যথাই যদি কোনো এক অপৰিহাৰ্য প্ৰয়োজনীয়তাৰ পৰিস্থিতিয়ে সেই ক্ৰিয়া তেওঁৰ ওপৰত আৰোপিত কৰে অথবা কোনো বৃত্তি বা ব্যৱসায়ৰ দায়িত্বত তেওঁ তাত আৱদ্ধ হৈ পৰে তেন্তে তাক কাম স্বৰূপে গণ্য কৰিব পাৰি।

ওপৰত কৰা আলোচনাৰ পৰা খেলা আৰু কামৰ মাজত থকা মৌলিক পাৰ্থক্যবোৰ সংক্ষেপে তলত উল্লেখ কৰিব পাৰি।

v  খেলাৰ পৰিস্থিতি হৈছে স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত, কিন্তু কামৰ পৰিস্থিতি হৈছে বহিঃ আৰোপিত।

v  খেলাৰ লক্ষ্য-উদ্দেশ্য খেলাৰ কাৰ্যতেই নিহিত থাকে, আনহাতে কামৰ এক পৃথক লক্ষ্য-উদ্দেশ্য জড়িত থাকে।

v  খেলাই আমাক বিমল আনন্দ দিয়ে, কিন্তু কামৰ পৰা পোৱা আনন্দ হৈছে অভিপ্ৰেত।

v  খেলা কাল্পনিক জগতৰ লগত আৰু কাম বাস্তৱ জগতৰ লগত সম্বন্ধযুক্ত।

v  খেলাত এজন লোকে বাধ্য-বাধকতা অনুভৱ নকৰে, কিন্তু কামৰ বেলিকা তেওঁ তেনে বাধ্য-বাধকতা মানি চলিব লাগে।

v  খেলাৰ নীতি-নিয়ম নমনীয় আৰু সহজে পৰিৱৰ্তনীয়, কিন্তু কামৰ নীতি-নিয়ম সহজে পৰিৱৰ্তনীয় নহয়।

v  খেলাত ব্যক্তিমনৰ ভাব-চিন্তা আৰু আৱেগ-অনুভূতি হয় অনিয়ন্ত্ৰিত, আনহাতে কামৰ বেলিকা ই হয় সম্পূৰ্ণ নিয়ন্ত্ৰিত।

v  খেলাৰ প্ৰভাৱ হয় ব্যক্তিৰ মানসিকভাৱে সুস্থ আৰু গঠনাত্মক, আনহাতে কামৰ প্ৰভাৱ হয় তেওঁৰ বৈষয়িকভাৱে উৎপাদনমূলক।

খেলাৰ বিভিন্ন তত্ত্বঃ

শিশুৱে কিয় খেলা কৰে অথবা শিশু ইমান খেলাপ্ৰৱণ হোৱাৰ কাৰণ কি ? এই কথাৰ সৰল জিজ্ঞাসা স্বাভাৱিকতেই আমাৰ মনলৈ আহে। শিক্ষা-দাৰ্শনিক আৰু মনোবিজ্ঞানীসকলেও এই প্ৰশ্নৰ সুক্ষ্ম অধ্যয়ন আৰু বিশ্লেষণ কৰে আৰু ফলস্বৰূপে খেলাৰ বিভিন্ন তাত্ত্বিক ব্যাখ্যা দাঙি ধৰে। তেওঁলোকৰ তাত্ত্বিক দৃষ্টিভংগীসমূহৰ লগত পৰিচিত হোৱাটো আমাৰ প্ৰয়োজন।

(১) অতিৰিক্ত শক্তি-তত্ত্বঃ

জাৰ্মান দাৰ্শনিক চিলাৰ আৰু ইংলণ্ডৰ দাৰ্শনিক হাৰ্বাৰ্ট স্পেনচাৰে খেলা সম্বন্ধে একে মত প্ৰকাশ কৰা বাবে তেওঁলোকৰ মতবাদক চিলাৰ-স্পেনচাৰ তত্ত্ব নামেও জনা যায়। এই তত্ত্ব মতে শিশুৰ দেহত প্ৰয়োজনতকৈ অধিক শক্তি নিহিত থাকে আৰু তাক সি খেলাৰ যোগেদি প্ৰয়োগ কৰে। স্পেনচাৰে বিশ্বাস কৰে যে শিশুৰ দেহত আৰু তাৰ মাংসপেশীবোৰত অত্যধিক পৰিমাণে পশু-শক্তি নিহিত থাকে। সেইবাবে খেলা হৈছে তাৰ এই অতিৰিক্ত শক্তি প্ৰয়োগৰ এক ব্যৱস্থা স্বৰূপ। খেলাই শিশুক তাৰ পশু-শক্তি ক্ষয় কৰাৰ উপযুক্ত পথ প্ৰদান কৰে। শৈশৱ কালছোৱাত খোৱা আৰু শোৱাৰ বাহিৰে দৈহিক শক্তি ক্ষয় কৰাৰ কোনো উপযুক্ত ক্ৰিয়া-ব্যৱস্থা নাথাকে। সেয়েহে তাৰ প্ৰয়োজনতকৈ অতিৰিক্ত শক্তি ব্যৱহাৰ নোহোৱাকৈ দেহত সঞ্চিত হৈ থকাৰ যুক্তি আছে।

এই মতবাদে অৱশ্যে আমাক খেলাৰ সন্তোষজনক ব্যাখ্যা দিব পৰা নাই। এই তত্ত্ব মানি ল’লে স্বাভাৱিকতেই ক’ব লাগিব যে শিশুৰ দেহত যেতিয়াই অতিৰিক্ত শক্তি শেষ হয় সেই মুহূৰ্ততে খেলা বন্ধ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত তাক দেখা নাযায়। শিশুৰ দেহত অতিৰিক্ত শক্তি থকাৰ কথা মানি ললেও এই শক্তি খেলাৰ যোগেদি শেষ হোৱা অৱস্থাতো তাৰ খেলা শেষ নহয়। দৈহিকভাৱে ভাগৰ লগা অৱস্থাতো সি মনৰ শক্তি বা ইচ্ছা-আগ্ৰহৰ বলত খেলি থাকিব পাৰে। দৈহিক শক্তিতকৈও শিশুৰ খেলাৰ বাবে তাৰ সময়-সুবিধা, লগ-সংগ আৰু মনৰ আগ্ৰহ-অভিৰুচি আদি অধিক প্ৰয়োজন। ইয়াৰ উপৰি এই প্ৰসংগত উল্লেখযোগ্য যে খেলাৰ মনোৰঞ্জন তত্ত্বই ইয়াৰ বিপৰীতে মত দাঙি ধৰে যে দেহ-মনৰ ভাগৰ আৰু অৱসাদ গুচাবৰ বাবেহে খেলাৰ প্ৰয়োজন হয়।

(২) পুনৰাবৃত্তি তত্ত্বঃ

আমেৰিকাৰ শিক্ষাবিদ ষ্টেনলি হলে (Stanley Hall) খেলাৰ অতীতদৰ্শী মূল্যৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ মতে শিশুৱে খেলাৰ যোগেদি মানৱ সভ্যতা আৰু বুৰঞ্জীৰ পাৰ হৈ অহা জীৱনৰ ক্ৰিয়া-আচৰণসমূহৰ পুনৰাবৃত্তি কৰে। কোৱা হয় যে মানৱ সভ্যতাৰ বিভিন্ন পৰ্যায়, যেনে- প্ৰস্তৰ যুগ, লৌহ যুগ আদিৰ আচাৰ-আচৰণ শিশু বিকাশৰ বিভিন্ন পৰ্যায়ত খেলাৰ মাজেদি প্ৰতিফলিত হৈ উঠে। দৌৰা, জপিওৱা, দলিওৱা, বগোৱা, সাঁতোৰা আদি বৰ্তমানেও স্বীকৃতিপ্ৰাপ্ত খেলা-ধূলা স্বৰূপে বিবেচনা কৰা হয়। ইয়াৰ উপৰি চিকাৰ কৰা, মাছ মৰা, লুকাচুৰি খেলা, কাল্পনিকভাৱে এদলে আনদলক আক্ৰমণ কৰা, প্ৰতিৰক্ষা কৰা, প্ৰতিহত কৰা আদি বিবিধ খেলা শিশুৰ অতি প্ৰিয়। এই খেলাসমূহৰ যোগেদি শিশুৱে অতীতৰ শৌৰ্য-বীৰ্য আৰু প্ৰাকৃতিক বন্য-জীৱনৰ এক প্ৰেৰণা লাভ কৰাটো সমূলি অস্বীকাৰ কৰিব নোৱাৰি। ইয়াৰ মাজেদি শিশুৱে যেন অতীতৰ ‘হেৰুৱা স্বৰ্গ’ পুনৰুদ্ধাৰৰ চেষ্টা কৰে। উল্লেখযোগ্য যে আমাৰ মনত অতীতৰ ক্ৰিয়া-আচৰণৰ প্ৰতি এক পশ্চাদমুখী প্ৰৱণতা নথকা নহয়। এনে প্ৰৱণতা খেলা-ধূলাৰ মাজেদি প্ৰতিফলিত হোৱাটো আশা কৰিব পাৰি। হয়তো এনে কাৰণতেই পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ খেলা-ধূলাসমূহত যথেষ্ট মিল থকা দেখা যায়।

