অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাত্ৰৰ বিভিন্ন প্ৰকাৰঃ

 

 

সমগ্ৰ শিক্ষা-ব্যৱস্থাত বৰ্তমান ছাত্ৰসকলেই হৈছে আমাৰ চিন্তাৰ কেন্দ্ৰবিন্দু। শিশুকেন্দ্ৰিক শিক্ষাই ছাত্ৰৰ দেহ-মানসিক অৱস্থা, তাৰ কাৰণ, প্ৰয়োজন এই সম্বন্ধীয় সমস্যা আৰু তাৰ সমাধানৰ প্ৰতি বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰিব লাগে। ইয়াৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছাত্ৰৰ জৈৱিকভাৱে লাভ কৰা বিকাশৰ মৌলিক সম্ভাৱনীয়তাসমূহৰ লগত শিক্ষকৰ পৰিচয় নাথাকিলে এনে শিক্ষা-ব্যৱস্থা আশানুৰূপ বিধৰ হৈ উঠিব নোৱাৰে। এনে এটা অৱস্থাই ছাত্ৰ-শিক্ষকৰ মাজত সমস্যাৰ সৃষ্টি কৰে। সেইবাবে ছাত্ৰ, যাক ‘শিক্ষণ-পাত্ৰ’ বুলি বিবেচনা কৰা হয় তেওঁৰ বিষয়ে সম্যক জ্ঞান থকাটো শিক্ষকৰ ব্যৱসায়িক প্ৰয়োজন স্বৰূপে বিবেচনা কৰা হয়। এই অধ্যায়ত ইয়াৰ এক বিশ্লেষণাত্মক অধ্যয়নৰ চেষ্টা কৰা হৈছে।

বিভিন্ন মানৰ ছাত্ৰঃ

 

একো একোটা শ্ৰেণীকক্ষত বৌদ্ধিকভাৱে বিভিন্ন মানৰ ছাত্ৰ-ছাত্ৰী থাকে। এইসকলক সাধাৰণভাৱে উন্নত, স্বাভাৱিক আৰু নিম্নমানবিশিষ্ট স্বৰূপে তিনিটা বহল ভাগত বিভক্ত কৰা হয়। যিসকল স্বাভাৱিক নহয় তেওঁলোকক অসাধাৰণ বা ব্যতিক্ৰমমূলক ছাত্ৰ স্বৰূপে বিবেচনা কৰা হয় আৰু শিক্ষাৰ ফালৰ পৰা তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। এই ব্যতিক্ৰমসমূহকো পুনৰ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে দৈহিকভাৱে বাধাগ্ৰস্ত, মানসিকভাৱে বাধাগ্ৰস্ত আৰু প্ৰতিভাসম্পন্ন। বৰ্তমান সময়ত এইসকল অস্বাভাৱিক ছাত্ৰৰ বিস্তৃত অধ্যয়ন কৰা হৈছে আৰু তেওঁলোকৰ প্ৰতি ল’ব লগা পৃথক পৃথক শৈক্ষিক ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে। এই সম্বন্ধে এই অধ্যায়ত পিছলৈ আলোচনা কৰা হৈছে। বৌদ্ধিক মান বা বুদ্ধ্যংক (I.Q.)-ৰ ফালৰ পৰা এইসকল ছাত্ৰক মন-সমীক্ষণকাৰীসকলে অধিক সুক্ষ্মভাৱে কেতবোৰ বিভাগত বিভক্ত কৰি তুলিছে। ইয়াৰ লগত শিক্ষক, শিক্ষাবিদ আৰু অভিভাৱকসকল সাধাৰণভাৱে পৰিচিত হোৱাটো প্ৰয়োজন। সেইবাবে ইয়াৰ এটা বিভাজন তলত প্ৰদান কৰা হৈছে।

বুদ্ধ্যংক

শ্ৰেণী-বিভাজন

১৪০ৰ ওপৰ

প্ৰতিভাশালী

১৩০-১৪০ৰ ওপৰ

অতি শ্ৰেষ্ঠ বুদ্ধিৰ

১১০-১২০ৰ ওপৰ

শ্ৰেষ্ঠ বুদ্ধিৰ

৯০-১১০ৰ ওপৰ

স্বাভাৱিক

৮০-৯০ৰ ওপৰ

বুদ্ধিহীন

৭০-৮০ৰ ওপৰ

বুদ্ধিহীনতাৰ ন্যূনতম সীমা

৫০-৭০

মুঢ়ধী

২৫-৫০

হীনধী

২৫ৰ তলৰ

জড়ধী

এই কথা উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ যোগ্যতা অনুসৰি বিভাজন বা শ্ৰেণীকৰণ কৰা এটা নিৰ্ভৰযোগ্য উপায় হৈছে বৌদ্ধিক মান বা বুদ্ধ্যংক নিৰ্ণয় কৰা। ইয়াৰ ওপৰত ভিত্তি কৰি ওপৰত কৰা বিভাজনে আমাক এক বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰদান কৰিব পাৰে। বুদ্ধিৰ মান শতকৰা হাৰত প্ৰকাশ কৰা হোৱা বাবে ইয়াৰ যোগেদি ছাত্ৰসকলৰ ব্যক্তি-পাৰ্থক্যৰ ব্যৱধান আংশিক ৰূপত জানি উঠাটো সম্ভৱ হৈ উঠে। এনে বিভাজনৰ সৰ্বোচ্চ স্তৰত হৈছে প্ৰতিভাশালী ছাত্ৰসকল আৰু ইয়াৰ সৰ্বনিম্ন স্তৰত হৈছে জড়ধীসকল। বৌদ্ধিক মানাংকৰ ওপৰত সম্পূৰ্ণৰূপে বিবেচনা নকৰাকৈ বিভাজন কৰা আন দুবিধ ছাত্ৰ হৈছে দৈহিক-বাধাগ্ৰস্ত আৰু অপৰাধপ্ৰৱণসকল। সেইবাবে স্বাভাৱিক ছাত্ৰসকলৰ ব্যতিক্ৰম স্বৰূপে বিভাজন কৰা ছাত্ৰসকলক সাধাৰণভাৱে প্ৰতিভাৱান, অনগ্ৰসৰ, মানসিক বাধাগ্ৰস্ত, দৈহিক বাধাগ্ৰস্ত আৰু অপৰাধপ্ৰৱণ স্বৰূপে পাঁচটা ভাগত বিভক্ত কৰিব পাৰি। দৈহিক আৰু মানসিক বাধাগ্ৰস্তসকলৰো পুনৰ কেতবোৰ উপ-বিভাগ কৰিব পাৰি।

প্ৰতিভাৱান ছাত্ৰঃ

 

প্ৰতিভাৱান ছাত্ৰসকলৰ ঈশ্বৰ প্ৰদত্ত উন্নত দৈহিক আৰু মানসিক প্ৰতিভা বা যোগ্যতা থাকে। ইয়াৰ ফলত তেওঁলোকে জীৱনত যিকোনো দিশত সহজে আত্মপ্ৰকাশ আৰু আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে। এনে ছাত্ৰৰ সংখ্যা শতকৰা ৩ৰ পৰা ৫ৰ ভিতৰত পোৱা হয় যদিও তেওঁলোকৰ প্ৰতিভাৰ পূৰ্ণ উপযোগ কৰাটো দেশ আৰু সমাজৰ কাম্য। এইসকল ছাত্ৰৰ বুদ্ধ্যংকৰ পৰিমাণ অনুসৰি পুনৰ বিভিন্ন পৰ্যায়ত বিভক্ত কৰা হয়। সাধাৰণভাৱে তেওঁলোকৰ বুদ্ধ্যংক ১২০-১৪০ৰ ভিতৰত থাকে। অসাধাৰণ প্ৰতিভাৱানসকলৰ এই পৰিমাণ ১৬০ৰ ওপৰতো পাব পৰা হয়।

এইসকল ছাত্ৰৰ উন্নত মানসিক যোগ্যতা তেওঁলোকৰ বিভিন্ন ক্ৰিয়া-আচৰণৰ যোগেদি সহজে প্ৰকাশ পায়। পৰিৱেশত কৰা উন্নত মানৰ ক্ৰিয়া-আচৰণে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দিয়ে। জন্মগতভাৱে পোৱা উন্নত গুণমানৰ বংশগতিয়ে তেওঁলোকৰ কলা, সংগীত, সাহিত্য, দৰ্শন, বিজ্ঞান, কাৰিকৰী বিজ্ঞান তথা নেতৃত্ব প্ৰদানৰ দিশত আত্মপ্ৰকাশ কৰি উঠে। উন্নত বৌদ্ধিক মানবিশিষ্টতা, সৃজনাত্মক শক্তি-ক্ষমতা আৰু জন্মগত প্ৰতিভাই কোনো এক দিশত চমকপ্ৰদভাৱে প্ৰকাশ লাভ কৰি উঠে। তেওঁলোকৰ চিন্তা, যুক্তি, বিচাৰশক্তি, সমস্যা সমাধান ক্ষমতা, আৱেগিক পৈণতা আৰু নিয়ন্ত্ৰণ ক্ষমতা আদিয়ে নিজ ব্যক্তিত্ব এক বিশিষ্ট ৰূপত গঢ় দি তোলে।

প্ৰতিভাৱান ছাত্ৰৰ উন্নত মানবিশিষ্টতা কেৱল মানসিক দিশতে নহয়, দৈহিক দিশতো প্ৰকাশ লাভ হয়। তেওঁলোকৰ উন্নত দৈহিক গঠন আৰু ৰোগমুক্ততা, স্নায়ৱিক ক্ষিপ্ৰতা আৰু দেহ-সঞ্চালন ক্ষমতাৰ পটুতা আদি পৰিলক্ষিত হয়। জন্মৰ সময়তে এনে শিশুৰ দৈহিক উচ্চতা আৰু ওজন চকুত লগা হৈ উঠে। গ্ৰহণেন্দ্ৰিয়সমূহৰ গ্ৰহণ ক্ষমতা, প্ৰতিক্ৰিয়াৰ প্ৰখৰতা আৰু যথাৰ্থতা আদি সাধাৰণ শিশুতকৈ অধিক হয়। তেওঁলোকৰ দেহৰ পুষ্টিসাধন আৰু যৌৱনপ্ৰাপ্তিও সাধাৰণ শিশুতকৈ আগেয়ে হৈ উঠে।

এই প্ৰতিভাৱান ছাত্ৰসকলক চিনাক্ত কৰিব পৰা কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট্য নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

v  এনে ছাত্ৰৰ উন্নত মানৰ সাধাৰণ মানসিক যোগ্যতা আৰু বুদ্ধি-বৃত্তি সহজে আমাৰ চকুত পৰে।

v  তেওঁলোকৰ অন্তৰ্দৰ্শন ক্ষমতা, সমস্যা সমাধান ক্ষমতা আৰু সৃজনাত্মক ক্ষমতা হয় সাধাৰণ শিশুতকৈ অধিক।

v  প্ৰতিভাৱান শিশুৰ দৈহিক গঠন আৰু স্বাস্থ্য হয় উন্নত, অংগ-সঞ্চালন আৰু স্নায়ৱিক ক্ষমতা হয় অধিক প্ৰখৰ।

v  এনে ছাত্ৰৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াও উন্নত হোৱা বাবে দেহৰ পুষ্টিসাধন আৰু যৌৱনপ্ৰাপ্তি খৰতকীয়া হৈ উঠে।

v  প্ৰতিভাৱান ছাত্ৰই সুখ-দুখৰ পৰিস্থিতিত আৱেগৰ নিয়ন্ত্ৰণ কৰি আৱেগিক পৈণতাৰ পৰিচয় দিয়ে আৰু নতুন পৰিস্থিতিত নিজকে ভালদৰে সমাযোজন কৰিব পাৰে।

v  এনে ছাত্ৰৰ শাব্দিক আৰু সাংখ্যিক যোগ্যতাও সহজে আমাৰ চকুত পৰে।

v  অৱসৰ সময় গঠনাত্মকভাৱে কটোৱাৰ ক্ষেত্ৰত এনে ছাত্ৰৰ উন্নত ৰুচি আৰু সৌন্দৰ্য অনুভূতি সচেতনতা পৰিলক্ষিত হয়।

v  এইসকল ছাত্ৰই শৈক্ষিক, কলাত্মক, বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ প্ৰতি সক্ষমতা আৰু সামাজিক তথা ৰাজনৈতিক দিশত সচেতনতা প্ৰদৰ্শন কৰিব পাৰে।

v  প্ৰতিভাৱান ছাত্ৰই বয়সৰ তুলনাত অধিক শব্দ-জ্ঞান আয়ত্ব কৰি উঠি ভাষা বিকাশৰ দিশত সাধাৰণ শিশুতকৈ অগ্ৰগতি লাভ কৰে।

v  তেওঁলোকৰ মনৰ ইচ্ছাশক্তি বা ঐচ্ছিক ক্ষমতা অধিক শক্তিশালী হোৱা বাবে যিকোনো কঠিন কামৰ বাবে আত্মবিশ্বাস আৰু আত্মপ্ৰচেষ্টা থাকে।