খেলাৰ স্বৰূপ ব্যাখ্যা প্ৰসংগত এই তত্ত্বৰ যুক্তি আৰু নিজস্ব দৃষ্টিভংগী থাকিলেও শিশুৰ সকলোবোৰ খেলা-ধূলা এই তত্ত্বই সামৰি ল’ব নোৱাৰে। শিশুৰ খেলাক কেৱল অতীতমুখী উদ্দেশ্যৰ দ্বাৰা প্ৰভাৱিত বুলি ক’ব নোৱাৰি। ইয়াত অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সকলো দিশৰেই সামূহিক প্ৰভাৱ শিশুৰ অজানিতে পৰে। শিশুৱে কৰা খেলা প্ৰধানতঃ বাস্তৱ পৰিস্থিতি সাপেক্ষ, স্বতঃস্ফূৰ্ত আৰু অভিপ্ৰায়হীন। সেইবাবে ইয়াক কেৱল অতীতমুখী স্বৰূপেহে বৰ্ণনা কৰাটো একপক্ষীয় দৃষ্টিভংগী বুলিহে ক’ব লাগিব।

(৩) প্ৰত্যাশায়ী বা ভৱিষ্যৎ প্ৰস্তুতি-তত্ত্বঃ

মেলব্ৰেনচি (Malebranche) নামৰ এজন চিন্তাবিদে আগবঢ়োৱা খেলাৰ এক নতুন চিন্তাধাৰা জাৰ্মানীৰ কাৰ্ল গ্ৰোচ (Karl Gross) আৰু আমেৰিকাৰ বোল্ডউইনে (Boldwin) অধিক জনপ্ৰিয় কৰি তোলে। এই তত্ত্বৰ মতে খেলাই শিশুক ভৱিষ্যৎ জীৱনত প্ৰয়োজন হোৱা জটিল ক্ৰিয়া-অভিজ্ঞতাবোৰৰ প্ৰতি প্ৰস্তুত কৰি তোলে। কাৰ্ল গ্ৰোচে মত প্ৰকাশ কৰে যে শিশুৱে খেলে এইবাবেই নহয় যে সৰু হৈ আছে, বৰং সি খেলে এইবাবেইহে যে তাৰ এটা ডেকাকাল আছে আৰু সেয়েহে খেলা তাৰবাবে প্ৰয়োজন। তেওঁৰ মতে শিশুৱে প্ৰাপ্তবয়স্কসকলৰ ক্ৰিয়া-আচৰণৰ দৰে কৰা খেলা-ধূলাবোৰৰ এক জৈৱিক উপযোগিতা আছে। সৰু ল’ৰা-ছোৱালীয়ে পুতলা খেলা, বালিভাত খেলা আদিত এই কথা ভালদৰে লক্ষ্য কৰিব পাৰি। ইয়াৰ উপৰি কাল্পনিকভাৱে খেলা-ধূলাৰ যোগেদি বন্দুক-তৰোৱাল চলোৱা, সৈনিক হোৱা, গাড়ীচালক হোৱা আদি বিবিধ ক্ৰিয়া-আচৰণৰ দ্বাৰা শিশুৱে ভৱিষ্যৎ ব্যৱসায়-বৃত্তিৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাৰ প্ৰৱণতা পৰিলক্ষিত হয়। খেলাত এনেবোৰ প্ৰাপ্তবয়স্ক জীৱনৰ আচৰণ অনুশীলনৰ যোগে শিশুৱে অনুশাসন, সহযোগিতা, প্ৰতিযোগিতা, সহনশীলতা, কষ্ট-সহিষ্ণুতা আদি কেতবোৰ প্ৰয়োজনীয় সামাজিক আৰু মানৱীয় গুণ ভৱিষ্যতৰ বাবে শিকি উঠিব পাৰে। মানৱশিশু দীৰ্ঘদিন ধৰি মাক-দেউতাক আৰু সমাজৰ ওপৰত নিৰ্ভৰশীল হৈ চলিব লগা হোৱা বাবে সি খেলাৰ যোগেদি ভৱিষ্যৎ গঠন আৰু বিকাশযোগ্য ক্ষমতা লাভ কৰি উঠিব পাৰে। এনেবোৰ গ্ৰহণযোগ্য দৃষ্টিভংগীৰ হেতুকে খেলাৰ এই তত্ত্ব আনকেইটা তত্ত্বতকৈ আমাৰ বাবে অধিক আদৰণীয়।

অৱশ্যে এই তত্ত্ব সমালোচনাৰ উৰ্ধত বুলিব নোৱাৰি। যুক্তিৰ অৱতাৰণা কৰি কোৱা হয় যে অনভিজ্ঞ সৰল শিশুৱে খেলাৰ যোগেদি প্ৰাপ্তবয়স্ক জীৱনৰ অভিজ্ঞতাৰ প্ৰতি নিজকে সচেতন কৰি তুলিব নোৱাৰে। প্ৰাপ্তবয়স্ক জীৱন আৰু অভিজ্ঞতা শিশুৰ বাবে অপৰিচিত। শৈশৱকালৰ নিজস্ব কেতবোৰ বৈশিষ্ট্য, সৌন্দৰ্য আৰু মাধুৰ্য আছে যি খেলাৰ যোগেদি আত্মপ্ৰকাশ কৰে। শিশুৱে নিজকে ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুতকৰণৰ উদ্দেশ্য আগত ৰাখি খেলিবলৈ ল’লে খেলাৰ এই শিশুসুলভ বৈশিষ্ট্যবোৰ লোপ পাব। খেলাৰ স্বাধীনতা, স্বতঃস্ফূৰ্ত আনন্দ আদি নোহোৱা কৰি শিশুৰ জীৱনটো সতৰ্কতা আৰু ভৱিষ্যতৰ গঢ় দি তোলাটো আমি নিবিচাৰো।

(৪) মনোৰঞ্জন-তত্ত্বঃ

এই তত্ত্ব লৰ্ড কেম্‌চ (Lord Kames) নামৰ ইংলণ্ডৰ এজন বিশেষজ্ঞই আগবঢ়ায়। জাৰ্মানীৰ লেজেৰাচ (Lazarus) নামৰ এজন চিন্তাবিদেও খেলাৰ এই দৃষ্টিভংগী দাঙি ধৰে। এই তত্ত্ব মতে খেলাৰ উদ্দেশ্য হৈছে ব্যক্তিৰ ভাগৰুৱা দেহ-মন পুনৰ সঞ্জীৱিত কৰি তুলিবৰ বাবে মনোৰঞ্জনৰ সৃষ্টি কৰা। দৈনন্দিন জীৱনৰ কঠোৰ দেহ-মানসিক শ্ৰমৰ পিছত অৱসৰ বিনোদনৰ বাবে খেলাৰ প্ৰয়োজন। কোনো কঠিন কামৰ প্ৰতি দেহ-মনৰ একাগ্ৰচিত্ততাই ভাগৰ, অৱসাদ আৰু বিৰক্তিৰ সৃষ্টি কৰে। খেলাই এইসমূহ দূৰ কৰি মনত শক্তিৰ পুনৰ সঞ্চাৰ কৰে। উদাহৰণস্বৰূপে শিশুৱে স্কুলত শ্ৰেণী-বিৰতিৰ সময়খিনিত কৰা খেলা-ধূলা এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰিব পাৰি। আধুনিক সভ্যতাৰ যুগত মানুহে বিজ্ঞান আৰু কাৰিকৰী দিশত অধিকভাৱে বৌদ্ধিক চিন্তা-চৰ্চা, যুক্তি, বিচাৰ-শক্তি আদি প্ৰয়োগ কৰিব লাগে। ফলত সহজে ভাগৰ, অৱসাদ আদি অনুভৱ কৰে। খেলাৰ যোগেদি সেয়েহে তেওঁলোকৰ বাবে অৱসৰ বিনোদন আৰু মনোৰঞ্জনৰ প্ৰয়োজন।

এই তত্ত্বৰ দুৰ্বলতা স্বৰূপে ক’ব পাৰি যে ই শিশুৰ খেলাক প্ৰাপ্তবয়স্কসকলৰ অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিবলৈ গৈ ভুল কৰিছে। বয়সস্থসকলৰ মনত ভাগৰ, অৱসাদ, বিৰক্তি আদিৰ ভাব স্পষ্ট হ’লেও শিশুৰ ক্ষেত্ৰত এনেবোৰ অভিজ্ঞতা স্পষ্ট ৰূপত দেখা পোৱা নাযায়। ইয়াৰ প্ৰতি সি স্বাভাৱিকতেই অমনোযোগী আৰু আওকণীয়া হোৱাহে দেখা যায়। শ্ৰম আৰু অৱসৰৰ প্ৰতি বয়সস্থসকলকহে সজাগ আৰু সচেতন, শিশুহঁত নহয়। ইয়াৰ উপৰি এই তত্ত্বই উল্লেখ কৰা আজৰি সময়ৰ খেলাসমূহ বয়সস্থসকলৰহে উপযোগী, শিশুৰ বাবে সি উপযোগী আৰু আকৰ্ষণীয় নহয়।

(৫) বিৰেচন-তত্ত্বঃ

মনোবিশ্লেষণকাৰীসকলে খেলাৰ কাৰণ স্বৰূপে এক নতুন দৃষ্টিভংগী আগবঢ়ায়। উল্লেখযোগ্য যে ‘Catharsis’ বা বিৰেচন হৈছে চিকিৎসা বিজ্ঞানৰ শব্দ যাৰ অৰ্থ হৈছে ‘Purging’ বা অবাঞ্ছনীয় বস্তু বাহিৰ কৰি পৰিষ্কাৰ কৰা বা বিশোধন কৰা কাৰ্য। মনোবিজ্ঞানত ইয়াৰ অৰ্থ হৈছে মনৰ আৱৰ্জনা গুচাই মন পৰিষ্কাৰ কৰা। মনোবিশ্লেষণৰ দৃষ্টিকোণৰ পৰা কোৱা হয় যে খেলাই আমাৰ অপূৰণীয় আশা-আকাংক্ষা আৰু প্ৰবৃত্তিবোৰৰ অসুস্থ প্ৰভাৱৰ পৰা মনক ৰক্ষা কৰে। প্ৰত্যেক জীৱই জৈৱিক প্ৰয়োজন স্বৰূপে নিজ নিজ পৰিৱেশত কেতবোৰ আশা, কামনা-বাসনা, ইচ্ছা আদি অনুভৱ কৰে। আনহাতে সমাজৰ প্ৰচলিত ধৰ্মীয়, নৈতিক, সাংস্কৃতিক আৰু সাংবিধানিক ব্যৱস্থাই এইসমূহ যথাযথভাৱে পূৰণৰ অনুমতি নিদিয়ে। ফলত অপূৰণ হৈ ৰোৱা জৈৱিক প্ৰবৃত্তিবোৰ মনত অৱদমিত কৰি ৰখা হয়, যি আমাৰ বাবে অনিষ্টকাৰী। খেলাই হৈছে একমাত্ৰ সুস্থ, স্বাভাৱিক আৰু সমাজৰ গ্ৰহণযোগ্য পথ যাৰে যোগেদি মনৰ অৱদমিত উপাদানবোৰ আংশিকভাৱে পূৰণ কৰিব পাৰি আৰু অৱদমনৰ অনিষ্টকাৰী প্ৰভাৱৰ পৰা ব্যক্তিৰ মনক ৰক্ষা কৰিব পাৰি।

বিৰেচন তত্ত্বই খেলা সম্বন্ধে বৰ্তমান শিক্ষাত এক নতুন দৃষ্টি দান কৰিছে। শৈশৱকালত শিশুমন অৱদমনৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ আৰু স্বতঃস্ফূৰ্তভাৱে আত্মপ্ৰকাশ কৰিবলৈ খেলাৰ প্ৰয়োজনীয়তাৰ কথা বৰ্তমান শিক্ষাবিদসকলে স্বীকাৰ কৰে। শিশুৰ কেতবোৰ অসুস্থ, অসামাজিক আৰু অপৰাধপ্ৰৱণ আচৰণৰ প্ৰভাৱ গুচাবৰ বাবেও খেলাৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰা হয়। মুঠতে ক’ব পাৰি যে এই তত্ত্বই শিক্ষাত  খেলাৰ প্ৰয়োজন সম্বন্ধে এক বৈজ্ঞানিক ভিত্তি ৰচনা কৰিছে।

(৬) প্ৰতিদ্বন্দ্বিতা-তত্ত্বঃ

মনোবিদ মেকডুগেলে খেলাৰ অন্তৰালত নিহিত হৈ থকা প্ৰতিদ্বন্দ্বিতাভাবৰ ওপৰত অধিক গুৰুত্ব দিয়ে। প্ৰতিদ্বন্দ্বিতাৰ মনোভাবেহে ব্যক্তিক খেলাৰ প্ৰতি অনুপ্ৰাণিত কৰিব আৰু আৱশ্যকীয় প্ৰস্তুতি আনি দিব পাৰে। অৱশ্যে মেকডুগেলে এই কথা আঙুলিয়াই দিয়ে যে প্ৰতিদ্বন্দ্বিতা আৰু যুঁজৰ প্ৰবৃত্তিৰ মাজত কিছু পাৰ্থক্য আছে। প্ৰতিদ্বন্দ্বিতাৰ বেলিকা নিজকে প্ৰতিপক্ষতকৈ শ্ৰেষ্ঠ বা উন্নত স্বৰূপে দেখুওৱাৰ প্ৰবৃত্তিহে প্ৰবল হয়। ইয়াত যুদ্ধৰ দৰে ধ্বংসাত্মক অথবা হিংসাত্মক প্ৰবৃত্তিৰ প্ৰভাৱ নাথাকে।

সি যি কি নহওক, মেকডুগেলৰ এই তত্ত্ব সম্পূৰ্ণ গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব নোৱাৰি। কাৰণ সকলোবোৰ খেলাতে প্ৰতিদ্বন্দ্বিতাৰ মনোভাৱ নাথাকে। শিশুৰ পুতলা খেলা, বালিঘৰ সজা আদিত প্ৰতিদ্বন্দ্বিতাৰ ভাব আমি দেখা নাপাওঁ। এনে কেতবোৰ খেলা আছে যি কেৱল নিঃস্বাৰ্থ আনন্দ আমাক দিব পাৰে। ইয়াৰ উপৰি খেলাত প্ৰতিদ্বন্দ্বিতাৰ ভাব মানি ল’লে ই স্বতঃস্ফূৰ্ত আনন্দত ক্ষতিসাধন কৰাটোও স্বাভাৱিক।

(৭) ‘খেলাই জীৱন’ তত্ত্বঃ

দাৰ্শনিক জন্ ডিউইৰ প্ৰয়োগবাদ দৰ্শনৰ পৰা খেলাৰ এই তত্ত্ব উদ্ভৱ হোৱা বুলি ক’ব পাৰি। শিক্ষাৰ পুৰণি ধাৰণা আছিল যে ই শিশুক ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুত কৰে। জন্ ডিউইয়ে ইয়াৰ সংশোধন কৰি কয় যে শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, বৰং শিক্ষাই জীৱন (Education is not preparation for life but life itself)। এই দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ কোৱা হয় যে খেলা শিশুৰ বাবে ভৱিষ্যতৰ প্ৰস্তুতি নহয়, বৰং খেলাই হৈছে তাৰ জীৱন। খেলাৰ মাজেদিয়ে শিশুৰ সজীৱতা আৰু সক্ৰিয়তা প্ৰকাশ পায়। ডিউইৰ মতে জীৱই অন্তঃশৰীৰ উদ্দীপনা লাভ কৰা বাবে অবিৰতভাৱে কৰ্মৰত অৱস্থাত থাকে। সেয়েহে কৰ্মইহে জীৱৰ সজীৱতাৰ পৰিচয় দিয়ে। শিশুৱেও নিজ সজীৱতাৰ পৰিচয় দিবৰ বাবে অবিৰাম গতিত খেলাৰ আচৰণ প্ৰদৰ্শন কৰে। খেলাবিহীনতাই সেয়েহে প্ৰাণহীনতাৰ পৰিচয় দিয়ে।

জন্ ডিউইৰ এই তত্ত্বই খেলাৰ দিশত প্ৰয়োগবাদ দৰ্শনৰ এক নতুন দাৰ্শনিক দৃষ্টি দান কৰে। খেলাই শিশুৰ স্বাভাৱিক সক্ৰিয়তা আৰু মুক্ত স্বতঃস্ফূৰ্ত প্ৰকাশৰ দৃষ্টিভংগী এই তত্ত্বত সমৰ্থিত হৈছে। সেইবাবে সাধাৰণভাৱে খেলাৰ এই তত্ত্ব শিক্ষাবিদসকলৰ বাবে গ্ৰহণযোগ্য। শিশুৰ স্বভাৱসুলভ সজীৱতা আৰু সক্ৰিয়তা খেলাত প্ৰতিফলিত হোৱা দৃষ্টিভংগী আমাৰ বাবে সমৰ্থনযোগ্য।