প্ৰতিভাৱান ছাত্ৰৰ শিক্ষা-ব্যৱস্থাঃ

প্ৰতিভাৱান ছাত্ৰসকলে তেওঁলোকৰ ঈশ্বৰ প্ৰদত্ত বিশিষ্ট প্ৰতিভাৰ বিকাশ সাধনৰ বাবে বিশেষ শিক্ষা-ব্যৱস্থাৰ প্ৰয়োজন। সাধাৰণ ছাত্ৰক দিয়া শিক্ষা-নিৰ্দেশনা এইসকল ছাত্ৰৰ বাবে উপযুক্ত নহয়। স্কুলৰ সাধাৰণ শিক্ষা-ব্যৱস্থাই এনে ছাত্ৰৰ শৈক্ষিক অগ্ৰগতিত বাধাৰহে সৃষ্টি কৰে। কাৰণ এওঁলোকৰ উন্নত মানসিক প্ৰয়োজন সি পূৰণ কৰিব নোৱাৰে। ফলত সাধাৰণ শিক্ষা-ব্যৱস্থাই এনে ছাত্ৰৰ মোহভংগহে কৰি তুলিব পাৰে। এনে কাৰণত শিক্ষকৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণীয়তা নোহোৱা হয় আৰু ইয়াৰ ফলত অমনোযোগিতা ক্ৰমে অভ্যাসত পৰিণত হয়। সাধাৰণ পাঠ্যক্ৰমে তেওঁলোকক মানসিকভাৱে নিষ্ক্ৰিয় কৰি কেতবোৰ অনুশাসনহীন মনোভাব আৰু আচৰণ গঢ় দি তোলে।

এনেবোৰ কথাৰ বিবেচনাৰে ক’ব পাৰি যে প্ৰতিভাৱান ছাত্ৰৰ বাবে পৃথক শিক্ষা-ব্যৱস্থাৰ প্ৰয়োজন। অৱশ্যে এই প্ৰসংগত মন কৰিবলগীয়া যে তেওঁলোকৰ উন্নত বৌদ্ধিক মানবিশিষ্টতাই যাতে অহংকাৰী, আত্মাভিমানী আৰু অসামাজিক কৰি তুলিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। স্কুলত শিক্ষা-ব্যৱস্থা এনেদৰে গঢ় দি তুলিব লাগে যাতে এই ছাত্ৰসকলে ব্যক্তিগত আৰু সামাজিক এই দুয়ো দিশৰেই প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে। এই প্ৰসংগত ল’ব লগা কেতবোৰ শিক্ষা-ব্যৱস্থাৰ চমু বিৱৰণ তলত দাঙি ধৰা হৈছে।

v  শিক্ষকে প্ৰতিভাৱান ছাত্ৰৰ নিজ শক্তি-ক্ষমতাৰ স্বৰূপ জানিবলৈ চেষ্টা কৰিব লাগে আৰু সেই অনুসৰি শিক্ষাৰ বিশেষ ব্যৱস্থা কৰিব লাগে।

v  এনে ছাত্ৰৰ বাবে উন্নতমানৰ অতিৰিক্ত পাঠ্যসূচী আৰু কাৰ্যসূচী যুগুত কৰিব লাগে যাতে বৌদ্ধিকভাৱে ব্যস্ত ৰাখিব পৰা যায়।

v  পাঠ্যক্ৰম ব্যাপক পৰিসৰত ৰচিত হ’ব লাগে যাতে জ্ঞানৰ এক বহল ধাৰণা তেওঁলোকক দিব পৰা যায়।

v  প্ৰতিভাৱান ছাত্ৰৰ বাবে বিশেষজ্ঞ শিক্ষক নিয়োগ কৰিব লাগে আৰু সেই বিষয়ৰ বিশিষ্ট জ্ঞান বিশ্লেষণাত্মকভাৱে অধ্যয়নত উৎসাহিত কৰিব লাগে।

v  শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা-পৰিৱেশ গঢ় দি তুলি জ্ঞানৰ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা আদিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে।

v  শ্ৰেণীশিক্ষা আৰু পৰীক্ষাত বিশেষ কৃতিত্ব দেখুওৱা ছাত্ৰক কম সময়তে উচ্চশ্ৰেণীলৈ উন্নীত কৰি তুলিব লাগে।

v  এনে ছাত্ৰক নিজ প্ৰতিভাৰ পূৰ্ণ বিকাশ সাধনৰ বাবে বৃত্তি প্ৰদানৰ যোগেদি বিদেশত শিক্ষাগ্ৰহণৰো সুবিধা দিব লাগে।

v  গ্ৰীষ্মকালীন আৰু শীতকালীন শিবিৰ অনুষ্ঠিত কৰি বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিভাৱান ছাত্ৰৰ মাজত সহযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব লাগে।

v  এইসকল ছাত্ৰৰ মনত সামাজিক চেতনা আৰু মনোভাব গঢ়ি তুলিবৰ বাবে সামাজিক ক্ৰিয়া-আঁচনি আদিত সক্ৰিয় অংশগ্ৰহণৰ সুবিধা দিব লাগে।

v  শিক্ষকে এনে ছাত্ৰৰ বাবে স্কুলৰ বাহিৰে-ভিতৰে ব্যক্তিগতভাৱে মনোযোগ আৰু ক্ৰিয়া নিৰীক্ষণ কৰিব লাগে।

অনগ্ৰসৰ ছাত্ৰঃ

অনগ্ৰসৰ ছাত্ৰৰ শিক্ষা-অগ্ৰগতি হৈছে অপ্ৰত্যাশিতভাৱে মন্থৰ যাৰ বাবে তেওঁলোকক ‘Slow learners’ বা ধীৰ গতিৰ শিক্ষাৰ্থী নামেও জনা যায়। তেওঁলোকৰ শৈক্ষিক দিশৰ দুৰ্বলতা আৰু বৌদ্ধিক দিশৰ অক্ষমতাই হৈছে অনগ্ৰসৰতাৰ প্ৰধান কাৰণ। এনে ছাত্ৰৰ বুদ্ধিৰ মান স্বাভাৱিক শিশুতকৈ নিম্নমানৰ হয়, যাৰ ফলত বুদ্ধ্যংক ৭০-৯০ৰ ভিতৰত থাকে। বৌদ্ধিক নিম্নমান বিশিষ্টতা বাবে এইসকল ছাত্ৰই স্বাভাৱিকসকলৰ দৰে স্কুলত পাঠগ্ৰহণ কৰিব নোৱাৰে। একো একোটা শ্ৰেণীত এনে ছাত্ৰৰ সংখ্যা শতকৰা প্ৰায় ২০ জনলৈ পোৱা হয়। অনগ্ৰসৰ ছাত্ৰই আন আন ছাত্ৰৰ লগত একেলগে বহি লিখা-পঢ়া কৰে আৰু ক্ৰিয়াৰ সহযোগিতা কৰে। কিন্তু তেওঁলোকৰ পৰীক্ষাৰ ফলাফল হয় নিৰুৎসাহজনক। একোটা শ্ৰেণী কৃতকাৰ্যতাৰে উত্তীৰ্ণ হ’বলৈ একাধিক বছৰ সময় লাগে। শিক্ষাত দেখা দিয়া এনে ব্যৰ্থতা আৰু অকৃতকাৰ্যতাই এনে ছাত্ৰক হীনাত্মিকা মনোভাবৰ আৰু জীৱনৰ লক্ষ্যহীন কৰি তোলে। শিক্ষাত অনগ্ৰসৰ হৈ ৰোৱা এই ছাত্ৰসকলে শিক্ষকৰ পৰা অপমান, কটু সমালোচনা, দুৰ্ব্যৱহাৰ আদি ভুগিব লাগে। তেওঁলোকৰ প্ৰধান সমস্যা হৈছে শিক্ষক আৰু অভিভাৱকসকলে আশা কৰা মতে শিক্ষাৰ ফলাফল লাভ কৰিব নোৱাৰি অযোগ্য বিবেচিত হোৱাটো। এইসকল ছাত্ৰৰ নিজ শক্তি-ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহৰ প্ৰকৃত স্বৰূপ ভালদৰে জানি উঠিবলৈ চেষ্টা কৰা নহয়। পৰীক্ষাৰ প্ৰাপ্ত ফলাফলৰ ভিত্তিত সাধাৰণ আৰু উন্নতমানৰ ছাত্ৰৰ লগত তুলনা কৰি এওঁলোকৰ অক্ষমতা আৰু অযোগ্যতা প্ৰতিপন্ন কৰিবলৈ বিচৰা হয় মাথোন। এনে কাৰ্যই এওঁলোকৰ মানসিকভাৱে অধিক ক্ষতিসাধন কৰি তোলে।

অনগ্ৰসৰ ছাত্ৰক চিনাক্তকৰণৰ বাবে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ মন কৰিবলগীয়া।

v  এইসকল ছাত্ৰৰ শিক্ষা-অগ্ৰগতি হয় মন্থৰ, যাৰ ফলত অন্যান্য ছাত্ৰৰ তুলনাত এওঁলোকৰ অক্ষমতা সহজে চকুত পৰে।

v  শ্ৰেণীকক্ষত হোৱা শৈক্ষিক আৰু বৌদ্ধিক ক্ৰিয়াত এওঁলোকে সদায় অক্ষমতা অনুভৱ কৰি পিচ পৰি থাকে।

v  শৈক্ষিক অনগ্ৰসৰতাৰ প্ৰধান কাৰণ হৈছে এওঁলোক ভাষাৰ শব্দ-সংখ্যা আৰু চিহ্ন প্ৰয়োগৰ ক্ষেত্ৰত অত্যন্ত দুৰ্বল।

v  এনে ছাত্ৰই অভিজ্ঞতাৰ স্মৃতি-প্ৰতিৰূপ ভালদৰে প্ৰয়োগ কৰিব নোৱাৰে, স্মৃতিশক্তি হয় দুৰ্বল আৰু যৌক্তিক-স্মৃতি (Logical memory) প্ৰয়োগত হয় অক্ষম।

v  মানসিকভাৱে এওঁলোকে হীনাত্মিকা ভাব ভোগ কৰা হেতুকে মনত আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত হয়।

v  কোনো কোনো অনগ্ৰসৰ ছাত্ৰৰ দৈহিক স্বাস্থ্য হয় দুৰ্বল আৰু ৰোগগ্ৰস্ত। পানীলগা, মূৰ কামোৰা, টনচিল আৰু বদহজম আদি অসুস্থতাত সঘনে ভুগিব লাগে।

v  এওঁলোকৰ কোনো কোনো ছাত্ৰৰ আকৌ দৈহিক যোগ্যতা আৰু উপযুক্ততা থাকে। এনে যোগ্যতা খেলা-ধূলা আদিৰ যোগে প্ৰদৰ্শন কৰিব পাৰে।

v  অনগ্ৰসৰ ছাত্ৰই নিজতকৈ কম বয়সীয়াসকলৰ লগত শ্ৰেণীত একেলগে লিখা-পঢ়া কৰিব লগা হোৱা বাবে নিজকে অপসমাযোজিত অনুভৱ কৰে।

v  এইসকল ছাত্ৰই শিক্ষকৰ পৰা কটু সমালোচনা আৰু নিৰুৎসাহজনক মন্তব্য শুনিব লগা হয়।

v  উচ্চশিক্ষাৰ অনুপযুক্ত বুলি বিবেচনা কৰি তেওঁলোকে ভৱিষ্যৎ জীৱনৰ বাবে নিৰাশাবাদী আৰু উদ্দেশ্যবিহীন হৈ উঠে।