খেলাৰ তত্ত্বসমূহৰ এটি সমীক্ষাঃ

ওপৰত আলোচনা কৰা বিভিন্ন তত্ত্বৰ পৰা আমাৰ মনত সহজেই প্ৰশ্ন হয়, খেলাৰ কোনটো তত্ত্ব আমাৰ বাবে গ্ৰহণযোগ্য। অৱশ্যে বাস্তৱক্ষেত্ৰত ইয়াৰ উত্তৰ স্বৰূপে কোনো এটা বিশেষ তত্ত্ব সম্পূৰ্ণ দোষমুক্ত আৰু নিৰ্ভুল স্বৰূপে উল্লেখ কৰিব পৰা নাযায়। খেলাৰ অভিজ্ঞতাৰ প্ৰভাৱ স্বাভাৱিকতেই জটিল আৰু ব্যাপক বিধৰ হয়। এই প্ৰসংগত ক’ব পাৰি যে খেলা সম্বন্ধে ব্যাখ্যা আৰু বিশ্লেষণ দাঙি ধৰা বিভিন্ন তত্ত্বই ইয়াক ভিন ভিন দৃষ্টিকোণৰ পৰা দিবলৈ চেষ্টা কৰিছে। সেইবাবে প্ৰতিটো তত্ত্বৰে একো একোটা নিজস্ব বক্তব্য আছে, যাৰ মূল্য সমূলি অস্বীকাৰ কৰিব পৰা নাযায়। উল্লেখযোগ্য যে অতিৰিক্ত শক্তি-তত্ত্বই কোৱাৰ দৰে খেলাত শিশুৰ সঞ্চিত দৈহিক শক্তিৰ প্ৰয়োগ হয়, পুনৰাবৃত্তি তত্ত্বই কোৱাৰ দৰে খেলাই নতুন বংশধৰসকলৰ মনত পুৰণি পুৰুষৰ জাতিগত স্মৃতি জগাই তোলে। খেলাই শিশুক তাৰ ভৱিষ্যতৰ দায়িত্বপূৰ্ণ ক্ৰিয়াকলাপৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তোলা দৃষ্টিভংগীও বিশেষ অৰ্থপূৰ্ণ। সেইদৰে ই আমাৰ মনোৰঞ্জন আৰু অৱসৰ বিনোদনৰ সুযোগ দিয়ে, অৱদমনৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত কৰি প্ৰবৃত্তিৰ উন্নীতকৰণ কৰে আৰু অৱস্থাবিশেষ ব্যক্তিৰ মনত ই প্ৰতিদ্বন্দ্বিতাৰ মনোভাৱো জগাই তোলে।

সেয়েহে ক’ব পাৰি যে এই তত্ত্বসমূহ বাস্তৱিকতে খেলাৰ পৰিপূৰক দৃষ্টিভংগীহে, স্বতন্ত্ৰ, স্বয়ংসম্পূৰ্ণ অথবা পৰস্পৰ বিৰোধী দৃষ্টিভংগী নহয়। খেলাৰ স্বৰূপ উপলব্ধিৰ বাবে আৰু ইয়াৰ ব্যাপক পৰিসৰ সামৰি ল’বৰ বাবে এই তত্ত্বসমূহ তাৰ সামগ্ৰিক ৰূপত বিবেচনা কৰা প্ৰয়োজন। খেলাত প্ৰকৃতপক্ষে ব্যক্তিৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু সাংস্কৃতিক প্ৰয়োজন নিহিত থাকে।

শিশুৰ খেলাৰ বিভিন্ন প্ৰকাৰঃ

শিশুৱে কৰা খেলা-ধূলাসমূহ নিৰীক্ষণ কৰিলে দেখা যায় যে ইয়াৰ কেতবোৰ নিজস্ব বৈশিষ্ট্য আছে। শিশু-বিকাশৰ লগে লগে খেলাৰ ধৰণ-কৰণবোৰৰ এক আমোদজনকভাৱে পৰিৱৰ্তন হয়। তাৰ সমূহ খেলা-ধূলাক ঘাইকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে- ব্যক্তিমুখী আৰু সমাজমুখী অথবা ব্যক্তিগত আৰু দলগত। ইয়াৰ এটি চমু বিৱৰণ তলত দাঙি ধৰা হৈছে।

চালুকীয়া অৱস্থাত শিশুৰ খেলা হয় একান্ত ব্যক্তিগত আৰু আত্মকেন্দ্ৰিক। এই সময়ত খেলাৰ বাবে লগ-সংগৰ কোনো প্ৰয়োজন নহয়। নিচেই চালুকীয়া অৱস্থাত শিশুৱে নিজৰ হাত-ভৰি আৰু অংগ-প্ৰত্যংগবোৰৰ কিছু সঞ্চালন ক্ষমতা লাভ হোৱাৰ লগে লগে জুনুকা, পুতলা আদি বিবিধ খেলনা বস্তু হাতত লৈ খেলিব পাৰে। বস্তুৰ লগত কৰা খেলা ধ্বংসাত্মক আৰু গঠনাত্মক দুয়োবিধৰেই হ’ব পাৰে। শিশুৱে খোজকাঢ়িব আৰু দৌৰিব পৰা হোৱা আৰু নিজ মনৰ ভাব দুই-এটা শব্দেৰে প্ৰকাশ কৰিব পৰা হোৱাৰ লগে লগে তাৰ খেলা সামাজিক অথবা দলগত অৱস্থালৈ গতি কৰে। এই সময়ত শিশুৱে নিজৰ ঘৰৰ ভিতৰত খেলাৰ বস্তুৰ লগত অকলে খেলি ভাল নাপায় আৰু সেইবাবে সমনীয়াৰ লগ বিচাৰে। ইয়াৰ প্ৰথম অৱস্থাত সি খেলাৰ পৰিস্থিতিত আনৰ অনুকৰণ কৰে। পিছলৈ নিজক দলৰ লগত খাপ খুৱাই ল’বলৈ অথবা সমাযোজন স্থাপন কৰিবলৈ চেষ্টা কৰে। এনে সমাযোজনৰ বেলিকা শিশুৰ খেলা কোনো সময়ত দলৰ সপক্ষে আৰু কোনো কোনো সময়ত দলৰ বিপক্ষে খেলাৰ মনোভাবো দেখা যায়।

খেলাৰ ওপৰত প্ৰভাৱ পেলোৱা দিশসমূহঃ

মন কৰিবলগীয়া যে শিশু তথা বয়সস্থসকলৰ খেলাত বিভিন্ন দেহ-মানসিক আৰু পৰিৱেশীয় প্ৰভাৱ পৰে। ইয়াৰ কেইটামান প্ৰভাৱশালী দিশ সম্বন্ধে তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে।

(ক) বয়সৰ পাৰ্থক্যঃ

শিশুৰ খেলা তাৰ বিকাশৰ বিভিন্ন পৰ্যায়ত ভিন ভিন হৈ উঠাৰ কথা ইতিপূৰ্বে উল্লেখ কৰা হৈছে। তাৰ মানসিক আৰু বৌদ্ধিক বিকাশ হৈ নুঠা কালছোৱাত, অৰ্থাৎ জন্মৰ পৰা প্ৰায় ডেৰ বছৰ বয়সলৈকে খেলা দৈহিক সঞ্চালনমূলক ক্ৰিয়াপ্ৰধান হৈ উঠে। এই সময়ৰ খেলা হয় একান্ত ব্যক্তিগত আৰু ব্যক্তিস্বাৰ্থ জড়িত। ই তাৰ নিজ দেহ সঞ্চালনৰ লগত জড়িত খেলনা আদিৰ লগত আৱদ্ধ থাকে। দুই-আঢ়ৈ বছৰৰ পৰা শিশুৰ খেলা সমাজমুখী হৈ উঠে। সমবয়সীয়া আন আন শিশুৰ লগত খেলাৰ যোগেদি ক্ৰিয়া অনুকৰণ কৰি সি নিজকে সমাযোজন কৰে। এই সময়ত দলৰ আন আন শিশুৰ লগত ভাব-অনুভূতিৰ আদান-প্ৰদান, সহযোগিতা, প্ৰতিযোগিতা আদিৰ ভাব পৰিলক্ষিত হয়। ইয়াৰ পৰৱৰ্তী কালৰ খেলা হয় দৈহিকভাৱে সঞ্চালন-পটুতা আৰু বৌদ্ধিকভাৱে সমস্যা সমাধানমূলক।

(খ) লিংগৰ পাৰ্থক্যঃ

ল’ৰা আৰু ছোৱালীৰ দেহ-মানসিক গাঁঠনি, শক্তি-সামৰ্থ, আগ্ৰহ-অভিৰুচি আদিৰ পাৰ্থক্যই তেওঁলোকৰ খেলা-ধূলাত প্ৰভাৱ পেলায়। ২-৩ বছৰ বয়সলৈকে ল’ৰা-ছোৱালীৰ মাজত খেলা-ধূলাৰ পাৰ্থক্য বিশেষ নাথাকে। ইয়াৰ পৰৱৰ্তী কালত তেওঁলোকৰ মনত লিংগ সচেতনতাৰ ভাব দেখা দিয়ে আৰু দলগত খেলা-ধূলাত ল’ৰাই ল’ৰাৰ লগ আৰু ছোৱালীয়ে ছোৱালীৰ লগ বিচাৰে। প্ৰাক্-কৈশোৰ কালছোৱাত ল’ৰা-ছোৱালীৰ মনত আৰু ক্ৰিয়া-আচৰণত লিংগ-পাৰ্থক্যৰ ভাব অধিক প্ৰৱল হয়। খেলা-ধূলাৰ বেলিকা এনে পাৰ্থক্যৰ ভাব সহজে আমাৰ চকুত পৰে। অৱশ্যে কৈশোৰৰ শেষৰ ফালে বিপৰীত লিংগকামিতা ভাবৰ হেতুকে পুনৰ ল’ৰাই ছোৱালীৰ লগত খেলাৰ আগ্ৰহ প্ৰকাশ কৰে।