অনগ্ৰসৰ ছাত্ৰৰ শিক্ষা-ব্যৱস্থাঃ

স্কুলে অনগ্ৰসৰ ছাত্ৰসকলৰ শৈক্ষিক প্ৰয়োজন আৰু শিক্ষা-সমস্যাৰ প্ৰতি আওকণীয়া হৈ থাকিব নোৱাৰে। কাৰণ তেওঁলোকৰ এক বুজন সংখ্যক ছাত্ৰ একো একোটা শ্ৰেণীত থাকে। উল্লেখযোগ্য যে স্বাভাৱিক ছাত্ৰ-ছাত্ৰীসকলৰ লগত অনগ্ৰসৰসকলৰ ব্যৱধানৰ কোনো স্পষ্ট সীমাৰেখা টানিব পৰা নাযায়। তথাপিও শিক্ষক-অভিভাৱকসকলৰ এওঁলোকৰ প্ৰতি উপযুক্ত ধাৰণাৰ অভাৱৰ হেতুকে বহু সময়ত এনে ছাত্ৰই সুবিচাৰ পোৱাৰ পৰা বঞ্চিত হয়। স্কুলৰ প্ৰচলিত সাধাৰণ শিক্ষাই এইসকল ছাত্ৰৰ বাবে কোনো বিশেষ শিক্ষাৰ ব্যৱস্থা নকৰে। সাধাৰণ শিক্ষা-ব্যৱস্থা আৰু ইয়াৰ মানদণ্ডেৰে মাথোন এওঁলোকক অযোগ্য প্ৰতিপন্ন কৰিবলৈহে বিচৰা হয়। সেইবাবে এওঁলোকৰ শিক্ষা সহানুভূতিৰে বিবেচনা কৰাটো প্ৰয়োজন।

এই প্ৰসংগত উল্লেখযোগ্য যে অনগ্ৰসৰ ছাত্ৰসকলৰ শিক্ষাৰ বাবে পৃথক শিক্ষানুষ্ঠান স্থাপনৰ মত দিব নোৱাৰি। এনে বিশেষ স্কুল স্থাপনে তেওঁলোকৰ শৈক্ষিক দুৰ্বলতাক আৰু অধিক প্ৰকট কৰি তোলাহে হ’ব। এনে স্কুলক ‘মূৰ্খৰ স্কুল’ স্বৰূপে সমাজে উপহাস কৰাৰ আশংকাই হৈছে অধিক। সেইবাবে পৃথক স্কুল স্থাপনৰ পৰিৱৰ্তে সাধাৰণ ছাত্ৰসকলৰ স্কুলৰ শিক্ষা-ব্যৱস্থাতে এওঁলোকৰ বাবে কিছু আচুতীয়া শিক্ষাৰ ব্যৱস্থা কৰিব পাৰি। শিক্ষাৰ ক্ষেত্ৰত মন্থৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি সীমিত পাঠ্যসূচী আৰু কাৰ্যসূচী স্কুলত প্ৰস্তুত কৰিব লাগে। এই সম্বন্ধে অনগ্ৰসৰ ছাত্ৰৰ বাবে ল’বলগীয়া শিক্ষাৰ কেতবোৰ ব্যৱস্থা তলত সংক্ষেপে উল্লেখ কৰিব পাৰি।

v  শিক্ষকে এইসকল ছাত্ৰৰ শৈক্ষিক অনগ্ৰসৰতা বা দুৰ্বলতাৰ দিশ জানি উঠিবলৈ চেষ্টা কৰিব লাগে আৰু তেনে দুৰ্বলতা গুচাবলৈ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ শিক্ষা-অগ্ৰগতিক সাধাৰণ আৰু উন্নত মানৰ ছাত্ৰৰ লগত তুলনা কৰিব নালাগে।

v  তেওঁলোকৰ শিক্ষাগ্ৰহণত হোৱা অনগ্ৰসৰতাত শিক্ষকে হতাশ বা অসন্তুষ্টি প্ৰকাশ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে ছাত্ৰৰ মনত আত্মবিশ্বাসৰ ভাব জগাই তুলিবলৈহে চেষ্টা কৰিব লাগে।

v  শৈক্ষিক দিশত এনে ছাত্ৰৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰমৰ বিষয়সমূহ নিৰ্বাচনত নমনীয়তাৰ নীতি গ্ৰহণ কৰিব লাগে।

v  এইসকল ছাত্ৰৰ শিক্ষা বিশেষীকৰণ কৰি তোলাৰ পৰিৱৰ্তে বৃত্তিমুখী আৰু জীৱনৰ প্ৰয়োজনমুখী কৰি তুলিব লাগে।

v  শিক্ষাদান পদ্ধতি চিন্তামূলক আৰু শাব্দিক বিধৰ কৰি তুলিব নালাগে। ক্ৰিয়াৰ যোগেদি শিক্ষা বা ক্ৰিয়াভিত্তিক শিক্ষা দৃশ্য-শ্ৰাব্য সঁজুলি প্ৰয়োগৰ যোগেদি প্ৰদান কৰিব লাগে।

v  এনেবিধ ছাত্ৰৰ বাবে শিক্ষাকাল দীঘলীয়া হ’ব নালাগে। আনুষ্ঠানিক শিক্ষাৰ অন্তত কৰ্মনিযুক্তি লাভ কৰিব পৰাকৈ শিক্ষা গঢ় দি তুলিব লাগে।

v  শিক্ষকে এওঁলোকৰ মনৰ হীনাত্মিকা ভাব গুচাবৰ বাবে দলগত ক্ৰিয়া আৰু সমূহীয়া খেলা-ধূলাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰি তুলিব লাগে।

v  এনে ছাত্ৰৰ সমস্যাৰ প্ৰতি শিক্ষকে ব্যক্তিগত মনোযোগ দিব লাগে আৰু গৃহ পৰিৱেশৰ লগত ওচৰ সম্বন্ধ ৰক্ষা কৰি চলিব লাগে।

v  শিক্ষকে প্ৰয়োজন হ’লে এনে ছাত্ৰক সহায় কৰিবৰ বাবে মনোবৈজ্ঞানিক নিদানৰ বিশেষজ্ঞ লোকৰো পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

v  পৃথক শিক্ষানুষ্ঠানৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে এইসকল ছাত্ৰক সাধাৰণ স্কুলতেই সংকুচিত পাঠ্যসূচী অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে।

মানসিক বাধাগ্ৰস্তঃ

মানসিক বাধাগ্ৰস্ত শিশু হয় বৌদ্ধিকভাৱে অতি নিম্ন-মানবিশিষ্ট, যাৰ ফলত মানসিক বিকাশ বাধাপ্ৰাপ্ত হৈ উঠে। এনে শিশুৰ বুদ্ধ্যংক ইমানেই নিম্নমানৰ যে এওঁলোক ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে সমস্যা স্বৰূপ হৈ উঠে। এইসকল শিশুৰ বুদ্ধিৰ মানাংক ৭০ৰ তলত থাকে, যাৰ ফলত স্বাভাৱিক শিশুৰ দৰে, আনকি অনগ্ৰসৰসকলৰ দৰেও লিখা-পঢ়া কৰাটো সম্ভৱ নহয়। বুদ্ধিৰ পৰিমাণ ইমানেই কম যে দৈনন্দিন জীৱনৰ সাধাৰণ কাম-কাজবোৰো এওঁলোকে স্বাভাৱিকভাৱে কৰিব নোৱাৰে। নিজৰ দৈহিক পৰিৱেশত খাপ খুৱাই তুলিবলৈ অক্ষম হয় আৰু নিজ দৈহিক প্ৰয়োজনো উপযুক্তভাৱে পূৰণ কৰিব নোৱাৰে। এনে শিশু পৰিয়ালৰ বাবে বিশেষ চিন্তা আৰু উদ্বেগৰ কাৰণ স্বৰূপ হৈ উঠে।

বুদ্ধিৰ মানাংক অনুসৰি বাধাগ্ৰস্ত অৱস্থাক কেইবাটাও পৰ্যায়ত বিভক্ত কৰা হয়। যেনে-

বুদ্ধ্যংক ৫০-৭০ৰ ভিতৰত......শান্ত (mild)

বুদ্ধ্যংক ৪০-৫০ৰ ভিতৰত......নিয়ন্ত্ৰিত (moderate)

বুদ্ধ্যংক ২৫-৪০ৰ ভিতৰত......প্ৰচণ্ড (severe)

বুদ্ধ্যংক ২৫ৰ তলত..............অত্যন্ত গভীৰ (profound)।

বৌদ্ধিক অক্ষমতাৰ ফালৰ পৰা এইসকল শিশুক সাধাৰণভাৱে জড়ধী, হীনধী আৰু মূঢ়ধী স্বৰূপে তিনিটা ভাগত বিভক্ত কৰা হয়। এই তিনিওবিধ শিশু স্কুলৰ ছাত্ৰ স্বৰূপে অন্তৰ্ভুক্ত হৈ সাধাৰণ শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ নহয়। এওঁলোকক এই সম্বন্ধীয় বিশেষ প্ৰতিষ্ঠানৰ শিক্ষা দিয়াটো আৰু যত্ন লোৱাটো প্ৰয়োজন। এই তিনিওবিধ শিশুৰ অৱস্থা তলত বৰ্ণনা কৰা হৈছে।

জড়ধীঃ

মানসিক বাধাগ্ৰস্তসকলৰ ভিতৰত জড়ধীসকলেই সৰ্বাধিকভাৱে বাধাগ্ৰস্ত। এনে শিশুৰ বুদ্ধ্যংক ২৫ৰো তলত থাকে। এজন পূৰ্ণবয়স্ক জড়ধী লোকৰ বুদ্ধিৰ মান মাত্ৰ তিনি বছৰীয়া স্বাভাৱিক শিশুৰ সমান হয়। তেওঁলোকৰ জীৱনৰ স্থিতিকালো ৩০ বছৰতকৈ অধিক নহয়। এনে শিশুৱে খোৱা-পিন্ধা আদি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সাধাৰণ কামবোৰ কৰিবৰ বাবেও আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অকলে থাকিলে নিজে বিপদৰ সন্মুখীন হ’ব পৰাকৈ মানসিক-শক্তিখিনিৰো অভাৱ জড়ধী শিশু শিক্ষাৰ বাবে সম্পূৰ্ণৰূপে অনুপযুক্ত।

হীনধীঃ

এইবিধ শিশুৰ অৱস্থা জড়ধীসকলতকৈ কিছু উন্নত। এওঁলোকৰ বুদ্ধ্যংক ৩০-৫০ৰ ভিতৰত থাকে। বুদ্ধিৰ মান সামান্যভাৱে হ’লেও থকা হেতুকে দৈনন্দিন জীৱনৰ সৰু-সুৰা কামবোৰ এওঁলোকক শিকাব পাৰি আৰু কৰিবলৈ দিব পাৰি। নিজকে বিপদৰ পৰা ৰক্ষা কৰিব পাৰে আৰু উপযুক্ত শিক্ষা দিলে সাধাৰণ সঞ্চালন ক্ষমতাৰ প্ৰয়োজন হোৱা বৃত্তিমূলক ক্ৰিয়া কৰিব পাৰে। অৱশ্যে বুদ্ধিৰ মান অতি নিম্ন হোৱা বাবে সঞ্চালনমূলক ক্ৰিয়া-কুশলতা আৰু কৰ্মপটুতা লাভ কৰি উঠিব নোৱাৰে। স্কুলৰ সাধাৰণ শিক্ষাৰ লিখা-পঢ়া কৰিবৰ বাবেও এওঁলোক মানসিকভাৱে উপযুক্ত নহয়। ১২ বছৰ বয়সতে হীনধীসকলৰ মানসিক বিকাশ সম্পূৰ্ণ হৈ উঠে।

মূঢ়ধীঃ

হীনধীসকলতকৈও মূঢ়ধীসকল মানসিকভাৱে উন্নত। এওঁলোকৰ বুদ্ধ্যংক ৫০-৭০ৰ ভিতৰত থাকে। এনে শিশুৱে স্বাভাৱিকভাৱে নিজৰ দৈনন্দিন জীৱনৰ কাম-কাজবোৰ কৰি ল’ব পাৰে। উপযুক্ত পৰিৱেশ আৰু সুবিধা পালে এনে শিশুৱে সীমিতভাৱে শিক্ষা আহৰণো কৰিব পাৰে। সহজ-সৰল সঞ্চালনমূলক ক্ৰিয়াৰ পটুতা এওঁলোকে লাভ কৰি উঠিব পাৰে। উপযুক্ত প্ৰশিক্ষণ দিলে এইসকল শিশুৱে ভাষাজ্ঞান আয়ত্ব কৰিব পাৰে। অৱশ্যে স্বাভাৱিক শিশুৰ লগত লিখা-পঢ়া কৰিব পৰাকৈ প্ৰয়োজন হোৱা মানসিক ক্ষমতাখিনি এওঁলোকৰ নাথাকে।

মানসিক বাধাগ্ৰস্ত শিশুৰ শিক্ষাঃ

মানসিক বাধাগ্ৰস্ত শিশু পৰিয়ালৰ বাবে আৰু সমাজৰ বাবে সমস্যা স্বৰূপ আৰু সেয়েহে তেওঁলোক সকলোৰে বাবে অপ্ৰত্যাশিত। এইসকল শিশুক স্কুলৰ সাধাৰণ শিক্ষা দিব পৰা নাযায়। কাৰণ তেনে শিক্ষাগ্ৰহণ কৰিব পৰাকৈ বুদ্ধ্যংকৰ অভাৱ। তেওঁলোকৰ মানসিক বাধাগ্ৰস্ততাৰ প্ৰধান কাৰণ হৈছে সহজাতভাৱে থকা স্নায়ৱিক দুৰ্বলতা আৰু অক্ষমতা। ইন্দ্ৰিয়সমূহৰ গ্ৰহণ ক্ষমতা আৰু অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ বহন ক্ষমতা আৰু মস্তিষ্ক-ক্ৰিয়া অস্বাভাৱিকভাৱে দুৰ্বল হোৱা হেতুকে পৰিৱেশৰ পৰা যথোচিত আৰু যথাৰ্থ জ্ঞান আহৰণ কৰিব নোৱাৰে। সেইবাবে এওঁলোকৰ প্ৰতিক্ৰিয়া আৰু আচৰণ হয় দুৰ্বল আৰু অনুপযুক্ত। এই স্নায়ৱিক দুৰ্বলতা গুচাবলৈ চেষ্টা তেওঁলোকৰ শিক্ষাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হোৱা উচিত। ইয়াৰ বাবে নিদানৰ চিকিৎসা আৰু বিশেষজ্ঞসকলৰ তৎপৰতাৰ অতি প্ৰয়োজন।

বৰ্তমান সমাজৰ এই মানসিক বাধাগ্ৰস্ত শিশুসকলৰ শিক্ষা আৰু যত্নৰ প্ৰতি সচেতনতা আৰু প্ৰয়োজনীয়তা অনুভৱ কৰি উঠা হৈছে। এইসকল শিশুৰ স্নায়ৱিক দুৰ্বলতা আৰু অক্ষমতা গুচাবৰ বাবে স্নায়ু বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। এওঁলোকে সমাজৰ শৈক্ষিক আৰু বৃত্তীয় দিশত নিজকে খাপ খুৱাই চলিব পৰাকৈ ইন্দ্ৰিয়সমূহ সক্ষম আৰু উপযুক্ত কৰি তুলিব লাগে। সমাজৰ অন্যান্য লোকৰ মৰম, আদৰ, যত্ন আৰু ধৈৰ্য-সহিষ্ণুতা আদি প্ৰদৰ্শনে এইসকল শিশুক নিজ পৰিস্থিতিত খাপ খুৱাই লোৱাত সহায় কৰিব পাৰে। সেয়েহে ক’ব পাৰি যে মানসিক বাধাগ্ৰস্ত শিশুক সহায় কৰাটো হৈছে এক সামাজিক দায়িত্ব। তেওঁলোকৰ মানসিক অৱস্থা আৰু সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এক বৃত্তীয় শিক্ষা-নিৰ্দেশনাও গঢ় দি তুলিব পাৰি।

দৈহিক বাধাগ্ৰস্ত শিশুঃ

দৈহিকভাৱে বাধাগ্ৰস্তসকলক তেওঁলোকৰ দোষযুক্ত দৈহিক গঠন আৰু দৈহিক অক্ষমতাৰ বাবে সহজে চিনাক্ত কৰিব পাৰি। এনে অক্ষমতা জন্মগতভাৱে হোৱা দেহৰ আংগিক দুৰ্বলতা, অক্ষমতা আৰু বিকাৰগ্ৰস্ততাৰ বাবে অথবা জন্মোত্তৰ কালত হোৱা দেহৰ অংগ-প্ৰত্যংগৰ ক্ষতিসাধনৰ বাবে হ’ব পাৰে। দৈহিক বাধাগ্ৰস্ত শিশু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে পাব পৰা যায়। তেওঁলোকৰ দৈহিক অযোগ্যতা আৰু অক্ষমতাই নিজ পৰিৱেশত দেহ-মানসিকভাৱে সমাযোজনত বাধাৰ সৃষ্টি কৰে। ফলত ব্যক্তিগতভাৱে শিক্ষা আহৰণত আৰু সামাজিকভাৱে সমাযোজনত সমস্যাৰ সৃষ্টি হয়। দৈহিক অক্ষমতাই এনে শিশুক গতানুগতিক শিক্ষা-পৰিৱেশৰ পৰা শিক্ষা আহৰণত আৰু ক্ৰিয়াত্মক অভিজ্ঞতা লাভ কৰাত বাধাৰ সৃষ্টি কৰে।

অৱশ্যে এই কথা মন কৰিবলগীয়া যে দৈহিকভাৱে বাধাগ্ৰস্তসকল সম্পূৰ্ণৰূপে দৈহিক আৰু মানসিক দিশত অনুপযুক্ত বুলি বিবেচনা কৰিব নোৱাৰি। তথাপি সাধাৰণভাৱে তেওঁলোকক বাধাগ্ৰস্ত স্বৰূপে গণ্য কৰি এইসকল ব্যক্তিৰ নিজ দেহ-মানসিক যোগ্যতাৰ প্ৰতি হেয়জ্ঞান কৰা হয়। তেওঁলোকৰ দৈহিক অক্ষমতা ভিন ভিন দিশত হ’ব পাৰে। এনে অক্ষমতা আৰু দোষযুক্ততাৰ ফালৰ পৰা তেওঁলোকক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে-

(১) দৃষ্টি সম্বন্ধীয় বাধাগ্ৰস্ততা

(২) শ্ৰৱণ সম্বন্ধীয় বাধাগ্ৰস্ততা

(৩) কথন সম্বন্ধীয় বাধাগ্ৰস্ততা আৰু

(৪) দৈহিক পংগুতা বা আংগিক বাধাগ্ৰস্ততা।

এইকেইবিধ দৈহিক বাধাগ্ৰস্ততাৰ স্বৰূপ আৰু তাৰবাবে তেওঁলোকৰ পৃথক শিক্ষা-ব্যৱস্থা সম্বন্ধে তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে।

(১) দৃষ্টি সম্বন্ধীয় বাধাগ্ৰস্ত শিশুঃ

দৃষ্টিহীনতাৰ বাবে বাধাগ্ৰস্ততাত ভোগা অন্ধ শিশুসকল শিক্ষা বিকাশৰ দিশত প্ৰকৃত অৰ্থত সকলোতকৈ অধিক বাধাগ্ৰস্ত আৰু ক্ষতিগ্ৰস্ত হৈ পৰে। এনে অন্ধলোকৰ সংখ্যা নিচেই তাকৰ নহয়। দৃষ্টিহীনতাত ভোগা শিশুক পুনৰ দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে- সম্পূৰ্ণৰূপে অন্ধ আৰু আংশিকভাৱে অন্ধ। সম্পূৰ্ণ অন্ধ শিশুক সহজে চিনাক্ত কৰিব পাৰিলেও আংশিকভাৱে অন্ধ শিশুক সহজে চিনাক্ত কৰিব পৰা নাযায়। আংশিকভাৱে অন্ধ শিশু স্কুললৈ যোৱাৰ পিছতহে বিভিন্ন শিক্ষা-পৰিস্থিতিত চিনাক্ত কৰিব পাৰি। সম্পূৰ্ণৰূপে অন্ধ শিশুৱে দৃষ্টি প্ৰতিৰূপৰ পৰা বঞ্চিত হৈ শ্ৰৱণ আৰু স্পৰ্শ সংবেদন অনুভূতিৰ যোগেদি পৰিৱেশৰ জ্ঞান আহৰণ কৰে। আংশিকভাৱে অন্ধ শিশুৱে কিছু পৰিমাণে দৃষ্টি প্ৰতিৰূপ লাভ কৰিব পাৰে যদিও সি পৰ্যাপ্ত বিধৰ নোহোৱা বাবে শুদ্ধ আৰু সঠিক জ্ঞান লাভ কৰি উঠিব নোৱাৰে। ফলত অসুবিধা আৰু অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে।

অন্ধতাৰ কাৰণ প্ৰজননিক আৰু পৰিৱেশীয় দুয়োবিধৰে হ’ব পাৰে। জন্মগতভাৱে জিন বা জীৱাণুকোষবোৰৰ বিকাৰগ্ৰস্ততা শিশুৱে পূৰ্বপুৰুষৰ পৰা লাভ কৰে, যাৰ ফলত দৃষ্টিহীনতাৰ সৃষ্টি হয়। পৰিৱেশীয় কাৰণসমূহৰ ভিতৰত স্নায়ৱিক ৰোগগ্ৰস্ততা, দৈহিক দুৰ্বলতা আৰু পুষ্টিহীনতা আদি উল্লেখ কৰিব পাৰি।

অন্ধ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ বুদ্ধি-বৃত্তিৰ বিকাশ সাধন আৰু পৰিৱেশীয় জ্ঞান-অভিজ্ঞতা আহৰণৰ দিশত বিশেষ বাধাৰ সন্মুখীন হয়। পৰ্যাপ্ত ইন্দ্ৰিয় অনুভূতিৰ যোগে পৰিৱেশৰ সঠিক জ্ঞান আহৰণত ব্যৰ্থ হোৱা বাবে তেওঁলোকৰ বুদ্ধি নিম্নমানবিশিষ্ট হৈ ৰয়। নিজ চকুৰে পঢ়িব আৰু লিখিব নোৱাৰা হোৱা বাবে তেওঁলোকৰ ভাষাজ্ঞানো স্বাভাৱিক হৈ উঠিব নোৱাৰে। সেয়েহে পৰিৱেশৰ জ্ঞান আহৰণৰ বাবে আন ইন্দ্ৰিয়ৰ সহায় ল’ব লাগে। এনে কাৰণতে অন্ধ শিশুৱে পৰিৱেশত সুস্থ সমাযোজন কৰিব নোৱাৰি ভয়, সংকোচমূলক আচৰণ প্ৰদৰ্শন কৰে।

অন্ধ শিশুৰ শিক্ষা-ব্যৱস্থাঃ

অন্ধতা হৈছে জ্ঞান-অভিজ্ঞতা আহৰণ আৰু মানসিক বিকাশ সাধনৰ দিশত প্ৰধান অন্তৰায়। ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটো হৈছে এক মানৱীয় প্ৰচেষ্টা। উল্লেখযোগ্য যে সম্পূৰ্ণৰূপে অন্ধ আৰু আংশিকৰূপে অন্ধ শিশুৰ বাবে পৃথক শিক্ষা-ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