(গ) বৌদ্ধিক মানদণ্ডঃ

খেলা-ধূলাৰ বিভিন্ন পৰিস্থিতিত নিজৰ সক্ষমতা, উপযুক্ততা, আগ্ৰহ-অভিৰুচি আদি বহু পৰিমাণে ব্যক্তিৰ বৌদ্ধিক মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। যিবোৰ খেলাত মানসিক সচেতনতা, সংবেদন অনুভূতিৰ তীক্ষ্ণতা, সঞ্চালন ক্ষমতাৰ পটুতা আৰু দ্ৰুত সমস্যা সমাধান ক্ষমতা আদিৰ প্ৰয়োজন তাত তীক্ষ্ণ বুদ্ধিৰ ল’ৰা-ছোৱালীয়েহে আগ্ৰহ প্ৰকাশ কৰে। যিবোৰ খেলা কেৱল দৈহিক পুনৰাবৃত্তিমূলক আৰু ওপৰত উল্লেখ কৰা ক্ষমতা আদিৰ প্ৰয়োজন নহয় তেনেবোৰ খেলাতহে বৌদ্ধিকভাৱে নিম্নমানৰ শিশুৱে অংশগ্ৰহণ কৰিব পাৰে। তীক্ষ্ণ বুদ্ধিৰ ল’ৰা-ছোৱালীয়ে পৈণত বয়সৰ খেলা-ধূলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব পাৰে।

(ঘ) পৰিৱেশৰ প্ৰভাৱঃ

শিশুৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ ভিন্নতা অনুযায়ী খেলা-ধূলাও ভিন ভিন হোৱাটো মন কৰিবলগীয়া। গাঁও আৰু নগৰৰ ল’ৰা-ছোৱালীৰ মাজত এনে কাৰণতে খেলাৰ পাৰ্থক্য দেখা যায়। ঘৰুৱা আৰু স্কুলীয়া পৰিৱেশত থকা খেলাৰ প্ৰচুৰ সা-সুবিধা, স্বাধীনতা আৰু উৎসাহ-উদ্দীপনাই শিশুক খেলাৰ যোগেদি আত্মপ্ৰকাশৰ বিশেষ সুবিধা দিয়ে। ইয়াৰ অভাৱ হোৱা অথবা কঠোৰ অনুশাসনৰ মাজত থকা শিশুৱে খেলাৰ যোগেদি স্বতঃস্ফূৰ্তভাৱে আত্মপ্ৰকাশৰ সুবিধা পাব নোৱাৰে. ফলত তেনে শিশুৰ আচৰণ সীমিত আৰু সংকুচিত হৈ পৰে।

শিশুৰ বাবে খেলাৰ প্ৰয়োজনীয়তাঃ

খেলাৰ বহুমুখী প্ৰয়োজনীয়তা বৰ্তমান ব্যাপকভাৱে অনুভৱ কৰা হৈছে। শিশুকাল হৈছে খেলাৰ সময়। খেলাৰ যোগেদিয়ে সি তাৰ স্বভাৱসুলভ ভাব-অনুভূতি আৰু আচৰণ ব্যক্ত কৰে। খেলাই শিশুক অতীতৰ প্ৰেৰণা দিয়ে, বৰ্তমানৰ আনন্দ দিয়ে আৰু ভৱিষ্যতৰ পদ্ধতি আনি দিয়ে। চালুকীয়া শিশু তাৰ স্বাভাৱিক গতি-পদ্ধতিৰে পূৰ্ণ বিকশিত ব্যক্তিত পৰিণত হ’বৰ বাবে খেলাৰ প্ৰয়োজন। ই শিশুৰ বাবে তাৰ খাদ্যৰ দৰেই অপৰিহাৰ্য, সূৰ্যৰ পোহৰৰ দৰেই মৌলিক আৰু বায়ুৰ দৰেই জীৱনদানকাৰী। সেয়েহে শিশু-শিক্ষা আৰু বিকাশৰ সকলো প্ৰচেষ্টা আৰু আঁচনি বৰ্তমান খেলাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। সি যি কি নহওক, শিশুৰ বাবে খেলাৰ বহুমুখী প্ৰয়োজনীয়তাসমূহৰ চমু বিৱৰণ তলত দাঙি ধৰা হৈছে।

(১) দৈহিক স্বাস্থ্যৰক্ষাঃ

খেলাই শিশুৰ স্বাস্থ্যৰক্ষা কৰে আৰু জীৱনীশক্তি দান কৰে। শিশুৰ দেহ-ৰাসায়নিক প্ৰতিক্ৰিয়া ই সুস্থ আৰু স্বাভাৱিক কৰি তোলে। দেহৰ ৰক্ত-সঞ্চালন, পাচক যন্ত্ৰৰ ক্ৰিয়া আদি খেলাৰ ওপৰত নিৰ্ভৰ কৰে। খেলাই শিশুক বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰি থাকিবৰ বাবে দেহত প্ৰতিৰোধ ক্ষমতা দান কৰে। উল্লেখযোগ্য যে খেলিবলৈ নিবিচৰা শিশু ভগ্ন-স্বাস্থ্য আৰু ৰুগ্ন দেহ-মনৰ পৰিচায়ক। নিয়মিতভাৱে কৰা খেলা-ধূলাই শিশুৰ দৈহিক সুস্থতাৰ উপৰিও কেতবোৰ প্ৰয়োজনীয় দৈহিক অভ্যাস গঠন কৰি তোলে।

(২) সঞ্চালনাত্মক বিকাশঃ

শিশুৱে তাৰ অংগ-সঞ্চালন আৰু নিয়ন্ত্ৰণ ক্ষমতা লাভ কৰি উঠি নিজ দৈহিক পৰিৱেশত সমাযোজন স্থাপন কৰাত খেলাৰ অত্যন্ত প্ৰয়োজন। দৌৰা, জপিওৱা, বগোৱা, দলিওৱা, সাঁতোৰা আদি খেলা-ধূলাবোৰে শিশুৰ অংগ-সঞ্চালন ক্ৰিয়াৰ অনুশীলন কৰাৰ উপৰিও তাৰ তৎকালীন দৈহিক পৰিৱেশত নিজকে খাপ খুৱাই লোৱাত বিশেষ সহায় কৰে। ফলত ই শিশুৰ মনত নিজ পৰিৱেশৰ প্ৰতি সাহস আৰু আত্মবিশ্বাসৰ ভাব জগাই তোলে।

(৩) সৃজনাত্মক বিকাশঃ

শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহৰ সংবেদন আৰু সংবোধন অভিজ্ঞতাৰ যোগে তাৰ বৌদ্ধিক আৰু সৃজনাত্মক ক্ষমতাৰ বিকাশ সাধনত খেলাৰ বিশেষ ভূমিকা আছে। চাৰিওফালৰ পৰিৱেশৰ প্ৰতি থকা শিশুমনৰ স্বাভাৱিক কৌতূহল ই পূৰণ কৰি জ্ঞান-অভিজ্ঞতা, ধাৰণা, চিন্তা, যুক্তি, বিচাৰ-শক্তি আৰু সমস্যা সমাধান ক্ষমতা আদি বিকাশৰ সুবিধা দিয়ে। সমস্যাৰ সন্মুখীন হোৱা, সমাধান কৰা আৰু নতুন উপায় উদ্ভাৱন কৰা আদি উচ্চ পৰ্যায়ৰ সৃজনাত্মক ক্ষমতা খেলাৰ যোগেদি সম্ভৱ হৈ উঠে।

(৪) আৱেগিক নিয়ন্ত্ৰণঃ

সুখ-দুখৰ অনুভূতি প্ৰকাশত শিশু স্বাভাৱিকতেই চঞ্চল, অপৈণত আৰু অনিয়ন্ত্ৰিত বিধৰ হয়। ভয়, ক্ৰোধ, ঈৰ্ষা আদি দুখদায়ক আৱেগ-অনুভূতিবোৰো প্ৰৱল হয়। খেলাৰ যোগেদি লাজুকতা, ভীৰুতা, কলহপ্ৰিয়তা আদি অসুস্থ আৰু অসামাজিক অনুভূতিবোৰৰ প্ৰভাৱ সংশোধন কৰিব পাৰি। সুখ-দুখ আৰু জয়-পৰাজয়ৰ পৰিস্থিতি সহজভাৱে গ্ৰহণ কৰা আৰু নিজকে নিয়ন্ত্ৰিত কৰি তোলাত খেলাই সহায় কৰে। সেইবাবে শিশুৰ আৱেগিক নিয়ন্ত্ৰণ আৰু পৈণতা লাভ খেলাৰ যোগেদি সম্ভৱ হয়।