সম্পূৰ্ণৰূপে অন্ধ শিশুৰ দৃষ্টি সংবেদনৰ প্ৰতিৰূপ সমূলি নোহোৱা বাবে শব্দ আৰু স্পৰ্শ অনুভূতিৰ প্ৰতিৰূপ আৰু অভিজ্ঞতাৰ সম্পূৰ্ণৰূপে সৎব্যৱহাৰ কৰিব লাগে। এওঁলোকৰ শিক্ষাদানৰ বাবে শিক্ষকসকল সকলো সময়তে সান্নিধ্যত থাকি প্ৰকৃত অৰ্থত বন্ধু আৰু পথ-প্ৰদৰ্শক স্বৰূপে সহায় কৰিব লাগে। ইয়াৰ বাবে ছাত্ৰসংখ্যাও নিচেই কম হ’ব লাগে। চাৰিজনতকৈ অধিক শিশুক একেলগে শিক্ষা দিব নালাগে। এইসকল অন্ধ শিশুক পুথিগত জ্ঞান দিবৰ বাবে ব্ৰেইলী পদ্ধতিৰে (Brailly system) স্পৰ্শ-সংবেদনৰ শিক্ষা দিব লাগে। শব্দ-সংবেদনৰ যোগে শিক্ষা দিবলৈ ৰেডিঅ’ কাৰ্যসূচী বিশেষভাৱে প্ৰয়োগ কৰিব পাৰি। ইয়াৰ উপৰিও গতি-সংবেদন প্ৰদান পদ্ধতিৰ যোগেদি হাত-ভৰি আদিৰ গতি সঞ্চালনমূলক ক্ৰিয়াৰ শিক্ষা দিব পৰা যায়। ইয়াৰ যোগেদি তেওঁলোকৰ তৎকালীন দৈহিক পৰিৱেশটোৰ লগত প্ৰয়োজনীয় সমাযোজন স্থাপনত সহায় কৰিব পাৰি।

আংশিকভাৱে অন্ধ শিশুসকলে স্বাভাৱিক শিশুৰ লগত শিক্ষা আহৰণ কৰিব পাৰে যদিও তেওঁলোকৰ বাবে শিক্ষাৰ কেতবোৰ ব্যৱস্থা থাকিব লাগে। শিক্ষকে এনে শিশুক শ্ৰেণীকক্ষৰ সন্মুখত বহিবলৈ দিব লাগে আৰু ব্লেকবোৰ্ডত লিখা আঁখৰসমূহ ডাঙৰ আকাৰৰ হ’ব লাগে। শিক্ষকে বোৰ্ডত লিখা শব্দ আৰু বাক্য এইসকল শিশুৰ সুবিধাৰ বাবে লগে লগে মুখেৰেও উচ্চাৰণ কৰিব লাগে। পুথিৰ ছপা কৰা আঁখৰবোৰ ডাঙৰ আকাৰৰ হ’ব লাগে আৰু এনে পুথি তেওঁলোকৰ ব্যৱহাৰৰ বাবে দিব লাগে। আংশিকভাৱে অন্ধসকলৰ বাবেও অনাতাঁৰ যন্ত্ৰৰ যোগে প্ৰচাৰৰ ব্যাপক শিক্ষা-আঁচনি গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ সঘনে চকু পৰীক্ষা কৰাৰ ব্যৱস্থাও স্কুলত থাকিব লাগে। অন্ধ শিশুসকলৰ নিজ দৈহিক অক্ষমতাৰ ফলত সৃষ্টি হোৱা হীনাত্মিকা মনোভাব গুচাবৰ বাবে নৃত্য-গীত, বাদ্য-সংগীত আদিৰ শিক্ষা-ব্যৱস্থা কৰিব লাগে।

(২) শ্ৰৱণ সম্বন্ধীয় বাধাগ্ৰস্ত শিশুঃ

দৰ্শনেন্দ্ৰিয়ৰ দৰে শ্ৰৱণেন্দ্ৰিয়ও হৈছে আমাৰ জ্ঞান আহৰণ আৰু মানসিক বিকাশ সাধনৰ প্ৰধান পথ। সেইবাবে ইয়াৰ অক্ষমতা আমাৰ শিক্ষা বিকাশৰ দিশত এক প্ৰধান প্ৰতিবন্ধকতা স্বৰূপ। এনে শিশুৱে পৰিৱেশত সমাযোজনৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হয়। কাণেৰে নুশুনা বাবে আন লোকৰ লগত কথা-বতৰা পতা আৰু ভাবৰ আদান-প্ৰদান কৰাত এওঁলোক বিশেষ অসুবিধাৰ সন্মুখীন হয়। আনে কোৱা কথা বুজিব আৰু তাৰ উপযুক্তভাৱে প্ৰত্যুত্তৰ আৰু প্ৰতিক্ৰিয়া কৰিব নোৱাৰি অপমানিত হয়। ইয়াৰ ফলত সমনীয়াৰ লগত সঘনে ব্যৰ্থতা আৰু বিৰক্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে। এনে এটা অৱস্থাই তেওঁলোকক কিছু পৰিমাণে সমাজৰ লোকৰ পৰা নিলগত থকাৰ প্ৰবৃত্তি আনি দিয়ে। ইয়াৰ ফলত এনে শিশুৰ জ্ঞান আহৰণ আৰু ভাষা বিকাশ স্বাভাৱিক হৈ উঠিব নোৱাৰে। শব্দজ্ঞান আহৰণ আৰু তাৰ শুদ্ধ উচ্চাৰণ আদি কৰিব নোৱাৰে। শ্ৰেণীকক্ষত এনে শিশুৱে শিক্ষকৰ মৌখিক ব্যাখ্যা ভালদৰে শুনিব আৰু বুজিব নোৱাৰি মানসিকভাৱেও বাধাগ্ৰস্ত হৈ পৰে।

এই শ্ৰৱণ অক্ষমতা ব্যক্তিৰ জন্মগত আৰু পৰিবেশীয় দুয়োটা কাৰণতে সংঘটিত হ’ব পাৰে। ই জন্মোত্তৰ কালত অথবা জন্মৰ পূৰ্বেও পৰিলক্ষিত হ’ব পাৰে। এই অক্ষমতাও ব্যক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপত অথবা আংশিকৰূপত দেখা দিব পাৰে। জন্মগতভাৱে হোৱা এনে অক্ষমতা জীনৰ দোষযুক্ত গঠনৰ বাবে হ’ব পাৰে। পৰিৱেশৰ পৰা হোৱা কাৰণবোৰৰ ভিতৰত টাইফয়ড, নিউমোনিয়া আদি ৰোগ আৰু শাৰীৰিক দুৰ্ঘটনা আদি উল্লেখযোগ্য।

শ্ৰৱণ-বাধাগ্ৰস্তসকলৰ শিক্ষাঃ

শ্ৰৱণ সম্বন্ধীয় দুৰ্বলতা আৰু অক্ষমতাত ভোগা শিশুসকলৰ বাবে শিক্ষাৰ আচুতীয়া ব্যৱস্থাৰ প্ৰয়োজন। এওঁলোকৰ ব্যৱহাৰৰ বাবে ‘হেড ফোন’ যন্ত্ৰৰ প্ৰয়োগ কৰিব পাৰি। এই যন্ত্ৰই পৰিৱেশৰ শব্দ-উদ্দীপক কাৰণত ভালদৰে ধ্বনিত কৰাত সহায় কৰে। সম্পূৰ্ণৰূপে শ্ৰৱণ অক্ষমতাত ভোগাসকলৰ বাবে আকাৰ-ইংগিতৰ ভাষা (Gesture language) প্ৰয়োগ কৰিব পাৰি। ইয়াৰ বাবে তেওঁলোকৰ হাত, আঙুলি, ওঠ, জিভা আদিৰ অৰ্থসূচক অংগী-ভংগী আৰু সঞ্চালন সম্বন্ধীয় বিশেষ প্ৰশিক্ষণ দিব লাগে। ইয়াৰ বাবে তেওঁলোকক প্ৰশিক্ষণৰ বিশেষ অনুষ্ঠানলৈ পঠাব লাগে।

সাধাৰণভাৱে শ্ৰৱণ অক্ষমতাত দুৰ্বলসকলৰ বাবে স্বাভাৱিক শিশুৰ লগতে শিক্ষাৰ ব্যৱস্থা কৰিব পাৰি। অৱশ্যে তেওঁলোকৰ বাবে শিক্ষকে শিক্ষাদান কালত কেতবোৰ বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে। এনে শিশুক শ্ৰেণীকক্ষৰ সন্মুখত বহিবলৈ দিব লাগে, যাতে শিক্ষকৰ উচ্চাৰিত শব্দ আৰু তাৰ আনুষংগিক মুখমণ্ডলৰ দৈহিক সঞ্চালন ভালদৰে শুনিবলৈ আৰু দেখিবলৈ পায়। এইসকল ছাত্ৰৰ সুবিধাৰ বাবে শব্দ উচ্চাৰণ ডাঙৰকৈ স্পষ্টভাৱে কৰিব লাগে। অধিক খৰকৈ কথা কোৱা অভ্যাস শিক্ষকে ত্যাগ কৰিব লাগে। তেওঁ শ্ৰেণীৰ সন্মখত থিয় হৈ কথা ক’ব লাগে আৰু এনে অৱস্থাত তেওঁ গতি কৰিব নালাগে। শ্ৰৱণত বাধাগ্ৰস্ত শিশুৱে যাতে শিক্ষকৰ মুখৰ অংগী-ভংগীৰ পৰাই শব্দৰ উচ্চাৰণ সম্বন্ধে ধাৰণা কৰি লব পাৰে তাৰ প্ৰতি তেওঁ সচেতন হ’ব লাগে। ইয়াৰ উপৰিও শিক্ষকে এইসকল ছাত্ৰৰ বাবে তেওঁৰ মুখেৰে উচ্চাৰণ কৰা শব্দ আৰু কথিত বিষয় লগে লগে ব্লেকবোৰ্ডত লিখি দিয়া ব্যৱস্থা কৰিব লাগে। শিক্ষকে কৰা বোৰ্ডৰ উপযুক্ত ব্যৱহাৰে এনে ছাত্ৰৰ প্ৰয়োজন বহুখিনি পূৰণ কৰিব পাৰে।

(৩) কথন সম্বন্ধীয় বাধাগ্ৰস্ত শিশুঃ

ভাষা হৈছে মানুহৰ অনুভূতি আৰু অভিজ্ঞতা আদান-প্ৰদানৰ সহজ মাধ্যম। অৱশ্যে এনে সহজ প্ৰকাশ-মাধ্যম উপযুক্তভাৱে প্ৰয়োগ কৰিব নোৱাৰা লোক নিচেই তাকৰ নহয়। এনে লোকৰ ভাষা উচ্চাৰণ হয় অস্বাভাৱিক, দোষযুক্ত আৰু আনৰ বাবে দুৰ্বোধ্য। ইয়াৰ ফলত বাক্-অক্ষমসকলে নিজ অনুভূতি আৰু অভিজ্ঞতা স্বাভাৱিক ৰূপত আনৰ আগত প্ৰকাশ আৰু ভাবৰ আদান-প্ৰদান কৰিব নোৱাৰে।

বাক্-অস্বাভাৱিকতাৰ বাবে বাধাগ্ৰস্ততাত ভোগা ছাত্ৰ সচৰাচৰ শ্ৰেণীকক্ষত দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বাক্-যন্ত্ৰ আৰু সংশ্লিষ্ট আন আন অংগ-প্ৰত্যংগসমূহ দোষযুক্তভাৱে গঢ় লৈ উঠে, যাৰ ফলত শব্দ উচ্চাৰণ আৰু স্বৰধ্বনি অস্বাভাৱিক হয়। এনে ছাত্ৰৰ মুখগহ্বৰ, ওঠ, দাঁত, জিভা আৰু কণ্ঠনলী অস্বাভাৱিক আৰু দোষযুক্তভাৱে গঠিত হয়। কোনো কোনো ছাত্ৰই আৱেগৰ অতিমাত্ৰা আৰু অনিয়ন্ত্ৰিত অৱস্থাৰ বাবেও আৱেগৰুদ্ধ অৱস্থাত বাক্-অক্ষমতা প্ৰদৰ্শন কৰে।

বাক্-অক্ষমতাৰ বিভিন্ন প্ৰকাৰঃ

বিভিন্ন ধৰণৰ বাক্-অক্ষম লোক চিনাক্ত কৰা হয়। এইসকলক বহলভাৱে দৈহিক বা আংগিক আৰু আচৰণজনিত স্বৰূপে দুটা ভাগত বিভক্ত কৰিব পাৰি। আংগিকভাৱে বাধাগ্ৰস্তসকল হৈছে বাক্-যন্ত্ৰৰ অংগসমূহ দোষযুক্ত ব্যক্তি। আচৰণজনিত বাধাগ্ৰস্তসকল হৈছে আৱেগিক অসুস্থতা আৰু অস্বাভাৱিকতাত ভোগা ব্যক্তি। এইসকল লোকৰ বাক্-অক্ষমতাৰ লক্ষণসমূহ নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি।

(ক) উচ্চাৰণৰ বিশৃংখলতাঃ

এইসকল লোকৰ শব্দ-উচ্চাৰণ খেলি-মেলি, যেনে- শব্দ থাকি থাকি যোৱা, অনাৱশ্যক শব্দ সংযোগ কৰা অথবা শব্দৰ পৰিৱৰ্তন কৰা। এনে অৱস্থা শিশুৰ ক্ষেত্ৰত অধিক পৰিলক্ষিত হয়।

(খ) ধ্বনিৰ বিশৃংখলতাঃ

এইসকল লোকৰ লক্ষণ হৈছে স্বৰ-ধ্বনিৰ উচ্চাৰণৰ বেলিকা দেখা দিয়া বিশৃংখলতা। ইয়াৰ ভিতৰত স্বৰ-ধ্বনিৰ কৰ্কশতা, ৰুক্ষতা আৰু নাকৰ দ্বাৰা শব্দৰ উচ্চাৰণ কৰা আদি উল্লেখ কৰিব পাৰি।

(গ) বিলম্বিত শব্দ উচ্চাৰণঃ

আৱেগৰুদ্ধতাৰ বাবে শ্ৰৱণ-ক্ষমতাৰ দুৰ্বলতাৰ বাবে অথবা সংবেদন-সঞ্চালন স্নায়ুৰ মন্থৰতাৰ বাবে ব্যক্তিৰ শব্দ উচ্চাৰণত পলম হয়। সচৰাচৰ শিশুৰ বেলিকা এনে অস্বাভাৱিকতা দেখা যায়।

(ঘ) বাক্-স্খলনঃ

এইবিধ অক্ষমতাৰ বৈশিষ্ট্য হৈছে স্বৰবৰ্ণৰ শব্দ উচ্চাৰণ কৰাৰ বেলিকা মুখত লাগি লাগি ধৰা। এনে অৱস্থাৰ ফলত বাৰে বাৰে বৰ্ণৰ উচ্চাৰণ কৰা হয়, যেনে- ‘ভ-ভ-ভদ্ৰ’।

(ঙ) বাক্-অক্ষমতাঃ

কথন সম্বন্ধীয় বাধাগ্ৰস্ততাৰ ই হৈছে এবিধ জটিল অৱস্থা। অতিমাত্ৰা আৱেগ-প্ৰৱণতাৰ ফলত আৱেগৰুদ্ধ অৱস্থাৰ সৃষ্টি হৈ শব্দ উচ্চাৰণত ব্যৰ্থ হৈ পৰে। ফলত এক বিৰক্তিকৰ অৱস্থাৰ সৃষ্টি হয়।

বাক্-অস্বাভাৱিকতা আৰু অক্ষমতা হৈছে মূলতেই এক আৱেগিক সমস্যা। ইয়াৰ ফলত ব্যক্তিয়ে লজ্জা, ভয়, সংকোচ, বিৰক্তি, উদ্বেগ আদি অনুভৱ কৰে। এনে এক আৱেগৰ পৰিস্থিতিয়ে মনৰ ভাব-অনুভূতিৰ স্বাভাৱিক প্ৰকাশত বাধাৰ সৃষ্টি কৰে। এনে ছাত্ৰই কিতাপৰ পাঠ পঢ়িবৰ বেলিকা শব্দ উচ্চাৰণত কঠিনতা অনুভৱ কৰে। শব্দ উচ্চাৰণ স্বাভাৱিক হৈ নুঠা বাবে লগত বন্ধু-বান্ধৱসকলে ঠাট্টা-বিদ্ৰুপ আৰু অসুস্থ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ ফলত তেওঁলোকে নীচাত্মিকা ভাব অনুভৱ কৰে আৰু সমাজৰ লোকৰ পৰা আঁতৰি থাকি অপসমাযোজিত হৈ পৰে।

বাক্-অক্ষমসকলৰ শিক্ষাঃ

বাক্-অক্ষমতা হৈছে এক আৱেগিক সমস্যা যাৰ সন্মুখীন হ’বৰ বাবে শিক্ষকৰ কিছু মনোবৈজ্ঞানিক ধাৰণাৰ প্ৰয়োজন। শিক্ষকৰ ব্যক্তিগত মনোযোগ আৰু আদৰ-যত্নৰ এক সুস্থ আৱেগিক পৰিৱেশে ইয়াৰ সমাধানত সহায় কৰিব পাৰে। শৈক্ষিক পৰিৱেশৰ সুস্থতাই শিশুৰ ভাব-অনুভূতিৰ স্বাভাৱিক প্ৰকাশ আৰু বিকাশ সম্ভৱ কৰি তুলিব পাৰে। শিশুৰ শব্দজ্ঞান উন্নত কৰা, স্বৰধ্বনিৰ শুদ্ধ উচ্চাৰণ কৰা আদিৰ প্ৰতি শিক্ষকে বিশেষ দৃষ্টি ৰাখিব লাগে। শব্দ উচ্চাৰণত বাধাগ্ৰস্ত শিশুক শ্ৰেণীত কিতাপৰ পাঠ পঢ়িবলৈ আৰু মৌখিকভাৱে প্ৰশ্নোত্তৰ কৰিবলৈ দিব নালাগে। তেনে শিশুৰ মনত থকা আৱেগিক অস্বাভাৱিকতা আৰু নীচাত্মিকা ভাব গুচাবলৈ প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিব লাগে। তেওঁলোকৰ আৱেগ-অনুভূতি স্বাভাৱিক কৰি তুলিবৰ বাবে সংগীত, নৃত্য আদি কলাত্মক বিষয়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। সমূহীয়াভাৱে গীত গোৱা, নৃত্য প্ৰদৰ্শন কৰা, যন্ত্ৰ-সংগীতৰ প্ৰয়োগ কৰা, ছবি অঁকা আদি ব্যৱস্থাই এইসকল ছাত্ৰৰ আৱেগ-অনুভূতিৰ স্বাভাৱিক প্ৰকাশত সহায় কৰিব পাৰে। ইয়াৰ উপৰি বাক্-অস্বাভাৱিকতা গুচোৱাত হস্তশিল্পৰো প্ৰয়োগ কৰিব পাৰি। ইয়াৰ বাবে হাতৰ কামৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা স্কুলত থাকিব লাগে। শব্দ উচ্চাৰণৰ ক্ষেত্ৰত থকা মুখগহ্বৰ আৰু বাক্-যন্ত্ৰৰ অস্বাভাৱিকতা আৰু দোষযুক্ততা গুচাবৰ বাবে বিশেষজ্ঞ চিকিৎসকৰো সহায় লোৱা উচিত।

(৪) দৈহিকভাৱে পংগু শিশুঃ

শিক্ষা আৰু আন আন সামাজিক ক্ৰিয়াত বাধাগ্ৰস্ত আন একশ্ৰেণী শিশু হৈছে দৈহিকভাৱে পংগুসকল। এওঁলোকে সমাজত স্বাভাৱিক জীৱন-যাপনত আৰু আনুষ্ঠানিক শিক্ষা আহৰণত অসুবিধাৰ সন্মুখীন হ’ব লাগে। সাধাৰণভাৱে এইসকল লোকক অক্ষম বুলি গণ্য কৰা হয়। এনে দৈহিক অক্ষমতাৰ বিভিন্ন দিশ আৰু তাৰ কাৰণ থাকিব পাৰে। দেহৰ কোনো অংগৰ জন্মগতভাৱে থকা জড়তা, দুৰ্ঘটনাৰ বাবে অংগচ্যুত হোৱা, দৈহিক ৰোগৰ ফলত দেহৰ অংগ স্নায়ৱিকভাৱে নিষ্ক্ৰিয় হৈ পৰা আদি বিবিধ অক্ষমতা পৰিলক্ষিত হয়। এনেবোৰ কাৰণত হোৱা বাধাগ্ৰস্ততাৰ বাবে তেওঁলোকে দৈনন্দিন জীৱনৰ ক্ৰিয়া-কলাপসমূহ স্বাভাৱিকভাৱে কৰি উঠিব নোৱাৰে। নিজ অংগ-সঞ্চালন ক্ষমতা, সঞ্চালনৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন ক্ষমতা নথকা বাবে দৈহিকভাৱে আনৰ সহায়ৰ প্ৰয়োজন হয়। এনেবোৰ দৈহিক পংগুতাত ভোগা শিশু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজতেই দেখিবলৈ পোৱা যায়।

দৈহিক বাধাগ্ৰস্ততা সহজাত আৰু পৰিৱেশীয় দুয়ো কাৰণতেই হ’ব পাৰে। জন্মগতভাৱে জীনৰ নিম্নমানবিশিষ্টতা, মাতৃৰ অপুষ্টি সাধন, সংক্ৰামক ৰোগ, অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ অনিয়মিত ক্ষৰণ ক্ৰিয়া আদি সহজাত জৈৱিক কাৰণ স্বৰূপে দাঙি ধৰিব পাৰি। আনহাতে দৈহিক দুৰ্ঘটনা, মাৰাত্মক ৰোগৰ আক্ৰমণ, অপুষ্টি সাধন, পলিঅ’ ৰোগৰ প্ৰভাৱ আদি দৈহিক বাধাগ্ৰস্ততাৰ পৰিৱেশীয় কাৰণ বুলিব পাৰি।

এই কথা মন কৰিবলগীয়া যে দৈহিকভাৱে পংগুসকল শিশু মানসিকভাৱেও নিম্নমানবিশিষ্ট হয়। তেওঁলোকৰ বুদ্ধি-বৃত্তি স্বাভাৱিক শিশুৰ দৰে গঢ়ি উঠিবলৈ সুবিধা নাপায়। এনে শিশুৰ প্ৰধান অসুবিধা হৈছে দেহৰ অংগ অক্ষম হোৱা বাবে নিজ পৰিৱেশত স্বাভাৱিক সমাযোজন কৰি উঠিব নোৱাৰে। প্ৰচলিত শিক্ষা-পৰিৱেশ এইসকল শিশুৰ শিক্ষা আহৰণৰ বাবে অনুকূল নহয়। অৱশ্যে এওঁলোক দৈহিক অক্ষমতাৰ বাবেই আন সকলো দিশতে অক্ষম আৰু অনুপযুক্ত বুলি বিবেচনা কৰিব নোৱাৰি। শিক্ষা আহৰণ আৰু ক্ৰিয়া সম্পাদনৰ বাবে দৈহিক পৰিৱেশ সুবিধাজনকভাৱে গঢ় দি তুলিব পাৰিলে এওঁলোকৰ শিক্ষা বিকাশ স্বাভাৱিক হৈ উঠিব পাৰে।

দৈহিকভাৱে পংগু শিশুৰ শিক্ষা-ব্যৱস্থাঃ

বৰ্তমান দেশৰ শিক্ষা-ব্যৱস্থাত দৈহিকভাৱে পংগুসকলৰ শিক্ষাৰ প্ৰয়োজনীয়তা ক্ৰমে অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। এই দিশত অতি প্ৰয়োজনীয় কথা হৈছে এইয়ে যে শিক্ষাৰ দৈহিক পৰিৱেশ তেওঁলোকৰ দৈহিক অক্ষমতা অনুসৰি সুবিধাজনকভাৱে গঢ় দি তুলিব লাগে। দৈহিক পৰিৱেশ শিক্ষা আহৰণৰ বাবে বাধাগ্ৰস্ত হৈ দেখা নিদিলে এইসকল শিশুৱে অসাধাৰণ যোগ্যতা প্ৰদৰ্শন কৰিব পাৰে। কাৰণ এওঁলোকৰ কৰ্তব্যনিষ্ঠা, ক্ৰিয়াপ্ৰচেষ্টা আৰু মনোবল সাধাৰণ শিশুতকৈ অধিক হয়।