(৫) সামাজিক বিকাশঃ

ব্যক্তিকেন্দ্ৰিক মনোভাৱৰ শিশুক সমাজমুখী আৰু সমাজৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰাটো হৈছে খেলাৰ সকলোতকৈ অধিক সাৰ্থকতা। খেলাই শিশুক নিজৰ ভাব-অনুভূতি আনৰ লগত আদান-প্ৰদান কৰা, সহানভূতি ব্যক্ত কৰা আৰু ক্ৰিয়াৰ সহযোগিতা কৰাৰ শিক্ষা-সুযোগ দিয়ে। এনেবোৰ অভিজ্ঞতাই শিশুক সমাজ বা দলৰ অংশবিশেষত পৰিণত কৰে। সেইবাবে খেলাৰ যোগেদি বন্ধুতা, সহযোগিতা, সামাজিক স্বীকৃতি আৰু প্ৰশংসা আদিৰ প্ৰতি শিশু আগ্ৰহী হৈ উঠে।

(৬) ভাষা-বিকাশঃ

খেলা শিশুৰ বাবে তাৰ ভাষা-বিকাশৰো বিশেষ সহায়ক। খেলাৰ মুক্ত পৰিস্থিতিত শিশুৱে স্বতঃস্ফূৰ্তভাৱে সঘনে তাৰ সমনীয়াৰ লগত ভাবৰ আদান-প্ৰদান কৰিব লাগে। সেইবাবে এনে অৱস্থাত শিশুৱে আনৰ অনুকৰণ কৰি কেতবোৰ শব্দ আৰু বাক্য আয়ত্ব কৰিব পাৰে, যি আন কোনো পৰিৱেশ আৰু পৰিস্থিতিত সম্ভৱ হৈ নুঠে। সেইবাবে খেলাৰ পৰিৱেশে শিশুৰ ভাষা-বিকাশৰো আৱশ্যকীয় পৰিৱেশ প্ৰদান কৰে।

(৭) কল্পনাৰ আনন্দ দানঃ

শিশু স্বাভাৱিকতেই কল্পনাপ্ৰিয়। সেইবাবে বাস্তৱ জগতৰ বস্তু, বিষয় আৰু অভিজ্ঞতাবোৰক কল্পনাৰ ৰহন সানি সি চাবলৈ, পাবলৈ আৰু তাৰ আনন্দ লাভ কৰিবলৈ বিচাৰে। এই কাল্পনিক আনন্দ লাভ কৰা বাবেই আপোনপাহৰা হৈ শিশুৱে খেলাত আত্মনিয়োগ কৰিব পাৰে। এনে এটা অৱস্থা শিশুৰ স্বতঃস্ফূৰ্ত বিকাশৰ বাবে এই সময়ত অতি প্ৰয়োজন। ই শিশুৰ মন দিবাস্বপ্নৰ প্ৰভাৱমুক্ত কৰি ৰাখিব পাৰে।

(৮) আত্মপ্ৰকাশৰ স্বাধীনতা দানঃ

খেলাই শিশুক আত্মপ্ৰকাশৰ সুবিধা দিয়ে। জন্মৰ লগতে প্ৰতিটো শিশুৱে নিজ নিজ দেহ-মানসিক যোগ্যতা আৰু সম্ভাৱনীয়তাসমূহ লগত বহন কৰি আনে। এই সুপ্ত আৰু অন্তৰ্নিহিত ক্ষমতাসমূহ আত্মপ্ৰকাশৰ বাবে স্বাধীনতা আৰু মুক্ত পৰিৱেশৰ প্ৰয়োজন। খেলা হৈছে এনে এক অৱস্থা যাৰ যোগেদি শিশুৱে মুক্ত আৰু স্বাধীনভাৱে নিজ নিজ বিকাশযোগ্য ক্ষমতাসমূহ প্ৰকাশ কৰিব পাৰে।

(৯) ছন্দময় প্ৰকাশঃ

শিশুৰ ভাব-অনুভূতি আৰু আচৰণ স্বাভাৱিকতেই ছন্দময় আৰু সুৰময় হোৱাটো লক্ষ্য কৰিব পাৰি। সুৰ, তাল, লয় আদিৰ যোগে সি তাৰ মনৰ ভাব-অনুভূতিবোৰ আত্মপ্ৰকাশ কৰে। সেইবাবে খেলাৰ পৰিৱেশত নৃত্য-গীত, আবৃত্তি আদিৰ যোগে স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে শিশুৱে আত্মপ্ৰকাশ কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। সেয়েহে ফ্ৰোৱেলে তেওঁৰ কিণ্ডাৰগাৰ্টেন স্কুলত শিশুৰ বাবে নৃত্য-গীতৰ প্ৰয়োগ কৰাটো মন কৰিবলগীয়া।

(১০) শিশু-শিক্ষাঃ

শিশুৰ বাবে খেলাৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ প্ৰয়োজনীয়তা হৈছে তাৰ শিক্ষাগ্ৰহণৰ প্ৰসংগত। বৰ্তমান শিক্ষাবিদসকলে খেলাৰ চলেৰে শিশুক শিক্ষা দিয়াৰ নীতি সাৰ্বজনীনভাৱে গ্ৰহণ কৰিছে। শিশুৱে নিজে শিক্ষাগ্ৰহণৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। শিক্ষাগ্ৰহণৰ বাবে ব্যক্তিৰ মনত থাকিবলগীয়া প্ৰয়োজনীয় সচেতনতা আৰু তৎপৰতাৰ ভাব শিশুমনত নাথাকে। সেইবাবে খেলাৰ মুক্ত আৰু প্ৰাকৃতিক পৰিৱেশত শিশুৱে অংশগ্ৰহণ কৰি আপোনা-আপোনি শিক্ষা আৰু অভিজ্ঞতা লাভ কৰিব পাৰে। খেলাক সেয়েহে বৰ্তমান শিশুৰ আত্মশিক্ষা গ্ৰহণৰ উন্নত কৌশল স্বৰূপে গ্ৰহণ কৰা হয়।

শিক্ষাত ক্ৰীড়াভিত্তিক পদ্ধতিঃ

শিশুৰ শিক্ষা আৰু বিকাশৰ দিশত থকা খেলাৰ প্ৰয়োজনীয়তালৈ চাই বৰ্তমান খেলা-পদ্ধতিৰ কথা কোৱা হয়। ‘খেলা-পদ্ধতি’ বা ‘Play-way method’ৰ কথা হেনৰি কোল্ডৱেল কুক নামৰ এজন শিক্ষাবিদে তেওঁৰ ‘Play-way’ নামৰ গ্ৰন্থত প্ৰথমে উল্লেখ কৰে। তেওঁ শিশুক ইংৰাজী ভাষা শিকোৱাৰ বেলিকা লক্ষ্য কৰে যে শ্ৰেণীত খেলাৰ মনোভাবেৰে অভিনয়ৰ যোগেদি শিকালে শিশুৱে ভাষাশিক্ষা সহজে লাভ কৰিব পাৰে। এইক্ষেত্ৰত পোৱা সফলতাৰ বাবেই তেওঁ শিক্ষাত খেলা-পদ্ধতিৰ ধাৰণা জনপ্ৰিয় কৰি তোলে।

খেলাৰ প্ৰধান নীতিকেইটা হৈছে স্বতঃস্ফূৰ্ত আনন্দ, স্বাভাৱিক প্ৰকাশ, আত্মশিক্ষা, সৃজনাত্মক কল্পনা আৰু ক্ৰিয়াৰ স্বাধীনতা। শিশু-শিক্ষা অথবা যিকোনো শিক্ষাৰ বাবেই খেলাৰ এইকেইটা নীতি বা সূত্ৰ অপৰিহাৰ্য স্বৰূপে গণ্য কৰা হয়। বৰ্তমান সেয়েহে শিক্ষাৰ যিকোনো উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতি এইকেইটা মূল নীতিৰ ওপৰত আধাৰিত। এই নীতিসমূহ ৰক্ষা কৰি প্ৰস্তুত কৰা শিক্ষাব্যৱস্থা বা পদ্ধতিকেই ক্ৰীড়া-পদ্ধতি বা খেলা-পদ্ধতি বুলি সাধাৰণভাৱে জনা যায়। মন কৰিবলগীয়া যে ক্ৰীড়া-পদ্ধতি নামেৰে তেনে কোনো বিশেষ আচুতীয়া শিক্ষা-পদ্ধতি বা ব্যৱস্থা নাই। মহান শিক্ষাবিদসকলে আগবঢ়োৱা তেওঁলোকৰ বিশিষ্ট শিক্ষা-পদ্ধতিবোৰত খেলাৰ এই নীতিবোৰকেই কাৰ্যকৰী কৰি তুলিছে। তলত ইয়াৰ এটি চমু বৰ্ণনা দাঙি ধৰা হৈছে।