দৈহিক বাধাগ্ৰস্তসকলৰ বাবে শিক্ষা-পৰিৱেশ গতানুগতিক প্ৰচলিত শিক্ষা-ব্যৱস্থাতকৈ পৃথক কৰি তুলিব লাগে। স্কুলৰ শিক্ষা সা-সঁজুলি আৰু ব্যৱহাৰ কৰিব লগা সা-সৰঞ্জাম আদি এওঁলোকৰ দৈহিক অৱস্থা আৰু প্ৰয়োজনৰ লগত খাপ খোৱাকৈ গঢ় দি তুলিব লাগে। এইসকল ছাত্ৰৰ বাবে প্ৰস্তুত কৰা টেবুল, চকী আৰু অন্যান্য যন্ত্ৰপাতি ব্যৱহাৰৰ বাবে সুচল আৰু সুবিধাজনক কৰি গঢ়ি তুলিব লাগে। কৃত্ৰিম অংগ প্ৰস্তুত কৰি আৰু উন্নত শিক্ষণ-সঁজুলি উদ্ভাৱন কৰি এওঁলোকৰ শিক্ষাত সহায় কৰিব পাৰি। এই সম্বন্ধে বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ উন্নত পৰ্যায়ৰ গৱেষণা আদিৰো প্ৰয়োজন। দৈহিকভাৱে পংগু শিশুসকলক এই বিশেষভাৱে প্ৰস্তুত কৰি তোলা সা-সঁজুলি আদিৰে বৃত্তীয় শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকক আনৰ ওপৰত নিৰ্ভৰশীল আৰু পুতৌৰ পাত্ৰ কৰি তোলাৰ পৰিৱৰ্তে অৰ্থনৈতিকভাৱে উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব লাগে। সুযোগ-সুবিধা পালে তেওঁলোকে সৰ্বসাধাৰণ লোকতকৈ অধিক একাগ্ৰতাৰে কাম কৰিব পাৰে। ইয়াৰ বাবে কেৱল মাথোন দৈহিক পৰিৱেশ অনুকূল কৰি গঢ় দি তুলিব লাগে। তেওঁলোকৰ মনত থকা অক্ষমতা আৰু নীচাত্মিকা ভাব দূৰ কৰিবৰ বাবে কণ্ঠ-সংগীত, যন্ত্ৰ-সংগীত, চিত্ৰাংকণ আদি কলাত্মক বিষয়সমূহৰ শিক্ষা-অনুশীলনৰ ব্যৱস্থা কৰিব লাগে। এনে লোকৰ অৱসৰ সময় সুস্থ আৰু গঠনাত্মকভাৱে কটোৱাৰো ব্যৱস্থা কৰিব লাগে।

অপৰাধপ্ৰৱণ ছাত্ৰঃ

অপৰাধপ্ৰৱণতা কাক বোলেঃ

অপৰাধপ্ৰৱণতা হৈছে এক অসামাজিক ক্ৰিয়াপ্ৰৱণতা যাৰ ফলত ব্যক্তিৰ মনত সমাজৰ প্ৰচলিত নীতি-নিয়ম ভংগ কৰা বা তাৰ বিৰোধিতা কৰা মনোভাব জাগি উঠে। এক অসুস্থ প্ৰৱণতাৰ যোগেদি ব্যক্তিয়ে তেওঁৰ মনৰ অৱদমিত আৱেগ-অনুভূতিসমূহ বাহ্যিক আচৰণৰ যোগেদি পৰোক্ষভাৱে প্ৰকাশ কৰে। এনে কাৰ্যৰ যোগেদি ব্যক্তিয়ে নিজ মনত আৱেগিকভাৱে স্বস্তি অনুভৱ কৰে আৰু ক্ষতিপূৰণৰ এক মনোভাব গ্ৰহণ কৰে। এই অপৰাধপ্ৰৱণতা হৈছে মনৰ এক অসুস্থ অৱস্থা যাৰ যোগেদি সমাজৰ প্ৰচলিত নীতি-নিয়মৰ বিৰুদ্ধাচৰণ কৰি অসামাজিক আৰু অনৈতিক জীৱন-যাপন কৰা হয়।

অপৰাধপ্ৰৱণতা সচৰাচৰ কৈশোৰকালত দেখিবলৈ পোৱা যায়। এই সময়ৰ ভিন্নমুখী দেহ-মানসিক প্ৰয়োজনবোৰ আশানুৰূপভাৱে পূৰণ কৰিব নোৱাৰা অৱস্থাই কিশোৰ-কিশোৰীসকলৰ মনত এক বিদ্ৰোহৰ ভাব সৃষ্টি কৰে। ফলত সি কৈশোৰ অপৰাধপ্ৰৱণ স্বৰূপে আত্মপ্ৰকাশ কৰি উঠে। তেওঁলোকৰ অপৰাধমূলক ক্ৰিয়া-কলাপসমূহো বৈশিষ্ট্যপূৰ্ণ। এইবোৰ হৈছে- চুৰ কৰা, ডকাইত কৰা, জেপলুৰুকা, দৈহিক আক্ৰমণ কৰা, যৌন-অপৰাধ আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰা ইত্যাদি। এই অপৰাধপ্ৰৱণ মনৰ ল’ৰা-ছোৱালীয়ে অৱসৰ সময় কেতবোৰ অসুস্থ আৰু অসামাজিক ক্ৰিয়াৰ যোগেদি কটাবলৈ বিচাৰে। ইয়াৰ ভিতৰত ধূমপান কৰা, জুৱা খেলা, সঘনে অপৰাধমূলক কথাছবি চোৱা আৰু অপৰাধমূলক ক্ৰিয়া সংঘটিত কৰা দলৰ লগলোৱা আদি উল্লেখযোগ্য।

স্কুলত এইসকল ছাত্ৰই সমনীয়াৰ লগত শ্ৰেণীকক্ষত একেলগে বহে যদিও ইয়াৰ গতানুগতিক নীতি-নিয়মতান্ত্ৰিক শিক্ষা-ব্যৱস্থাত তেওঁলোকৰ কোনো আস্থা নাথাকে। স্কুলৰ সমগ্ৰ শিক্ষণ ব্যৱস্থাটো তেওঁলোকে মনে-প্ৰাণে বেয়া পায় আৰু ইয়াৰ পৰা মুক্ত হ’বৰ বাবে পলায়নবাদী এক মনোভাব গ্ৰহণ কৰে। স্কুলৰ প্ৰচলিত অনুশাসন ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকে উশৃংখল, বিশৃংখল, অমনোযোগী, অবাধ্য, গোঁৱাৰ আৰু ধ্বংসমুখী হৈ উঠে। ফলত শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষৰ বাবে তেওঁলোক সমস্যাত পৰিণত হয়। অপৰাধপ্ৰৱণসকলক অনগ্ৰসৰ ছাত্ৰৰ লগত তুলনা কৰিব নোৱাৰি। তেওঁলোকৰ লিখা-পঢ়া কৰিব পৰা ক্ষমতা থাকে আৰু বুদ্ধ্যংকও অনগ্ৰসৰসকলৰ দৰে নিম্নমানবিশিষ্ট নহয়। কিন্তু এইসকল ছাত্ৰই অপৰাধপ্ৰৱণ মনোভাবৰ বাবে লিখা-পঢ়াত সমূলি মন বহুৱাব নোৱাৰে আৰু এনে কাৰ্যৰ প্ৰতি মুঠেই আগ্ৰহী নহয়।

অপৰাধপ্ৰৱণতাৰ লক্ষণঃ

ওপৰত কৰা আলোচনাৰ পৰা অপৰাধপ্ৰৱণ ল’ৰা-ছোৱালীৰ চিনাক্তকৰণ কৰিব পৰা কেতবোৰ লক্ষণ তলত সংক্ষেপে উল্লেখ কৰিব পাৰি।

v  সাধাৰণতে অপৰাধপ্ৰৱণ ল’ৰা-ছোৱালীৰ বুদ্ধ্যংক নিম্নমানত হয় যদিও কোনো কোনো ক্ষেত্ৰত গড়ৰ উচ্চমানৰ ব্যক্তিত্ব অপৰাধপ্ৰৱণ হৈ উঠিব পাৰে।

v  এইসকল ছাত্ৰই লিখা-পঢ়া কৰিব নোৱাৰা নহয় যদিও এনে কাম কৰিবলৈ তেওঁলোকে সমূলি ভাল নাপায়।

v  তেওঁলোকে শব্দৰ প্ৰয়োগ আৰু দৃষ্টি সম্বন্ধীয় চিহ্ন প্ৰয়োগৰ ক্ষেত্ৰত নিজ অক্ষমতা প্ৰকাশ কৰে।

v  তেওঁলোকৰ সামাজিক মনোভাব আৰু দৃষ্টিভংগী হৈছে অগণতান্ত্ৰিক আৰু ধ্বংসাত্মক বিধৰ।

v  অপৰাধপ্ৰৱণ ছাত্ৰ আৱোগিকভাৱে অপসমাযোজিত, ব্যৰ্থকাম, অনাদৃত আৰু পৰিত্যক্ত মনোভাবৰ হয়।

v  তেওঁলোকে নিজ গৃহ আৰু শিক্ষা-পৰিৱেশত আৱেগিক নিৰাপত্তা অনুভৱ কৰি উঠিব নোৱাৰে।

v  তেওঁলোকৰ ব্যক্তিত্বত মৰ্ষকাম, সন্দেহপৰায়ণতা আৰু প্ৰতিশোধপৰায়ণতাৰ সংলক্ষণ পৰিলক্ষিত হয়।

v  অৱসৰ সময় কটোৱাৰ বেলিকা তেওঁলোকৰ প্ৰিয় কামবোৰ অসুস্থ আৰু অসামাজিক বিধৰ হোৱা দেখা যায়।

v  অপৰাধপ্ৰৱণ ছাত্ৰ সচৰাচৰ চিন্তাবিহীন, উন্মত্ত আৰু গোঁৱাৰ প্ৰকৃতিৰ হৈ উঠে।

v  এইসকল ছাত্ৰৰ প্ৰবৃত্তিমূলক প্ৰৱণতাসমূহ হৈছে অধিক শক্তিশালী কিন্তু আত্মিক-শক্তি হৈছে অত্যন্ত দুৰ্বল।

অপৰাধপ্ৰৱণতাৰ কাৰণঃ

অপৰাধপ্ৰৱণতা হৈছে বাল্যকালৰ অসুস্থ ব্যক্তিত্ব গঠন আৰু অপসমাযোজনৰ ফলস্বৰূপ। বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে অপৰাধপ্ৰৱণতা শিশুৱে জন্মগতভাৱে লগত লৈ নাহে, বৰং গৃহ পৰিৱেশৰ অসুস্থতাই ইয়াক গঢ় দি তোলে। মনোবিজ্ঞানী চিৰিল বাৰ্টে এই সম্বন্ধে কৰা অধ্যয়নৰ যোগেদি মত প্ৰকাশ কৰে যে পিতৃ-মাতৃৰ অপৰাধপ্ৰৱণতা সন্তানৰ অপৰাধপ্ৰৱণতাৰ প্ৰধান কাৰণ নহয়। পৰিৱেশৰ অসুস্থ পৰিস্থিতিয়েহে শিশুক অপৰাধপ্ৰৱণ কৰি গঢ় দি তোলে। এইক্ষেত্ৰত গৃহ, স্কুল আৰু সামাজিক পৰিৱেশৰ নিজ নিজ ভূমিকা থাকে। এই সম্বন্ধে তলত উল্লেখ কৰা কাৰণসমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

v  ঘৰুৱা পৰিৱেশত শিশুৱে মাক-দেউতাকৰ মৰম-চেনেহ, আদৰ-যত্নৰ পৰা বঞ্চিত হোৱাটো অপৰাধপ্ৰৱণতাৰ প্ৰধান কাৰণ বুলিব পাৰি।

v  গৃহ পৰিৱেশৰ অনুশাসন ব্যৱস্থা অতি কঠোৰ আৰু কটকটীয়া বিধৰ হ’লে অথবা এনে অৱস্থা অতি শিথিল হৈ পৰিলে ল’ৰা-ছোৱালী অপৰাধপ্ৰৱণ হৈ পৰিব পাৰে।

v  পৰিয়ালৰ লোকৰ কেতবোৰ অসুস্থ অৱস্থা, যেনে- অপৰিকল্পিত পৰিয়াল ব্যৱস্থা, মাক-দেউতাকৰ সুৰাপান, তেওঁলোকৰ মাজত সঘনে বিবাদ আৰু বিচ্ছেদ, পৰিয়ালৰ মাজত আত্মসন্মানৰ অভাৱ আদি অৱস্থাই শিশুৰ মনত অপৰাধপ্ৰৱণতাৰ জন্ম দিয়ে।

v  অসুস্থ শিক্ষা-পৰিৱেশেও ছাত্ৰৰ মনত অপৰাধপ্ৰৱণতাৰ মনোভাব গঢ় দি তোলে। ইয়াৰ ভিতৰত তত্ত্বপ্ৰধান আৰু কৰ্মবিমুখ পাঠ্যক্ৰম, খেলা-ধূলা আৰু নৃত্য-গীত আদি সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ অভাৱ আদি উল্লেখযোগ্য।

v  শিক্ষকৰ উদাসীনতা, অমনোযোগিতা, তেওঁৰ ব্যক্তিগত আগ্ৰহ আৰু আদৰ-যত্নৰ অভাৱ, অনিয়ন্ত্ৰিত ছাত্ৰসংখ্যা আদি অৱস্থাই ছাত্ৰক অপৰাধপ্ৰৱণতাৰ অৱস্থালৈ ঠেলি দিয়ে।

v  বৰ্তমান সময়ত অসুস্থ সামাজিক পৰিস্থিতিয়ে অপৰাধপ্ৰৱণতা বৃদ্ধি কৰি তুলিছে। মহানগৰবোৰত দ্ৰুতভাৱে গঢ়ি উঠা শিল্পকেন্দ্ৰ, অৰ্থনৈতিকভাৱে নিম্নমানৰ পৰিয়ালবোৰে বসবাস কৰা কদৰ্য অঞ্চল আদি উল্লেখযোগ্য।

v  সমাজৰ প্ৰাপ্তবয়স্কসকলৰ মাজত অপৰাধমূলক ক্ৰিয়া-আচৰণ আদি বৃদ্ধি, যৌন অপৰাধমূলক আৰু হিংসাত্মক কথাছবি প্ৰদৰ্শন আদিয়ে কিশোৰ-কিশোৰীৰ মন অপৰাধপ্ৰৱণ কৰি তোলে।

v  বৰ্তমান সময়ত থকা জটিল নিবনুৱা সমস্যা, ক’লাধন আৰু সহজলভ্য ধনৰ প্ৰভাৱ, সামাজিক জীৱনৰ নৈতিক মানদণ্ডহীনতা আদি অৱস্থাই অপৰাধপ্ৰৱণ মন আৰু পৰিৱেশ গঢ় দি তুলিছে।

v  গাঁও আৰু নগৰ অঞ্চলত কিশোৰ-কিশোৰীসকলৰ বাবে অৱসৰ সময়ৰ সমস্যা আৰু এই সম্বন্ধে চৰকাৰৰ উদাসীনতা, দমন-পীড়ণমূলক প্ৰশাসনীয় নীতি আৰু ক’লা আইনৰ প্ৰয়োগ আদিয়ে স্বাভাৱিকতেই অপৰাধপ্ৰৱণতাৰ পৰিৱেশ গঢ় দি তোলে।

v  ৰাজনৈতিক অস্থিৰতা, ক্ষমতাৰ দৌৰ, সাম্প্ৰদায়িক সংঘৰ্ষ, বিচ্ছিন্নতাবাদী মনোভাব, আতংকবাদ, অদৃষ্টবাদ আদি অসুস্থ সামাজিক মনোভাবে অপৰাধপ্ৰৱণতাত দুগুণে ইন্ধন যোগায়।

অপৰাধপ্ৰৱণতা সমস্যাৰ সমাধানঃ

অপৰাধপ্ৰৱণতা নিৰ্মূল কৰাটো এক কঠিন কাম। ই হৈছে এক সামাজিক ব্যাধি। সেইবাবে সমাজৰ বিভিন্ন দিশ এই সমস্যাৰ লগত জড়িত। বিশেষজ্ঞসকলে ছাত্ৰৰ অপৰাধপ্ৰৱণতা গুচাবৰ বাবে লোৱা প্ৰচেষ্টাৰ সুফল লাভ কৰিব পৰা নাই। চিৰিল বাৰ্টে এইক্ষেত্ৰত ১৩৭ জন অপৰাধপ্ৰৱণ লোকক ৰোগ নিৰ্মূল কৰিবৰ বাবে লোৱা প্ৰচেষ্টাৰ সুফল লাভ কৰিব নোৱাৰাটো বিশেষ উল্লেখযোগ্য। ইয়াৰ প্ৰধান কাৰণ স্বৰূপে ক’ব পাৰি যে অপৰাধপ্ৰৱণ ল’ৰা-ছোৱালীয়ে নিজকে অসুস্থ আৰু চিকিৎসাৰ প্ৰয়োজন বুলি নাভাবে। বৰং তেওঁলোকে সমাজৰ আন আন লোককহে অসুস্থ বুলি বিবেচনা কৰে। অপৰাধপ্ৰৱণ হৈ কৰা জীৱন-যাপনে তেওঁলোকৰ বিকৃত মানসিক ৰুচিৰ তৃপ্তিদান কৰিব পাৰে। সমাজৰ যিসকল লোকে তেওঁলোকৰ প্ৰয়োজন পূৰণত প্ৰতিবন্ধকতা স্বৰূপে দেখা দিছিল সেইসকলৰ ওপৰত প্ৰতিশোধ ল’ব পাৰে। সেইবাবে অপৰাধপ্ৰৱণ জীৱন-যাপন তেওঁলোকৰ বাবে অতি আমোদজনক।

এনে এক মানসিকতাৰ বাবেই অপৰাধপ্ৰৱণতা গুচোৱাটো বৰ কঠিন। বিশেষজ্ঞসকলে সেয়েহে অপৰাধপ্ৰৱণতাৰ চিকিৎসা বা প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰাতকৈ ই যাতে শিশু-ব্যক্তিত্বত গঢ় লৈ উঠিব নোৱাৰে তাৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰতিহে অধিক আগ্ৰহী হৈ উঠে। এই প্ৰসংগত নিম্নলিখিত ব্যৱস্থাসমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

গৃহ পৰিৱেশত পিতৃ-মাতৃয়ে সন্তানৰ বাবে এক আৱেগমধুৰ পৰিৱেশ গঢ় দি তুলিব লাগে। সন্তানৰ ব্যক্তিত্বৰ প্ৰতি তেওঁলোকে সন্মানজনক আৰু আন্তৰিকতাপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰিব লাগে।

নিজ সন্তানক তেওঁলোকে অধিক সময়ৰ বাবে লগ দিব লাগে আৰু কোনো পৰিস্থিতিতেই অকলশৰীয়া অনুভৱ কৰিবলৈ দিব নালাগে। সন্তানে তেওঁলোকৰ অধীনত আৱেগিক নিৰাপত্তা অনুভৱ কৰিব পৰালৈ দৃষ্টি ৰাখিব লাগে।

ল’ৰা-ছোৱালীৰ সুস্থ ব্যক্তিত্ব গঠনৰ কেতবোৰ কাৰ্যকৰী ব্যৱস্থা পৰিয়ালত থাকিব লাগে। শিশুৰ জন্মদিন পালন কৰা, উৎসৱ-পৰ্ব আদিত শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰা, পৰিয়ালৰ সকলোৱে মিলি বনভোজ খোৱা, দূৰ ঠাই ভ্ৰমণ কৰা আদি কাৰ্যসূচী উল্লেখযোগ্য।

মাক-দেউতাকে ল’ৰা-ছোৱালীক সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা, বিশ্বাস আৰু আনুগত্যৰ মনোভাব গ্ৰহণ কৰিবলৈ শিকাব লাগে।

স্কুলৰ পৰিৱেশত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত সমস্যাসমূহৰ প্ৰতি সহানুভূতিশীলতাৰ মনোভাব প্ৰদৰ্শন কৰিব লাগে আৰু সেইসমূহ সমাধানৰ প্ৰয়োজনীয় নিৰ্দেশনা দিব লাগে।

অপৰাধপ্ৰৱণ মনৰ ছাত্ৰক শিক্ষকে স্কুলৰ লিখা-পঢ়াৰ গধুৰ বোজা জাপি দিব নালাগে। এনে ছাত্ৰৰ মনত সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ প্ৰতিহে আগ্ৰহ সৃষ্টি কৰিব লাগে।

স্কুলত যৌনশিক্ষা, নৈতিক শিক্ষা আৰু বৃত্তিমূলক বিষয়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰি ছাত্ৰসকলৰ মানসিক স্বাস্থ্যৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

চৰকাৰ আৰু সমাজৰ সংশ্লিষ্ট কৰ্তৃপক্ষই যুৱক-যুৱতীসকলক অৱসৰ সময়ৰ সুস্থ আৰু গঠনাত্মক প্ৰয়োগৰ সুবিধা প্ৰদান কৰিব লাগে।

সমাজৰ কৰ্মসংস্থান আৰু আত্মনিয়োজনৰ সা-সুবিধা বৃদ্ধি কৰি তুলিব লাগে। কিশোৰ-কিশোৰীসকলৰ মনত এক কৰ্ম-সংস্কৃতিৰ ভাব গঢ়ি তুলিব লাগে।

সমাজৰ একশ্ৰেণী লোকৰ মনত থকা কেতবোৰ অসুস্থ ৰুচিবোধ, যেনে- মদ খোৱা, জুৱা খেলা, নিচাযুক্ত দ্ৰব্য সেৱন আদি গুচাবৰ বাবে চৰকাৰে প্ৰয়োজনীয় আইন প্ৰণয়ন আৰু তাৰ কাৰ্যকৰীকৰণ কৰি তুলিব লাগে।

সমাজৰ নৈতিক চৰিত্ৰ ৰক্ষা কৰিবৰ বাবে ক’লাধনৰ প্ৰয়োগ আৰু সহজলভ্য ধনৰ সকলোবোৰ অসুস্থ ব্যৱস্থা বন্ধ কৰিব লাগে।

ৰাজনৈতিক নেতা, প্ৰশাসক, শিক্ষক আৰু সমাজসেৱকসকলে এক গোট হৈ দেশৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক স্থিৰতা ৰক্ষা কৰিবৰ বাবে ব্যাপক আঁচনি গ্ৰহণ কৰিব লাগে।

অপৰাধপ্ৰৱণতা হৈছে বৰ্তমান জটিলতাপূৰ্ণ সামাজিক জীৱনৰ এক দুখদায়ক পৰিণতি। ক্ৰমবৰ্ধিত সামাজিক জীৱনৰ জটিলতাই মানুহৰ মৌলিক প্ৰয়োজনবোৰ স্বাভাৱিক পূৰণত ব্যৰ্থ হৈ পৰি অপৰাধপ্ৰৱণতাৰ ভাব আৰু আচৰণ ক্ৰমে বৃদ্ধি কৰি তুলিছে। এই সমস্যা সেয়েহে আমাৰ সামাজিক জীৱনৰ লগত গভীৰভাৱে জড়িত হৈ আছে। ইয়াৰ সমাধানো সমাজৰ মাধ্যমেৰে আৰু সমাজৰ পটভূমিতেই বিচাৰি উলিয়াব লাগিব। সমাজক বাদ দি এই সমস্যাৰ সমাধান স্কুলত একপক্ষীয়ভাৱে কৰাটো সম্ভৱপৰ নহয়।

(উৎসঃ শিক্ষা-তত্ত্ব অধ্যয়ন, যতীন বৰুৱা)।

2.94444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top