(১) কিণ্ডাৰগাৰ্টেন পদ্ধতিঃ

শিশুৰ বাবে খেলাৰ শৈক্ষিক প্ৰয়োজনীয়তা আৰু দাৰ্শনিক তাৎপৰ্য ফ্ৰেডৰিক ফ্ৰোৱেলেই প্ৰথমে আঙুলিয়াই দিয়ে। ইয়াৰ এক সুন্দৰ কাৰ্যকৰী ব্যৱস্থা কিণ্ডাৰগাৰ্টেন শিক্ষা-পদ্ধতিত দাঙি ধৰে। এই পদ্ধতিত শিশুৰ সকলো জ্ঞান-অভিজ্ঞতা খেলাৰ যোগেদি দিয়া হয়। শিশুৱে খেলাৰ বাবে ফ্ৰোৱেলে কেতবোৰ আঁহিলা-পাতি উদ্ভাৱন কৰে আৰু সেইবোৰক ‘Gift’ বা ‘উপহাৰ’ বোলা হয়। এই উপহাৰবোৰ হৈছে নানা ৰঙৰ  ঊলৰ বল, বিভিন্ন আকাৰ-আকৃতি, ওজন আৰু ৰঙৰ কাঠৰ টুকুৰা। এইবোৰ শিশুৱে মুক্তভাৱে খেলাৰ সঁজুলি স্বৰূপে প্ৰয়োগ কৰে। খেলাৰ পৰিৱেশত নিজ ব্যৱহাৰৰ যোগেদি শিশুৱে বস্তুৰ ৰং, আকাৰ, ওজন, সংখ্যা আৰু সেইবোৰৰ প্ৰায়োগিকতা জানি উঠিব পাৰে। ইয়াৰ উপৰিও নৃত্য-গীত আৰু সামূহিক খেলা-ধূলাৰ যোগেদি শিশুমনত সামাজিক চেতনা আৰু অনুশাসনৰ ভাব জগাই তোলাৰো ব্যৱস্থা আছে।

(২) মণ্টেচৰী পদ্ধতিঃ

ফ্ৰোৱেলৰ অনুৰূপ ব্যৱস্থা মেৰিয়া মণ্টেচৰীৰ শিশু-শিক্ষা পদ্ধতিত পোৱা যায়। শিশুৱে খেলাৰ যোগেদি নিজে ইন্দ্ৰিয় অনুশীলন কৰি পৰিৱেশৰ পৰা শুদ্ধ, সঠিক আৰু বাস্তৱ জ্ঞান লাভ কৰিবৰ বাবে তেওঁ কেতবোৰ আঁহিলা-পাতি প্ৰস্তুত কৰে। এইবোৰক আত্ম-নিৰ্দেশনামূলক সঁজুলি বোলা হয়। শিশুৱে এইসমূহ সঁজুলি নিজ হাতে প্ৰয়োগ কৰি, নিজৰ ভুল নিজে সংশোধন কৰি বাস্তৱ অভিজ্ঞতা পাব পাৰে। শিক্ষকৰ ব্যক্তিগত প্ৰভাৱ, তেওঁৰ শিক্ষা-নিৰ্দেশনা আৰু বাধা-নিষেধ আদি ইয়াত ন্যূনতম অৱস্থালৈ নিয়া হৈছে। মণ্টেচৰী স্কুলৰ সমগ্ৰ শিক্ষা-পৰিৱেশকেই শিশুৰ বাবে অতি পৰিচিত আৰু স্বাভাৱিক কৰি তুলিবৰ বাবে শিশুৰ ঘৰুৱা পৰিৱেশৰ অৱস্থালৈ তাক ৰূপান্তৰিত কৰা হৈছে। সেইবাবে ইয়াক ‘শৈশৱ-গৃহ’ নাম দিয়া হৈছে। এক নিয়মিত দৈহিক শৃংখলা মানি চলি মুক্তভাৱে আৰু খেলাৰ মনোভাবেৰে সকলো ক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে শিশুক ইয়াত ব্যক্তি-স্বাধীনতা আৰু দায়িত্ব দিয়া হৈছে। মণ্টেচৰী পদ্ধতিৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিশুৰ গ্ৰহণেন্দ্ৰিয়সমূহৰ যথাৰ্থ গ্ৰহণ ক্ষমতা বৃদ্ধি কৰি তুলি দেহযন্ত্ৰক উপযুক্তভাৱে গঢ় দি তোলা।

(৩) প্ৰযোজনা-পদ্ধতিঃ

শিক্ষা-দাৰ্শনিক জন্ ডিউইৰ প্ৰয়োগবাদ দৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁৰ শিষ্য কিলপেত্ৰিকে শিশুৰ শিক্ষা-অভিজ্ঞতা অৰ্থপূৰ্ণ, প্ৰয়োজনভিত্তিক আৰু ৰুচিসম্পন্ন কৰি তুলিবৰ বাবে প্ৰযোজনা পদ্ধতি উদ্ভাৱন কৰে। ইয়াত শিশুৰ বাস্তৱ প্ৰয়োজনীয়তাৰ উপলব্ধি, ক্ৰিয়াৰ সহযোগিতা, আগ্ৰহ-উদ্দীপনা, স্বাধীনতা আৰু নিজ দায়িত্ববোধ ভাব জগাই তোলাৰ ওপৰত গুৰুত্ব দিয়ে। শ্ৰেণীকক্ষৰ উদ্দেশ্যবিহীন, গতানুগতিক আৰু অনুশাসন জড়িত ব্যৱস্থা পৰিহাৰ কৰা হয়। শিক্ষা শিশুৰ বাবে মনঃপুত কৰি তুলি যাতে ঐচ্ছিক সহযোগিতা আৰু ক্ৰিয়াজড়িত কৰি তুলিব পাৰি তাৰ প্ৰতি চকু ৰখা হয়। ইয়াত শিশুৱে একো একোটা শিক্ষা-বিষয় বা সমস্যা নিজে নিৰ্বাচন কৰে, তাৰ আঁচনি প্ৰস্তুত কৰে, ক্ৰিয়া সম্পাদন কৰে আৰু তাৰ বিচাৰকৰণ কৰে। সেইবাবে ক’ব পাৰি যে প্ৰযোজনা পদ্ধতি খেলাৰ মৌলিক নীতি বা আদৰ্শবোৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে।

(৪) ডল্টন আঁচনিঃ

মিচ্ হেলেন পাৰকাৰ্চট নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী শিক্ষাবিদে ডল্টন নগৰত শিশুৰ বাবে উদ্ভাৱন কৰা শিক্ষাৰ নতুন আঁচনি খেলাৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ প্ৰচলিত শ্ৰেণীৰ গতানুগতিক শিক্ষাৰ বিপৰীতে শিশুৰ ব্যক্তিগত ক্ষমতা, স্বাধীনতা আৰু ক্ৰিয়া-অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি ডল্টন আঁচনি প্ৰস্তুত কৰে। মণ্টেচৰীৰ শিক্ষানীতিৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ মাধ্যমিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিকেন্দ্ৰিক শিক্ষা-আঁচনি ইয়াত গঢ় দি তোলে। সমূহীয়া শ্ৰেণী-পৰিৱেশ ইয়াত প্ৰয়োগশালাৰ কৰ্মক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা হৈছে। প্ৰয়োগশালাত প্ৰতিটো বিষয় অধ্যয়নৰ বাবে প্ৰতিজন ছাত্ৰকে নিজ শিক্ষাৰ সকলো প্ৰয়োজনীয় সা-সঁজুলি দিয়া হয়। নিজ অধ্যয়নৰ বিষয় সম্বন্ধীয় ক্ৰিয়া সম্পাদনৰ বাবে দায়িত্ব গ্ৰহণ কৰিব লাগে। শিক্ষকে আৱশ্যক মতে নিৰ্দেশনা আৰু পৰামৰ্শ দিব লাগে। ইয়াত ছাত্ৰই শিক্ষাৰ দায়িত্ব নিজেই বহন কৰি নিজস্ব গতিৰে অগ্ৰসৰ হ’ব পাৰে।

(৫) হিউৰিষ্টিক পদ্ধতিঃ

আৰ্মট্ৰং নামৰ এজন শিক্ষকে বিজ্ঞান শিক্ষাৰ বাবে প্ৰথমে এই পদ্ধতি প্ৰয়োগ কৰিছিল যদিও অন্যান্য বিষয় শিক্ষাৰ বাবেও ই তাৎপৰ্যপূৰ্ণ হৈ উঠে। ‘Heuristic’ শব্দ গ্ৰীক ভাষাৰ ‘Heurisco’ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘I find out’ অৰ্থাৎ ‘মই উদ্ভাৱন কৰো’। এই পদ্ধতিত শিশুক কেতবোৰ পুথিগত জ্ঞান বা তথ্য গতানুগতিকভাৱে দিয়াৰ পৰিৱৰ্তে সেইসমূহ শিশুৱে নিজ চেষ্টা আৰু অভিজ্ঞতাৰে লাভ কৰিবলৈ কোৱা হয়। পুথি অধ্যয়ন, শিক্ষকৰ নিৰ্দেশনা অথবা অন্যান্য উপায়ে লাভ কৰা তথ্যসমূহ অন্ধ আৰু যুক্তিহীনভাৱে মানি নলৈ শিশুৱে তাৰ গ্ৰহণযোগ্যতাখিনি নিজে উদ্ভাৱন কৰিব লাগে। প্ৰতিটো কথা বা জ্ঞান-অভিজ্ঞতাকেই শিশুৱে নিজে মৌলিকভাৱে উদ্ভাৱন কৰাৰ আনন্দ আৰু ব্যক্তি-স্বাধীনতা ইয়াত পাব পাৰে। শিশুৰ মনত স্বাধীন চিন্তা, বিজ্ঞান,ন্মত আৰু যুক্তিসংগত দৃষ্টিভংগী সৰুৰে পৰা গঢ় দি তোলাটোৱেই এই পদ্ধতিৰ মূল লক্ষ্য।

(৬) স্কাউট আৰু গাইড আন্দোলনঃ

চাৰ ৰবাৰ্ট বেডেন পাৱেলে উদ্ভাৱন কৰা এই আন্দোলন ল’ৰা-ছোৱালীৰ স্বাভাৱিক খেলা-মনোবৃত্তিৰ এক গঠনাত্মক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। স্কাউট আৰু গাইডৰ কেম্প জীৱন-যাপন কৰা, পাহাৰ বগোৱা, নৈ পাৰ হোৱা আদি দুঃসাহসিক কেতবোৰ কাৰ্যসূচীৰ যোগেদি ল’ৰা-ছোৱালীয়ে মানৱ জীৱনৰ অতীত অভিজ্ঞতা পুনৰাবৃত্তিৰ আনন্দ আৰু উদ্দীপনা লাভ কৰে। ইয়াৰ উপৰি অনুশাসন, সমস্যা সমাধান, নেতৃত্ব প্ৰদান, সামাজিক জীৱন-যাপন আদি কেতবোৰ প্ৰয়োজনীয় অভিজ্ঞতা খেলাৰ মনোভাবেৰে লাভ কৰিব পাৰে। খেলাৰ মৌলিক নীতিসমূহ ইয়াত গঠনাত্মক আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰ্যকৰী কৰি তোলা হৈছে।

(৭) ক্ষুদ্ৰ কমনৱেলথ্ঃ

হোমাৰ লেনৰ দ্বাৰা প্ৰস্তুত কৰা ই এবিধ স্কুল। ইয়াত মানসিকভাৱে ৰোগগ্ৰস্ত আৰু অপৰাধপ্ৰৱণ ল’ৰা-ছোৱালীক স্বাভাৱিক পৰিৱেশ প্ৰদান কৰি সুস্থ আৰু সুনাগৰিক কৰি তোলাৰ চেষ্টা কৰা হয়। ক্ষুদ্ৰ কমনৱেলথত ল’ৰা-ছোৱালীয়ে কৰ্তৃপক্ষৰ কোনো আৰোপিত বাধা-নিষেধৰ পৰা মুক্ত হৈ নিজস্ব নীতি-নিয়ম আৰু অনুশাসনৰ দ্বাৰা পৰিচালিত হয়। এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব, স্বাধীনতা আৰু কৰ্তৃত্বৰে শিশু আত্মনিয়ন্ত্ৰিতভাৱে পৰিচালিত হয়। অসামাজিক আৰু অপৰাঝপ্ৰৱণ মন আৰু আচৰণ সংশোধন কৰিবৰ বাবে স্বাধীন, স্বতঃস্ফূৰ্ত আৰু খেলাৰ মনোভাবেৰে শিশুৰ মন অৱদমনমুক্ত কৰি তোলাৰ ইয়াত এক অভিনৱ চেষ্টা কৰা হয়। নিজ ক্ৰিয়াৰ স্বাধীনতা, দায়িত্ব আৰু কৰ্তৃত্ববোধ ভাবে শিশুক ব্যস্ত নাগৰিক স্বৰূপে গঢ় দি তোলে।

খেলা-পদ্ধতিৰ সবলতা আৰু দুৰ্বলতাঃ

ওপৰত বৰ্ণনা কৰা ক্ৰীড়াভিত্তিক শিক্ষা-পদ্ধতিবোৰৰ কেতবোৰ সাধাৰণ গুণ অথবা ইয়াৰ শৈক্ষিক মূল্য আমাৰ চকুত পৰে। এইসমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

v  গতানুগতিক শিক্ষাৰ শ্ৰেণী-পৰিৱেশ আঁতৰাই খেলা-পদ্ধতিবোৰে শিশুৰ শিক্ষা-পৰিৱেশ স্বাভাৱিক আৰু জীৱনৰ লগত সম্বন্ধ থকা বিধৰ কৰি তুলিবলৈ চেষ্টা কৰে।

v  শিক্ষাগ্ৰহণ কাৰ্য সক্ৰিয় আৰু ৰুচিসম্পন্ন কৰি তুলিব পাৰে।

v  সামূহিক ক্ৰিয়াত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিলেও খেলা-পদ্ধতিবোৰে শিশু-শিক্ষা ব্যক্তিকেন্দ্ৰিক আৰু সমস্যা সমাধানমুখী কৰি তোলে।

v  শিশুৰ মৌলিক চিন্তা, বিবেচনা আৰু উদ্ভাৱন ক্ষমতাৰ প্ৰয়োগৰ প্ৰতি অধিক মনোযোগ দিয়া হয়।

v  খেলা-পদ্ধতিয়ে শিশুৰ প্ৰবৃত্তিমূলক প্ৰয়োজনবোৰ গঠনাত্মকভাৱে পূৰণত সহায় কৰে।

আধুনিক শিশু-শিক্ষা খেলা-পদ্ধতিৰ পক্ষপাতী। অৱশ্যে ইয়াৰ কেতবোৰ দুৰ্বলতাৰ প্ৰতি আমি সমূলি আওকণীয়া হৈ থাকিব নোৱাৰো। এই প্ৰসংগত তলত উল্লেখ কৰা দৃষ্টিকোণসমূহ আমাৰ বিবেচনাযোগ্য।

v  খেলা-পদ্ধতিবোৰ সুক্ষ্ম মনোবৈজ্ঞানিক দৃষ্টিকোণসমূহৰ প্ৰতি সচেতন নোহোৱাকৈ ইয়াৰ সাৰ্বজনীনভাৱে প্ৰয়োগৰ পৰা সুফল আশা কৰিব নোৱাৰি।

v  অনভিজ্ঞ আৰু প্ৰশিক্ষণ নোপোৱা শিক্ষকে খেলাৰ গঠনাত্মক প্ৰয়োগ প্ৰয়োগ কৰিব নোৱাৰে। ফলত খেলা পদ্ধতিয়ে শিক্ষাত এক সস্তীয়া নীতি গ্ৰহণেৰে অনিয়ন্ত্ৰিত ৰূপ ধাৰণ কৰিব পাৰে।

v  এই পদ্ধতি যথেষ্ট ব্যয়বহুল আৰু কষ্টসাধ্য হোৱা বাবে সহজে কাৰ্যকৰী কৰাৰো অসুবিধা।

v  খেলা-পদ্ধতি উপযুক্তভাৱে পৰিচালনা কৰিব নোৱাৰিলে ই শিশুৰ মনত জ্ঞান আহৰণৰ গাম্ভীৰ্য আৰু সচেতনতা নাইকিয়া কৰিব পাৰে।

v  শিক্ষাৰ সকলোবোৰ বিষয় সকলো পৰ্যায়ৰ লৰা-ছোৱালীৰ বাবে খেলা-পদ্ধতিৰে শিকোৱাটো সম্ভৱপৰ নহয়।

খেলা-পদ্ধতিবোৰৰ সবলতা আৰু দুৰ্বলতা আদিৰ বিবেচনাই সেয়েহে শিক্ষাত খেলাৰ প্ৰয়োগৰ প্ৰতি আমাক অধিক সচেতন কৰি তোলা উচিত। উদ্দেশ্যবিহীন আৰু অপৰিকল্পিতভাৱে কৰা খেলাৰ প্ৰয়োগে শিক্ষাক ছাত্ৰ-শিক্ষকৰ ক্ষতিসাধন কৰি তুলিব পাৰে। সেইবাবে কোনো কোনোৱে খেলাক শিক্ষাৰ এক ‘তৰল নীতি’ (Soft-pedagogy) বুলিও সমালোচনা নকৰাকৈ থকা নাই। খেলা হৈছে জীৱৰ এক জৈৱিক প্ৰৱণতা যি ব্যক্তিক গতিশক্তি প্ৰদান কৰে। এনে স্বতঃস্ফূৰ্ত প্ৰৱণতাক শিক্ষাত গঠনাত্মভাৱে প্ৰয়োগ কৰি সুফল লাভ কৰাটোৱেই হৈছে আমাৰ মুখ্য উদ্দেশ্য। খেলাৰ শৈক্ষিক আৰু মনোবৈজ্ঞানিক দিশৰ অধ্যয়নৰ তাৎপৰ্যও এনে কথাতেই নিহিত হৈ আছে।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.11904761905
নিশিতা চোলাধৰা Apr 30, 2019 08:13 PM

প্ৰৱন্ধটো ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top